Class 12 Bihu Chapter 2 বিহুবাদ্যৰ বিভিন্ন ছেও-চাপৰৰ শ্ৰেণীবিভাগ আৰু প্ৰকৃতি

Class 12 Bihu Chapter 2 বিহুবাদ্যৰ বিভিন্ন ছেও-চাপৰৰ শ্ৰেণীবিভাগ আৰু প্ৰকৃতি Question Answer in Assamese Medium, AHSEC Class 12 Bihu Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Bihu Chapter 2 বিহুবাদ্যৰ বিভিন্ন ছেও-চাপৰৰ শ্ৰেণীবিভাগ আৰু প্ৰকৃতি Notes and select needs one.

Class 12 Bihu Chapter 2 বিহুবাদ্যৰ বিভিন্ন ছেও-চাপৰৰ শ্ৰেণীবিভাগ আৰু প্ৰকৃতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Bihu Chapter 2 বিহুবাদ্যৰ বিভিন্ন ছেও-চাপৰৰ শ্ৰেণীবিভাগ আৰু প্ৰকৃতি Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Bihu Chapter 2 বিহুবাদ্যৰ বিভিন্ন ছেও-চাপৰৰ শ্ৰেণীবিভাগ আৰু প্ৰকৃতি Solutions for All Subjects, You can practice these here.

বিহুবাদ্যৰ বিভিন্ন ছেও-চাপৰৰ শ্ৰেণীবিভাগ আৰু প্ৰকৃতি

Bihu – বিহু

Chapter: 2

অনুশীলনী প্রশ্নোত্তৰ

১। বিহুবাদ্য বুলিলে কি বুজা?

উত্তৰঃ বিহুবাদ্য বুলি ক’লে ৰঙালী বিহু উছৱৰ নৃত্যানুষ্ঠানত ব্যৱহাৰ হোৱা বাদ্যসমূহক বুজোৱা হয়৷

২। ব’হাগ বিহু উৎসৱত ঘাইকৈ কেই প্ৰকাৰৰ নাচ পৰিৱেশন কৰা হয়?

উত্তৰঃ ব’হাগ বিহু উছৱত ঘাইকৈ তিনি শ্ৰেণীৰ বা প্ৰকাৰৰ নাচ পৰিৱেশন কৰি আহিছে। যেনে— হুঁচৰি, মুকলি বিহু, গাভৰু বিহু।

৩। হুঁচৰিত পৰিৱেশন হোৱা ঢোলৰ ছেও-চাপৰসমূহক কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি?

উত্তৰঃ হুঁচৰিত পৰিৱেশন কৰা ঢোলৰ ছেও-চাপৰসমূহক বিভিন্ন শ্ৰেণীত ভাগ কৰিব পাৰি৷ সেইবোৰ ক্ৰমে— নৃত্যধর্মী ছেও, গীতিধর্মী ছেও, বাজনাধৰ্মী ছেও আৰু বাদ্যধর্মী ছেও।

৪। নৃত্যধৰ্মী আৰু গীতিধৰ্মী ছেও কাক বোলে? ব্যাখ্যা কৰা।

উত্তৰঃ ঢোলৰ বুলনিৰ ওপৰত বিশেষ ভংগিমাৰে হস্ত আৰু পদচালনা কৰা হয়। বহি বা ভৰিৰ খোজৰে তাল ৰাখি নচা হয় বাবে ঢিমা লয়ত বাদন কৰা হয়। এই ছেও এক নৃত্যধর্মী ছেও। যেনে—

দফা (ক):

ঘেইন/ ঘেইন/ ঘেইন/ চাক

ঘেইন/ ঘেইন/ ঘেইন/ চাক

ঘেইন/ ঘেইন/ ঘেইনচাক/ ঘেইন

চাক চাক……….. ক্রমশঃ

দফা (খ):

প্রাক উৰু…. ঘেনিচাকো ঘেন ধিন দাও

প্ৰাক উৰু…. ঘেনিচাকো ঘেন ধিন দাও….

দফা (গ):

ঘেন উৰু ঘেন চাকো

ঘেন উৰু ঘেন চাকো….

এই দফাৰ ছেৱৰ বোলনিবোৰ গীত আৰু নাচৰ ওপৰত আধাৰিত। ছেৱৰ তাল ৰক্ষা কৰি পদ-হস্ত চালনা আৰু গীত পৰিৱেশন কৰা হয়। এই দফা সত্ৰীয়া নৃত্যৰ অংকীয়া ভাওনাৰ লগত নৃত্যৰ সাদৃশ্য দেখা যায়। লয় ক্ৰমাৎ বিলম্বৰ পৰা ঊৰ্ধমুখীলৈ গতি কৰে। এই ছেও গীতিধৰ্মী শ্ৰেণীৰ।

৫। হুঁচৰিৰ ছেও-চাপৰৰ প্ৰকৃতি বুলিলে সচৰাচৰ কেইটা বৈশিষ্ট্য সততে পৰিলক্ষিত হয়?

