Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি

Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি and select needs one.

Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। কেবিনেট মিছনৰ সিদ্ধান্ত সমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ কেবিনেট মিছনৰ দল ১৯৪৬ চনত ভাৰতলৈ আহে । মিছনে কংগ্ৰেছ আৰু লীগৰ মাজত আলােচনা চলায় । কিন্তু আলােচনা সফল নহ’ল । সেয়ে কেবিনেট মিছনে নিজাববীয়াকৈ এখন আঁচনি দাঙি ধৰে । এই আঁচনি অনুসৰি— 

( ক ) ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ হৈ থাকিব । ইয়াৰ কোনাে বিভাজন নঘটে ।

( খ ) ভাৰতৰ কাৰণে এখন যুক্তৰাষ্ট্ৰীয় চৰকাৰ থাকিব । সেই চৰকাৰে প্ৰতিৰক্ষা , পৰিবহণ , আৰু বৈদেশিক বিষয়ৰ তদাৰক কৰিব । 

( গ ) প্রদেশবােৰক ‘ ক ’ ,  ‘ খ ’ আৰু ‘ গ ’ নামেৰে তিনিটা গ্রুপ বা ভাগত ভাগ হ’ব ।

( ঘ ) এই গ্রুপ বা ভাগ অনুসৰি– 

( ১ ) মাদ্রাজ , বােম্বাই , সংযুক্ত প্রদেশ , বিহাৰ , মধ্যপ্রদেশ আৰু উৰিষ্যা ‘ ক ’ গ্রুপ বা ভাগত থাকিব । 

( ২ ) পঞ্জাৱ আৰু উত্তৰ পশ্চিম সীমান্ত প্রদেশ ‘খ’ গ্রুপ বা ভাগত থাকিব । 

( ৩ ) আনহাতে বংগ আৰু অসম ‘ গ ’ গ্রুপ বা ভাগত থাকিব । 

( ঙ ) সংবিধান সভা আৰু গৱৰ্ণৰ জেনেৰেলৰ কার্যনির্বাহক পৰিষদৰ পৰিবৰ্তে এটা অন্তৱর্তী কালীন চৰকাৰ থাকিব বুলি কেবিনেট মিছনে ঘােষণা কৰিছিল । কিন্তু কংগ্ৰেছ আৰু লীগে এনে প্রস্তাৱ গ্ৰহণ নকৰাত মিছনৰ প্ৰস্তাৱ ব্যর্থ হৈছিল । 

প্রশ্ন ২। দ্বি – জাতীয় সূত্ৰৰ উদ্ভাৱক কোন ? ইয়াৰ গ্রহণযােগ্যতা থকা বুলি ভাবানে ? 

উত্তৰঃ দ্বি – জাতীয় সূত্রৰ উদ্ভাৱক হ’ল পাকিস্তান ৰাষ্ট্রৰ শ্ৰষ্টা আলি জিন্না । তেওঁৰ মতে ভাৰতবৰ্ষত হিন্দু আৰু মুছলমান নামে দুটা জাতিয়ে কাম কৰি আহিছে । এই দুয়ােটা ফৈদে পৰম্পৰে পৰস্পৰৰ পৰা পৃথক বুলি দাবী কৰি তেওঁ এই সূত্র মতে ভাৰতবর্ষ বিভাজনৰ সপক্ষে মত পােষণ কৰিছিল । কিন্তু অতীত বুৰঞ্জীৰ পৰা চালে জিন্নাৰ এই সূত্ৰৰ গ্রহণযােগ্যতা নাই কাৰণ–

( ক ) মধ্য যুগত বা মােগল যুগত হিন্দু – মুছলমান উভয়ে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ দি আহিছিল । 

( খ ) দুয়ােটা সম্প্রদায়ে প্রাচীন ভাৰতীয় সংস্কৃতিৰ প্রতি শ্রদ্ধাশীল আছিল । উদাহৰণ হিচাপে উভয়ৰ ধৰ্মস্থান সমূহৰ প্রতি দুয়ােটা সম্প্রদায়ে সম্মান প্রদর্শন কৰিছিল । 

( গ ) জাতীয় আন্দোলনৰ সময়ত হিন্দু – মুছলমান লােকসকল ইংৰাজৰ দ্বাৰা প্রতাড়িত হৈ আহিছিল ।

