Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া Question Answer can be of great value to excel in the examination.
Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া
Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া Notes cover all the exercise questions in UGC Syllabus. Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
ভবেন্দ্ৰনাথ শইকীয়া
ASSAMESE
(বিশেষ লেখক)
অতি চমু প্রশ্নোত্তৰঃ
১। ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ নগাঁও জিলাৰ ফৌজাদাৰী পট্টিত ।
২। কোন চনত ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিল?
উত্তৰঃ ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত।
৩। ভবেন্দ্ৰনাথ শইকীয়াৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ বিদূৰ শইকীয়া।
৪। ভবেন্দ্ৰনাথ শইকীয়াৰ কিমান চনত বিবাহ হৈছিল?
উত্তৰঃ ১৯৫৫ চনত।
৫। লণ্ডন বিশ্বিদ্যালয়ত ভবেন্দ্ৰনাথ শইকীয়াই কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল?
উত্তৰঃ পদাৰ্থ বিজ্ঞান বিষয়ত।
৬। কোন চনত ভবেন্দ্ৰনাথ শইকীয়াই পদ্মশ্ৰী বঁটা লাভ কৰিছিল ?
উত্তৰঃ ২০০১ চনত।
৭। ভবেন্দ্ৰনাথ শইকীয়াই মুঠ কেইখন অসমীয়া চলচিত্ৰ পৰিচালনা কৰিছিল?
উত্তৰঃ আঠখন।
৮। ভবেন্দ্ৰনাথ শইকীয়াই কাতিয়াৰ পৰা সাহিত্য ৰচনাত মনোনিৱেশ কৰিছিল?
উত্তৰঃ স্কুলীয়া জীৱনৰ পৰাই।
৯। ভবেন্দ্ৰনাথ শইকীয়াই কেইখন চলচিত্ৰৰ কাৰণে ৰজত কমল বঁটা লাভ কৰিছিল?
উত্তৰঃ সাতখন।
১০। ভূপেন্দ্ৰনাথ শইকীয়াৰ মাতৃৰ নাম কি আছিল?
উত্তৰঃ চম্পাৱালা শইকীয়া।
১১। ভবেন্দ্ৰনাথ শইকীয়াই কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ ১৯৭৬ চনত।
১২। ভবেন্দ্ৰনাথ শইকীয়াই ১৯৯০ চনত কি বঁটা লাভ কৰিছিল?
উত্তৰঃ অসম উপত্যকা বঁটা।
১৩। ভবেন্দ্ৰনাথ শইকীয়াই কিমান চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল?
উত্তৰঃ ১৯৪৮ চনত।
১৪। শিক্ষা সাং কৰি ভবেন্দ্ৰনাথ শইকীয়াই কোন কলেজত অধ্যাপনা কৰিছিল?
উত্তৰঃ শিৱসাগৰ কলেজত।
১৫। ভবেন্দ্ৰনাথ শইকীয়াই হাস্য-ব্যংগাত্মক ৰচনাসমূহৰ ক’ত সন্নিৱিষ্ট কৰিছিল?
উত্তৰঃ কল্পলোকৰ কাহিনীত।
১৬। ক’ত থকা পুথিভঁৰালটো ভবেন্দ্ৰনাথ শইকীয়াৰ নামেৰে নামকৰণ কৰা হৈছে?
উত্তৰঃ গুৱাহাটীস্থিত কলাখাত্রত থকা পুথিভঁৰালটো।
১৭। ভবেন্দ্ৰনাথ শইকীয়াৰ কেইকৰাকী কন্যা সন্তান আছিল?
উত্তৰঃ দুগৰাকী।
১৮। ভবেন্দ্ৰনাথ শইকীয়াৰ পত্নীৰ নাম কি আছিল?
উত্তৰঃ প্ৰীতি শইকীয়া।
১৯। ভবেন্দ্ৰনাথ শইকীয়াই কোনখন কলেজৰ পৰা ডিপ্লমা লাভ কৰে?
উত্তৰঃ “ইম্পেৰি়য়েল কলেজ অৱ চায়েন্স টেকন’লজীৰ”ৰ পৰা।
২০। কি কাৰণে তেওঁ বিদেশলৈ যাত্ৰা কৰিছিল?
উত্তৰঃ উচ্চ শিক্ষাৰ বাবে।
২১। কোনখন চুটিগল্পৰ বাবে ভবেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰে?
উত্তৰঃ “শৃংখল”।
২২। শিৱসাগৰ কলেজত তেওঁ কি বিষয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছিল?
উত্তৰ পদাৰ্থ বিজ্ঞান।
২৩। ভ্ৰাম্যমান থিয়েটাৰৰ বাবে ভবেন্দ্ৰনাথ শইকীয়াই ২০০১ চনলৈ কেইখন নাটক ৰচনা কৰিছিল?
উত্তৰঃ ২৬ খন নাটক।
২৪। ভবেন্দ্ৰনাথ শইকীয়াৰ সামাজিক উপন্যাস দুখন কি কি?
উত্তৰঃ “অন্তৰী” আৰু “ৰম্যভূমি”।
২৫। কোনখন গল্পৰ জৰিয়তে ভবেন্দ্ৰনাথ শইকীয়াই সাহিত্যিক জগতত প্ৰৱেশ কৰিছিল?
উত্তৰঃ “পথ-নিৰূপণ”।
২৬। সদানন্দ পাঠক পদ্মনাম ব্যৱহাৰ কৰি ভবেন্দ্ৰনাথ শইকীয়াই সৰ্বমুঠ কেইটা লিখনী লিখিছিল?
উত্তৰঃ ৬ টা।
২৭। “সঞ্চয়” পদ্মনাম ব্যবহাৰ কৰি ভবেন্দ্ৰনাথ শইকীয়াই সৰ্বমুঠ কেইটা গল্প লিখিছিল?
উত্তৰঃ ৩ টা।
২৮। ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ কিমান চনত মৃত্যু হৈছিল?
উত্তৰঃ ২০০৩ চনৰ ১০ আগষ্টত।
২৯। শইকীয়াদেৱেৰ “সন্ধ্যাৰাগ” চলচিত্ৰখনে কোন চনত মুক্তি লাভ কৰিছিল?
উত্তৰঃ ১৯৭৭ চনত।
৩০। শইকীয়াদেৱৰ কেইটামান ছদ্মনাম লিখা।
উত্তৰঃ শইকীয়াদেৱেৰ কেইটামান ছদ্মনাম হ’ল—
(ক) প্ৰহৰী।
(খ)সদানন্দ পাঠক।
(গ) সত্যপ্ৰিয় পাঠক।
(ঘ) সঞ্চয়।
৩১। শইকীয়াদেৱে কোনখন পষেকীয়া আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল?
উত্তৰঃ “প্ৰান্তিক”।
৩২। শইকীয়াদেৱ কোনকন শিশু আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল?
উত্তৰঃ “সফুঁৰা”।
৩৩। “মৰমৰ দেউতা” উপন্যাসৰ ৰচক কোন?
উত্তৰঃ ভবেন্দ্ৰনাথ শইকীয়া।
৩৪। ড° ভবেন্দ্ৰনাথ শইকীয়াই কোনখন চলচিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্য লিপিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰঃ ১৯৮৫ চনত “অগ্নিস্নান” চলচিত্ৰখনৰ বাবে।
৩৫। ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পসংকলন “প্রহৰী”ত কোনটো ছদ্মনাম সন্নিৱিষ্ট হৈ আছে?
