Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদহ্য – সমাধান answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ – সমাধান and select needs one.
Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ Solutions for All Subject, You can practice these here.
অর্থনৈতিক ভূগােল : বিষয়বস্তু আৰু সম্পদ
দ্বিতীয় খণ্ড (Geography)
ADDITIONAL QUESTIONS ANSWER
Short Types Questions Answer
শুদ্ধ উত্তৰটো বাছি উলিওৱা:
প্ৰশ্ন ১। তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ?
(ক) নদ-নদী।
(খ) খনিজ তেল।
(গ) জলসিঞ্চন নলা।
(ঘ) অৰণ্য।
উত্তৰঃ (গ) জলসিঞ্চন নলা।
প্ৰশ্ন ২। তলৰ কোনটো অজীৱীয় সম্পদ?
(ক) বায়ু।
(খ) উদ্ভিদ।
(গ) জীৱ-জন্তু।
(ঘ) শস্য।
উত্তৰঃ (ক) বায়ু।
প্ৰশ্ন ৩। তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ?
(ক) বায়ু।
(খ) পানী।
(গ) শস্য।
(ঘ) কয়লা।
উত্তৰঃ (ঘ) কয়লা।
প্ৰশ্ন ৪। তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(ক) এশিঙিয়া গঁড়।
(খ) নল গাহৰি।
(গ) জিৰাফ।
(ঘ) মিথুন।
উত্তৰঃ (খ) নল গাহৰি।
প্ৰশ্ন ৫। IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
(ক) UNESCO
(খ) UNDP
(গ) WWF
(ঘ) UNEP
উত্তৰঃ (ক) UNESCO
প্ৰশ্ন ৬। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পর্কে অধ্যয়ন কৰা হয় সি হ’ল-
(ক) প্রাকৃতিক ভূগোল।
(খ) মানৱ ভূগোল।
(গ) অর্থনৈতিক ভূগোল।
(ঘ) আঞ্চলিক ভূগোল।
উত্তৰঃ (গ) অৰ্থনৈতিক ভূগোল।
প্ৰশ্ন ৭। শিল এবিধ —
(ক) জীৱীয় সম্পদ।
(খ) অজীৱীয় সম্পদ।
(গ) মানৱ সৃষ্ট সম্পদ।
(ঘ) মানৱ সম্পদ।
উত্তৰঃ (খ) অজীৱীয় সম্পন।
প্ৰশ্ন ৮। অসমৰ এবিধ বিলুপ্তপ্রায় জন্তু হ’ল—
(ক) ম’হ।
(খ) মেকুৰী।
(গ) শহাপহু।
(ঘ) সোণালী বান্দৰ।
উত্তৰঃ (ঘ) সোণালী বান্দৰ।
প্ৰশ্ন ৯। তলৰ কোনটো অ-নৰীকৰণযোগ্য সম্পদ?
(ক) পানী।
(খ) সূৰ্য্যৰ ৰশ্মি।
(গ) গছ-গছনি।
(ঘ) প্রাকৃতিক গেছ।
উত্তৰঃ (ঘ) প্রাকৃতিক গেছ।
প্ৰশ্ন ১০। তলৰ কোনটো ‘সম্পদ’ৰ ক্ষেত্ৰত প্রযোজ্য নহয় ?
(ক) হস্তান্তৰ কৰিব নোৱাৰি।
(খ) বজাৰ মূল্য নাই।
(গ) মানৱ জাতিৰ কল্যাণ হয়
(ঘ) উপকাৰ, অপকাৰ দুয়োটা হ’ব পাৰে।
উত্তৰঃ (ঘ) উপকাৰ, অপকাৰ দুয়োটা হ’ব পাৰে।
Multiple Choice Questions & Answers
1. তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ?
(a) নদ-নদী।
(b) খনিজ তেল।
(c) জলসিঞ্চন নলা।
(d) অৰণ্য।
উত্তৰঃ (c) জলসিঞ্চন নলা।
2. তলৰ কোনটো অজীৱীয় সম্পদ?
(a) বায়ু।
(b) উদ্ভিদ।
(c) জীৱ-জন্তু।
(d) শস্য।
উত্তৰঃ (a) বায়ু।
3. তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ?
(a) বায়ু।
(b) পানী।
(c) শস্য।
(d) কয়লা।
উত্তৰঃ (d) কয়লা।
4. তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(a) এশিঙিয়া গঁড়।
(b) নল গাহৰি।
(c) জিৰাফ।
(d) মিথুন।
উত্তৰঃ (b) নল গাহৰি।
5. IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?
(a) UNESCO.
(b) UNO.
(c) WWF.
(d) UNEP.
উত্তৰঃ (a) UNESCO.
6. ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় সি হ’ল—
(a) প্রাকৃতিক ভূগোল।
(b) মানৱ ভূগোল।
(c) অর্থনৈতিক ভূগোল।
(d) আঞ্চলিক ভূগোল।
উত্তৰঃ (c) অর্থনৈতিক ভূগোল।
7. শিল এবিধ—
(a) জীৱীয় সম্পদ।
(b) অজীৱীয় সম্পদ।
(c) মানৱ সৃষ্ট সম্পদ।
(d) মানৱ সম্পদ।
উত্তৰঃ (b) অজীৱীয় সম্পদ।
8. অসমৰ এবিধ বিলুপ্তপ্রায় জন্তু হ’ল—
(a) ম’হ।
(b) মেকুৰী।
(c) শহাপহু।
(d) সোণালী বান্দৰ।
উত্তৰঃ (d) সোণালী বান্দৰ।
9. তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ?
(a) পানী।
(b) সূৰ্য্যৰ ৰশ্মি।
(c) গছ-গছনি।
(d) প্রাকৃতিক গেছ।
উত্তৰঃ (d) প্রাকৃতিক গেছ।
10. অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হ’ল—
(a) কার্ল ৰিটাৰ।
(b) জর্জ ছিছ হম।
(c) ডার্কেনরাল্ড।
(d) ফেইট্রিফ বাটজেল।
উত্তৰঃ (b) জর্জ ছিছ হম।
11. তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?
(a) কৃষি কার্য।
(b) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।
(c) মাছ ধৰা।
(d) বনজ সম্পদ আহৰণ।
উত্তৰঃ (b) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।
12. তলৰ কোনটো দ্বিতীয়ক বৃত্তি হয়—
(a) শিল্পোৎপাদন প্রক্রিয়া।
(b) যাতায়াত আৰু পৰিবহণ কার্য।
(c) প্ৰচাৰ মাধ্যম।
(d) নির্মাণ কার্য।
উত্তৰঃ (a) শিল্পোৎপাদন প্রক্রিয়া।
13. তলৰ কোনটো তৃতীয়ক বৃত্তি হয়—
(a) কৃষি কার্য।
(b) চিকাৰ।
(c) বয়ন কার্য।
(d) বেপাৰ বাণিজ্য।
উত্তৰঃ (d) বেপাৰ বাণিজ্য।
14. তলৰ কোনটো চতুর্থক বৃত্তি হয়—
(a) মিস্ত্রি।
(b) শিক্ষক।
(c) কম্পিউটাৰ নিৰ্মাণকাৰী।
(d) ব্যৱসায়ী।
উত্তৰঃ (b) শিক্ষক।
15. তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়—
(a) প্রযুক্তি।
(b) উদ্যোগ।
(c) সৌৰশক্তি।
(d) কার্যালয়।
উত্তৰঃ (c) সৌৰশক্তি।
16. তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়—
(a) ভাল চৰিত্ৰ।
(b) কর্মদক্ষতা।
(c) শিক্ষা।
(d) চৰকাৰ।
উত্তৰঃ (d) চৰকাৰ।
17. তলৰ কোনটো জাতীয় সম্পদ—
(a) বায়ুমণ্ডল।
(b) শিক্ষা।
(c) শিক্ষানুষ্ঠান।
(d) সাগৰ।
উত্তৰঃ (b) শিক্ষা।
18. তলৰ কোনটো স্থানিক সম্পদ নহয়—
(a) কয়লা।
(b) শস্য।
(c) খনিজ পদার্থ।
(d) পানী।
উত্তৰঃ (d) পানী।
19. সোণ এবিধ—
(a) কৃত্রিম সম্পদ।
(b) জৈৱিক সম্পদ।
(c) প্রাকৃতিক সম্পদ।
(d) মানৱ সম্পদ।
উত্তৰঃ (c) প্রাকৃতিক সম্পদ।
20. তলৰ কোনটো এটা অজীবীয় সম্পদ?
