Bikhekh Lekhakh Unit 4 মামণি ৰয়ছম গোস্বামী, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bikhekh Lekhakh Unit 4 মামণি ৰয়ছম গোস্বামী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bikhekh Lekhakh Unit 4 মামণি ৰয়ছম গোস্বামী Question Answer can be of great value to excel in the examination.
Bikhekh Lekhakh Unit 4 মামণি ৰয়ছম গোস্বামী
Bikhekh Lekhakh Unit 4 মামণি ৰয়ছম গোস্বামী Notes cover all the exercise questions in UGC Syllabus. Bikhekh Lekhakh Unit 4 মামণি ৰয়ছম গোস্বামী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
মামণি ৰয়ছম গোস্বামী
ASSAMESE
(বিশেষ লেখক)
অতি চমু প্রশ্নোত্তৰঃ
১। কোন চনত মামণি ৰয়ছম গোস্বামীৰ জন্ম হয় ?
উত্তৰঃ ১৯৪২ চনৰ ১৪ নৱেম্বৰত।
২। মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি ?
উত্তৰঃ ইন্দিৰা গোস্বামী।
৩। গোস্বামীয়ে কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে ?
উত্তৰঃ ৰাময়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
৪। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম গৰাকী মহিলা কোন ?
উত্তৰঃ মামণি ৰয়ছম গোস্বামী।
৫। গোস্বামীয়ে ক’ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ?
উত্তৰঃ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
৬। গোস্বামীয়ে কাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ?
উত্তৰঃ মাধবেন ৰয়ছম আয়েংগাৰ।
৭। মামণি ৰয়ছম গোস্বামীৰ উল্লেখযোগ্য তিনিখন উপন্যাসৰ নাম লিখা ।
উত্তৰঃ (ক) “মামৰে ধৰা তৰোৱাল”।
(খ) “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”।
(গ) “নীলকণ্ঠী ব্ৰজ”।
৮। গোস্বামীয়ে কোন চনত “সাহিত্য অকাডেমি বঁটা লাভ কৰে ?
উত্তৰঃ ১৯৮২ চনত।
৯। কোনখন উপন্যাসৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে “সাহিত্য অকাডেমি বঁটা” লাভ কৰে ?
উত্তৰঃ “মামৰে ধৰা তৰোৱাল”ৰ বাবে।
১০। গোস্বামীয়ে কোন চনত”জ্ঞানপীঠ বঁটা” লাভ কৰে ?
উত্তৰঃ ২০০০ চনত।
১১। কোনখন উপন্যাসৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে “জ্ঞানপীঠ বঁটা” লাভ কৰে ?
উত্তৰঃ “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”ৰ বাবে।
১২। ভাৰতৰ প্ৰথম “Principal Prince Claus Laureate” কোন আছিল ?
উত্তৰঃ ড° মামণি ৰয়ছম গোস্বামী।
১৩। তেখেতৰ পিতৃৰ নাম কি ?
উত্তৰঃ উমাকান্ত গোস্বামী।
১৪। তেখেতৰ মাতৃৰ নাম কি ?
উত্তৰঃ অম্বিকা দেৱী।
১৫। অসমৰ প্ৰথম শিক্ষাধিকাৰ কোন ?
উত্তৰঃ উমাকান্ত গোস্বামী।
১৬। মামণি ৰয়ছম গোস্বামীৰ খুৰাকৰ নাম কি আছিল ?
উত্তৰঃ চন্দ্ৰকান্ত গোস্বামী।
১৭। চন্দ্ৰকান্ত গোস্বামী কোনখন সত্ৰৰ সত্ৰাধিকাৰ আছিল ?
উত্তৰঃ আমৰঙা সত্ৰৰ।
১৮। মামণি ৰয়ছম গোস্বামীয়ে ক’ৰ পৰা প্ৰাথমিক শিক্ষা আহৰণ কৰে ?
উত্তৰঃ গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়ৰ পৰা।
১৯। মামণি ৰয়ছম গোস্বামীয়ে ক’ৰ পৰা আই. এই. পাছ কৰে ?
উত্তৰঃ “সন্দিকৈ ছোৱালী মহাবিদ্যালয়”ৰ পৰা।
২০। মামণি ৰয়ছম গোস্বামীয়ে ক’ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ?
উত্তৰঃ “কটন কলেজ”ৰ পৰা।
২১। মামণি ৰয়ছম গোস্বামীয়ে ক’ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে ?
উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা।
২২। কোন চনত মামণি ৰয়ছম গোস্বামী আৰু মধবেন ৰয়ছম আয়েংগাৰ বিবাহ পাশত আবদ্ধ হয় ?
উত্তৰঃ ১৯৬৫ চনৰ অক্টোবৰ মাহত।
২৩। কেতিয়া মাধবেন ৰয়ছম গোস্বামীৰ মৃত্যু হয় ?
উত্তৰঃ বিবাহৰ ১৮ মাহৰ পাছতে ১৯৬৭ চনৰ ১৫ এপ্ৰিলত।
২৪। মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি ?
উত্তৰঃ “আধা লেখা দস্তাবেজ”।
২৫। কোন চনত “আধা লেখা দস্তাবেজ” প্ৰকাশ পায় ?
উত্তৰঃ ১৯৮৮ চনত।
২৬। মামণি ৰয়ছম গোস্বামীয়ে কোন চনত আৰু কোন স্কুলত শিক্ষকতা কৰিবলৈ লয় ?
উত্তৰঃ ১৯৬৮ চনত গোৱাপাৰাৰ সৈনিক স্কুলত শিক্ষকতা কৰিবলৈ লয়।
২৭। মামণি ৰয়ছম গোস্বামীয়ে কাৰ পৰামৰ্শক্ৰমে বৃন্দাবনত থাকিবলৈ গুচি গৈছিল ?
উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ পৰামৰ্শক্ৰমে।
২৮। মামণি ৰয়ছম গোস্বামীয়ে কাৰ অধীনত গৱেষণা আৰম্ভ কৰিছিল ?
উত্তৰঃ ১৯৬৯ চনত বৃন্দাবন ইনষ্টিটিউট অৱ অৰিয়েন্টল ফিল’ছফীত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰিছিল।
২৯। মামণি ৰয়ছম গোস্বামীয়ে কোন চনত দিল্লী বিশ্ববিদ্যালয়ত কোন বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে যোগদান কৰে ?
উত্তৰঃ ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা-সাহিত্য অধ্যায়ন বিভাগত।
৩০। কোন চনত মামণি ৰয়ছম গোস্বামীৰ মৃত্যু হৈছিল ?
উত্তৰঃ ২০১১ চনৰ ২৯ নৱেম্বৰত তেখেতৰ মৃত্যু হয়।
৩১। মামণি ৰয়ছম গোস্বামীৰ “নীলকণ্ঠী ব্ৰজ” উপন্যাসখনৰ ইংৰাজী সংস্কৰণখনৰ নাম কি ?
উত্তৰঃ “Shadow of Dark God”.
৩২। “Shadow of Dark God”ৰ অনুবাদক কোন ?
উত্তৰঃ প্ৰফুল্ল কাকতি।
৩৩। “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”ৰ ভিত্তিত নিৰ্মাণ কৰা বোলছবিখনৰ নাম কি ?
উত্তৰঃ ১৯৯৬ চনৰ ড° সান্তনা বৰদলৈয়ে “অদ্যহ্য” বোলছবি নিৰ্মাণ কৰে।
৩৪। মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ বিষয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰখনৰ নাম কি ?
উত্তৰঃ জাহ্নু বৰুৱাই নিৰ্মাণ কৰা “Words from the mist”।
৩৫। “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”ৰ ভিত্তিত নিৰ্মাণ কৰা ধাৰাবাহিকখনৰ নাম কি ?
উত্তৰঃ ১৯৯৬ চনত দূৰদৰ্শনত ৰাষ্ট্ৰীয় চেনেলৰ বাবে দুলাল ৰয়ে ৰুমা ঘোষৰ পৰিচালনাৰে “কামৰূপ কী কাহানীয়া” শীৰ্ষক হিন্দী ধাৰাবাহিক নিৰ্মাণ কৰে।
৩৬। মামণি ৰয়ছম গোস্বামী অসম সাহিত্য সভাৰ কোনটো শাখাৰ সভাপতি আছিল ?
উত্তৰঃ দিল্লী শাখাৰ।
৩৭। “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”ৰ ইংৰাজী অনুবাদখনৰ নাম কি ?
উত্তৰঃ “The Moth Eaten Howdah of the Tusker”.
৩৮। মামণি ৰয়ছম গোস্বামীৰ প্ৰথম গল্প সংকলনখনৰ নাম কি ?
উত্তৰঃ “চিনাকী মৰম”।
৩৯। কোন চনত “আহিৰণ” উপন্যাসখন প্ৰকাশ হয় ?
উত্তৰঃ ১৯৮০ চনত।
চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ
১। মামণি ৰয়ছম গোস্বামীৰ চমু পৰিচয় দিয়া ।
উত্তৰঃ ১৯৪২ চনৰ ১৪ নৱেম্বৰত গুৱাহাটীত মামণি ৰয়ছম গোস্বামীৰ জন্ম হয়। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাপে তেখেতৰ জনা যায়। তেখেতৰ পিতৃৰ নাম আছিল উমাকান্ত গোস্বামী আৰু মাতৃৰ নাম আছিল অম্বিকা দেৱী। মামণি ৰয়ছম সৰু কালছোৱা অমৰঙা সত্ৰৰ অতিবাহিত হৈছিল। তেখেতৰ খুৰাক চন্দ্ৰকান্ত গোস্বামী সত্ৰৰ সত্ৰাধিকাৰ আছিল।
মামণি ৰয়ছম গোস্বামীয়ে গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়, তৎকালীন অসম ৰাজধানী শ্বিলঙৰ “পাইন মাউণ্ট স্কুল” আৰু পিছলৈ গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ত মামণি ৰয়ছমে শিক্ষা গ্ৰহণ কৰিছিল। ১৯৬০ চনত অসমীয়া ভাষাক মেজৰ হিচাপে লৈ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৬৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।
গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ড° গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লখযোগ্য উপন্যাস হৈছে “অহিৰণ”, “চেনাবৰ সোত”, “নীলকণ্ঠী ব্ৰজ”, “মামৰে ধৰা তৰোৱাল”, “তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা”, “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”, “আধা লেখা দস্তাবেজ”, “সংস্কাৰ”, “উদয়ভানুৰ চৰিত্ৰ” ইত্যাদি। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Clause Laureate (২০০৮) আছিল।
অসমৰ জনপ্ৰিয় লেখিকাগৰাকীয়ে অসমৰ বিদ্ৰোহী সংগঠন “সংযুক্ত মুক্তি বাহিনী”, অসমক অস্ত্ৰ-সম্বৰণ আৰু জন-জীৱনলৈ প্ৰত্যাৱৰ্তনৰ বাবে আহ্বান জনাই চৰকাৰ আৰু সংগঠনটোৰ আলোচনাৰ জৰিয়তে শান্তি স্থাপনৰ প্ৰচেষ্টাতো জড়িত আছিল।
মামণি ৰয়ছম গোস্বামীয়ে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড° গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
১৯৬২ চনত হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানীৰ অভিযন্তা হিচাপে ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলং নিৰ্মাণ কৰিবলৈ মাধবেন ৰয়ছম আয়েংগাৰ অসমলৈ আহোতে মামণি ৰয়ছমক লগ পায়। ১৯৬৩ চনত চ’ত মাহত মাধবেনে মামণি ৰয়ছম গোস্বামীক বিয়াৰ প্ৰস্তাব দিছিল। ১৯৬৫ চনৰ অক্টোবৰ মাহত জগৰীয়া পাৰৰ সত্ৰৰ মামণি ৰয়ছম গোস্বামী আৰু মাধবেন আয়েংগাৰৰ হিন্দু ৰীতি-নীতি মতে বিবাহ সম্পন্ন হয়। তাৰ পিছত স্বামীৰ লগত তেওঁৰ কৰ্মক্ষেত্ৰ কাশ্মীৰলৈ গুচি যায়। পিচে বিবাহৰ ১৮ মাহৰ পাছতে ১৯৬৭ চনৰ ১৫ এপ্ৰিলৰ পুৱতি নিশা এক পথ দুৰ্ঘটনাত মাধবেনৰ অকাল মৃত্যু হয়। এই ঘটনাই মামণি ৰয়ছমৰ জীৱন আৰু সাহিত্যত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়।
ইয়াৰ পাছত বিপৰ্য্যস্ত ৰয়সম মানসিকভাৱে বিষাদগ্রস্ত হৈ পৰিছিল। ১৯৮৮ চনত প্ৰকাশিত আত্মজীৱনী “আধা লেখা দস্তাবেজ”ত তেওঁ লিখিছে যে হতাশাত তেওঁ কতিয়াবা আনকি আত্মহত্যাৰ কথাও ভাবিছিল। তেওঁক সান্তনা দিবলৈ শৈশৱৰ স্মৃতি আৰু দেউতাকৰ চিঠিৰ বাহিৰে অন্য কোনো সমল নাছিল। ১৯৬৮ চনত মামণি ৰয়ছমে গোৱালপাৰৰ সৈনিক স্কুলত শিক্ষকতা কৰিবলৈ লয়। কিছুদিন পাছত তেখেতৰ শিক্ষক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ পৰামৰ্শক্ৰমে বৃন্দাবনত থাকিবলৈ গুচি গৈছিল। তাতে থকা সময়তে ১৯৬৯ চনত বৃন্দাবন ইনষ্টিটিউট অৱ অ’ৰিয়েন্টেল ফিল’ছফীত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰিছিল। বৃন্দাবনৰ বিচিত্ৰ অভিজ্ঞতাৰ ভিত্তিত মামণি ৰয়ছমে পৰৱৰ্তী কালত তেখেতৰ এখন অন্যতম শক্তশালী উপন্যাস “নীলকণ্ঠী ব্ৰজ” ৰচনা কৰে। তেখেতৰ অন্য এখন বিখ্যাত উপন্যাস “গংগাৰ পৰা ব্ৰহ্মপুত্ৰ” উপন্যাসৰ ভেঁটিটোও ইয়াতেই গঢ় লৈছিল।
এইগৰাকী মহীয়সী নাৰী “হাওঁফাওঁৰ সংক্ৰমণ” আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈ প্ৰায় আঠ মাহ সংকটজনক অৱস্থাত আছিল। সেয়ে তেওঁক গুৰ্গৱাৰ এখন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছিল। অৱশেষত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। ২০১১ চনৰ ২৯ নৱেম্বৰ তাৰিখে পুৱা ৭বাজি ৪৬ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মামণি ৰয়ছম গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
প্ৰশ্নঃ ২। মামণি ৰয়ছম গোস্বামীৰ সাহিত্যপঞ্জীসমূহ উল্লেখ কৰা ?