উত্তৰঃ সত্যপ্ৰিয় পাঠক।
চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ
প্ৰশ্নঃ ১। ড° ভূপেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ড° ভূপেন্দ্ৰনাথ শইকীয়া হৈছে অসমৰ এগৰাকী বিশিষ্ট উপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশু-সাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশৰ ভবেন্দ্ৰনাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।
ভবেন্দ্ৰনাথ শইকীয়াই লণ্ডন বিশ্বিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰীডাৰ হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী “প্ৰান্তিক” আৰু শিশু আলোচনী “সফুঁৰা”ৰ তেখেত প্ৰতিষ্ঠাপক সম্পাদক আছিল।
ইয়াৰ উপৰি তেখেতে ৰেডিঅ’ নাট, একাঙ্কিকা নাটক, ভ্রাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেখেতে আঠখন অসমীয়া চলচিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে তেখেতে ভাৰত চৰকাৰৰ ২৯৭৬ চনত সাহিত্য অকাডেমী বঁটা আৰু ১৯৯০ চনত “অসম উপত্যকা সাহিত্য বঁটা” লগতে “পদ্মশ্ৰী” সন্মানো লাভ কৰিছিল।
ইয়াৰোপৰি ড° ভূপেন্দ্ৰনাথ শইকীয়াদেৱৰ বোলছবিয়ে ভাৰত আৰু বিদেশত অন্তঃৰাইষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে “ৰজত কমল বঁটা” প্ৰদান কৰে।
প্ৰশ্নঃ ২। ড° ভূপেন্দ্ৰনাথ শইকীয়াৰ সামাজিক কৰ্মসমহ উল্লেখ কৰা।
উত্তৰঃ ড° ভবেন্দ্ৰনাথ শইকীয়াই ১৯৯০ চনত লাভ কৰা অসম উপত্যকা সাহিত্য বঁটাপ্ৰাপ্ত ধঁনৰাশিৰে তেখেতে শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে “আৰোহণ” নামৰ এটি সংস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। “আৰোহণ”ত প্ৰধানকৈ কম সুবিধাপ্ৰাপ্ত শিশু-কিশোৰক কলা, সংগীত আৰু থিয়েটাৰৰ জৰিয়তে দক্ষতা বিকাশৰ ব্যৱস্থা কৰা হয়। “আৰোহণ”ৰ এটুকুৰা অংশত ড° ভবেন্দ্ৰনাথ শইকীয়াৰ দৈনন্দিন জীৱনৰ লাগতিয়াল কেতবোৰ সামগ্ৰী যেনে— তেখেতৰ চশমা, ৰেডিঅ’, তেখেতৰ প্ৰিয় কাপোৰ আদি পত্নী প্ৰীতি শইকীয়াই সংৰক্ষণৰ ব্যৱস্থা কৰিছে।
আকৌ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত “শংকৰদেৱ কলাক্ষেত্ৰ”ৰ জন্মৰ আঁৰত ড° ভূপেন্দ্ৰনাথ শইকীয়া জড়িত হৈ আছিল। কলাক্ষেত্ৰত থকা পুথিভঁৰালটো তেখেতৰ নামেৰে নামাংকিত কৰা হৈছে।
৩। ড° ভূপেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য ৰচনা কৰোঁতে ব্যৱহাৰ কৰা ছদ্মনামসমূহৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা।
উত্তৰঃ ড° ভূপেন্দ্ৰনাথ শইকীয়াৰ সাহিত্যক অৱদানে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতে একাধিক সাহিত্যক ৰচনা লিখোঁতে ছদ্মনাম ব্যৱহাৰ কৰিছিল। বিশেষকৈ হাস্য – ব্যংগমিশ্ৰিত ৰচনাসমূহ তেখেতে ছদ্মনামেৰে লিখিছিল। সেই ৰচনাসমূহৰ “প্ৰান্তিক” আৰু সাপ্তাহিক কাকত “বুধবাৰ”ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত হৈছিল। তেখেতৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয় পাঠক।
উক্ত ছদ্মনামেৰে লিখা আটাইকেইটা লিখনী “প্ৰান্তিক”ৰ পাততে প্ৰকাশ হৈছিল। সেইসমূহৰ নাম এনেধৰণৰ—
(ক) জয়জয়-ময়ময়।
(খ) বৃদ্ধিৰ বাণী।
(গ) কনফাৰেন্সৰ দোকান।
(ঘ) ঘূৰি-ঘূৰি আকৌ।
(ঙ) নিতান্ত ঘৰুৱা।
(চ) বুজোৱা।
(ছ) শেক প্ৰস্তাৱ।
(জ) শীতলা।
(ঝ) বলনাস্কিৰ চাকৰি কিয় গ’ল।
(ঞ) ইনছাল্ট।
(ট) জাতীয় জীৱনৰ ঘাই সুঁতি।
(ঠ) জীৱাশ্ম বা ফছিল।
(ড) আৱিষ্কাৰৰ জননী।
(ঢ) সোৱনশিৰিৰ চকুলো।
(ণ) বেয়া নহয়, ভালেই।
(ত) যোৱা তিনি বছৰৰ দৰে।
(থ) সংসাৰ-বিজ্ঞান গৱেষণা আৰু প্ৰথম খণ্ডৰ ফলাফল।
(দ) লাই-লফা লটং-পটং।
(ধ) প্ৰিয়জনৰ গান শুনা যন্ত্ৰ।
(ন) আধুনিক তঁতকাতি শিল্পী।
“সত্যপ্ৰিয়া পাঠকৰ” পাছত তেওঁ বেছিকৈ “সদানন্দ পাঠক” ছদ্মনাম ব্যৱহাৰ কৰিছিল। এইটো ছদ্মনামেৰে তেওঁ সৰ্বমুঠ ছটা লেখা লিখিছিল। লেখাকেইটা হৈছে—
(ক) সোণালী এন্টাৰ প্ৰাইজ।
(খ) বিগ ক্ল’জ আপ।
(গ) বেলি ডুবাৰ সময়।
(ঘ) পৰম প্ৰিয় বন্ধুবৰ।
(ঙ) বিশ্বাসঘাতক বান্দৰ। আৰু
(চ) ভিতৰবলাক।