( ঘ ) শেষত দ্বি – জাতীয় সূত্রই ভাৰতীয় জাতীয়তাবাদৰ ওপৰত আঘাত হানিছিল । 

প্রশ্ন ৩। ক্রীপছ মিছনৰ প্ৰস্তাৱ সমূহৰ বিষয়ে চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে জার্মানী আৰু ইটালীৰ পক্ষ লােৱাত ব্রিটিছ চৰকাৰ বৰ শংকিত হৈ পৰিছিল । ইফালে আজাদ হিন্দ ফৌজৰ নেতা সুভাষচন্দ্র বসুৱেও জাপানৰ লগত মিত্রতা স্থাপন কৰি ভাৰতৰ ইংৰাজ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিছিল । ফলত ভাৰতৰ নিৰাপত্তাৰ প্ৰশ্নটো অধিক জটিল হৈ পৰিছিল । এনে পৰিস্থিতিত ভাৰতীয় জনসাধাৰণক সন্তুষ্ট কৰাৰ কাৰণে প্রধানমন্ত্রী উইনস্টন চার্চিলে ব্রিটিছ সংসদৰ সমৰ পৰিষদৰ সদস্য ছাৰ ষ্টাৰফোর্ড ক্রীপছক ১৯৪২ খ্রীঃত ভাৰতলৈ প্ৰেৰণ কৰে । ক্রীপছে ভাৰতীয় নেতৃবৰ্গৰ লগত আলােচনাত মিলিত হ’ল আৰু কেইটামান প্রস্তাৱ গ্ৰহণ কৰে । এই প্রস্তাৱ অনুসৰি –

( ক ) আত্ম নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে ভাৰতীয় ইউনিয়ন গঠন কৰা ।

( খ ) ভাৰতৰ প্ৰতিৰক্ষাৰ দায়িত্ব ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত থকা ।

( গ ) যুদ্ধৰ শেষত ভাৰতীয় প্রতিনিধি বর্গক লৈ  গঠিত সংবিধান সভাই নতুন শাসনতন্ত্র ৰচনাৰ দায়িত্ব দিয়া । কিন্তু ক্রীপছৰ এই প্রস্তাবে মুছলিম লীগ আৰু কংগ্ৰেছৰ নেতৃবৰ্গক সন্তুষ্ট কৰিব নােৱাৰিলে ।

প্রশ্ন ৪। প্রত্যক্ষ সংগ্ৰামৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ কেবিনেট মিছনৰ পৰামর্শৱলীৰ এক মিশ্রিত প্রতিক্রিয়া দেখা দিয়ে । ১৯৪৬ খ্রীঃৰ ৫ জুন তাৰিখে জিন্নাই পাকিস্তানৰ দাবী বাহাল ৰাখি কেবিনেট আঁচনি গ্ৰহণ কৰে । ইতিমধ্যে ১৯৪৬ খ্রীঃৰ জুলাই মাহত কেবিনেট মিছনৰ পৰামর্শৱলীৰ ভিত্তিত সংবিধান সভাৰ নির্বাচন অনুষ্ঠিত হয় । মুঠতে ২১৬ জনীয়া সাংবিধানিক সভাৰ ২১১ জন সদস্যৰে কংগ্ৰেছে আনুগত্য লাভ কৰে । ইয়াতে নিৰাশ হৈ জিন্নাই পাকিস্তান লাভৰ কাৰণে ১৯৪৬ খ্রীঃৰ ১৬ আগষ্টত মুছলমান সম্প্রদায়ক ‘ প্রত্যক্ষ সংগ্রাম ’ ( DirectAction ) নির্দেশ দিয়ে । এই প্রত্যক্ষ সংগ্রাম ফলত বংগ , বিহাৰ আৰু পঞ্জাৱত হিন্দু – মুছলমানৰ মাজত ভয়াৱহ সাম্প্রদায়িক সংঘর্ষই দেখা দিয়ে । হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটে । উল্লেখযােগ্য যে অকল কলিকতাতে প্রায় সাত হাজাৰ মানুহৰ মৃত্যু ঘটিছিল । 