উত্তৰঃ মামণি ৰয়ছম গোস্বামীৰ সাহিত্যপঞ্জীসমূহ তলত উল্লেখ কৰা হ’ল–
(ক) উপন্যাসঃ “চেনাবৰ স্ৰোত” (১৯৭২), “নীলকণ্ঠী ব্ৰজ” (১৯৭৬), “অহিৰণ” (১৯৮০), “মামৰে ধৰা তৰোৱাল” (১৯৮০), “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”(১৯৮৮), “সংস্কাৰ”(১৯৮৯), “উদয়ভানুৰ চৰিত্ৰ”(১৯৮৯), “ঈশ্বৰী জখমী যাত্ৰ”(১৯৯১), “তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা”(১৯৯৪), “মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ” (১৯৯৮), “দাশৰথীৰ খোজ” (১৯৯৯), “ছিন্নমস্তাৰ মানুহটো” (২০০১),”থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল” (২০০৬)।
(খ) চুটিগল্পঃ “চিনাকি মৰম” (১৯৬২), “কইনা” (১৯৬৬), “হৃদয় এক নদীৰ নাম” (১৯৯০), “মামণি ৰয়ছমৰ স্বনিৰ্বাচিত গল্প” (১৯৯৮), “মামনি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প” (১৯৯৮)।
(গ) আত্মজীৱনীঃ “আধা লিখা দস্তাবেজ” (১৯৮৮), “দস্তাবেজৰ নতুন পৃষ্ঠা” (২০০৭)।
(ঘ) জীৱনীঃ “মহীয়সী কমলা” (১৯৯৫), “মা” (২০০৮)।
(ঙ) অনুবাদঃ “প্ৰেমচন্দৰ চুটিগল্প” (১৯৭৫), “আধা খন্টা সময়” (১৯৭৮), “জাতক কথা”(১৯৯৬), “কলম” (১৯৯৬), “আহ্নিক”(২০০০)।
(চ) ইংৰাজীঃ “Ramayana from Ganga to Brahmaputra” (1996).
(ছ) সম্পাদনাঃ “এৰি অহা দিনবোৰ” (ড° মলয়া খাউণ্ডৰ সৈতে, ১৯৯৩), “Indian Folklore”.
প্ৰশ্নঃ ৩। মামনি ৰয়ছম গোস্বামীয়ে পোৱা বঁটা আৰু সন্মানসমূহ উল্লেখ কৰা ।
উত্তৰঃ মামনি ৰয়ছম গোস্বামীয়ে পোৱা বঁটা আৰু সন্মানসমূহ তলত উল্লেখ কৰা হ’ল–
(ক) ১৯৮২ চনত “মামৰে ধৰা তৰোৱাল”ৰ বাবে “সাহিত্য অকাডেমি বঁটা”।
(খ) ১৯৮৮ চনত “অসম সাহিত্য সভা বঁটা”।
(গ) ১৯৮৯ চনত “ভাৰত নিৰ্মাণ বঁটা”।
(ঘ) ১৯৯২ চনত “উত্তৰ প্ৰদেশৰ হিন্দী সংস্থানৰ সৌহাদ্য বঁটা”।
(ঙ) ১৯৯৩ চনত “কথা ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা”।
(চ) ১৯৯৬ চনত “কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা”।
(ছ) ২০০০ চনত “জ্ঞানপীঠ বঁটা”।
(জ) ২০০২ চনত পশ্চিমবঙ্গৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ “ডি.লিট.” সন্মান।
(ঝ) ২০০২ চনত “মহীয়সি জয়মতী” বঁটা।
(ঞ) ২০০২ চনত “পদ্মশ্ৰী বঁটা” (ল’বলৈ অস্বীকাৰ কৰে)।
(ট) ২০০৭ চনত ৰাজীৱ গান্ধী বিশ্বদ্যালয়, অৰুণাচল প্ৰদেশৰ দ্বাৰা “ডি.লিট.” সন্মান।
(ঠ) ২০০৮ চনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা “বি.লিট.” সন্মান।
(ড) ২০০৮ চনত “এছিয়াটিক চ’ছাইটিৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ” বঁটা।
(ঢ) ২০০৮ চনত “প্ৰিন্স ক্ল’চ” বঁটা।
(ণ) ২০০৯ চনত অসম সাহিত্য সভাৰ “কৃষ্ণকান্ত সন্দিকৈ” বঁটা।
(ত) ২০০৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ “Professor Emeritus” সম্মান।
(থ) Inter Religious and International Federation for World Peace ৰ “শান্তি দূত” বঁটা।
(দ) Ramayana from Ganga to Brahmaputra গ্ৰন্থৰ বাবে Florida International University ৰ “আন্তজাৰ্তিক তুলসী বঁটা”।
(ধ) ২০১৩ চনত মৰণোত্তৰভাৱে “অসম ৰত্ন” বঁটা।
প্ৰশ্নঃ ৪। মামণি ৰয়ছম গোস্বামী জড়িত থকা অনুষ্ঠান – প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰা ।
উত্তৰ মামণি ৰয়ছম গোস্বামী কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তলত সেইসমূহ উল্লেখ কৰা হ’ল–
কাৰ্যকাল | অনুষ্ঠান |
১৯৮৮-৯২ চন | সাহিত্য অকাডেমৰ উপদেষ্টা কমিটিৰ সদস্য। |
২০০৩-০৫ চন | সাহিত্য অকাডেমিৰ সাধাৰণ পৰিষদৰ সদস্য। দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউঞ্চিলৰ সদস্য। |
১৯৮২-৯২ চন | দিল্লি বিশ্ববিদ্যালয়ৰ ৰিছাৰ্চ কমিটীৰ সদস্য। |
১৯৪৯-৯২ চন | দিল্লী বিশ্ববিদ্যালয়ৰ আৰ্টছ ফেকাল্টি। দিল্লী বিশ্ববিদ্যালয়ৰ কমপেৰেটিভ ইণ্ডিয়ান আছ’চিয়েশ্যনৰ সদস্য। দিল্লী বিশ্ববিদ্যালয়ৰ গান্ধী ভৱনৰ মেনেজিং কমিটিত সদস্য। |
২০০৪ চন | ভাৰত চৰকাৰৰ পৰিকল্পনা আয়োগৰ পৰামৰ্শদাতা। অসমৰ শংকৰদেৱ কলাক্ষেত্ৰৰ সদস্য। ভাৰত চৰকাৰৰ ৰাজা ৰামমোহন লাইব্ৰেৰীৰ সদস্য। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ব’ৰ্ড অৱ ষ্টাজিজত সদস্যভুক্ত। পাঞ্জাৱ বিশ্বিদ্যালয়ৰ ব’র্ড অৱ ষ্টাডিজৰ কোনভেনৰ। |
১৯৯০-৯৫ চন | নতুন দিল্লীৰ ভাৰতীয় লেখক সন্থাৰ সদস্য। নেশ্যনেল পীপল্ লিবাৰেশ্যনৰ আছেম্বলিৰ সদস্য। |
২০০৬ চন | বিশ্ব শান্তিৰ বাবে মংগোলীয়ান পীপলছ ফেডাৰেশ্যনৰ সদস্য। নতুন দিল্লীৰ নেশ্যনেল বুকট্ৰাষ্ট অৱ ইণ্ডিয়াৰ অসমীয়া উপদেষ্টা মণ্ডলীৰ সদস্যভুক্তি। |
১৯৯০-৯৫ চন | দিল্লী বিশ্ববিদ্যালয়ৰ মিৰিণ্ডা হাউছৰ গিভৰনিং বডীৰ সদস্য। দিল্লী বিশ্ববিদ্যালয়ৰ কলেজ অৱ্ আৰ্টছৰ গিৱৰ্নি বডিৰ সদস্য। নতুন দিল্লীৰ কে.কে. বিৰলা ফাউণ্ডেশ্যনৰ অসমীয়া ভাষা সমিতিৰ সদস্য।দিল্লীৰ নেশ্যনেল লাইব্ৰেৰীৰ ইনষ্টিটিউশ্যনৰ সদস্য। ৱাৰ্ধাৰ ইণ্টাৰনেশ্যনেল মহাত্মা গান্ধী বিশ্বিদ্যালয়ৰ সদস্য। |
১৯৯০-২০০০ চন | ৰে’লৱে হিন্দী ভাষাৰ চালাহকাৰ সমিতিৰ সদস্য। |
২০০২ পৰ্যন্ত | অসম সাহিত্য সভাৰ দিল্লী শাখাৰ সভাপতি। |
২০০২ চন | আগ্ৰাৰ কেন্দ্ৰীয় হিন্দী শিক্ষণ মণ্ডলৰ সদস্য। |
প্ৰশ্নঃ ৫। ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ উপন্যাসসমূহৰ চমু বিৱৰণ দিয়া ।
উত্তৰঃ মামণি ৰয়ছম গোস্বামীয়ে মুঠ চৈধ্যখন উপন্যাস লিখিছিল। ১৯৭২ চনত তেওঁৰ প্রথমখন উপন্যাস “চেনাবৰ স্ৰোত” প্রকাশ পাইছিল। গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ড° গোস্বামীৰ ৰচনাৰ ভিতৰত “অহিৰণ”,”চেনাবৰ স্ৰোত”, “নীলকণ্ঠী ব্ৰজ”, “মামৰে ধৰা তৰোৱাল”, “তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা”, “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”, “আধা লেখা দস্তাবেজ”, “সংস্কাৰ”, “উদয়ভানুৰ চৰিত্ৰ” আদি উল্লেখযোগ্য উপন্যাস। ভিন্ন ভিন্ন পটভূমি লৈ লিখা এই উপন্যাসসমূহত তেওঁ মুখ্যতঃ নাৰীৰ ক্ষেত্ৰত সামাজিক সংস্কাৰৰ অসাৰতা আৰু বৈষম্য চিত্ৰায়িত কৰা দেখা যায়। “নীলকণ্ঠী ব্ৰজ”, “সংস্কাৰ” আদি উপন্যাসত তেখেতে নাৰীক মুখ্য কৰি লিখিছে। তেওঁৰ উপন্যাস কেইখনৰ নাম হৈছে–