(a) বায়ু।
(b) বেক্টেৰিয়া।
(c) ভেঁকুৰ।
(d) শস্য।
উত্তৰঃ (a) বায়ু।
অধিক MCQ আৰু Short Question Answer পোৱাৰ বাবে ? তলৰ Link টো Click কৰক।
১। অর্থনৈতিক ভূগােল কাক বােলে ? ইয়াৰ মূল বিষয়বস্তু কি ? অর্থনৈতিক ভূগােলৰ প্ৰধান শাখাবােৰ উল্লেখ কৰা ।
উত্তৰঃ ভূগােলৰ যিটো শাখাত সম্পদৰ উৎপাদন , বিতৰণ , উপভােগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কার্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় , তাকে অর্থনৈতিক ভূগােল বােলে ।
অর্থনৈতিক ভূগােলৰ মূল বিষয়বস্তু হ’ল মানুহৰ অর্থনৈতিক কার্যকলাপ । ইয়াৰ অন্তৰ্গত তলত দিয়া কেইটা সাঙুৰি লােৱা হৈছেঃ- ( ক ) সম্পদৰ উৎপাদন ( খ ) সম্পদৰ বিতৰণ ( গ ) সম্পদৰ উপভােগ ( ঘ ) সম্পদৰ বিনিময় ।
সম্পদ অবিহনে মানুহৰ এই অর্থনৈতিক কার্যকলাপবােৰৰ কোনােটোৱেই সম্পাদন কৰিব নােৱাৰি ।গতিকে, সম্পদৰ প্রাচুর্যতা , ইয়াৰ উন্নয়ন আৰু ব্যৱহাৰ অর্থনৈতিক ভূগােল প্রধান বিষয়বস্তু । অর্থনৈতিক ভূগােল প্রধান শাখাবােৰ হ’ল :- ( ক ) কৃষি ভূগােল ( খ ) ঔদ্যোগিক ভূগােল ( গ ) সম্পদ ভূগে ( ঘ ) পৰিবহণ ভূগােল ( ঙ ) বজাৰ ভূগােল আৰু ( চ ) পর্যটন ভূগােল ।
২। অর্থনৈতিক ভূগােলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ অর্থনৈতিক ভূগােলত প্ৰধানকৈ সম্পদসমূহ আৰু ইয়াৰ সৈতে জড়িত মানুহৰ বিভিন্ন অর্থনৈতিক কার্যকলাপসমূহ অধ্যয়ন কৰা হয় । অর্থনৈতিক ভূগােলৰ পৰিসৰ প্ৰধানকৈ দুটা বৃহৎ শাখাৰ অধীনত পাঁচটা বিশেষ প্রশ্নৰ ওপৰত প্রতিষ্ঠিত সেইবোৰ হ’ল-
( ক ) পৰম্পৰাগত অর্থনৈতিক ভূগােল :-
( i ) অর্থনৈতিক কার্যটো ক’ত অৱস্থিত ?
( ii) অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যসমূহ কি কি ?
(iii) অর্থনৈতিক কার্যটো অন্য কি কি পৰিঘটনাৰ সৈতে জড়িত ?
( খ ) আধুনিক অর্থনৈতিক ভূগােল :-
( i ) অর্থনৈতিক কার্যটো য’ত অৱস্থিত তাতে কিয় হৈছে ?
( ii ) অর্থনৈতিক কার্যটো য’ত অৱস্থিত তাৰ পৰিৱর্তে আন ঠাইত হলে বেছি ভাল নহ’লহেঁতেন নে ? অর্থনৈতিক ভূগােলৰ পৰিসৰৰ অন্তৰ্গত মানুহৰ অর্থনৈতিক কার্যকলাপসমূহক প্রধানকৈ চাৰিটা প্ৰকাৰত শ্রেণীবিভক্ত কৰিব পাৰি ?
( ক ) প্রাথমিক বৃত্তি :- যিবােৰ কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা প্ৰাকৃতিক সম্পদ আহৰণ কৰে ।
( খ ) দ্বিতীয়ক বৃত্তি :- যি কাৰ্যৰ দ্বাৰা মানুহে প্রাকৃতিক সম্পদসমূহক মানুহৰ ব্যৱহাৰােপযােগী ৰূপলৈ ৰূপান্তৰ কৰে ।
( গ ) তৃতীয় বৃত্তি :- যিবােৰ কাৰ্যৰ দ্বাৰা প্রাথমিক আৰু দ্বিতীয় বৃত্তিৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ উপভােক্তাৰ ওচৰ পায় ।
( ঘ ) চতুর্থক বৃত্তি :- যিবােৰ কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল আৰু ফলপ্রসূ কৰি তােলা হয় ।
৩। মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অর্থনৈতিক বৃত্তিবােৰ কি কি ?
উত্তৰঃ মানুহৰ অর্থনৈতিক কার্যকলাপ বা বৃত্তি মানে হ’ল পৃথিৱীত জীৱন নির্বাহ কৰাৰ উদ্দেশ্যৰে মানুহে প্রয়ােজনীয় উপাদানসমূহ আহৰণ কৰিবলৈ সম্পাদন কৰা বিভিন্ন কার্যকলাপসমূহ । মানুহৰ বিভিন্ন অর্থনৈতিক কার্যকলাপ বা বৃত্তিসমূহ হৈছে :-
( i ) প্রাথমিক বৃত্তি :- যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা পােনপটীয়াকৈ খাদ্য , বাসস্থান , পিন্ধন – উকা আদিৰ বাবে প্রয়ােজনীয় সামগ্রী আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বােলে ।
যেনেঃ- কৃষি কার্য , অৰণ্যৰ পৰা খাদ্য সামগ্ৰীৰ আহৰণ , খনিজ সম্পদ আহৰণ , মাছমৰা কাৰ্য আদি ।
( ii ) দ্বিতীয় বৃত্তি :- যি কাৰ্যৰ দ্বাৰা মানুহে প্রাথমিক কাৰ্যৰ দ্বাৰা আহৰণ কৰা কেঁচামালসমূহক বিভিন্ন প্রযুক্তিৰ জৰিয়তে একব্যৱহাৰােপযােগী সামগ্রীলৈ পৰিৱৰ্তন কৰে তাকে দ্বিতীয়ক বৃত্তি বােলে । যেনে :- শিল্পোৎপাদন , নির্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য আদি ।
( iii ) তৃতীয় বৃত্তি :- যি কাৰ্যৰ দ্বাৰা মানুহে প্রাথমিক আৰু দ্বিতীয় বৃত্তিৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহ ব্যৱহাৰকাৰীক যােগায় আৰু উৎপাদক আৰু উপভােক্তাৰ মাজত সম্পর্ক স্থাপন হয় তাকে তৃতীয়ক বৃত্তি বােলে ।
যেনে :- পৰিবহণ , যােগাযােগ , বজাৰ , পাইকাৰী বা খুচুৰা বিক্রী , পর্যটন কার্য আদি ।
( iv ) চতুর্থক বৃত্তি :- নির্দিষ্ট দক্ষতা , বুদ্ধিমত্তা , দূৰদৃষ্টিসম্পন্নতা , নৈপুণ্যতা গুণ আদিৰ প্রয়ােজন হয় । যেনে :- বেংক বা অনা বিত্তীয় প্রতিষ্ঠান , প্রচাৰ মাধ্যম , প্রশাসন , শিক্ষা তথা গৱেষণা প্রতিষ্ঠান আদি ।
৪। অর্থনৈতিক ভূগােল প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ অর্থনৈতিক ভূগােল প্রধান শাখাসমূহৰ বিষয়বস্তু সমূহ হল :-
( i ) কৃষি ভূগােল :- কৃষি ভূগােলত প্ৰধানকৈ কৃষিকাৰ্যৰ সৈতে জড়িত কাৰকসমূহ , কৃষিৰ প্ৰকাৰ , কৃষি বিতৰণ , কৃষি পদ্ধতি , শস্যৰ উৎপাদন তথা ইয়াৰ লগত জড়িত তত্ত্ব , বজাৰ , কৃষি সামগ্ৰীৰ আমদানি-ৰপ্তানি আদিৰ দৰে বিষয়সমূহ অধ্যয়ন কৰা হয় ।
( ii ) ঔদ্যোগিক ভূগােল :- ঔদ্যোগিক ভূগােলত উদ্যোগ স্থাপনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে উদ্যোগৰ প্ৰকাৰ , ভৌগােলিক বিতৰণ , ঔদ্যোগিক সামগ্ৰীসমূহৰ উৎপাদন , উদ্যোগসমূহৰ অৱস্থানৰ সৈতে জড়িত তত্ত্ব বা অঞ্চলভুক্তীকৰণ , ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি আদিৰ দৰে বিষয়সমূহ অধ্যয়ন কৰা হয় ।
( iii ) সম্পদ ভূগােল :- সম্পদ ভূগােলত সম্পদৰ প্ৰকাৰ , সম্পদসমূহৰ আঞ্চলিক বিতৰণ , উদ্ঘাটন তথা উৎপাদনৰ লগতে সম্পদ আৰু উন্নয়নৰ মাজৰ সম্পর্ক , সম্পদৰ সংৰক্ষণ তথা ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয় ।
( iv ) পৰিবহণ ভূগােল :- পৰিবহণ ভূগােলত প্ৰধানকৈ পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ সৈতে জড়িত কাৰকসমূহৰ লগতে সম্পদৰ বিতৰণৰ ক্ষেত্ৰত পৰিবহণৰ ভূমিকা , মানুহৰ অর্থনৈতিক কার্যকলাপ তথা যাতায়ত পৰিবহণৰ ভূমিকা আৰুঔদ্যোগিক উন্নয়ন , কৃষি উন্নয়ন আদিৰ দৰে অর্থনৈতিক উন্নয়নসমূহৰ বিষয়ে অধ্যয়ন কৰা হয় ।
( v ) বজাৰ ভূগােল :- বজাৰ ভূগােলত বজাৰ স্থাপনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে বজাৰসমূহৰ বিতৰণৰ ধৰণ আৰু ইয়াৰ সৈতে জড়িত তত্ত্বসমূহৰ অধ্যয়নক সামৰি লােৱা হয় ।
( vi ) পৰিকল্পনা আৰু উন্নয়ন ভূগােল :- পৰিকল্পনা আৰু উন্নয়ন ভূগােলত অর্থনৈতিক উন্নয়নৰ সৈতে জড়িত কাৰকসমূহৰ লগতে পৰিকল্পনা কৌশল , বহনক্ষম উন্নয়ন , আঞ্চলিক তথা সম্পদভিত্তিক উন্নয়ন প্রক্রিয়া আদিৰ বিষয়ে অধ্যয়ন কৰা হয় ।
( vii ) পর্যটন ভূগােল :- পর্যটন ভূগােলত পর্যটনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে পর্যটনৰ প্ৰকাৰ , পর্যটন ব্যৱস্থাৰ বিকাশ আৰু পৰিকল্পনা প্রক্রিয়া আদিৰ বিষয়ে অধ্যয়ন কৰা হয় ।
৫। সম্পদ ভূগােলক কিয় অর্থনৈতিক ভূগােল এটি গুৰুত্বপূৰ্ণ শাখা বােলা হয় ?
উত্তৰঃ দেশ এখনত উপলব্ধ সম্পদৰ গুণাগুণ , সম্পদৰ পৰিমাণ আৰু সঠিক ব্যৱহাৰৰ সৈতে দেশখনৰ অর্থনৈতিক উন্নয়ন জড়িত হৈ থাকে । আনহাতে , অর্থনৈতিক ভূগােল আৰু ইয়াৰ বিভিন্ন শাখা আৰু উপশাখাবােৰৰ অধ্যয়ন সম্পদ ভূগােল সৈতে পােনপটীয়াকৈ জড়িত । সেয়ে , সম্পদ ভূগােলক অর্থনৈতিক ভূগােলৰ এটি গুৰুত্বপূর্ণ শাখা বােলা হয় ।
৬। সম্পদ বুলিলে কি বুজায় ? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ সকলাে জীৱ আৰু পৰিস্থিতিতন্ত্রৰ কার্যাৱলী সম্পন্ন কৰিবলৈ প্রয়ােজনীয় সম্পত্তিৰ উৎস , ৰাজহ , যােগান বা সহায়ক সম্পদ বােলে । অন্যাৰ্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবােৰকে সম্পদ বােলে । এই সম্পদবােৰক দেশ এখনৰ উমৈহতীয়া অৱলম্বন হিচাপে সংজ্ঞাবদ্ধ কৰা হয় ।
প্রকৃতিত উপলব্ধ বায়ু , পানী , সূৰ্যৰ ৰশ্মি , মাটি , গছ – গছনি , খনিজ পদার্থ , মাছ আদি উপাদানবােৰক সম্পদ বুলি গণ্য কৰা হয় ; কিয়নাে এইবােৰে পৃথিৱীক মানুহৰ বাসােপযােগী কৰি তােলাৰ ক্ষেত্ৰত বিভিন্ন প্রকাৰে সহায় কৰে ।
প্রখ্যাত অর্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদৰ মূল বৈশিষ্ট্যসমূহ হৈছেঃ-
( ক ) উপকাৰিতা :- সম্পদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ’ল যে ই বিভিন্ন ধৰণে মানুহৰ বাবে উপযােগী হােৱা উচিত । মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় কিছুমান চর্ত পূৰাব পাৰিব লাগিব । সম্পদে মানুহৰ কিছুমান অর্থনৈতিক কার্য যেনেঃ বিভিন্ন দ্রব্যৰ উৎপাদন , বিতৰণ আৰু উপভােগত সেৱা আগবঢ়ায় ।
( খ ) কার্যকাৰিতা :- সকলাে সম্পদৰে নির্দিষ্ট কার্যকাৰিতা আছে অর্থাৎ এইবােৰ নির্দিষ্ট কার্যক্ষমতাসম্পন্ন বা উপযােগিতাসম্পন্ন হােৱা বাঞ্চনীয় । উদাহৰণস্বৰূপে , বিভিন্ন উদ্যোগৰ বাবে খনিজ সম্পদৰ প্রয়ােজন ।
শস্যই মানৱ জীৱন – নির্বাহ কায় , বননিয়ে মানুহে নিশাহত এৰি দিয়া কার্বন ডাই – অক্সাইড শোষণ কৰাৰ লগতে কাঠ , পশুখাদ্য , জীৱ – জন্তুৰ বাসস্থান আদিৰ যােগান ধৰে।এনেকৈয়ে প্রত্যেক সম্পদৰ এক নিজস্ব কার্যকাৰিতা আছে ।
৭। “ সম্পদ পৰিৱৰ্তনশীল ” -ব্যাখ্যা কৰা ।
উত্তৰঃ সম্পদৰ এটা বৈশিষ্ট্য হ’ল ইয়াৰ পৰিৱর্তনশীল দিশটো কেতিয়াবা প্রকৃতিত পােৱা কোনাে এটা সামগ্রী বর্তমান উপকাৰী নহ’লেও পিছলৈ উপকাৰী সামগ্রী হ’ব পাৰে আৰু সম্পদলৈ পৰিৱৰ্তন হ’ব পাৰে ।
এনেধৰণৰ বস্তুক নিষ্ক্রিয় সামগ্রী বােলা হয় । উদাহৰণস্বৰূপে , সাগৰৰ পানী বর্তমান অধিক ব্যৱহাৰ নহয় কিন্তু আশা কৰা হয় যে ইয়াৰ পৰা মানুহৰ বাবে উপযােগী বস্তু তৈয়াৰ কৰিব পৰা হ’ব । তেনেদৰে বর্তমান ব্যৱহাৰ হৈ থকা বস্তু এটা তেনেধৰণৰ একে বস্তুৰ আবিষ্কাৰ হ’লে ব্যৱহাৰ হৈ থকা বস্তুটো ব্যৱহাৰহীন হৈ যাব পাৰে ।
খনিজ তেল বর্তমানে অত্যধিক ব্যৱহৃত হােৱা সম্পদ আৰু ইয়াৰ অবিহনে দেশ এখনৰ অর্থনৈতিক উন্নয়ন অসম্ভৱ । কিন্তু অদূৰ ভৱিষ্যতে কম খৰচী আৰু সহজলভ্য বিকল্প দ্রব্যৰ উদ্ভাৱনে ইয়াক অব্যৱহৃত সামগ্রীলৈ পৰিৱৰ্তন কৰিব পাৰে । গতিকে , সম্পদৰ উপকাৰিতা সাময়িক , ইয়াৰ সময় সাপেক্ষে পৰিৱৰ্তন হ’ব পাৰে ।
মানুহৰ বাবে হানিকাৰক বা অপকাৰী দ্রব্যক প্রতিৰোধক বােলে । উদাহৰণস্বৰূপে , দামােদৰ নদীৰ বানপানীয়ে মানুহৰ জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিছিল । কিন্তু যেতিয়া এই পানীবান্ধ দি বাধা দিয়া হয় , তেতিয়া ই অতি উপকাৰী হৈ । পৰে আৰু মানুহৰ বসতি আৰু কৃষিত সহায়ক হয় । এনেদৰে এবিধ প্রতিৰোধক সম্পদলৈ পৰিৱৰ্তন হ’ব পাৰে ।
গতিকে , এই প্ৰসংগত আমি ক’ব পাৰোঁ যে ‘সম্পদ পৰিৱৰ্তনশীল’ ।
৮। সম্পদৰ প্ৰয়ােজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলােচনা কৰা ।
উত্তৰঃ সম্পদে মানুহক বিভিন্ন ধৰণে সহায় কৰে । সম্পদৰ কিছুমান প্রয়ােজনীয়তা তলত উল্লেখ কৰা হলঃ-
( ক ) জীৱন ধাৰণৰ অৱস্থাৰ উন্নয়ন :- সম্পদৰ প্রাচুর্যতাই মানুহৰ মৌলিক প্রয়ােজন অন্ন , বস্ত্ৰ আৰু বাসস্থানৰ প্রয়ােজন পূৰণ কৰাৰ উপৰিও মানুহৰ অন্যান্য প্রয়ােজনবােৰাে পূৰণ কৰে । ই জীৱন – ধাৰণৰ মানদণ্ডৰ উন্নয়ন কৰে ।
উদাহৰণস্বৰূপে , ধান , ঘেঁহু আদি কৃষিদ্রব্য মানুহৰ খাদ্যদ্রব্য হিচাপে ব্যৱহৃত হােৱাৰ উপৰিও এইবােৰে জীৱিকা উপার্জনত সহায় কৰে ।
( খ ) আর্থ – সামাজিক উন্নয়ন :- প্রয়ােজনীয় সম্পদ অবিহনে কোনাে এখন দেশেই অগ্রগতি কৰিব নােৱাৰে । উদ্যোগ , কৃষি , বেপাৰ – বাণিজ্যৰ বাবে খনিজ সম্পদ , কৃষিদ্রব্য , বনজ দ্রব্য , মানৱ সম্পদ আদিৰ প্রয়ােজন । বহু দেশৰ অনগ্ৰসৰতাৰ কাৰণ হ’ল প্রয়ােজনীয় পৰিমাণৰ সম্পদৰ অভাৱ ।
গতিকে , দেশ এখনৰ আর্থ – সামাজিক উন্নয়ন সম্পদৰ প্রাচুর্যতাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ।
( গ ) মানব কল্যাণ :- মানৱ সমাজৰ বিকাশ সম্পদ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰত পােনপটীয়াকৈ নির্ভৰশীল । সম্পদে মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় অভাৱবােৰ পূৰণ কৰে ।
৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ সম্পদ আৰু মানুহৰ মাজত এক নিবিড় সম্পর্ক আছে । এটাৰ অবিহনে আনটো বৰ্তি থাকিব নােৱাৰে বা বিকাশ সাধন কৰিব নােৱাৰে । সম্পদৰ সৈতে মানুহ তিনি ধৰণে জড়িত :
( ক ) সম্পদৰ উৎপাদক হিচাপে :- মানুহেই সম্পদৰ অন্তিম উৎপাদক । মানুহৰ বাবে প্রয়ােজনীয় অধিক সংখ্যক সম্পদ প্ৰকৃতিত পােৱা যায় যদিও তাৰে বেছিভাগ কেঁচা সামগ্ৰীৰ ৰূপত বা ব্যৱহাৰ অনুপযুক্ত অৱস্থাত পােৱা যায় । এনেবােৰ সম্পদ মানুহে প্রয়ােজন অনুসৰি ৰূপান্তৰ কৰি ব্যৱহাৰোপযােগী কৰি লয় ।
খনিজ সম্পদ বনজ সম্পদ , জল সম্পদ , কৃষি সম্পদ আদি মানুহৰ সক্রিয় ভূমিকাৰ অবিহনে বিকশিত কৰা সম্ভৱ নহয় । গতিকে মানুহ সকলাে সম্পদৰ প্রধান ৰূপান্তৰক । উদাহৰণস্বৰূপে , মানুহৰ দ্বাৰা উৎপাদিত সম্পদবােৰ হ’ল প্রযুক্তিবিদ্যা , ঘৰ , ৰাস্তা , উদ্যোগ , বিদ্যালয় , কার্যালয় , যান-বাহন আদি ।
( খ ) সম্পদ উপভােগকাৰী হিচাপে :- মানুহ সম্পদৰ উপভােক্তা । মানুহে খাদ্যশস্য , কাপােৰ , খনিজ তেল আৰু বিভিন্ন ধৰণৰ মানৱ – সৃষ্ট সামগ্রীবােৰ উপভােগ বা ব্যৱহাৰ কৰে । পানী , বায়ু , খাদ্য , বস্ত্র , বাসস্থান আদি প্রয়ােজনীয় সম্পদৰ অবিহনে মানুহে স্বাভাৱিক জীৱন – যাপন কৰিব নােৱাৰে ।
গতিকে , পৃথিৱীত জীৱৰ জীৱন – ধাৰণত সম্পদে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ।
প্রাকৃতিক সম্পদ আৰু মানৱ – সৃষ্ট সম্পদবােৰ কেনেদৰে ব্যৱহাৰ বা বিকাশ হ’ব সেয়া নিৰ্ভৰ কৰে মানুহৰ ওপৰত । মানৱ জ্ঞান আৰু ইয়াৰ প্ৰসাৰৰ ওপৰত সম্পদ উন্নয়ন স্তৰ নিৰ্ভৰশীল । তদুপৰি মানুহৰ চাহিদা আৰু নতুন প্রযুক্তিৰ বিকাশৰ ওপৰত সম্পদৰ পৰিৱৰ্তনশীল প্রকৃতি নির্ভৰ কৰে ।
১০। সম্পদ আৰু বিজ্ঞান – প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলােচনা কৰা ।
উত্তৰঃ সম্পদ আৰু বিজ্ঞান – প্রযুক্তিৰ মাজত পাৰস্পৰিক সম্পর্ক আছে । এই দুয়ােটাৰ মাজৰ পাৰস্পৰিক সম্পৰ্কক তলত উল্লেখ কৰা তথ্যৰ পৰা অনুধাৱন কৰিব পাৰি :-
( ক ) সম্পদৰ আৱিষ্কাৰ :- প্রায় সকলােবােৰ সম্পদৰ আৱিষ্কাৰৰ ক্ষেত্ৰত বিজ্ঞানে আমাক সক্ষম কৰি তুলিছে । বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিহনে বেছিভাগ সম্পদেই লুপ্ত আৰু অজ্ঞাত হৈ থাকিলহেঁতেন । আধুনিক বিজ্ঞান – প্রযুক্তিৰ ব্যৱহাৰ অবিহনে বর্তমান আমি ব্যৱহাৰ কৰি থকা বহুতাে খনিজ সম্পদ ভূ – গর্ভত লুপ্ত অৱস্থাত থাকিলহেঁতেন ।
( খ ) নিষ্ক্রিয় সামগ্ৰীৰ ৰূপান্তৰ :- বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ বাবে মানুহৰ কৌশল আৰু শ্রম ব্যৱহাৰ কৰি পৃথিৱীৰ বহুতো নিষ্ক্রিয় সামগ্রী আৰু প্ৰতিৰােধকক সম্পদলৈ ৰূপান্তৰিত কৰিব পৰা হৈছে ।
( গ ) সম্পদৰ উচিত ব্যৱহাৰ :- বিজ্ঞান আৰু প্রযুক্তিয়ে সম্পদৰ সঠিক ব্যৱহাৰত সহায় কৰিছে । বিজ্ঞানী আৰু গৱেষকসকলে পূর্বস্থিত সম্পদবােৰৰ ভালেমান নতুন ব্যৱহাৰ উদ্ভাৱন কৰি এই সম্পদসমূহ অধিক উপযােগীকৰি তুলিছে ।
১১। উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা ।
উত্তৰঃ

নিম্নেল্লিখিত বৈশিষ্ট্যসমূহৰ ভিত্তিত সম্পদ সমূহৰ শ্রেণীবিভাজন ব্যাখ্যা কৰিব পাৰিঃ-
( ক ) সৃষ্টিপ্রক্রিয়াৰ ভিত্তিত :
( i ) প্রাকৃতিক সম্পদ :- প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবােৰকে প্রাকৃতিক সম্পদ বােলে । যেনে :- পানী , বায়ু , সূৰ্যৰ ৰশ্মি , মাটি , খনিজ সম্পদ , গছ – গছনি , প্রাণী , নদী ইত্যাদি ।
( ii ) মানব সৃষ্টসম্পদ :- মানুহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদক মানবসৃষ্ট সম্পদ বােলে ৷ যেনে :- বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ , কপাহৰ পৰা তৈয়াৰী কাপােৰ , সাংশ্লেষিক বস্ত্র , সাংশ্লেষিক ৰবৰ , ঔষধ , ৰাসায়নিক সাৰ ইত্যাদি ।
( iii ) মানৱ সম্পদ :- সম্পদসমূহ উৎপাদনশীলভাৱে তথা দক্ষতাৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হােৱা দেশৰ জনসমষ্টিকে মানসম্পদবুলি কোৱা হয় । দেশ এখনৰ আটাইতকৈ গুৰুত্বপূর্ণ সম্পদ হৈছে মানৱ সম্পদ ।
( খ ) গঠন বা সংযুতিৰ ভিত্তিত :
( i ) জীৱীয় সম্পদ :- জীৱ থকা সম্পদবােৰক জীৱীয় সম্পদ বােলে । যেনে :- গছ – গছনি , প্রাণী , মাছ , শস্য ইত্যাদি ।
( ii ) অজীৱীয় সম্পদ :- জীৱ নথকা সম্পদবােৰক অজীৱীয় সম্পদ বােলে । যেনে :- মাটি , শিল , পানী , বায়ু , খনিজ পদার্থ ইত্যাদি ।
( গ ) উপলব্ধতা বা স্থায়িত্বৰ ভিত্তিত :
( i ) নৱীকৰণযােগ্য সম্পদ :- যিবােৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে একেবাৰে নিঃশেষ হৈ নাযায় আৰু এইবােৰ পুনঃপুর্ণীকৃত প্রক্রিয়াৰে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা যায় তেনে সম্পদক নৱীকৰণযােগ্য সম্পদ বােলে । যেনে :- সূর্যৰ ৰশ্মি , পানী , মাটি ইত্যাদি ।
( ii ) অনীকৰণযােগ্য সম্পদ :- যিবােৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে নিঃশেষ হৈ যায় আৰু যাক নৱীকৰণ কৰিব নোৱাৰি তেনে সম্পদক অনীকৰণযােগ্য সম্পদ বোলে । যেনে :- কয়লা,খিনিজ তেল,প্ৰাকৃতিক গেছ ইত্যাদি ।
( ঘ ) মালিকীস্বত্বৰ ভিত্তিত :
( i ) ব্যক্তিগত সম্পদ :- যিবােৰ বস্তু এজন লােকৰ ব্যক্তিগত দখলত থাকে , তাকে ব্যক্তিগত সম্পদ বােলে । যেনেঃ- মাটি , ঘৰুৱা সা – সম্পত্তি , ব্যক্তিগত গুণাৱলী যেনেঃ ভাল চৰিত্র , শিক্ষা , বিভিন্ন দক্ষতা আদি ।
( ii ) জাতীয় সম্পদ :- যিবােৰ সম্পদ ৰাষ্ট্রৰ দায়িত্বত বা অধীনত থাকে তেনে সম্পদক ৰাষ্ট্ৰীয় সম্পদ বােলে । যেনে :- পৰিবহণ ব্যৱস্থা , ভূমি , নদী , খনিজ সম্পদ , অৰণ্যৰ জীৱ – জন্তু , কৃষি – শস্য , বিভিন্ন উৎপাদিত সামগ্রী , জনসংখ্যা আদি ।
( iii ) আন্তর্জাতিক সম্পদ :- বিভিন্ন দেশৰ জাতীয় সম্পদ আৰু সমগ্র বিশ্বৰ অধীনত থকা সম্পদক আন্তর্জাতিক সম্পদ বােলে । যেনে :- মহাসাগৰ , সাগৰ , বায়ুমণ্ডল , অৰণ্য অঞ্চল আদি ।
( ঙ ) বিতৰণৰ ভিত্তিত :
( i ) চিৰ বিৰাজমান সম্পদ :- বিশ্বৰ সকলাে স্থানতে উপলভ্য বা বিৰাজমান সম্পদসমূহক চিৰ বিৰাজমান সম্পদ বুলি কোৱা হয় । যেনে :- সূৰ্যৰ ৰশ্মি , তাপ , বায়ু , পানী , আকাশ ইত্যাদি ।
( ii ) স্থানিক সম্পদ :- বিশ্বৰ নির্দিষ্ট কিছুমান অঞ্চলতহে পােৱা সম্পদসমূহক স্থানিক সম্পদ বুলি কোৱা হয় । যেনে :- আকৰিক লাে , পেট্রলিয়াম , ইউৰেনিয়াম , কয়লা ইত্যাদি ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Thank you sir
Welcome
Plese send 7 number