Bikhekh Lekhakh Unit 5 নিৰুপমা বৰগোহাঞি

Bikhekh Lekhakh Unit 5 নিৰুপমা বৰগোহাঞি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bikhekh Lekhakh Unit 5 নিৰুপমা বৰগোহাঞি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bikhekh Lekhakh Unit 5 নিৰুপমা বৰগোহাঞি Question Answer can be of great value to excel in the examination.

Join Telegram channel

Bikhekh Lekhakh Unit 5 নিৰুপমা বৰগোহাঞি

Bikhekh Lekhakh Unit 5 নিৰুপমা বৰগোহাঞি Notes cover all the exercise questions in UGC Syllabus. Bikhekh Lekhakh Unit 5 নিৰুপমা বৰগোহাঞি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

নিৰুপমা বৰগোহাঞি

ASSAMESE

(বিশেষ লেখক)

অতি চমু প্রশ্নোত্তৰঃ

১। কোন চনত নিৰুপমা বৰগোহাঞিৰ জন্ম হয় ?

উত্তৰঃ ১৭ মাৰ্চ ১৯৩২ চনত।

২। নিৰুপমা বৰগোহাঞিৰ পেচা কি আছিল ?

উত্তৰঃ সাংবাদিক আৰু ঔপন্যাসিক।

৩। নিৰুপমা বৰগোহাঞিৰ বিবাহ পূৰ্ব উপাধি কি আছিল ?

উত্তৰঃ নিৰুপমা তামুলী।

৪। নিৰুপমা বৰগোহাঞিৰ দাম্পত্যসংগী কোন আছিল?

উত্তৰঃ হোমেন বৰগোহাঞি।

৫। নিৰুপমা বৰগোহাঞিৰ ক’ত জন্ম হৈছিল ?

উত্তৰঃ গুৱাহাটীৰ উজান বজাৰৰ যোৰপুখুৰী পাৰত।

৬। নিৰুপমা বৰগোহাঞিৰ পিতৃৰ নাম কি ?

উত্তৰঃ যাদৱ তামুলী।

৭। নিৰুপমা বৰগোহাঞিৰ মাতৃৰ নাম কি ?

উত্তৰঃ কাশীশ্বৰী তামুলী।

৮। নিৰুপমা বৰগোহাঞিৰ পিতৃৰ কি কৰ্মত নিয়োজিত আছিল ?

উত্তৰঃ অসম চৰকাৰৰ অধীনস্থ আয়কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল।

৯। নিৰুপমা বৰগোহাঞিৰ কোনখন বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে ?

উত্তৰঃ উজানবজাৰ বালিকা বিদ্যালয়ত।

১০। নিৰুপমা বৰগোহাঞিয়ে কোনখন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা।

১১। নিৰুপমা বৰগোহাঞিয়ে কোনখন বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা।

১২। বৰগোহাঞিৰ কৰ্মজীৱনৰ আৰম্ভণি কি আছিল ?

উত্তৰঃ শিক্ষকতা।

১৩। বৰগোহঞিয়ে কোনখন মহাবিদ্যালয় পৰা অধ্যাপক পদত যোগদান কৰে ?

উত্তৰঃ নলবাৰী মহাবিদ্যালয়ত।

১৪। কোন চনত নিৰুপমা বৰগোহাঞি আৰু হোমেন বৰগোহাঞিৰ বিবাহ সম্পন্ন হয় ?

উত্তৰঃ ১৯৫৮ চনৰ ১২ মাৰ্চত।

১৫। কোন চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে ?

উত্তৰঃ ১৯৭৭ চনত।

১৬। নিৰুপমা বৰগোহাঞিৰ দ্বাৰা ৰচিত দুখন উপন্যাসৰ নাম লিখা ।

উত্তৰঃ (ক) “সেই নদী নীৰৱধি”। আৰু

(খ) “দিনৰ পাছত দিন”।

১৭। কোন চনত তেখেতে “সাহিত্য অকাডেমি বঁটা” লাভ কৰে ?

উত্তৰঃ ১৯৯৬ চনত।

১৮। কোনখন উপন্যাসৰ বাবে তেখেতে “সাহিত্য অকাডেমি বঁটা” লাভ কৰে ?

উত্তৰঃ “অভিযাত্ৰী”।

১৯। কোন চনত তেখেত “অসম উপত্যকা সাহিত্য বঁটা” লাভ কৰে?

উত্তৰঃ ২০০৩ চনত।

২০। নিৰুপমা বৰগোহাঞিৰ দ্বাৰা ৰচিত এটি শ্ৰেষ্ঠ গল্পৰ নাম লিখা ?

উত্তৰঃ “এনথ্ৰ’পলজিৰ সপোনৰ পিছত”।

২১। ২০১৮ চনৰ তথ্যানুসৰি তেওঁৰ মুঠ গল্প-সংকলন কেইখন ?

উত্তৰঃ বাৰখন।

২২। ২০১৮ চনৰ তথ্যানুসৰি‌ তেওঁৰ মুঠ উপন্যাস কেইখন ?

উত্তৰঃ পয়ত্ৰিশখন।

২৩। ২০১৮ চনৰ তথ্যানুসৰি তেওঁৰ দ্বাৰা ৰচিত ৰচনা সংকলন আৰু অনুবাদ গ্ৰন্থ কেইখন ?

উত্তৰঃ ৰচনা সংকলন— চাৰিখন, অনুবাদ গ্ৰন্থ— পাঁচখন।

২৪। ২০১৮ চনৰ তথ্যানুসৰি তেওঁৰ দ্বাৰা ৰচিত ভ্ৰমণ কাহিনী কেইখন ?

উত্তৰঃ চাৰিখন।

২৫। ২০১৮ চনৰ তথ্যানুসৰি তেওঁৰ দ্বাৰা ৰচিত শিশু গ্ৰন্থ কেইখন ?

উত্তৰঃ তিনিখন।

২৬। ২০১৮ চনত তথ্যানুসৰি তেওঁৰ দ্বাৰা ৰচিত জীৱনী কেইখন ?

উত্তৰঃ দুখন।

২৭। তেখেতৰ আত্মজীৱনীখনৰ নাম কি ?

উত্তৰঃ বিশ্বাস আৰু সংশয়ৰ মাজেদি।

২৮। “অভিযাত্ৰী” উপন্যাসখন কাৰ জীৱনৰ আধাৰত ৰচিত ?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকিয়ানীৰ জীৱনৰ আধাৰত।

২৯। “অগ্রগামিনী” কাৰ জীৱন আধাৰিত উপন্যাস ?

উত্তৰঃ অসম আৰু অৰুণাচলৰ শিক্ষা বিস্তাৰৰ বাটকটীয়া প্ৰতিযশা শিক্ষাবিদ ইন্দিৰা মিৰিৰ জীৱন আধাৰিত উপন্যাস।

৩০। “অন্যান্য” উপন্যাসখন কাৰ জীৱন আধাৰিত উপন্যাস ?

উত্তৰঃ গুৱাহাটীৰ তাৰিণীচৰণ চৌধুৰী চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা দেৱীৰ জীৱন আধাৰিত।

৩১। নিৰুপমা বৰগোহাঞিৰ “এনথ্ৰ’প’ল’জিৰ সপোনৰ পিছত” গল্পটো কোনখন কাকতত প্ৰকাশিত হৈছিল ?

উত্তৰঃ “ৰামধেনু” কাকতত।

চমু আৰু ৰচনাধর্মী প্ৰশ্নোত্তৰঃ

প্ৰশ্নঃ ১। নিৰুপমা বৰগোহাঞিৰ চমু জীৱনী লিখা ।

উত্তৰঃ নিৰুপমা বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনৰ ১৭ মাৰ্চ তাৰিখে গুৱাহাটীৰ উজানবজাৰৰ যোৰপুখুৰীৰ পাৰত। তেখেতৰ বিবাহপূৰ্ব উপাধি আছিল নিৰুপমা তামুলী। তেওঁৰ পিতৃৰ নাম যাদৱ তামুলী আৰু মাতৃৰ নাম কাশীশ্বৰী তামুলী। পিতৃ যাদৱ তামুলী অসম চৰকাৰৰ অধীনস্থ আয়কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল আৰু মাতৃ এগৰাকী গৃহিণী আছিল।

নিৰুপমা বৰগোহাঞিৰ শিক্ষাৰ্থী জীৱন আৰম্ভ হয় “উজানবজাৰ বালিকা বিদ্যালয়”ত। পৰৱৰ্তী কালত তেখেতে “পানবজাৰ কন্যা উচ্চ মাধ্যমিক বিদ্যালয়”ত ৩ বছৰ কাল পঢ়ি উজান বজাৰ তাৰিণীচৰণ বিদ্যালয়ত নাম ভৰ্তি কৰে। নিৰুপমা বৰগোহাঞিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।