প্রশ্ন ৫৷ ৱাভেল পৰিকল্পনাৰ বিষয়ে চমুকৈ বর্ণনা কৰা ৷ 

উত্তৰঃ ১৯৪৩ খ্রীঃত লর্ড ৰাভেল ভাৰতৰ ভাইৰয় বা গৱৰ্ণৰ জেনেৰেল নিযুক্ত হয় । ইতিমধ্যে সাম্প্রদায়িকতাৰ ভিত্তিত দেশখন বিভাজন কৰাৰ কাৰণে জিন্নাই প্রচেষ্টা চলাই আহিছিল । আনহাতে , দ্বিতীয় মহাযুদ্ধত জার্মানীৰ পতন ঘটিল যদিও জাপানৰ লগত মিত্রপক্ষৰ যুদ্ধ চলি আছিল । গতিকে সামগ্রিকভাৱে দক্ষিণ – পূর্ব এছিয়া মহাদেশৰ সামৰিক গুৰুত্বৰ কথা উপলব্ধি কৰি ভাৰতক সন্তুষ্ট কৰাৰ কাৰণে ইংৰাজ চৰকাৰে এক প্রচেষ্টা হাতত লয় । লর্ড ৱাভেলে ইংৰাজ মন্ত্রী সভাৰ লগত আলােচনা কৰি ভাৰতৰ কাৰণে এক পৰিকল্পনাৰ কথা ঘােষণা কৰে । এই অনুসৰি –

( ক ) ভাৰতৰ নতুন সংবিধান ৰচিত নােহােৱা পর্যন্ত এক অন্তৱর্তী চৰকাৰ গঠন কৰা । 

( খ ) একমাত্র ভাইচৰয় আৰু প্রধান সেনাপতিৰ বাদে পৰিষদৰ সকলাে সদস্য ভাৰতীয় কৰা । 

( গ ) ভাইচৰয়ৰ কার্যনির্বাহক পৰিষদ বর্গত হিন্দু আৰু মুছলমান সদস্য সমান কৰা । উক্ত পৰিকল্পনাৰো ঘােষণা কৰি ১৯৪৫ খ্রীঃৰ জুন মাহত চিমলাত এক সর্বদলীয় বৈঠক বহে । কিন্তু আলি জিন্না আৰু সংসদৰ মাজত উক্ত পৰিকল্পনাবােৰৰ ৰূপায়ণৰ ক্ষেত্ৰত মত বিৰােধ ঘটে । ফলত চিমলা বৈঠক বিফল হয় । 

প্রশ্ন ৬। লর্ড মাউণ্টবেটেনৰ আঁচনিৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ লর্ড মাউন্ট বেটেনক ১৯৪৭ খ্রীঃৰ মাৰ্চ মাহত লর্ড ৱাভেলৰ ঠাইত ভাইচৰয় হিচাপে ভাৰতলৈ পঠিয়ায় । মাউন্ট বেটেনে ভাৰতৰ শাসনভাৰ গ্ৰহণ কৰিয়েই ক্ষমতা হস্তান্তৰৰ বিষয়ে লীগৰ নেতা আৰু কংগ্রেছৰ নেতৃবৃন্দৰ লগত আলাপ – আলােচনা আৰম্ভ কৰে । সেয়ে ভাৰত্বৰ্ষক দ্বিখণ্ডিত কৰাৰ বাহিৰে বিকল্প উপায় নাই । শেষত তেওঁ ১৯৪৭ খ্রীঃৰ ৩ জুনত এক অতিশয় গুৰুত্বপুর্ণ আঁচনি ।দাঙি ধৰে । এই আঁচনি অনুসৰি– 

( ক ) বংগ আৰু পঞ্জাৱৰ কোন কোন অংশ পাকিস্তানৰ সৈতে সংযুক্ত হ’ব তাক নির্ধাৰণ কৰাৰ এক সীমা নির্ধাৰণ আয়ােগ নিয়ােগ কৰা হ’ব । 

( খ ) ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত প্রজাতন্ত্র আৰু পাকিস্তান এই দুখন ৰাষ্ট্র প্রতিষ্ঠিত হ’ব । 

( গ ) উত্তর – পশ্চিম সীমান্ত প্রদেশ আৰু অসমৰ চিলেট জিলাৰ ভৱিষ্যৎ গণভােটৰ জৰিয়তে ঠিক কৰা হব । 

( ঘ ) মুছলমান প্রধান প্রদেশবােৰে বেলেগ সংবিধান সভা গঠন কৰিব পাৰিব । 

( ঙ ) ভাৰতক দ্বিখণ্ডিতৰ ব্যৱস্থা পূর্ণ হােৱাৰ লগে লগে ব্রিটিছ সংসদে ডমিনিয়ন সৃষ্টিৰ বাবে প্রয়ােজনীয় আইন প্রণয়ন কৰি ভাৰত বিভাজন পৰিকল্পনা ভাৰতীয় নেতৃবৰ্গ আৰু জনসাধাৰণৰ মনঃপূত হােৱা নাছিল । যদিও ইয়াৰ প্ৰয়ােজনীয়তা কোনেও উলাই কৰিব পৰা নাছিল । আঁচনিখন প্রকাশ পােৱাৰ দিনাখনেই নেহৰু , বলদেৱ সিং , আলি জিন্নাই অনার্তাৰ যােগে দেশবাসীকতাৰ প্রতি সম্মান জনাবলৈ আবেদন কৰে ৷ ১৯৪৭ খ্রীঃৰ ১৮ জুলাইত ব্রিটিছ সংসদে ভাৰত স্বাধীনতা আইন গৃহীত কৰে । অৱশেষত ১৯৪৭ খ্রীঃৰ ১৫ আগষ্টত ইয়াৰ ভেটিতে ভাৰতবৰ্ষ দুখন ৰাষ্ট্ৰত বিভক্ত হয় । 

প্রশ্ন ৭। গান্ধীজীয়ে ভাৰত বিভাজনৰ কিয় বিৰােধিতা কৰিছিল ? অথবা , গান্ধীজীয়ে ভাৰত বিভাজনৰ বিৰুদ্ধে কেনে যুক্তি আগবঢ়াইছিল আলােচনা কৰা । 

উত্তৰঃ হিন্দু আৰু মুছলমানৰ মাজত গঢ়ি তােলা সম্প্রীতিৰ মাজেৰে গান্ধীজীৰ নেতৃত্বত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন প্রবাহিত হৈছিল । এই ক্ষেত্ৰত গান্ধীজী সফলাে হৈছিল । সেয়ে গান্ধীজীয়ে ভাৰত বিভাজনৰ কথা মানি লব পৰা নাছিল । ইয়াৰ বিৰুদ্ধে তেওঁ নানা ধৰণৰ যুক্তি প্রদর্শন কৰা দেখা যায় । 

গান্ধীজীয়ে মত পােষণ কৰি কৈছিল যে তেওঁৰ মৃতদেহ গচকিহে ভাৰত বিভাজন সম্ভৱ হ’ব এখন প্রার্থনা সভাত ১৯৪৮ চনৰ ৭ চেপ্তেম্বৰ তাৰিখে তেওঁ এই বুলি মত পােষণ কৰিছিল । গান্ধীজীৰ ধাৰণা মতে ইছলাম ধৰ্মই হিন্দু – মুছলমানৰ মাজত কেতিয়াও বিভাজনৰ সীমাৰেখা টনা নাই । তেওঁ লীগৰ নেতা সকলক হিন্দুসকলক শত্রুজ্ঞান নকৰাৰ বাবেও পৰামৰ্শ আগবঢ়াইছিল । কাৰণ হিন্দু আৰু মুছলমান উভয়ে একে ভূমিতে জন্ম গ্রহণ কৰিছে । গতিকে ভাষা , ধর্ম , সংস্কৃতি , খাদ্য আৰু বসবাসৰ ক্ষেত্ৰত দুই সম্প্রদায়ৰ মাজত কোনাে ভেদা – ভেদ নাই । 

ভাৰত বিভাজনৰ প্রশ্নক লৈ হােৱা সাম্প্রদায়িক সংঘর্ষ জড়িত ঠাইবােৰ গান্ধীজীয়ে নিজে ভ্ৰমণ কৰি সেইবােৰ অঞ্চলত শান্তি স্থাপনৰ কাৰণে কঠোৰ ত্যাগ স্বীকাৰ কৰিছিল । গান্ধীজীৰ মতে এনে সাম্প্রদায়িক সংঘর্ষ স্থান অতি ক্ষন্তেকীয়া । পুনৰ হিন্দু আৰু মুছলমানে কান্ধত কান্ধ মিলাই ভাৰতৰ পৰা ইংৰাজক বিতাৰণ কৰিব বুলি গান্ধীজীয়ে গভীৰভাৱে আশা কৰিছিল । 

গান্ধীজীৰ মতে মুছলিম লীগে উত্থাপন কৰা পাকিস্তানৰ দাবী আছিল অ – ইছলামীয় নীতি । তেওঁ মুছলিম লীগৰ এনে দাবী পাপ কার্য বুলি ক’বলৈও কুণ্ঠাবােধ কৰা নাছিল । কাৰণ তেওঁৰ মতে ইছলাম ধৰ্মই সদায় ভাতৃত্ববােধৰ হকে কাম কৰি আহিছে । সেয়ে ভাৰত বিভাজনৰ সপক্ষে মাত মতা লােকসকল ইছলাম আৰু ভাৰতৰ শত্ৰু বুলি তেওঁ অভিহিত কৰিছিল । তেওঁৰ এনে মন্তব্য প্রতিবাদত তেওঁৰ দেহ খণ্ড বিখণ্ডকৈ কাটিব পাৰিব যদিও তেওঁৰ আদৰ্শক আঘাত কৰি কোনাে লােকে শান্তি নাপাব বুলিও গান্ধীজীয়ে দৃঢ়তাৰে ঘােষণা কৰিছিল । সত্তৰ বছৰীয়া গান্ধীজীয়ে বিন্দু মাত্রও নিজৰ আদৰ্শ আৰু নীতিৰ পৰা কক্ষচ্যুত হ’বলৈ বিচৰা নাছিল । গান্ধীজীৰ এনে কাৰ্যৰ মাজেদি তেওঁৰ নিজ আদর্শ , ব্যক্তিত্ব আৰু নিস্বার্থ মনােভাৱৰ পৰিচয় পাব পাৰি । 

প্রশ্ন ৮। ভাৰত বিভাজনত গান্ধীজীৰ স্থিতি বিশ্লেষণ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা । প্ৰয়োজন অনুসৰি ওপৰৰ ৭ নং প্রশ্নোত্তৰটো চাই লবা ।

প্রশ্ন ৯। ভাৰত বিভাজনৰ বিৰুদ্ধে গান্ধীজীয়ে কি কি যুক্তি আগবঢ়াইছিল আলোচনা কৰা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা । প্ৰয়োজন অনুসৰি ওপৰৰ ৭ নং প্রশ্নোত্তৰটো চাই লবা ।

প্রশ্ন ১০। ১৯৪৬-৪৭ চনৰ সময়ছােৱাত গান্ধীজীয়ে কি কৰিছিল ? অথবা , প্রত্যক্ষ সংগ্ৰামৰ সময়ত গান্ধীজীয়ে কি কৰিছিল ? 

উত্তৰঃ কেবিনেট মিছনৰ ব্যর্থতাৰ পিছত মুছলিম লীগে স্বাধীন পাকিস্তান ৰাষ্ট্রৰ দাবীত ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে ‘প্রত্যক্ষ সংগ্রাম ‘ ৰ কথা ঘােষণা কৰে । ইয়াৰ ফলত বংগ দেশৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত সাম্প্রদায়িক সংঘর্ষ বিয়পি পৰে । এনে সাম্প্রদায়িক সংঘৰ্ষৰ ফলত গােটেই দেশতে ধন – জনৰ বিস্তৰ ক্ষতি সাধন হয় । 

বংগদেশৰ নােৱাখলিত এনে সাম্প্রদায়িক সংঘর্ষই ব্যাপক ৰূপ ধাৰণ কৰিছিল । এনে সাম্প্রদায়িক সংঘর্ষত গান্ধীজী মর্মাহত হৈ পৰিছিল । জনসাধাৰণৰ মাজত পুনৰ মিলা – প্রীতি স্থাপনৰ উদ্দেশ্যে গান্ধীজী তেওঁৰ অনুগামী সকলৰ সৈতে নােয়াখালিলৈ যাত্ৰা কৰিছিল । তেওঁ দুই সম্প্রদায়ৰ উগ্র জাতীয়তাবাদী সকলক সংযম হৈ থকাৰ কাৰণে আহ্বান জনাইছিল । তেওঁৰ এনে প্ৰচেষ্টাত হিন্দু মুছলমান উভয় সম্প্রদায়ৰ লােকে সহযােগ আগবঢ়াইছিল । 