উত্তৰঃ হুঁচৰিৰ ছেও-চাপৰৰ প্ৰকৃতি বুলিলে এই বৈশিষ্ট্যসমূহ সততে পৰিলক্ষিত হয়—

(ক) হুঁচৰিৰ ছেৱত কেৱল পুৰুষ নাচনিয়ে পৰিৱেশন কৰে বাবে এই ছেও-চাপৰৰ প্ৰকৃতি মুকলি বিহুৰ শৈলীতকৈ বেলেগ। হুঁচৰিত ব্যৱহাৰ হোৱা ছেও-চাপৰসমূহ কিছুমান চুটি চুটি ছন্দৰে গঠিত। এই খণ্ডবোৰক পালচ বোলা হয় প্রত্যেকটো খণ্ড বা পালচৰ গঠন শৈলীৰ ছন্দৰ ভিন্নতা থাকে৷ অৰ্থাৎ ইটোৰ পালচৰ লগত সিটোৰ পালচৰ ধ্বনি ব্যঞ্জনাৰ পার্থক্য থাকে বাবে একঘেয়ামি নহৈ শ্ৰুতিমধুৰ হৈ উঠে।

(খ) হুঁচৰিৰ ছেৱৰ গাঁথনিৰ ফালৰ পৰা লক্ষ্য কৰিলে ই আৱৰ্তনধৰ্মী, মুক্ত, মিশ্ৰিত আৰু সংযুক্ত বোলৰ মাধ্যমেৰে বিস্তাৰিত হয়। 

(গ) হুঁচৰিত পুৰুষ নাচনিয়ে নচাৰ বাবে নৃত্যৰ লয়লাস বা লাস্য ভাব মুকলি বিহুতকৈ তুলনামূলকভাৱে নিম্নমানৰ পৰিলক্ষিত হয়। এতেকে হুঁচৰিৰ ছেও-চাপৰৰ লক্ষণা, অভিধা, ব্যঞ্জনা অনুধাৱন কৰিলে ছেও-চাপৰৰ প্ৰকৃতিত মৃদু তাণ্ডৱ ৰসৰ প্ৰভাৱ দেখা যায়। আনহাতে সেই যুগৰ ঢুলীয়াসকলে ঢোলৰ ছেও-চাপৰ হুঁচৰিত পৰিৱেশন কৰাৰ উপৰিও ঢোল বাদনেৰে ৰজাক দোলাত লৈ অহা, ডা-ডাঙৰীয়াক আদৰ-সম্ভাষণ, অভিবাদন জনোৱা আদি কার্যও সম্পাদন কৰিবলগীয়া হৈছিল। গতিকে ৰজাৰ খোজ-কাটল, চাল-চলন, গতি-বিধিৰ লগত সংগতি ৰাখি ঢোলত চাপৰ জুৰিছিল বাবে হুঁচৰিৰ ছেও-চাপৰৰ প্ৰকৃতি তেনে শৈলীতে অৰ্থাৎ বীৰ ৰসৰ আধাৰতে গঢ় লৈ উঠিছিল। হুঁচৰিত ৰসৰ প্ৰভাৱ থাকিলেও সেই ৰস স্বতঃস্ফূর্তভাৱে নৃত্যৰ জৰিয়তে বহিঃপ্রকাশ ঘটে। লোকনৃত্যত অভিনয়ৰ মাধ্যমেৰে ৰস নিঃসৃত নহয়।

(ঘ) হুঁচৰিত বজোৱ৷ ছেও-চাপৰসমূহৰ প্ৰায়বোৰেই সাধাৰণতে ঢিমা লয়ৰ পৰা আৰম্ভ হয় আৰু মধ্য লয়ৰ মাজেৰে সামৰণি পৰে আৰু কেৱল পুৰুষে পৰিৱেশন কৰে বাবে অলপ তাণ্ডৱ প্ৰকৃতিৰ লক্ষণ দেখা যায়।

(ঙ) কিছুমান হুঁচৰিৰ ছেও আৰু নৃত্যৰ দিশৰ তুলনামূলক অধ্যয়ন কৰিলে দেখা যায় সত্ৰীয়া নৃত্যৰ তালাশ্রয়ী নৃত্যৰ লগত ইয়াৰ সাদৃশ্য আছে।

(চ) তাৎপর্যপূর্ণ যে ঢোলৰ কিছুমান ছেও-চাপৰৰ প্ৰকৃতি নিৰপক্ষীয়, অর্থাৎ হুঁচৰিত পৰিৱেশন কৰা হয় আৰু মুকলি বিহুতো পৰিৱেশন কৰা হয়। যেনে— দুমুনী ছেও, কাঁহী ঘূৰুৱা ছেও, মিচিং ছেও আৰু দীঘলীয়া ছেও ইত্যাদি।

