Class 11 Economics Chapter 12 উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ

Class 11 Economics Chapter 12 উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Economics Chapter 12 উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ and select needs one.

Class 11 Economics Chapter 12 উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ: এক পর্য্যালোচনা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Economics Chapter 12 উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ Solutions for All Subject, You can practice these here…

উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ: এক পর্য্যালোচনা

পাঠ: ১২

Part-B

চমু প্ৰশ্ন

১। পূৰ্ণগঠন ভাৰতবৰ্ষত কিয় আৰম্ভ কৰা হৈছিল ?

উত্তৰ :- ভাৰতত 1991 চনৰ আগলৈ, আমদানিৰ তুলনাত ৰস্তানি বুদ্ধি নোপোৱাত বিদেশী বিনিময়ৰ ভঁৰাল কমি আহে আৰু উচ্চ মুদ্ৰ ক্ষীতিৰ বাবে অর্থনীতিৰে সমস্যাৰ সম্মুখীন হয় । ভাৰতবৰ্ষই 1991চনৰ বিভীয় সংকট আঁতৰাবলৈ আৰু বিশ্ববেংক তথা আন্তর্জাতিক মুদ্ৰা নিধিৰ হেঁচাৰ বাবে ইয়াৰ অৰ্থনৈতিক কৌশল সমূহ পৰিৱৰ্তন কৰিবলৈ পূর্ণগঠন আৰম্ভ হয় ।

২। কিমান দেশ বিশ্ব বাণিজ্য সংস্থাৰ সদস্য ?

উত্তৰ :- 2001 চনলৈ 142 খন ৰাষ্ট ।

৩। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অতি গুৰুত্বপূৰ্ণ কার্য কি ? 

উত্তৰ :- কাগজী নোট ছাপা কৰা ।

৪। ভাৰতীয় ৰিজাৰ্ভ বেংকে কেনেকৈ বাণিজ্যিক বেংকসমূহক নিয়ন্ত্ৰণ কৰে । 

উত্তৰ :- ৰিজাৰ্ভ বেংকৰ নীতি আৰু বিধিৰ দ্বাৰা বাণিজ্যিক বেংকসমূহ নিয়ন্ত্রণ হয় । বাণিজ্যিক বেংকসমূহে কিমান পৰিমাণৰ মুদ্ৰা নিজৰ হাতত জমা ৰাখিব, সূতৰ হাৰ নিৰ্ধাৰণ, বিভিন্ন খণ্ডলৈ কেনেকুৱা প্ৰকাৰৰ ঋণ যোগান ধৰিব সেয়া, ভাৰতীয় ৰিজাৰ্ভ বেংকে ঠিক কৰে ।

৫। টকাৰ অৱমূল্যয়ণ বুলিলে তুমি কি বুজা ?

উত্তৰ :- মুদ্ৰাৰ মূল্যক কমাই দিয়াকে অবমূল্যায়ণ বোলে । 1991 চনত লেন-দেনৰ ভাৰসম্যতাৰ সংকট দূৰ কৰাৰ বাবে বিদেশী মুদ্ৰাৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ মূল্য তৎকালীনভাৱে কমাই দিয়া বা হ্ৰাস কৰাকে টকাৰ অৱমূলায়ণ বুলি জনা যায় । টকাৰ  অৱমূল্যায়ণনৰ ফলত বিদেশী বিনিময়ৰ ভাণ্ডাৰৰ আগমন বৃদ্ধি কৰে ৷

৬। পার্থক্য নির্ণয় কৰা ।

(ক) কৌশল সম্বন্ধীয় আৰু লঘু বিক্ৰী।

(খ) দ্বিপাক্ষীক আৰু বহুপক্ষীয় বাণিজ্য।

(গ) শুল্ক আৰু অনা শুল্ক প্রতিবন্ধকতা সমূহ।

উত্তৰ :- (ক) কৌশল সম্বন্ধীয় আৰু লঘু বিক্ৰী :- কৌশল সম্বন্ধীয় বিক্ৰী হ’ল যিবিলাক প্রতিষ্ঠানে নিজৰ দক্ষতাৰে উন্নত ব্যৱসায়ৰ  ভিতৰত প্ৰবেশ কৰিব পাৰে আৰু উদাৰীকতাৰে বিশ্ব পৰিবেশত বেছি দক্ষতাৰে প্রতিযোগিতা কৰিব পাৰে । আনহাতে লঘু বিক্ৰী হ’ল পৰম্পৰাগত ভাৱে চলি অহা বিক্রী প্রক্রিয়া । ই কেরল ক্রেতা আৰু বিক্ৰেতাৰ মাজতে সীমাবদ্ধ ।