নিৰুপমা বৰগোহাঞিৰ কৰ্মজীৱনৰ আৰম্ভণি হয় এগৰাকী শিক্ষয়িত্ৰীৰূপে। তেখেতে ১৯৫৬-৫৭ চনত পাণ্ডুত অৱস্থিত “নেতাজী বিদ্যাপীঠ”ত যোগদান কৰে। পৰৱৰ্তী কালত সেই সময়ৰ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰসিদ্ধ সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ নিমন্ত্ৰণ ক্ৰমে তেখেতে নলবাৰী মহাবিদ্যালয়ত অধ্যাপক পদত যোগদান কৰে। এবছৰ কাল তাত অধ্যাপনা কৰাৰ পাছত মাজুলীলৈ যাব লগা হোৱাত চাকৰি ত্যাগ কৰে আৰু তিনিবছৰ তেনেদৰেই কটায়। তেখেত কিছু বছৰ লক্ষীমপুৰ মহাবিদ্যালয় আৰু যোৰহাট মহাবিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰিছিল।

১৯৫৮ চনৰ ১২ মাৰ্চত নিৰুপমা তামুলীৰ বিবাহ দীৰ্ঘদিনীয়া প্ৰেমসূত্ৰে হোমেন বৰগোহাঞিৰ লগত নলবাৰীত সম্পন্ন হয়। তেওঁলোকৰ দুজন পুত্ৰ জন্ম পোৱাৰ কিছু বছৰ পাছত ১৯৭৭ চনত তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে।

নিৰুপমা বৰগোহাঞি একেধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ আছিল। ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিবলৈ লোৱা নিৰুপমা বৰগোহাঞিয়ে “ৰামধেনু”ত প্ৰকাশিত “এনথ্ৰ’প’ল’জিৰ সপোনৰ পিছত” নামৰ গল্পটোৰই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। তেওঁ অসমৰ তিনিগৰাকী অসামান্য ব্যক্তিত্বশালিনী নাৰীৰ জীৱনভিত্তিক উপন্যাস লিখিছে। প্ৰথমখন “অভিযাত্ৰী” অসমৰ অগ্নিকন্যা, স্বাধীনতা আন্দোলনৰ নেত্ৰী, নাৰীমুক্তি আন্দোলনৰ বাটকটীয়া চন্দ্ৰপ্রভা শইকীয়ানীৰ জীৱন আধাৰিত। এইখনৰ বাবেই তেখেতে লাভ কৰিছিল ১৯৯৬ চনত “সাহিত্য অকাডেমি বঁটা”। দ্বিতীয়খন “অগ্ৰগামিনী” অসম আৰু অৰুণাচলত শিক্ষা বিস্তাৰৰ বাটকটীয়া প্ৰতিযশা শিক্ষাবিদ ইন্দিৰা মিৰিৰ জীৱন আধাৰিত। তৃতীয়খন “অনন্যা” গুৱাহাটীৰ তাৰিণীচৰণ চৌধুৰী চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা দেৱীৰ জীৱন আধাৰিত। এই তিনিগৰাকী মহিয়সী নাৰীৰ জীৱন, ব্যক্তিত্ব আৰু অৱদান এই তিনিখন উপন্যাসৰ মাজেৰে জিলিকি উঠিছে। তেওঁৰ গল্প-উপন্যাস আৰু অন্যান্য ৰচনাৰ মাজেৰে নাৰীবাদৰ অন্যতম নেত্ৰী বুলি বহুজনে স্বীকৃতি দিছে যদিও এগৰাকী মানৱ দৰদী, নীৰ্ভীক লেখিকা বুলিলেহে তেখেতৰ সম্পূৰ্ণ পৰিচয় আৰু ব্যক্তিত্ব প্ৰকাশ পায়। “প্ৰকৃততে নিৰুপমা বৰগোহাঞি এগৰাকী মানৱ দাৰদী লেখিকা”। দুঃস্থ, দুৰ্গতসকলৰ উদ্ধাৰৰ বাবে তেওঁ সদায় তৎপৰ। তেওঁ দেখা পাইছে যে সাম্প্ৰতিক সমাজ ব্যৱস্থাত নাৰীসকল আজিও দুঃস্থ, দুৰ্গত আৰু সেয়েহে তেওঁ হাতত কলম তুলি লৈছি তেওঁলোকৰ উদ্ধাৰৰ হকে। “অসমত লেখিকাৰ সাহিত্য চৰ্চা” শীৰ্ষক এটি চুটি প্ৰৱন্ধত তেওঁ এবাৰ লিখিছিল–”অর্ধনাৰীসকলৰ অংগছেদন কৰি পুৰুষ আৰু নাৰীক ভাগ কৰি চাবলৈ মোৰ সমূলি প্ৰবৃত্তি নহয়। বহুত দিন আগতে এখন বঙালী চিনেমা “কৰিগালৰ লড়াই”ত শুনা এই কথাফাঁকিয়ে মোৰ বাবে ধ্ৰুৱসত্য– “তুমি দেখো নাৰী-পুৰুষ, আমি দেখি শুধুই মনুষ”। কিন্তু কি কৰিম, এতিয়াও প্ৰচলিত আমাৰ সামন্তযুগীয়া সমাজ ব্যৱস্থাই মোকো মাজে মাজে নাৰী-পুৰুষৰ বেলেগ বেলেগকৈ চাবলৈ বাধ্য কৰায়”।

নিৰুপমা বৰগোহাঞি অকল লেখিকা হিচাপেই নহয়, নীৰ্ভীক, সত্যনিষ্ঠ সাংবাদিক হিচাপেও জিলিকি আছে। “নীলাচল” কাকতৰ লেখা, সৰ্বোপৰি “সাপ্তাহিক কলাখাৰ”ত প্ৰকাশিত সেই অবিস্মৰণীয় ৰিপ’ৰ্টিং “নিজৰ কাণত বিশ্বাস নহয়” কোনে পাহৰিব পাৰে? যাক বাদ দি অসম আন্দোলনৰ প্ৰকৃত মূল্যায়ন সম্ভৱ হ’ব নোৱাৰে, যাৰ বাবে তেওঁ এঘৰীয়া হ’ব লগা হৈছিল, অকথ্য গালি-গালাজ, ভাবুকিৰ সম্মুখীন হৈছিল। কিন্তু অকণো হাৰ নমুনা, অবিচলিত সাংসাৰিক জীৱনৰ ধুমুহা, নানান বিপদ-বিঘিনিতো এনেদৰেই আছিল অবিচলিত, দৃঢ়মনা হয়। তাৰ মাজেৰেই তেওঁ এখনৰ পাছত এখন গ্ৰন্থ লিখি গৈছিল।

প্ৰশ্নঃ ২। নিৰুপমা বৰগোহাঞিৰ সাহিত্যিক কৰ্মাৱলী উল্লেখ কৰা ।

উত্তৰঃ ১৯৬৮ চনৰ পৰা “নীলাচল” কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক “জনজীৱন” আৰু “সাঁচিপাত” কাকতৰ সম্পাদকৰ দয়িত্ব বহন কৰা নিৰুপমা বৰগোহাঞিৰ সাহিত্যিক কৰ্মাৱলম্বীসমূহ তলত উল্লেখ কৰা হ’ল–

(ক) “পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস” (হোমেন বৰগোহাঞিৰ সৈতে যুটীয়াভাৱে লিখিত)।

(খ) “সেই নদী নীৰৱধি” (১৯৬৭)।

(গ) “এজন বুঢ়া মানুহ” (১৯৬৬)।

(ঘ ) “দিনৰ পাছত দিন” (১৯৬৮)।

(ঙ) “হৃদয় এটা নিৰ্জন দ্বীপ” (১৯৭০)।

(চ) “সামান্য অসামান্য” (১৯৭১)।

(ছ) “পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস”, “কেকটাছৰ ফুল” (১৯৭১)।

(জ) “চিনাকি অচিনাকী”, অন্য জীৱন” (১৯৮৭)।

(ঝ) “গোসাঁই ঐ গোসাঁই ঐ” (১৯৮৭)।

(ঞ) “চম্পাৱতী” (১৯৯০)।

(ট) “এখন শ্ৰাদ্ধত অনান্দাশ্ৰু” (১৯৯১)।

(ঠ) “পখী ঘূৰি যায়” (১৯৯১)।

(ড)‌ “অভিযাত্ৰী” (১৯৯৩)।

(ঢ) “তিনিন্যা” (১৯৯৪)।

(ণ) “একেই জোন, একেই বেলি” (১৯৯৪)।

(ত) “নিজৰ পৰা নিলগত” (১৯৯৬)।

(থ) “এলবামত হেৰোৱা ছবি” (১৯৯৯)।

(দ) “ইপাৰৰ ঘৰ, সিপাৰৰ ঘৰ” (২০০১)।

(ধ) “পল্লৱীৰ পৃথিৱী” (২০০২)।

(ন) “সৌগন্ধ” (২০০৬)।

(প) “অগ্ৰগামিনী” (২০০৯)।

(ফ) “অনন্যা” (২০১০)।

(ব) “বিশ্বাস আৰু সংশয়ৰ মাজেদি” (আত্মজীৱনী)।

প্ৰশ্নঃ ৩। নিৰুপমা বৰগোহাঞিৰ প্ৰাপ্ত বঁটা আৰু সন্মানসমূহ কি কি ?