(ক) “চেনাবৰ স্ৰোত” (১৯৭২)।
(খ) “নীলকণ্ঠী ব্ৰজ” (১৯৭৬)।
(গ) “অহিৰণ” (১৯৮০)।
(ঘ) “মামৰে ধৰা তৰোৱাল” (১৯৮০)।
(ঙ) “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা” (১৯৮৮)।
(চ) “উদয়ভানুৰ চৰিত্ৰ” (১৯৮৯)।
(ছ) “ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি” (১৯৯১)।
(জ) “সাপৰ ছালৰ জোতা”।
(ঝ) “তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা” (১৯৯৪)।
(ঞ) ভিক্ষাৰ পত্ৰ ভাঙি”।
(ট) “আধা লেখা দস্তাবেজ”।
(ঠ) “দাশৰথীৰ খোজ” (১৯৯৯)।
(ড) “ছিন্নমস্তাৰ মানোহটো” (২০০১)।
(ঘ) “থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল” (২০০৬)।
মামনি ৰয়ছম গোস্বামীৰ দ্বাৰা উপৰোক্ত উপন্যাসসমূহৰ চমু বিৱৰণ তলত দিয়া হ’ল–
(ক) চেনাবৰ স্ৰোতঃ “চেনাবৰ স্ৰোত” মামণি ৰয়ছম গোস্বামীৰ প্ৰথম উপন্যাস। কাশ্মীৰৰ চেনাবৰ নদীৰ ওপৰত দলং সজা কামত নিয়োজিত শ্ৰমিকসকলৰ জীৱন আৰু যন্ত্ৰণাৰ ভেঁটিত এই উপন্যাস ৰচনা কৰা হৈছে। “চেনাবৰ স্ৰোত” উপন্যাসখনৰ পটভূমি হ’ল কাশ্মীৰ। কাশ্মীৰৰ পটভূমি হ’লেও পিছে ইয়াত কাশ্মীৰৰ থলুৱা জীৱন যাত্ৰাৰ চিত্ৰ নাই। তাৰ পৰিৱৰ্তে কাশ্মীৰত অস্থায়ীভাৱে থাকি শ্ৰমদান দিয়া এদল বনুৱাৰ জীৱন চৰ্যাহে ইয়াত পোৱা যায়। চেনাবৰ নদীৰ ওপৰত চন্দ্রভাগা দলং নিৰ্মাণত সময়ত তাত বাহৰ পতা অভিযন্তাকে ধৰি সাধাৰণ বনুৱাৰ পত্নী, সন্তনলৈকে বিভিন্ন চৰিত্ৰই উপন্যাসখনত ভুমুকি মাৰিছে। মামণি ৰয়ছম গোস্বামীৰ নিজা ভাষ্য অনুসৰি এই সকলোবোৰ চৰিত্ৰই বাস্তৱৰ পৰা লোৱা।
(খ) নীলকণ্ঠী ব্ৰজঃ এইখন মামণি ৰয়ছম গোস্বামীৰ দ্বিতীয়খন উপন্যাস। আয়তনৰ ফালৰ পৰাও তুলনামূলকভাৱে ক্ষুদ্ৰ এই উপন্যাসখন কেইবাটাও দিশৰ পৰা বৈশিষ্ট্যপূৰ্ণ। উপন্যাসখনৰ কাহিনী গ্ৰন্থৰ বৰ কৌখলপূৰ্ণ আৰু হৃদয়গ্ৰাহী। ব্রজধামৰ পটভূমিত ৰচনা কৰা এইখন প্রথম অসমীয়া উপন্যাস। উপন্যাসখনত ব্ৰজধামৰ জীৱন ধাৰাৰ কদৰ্য দিশবোৰ তুলি ধৰা বাবে তাৰ পবিত্ৰতাক সন্দেহ কৰা হৈছে।
(গ) অহিৰণঃ ১৯৭৪ চনত ৰচনা কৰা উপন্যাসখন ১৯৮০ চনত প্ৰকাশ পাইছিল। মধ্যপ্ৰদেশৰ অহিৰণ নদীত বান্ধ নিৰ্মাণ কৰিবলৈ অস্থায়ীভাৱে সমাজ পতা বনুৱা আৰু বিষয়া-কৰ্মচাৰীৰ জীৱন যাত্ৰাৰ আধাৰত এইখন উপন্যাস ৰচিত। ইয়াত কোনো নিৰ্দিষ্ট কাহিনী নাই। কিছুমান খণ্ডিত বিক্ষিপ্ত ঘটনা লৈয়েই উপন্যাসখন তেখেতে ৰচনা কৰিছে। ক্ষেত্ৰ অধ্যয়নৰ যোগেদি আহৰণ কৰা অভিজ্ঞতাৰ পৰা এই উপন্যাসখন তেখেতে ৰচনা কৰিছে।
(ঘ) আধা লেখা দস্তাবেজঃ আধালেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। ইয়াত তেখেতে কোনোধৰণৰ লুক-ঢাক নকৰাকৈ নিজৰ জীৱন পাঠকৰ আগত উপস্থাপন কৰিছে। সৰুতে সত্ৰৰ পৰিৱেশত ডাঙৰ-দীঘল হোৱা কুলীন গোড়া বংশৰ ছোৱালী মামণি ৰয়ছম সৰু কালৰ জীৱনৰ চিত্ৰ বৰ্ণনাৰ লগতে সত্ৰৰ ধাৰ্মিক আচাৰপূৰ্ণ পৰিৱেশো বৰ্ণনা কৰিছে। সেই পৰিৱেশত এগৰাকী কম বয়সীয়া বিধবাৰূপে জীৱনৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল তাৰ বৰ্ণনা দিছে। মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাসসমূহৰ মূল ধৰা আছিল কঠোৰ বাস্তৱৰ ধাৰাত দলিত-নিষ্পেষিত মানুহৰ বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্চনা আৰু গ্লানি। এই উপন্যাসখনতো ইয়াৰ চিত্ৰ অংকন প্ৰতিফলিত হৈছে।
(ঙ) মামৰে ধৰা তৰোৱালঃ মামণি ৰয়ছম গোস্বামীৰ এখন উল্লেখযোগ্য উপন্যাস হৈছে “মামৰে ধৰা তৰোৱাল”। পটভূমি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাইনদিৰ ওপৰত একুৱাডাক্ট বন্ধা কামেই উপন্যাসখনৰ বিষয়বস্তুৰ মূল উৎস। বান্ধ নিৰ্মাণস্থলীত লাভ কৰা চাক্ষুষ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন তেখেতে ৰচনা কৰিছে। উপন্যাসখনৰ চৰিত্ৰ কেইটামানৰ নাম হৈছে– যোশোৱন্ত, নাৰায়ণী, শম্ভু পাছোৱান, বসুমতী বুঢ়ী, শিবু ধাছলা, লিচু লেঙেৰা, বামু-ৰামু, ঠাকুৰ চাহাব, শাস্ত্ৰী আৰু বলবীৰ স্বামী।
শ্ৰমিকসকলক “চটাই” কৰা কাম আৰম্ভ কৰাত তাৰেই প্ৰতিবাদত শ্ৰমিক লীডাৰসকলে শ্ৰমিক আন্দোলন গঢ়ি তুলিছে। দীৰ্ঘদিনীয়া ধৰ্মঘটৰ ফলত শ্ৰমিকসকলৰ নাজল-নাথল অৱস্থা হোৱা আৰু অৱশেষত সুযোগ সন্ধানী ধুৰন্ধৰ লীডাৰসকলে শ্ৰমিকসকলক প্ৰতাৰণা কৰি মূল পোলোকা মৰা কাহিনীৰে উপন্যাসখন গঢ়ি তুলিছে।
(চ) দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঃ “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা” উপন্যাসখন মামণি ৰয়ছম গোস্বামীয়ে কামৰূপীয়া ঠাচৰ অসমীয়া ভাষাৰে ৰচনা কৰিছে। ইয়াত দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিৱেশত আধুনিকতাৰ প্ৰৱেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোড়ামীৰ এখন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। এই উপন্যাসখন তেখেতে নিজেই ইংৰাজীলৈও অনুবাদ কৰিছিল।
ভাৰত স্বাধীন হোৱাৰ সময়তে লিখা উপন্যাসখনত সৰুতে কামৰূপৰ এখন বৈষ্ণৱী সত্ৰত থাকি ডাঙৰ-দীঘল হোৱা উচ্চ বংশজাত লেখিকাই নিজৰ সৰুকালৰ অভিজ্ঞতাৰ স্মৃতিৰ পৰা নতুন যুগৰ আৰম্ভণিৰ পুৰণি গোঢ়ামিৰ খহিবলৈ আৰম্ভ কৰা ভেঁটিটোৰ পৰিৱেশত এগৰাকী উচ্চ বংশৰ “গোসানী” বাল্য বিধৱাৰ আৱেগ আৰু অৱদমনিত বাসনা, ধীৰে ধীৰে সোমাই অহা সাম্যবাদী প্ৰভাৱে আৰু ভূমিনীতিৰ সংশোধনে ভাঙিবলৈ আৰম্ভ কৰা জমিদাৰী প্ৰথাৰ ক্ষমতাৰ পুৰণি তন্ত্ৰ আদিৰ চিত্ৰ এখন অংকন কৰিছে। উপন্যাসখৰ বাবে লাভ কৰা “জ্ঞানপীঠ বঁটা” স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ “দুৰ্গা” নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যতনাৰ প্ৰসংগত তেখেত সেই সময়ৰ উচ্চ বংশীয় বিধৱাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকা হ’লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন। মামণি ৰয়ছম সাহিত্য কৰ্মৰাজিৰ বিষয়ে লেখত মহৰ্ষি লালে এইদৰে কয়, “ইন্দিৰা গোস্বামীৰ বিচিত্ৰ আৰু পৰিপুষ্ট সকলো ৰচনাকে এডাল সূতাই বান্ধি ৰাখিছে। ই হ’ল নাৰীৰ প্ৰতি তেখেতৰ সংবেদনশীলতা ……. কাহিনীৰ জটিলতা তথা সূক্ষ্ম বৰ্ণনাৰ মাজতো প্ৰতিভাবান লেখিকাই ভাৰতীয় নাৰীৰ স্বাধীনতাৰ পথত প্ৰত্যাহ্বানসমূহ দ্যৰ্থতাৰ অৱকাশ নৰখাকৈ ফুটাই তুলিছে।”
