Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া

Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া Question Answer can be of great value to excel in the examination.

Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া

Join Telegram channel

Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া Notes cover all the exercise questions in UGC Syllabus. Bikhekh Lekhakh Unit 2 ভবেন্দ্ৰনাথ শইকীয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্ৰশ্নঃ ১৩। ভবেন্দ্ৰনাথ শইকীয়াৰ চুটিগল্প “গহ্বৰ”ৰ এটি সমালোচনাত্মক আলোচনা কৰা।

উত্তৰঃ ভবেন্দ্ৰনাথ শইকীয়াৰ “গহ্বৰ” শিৰোনামেৰে লিখা চুটিগল্পটি বিষয়বস্তু; গঠন, ভাষা আৰু বৰ্ণনাৰ বৈচিত্ৰ্যতাৰে ভৰপূৰ এটি ভিন্ন স্বাদৰ অসমীয়া চুটিগল্প। এই গল্পটিৰ পটভূমি অসম নাইবা ভাৰতৰ কোনো এক সমাজ নহয়, কোনো এখন খ্ৰীষ্টান ধৰ্মাৱলম্বী দেশৰ যি দেশৰ কৃষ্ণকায় আৰু শ্বেতকায় বৰ্ণৰ মানুহ বসবাস কৰে। চিকিৎসা-বিজ্ঞানৰ সাফল্য‌, সাম্প্ৰদায়িকতাবাদ, প্ৰেম আৰু মানসিক অন্তৰ্দ্বন্দ গল্পটিৰ মূল আলোচ্য বিষয়।

গল্পটি কাহিনীপ্ৰধান গল্প হোৱাতকৈ চৰিত্ৰ প্ৰধান গল্প বুলিয়েই ক’ব পাৰি— কাৰণ গল্পটিৰ নায়ক “মিঃ পিয়েনাৰ” নামৰ শ্বেতকায় মানুহ এজনৰ কলিজা নষ্ট হোৱাত “মিঃ স্মিথ” নামৰ কৃষ্ণকায় মানুহ এজনৰ কলিজা তেওঁৰ শৰীৰত স্থাপন কৰে। এই কাহিনীক অৱলম্বন কৰি গল্পটি আগবাঢ়িছে। বাকীখিনি এই ঘটনাটিৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ফল বুলি ক’ব পাৰি। 

মানুহৰ কলিজা সলনি কৰিব পৰা চিকিৎসা বিজ্ঞানৰ প্ৰাৰম্ভিক অৱস্থাৰ সফলতা হৈছে গল্পটিৰ প্ৰথম আলোচ্য বিষয়। মিঃ পিয়েনাৰ নামৰ এজন ব্যৱসায়ীৰ কলিজা নষ্ট হৈ যোৱাত ড° কেম্পেবল নামৰ এজন চিকিৎসা বিজ্ঞানীয়ে কেইজনমান সহযোগীক লগত লৈ মানুহৰ কলিজা এজন ব্যক্তিৰ শৰীৰৰ পৰা আন এজন ব্যক্তিৰ শৰীৰলৈ সংস্থাপন কৰিব পৰা যায় নে নাযায় তাৰ ওপৰত গৱেষণা আৰম্ভ কৰে আৰু প্ৰায় এশ‌ ওঠৰ দিন নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত ডঃ কেম্পবলে‌ সফলতাৰে মিঃ পিয়েনাৰৰ দেহত মটৰ দুৰ্ঘটনাত নিহত হোৱা মিষ্টাৰ স্মিথ নামৰ ৩২ বছৰীয়া যুৱকৰ কলিজা সংস্থাপন কৰে। তেওঁৰ এই চিকিৎসা বিজ্ঞানে নতুন দিশত এখোজ আগবাঢ়ি যায়। দেশ- বিদেশৰ বহুতো সাংবাদিকে ডাঃ কেম্পবেলক গৌৰৱ ঘোষণা কৰিলে। হাজাৰ হাজাৰ জনতাই তেওঁক অভিনন্দন জনালে। এশ ওঠৰ দিন হাস্পাতালৰ পৰিৱেশত কটোৱাৰ পিছত মিঃ পিয়েনাৰে নিজা ঘৰলৈ ওভতি গ’ল আৰু কেইদিনমান জিৰণি লৈ স্বাভাৱিক কাম-কাজ অৰ্থাৎ নিজৰ ব্যৱসায় চোৱা-চিতা কৰিবলৈ ধৰিলে। মিচেচ পিয়ানাৰো ব্যৱসায়ত জড়িত আছিল যদিও ইতিমধ্য আজৰি সময়ত মিঃ পীয়েনাৰে যি ৰাজনৈতিক সংঘত যোগদান কৰিলে সেইটো আছিল সাম্প্ৰদায়িক ভাবাপন্ন। আটাইকেইজন সদস্যই আছিল শ্বেতকায় বৰ্ণৰ। সিহঁতৰ মূল নীতি আছিল কৃষ্ণকায় বৰ্ণৰ লোকসকলক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি শ্বেতকায় লোকসকলৰ প্ৰভুত্ব বিস্তাৰ কৰা। সিহঁতে যুক্তি  দৰ্শাইছিল যে এডোখৰ ঠাইত জন্মগ্ৰহণ কৰিলেই ঠাইডোখৰ সেই মানুহগোটৰ হৈ নাযায়। কিছুমান হাবিত হাজাৰ হাজাৰ বন্দৰে জন্মগ্ৰহণ কৰে, কিন্তু সেই হাবিখন বন্দৰৰ নহয়। সেই দেশত বহুতো কলা ছালৰ মানুহে জন্মগ্ৰহণ কৰিছিল আৰু মাৰিছিল, সেই বুলিয়েই দেশখন সিহঁতৰ হ’বনে? ধকধকীয়া বগা ছালৰ এক শ্ৰেনীৰ মানুহ ভগবানে ভুলতে সৃষ্টি কৰা নাই। মানুহৰ ছালৰ এই দুটা ৰঙৰ মাজতে সৃষ্টিকৰ্তাৰ বক্তব্য লুকাই আছে। উক্ত যুক্তিৰে সিহঁতে সাম্প্ৰদায়িকতাৰ বিষ-বাষ্প সিচঁৰিত কৰাত লাগি গ’ল। মিঃ পিয়েনৰ নিজৰ দক্ষতাৰ গুণত সাধাৰণ সদস্য পদৰ পৰা দোপতদোপে উন্নতি কৰি সম্পাদকৰ পদ পালে আৰু মিছেছ পিয়েনাৰকো সংঘৰ সদস্য কৰি ল’লে। সিহঁত নিয়মীয়াকৈ সংঘৰ যোগদান কৰিবলৈ ধৰিলে আৰু সিহঁতৰ সংঘৰ মূল নীতি আলোচনা আৰু কাৰ্যকৰীভাৱে প্ৰচাৰ কৰাত লাগিল। কৃষ্ণকায় সম্প্ৰদায়ৰ মানুহখনিক চহৰৰ পৰা দূৰৈত অচুকত নি চেপা দি ৰখিল।