উত্তৰঃ নিৰুপমা বৰগোহাঞিৰ প্ৰাপ্ত বঁটা আৰু সন্মানসমূহ হ’ল–

(ক) ১৯৯৬ চনত “অভিযাত্ৰী”ৰ বাবে “সাহিত্য অকাডেমি বঁটা” লাভ কৰে।

(খ) ২০০৩ চনত “অসম সাহিত্য উপত্যকা সাহিত্য বঁটা”।

(গ) ২০০০ চনত “প্ৰবীণা শইকীয়া বঁটা”।

(ঘ) ১৯৮৭ চনত “শাস্বতী বঁটা” লাভ কৰে।

(ঙ) “বাসন্তী দেৱী বৰদলৈ বঁটা”।

(চ) ১৯৯৪ চনত “হেম বৰুৱা বঁটা” লাভ কৰে।

প্ৰশ্নঃ ৪। নিৰুপমা বৰগোহাঞিৰ “অভিযাত্ৰী” উপন্যাসৰ এটি চমু আলোচনা আগবঢ়োৱা ?

উত্তৰঃ স্ত্ৰী শিক্ষাৰ বাটটো কটা সংগ্ৰামৰ আগৰণুৱা অসমীয়া বুলিলেই যিগৰাকী মহীয়সীৰ নাম আমি সোগৌৰৱে সোঁৱৰো তেৱেঁই হ’ল সকলোৰে চিৰপৰিচিত চন্দ্ৰপ্ৰভা শইকীয়ানী। 

স্বাধীনতাৰ বহু দশক পূৰ্বেই পুৰুষতান্ত্ৰিক সমাজৰ শতেক বাধাৰ প্ৰাচীৰ বীৰদৰ্পে অতিক্ৰমী ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ছোৱীলবোৰক বিদ্যালয়মুখী কৰি তোলা অগ্রগামি সত্ত্বা চন্দ্ৰপ্ৰভা শইকীয়ানী। শিক্ষা বৃত্তিৰ সমান্তৰালকৈ স্বাধীনতা আন্দোলনত সংক্ৰিয় অংশগ্ৰহণ কৰা শইকীয়ানীয়ে ব্যক্তিগত জীৱনত দুখ-দুৰ্দশা, বিৰহ-অপযশ, সমাজৰ ককৰ্থনাক কোনো সময়ত আওকান, কোনো সময়ত প্ৰতিবাদ। কোনো সময়ত আকৌ বিচক্ষণতাৰে অন্ধবিশ্বাস, অন্যায়ৰ বিৰুদ্ধে আগবাঢ়ি যুঁজ দি জয়ী হৈহে ক্ষান্ত লভিছিল। হাৰ নমনা এক প্ৰকাৰৰ জেদী মন এটাৰে জীৱনৰ বাট বোলা চন্দ্ৰপ্ৰভা এগৰাকী অদ্বিতীয় অভিযাত্ৰী।

সেইগৰাকী মহীয়সীৰে বহুৰঙী জীৱন-কাহিনীৰে ভৰা এখন অৱশ্য পঠনীয় উপন্যাস হৈছে নিৰুপমা বৰগোহাঞিৰ “অভিযাত্ৰী”। ব্যক্তিগত জীৱনৰ এক অভাৱনীয় অধ্যায়ৰ বাবে বহু সময়ত সমাজৰ অপবাদ-ইতিকিঙে জীৱন দুৰ্বিসহ কৰিলেও চন্দ্ৰপ্ৰভা শইকীয়ানী অবিচলিত হৈ আছিল। উল্লেখযোগ্য যে সামাজিক দায়বদ্ধতাৰ পৰা কোনোদিন পিছ নুহুহকা নাৰীগৰাকীক লৈ লিখা কিতাপখনৰ অন্যতম দিশ হৈছে, সাৰ্থক শিৰোনাম “অভিযাত্ৰী”।

চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰী, দুই বাই-ভনী। বাট কুৰি বাই মেখেলা-চাদৰ পৰিধান কৰি খাল-বিল পাৰ হৈ স্কুললৈ যোৱা ছোৱালী দুজনিৰ অদমনীয় জ্ঞানান্বেষী স্পৃহাক সেই সময়ৰ সমাজত থাকি পিতৃ-মাতৃয়ে কেনেকৈ লালন পালন কৰিছিল ভাবিলে বিস্ময় হোৱাটো স্বাভাৱিক। প্ৰশ্ন হয় নিৰক্ষৰ হৈও কিমান বেছি জ্ঞানী হ’লে দহোবন শিকাৰ সামাজিক আহবানক প্ৰত্যাহবান জনাই মাতৃয়ে ছোৱালী সন্তানক বিদ্যালয়লৈ পঢ়িবলৈ পঠিয়াব পাৰে, মাহীয়েকৰ ঘৰত থাকি পঢ়িবলৈ পঠিয়াব পাৰে। কিমান বুজন আৰু মৰম থাকিলে জীয়েকৰ দুখ-কষ্ট সহিব নোৱাৰি দূৰণিৰ বিদ্যালয়ত পঢ়া বন্ধ কৰি পুনৰ জীয়েকৰ মনোকষ্ট লৈক্ষ কৰি নতুনকৈ বিদ্যালয়ত পঢ়াৰ সুবিধা কৰি দিব পাৰে। এইবোৰৰ উত্তৰ অনুভৱ কৰিবলৈ পাত মেলিব লাগিব “অভিযাত্ৰী”ৰ; কাৰণ আজিৰ যুগত সাধাৰণ হৈ পৰা স্ত্ৰী-শিক্ষাৰ আৰম্ভণি আছিল এক বুজাব নোৱাৰা কষ্টকৰ সংগ্ৰাম; যি সংগ্ৰামৰ নিৰুপমা বৰগোহাঞিয়ে বিচক্ষণ কলমেৰে উপন্যাসখনৰ পাতত নিপোটল ৰূপত দাঙি ধৰিছে।

“অভিযাত্ৰী” উপন্যাস হ’লেও সমগ্ৰ ঘটনাৱলী সত্যৰ ওপৰত প্ৰতিষ্ঠিত। দুই এঠাইত কল্পনাৰ আশ্ৰয় ল’ব লগা হ’লেও সত্যৰ পৰা আঁতৰি নহাৰ কথা লেখিকাই আৰম্ভণিতে “Facts are stranger than fiction” বুলি এষাৰ ধুনীয়া উপমা দি বুজাইছে।

