Class 11 Economics Chapter 15 গ্রাম্য উন্নয়ন

Class 11 Economics Chapter 15 গ্রাম্য উন্নয়ন Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Economics Chapter 15 গ্রাম্য উন্নয়ন and select needs one.

Class 11 Economics Chapter 15 গ্রাম্য উন্নয়ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Economics Chapter 15 গ্রাম্য উন্নয়ন Solutions for All Subject, You can practice these here…

গ্রাম্য উন্নয়ন

পাঠ: ১৫

Part-B

চমু প্ৰশ্ন

১। গ্রাম্য উন্নয়ন মানে কি বুজা ? গ্রাম্য উন্নয়নৰ প্ৰধান বিষয়সমূহ দেখুওৱা ।  

উত্তৰ :- গ্ৰাম্য উন্নয়নৰ ধাৰণাটো ব্যাপক অৰ্থত ব্যৱহৃত হয়। অনিবার্যভাৱে ই গ্রামীণ অর্থ ব্যৱস্থাৰ সামগ্রিক উন্নয়নৰ লগত জড়িত ক্ষেত্ৰসমূহৰ ভিতৰত যিবোৰ পিছপৰি আছে সেইবোৰক উন্নয়নৰ বাবে প্ৰয়োজনীয় কার্যসমূহত দৃষ্টি নিক্ষেপ কৰে। মানৱ উন্নয়নৰ প্ৰধান বিষয়সমূহ হ’ল-

(a) স্বাক্ষৰতা বিশেষত :- মহিলাৰ স্বাক্ষৰতা, শিক্ষা আৰু অৰ্হতাৰ বিকাশ। 

(b) অনাময় ব্যৱস্থা আৰু জনস্বাস্থ্য উভয়কে সামৰি লোৱা স্বাস্থ্য সেৱা ।

(c) ভূমি সংস্কাৰ ।

(d) প্রত্যেক অঞ্চলৰে উৎপাদনক্ষম সম্পদসমূহৰ উন্নয়ন ।

(e) বিদ্যুৎ, জলসিঞ্চন, ঋণ, বিপণম, গ্রাম্যপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ নিৰ্মাণকে ধৰি পৰিবহন ব্যৱস্থা, কৃষি গৱেষণা আৰু সম্প্ৰসাৰণৰ সুবিধাসমূহ আৰু তথ্যৰ বহুল প্রচাৰকৰণ ইত্যাদি অন্ত: গাথনিৰ উন্নয়ন ।

(f) দৰিদ্ৰতা দূৰীকৰণ আৰু উৎপাদনমুখী নিয়োগৰ সুযোগৰ গুৰুত্ব প্ৰদানৰ জৰিয়তে জনসাধাৰণৰ দুৰ্বল অংশৰ জীৱন ধাৰণৰ অৱস্থাৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিবলৈ প্ৰয়োজনীয় বিশেষ ব্যৱস্থাৱলী ।

২। গ্ৰাম্য উন্নয়নত ঋণৰ গুৰুত্ব আলোচনা কৰা ।

উত্তৰ :- গ্ৰাম্য উন্নয়ন মূলত :- নিৰ্ভৰ কৰে কৃষি আৰু অনা কৃষি খণ্ডসমূহত উচ্চ হাৰত উৎপাদনশীলতা পাবলৈ সময়ে সময়ে কৰা মূলধনৰ প্ৰয়োগৰ ওপৰত। বীজ সিঞ্চন আৰু উৎপাদনৰ জৰিয়তে আয় উপাৰ্জনৰ মাজত সময়ৰ ব্যৱধান যথেষ্ট দীঘলীয়া হোৱা হেতুকে কৃষকসকলে বীজ, সাৰ, সা-সজুলি আদিত কৰিবলগীয়া প্ৰাৰম্ভিক বিনিয়োগ আৰু বিয়া, মৃত্যু, ধর্মীয় উৎসৱ পাৰ্বন ইত্যাদিৰ বাবদ অন্যান্য পাৰিবাৰিক খৰচৰ বাবে ঋণ ল’বলগীয়া হয় । 1969 চনত ভাৰতবৰ্ষই গ্ৰাম্য ঋণৰ চাহিদা পর্যাপ্তভাৱে পূৰণ কৰিবলৈ সামাজিক বেংকিং আৰু বহু অভিকৰণ সম্বলিত পদক্ষেপ গ্ৰহণ কৰা পিছত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটে । পিছলৈ গ্রাম্য বিত্তীয় ব্যৱস্থাত জড়িত আটাইবোৰ প্ৰতিষ্ঠানৰ কাৰ্যসূহৰ সমন্ময় সাধনৰ উদ্দেশ্য 1982 চনত এক সর্বোচ্চ নিকায়, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়নৰ বেংক গঠন কৰা হয় ।