এইকেইটা লেখা প্ৰকাশ পাইছিল “বুধবাৰ”ত। “সত্যপ্ৰিয় পাঠক” আৰু “সদানন্দ পাঠক”ৰ উপৰিও ৰচনা লিখিবলৈ তেওঁ আন বহুকেইটা ছদ্মনামৰ সহায় লৈছিল। সেইসমূহ ৰচনা “প্ৰান্তিক”ৰ পৃষ্ঠাতে ভিন্ ভিন্ সময়ত প্ৰকাশিত হৈছিল। লেশকবোৰৰ শিৰোনামা আৰু তেওঁ ব্যৱহাৰ কৰা ছদ্মনাম তলত উল্লেখ কৰা হ’ল—
(ক ) এদিন বাদে এদিন— ৰজনী দত্ত।
(খ ) দিগম্বৰ বুৰ্জোৱা— বিৰাজমুহন বৰুৱা।
(গ ) নিজৰ প্ৰেছক্রিপছনৰ ঔষধ—গোলক মহন্ত।
(ঘ) কেণ্ডিডেট— দিবাকৰ নেওগ ।
(ঙ) খাদ্যপ্ৰান— গৃহানন্দা স্বামী।
(চ) শৃংখল— বিচিত্ৰ দত্ত।
(ছ ) বাটৰ আমনি— অৰবিন্দ দত্ত।
(জ) আনন্দ— সুকুমাৰ দত্ত।
(ঝ) ডিঙিৰ খজুৱতি— মানবেন্দ্ৰ দাস।
(ঞ) সদায় কাঠৰ বাকচ নালাগে— নি. কা. ব.।
(ট) মোৰ ৰাশিফল সদায় ভাল— পৰমানন্দ ৰাজগুৰু।
(ঠ) ব’হাগৰ কথা। সেই সভাখন— এজন অৱসাৰ প্ৰাপ্ত মূখ্য অতিথি ।
(ড) ইণ্টিমেট— কুসুম কুমাৰ বৰুৱা।
উল্লেখনীয় যে, তেখেতৰ এই হাস্য-ব্যংগাত্মক ৰচনাসমূহ পাছলৈ ” কল্পলোকোৰ কাহিনী” নামৰ এখনি গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া সাহিত্যৰ জগতত বহু সংখ্যক ছদ্মনাম ব্যৱহাৰ কৰা সম্ভৱতঃ তেওঁৱেই একমাত্ৰ সাহিত্যিক। চৌপাশৰ সামাজিক-সংস্কৃতিক সমস্যাবোৰ পুনৰীক্ষণ, অসমীয়া মানুহৰ চৰিত্ৰৰ কেতবোৰ অবিচ্ছেদ্য দিশ উন্মোচন, প্ৰত্যাহিকতাত সোঘনাই মুখামুখি হোৱা বামেজালিবোৰৰ পৰ্যবেক্ষণ ইত্যাদিয়েই হৈছে তেখেতৰ দ্বাৰা লিখিত এই হাস্য-ব্যংগাত্মক ৰচনালানিৰ অন্তৰ্নিহিত তাৎপৰ্য।
এইবোৰৰ উপৰিও বিদেশৰ পটভূমিত লিখা কেইটামান গল্প ড° ভবেন্দ্ৰনাথ শইকীয়াই ছদ্মনামত লিখিছিল। তিনিটা গল্প লিখিছিল “সঞ্চয়” ছদ্মনামেৰে। বাকীকেইটা নিজৰ নামত লিখিছিল। এই সন্দৰ্ভত তেখেতে কৈছিল যে— ” মোৰ চুটিগল্প লেখাৰ যিটো ধৰণ, তাৰ পৰা অলপ বেলেগ হ’ব বাবেই সেইকেইটা মোৰ নিজৰ নামত লিখিবলৈ মন কৰা নাছিলোঁ”। ইয়াৰ উপৰি তেওঁ নিজে সৰু চৰিত্ৰ এটিত অভিনয় কৰা “বেউলা” ছবিখনৰ সমালোচনা লিখিছিল। সেইটো লিখিছিল “সুনীতি” ছদ্মনামেৰে। সমালোচনাটি “আৱাহন”ত প্ৰকাশিত হৈছিল। সাদিনীয়া “নৱদূত” নামৰ এখন কাকতত তেখেতে “দৃষ্টিপাত” নামৰ এটা শিতানত “প্ৰহৰী” ছদ্মনামত লিখিছিল। চিনেমা বিষয়ক লেখা-মেলাৰ বাবে তেখেতে “চিত্ৰপ্ৰিয় পাঠক” ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেখেতৰ আন দুটি ছদ্মনাম আছিল “পৰ্যবেক্ষক” আৰু “সুদৰ্শন”।
প্ৰশ্নঃ ৪। ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ সাহিত্বকৃতিসমূহ ভাগ ভাগ কৰি উল্লেখ কৰা।
উত্তৰঃ সূক্ষ্ম দৃষ্টিসম্পন্ন মানসিকতাৰ প্ৰয়োগেৰে ৰচিত ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ সাহিত্যসমূহে অসমীয়া সাহিত্যৰ এটা টনকিয়াল, নিভাঁজ আৰু মূল্যবান ভঁৰালৰ কথা সূচায়। নিজৰ সত্তৰ বছৰীয়া জীৱনকালত তেখেতে অসমীয়া সাহিত্যলৈ বহু বৰঙণি দি গৈছে। শইকীয়াদেৱৰ দ্বাৰা ৰচিত সাহিত্যসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) নাটকঃ ৰম্যভূমি, নীলকণ্ঠ, মহাঅৰণ্য, দীনবন্ধু, পাণ্ডুলিপি, তাম্ৰলিপি, অৰণ্যত গধূলি, মণিকূট, গহ্বৰ, অমৃত, বৰ্ণমালা, বন্দীশাল, পৰমানন্দ, শুভ-সংবাদ, বিষকুম্ভ, অন্ধকূপ, ফিগম্বৰ, স্বৰ্ণজয়ন্তি, স্বৰ্গৰ দুৱাৰ, ৰামধেনু, শতাব্দী, সমুদ্ৰ-মন্থন, জোনাক ৰাতি (অসম্পূৰ্ণ), বৃন্দাবন, জনমভূমি, পিতিম্বিৰ, এজাক জোনাকীৰ জিলমিল (একাংক)।
(খ) চুটিগল্পঃ প্ৰহৰী (১৯৬৩), সেন্দুৰ (১৯৭১), গহ্বৰ (১৯৬৯), শৃংখল (১৯৭৫), উপকণ্ঠ (১৯৯১), এই বন্দৰৰ আবেলি (১৯৮৮), বৃন্দাবন (১৯৬৫), তৰংগ (১৯৭৯), সান্ধ্য ভ্ৰমণ (১৯৯৮), গল্প আৰু শিল্প, আকাশ।
(গ) উপন্যাসঃ অন্তৰীপ (১৯৮৬), ৰম্যভূমি (১৯৯১), আতংকৰ শেষত (১৯৫২), দশম শ্ৰেণীত থাকোঁতে ৰেচন কৰা ভবেন্দ্ৰনাথ শইকীয়াৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস)।
(ঘ) আত্মজীৱনীঃ জীৱন বৃক্ত, জীৱন ৰেখা, মোৰ শৈশৱ-মোৰ কৈশোৰ।
(ঙ) চিন্তমূলক গ্ৰন্থঃ প্ৰবন্ধ সংকলন-শেষ পৃষ্ঠা (চাৰিটা খণ্ড)।