৬। চমুটোকা লিখা:

(ক) বুঢ়া ছেও।

উত্তৰঃ বুঢ়া ছেও হৈছে হুঁচৰিৰ আদি ছেও। বুঢ়া ছেৱৰ বাদনশৈলীৰ বৈশিষ্ট্য হ’ল এই ছেও পালচ পালচকৈ বজোৱা হয়। কেতিয়াবা বহি, কেতিয়াবা দুয়োখন হাত ককালত ধৰি, পালচ পৰিৱৰ্তন হ’লে আগলৈ হাউলি বাঁও ভৰি সোঁ ভৰি আগেদি জাঁপ মাৰি বৃত্তাকাৰে, সমুখলৈ, পাছলৈ, সোঁফালে, বাঁওফালে গতি কৰা হয়। বুঢ়া ছেওৰ প্ৰকৃতি মিশ্রিত। এই ছেও-চাপৰৰ কিছু অংশ তাল আশ্রয়ী বা নৃত্যধৰ্মী আৰু ছেও-চাপৰৰ পালচত কোনো কোনো অঞ্চলত লহৰী নচাও পৰিলক্ষিত হয় বাবে এই ছেৱৰ প্ৰকৃতি আংশিক গীতিধর্মী। বুঢ়া ছেও মৃদু তাণ্ডৱ ৰসৰ দিশে ধাকমান হয় আৰু ঢিমা লয়ত আৰম্ভ হৈ মধ্য লয়ত অন্ত পৰে।

বুঢ়া ছেঙৰ পালচ তলত দিয়া হ’ল-

ঘেনি চাকো চাক, ঘেনি চাকো চাক

ঘেনি চাকো তাকিঘেনা দিঘেন চাকো চাক…… ক্রমশঃ।

(খ) কছাৰী ছেও।

উত্তৰঃ হুঁচৰি অনুষ্ঠানৰ কছাৰী ছেও এক অত্যাৱশ্যকীয় অংগ। সাধাৰণতে নাম-পদ সামৰাৰ পাছত কছাৰী ছেও পৰিৱেশন কৰা হয়। কছাৰী ছেৱত তালক মূল উপজীব্য কৰি নৃত্য পৰিৱেশন কৰা হয়। ইয়াত গীত গোৱা নহয়, কিন্তু কছাৰী ছেৱৰ ছন্দৰ গাঁথনি অলপ জটিল। পুৰুষ নাচনিয়ে কছাৰী ছেৱৰ তালে তালে হস্ত আৰু পদ সঞ্চালন কৰে। মৃদু তাণ্ডৱ ৰস নিসৰণ হয় আৰু ঢিমা লয়ত আৰম্ভ কৰি মধ্য লয়ত সামৰণি মৰা হয়। বহুতে কছাৰী ছেওটোকে বুঢ়া ছেও বুলি ক’ব খুজিলেও প্রকৃততে তেনে ধাৰণা শুদ্ধ নহয়৷ দুয়োটা ছেৱৰে নিজা নিজা বৈশিষ্ট্য আছে। এই ছেও নৃত্যধর্মী বিভাগৰ অন্তৰ্গত।

ছেও: তাখিৰ খিতা দিযেন দাও যেনি তিঘেন দাও দাও

তাখিৰ খিতা দিঘেন দাও ঘেনি তিঘেন দাও….. ক্রমশঃ।

(গ) কাঁহী ঘূৰোৱা ছেও।

উত্তৰঃ তাহানিৰ কালতে গৃহস্থৰ চোতালত হুঁচৰি অনুষ্ঠানৰ কাঁহী ঘূৰাই ঘূৰাইনৃত্য পৰিৱেশন কৰাৰ পৰম্পৰা গঢ় লৈ উঠিছিল। ইয়াৰ বৈশিষ্ট্য হ’ল এজন বিহুৱাই মহিলাৰ পোছাক পৰিধান কৰি হাত, শিৰ, পিঠি, বাহু আদি অংগে অংগে কেইবাখনো কাঁহী লৈ নৃত্য কৰি ঢোলৰ ছেৱৰ তালে তালে হুঁচৰিৰ সাংগীতিক সৌষ্ঠৱ বৃদ্ধি কৰিছিল, কিন্তু পর্যায়ক্রমে কিছু অঞ্চলত বিহুৱতীয়ে মুকলি বিহুত একেই আৰ্হিত কাঁহী ঘূৰোৱা নৃত্য পৰিৱেশন কৰিবলৈ লোৱা দেখা যায়। উল্লেখযোগ্য যে বিহুৱতী কাঁহী ঘূৰোৱা ছেও আৰু বিহুৱাৰ নৃত্যৰ ছেও-চাপৰৰ প্ৰকৃতিৰ মাজত পার্থক্য আছে। সম্প্রতি কাঁহী ঘূৰোৱা শৈলী অসমৰ সকলে অঞ্চলতে জনপ্ৰিয় আৰু মনোগ্রাহী অনুষ্ঠান হৈ পৰিল।

বিহুৱতীৰ কাঁহী ঘূৰোৱা ছেও-চাপৰৰ একাংশ-

চাক চাক,

তাকিতিঘেন, খিতিঘেন, তাকিতিঘেন, খিততাক,

তাকিতিঘেন, খিতিঘেন, তাকিতিযেন খিততাক…..