(খ) দ্বিপাক্ষীক আৰু বহুপক্ষীয় বাণিজ্য :- দ্বিপক্ষীয় বাণিজ্য হ’ল কেৱলমাত্ৰ দুখন দেশৰ মাজত গঢ় লৈ উঠা বাণিজ্য। আনহাতে বহুপঞ্জীক বাণিজ্য হ’ল দুখনতকৈ অধিক দেশৰ লগত চলা বাণিজ্য ।

(গ) শুল্ক আৰু অনা শুল্ক প্রতিবন্ধকতা সমূহ :- গুল্ক হ’ল এক প্ৰকাৰৰ কৰ, যাঁত সামগ্ৰীসমূহে কোনো এখন দেশৰ বাহিৰলৈ যাওঁতে বা দেশৰ ভিতৰলৈ সোমাওতে ইয়াক আৰোপ কৰা হয় । আনহাতে, অন্য শুল্ক প্রতিবন্ধকতা হ’ল কোনো এবিধ সামগ্রী আমদানী কৰোতে আৰোপ কৰা বাধা । অন্য শুল্ক প্রতিবন্ধকতা সমূহ হ’ল প্রশাসনীয় ব্যৱস্থা যাক স্থানীয় বা ঘৰুৱা চৰকাৰৰ ছাৰা আৰোপ কৰা হয় ।

৭। শুল্ক কিয় আৰোপ কৰা হয় ?

উত্তৰ :- এখন দেশে শুষ্ক আৰোপ কৰাৰ মুখ্য উদ্দেস্য হ’ল আমদানীৰ ওপৰত নিয়ন্ত্ৰণ ৰক্ষা কৰা আৰু দেশৰ ঘৰুৱা উদ্যোগ সমূহক বাহিৰা প্ৰতিযোগিতাৰ পৰা মুক্ত ৰখা ৷

৮। সাংখ্যিক নিয়ন্ত্ৰণৰ অর্থ কি ?

উত্তৰ :- সাংখ্যিক নিয়ন্ত্ৰণ মানে হ’ল, ঘৰুৱা উদ্যোগৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমদানির ক্ষেত্ৰত যি কিছু সাংখ্যিক প্রতিবন্ধকতা আৰোপ কৰে ।

৯। যিবিলাক ৰাজহুৱা খণ্ডৰ অধীনৰ উদ্যোগে লাভ অৰ্জন কৰি আছে, সেই বিলাকক ব্যক্তিগতকৰণ কৰিব লাগে ৷ তোমালোকে সেই মতক সমৰ্থন কৰানে ? কিয় ?

উত্তৰ :- নকৰো কিয়নো ৰাজহুৱা খণ্ডৰ উদ্যোসমূহক সামান্য খৰচত গুণগত উৎপাদিত সামগ্ৰী সৰ্বসাধাৰণ ৰাইজক দিব পাৰে আৰু কোম্পানী সমুহৰ সকলো ষ্টক হলডাৰৰ (Stock Holder) ওচৰত দায়বদ্ধ থাকে, যিবিলাক ব্যক্তিগতকৰণৰ পিছত সম্ভৱ নহয় ।

১০। বর্হিসোঁত ভাৰতবৰ্ষৰ বাবে ভাল বুলি তোমালোকে ভাবানে? উন্নত দেশসমূহে ইয়াৰ বিৰোধিতা কৰিছে কিয় ?