গান্ধীজীয়ে গােটেই জীৱন হিন্দু – মুছলমানৰ মাজত একতা স্থাপনৰ হকে কাম কৰি গৈছিল । এই কার্যৰ বাবেই তেওঁ আততায়ীৰ হাতত প্রাণ বলিদান দিছিল । তথাপিও নিজৰ নীতি আৰু আদৰ্শৰ পৰা অকণাে বিচলিত হােৱা নাছিল । 

প্রশ্ন ১১। ১৯৩৭ চনৰ প্রাদেশিক নির্বাচনৰ বিষয়ে আলােচনা কৰা । অথবা , ভাৰত বিভাজনত ১৯৩৭ চনৰ নির্বাচনে কেনে প্ৰভাৱ পেলাইছিল আলােচনা কৰা । 

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ ধাৰা মতে ১৯৩৭ চনত প্রাদেশিক নির্বাচন অনুষ্ঠিত হয় । এই নির্বাচনত মাত্র দহৰ পৰা বাৰ শতাংশ লােকেহে অংশগ্রহণ কৰাৰ সুবিধা লাভ কৰিছিল । এই নির্বাচনৰ ফল অনুসৰি— 

( ক ) এই নির্বাচনত কংগ্ৰেছে এঘাৰখন প্রদেশৰ ভিতৰত পাঁচখনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল । 

( খ ) এঘাৰখন প্রদেশৰ ভিতৰত কংগ্ৰেছে ইয়াৰ সাতখন প্রদেশত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল । 

( গ ) আনহাতে মুছলিম লীগে এই নির্বাচনত বেয়া ধৰণে পৰাজিত হৈছিল । মুছলমান অধ্যুষিত উত্তৰ – পূৱ সীমান্ত প্রদেশ , বেংগল , পঞ্জাৱ আৰু সিন্ধু প্রদেশত মুছলিম লীগৰ প্রতি সঁহাৰি আছিল অতি দুখ:লগা , মাত্র ৪.৪ শতাংশ লােকেহে এই নির্বাচনত ভােট প্রদান কৰিছিল । এনে কার্যত মুছলিম লীগ হতাশ হৈ পৰিছিল । 

( ঘ ) উত্তৰ – পূব – সীমান্ত প্রদেশত মুছলিম লীগে এখনাে আসন লাভ কৰিবলৈ সক্ষম নহ’ল । 

( ঙ ) পঞ্জাৱ প্ৰদেশৰ ৮৪ খন আসনৰ ভিতৰত লীগে মাত্র দুখন আসনত জয় লাভ কৰে । 

( চ ) ঠিক তেনেদৰে সিন্ধু প্রদেশত ৩৩ খন আসনৰ ভিতৰত লীগে মাত্র তিনিখন লাভ কৰে । 

( ছ ) ১৯৩৭ চনৰ প্রাদেশিক নির্বাচনে মুছলিম লীগৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিছিল । কাৰণ এনে পৰাজয়ে তেওঁলােকক সুকীয়া পাকিস্তান দাবীৰ পথ সুগম কৰি তুলিছিল । ১৯৩৭ চনৰ নিৰ্বাচনৰ ফলাফল হিচাপে পিছলৈ ১৯৪৬ চনত স্বাধীন পাকিস্তানৰ দাবীত মুছলিম লীগে প্রত্যক্ষ সংগ্ৰামৰ কথা ঘােষণা কৰিছিল । 

প্রশ্ন ১২। ভাৰত বিভাজনৰ কাৰণ সমূহ কি আছিল ?