এদিনাখন সন্ধিয়া ক্লাবৰ পৰা ওভতি আহোঁতে কোনোবা অচিনাকী কৃষ্ণকায় যুৱতী এজনীয়ে পিছৰ পৰা মিঃ পিয়েনাৰক “ডাঙৰীয়া” বুলি মতিলে। মিঃ পিয়েনাৰে ওভতি চাই ধাৰণা কৰিলে যেন আগতে মানুহজনীক ক’ৰবাত দেখিছে। তেতিয়া সেই তিৰোতাজনীয়ে আগবাঢ়ি আহি নিজৰ চিনাকী দি মিঃ পিয়েনাৰক ক’লে— “মই মেৰী, স্মিথৰ পত্নী। মোৰ স্বামী স্মিথ তেওঁ মটৰ দুৰ্ঘটনাত আহত হৈছিল, তেওঁৰ কলিজাটো কাটি নি ডক্তৰে আপোনাৰ বুকুত লগাই দিছে। …… আমাৰ বিয়া হোৱা মাত্ৰ দুমাহ হৈছিল”।

এই চিনাকী হোৱাৰ পিছৰ পৰাই কাহিনীটোৱে দিশ সলাই তৃতীয় স্তৰত ভৰি দিলে। মিছেছ মেৰী স্মিথৰ স্বামী ভক্তি আৰু মিঃ পিয়েনাৰৰ মানসিক অন্তৰ্দ্বন্দ প্ৰকাশৰ পথ মুকলি হ’ল দ্বিতীয় দিন আকৌ এবাৰ মিচেছ স্মিথৰ স’তে তেওঁৰ দেখা হ’ল। কেইটামান নিস্তব্ধ মূহুৰ্ত পৰ হোৱাৰ পিছত জড়তা মিহলি মতেৰে পিয়েনাৰে মিচেছ স্মিথক সুধিলে, তুমি মোক কিয় লগ ধৰিছা? তেতিয়া মিৰিয়ে ক’লে, “…. মোক আপোনাৰ সান্নিধ্য লগে। মই একেবাৰে নিসংগ হৈ গ’লো ডাঙৰীয়া। মোৰ আৰু কোনো নাই। কিন্তু স্মিথৰ কলিজাখন আপোনাৰ বুকুত আছে। আমি কলিজাৰ লগতে মানুহৰ অন্তৰ থাকে বুলি ভাবো”।

আন এদিনাখন মিচচ মেৰী স্মিথে মিঃ পিয়েনাৰক লগ ধৰি কাতৰভাৱে ক’লে— “মোক মাত্ৰ এবাৰ আপোনাৰ বুকুত মূৰ থৈ স্মিথৰ কলিজৰ স্পন্দন শুনিবলৈ, অনুভৱ কৰিবলৈ লগে। …. সেই স্পন্দন এই পৃথিৱীতে আছে, অথচ মই শুনিবলৈ নাপাওঁ, এইটো বৰ কষ্টকৰ কথা ডাঙৰীয়া। অসহ্য যন্ত্ৰণা”।

