Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক

Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক – সমাধান Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৪ ) 

প্রশ্ন ১। মুখ্য আৰু গৌণ গুণ কাক বােলে ? দুয়ােৰে মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ অভিজ্ঞতাবাদী দার্শনিক জন লকৰ ইন্দ্রিয় অনুভৱৰ দ্বাৰা আমি যিবােৰ গুণৰ সম্ভেদ পাওঁ সেই সকলােবােৰ অধিকাংশ ক্ষেত্ৰত বস্তুগত । সেয়েহে জন লকে গুণবােৰক দুভাগত ভাগ কৰিছে – 

( ক ) মুখ্য গুণ আৰু 

( খ ) গৌণ গুণ । 

( ক ) মুখ্য গুণ :- যিবােৰ গুণ মননিৰপেক্ষ , বস্তুগত , যিবোৰ গুণৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় , সেইবােৰ গুণক মুখ্য গুণ বােলে । যেনে বস্তুৰ বিস্তৃতি , আকাৰ , ওজন , পৰিমাণ , গতিবেগ আদি । 

( খ ) গৌণ গুণ :- যিবোৰ গুণ মন সাপেক্ষে মনােগত , যিবােৰ গুণৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল , সেইবােৰ গুণক গৌণ গুণ বােলে । যেনে – বস্তুৰ বৰ্ণ , গােন্ধ , স্বৱাদ , তাপ  আদি । জন লকৰ মতে— 

( ক ) মুখ্য গুণ বস্তুৰ মৌলিক বা প্রকৃত গুণ । এই গুণবােৰ বস্তুগত । গৌণ গুণ মৌলিক নহয় । এইবােৰ ব্যক্তিগত । এইবােৰৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল । মুখ্য গুণবোৰে সংবেদনৰ মাধ্যমত আমাৰ মনত গৌণ গুণবােৰৰ সৃষ্টি কৰে । এইবােৰ সত্তাত নাথাকে । 

( খ ) মুখ্য গুণবােৰ অপৰিৱর্তনীয় । মুখ্য গুণবােৰ জ্ঞাতাৰ ক্ষেত্ৰত আৰু বিভিন্ন পৰিৱেশতাে একেদৰে প্রতিভাত হয় । যেনে – বস্তুৰ আকাৰ , বিস্তৃতি আদি । গৌণ গুণবােৰ বেলেগ বেলেগ জ্ঞাতাৰ ক্ষেত্ৰত ভিন্ন ভিন্ন । গতিকে গৌণ গুণবােৰ পৰিৱর্তনীয় । 

( গ ) বাহ্যবস্তুত থকা মুখ্য গুণবােৰ কেৱল জ্ঞাতাৰ ধাৰণাত প্রতিফলিত হয়; গৌণ গুণবােৰ নহয় । গৌণ গুণবােৰ মুখ্য গুণৰ দ্বাৰা সৃষ্ট সংবেদন মাত্র । লকৰ ভাষাত “ আমাৰ মনৰ বাহিৰত যি জগত আছে সেই জগত মিঠাও হয় , টেঙাও হয় , এন্ধাৰো নহয় , নিঃশব্দও নহয় , প্রতিধ্বনিময়ো নহয় , সুগন্ধিযুক্তও নহয় , দুর্গন্ধযুক্তও নহয় , শীতলাে নহয় । ই কেৱল বিস্তৃত আৰু অভেদ্য , স্থিৰ নাইবা গতিময় ।”

গুণৰ আশ্ৰয় থাকিবই লাগিব । সেয়েহে জন লকে মুখ্য গুণৰ আধাৰ হিচাপে বাহ্যবস্তুৰ অস্তিত্ব স্বীকাৰ কৰিছে । প্রত্যক্ষ বা ইন্দ্রিয় সংবেদনৰ দ্বাৰা আমি গুণৰহে সম্ভেদ পাওঁ , গুণৰ আধাৰ ৰূপে বাহ্যবস্তুৰ কোনাে জ্ঞান নাপাওঁ । বাহ্যবস্তু লকৰ মতে অজ্ঞাত , অজ্ঞেয় । পােনপটীয়াকৈ আমাৰ মনৰ ধাৰণাকহে জানিব পাৰোঁ । মন বা চেতনা পর্দাৰ দৰে । বাহ্য বস্তুৰ প্রতিবিম্ব তাত ধাৰণাৰূপে প্রতিফলিত হয় । 