চাক ধুম চাক ধুম চাক চাক .…… (চৰাইদেউ অঞ্চলত প্ৰচলিত)।

(ঘ) সুতুলিৰ ছেওচাপৰি আৰু প্ৰকৃতি।

উত্তৰঃ সুতুলিৰ ছেও-চাপৰ বা লহৰ মুকলি বিহু আৰু গাভৰু বিহুত ব্যৱহাৰ হোৱােটো অতীতৰ পৰাই প্রচলিত। অৱশ্যে মুকলি বিহুত সুতুলি বাদ্যক মৌলিক বাদ্য হিচাপে গণ্য কৰা নহয়৷ তথাপি সুতুলিৰ ছেও বা বোল মুকলি বিহুত বজোৱা হয়৷ আনহাতে গাভৰু বিহু নৃত্যানুষ্ঠানত সুতুলি বাদ্যক মৌলিক বাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।

সুতুলি বাদ্যৰ বোলনি বিন্ধা তিনিটা বা চাৰিটা হোৱাৰ বাবে ছেও-চাপৰ বাদনৰ দ্বাৰা সকলো স্বৰৰ বোলনি সুতুলিত বোলাব নোৱাৰি। গতিকে সুতুলিৰ ছেও-চাপৰৰ শ্ৰেণী বিভাজনো কৰিব নোৱাৰি।সুতুলিৰ ছেও-চাপৰ বা সুৰৰ লহৰ কোনো এটা বিশেষ বিহুগীতৰ আধাৰত বজোৱা হয়। প্রথমে সেই বিশেষ গীতটো কন্ঠস্থ কৰি লোৱা হয় আৰু সেই গীতটো সুতুলিত বজাবলৈ চেষ্টা কৰা হয়। সুতুলিৰ স্বৰধ্বনি ওঁঠৰ সুহুৰিৰ দৰে। সচৰাচৰ এটা সুতুলিৰ ছেও বা বুলনিৰ স্বৰধ্বনি বিহুতলিবোৰত এনেদৰে প্ৰায়ে শুনা যায়—“ল-ল-ল-ল/ লতি/ তিল-ল/ ল-ল-ল-ল লতি/ তি-ল/ ল-ল-ল-ল–ল….”। সুতুলিৰ এই বোলটো বাদন কৰোঁতে ঢোলৰ গিতখিতি গিতখিত গিতখিতি বোল সাধাৰণতে বজোৱা হয়, কিন্তু গাভৰু বিহুত টকাৰ টক্ টক টক্ টক্ ধ্বনিৰে তাল ৰক্ষা কৰা হয়। সুতুলিৰ বুলনিৰ শেষত যিকোনো নাচনী ছেও বজাব পাৰি৷ মুকলি বিহু বা গাভৰু বিহুৰ নৃত্যানুষ্ঠানত সুতুলি সাধাৰণতে মধ্যম লয়ত বজোৱা হয়।

(ঙ) গাভৰু বিহুবাদ্য।

উত্তৰঃ গাভৰু বিহু হৈছে গাভৰুসকলৰ সমনীয়া বিহু। এই বিহুৰ নৃত্যানুষ্ঠানত গীতেই প্রধান অলংকাৰ। শ্রুতিমধুৰ বাৰে ৰহণীয়া গীতৰ লালিত্যই নৃত্যৰ কলা ৰীতিক অধিক উপভোগ কৰি তোলে৷ গীতৰ জৰিয়তে নৃত্যৰ নান্দনিকতা মনোগ্রাহী কৰি তুলিবৰ বাবে গাভৰু বা মহিলাসকলে বাদ্যযন্ত্ৰও ব্যৱহাৰ কৰে। গাভৰু বিহুত ব্যৱহাৰ হোৱা মুখ্য বাদ্য হৈছে টকা, গগনা আৰু সুতুলি। হাত-চাপৰিও গাভৰু বিহুৰ এক সহযোগী বাদ্য হিচাপে বিবেচনা কৰিব পৰা যায়। গাভৰু বিহুত নৃত্য সংগতকাৰীসকলৰ হাত চাপৰিৰ ধ্বনিয়ে গাভৰু বিহুৰ সাংগীতিক অভিব্যক্তিক অধিক ব্যঞ্জনাময় কৰি তোলে।

সাধাৰণতে বিলম্ব, মধ্য আৰু দ্ৰুত লয়ত গাভৰুসকলে গগনা বজোৱা পৰিলক্ষিত হয়। গগনা বজোৱাৰ পিছত গগনা বজোৱা গাভৰুজনীক উদ্দেশী বিহুগীতো গোৱা দেখা যায়৷

সাধাৰণতে গাভৰু বিহুৰ বাদ্যৰ ছেও-চাপৰ প্ৰকৃতি গীতিধৰ্মী আৰু নৃত্যধৰ্মী। গীত-নৃত্যৰ তাল ৰাখিবলৈ টকা বাদ্য আৰু হাত-চাপৰি ব্যৱহাৰ কৰা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নোত্তৰ:

১। ৰঙালী বিহুৰ মুখ্যবাদ্য কোনবোৰ?