(ছ) বুদ্ধ সাগৰ ধূসৰ গাইসা আৰু মহম্মদ নুছাঃ এই উপন্যাসখন ১৯৮০ চনত প্ৰকাশ পাইছিল। দক্ষিণ পূব এছিয়া আৰু জাপান ভ্ৰমণৰ আধাৰত এই উপন্যাসখন ৰচনা কৰা হৈছে। এই উপন্যাসত একেলগে বিদেশ ভ্ৰমণ কৰিবলৈ ওলোৱা কেইবাগৰাকীও ব্যক্তিৰ ৰুচি-অভিৰুচি, মান-অভিমান আৰু বিচিত্ৰ জীৱন অভিজ্ঞতাৰ বিক্ষিপ্ত চিত্ৰৰ সমাহাৰ ঘটিছে। সমালোচক প্ৰফুল্ল গোস্বামীয়ে কৈছে যে, অসমীয়া ভাষাত ভ্ৰমণ কাহিনীক ভিত্তি কৰি লিখা এইখনেই প্ৰথম উপন্যাস।
(জ) উদয়ভানুৰ চৰিত্ৰঃ এই উপন্যাসখনৰ মুখ্য চৰিত্ৰ হৈছে উদয়ভানু। উদয়ভানু এজন নষ্ট চৰিত্ৰৰ পুৰুষ, নিজৰ পৰিয়াল, আনকি নিজৰ প্ৰতিও অন্যায়ৰ পাছত অন্যায় আচৰণ কৰি উদয়ভানু ক্ৰমশঃ ধ্বংসৰ ফালে গতি কৰিছে। উদয়ভানু এগৰাকী চিত্ৰশিল্পী আছিল। তেওঁ অশান্ত শিল্পিমনে কাৰো ওচৰত প্ৰাপ্য স্বীকৃতি পোৱা নাই। সেই সত্তা প্ৰায় নিশ্চিহ্ন হৈ গৈছে, ফলত তেওঁৰ মনোজগত দিনক দিনে বিবেকহীন হৈ আহে। উদয়ভানুৰ জীৱনৰ আসন্ন সমাপ্তিৰ ইংগিতেৰে উপন্যাসখনৰ অন্ত পৰিছে।
(ঝ) সাপৰ ছালৰ জোতাঃ এই উপন্যাসখন কেইগৰাকীমান পুৰুষ-মহিলাৰ বিচিত্ৰ জীৱন-চৰ্যাৰ আধাৰত ৰচিত। উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ অহা গায়ত্ৰী নামৰ শক্তিশালী মনৰ নাৰী, পৰকীয়া প্ৰেমত লিপ্ত তাইৰ স্বামী ভাস্কৰ আৰু সৎ যুৱক অমৰেশেই উপন্যাসখনৰ মূল চৰিত্ৰ। শাৰীৰিক আকৰ্ষণ আৰু ক্ষুধাই কিদৰে মানুহৰ জীৱনক ভীষণভাৱে প্ৰভাৱিত কৰিব পাৰে, সেয়া উপন্যাসখনত মামণি ৰয়ছম গোস্বামীয়ে উপস্থাপন কৰিছে।
(ঞ) তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠাঃ ১৯৮৪ চনৰ দিল্লীত সংঘটিত নৃশংস হত্যালীলাৰ ভেঁটিত এই উপন্যাসখন ৰচনা কৰা হৈছে। শিখ সন্ত্ৰাসবাদিয়ে ৰয়তৰ বাবে হিন্দুৰ ওপৰত প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰা আক্ৰমণৰ চাক্ষুৰ অভিজ্ঞতাৰ প্ৰেৰণাত মামণি ৰয়ছম গোস্বামীয়ে এই উপন্যাসখন লিখিছিল। তেওঁ মানুহে মানুহৰ প্ৰতি কৰা ভয়ংকৰ আচৰণ, হিংস্ৰতা, নাৰীক কৰা চূড়ান্ত অশালীন ব্যৱহাৰ আদিৰ জীৱন্ত চিত্ৰ প্ৰকাশ কৰিছে। সমালোচক হীৰেন গোসাঁইৰ মতে, “সমসাময়িক ভাৰতৰ এক শ্ৰেষ্ঠ সাহিত্য কীৰ্তি এই কিতাপখনে সাহিত্যৰ গভীৰ গ্লানুবোধ প্ৰকাশ কৰিছে”।
(ট) বিক্ষাৰ পাত্ৰ ভাঙিঃ এই উপন্যাসখনৰ পটভূমি হৈছে কামৰূপৰ গ্ৰামোঞ্চল। ফুলেশ্বৰী নামৰ এগৰাকী বিধৱা মহিলাৰ অতীত সোঁৱৰণৰ যোগেদি উপন্যাখনৰ কাহিনী তেখেতে উপস্থাপন কৰিছে। উপন্যাসখনত জমিদাৰ শ্ৰেণীৰ শোষণ আৰু প্ৰতিপত্ত, যৌন-নিৰ্যাতন, সাধাৰণ মানুহৰ সংশয়যুক্ত, অভাৱগ্ৰস্ত আৰু হতাশাগ্ৰস্ত জীৱনধাৰাৰ কথা প্ৰকাশ কৰিছে।
(ঠ) দাশৰথীৰ খোজঃ মামণি ৰয়ছম গোস্বামীয়ে এই উপন্যাসখন মৰিছাছ আৰু নেপালত অনুষ্ঠিত ৰামায়ণ সন্মিলনৰ প্ৰেক্ষাপটত ৰচনা কৰিছে। উপন্যাসখনত বিভিন্ন ৰাষ্ট্ৰৰ গৱেষক প্ৰতিনিধিয়ে ৰামায়ণ সম্পৰ্কীয় গৱেষণা পত্ৰ উপস্থাপন কৰিবলৈ গৈছে। গৱেষকসকলৰ গভীৰ তাত্ত্বিক চিন্তাৰ লগতে অন্যান্য মানৱীয় আসক্তিৰ সংহত সমাহাৰ ঘটিছে।
(ড) ছিন্নমস্তাৰ মানুহটোঃ ২০০১ চনত প্ৰকাশ পাইছিল এই উপন্যাসখন। বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ কামাখ্যা মন্দিৰ এই উপন্যাসৰ পটভূমি। নীলকণ্ঠী ব্ৰজৰ লগতে এই উপন্যাসৰ বিষয়বস্তু একে। ধৰ্মৰ পৱিত্ৰতাৰ অচিলাৰে মন্দিৰক কেন্দ্ৰ কৰি চলি থকা নিষ্ঠুৰ, অবর্ণনীয় পৰিঘটনাবোৰক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ ঘটনাটো গঢ় লৈ উঠিছে। ডৰথী নামৰ এগৰাকী স্বামী পৰিত্যক্তা নাৰী আৰু জঁটাধাৰী নামেৰে পৰিচিত এক সন্ন্যাসীৰ সম্পৰ্কক উপন্যাসখনক মুখ্য স্থান দিছে। পুৰুষতান্ত্ৰিক সমাজৰ সবল প্ৰতিবাদ ডৰথীয়ে সাব্যস্ত কৰিছে। গোবিন্দ প্ৰসাদ শৰ্মাই কৈছে যে এই উপন্যাসখনত “ধৰ্মৰ নামৰ গঢ় লৈ উঠা এক নিষ্ঠুৰ সামাজিক প্ৰথাৰ বিৰুদ্ধে বলিষ্ঠ কিন্তু নীৰৱ প্ৰতিবাদ” প্ৰকাশ পাইছে। এয়া হ’ল ধৰ্মৰ নামত পশু-পক্ষী বলি দিয়াৰ প্ৰথা। অসমীয়া ভাষাৰ এনে উপন্যাস এয়েই প্ৰথম।
প্ৰশ্নঃ ৬। মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত বিভিন্ন সামাজিক স্থিতি, বিভিন্ন পেছা, ধৰ্ম, সম্প্ৰদায়ৰ ব্যক্তিৰ সমদল সৃষ্টি হৈছে। উচ্চ শিক্ষাৰ সমাজৰ তাত্ত্বিক চিন্তাকো উপন্যাসৰ বিষয়বস্তু কৰি তোলা হৈছে। প্ৰতিখন উপন্যাসেহে জীয়া ঘটনাৰ ওপৰত আধাৰিত। অসমীয়া উপন্যাস সাহিত্যত এইগৰাকী ঔপন্যাসিকৰ সৃষ্টিৰ মাজতে ইমান বৈচিত্ৰ্য আজিলৈকে পৰিলক্ষিত হোৱা নাই। সমান্তৰালভাৱে তেওঁৰ উপন্যাসসমূহ সন্দেহাতীতভাৱে ৰসোক্তীৰ্ণ। মামণি ৰয়ছম গোস্বামী একমাত্ৰ অসমীয়া ঔপন্যাসিক যাৰ উপন্যাসত ভাৰতবৰ্ষ তথা পৃথিৱীৰ বহু প্ৰান্তৰ প্ৰেক্ষাপট হিচাপে ব্যৱহৃত হৈছে। কাশ্মীৰ, দিল্লী, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, নেপাল, মালয়েছিয়া, চিংগাপুৰ, কুৱালাপুৰ, হংকং, ফ্ৰান্স, পেৰিচ আদি ঠাইৰ পটভূমিত তেওঁ উপন্যাস ৰচনা কৰিছে।
তেওঁৰ উপন্যাসসমূহত পৰিলক্ষিত কেইটামান সাধাৰণ বৈশিষ্ট্য হৈছে–
(ক) সমাজ নিঃস্ব তথা বনুৱা শ্ৰেণীৰ জীৱনৰ চিত্ৰায়ণ।
(খ) যৌনতাৰ নিৰ্ভীক অথচ শালীন উপস্থাপন।
(গ) নাৰীৰ সামাজিক দূৰৱস্থাৰ প্ৰতি সচেতন মনোভংগী।
(ঘ) অভিজাত, ক্ষমতাশীল তথা উচ্চবৰ্ণৰ অহংকাৰেৰে পুষ্ট মানুহৰ অসৎ কৰ্মৰ প্ৰতি বিষোদগাৰ।
(ঙ) ধৰ্মীয় অন্ধ সংস্কাৰ আৰু যুক্তিহীন পৰম্পৰাৰ প্ৰতি ভ্ৰূকুতি।
(চ) মানুহক সম্প্ৰদায়, পেছা, ভাষা-ভাষী হিচাপে মূল্যয়ন কৰাতকৈ মানুহ হিচাপে মূল্যয়ন কৰাৰ চেষ্টা।
প্ৰশ্নঃ ৭। মামণি ৰয়ছম গোস্বামীৰ চুটিগল্প “সংস্কৰণ”ৰ সমালোচনা আগবোঢ়োৱা ।
উত্তৰঃ মামণি ৰয়ছম গোস্বামীৰ “সংস্কাৰ” শিৰোনামৰ চুটিগল্পটি এটি সামাজিক চুটিগল্প। গল্পটিৰ মাজেৰে অসমীয়া সমাজৰ কিছুমান কলুষ-কালিমা, যেনে— পৰস্ত্ৰীৰ প্ৰতি লোভ, বেশ্যালি, অস্পৃশ্যতা, পিৰধনৰ প্ৰতি লিপ্সা আদি পকটভাৱে প্ৰকাশ পাইছে।
কাহিনীটোৰ নায়কজন হ’ল পীতাম্বৰ মহাজন। তেওঁৰ বয়স প্ৰায় ষাঠিৰ বছৰ। দুবাৰ বিবাহ কৰাইছিল যদিও তেওঁৰ ঔৰসত কোনো সন্তান-সন্তনি ন’হল। সেয়ে তেওঁৰ মনত দুখ আৰু অশান্তি। আৰ্থিক দিশত স্বচ্ছল যদিও সন্তান কামনাৰ চিন্তাত অকালতেই ভাগি পৰিছে। সেই গাঁৱৰে কৃষ্ণকান্ত নামৰ এজন পুৰোহিতে এদিনাখন তেওঁক লগ ধৰি নিঃসন্তান পিতাম্বৰক সামভু পুৰোহিত নামৰ এজন মানুহৰ বিধৱা পত্নী দময়ন্তীক বিয়া কৰাই বংশ ৰক্ষাৰ বাবে পৰামৰ্শ আগবঢ়ায়।
