Class 12 Logic And Philosophy Chapter – 8 ধর্ম – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 8 ধর্ম – সমাধান and select needs one.
Class 12 Logic And Philosophy Chapter – 8 ধর্ম
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 8 ধর্ম – সমাধান Solutions for All Subject, You can practice these here…
ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৪ / ৬ )
প্রশ্ন ১। ধৰ্মৰ বিভিন্ন বৈশিষ্ট্যবোৰ কি কি ?
উত্তৰঃ ধৰ্মৰ বিভিন্ন বৈশিষ্ট্যবোৰ হ’ল–
( ১ ) ধর্ম হ’ল এক জটিল বিষয় । ইয়াত ব্যক্তিৰ সমগ্র ব্যক্তিত্ব উদ্ভৱ হয় । মানৱ ব্যক্তিত্ব জটিল । ইয়াক বিশ্লেষণ কৰিলে তিনিটা দিশ দেখা যায় । এই কেইটা হ’ল— চিন্তা , আৱেগ আৰু ইচ্ছা । এই দিশ তিনিটাৰ পৰিপ্ৰেক্ষিতত ধৰ্মত মানৱ ব্যক্তিত্বৰ তিনিটা উপাদান থকা দেখা যায় ।
( ক ) বৌদ্ধিক বা জ্ঞানাত্মক উপাদান ।
( খ ) আৱেগমূলক উপাদান । আৰু
( গ ) ক্রিয়াত্মক উপাদান ।
( ২ ) ঈশ্বৰৰ উপস্থিতিত বৌদ্ধিক উপাদান ।
( ৩ ) এক অতীন্দ্রিয় দিব্য সত্তাৰ প্ৰতি থকা প্রেম , শ্রদ্ধা , আশা , ভয় , নিৰ্ভৰশীলতাৰ অনুভৱ ধৰ আৱেগমূলক উপাদান ।
( ৪ ) ধৰ্মৰ ব্যৱহাৰিক দিশ যেনে – প্রার্থনা , ক্রিয়াকাণ্ড , সেৱা , ধর্মীয় উৎসৱ পালন আদি ।
( ৫ ) ধর্ম মানৱ জীৱনৰ চৰম সমস্যাসমূহৰ লগত জড়িত ।
( ৬ ) সকলাে ধৰ্মৰ এক বাহ্যিক দিশ , আনুষ্ঠানিক দিশ , আভ্যন্তৰীণ দিশ আদি য’ত সংগঠিতভাৱে প্রার্থনা , ধ্যান আদিৰ অভ্যাস কৰা হয় ।
( ৭ ) ধর্ম নৈতিক মূল্যৰ লগত বান্ধ খাই আছে । সকলাে ধৰ্মত নৈতিকতা আৰু নৈতিক আচৰণৰ প্রতি গুৰুত্ব দিয়া দেখা যায় ।
( ৮ ) সকলাে ধৰ্মতে আধ্যাত্মিক উপাদান থকা দেখা যায় । দিব্য সত্তাত মনােযােগ দিয়া সকলাে ধৰ্মৰ বিশেষ লক্ষণ ।
( ৯ ) ধর্ম মানৱ সংস্কৃতিৰ এটা দিশ । ধর্মক মানুহৰ দৈনন্দিন জীৱনৰ এক অংশ বুলি ক’ব পৰা যায় ।
Sl. No. | Contents |
Chapter 1 | আগমন |
Chapter 2 | আগমনৰ ভিত্তি |
Chapter 3 | প্ৰকল্প |
Chapter 4 | মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি |
Chapter 5 | বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক |
Chapter 6 | ভাববাদ: আত্মগত আৰু বস্তুগত |
Chapter 7 | নীতিশাস্ত্র |
Chapter 8 | ধর্ম |
প্রশ্ন ২। কান্টৰ ধৰ্মৰ সংজ্ঞাটো উল্লেখ কৰা । ইয়াৰ ক্ৰটিবােৰ কি কি ?