উত্তৰ :- বৰ্হিসোঁত ভাৰতবৰ্ষৰ বাবে ভাল বুলিয়ে ক’ব লাগিব। ভাৰতবৰ্ষ এখন জনবহুল দেশ আৰু ইয়াত জনসংখ্যা অধিক হোৱাৰ বাবে সস্তীয়া শ্রমিক অধিক । গতিকে বৰ্হিসোঁতৰ ফলত ভাৰতৰ অসীম জনসংখ্যাই উন্নত মজুৰিৰ সৈতে নিয়োগৰ সুবিধা পাব আৰু মানৱ শক্তিৰ বিকাশ সাধন সম্ভৱ হ’ব ।

উন্নত দেশ সমুহে ইয়াৰ বিৰোধিতা কৰিছে । কাৰণ, উন্নত দেশসমূহৰ বজাৰত উন্নয়নশীল দেশসমূহক সোমাবলৈ দিলে, তেওঁলোকৰ বাবে প্রতিযোগিতাৰ সৃষ্টি হব আৰু ই আন্ত: ৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত অশুভ প্রভাৱ পেলাব ।

১১। ভাৰতবৰ্ষৰ বৰ্হিসোঁতৰ উদ্দেশ্য পূৰণৰ বাবে কিছুমান লাগতীয়াল সুবিধা আছে । এই সবিধাসমূহ কি কি ?

উত্তৰ :- এই সুবিধাসমূহ হ’ল-

(a) ভাৰতবৰ্ষত মজুৰিৰ হাৰ কম ।

(b) ভাৰতবৰ্ষত বুদ্ধিমান মানৱ শক্তিৰ পৰিমাণ কম হোৱাৰ বাবে, ইয়াক সহজে ব্যৱহাৰ কৰিব পাৰি ।

(c) প্ৰচুৰ পৰিমাণৰ অব্যৱহৃত প্রাকৃতি সম্পদ ।

(d) কেঁচা সামগ্ৰী সমূহ সহজ লভ্য ।

১২। তোমালোকে ভাবানে, চৰকাৰৰ নৱৰত্ন কৌশলে ভাৰতৰ ৰাজহুৱা খণ্ডৰ অধীনত থকা উদ্যোগৰ উন্নয়নত সহায়ক হৈছে ? কেনেকৈ ?

উত্তৰ :- উন্নয়নত সহায়ক হৈছে। কিয়নো এই কৌশলৰ পিছত, প্রতিষ্ঠান সমূহে নিজৰ দক্ষতাৰে উন্নত ব্যৱসায়ৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে আৰু উদাৰীকৰণৰ বিশ্ব পৰিবেশত বেছ দক্ষতাৰে প্ৰতিযোগিতা কৰিব পাৰে । এই কৌশল স্থাপন কৰাৰ উদ্দেশ্য আছিল ৰাইজক আন্তগাঁথনি আৰু প্রত্যক্ষ নিযুক্তি প্ৰদান কৰা নৱৰত্ব মর্যাদা দিয়াৰ ফলত এই কোম্পানী বা উদ্যোগসমূহে অধিক ভালফল দেখুৱাব পাৰিছে ।

১৩। কি কি প্ৰধান কাৰণৰ বাবে সেৱা খণ্ডৰ উচ্চ বিকাশ ঘটিছে ?

উত্তৰ :- প্ৰধান কাৰণসমূহ হ’ল-

(a) পৰম্পৰাগত সামগ্ৰীসমূহৰ ৰপ্তানি আৰু আমদানিৰ পৰিমাণ কম হোৱাৰ বাবে । 

(b) উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বমুখীকৰণৰ প্ৰভাৱৰ বাবেও সেৱা খণ্ডৰ বিকাশ ঘটিছে ।

(c) দেশবিলাকে বৰ্হিসোঁতৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবেও সেৱা খণ্ডৰ বিকাশ ঘটিছে ।

(d) বিভিন্ন বাণিজ্যিক সংগঠন, বিত্তীয় প্রতিষ্ঠান ইত্যাদিবোৰে সেৱা খণ্ডৰ অন্তৰ্ভুক্ত বিষয়সমূহক গুৰুত্ব দিয়াৰ লগে লগে ইয়াৰ বিকাশ সাধন হৈছে ।

Sl. No.সূচী-পত্ৰ
PART-A
Chapter 1পাতনি
Chapter 2তথ্য সংগ্রহ
Chapter 3 তথ্য সংকলন
Chapter 4তথ্যৰ উপস্থাপন
Chapter 5কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ
Chapter 6বিচ্যুতি বা প্ৰসাৰৰ মাপ
Chapter 7সহসম্বন্ধ
Chapter 8সূচকাংক
Chapter 9পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ
PART-B
Chapter 1প্রাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 2ভাৰতীয় অৰ্থব্যৱস্থা (1950 – 1990)
Chapter 3উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 4দৰিদ্ৰতা
Chapter 5ভাৰতত মানৱ মূলধন গঠন
Chapter 6গ্রাম্য উন্নয়ন
Chapter 7নিয়োগ :- বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 8আন্ত: গাঁথনি
Chapter 9পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 10ভাৰতবৰ্ষত আৰু ইয়াৰ প্রতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

