Class 10 Social History Chapter – 5 ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – সমাধান answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social History Chapter – 5 ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – সমাধান and select needs one.
Class 10 Social History Chapter – 5 ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social History Chapter – 5 ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – সমাধান Solutions for All Subject, You can practice these here.
ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
ইতিহাস (প্ৰথম খণ্ড)
অতি চমু উত্তৰৰ প্রশ্ন:
১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ?
উত্তৰঃ সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ মিৰাট লৈকে বিস্তৃত আছিল।
২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ?
উত্তৰঃ সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ প্ৰায় ৪০০০ চনত হৈছিল।
৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি ?
উত্তৰঃ ঋকবেদৰ আনুমানিক ৰচনা কাল হ’ল- খ্রীষ্টপূর্ব ১৫০০ চন আৰু খ্রীষ্টপূর্ব ১০০০ চন পৰ্যন্ত।
৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লােৱা হৈছে ?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ মুণ্ডক উপনিষদ গ্ৰন্থৰ পৰা লােৱা হৈছে।
৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম কি ?
উত্তৰঃ প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম হ’ল- কৌটিল্যৰ দ্বাৰা ৰচিত অর্থশাস্ত্র।
৬। ‘বিবিধতাৰ মাজত একতা ’ ( Unity in Diversity ) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ?
উত্তৰঃ ‘বিবিধতাৰ মাজত একতা ’ ( Unity in Diversity ) এই বাক্যাংশ পণ্ডিত জৱাহৰলাল নেহৰুৰ গ্ৰন্থ ‘ ভাৰত সম্ভেদ ’ ( Discovery of India ) গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে।
৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্রীক – ৰােমান কলা – কৌশলৰ প্ৰয়ােগ হৈছিল ?
উত্তৰঃ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ গান্ধাৰ শিল্পকলাত শৈলীত গ্রীক – ৰােমান কলা – কৌশলৰ প্ৰয়ােগ হৈছিল।
৮। ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল ?
উত্তৰঃ ভৰত মুনিৰ নাট্যশাস্ত্র খ্রীষ্টপূর্ব ২০০ চনৰ পৰা দ্বিতীয় শতিকালৈ ৰচিত হৈছিল।
৯। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে ?
উত্তৰঃ ভৰতৰ নাট্যশাস্ত্ৰত প্রায় ৬০০ টা শ্লোক আছে।
১০। হেৰাকা আন্দোলন কি ?
উত্তৰঃ স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে ‘হেৰাকা” নামৰ আন্দোলন গঢ়ি তুলিছিল।
১১। নাগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ কি জীৱৰ নামত উৎসর্গিত ?
উত্তৰঃ নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ ধনেশ পক্ষীৰ নামত উৎসর্গিত।
১২। ‘চপছৰ কুট ’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ?
উত্তৰঃ ‘চপছৰ কুট’ মিজোৰাম ৰাজ্যৰ পৰম্পৰাগত উৎসৱ।
১৩। মিজো শব্দৰ অর্থ কি ?
উত্তৰঃ মিজো শব্দৰ অর্থ হ’ল-‘পাহাৰৰ বাসিন্দা’।
১৪। উত্তৰ – পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত ?
উত্তৰঃ উত্তৰ – পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত।
১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে ?
উত্তৰঃ মণিপুৰী নৃত্য চৈতন্য মহাপ্রভুৰ শৈশৱ , কৃষ্ণলীলা আদিক মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে।
১৬৷ অসমৰ প্রাচীন নাম কি আছিল ?
উত্তৰঃ অসমৰ প্রাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল।
১৭। কি বড়ােমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হােৱা বুলি অনুমান কৰা হয় ?
উত্তৰঃ ‘হা – চোম’ বড়ােমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হােৱা বুলি অনুমান কৰা হয়।
১৮। চর্যাপদ মানে কি ?
উত্তৰঃ চর্যাপদ মানে হ’ল কেইটামান সহজযানপন্থীৰ গীত।
১৯। চর্যাপদ কেতিয়া ৰচিত হৈছিল ?
উত্তৰঃ চর্যাপদ খ্রীষ্টিয় দশম শতিকাৰ পৰা চতুদর্শ শতিকাৰ সময়ছােৱাত ৰচিত হৈছিল।
২০ ৷ মাধৱকন্দলিয়ে কাৰ পৃষ্ঠপােষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ?
উত্তৰঃ মাধৱকন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপােষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল।
২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ?
উত্তৰঃ অসমৰ গদ্য সাহিত্যৰ সূচনা শংকৰদেৱে কৰিছিল।
২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?
উত্তৰঃ জিকিৰ আৰু জাৰি আজানপীৰ ( চাহ মিলন ) ৰচনা কৰিছিল।
২৩। আজানপীৰ কোন ?
উত্তৰঃ আজানপীৰ ইছলামধর্মীয় সংগীত জিকিৰ আৰু জাৰিৰ ৰচক আছিল। তেওঁৰ অন্য নাম আছিল চাহ মিলন।
২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল ?
উত্তৰঃ আজানপীৰ ত্রয়ােদশ শতিকাত অসমলৈ আহিছিল ।
২৫। দ – পৰ্বতীয়াৰ শিলৰ তােৰণখন কেতিয়া নির্মিত হৈছিল ?
উত্তৰঃ দ – পৰ্বতীয়াৰ শিলৰ তােৰণখন খ্রীষ্টিয় ষষ্ঠ শতিকাত নির্মিত হৈছিল।
২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল ?
উত্তৰঃ চাংৰুং ফুকনৰ প্রধান দায়িত্ব আছিল ৰাস্তা – ঘাট , প্রাসাদ , মঠ – মন্দিৰ , ঘৰ – দুৱাৰ আদিৰ নিৰ্মাণ আৰু জোখ – মাখ আদি চোৱাচিতা কৰা।
২৭ । লােক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্রী সম্মান প্রদান কৰা হৈছিল ?
উত্তৰঃ লােক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ শিল্পী প্রতিমা পাণ্ডে বৰুৱাক পদ্মশ্রী সম্মান প্রদান কৰা হৈছিল।
২৮। অসমৰ প্ৰথম বাৰ্তালােচনীখনৰ নাম কি ?
উত্তৰঃ অসমৰ প্ৰথম বাৰ্তালােচনীখনৰ নাম হ’ল- ‘অৰুণােদয়’।
২৯। উত্তৰ- পূৰ্বাঞ্চলৰ অষ্ট্ৰিক ন – গােষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো কি ?
উত্তৰঃ উত্তৰ – পূৰ্বাঞ্চলৰ অষ্ট্ৰিক ন – গােষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো হ’ল- মেঘালয়ৰ খাছীসকল।
৩০। ৰচয়িতাসকলৰ নাম লিখাঃ
উত্তৰঃ
(ক) অর্থশাস্ত্র | কৌটিল্য |
(খ) হস্তী বিদ্যার্ণৱ | সুকুমাৰ বৰকাইথ |
(গ) কীর্তন | শংকৰদেৱ |
(ঘ) নামঘােষা | মাধৱদেৱ |
(ঙ) চোৰধৰা পিম্পৰা গুচোৱা | মাধৱদেৱ |
(চ) কালিয়দমন | শংকৰদেৱ |
(ছ) ৰামবিজয় | শংকৰদেৱ |
(জ) কথাগীতা | ভট্টদেৱ |
(ঝ) ৰাজতৰঙ্গিনী | কলহন |
(ঞ) ভাৰত সম্ভেদ | জৱাহৰলাল নেহৰু |
চমু উত্তৰৰ প্ৰশ্ন:
১। খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা।
উত্তৰঃ খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ’ল- গ্রীকসকল আৰু আৰ্যসকল।
২। সিন্ধু উপত্যকাত আৱিষ্কৃত হােৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হােৱা দুটা মূর্তিৰ নাম লিখা।
উত্তৰঃ সিন্ধু উপত্যকাত আৱিষ্কৃত হােৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হােৱা দুটা মূর্তিৰ নাম হৈছে- ‘পশুপতি সদৃশ মূর্তি’, আৰু ‘মাতৃদেৱীৰ মূর্তি’।
৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
উত্তৰঃ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হৈছেঃ-
(ক) ধান খেতি। আৰু
(খ) কুঁহিয়াৰৰ পৰা গুৰ প্ৰস্তুতকৰণ।
৪। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগােলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে ?
উত্তৰঃ বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা আগমন ঘটা ভিন্ন নৃগােষ্ঠীৰ প্ৰভাৱত ভাৰতীয় সমাজখন গঢ়ি উঠিছে। ইয়াৰ জৰিয়তে ভাৰতত সাংস্কৃতিক বর্ণাঢ্যতাৰ সূচনা হৈছে। ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতাৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিশালতা আৰু বিভিন্ন ভৌগোলিক পৰিস্থিতিয়ে ভূমিকা গ্ৰহণ কৰি আহিছে। ভাৰতৰ ভূপ্রাকৃতিক বৈশিষ্ট্যৰ অন্তৰ্গত এহাতে বিশাল সমভূমি থকাৰ বিপৰীতে আনহাতে পার্বত্য অঞ্চল বিৰাজ কৰিছে , এফালে মৰুভূমি থকাৰ বিপৰীতে আন ফালে ক্রান্তীয় অৰণ্য বিৰাজ কৰিছে , এহাতে উপকুলৱর্তী অঞ্চল বিৰাজ কৰাৰ বিপৰীতে আনহাতে গভীৰতম অভ্যন্তৰীণ এলেকা বিৰাজ কৰিছে।
৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰঃ বেদৰ চাৰিখন সংহিতাৰ নাম হ’ল-
(ক) ঋগবেদ।
(খ) যজুর্বেদ।
(গ) সামবেদ। আৰু
(ঘ ) অথর্ববেদ।
৬। অশােক দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে ?
উত্তৰঃ তৃতীয় শতিকাত গির্ণাৰত থকা অশােকৰ দ্বাদশ মুখ্য শিলা-পলিপিত লিখা কথাখিনিৰ পৰা এয়া স্পষ্ট যে এই শিলালিপিত লিখা কথাখিনিয়ে ভাৰতীয় শাসকসকলৰ ধর্মীয় সহিষ্ণুতাৰ প্রাচীনতম সাক্ষ্য বহন কৰিছে ৷ এই শিলালিপিত কোৱা হৈছে যে কোনেও নিজৰ ধৰ্মটোৰ প্ৰশংসা আৰু অন্য ধর্মক হীন বুলিব নালাগে। ইয়াৰ পৰিৱর্তে আটাইবােৰ ধৰ্মৰ সাৰ আহৰণ কৰি সমন্বয়ৰ পথ অনুসৰণ কৰিব লাগে।
৭। সাংস্কৃতিক বহুত্ববাদ মানে কি ?
উত্তৰঃ কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক সাংস্কৃতিক বহুত্ববাদে। ভাৰত হৈছে সাংস্কৃতিক বহুত্ববাদ বিৰাজ কৰা দেশৰ উৎকৃষ্ট উদাহৰণ কিয়নাে ইয়াত সংস্কৃতি , ভাষা , জাতি , ধর্ম , পৰম্পৰাগত ৰীতি – নীতি , সাজপােছাকৰ শৈলী , খাদ্যাভাস , লােকসংস্কৃতি আদিৰ বিচিত্র সমাহাৰ পৰিলক্ষিত হয়।
৮। ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম হৈছেঃ-
(ক) আর্যভট্ট। আৰু
(খ) ব্রহ্মগুপ্ত।
৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা।
উত্তৰঃ প্রাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্রৰ নাম হৈছেঃ-
(ক) চৰক সংহিতা। আৰু
(খ) সুশ্রুত সংহিতা।
১০। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি ?
উত্তৰঃ ভাৰতীয় চিত্রকলাক দুটা ভাগত ভাগ কৰিব পাৰি সেইবোৰ হৈছেঃ-
(ক) বৃহদাকাৰ দেৱাল চিত্র। আৰু
(খ) ক্ষুদ্রাকাৰ চিত্র।
১১। চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপােষকতা আগবঢ়োৱা দুগৰাকী মােগল বাদছাহৰ নাম লিখা।
উত্তৰঃ চিত্রকলাৰ প্রতি পৃষ্ঠপােষকতা আগবঢ়োৱা দুগৰাকী মােগল বাদছাহৰ নাম হৈছেঃ-
(ক) জাহাংগীৰ। আৰু
(খ) ছাহজাহান।
১২। ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।
উত্তৰঃ ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথি হৈছেঃ-
(ক) হস্তীবিদ্যার্ণৱ। আৰু
(খ) আনন্দ লহৰী।
১৩ ৷ হস্তীবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
উত্তৰঃ হস্তীবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম হৈছে :
(ক) দিলবৰ। আৰু
(খ) দোচাই।
১৪। ঝুম খেতি মানে কি বুজা।
উত্তৰঃ পাহাৰৰ এঢলীয়া মাটিত খাজ কাটি কৰা এক কৃষি পদ্ধতি।
১৫। জেং বিহু মানে কি ?
উত্তৰঃ ব’হাগ বিহুত উজনী অসমৰ মহিলাসকলে পুৰুষৰ অগােচৰে নির্জন স্থানত অনুষ্ঠিত কৰা বিহু নৃত্য – গীতৰ কাৰ্যসূচীকে জেং বিহু বুলি কোৱা হয়।
১৬। ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উত্তৰঃ ওজাপালি হৈছে এক অন্যতম জনপ্রিয় লােকনৃত্য।
ওজাপালিৰ দুটা ভাগ হৈছেঃ
(ক) ব্যাসৰ ওজাপালি। আৰু
(খ) সুকনান্নী ওজাপালি।
১৭। প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা।
উত্তৰঃ প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম হৈছে:
(ক) ৰামানুজ। আৰু
(খ) পতঞ্জলি।
১৮। আহােম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উত্তৰঃ আহােম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম হৈছেঃ
(ক) দেওধাই বুৰঞ্জী। আৰু
(খ) কছাৰী বুৰঞ্জী।
১৯। বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদযাপিত হােৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।
উত্তৰঃ বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদযাপিত হােৱা দুটা স্থানীয় উৎসৱ হৈছেঃ
(ক) দৰং জিলাৰ দেউল। আৰু
(খ) গোৱালপাৰা জিলাৰ বাঁস পুজা।
২০। দৰঙৰ দুবিধ লােক নৃত্যৰ নাম উল্লেখ কৰা।
উত্তৰঃ দৰঙৰ দুবিধ লােকনৃত্যৰ নাম হৈছেঃ
(ক) দেওধানী নৃত্য। আৰু
(খ) বৰ ঢুলীয়া।
২১। ভাৰতত থকা মূল নৃগােষ্ঠীকেইটা কি কি ?
উত্তৰঃ ভাৰতত থকা মূল নৃগােষ্ঠীকেইটা হৈছে —
(ক) অষ্ট্রিকসলক।
(খ) নিগ্রো গােষ্ঠী।
( গ ) মংগােলীয় গােষ্ঠী
(ঘ) আর্যভাষী নর্ডিক।
(ঙ) দ্রাবিড়সকল। আৰু
(চ) পশ্চিমৰ প্রশস্ত মস্তিস্কী ( ৱেষ্টার্ণ ব্রেচিচেফালিক )।
২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হৈছেঃ
(ক) সাংস্কৃতিক বহুত্ববাদ।
(খ) বিভিন্ন যুগৰ সাম্রাজ্যৰ দ্বাৰা সৃষ্টি হােৱা ৰাজনৈতিক একতা।
(গ) বিভিন্ন শাসকে অক্ষুন্ন ৰখা ধর্মীয় আৰু সাংস্কৃতিক একতা।
২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগােৱা হৈছে ?
উত্তৰঃ প্ৰাচীন ভাৰতৰ স্থাপত্য নিদর্শনসমূহক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ্য আৰু কৃষ্ণানদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেচৰ শৈলীত ভগোৱা হয়।
২৪। ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কি বুজা লিখা।
উত্তৰঃ ভাৰতবৰ্ষক ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলি বুজাব বিচৰা হৈছে। সিন্ধু সভ্যতা , বৈদিক সভ্যতা , আৰু আর্য সভ্যতাৰ ভিন্ন নৃগােষ্ঠী যেনে – দ্রাবিড় , আর্যভাষী নর্ডিক , প্রট’ অষ্ট্ৰলয়ড , নিগ্রো , মংগােলীয় , ৱেষ্টার্ণ ব্রেচিচেফালিক আদিৰ প্ৰভাৱৰ পৰিণতিত ভাৰতৰ ঐতিহ্য গঢ়ি উঠাৰ দৰে উত্তৰ – পূর্বাঞ্চলতাে মংগােলীয় আৰু অষ্ট্ৰিক নৃগােষ্ঠীয় লােকৰ পৰা কালক্ৰমত উত্থান হােৱা ভালেমান জাতি – জনজাতিৰ প্ৰভাৱত এক বৈশিষ্ট্যসম্পন্ন ঐতিহ্য গঢ়ি উঠিছে। ভাৰত আৰু উত্তৰ – পূর্বাঞ্চল উভয়ৰে লােকসমষ্টিৰ ধর্মীয় বিশ্বাস , উৎসৱ , নৃত্য , সংগীত , ৰীতি – নীতি ভিন ভিন। এই মহান আৰু অনন্য সাংস্কৃতিক ঐতিহ্য থকাৰ সত্ত্বেও সামগ্রিকভাৱে ভাৰতত আৰু বিশেষভাৱে উত্তৰ – পূর্বাঞ্চলত এক সাংস্কৃতিক একতা বিৰাজ যাৰ সূত্রপাত হৈছে বাণিজ্যক , আদান – প্রদান , বিবাহ , যুদ্ধকালীন পাৰস্পৰিক সাহায্য আদিৰ জৰিয়তে।
সমগ্ৰ ভাৰতখন বিভিন্ন ক্ষেত্ৰত বিবিধতাৰ সৃষ্টি কৰিও একতাৰ বান্ধোনেৰে বান্ধ খাই আছে। সামাজিক পৰম্পৰা , বিশ্বাস , ৰীতি নীতি ধর্মীয় ক্রিয়া কাণ্ড আদিৰ আত্মীকৰণৰ ফলত ভিন্ন সাংস্কৃতিক গােটৰ উত্থান হৈছে। গতিকে , লােকসকলৰ মাজৰ সাংস্কৃতিক বিনিময়ে সংস্কৃতিক একতাৰ জালিকা গঠন কৰিছে যিয়ে দেশৰ বৈচিত্র্যৰ মাজত একতা স্থাপনতাে ভূমিকা পালন কৰিছে।
২৫। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।
উত্তৰঃ UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য হৈছেঃ
(ক) তাজমহল।
(খ) অজন্তাৰ গুহাসমূহ। আৰু
(গ) সাঁচীৰ স্তুপ।
২৬৷ ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নির্মাণ কৰা হৈছিল?
উত্তৰঃ প্রাচীন কালৰে পৰা ভাস্কর্য শিল্পৰ বাবে ভাৰতৰ এক সুখ্যাতি আছে। গৌতম বুদ্ধ , মহাবীৰ হিন্দুধর্মীয় বিভিন্ন দেৱ – দেৱী , যক্ষ – যক্ষিণী , অপেশ্বৰী , বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ – জন্তুৰ মূর্তি আদি।
২৭ ৷ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি ?
উত্তৰঃ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী হৈছেঃ
(ক) গান্ধাৰ শিল্পকলা
(খ) মথুৰা শিল্পকলা। আৰু
(গ) অমৰাৱতী শিল্পকলা।
২৮। দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰঃ দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাই হৈছেঃ
(ক) অজন্তাৰ দেৱালৰ চিত্ৰসমূহ ( মহাৰাষ্ট্র )
(খ) বাঘৰ দেৱালৰ চিত্ৰসমূহ ( মধ্য প্রদেশ )। আৰু
(গ) চিত্তনাৱাচলৰ দেৱালয় চিত্রসমূহ ( তামিলনাড় )।
২৯। মােগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ মােগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্রন্থৰ নাম হৈছেঃ
(ক) পাদছাহনামা।
(খ) তুতিনামা।
(গ) জাহাংগীৰনামা।
৩০। চিত্রকলাৰ ষড়াংগ মানে কি বুজা ?
উত্তৰঃ চিত্র অংকনৰ বাবে প্রয়ােজনীয় ছটা উপাদানক চিত্রকলাৰ ষড়াংগ বোলা হয়।
চিত্রকলাৰ ষড়াংগত তলত দিয়াকেইটা অন্তর্ভুক্তঃ
(ক) আকৃতি।
(খ) জোখ – মাখ।
(গ) আৱেগ অনুভূতি প্রকাশক কৌশল।
(ঘ) কলাত্মক উপস্থাপন।
(ঙ) সাদৃশ্য জ্ঞান। আৰু
(চ) তুলিকা ব্যৱহাৰৰ নিয়ম।
৩১। ভাৰতৰ যােগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ যোগবিদ্যা ভাৰতৰ একগৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ ই এক অনবদ্য অৱদান। বৈদিক যুগত মহর্ষি সকলে যােগবিদ্যাৰ বিকাশ সাধন কৰিছিল। সিন্ধু উপত্যকাৰ সভ্যতাৰ সময়ছােৱাত ইয়াৰ উদ্ভৱ হৈছিল বুলি অনুমান কৰিব পাৰি। মহর্ষি পতঞ্জলিয়ে দ্বিতীয় শতিকাত যােগসূত্ৰ নামৰ এখন গ্রন্থ সংকলন কৰি এই বিদ্যাক সুসংহত ৰূপ দিয়ে। তেতিয়াৰ পৰা যােগবিদ্যা ভাৰতৰ জনপ্ৰিয় হৈ পৰে। যােগবিদ্যাৰ জৰিয়তে শাৰীৰিক উৎকর্ষ সাধন হােৱাৰ লগতে মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধন হয়। যােগবিদ্যাৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তৰাষ্ট্ৰীয় যােগ দিৱস হিচাপে ঘােষণা কৰিছে।
৩২। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতীৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল:
(ক) ভাৰতৰ স্থাপত্য শিল্পৰ নিদর্শন মঠ – মন্দিৰৰ প্ৰধান শিখৰসমূহ আৰু সহযােগী শিখৰসমূহ পর্বত শৃংগৰ আৰ্হিত নির্মিত হৈছিল।
(খ) দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ আয়তাকাৰ গঠনেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যােৱা পৰিলক্ষিত হয়।
(গ) মঠ – মন্দিৰ আদি ধর্মীয় উপাসনা গৃহসমূহ হিন্দু বস্তু শাস্ত্ৰৰ আধাৰত নির্মিত হৈছিল।
৩৩। ৰঙালী বিহুৰ সাতদিনক কি কি নামেৰে জনা যায় ?
উত্তৰঃ ৰঙালী বিহুৰ সাতদিনক ক্ৰমে গৰু বিহু , মানুহ বিহু , গােসাঁই বিহু , কুটুম বিহু , চেনেহী বিহু , মেলা বিহু আৰু চেৰা বিহু বুলি জনা যায়।
৩৪। কামৰূপী লােকগীত আৰু গােৱালপৰীয়া লােকগীতৰ মূল বিষয়বস্তু কি ?
উত্তৰঃ কামৰূপী লােকগীত আৰু গােৱালপৰীয়া লােকগীতৰ মূল বিষয়বস্তুসমূহ হ’ল- জীৱনৰ সুখ – দুখ , জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব , দেহৰ ক্ষণভংগুৰতা , দেৱ – দেৱীৰ প্রশস্তি ইত্যাদি।
৩৫। অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা তিনিখন গ্রন্থ হৈছেঃ
(ক) ৰামায়ণ।
(খ) মহাভাৰত।
(গ) বিষ্ণু পুৰাণ।
দীঘল উত্তৰৰ প্রশ্ন:
১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ সাংস্কৃতিক বহুত্ববাদ আৰু ‘বৈচিত্র্যৰ মাজত একতা’ৰ বাবে ভাৰত সুপৰিচিত। শ শ বছৰৰ সাংস্কৃতিক আত্মীকৰণ আৰু অভিযােজনৰ ফলস্বৰূপে ইয়াৰ সংস্কৃতি গঢ়ি উঠিছে। দেশখনত বিৰাজ কৰা সভ্যতাৰ অধ্যয়নৰ জৰিয়তে দেশখনত কেনেদৰে বহুসংস্কৃতিৰ অৱতাৰণা হ’ল সেয়া জানিব পাৰি। খ্রীষ্টপূর্ব ৪০০০ চনত গঢ়ি উঠা সিন্ধু – উপত্যকাৰ সভ্যতা এক প্রাচীন সভ্যতা আৰু এই সভ্যতাৰ বিকাশ সাধন কৰিছিল দ্রাবিড়সকলে। হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস, বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা, ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্রান্তক মূল কাহিনীভাগৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ইয়াৰ পাছত আর্য সংস্কৃতিয়ে সমাজৰ প্ৰতিটো ক্ষেত্রতে যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছে। দ্রাবিড়সকল , আর্যভাষী নর্ডিক , প্রট’ – অষ্টলয়ড , নিগ্রো , অষ্ট্রিক , মংগােলীয় আৰু ৱেষ্টার্ন ব্রেচিচেফালিক আদি নৃগােষ্ঠীসমূহে সংমিশ্রণ প্রক্রিয়াৰ জৰিয়তে বহুতাে জাতি উপজাতিৰ সৃষ্টি কৰিছে। ৰীতি – নীতি , সামাজিক পৰম্পৰা , বিশ্বাস , ধর্মীয় ক্রিয়া কাণ্ড আদিৰ সংমিশ্ৰণৰ ফলস্বৰূপে অন্যান্য সাংস্কৃতিক গােটৰ গঠন হৈছে। ফলস্বৰূপে , আর্য সংস্কৃতিয়ে নৃগােষ্ঠীয় গােটৰ পৰিৱর্তন সাধন কৰিছে।
ভাৰতৰ ভিন ভিন শাসকে ধর্মীয় সহিষ্ণুতাৰ অনুশীলন কৰিছিল আৰু লাহে লাহে হিন্দু ধৰ্মৰ বাদে অন্য ধর্মৰ লােকে ভাৰতত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। অন্য ধর্মাৱলম্বী এইসকল লােক হৈছে খ্রীষ্টিয়ান , মুছলমান , ইহুদী , বৌদ্ধ ইত্যাদি। কলা , সংস্কৃতি , সাহিত্য স্থাপত্য , পৰম্পৰা , ধর্মীয় ক্রিয়া-কাণ্ড , উৎসৱ আৰু জীৱন নির্বাহৰ শৈলীৰ ওপৰত ভিন ভিন ধর্মীয় বিশ্বাসে প্রভাৱ বিস্তাৰ কৰে। তদুপৰি গ্রীক , শক , হুন , তুর্কী , আফগান , পর্তুগীজ , মােগল , গুলন্দাজ , ফৰাচী আৰু ব্রিটিছসকলৰ সামৰিক আক্রমণে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। বহুতে স্থায়ীভাৱে বসতি স্থাপন কৰি ভাৰতীয় নাগৰিকৰ সাংস্কৃতিক বৈচিত্র্য সংযােজন কৰে।
ভাৰতৰ ভৌগােলিক বৈচিত্রয়াে ইয়াৰ সাংস্কৃতিক ঐতিহ্যত অৰিহণা যােগায়। সমভূমি , পাহাৰ , মৰুভূমি , উপকুলৱর্তী অঞ্চল , উপত্যকা আদিত বসবাস কৰা সকলাে লােকৰ ভিন্নভাবে বিকশিত হৈছে কিয়নাে তেওঁলােকৰ গৃহভূমিৰ প্ৰকৃতিয়ে জীৱন শৈলী , খাদ্য , শস্য , কলা লােক সংস্কৃতি আদি প্ৰভাৱিত কৰে। অৱশ্যে , উৎপত্তি আৰু জীৱন শৈলীত সাংস্কৃতিক বিভিন্নতা বিৰাজ কৰাৰ সত্ত্বেও ভাৰতৰ বিভিন্ন অঞ্চলত সাংস্কৃতিক একতা বিৰাজ কৰিছে। ইয়াকে সাংস্কৃতিক বহুত্ববাদ বুলি জনা যায়।
২। ‘ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা – সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব ’— বাক্যশাৰীৰ ভাবার্থ আলােচনা কৰা।
উত্তৰঃ ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে। বেদ , বেদাংগ , উপনিষদ , ব্রাহ্মণ , আৰণ্যক , ৰামায়ণ , মহাভাৰত , গীতা , পুৰাণ আদি হিন্দু ধৰ্মৰ গ্রন্থসমূহ সংস্কৃত ভাষাত লিখা হৈছিল। লিখকৰ এই বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদর্শন। এই গ্রন্থসমূহত ধর্মীয় বিষয়বস্তু থকাৰ উপৰিও প্রাচীন কালৰ মানুহৰ জীৱন নির্বাহৰ লগত জড়িত ধর্মবহির্ভূত তথ্যও উপস্থাপন কৰা হৈছে।
এই গ্রন্থসমূহে প্রাচীন ভাৰতৰ ৰাজনৈতিক , সামাজিক , অর্থনৈতিক আৰু সাংস্কৃতিক দিশত আলােকপাত কৰে। ৰাজনীতি , চিকিৎসা শাস্ত্র , বিজ্ঞান , সাহিত্য বিষয়ক প্রাচীন ভাৰতৰ অন্যান্য গ্রন্থও সংস্কৃত ভাষাত লিখা হৈছিল। এনে কিছুমান গ্রন্থ হৈছে। কৌটিল্যৰ অর্থশাস্ত্র , চিকিৎসাবিষয়ক গ্রন্থ চৰক সংহিতা আৰু সুশ্রুত সংহিতা , কালিদাস , শূদ্রক , বাণভট্ট আদি লেখকৰ বিশুদ্ধ সাহিত্যৰাজি , কপিল , পতঞ্জলি , গৌতম , বাদৰায়ণ , ৰামানুজ , মাধৱাচার্য আদিৰ দর্শন বিষয়ক গ্রন্থ কলহনৰ দ্বাৰা ৰচিত ইতিহাস বিষয়ক গ্রন্থ ৰাজতৰংগিণী আৰু আর্যভট্ট , বৰাহমিহিৰ , ব্রহ্মগুপ্ত , প্রথম আৰু দ্বিতীয় ভাস্কৰাচার্য , মহর্ষি ভৰদ্বাজ আদিৰ দ্বাৰা ৰচিত বিজ্ঞান বিষয়ক গ্রন্থ। দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্ৰন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্যৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে। ওপৰত উল্লেখ কৰা গ্রন্থসমূহত ভাৰতীয় সংস্কৃতিৰ আত্মা আৰু উদ্যম নিহিত হৈ আছে।
লিখনীসমূহত মানুহৰ জীৱন ধাৰা , ধর্মীয় অনুশীলন , বৈজ্ঞানিক জ্ঞান , দর্শন সম্পর্কীয় চিন্তাধাৰা , চিকিৎসা , সাহিত্য – সম্বন্ধীয় জ্ঞান , কলাসন্মত অনুধাৱন , সাংস্কৃতিক অনুশীলন আদি প্ৰতিফলিত কৰা হৈছে। এই গ্ৰন্থসমূহে ভাৰতীয়সকলৰ সমাজ ব্যৱস্থা, মনস্তত্ত্ব সাহিত্য-চেতনা, সৰ্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ আদি গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল। সেয়ে , ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা – সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি অভিহিত কৰা হয়।
৩। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।
উত্তৰঃ খ্রীষ্টপূর্ব ৪০০০ চনৰ আশে – পাশে ভাৰতৰ উত্তৰ – পশ্চিম অংশত সিন্ধু উপত্যকাৰ সভ্যতাৰ বিকাশ ঘটিছিল বুলি অনুমান কৰা হৈছে। পৰৱর্তী পর্যায়ত আর্যভাষী নর্ডিকসকলে ১৫০০ খ্রীষ্টাব্দত ভাৰতলৈ প্ৰব্ৰজন কৰি আৰ্য সংস্কৃতিৰ বিকাশ সাধন কৰিছিল। খ্রীষ্টপূর্ব ৪০০ চনৰ ভিতৰত আৰ্য সংস্কৃতি ভাৰতৰ অধিকাংশ ঠাইলৈ প্ৰসাৰিত হয়। আর্য সংস্কৃতিয়ে ভাৰতত প্ৰসাৰিত হৈ থকা সময়তে বিভিন্ন অঞ্চলৰ সামাজিক আৰু ধর্মীয় পৰম্পৰাৰ সংমিশ্রণ ঘটে। ইয়াৰ ফলস্বৰূপে আর্য সংস্কৃতিৰ ৰূপান্তৰণ ঘটে। হিন্দু ধৰ্মৰ পৱিত্র গ্রন্থসমূহ যেনে সংহিতা , ব্রাহ্মণ , আৰণ্যক , ৰামায়ণ , মহাভাৰত , উপনিষদ , পুৰাণ , স্মৃতি , বেদাংগ আদিয়ে এই ৰূপান্তৰণৰ কথা ব্যক্ত কৰে। প্রাচীন ভাৰতৰ ধৰ্মীয় ক্ষেত্ৰৰ এটা লক্ষ্যণীয় বৈশিষ্ট্য হ’ল ধর্মীয় সহিষ্ণুতাৰ প্রাধান্য।
ভাৰতৰ প্রত্যেক অংশত স্বকীয় উপাসনা প্রণালী আৰু ধর্মীয় ক্রিয়া কাণ্ডৰ বিকাশ সাধন হৈছিল। আৰ্যসকলে ভাৰতৰ অন্যান্য অংশলৈ স্থানান্তৰিত হওঁতে অন্যান্য অঞ্চলৰ ভাল উপাদানবােৰ আহৰণ কৰিছিল। প্ৰকৃততে আৰ্যসকলে নতুন উপাসনা পদ্ধতিৰ সংযােজন কৰিছিল। ভাৰতৰ প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহবৰ্তিতা, সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক দ্বিধাহীন নীতি গ্ৰহণ কৰিছিল। অন্যাৰ্থত আর্য আৰু অনার্য জনগােষ্ঠীৰ মাজত সাংস্কৃতিক আৰু ধর্মীয় সংমিশ্রণ ঘটে। ধর্মীয় সহিষ্ণুতা কেৱল সাধাৰণ লােকৰ মাজতে সীমাবদ্ধ নাছিল , বৰং শাসকসকলৰ মাজতাে ইয়াৰ পৰিশীলন হৈছিল। সম্রাট অশােক ইয়াৰ উৎকৃষ্ট উদাহৰণ। খ্ৰীষ্টপূর্ব তৃতীয় শতিকাতেই সম্রাট অশোকৰ গিৰ্ণাৰত থকা ১২ নং মুখ্য শিলালেখখনত থকা কিছু কথা বিশেষ মনকৰিবলগীয়া। এই লিপিত কোৱা হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধর্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে। শাসক উদ্যোগত হােৱা ধর্মীয় সহিষ্ণুতাৰ অনুশীলনৰ এয়া প্রাচীনতম উদাহৰণ । গতিকে , দেখা যায় যে প্রাচীন কালৰ পৰা মানুহে ধর্মীয় সহিষ্ণুতাৰ পৰিশীলন কৰিছিল। অৱশ্যে , মুছলমান আৰু খ্রীষ্টিয়ানসকলে মধ্যযুগীয় ভাৰতবৰ্ষত বসতি স্থাপন কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছিল।
৪। উত্তৰ – পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে ?
উত্তৰঃ উত্তৰ – পূর্বাঞ্চল শব্দটোৰ জৰিয়তে উত্তৰ – পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য অর্থাৎ অসমক মাজভাগত লৈ উত্তৰ, পূব আৰু দক্ষিণ দিশত অন্য ৰাজ্যকেইখনে আগুৰি আছে। এই অঞ্চলটোৰ কিছুমান সাধাৰণ বৈশিষ্ট্যৰ কাৰণে অঞ্চলটোৱে এক উমৈহতীয়া পৰিচয় অর্জন কৰিছে। আটাইকেইখন ৰাজ্যৰ বহুতো সাধাৰণ কাৰক আছে।
প্রথমে , ৰাজ্যকেইখন ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ডৰ চৌপাশে বিস্তৃত হৈ আছে।
দ্বিতীয়তে , সমগ্র অঞ্চলটো ভুটান, চীন, ম্যানমাৰ, বাংলাদেশ এই বিদেশী ৰাষ্ট্ৰকেইখনৰ দ্বাৰা আবৃত।
তৃতীয়তে , অসমৰ আটাইকেইখন চুবুৰীয়া ৰাজ্যই পাহাৰীয়া হােৱা হেতুকে পথ পৰিবহণৰ বাবে আটাইবোৰ ৰাজ্য অসমৰ ওপৰত নিৰ্ভৰ কৰে।
চতুর্থতে , মেঘালয়ৰ খাছীয়া লােকসকলৰ বাদে অসমৰ অধিকাংশ লােকেই মংগােলীয় গােষ্ঠীৰ অন্তর্ভুক্ত লােক। মেঘালয়ৰ খাছীয়া লোকসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক।
শেষত , ঔপনিবেশিক শাসন কালছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পাহাৰীয়া লোকসকলৰ মাজত মিছনেৰীসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। ইয়াৰোপৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে বিভিন্ন জনজাতীয় গোটৰ নৃত্য, গীত, বাদ্য, শিল্পকলা আদি প্ৰদৰ্শন কৰি এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে।
৫। উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধর্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ প্রাচীন কালত উত্তৰ – পূৰ্বাঞ্চলৰ প্ৰধান ধৰ্ম আছিল হিন্দুধর্ম। অসমত পঞ্চদশ শতিকাত বৈষ্ণৱ ধৰ্মৰ বিকাশ ঘটিছিল আৰু শীঘ্ৰে ই মণিপুৰলৈ প্ৰসাৰিত হৈছিল। অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতো বংগদেশ হৈ অতি প্ৰাচীন কালতেই হিন্দুধৰ্মৰ প্ৰসাৰ ঘটিছিল । ত্ৰিপুৰাৰ অধিকাংশ লোকেই হিন্দু ধৰ্মাৱলম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত। মণিপুৰৰ মেইটেই সম্প্রদায়টোৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী। বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ লােকনৃত্য , লােকসংগীত , বাদ্যযন্ত্ৰকে ধৰি মণিপুৰী সংস্কৃতিৰ প্ৰতিটো ক্ষেত্ৰতে পৰিলক্ষিত হয়। অৱশ্যে , বহুতাে মণিপুৰী লােকৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী বিশ্বাস চলি আছে। ইয়াত বাংলাভাষী লােকৰ সংস্কৃতি পৰিলক্ষিত হয়। ব্রিটিছ শাসন কালত ১৮৩০ চনৰ পৰা খাছীয়া , গাৰাে আৰু জয়ন্তীয়াসকলে খ্রীষ্টিয়ান ধর্ম গ্রহণ কৰিছে। সম্প্রতি ৰাজ্যখনৰ ৭০ শতাংশ লােক খ্রীষ্টিয়ান। একেদৰে , মিজোৰাম ৰাজ্যৰ অধিকাংশ লােক খ্রীষ্টিয়ান অৱশ্যে ইয়াত বৌদ্ধধর্ম আৰু হিন্দু ধর্ম অনুসৰণ কৰা লােকো আছে। কিন্তু দুর্ভাগ্যবশতঃ খ্রীষ্টিয়ান ধর্ম গ্রহণ কৰাৰ পাছত মিজো সম্প্রদায়ে উৎসৱ – পার্বণকে ধৰি তেওঁলােকৰ পৰম্পৰাগত সংস্কৃতিৰ বহুতাে উপাদান হেৰুৱাইছে। অৱশ্যে , ১৯৭৩ চনৰ পৰা মিজোৰামত পৰম্পৰাগত উৎসৱ চপচৰ কূট ’ পুনৰায় উদযাপন কৰি অহা হৈছে।
অন্যান্য বহুততা পৰম্পৰাগত নৃত্য , সংগীত আৰু সামূহিক উৎসৱ পুনৰুদ্ধাৰৰ পদক্ষেপাে তেওঁলােকে গ্রহণ কৰিছে। নাগালেণ্ডৰ সংখ্যাগৰিষ্ঠ লােকেও খ্রীষ্টিয়ান ধর্ম অনুসৰণ কৰে। কিন্তু তেওঁলােকে পৰম্পৰাগত ৰীতি – নীতি আৰু পৰিশীলন ত্যাগ কৰা নাই। অৰুণাচল প্ৰদেশৰ বহুসংখ্যক লোক হিন্দু, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী, একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে ডনিপ’ল অৰ্থাৎ চন্দ্ৰ-সূর্য তেওঁলোকৰ জনপ্ৰিয় দেৱতা। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই মিশ্ৰিত ধৰ্মাৱলম্বীৰ।
৬। অসমত আর্য – অনার্য সকলােৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছে ‘ — এই প্ৰসংগটো চমুকৈ আলােচনা।
উত্তৰঃ জনগােষ্ঠী , সংস্কৃতি আৰু ধৰ্মৰ বিচিত্র সমাহাৰ হিচাপে অসমক গণ্য কৰা হয়। দীর্ঘকাল জুৰি জনগােষ্ঠীয় বৈচিত্র্য অসমৰ এক বৈশিষ্ট্য হিচাপে স্বীকৃত হৈ আহিছে। প্রাচীন কাল আৰু মধ্যযুগত ৰাজ্যখনৰ বিভিন্ন অংশত ভালেমান নৃগােষ্ঠী যেনে নিগ্রো গােষ্ঠী , অষ্ট্ৰলয়ড , মংগােলীয় গােষ্ঠী , দ্রাবিড়সকল আৰু ককেছয়ড গােষ্ঠী আদিয়ে বসতি স্থাপন কৰিছিল। ইতিহাসবিদসকলৰ মতে তিব্বত ব্ৰহ্মী ভাষিক গােত্রৰ মংগােলীয় লােকসকলে ভাৰতৰ উত্তৰ – পূর্বাঞ্চলত প্ৰৱেশ কৰিছিল আৰু ক্ৰমান্বয়ে অসম , বংগদেশ , বিহাৰ আৰু নেপালত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। অসম আগমনৰ ঠিক পাছতে এই মংগােলীয় জনগােষ্ঠীৰ লােকসকলে যিসকল লােকৰ সংস্পৰ্শলৈ , আহিছিল তেওঁলােকৰ জাতিগত আৰু সাংস্কৃতিক বৈশিষ্ট আত্মীকৰণ আৰম্ভ কৰে।
মংগােলীয় গােষ্ঠীৰ পাছত আৰ্যসকলে অসমত প্ৰৱেশ কৰিছিল। আৰ্যসকলে খ্রীষ্টপূর্ব ১৫০০ চনৰ আশে – পাশে ভাৰতত প্রৱেশ কৰিছিল বুলি ধাৰণা কৰা হৈছে। সিন্ধু আৰু গংগা উপত্যকাত কেইবা শতিকা জুৰি বসতি স্থাপনৰ পাছত তেওঁলােকে ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰিছিল কিয়নাে এইটো অতি সাৰুৱা অঞ্চল আছিল। আহােমসকলৰ শাসন কালত দক্ষিণ – পূর্ব এছিয়া গংগা উপত্যকাৰ পৰা ভিন ভিন জনগােষ্ঠীয় লােক অসমত প্ৰৱেশ কৰিছিল। অষ্টাদশ শতিকাৰ প্ৰথম ভাগত খামটি , টুৰুঙ , নাৰা আদি ভিন ভিন জনজাতিৰ লােকে দক্ষিণ এছিয়াৰ বিভিন্ন অংশৰ পৰা প্ৰব্ৰজন কৰিছিল। এই সময়ছােৱাত তুর্কী – আফগান অভিযানকাৰী , মােগল আক্রমণকাৰী আদিয়ে অসমত বসতি স্থাপন কৰিছিল। তেওঁলােকে বসতি স্থাপন কৰাৰ ফলস্বৰূপে অসমত ইছলাম ধৰ্মৰ প্ৰসাৰ আৰম্ভ হয়। এই প্ৰব্ৰজন আৰু বসতিস্থাপনৰ ফলস্বৰূপে ভিন্ন সংস্কৃতি , ধৰ্ম আৰু জনগােষ্ঠীৰ সমন্বয় ঘটে। এনেদৰে , আহােম সম্প্রদায়ৰ লােকসকলে বহুজনগােষ্ঠীয় , বগােষ্ঠীয় বৈশিষ্ট্য আহৰণ কৰে আৰু পৰৱর্তী পর্যায়ত এই বৈশিষ্ট্যৰ অধিক ৰূপান্তৰণ আৰু সম্প্ৰসাৰণ ঘটে। ইয়াৰ পৰিপ্ৰেক্ষিতত মধ্যযুগীয় অসমৰ সমাজখন বিভিন্ন জাতি – জনজাতিৰে গঠিত হৈছিল।
অসমীয়া সমাজৰ লােকসকলৰ এক বৃহৎ অংশ আর্যগােষ্ঠীয় হিন্দুধর্মীয় লােক আৰু বিভিন্ন অনার্য জনগােষ্ঠীয় লােকেৰে গঠিত। জনজাতীয় লােকসকলে আহােম সম্প্রদায়ৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছিল। অঞ্চলটোৰ বিভিন্ন জনজাতীয় লােৰ ভাষাৰ পৰা অসমীয়া ভাষাত ভালেমান শব্দৰ উৎপত্তি হৈছে বুলি অনুমান কৰা হৈছে। একেদৰে জনজাতীয় লােকৰ মাজত প্ৰচলিত ভালেমান সাংস্কৃতিক বৈশিষ্ট্য অসমীয়া সংস্কৃতিয়ে আহৰণ কৰিছে। গতিকে , এইটো সত্য যে অসমত আর্য – অনার্য সকলােৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছে।
৭। অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমত আহােমসকলে ব্রহ্মপুত্র উপত্যকাত বসতি স্থাপন কৰাৰ আৰম্ভণিৰ পৰা সাহিত্য আৰু চিত্রকলা উভয়ৰে বিকাশ সাধন কৰিছিল ৷ কলা শৈলী হিচাপে চিত্ৰকলাৰ বিকাশ সাধন কৰা হৈছিল। মধ্যযুগীয় অসমত চিত্রকলাৰ মাধ্যমেৰে সচিত্র গ্রন্থ প্রস্তুত কৰাৰ পৰম্পৰা বিকশিত কৰি ইয়াক বিস্তৃতভাৱে অনুশীলন কৰা হয়। কেইখনমান সচিত্ৰ পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যাৰ্ণৱ, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমাৰ হৰণ আদি সাঁচিপতীয়া পুথি স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্ৰসমূহ অঁকা হৈছিল। প্রথমে সাঁচিপাতত এটা নির্দিষ্ট ৰঙৰ প্রলেপ দিয়া হৈছিল। তাৰ পাছত বিষয়বস্তুৰ প্রয়ােজন সাপেক্ষে ৰজা , প্রাসাদ , উপাস্য দেৱতা , জীৱ – জন্তু আদিৰ চিত্র অংকন কৰা হৈছিল। খালীস্থানত ফুল , লতা আদিৰ চিত্র উপস্থাপন কৰা হৈছিল। সাধাৰণতে ৰঙা , সেউজীয়া , হালধীয়া আৰু ক’লাৰং ব্যৱহাৰ হৈছিল। সপ্তদশ শতিকাৰ পৰা আহােম ৰজাসকলে চিত্ৰসকলৰ পৃষ্ঠপােষকতা কৰিছিল আনহাতেসত্ৰাধিকাৰৰ পৃষ্ঠপােষকতাত সত্ৰসমূহত সচিত্র পুথিৰ বিকাশ সাধন হৈছিল। এই সচিত্র গ্রন্থসমূহৰ মানদণ্ড যথেষ্ট উন্নত আছিল আৰু ইয়াত স্থানীয় প্রভাৱ বিৰাজ কৰিছিল। হস্তীবিদ্যার্ণৱ নামৰ সচিত্র পুথিখন সুকুমাৰ বৰকাইথে ৰচনা কৰিছিল। মধ্যযুগীয় অসমত চিত্রকলাৰ বিকাশৰ এটা নেতিবাচক দিশ এয়ে যে এই সময়ছােৱাত কেৱল ব্যাখ্যামূলক চিত্র শৈলীৰহে বিকাশ সাধন হৈছিল , অন্যান্য চিত্রশৈলীৰ এই সময়ছােৱাত অৱনতি ঘটিছিল।
৮। অসমৰ ধমীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।
উত্তৰঃ অসমৰ এক লক্ষ্যণীয় বৈশিষ্ট্য হ’ল ৰাজ্যখনত সাংস্কৃতিক আৰু বিভিন্ন ধর্মীয় বৈচিত্র্য পৰিলক্ষিত হয়। অসমৰ ভিন ভিন জনগােষ্ঠীৰ লোকে ভিন ভিন ধর্ম অনুসৰণ কৰে। অসমৰ অধিকাংশ লােক হিন্দু ধর্ম অনুসৰণ কৰে। ৰাজ্যখনত ইছলাম, খ্রীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলী লোক। অসমত বসবাস কৰা হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়।
অসম শক্তিপীঠৰ অৱস্থিতিৰ বাবে প্রসিদ্ধ। অসমৰ কামাখ্যা মন্দিৰ আটাইতকৈ প্ৰভাৱী শক্তিপীঠ। সমগ্র বিশ্বতে এই মন্দিৰটো প্রসিদ্ধ। প্রত্যেক বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ বৃহৎ সংখ্যক তীর্থযাত্রী আহে।
অসমৰ অন্য এক হিন্দুধর্মীয় ভক্তিমার্গ হৈছে বৈষ্ণৱ। বৈষ্ণৱ ধর্ম অনুসৰণ কৰা হাজাৰ হাজাৰ লােকে অসমত বসবাস কৰে। এই ভক্তিমার্গৰ প্রধান পৃষ্ঠপােষক আছিল শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱ। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখত লোকক বৈষ্ণৱী ভক্তিমার্গত অনুগামী কৰিছিল
ত্রয়ােদশ শতিকাত অসমত ইছলাম ধৰ্মৰ আগমন হােৱাৰ তথ্য পোৱা যায়। অসমৰ ইছলাম ধৰ্মাৱলম্বী লােকৰ এখন পবিত্র তীর্থস্থান হৈছে হাজোত অৱস্থিত পােৱামক্কা। আজানপীৰৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰি হৈছে এবিধ জনপ্রিয় ধর্মীয় গীত।
অসমত বসতি স্থাপন কৰা অন্য এটা ধর্মীয় গােট হৈছে শিখসকল। চন্দ্রকান্ত সিংহৰ শাসনকালত সংঘটিত হােৱা মানৰ অসম আক্ৰমণৰ সময়ত আহােম সৈন্যক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জীত সিংহৰ নির্দেশ ক্রমে এটা শিখ সৈন্যদল অসমলৈ আহিছিল।
৯। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে ?
উত্তৰঃ প্ৰতিৱেশী ৰাজ্য- অৰুণাচলপ্ৰদেশ,মণিপুৰ ,নাগালেণ্ড ,মেঘালয় ,আদিৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক। জনগােষ্ঠী , সংস্কৃতি আৰু ধৰ্মৰ বিচিত্র সমাহাৰ হিচাপে অসমক গণ্য কৰা হয়। নিগ্রো গােষ্ঠী , অষ্ট্ৰলয়ড , মংগােলীয় , ককেছয়ড , অষ্ট্রিক আদি নৃগােষ্ঠীয়ে অসমৰ বিভিন্ন অংশত বসতি স্থাপন কৰিছিল। ক্রমান্বয়ে এই ভিন্ন নৃগােষ্ঠীয় গােটসমূহে উমৈহতীয়া অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যােগাইছে। এইটো এক স্বীকৃত সত্য যে উত্তৰ – পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা , সংমিশ্রণ আৰু বিৱৰ্তন অধিক মাত্রাত ঘটিছে।
নিম্নোক্ত কাৰকৰ বাবে এনে হৈছেঃ
(ক) অসমত সময়ে সময়ে বহুতো জাতি-জনগোষ্ঠী আহি খোপনি পুতিছিল আৰু সেয়ে অসমখন বিভিন্ন লোক-সংস্কৃতিৰে ভৰপূৰ বুলিব পাৰি।
(খ) অর্থনৈতিকভাৱে অসমত থকা সম্পদ আৰু সুবিধা যেনে বিস্তীর্ণ সমভূমি , কৃষিকাৰ্যৰ সম্ভাৱনা , জলসম্পদৰ উপলব্ধতা আদিয়ে অর্থনৈতিক সমৃদ্ধি সাধন কৰাৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক ক্ষেত্ৰৰ উৎকর্ষ সাধন হৈছে।
(গ) নৃগােষ্ঠীসকল অসমৰ মাজেৰে অগ্ৰসৰ হৈছিল। খাছীয়া , গাৰাে আৰু জয়ন্তীয়াসকলে অসম ৰাজ্যৰে অতিক্রম কৰাৰ ফলস্বৰূপে ৰাজ্যখনত সংস্কৃতিৰ সমৃদ্ধি ঘটিছে।
(ঘ) ব্ৰহ্মপুত্ৰ আৰু বৰাক এই বৃহৎ নদী – দুখন অসমৰ মাজেৰে প্ৰবাহিত হােৱাৰ ফলত বাবে ৰাজ্যখনৰ অর্থনৈতিক সমৃদ্ধি বৃদ্ধি হৈছে। এই নদী দুখনৰ বাবে নৌপৰিবহণৰ উৎকর্ষ সাধন হােৱাৰ লগত বয় বস্তু আমদানি ৰপ্তানি আৰু মানুহৰ পৰিবহণ সহজসাধ্য হৈছে।
(ঙ) অসমখন এক বাৰেৰহণীয়া কলা- কৃষ্টিৰে জাকত- জিলিকা, অভূতপূর্ব সংমিশ্ৰণেৰে পৰিপূৰ্ণ ৰাজ্য, য’ত বিভিন্ন লোক-সংস্কৃতিয়ে বিকাশ লাভ কৰিছে।
১০। “ লােক – সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্র সমাজখনেই এখন কিতাপৰ দৰে ‘ — এই প্রসংগত তােমাৰ মন্তব্য আগবঢ়োৱা।
উত্তৰঃ এইটো সত্য যে লােকসংগীত , লােকনৃত্য আৰু পৰম্পৰাগত অনুশীলনৰে গঠিত লােক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে। লােক সংস্কৃতি সাধাৰণতে লিখিত ৰূপত উপস্থাপন কৰা নাথাকে। লোক সাংস্কৃতিক কথাবোৰ কোনো প্রশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগত ভাৱে পুৰুষানুক্ৰমে চলি থাকে। সেয়ে , যদি কোনাে ব্যক্তিয়ে এক নির্দিষ্ট সম্প্রদায়ৰ লােক সংস্কৃতিৰ বিষয়ে অধ্যায়ন কৰিব বিচাৰে তেন্তে তেওঁ সংশ্লিষ্ট সমাজখন পুংখানুপুংখভাৱে পর্যৱেক্ষণ কৰিব লাগিব। এটা জাতি অথবা সমাজ এখনৰ স্বাভাৱিক ৰূপ-বং সুখ-দুখ, শ্রম-বিনোদন আদি লোকসংস্কৃতিৰ জৰিয়তে প্রতিফলিত হয়।
যেতিয়া আমি অসমৰ লােক সংস্কৃতি পর্যবেক্ষণ কৰো তেতিয়া আমি ইয়াৰ বিভিন্নতা , সমৃদ্ধি আৰু সজীৱতাৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হওঁ। অসমৰ লােকসংগীতৰ ক্ষেত্ৰখন অনেক দিশত সিঁচৰিত হৈ আছে। অসমত ভালেমান পৰম্পৰাগত গীত লােকসংগীতৰ প্ৰচলন আছে এই গীত সমূহ বিভিন্ন উপলক্ষ্যত পৰিৱেশন কৰা হয়। কেঁচুৱা টোপনি নিওঁৱা নিচুকনি গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আদি অসমত প্ৰচলিত কিছুমান লোকগীতৰ উদাহৰণ। ভালেমান পৰম্পৰাগত গীত কালক্রমত লুপ্ত হৈছে। আনহাতে , ভালেমান এতিয়াও পৰিৱেশন কৰা হয়।
একেদৰে লােকনৃত্যৰ ক্ষেত্ৰতাে অসম ৰাজ্যখন প্রসিদ্ধ। অসমত লোকনৃত্যবােৰৰ ভিতৰত এক উল্লেখযোগ্য লােকনৃত্য হৈছ ওজাপালি।
ওজাপালি দুটা ভাগত বিভক্ত-
(ক) ব্যাসৰ ওজাপালি। আৰু
(খ) সুকন্নানী ওজাপালি।
(ক) ব্যাসৰ ওজাপালি: ৰামায়ণ , মহাভাৰতৰ কাহিনী সন্নিৱিষ্ট থকা বৈষ্ণৱী গীত সমূহ হল ব্যাসৰ ওজাপালি।
(খ) সুকন্নানী ওজাপালি: মনসা দেৱীৰ সন্তুষ্টিৰ বাবে পৰিৱেশন কৰা গীতবোৰক সুকন্নানী ওজাপালি বোলা হয়।
চমুটোকা লিখাঃ
১। প্রাচীন ভাৰতৰ ভাস্কর্য শিল্প।
উত্তৰঃ সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। প্রাচীন কালত ভাস্কর্যসমূহ শিল , ব্রঞ্জ , তাম আৰু সােণেৰে নিৰ্মাণ কৰা হৈছিল। স্থানীয় শৈলীৰে মূর্তিসমূহ নির্মাণ কৰা হৈছিল। এই মূর্তিসমূহত শান্তি , আৰাম, পীড়া , স্বর্গীয় প্রেম আদি প্রকাশ কৰা হৈছিল। গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্ত্তি এই ভাস্কৰ্যসমূহৰ ভিতৰত দেখা যায়। ভাৰতৰ ভাস্কর্য শিল্পকলাক গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা, অমৰাৱতী শিল্পকলা নামেৰে তিনিটা ভাগত ভাগ কৰিব পাৰি। এইবােৰৰ ভিতৰত গান্ধাৰ শিল্পকলা আটাইতকৈ জনপ্রিয় আছিল। গান্ধাৰ শিল্পকলাত গ্রীক ৰোমান ভাস্কর্য শিল্প কৌশলৰ প্ৰয়োগ কৰি বহু বুদ্ধ মূৰ্ত্তি নিৰ্মাণ কৰা হৈছিল। মথুৰা শিল্পকলাই গুপ্তযুগত চৰম উৎকর্ষ লাভ কৰিছিল। অমৰাৱতী শিল্পকলা খ্রীষ্টপূর্ব তৃতীয় শতিকাৰ পৰা প্ৰায় ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিল।
২। ভাৰতীয় চিত্রকলা।
উত্তৰঃ চিত্রকলাৰ ক্ষেত্ৰত প্রাচীন ভাৰতত যথেষ্ট উৎকর্ষ সাধন হৈছিল। প্রাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্যসমূহক দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি — বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্রন্থসমূহ অলংকিত কৰিবলৈ আৰু সচিত্ৰ বিৱৰণ দিবলৈ অংকন কৰা হৈছিল। অজন্তাৰ গুহা , বাঘ, চিত্তনাৱাচল, আৰমামলাই আদিৰ দেৱাল সমূহৰ বিভিন্ন অংশত বৃহদাকাৰ দেৱাল চিত্র দেখা যায়। দুয়োটা চিত্রশৈলীৰ প্রধান বিষয়বস্তু হৈছে বৌদ্ধ, জৈন, হিন্দু ধৰ্ম। এই চিত্রকলাবােৰৰ ভিতৰত অজন্তা গুহাৰ চিত্ৰ সমগ্র পৃথিৱী বিখ্যাত। মোগল সকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ পৃষ্টপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হৈছিল। বিশেষকৈ মোগল বাদছাহসকলৰ জীৱনীভিত্তিক গ্রন্থসমূহত এনে চিত্র অংকিত কৰা হৈছিল।
৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য।
উত্তৰঃ সংগীত আৰু নৃত্যৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধিশালী ঐতিহ্য আছে। সামবেদৰ স্তোত্ৰসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদগাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল। খ্ৰীষ্টপূৰ্ব ২০০ ৰপৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত ভৰত মুনিৰ ‘নাট্যশাস্ত্ৰ’ ৰচিত হয়। মোগল সকলৰ দিনত ধ্ৰুপদী সংগীতৰ বিশেষ উৎকৰ্ষ সাধন হৈছিল। ধ্রুপদী আৰু লােক সংগীতৰ লগত সংগত কৰিবলৈ বিভিন্ন প্রকাৰৰ বাদ্যযন্ত্র উদ্ভাৱন কৰা হৈছিল। এই বিলাকৰ ভিতৰত চেহনাই , খোল পেঁপা, তবলা , চন্তুৰ , চেতাৰ , বীণা আৰু বাঁহী গুৰুত্বপূর্ণ। সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। ভৰতৰ চুকে- কোণে থকা অজস্র লোকনৃত্যৰ উপৰি চৰকাৰী স্বীকৃতিপ্রাপ্ত আঠবিধ ধ্রুপদী নৃত্য আছে। সেই আঠবিধ নৃত্য হ’ল — কথাকলি, মোহিনী আট্টম, ভাৰতনাট্যম, কুচিপুড়ী, ওডিছি, কথক, সত্ৰীয়া আৰু মণিপুৰী।
৪। অসমৰ ভাস্কর্য শিল্প।
উত্তৰঃ প্রাচীন কাল আৰু মধ্যযুগত অসমত ভাস্কর্য শিল্পৰ বিকাশ সাধন হৈছিল। অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰা দ্বি-মাত্রিক অথবা পূৰ্ণাংগ ৰূপত নিৰ্মিত ত্রিমাত্রিক মূৰ্ত্তি আবিষ্কৃত হৈছে। শিলৰ বাহিৰে হাতীৰ দাঁত , সােণ , ৰূপ , ব্ৰঞ্জ আৰু কাঠ আদিৰে মূৰ্তি নির্মাণ কৰা হৈছিল। এই মূৰ্ত্তিসমূহৰ ভিতৰত দেৱী মূৰ্ত্তি, শিৱ, বিষ্ণু, গণেশ, সূর্য, ঘোঁৰা, হাতী আদি। ৰাজ্যখনৰ বিভিন্ন অংশত বিভিন্ন জীৱ – জন্তুৰ ভাস্কর্যও দেখা যায়। ভাস্কর্য শিল্পৰ নিদৰ্শন আৱিস্কৃত হোৱা ঠাই কিছুমান হ’ল— তেজপুৰৰ দ-পৰ্বতীয়া বামুণী পাহাৰ, মদন কামদেৱ, আমবাৰী, গোৱালপাৰাৰ পাগলাটেক সূৰ্যপাহাৰ বৰগংগা, নুমলীগড়, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ আদি। এই ভাস্কর্য গুপ্তযুগৰ খ্ৰীষ্টীয় ষষ্ঠ শতিকাত নিৰ্মাণ হৈছিল বুলি ঠাৱৰ কৰা হৈছে।
৫। অসমৰ স্থাপত্য শিল্প।
উত্তৰঃ প্রাচীন কালত অসমত স্থাপত্য শিল্পৰ অধিক উৎকর্ষ সাধন হােৱা নাছিল। অসমত বৰ্তমান স্থাপত্য শিল্পৰ যিবোৰ নিদৰ্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্ৰায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশ অথবা কোচ ৰজা সকলৰ পৃষ্ঠপোষকতাত উৎকর্ষ সাধন হৈছিল। অসমৰ প্ৰধান স্থাপত্যসমূহৰ ভিতৰত আহােম ৰাজত্ব কালত নির্মিত ৰংঘৰ , কাৰেংঘৰ , তলাতল ঘৰ আৰু ভালেমান মন্দিৰ আছে। এই সময়ছােৱাত নির্মিত বিখ্যাত মন্দিৰসমূহ হ’ ল – কামাখ্যা মন্দিৰ , উগ্রতাৰা মন্দিৰ , উমানন্দ মন্দিৰ , শিৱদৌল , জয়দৌল , দেৱীদৌল , ফাকুৱা দৌল , হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ , শুক্রেশ্বৰ দেৱালয় , দেৰগাঁও আৰু বিশ্বনাথৰ শিৱ মন্দিৰ , নৱগ্রহ মন্দিৰ ইত্যাদি। এই স্থাপত্যসমূহ ইটা আৰু শিলেৰে সজা হৈছিল। আহােম ৰজাসকলে নির্মাণ কার্যত যথেষ্ট মনােযােগ নিবদ্ধ কৰিছিল। বাট – পথ , প্রাসাদ , মন্দিৰ আদিৰ নির্মাণ আৰু মেৰামতি তদাৰক কৰিবলৈ চাংৰুং ফুকন নামৰ এজন বিষয়া নিয়ােগ কৰা হৈছিল।
৬। অসমৰ বৈষ্ণৱী সাহিত্য।
উত্তৰঃ অসমত পঞ্চদশ শতিকাত শংকৰদেৱ আৰু মাধৱদেৱে আৰম্ভ কৰা নৱবৈষ্ণৱ আন্দোলনে সাহিত্য সমন্বিতে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্ৰকে গভীৰভাৱে প্ৰভাৱিত কৰিছিল। অসমীয়া সাহিত্যৰ ওপৰত এই ধর্মীয় আন্দোলনে এক জোৱাৰৰ সৃষ্টি কৰিছিল আৰু এই সময়ছােৱাত ভালেমান কাব্যনাট , ভক্তিমূলক গীত আদি ৰচিত হয়। এই সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ , মহাভাৰত , পূৰাণ, হিন্দু ধৰ্মৰ তত্ব কথা আদি। মধ্যযুগীয় অসমৰ মহান বৈষ্ণৱ ধৰ্ম প্ৰচাৰক শংকৰদেৱে প্রায় ৩০ টা বৰগীত আৰু কেইবাখনাে অংকীয়া নাটককে ধৰি বহুসংখ্যক সাহিত্য ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা কীর্তন পুথিখন তেওঁৰ সর্বোত্তম সৃষ্টি। শেক্সপিয়েৰে সাহিত্য ৰচনা কৰাৰ আগতেই মহাপুৰুষ শংকৰদেৱে প্রথমে চিহ্নযাত্ৰা নাট ৰচনা কৰি মঞ্চস্থ কৰিছিল। শংকৰদেৱৰ প্রধান শিষ্য মাধৱদেৱে গুৰুজনাক অনুসৰণ কৰি নামঘােষাৰ লগতে ভালেমান বৰগীত ৰচনা কৰি গৈছে। অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধিশালী কৰা নৱবৈষ্ণৱ যুগৰ অন্যান্য লেখকসকল আছিল ভট্টদেৱ , অনন্ত কন্দলী , ৰাম সৰস্বতী ইত্যাদি।
৭। অসমৰ লােক সংগীত।
উত্তৰঃ অসমত ভিন ভিন উপলক্ষ্যত পৰিৱেশন কৰা বিভিন্ন ধৰণৰ লােক সংগীতৰ প্ৰচলন আছে। অসমৰ লােক সংগীতসমূহ অনন্য আৰু বিশেষত্বপূর্ণ। লোক সংগীত অসমীয়া সংস্কৃতিৰ এক অপৰিহার্য অংগ। বিবাহ , উৎসৱ – পার্বণ , সামূহিক সমাৱেশ আদিত এইবিলাক পৰিৱেশন কৰা হয়। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। অন্যান্য জনপ্রিয় লােকগীতসমূহ হৈছে নিচুকনি গীত, বিয়ানাম, ধাইনাম, আইনাম, কামৰূপী লোকগীত, লোকগীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, গৰখীয়া গীত ইত্যাদি। লােক সংগীতৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰ উভয়ে লােক সংগীতৰ ভালেমান শিল্পীক সন্মানিত কৰিছে। সংগীত নাটক অকাডেমিৰ দ্বাৰা সন্মানিত কেইগৰাকীমান শিল্পী হৈছে- প্রয়াত খগেন মহন্ত , ৰামেশ্বৰ পাঠক আৰু প্রতিমা পাণ্ডে বৰুৱা। গােৱালপৰীয়া লােকগীতৰ শিল্পী প্রতিমা পাণ্ডে বৰুৱাক কেন্দ্রীয় চৰকাৰে পদ্মশ্রী উপাধিৰে সন্মানিত কৰিছিল।
৮। অসমৰ ধর্মীয় সংহতি।
উত্তৰঃ বৃহৎ সংখ্যক নৃগােষ্ঠীয় জনজাতি , জাতি , সাংস্কৃতিক গােট আৰু বিভিন্ন ধর্মীয় গােটেৰে অসম ৰাজ্যখন গঠিত। ৰাজ্যখনত প্রাধান্য বিস্তাৰ কৰা ধর্মকেইটা হৈছে ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক ইত্যাদি। ধর্মীয় ক্ষেত্ৰত ৰাজ্যখনৰ এক লক্ষ্যণীয় বৈশিষ্ট্য এয়ে যে ৰাজ্যখনত ধর্মীয় সংহতি বিৰাজ কৰিছে। সংখ্যাগৰিষ্ঠ লােকে হিন্দু ধর্ম অনুসৰণ কৰে যদিও তেওঁলােকে হিন্দু ধৰ্মৰ বিভিন্ন পন্থা অনুসৰণ কৰে অর্থাৎ তেওঁলােকে শাক্ত , শৈৱ , বৈষ্ণৱ আৰু সৌৰপন্থী। নৱবৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমার্গত অনুগামী কৰিছিল। ধর্মীয় অনুশীলন আৰু ৰীতি নীতি ভিন্ন হলেও হিন্দু ধৰ্মৰ বিভিন্ন পন্থাৰ মৌলিক উপাদানসমূহ একে। গুৱাহাটীত অৱস্থিত কামাখ্যা মন্দিৰ হিন্দুসকলৰ এক প্রসিদ্ধ তীর্থস্থান । অন্যান্য ধর্মীয় গােট অর্থাৎ মুছলমান , খ্রীষ্টিয়ান , শিখ আৰু বৌদ্ধ ধর্মাৱলম্বী লােকে ৰাজ্যখনত শান্তিপূর্ণ ভাৱে বসবাস কৰে। অন্যার্থত , ধর্মীয় সমন্বয় আৰু সংহতিৰ বাবে অসম প্রসিদ্ধ।
৯। অসমৰ বুৰঞ্জী সাহিত্য।
উত্তৰঃ মধ্যযুগৰ আহােমৰজা আৰু ডা-ঙৰীয়াসকলৰ পৃষ্ঠপােষকতাত বুৰঞ্জী সাহিত্যসমূহৰচনা কৰা হৈছিল। এই বুৰঞ্জী সাহিত্যসমূহ অসমৰ সাহিত্যৰ ভঁৰাললৈ এক গুৰুত্পূৰ্ণ সংযােজন আছিল। প্রথম অৱস্থাত ৰাজকীয় ঘটনাৱলী সন্নিৱিষ্ট এই ৰচনাসমূহ আহোম সকলৰ নিজা ভাষাতে ৰচিত হৈছিল। ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাতো লিখিবলৈ লোৱা হয়। ব্রিটিছ শাসন কালত কিছুমান বুৰঞ্জী সাহিত্যৰ উদ্ধাৰ সংৰক্ষণ আৰু মুদ্রণৰ পদক্ষেপ গ্রহণ কৰা হয়। এনে কিছুমান বুৰঞ্জী হৈছে তুংখঙ্গীয়া বুৰঞ্জী , দেওধাইবুৰঞ্জী , কছাৰী বুৰঞ্জী , জয়ন্তীয়া বুৰঞ্জী আদি।
১০৷ বিহু উৎসৱ।
উত্তৰঃ অসমৰ অসমীয়া লােকসকলে জাত – পাত, উচ্চ – নীচৰ ভেদাভেদ পাহৰি সকলোৱে মিলি বিহু উদযাপন কৰে। বিহু অসমৰ অতি আদৰৰ উৎসৱ। একোটা বৰ্ষত তিনিটা বিহু উদযাপন কৰা হয় — চ’ত মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা বহাগ মাহৰ প্রথম ছয়দিনলৈ ব’হাগ বা ৰঙালী বিহু উদযাপন কৰা হয় , কাতি মাহৰ প্রথম দিনটোত কাতি বা কঙালী বিহু হিচাপে উদযাপন কৰা হয় আৰু মাঘ বা ভােগালী বিহু পুহ মাহৰ অন্তিম দিনটোৰ ৰাতিৰ ভাগত আৰু মাঘ মাহৰ প্ৰথমটো ৰাতিপুৱা উদযাপন কৰা হয়। ৰঙালী বিহুত ৰং – ধেমালি আৰু প্রাণচাঞ্চল্যৰ পয়ােভৰ হয়। ৰঙালি বিহুৰ সাত দিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। প্রথম দিনটো গৰু বিহু হিচাপে উদযাপন কৰা হয়। এই দিনটোত গৰুক তেল – হালধি সানি স্নান কৰােৱা হয়। দ্বিতীয় দিনটো মানুহ বিহু হিচাপে উদযাপন কৰা হয়। এই দিনটোত সকলােৱে নতুন বস্ত্র পৰিধান কৰি বয়সস্থ লােকসকলৰ আশীর্বাদ গ্রহণ কৰে। ৰঙালী বিহু তৃতীয় , চতুর্থ , পঞ্চম , ষষ্ঠ আৰু সপ্তম দিনকেইটাক ক্রমে গোঁসাই বিহু , কুটুম বিহু , চেনেহী বিহু , মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। এই সময়ছােৱাত বিহু নৃত্য , খেল – ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। কাতি মাহৰ প্ৰথম দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পৰম্পৰাৰে বিভিন্ন ৰীতি-নীতিৰে পালন কৰা হয়। মাঘ বিহু বা ভােগালী বিহুত উৰুকাৰ দিনা সমূহীয়া ভােজ – ভাতৰ আয়ােজন কৰা হয়। উক্ত দিনটোত সাজি উলিওৱা ভেলাঘৰ ( বাহ , খেৰ আদিৰ সজা অস্থায়ী পজাঘৰ ) বা মেজি ৰং – ধেমালিৰে ভােজ – ভাত খােৱাত অন্তত পিছদিনা জ্বলাই দিয়া হয়। মানুহে অগ্নি দেৱতাৰ পৰা আশীর্বাদ গ্রহণ কৰে।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.