উত্তৰঃ ঢোল, পেঁপা, টকা, গগনা, তাল।

২। ৰঙালী বিহুৰ দুবিধ আনুসংগিক বা গৌণবাদ্যৰ নাম লিখা।

উত্তৰঃ সুতুলী আৰু বীণ।

৩। পালচ কাক বোলে?

উত্তৰঃ হুঁচৰিত ব্যৱহাৰ হোৱা ছেও-চাপৰসমূহ কিছুমান চুটি-চুটি ছন্দেৰে গঠিত। এই খণ্ডবোৰক পালচ বোলা হয়।

৪। কি কাৰণত হুঁচৰিত নৃত্যৰ লয়লাস বা লাস্য ভাব মুকলি বিহুতকৈ তুলনামূলকভাৱে নিম্নমানৰ হয়?

উত্তৰঃ পুৰুষ নাচনিয়ে নচাৰ বাবে৷

৫। হুঁচৰিৰ ছেও-চাপৰৰ প্ৰকৃতি কি ৰসৰ আধাৰত গঢ় লৈ উঠিছিল?

উত্তৰঃ বীৰ ৰসৰ৷

৬। হুঁচৰিত ৰসৰ বহিঃপ্রকাশ হিৰ জৰিয়তে ঘটে?

উত্তৰঃ নৃত্যৰ জৰিয়তে।

৭। ঢোলৰ কিছুমান ছেও-চাপৰৰ প্ৰকৃতি নিৰপক্ষীয় হোৱাৰ কাৰণ কি?

উত্তৰঃ কাৰণ ইয়াক হুঁচৰি আৰু মুকলি বিহু উভয়তে পৰিৱেশন কৰা হয়।

৮। খৰা ছেৱৰ প্ৰকৃতি কি?

উত্তৰঃ খৰা ছেৱৰ প্ৰকৃতি হ’ল হঠাতে বা অকস্মাতে শেষ হৈ যোৱা অথবা আৱশ্যকতকৈ বেছি চুটি।

৯। খৰা ছেওকোন শ্ৰেণীৰ ছেও?

উত্তৰঃ নৃত্যধৰ্মী শ্ৰেণীৰ। 

১০। খৰা ছেও ক’ত ব্যৱহাৰ কৰা হয়?

উত্তৰঃ কেৱল হুঁচৰিৰ নাচত খৰা ছেও ব্যৱহাৰ কৰা হয়।

১১। খৰা ছেও কাক বোলে?

উত্তৰঃ চুটি ছন্দেৰে গঠিত ঢোলৰ ছেওকে খৰা ছেও বোলে।

১২। হুঁচৰিৰ আদি ছেও কি?

উত্তৰঃ বুঢ়া ছেও।

১৩। বুঢ়া ছেৱৰ বাদনশৈলীৰ বৈশিষ্ট্য কি?

উত্তৰঃ বুঢ়া ছেও পালচ পালচকৈ বজোৱা হয়।

১৪। বুঢ়া ছেৱৰ প্ৰকৃতি আংশিক গীতিধর্মী হোৱাৰ কাৰণ কি?

উত্তৰঃ বুঢ়া ছেও-চাপৰৰ কিছু অংশ তাল আশ্ৰয়ী বা নৃত্যধৰ্মী আৰু ছেও-চাপৰৰ পালচত কোনো কোনো অঞ্চলত লহৰী নচাও পৰিলক্ষিত হয় বাবে এই ছেৱৰ প্ৰকৃতি আংশিক গীতিধর্মী।

১৫। লহৰী গীত কি?

উত্তৰঃ লহৰী গীত হৈছে গীত-নৃত্য-বাদ্যৰ সংমিশ্ৰণত গঠিত এক মনোগ্রাহী অনুষ্ঠান।

১৬। লহৰী গীত কিহৰ আধাৰত গোৱা হয়?

উত্তৰঃ ঢোলৰ এক বিশেষ ছেৱৰ আধাৰত লহৰী গীত গোৱা হয়।

১৭। লহৰীৰ খণ্ডৰ ছেও-চাপৰ কি প্ৰকৃতিৰ?

উত্তৰঃ গীতিধর্মী প্ৰকৃতিৰ।

১৮। হুৰালি কি?