সেউজ বিপ্লৱে ঋণ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনে । বাণিজ্যিক বেংক, আঞ্চলিক গ্রামীন বেংক, সমবায় আৰু ভূমি উন্নয়ন বেংক ইত্যাদি বহু অভিকৰণ সম্বলিত অনুষ্ঠানৰ সমষ্টিৰে সাম্প্রতিক আনুষ্ঠানিক গ্রাম্য বেংক ব্যৱস্থাৰৱ প্রধান লক্ষ্য হৈছে সুলভ হাৰত পৰ্যাপ্ত পৰিমাণৰ ঋণ বিতৰণ কৰা । আনুষ্ঠানিক ঋণ ব্যৱস্থাত থকা অস্তৰাল দূৰ কৰিবলৈ আত্মসহায়ক গোটবোৰেও আগবাঢ়ি আহে। কামৰ বাবে যিহেতু বন্ধকীৰ প্ৰয়োজন, দুখীয়া গ্রাম্য পৰিয়ালবোৰৰ এক বৃহৎ অংশ স্বাভাৱিকভাৱে ঋণৰ পৰিসৰৰ পৰা বাদ পৰি আছিল কিন্তু আত্মসহায়ক গোটবোৰে ইয়াৰ প্ৰত্যেক সদস্যৰ পৰা নিম্নতম বৰঙণিৰে ক্ষুদ্র অনুপাতত সঞ্চয় গঠন কৰে আৰু এই সময়ৰ পৰা ঋণ প্রয়োজন হোৱা সদস্যক কম সুতৰ হাৰত আৰু সৰু কিস্তিত পৰিশোধযোগ্য ঋণ আগবঢ়োৱা হয় ।

৩। দুখীয়াসকলৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ক্ষুদ্র ঋণ (Micro Credit)ৰ ভূমিকা ব্যাখ্যা কৰা ।

উত্তৰ :- দুখীয়া সকলৰ যিহেতু আয় কম গতিকে বেছিভাগ সময়তে তেওঁলোকে ঋণৰ ওপৰতে ভৰষা কৰিবলগীয়া হয় । ঋণৰ বাবত বন্ধকীৰ প্ৰয়োজন, দুখীয়া গ্রাম্য পৰিয়ালবোৰৰ এক বৃহৎ অংশ স্বাভাৱিকভাৱে ঋণৰ পৰিসৰৰ পৰা বাদ পৰি থাকে । কিন্তু দুখীয়াসকলৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ক্ষুদ্র ঋণ (micro credit) ৰ ভূমিকা গুৰুত্বপূর্ণ ।

ক্ষুদ্র ঋণ ব্যৱস্থা হৈছে আত্মসহয়াক গোটসমূহৰ দ্বাৰা আগবঢ়োৱা ঋণৰ ব্যৱস্থা । আত্মসহায়ক গোটবোৰে ইয়াৰ প্ৰত্যেক সদস্যৰ পৰা নিম্নতম বৰঙণিৰে ক্ষুদ্ৰ অনুপাতত সঞ্চয় গঠন কৰে । উমৈহতীয়া সঞ্চয় পুজিৰ পৰা ঋণৰ প্ৰয়োজন হোৱা সদস্যসকলক কম সুতৰ হাৰত আৰু সৰু কিস্তিত পৰিশোধ যোগ্য ঋণ আগবঢ়োৱা হয় । 2003 চনৰ মাৰ্চ মাহৰ শেষলৈ সাত লাখতকৈও অধিক আত্মসহায়ক, গোটৰ ঋণ সংযোগ আছে।ফলত দুখীয়ালোক সকলে কৃষিৰ বাবে, বেপাৰ বাণিজ্যৰ বাবে ক্ষুদ্র ঋণ কাৰ্যসূচীৰ পৰা টকা ধাবলৈ লৈ নিজৰ বিভিন্ন প্রয়োজনীয় কাম কৰিবৰ বাবে সহায় লাভ কৰিছে ।