(চ) শিশু-সাহিত্যঃ মৰমৰ দেউতা (১৯৯১), তোমালোক ভালে থকা (তোমালোকৰ ভাল হওঁক_১৯৯৮), শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট (১৯৯৭), মহাদুষ্টৰ-দুষ্টবুদ্ধি, মৰম।
প্ৰশ্নঃ ৫। সফল সফল চলচিত্ৰ পৰিচালক ৰূপে ড° ভবেন্দ্রনাথ শইকীয়াৰ চমু আলোচনা আগবঢ়োৱা।
উত্তৰঃ অসমীয়া চলচিত্ৰৰ পাতনি ১৯৩৫ চনত “জ্যোতিপ্ৰসাদ আগৰৱালা”ৰ “জয়মতী” কথাছবিৰে হৈছিল। তাৰ পিছৰ প্ৰায় ৪০ বছৰ ধৰি নিৰ্মাণ হোৱা চলচিত্ৰসমূহৰ বছিখিনিয়েই আছিল বাণিজ্যিকধৰ্মী। ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথমবাৰৰ বাবে অসমীয়া অৰ্থবহ চলচিত্ৰৰ শুভাৰম্ভ কৰে।
“সন্ধ্যাৰাগ” কথাছবিৰে শইকীয়াই চলচিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে। এক ব্যতিক্ৰমী আৰু কলাসন্মত ছবি হিচাপে কথাছবিখনে অসম অৰু ভাৰতবৰ্ষৰ চলচিত্ৰ প্ৰেমীৰ মন জোকাৰি যায়। ইয়াৰ পিছত শইকীয়াদেৱে পৰিচালনা কৰে “অনিৰ্বাণ”, “অগ্নিস্নান”, “কোলাহল”, “সাৰথি”, “আবৰ্তন”, “ইতিহাস” আৰু “কালসন্ধ্যা”। “কালসন্ধ্যা” হিন্দী ভাষাত নিৰ্মিত। আটাইকেইখন ছবিয়েই কলসন্মত ছবি হিচাপে উচ্চ প্ৰসংগিত। “অগ্নিস্নান”ৰ চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে। “কালসন্ধ্যা”ৰ বাহিৰে আন কেইখন ছবিয়ে “শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবি”ৰ বাবে ৰজত কমল বঁটা পায়।
ভবেন্দ্ৰনাথ শইকীয়াৰ এই কেইখন অসমীয়া ছবিয়েই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেখেতৰ ছবিত কথাছবি সুলভ ৰূপকৰ পৰিবৰ্তে সাহিত্যৰ উপাদানৰ পয়োভৰ বেছি বুলি সমালোচনা কয়। সংলাপৰ ওপৰত প্ৰাধান্য দিয়াৰ কাৰণে কিছুমান সমালোচকে তেখেতৰ কথাছবি বৰ বেছি পৰিমাণে সাহিত্যধৰ্মী বুলি অভিযোগ কৰে। ভবেন্দ্ৰনাথ শইকীয়াৰ মতে সাহিত্যধৰ্মীতা তেখেতৰ ছবিৰ বিশেষ উপাদান আৰু কিছুসংখ্যক কথাছবি নিৰ্মাণ কৰিব পাৰিলে সাহিত্যধৰ্মী ছবিত এটি ধৰা তেখেতে সৃষ্টি কৰিব পাৰিলেহেঁতেন বুলি তেখেত নিজে উল্লেখ কৰি গৈছে।
চলিচিত্ৰ এটা সংজ্ঞা নিৰ্ধাৰণ কৰি ড° ভবেন্দ্ৰনাথ শইকীয়াই “ইন দ্য লেণ্ড অৱ মাই হাৰ্ট” নামৰ লেখনীটোত কৈছিল—
“A story of nature and humanity rich and beauty and creativity, written on the screen by the camera. That is my definition of film ” (সৌন্দৰ্য আৰু সৃষ্টশীলতাত চহকী, প্ৰকৃতি আৰু মানৱীয়তাৰ এটা কাহিনী যাক কেমেৰাৰ জৰিয়তে পৰ্দাত তুলি ধৰা হয়, সেয়াই হৈছে মোৰ বাবে চলচিত্ৰ)।
ড° ভূপেন্দ্ৰনাথ শইকীয়াদেৱে দ্বাৰা নিৰ্মিত চলচিত্ৰসমূহ ক্ৰমে তলত উল্লেখ কৰা হ’ল—
(ক) “সন্ধ্যাৰাগ” (১৯৭৭): ৰজত কমল বঁটা (১৯৭৭), ১৯৭৮ চনত Cannes Film Festival ত প্ৰদৰ্শিত।
(খ) “অনিৰ্বাণ” (১৯৮১): ৰজত কমল বঁটা (১৯৮১)।
(গ) “অগ্নিস্নান” (১৯৮৫): ৰজত কমল বঁটা (১৯৮৫)।
(ঘ) “কোলাহল” (১৯৮৮): ৰজত কমল বঁটা (১৯৮৮)।
(ঙ) “সাৰথি” (১৯৯১): ৰজত কমল বঁটা (১৯৯২)।
(চ) “আৱৰ্তন” (১৯৯৩): ৰজত কমল বঁটা (১৯৯৪)।
(ছ) “ইতিহাস” (১৯৯৫): ৰজত কমল বঁটা (১৯৯৬)।
(জ) “কালসন্ধ্যা” (হিন্দী) (১৯৯৭): ভাৰতীয় অন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ (International Film Festival of India)ত প্ৰদৰ্শিত।
প্ৰশ্নঃ ৬। এগৰাকী সাহিত্যিক হিচাপে ভবেন্দ্ৰনাথ শইকীয়াৰ চমু বিৱৰণ দাঙি ধৰা।
উত্তৰঃ ড° ভূপেন্দ্ৰনাথ শইকীয়াই নিজৰ জীৱনৰ পাৰ কৰা বছৰকেইটাৰ অভিজ্ঞতাবহুল স্মৃতিবোৰ গোটাই হঠাতে তেওঁ এদিন “গল্পই লিখা যাওঁক তেনেহ’লে” বুলি ঠিক কৰি পালালে নে কি? নাই নহয়। শইকীয়াৰ নিজৰ ভাষাত “পঞ্চম শ্ৰেণীত পদ্য লিখাৰ নিচিনা কামৰ প্ৰতি যি উৎসহে দেখা দিলে অষ্টম শ্ৰেণীলৈ প্ৰমোছন পোৱাৰ পাছত, গহীন-গম্ভীৰ মানে,— এইবাৰ গদ্যত হাত দিয়াৰ উৎসাহে দেখা দিলে” এই জোৱাৰৰ জোৰতে তেওঁ সহপাঠী প্ৰমোদ দাসৰ লগত লাগি স্কুলখনৰ কাৰণে এখন অসমীয়া আলোচনী উলিয়াবলৈ ঠিক কৰিলে আৰু আলোচনীখন উলিয়াই নাম থ’লে “উদয়”। প্ৰবন্ধ-পাতি ঠিক কৰাৰ লগতে তেওঁ নিজেও এটা গল্প লিখি উলিয়াইছিল। নাম আছিল “পথ -নিৰূপণ”। গল্পটো “উদয়” আলোচনীৰ দ্বিতীয় সংখ্যাত প্ৰকাশ পিছত হেনো সেইটো সংখ্যাৰ তিনিটা কপি তেওঁ যোগাৰ কৰিছিল আৰু বহুদিনলৈ এটা কপি হাতত বা কাষলতিৰ তলত সুমুৱাই লৈ ফুৰিছিল । কাৰোবাৰ লগত কথা পাতিলে কথা খিনি “উদয়”ত পেলাইছিলগৈ আৰু আলোচনীখন আগবঢ়াই দি সুধিছিল— “এইখন দেখিছেনে?” আৰু ঠিক এই একেই মানসিকতাৰ পৰিচয় আমি শইকীয়াৰ পৰা পিছৰ সময়ছোহোৱাতো পাওঁ। এবাৰ তেওঁক “গল্প এটা লিখি শেষ কৰাৰ পিছত আপুনি কেনেকুৱা অনুভৱ কৰে?” বুলি সোধোঁতে তেওঁ কৈছিল “বিশেষ একো অনুভৱ হয় বুলি ক’ব নোৱাৰি । কিন্তু পঢুৱৈ এজনে নো গল্পটো পঢ়ি কেনেকুৱা পালে, সেয়া জানিবলৈ বৰ আগ্ৰহেৰে ৰৈ থাকোঁ”।
এই যে “পথ-নিৰূপণ” নামৰ জুইকুৰা জ্বলিল, সেইয়া জ্বলিয়েই থাকিল। মেট্ৰিক দি উঠি আকৌ তেওঁ ডিটেক্টিভধৰ্মী এখন উপন্যাস লিখি উলিয়ালে—”আতংকৰ শেষত”। ইয়াৰ পাছত কটন কলেজলৈ পঢ়িবলৈ আহি শিক্ষা সমাজ আৰু হোষ্টেল সমাজ —এই দুয়োখন সমাজৰ লগত মোটামুটিভাৱে খাপ খাই পৰাৰ পাছত শইকীয়াৰ ধান্দা হ’ল— অন্যান্য ক্ৰিয়া-কৰ্মও আৰম্ভ কৰাৰ দৰকাৰ। স্বাভাৱিকতে গল্প লিখাৰ কথাই মনলৈ আহিল। কিছুদিন পাছত কটন কলেজ ষ্টুডেণ্টছ ইউনিয়ন ছ’ছাইটিয়ে বছৰেকীয়া সাহিত্য প্ৰতিযোগিতা ঘোষণা কৰিলে। এসপ্তাহৰ আজৰি সময়। খৰচ কৰি তেওঁ গল্প এটা লিখি উলিয়ালে। নাম দিলে “শান্তিৰ বুকুৰ ধুমুহা”। ফলাফল ঘোষণা আৰু বঁটা বিতৰণীৰ দিনা মঞ্চৰ পৰা ঘোষণা হ’ল_ তেওঁ তৃতীয় পুৰস্কাৰ পাইছিল। লগতে সেই একেটা গল্প কিছুদিনৰ পিছত আৱাহনৰ পাতত ছপা হৈ ওলাইছিল। গোটেই অসমৰ চলা, জনপ্ৰিয়, গুৰুত্বপূৰ্ণ আলোচনীত ছপা হোৱা সেইটোৱেই শইকীয়াৰ প্ৰথম লেখা।
এনেদৰেই তেওঁ সাহিত্যিক জীৱন আগবাঢ়ি গৈ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যাবলৈ সক্ষম হৈছে।
প্ৰশ্নঃ ৭। ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱে লাভ কৰা বঁটা আৰু সন্মানসমূহ উল্লেখ কৰা।
উত্তৰঃ ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱেৰ কৰ্মৰাজিৰ স্বীকৃতিস্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লখযোগ্য কেইটিমান হ’ল_
(ক) অসম প্ৰশাসন পৰিষদ বঁটা।
(খ) সাহিত্য অকাডেমি বঁটা।
(গ) অসম উপত্যকা সাহিত্য বঁটা।
(ঘ) শ্ৰীমন্ত শঙ্কৰদেৱে বঁটা।
(ঙ) পদ্মশ্ৰী বঁটা।
প্ৰশ্নঃ ৮ । শিশু সাহিত্যিক হিচাপে ভবেন্দ্ৰনাথ শইকীয়াৰ চমু বিৱৰণ দিয়া।
উত্তৰঃ বৰ্তমান সময়ত অসমীয়া সাহিত্যৰ বিবিধ শাখা-প্ৰশাখাৰ যি ব্যাপক প্ৰসাৰতা লক্ষ্য কৰা যায়, তাৰ তুলনাত শিশু-সাহিত্যিৰ বিকাশ আশানুৰূপ নহয়। এক কথাত ক’বলৈ গ’লে সাহিত্যৰ বিভিন্ন বিভাগসমূহতকৈ “শিশু সাহিত্য” বিষয়টোৱেই কৰ্ম চৰ্চিত। এই ক্ষেত্ৰত সাহিত্যিক সমালোচকসকলৰ শিশু-সাহিত্য সৃষ্টিৰ প্ৰতি থকা এক প্ৰকাৰৰ অনিহা আৰু পাঠকসকলৰো শিশু-সাহিত্যৰ পঠন-স্পৃহাৰ অভাৱেই হয়তো প্ৰধান কাৰণ। উল্লেখযোগ্য যে সাহিত্যৰ অন্যান্য শাখাৰ দৰে শিশু-সাহিত্যসমুহ স্বকীয় বিশেষত্বৰে যথেষ্ট গুুত্বপূৰ্ণ। শিশুৰ বুদ্ধি-বৃত্তি আৰু মানসিক ৰুচি-অভিৰুচিৰ প্ৰতি মনোনিৱেশ কৰি সৃষ্টি উপযোগী সাহিত্যই শিশুৰ সৰ্বাংগীন বিকাশ সাধনত বিশেষ ভূমিকা গ্ৰহণ কৰে। এই কথাৰ গুৰুত্ব অনুধাৱন কৰি যিসকল বৰণ্য সাহিত্যিকে অসমীয়া সাহিত্যৰ উক্ত শাখাটোক ব্যাপ্তি প্ৰধান কৰাৰ প্ৰচেষ্টা হাতত লৈছিল, তাৰ ভিতৰত ভবেন্দ্ৰনাথ শইকীয়া আছিল অন্যতম। এগৰাকী বিশিষ্ট সাহিত্যিক, প্ৰখ্যাত নাট্যকাৰ, সুদক্ষ চলচিত্ৰকাৰ, সু-সম্পাদক তথা সমাজহিতৈষী ব্যক্তি ভবেন্দ্ৰনাথ শইকীয়াই ঐকান্তিক নিষ্ঠাৰে অসমীয়া শিশু-সাহিত্যিক উচ্চস্তৰীয় মৰ্যাদা দিবলৈ সক্ষম হৈছিল। তেওঁ শিশুৰ লগতে কিশোৰসকলকো পাঠক হিচাপে সমগুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ বুদ্ধি-বৃত্তিৰ বিকাশৰ দিশত শিশু সাহিত্যিক এক প্ৰকাৰৰ মাধ্যম কৰি তুলিব বিচাৰিছিল। এই উদ্দেশ্যৰেই ভবেন্দ্ৰনাথ শইকীয়াই নিৰলসভাৱে শিশু-সাহিত্যসমুহ ৰচনা কৰি গৈছিল। ভবেন্দ্ৰনাথ শইকীয়াই প্ৰকাশিত শিশু-উপযোগী গ্ৰন্থ মূলতঃ ছখন।
সেইকেইখন হৈছেঃ