সেদিনৰ এই কথাবোৰ পিয়েনাৰে ঘৰলৈ গৈ মিচচ পিয়েনাৰক ক’লে। কথা শুনি ক্ৰুদ্ধ সাপৰ দৰে মিচেচ পিয়েনাৰে ফোঁচ – কোঁচাই উঠিল। ৰাতি সিহঁতে একেলগে বিছনত শুই থাকিল। কিন্তু মিঃ পীয়েনাৰৰ বুকুৰ দপদপনি ক্ৰমে বাঢ়ি গৈ থাকিল। মাজ নিশা গভীৰ নিস্তব্ধতাৰ মাজত মিচেচ পিয়েনাৰে এক ভয়াল গুম গুণ শব্দ শুনিবলৈ পালে। লাহে – লাহে সেই শব্দ ডাঙৰ হৈ আহিল – ডাঙৰ আৰু ডাঙৰ আৰু ডাঙৰ। তীব্ৰ অভিমান আৰু ঘৃণাৰ মিচেচ পিয়েনাৰৰ নাক কোচঁ খাই গ’ল। তাই ভাৱিলে কিমান অচিনাকী হৃদপিণ্ডটো। তাই সেই চহকীৰ পৰা আঁতৰি ঘৰৰ আনটো মূৰত চকীটো টানি নি বেলেগে শুই থাকিল। মিঃ পিয়েনাৰে সাৰ পাই গম পালে যে তেওঁৰ ঘৈণীয়েকে তেওঁক ঘিণ কৰিছে । হঠাতে তেওঁৰ মিচেচ মেৰী স্মিথৰ কথা মনত পৰিল। তাইৰ ওচৰলৈ যাবলৈ তেওঁৰ মন গ’ল । কিন্তু ক’ত বা থাকে তাই। কিমান বা দূৰত থাকে। নিজৰ বিচনৰ পৰা শুই থকা অৱস্থাৰ পৰাই দীঘল কোঠাটোৰ সিটো মূৰত পত্নীৰ বিচনাখনলৈ চাই ভাবিলে – “অন্ততঃ ইমান দূৰ নহয় চাগে”।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

পিছদিনা মিচেচ মেৰীৰ ঠিকনা বিচাৰি তাইৰ ঘৰৰ সন্মুখত গাড়ী ৰখালে। বহুত মানুহে তেওঁক চাই অভিনন্দন জনাবলৈ আগবাঢ়ি আহিল। মানুহৰ ভিৰৰ মাজত মিঃ পিয়েনারে মিচেচ স্মিথৰ লগত বিশেষ একো কথা – বতৰা পাতিব নোৱাৰি ওভতি আহিল। ইপিনে তেওঁ নিষিদ্ধ কৃষ্ণকায় মানুহবোৰৰ এলেকা ভ্ৰমণ কৰাৰ বাবে তেওঁৰ স্ত্ৰী আনকি সংঘৰ সদস্যবোৰে সচকিত আৰু বিষ্মিত হৈ উঠিল। মিঃ পিয়েনাৰে লাহে – লাহে ক’লা হৈ আছে। তাই আকৌ ভাবিলে কৃষকায় মানুহৰ কলিজা আৰু তেওঁৰ দেহৰ স্বাভাৱিক অৱস্থাৰ পৰিবৰ্তন হৈ আছে। তেওঁ নিজকে পৃথিৱীৰ শ্ৰেষ্ঠ পংগু, সকলোতকৈ নিসংগ, একেবাৰে অকলশৰীয়া, কলিজা নোহোৱা জীৱ বুলি হীনমান্যতাত ভুগিব ধৰিলে। পিছৰ দিনাখন তেওঁ এখন টেক্সীৰে মিচেচ‌ স্মিথৰ ঘৰলৈ গৈ তাইক উদ্দেশ্যি ক’লে-

“স্মিথৰ কলিজাটোৰ স্পন্দন ধ্বনি শুনিবলৈ তোমাৰ মন যায় নহয় ?”

মেৰিয়ে ক’লেঃ “হয় ডাঙৰীয়া হয়”।

পিয়ানাৰে চকীত আউজি ক’লেঃ “অহা অহা, মোৰ বুকুৰ ওপৰত মূৰ থোৱা। প্ৰাণ ভৰি কলিজাটোৰ শব্দ শুনি লোৱা”।

এইখিনি কৈয়েই পকেটৰ পৰা ৰিভলভাৰটো উলিয়ালে। মিৰিয়ে ব্যাকুলভাৱে বাধা দি পিয়েনাৰৰ বুকুত কাণ থৈ পৰি থাকিল। এসময়ত তেওঁ মেৰীৰ ঘৰৰ পৰা ওলাই আহিল। পিছদিনা পুৱা ঘৰৰ ওচৰৰ পাৰ্কখনত তেওঁৰ মৃত দেহটো পৰি থকা অৱস্থাত দেখা গ’ল।

এই তৃতীয় কাহিনীটোৰ পৰা স্মিথৰ স্বামিভক্তি স্পষ্টভাৱে প্ৰকাশ পাইছে। তাইৰ স্বামীৰ হৃদপিণ্ডৰটো পিয়েনাৰৰ বুকুত স্থাপন কৰাত পিয়েনাