Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি – সমাধান Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক ৬ ) 

প্রশ্ন ১। অন্বয়ী পদ্ধতিৰ উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ মিলৰ মতে অন্বয়ী প্রণালী বা পদ্ধতি হ’ল অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুই বা ততােধিক দৃষ্টান্তৰ মাজত যদি এটা মাত্র সামান্য সংস্থিতি থাকে , আৰু যদি আটাইকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোৱেই মাত্র মিল থাকে , তেনেহ’লে ইয়েই অন্বেষণীয় ঘটনাৰ কাৰণ বা কার্য হ’ব । 

ইয়াত দুটাতকৈ কম দৃষ্টান্ত হলে এই পদ্ধতি প্রয়ােগ কৰিব নােৱাৰি । তাৰােপৰি দৃষ্টান্তবিলাকক নিৰীক্ষণৰ দ্বাৰা বিভিন্ন সংস্থিতি বা বিষয়ক বিশ্লেষণ কৰি পৰস্পৰৰ লগত তুলনা কৰিব লাগিব । 

যি যি সংস্থিতি বা বিষয়ত এই দৃষ্টান্তবােৰৰ মিল নাই বা যিবােৰ সংস্থিতি অনিয়তভাৱে আছে সেইবােৰক বর্জন কৰিব লাগিব । সেইবােৰৰ কোনােটোইে কাৰণ নহয় । 

অৱশেষত যি সংস্থিতি নিয়তভাৱে আটাইকেইটা দৃষ্টান্তত উপস্থিত আছে বা যিটো বিষয়ত আটাইকেইটা বিষয়ৰ দৃষ্টান্তৰ মিল আছে সেই মিল থকা সংস্থিতিটোৱেই অন্বেষণীয় ঘটনাৰ কাৰণ বা কার্য বুলি নির্ণিত হ’ব । 

সাংকেতিক – উদাহৰণঃ

পূর্বৱর্তী ঘটনাঅন্বেষণীয় ঘটনা 
১.   ABCabc
২.   ACDacd
৩.   ADEade 

এতেকে ‘A’  ‘a’ ৰকাৰণ । ইয়াত ‘a’ ৰ কাৰণ অনুসন্ধানৰ বাবে তিনিটা উদাহৰণ লােৱা হৈছে । ইয়াত দেখা গৈছে যে ‘ ‘BCDE অনিয়তভাৱে আছে । তথাপি ‘a’ কাৰ্যটো ঘটিছে । ‘A’ ৰ ক্ষেত্ৰতহে অকল আটাইকেইটা দৃষ্টান্তৰ মিল আছে । গতিকে সিদ্ধান্ত কৰা হ’ল যে  ‘A’ হৈছে ‘a’ ৰ কাৰণ । 

বাস্তব উদাহৰণ :-  ধৰি লােৱা হ’ল মেলেৰিয়া জ্বৰ অন্বেষণীয় ঘটনা । ইয়াৰ কাৰণ নির্ণয় কৰিবলৈ কেইজনমান মেলেৰিয়া ৰােগীৰ দৃষ্টান্ত লৈ অনুসন্ধান কৰা হ’ল । ভালদৰে ৰােগী কেইজনক নিৰীক্ষণ কৰি প্রশ্ন সুধি জনা গ’ল যে বাসস্থান , খাদ্য , শাৰীৰিক অৱস্থা , বয়স আদিৰ ক্ষেত্ৰত তেওঁলােকৰ কোনাে মিল নাই । তেওঁলােকক প্রত্যেককে এন’ফিলিছ ’ মহে কামুৰিছে । এই ‘ এন’ফিলিছ মহে কামােৰাটোৱেই আটাইকেইজন ৰোগীৰ মাজত মিল থকা সংস্থিতি । গতিকে সিদ্ধান্ত কৰা হ’ল যে— ‘ এন’ফিলিছ ’ মহে কামােৰাই মেলেৰিয়াৰ কাৰণ । 

প্রশ্ন ২। ব্যতিৰেকী পদ্ধতিৰ ব্যাখ্যা কৰা আৰু উদাহৰণ দিয়া । 

উত্তৰঃ অন্বেষণীয় ঘটনাটো উপস্থিত থকা এটা দৃষ্টান্ত আৰু ঘটনাটো উপস্থিত নথকা আন এটা দৃষ্টান্তৰ কেৱল এটা সংস্থিতি বা বিষয়ৰ বাহিৰে আন সকলাে বিষয়ত মিল থাকে আৰু মিল নথকা বিষয়টো যদি প্রথম দৃষ্টান্ততেই থাকে তেনেহ’লে দৃষ্টান্ত দুটাৰ মাজত মিল নথকা বা পার্থক্য থকা সেই একমাত্র বিষয়টোৱেই অন্বেষণীয় ঘটনাৰ কার্য বা কাৰণ হ’ব । 

উদাহৰণ স্বৰূপে , বায়ুপূর্ণ কাচৰ পাত্ৰৰ ভিতৰত বৈদ্যুতিক ঘণ্টা এটা বজালে শব্দ শুনা যায় । কিন্তু বায়ুশূন্য কৰি পাত্ৰটোত ঘণ্টা বজালে শব্দ শুনা নাযায় । গতিকে বায়ুৰ উপস্থিতিয়েই শব্দ শুনাৰ কাৰণ 

বায়ুপূর্ণ কাঁচৰ পাত্র + ঘণ্টা বজোৱা হ’ল– শব্দ শুনা গ’ল । 

বায়ুশূন্য কাঁচৰ পাত্র + ঘণ্টা বজোৱা হল– শব্দ শুনা নগ’ল ।

এতেকে বায়ুৰ উপস্থিতিয়েই শব্দ শুনাৰ কাৰণ । 

ইয়াত ব্যতিৰেক বা পার্থক্যৰ ওপৰত নিৰ্ভৰ কৰি কার্য – কাৰণ সম্বন্ধ নির্ণয় কৰাৰ চেষ্টা কৰা হয় বাবে ইয়াক ব্যতিৰেকী পদ্ধতি বােলা হয় । 

প্রশ্ন ৩। ব্যতিৰেকী পদ্ধতিৰ তিনিটা সুবিধা আৰু দুটা অসুবিধা লিখা । 

উত্তৰঃ ব্যতিৰেকী পদ্ধতিৰ তিনিটা সুবিধা হল– 

( ক ) ব্যতিৰেকী প্রণালী মূলতঃ পৰীক্ষণ প্রণালী , গতিকে পৰীক্ষণ প্রণালীৰ সুবিধাবােৰ , যেনে – সঠিক বিশ্লেষণ , অপ্রাসংগিক ঘটনাৰ সম্পূর্ণ অপসৰণ আদি এই পদ্ধতিতাে আছে । 

( খ ) এই পদ্ধতিত মাত্র দুটা দৃষ্টান্তৰ প্রয়ােজন । গতিকে ই অতি সৰল প্রণালী । 

( গ ) প্রয়ােগৰ সুবিধা আন আন প্রণালীয়ে কার্য – কাৰণ সম্বন্ধৰ বিষয়ে যি যি সন্ধান দিয়ে তাক ব্যতিৰেকী প্রণালীৰদ্বাৰা নিশ্চিতভাৱে প্ৰমাণ কৰিব পাৰি । 

ব্যতিৰেকী প্রণালীৰ দুটা অসুবিধা হল –

( ক ) পৰীক্ষণৰ প্ৰয়ােগক্ষেত্র অতি সংকীর্ণ । ব্যতিৰেকী প্রণালীবা পদ্ধতি পৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল । গতিকে ইয়াৰ প্ৰয়ােগক্ষেত্র অতি সংকীর্ণ ।

( খ ) পৰীক্ষণৰ দ্বাৰা কাৰণৰ পৰা কার্য নির্ণয় কৰিব পাৰি । কিন্তু কার্যৰ পৰা কাৰণ নির্ণয় কৰিব নােৱাৰি । ব্যতিৰেকী পদ্ধতি পৰীক্ষণ ভিত্তিক হলেও ইয়াৰ দ্বাৰা কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব নােৱাৰি । 

প্রশ্ন ৪। পৰিশেষ পদ্ধতিৰ উদাহৰণসহ ব্যাখ্যা কৰা । এই পদ্ধতিটো ব্যতিৰেকী পদ্ধতিৰ বিশেষ শুধৰণি নে ? 

