Class 11 Advance Assamese Important Chapter 11 ভ্ৰষ্টলগ্ন

Class 11 Advance Assamese Important Chapter 11 ভ্ৰষ্টলগ্ন Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Advance Assamese Important Solutions and select need one. Class 11 Advance Assamese Additional Solutions Download PDF. HS 1st Year Advance Important Question Answer in Assamese.

Class 11 Advance Assamese Important Chapter 11 ভ্ৰষ্টলগ্ন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Advance Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Advance Assamese Important Solutions for All Chapters, You can practice these here.

Chapter: 11

গোট – ৩: চুটিগল্প
IMPORTANT QUESTION AND ANSWER

১। শাহুৱেকৰ মৃত্যুৰ পিছত কাৰ চিন মঞ্জুলাৰ জীৱনত নাথাকিল?

উত্তৰঃ শাহুৱেকৰ মৃত্যুৰ পিছত শহুৰেকৰ চিন মঞ্জুলাৰ জীৱনত নাথাকিল।

২। শহুৰেক কেতিয়া মৃত্যুবৰণ কৰে?

উত্তৰঃ শহুৰেক দুবছৰ আগতেই মৃত্যুবৰণ কৰিছিল।

৩। মঞ্জুলাৰ দেওৰেকজনৰ নাম কি?

উত্তৰঃ মঞ্জুলাৰ দেওৰেকজনৰ নাম প্ৰদীপ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। প্ৰদীপ ক’ত থাকে?

উত্তৰঃ প্ৰদীপ সুদূৰ কাশ্মীৰত থাকে।

৫। প্ৰদীপৰ কিমান সন্তান আছে?

উত্তৰঃ প্ৰদীপৰ দুটা সন্তান আছে।

৬। পুতলীয়ে কিয় মাকৰ ঘৰতে থাকিবলৈ ধৰিলে?

উত্তৰঃ শহুৰেকৰ ঘৰৰ বেয়া অৱস্থাৰ বাবে পুতলীয়ে মাকৰ ঘৰতে থাকিবলৈ ধৰিলে।

৭। মঞ্জুলাৰ স্বামীৰ নাম কি?

উত্তৰঃ মঞ্জুলাৰ স্বামীৰ নাম ত্রিদিব।

৮। ত্ৰিদিবে কি কাম কৰে?

উত্তৰঃ ত্রিদিব এজন কলেজ অধ্যাপক।

৯। শাহুৱেকৰ বয়স কিমান আছিল মৃত্যুৰ সময়ত?

উত্তৰঃ শাহুৱেকৰ বয়স আশীৰ ওচৰা-উচৰি আছিল।

১০। মঞ্জুলাই কিমান বছৰৰ পূৰ্বে এই ঘৰলৈ বিয়া হৈছিল?

উত্তৰঃ মঞ্জুলাই বিশ বছৰৰো অধিক সময় আগতে এই ঘৰলৈ বিয়া হৈছিল।

১১। মঞ্জুলাৰ ভনীয়েকৰ নাম কি?

উত্তৰঃ মঞ্জুলাৰ ভনীয়েকৰ নাম মৃদুলা।

১২। মন্দিৰাই মাকক কোন কথাটোৰ অনুমতি বিচাৰিলে?

উত্তৰঃ মন্দিৰাই মাকক ভাল চিনেমা এখন চাবলৈ যাবলৈ অনুমতি বিচাৰিলে।

১৩। মঞ্জুলাৰ জীয়েক কিমানজন?

উত্তৰঃ মঞ্জুলাৰ জীয়েক তিনিজনী।

১৪। ঘৰত ল’ৰা-ছোৱালী সহ কিমান মানুহ আছিল?

উত্তৰঃ ঘৰত ল’ৰা-ছোৱালী সহ মুঠ ১৩ জন মানুহ আছিল।

১৫। মঞ্জুলাৰ কি কৰিবলৈ ইচ্ছা আছিল?

উত্তৰঃ মঞ্জুলাৰ বি.এ. পাছ কৰিবলৈ ইচ্ছা আছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top