৪। গ্রাম্য বজাৰসমূহৰ উন্নয়নৰ বাবে চৰকাৰে কৰা পদক্ষেপসমূহ ব্যাখ্যা কৰা । 

উত্তৰ :- কোনো এখন গ্ৰাম্য বজাৰৰ উন্নয়ন নিৰ্ভৰ কৰে বজাৰৰ সংবাহক (channel) সমূহৰ ওপৰত ৷ চৰকাৰেও গ্রাম্য বজাৰসমূহৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে । কৃষি বিপণনৰ জৰিয়তে বজাৰসমূহৰ উন্নয়ন সাধন কৰিব পাৰি। কৃষি বিপণন হৈছে এক প্ৰক্ৰিয়া য’ত একত্ৰকৰণ, মজুতকৰণ প্ৰক্ৰিয়াকৰণ পৰিবহন, টোপেলা বন্ধা কাৰ্য, মান অনুযায়ী ক্রমাংকন আৰু সমগ্ৰ দেশত বিভিন্ন কৃষিজাত সামগ্রী বিতৰণক জড়িত কৰে । বিপণনৰ দিশটোৰ উন্নতকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ হ’ল ক্রমে-

প্রথমতে, শৃংখলা আৰু স্বচ্ছ বিপণনৰ প্ৰয়োজনীয় পৰিবেশ সৃষ্টিৰ উদ্দেশ্যে বজাৰ ব্যৱস্থাৰ নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰা । এই নীতিয়ে কৃষক আৰু ভোক্তা উভয়কে বহুলাংশে উপকৃত কৰিছে । দ্বিতীয়টো উপাদান হৈছে ৰাস্তা, ৰেলপথ, পন্যাগাৰ, গুদামঘৰ, শীতল সঞ্চয়াগাৰ আৰু প্ৰক্ৰিয়াকৰণ গোট ইত্যাদি বস্তুগত আগাঠনিৰ সুবিধাৰ ব্যৱস্থা ।

কৃষকে উৎপাদিত সামগ্ৰীৰ ন্যায্য দাম পাবৰ কাৰণে সমবায় বিপণন ব্যৱস্থা হৈছে চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ তৃতীয়টো দিশ । চতুৰ্থটো উপাদন হৈছে নীতি সম্পৰ্কীয় আহিলাসমূহ যেনে –

(ক) কৃষিজাত উৎপাদনৰ বাবে নিম্নতম সমর্থিত মূলাৰ আশ্বাস।

(খ) ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা ঘেঁহু আৰু চাউলৰ আপদকালীন ভঁৰালৰ অব্যাহত ৰথা।আৰু 

(গ) ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে খাদ্য শস্য আৰু চেনিৰ বিতৰণ।

চৰকাৰী হস্তক্ষেপ স্বত্বেও ব্যক্তিগত ব্যৱসায়ে কৃষি বজাৰত আধিপত্য বিস্তাৰ কৰি আহিছে । তথাপি বিভিন্ন ৰূপত চলা চৰকাৰী হস্তক্ষেপত কৃষি বিপণন ব্যৱস্থা বহুদূৰ আগবাঢ়িছে । বিশ্বায়ন যুগত কৃষিৰ দ্রুত বাণিজ্যিকীকৰণে প্ৰক্ৰিয়াকৰণৰ জৰিয়তে কৃষি ভিত্তিক উৎপাদনসমূহত মূল্য সংযোজনৰ ব্যাপক সুযোগ প্ৰদান কৰিছে ।

৫। বহনক্ষম জীৱিকাৰ বাবে কৃষি সম্পৰ্কীয় ভিন্নকৰণ কিয় অত্যাবশ্যকীয় ?