উত্তৰঃ পৰিশেষ পদ্ধতিৰ সুত্র দি মিলে কৈছে যে— “ কোনাে ঘটনাৰ যি অংশক পূর্বজ্ঞাত আগমনৰ পৰা কোনাে বিশেষ পূর্বৱর্তী অংশৰ কার্য বুলি জনা গৈছে –সেই অংশবােৰক সমগ্র ঘটনাটোৰ পৰা বাদ দিলে যি অংশ অৱশিষ্ট থাকে , সেই অংশ পূর্বৱর্তী অৱশিষ্ট অংশৰ  কাৰ্য্য হ’ব ।

উদাহৰণস্বৰূপে – তেলেৰে সৈতে টিনৰ ওজন ২০ কিলােগ্রাম । আগৰে পৰা জনা আছে যে টিনৰ ওজন ২ কিলােগ্রাম । গতিকে তেলৰ ওজন ১৮ কিলােগ্রাম । 

পৰিশেষ পদ্ধতি আৰু ব্যতিৰেকী পদ্ধতিৰ মাজত কিছুমান মৌলিক বিষয় সাদৃশ্য আছে । যেনে –

( ক ) দুয়ােটা পদ্ধতিত মাত্র দুটা দৃষ্টান্তৰ প্রয়ােজন । এই দৃষ্টান্ত দুটাৰ এটা সদর্থক আৰু আনটো নঞর্থক । 

( খ ) দুয়ােটা পদ্ধতিতে দৃষ্টান্ত দুটাৰ মাজত মাত্র এটা বিষয়ত ব্যতিৰেক অর্থাৎ পার্থক্য থকাৰ বাহিৰে আন বিষয়ত হুবহু মিল থাকে । 

( গ ) দৃষ্টান্ত দুটাৰ মাজত থকা এই পার্থক্য বা ব্যতিৰেক থকাৰ ভিত্তিতেই দুয়ােটা প্রণালীয়ে কার্যকাৰণ সম্বন্ধ প্রতিষ্ঠা কৰে । গতিকে দুয়ােটা প্রণালী বা পদ্ধতি একে নীতিৰ ওপৰত প্রতিষ্ঠিত । 

এনে গুৰুত্বপূর্ণ বিষয়ত সাদৃশ্য থকাৰ বাবে পৰিশেষ পদ্ধতিক ব্যতিৰেকী পদ্ধতিৰ বিশেষ শুধৰণি বােলা হয় । কিন্তু সতর্কতাৰে লক্ষ্য কৰিলে কেতবােৰ গুৰুত্বপূর্ণ বিষয়ত পদ্ধতি দুটাৰ মাজত পার্থক্য দেখা যায় । 

( ক ) ব্যতিৰেকী প্রণালীত নঞর্থক দৃষ্টান্তটো পৰীক্ষাৰ দ্বাৰা আৰু পৰিশেষ প্রণালীত পূর্ব অভিজ্ঞতাৰ ভিত্তিত আগমন অনুমানৰ পৰা নিগমন প্রক্রিয়াৰে পােৱা যায় । 

( খ ) ব্যতিৰেকী প্রণালীত যিটো ঘটনা উপস্থিত থাকিলে কাৰ্যটো ঘটে আৰু নাথাকিলে , নঘটে একমাত্র সেই ঘটনাটোৰ লগতেই কাৰ্যটোৰ কার্য – কাৰণ সম্বন্ধ স্থাপন কৰা হয় । আনুসংগিক পৰিবৰ্তিত ঘটনাবােৰৰ কার্য কাৰণ সম্বন্ধ বিচাৰ কৰা নহয় । 

কিন্তু পৰিশেষ প্রণালীত আনুসংগিক ঘটনাবােৰৰ কার্য – কাৰণ সম্বন্ধৰ জ্ঞানৰ সহায়তেই আলােচ্য বিষয়ৰ কার্যকাৰণ সম্বন্ধৰ অনুসন্ধান কৰা হয় । 

( গ ) ব্যতিৰেকী প্রণালী প্রয়ােগ কৰিবলৈ হ’লে আনুসংগিক ঘটনাবােৰৰ কার্য – কাৰণ সম্বন্ধৰ জ্ঞান আগতেই থাকিব লাগিব । 

( ঘ ) ব্যতিৰেকী প্রণালী পৰীক্ষণ প্রণালী । কিন্তু পৰিশেষ প্রণালী নিৰীক্ষণ আৰু পৰীক্ষণ প্রণালীৰ উভয়েই । ইয়াত দুয়ােটা প্রক্রিয়াৰে প্রয়ােগ হয় । 

( ঙ ) ব্যতিৰেকী প্রণালী গুণগত । কিন্তু পৰিশেষ প্রণালী মূলতঃ পৰিমাণগত । 

( চ ) ব্যতিৰেকী পদ্ধতি বা প্রণালী মূলতঃ আগমনাত্মক । কিন্তু পৰিশেষ প্রণালী কিছুপৰিমাণে নিগমনাত্মক । 

( ছ ) ব্যতিৰেকী পদ্ধতি বিজাতীয় কার্য সংমিশ্ৰণৰ ক্ষেত্ৰত প্রযােজ্য নহয় । কিন্তু পৰিশেষ পদ্ধতি সমজাতীয় কার্য সংমিশ্ৰণৰ ক্ষেত্ৰত বিশেষভাৱে প্রযােজ্য । 

( জ ) যথাযথভাৱে প্ৰয়ােগ কৰিলে ব্যতিৰেকী পদ্ধতিৰ দ্বাৰা সুনিশ্চিত কার্যকাৰণ সম্বন্ধ প্রতিষ্ঠা কৰিব পাৰি । কিন্তু পৰিশেষ প্রণালীয়ে আৱিষ্কাৰৰ প্রণালী হিচাপে অজ্ঞাত কাৰণ সম্বন্ধে এটা সংকেতহে দিব পাৰে । 

গতিকে দেখা যায় যে দুয়ােটা প্রণালী একে নীতিৰ ভিত্তিত প্রতিষ্ঠিত যদিও পৰিশেষ পদ্ধতি এটা স্বতন্ত্র পদ্ধতি । ই ব্যতিৰেকী প্রণালীৰ বিশেষ শুধৰণি নহয় ।

প্রশ্ন ৫। অন্বয়ী প্রণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা । এই অসুবিধাবােক কিদৰে আঁতৰাব পাৰি ? 

উত্তৰঃ অন্বয়ী প্রণালী বা পদ্ধতিৰ দুটা সুবিধা হল–

( ক ) অন্বয়ী পদ্ধতি প্রয়ােগক্ষেত্র অতি ব্যাপক । 

( খ ) অন্বয়ী প্রণালীৰ দ্বাৰা কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পাৰি । 

অন্বয়ী প্রণালীৰ দুটা অসুবিধা হ’ল– 

( ক ) প্রয়ােজনীয় দৃষ্টান্ত সংগ্ৰহৰ অসুবিধা । 

( খ ) দৃষ্টান্তবােৰৰ সঠিক বিশ্লেষণৰ অসুবিধা । 

অন্বয়ী প্রণালীৰ প্রধান দোষবােৰ প্রকৃতিগত যদিও দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰি , অন্বয়ী ব্যতিৰেকী পদ্ধতি প্রয়ােগ কৰি এই অসুবিধাবােৰ আঁতৰাব পাৰি । 

প্রশ্ন ৬। পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি মানে কি বুজা ? এই পদ্ধতিত জড়িত অপসৰণৰ তিনিটা সূত্র উল্লেখ কৰা । 

উত্তৰঃ আগমনৰ পদ্ধতিবােৰক পৰীক্ষণমূলক পদ্ধতি বােলা হয় । মিলৰ মতে এই পদ্ধতি পাঁচ প্ৰকাৰৰ –