প্রশ্ন ২। সৰল বাস্তৱবাদৰ বিষয়ে এটা চমুটোকা লিখা । 

উত্তৰঃ জ্ঞান মীমাংসা সম্পর্কীয় দৃষ্টিকোণৰ পৰা যি মতবাদে জ্ঞেয় বস্তুৰ বা জ্ঞানৰ বিষয়বস্তুৰ মন নিৰপেক্ষ বাহ্য সত্তা আছে বুলি স্বীকাৰ কৰে সেই মতবাদকে বস্তুবাদ বােলে । 

বস্তুবাদ মতে বস্তুৰ অস্তিত্ব জ্ঞাতাৰ জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয় । জ্ঞাতাৰ মনৰ বাহিৰত ইয়াৰ নিজস্ব সত্তা আৰু ক্রিয়া প্রক্রিয়া আছে । জ্ঞাতাই কোনাে এটা বিষয়বস্তু সম্পর্কে জ্ঞান অর্জন কৰিবও পাৰে বা নকৰিবও পাৰে । কিন্তু ইয়াৰ ফলত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্বৰ কোনাে পৰিৱৰ্তন নকৰে । জ্ঞান নহ’লেও জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব বাহ্য জগতত থাকে । 

ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে প্রাচীন গ্রীক দার্শনিকসকল বস্তুবাদী আছিল । থেলেচ আদি দার্শনিকসকলে পানী , বতাহ , জুই আদিক মূলতত্ত্ব হিচাপে স্বীকাৰ কৰিছিল আৰু এই তত্ত্ববােৰৰ প্রত্যেকটোৰেই মননিৰপেক্ষ সত্তা আছে বুলি মানি লৈছিল । 

বস্তুবাদ প্রধানতঃ চাৰি প্ৰকাৰৰ— 

( ক ) লৌকিক বা সৰল বস্তুবাদ ।

( খ ) বিজ্ঞানসন্মত বস্তুবাদ ।

( গ ) নব্য বস্তুবাদ । আৰু 

( ঘ ) বিচাৰমূলক বস্তুবাদ ।

লৌকিক বস্তুবাদ বস্তুবাদৰেই এটা প্ৰকাৰ । গতিকে এই মত অনুসৰিও বাহ্য বস্তুৰ মন নিৰপেক্ষ অস্তিত্ব আছে । কিন্তু এই মতবাদ অনুসৰি কেৱল বাহ্যবস্তুৱেই নহয় , বাহ্যবস্তুত থকা সকলাে প্ৰকাৰৰ গুণৰো যেনে ৰূপ , ৰস , গােন্ধ , শব্দ আদি আৰু বিস্তৃতি , আয়তন , আকাৰ আদিৰাে মন নিৰপেক্ষ স্বতন্ত্র অস্তিত্ব আছে । 

জ্ঞাতাই এনে বাহ্যবস্তু সম্পর্কে জ্ঞান অর্জন কৰিবও পাৰে নকৰিবও পাৰে । কিন্তু জ্ঞাতাই যদি বাহ্যবস্তু সম্পর্কে জ্ঞান অর্জন কৰিব খােজে তেনেহ’লে বস্তুটো প্ৰকাৰৰ গুণেৰে সৈতে যিদৰে আছে সেইদৰেই জানিব পাৰে । বাহ্যবস্তু সম্পর্কে জ্ঞাতাৰ জ্ঞান পােনপটীয়া । দুয়ােৰে মাজত তৃতীয় কোনাে মাধ্যম নাই । জ্ঞানৰ বিষয়বস্তু আৰু বিষয়বস্তুৰ জ্ঞানৰ মাজত কোনাে পার্থক্য নাই । দুয়াে একেই । স্বচ্ছ দর্পণত যিদৰে বস্তুৰ প্রতিবিম্ব পৰে সেইদৰে সকলাে গুণেৰে সৈতে বিষয়বস্তুৰ প্রতিবিম্বও প্রত্যক্ষৰ জৰিয়তে আমাৰ মনত পৰে বিষয়বস্তুৰ অবিকল প্রতিলিপি । লৌকিক বস্তুবাদ মতে আমি প্রত্যক্ষৰ দ্বাৰা বস্তুৰ যথার্থ জ্ঞান পাওঁ । জ্ঞানৰ যথার্থতা সম্পর্কে লৌকিক বস্তুবাদীসকল অনুৰূপতাবাদৰ সমর্থক । 