দময়ন্তী বিধৱা হ’লেও তাইৰ যৌৱন অটুট আছিল আৰু বিধৱাৰ ৰীতি-নীতি মানি নচলি বেশ্যাৰ দৰে পাপাসক্ত জীৱন-যাপন কৰিছিল। তাই গাঁৱৰ ডেকা ল’ৰাবোৰৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল। পীতাম্বৰে কৃষ্ণকান্ত পুৰোহিতৰ পৰামৰ্শ পাই দময়ন্তীৰ প্ৰতি আকৰ্ষিত হ’ল তাইক যিকোনো প্ৰকাৰে কৃষ্ণকান্তই মান্তি কৰাই তেওঁৰ লগত বিবাহত সোমাই দিব লাগে বুলি পীতাম্বৰে খাটনি ধৰিলে। কৃষ্ণকান্তয়ো এই সুযোগ গ্ৰহণ কৰি দময়ন্তীৰ সন্মতি কৰাবলৈ কিছু খৰচ হ’ব বুলি যুক্তি দৰ্শাই প্ৰথম দিনাই পীতাম্বৰৰ পৰা বিশ টকা লৈ গ’ল। কিছুদিন পিছত কৃষ্ণকান্ত পুৰোহিত আকৌ আহিল। দময়ন্তীৰ পুত্ৰক ঘোচ হিচাপে “গাজা” দিব লাগিব বুলি কৈ আকৌ পাঁচ কুৰিমান টকা লৈ গ’ল আৰু অহা পূৰ্ণিমাৰ ৰাতি তেওঁক দময়ন্তীৰ ঘৰত যাবলৈ কৈ গ’ল। যথা সময়ত পীতাম্বৰে দময়ন্তীৰ ঘৰলৈ গৈ দময়ন্তীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিলে। দময়ন্তী গৰ্ভৱতী হ’ল। পীতাম্বৰে কৃষ্ণকান্তৰ পৰা খবৰটো পাই আনন্দত অধীৰ হ’ল আৰু হোম পুৰি দময়ন্তীক বিয়া কৰাব বুলি সপোন দেখিলে। কিন্তু পাঁচমাহ পিছত কৃষ্ণকান্তই খবৰ লৈ আহিল যে দময়ন্তীয়ে গৰ্ভস্থ সন্তানটো নষ্ট কৰি পেলাইছে। কিয়নো দময়ন্তী সম্প্ৰদায়ৰ আৰু পীতাম্বৰ শূদিৰ সম্প্ৰদায়ৰ। গতিকে দময়ন্তীয়ে শূদিৰ সম্প্ৰদায়ৰ লগত বিয়াত নবহে আৰু সন্তানো ধাৰণ নকৰে। পীতাম্বৰ মহাজনৰ সপোন, সপোন হৈয়ে থাকিল। তেওঁ দুখ আৰু বেজাৰত ভাগি পৰিল।
এই কাহিনীটোৰ পৰা অসমীয়া সমাজ কিমান অধঃপাতে নামি গৈছে তাৰ এটি স্পষ্ট ছবি আমাৰ চকুৰ আগত প্ৰতীয়মান হৈছে। অসমীয়া সমাজৰ পৰা যে পৰম্পৰাগতভাৱে চলি অহা সামাজিক নীতি-নিয়মৰ স্খলন হৈছে গল্পটি তাৰেই জীৱন্ত সাক্ষী। কাহিনীটোত অসম্ভৱ যেন লগা কোনো অতিৰঞ্জিত বৰ্ণনা নাই। অসমীয়া সমাজৰ লোক-মানসৰ আঁৰত যে এনেকুৱা ঘটনা প্ৰায়েই ঘটি আছে তাক খোলা-খুলিভাৱে আমি স্বীকাৰ নকৰিলেও নুই কৰিব নোৱাৰো। গল্পটি তাৰেই স্বাক্ষৰ।
কাহিনীটোৰ বিন্যাসত গল্পকাৰে বিশেষ পাৰদৰ্শিতাৰ পৰিচয় দিব পাৰিছে। কাহিনীটোৱে এটা কোণৰ পৰা আৰম্ভ হৈ পাঠকৰ কৌতুহল অটুট ৰাখি শীৰ্ষবিন্দুৰ পৰা পৰিণতিলৈ গতি কৰিছে। কাহিনীটো কিছু পৰিমাণে যৌনগন্ধী। দময়ন্তীৰ যৌৱনৰ যি বৰ্ণনা লেখিকাই দাঙি ধৰিছে, সি যৌন আবেদনপূৰ্ণ।
গল্পটিত প্ৰধানকৈ তিনিটা চৰিত্ৰ আছে আৰু প্ৰত্যকটি চৰিত্ৰই একো একোটা বিশেষ দিশ ফুটাই তুলিছে। প্ৰথমতে গল্পটিৰ নায়ক পীতাম্বৰে বুঢ়া বয়সত পুত্ৰ সন্তানৰ কামনাৰে “দময়ন্তী” নামৰ বেশ্যাৰ প্ৰতি কামস্পৃহা জগাই তুলি অবৈধ বিহাৰ কৰিছে। দ্বিতীয় চৰিত্ৰ কৃষ্ণকান্ত পুৰোহিতে লোকৰ ধনৰ প্ৰতি লিপ্সা ভাৱ প্ৰকাশ কৰিছে। তেওঁ দময়ন্তীক লোভ দেখুৱাই পীতাম্বৰৰ পৰা টকা সৰকাইছে। তৃতীয় চৰিত্ৰ দময়ন্তীৰ দ্বাৰা সমাজৰ বিধৱা তিৰোতাই যে যৌৱনৰ তড়নাত বেশ্যাৰ দৰে অসামাজিক কুকৰ্ম কৰিবলৈয়ো কুণ্ঠাবোধ নকৰে সেই চিত্ৰ আনকি বামুণৰ ছোৱালীয়ে শূদ্ৰৰ লগত যে বিয়াত সোমোৱাটো নীচ আৰু অমৰ্যাদাৰ পৰিচায়ক সেই চিত্ৰও প্ৰতিফলিত কৰিছে।
লেখিকাই গল্পটিত উপযুক্ত পৰিৱেশ ফুটাই তোলাতো পাৰদৰ্শিতা দেখুৱাইছে। পীতাম্বৰৰ ঘৰৰ পৰিৱেশ, ওচৰত কেইজনমান ল’ৰাই বৰশী বাই মাছ মৰাৰ দৃশ্য, দময়ন্তীৰ ঘৰৰ বাঁহ জোপাৰ দৃশ্য আদি পৰিৱেশিক দিশসমূহ সফলতাৰে ফুটাই তুলি গল্পটিৰ কাহিনীভাগ সজীৱ ৰূপত পৰিৱেশন কৰাত সফল হৈছে।
গল্পটি বিশেষ আকৰ্ষণ হৈছে ইয়াৰ ভাষা। গল্পকাৰ মামণি ৰয়ছমৰ ভাষা সঁচা অসমীয়া গোন্ধেৰে আমোলমোলায়। তেওঁৰ ভাষাত কোনো কৃতিম জটিলতা নাই। তেওঁ যিমান পাৰে সিমান ভাষাটি জনসাধাৰণৰ ওচৰত চপাই নিবলৈ চেষ্টা কৰিছে। তেওঁৰ লিখনিত অসমীয়া সমাজত সততে মুখে মুখে চলি অহা ফকৰা- যোজনাৰ সংযোজন হোৱা দেখা যায়। যেনে–
(ক) কাৰ্যৰ বুজিবা ভাও, ছাগৰো পখালে পাও।
(খ) লণ্ডণো ৰাখিব খোজে, বিধি-বিধানো মানিব নোখোজে।
(গ) আছো বগৰী আছো চাই ক’ৰ পানী ক’ত যায়।
(ঘ) আহ লুকাবা বাঁহ লুকাবা গাল সোৰোপা ক’ত লুকাবা।
তেওঁৰ লিখনিত যথেষ্ট উপমা অলংকাৰৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। যেনে–
(ক) কটা জালি কামোৰাৰ বুকুৰ দৰে বৰণৰ।
(খ) নতুনকৈ গজা আমৰ পুলিৰ দৰে হাত ভৰি।
(গ) পিঠিখন পাভ মাছৰ দৰে কোমল।
(ঘ) কাটি খোৱা সফৰি আমৰ দৰে দগমগীয়া তাইৰ ওঁঠ ইত্যাদি।
গল্পটিৰ কিছুমান খণ্ডবাক্য আৰু বাক্য ঘৰুৱা পাচৰ। যেনে– “পাহুৱাল পুৰুষ”, “কুৰুকি কোৰুকি দৃষ্টি”, “হাত-ভৰি ফুলি ভিণ্ডাকাৰ”, “পৰুৱাই পোৱা মানুহৰ দৰে ব্যৱহাৰ” ইত্যাদি।
সামৰণিত ক’ব পাৰি গল্পটিৰ কাহিনী, সামাজিক চিত্ৰৰ ৰূপায়ন, পৰিৱেশন পদ্ধতি, যথোপযুক্ত কথোপকথনৰ সংযোজন, চৰিত্ৰৰ বাস্তৱমুখিতা আৰু ভাষাৰ ঘৰুৱা পাচৰ সাৱলীলতা আদি দিশৰ পৰা মামণি ৰয়ছম গোস্বামীৰ “সংস্কাৰ” নামৰ গল্পটি অসমীয়া ভাষাত এটি উৎকৃষ্ট সামাজিক গল্প, যি গল্পৰ প্ৰতিটো দিশেই অসমীয়া গোন্ধেৰে আমোলমোল।
প্ৰশ্নঃ ৮। মামণি ৰয়ছম গোস্বামীয়ে সাহিত্যত জীৱনৰ দ্বন্দ কেনেদৰে ফুটাই তুলিছে উল্লেখ কৰা ।
উত্তৰঃ মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত সমকালীন সমাজখনলৈ আৰু চেতনাৰ স্ৰোতবোৰলৈ দৃষ্টি দিয়া দেখা যায়। অনেক চেতনাৰ স্ৰোতক একাকাৰ কৰি কৰি তেওঁ সাহিত্য মন্থন কৰিছে। এনেদৰে নিজৰ সাহিত্যকৰ্মক উৎকৃষ্ট সাহিত্য কলালৈ পৰিণত কৰিবলৈ অহৰহ চেষ্টা কৰিছে। তেওঁৰ গল্প-উপন্যাসৰ প্ৰতিটো চৰিত্ৰই মনৰ ভিতৰত দ্বন্দ্ব, সমাজ পৰিৱৰ্তনৰ ধৰাত আহি পৰা সামাজিক চেতনাৰ দ্বন্দ্ব, অৱদমন আৰু কাৰুণ্যৰ মাজেৰে অহৰহ গতি কৰি থাকে আৰু সেইবোৰেই জীৱনৰ সত্য হৈ সাহিত্যত ধৰা দিয়ে।
মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিগত জীৱনো ধেমালি নহয় আৰু তেওঁ বহু সময়ত নিজেই কৈছে যে সাহিত্যই তেওঁৰ সৰ্বশেষ আশ্ৰয়। যেতিয়া তেওঁ সাহিত্যত আশ্ৰয় লৈছে, তেওঁ সাহিত্যক সকলোধৰণৰ সংকীৰ্ণতাৰ উৰ্ধবলৈ তুলি ধৰিছে। মামণি ৰয়ছম গোস্বামীৰ গদ্যশৈলীও অনন্য। কিন্তু বিশেষকৈ তেওঁ যেতিয়া উপন্যাস লিখে, তেতিয়া তেওঁ যেন নক্ষত্ৰৰ দৰেই উজলি উঠে। প্ৰায়েই আমাক তেওঁ মানৱতাৰ একোখন বধ্যভূমিৰ কথা কয় আৰু তাত প্ৰতিফলিত হোৱা জীৱনৰ দ্বন্দ্ববোৰত পোহৰ পেলায়। সেই বধ্যভূমিৰ ভাল-তৰোৱাল লৈ কৰা যুদ্ধক্ষেত্ৰ নহয়– প্ৰায়েই সমকালীন প্ৰেক্ষাৰ অথবা কেতিয়াবা গোষ্ঠীৰ সামূহিক সোঁৱৰণিৰ। অৱশ্যে’ তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা”ৰ দৰে উপন্যাস তেওঁ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষজনিত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নৰসংহাৰৰ পটভূমিত লিখি উলিয়াইছে। সাহিত্যিক সেই বধ্যভূমিলৈ আমাক যেতিয়া লৈ যায়, তেতিয়া শব্দবোৰ পঢুৱৈৰ বাবে সাহিত্যৰ সহজাত বিলাসী গঠন মাথোন হৈ নাথাকে– জীৱন সত্যৰ অতবোৰ চেতনাৰ স্ৰোতৰ অগিয়া-বগিত পাঠকে যেন তদ্ধৰণি হেৰুৱাই পেলায় আৰু পঠনৰ অভিজ্ঞতাবোৰো পাঠকৰ বাবে তেনেই সুখকৰ নহয়, কিয়নো সাহিত্যত জীৱন সত্যৰ সন্ধান পাবলৈ পাঠকে পাৰ হৈ যাব লাগিব অবিশ্লেষ্য ক্লেদৰ অলেখ নৰ্দমা, মানৱতাৰ ছাৰখাৰ হৈ পৰা কাইটিয়া জংঘলবোৰ, বাবুল গছৰ জোপোহাবোৰৰ আঁৰত ঘটোৱা ধৰ্ষণৰ কাহিনীবোৰ, বিবেকৰ চাবুক। এই মূহুৰ্ততে যদি পথ পোহৰেৰে উদ্ভাসিত হৈছে, পাছ মূহুৰ্ততে এন্ধৰে ঢাকি ধৰিছে আৰু কেতিয়াবা হৈ পৰিছে বীভৎস। অনুভূতিৰ অত্যাচাৰত জৰ্জৰিত হৈ পাঠকৰ ভাব হয় কথকে কাহিনী ইমানতে শেষ কৰক, কিন্তু কথকে যেন পাঠকক ৰেহাই দিবলৈ নাৰাজ। কাহিনীৰ বিৱৰণীত লেখকে গ্ৰহণ কৰা স্বাধীনতা আৰু সাহসে আমাক মুগ্ধ কৰে। মামণি ৰয়ছম গোস্বামীৰ উপন্যাসবোৰৰ কলেৱৰ বৰ বেছি দীঘলীয়া নহয়, কিন্তু চেপি-চেপি এনেদৰে মন্থন কৰা হৈছে যে এটা শব্দও বাদ দিব অথবা সম্পাদন কৰিব পৰা নাযায়।
বহু লোকেই নিজকে মানৱতাবাদী বুলি চিনাকি দিয়ে। বিভিন্ন সাক্ষাৎ প্ৰসংগত মামণি ৰয়ছম গোস্বামীয়েও নিজকে এগৰাকী মানৱতাবাদী বুলি কৈছে। কিন্তু এই বহুতৰ সৈতে মামণি ৰয়ছম গোস্বামীৰ এক গুণগত পাৰ্থক্য আছে। তেওঁৰ সাহিত্য পাঠ কৰিলে অনুভৱ কৰিব পাৰি যে তেওঁৰ মানৱতাবাদত বিভিন্ন ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক চেতনাৰ অধ্যয়নসমৃদ্ধ স্ৰোতা জাহ গৈছে, যিবোৰ বিশ্বজনীন। গতিকে তেওঁ যেতিয়া নিজকে মানৱতাবাদী বুলি কয় তেতিয়া তাত আন্তৰ্জাতিক অথবা বিশ্বজনীন সুৰ এটাৰ ধ্বনি গুনিবলৈ পোৱা যায়।
তেখেতৰ সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত উপন্যাস “মামৰে ধৰা তৰোৱাল”ত লেখকৰ শ্ৰেণী চেতনা আৰু শ্ৰেণী দ্বন্দ্বৰ অনুভৱ ইমান শক্তিশালীভাৱে ফুটি উঠিছে যে আচৰিত নহৈ নোৱাৰি। উপন্যাসখনত তেওঁ বৰ্ণনা কৰিছে সমাজৰ সেইসকল নিম্নবৰ্গৰ মানুহৰ কাহিনী, সামাজিক অৱস্থানৰ দিশেৰে চালে যিসকলৰ তলত আৰু কোনো সুকীয়া শ্ৰেণীয়ে অৱস্থান কৰে বুলি ভাবিব নোৱাৰি। এক বিফল শ্ৰেণীক আন্দোলনৰ পটভূমিত ৰচিত উপন্যাসখনৰ নাৰায়ণী, যশোৱন্ত, শিৱ ধাছলাৰ দৰে মানুহৰ মল-মূত্ৰ, লেতেৰা-নৰ্দমা, চাফা কৰি জীৱন নিৰ্বাহ কৰা চৰিত্ৰসমূহক তেওঁ অন্তৰৰ মমতাৰে আৰু গভীৰ অনুৰাগেৰে উচ্চ শিখৰলৈ তুলি ধৰিছে। তেওঁলোকেই উপন্যাসৰ মূল চৰিত্ৰ আৰু চালিকাশক্তি, কিন্তু সেইয়া জানো শেষ কথা! উপন্যাসখনৰ পাতে-পাতে চৰিত্ৰসমূহৰ অন্তর্দ্বন্দ্ব, শ্ৰেনিচেতনা আৰু বিভিন্ন স্তৰৰ শ্ৰেণীদ্বন্দ্বৰ যি মৰ্মন্তদ ৰূপ তেওঁ ফুটাই তুলিছে, সেয়া মাৰ্ক্সবাদী চেতনাৰ পদ্ধতিগত অধ্যয়নৰ অবিহনে কেৱল অন্তৰৰ আকূতিৰেই ফুটাই তোলাটো সম্ভৱ বুলি পতিয়ন যাব নোৱাৰি।
উপন্যাসখনৰ শ্ৰমিক আন্দোলনৰ দ্বন্দ্ববোৰ সাৰ্থক কৰি তুলিবলৈকেহে হয়তো শ্ৰেণী চেতনা আৰু শ্ৰেনিদ্বন্দ্বক প্ৰধান্য দিয়াটো তেখেতে উচিত বুলি বিবেচনা কৰিছিল। সেইবাবেই উপন্যাসৰ শেষত যশোৱন্তৰ হাতত লেখকে তুলি দিয়া চিকমিকাই থকা, ধৰাল তৰোৱালখন মাথোন সাহিত্যৰ আলংকাৰিক সমাপ্তি হৈ থকা নাই অসংখ্য দ্বন্দ্ব আৰু সংঘাতৰ ঘটনা-দুৰ্ঘটনাত মাজেৰে তেওঁ এই বলিষ্ঠ সিদ্ধান্তটি ল’বলৈ যশোৱন্তক সাহসী কৰিহে তুলিছে। “চেনাৱৰ স্ৰোত”, “অহীৰণ”ৰ দৰে উপন্যাসতো শ্ৰেণীচেতনা আৰু শ্ৰেণীদ্বন্দ্বৰ এনে কাৰিকৰী খুটি-নাটিবোৰত তেখেতে মনোনিৱেশ কৰিছে, কিন্তু সি আটাইতকৈ মূৰ্তিমান হৈ উঠিছে “মামৰে ধৰা তৰোৱাল”ত।
এই একেটা কাম কিন্তু তেওঁ আন এক সাৰ্থক সৃষ্টি “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”ত কৰা নাই। অথচ দক্ষিণ কামৰূপৰ মাটিৰে চহকী আঢ্যৱন্ত সত্ৰাধিকাৰৰ পৰিয়ালৰ সমাজখনৰ ক্ষয়িষ্ণু জীৱনৰ চিত্ৰায়ন কৰিবৰ বেলিকা বিশেষকৈ সেই সময়ৰ কমিউনিষ্টসকলে কৰা “নাঙল যাৰ মাটি তাৰ” আন্দোলনৰ প্ৰাসংগিকতা বাৰে বাৰে তুলি আনিলেও এইখন উপন্যাসত শ্ৰেণীচেতনা আৰু শ্ৰেণীদ্বন্দ্বক তেওঁ পাদপ্ৰদীপলৈ তুলি অনা নাই। কিয়নো ইয়াত তেওঁৰ প্ৰাথমিক উদ্দেশ্য কানিৰ গৰাহত পৰা সেইখন ক্ষয়িষ্ণু সমাজক অবিকল ৰূপত উপস্থাপন কৰি এক অতুলনীয় সাহিত্যকৃতি ৰচনা কৰাহে।
এনেধৰণৰ আলোচনাৰ দ্বাৰা আমি জানিব পাৰো মে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসসমূহত মানৱ জীৱনৰ অফুৰন্ত সম্ভাবনাৰ কথা উল্লেখ কৰা হৈছে। যি আমি জীৱনৰ বাবে গ্ৰহণ কৰা ৰাজনৈতিক, সামাজিক অথবা সাংস্কৃতিক চেতনাবোৰৰো উৰ্ধবত– যাৰ বিশালতাৰ শেষ নাই। সেই সম্ভাৱনাৰ পৰা খেদি ফুৰাটোৱেই সাহিত্যকৰ্মীৰ কৰ্তব্য হোৱা উচিত।
প্ৰশ্নঃ ৯। মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত নাৰী চৰিত্ৰৰ ধাৰণা সম্পৰ্কে আলোচনা আগবঢ়োৱা ।