উত্তৰ :- বহনক্ষম জীৱিকাৰ বাবে কৃষি সম্পৰ্কীয় ভিন্নকৰণ অতি অত্যাৱশ্যকীয় কিয়নো জীৱিকাৰ বাবে অইন একো নকৰি কেৱলমাত্র কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰ কৰাত ক্ষতি শংকা অধিক। কেৱল মাত্ৰ কৃষিখণ্ডৰ পৰা ক্ষতি শংকা হ্ৰাস কৰিবলৈকে নহয় বঞ্চ গ্রামীন জনসাধাৰণক উৎপাদনমুখী আৰু বহনক্ষম জীৱিকাৰ অন্য উপায়ৰ সুবিধা দিয়াৰ বাবেও নতুন ক্ষেত্ৰলৈ বৈচিত্র্যকৰণৰ আৱশ্যক । বেছিভাগ কৃষিভিত্তক নিয়োগ কাৰ্যই খাৰিফ শস্যকালত কেন্দ্রীভূত হৈ থাকে। কিন্তু ৰবি শস্যকালত জলসিঞ্চনৰ যথোচিত সুবিধা নথকা অঞ্চলসমূহত লাভজনক নিয়োগ হোৱাটো কষ্ট সাধ্য হয়। সেইবাবে দাৰিদ্ৰ আৰু অন্যান্য যাতনা অতিক্ৰম কৰিবলৈ গাঁওাসীক পৰিপূৰক লাভজনক নিয়োগৰ সুবিধা দিবলৈ আৰু উচ্চ স্তৰৰ আয় অর্জন সম্ভৱ কৰিবলৈ অন্যান্য খণ্ডসমূহৰ সম্প্ৰসাৰণ কৰাটো অপৰিহাৰ্য ।

৬। ভাৰতবৰ্ষত গ্রাম্য উন্নয়ন প্রক্রিয়াত গ্রামীণ বেংক ব্যৱস্থাৰ ভূমিকা সমালোচণাত্মক মূল্যায়ণ কৰা ।

উত্তৰ :- বেংক সেৱাৰ দ্রুত সম্প্ৰসাৰণে গ্ৰাম্য কৃষি আৰু অনাকৃষি উৎপাদন, আয় আৰু নিয়োগৰ ওপৰত ইতিবাচক প্রভাৱ পেলাই বিশেষকৈ সেউজ বিপ্লৱৰ পিছত ই কৃষকসকলক বিভিন্ন সেৱা আৰু ঋণৰ সুবিধাসমূহ তথা তেওঁলোকৰ উৎপাদন জনিত প্ৰয়োজন পূৰণৰ বাবে বিভিন্ন প্ৰকাৰৰ ঋণৰ সুযোগ গ্ৰহণ কৰাত সহায় কৰিছে। তথাপিও বেংক ব্যৱস্থা সম্পূর্ণ সূচাবৰূপে চলা নাই । ইয়াৰ প্ৰধানত হ’ল আনুষ্ঠানিক ঋণদান অনুষ্ঠানসমূহৰ দীর্ঘদিনীয়া নিম্ন কার্য সম্পন্নতা আৰু কৃষকসকলৰ পক্ষত ঘটা খিলাপী ঋণৰ ঘটনাৰ আধিক্যৰ বাবে হৈছে । 

সম্ভৱত বাণিজ্যিক বেংক সমূহৰ বাহিৰে অইন নিয়মিত অনুষ্ঠানসমূহৰ সঞ্চয় গ্রহণযোগ্য ঋণগৃহীতালৈ ঋণ প্রদান আৰু ফলপ্রসূভাৱে ঋণ ঘূৰাই অনা, সংস্কৃতি গঢ়াত ব্যৰ্থ হৈছে । ইচ্ছাকৃত ঋণ অপৰিশোধকাৰী লোকসকলে বেংক ব্যৱস্থাৰ নিয়াৰি কাৰ্য সম্পাদৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে আৰু ইয়াৰ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আহি পৰিছে ।অর্থনৈতিক সংস্কাৰৰ পিছত গ্ৰাম্য বেংক খণ্ডৰ সম্প্ৰসাৰণ আৰু উন্নয়ন পিছ হুহকি গৈছে । এই পৰিস্থিতিৰ উন্নতি কৰিবলৈ হ’লে বেংকসমূহ কেৱল মাত্র ঋণদাতা হৈ থকাৰ পৰিৱর্তে ঋণগৃহীতাসকলৰ সৈতে সম্পৰ্কৰ বেংক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টা কৰিব লাগিব । কৃষকসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা আৰু বিত্তীয় সম্পদসমূহৰ দক্ষতাপূর্ণ ব্যৱহাৰ ত্বান্বিত কৰাৰো প্ৰয়োজন আছে ।

৭। কৃষি বিপণন মানে কি বুজা ?