( ক ) অন্বয়ী পদ্ধতি ।

( খ ) ব্যতিৰেকী পদ্ধতি ।

( গ ) মিশ্র পদ্ধতি বা অন্বয়ী ব্যতিৰেকী পদ্ধতি ।

( ঘ ) সহ – পৰিৱৰ্তন পদ্ধতি । আৰু 

( ঙ ) পৰিশেষ পদ্ধতি । 

যিবােৰ ক্ষেত্ৰত পৰীক্ষণ সম্ভৱ সেইবােৰ ক্ষেত্ৰতহে পৰীক্ষণ পদ্ধতি প্রয়ােগ কৰিব পাৰি । কিন্তু ইয়াত পৰীক্ষণ ’ শব্দটো সাধাৰণ অৰ্থত ব্যৱহাৰ হােৱা নাই । ই ‘অভিজ্ঞতা’ৰ অর্থতহে ব্যৱহৃত হৈছে । অভিজ্ঞতা নিৰীক্ষণ আৰু পৰীক্ষণ উভয় প্রকাৰৰ হ’ব পাৰে । গতিকে এই পদ্ধতিবােৰ পৰীক্ষণ আৰু নিৰীক্ষণ কৰিব পৰা উভয় ক্ষেত্ৰতেই প্রযােজ্য হ’ব পাৰে । 

এই পদ্ধতিৰ লগত জড়িত তিনিটা অপসৰণৰ সূত্ৰ হ’ল— 

( ক ) কার্যৰ কোনাে ক্ষতি নকৰাকৈ অগ্রৱর্তী ঘটনাৰ যি অংশ বাদ দিব পাৰি সেই অংশ । কার্যটোৰ কাৰণ বা কাৰণৰ অংশ হ’ব নােৱাৰে ।

( খ ) কার্যৰ কোনাে ক্ষতি নকৰাকৈ অগ্রৱর্তী ঘটনাৰ যি অংশ বাদ দিব নােৱাৰি সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংশ হ’বই লাগিব । কিয়নাে কাৰ্যটো কাৰণ নাথাকিলে নঘটে । 

( গ ) এটা পূর্বৱর্তী ঘটনাৰ হ্রাস-বৃদ্ধিৰ লগত যদি অনুৱর্তী ঘটনাৰ হ্রাস – বৃদ্ধি হয় , তেনেহ’লে ঘটনা দুটা কার্যকাৰণ সম্বন্ধেৰে সম্বন্ধিত হব । 

প্রশ্ন ৭। অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ এটা স্থায়ী উদাহৰণ দিয়া । এই পদ্ধতিক কিয় দ্বৈত অম্বয়ী পদ্ধতি বুলি কোৱা হয় ? 

উত্তৰঃ অন্বয়ী ব্যতিৰেকী প্রণালী বা পদ্ধতিৰ এটা স্থায়ী উদাহৰণ হ’ল — ফৰাচী সৈন্যৰ জয়লাভৰ কাৰণ অন্বেষণ কৰিব লাগে । প্রথমতে ফৰাচী সৈন্যই জয়লাভ কৰা কেইখনমান যুদ্ধৰ দৃষ্টান্ত সংগ্রহ কৰা হ’ল । বিশ্লেষণ কৰি দেখা গ’ল যে প্রত্যেকখনেই নেপলিয়নে নিজে উপস্থিত থাকি সৈন্য আৰু যুদ্ধ পৰিচালনা কৰিছিল । ইয়াৰ পিছত ফৰাচী সৈন্যই পৰাজয়বৰণ কৰা কেইখনমান যুদ্ধৰ দৃষ্টান্ত সংগ্রহ কৰা হ’ল । বিশ্লেষণ কৰি দেখা গ’ল যে প্রত্যেকখনতেই নেপলিয়ন অনুপস্থিত আছিল । গতিকে সিদ্ধান্ত কৰা হ’ল যে নেপলিয়নৰ নিপুণ সৈন্য পৰিচালনাই ফৰাচী সৈন্যৰ জয়লাভৰ কাৰণ । 

এই প্রণালীক অন্বয়ী ব্যতিৰেকী পদ্ধতি বুলি অভিহিত কৰা হয় । কাৰণ ইয়াত সদর্থক আৰু নঞর্থক দুই ধৰণৰ দৃষ্টান্ত লাগে । এই দুই শ্ৰেণীৰ দৃষ্টান্ত পার্থক্যটোৱেই কার্য – কাৰণ সম্বন্ধৰ মূল বিষয় । মিলে এই প্রণালীক পৰােক্ষ ব্যতিৰেক প্ৰণালী বুলিও অভিহিত কৰে । 