উত্তৰঃ মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত নাৰীৰ চৰিত্ৰবোৰৰ অন্তৰ্দহন, অৱদমন, নীৰৱতা আৰু প্ৰতিবাদবোৰৰ কথন অবিহনে তেওঁৰ সাহিত্যৰ আলোচনা কৰিলে আধৰুৱা হৈ ৰ’ব। মামণি ৰয়ছম গোস্বামীৰ সাহিত্যৰ নাৰীবাদ মায়া এংগলুৰ দৰে বিংশ শতাব্দীৰ যশস্বী আমেৰিকান সাহিত্যিকৰ সাহিত্যত ধৰা দিয়া নাৰীবাদৰ দৰেই সমুজ্জ্বল। মায়া এংগলুৱে তেওঁৰ কেইবা খণ্ডজোৰা আত্মজীৱনীৰ “I know why the caged Bird sings” শীৰ্ষক প্ৰথম খণ্ডটিত শৈশৱতেই দ্বিতীয় মাতৃক প্ৰেমিকৰ দ্বাৰা ধৰ্ষণৰ সন্মুখীন হোৱাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। এনে দুৰ্ভাগ্য মামণি ৰয়ছম গোস্বামীৰ ক্ষেত্ৰত হোৱা নাছিল। তেওঁ উচ্চ বংশজাত আৰু উচ্চশিক্ষিত পৰিয়ালৰ আদৰৰ দুহিতা। প্ৰজাতীয় বৈষ্যমৰো তেওঁ সন্মুখীন হোৱা নাই। বিবাহৰ পৰবৰ্তী সময়ত স্বামিয়েও তেওঁৰ লেখক সত্তাক সন্মান কৰাৰ বিষয়ে তেখেতে নিজেই বাৰে বাৰে স্বীকাৰ কৰিছে। কিন্তু পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত এগৰাকী নাৰীয়ে প্ৰতিটো খোজত সন্মুখীন হোৱা বৈষম্য, অৱদমন, যন্ত্ৰণাবোৰ মনৰ চকুৰে তেওঁ কিদৰে উপলব্ধি কৰিলে, তাক বুজিবলৈ হ’লে তেওঁৰ উপন্যাসৰ নাৰি চৰিত্ৰবোৰলৈ দৃষ্টি নিক্ষেপ কৰিলেই যথেষ্ট। “আধালেখা দস্তাবেজ”ত দেখা যায় বৃন্দাবনত মৰিবলৈ বুলি এৰি থৈ অহা বিধবাবোৰৰ দুৰ্দশা। অন্ধকাৰ কুঠৰীত কীট-পতংগৰ দৰে জীয়াই থাকিবলগীয়া হোৱা বিধবাৰ জীৱনে তেওঁৰ চকুৰ টোপনি হৰি নিলে। কিন্তু সি মাথোন আৰম্ভণিহে আছিল। পৰৱৰ্তী সময়ত পিতৃতান্ত্ৰিক সমাজৰ আৱৰ্তত বাস কৰা নাৰীবোৰৰ অৱদমনৰ দিশটোৰ প্ৰতি লেখকে আৰু বেছি সজাগ হৈ পৰিল আৰু ক্ৰমে সি তীক্ষ্ণ হৈ উঠিল। অকাল বৈধব্যৰ যন্ত্ৰণাৰ পাছতো তেওঁ নিজকে তিল তিলকৈ গঢ়ি তুলিছে। এই যাত্ৰা কপালত ৰঙীন সেন্দুৰৰ ফোঁটটিৰে বাহিৰৰ পৰা দেখা পোৱা মানুহগৰাকীৰ দৰে দগমগীয়া আৰু মসৃণ নাছিল। তাক বুজিবলৈ হ’লে নাৰায়ণী, গিৰিবালা, দুৰ্গা, ইলিমন, সৰু গোসাঁনীৰ দৰে চৰিত্ৰবোৰৰ মাজলৈ সোমাব পাৰিব লাগিব। তেওঁৰ উপন্যাসৰ এই চৰিত্ৰবোৰ অতি ব্যতিক্ৰমী, অসমীয়া সাহিত্যৰ এক বিৰল প্ৰয়াস বুলি ক’ব পাৰি, তেজ আৰু মঙহৰ স’তে সিহঁতৰ শৰীৰ আৰু অনুভূতিবোৰ একাকাৰ হৈ গৈছে। অসমীয়া সাহিত্যত নাৰী চৰিত্ৰৰ এনে চিত্ৰণ বিৰল বুলি ক’ব পাৰি। প্ৰচলিত সমাজ ব্যৱস্থাই সিহঁতক তিলতিলকৈ ধ্বংস কৰিব বিচাৰে, কিন্তু সিহঁতে বিচাৰে অলপ সন্মান, আদৰ, এষাৰ মৰমৰ মাত, আত্মিয়ৰ পৰিচৰ্যা, বৈধব্যৰ পৰা মুক্তি। দুখ, অপমান আৰু হাহাকাৰবোৰে দহি নিয়া জীৱন, কিন্তু দেখা যায় দুৰ্গাৰ বাহিৰে আনবোৰ চৰিত্ৰই সন্মুখৰ জীৱনলৈ চাই অহৰহ সংগ্ৰাম কৰিবই লাগিছে।
প্ৰচণ্ড সাহসী সৰু গোসাঁনী বিধৱা কিন্তু স্বাধীনচিতীয়াকৈ থাকে, পুৰুষ সত্ৰাধিকাৰসকলৰ দৰেই শিচ ফুৰে। এগৰাকী পুৰুষৰ প্ৰতি তেওঁৰ মন ঢাল খায়, অন্তৰে হাহাকাৰ কৰে। বৰ সাহসেৰেই মামণি ৰয়ছম গোস্বামীয়ে উপন্যাসত এই কথা কৈছে। কিন্তু অন্তৰৰ সৰল বিশ্বাসৰ বিপৰীতে সেই পুৰুষৰ পৰা তেওঁ পালে মাথোন প্ৰতাৰণা। দুৰ্গাৰ দৰে দুৰ্বল চৰিত্ৰৰ চিত্ৰায়নে মামণি ৰয়ছম গোস্বামীৰ গল্প-উপন্যাসৰ সাহসী নাৰী চৰিত্ৰৰবোৰৰ অন্তৰ্দ্বন্দ্ব বুজিবলৈ আমাক সহায় কৰে। “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”ত বিধৱা নাৰীৰ ওপৰত সমাজে আৰোপ কৰা বাধা-নিষেধৰ বিৰুদ্ধে গিৰিবালৰ যি ভয়ংকৰ প্ৰতিবাদ, সি পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে এপাত তীক্ষ্ণ শেল। প্ৰচলিত সমাজ ব্যৱস্থাৰ সন্মুখত গিৰিবালাই মূৰ নোদোঁৱালে, সেয়া কৰুণ সত্যৰূপেহে উপন্যাসত প্ৰতিষ্ঠিত হৈছে। প্ৰত্যাশিতভাৱেই সেই প্ৰতিবাদে ইন্দ্ৰজিতক ভয়ংকৰ বিবেক দংশনৰ মাজলৈ ঠেলি দিয়াৰ বাহিৰে উপন্যাসৰ কাহিনী-কথনত বিশেষ ৰেখাপাত কৰিব পৰা নাই। পটভূমিৰ সীমাবদ্ধতাই চৰিত্ৰবোৰক সময়ৰ বাহিৰলৈ ওলাই আনিবৰ সুয়োগ দিয়া নাই, লেখকেও তাক ওচৰৰ পৰা আৰোপ কৰিবলৈ চেষ্টা কৰা নাই। পৰৱৰ্তী সময়ত যশস্বী চলচিত্ৰ নিৰ্মাতা সান্তনা বৰদলৈয়ে এই উপন্যাসৰ ভিক্তিত “অদাহ্য” নামৰ চলচিত্ৰ নিৰ্মাণ কৰি গিৰিবালাৰ সেই প্ৰতিবাদত অনন্য মাত্ৰা দিলে। নাৰায়ণীৰ দৰে নিম্নবৰ্গৰ নাৰীৰ দৰেই উচ্চবৰ্গ ব্ৰাহ্মণ সমাজৰ নাৰী জীৱনৰ ভয়ংকৰ দুৰ্দশাবোৰৰ বিৱৰণী দিয়াৰ বিলিকাও তেওঁ সমানেই দক্ষ। বৰ সুন্দৰকৈ তেওঁ দেখুৱাইছে যে, আমৰঙা সত্ৰৰ প্ৰতিষ্ঠিত সত্ৰাধিকাৰৰ চাৰিবোৰৰ আঁৰত থকা নাৰীৰ জীৱন অথবা বৃন্দাবনত পৰিয়ালে এটি থৈ যোৱা বিধবাবোৰৰ জীৱনৰ তুলনাত নাৰায়ণীৰ জীৱন অধিক প্ৰত্যাহ্বানৰ হ’লেও, কিছু পৰিমাণে তাই মুক্ত আৰু স্বাধীন। সাহিত্য অনুৰাগীৰ বাবে ভাল লগা কথাটো হৈছে যে, সমাজৰ তত্ত্ব বা সাহিত্যৰ তত্ত্বৰ সংশ্লেষণৰ মাজেৰে এই জীৱন সত্য সাহিত্যত উদ্ভাসিত হোৱা নাই, সি জীৱনৰ স্বাভাৱিক ছন্দৰ মাজেৰেই আহিছে। কিন্তু লেখকৰ প্ৰজ্ঞা আৰু অন্তৰ্দৃষ্টিৰ গভীৰতা অনুমান কৰিবলৈ লেখকৰ প্ৰতিষ্ঠা কৰা দ্বন্দ্ববোৰেই যথেষ্ট। এই ক্ষেত্ৰত চৰিত্ৰ এটি নিৰ্বাচন কৰাৰ বেলিকা তেওঁক বিচক্ষণতাৰ বিচাৰ কৰিবলৈ লাগিব। এইখিনিতে এটা কথা কোৱা উচিত যে, পুৰুষতান্ত্ৰিক সমাজত বাস কৰা নাৰী চৰিত্ৰবোৰৰ অন্তৰ্দ্বন্দ্বৰ দৰেই পুৰুষ চৰিত্ৰবোৰৰ ভিতৰৰ দ্বন্দ্বৰ প্ৰকাশতো তেখেতে অসামান্য পাৰদৰ্শিতা দেখুৱাইছে আৰু বিৱৰণীৰ ব্যতিক্ৰমী কথনশৈলীৰে সেই দ্বন্দ্বক আগুৱাই নিছে। হর্ণ্ডল চাহাব, যশোৱন্ত, আজিজ মিঞাৰ দৰে পুৰুষ চৰিত্ৰৰ চিত্ৰণো নাৰী চৰিত্ৰবোৰৰ দৰেই তেখেতে অনন্য চিত্ৰকল্পৰ সহায়েৰে প্ৰতিষ্ঠা কৰিছে সামগ্ৰিকভাৱে, সাহিত্যত তেখেতে মানৱ জীৱনৰ বহুবৰ্ণী ৰামধেনুৰ ৰংকেইটা ওৰেটো জীৱন বিচাৰি ফুৰীলে। কিন্তু এটা সহজ-সৰল জীৱনৰ কথা তেওঁ ক’ব নোৱাৰে বাবেই কিছুমান কৰ্কশ আৰু কঠুৱা জীৱনৰ গাঁথা সাহিত্যলৈ তুলি আনিবলৈ প্ৰস্তুতি চলোৱাৰ সময়ত বিৱৰণী শোকেৰে মথিন হৈ পৰে, অথচ আমি চৰিত্ৰবোৰৰ চকুৰ পৰা পবিত্ৰ পানীৰ নিজৰাবোৰ নামি অহা দেখা নাপাওঁ, কিয়নো কামিহাড়ৰ ভিতৰৰ কৰ্কশ অৱাজবোৰে চকুৰ নিজৰাবোৰ যেন ঢাকি ৰাখে।
মামণি ৰয়ছম গোস্বামীৰ নাৰী চৰিত্ৰবোৰেই বহু সময়ত সাহিত্যৰ চালিকাশক্তি হৈ পৰিছে। এই ক্ষেত্ৰত নাৰী নদীৰ সমাৰ্থক। তেওঁ আঘাত পায়, চকুলো টুকে। কিন্তু সকলো বাধা-বিঘিনি, ব্যক্তি আৰু সমাজৰ আঘাত সহ্য কৰিও নিৰবধি বৈ যায়। যাৰ বাবেই নদীৰ দৰেই নাৰী এক আশ্বৰ্যকৰ উপলব্ধি।
প্ৰশ্নঃ ১০। মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত জীৱনৰ অভিজ্ঞতা কেনেদৰে ফুটি উঠিছে উল্লেখ কৰা ।
উত্তৰঃ মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত তেখেতৰ জীৱনৰ প্ৰভাৱ স্পষ্ট। এই কথা তেখেতে নিজৰ আত্মজীৱনী “আধালেখা দস্তাবেজ” আৰু অন্যান্য প্ৰসংগতো একাধিকবাৰ উল্লেখ কৰিছে।
“I try to write from the direct
experiences of my life. I only
mould these experiences with my
imagination.”