উত্তৰ :- কৃষি বিপণন মানে হৈছে এক প্রক্রিয়া য’ত একত্ৰকৰণ, মজুতকৰণ, প্ৰক্ৰিয়াকৰণ, পৰিবহন, টোপোলা বন্ধা কাৰ্য, মান অনুযায়ী ক্রমাংকন আৰু সমগ্র দেশত বিভিন্ন কৃষিজাত সামগ্রী বিতৰণক জড়িত কৰাটো বুজায় ।

Sl. No.সূচী-পত্ৰ
PART-A
Chapter 1পাতনি
Chapter 2তথ্য সংগ্রহ
Chapter 3 তথ্য সংকলন
Chapter 4তথ্যৰ উপস্থাপন
Chapter 5কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ
Chapter 6বিচ্যুতি বা প্ৰসাৰৰ মাপ
Chapter 7সহসম্বন্ধ
Chapter 8সূচকাংক
Chapter 9পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ
PART-B
Chapter 1প্রাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 2ভাৰতীয় অৰ্থব্যৱস্থা (1950 – 1990)
Chapter 3উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 4দৰিদ্ৰতা
Chapter 5ভাৰতত মানৱ মূলধন গঠন
Chapter 6গ্রাম্য উন্নয়ন
Chapter 7নিয়োগ :- বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 8আন্ত: গাঁথনি
Chapter 9পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 10ভাৰতবৰ্ষত আৰু ইয়াৰ প্রতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

৮। ‘স্বর্ণ বিপ্লৱ’ ধাৰণাটো ব্যাখ্যা কৰা ।

উত্তৰ :- 1991 আৰু 2000 চনৰ মাজৰ সময়ছোৱাক ‘স্বর্ণ বিপ্লৱ’ৰ বার্তাবহনকাৰী প্রচেষ্টা বুলি অভিহিত কৰা হয়, কাৰণ এই সময়ছোৱাত উদ্যান কৃষিত কৰা পৰিকল্পিত বিনিয়োগ অত্যন্তৰূপে উৎপাদনশীল হৈছিল আৰু এই খণ্ডটো এক বহনক্ষম জীৱিকাৰ উপায় হৈ উঠিছিল । জলবায়ু আৰু ভূমি অৱস্থাৰ বিচিত্ৰতাৰে আশীৰ্বাদপুষ্ট ভাৰতবৰ্ষই ফলমূল, শাক-পাঁচলি, কন্দ শস্য, ফুল ঔষধি আৰু সুগন্ধি উদ্ভিদ, মচলা তথা ৰোপণ শস্য আদিৰ নিচিনা বিভিন্নমুখী উদ্যান শস্য উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰিছে । এই শস্যসমূহে নিয়োগৰ ক্ষেত্ৰত উদ্বেগ নিৰাময় কৰাৰ উপৰিও খাদ্য আৰু পৰিপুষ্টি প্ৰদানত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । 

ভাৰতবৰ্ষই আম, কল, নাৰিকল, কাজু বাদাম আৰু কিছু সংখ্যক মচলা উৎপাদনত সমগ্র বিশ্বত নেতৃস্থান দখল কৰাৰ লগতে ফলমূল আৰু শাক-পাঁচলিৰ ক্ষেত্ৰত দ্বিতীয় সর্ববৃহৎ উৎপাদনকাৰী দেশ ৰূপে আত্মপ্ৰকাশ কৰিছে। উদ্যান কুষিত নিয়োজিত বহু কৃষকৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হৈছে আৰু এই খণ্ড বহু অৱহেলিত শ্ৰেণীৰ বাবে জীৱিকাৰ উপায় হিচাপে পৰিগণিত হৈছে ৷

৯। কৃষি বিপণনৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা চাৰিটা ব্যৱস্থা ব্যাখ্যা কৰা ।