উত্তৰঃ কাণ্টৰ ধৰ্মৰ সংজ্ঞাটো হ’ল— “ আমাৰ সকলাে কর্তব্যক ঈশ্বৰীয় আদেশৰূপে স্বীকাৰ কৰি লােৱাই হ’ল ধর্ম । ”
কান্টৰ ধৰ্মৰ সংজ্ঞা ত্রুটিহীন নহয় । প্রথমে নৈতিকতাবােধ তাৰ পাছতহে ধর্মীয় চেতনা । এনে ক্রমপর্যায় বাস্তৱ ক্ষেত্ৰত পােৱা নাযায় আৰু ইতিহাসেও ইয়াৰ সাক্ষ্য নিদিয়ে । কাণ্টৰ মতে সততা বা সজগুণ আনন্দৰ লগত জড়িত । ধর্ম আৱেগাত্মক আৰু নৈতিকতা বিচাৰাত্মক ।
( ১ ) কাণ্টৰ মত বিশ্লেষণ কৰিলে ঈশ্বৰৰ চৰিত্ৰত নৈতিকতা নাই আৰু ঈশ্বৰ স্বেচ্ছাচাৰী বুলি । ক’ব লাগিব । আজি যি কর্ম ভাল বুলি বিবেচিত হ’ব পাছত হয়তাে ঈশ্বৰৰ ইচ্ছাত সেই একে কর্মই বেয়া বুলি বিবেচিত হ’ব পাৰে । কিন্তু এই কথা আমাৰ ঈশ্বৰৰ বিশ্বাসৰ লগত খাপ নাখায় । ঈশ্বৰ সর্বশক্তিমান হলেও একে কামকেই ভাল আৰু বেয়া বুলিব নােৱাৰে । ঈশ্বৰ বুদ্ধিমত্ত্বা , ন্যায় আৰু পূর্ণতাৰে মূৰ্ত ৰূপ । ঈশ্বৰ নৈতিকতা নিৰপেক্ষ হ’ব নােৱাৰে । ঈশ্বৰ নৈতিক আদৰ্শৰ মূৰ্তৰূপ । নৈতিকতা ঈশ্বৰৰ প্রকৃতিতেই নিহিত হৈ থাকে । নৈতিকতা বস্তুগত । ঈশ্বৰে ভাল কাম কৰিবলৈ বিধান দিয়ে আৰু বেয়া কাম কৰিবলৈ নিষেধ কৰে ।
( ২ ) এই মতবাদ মতে ঈশ্বৰৰ বিধি – নিষেধ পুৰস্কাৰৰ আশাত আৰু শাস্তিৰ ভয়তহে মানৱে মানি চলে । কিন্তু আশা আৰু ভয়ত কৰা ক্রিয়াৰ নৈতিক মূল্য নাই । ইয়াৰ ব্যৱহাৰিক উপযােগিতা আছে । উপযােগিতা আৰু নৈতিকতা একে নহয় । নৈতিকতাই আদর্শক আশ্রয় কৰি লয় । কিন্তু উপযােগিতা পৰিণামদর্শী , স্বার্থ – সাপেক্ষ । ঈশ্বৰ ন্যায়ৰ মূৰ্ত ৰূপ । ঈশ্বৰৰ বিধান সদায় ন্যায়ৰ ওপৰত প্রতিষ্ঠিত ।
প্রশ্ন ৩। নৈতিকতা আৰু ধৰ্মৰ পাৰ্থক্যবােৰ উল্লেখ কৰা ।
উত্তৰঃ নৈতিকতা আৰু ধৰ্মৰ পাৰ্থক্যবােৰ হ’ল–
( ১ ) ধর্ম হ’ল মানুহে ‘ চৰম বিষয় হিচাপে গণ্য কৰা কিছুমান অভিজ্ঞতা বা বিষয় , যাক মানুহে আওকাণ কৰিব নােৱাৰে , তেনে বিষয় বা অভিজ্ঞতাৰ প্রতি মানুহৰ এক সর্বাংগীন অনুক্রিয় ( Response ) ।
আনহাতে নৈতিকতা তেনেধৰণৰ চৰম অভিজ্ঞতা বা বিষয়ৰ প্রতি মানুহৰ সামগ্রিক অনুক্রিয়া । বুলি ক’ব পৰা নাযায় ।
( ২ ) প্রকৃতিগতভাৱে ধর্ম সামগ্রিক হােৱা বাবে ধর্মত বৌদ্ধিক বা জ্ঞানাত্মক , আৱেগিক , ইচ্ছাকৃত — এই তিনিওটা মানৱ ব্যক্তিত্বৰ উপাদান নিহিত হৈ থাকে ।
কিন্তু নৈতিকতা মানুহৰ ঐচ্ছিক ক্রিয়াৰ লগতহে জড়িত বিষয় । ইয়াত ইচ্ছাত্মক উপাদানৰ প্ৰাধান্য দেখা যায় ।
