Class 10 Science MCQ Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

Class 10 Science MCQ Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Question Answer can be of great value to excel in the examination.

Class 10 Science MCQ Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

Chapter – 1

ৰসায়ন বিজ্ঞান

Multiple Choice Questions & Answers

1. পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-

(a) সংযোজন।

(b) বিযোজন।

(c) অপসৰণ।

(d) তাপবর্জী।

উত্তৰঃ  (b) বিযোজন।

2. তলৰ কোনটো বিক্ৰিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে –

(a) অপসাৰণ।

(b) বিযোজন।

(c) দ্বিঅপসৰণ। 

(d) সংযোজন।

উত্তৰঃ  (c) দ্বিঅপসৰণ। 

3. প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-

(a) তাপগ্রাহী।

(b) তাপবর্জী। 

(c) সংযোজন।

(d) অধঃক্ষেপণ।

উত্তৰঃ (b) তাপবর্জী। 

4. ZnO + C →  Zn + CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে –

(a) ZnO, C 

(b) Zn, CO

(c) ZnO, CO

(d) C, ZnO

উত্তৰঃ (d) C, ZnO

5. MnO₂ + 4HCI → MnCl₂ + 2H₂O + Cl₂—এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে – 

(a) HCI, MnO₂

(b) HCI, MnCl₂

(c) MnO₂, HCI 

(d) MnO₂, Cl₂

উত্তৰঃ (a) HCI, MnO₂

6. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ’ল — 

(a) মেগনেছিয়াম কার্বনেট।

(b) মেগনেছিয়াম নাইট্রেট।

(c) মেগনেছিয়াম অক্সাইড।

(d) মেগনেছিয়াম হাইড্রক্সাইড।

উত্তৰঃ (c) মেগনেছিয়াম অক্সাইড।

7. পোৰা চুণে পানীৰ লগত কৰা ৰিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ–

(a) সংযোজন।

(b) বিযোজন।

(c) তাপবর্জী।

(d) (a) আৰু (c)।

উত্তৰঃ (d) (a) আৰু (c)।

8. ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয়। – 

(a) SO₂ 

(b) SO₃

(c) Fe₂ O₃

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ  (d) ওপৰৰ আটাইকেইটা।

9. চূণশীল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো ৰিক্ৰিয়াৰ উদাহৰণ– 

(a) সংযোজন।

(b) বিযোজন।

(c) অপসৰণ।

(d) তাপবর্জী।

উত্তৰঃ (b) বিযোজন।

10. লেড নাইট্রেট তাপীয় বিযোজনত তলৰ কোনটো উৎপন্ন হয় – 

(a) PbO 

(b) NO₂ 

(c) N₂ 

(d) O₂ 

উত্তৰঃ (c) N₂ 

11. ছিলভাৰ ব্ৰ ‘মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ–

(a) বিযোজন।

(b) সংযোজন।

(c) তাপগ্রাহী। 

(d) (a) আৰু (c)

উত্তৰঃ (d) (a) আৰু (c)

12. কপাৰ ছালফেট দ্রৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ–

(a) অপসৰণ।

(b) অধঃক্ষেপণ।

(c) দ্বিঅপসৰণ।

(d) সংযোজন।

উত্তৰঃ (a) অপসৰণ।

13. BaCl₂ + H₂ SO₄ → BaSO₄ + 2HCl – এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ –

(a) অপসৰণ।

(b) দ্বিঅপসৰণ।

(c) অধঃক্ষেপণ। 

(d) (b) আৰু (c)

উত্তৰঃ (d) (b) আৰু (c)

14. 2Cu + O₂  → 2CuO – এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে—

(a) CuO, O₂ 

(b) Cu, O₂ 

(c) O₂, CuO

(d) Cu, CuO

উত্তৰঃ (b) Cu, O₂ 

15. কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে? 

(a) ক’লা। 

(b) মুগা।

(c) সেউজীয়া।

(d) ৰঙা। 

উত্তৰঃ (c) সেউজীয়া।

16. ছিলভাৰৰ ক্ষয়ীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?

(a) কলা।

(b) সেউজীয়া। 

(c) মুগা। 

(d) মটীয়া।

উত্তৰঃ (a) কলা।

17. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে — 

(a) মলি আঁতৰাবলৈ। 

(b) ঘৰ্ষণৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ।

(c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ।

(d) ইয়াৰ পৃষ্ঠৰ হাইড্রক্সাইডৰ তৰপটো আঁতৰাবলৈ।

উত্তৰঃ (c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ।

18. তলৰ কোনটো এটা তাপীয় বিযোজন বিক্রিয়া?

(a) 2AgCl → 2Ag + Cl₂ 

(b) 2H₂O → 2H₂ + O₂ 

(c) 2AgBr → 2Ag + Br₂ 

(d) CaCO₃ → CaO +CO₂ 

উত্তৰঃ (d) CaCO₃ → CaO +CO₂ 

19. এটা জঁকা সমীকৰণ সত্তলিত কৰাৰ ভিত্তি হ’ল–

(a) শক্তিৰ সংৰক্ষণৰ সূত্ৰ।

(b) স্থিৰানুপাত বিধি।

(c) ভৰৰ নিত্যতা বিধি।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ ভৰৰ নিত্যতা বিধি।

20.  x Pb (NO₃)₂ → yPbO + z NO₂ + O₂ – এই সন্তুলিত ৰাসায়নিক সমীকৰণটোত x, y আৰু z ৰ মানবোৰ ক্ৰমে- 

(a) 2, 3, 4 

(b) 2, 2, 4

(c) 2, 2, 2 

(d) 3, 2, 4

উত্তৰঃ (b) 2, 2, 4

21. কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে –

(i) মিশ্ৰণৰ উষ্ণতা বাঢ়ে।

(ii) মিশ্ৰণৰ উষ্ণতা একে থাকে।

(iii) কেলছিয়াম হাইড্রক্সাইড উৎপন্ন হয়।

(iv) এটা তাপগ্রাহী বিক্রিয়া সংঘটিত হয়। 

শুদ্ধ বিকল্পটো হ’ল –

(a) (i), (iii)

(b) (ii), (iii)

(c) (i), (iii), (iv) 

(d) কেৱল (iv)।

উত্তৰঃ (a) (i), (iii)

22. ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ মিহলি কৰিলে –

(i) ছ’ডিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম চালফেট উৎপন্ন হয়। 

(ii) এটা অপসৰৰ্ণ বিক্রিয়া সংঘটিত হয় । 

(iii) এটা হি অপসরণ বিক্রিয়া সংঘটিত হয়।

(iv) এটা অধঃক্ষেপণ বিক্রিয়া সংঘটিত হয়।

শুদ্ধ বিকল্পটো হ’ল –

(a) (i), (ii), (iii)

(b) (i), (ii)

(c) (i), (iii) 

(d) (i), (iii), (iv)

উত্তৰঃ (d) (i), (iii), (iv)

23. তলৰ কোনটো সংযোজন বিক্রিয়া নহয়?

(a) CaO + H₂ O → Ca(OH)₂ 

(b) C + O₂ → CO₂ 

(c) CH₄ + 2O₂  → CO₂  + 2H₂ O 

(d) 2H₂ + O₂ → 2H₂O

উত্তৰঃ (c) CH₄+ 2O₂  → CO₂  + 2H₂ O 

24. লেড নাইট্রেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ’ল—  

(a) NO₂

(b) PbO 

(c) O₂

(d) Pb

উত্তৰঃ (a) NO₂

25. বগা ছিল ভাৰ ক্ল’ৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ’ব–

(a) বগা।

(b) ৰঙা।

(c) মটীয়া।

(d) হালধীয়া। 

উত্তৰঃ (c) মটীয়া ।

26. তলৰ কোনটো বিক্রিয়া ক’লা-বগা ফটোগ্রাফীত ব্যবহৃত হয়? 

(a) Fe + CuSO₄ → FeSO₄ + Cu

(b) 2AgBr → 2Ag₂ + Br₂

(c) 2H₂O → 2H₂ + O₂

(d) 2Pb (NO₃)₂ → 2PbO + 4NO₂ + O₂

উত্তৰঃ (b) 2AgBr → 2Ag₂ + Br₂

27. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?

(i) লেড বিজাৰিত হৈছে। 

(ii) কার্বন ডাই অক্সাইড জাৰিত হৈছে। 

(iii) কাৰ্বন জাৰিত হৈছে। 

(iv) লেড অক্সাইড বিজাৰিত হৈছে। 

শুদ্ধ বিকল্পটো হ’ল –

(a) (i) আৰু (ii) 

(b) (i) আৰু (ii) 

(c) (i), (ii) আৰু (iii) 

(d) সকলো।

উত্তৰঃ (a) (i) আৰু (ii) 

28. Fe₂ O₃ +2AI → 

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ –

(a) এটা সংযোজন বিক্ৰিয়াৰ। 

(b) এটা দ্বি-অপসৰণ বিক্ৰিয়াৰ।

(c) এটা বিযোজন বিক্ৰিয়াৰ।

(d) এটা অপসৰণ বিক্ৰিয়াৰ।

উত্তৰঃ (d) এটা অপসৰণ বিক্ৰিয়াৰ।

29. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? 

(a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।

(b) ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্রক্সাইড উৎপন্ন হয়।

(c) বিক্রিয়া নঘটে।

(d) আইৰণৰ লৱণ আৰু পানী উৎপন্ন হয়।

উত্তৰঃ (a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।

30. তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য? 

(a) অৱস্থাৰ পৰিৱৰ্তন।

(b) ৰঙৰ পৰিৱৰ্তন।

(c) গেছৰ উদ্ভৱ।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

Very Short & Short Type Questions and Answers

1. ৰাসায়নিক বিক্রিয়া কি?

উত্তৰঃ যেতিয়া পদার্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয়, তেতিয়া তাত এক ৰাসায়নিক বিক্রিয়া সংঘটিত হোৱা বুলি কোৱা হয়। ইয়াৰ ফলত পদাৰ্থবিধৰ ৰাসায়নিক ধৰ্ম আৰু সংযুতি সলনিৰে নতুন পদাৰ্থৰ সৃষ্টি হয়।

2. ৰাসায়নিক সমীকৰণ কাক বোলে?  

উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্রিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে।

3. অসন্তুলিত বা জঁকা সমীকৰণ কি? 

উত্তৰঃ যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰামাণুৰ সংখ্যা একে নাথাকে, তেতিয়া তেনে সমীকৰণক জঁকা বা অসন্তুলিত সমীকৰণ বোলে।

4. সন্তুলিত সমীকৰণ কি?

উত্তৰঃ যেতিয়া কোনো ৰাসায়ানিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে, তেতিয়া তেনে সমীকৰণকে সন্তুলিত সমীকৰণ বোলে।

5. বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদার্থবিধ কি? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা। 

উত্তৰঃ মেগনেছিয়াম অক্সাইড (MgO) 

2Mg + O₂ → 2MgO

6. সংযোজন বিক্রিয়া কাক বোলে? 

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটাই মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন কৰে, তাক সংযোজন বিক্রিয়া বোলে।

7. এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ C + O₂ → CO₂

8. কেলছিয়াম অক্সাইডে তীব্রভাবে পানীৰ লগত বিক্ৰিয়া কৰি শিথিলিত চূণ (কেলছিয়াম হাইড্রক্সাইড) উৎপন্ন কৰে। বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা। 

উত্তৰঃ CaO + H₂O → Ca(OH₂) + তাপ

বিক্ৰিয়াৰ প্ৰকাৰ: সংযোজন।

9. বিযোজন বিক্রিয়া কাক বোলে?

উত্তৰঃ  যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্র বিক্রিয়ক পদাৰ্থ ভাঙি গৈ দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, তাক বিযোজন বিক্রিয়া বোলে।

10. এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ           

11. ক’লা-বগা ফটোগ্রাফীত ব্যৱহাৰ হোৱা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ 

12. পানীৰ বিদ্যুৎ-বিশ্লেষণৰ ফলত কি উৎপন্ন হয়? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ আৰু প্ৰকাৰ উল্লেখ কৰা। 

উত্তৰঃ হাইড্ৰ’জেন আৰু অক্সিজেন। 

 বিক্ৰিয়াৰ প্ৰকাৰ: বিযোজন। 

13. তাপীয় বিযোজন বিক্রিয়া কি?

উত্তৰঃ তাপৰ প্ৰভাৱত কোনো বিক্রিয়ক পদার্থ দুটা বা ততোধিক বিক্রিয়াজাত পদাৰ্থলৈ ভাঙি গ’লে, তেনে বিক্রিয়াক তাপীয় বিযোজন বিক্রিয়া বোলে। 

14. এটা তাপীয় বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ

15. অপসৰণ বিক্রিয়া কাক বোলে? 

উত্তৰঃ  যি ৰাসায়নিক বিক্ৰিয়াত এটা বেছি সক্রিয় মৌলই আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তাক অপসাৰণ বিক্রিয়া বোলে।

16. এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

 উত্তৰঃ Fe + CuSO₄ → FeSO₄  + Cu 

17. দ্বিঅপসৰণ বিক্রিয়া কাক বোলে? 

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটি বিক্রিয়াজাত পদার্থসমূহ উৎপন্ন হয়, তাক দ্বিঅপসৰণ বিক্রিয়া বোলে।

18. এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ Na₂SO₄+ → BaCl₂ → BaSO₄ + 2NaCl

19. জাৰণ বিক্রিয়া কি? 

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায়, তাক জাৰণ বিক্রিয়া বোলে।

20. এটা জাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ।           

21. বিজাৰণ বিক্রিয়া কি?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই হাইড্ৰ’জেন লাভ কৰে বা অক্সিজেন হেৰুৱায় তাক বিজাৰণ বিক্রিয়া বোলে।

22. এটা বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া৷

উত্তৰঃ              

23. জাৰণ – বিজাৰণ বা ৰেডক্স বিক্রিয়া কি?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদাৰ্থ একে সময়তে বিজাৰিত হয়, তাক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া বোলে। 

24. এটা ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ        

25. ক্ষয়ীভৱন কাক বোলে?

উত্তৰঃ  যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্রক্রিয়াক ক্ষয়ীভৱন বোলে।

26. ৰেণচিডিটি বা দুর্গন্ধিতা কি? 

উত্তৰঃ  যেতিয়া তেল আৰু চৰ্বীযুক্ত খাদ্যবস্তু জাৰিত হয়, তেতিয়া ইয়াৰ গোন্ধ আৰু সোৱাদ সলনি হয়। ইয়াকে ৰেণচিডিটি বোলে। 

27. এটা পৰীক্ষানলত লেড নাইট্রেট দ্ৰৱ লৈ তাত পটাছিয়াম আয়’ডাইডৰ দ্ৰৱ যোগ কৰা। তুমি কি দেখিবা? 

উত্তৰঃ পৰীক্ষানলত হালধীয়া বৰণৰ অধঃক্ষেপ সৃষ্টি হোৱা দেখা যাব।

28. এটা পৰীক্ষানলত লেড নাইট্রেট দ্ৰৱ লৈ তাত পটাছিয়াম আয়’ডাইডৰ দ্ৰৱ যোগ কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

উত্তৰঃ Pb(NO₃)₂ + 2 KI →PbI₂ + 2KNO₃ 

29. এটা পৰীক্ষানলত যিংকৰ কেইটামান দানা লৈ তাত লঘু ছালফিউৰিক এছিড যোগ কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

উত্তৰঃ Zn + H₂SO₄ → ZnSO₄ + H₂

30. এটা পৰীক্ষানলত যিংকৰ কেইটামান দানা লৈ তাত লঘু ছালফিউৰিক এছিড যোগ কৰিলে পৰীক্ষানলত বুৰবুৰণিৰ সৃষ্টি হোৱা দেখা যাব। এই বুৰবুৰণি কি গেছৰ?

উত্তৰঃ হাইড্ৰজেন। 

31. এটা শুষ্ক উতলন নলীত ফেৰাছ ছালফেটৰ স্ফটিক কিছুমান লৈ তপতালে ফেৰাছ ছালফেটৰ স্ফটিকৰ বৰণ কেনেদৰে সলনি হ’ব?

উত্তৰঃ সেউজীয়া বৰণৰ ফেৰাছ ছালফেট স্ফটিকবোৰৰ বৰণ বগালৈ পৰিণত হ’ব।

32. ফেৰাছ ছালফেটৰ স্ফটিক কিছুমান উত্তলন নলীত উতলালে ফেৰাছ ছালফেটৰ বিযোজনৰ ফলত উৎপন্ন হোৱা পদাৰ্থবোৰ কি?

 উত্তৰঃ ফেৰিক অক্সাউড, ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইড।

33. ফেৰাছ ছালফেটৰ স্ফটিক তপতালে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা।

উত্তৰঃ       

34. লেড নাইট্রেট পাউদাৰ এটা উত্তলন নলীত লৈ গৰম কৰিলে এবিধ মুগা বৰণৰ গেছ নিৰ্গত হোৱা দেখা যায়। গেছবিধ চিনাক্ত কৰা।

উত্তৰঃ নাইট্ৰজেন ডাই অক্সাইড।

35. লেড নাইট্ৰেটৰ বিযোজন ঘটিলে কি কি পদার্থ উৎপন্ন হয়?

উত্তৰঃ লেড অক্সাইড, নাইট্ৰ’জেন ডাই অক্সাইড আৰু অক্সিজেন। 

36. লেড নাইট্রেট পাউদাৰ তপতালে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা ৷

উত্তৰঃ 2Pb(NO₃)₂ → 2PbO + 4NO₂ + O₂

37. কপাৰ ছালফেটৰ দ্ৰৱত আইৰণৰ গজাল ডুবালে কপাৰ ছালফেটৰ নীলা বৰণ কিয় সলনি হয়?

উত্তৰঃ ফেৰাছ ছালফেটৰ উৎপাদনৰ বাবে। 

38. কপাৰ ছালফেটৰ দ্রৱত আইৰণৰ গজাল ডুবালে গজালৰ বৰণ কিয় মুগা হৈ পৰে?

উত্তৰঃ বিক্ৰিয়াত উৎপন্ন হোৱা কপাৰ আইৰণৰ গজালৰ পৃষ্ঠত অৱক্ষিপ্ত হোৱা বাবে। 

39. কপাৰ ছালফেটৰ দ্রৱত লোৰ গজাল ডুবালে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

উত্তৰঃ Fe + CuSO₄ → FeSO₄+ Cu 

40. এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল’ৰাইড লৈ ইয়াক সূৰ্যৰ পোহৰত ৰাখা। ছিলভাৰ ক্ল’ৰাইডৰ ৰং কি হ’ব? 

উত্তৰঃ মটীয়া। 

41. সূৰ্যৰ পোহৰত ৰাখিলে ছিলভাৰ ক্ল’ৰাইডত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা।

উত্তৰঃ 

42. সূৰ্যৰ পোহৰত এখন চীনামাটিৰ থালত হালধীয়া বৰণৰ অলপমান ছিলভাৰ ব্ৰ ‘মাইড ৰাখিলে কি ঘটিব?

উত্তৰঃ সূৰ্যৰ পোহৰৰ দ্বাৰা ছিলভাৰ ব্ৰ’মাইডৰ বিযোজন ঘটি ছিলভাৰ আৰু ব্ৰ’মিন উৎপন্ন হ’ব।

43. সূৰ্যৰ পোহৰত ছিলভাৰ ব্ৰ ‘মাইডত সংঘটিত বিক্ৰিয়াৰ সমীকৰণ লিখা।

উত্তৰঃ  

44. পানীৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াত পানীৰ লগত কেইটোপালমান লঘু ছালফিউৰিক এছিড কিয় যোগ কৰা হয়?

উত্তৰঃ কাৰণ বিশুদ্ধ পানী বিদ্যুতৰ কুপৰিবাহী। সেয়েহে পানীত এছিড যোগ কৰিলে এছিডৰ আয়নবোৰে পানীৰ মাজেৰে বিদ্যুৎ পৰিবহন হোৱাত সহায় কৰে।

45. এটা পৰীক্ষানলত 3mL মান ছ’ডিয়াম ছালফেটৰ দ্ৰৱ লৈ তাত 3mLমান বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ যোগ কৰা। তুমি কি দেখিবা?

উত্তৰঃ  এটা বগা অধঃক্ষেপ সৃষ্টি হোৱা দেখা যাব। 

46. ছ’ডিয়াম ছালফেট দ্ৰৱত বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ যোগ কৰিলে সংঘটিত হোৱা বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। 

উত্তৰঃ Na₂SO₄ + BaCl₂ → BaSO₄ + 2NaCl

47. চীনামাটিৰ থাল এখনত 1g কপাৰ পাউদাৰ লৈ গৰম কৰা। কপাৰ পাউদাৰৰ বৰণ কেনেকুৱা হ’ব?

উত্তৰঃ ক’লা ।

48. চীনা মাটিৰ থাল এখনত কপাৰ পাউদাৰ লৈ তাক গৰম কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা। 

উত্তৰঃ 

49. ধাতুৰ ক্ষয়ীভৱনৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ লোৰ সামগ্ৰীত মামৰে ধৰা।

50. চূর্ণশিল উত্তপ্ত কৰিলে কি হয়?

উত্তৰঃ চূণশিলৰ বিযোজন ঘটি পোৰা চূণ আৰু কার্বন ডাই অক্সাইড উৎপন্ন হয়।

51. চূর্ণশিল উত্তপ্ত কৰিলে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা।

উত্তৰঃ  

52. পানীৰ বিদ্যুৎ বিশ্লেষণৰ লগত জড়িত ৰাসায়নিক বিক্ৰিয়াটো লিখা ৷

উত্তৰঃ

53. প্রাকৃতিক গেছ দহন কৰিলে কি ঘটে?

উত্তৰঃ  কার্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰ শক্তি উৎপন্ন হয়।

54. প্রাকৃতিক গেছ বায়ুত দহন কৰিলে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা।

উত্তৰঃ CH₄ + 20₂ → CO₂ + 2H₂O + তাপ আৰু পোহৰ।

55. বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়? 

উত্তৰঃ  সাধাৰণ উষ্ণতাত মেগনেছিয়ামে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এখন পাতল আৱৰণীৰ সৃষ্টি কৰে। অক্সাইডৰ এই প্ৰতিৰোধী আৱৰণীখনে মেগনেছিয়ামক পুনৰাই বায়ুত জাৰিত হোৱাৰ পৰা ৰক্ষা কৰে। সেয়েহে বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে।

56. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছডিয়াম ছালফেট জলীয় দ্ৰবই বিক্ৰিয়া কৰি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত কৰে।

(ii) ছডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্লৰিক এচিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ (i) BaCl ₂ (aq) + Na ₂SO₄ (aq) → BaSO₄ (s) + 2NaCl (aq) 

(ii) NaOH(aq) + HCl(aq) NaCl (aq)+ H₂ O(l). 

57. এটা পদাৰ্থ X ৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ ‘X’ অৰ নাম লিখা আৰু সংকেত লিখা।

উত্তৰঃ কেলছিয়াম অক্সাইড, CaO

58. তলৰ বিক্রিয়াকেইটাত জাৰিত আৰু বিজাতি হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। 

(i) 4Na (s) + O₂(g) → 2Na₂ O(s) 

(ii) CuO(s) + H₂ (g) → Cu(s) + H₂O(l)

উত্তৰঃ (i) জাৰিত পদার্থ: Na

 বিজাৰিত পদার্থ: O₂

(ii) জাৰিত পদার্থ: H₂

বিজাৰিত পদার্থ: CuO 

59. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।

উত্তৰঃ  

60. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা।

উত্তৰঃ  Cu + 2AgNO₃ → Cu (NO₃)₂ + 2Ag

61. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? 

উত্তৰঃ লোই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্প লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে আৰু এনেদৰে ক্ষয়প্রাপ্ত হয়। সেয়েহে লোক সেমেকা বায়ুৰ সংস্পৰ্শলৈ নাহিবলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয়।

62. তেল আৰু চৰি থকা খাদ্য বস্তু নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? 

উত্তৰঃ কাৰণ নাইট্ৰ’জেন এবিধ প্ৰতিজাৰক পদার্থ, যিয়ে তেল আৰু চৰ্বী থকা খাদ্যবস্তুক জাৰিত হোৱাৰ পৰা ৰক্ষা কৰি সিহঁতক ৰেণচিডিটিৰ পৰা ৰক্ষা কৰে।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদার্থবিধ কি? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা।

উত্তৰঃ মেগনেছিয়াম অক্সাইড (MgO)।

2Mg + O₂  – 2MgO

প্রশ্ন ২। সংযোজন বিক্রিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটাই মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন কৰে, তাক সংযোজন বিক্রিয়া বোলে।

প্রশ্ন ৩। এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ C + O₂ – CO₂

প্রশ্ন ৪। কেলছিয়াম অক্সাইডে তীব্রভাৱে পানীৰ লগত বিক্ৰিয়া কৰি শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) উৎপন্ন কৰে। বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ CaO + H₃O – Ca(OH)₂ + তাপ

বিক্ৰিয়াৰ প্ৰকাৰ : সংযোজন।

প্রশ্ন ৫। বিযোজন বিক্রিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্র বিক্রিয়ক পদার্থ ভাঙি গৈ দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, তাক বিযোজন বিক্রিয়া বোলে।

প্রশ্ন ৬। এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ CaCO₃ – CaO + CO₂

প্রশ্ন ৭। পানীৰ বিদ্যুৎ-বিশ্লেষণৰ ফলত কি উৎপন্ন হয়?

উত্তৰঃ হাইড্ৰ’জেন আৰু অক্সিজেন।

প্রশ্ন ৮। তাপীয় বিযোজন বিক্রিয়া কি?

উত্তৰঃ তাপৰ প্ৰভাৱত কোনো বিক্রিয়ক পদার্থ দুটা বা ততোধিক বিক্রিয়াজাত পদাৰ্থলৈ ভাঙি গ’লে, তেনে বিক্রিয়াক তাপীয় বিযোজন বিক্রিয়া বোলে।

প্রশ্ন ৯। অপসৰণ বিক্রিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্রিয়াত এটা বেছি সক্রিয় মৌলই আন এটা কম সক্রিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তাক অপসাৰণ বিক্রিয়া বোলে।

প্রশ্ন ১০। এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ Fe + CuSO₄ – FeSO₄ + Cu

প্রশ্ন ১১। দ্বিঅপসৰণ বিক্রিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটি বিক্রিয়াজাত পদার্থসমূহ উৎপন্ন হয়, তাক দ্বিঅপসৰণ বিক্রিয়া বোলে।

প্রশ্ন ১২। এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ Na₂SO₄ + BaCl₂ – BaSO₄ + 2NaCl

প্রশ্ন ১৩। জাৰণ বিক্রিয়া কি?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায়, তাক জাৰণ বিক্রিয়া বোলে।

প্রশ্ন ১৪। বিজাৰণ বিক্রিয়া কি?

উত্তৰঃ যি ৰাসায়নিক বিক্রিয়াত কোনো এটা পদার্থই হাইড্ৰ’জেন লাভ কৰে বা অক্সিজেন হেৰুৱায় তাক বিজাৰণ বিক্রিয়া বোলে।

প্রশ্ন ১৫। জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া কি?

উত্তৰঃ যি ৰাসায়নি বক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদার্থ একে সময়তে বিজাৰিত হয়, তাক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া বোলে।

প্রশ্ন ১৬। ক্ষয়ীভৱন কাক বোলে?

উত্তৰঃ যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে।

প্রশ্ন ১৭। ৰেণচিডিটি বা দুর্গন্ধিতা কি?

উত্তৰঃ যেতিয়া তেল আৰু চৰ্বীযুক্ত খাদ্যবস্তু জাৰিত হয়, তেতিয়া ইয়াৰ গোন্ধ আৰু সোৱাদ সলনি হয়। ইয়াকে ৰেণচিডিটি বোলে।

প্রশ্ন ১৮। এটা ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান উল্লেখযোগ্য বৈশষ্ট্য লিখা।

উত্তৰঃ (ক) অৱস্থাৰ পৰিবৰ্তন, (খ) ৰঙৰ পৰিবৰ্তন, (গ) গেছৰ উৎপত্তি, (ঘ) উষ্ণতাৰ পৰিবৰ্তন। 

প্রশ্ন ১৯। ৰেণচিডিটি কি?

উত্তৰঃ যেতিয়া চৰ্বী আৰু তেল জাৰিত হয়, তেতিয়া ইহঁতৰ গোন্ধ আৰু সোৱাদ সলনি হয়। ইয়াক ৰেণচিডিটি বোলে।

প্রশ্ন ২০। ক্ষয়ীভৱন কাক বোলে?

উত্তৰঃ যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে এচিড়, জলীয় বাষ্প আদিৰ দ্বাৰা আক্রান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে। এই প্রক্রিয়াক ক্ষয়ীভৱন বোলে।

প্রশ্ন ২১। চূর্ণশিল উত্তপ্ত কৰিলে কি পোৱা যায়?

উত্তৰঃ চূণশিল উত্তপ্ত কৰিলে পোৰা চূণ আৰু কাৰ্বন-ডাইঅক্সাইড পোৱা যায় ৷

প্রশ্ন ২২। প্রাকৃতিক গেছৰ দহনৰ ফলত কি উৎপন্ন হয়?