কিন্তু উদাহৰণৰ সৈতে এই প্রণালীৰ প্রকৃত আলােচনাৰ পৰা দেখা যায় যে এই পদ্ধতি প্রকৃততে অন্বয়ী পদ্ধতিৰে প্ৰকাৰভেদ মাত্র । সদর্থক দৃষ্টান্তত উপস্থিতিৰ অন্বয় আৰু নঞর্থক দৃষ্টান্তত অনুপস্থিতিৰ অন্বয় বা মিলৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত কার্যকাৰণ সম্বন্ধ নির্ণয়ৰ প্রচেষ্টা কৰা হয় । গতিকে ইয়াত অন্বয়ী প্রণালীৰ দ্বৈত প্রয়ােগ কৰা হয় । 

প্রশ্ন ৮। পৰিশেষ প্রণালী বুলিলে কি বুজা ? পৰিশেষ পদ্ধতিটো অনুমিত নে ? 

উত্তৰঃ পৰিশেষ পদ্ধতি বা প্রণালী অপসৰণৰ নিম্ন লিখিত সূত্রৰ ওপৰত প্রতিষ্ঠিত । “ যি ঘটনা কোনাে এটা কার্যৰ কাৰণ , সি আন কোনাে বেলেগ কার্যৰ কাৰণ হ’ব নােৱাৰে । ” পৰিশিষ্ট অংশৰ বা অৱশিষ্ট অংশৰ ভিত্তিত কার্যকাৰণ সম্বন্ধ প্রতিষ্ঠা কৰা হয় বাবে এই পদ্ধতিক পৰিশেষ প্রণালী বােলে । জটিল ঘটনাবােৰৰ কোন কোন অংশ পূর্বৱর্তী ঘটনাৰ কোন কোন অংশৰ কার্য যদি তাক জনা থাকে তেনেহ’লে পৰিশেষ প্রণালী প্রয়ােগ কৰি জটিল ঘটনাৰ অৱশিষ্টাংশৰ কাৰণ নির্ণয় কৰিব পাৰি । মেলােনে ইয়াক অজ্ঞাত কাৰণ আৱিষ্কাৰৰ সংকেত বুলি অভিহিত কৰে । 

পৰিশেষ প্রণালীত নিগমনাত্মক প্রক্রিয়াৰ মাত্রা আন প্রণালীবােৰতকৈ কিছু বেছি যদিও ই সম্পূর্ণৰূপে নিগমনাত্মক নহয় । ই প্ৰকৃততে আন প্রণালীবােৰৰ দৰে আগমনাত্মক । এই প্রণালী প্রয়ােগৰ বাবে পূর্ব জ্ঞানৰ দৰকাৰ হয় । যেতিয়া জটিল ঘটনাৰ বেছি অংশ জ্ঞাত কাৰণৰ দ্বাৰা তেতিয়া বাকী থকা অংশটোৰ কাৰণ নির্ণয় কৰিবলৈ একমাত্র পৰিশেষ প্রণালীৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হয় । ইয়াৰ সঠিক প্রয়ােগৰ ফলত বৈজ্ঞানিক ক্ষেত্ৰত নতুন নতুন তথ্যৰ আৱিষ্কাৰ হৈছে । এই প্রণালীৰ দ্বাৰা কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ উভয় দিশতে অনুসন্ধান চলাব পাৰি । জটিল আৱিষ্কাৰৰ ক্ষেত্ৰত এই প্রণালীয়ে সহায় কৰে । এই প্রণালী প্রমাণৰ প্রণালী হােৱাৰ লগতে আৱিষ্কাৰৰ প্ৰণালী হােৱাও দেখা যায় । যিহেতু এই প্রণালী বা পদ্ধতি আগমন পদ্ধতি এটা স্বতন্ত্র পদ্ধতি আৰু আগমন অনুমানৰেই এটা প্ৰকাৰ গতিকে পৰিশেষ পদ্ধতি অনুমিত ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top