মুখ্যতঃ ঔপন্যাসিকা হিচাপেহে বেছিকৈ জনপ্ৰিয় এইগৰাকী প্ৰতিভাবান লেখিকাই মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো অনেক নান্দনিক আৰু গৱেষণামূলক দৃষ্টিৰে সাহিত্যৰ লগতে শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰতো অৰিহণা আগবঢ়াই গৈছে।
তেখেতৰ সাহিত্যকৰ্মসমূহে সাধাৰণ মানুহৰ বাস্তৱ জীৱনৰ কঠোৰ সত্য প্ৰতীয়মান কৰিলেও তেখেতৰ প্ৰকাশভংগী অত্যন্ত সংবেদনশীল। ২০০৮ চনত প্ৰিন্সিপল প্ৰিন্স ক্ল’ছ সন্মান গ্ৰহণ কৰিবলৈ যাওঁতে আমষ্টাডামৰ “দা পাৱাৰ অব আৰ্ট” পত্ৰিকাত দিয়া এক সাক্ষাৎকাৰত মামণি ৰয়ছমে কৈছিল, “যিহেতু বিষয়বস্তু ৰূক্ষ, কাব্যিক ভাষা প্ৰয়োগ কৰিবলৈ লাগিব। মাকে সন্তানক দিয়াৰ দৰেই ইয়াক ৰক্ষণাবেক্ষণ দিব লাগিব। মোৰ গল্প হৈছে কঠোৰ বাস্তৱক লৈ লিখা, কিন্তু মই ইয়াক সাহিত্যলৈ ৰূপান্তৰিত কৰি পেলাওঁ, অন্যথা ই এখন প্ৰচাৰ পত্ৰিকাহে হ’বগৈ। তাৰ বাবে নিজে শিল্পী হ’ব লাগিব, এজন মহান শিল্পী, অন্যথা জনতাই ইয়াক নপঢ়িব।”
২০০৮ চনত “প্ৰিন্সিপল প্ৰিন্স ক্ল’ছ সন্মান”ৰ বাবে মামণি ৰয়ছমক নিৰ্বাচিত কৰা জুৰীসকলৰ মতে, “সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতা জীৱন্তভাৱে সাহিত্যত ফুটাই উঠাব পৰা মামণি ৰয়ছম এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন লেখিকা। চিত্ৰকল্প বৰ্ণনাৰে তেখেত মানুহৰ কাৰ্য-কলাপত নস্বৰতাৰ প্ৰাধান্য, কেনেকৈ ৰাজনৈতিক, ধাৰ্মিক আৰু সাংস্কৃতিক প্ৰথাসমূহত নস্বৰতা প্ৰতিফলিত হয় আৰু কেনেকৈ জীৱনধাৰা, শাৰীৰিক অস্তিত্ব, বয়স, দাৰিদ্য আৰু সংঘাতৰ ই প্ৰভাৱ বিস্তাৰ কৰে তাকে স্পষ্টভাৱে পৰিস্ফুট কৰে”। মামণি ৰয়ছমক সামাজিক সাংস্কৃতিত শাৰীৰিক অস্তিত্বৰ প্ৰভাৱ অনুধাৱন, প্ৰকাশ আৰু অনন্য সাহিত্যৰ জৰিয়তে তেখেতৰ প্ৰভাৱশালী সামাজিক তথা সাংস্কৃতিক কৰ্মৰ বাবে উক্ত সন্মান প্ৰদান কৰা হৈছে।
প্ৰশ্নঃ ১১। “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা” উপন্যাসখনৰ বিষয়বস্তু সম্পৰ্কে উল্লেখ কৰা।
উত্তৰঃ “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা” হৈছে মামণি ৰয়ছম গোস্বামীৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনৰ বাবে তেওঁ ১৯৮৮ চনত “অসম সাহিত্য সভা”ৰ বঁটা লাভ কৰিছিল।
উপন্যাসখনৰ কাহিনীভাগ হ’ল কুৰি শতিকাৰ মধ্যভাগ। ভাৰত স্বাধীন হোৱাৰ সময়তে লিখা উপন্যাসখনত সৰুতে কামৰূপৰ এখন বৈষ্ণৱী সত্ৰত থাকি ডাঙৰ-দীঘল হোৱা উচ্চ বংশজাত লেখিকাই নিজৰ সৰু কালৰ অভিজ্ঞতাৰ স্মৃতিৰ পৰা নতুন যুগৰ আৰম্ভণিত পুৰণি গোড়ামিৰ খহিবলৈ আৰম্ভ কৰা ভেঁতিটোৰ পৰিৱেশত এগৰাকী উচ্ছবংশৰ “গোসাঁনী” বাল্য বিধৱাৰ আৱেগ আৰু অৱদমনিত বাসনা, ধীৰে ধীৰে সোমাই অহা সাম্যবাদৰ প্ৰভাৱে আৰু ভূমি নীতিৰ সংশোধনে ভাঙিবলৈ আৰম্ভ কৰা জমিদাৰী প্ৰথাৰ ক্ষমতাৰ পুৰণি তন্ত্ৰ আদিৰ চিত্ৰ এখন অংকন কৰিছে। সমাজ উর্ধ্বলৈ চেষ্টা কৰা গীৰিবালা নামৰ বিধৱাগৰাকীৰ পদে পদে সন্মুখীন হোৱা পৰিস্থিতিৰ কথা ঔপন্যাসিকে প্ৰকাশ কৰিছে। সমাজক প্ৰত্যাহ্বান জনাই গিৰিবালাই অৱশেষত আত্মহত্যা কৰে।
সংস্কাৰাচ্ছন্ন মানুহৰ হাতত পৰি লুণ্ঠিত হোৱা মানৱতাৰ কৰুণ ৰূপ প্ৰতিফলিত হৈছে। মানুহ আৰু মানৱীয় চেতনাতকৈ সমাজৰ ৰীতিক অধিক মূল্যৱান হিচাপে মূল্যৱান কৰি কেনেকৈ অন্ধকাক নিয়ন্ত্ৰণ জনোৱা হয় তাৰ প্ৰতিচ্ছবি উপন্যাসখনত স্পষ্টকৈ প্ৰকাশ পাইছে। ব্ৰাক্ষ্মণ বিধৱাৰ সকৰুণ জিবনবৃত্ত ইয়াত প্ৰকাশ পাইছে। ভাৰতৰ স্বাধীনতা আন্দোলন সম্পৰ্কীয় দুই এটি প্ৰসংগ ইয়াত উত্থাপন কৰা হৈছে। উপন্যাসখনত বৈজ্ঞানিক ভিত্তিহীন বিশ্বাস আৰু পৰম্পৰাৰ বিৰুদ্ধে এক সবল অন্তঃসলিলা ফল্গৰ দৰে নিহিত হৈ আছে। উপন্যাসখনৰ বাবে লাভ কৰা “জ্ঞানপীঠ বঁটা” স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ “দুৰ্গা” নামৰ বাল্য বিধৱাগৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধৱাৰ হতাশাৰ বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকাহ’লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন।
“দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা” উপন্যাসখন “The Moth Eaten Howdah of the Tusker” নামেৰে ইংৰাজীলৈও অনুবাদ কৰা হৈছে। মামণি ৰয়ছম গোস্বামীয়ে নিজেই ইংৰাজীলৈও উপন্যাসখনৰ অনুবাদ কৰিছিল। কিতাপখনৰ পাতনিত তেখেতে লিখিছে, “….. লিখকে নিজে অনুবাদ নকৰি অন্য ব্যক্তিয়ে কৰিবলৈ কঠিন হ’লহেঁতেন। অসমীয়া ভাষাৰ কামৰূপী ঠাচ বুজি পোৱা মানুহ খুব কমেইহে ওলাব। তদুপৰি ভাষাটোৰ কিছুমান শব্দৰ প্ৰচলনো আজিকালি নাইকিয়া হ’ল”।
প্ৰশ্নঃ ১২। “শান্তিদূত” হিচাপে মামণি ৰয়ছম গোস্বামীয়ে কেনেদৰে কাম কৰিছিল উল্লেখ কৰা।
উত্তৰঃ “শান্তিদূত” হিচাপে মামণি ৰয়ছম গোস্বামীয়ে কৰা কামৰ উল্লেখ হ’ল– ২০০৪ চনত তেখেতে অসমৰ স্বাধীনতাকামী সংগঠন “সংযুক্ত মুক্তি বাহিনী” অসমক (ULFA) হিংসা পৰিত্যাগ কৰিবলৈ আহ্বান জনাই সংগঠনটোৰ নেতৃবৃন্দ আৰু চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হোৱাত সহায় কৰাৰ প্ৰয়াস কৰিছিল। সেই প্ৰয়াসলৈ সঁহাৰি জনাই সংগঠনটোৱে অসমৰ বিশিষ্ট নাগৰিক আৰু প্ৰচাৰ মাধ্যমৰ প্ৰতিনিধিক লৈ People’s Consultative Group (PCG) গঠন কৰে। PCG ৰ মাধ্যমেৰে সংগঠনটোৰ চৰকাৰৰ লগত তিনিলানী আলোচনা অনুষ্ঠিত হৈছিল। ইয়াৰে এবাৰত প্ৰধানমন্ত্ৰী ড°মনমোহন সিঙেও ভাগ লৈছিল। প্ৰধানমন্ত্ৰীয়ে ড° গোস্বামীৰ জৰিয়তে সংগঠনটোৰ সকলো মূখ্য দাবীৰ বিষয়ে আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰি সংগঠনটোলৈ চিঠি লিখিছিল। অৱশ্যে ইয়াত মূখ্য দাবী “সৰ্বভৌম অসম”ৰ বিষয়ে উল্লেখ নাছিল।
প্ৰশ্নঃ ১৩। মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ বিষয়বস্তু সম্পৰ্কে উল্লেখ কৰা।
উত্তৰঃ বিভিন্ন সামাজিক স্থিতি, বিভিন্ন পেছা, ধৰ্ম, সম্প্ৰদায়ৰ ব্যক্তিৰ সমদল সৃষ্টি হৈছে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত। উচ্চ শিক্ষিত সমাজৰ তাত্ত্বিক চিন্তাকো উপন্যাসৰ বিষয়বস্তু কৰি তোলা হৈছে। প্ৰতিখন উপন্যাসেই জীয়া ঘটনাৰ ওপৰত আধাৰিত। মামণি ৰয়ছম গোস্বামী একমাত্ৰ অসমীয়া ঔপন্যাসিকা যাৰ উপন্যাসত ভাৰতবৰ্ষ তথা পৃথিৱীৰ বহু প্ৰান্তৰ প্ৰেক্ষাপট হিচাপে ব্যৱহৃত হৈছে। কাশ্মীৰ, দিল্লী, মধ্যপ্ৰদেশ, উত্তৰ-প্ৰদেশ, নেপাল, মৰিছাছ, মালয়েছিয়া, চিংগাপুৰ, কুঁৱালামপুৰ, হংকং, ফ্ৰান্স, পেৰিচ আদি ঠাইৰ পটভূমিত তেওঁ উপন্যাস ৰচনা কৰিছে। গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ড° গোস্বামীৰ ৰচনাৰ ভিতৰত “অহিৰণ”, “চেনাবৰ স্ৰোত”, “নীলকণ্ঠী ব্ৰজ”, “মামৰে ধৰা তৰোৱাল”, “তেজ আৰু ধূলিৰ ধূসৰিত পৃষ্ঠা”, “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”, “আধালেখা দস্তাবেজ”, “সংস্কাৰ”, “উদয়ভানুৰ চৰিত্ৰ” আদি উল্লেখযোগ্য উপন্যাস। ভিন্ন ভিন্ন পটভূমি লৈ লিখা এই উপন্যাসসমূহত মামণি ৰয়ছমে মুখ্যতঃ নাৰীৰ ক্ষেত্ৰত সামাজিক সংস্কাৰৰ অসাৰতা আৰু বৈষম্য চিত্ৰায়িত কৰা দেখা যায়। “নীলকণ্ঠী ব্ৰজ”, “সংস্কাৰ” আদি উপন্যাস তেখেতে নাৰীক মুখ্য কৰি লিখিছে। মামণি ৰয়ছমৰ সাহিত্য কৰ্মৰাজিৰ বিষয়ে লেখক মহৰ্ষি লালে এইদৰে কয়, “ইন্দিৰা গোস্বামীৰ বিচিত্ৰ আৰু পৰিপুষ্ট সকলো ৰচনাকে এডাল সূতাই বান্ধি ৰাখিছে– ই হ’ল নাৰীৰ প্ৰতি তেখেতৰ সংবেদনশীলতা ……” কাহিনীৰ জটিলতা তথা সূক্ষ্ম বৰ্ণনাৰ মাজতো প্ৰতিভাবান কেখিকাই ভাৰতীয় নাৰীৰ স্বাধীনতাৰ পথত প্ৰত্যাহ্বানসমূহ দ্যর্থতাৰ অৱকাশ নৰখাকৈ ফুটাই তুলিছে।