এই মতবাদত বাহ্যবস্তু সম্পর্কে সাধাৰণ মানুহৰ লােকৰ ধাৰণা প্রতিফলিত হৈছে বাবে ইয়াক লৌকিক বস্তুবাদ বােলা হয় । তাৰােপৰি বিশেষ বিচাৰ নকৰাকৈ বাহ্যবস্তুৰ অস্তিত্ব সহজভাৱে স্বীকাৰ কৰি লােৱাৰ বাবে ইয়াক সৰল বস্তুবাদ বুলিও কোৱা হয় ।

লৌকিক বস্তুবাদ অনুসৰি বাহ্যবস্তুৰ যথার্থ জ্ঞান গুণেৰে সৈতে যিদৰে আছে ঠিক তেনেদৰে জানিব পাৰি । কিন্তু এই কথাষাৰ সম্পূর্ণ সত্য নহয় । কিন্তু অধিকাংশ গুণৰ ক্ষেত্ৰত কথাটো সত্য নহয় । উদাহৰণ স্বৰূপে এডাল পােন কাঠিক পানীত অর্ধ নিমজ্জিত কৰি ৰাখিলে বেকা যেন দেখা যায় । সেই কাৰণে জন লক আদি দার্শনিকে কৈছে যে বস্তুৰ সকলাে গুণকে আমি যিদৰে আছে সেইদৰেই জানিব নােৱাৰোঁ । বেছিভাগ গুণেই বস্তুগত নহয় । তাৰােপৰি লৌকিক বস্তুবাদে ভ্রান্ত প্রত্যক্ষ , সপােন , অমূল প্রত্যক্ষ আদিৰ ব্যাখ্যা দিব নােৱাৰে । গতিকে স্রষ্টা আৰু অৱস্থাভেদে একে বস্তুৰে প্রত্যক্ষ জ্ঞান নানা প্রকাৰৰ হ’ব পাৰে । গতিকে এই মতবাদ স্বীকাৰ কৰিলে জ্ঞানৰ সার্বিকতা হেৰাই যায় । 

প্রকৃততে সকলাে গুণ বস্তুগত নহয় । কিছুমান গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল । গতিকে সৰল বস্তুবাদ বা লৌকিক বস্তুবাদ তত্ত্বসম্পর্কীয় সঠিক মতবাদ নহয় । এই মতবাদ বৈজ্ঞানিক বিচাৰবৰ্জিত মতবাদ ।

Sl. No.Contents
Chapter 1আগমন
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

প্রশ্ন ৩। মুখ্য গুণ আৰু গৌণ গুণসমূহৰ মাজৰ পার্থক্য অমনস্তাত্ত্বিক’– তুমি মানি লােৱানে ? তােমাৰ দৃষ্টিভংগীৰ সমৰ্থনত তিনিটা কাৰণ লিখা । 

উত্তৰঃ সৰল বাস্তৱবাদ অনুসৰি মুখ্য গুণ আৰু গৌণ গুণসমূহৰ মাজৰ পার্থক্য অমনস্তাত্ত্বিক । এই কথাষাৰ সমালােচনা মুক্ত নহয় । তথাপি জ্ঞানৰ প্ৰকৃতি আৰু জ্ঞাতা আৰু জ্ঞেয়ৰ সম্বন্ধ যথাযথভাবে ব্যাখ্যা কৰিব নােৱাৰিলেও এই সম্পর্কে এটা সাধাৰণ ধাৰণা আগবঢ়াইছে বুলি । ক’ব পাৰি । সমালােচনা মুক্ত নহয় বাবে এই কথাৰ দার্শনিক মূল্য কম বুলি ক’ব পাৰি । 