উত্তৰঃ হুৰালি হৈছে ঢোল, পেঁপা আৰু গীতৰ সমাহাৰত চৌদিশ মুখৰিত হৈ উঠা হুঁচৰিৰ এক আড়ম্বৰপূৰ্ণ নৃত্যাংশ।

১৯। পেঁপাৰ হুৰালিৰ ছেও কোন বিভাগৰ অন্তৰ্গত?

উত্তৰঃ গীতিধৰ্মী বিভাগৰ অন্তৰ্গত।

২০। কছাৰী ছেও কেতিয়া পৰিৱেশন কৰা হয়?

উত্তৰঃ নাম-পদ সামৰাৰ পাছত কছাৰী ছেও পৰিৱেশন কৰা হয়।

২১। কছাৰী ছেওত কোনবিধ বাদ্যক মূল উপজীব্য কৰি নৃত্য পৰিৱেশন কৰা হয়?

উত্তৰঃ তালক।

২২। কছাৰী ছেও কোন বিভাগৰ অন্তৰ্গত?

উত্তৰঃ নৃত্যধর্মী বিভাগৰ।

২৪। দুমুনী ছেৱৰ প্ৰকৃতি কি ধৰ্মীৰ?

উত্তৰঃ দুমুনী ছেৱৰ প্ৰকৃতি তালাশ্রয়ী বা নৃত্যধর্মী।

২৩। কাঁহী ঘূৰোৱা ছেওৰ বৈশিষ্ট্য কি?

উত্তৰঃ কাঁহী ঘূৰোৱা ছেওৰ বৈশিষ্ট্য হ’ল— এজন বিহুৱাই মহিলাৰ পোছাক পৰিধান কৰি হাত, শিৰ, পিঠি, বাহু আদি অংগে অংগে কেইবাখনো কাঁহী লৈ নৃত্য কৰি ঢোলৰ ছেৱৰ তালে তালে হুঁচৰিৰ সাংগীতিক সৌষ্ঠৱ বৃদ্ধি কৰে৷

২৫। দীঘলীয়া ছেও কোন ছেৱৰ অন্তৰ্গত?

উত্তৰঃ বাজনাধৰ্মী ছেৱৰ অন্তৰ্গত।

২৬। হুঁচৰি আৰু মুকলি বিহুনাচৰ মৌলিক বাদ্য কি?

উত্তৰঃ পেঁপা বাদ্য।

২৭। পেঁপা বাদ্যত কেইটা বোলনি বিন্ধা থাকে?

উত্তৰঃ চাৰিটা।

২৮। মুকলি বিহু মানে কাৰ বিহু?

উত্তৰঃ ডেকা-গাভৰুৰ।

২৯। কাক কেন্দ্ৰ কৰি মুকলি বিহুৰ ছেও-চাপৰ সৃষ্টি হৈছে?

উত্তৰঃ নাচনীক কেন্দ্ৰ কৰি।

৩০। মুকলি বিহুৰ ছেও-চাপৰক কি ছেও বোলে?

উত্তৰঃ নাচনী ছেও বোলে।

৩১। নাচনী ছেৱৰ বৈশিষ্ট্য কি?

উত্তৰঃ নাচনী ছেৱৰ প্ৰধান বৈশিষ্ট্য হ’ল ছেৱৰ লগত কোনোধৰণৰ গীত পৰিৱেশন কৰা নহয়।

৩২। নাচনী ছেৱৰ মূল উপলক্ষ্য কি?

উত্তৰঃ চৰ্ম আনন্দ প্রকাশেই নাচনী ছেৱৰ মূল উপলক্ষ্য।

৩৩। নাচনী ওলোৱা ছেও কি?

উত্তৰঃ নাচনীসকলে বিহুতলিলৈ নৃত্যভংগিমাৰে ঢোলৰ তালে তালে প্ৰৱেশ কৰা বোলকে নাচনী ওলোৱা ছেও বোলা হয়।

৩৪। পৰিৱৰ্তনকাৰী বোল বা ভাঙনি কাক বোলে?

উত্তৰঃ বিহু নৃত্যানুষ্ঠানত কোনো এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ দফা পৰিৱৰ্তন কৰি লৈ বজোৱা বোলকে পৰিৱৰ্তনকাৰী বোল বা ভাঙনি বোলে।

৩৫। পেঁপা বাদনৰ মৌলিক বিষয়বস্তু কি?

উত্তৰঃ নৃত্যানুষ্ঠানৰ নান্দনিক সৌষ্ঠৱ বৃদ্ধি কৰাই হ’ল পেঁপা বাদনৰ মৌলিক বিষয়বস্তু।

৩৬। গাভৰু বিহুৰ মূল বাদ্য কি?

উত্তৰঃ গগনা।

৩৭। গগনাৰ স্কেল কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ বতৰৰ বাতাবৰণৰ ওপৰত।

৩৮। গাভৰু বিহু নৃত্যানুষ্ঠানত ব্যৱহৃত মৌলিক বাদ্যবিধ কি?