(ক) “শান্তি-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট” (১৯৯৫)।
(খ) “মৰমৰ দেউতা” (১৯৯৮)।
(গ) “তোমালোকৰ ভাল হওঁক” (১৯৯৮)।
(ঘ ) “মহাদুষ্টৰ দুষ্টবুদ্ধি”(১৯৯৯)।
(ঙ) “মৰম” (২০০২)।
(চ) “পদ্যৰ ধেমালি” (২০০২)।
ইয়াৰ উপৰিও শিশুসকলৰ জনপ্ৰিয় আলোচনী “সফুঁৰা”ৰ “অসম বুক ফাইভ”—ৰ দ্বাৰা প্ৰকাশিত পৰবৰ্তী সংস্কৰণত শিশুসকলৰ তেওঁ “আশা কৰোঁ তোমালোক ভালে আছা” নামেৰে নতুন শিতান এটি আৰম্ভ কৰিছিল। আনহাতে ৰীতা চৌধুৰীৰ সম্পাদনাত প্ৰকাশ পোৱা “আধাৰশিলা” নামৰ মাহেকীয়া আলোচনীখনৰ শইকীয়াই “ককাদেউতাৰ চিঠি”শীৰ্ষক কিছুমান উপদেশমূলক ৰচনা লিখিছিল। ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা সৃষ্ট এই সমগ্ৰ শিশু-সাহিত্যিক বৰ্তমান “ড° ভবেন্দ্ৰনাথ শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰ” নামেৰে বনলতা প্ৰকাশনে একত্ৰ সংকলনটোত “সফুঁৰা”ৰ পৰবৰ্তী সংস্কৰণত প্ৰকাশ পোৱা “মহাদুষ্টৰ দুষ্ট বুদ্ধি”— খনো সংখলিত কৰা হৈছে।
ভবেন্দ্ৰনাথ শইকীয়াৰ শিশু-সাহিত্যসমূহক বিষয়বস্তুলৈ ৰাখি দুটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে — উপদেশমূলক শিশু সাহিত্য আৰু সৃষ্টিমূলক শিশু সাহিত্য। যিসমূহ ৰচনাৰাজিৰ মাজেৰে শিশু-সাহিত্যকগৰাকীয়ে শিশুসকলক বিভিন্ন হৈ উপদেশ, হৈ পৰামৰ্শ আগবঢ়াই সজ চিন্তা, হৈ আৰ্হিৰে সজ কাম কৰিবলৈ অনুপ্ৰাণিত কৰাৰ সমান্তৰালকৈ শিশুৰ বিভিন্ন দিশত শিক্ষা প্ৰদান কৰিছে, সেইসমূহ ৰচনাক উপদেশমুলক শিশু-সাহিত্যৰ অন্তৰ্ভুক্ত কৰিব পাৰি। সেই দৃষ্টিকোণৰ পৰা ভবেন্দ্ৰনাথ শইকীয়াৰ “ককাদেউতাৰ চিঠি”‘ “তোমালোকৰ ভাল হওঁক” আৰু “আশা কৰোঁ তোমালোক সকলো ভালে আছা” শীৰ্ষত ৰদনাৰাজি উপদেশমূলক শিশু-সাহিত্যৰ অন্তৰ্গত।
অসমীয়া সাহিত্যৰ আগৰণুৱা সাহিত্যকৰ্মী ভবেন্দ্ৰনাথ শইকীয়াৰ শিশু-গ্ৰন্থকেইখনো স্বকীয় বিশেষত্বৰে যথেষ্ট গুৰুতবপূৰ্ণ। ভবেন্দ্ৰনাথ শইকীয়াই অতি সচেতনভাৱে শিশুৰ মনুবৃত্তি আৰু ৰুচিৰ প্ৰতি দৃষ্টি ৰাখি শিশু-সাহিত্যৰ বিষয়বস্তু নিৰ্বাচন কৰিছে। গ্ৰন্থকেইখন পঢ়ি চালেই এই কথা প্ৰমাণিত হয়। যিহেতু শিশু-সাহিত্য বয়স্ক সকলৰদ্বাৰা নিৰ্মিত হয়, সেইবাবে শিশুৰ বৌদ্ধিক-মানসিক বিকাশ সাধন কৰিব পৰা তথা শিশুৰ ৰুচিৰ অনুকূল বিষয়বস্তু নিৰ্বাচন কৰাৰ ক্ষেত্ৰত শিশু-সাহিত্যসকলৰ অত্যন্ত সমষস্যাৰ সন্মুখীন হ’বলগীয়া হয়। শিশু-সাহিত্যৰ এই সীমাবদ্ধতা অতিক্ৰমী ভবেন্দ্ৰনাথ শইকীয়াই শিশুৰ মনোজগতক সুষমভাৱে অধ্যয়ন কৰি শিশুৰ সৰ্বতো প্ৰকাৰৰ কল্যাণ সাধন কৰিব পৰা বিষয়বস্তু নিৰ্বাচন কৰি শিশু-সাহিত্যসমুহ ৰচনা কৰিছিল। সেইবাবে তেখেতৰ শিশু-উপযোগী গ্ৰন্থকেইখনে শিশুৰ বৌদ্ধিক- মানসিক উৎকৰ্ষ সাধন কৰাৰ সমান্তৰালকৈ শিশুক বিভিন্ন দিশৰ প্ৰয়োজনীয় শিক্ষাও প্ৰদান কৰে। শইকীয়াই সচৰাচৰ শিশু-সাহিত্যত দেখা পোৱা সাধুকথাধৰ্মী অতিলৌকিক কাহিনী আদি সম্পূৰ্ণৰূপে উপেক্ষা কৰি বাস্তৱাশ্ৰয়ী বিষয়বস্তু নিৰ্বাচনতহে গুৰুত্ব আৰোপ কৰিছিল। তদুপৰি শিশু- সাহিত্যিকগৰাকীয়ে তেখেতৰ শিশু-সাহিত্যত শিশুৰ মনুজগতৰ বিভিন্ন দিশৰ প্ৰতিচ্ছবি অংকন কৰিছে, যি তেখেতৰ শিশু উপযোগী গ্ৰন্থকেইখনক বাস্তৱত শিশুৰ অধিক কাষ চপাই নিছে। লক্ষণীয় যে, ভবেন্দ্ৰনাথ শইকীয়াৰ শিশু-সাহিত্যত শিশুৰ উপযোগী প্ৰতিটো দিশৰে আমোদজনক উপস্থাপনে কেৱল শিশুৰে নহয়, পইনতসকলৰো মানসিক চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে। ভবেন্দ্ৰনাথ হৈকিয়াৰ এই প্ৰচেষ্টা নিঃসন্দেহে অসমীয়া শিশু- সাহিত্যৰ এক স্মৰণীয় অধ্যায়।
প্ৰশ্নঃ ৯। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ “মৰমৰ দেউতা” উপন্যাসত প্ৰতিফলিত শিশু মনোজগতৰ বিশ্লেষণ কৰা।
উত্তৰঃ ৰামধেনু যুগৰ প্ৰতিষ্ঠিত সাহিত্যিকসকলৰ ভিতৰত ড° ভবেন্দ্ৰনাথ শইকীয়া অন্যতম তেখেত কৰ্মময় জীৱনত নিজস্ব ভাৱ-অনুভূতিৰে গল্প, উপন্যাস, নাটক, প্ৰবন্ধ আদি ৰচনা কৰি পাঠকক অনুভূতি কৰি গৈছে। সাহিত্যিক জীৱনত তেখেতে নিষ্ঠা আৰু সততাৰে নিজৰ অৱদান দি গৈছে।