কথাষাৰৰ সমৰ্থনত তিনিটা কাৰণ উল্লেখ কৰিব পাৰি –

( ক ) প্রধান বা মুখ্য গুণবােৰ স্বতন্ত্রভাৱে বস্তুত থাকে । 

( খ ) মুখ্য গুণবােৰ বস্তুত থাকে বাবেই স্থায়ী আৰু অপৰিৱৰ্তনীয় । 

( গ ) বস্তুৰ গুণবােৰ – বিশেষকৈ মুখ্য গুণবােৰৰ লগত বস্তুৰ সম্পর্ক সাদৃশ্যমূলক । গুণবােৰ বস্তুটোত থাকে । এই গুণবােৰ আমাৰ মনৰ পৰা বস্তুটোত আৰােপ কৰা নহয় । 

গতিকে দার্শনিক মূল্য ক’ম হ’লেও ক’ব পাৰি যে দুয়াে প্ৰকাৰৰ গুণবােৰৰ মাজৰ পার্থক্য অমনস্তাত্ত্বিক । 

প্রশ্ন ৪। বৈজ্ঞানিক বাস্তৱবাদৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ চাৰিটা বৈশিষ্ট্য হ’ল— 

( ক ) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি বাহ্য বস্তুৰ অস্তিত্ব মন নিৰপেক্ষ যদিও বস্তুৰ জ্ঞান মনৰ মনৰ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল ।

( খ ) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি জ্ঞাত আৰু জ্ঞেয়ৰ সম্পর্ক পােনপটীয়া নহয় । জ্ঞাতাৰ মনৰ ধাৰণাৰ ওপৰতহে জ্ঞান নির্ভৰ কৰে ।

( গ ) বৈজ্ঞানিক বাস্তৱবাদে মুখ্য গুণ বস্তুনিষ্ঠ কিন্তু গৌণ গুণ আত্মনিষ্ঠ বা ব্যক্তিনিষ্ঠ বা মনোগত ।

( ঘ ) বৈজ্ঞানিক বস্তুবাদ অনুসৰি প্রকৃত বস্তু আৰু ধাৰণাৰ পার্থক্য আছে । ধাৰণাবোৰ বস্তুৰ প্রতিচ্ছবি । 

প্রশ্ন ৫। জন ল’কৰ প্রতিনিধিত্ববাদ সম্পৰ্কত এটা চমুটোকা লিখা । 

উত্তৰঃ যি মতবাদ অনুসৰি বস্তুৰ মন স্বতন্ত্র অস্তিত্ব আছে আৰু বস্তুৰ জ্ঞান , বস্তুৰ ধাৰণাৰ যােগেদি প্রত্যক্ষভাৱেহে জানিব পাৰি তাক বৈজ্ঞানিক বাস্তৱবাদ বােলে । এই মতবাদে সৰল বাস্তৱবাদৰ দোষ সংশােধিত কৰি নিজৰ মত আগবঢ়াইছে । অভিজ্ঞতাবাদী দার্শনিক জন লক এই মতবাদৰ প্রধান প্রৱর্তক । এই মতবাদক প্রতিনিধিত্ববাদ বুলিও কোৱা হয় । এই মতবাদ অনুসৰি বাহ্যবস্তুবােৰ আমাৰ প্রত্যক্ষৰ পৰা স্বতন্ত্র যদিও সেইবােৰ প্ৰকৃততে যেনেকুৱা তেনেধৰণে । আমি জানিব নােৱাৰাে । অর্থাৎ বাহ্যবস্তুৰ সাক্ষাৎ জ্ঞান অভিজ্ঞতাৰ দ্বাৰা লাভ কৰিব নােৱাৰি । পােনপটীয়াকৈ প্ৰত্যক্ষৰ দ্বাৰা আমি বস্তুৰ যি জ্ঞান লাভ কৰো সেয়া প্রকৃত বস্তু নহয় । প্রকৃত বস্তুৰ প্রতিফলনহে মাত্র । মনত প্রতিফলিত হােৱা বস্তুৰ এই প্রতিলিপি বা প্রতিবিম্বসমূহকে ধাৰণা আখ্যা দিয়া হয় । গতিকে আমি লকৰ মত অনুসৰি ক’ব পাৰোঁ যে বস্তুৰ ধাৰণাকহে পােনপটীয়াকৈ জানিব পাৰোঁ , বস্তুক নােৱাৰোঁ । বুস্তুক প্রত্যক্ষভাৱে জানিব নােৱাৰি । বস্তুৰ ধাৰণাৰ মাজেৰেহে পৰােক্ষভাৱে জানিব পাৰি । ইয়াত জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পর্ক পৰোক্ষ ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top