উত্তৰঃ সুতুলি বাদ্য।

৩৯। গাভৰু বিহুৰ প্ৰধান অলংকাৰ কি?

উত্তৰঃ গীত।

(খ) চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ:

১। হুঁচৰিত কোনবোৰ বাদ্যক মৌলিক বাদ্য হিচাপে ব্যৱহাৰ কৰা হয়?

উত্তৰঃ ঢোল, পেঁপা, গগনা, টকা আৰু তাল।

২। হুঁচৰিৰ ছেও কিহৰ মাধ্যমেৰে বিস্তাৰিত হয়?

উত্তৰঃ হুঁচৰিৰ ছেও আৱৰ্তনধৰ্মী, মুক্ত, মিশ্ৰিত আৰু সংযুক্ত বোলৰ মাধ্যমেৰে বিস্তাৰিত হয়।

৩। ঢোলৰ কেইটামান নিৰপক্ষীয় প্ৰকৃতিৰ ছেও-চাপৰৰ নাম লিখা।

উত্তৰঃ দুমুনী ছেও, কাঁহী ঘূৰোৱা ছেও, মিচিং ছেও আৰু দীঘলীয়া ছেও।

৪। নৃত্যধৰ্মী ছেওৰ দুটা লক্ষণ উল্লেখ কৰা।

উত্তৰঃ (ক) নৃত্যধৰ্মী ছেওত লয় ক্ৰমাৎ মধ্য লয়ৰ পৰা ঊর্ধমুখীলৈ গতি কৰে।

(খ) এই ছেওত নাচনিয়ে আগলৈ-পিছলৈ, সোঁফালে-বাঁওফালে হস্ত-পদ আৰু ককাল সঞ্চালন কৰে।

৫। চৰাইদেউ জিলাৰ মাহমৰা অঞ্চলত প্ৰচলিত লহৰীৰ গীত আৰু বোলনি উল্লেখ কৰা।

উত্তৰঃ গীতঃ “লহ হেৰৌ লহৰীয়া চা হেৰৌ চহৰীয়া ফুটোকলা মিটং বজাই দে ধ্রুতং আহ ঐ নাচ ঐ লহৰীয়া।”

বোলনি: উৰু উৰু খিত/ উৰু উৰু খিত/ উৰু উৰু খিত তাকো ঘেন ঘেনা যেন।

৬। পাৰিবাশ্যিক দৃষ্টিকোণৰ পৰা হুঁচৰি নৃত্যানুষ্ঠানৰ পেঁপাৰ ছেও-চাপৰক কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ পাৰিবাশ্যিক দৃষ্টিকোণৰ পৰা হুঁচৰি নৃত্যানুষ্ঠানৰ পেঁপাৰ ছেও-চাপৰক দুটা ভাগত ভাগ কৰিব পাৰি।

ভাগ দুটা হ’ল—

(ক) পেঁপাৰ হুৰালি ৷

(খ) নৃত্যধর্মী বোলনি।

৭। পেঁপুৱৈ এজনৰ দক্ষতা কোনখিনিত লিখা।

উত্তৰঃ পেঁপা বাদ্যটি মাত্ৰ চাৰিটা বোলনি বিন্ধা থকাৰ বাবে ইয়াত সকলো স্বৰ বা ধ্বনি উৎপন্ন কৰিব নোৱাৰি। গতিকে বাদ্যটিৰ পৰিসীমাৰ ভিতৰত সুৰীয়া ছেও বা বোল নির্গত কৰিব পৰাটোৱে এজন পেঁপুৱৈৰ দক্ষতা।

৮। ঢোলৰ ছেও-চাপৰক কোন চাৰিটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ (ক) নাচনী ছেও।

(খ) গীতধর্মী ছেও।

(গ) বাদ্যধর্মী ছেও।

(ঘ) বাজনাধর্মী হও।

৯। মুকলি বিহুৰ ছেও-চাপৰক কিয় নাচনী ছেও বুলি অভিহিত কৰা হয়?

উত্তৰঃ মুকলি বিহুৰ ছেও-চাপৰ সৃষ্টি হৈছে কেৱল নাচনীক কেন্দ্ৰ কৰি। তাত কোনো বেলেগ উদ্দেশ্য পূৰ্ণৰ দায়বদ্ধতা থাকিব নোৱাৰে। সেইবাবেই মুকলি বিহুৰ ছেও-চাপৰক নাচনী ছেও বুলি অভিহিত কৰা হয়।

১০। মুকলি বিহুৰ ছেওৰ গঠনশৈলী আৰু প্ৰকৃতি কেনেধৰণৰ?