( ৩ ) ধর্ম মানৱ জীৱনৰ তিনিটা পৰম মূল্যৰ লগত জড়িত । সেইকেইটা হ’ল — সত্য , শিৱ আৰু সুন্দৰ । কিন্তু নৈতিকতাৰ আদর্শ বা মূল্য হৈছে পৰম কল্যাণ । ( শিৱ )
( ৪ ) নৈতিকতাই ব্যক্তিৰ লগত সমাজৰ সম্পৰ্কক গুৰুত্ব দিয়ে । আনহাতে ধর্মই ব্যক্তিৰ লগত দিব্য সত্তাৰ সম্পর্কে সম্বন্ধে গুৰুত্ব দিয়ে ।
প্রশ্ন ৪। ধর্ম আৰু নৈতিকতা স্বতন্ত্র বােলা দৃষ্টিভংগীটো আলােচনা কৰা ।
উত্তৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে । কিন্তু এটা আনটোৰ পৰা উদ্ভৱ হৈছে বুলি ক’ব পৰা নাযায় । মানৱ অভিজ্ঞতাৰ বিৱৰ্তনত দুয়ােটাই সমান্তৰালভাৱে বিকশিত হৈ এটা আনটোৰ দ্বাৰা প্ৰভাৱিত হােৱা দেখা যায় । নৈতিক মূল্যসমূহৰ জৰিয়তে নৈতিকতাই ধর্মক অন্ধবিশ্বাস , ধর্মান্ধতা , তন্ত্র – মন্ত্র , অলৌকিক , ৰহস্যময়তাৰ নঞর্থক প্রভাৱৰ পৰা মুক্ত কৰি ধৰ্মক পৰিশােধিত কৰে । সেইদৰে ধর্ময়াে আধ্যাত্মিক মূল্যসমূহৰ জৰিয়তে ব্যক্তিৰ নৈতিক সচেতনতা বৃদ্ধি কৰি নৈতিকতাৰ উৎকর্ষ সাধন কৰাত সহায় কৰে । ধর্মই নৈতিক , আচৰণৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যােগাই নৈতিকতাৰ উৎকর্ষ সাধন কৰে । সেয়েহে কোৱা হয় যে – “ নৈতিকতা অবিহনে ধর্ম এক অন্ধবিশ্বাস । ধর্ম অবিহনে নৈতিকতা অসম্পূর্ণ ।”
প্রশ্ন ৫। ধর্ম আৰু নৈতিকতাৰ মিলৰ চাৰিটা দিশ উল্লেখ কৰা ।
উত্তৰঃ ধর্ম আৰু নৈতিকতাৰ মিলৰ চাৰিটা দিশ হল –
( ১ ) ধর্ম আৰু নৈতিকতা উভয়েই জীৱনৰ পৰাই বিকশিত হৈ মানৱ জীৱনৰ প্ৰমূল্য সমূহৰ লগত জড়িত । গতিকে উভয়েই আদর্শনিষ্ঠ ।
( ২ ) ব্যক্তিগত আৰু সামাজিক কল্যাণ সাধনৰ বাবে উভয়েই কিছুমান আচৰণ নীতি নিৰূপণ কৰে ।
( ৩ ) ধর্ম আৰু নৈতিকতা উভয়েই ব্যক্তিত্বৰ সামগ্রিক বিকাশ সাধনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় ।
( ৪ ) ব্যৱহাৰিক জীৱনৰ নৈতিকতাৰ যােগেদি ধর্মীয় ধাৰণা সমূহৰ বাস্তৱিক প্রকাশ ঘটে ।
প্রশ্ন ৬। তুমি বিশ্বাস কৰানে যে ধর্ম হ’ল নিজতেই এক সমাপ্তি ? তােমাৰ উত্তৰৰ সপক্ষত কাৰণ দশোৱা ।
উত্তৰঃ ধর্ম ’ হ’ল নিজতেই এক সমাপ্তি ’ — কাথাষাৰ সমর্থন কৰিব পৰা ধৰণৰ নহয় । কাৰণ ধর্ম হ’ল — এক পৰম তত্ত্বৰ প্রতি ব্যক্তিৰ সমগ্র সত্তাৰ প্রতিক্রিয়া । ধৰ্মৰ মনােগত আৰু বস্তুগত দুটা দিশ আছে । মনৰ দিশৰ পৰা মানুহৰ সকলাে মানসিক ক্রিয়া চিন্তা , অনুভূতি , ইচ্ছা । ধৰ্মৰ অন্তর্ভুক্ত । বস্তুৰ দিশৰ পৰা ধর্মই মানুহৰ চেতনাৰ উধ্বত থকা এক ঐশ্বৰিক তত্ত্বক বুজায় । য’ত মানৱ জীৱনৰ পৰম মূল্য সংৰক্ষিত হৈ আছে । আকৌ ধর্মই পূজা , সেৱা আদিৰ মাজেদি মনৰ লগত চেতনাৰ উধ্বত থকা পৰম ঐশ্বৰিক তত্ত্বৰ সম্পর্কও বুজায় । এই সম্পর্ক এটা বিশেষ লক্ষ্যৰ দ্বাৰা নিয়ন্ত্রিত হয় । সেইটো হ’ল ব্যক্তিগত আৰু সামাজিক মানৱীয় মূল্যৰ সংৰক্ষণ আৰু বৃদ্ধি । শেষত ই ভক্তিমূলক অনুবাগত পৰিণত হয় । সেই ঐশ্বৰিক তত্ত্ব তেতিয়া পৰম মূল্য হৈ উঠে । ধর্ম অকল অলৌকিক তত্ত্বত বিশ্বাসী নহয় । ধর্ম এই তত্ত্বৰ প্রতি আৱেগিক সঁহাৰি , ইচ্ছামূলক প্রতিক্রিয়া । যাৰ ফলত ব্যক্তিয়ে এই তত্ত্বৰ লগত সংগতি ৰাখিবলৈ সমগ্র জীৱন নিজক উপযুক্ত কৰি তুলিবলৈ সচেষ্ট হয় ।
প্রশ্ন ৭। ধর্ম কি ? ইয়াৰ প্রকৃতি কি ?
উত্তৰঃ ‘ধর্ম শব্দৰ ব্যুৎপত্তিগত অৰ্থ হৈছে ‘ যিয়ে ধাৰণ কৰে সেয়ে ধর্ম । ইংৰাজী ‘Religion’ শব্দটোৰ উৎপত্তি হৈছে লেটিন শব্দ ‘Religare’ ৰ পৰা । যার অর্থ ‘বন্ধন’ বা যিয়ে ‘বান্ধি ৰাখে’ । ধর্ম এটা বিশিষ্ট মনােবৃত্তি আৰু উপাসনা পদ্ধতি ।
ভাৰতীয় সংস্কৃতিত ‘ ধর্ম ‘ শব্দটো ব্যাপক অর্থত ব্যৱহৃত হয় । সাংসাৰিক সমৃদ্ধি আৰু আধ্যাত্মিক কল্যাণ সাধন হিচাপে ‘ধর্ম ’ শব্দটো ব্যৱহাৰ কৰা হয় ।
ধর্মীয় চেতনা ধার্মিক লােকৰ মনৰ এটা বিশিষ্ট অৱস্থা । ই জীৱনৰ সৰ্বাংগস্পর্শী । ‘ধূ’ ধাতুত ‘মন’ প্রত্যয় যােগ হৈ সংস্কৃতত ‘ধর্ম ’ শব্দৰ উৎপত্তি হৈছে ।
বহুতে বিভিন্ন ধৰণৰ সংজ্ঞা দিছে যদিও ইয়াৰ সংজ্ঞা দিয়া ইমান সহজ নহয় । বিশ্বাস , আচৰণ , বিচাবুদ্ধি আৰু আৱেগৰ সকলাে দিশ ধৰ্মৰ অন্তর্ভুক্ত । মানুহৰ অন্তৰত ধর্ম বিৰাজ কৰে । ধৰ্মৰ পদ্ধতি হ’ল যুক্তি , বিশ্বাস , প্রত্যক্ষ অনুভূতি । ধৰ্মৰ দৃষ্টিভংগী মূল্যায়নৰ দৃষ্টিভংগী । ধর্মই পৰম মূল্যৰ আলােচনা কৰে । ধৰ্মৰ পৰিসৰ অভিজ্ঞতাৰ সীমিত পৰিসৰ নহয় । পৰিপূৰ্ণ অর্থ আৰু মূল্যৰ দিশৰ পৰা সকলাে অভিজ্ঞতাই ধৰ্মৰ আলােচ্য বিষয় । ধর্ম হ’ল মানৱ জীৱনৰ শ্রেষ্ঠ মূল্যবােধৰ স্বীকৃতি । অর্থাৎ সত্য , শিৱ আৰু সুন্দৰৰ উপলব্ধি । শেষত ই এক ঐশ্বৰিক তত্ত্বৰ প্রতি ভক্তিমূলক অনুৰাগত পৰিণত হয় । যি ঐশ্বৰিক তত্ত্ব তেতিয়া পৰম মূল্য হৈ উঠে । ধর্মই এখন অতীন্দ্রিয় জগতক সূচায় । ধর্ম অকল অলৌকিক তত্ত্বত বিশ্বাসী নহয় । ধর্ম এক অলৌকিক তত্ত্বত বিশ্বাস বা সঁহাৰি আৰু ইচ্ছামূলক প্রতিক্রিয়া । ইয়াৰ ফলত ব্যক্তিয়ে এই তত্ত্বৰ লগত সংগতি ৰাখিবলৈ সমগ্র জীৱন নিজক উপযুক্ত কৰি তুলিবলৈ সচেষ্ট হয় ।
প্রশ্ন ৮। শ্লেয়াৰ মেকাৰৰ মতে ধর্ম কি ? তেওঁৰ সংজ্ঞাটোৰ দোষ আৰু গুণবােৰ কি কি ?