উত্তৰ :- কৃষি বিপণনৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা চাৰিটা ব্যৱস্থাসমূহ হ’ল ক্রমে, প্রথমতে শৃংখলা আৰু স্বচ্ছ বিপণনৰ প্ৰয়োজনীয় পৰিবেশ সৃষ্টিৰ উদ্দেশ্য বজাৰ ব্যৱস্থাৰ য়িষ্ণুণৰ পদক্ষেপ গ্রহণ কৰা হৈছিল । এই নিতিয়ে কৃষক আৰু ভেনীজা উভয়কে বহুলাংশে উপকৃত কৰিছে । দ্বিতীয়টো উপাদান হৈছে ৰাস্তা, বেলপথ, পণ্যাগাৰ, শুদামঘৰ, শীতল সঞ্চয়াগাৰ আৰু প্ৰক্ৰিয়াকৰণ গোট ইত্যাদি বস্তুগত আন্ত: গাঠনিৰ সুবিধাৰ ব্যৱস্থা । কৃষকে উৎপাদিত সামগ্ৰীৰ ন্যায্য দাম পাবৰ কাৰণে সমবায় বিপণন ব্যৱস্থা হৈছে চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ তৃতীয়টো দিশ গুজৰাট আৰু দেশৰ আন কিছুমান অংশত সামাজিক আৰু অৰ্থনৈতিক দৃশ্যপট সলনি কৰাৰ ক্ষেত্ৰত দুগ্ধ সমবায়সমূহে লাভ কৰা সফলতা হৈছে সমবায় সমূহৰ ভূমিকাৰ নিশ্চিত প্রমাণ স্বৰূপ । 

চৰকাৰে গ্ৰহণ কৰা চতুৰ্থটো উপাদান হৈছে নীতি সম্পৰ্কীয় আহিলাসমূহ যেনে- 

(ক) কৃষিজাত উৎপাদনৰ বাবে নিম্নতম সমৰ্থিত মূল্যৰ আশ্বাস।

(খ) ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা ঘেঁহু আৰু চাউলৰ আপদকালিন ভঁৰালৰ অব্যাহত ৰখা। 

(গ) ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে খাদ্য শস্য আৰু চেনিৰ বিতৰণ। 

এই আহিলাসমূহৰ নিৰ্দিষ্ট লক্ষ্য হৈছে কৃষকসকলৰ আয় সুৰক্ষা প্ৰদান কৰা আৰু ৰেহাই মূল্যত দুখীয়াসকলক খাদ্য শস্য যোগান ধৰা ৷

১০। ভিন্নকৰণৰ উৎস হিচাপে পশুপালন মীন পালন আৰু উদ্যান কৃষিৰ গুৰুত্ব ফহিয়াই দেখুওৱা ৷

উত্তৰ :- ভিন্নকৰণৰ উৎস হিচাপে পশুপালন মীন পালন আৰু উদ্যান কৃষিৰ গুরুত্বসমূহ তলত দাঙি ধৰা হ’ল-

পশু-পালন :- ভাৰতবৰ্ষত কৃষিজীৱী সম্প্রদায়ে কৃষি আৰু পশুপালন দুয়োটা একেলগে কৰে । গৰু, ম’হ, ছাগলী, কুকুৰা আদি বহুলভাৱে পালন কৰা প্ৰজাতি । পশুধন উৎপাদনে অন্য খাদ্য উৎপাদন কার্যত ব্যাঘাত নঘটোৱাকৈ আয়, খাদ্য নিৰাপত্তা, পৰিবহন, ইন্ধন আৰু পৰিয়ালৰ পৰিপুষ্টিৰ ক্ষেত্ৰত বৰ্দ্ধিত সুস্থিৰতা প্ৰদান কৰে । পশুধন খণ্ডই ভূমিহীন শ্রমিক, ক্ষুদ্ৰ আৰু উপাস্ত কৃষকর বিশুল্প জীৱিকাৰ সুবিধা দিছে। 1966 চনৰ পৰা আৰম্ভ কৰা স্নারমা অভিযান ব্যৱস্থাৰ দ্বাৰা সকলো কৃষকে বিভিন্ন ক্রমাংকন অনুযায়ী তেওঁলোকৰ উৎপাদিত গাখীৰ উমৈহতীয়াভাৱে জমা কৰিব পাৰে আৰু সেইবোৰৰ প্ৰক্ৰিয়াকৰণ তথা সমবায়ৰ জৰিয়তে নগৰৰ কেন্দ্ৰ সমূহত বিপণন কৰা হয় । এই ব্যৱস্থাত নগৰৰ বজাৰসমূহত গাখীৰৰ যোগানৰ জৰিয়তে কৃষকসকলে এক ন্যায্যদান আৰু আয় লাভৰ নিশ্চিতি লাভ কৰে ।