ড° শইকীয়াদেৱৰ ৰচনাসমূহৰ ভিতৰত উপন্যাসসমূহ এক অনুপম সৃষ্টি। এই উপন্যাসসমূহৰ ভিতৰত “মৰমৰ দেউতা” উপন্যাসখন এখন অনুপম উপন্যাস। উপন্যাসখন এখন “শিশুকেন্দ্ৰিক” উপন্যাস। উপন্যাসখনৰ জৰিয়তে তেখেতে এটি ঘৰুৱা সমস্যাক জীৱন্ত ৰূপে উপস্থাপন কৰাৰ লগতে বাস্তৱধৰ্মী কৰি তুলিছে।
উপন্যাসখন প্ৰধান চৰিত্ৰ বিপুল। বিপুল ঘৰখনৰ ডাঙৰ ল’ৰা। পৰিয়াল বুলিবলৈ বিপুলৰ বাহিৰে মাক-দেউতাক, বায়েক এজনী, ভনীয়েক এজনী অৰু ভায়েক এজন আছে। উৎপতীয়া বিপুল মাক-দেউতাকৰ কথা নুশুনি লেকাম নোহোৱা ঘোঁৰাৰ দৰে ঘূৰি-ফুৰাৰ লগতে সংগৰ দোষত পৰি কিদৰে ধ্বংসৰ গৰাহত পঢ়িছিল আৰু অৱশেষত কিদৰে অনুশোচনাত দুগ্ধ হৈছিল। তাকেই উপন্যাসখনৰ মাজেৰে প্ৰকাশ কৰিছে।
উপন্যাসখনৰ প্ৰায়সংখ্যক চৰিত্ৰই যিহেতু শিশু সেইবাবে উপন্যাসখনৰ জৰিয়তে ড° শইকীয়াই শিশু মোনুজগতৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াসমূহ সুন্দৰভাৱে উপস্থাপন কৰিছে । তাৰোপৰি উপন্যাসখনৰ শিশু চৰিত্ৰ-ৰাণী, ৰিণি, বিপুল, মুকুল, মৃণালিনী আদি চৰিত্ৰসমূহৰ মাজেৰে শিশুমনৰ নিস্বাৰ্থ মৰম প্ৰকাশ কৰিছে।
উপন্যাসখনৰ বিপুলৰ আচাৰ-ব্যৱহাৰ, মাত-কথা আদিৰ মাজেৰে মৰম আকলুৱা এজন দুষ্ট প্ৰকৃতিৰ শিশুমনৰ প্ৰকাশ ঘটিছে আৰু শেষলৈ বিপুলৰ ধ্বংসৰ পৰা এজন ভগ্নমনৰ শিশুৰ কথা বহন কৰিছে।
ৰাণী, ৰিণি আৰু মুকুলৰ চৰিত্ৰকেইটাৰ মাজেৰে পিতৃ-মাতৃৰ কৰ্তব্যপুৰায়ণ শিশুৰ চিত্ৰ প্ৰকাশ পাইছে। বিপুল অতপালিত মাকে যেতিয়া মনৰ দুখত খোৱা-বোৱা নকৰাকৈ শুই আছিল তেতিয়া ৰাণীয়ে মাতৃ হৃদয়ৰ আকুলতা অনুভৱ কৰি মাকক বুজাই-বঢ়াই খাবলৈ দিছিল। তাৰোপৰি ঘৰখনত বিপুল অশান্তি কৰিলে স্কুললৈ নগৈ মাকৰ মনৰ বেদনা অনুভৱ কৰি কামবোৰ নিয়াৰিকৈ কৰি গৈছিল। ৰিণি, মুকুলহঁত স্কুলৰ পৰা অহাৰ পিছত মাকৰ দৰে দায়িত্ব পালন কৰিছিল। বিপুল যেতিয়া ভৰিত আঘাত পাই হস্পিটেলৰ বিচনত পৰি থকাৰ খবৰ ৰাণী, ৰিনিহঁতে পাইছে। ভাতৃপ্ৰমত বিভোৰ হৈ সিহঁতে হস্পিতালত উজগৰি নিশা পাৰ কৰিছিল। আনফালে বিপুলৰ যেতিয়া ভৰিখন অপাৰেচন কৰিব লাগিব বুলি ডক্টৰে কৈছিল তেতিয়া বিপুল শিশুমনে হাহাকাৰ কৰি উঠিছিল। বিপুলৰ সেই জেদি মনটোৱে উপলব্ধি কৰিছিল সি যেন সঁচাকৈয়ে ঘৰখনত বহুত অশান্তি কৰি আহিছে। সেইবাবে বিপুলে অনুশোচনাত দুগ্ধ হৈ কান্দি কান্দি তাৰ ভৰিখন ডক্টৰক নাকাটিবলৈ অনুৰোধ কৰিছিল।
সাহিত্য সমাজৰ দাপোনস্বৰূপে সমাজ এখনৰ প্ৰতিচ্ছবি সাহিত্যই বহন কৰি আহিছে। ঠিক সেইদৰে শিশু- সাহিত্যসমূহেও সমাজৰ ধ্বাজা ৰক্ষা কৰি আহিছে। প্ৰাচীন পদপুথিৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে অসমীয়া সাহিত্যৰ পথাৰখনত কম-বেছি পৰিমাণে হ’লেও শিশু মনৰ প্ৰকাশ ঘটি আহিছে। ৰামধেনু যুগত ড° শইকীয়াৰ যুগজয়ী সৃষ্টিসমূহৰ ভিতৰত “মৰমৰ দেউতা” শিশু উপন্যাসখনো অন্যতম।এই উপন্যাসখনে বৰ্তমান বাস্তৱৰ ধামখুমিয়াত পৰি এজন শিশুৰ মনৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া কেনেদৰে অসংযত আছৰণলৈ পৰিবৰ্তন হ’ব পাৰে তাৰ সুন্দৰ প্ৰকাশ উপন্যাসখনত প্ৰতিফলিত হৈছে। উপন্যাসখনত বিপুলৰ চৰিত্ৰটিৰ মাজেৰে বৰ্তমান সমাজত অলীক স্বপ্নত বুৰ গৈ ধ্বংসৰ গৰহলৈ এজন কিশোৰ কিদৰে যাব পাৰে তাৰ সুন্দৰ চিত্ৰ দাঙি ধৰিছে।
প্ৰশ্নঃ ১০। “সন্ধ্যাৰাগ” চলিচিত্ৰৰ কাহিনীটো চমুকৈ উল্লেখ কৰা।
উত্তৰঃ ড° ভবেন্দ্ৰনাথ শইকীয়া আৰু তেখেতৰ চিনেমা অসমীয়া বাবে অমূল্য উপহাৰ, এক অমূল্য বৰদান। তেওঁৰ চিনেমা চাই মাথো উপলব্ধি কৰিব লগে, নতুন চাম অসমীয়াই তেওঁৰ চিনেমাক মাগদৰ্শক হিচাপে লৈ চিনেমাৰ কামত মনোনিৱেশ কৰিব লাগে। তেহে এইজন বিৰল প্ৰতিভালৈ অসমীয়াই প্ৰকৃত সন্মান যাচিছে বুলি আমি গৌৰৱবোধ কৰিব পাৰিম।
ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ১৯৭৭ চনত মুক্তি লাভ কৰা এখন ক’লা-বগা অসমীয়া চলিচিত্ৰ হৈছে “সন্ধ্যাৰাগ”। “বানপ্ৰস্থ” শীৰ্ষক এটি গল্পৰ আধাৰত ছবিখনত ৰচনা হয় আৰু চিত্ৰনাট্যা, সংলাপ তেখেতে নিজেই ৰচনা কৰিছে।