১৪। পূৰ্ণগঠনৰ কার্যপ্রণালীৰ দ্বাৰা কৃষি খণ্ডই বিপৰীতমুখী প্ৰভাৱৰ সন্মুখীন হ’ব লগা হৈছে । কিয় ? 

উত্তৰ :- পুনগঠনে কৃষিৰ কোনো হিত সাধন কৰিব নোৱাৰৰ বাবে ইয়াৰ বিকাশৰ হাৰ কমি আহিছিল । 

পূৰ্ণগঠনৰ সময়ছোৱাত ৰাজহুৱা বিনিয়োগ, বিশেষকৈ আন্তঃগাথনি যাৰ ভিতৰত জলসিঞ্চন, শক্তি, ৰাস্তা, বজাৰ সংযোগ আৰু গৱেষণা ইত্যাদি কৃষিৰ ক্ষেত্ৰত কমোৱা হ’ল । আনহাতে, ৰাজসাহায্য উঠাই দিয়াৰ বাবে উৎপাদন ব্যয় বৃদ্ধি পালে । যাৰ ফলত ক্ষুদ্ৰ আৰু প্ৰান্তিক খেতিয়ক সকল বেয়াকৈ ক্ষতিগ্রস্ত হ’ল । ইয়াৰ উপৰিও কৃষিত ৰপ্তানীগত কৌশল নীতিয়ে উৎপাদনৰ ক্ষেত্ৰত ঘৰুৱা বজাৰৰ পৰা ৰপ্তানি বজাৰলৈ কৃষকসকলক আকর্ষণ কৰিলে । যাৰ ফলত খাদ্য শস্য উৎপাদনৰ পৰিবৰ্তে নগদ শস্য উৎপাদনত কৃষকসকল কেন্দ্ৰিভূত হৈ পৰিল আৰু খাদ্য শস্যৰ দামৰ ওপৰত এক হেঁচাৰ সৃষ্টি কৰি, গোটেই কৃষি ক্ষেত্ৰতে বিপৰীতমুখী প্ৰভাৱ পেলালে ।

১৫। পূর্ণগঠনৰ সময়চোৱাত উদ্যোগ খণ্ডৰ কাৰ্যক্ষমতা কিয় দুৰ্বল হৈছে ? 

উত্তৰ :- ইয়াৰ কাৰণ হ’ল- আমদানিকৃত সামগ্ৰীৰ মূল্য কম হোৱা আৰু আন্তগাঁথনিত উপযুক্ত বিনিয়োগ নোহোৱাৰ বাবে উদ্যোগজাত সামগ্ৰীৰ চাহিদা হ্রাস পাই আহিছে । বিনিয়োগৰ অভাৱত আস্তগাঁথনি ব্যৱস্থা, যেনে শক্তি যোগানৰ নিচিনা ব্যৱস্থা অনুপযুক্ত হৈ আছে । আকৌ বিশ্বমুখীক্ৰমে এনেকুৱা কিছুমান অৱস্থাৰ সৃষ্টি কৰিছে, যাৰ ফলত বিদেশৰ সামগ্ৰী আৰু সেৱাই মুক্ত চলাচলৰ সুবিধা লাভ কৰিছে । ইয়াৰ ফলস্বৰূপে উন্নয়নশীল দেশসমূহৰ স্থানীয় উদ্যোগ আৰু নিযুক্তিৰ সুবিধাৰ ওপৰত এক বেয়া প্ৰভাৱ পেলাইছে । কম মূল্যৰ আমদানিকৃত যন্ত্ৰৰ উপস্থিতিয়ে আৰু বিনিয়োগ কমি যোৱাৰ বাবে পৰ্ণগঠনৰ সময়ছোৱাত উদ্যোগ খণ্ডৰ বিকাশ লেহেমীয়া হৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top