উত্তৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমগ্ৰ ঘটনাৱলী আলােচনা কৰিলে দেখা যায় যে প্রধানত ইংৰাজ সকলৰ বিভাজন নীতিয়ে আছিল ভাৰত বিভাজনৰ মুখ্য কাৰণ । ভাৰত বিভাজন বা পাকিস্তানৰ জন্মৰ বীজ ১৯০৬ চনতে ৰােপণ কৰা হৈছিল । মুছলীম লীগ গঠন হােৱাৰ পিছত কংগ্ৰেছৰ বিপক্ষে মত দিয়া আৰু বৃটিছ চৰকাৰক পাকে – প্রকাৰান্তৰে সমর্থন যােগােৱাটো লীগৰ প্রধান উদ্দেশ্য আছিল । কিন্তু লীগে বৃটিছসকলৰ সহযােগ আৰু সমর্থন পাই নিজৰ দাবীক জোৰদাৰ কৰিছিল । 

তেওঁলােকে সদায় মুছলিম সকলৰ বাবে স্বায়ত্ত শাসন বিচাৰিছিল আৰু ১৯৪০ চনৰ লীগৰ প্ৰস্তাৱমতে ভাৰতৰ মুছলমান প্রধান বসতি অঞ্চলবাৰক স্বায়ত্ত শাসন ( Autonomy ) দিবলৈ বৃটিছক জোৰ দিছিল । তেতিয়ালৈ ভাৰত বিভাজনক তেওঁলােকৰ দাবীৰ অন্তৰ্গত কৰা নাছিল । পিছলৈ লীগৰ অবিসম্বাদীয় নেতা জিন্নাই তেওঁৰ দাবীত অটল হৈ থাকিল – যাতে কংগ্ৰেছে তেওঁলােকে বিচৰা মতে কামবােৰ কৰিব নােৱাৰে আৰু যিমান পৰা যায় মুছলিমসকলৰ বাবে বিশেষ সুবিধা লাভ কৰিব পাৰে । ভাৰত ত্যাগ আন্দোলনৰ পিছত বৃটিছে বুজিলে যে তেওঁলােকে ভাৰত এৰিবই লাগিব । সেয়ে ভাৰতক দুর্বল কৰাটো বৃটিছৰ উদ্দেশ্য আছিল ; সেয়ে ভাৰতক বিভাজন কৰিবৰ বাবেই ভাৰত আৰু পাকিস্তানক দুই ভাগত ভগাই থৈ গ’ল । 

প্রশ্ন ১২। মহিলা সকলৰ ভাৰত বিভাজনৰ অভিজ্ঞতা কেনেকুৱা আছিল ?

উত্তৰঃ ভাৰত বিভাজনৰ সময়ত ভাৰতীয় মহিলা সকলৰ অভিজ্ঞতা অতি কৰুণ আছিল । কাৰণ ভাৰতীয় মহিলাসকল ভাৰত বিভাজনৰ ফলত নানা ধৰণে আক্রান্ত হৈ পৰিছিল । ইয়াৰ ফল হিচাপে ৰালপিণ্ডিৰ এখন গাঁৱৰ প্ৰায় নৱৈ গৰাকী মহিলাই নিজৰ সন্মান বচোৱাৰ কাৰণে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল ৷ তাৰ পৰা ভাগি আহি দিল্লীত থাকিবলৈ লােৱা শিখ সকলে আজিও গুৰু দ্ৰাৰত তেওঁলােকৰ স্মৃতিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁলােকে দেখুৱাই যােৱা এনে সাহসৰ আদর্শ অনুসৰণ কৰিবলৈ এই ঘটনাই শিখ মহিলাসকলক অনুপ্রাণিত কৰি আহিছে । 

প্রশ্ন ১৩। গান্ধীজীক জনগণৰ নেতা হিচাপে কিয় গণ্য কৰা হৈছিল , আলােচনা কৰা ।

উত্তৰঃ গান্ধীজীক জনগণৰ নেতা হিচাপে গণ্য কৰাৰ কাৰণবােৰ হ’ল— 

( ক ) দেশৰ সৰহ সংখ্যক লােকে ঐশ্বৰীক শক্তিৰূপে তেওঁক পূজা কৰিবলৈ ধৰিছিল । 

( খ ) তেওঁক জনসাধৰণে এজন সাধাৰণ মানৱৰ পৰিৱর্তে মহাত্মা বা ঋষি হিচাপে প্রতিষ্ঠা কৰিছিল । 