“সন্ধ্যাৰাগ” পুতুলী নামৰ দুখিনী বিধবা এজনীৰ কাহিনী। তেওঁৰ জীয়েক দুজনী-চাৰু আৰু তৰুণ। জীয়েক দুজনীক নগৰৰ দুখৰ চহকী মানুহৰ ঘৰলৈ বন কৰা ছোৱালী হিচাপে পঠিয়াই দিয়া হয়। ডাঙৰজনী ছোৱালী চাৰুক এজনী বন কৰা ছোৱালী হ’লেও আগৰাকী পৰিয়ালৰ সদস্যৰ দৰেই গৃহস্তই আঁকোৱালি লয়। কিন্তু সৰুজনী তৰুৰ সিমানখিনি সৌভাগ্য নাছিল। তাই অনবৰত লম্পট গিৰিহঁত আৰু তেওঁৰ ডেকা পুত্ৰৰ পৰা গা বচাই চলিবলগীয়া হয়। বিবহোপযুক্ত হোৱাত দুয়োজনীয়ে চহৰৰ পৰা গুচি আহিবলৈ বাধ্য হয়। কিন্তু নগৰীয়া জীৱনৰ অভ্যস্ত হৈ উঠা সিহঁতে গাঁৱলৈ ঘূৰি আহি সংস্থাপনৰ অভাৱত চৰম দৰিদ্ৰৰ মুখামুখি হ’বলগীয়া হয়। অবশেষত দাৰিদ্ৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সন্তান জন্ম দিব পৰা শক্তি নথকা বুলি জানিও পূৰ্বৰ মালিকৰ ড্ৰাইভাৰজনক সৈতে বিয়াত বহিবলৈ তৰুৱে সিদ্ধান্ত লয়। তৰুৱে বায়েকক তাইৰ লগত নিবলৈ কয়। আনহাতে মাক পুতলীয়েও জীয়েকৰ সন্তান হলে লাচনী-পাচনী কৰিবলৈ যিহেতু এগৰাকী অভিজ্ঞ মানুহৰ দৰকাৰ, সেয়ে তাইকো লগত নিবলৈ জীয়েকক অনুৰোধ কৰে। এইয়ে “সন্ধ্যাৰাগ” বোলছবিখনৰ থুলমূল আভাস।
প্ৰশ্নঃ ১১। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সাহিত্যৰ মূল বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ড° ভূপেন্দ্ৰনাথ শইকীয়াৰ সাহিত্যৰ মূল বৈশিষ্ট্য হ’ল— শইকীয়াদেৱৰ লিখনিসমূহ খুবেই সহজ-সৰল আৰু সাৱলীল। তেওঁৰ ভাষাৰ সৰলতা, পৰিৱেশ-পৰিস্থিতিৰ নিখুঁত বৰ্ণনাই ৰচনাসমূহক অধিক আকৰ্ষণীয় কৰি তোলে। তেওঁৰ ৰচনা ফুটি উঠে গভীৰ সামাজিক মূল্যবোধ আৰু দায়বদ্ধতা সকলো বয়সৰ পঠকেই তেওঁৰ ৰচনাসমূহ ৰসাস্বাদন কৰিব পাৰে।
প্ৰশ্নঃ ১২। ড° ভবেন্দ্ৰনাথ শইকীয়াৰদেৱেৰ “প্ৰহৰী গল্প সংকলনখনৰ চমু আভাস দিয়া।
উত্তৰঃ অসমৰ এজন আগশাৰীৰ সাহিত্যিক হিচাপে ড° ভবেন্দ্ৰনাথ শইকীয়াৰদেৱৰ সাহিত্যৰজিৰ লগত চিনা-পৰিচয় নথকা লোক বোধহয় নোলাব। সৰল ভাষাৰে মসৃণ গতিত গল্প এটাক কেনেকৈ লৈ গৈ থাকিব পাৰি, সেয়া তেখেতৰ গল্পসমূহ পঢ়িলেই অনুমান কৰিব পাৰি।
ড° ভবেন্দ্ৰনাথ শইকীয়াৰ “প্ৰহৰী” শীৰ্ষক সংকলনখনত শইকীয়াদেৱৰ মুঠ সাতটা গল্প সন্নিৱিষ্ট হৈ আছে— “প্ৰহৰী”, “বাৰান্দা”, “সময়”,”বন্দীশাল”, “দুৰ্ণাম”, “সৎকাৰ” আৰু “দৰিদ্ৰ কুবেৰ”। গল্পসমূহৰ ৰচনাকাল ১৯৫৯ ৰ পৰা ১৯৬২ ৰ ভিতৰত আৰু সমল সেই সময়ৰ পৰিয়াল ব্যক্তি বিশেষৰ জীৱনত সচৰাচৰ ঘটি থকা ঘটনাৱলী। উদাহৰণস্বৰূপে— “প্ৰহৰী” গল্পটোৰ বিষয়বস্তু “একমাত্ৰ সন্তান” নিশাক কেন্দ্ৰ কৰি ঘূৰি থকা ৰজনী মষ্টৰৰ পৰিয়াল। নিশা জন্ম হোৱাৰ আগত দুবাৰকৈ জন্ম হৈ মৃত্যু হোৱা সন্তানৰ পৰা নিশাৰ গাভৰু মনৰ বতৰা আৰু শেষত নিশাৰ মাকৰ বেদনা প্ৰকাশ কৰাকৈ কুনুখিনিতে গল্পকাৰে পাঠকৰ আঁত হেৰাব পৰা সকলো সম্ভাৱনা সৰল ভাষা আৰু সৰস বৰ্ণনাৰে নস্যাৎ কৰিছে।
“বৰান্দা” গল্পটো মূলতঃ পৰিয়ালৰ পৰা কৰ্মসূত্ৰে আঁতৰি থাকিবলগীয়া হোৱা এজন মানুহ আৰু তেওঁৰ ঘৰখন। গল্পৰ উপস্থাপন আকৰ্ষণীয় আৰু কাহিনীভাগ আগবাঢ়িছে মানুহজনলৈ তেওঁৰ পত্নীয়ে প্ৰৰণ কৰা চিঠিৰ যোগেদি। চিঠিখনৰ কথাৰ মাজেৰেই লেখকে মানুহজনৰ ঘৰৰ কথা কৈছে, ঘৰত লাচনি-পাচনি কৰিবলৈ অহা গজেন আৰু ময়াৰ কথা কৈছে। গল্পৰ শেষত লেখকে পাঠ এৰি দিছে এটা অনাহুত প্ৰশ্ন, পঢ়ি থাকোঁতে তেনে এটা সাধাৰণ অথচ চিন্তা উদ্ৰেককাৰি সামৰণিৰ কল্পনা কৰা অসম্ভৱ। ঠিক সেইদৰে “দৰিদ্ৰ কুবেৰ”ৰ কাহিনী আৰু উপস্থাপন চমকপ্ৰদ। প্ৰথম পৰ্যায়ত মৃণাল চৌধুৰী নামৰ এক অপ্ৰসিদ্ধ গল্পকাৰৰ গল্পৰ কথাৰে লেখকে কাহিনীভাগ আগুৱাই নিছে। পাছৰ পৰ্যায়ৰ কাহিনীৰ বিষয়ে প্ৰথমভাগ পঢ়ি থাকোঁতে অনুমান কৰিব পৰা নাযায় আৰু সেয়ে গল্পটোৰ সামৰণিও অনন্য।
গল্প সংকলনটিত সন্নিৱিষ্ট আটাইকেইটা গল্পই কাহিনী আৰু উপস্থাপনৰ বিভিন্ন দাবী কৰে। বিশেষকৈ গল্পৰ আৰম্ভণি আৰু সামৰণিৰ কৌশলে যে পাঠকক মোহাৱিষ্ট কৰি ৰাখে, তাত কোনো সন্দেহ নাই। অতি নাটকীয় নকৰাকৈ আৰু সকলো স্তৰৰ পাঠকক চুই যাব পৰা বৈশিষ্ট্যৰ বাবে ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ গল্পৰ সমাদৰ সদায়েই থাকিব।