সাহসী চন্দ্ৰপ্ৰভা নাৰী শিক্ষাৰ প্ৰচলনতে ক্ষান্ত নাথাকি স্বাধীনতা আন্দোলনত সংক্ৰীয়ভাৱে অংশগ্ৰহণ কৰি কাৰাবাস খাটি, মহিলা সমিতি গঠন কৰি, সমাজৰ বৈষম্যমূলক বহু নিয়ম উভালি অসমৰ নাৰী সমাজক নতুন জীৱন দি যোৱা প্ৰথমগৰাকী মহিলা। এই যাত্ৰাপথত তেওঁ বিভিন্ন ক্ষেত্ৰত যিসকল পুৰুষ-নাৰীৰ সহযোগিতা লাভ কৰিছিল সকলোকে যথাযোগ্য প্ৰশংসা, শ্ৰদ্ধা তথা কৃতজ্ঞতা জ্ঞাপন কৰাৰ মানৱীয় গুণ পাহৰা নাছিল চন্দ্ৰপ্ৰভাই। প্ৰতিক্ষণে নিঃস্বাৰ্থভাৱে কেৱল সমাজৰ, দেশৰ-দহৰ উন্নতিৰ কথাকে চিন্তা কৰি দেহে-কেহে কষ্ট কৰি গ’ল। আনকি বাপেকৰ মৰমৰ পৰা বঞ্চিত কণমানি পুত্ৰ সন্তানকো পিতৃ-মাতৃৰ ওচৰত থৈ চাইকেল চলাই সভা-সমিতিৰ ৰাইজক সজাগ কৰি ঘূৰি ফুৰিছিল ইখনৰ পিছত সিখন গাঁও। নিঃস্বাৰ্থ সেৱাৰ প্ৰতিদানত ব্যক্তিগত সুখকৰ জীৱন এটাও চন্দ্ৰপ্ৰভাই নাপালে, নাপালে সংসাৰৰ সুখ, নাপালে পত্নীৰ স্বীকৃতি, নোৱাৰিলে দূৰ কৰিব ঘৰুৱা দৰিদ্ৰতাক। শত-সহস্ৰজন অসমীয়াৰ মৰম-বিশ্বাস-সাহস কিন্তু আমৃত্যু লাভ কৰিলে তেওঁ। ৰাইজৰ প্ৰশংসায়ো তেওঁক সৰ্বসাধাৰণৰ মাজৰ পৰা সলনি কৰিব নোৱাৰিছিল। জঞ্জালময় জীৱনটোত সৰু-সুৰা লেখা বাদ দিও তিনিখন উপন্যাস লিখিব পৰাকৈ সাহিত্য-চৰ্চা কৰিবলৈ সময় আৰু মানসিক শক্তি কেনেকৈ লাভ কৰিছিল সেইয়াও এক পৰম বিস্ময় আৰু এই সমগ্ৰ বিস্ময়ৰ কৰণি “অভিযাত্ৰী” পঢ়িলে প্ৰতিজন পঢ়ুৱৈয়ে এবাৰ হ’লেও নিজকে প্ৰশ্ন কৰিবই মে “এইগৰাকীয়েই নে আমি জনা চন্দ্ৰপ্ৰভা? বাস্তৱ জীৱনো এনে হ’ব পাৰেনে?” কোৱা বাহুল্য এই যে কিতাপখন ৰচনা কৰাৰ বাবেই নিৰুপমা বৰগোহাঞিলৈ আপোন-আপুনি কৃতজ্ঞতা উথলি উঠে।

চন্দ্ৰপ্ৰভাৰ ভগ্নী ৰামেশ্বৰী, পিছলৈ ৰজিনীপ্রভা আছিল অসমৰ প্ৰথমগৰাকী মহিলা এম.বি. বি.এছ। কিন্তু ইমান এটা গৌৰৱৰ অধিকাৰিণী হৈও ৰজনীপ্রভাৰ জীৱনটো শেষলৈ কৰুনতম বিষাদত পৰিণত হৈছিল। সেই বিষাদ গাথাঁও বৰ্ণনা কৰা আছে কিতাপখনত। প্রকৃততে চন্দ্ৰপ্ৰভা-ৰজনীপ্রভা দুই ভগ্নীৰ জীৱন এগৰাকীক এৰি আনগৰাকীৰ বিষয়ে আলোচনা কৰিব নোৱাৰাকৈ বান্ধ খাই থকা। কেৱল চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ৰজনিপ্রভা শইকীয়ানীৰ জীৱন-কাহিনী বুলি নহয়, “অভিযাত্ৰী” গ্ৰন্থখন অসমৰ স্বাধীনতাৰ আগৰ, স্বাধীনতা আন্দোলনৰ আৰু স্বাধীনোত্তৰ কালৰ ঘটনা প্ৰবাহৰো বিশাল দস্তাবেজ। অনেক মহীয়সী নাৰীৰ পৰিচয় কৰোৱাই দিয়াটো গ্ৰন্থখনৰ ভূমিকা অতুলনীয়। সেইবাবে এইখনক একমাত্ৰ জীৱনীমূলক উপন্যাস নহৈ বুৰঞ্জীমূলক উপন্যাস বুলিও ক’ব পাৰি।

সঁচা কাহিনী এটাক তথ্যৰ বিভ্ৰান্তি নোহোৱাকৈ উপন্যাসৰূপে তুলি ধৰাটো নিশ্চিতভাৱে এক দুৰূহ কাম। নিৰুপমা বৰগোহাঞিয়ে এই দুৰূহ কামটো সম্পন্ন কৰিবলৈ যথেষ্ট কষ্ট আৰু সময় লৈছিল। ফলশ্ৰুতিত কৰ্মফল সুস্বাদু হৈছে।

ক্ষুদ্ৰাতিক্ষুদ্ৰ বাধা-বিঘিনিৰ পৰা আৰম্ভ কৰি চৰম মানসিক হতাশা-অস্থিৰতাৰে পূৰ্ণজীৱন এটাতো থাকিব পাৰে অফুৰন্ত শক্তি যি শক্তিয়ে সলনি কৰিব পাৰে সমাজৰ মানচিত্ৰ, যি শক্তিৰ পোহৰে আলোকিত কৰিব পাৰে আন শত-সহস্ত্ৰজনৰ তিমিৰ পঁজা। ঠিক এনে এক ইতিবাচক বাৰ্তা বহনকাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনক অনুভৱ কৰোৱা “অভিযাত্ৰী” অসমীয়া ভাষা-সাহিত্যৰ এক অমূল্য সম্পদ।

প্ৰশ্নঃ ৫। নিৰুপমা বৰগোহাঞিৰ চুটিগল্প “এনথ্ৰ’প’ল’জিৰ সপোনৰ পিছত”– এক সমালোচনাত্মক আলোচনা কৰা ?

উত্তৰঃ নিৰুপমা বৰগোহাঞিৰ “এনথ্ৰ’প’ল’জিৰ সপোনৰ পিছত” গল্পটি অসমীয়া ভাষাত এটি অন্যতম চুটিগল্প, যি গল্পটিৰ মাজেৰে অসমীয়া সমাজৰ পোহৰ আৰু এন্ধাৰ, বাহ্যিক সৌন্দৰ্য আৰু আভ্যন্তৰীন কদৰ্যতা, শিক্ষাৰ সংস্কাৰ আৰু অশিক্ষাৰ ‌অন্ধসংস্কাৰ আদি সকলোবোৰ দিশ দুপৰীয়াৰ সূৰুযৰ ৰোদ্ৰজ্বলতাৰে জলজশ পটপটকৈ উজলি উঠিছে। গল্পটিত বিশেষ কোনো নিৰ্দিষ্ট কাহিনী নাই। গল্পটিত উমা আৰু প্ৰীতি নামৰ দুজনী আধুনিক শিক্ষাৰে শিক্ষিতা ছোৱালীৰ দৃষ্টিত অসমীয়া সমাজৰ বাস্তৱ সামাজিক জীৱনধাৰা কেনেকুৱা তাৰ সমালোচনাত্মক চিত্ৰ ফুটি উঠিছে। উমা হৈছে এজনী গাঁৱলীয়া ছোৱালী, স্নাতক মহলাৰ ছাত্ৰী।

কোনো দূৰৱৰ্তী চহৰৰ কলেজত পঢ়ি আছে। পৰীক্ষাৰ পিছত চহৰৰ অভিজাত মহলৰ এজনী বান্ধৱী “প্ৰীতি”ক লগত লৈ নিজৰ গাঁওলৈ আহে আৰু গাঁও আৰু চহৰৰ মাজৰ জীৱন ধাৰাৰ যি পাৰ্থক্য আৰু দ্বন্দ্ব সিহঁতৰ চকুত ধৰা পৰিছে গল্পকাৰ নিৰুপমা বৰগোহাঞিয়ে গল্পটিত সেই পাৰ্থক্য আৰু দ্বন্দ্ব নিখুঁতভাৱে অংকন কৰিছে। কিন্তু উমা আৰু প্ৰীতি কোনোজনীয়েই গল্পটিৰ প্ৰধান চৰিত্ৰ নহয়। সিহঁত গল্পটিত পৰিদৰ্শক নাইবা সমালোচকৰ ভূমিকা পালন কৰিছে। গাঁৱলৈ আহোতে উমাৰ পৰা প্ৰীতিয়ে গাঁৱলীয়া জীৱন ধাৰাৰ প্ৰাথমিক ধাৰণাৰ আভাষ পাইছে যদিও বাস্তৱত তাতোকৈয়ো কঠোৰ প্ৰত্যক্ষৰ সন্মুখীন হৈছে।

প্ৰথমতে প্ৰীতিৰ চকুত গাঁৱলীয়া জীৱনৰ পোহৰৰ দিশ অৰ্থাৎ বাহ্যিক প্ৰকৃতিক সৌন্দৰ্য আৰু সৰলতা ধৰা পৰিছে আৰু প্ৰীতিয়ে নিজে বিশেষ ৰোমান্টিক আনন্দত আপ্লুত হৈছে। তাই গাঁৱৰ গছ-বনৰ সৌন্দৰ্য, অকৃত্ৰিম মৰম-চেনেহ, ধানেৰে ভৰি থকা সেউজীয়া পথাৰ আদি চাই মোহিত হৈ আবেগিক হৈ পৰিছে আৰু উমাক উদ্দেশ্যে কৈছে– “চাচোন উমা, সৌ বাঁহ জোপাৰ তলত ক’লা স্তব্ধ পানীৰ পুখুৰীটো কি যেন ৰহস্যৰে ভৰা নহয়। আয়ৈ দেহি, সৌ মেটেকাৰ ফুলবোৰ ইমান ধুনীয়া লাগিছে। সৌখন বিল নহয় জানো?” 

কিন্তু যিমানেই সময়ৰ পল আগবাঢ়ি গৈছে সিমানেই প্ৰীতিৰ চকুত গাঁৱলীয়া জীৱনৰ অন্ধবিশ্বাস আৰু কদৰ্য ৰূপ ধৰা পৰিছে।

গাঁৱলীয়া মানুহৰ স্বাভাৱিক জীৱনত শিক্ষাৰ কোনো প্ৰভাৱেই নাই। সিহঁত সেই অতীতৰ প্ৰাকৃতিক জীৱন ধাৰাৰ পৰা এই বিজ্ঞানৰ যুগতো এখোজ আগবাঢ়িব পৰা নাই। গাঁৱলীয়া অঞ্চলত খুৱাপানীৰ কুঁৱা, নলী-নাদৰ সু-ব্যৱস্থা নাই। স্বাস্থ্যসন্মত পায়খানা নাই। প্ৰায়বোৰ শুৱা ৰূপতে জাবৰ-জোথক আৰু তুঁহ গুৰিৰ জুই জ্বলোৱা থাকে জাৰৰ দিনত। মাইকী মানুহবোৰে বুকুত মাত্ৰ মেখেলা-চাদৰ পিন্ধি থাকে। মানুহবোৰ আনকি সিহঁতৰ পোছাক পৰিচ্ছেদবোৰো লেতেৰা। সিহঁতে মানুহৰ নামকো শুদ্ধ উচ্চাৰণত নামাতি বিকৃত উচ্চাৰণেৰে মাতে। যেনে–

“দ্ৰোপদী”ক “দুপৰ্তি”, “হেম”ক “হেমা” বুলি মাতে।

গাঁৱলীয়া মানুহ বিজ্ঞানৰ আধুনিক আৱিষ্কাৰ আৰু প্ৰয়োগৰ বিষয়েও অজ্ঞ। সেয়ে চহৰৰ পৰা উমা আৰু প্রীতিয়ে গাঁৱলৈ যোৱা “কলৰ গান” দেখি আৰু ৰে ৰেকৰ্ডত গান শুনি বিষ্মিত হৈছে। গাঁৱৰ বুঢ়ী এজনী আহি কলৰ গান শুনি প্ৰীতিক সোধে, “ইয়াৰ ভিতৰত মানুহ সোমাই ৰাখিছে নেকি?” গাঁৱৰ প্ৰায় সকলোৱেই গ্ৰামোফোনখন দেখি গান গুনিবলৈ ভিৰ কৰি থাকে। সিহঁতে “ৰেকৰ্ডক” কাঁহী, “পিনক” গজাল বুলি কয়।

চহৰৰ তুলনাত দৰিদ্ৰতা গাঁৱত অতি প্ৰকট। এই দৰিদ্ৰতাৰ চিত্ৰটোও গল্পটোৰ মাজেৰে লেখকে প্ৰকাশ কৰিছে। জাৰৰ দিনত পিন্ধিবলৈ কাৰো কোনো উপৰঞ্চি গৰম কাপোৰ নাই। প্ৰীতিয়ে গাঁৱৰ পৰা উভতি যোৱাৰ সময়ত ল’ৰা-ছোৱালীক কিছু টকা দি যোৱাত, বান্ধৱী উমাই প্ৰীতিক উদ্দেশ্যি কৈছে, “দিবলৈ তোৰ ইচ্ছা গৈছে দে প্ৰীতি, কিন্তু নভাবিবি এই সামান্য দানেৰে এই বিৰাট দৰিদ্ৰ আঁতৰোৱাত কিবা সাহাৰ্য কৰিব পাৰিছে বুলি।” ঠিক যেন ভাগি পচি যাবলৈ ওলোৱা ঘৰ অ’ত ত’ত অকণি মেৰামতি কৰাৰ প্ৰহসন।

শাহুআই আৰু বোৱাৰী অৰ্থাৎ উমাৰ বৰমা আৰু ককায়েক অভয়ৰ পত্নীৰ চৰিত্ৰ দুটা চুটিগল্পটিৰ বিশেষ উল্লেখযোগ্য চৰিত্ৰ। এই চৰিত্ৰ দুটাৰ মাজেদি গাঁৱলীয়া জীৱনৰ বহুতো আভ্যন্তৰীণ কু-সংস্কাৰ আৰু কদৰ্যতা ফুটি উঠিছে। এই চৰিত্ৰ দুটা অৰ্হিমূলক (type) হে, ব্যক্তিকেন্দ্ৰিক (individual) নহয়। গাঁৱৰ কিছুমান তিৰোতাৰ “ধোঁৱাখোৱা” অৰ্থাৎ বিড়িখোৱা কু-অভ্যাসটি আছে। উমাৰ বৰমাকও এই অভ্যাসৰ বলি। প্ৰীতি অহাৰ দিনাই উমাই বৰমাকক কেইদিনমানৰ বাবে বিড়ি খোৱা বন্ধ ৰাখিছিল অনুৰোধ কৰিছে যাতে প্ৰীতিয়ে গম নাপায়। গাঁৱৰ তিৰোতাসকলো বৰ আবাইং ভাষাৰে সৰু কথা এটিতে ডাঙৰ কাজিয়া কৰিব পাৰে। গালি শপনি পাৰিব পাৰে। উমাৰ বৰ আইয়েও এনেকুৱা কৰিছে। ঘৰৰ ওচৰতে থকা উমাৰ সম্বন্ধীয়া খুৰীয়েকৰ লগত সামান্য কথাতে উমাৰ বৰমাকে কাজিয়া কৰিছে আৰু পৰস্পৰে পৰস্পৰক নিৰ্লজ্জ গালি-শপনি পাৰিছে। গাঁৱৰ বোৱাৰীয়ে দিনে-ৰাতিয়ে অকল কাম আৰু কাম কৰিব লাগে। সিহঁতৰ কোনো আহৰি নাই। এদিন অভয়ৰ পত্নীয়ে কলহ লৈ ঘাটৰ পৰা পানী অনোতে ভৰিখন হেনো পিচলি মোচোকা খাইছিল ফলত ঢেঁকীত সেইদিনা ধান খুন্দিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু শাহু  আদিয়ে অভিযোগ আনি কৈছে যে কাম ফাঁকি দিয়াৰ ই এক চেলুহে। গাঁৱৰ বোৱাৰীয়ে স্বামীৰ প্ৰতিটো আঘাত অপমান সহ্য কৰিব লগা হয়। কথা বা আদেশৰ সামান্য হেৰফেৰ হ’লেই মাৰ খাব লাগে। চাহ খোৱাৰ সময়ত গুড় দিওঁতে অলপ পলম হোৱাৰ অভিযোগত স্বামীয়ে চুলিত ধৰি টানি শাস্তি দিয়ে।

গাঁৱৰ ছোৱালীসকলৰ অতি কম বয়সতেই বিয়া হৈ যায়। সিহঁতৰ যৌৱন অৰ্থাৎ প্ৰেমৰ বতৰ অহাৰ আগতেই স্বামীৰ ঘৰলৈ যাব লগা হয়। ফলত সিহঁতে প্ৰেমৰ অনুভূতি উপলদ্ধি কৰিবও নোৱাৰে। তাৰোপৰি খেতিয়ক স্বামী প্ৰায় গোটেই দিন পথাৰতে কটাব লগা হয়। ৰাতি বোৱাৰীহঁতে সকলোৱে খোৱাৰ পিছতে ভাত খাব পাৰে আৰু ভাত খোৱাৰ পিছত কাঁহী-বাটি ধুই গুবলৈ যাওঁতে ৰাতি বাৰটা বাজি যায়। ফলত স্বামীৰ সোহাগ (মৰমৰ স্পৰ্শ) ৰ পৰাও সিহঁত বঞ্চিত হয়। অভয়ৰ পত্নীৰ জীৱনটো সেইয়া ঘটিছে।

উমাই হৈছে ঘৰখনৰ একমাত্ৰ শিক্ষিতা ছোৱালী। তাইৰ উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহ আছে যদিও ঘৰৰ পৰা কোনেও তাইৰ উচ্চ শিক্ষাৰ বাবে আগ্ৰহ দেখুওৱা নাই, তাৰ পৰিৱৰ্তে সিহঁতে তাইক সোনকালে বিয়া দিয়াৰহে সপোন দেখি আছে।

গাঁৱৰ মানুহসকল খেতিয়ক মনোবৃক্তিৰ। পঢ়া-শুনাৰ প্ৰতি সিহঁতৰ কোনো ধাউতি নাই। সেইবাবেই উমাৰ খুড়াকৰ পুতেক ললিতে পাঠশালা পাচ কৰাৰ পিছতই পিতাকে লিখা-পঢ়া বন্ধ কৰি দি কৈছে–”হালোৱা-চহাৰ ঘৰৰ ল’ৰাই নালাগে ব’ল লিখা-পঢ়া শিকি চাকৰি কৰিবলৈ। খেতি কৰিলেই আমাৰ পেটৰ ভাত মিলিব”।

গাঁৱৰ স্কুলৰ পৰিস্থিতিৰ চিত্ৰও এই গল্পটিত ফুটি উঠিছে। উমা আৰু ললিতৰ লগত প্ৰীতিয়ে দুমাইল দূৰত থাকা প্ৰাথমিক বিদ্যালয় চাবলৈ গৈছে। স্কুল ঘৰটো ভাঙি-চিঙি গৈছে। ল’ৰা-ছোৱালী বহিবলৈ ডেস্ক-বেঞ্চ নাই। সিহঁতে পাটিত বহিছে। বহুতো ল’ৰা-ছোৱালী আছে যদিও শিক্ষক মাত্ৰ নামতহে দুজন আছে, এজন প্ৰায়ই অনুপস্থিত থাকে।

দেখা গ’ল যে গল্পটিত গাঁৱলীয়া জীৱন ধাৰাৰ প্ৰায় সকলোবোৰ দিশেই ফুটি উঠিছে অকনো ৰহন নলগাকৈয়ে।

সাধাৰণতে চুটিগল্পৰ সকলোবোৰ বৈশিষ্ট্যই গল্পটিত বিদ্যমান। গল্পকাৰে চৰিত্ৰসমূহৰ মুখত যথাযত অথচ পৰিমিত সংলাপ ঢালি দি গল্পটি বিকাশত বিশেষ অৰিহনা যোগাইছে।

গল্পটিৰ মাজেৰে লিখকৰ জীৱন দৰ্শনো প্ৰত্যক্ষভাৱে প্ৰকাশ পাইছে। গল্পকাৰে উমা আৰু প্ৰীতিৰ মুখত গাঁৱলীয়া জীৱন ধাৰাৰ ওপৰত যিখিনি মন্তব্য আৰু সমালোচনা আৰোপ কৰিছে সেয়া লিখকৰ জীৱন দৰ্শনৰ নিদৰ্শন।

সামৰণিত ক’ব পাৰি বিষয়বস্তু, ভাষা আনকি আঙ্গিকাৰ দিশৰ পৰা নিৰুপমা বৰগোহাঞিৰ “এনথ্ৰ’প’ল’জিৰ সপোনৰ পিছত” গল্পটি এটি সাৰ্থক বাস্তৱবাদী চুটিগল্প য’ত অসমীয়া গাঁৱলীয়া জীৱনৰ প্ৰতিটো দিশেই অকপটভাৱে মূৰ্ত হৈ উঠিছে।

প্ৰশ্নঃ ৬। নিৰুপমা বৰগোহাঞিৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ যুদ্ধোত্তৰ বা ৰামধেনু যুগৰ যশস্বী গল্পকাৰ নিৰুপমা বৰগোহাঞিয়ে আধুনিক জীৱন বীক্ষা চুটিগল্পৰ মাজেৰে ধৰি ৰাখিবলৈ সক্ষম হৈছে। এইগৰাকী গল্পকাৰে যুদ্ধোত্তৰ যুগত অৰ্থাৎ “,ৰামধেনু” আলোচনী প্ৰকাশৰ আগৰে পৰা গল্প লিখিবলৈ আৰম্ভ কৰিছিল যদিও ৰামধেনু যুগতহে তেওঁ আত্মপ্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। তেওঁৰ দ্বাৰা ৰচিত গল্পৰ  বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) নিৰুপমা বৰগোহাঞিৰ চুটিগল্পৰ কাহিনী কথন সহজ-সৰল আৰু পৰম্পৰাগত ভংগীৰ। আধুনিক গল্পৰ বৌদ্ধিক চাতুৰ্য আৰু আংগিকগত পৰীক্ষা-নিৰীক্ষাৰ পৰা তেওঁৰ গল্প বহুযোজন আঁতৰত।

(খ) নিৰুপমা বৰগোহাঞিয়ে সমকালীন সমাজ জীৱনৰ বিভিন্ন দিশ তেওঁৰ গল্পৰ মাজেৰে ফুটাই তুলিছে।

(গ) নিৰুপমা বৰগোহাঞিৰ গল্পৰ প্ৰগতিশীল ভাৱৰাশিৰ অনুৰণৰ গুনা যায়। সংস্কাৰকামী মনোভাৱসম্পন্ন, মাৰ্ক্সীয় চিন্তা-চেতনা জড়িত গল্পসমূহে এই ধাৰণা সত্য বুলি প্ৰতীয়মান কৰে।

(ঘ) নিৰুপমা বৰগোহাঞিৰ প্ৰায়ভাগ গল্পৰে মূল বিষয় হৈছে নাৰী। তেওঁৰ প্ৰতিটো গল্পই ভিন্ন বিষয় আৰু ভাব-বস্তুক সামৰি লৈও নাৰী জীৱনক প্ৰাসংগিকভাৱে গল্পৰ মাজলৈ টানি আনে। নাৰী মানসৰ বিচিত্ৰ ৰূপ তেওঁৰ গল্পৰ সৰ্বহ।

(ঙ) গভীৰ আশাবাদ নিৰুপমা বৰগোহাঞিৰ গল্পত সুন্দৰকৈ প্ৰতিফলিত হৈছে।

(চ) গ্রাম্য জীৱনচৰ্যা, নৈসৰ্গিক সৌন্দৰ্যৰ গ্রাম্য জীৱন ধাৰাৰ ভিন্নসুৰী ৰূপ তেওঁৰ কেবাটাও গল্পত মুখ্য স্থান লাভ কৰিছে।

(ছ) নিৰুপমা বৰগোহাঞিয়ে চৰিত্ৰৰ মনঃতাত্বিক দিশটোৰ প্ৰতিফলন ঘটোৱাতো বিশেষভাৱে সফল হৈছে। বিশেককৈ তেওঁৰ গল্পসমূহত নাৰী মনস্তত্ত্বৰ ভিন্নৰঙী দিশ উদ্ঘাটনত সফল হৈছে।

(জ) নিৰুপমা বৰগোহাঞিৰ সকলোবোৰ গল্পই সমানে উৎকৃষ্ট নহয়। পৰম্পৰাবাদী শৈলীৰে গল্প  ৰচনা কৰা হেতুকে তেওঁৰ গল্প কিছু পৰিমাণে নতুনত্ববিহীন।

(ঝ) তেওঁৰ গল্পৰ বিষয়বস্তু ব্যাপক বৈচিত্ৰ্যৰে সমৃদ্ধ নহয়। কিছুমান গল্পত বৰ্ণনাৰ বহুল্য, পুনৰা বৃত্তিৰ ফলত নান্দনিক সৌন্দৰ্য আৰু ব্যঞ্জনাধৰ্মী গুণ হেৰুৱাইছে।

(ঞ) তেওঁৰ গল্পসমূহত আধুনিক সমাজৰ গ্ৰাম্য আৰু নগৰীয়া বিভিন্ন সমস্যাক তুলি ধৰা দেখা যায়। 

প্ৰশ্নঃ ৭। নিৰুপমা বৰগোহাঞিৰ “সেই নদী নিৰবধি” গ্ৰন্থখনৰ পৰ্যালোচনা কৰা ।

উত্তৰঃ নিৰুপমা বৰগোহাঞিৰ”সেই নদী নিৰবধি” গ্ৰন্থ সম্পৰ্কে ঔপন্যাসিকাই নিজা অনুভৱ প্ৰকাশ কৰি কৈছে–”মোৰ প্ৰথম উপন্যাস, কেঁচা বয়সত লিখা উপন্যাস। তথাপি দেখোন এইখন পাঠক-সমালোচকৰ দ্বাৰা আদৃত হৈছিল”। সামগ্ৰিকভাৱে উপন্যাসখনৰ নায়ক দীপু আৰু নায়িকা লক্ষ্মীৰ বিফল প্ৰেমগাঁথা।‌ কিন্তু দৰাচলতে উপন্যাসখনৰ কাহিনীভাগ নদী আৰু নদীপৰীয়া মানুহখিনি জীৱন সংগ্ৰামৰ এক কৰুণ গাঁথাহে।