( গ ) গান্ধীজীক আদর্শ হিচাপে লৈ দেশৰ সকলাে জনসাধাৰণ তেওঁৰ নেতৃত্বত সংগঠিত হৈছিল । 

( ঘ ) গান্ধীজীক এজন গৰীৱ বা সাধাৰণ মানুহৰ হিতাকাঙক্ষী হিচাপে সাধাৰণ মানুহে গণ্য কৰিছিল । 

প্রশ্ন ১৪। মৌখিক উৎস বুলিলে কি বুজা ? ভাৰত বিভাজনৰ বুৰঞ্জী প্রণয়নত এই উৎসই কেনেদৰে সহায় কৰে ? 

উত্তৰঃ মৌখিক সমল বিলাকৰ পৰা ঐতিহাসিকসকলে চৰকাৰী নথি – পত্ৰৰ ঠেক গণ্ডীৰ পৰা ওলাই সজীৱ অভিজ্ঞতাবােৰ সংগ্ৰহ কৰি বুৰঞ্জী অধ্যয়নৰ পৰিসৰ বহলাব পাৰে । মৌখিক সমলে পৰম্পৰাগত ইতিহাস অধ্যয়নৰ ধাৰাটো সলনি কৰিব পাৰিছে । কাৰণ বিভাজনৰ সময়ৰ ভুক্তভােগী লােকৰ পৰাহে সকলাে ঘটনাৰ বিষয়বস্তু জানিব পাৰি । অৱশ্যে মৌখিক সমলবােৰ চালি – জাবি চোৱা প্রয়ােজন । কাৰণ স্মৃতিয়ে বহু সময়ত মানুহক কোনাে কথাৰপৰা বঞ্চিত কৰিব পাৰে । অর্থাৎ মানুহে পাহৰিব পাৰে বা মুখে চলি অহা কথা বা কাহিনী ঠেকহীন হ’ব পাৰে । 

তথাপিও মৌলিক সমলৰ গুৰুত্ব সদায় বেছি । কাৰণ চৰকাৰী টোকা লিখিত হলেও বহু সময়ত সেইবােৰ পক্ষপাত দুষ্ট হােৱাৰ বহুতাে প্রমাণ পােৱা যায় । সেইবােৰ নিৰপেক্ষ নহয় । সেয়েহে জনসাধাৰণক বাস্তৱ অভিজ্ঞতা ভিত্তিক মৌলিক সমল অধিক গ্রহণযােগ্য ।

প্রশ্ন ১৫৷ বুৰঞ্জীবােৰৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ বুৰঞ্জী বা ইতিহাসৰ গুৰুত্ব অসীম বুলি কোৱা হয় । অতীতৰ ঘটনা ৰাজিৰ সকলাে দিশ বিজ্ঞান সন্মতভাৱে অধ্যয়ন আৰু বিশ্লেষণ কৰাই হ’ল বুৰঞ্জীৰ মূল বিষয় বস্তু । মৌখিক সমলৰ পৰা ঐতিহাসিক সকলাে চৰকাৰী নথিপত্ৰৰ ঠেক গম্ভীৰ পৰা ওলাই আহি বাস্তৱ অভিজ্ঞতাবােৰ সংগ্ৰহ কৰি বুৰঞ্জী অধ্যয়নৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি । ভাৰত বিভাজনৰ মৌখিক সমলে পৰাম্পৰাগত ইতিহাস অধ্যয়নৰ ধাৰাটো সলনি কৰিব পাৰিছে । ইতিহাসত ঘটি যােৱা সৰু – বৰ সকলােবােৰ ঘটনাৰ গুৰুত্ব অতি অসীম আৰু সেইবােৰৰ গুৰুত্ব সদায় সমাজত থাকি যায় । পিছলৈ এই ঘটনাসমূহে ইতিহাসৰ গতি নির্ণায়নত বিশেষভাবে সহায় কৰা দেখা যায় । ইতিহাসে সকলাে ঘটনাৰ শুদ্ধ বিশ্লেষণ কৰে । এনে বিশ্লেষণে জনতাক শুদ্ধ ৰূপত ঘটনাৰ সবিশেষ জনাত সহায় কৰে আৰু ইয়ে হ’ল বুৰঞ্জীৰ গুৰুত্ব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top