উত্তৰঃ ধর্ম সম্পর্কে শ্লেয়াৰ মেকাৰৰ সংজ্ঞাটো হ’ল – “ধৰ্মৰ অপৰিহাৰ্য বৈশিষ্ট্য হ’ল ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰতাৰ বােধ । ”
শ্লেয়াৰ মেকাৰৰ মতে কোনাে অসীম পৰম সত্তাৰ ওপৰত সম্পূর্ণ নির্ভৰশীলতা বােধৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে । অপূর্ণ মানৱে প্রতিকূল পৰিৱেশত সম্পূর্ণ অসহায়বােধ কৰি অধিক শক্তিমান সত্তা বা ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি ব্যাকুলতাৰে আত্মসমর্পণ কৰে । এই পৰম নিৰ্ভৰশীলতাৰ পৰাই ধৰ্মৰ উৎপত্তি হয় । আনহাতে নৈতিকতা বােধৰ উৎপত্তি হয় মানুহৰ বিবেক আৰু বিচাবুদ্ধিৰ পৰা ।
এই বিচাৰবুদ্ধিৰ পৰাই উদ্ভৱ হােৱা কৰ্মৰ ভাল – বেয়া , ন্যায় – অন্যায় আদি বিচাৰ কৰিব পৰা নৈতিক আদৰ্শৰ প্রেৰণাতেই মানুহে নৈতিক জীৱন যাপন কৰি জীৱনৰ পূর্ণতা লাভ কৰিবলৈ যত্নশীল হয় । ঐতিহাসিক দিশৰ পৰা ধর্ম আগতে আৰু তাৰ পাছতহে নৈতিকতাৰ উৎপত্তি হয় । আচলতে ধর্ম আৰু নৈতিকতাই মানৱ – জীৱনৰ সামগ্রিক বিকাশত সহায় কৰে । নীতিবােধহীন ধর্মপ্রাণ লােক আৰু ধর্মহীন নীতিনিষ্ঠ লােকৰ দৃষ্টান্ত নােহােৱা নহয় । কিন্তু
ধর্মীয় আচাৰনিষ্ঠ কিন্তু নৈতিকতাবিহীন লােক ধার্মিক হ’ব নােৱাৰে । আচলতে ‘ধর্ম’ আৰু নৈতিকতা এটা আনটোৰ ওপৰত নিৰ্ভৰশীল নহয় । ধর্ম আৱেগাত্মক আৰু নৈতিকতা বিচাৰাত্মক । দুয়ােটাৰ উৎস বেলেগ বেলেগ। এটা আনটোৰ পৰিপূৰক।বাধ্যতাবােধক সামাজিক আদর্শ বুলি গণ্য কৰিলেও অন্তিম বিশ্লেষণত ধর্ম অবিশ্বাসী লােকে ঈশ্বৰৰ সভাত বিশ্বাসী হৈ পৰে ।
প্রশ্ন ৯। ‘নৈতিকতাই ধৰ্মৰ জন্ম দিয়ে ।’— উক্তিটো সমালােচনামূলকভাৱে আলােচনা কৰা ।
উত্তৰঃ বিখ্যাত জার্মান দার্শনিক ইমানুৱেল কাণ্টৰ মতে নৈতিকতা ধর্মতকৈ স্বতন্ত্র । নৈতিকতা আগত , তাৰ পিছতহে ধর্ম । এই মতৰ সমর্থক হৈছে মার্টিনিউ , আৰ . বি . ব্রেইথৱেইট , জন ডিউৱে , ছিগমাণ্ড ফ্রয়েদ ইত্যাদি ।