মীনপালন :- মাছমৰীয়া সম্প্রদায়ে জলাধাৰসমূহক ‘মাতৃ’ আৰু ‘প্ৰদাত্রী’ ৰূপে জ্ঞান কৰে । সাগৰ, মহাসাগৰ, নদী, হ্রদ, প্রাকৃতিকভাৱে জলপুষ্ট পুখুৰী, জুৰি ইত্যাদি জলাধাৰ সমূহ সেইবাবে মাছমৰীয়া সম্প্ৰদায়ৰ কাৰণে অবিচ্ছেদ্য আৰু জীৱনদায়িনী উৎস । ভাৰতবৰ্ষত মীন পালন আৰু জলকৰ্ষণৰ ক্ষেত্ৰত বাজেট আরণ্টনৰ ক্ৰমবৰ্দ্ধমান বৃদ্ধি আৰু নতুন প্রযুক্তি প্রয়োগৰ ফলত মীন পালনৰ উন্নতিয়ে এক দীর্ঘপথ অতিক্রম কৰিছে । দেশত আভ্যন্তৰীণ উৎসসমূহৰ হোৱা মাছৰ উৎপাদনে মুঠ মীন উৎপাদনলৈ 49% আৰু বাকী 51% আহে সামুদ্রিক খণ্ডৰ পৰা । বর্তমান মুঠ মাছ উৎপাদন সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ 1.4% ৰাজ্যসমূহৰ ভিতৰত কেৰালা, গুজৰাট, মহাৰাষ্ট্ৰ আৰু তামিলনাডু হৈছে সামুদ্রিক মাছৰ প্ৰধান উৎপাদনকাৰী ।

উদ্যানকার্য :- জলবায়ু আৰু ভূমিৰ অৱস্থাৰ বিচিত্ৰতাৰে আশীৰ্বাদপুষ্ট ভাৰতবৰ্ষই ফলমূল, শাক-পাঁচনি, কন্দ শস্য, ফুল, ঔষধি আৰু সুগন্ধি উদ্ভিদ, মচলা তথা ৰোপন শস্য আদিৰ নিচিনা বিভিন্নমুখী উদ্যান শস্য উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ‘স্বর্ণ বিপ্লৱ’ৰ সময়ছোৱাত উদ্যানকৃষিত কৰা পৰিকল্পিত বিনিয়োগ অত্যন্তৰূপে উৎপাদনশীল হৈছিল আৰু এই খণ্ডটো এক বহনক্ষম জীৱিকাৰ উপায় হৈ উঠিছিল । ভাৰতবৰ্ষই আম, কল, নাৰিকল, কাজুবাদাম আৰু কিছু সংখ্যক মচলা উপাদনত সমগ্ৰ বিশ্বত নেতৃস্থান দখল কৰাৰ লগতে ফলমূল আৰু শাক-পাঁচলিৰ ক্ষেত্ৰত দ্বিতীয় সর্ববৃহৎ উৎপাদনকাৰী দেশ ৰূপে আত্মপ্ৰকাশ কৰিছে । উদ্যান কৃষিত নিয়োজিত বহু কৃষকৰ অর্থনৈতিক অৱস্থাৰ উন্নতি হৈছে আৰু এই খণ্ডটো বহু অবহেলিত শ্ৰেণীৰ বাবে জীৱিকাৰ উপায় হিচাপে পৰিগণিত হৈছে । ফুলৰ খেতি, পুলি বাগানৰ প্ৰতিপালন, উচ্চ উৎপাদনক্ষম বীজ উৎপাদন তথ্য কলাকর্ষণ ফলমূল আৰু ফুলৰ সঁচৰ উৎপাদন আৰু খাদ্য প্রক্রিয়াকৰণ আদি গ্রামাঞ্চলৰ মহিলাসকলৰ বাবে অত্যন্ত লাভজনক নিয়োগৰ উপায় হৈ পৰিছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top