উত্তৰঃ প্রাকৃতিক গেছৰ দহনৰ ফলত কার্বন-ডাইক্সাইড, পানী (বাষ্প) আৰু প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰ শক্তি উৎপন্ন হয়।

বিকল্পধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—

(a) সংযোজন।

(b) বিয়োজন।

(c) অপসাৰণ।

(d) তাপবর্জী।

উত্তৰঃ (b) বিয়োজন।

প্রশ্ন ২। তলৰ কোনটো বিক্ৰিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে—

(a) অপসাৰণ।

(b) বিয়োজন।

(c) দ্বিঅপসাৰণ।

(d) সংযোজন।

উত্তৰঃ (c) দ্বিঅপসাৰণ।

প্রশ্ন ৩। প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-

(a) তাপগ্রাহী।

(b) তাপবর্জী।

(c) সংযোজন।

(d) অধঃক্ষেপণ।

উত্তৰঃ (b) তাপবর্জী।

প্রশ্ন ৪। ZnO + C – Zn + CO – এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে –

(a) ZnO, C

(b) Zn, CO

(c) ZnO, CO

(d) C, ZnO

উত্তৰঃ (d) C, ZnO

প্রশ্ন ৫। MnO₂ + 4HCl – MnCl₂ + 2H₂O + CI₂ — এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে –

(a) HCl, MnO₂

(b) HCl, MnCI₂

(c) MnO₂, HCl.

(d) MnO₂, Cl₂

উত্তৰঃ (a) HCl, MnO₂

প্রশ্ন ৬। মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ’ল—

(a) মেগনেছিয়াম কার্বনেট।

(b) মেগনেছিয়াম নাইট্রেট।

(c) মেগনেছিয়াম অক্সাইড।

(d) মেগনেছিয়াম হাইড্ৰ’ক্সাইড।

উত্তৰঃ (c) মেগনেছিয়াম অক্সাইড।

প্রশ্ন ৭। পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—

(a) সংযোজন।

(b) বিয়োজন।

(c) তাপবর্জী।

(d) (a) আৰু (c)।

উত্তৰঃ (d) (a) আৰু (c)

প্রশ্ন ৮। ফেৰাছ ছালফেটৰ তাপীয় বিয়োজনত উৎপন্ন হয় –

(a) SO₂

(b) SO₃

(c) Fe₂O₃

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

প্রশ্ন ৯। চূণশীল উত্তপ্ত কৰিলে পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—

(a) সংযোজন।

(b) বিয়োজন।

(c) অপসাৰণ।

(d) তাপবর্জী।

উত্তৰঃ (b) বিয়োজন।

প্রশ্ন ১০। লেড নাইট্ৰেটৰ তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন নহয়—

(a) PbO

(b) NO₂

(c) N₂

(d) O₂

উত্তৰঃ (c) N₂

প্রশ্ন ১১। ছিলভাৰ ব্ৰ’মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ –

(a) বিয়োজন।

(b) সংযোজন।

(c) তাপগ্রাহী।

(d) (a) আৰু (c)

উত্তৰঃ (d) (a) আৰু (c)

প্রশ্ন ১২। কপাৰ ছালফেট দ্ৰৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ —

(a) অপসাৰণ।

(b) অধঃক্ষেপণ।

(c) দ্বিঅপসাৰণ।

(d) সংযোজন।

উত্তৰঃ (a) অপসাৰণ।

প্রশ্ন ১৩। BaCl₂ + H₂SO₄ – BaSO₄ + 2HCI –এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ –

(a) অপসাৰণ।

(b) দ্বিঅপসাৰণ।

(c) অধঃক্ষেপণ।

(d) (b) আৰু (c)

উত্তৰঃ (d) (b) আৰু (c)

প্রশ্ন ১৪। 2Cu + O₂ – 2CuO – এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে-

(a) CuO, O₂

(b) Cu, O₂

(c) O₂, CuO

(d) Cu, CuO

উত্তৰঃ (b) Cu, O₂

প্রশ্ন ১৫। কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?

(a) ক’লা।

(b) মুগা।

(c) সেউজীয়া।

(d) ৰঙা।

উত্তৰঃ (c) সেউজীয়া

প্রশ্ন ১৬। ছিলভাৰৰ ক্ষয়ীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কোন বৰণৰ চামনি পৰে?

(a) কলা।

(b) সেউজীয়া।

(c) মুগা।

(d) মটীয়া।

উত্তৰঃ (a) কলা।

3 thoughts on “Class 10 Science MCQ Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top