কান্টৰ মতে নৈতিকতা এই কাৰণেই শ্রেষ্ঠ নহয় যে ইয়াক ঈশ্বৰে অনুমােদন কৰে । বৰং নৈতিকতাৰ শ্রেষ্ঠত্ব নৈতিকতাৰ এক অন্তর্নিহিত গুণ । মানুহে পালন কৰিবলগীয়া কৰ্তব্যসমূহক কান্টে চর্তহীন আদেশ ’ বুলি আখ্যা দিছে । তেওঁ কয় যে কর্তব্যৰ বাবেই কর্তব্য পালন কৰা উচিত । আন কোনাে বাহ্যিক কাৰণবশতঃ কর্তব্য পালন কৰা উচিত নহয় ।
মার্টিনিউৰ মতেও ধর্মতকৈ নৈতিকতাৰ স্থান আগত তেওঁৰ মতে নৈতিক বাধ্যতাবােধ আৰু দায়িত্ববােধৰ পৰাই ঈশ্বৰ সম্পৰ্কীয় ধাৰণাৰ উৎপত্তি হয় । গতিকে নৈতিকতাৰ পৰাহে ধৰ্মৰ উৎপত্তি হয় ।
অৱশ্যে পিছলৈ ধর্মীয় আৰু নৈতিক উন্নতিৰ উচ্চস্তৰত পৃথিৱীৰ উচ্চস্তৰত ধর্মসমূহত ধর্ম আৰু নৈতিকতাৰ আন্তঃসম্পর্ক গঢ়ি উঠা দেখা যায় । ‘আন্তঃ সম্পর্ক’ বুলি কওঁতে ইয়াকেই বুজোৱা হয় যে নৈতিকতাৰ বিকাশত যিদৰে ধৰ্মই সহায় কৰে , সেইদৰে ধৰ্মক অন্ধবিশ্বাস , কু সংস্কাৰ আদিৰ পৰা মুক্ত কৰি পৰিশােধন কৰাত নৈতিকতাই সহায় কৰে ।
প্রশ্ন ৯। ধর্ম আৰু নৈতিকতাৰ মাজৰ সম্পর্ক কি ?
উত্তৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজৰ সম্পর্ক হল—
( ১ ) ধৰ্মত নৈতিকতাৰ উপাদানৰ উপস্থিতি অতি শক্তিশালী । নৈতিক নীতি ধৰ্মৰ দোহাই দি অংগীকাৰ কৰা হয় ।
( ২ ) ধর্মই নৈতিক জীৱন যাপন কৰাত সহায় কৰে । ঈশ্বৰৰ নামত বহুত মানুহে নৃশংস আৰু উগ্র প্রবৃত্তি ত্যাগ কৰিবলৈ সক্ষম হয় ।
নৈতিক কর্তব্যসমূহ এক দিব্যসত্তাত আধাৰিত হ’লে সেইবােৰ পালন কৰাত সহজ হয় । বহুত চিন্তাবিদে ঈশ্বৰক নৈতিকতাৰ এক মনােবৈজ্ঞানিক শক্তিবর্ধক ‘ বুলি গণ্য কৰে । কান্টেও নৈতিকতাক এক স্বতন্ত্র বিষয় বুলি আখ্যা দিয়ে , কর্তব্যসমূহক ‘দৈৱিক’ বা ‘ঈশ্বৰীয়’ আদেশ বুলি গণ্য কৰাৰ পােষকতা কৰে ।
( ৩ ) নৈতিকতাৰ উৎকর্ষ হলে ধর্মৰাে উৎকর্ষ সাধন হয় । আৰু ধৰ্মৰ উৎকর্ষ সাধন হলে নৈতিকতাৰ উৎকর্ষ সাধন হয় । নৈতিকতাই ধৰ্মক পৰিশােধন কৰে আৰু ধৰ্মই নৈতিকতালৈ সম্পূর্ণতা প্রদান কৰে ।
( ৪ ) ব্যৱহাৰিক জীৱনত নৈতিকতাৰ যােগেদিয়েই ধর্মীয় ধাৰণাবােৰৰ বাস্তৱিক প্রকাশ ঘটে ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Thank you so much sir aibilake muk bohut help korise…… Thanks a lot ?
wlcm