উপন্যাসখনৰ দুটা খণ্ডত বিভক্ত কাহিনীভাগৰ আৰম্ভণি দ্বিতীয় বিভক্ত কাহিনীভাগৰ আৰম্ভণি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ, ১৯৪২ চনৰ। যুদ্ধৰ আতংকৰ পৰা ৰক্ষা পাবলৈ উপন্যাসখনৰ নায়ক দীপুৰ দেউতাক প্ৰমোদ ডেকাই পত্নী আৰু ল’ৰা-ছোৱালী তিনিটাক চহৰৰ পৰা পাগলাদিয়া নৈৰ পাৰত পৈতৃক গাঁৱত আনি থৈ গ’ল। গাঁৱতে দীপুৱে লগ পালে মৌজাদাৰৰ সৰু জীয়ৰী দীপুৰ প্ৰায় সমনীয়া লক্ষ্মীক। গাঁৱৰ মুকলি পৰিৱেশত ডাঙৰ-দীঘল হোৱা লক্ষ্মী ছোৱালীজনী অলপ বেলেগ ধাতুৰে গঢ়া।‌ ভয়-ভীত লাজ-মান চিনি নোপোৱা লক্ষ্মী এজনী বুদ্ধিমতী কিন্তু খোলা মনৰ চাফা অন্তৰৰ ছোৱালী। চহৰত ডাঙৰ-দীঘল হোৱা গাঁৱলীয়া জীৱনৰ লগত অনভ্যষ্ট দীপুৰ বাবে লক্ষ্মী হৈ পৰিল গাইড। কৈশোৰৰ দুৱাৰডলি গৰকা দীপুৰ গাঁৱৰ জীৱন প্ৰথমে অখজা যেন লাগিলেও গাঁৱৰ মুক্ত পৰিৱেশ, বিনন্দীয়া প্ৰকৃতি আৰু লক্ষ্মীৰ সিংগই লাহে-লাহে সকলো সহজ কৰি তুলিলে। কিন্তু প্ৰথম বছৰতে স্কুলৰ বাৰ্ষিক পৰীক্ষাত আশানুৰূপ ফলাফল দেখুওৱাব নোৱাৰাৰ বাবে গাঁৱৰ পৰিৱেশ আৰু লক্ষ্মীৰ সংগতে ইয়াৰ বাবে জগৰীয়া বুলি ভাবি দেউতাকে আহি দীপুক এবছৰৰ পাছতে চহৰলৈ ওভতাই নিয়ে। লক্ষ্মীৰ বন্ধুত্ব বুকুৰ মাজত লৈ দীপু চহৰলৈ উভতি আহে।

দীপুক চহৰলৈ ওভতাই অনাৰ পাছত এদিন প্ৰমোদ ডেকাই পৰিয়ালৰ বাকী সদস্যসকলকো চহৰলৈ ওভতাই অনত গাঁৱৰ লগত, লক্ষ্মীৰ লগত দীপুৰ যোগযোগ অন্ত পৰে। এদিন দীপুৱে সুখ্যাতিৰে প্ৰৱেশিকা পাছ কৰি কটন মহাবিদ্যালয়ত বিজ্ঞান শাখাত ভৰ্তি হয়। এনেতে দীপুৰ মাকৰ আকস্মিক মৃত্যুৱে পৰীয়ালটোক জোকাৰি যায়। দীপুৰ ভনীয়েক মামণিৰ ওপৰত ঘৰৰ দায়িত্ব আহি পৰে। প্ৰথম বিভাগত আই.এছ.চি. পৰীক্ষাত উত্তীৰ্ণ হৈ দীপুৱে মৃত মাকৰ ইচ্ছাক সন্মান জনাই শিৱপুৰত ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায় আৰু এদিন ইঞ্জিনিয়াৰিং পাছ কৰি নিজৰ শিক্ষকতা ইচ্ছাক দমন কৰি পৰিয়ালৰ বিশেষকৈ মামুয়েকৰ কথা মানি মঙলদৈত ই. এন.ডি. বিভাগত চৰকাৰী অভিযন্তা পদৰ চাকৰিত যোগদান কৰে। দুবছৰ কার্যনিৰ্বাহৰ পাছত বিভাগে দীপুক নলবাৰীলৈ এছ. ডি. অ. কৰি বদলি কৰে। মঙলদৈৰ পৰা নলবাৰীলৈ যোৱাৰ বাটত গুৱাহাটীৰ ঘৰত সোমাই যোৱা দীপুৱে মামণিৰ পৰা এসময়ৰ সিহঁতৰ প্ৰতিৱেশী আৰু সিহঁতৰ পৰিয়ালৰ লগত ঘনিষ্ঠ পৰেশ চলিহাই জীয়েক ডলীৰ লগত দীপুৰ বিয়াৰ প্ৰস্তাৱ  আগবঢোৱাৰ খবৰ পায়। চলিহাৰ ঘৰখনৰ লগত থকা ঘনিষ্ঠতা তথা চলিহা পত্নীৰ মাতৃহীনা দীপু-মামণিহঁতৰ প্ৰতি থকা মৰমৰ বাবে দীপুৱে চলিহাই আগবঢ়োৱা প্ৰস্তাৱ মানি ল’বলৈ বাধ্য যদিও মনেৰে সি পত্নী ৰূপত কৈশোৰৰ লগৰী লক্ষ্মীকহে কল্পনা কৰে। নলবাৰীলৈ আহি চাকৰিৰ তাগিদাত পৈতৃক গাঁৱখনলৈ গৈ দীপুৱে লক্ষ্মীক পুনৰ লগ পায়। এটা সন্তানৰ মাতৃ বিধৱা লক্ষ্মীয়ে দীপুক ল’ৰালিৰে দিনবোৰৰ দৰেই বন্ধু হিচাপে আদৰি লয় যদিও লক্ষ্মীৰ সান্নিধ্যত দীপু কিছু দুৰ্বল হৈ পৰে। এফালে প্ৰেমাস্পদক নিজৰ কৰি লোৱাৰ হেপাহ, আনফালে কাৰোবাৰ দিয়া প্ৰতিশ্ৰুতি। তাৰ মাজতে আকৌ সমাজৰ বিপৰীতে যোৱা চিন্তা। এই মানসিক দ্বন্দ্বৰ মাজত পৰি দীপুৱে নিজৰ সহকাৰী আৰু ঠিকাদাৰৰ ওপৰতে পাগলাদিয়াৰ মথাউৰি বন্ধাৰ গুৰুতত্বপূৰ্ন দায়িত্ব অৰ্পণ কৰি নিজে নিজৰ দ্বন্দ্বৰ মাজত ব্যস্ত হৈ থাকে। দীপুৰ অমনোযোগিতাৰ সুযোগ লৈ তলতীয়া কৰ্মচাৰী আৰু ঠিকাদাৰে মুনাফা লুটি নিৰ্মাণ কৰা দুৰ্বল মথাউৰি পাগলাদিয়াৰ বাঢ়নি পানীয়ে ভাঙি লক্ষ্মীৰ পুত্ৰৰ লগতে আন এজন শিশুক উটুৱাই নিয়ে। ঘটনাৰ আকস্মিকতাত পাগলাদিয়াৰ পাৰলৈ ঢাপলি মেলা দীপু অসহায়ভাবে মথাউৰিত থিয় হৈ শূন্য দৃষ্টিৰে ভয়ংকৰ নদীখনলৈ চাই অব্যক্ত অৰ্তনাদত গুমৰি উঠে– 

“তোমাক মই জীৱনত আৰু পাগলাদিয়া পাৰ কৰি আনিব নোৱাৰিলো, লক্ষ্মী।” 

“সেই নদী নিৰৱধি”ৰ কাহিনীভাগ দীপু-লক্ষ্মী নামৰ দুটা চৰিত্ৰৰ এক সাধাৰণ প্ৰেম কাহিনী যেন লাগিলেও দৰাচলতে কাহিনীভাগৰ লগত জড়িত হৈ আছে নদী আৰু মানুহৰ মাজত সংগ্ৰামখনৰ  এক চিৰন্তন ছবি। নদীৰ শক্তিক প্ৰত্যাহ্বান জনোৱা মানুহৰ বৃথা প্ৰচেষ্টা। আছে মুনাফা লোভী এচাম দুৰ্নীতিগ্ৰস্থ কৰ্মচাৰী আৰু ঠিকাদাৰৰ নিৰ্লজ কাৰ্যকলাপৰ বাস্তৱ প্ৰতিচ্ছবি। ড° অমলেন্দু গুহই “মোৰ বিচাৰত নিৰুপমাৰ সৰ্বশ্ৰেষ্ঠ উপন্যাস” আখ্যা দিয়া “সেই নদী নিৰৱধি”ৰ বিষয়ে ড° হীৰেন গোহাঁইদেৱে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে –

“…….. লেখিকাৰ অজ্ঞাতেই যেন পাহলাদিয়া এক জটিল, সমৃদ্ধ প্ৰতীকত পৰিণত হৈছে। মানুহে যেন বৃথাই সেই গভীৰ আৰু বিপুল ৰহস্যময়, ময়াবিনি নদীক নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে। মাথাউৰয়ে কিছুমান গাঁৱক বছাইছে বানপানীৰ পৰা আৰু আন কেতবোৰ নিৰাপদ হৈ থকা গাঁৱলৈ নমাই আনিছে বানপানীৰ অপৰিচিত দুৰ্যোগ। প্ৰগতিৰ নামত কেতবোৰ ঠিকাদাৰ ৰাজনীতিবিদৰ শততাই নদীৰ ক্ৰুৰতা আৰু হিংস্ৰতা দুগুণে বঢ়াইছে। ইঞ্জিনীয়াৰ দীপুৰ পপ্ৰেয়সীৰ একমাত্ৰ সন্তানক ৰাক্ষসীৰ দৰে মাথউৰি ভঙা নদীয়ে গ্ৰাস কৰিলে। সাধাৰণ মানুহৰ বাবে প্ৰকৃতিৰ কৃপণালি আৰু ক্ৰুৰতাৰ সমাধান হোৱা নাই, তাৰ প্ৰতিশ্ৰুতি ৰাজনীতিবিদৰ বক্তৃতাৰ দৰে তিক্ত প্ৰতাৰণাৰ লগত একাকাৰ হৈ পৰিছে।” 

“সেই নদী নিৰৱধি”ৰ মুখ্য চৰিত্ৰ দীপু আৰু লক্ষ্মী। আয়াৰোপৰি মামণি, ডলী, প্ৰমোদ ডেক, পৰেশ চলিহা, চলিহানী, তপন, নাৰায়ন মৌজাদাৰ, জয়ৰাম চৌধুৰী, মনমোহন কাকতি, গোস্বামী, ৰতিৰাম আদি চিত্ৰবোৰো আছে। কাহিনীৰ প্ৰয়োজনতে উপন্যাসখনত একাধিক চৰিত্ৰৰ সমাগম ঘটিছে যদিও দৰাচলতে “পাগলাদিয়া” হে “সেই নদী নিৰৱধি”ৰ এটা অতি স্বাৰ্থক আৰু স্মৰণীয় অন্যতম চৰিত্ৰ। উপন্যাসখনত পাগলাদিয়াৰ গুৰুত্ব সম্পৰ্কে ৰাজেন কলিতাদেৱে এনেদৰে মন্তব্য কৰিছে “পাগলাদিয়া যেন মানুহৰ ভাগ্য, আচম্বিত, অস্থিৰ, অজ্ঞেয় আৰু কৰুণ”।

শক্তিশালী গদ্য লেখিকা নিৰুপমা বৰগোহাঞিৰ প্ৰথম উপন্যাস”সেই নদী নিৰৱধি”ৰ ভাষা সহজ-সৰল। প্ৰয়োজন অনুসৰি নলবাৰী অঞ্চলৰ কথিত ভাষাৰ ব্যৱহাৰে বৰ্ণনা আকৰ্ষণীয় কৰি তুলিছে। বাইৰা, কুৰ, কাণকুল্লা, গাছ-পেৰা, সোণা, নাকচাকি, ধেমনি, উৰেণ জাহাজ, উকাৰ জুই আদি নামনিৰ নলবাৰী অঞ্চলৰ কথিত শব্দৰ ব্যৱহাৰ উপন্যাসখন সুখপাঠ্য কৰাৰ লগতে গাঁৱলীয়া পটভূমিক জীৱন্ত ৰূপ দিছে। অসমৰ ভিতৰুৱা গাঁওবোৰৰ সামাজিক, পাৰিবাৰিক, অৰ্থনৈতিক ছবিখন উপন্যাসখনৰ পাতত নিখুঁত ৰূপত ধৰা দিছে। গাঁৱৰ মানুহৰ বাবে চহৰীয়া জীৱন প্ৰণালী, আচবাব-পত্ৰ, সাজ-পোছাক, মাত-কথাবোৰ যিদৰে আচহুৱা, চহৰৰ মানুহৰ বাবে গাঁওবোৰ অচিনকী। লক্ষ্মী আৰু দীপুৰ শিশুসুলভ কথা-বিতৰাৰ আঁত ধৰি ঔপন্যাসিকাই কথাষাৰ বৰ সুন্দৰকৈ বুজাই দিছে– লক্ষ্মীয়ে অগত্যা মুখেৰেই গাছপেৰাৰ  বৰ্ণনা দিয়ে– সেই যে মস্ত এটা কাঠৰ বাকচ। খুউব প্ৰকাণ্ড, এখন বিছনাতকৈও নেকি, ওখতো হয়েই। মামণিহঁতৰ দৰে সৰু ছোৱালীৰ কথাতো বাদেই লক্ষ্মিহঁতৰ দৰে “ডাঙৰ ছোৱালী”ও হেনো পিৰা জোৰা দিহে তাত উঠিব পাৰে। সেইটোৰ এখন ঢাকনিও আছে, বাকচ এটাৰ দৰেই। তাৰ ভিতৰত বস্তুবোৰ থাকে। বহুত বস্তু থ’বলৈ জোৰে। ঢাকনিখন মাৰি তাৰ ওপৰতে বিছনাৰ দৰে গুই থাকিব পাৰে। লক্ষ্মীয়ে গৌৰৱেৰে কয়– সিহঁতৰ গাছপেৰাটো হেনো খুব ধুনীয়া, ওৰে গাতে ফুলকটা। “তাৰমানে একৰকম পালেঙেই বুলিব পাৰি….” সি লক্ষ্মীক পালেঙৰ বৰ্ণনা দিয়ে–”কেইদিনমান পিছত পাগলাদিয়াত যেতিয়া বাৰিষা হোৱাত পানী বেছি হ’ব, আমাৰ খাট-মেজ আদিৰ নাও আহিব নহয়, তেতিয়া পালেং কি বস্তু তুমি নিজে চকুৰেই দেখিবা লক্ষ্মী”l

অসমীয়া গাঁৱলীয়া জীৱনৰ সকলোবোৰ খুটি-নাটিৰে উপন্যাসখনৰ পাত চহকী হৈ আছে। গাঁৱলীয়া সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস, পিন্ধন-উৰণ, খাৱন-বোৱন, উৎসৱ-পাৰ্বন, অভাৱ-অনাটন আদি দৈনন্দিন জীৱনৰ এখন নিখুঁত চিত্ৰ উপন্যাসখনৰ মাজত প্ৰতিফলিত হৈছে। অসমীয়া মানুহৰ দৈনন্দিন জীৱনৰ বাঁহৰ গুৰুত্ব অসীম। সেই কথা উপন্যাসখনত বৰ সুন্দৰকৈ প্ৰতিপন্ন কৰা হৈছে–”Assam is the lend of bamboo civilization”. এজন বিদেশী মানুহে অসম ভ্ৰমণ কৰি কৰা মন্তব্যৰ আঁত ধৰি ঔপন্যাসিকাই অসমীয়া মানুহৰ জীৱনত বাঁহৰ গুৰুত্ব বৰ্ণনা কৰিছে – “বাঁহৰ ঘৰ, বাঁহৰ বেৰ, বাঁহৰ শোৱা চাং, বাঁহৰ কুলা, বাঁহৰ চালনী, বাঁহৰ ডলা, মাছ ধৰা জাকৈ-জুকুকী, বাঁহৰ গাখীৰ থোৱা চুঙা…….”।

নদীৰ গতিৰ কোনো সীমা নাই, এই গতি অসীম। সেইদৰে মান-অভিমান, প্ৰাপ্তি-অপ্ৰাপ্তি আদি ব্যক্তিগত সমস্যাৰ সমান্তৰালকৈ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, দৰিদ্ৰতা, বানপানী, গৰাখহনীয়া অধিক লৈ মানুহৰ সামাজিক, অৰ্থনৈতিক আদি সমস্যাৰো কোনো সীমা নাই। সমস্যাবহুল গাঁৱলীয়া জীৱনধৰা এটাক প্ৰতিনিধিত্ব কৰা “সেই নদী নিৰৱধি”ৰ নামকৰণ অতি তাৎপৰ্যপূৰ্ণ আৰু যথাৰ্থ হৈছে।

Leave a Reply

error: Content is protected !!
Scroll to Top
adplus-dvertising