উত্তৰঃ মুকলি বিহুৰ ছেওৰ গঠনশৈলী বুঢ়া ছেও বা কছাৰী ছেৱৰ দৰে জটিল নহয়, ইয়াৰ প্রকৃতি সৰল, শ্ৰুতি-মধুৰ ছন্দেৰে গঠিত আৰু লাস্য লহৰৰ।

১১। হুঁচৰিৰ ঢোলবাদ্যৰ ছেও-চাপৰ সম্পর্কে লিখা।

উত্তৰঃ হুঁচৰিত ঢোল, পেপা, গগনা, টকা আৰু তাল বাদ্যকে মৌলিক বাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। হুঁচৰিত পৰিৱেশন কৰা ঢোলৰ ছেও-চাপৰসমূহক বিভিন্ন শ্রেণীত ভাগ কৰিব পাৰি। 

সেইবোৰ ক্ৰমেঃ 

(ক) নৃত্যধর্মী ছেও। 

(খ) গীতিধর্মী ছেও।

(গ) বাজনাধর্মী ছেও। আৰু 

(ঘ) বাদ্যধৰ্মী ছেও।

অসমৰ সকলো অঞ্চলতে গৃহস্থৰ চোতালত হৰিধ্বনিৰে মুখৰিত কৰাৰ পাছতে পদকীয়ে ঘোষা বা হুঁচৰিৰ গীত-মাত্ৰ ঘাত যোৰে আৰু প্ৰায়বোৰ অঞ্চলতে তলত দিয়া ছেওটিৰ দ্বাৰা সকলোৱে একে লগে বাদন আৰম্ভ কৰে। সাধাৰণতে এই অংশটি কেইবাটাও খণ্ড বা দফাত পৰিৱেশন কৰা হয়। ঘোষা বা গীতৰ স্থায়ী অংশ শেষ হোৱাৰ লগে লগে বিলম্ব গতিত এই বোলেৰে হুঁচৰিৰ ঘাত যোৰে ৷

দফা (ক):

ঘেইন/ ঘেইন/ ঘেইন/ চাক

ঘেইন/ ঘেইন/ ঘেইন/ চাক

ঘেইন/ ঘেইন/ ঘেইনচাক/ ঘেইন

চাক চাক…. ক্ৰমশঃ

এই দফাৰ ছেৱৰ বাদনত গীত গোৱা নহয়। ঢোলৰ বুলনিৰ ওপৰত বিশেষ ভংগিমাৰে হস্ত আৰু পদচালনা কৰা হয়। বহি বা ভৰিৰ খোজৰে তাল ৰাখি নচা হয় বাবে ঢিমা লয়ত বাদন কৰা হয়। এই ছেও এক নৃত্যধর্মী ছেও।

দফা (খ):

প্ৰাক উৰু…. ঘেনিচাকো ঘেন ধিন দাও

প্ৰাক উৰু…. ঘেনিচাকো ঘেন ধিন দাও….

দফা (গ):

যেন উৰু ঘেন চাকো

ঘেন উৰু ঘেন চাকো….

এই দফাৰ ছেৱৰ বোলনিবোৰ গীত আৰু নাচৰ ওপৰত আধাৰিত। ছেৱৰ তাল ৰক্ষা কৰি পদ-হস্ত চালনা আৰু গীত পৰিৱেশন কৰা হয়। এই দফা সত্ৰীয়া নৃত্যৰ অংকীয়া ভাওনাৰ লগত নৃত্যৰ সাদৃশ্য দেখা যায়। লয় ক্ৰমাৎ বিলম্বৰ পৰা ঊর্ধমুখীলৈ গতি কৰে। এই ছেও গীতিধৰ্মী শ্ৰেণীৰ।

দফা (ঘ):

ঘেনগিঘেন/ তাকিঘেনি (ভাঙনি)

ঘেনঘেনি/ ঘেনঘেনি/ ঘেনঘেনি/ ঘেনঘেনি…. (এটা ভাঙনিৰ দ্বাৰা মূল ছেওটোলৈ গতি কৰিব)

ঘেনগিঘেন/ তাকিখেদি/ ঘেন (ভাঙনি)

দঙা (ঙ):

চাক চাক (শেষৰ চেও)

ঘেনখিতি/ ঘেনদাও/ দাও/ দাও/ দাও

তিঘেন/ খিতি/ ঘেনদাও/ দাও…. ক্রমশঃ

উল্লিখিত মূল ছেওটো বজোৱাৰ পিছত এই খণ্ডটিৰ অন্ত পৰে। এই ছেৱৰ পৰিৱৰ্তে খৰা ছেও বজাব পাৰি। এই খণ্ডটিত ঢোলৰ ধ্বনিৰ তীব্রতা বৃদ্ধি হয়। নাচনিয়ে আগলৈ-পিছলৈ, সোঁফালে-বাঁওফালে হস্ত-পদ আৰু ককাল সঞ্চালন কৰে। লয় ক্ৰমাৎ মধ্য লয়ৰ পৰা ঊর্ধমুখীলৈ গতি কৰে। এই ছেও এক নৃত্যধৰ্মী ছেও।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top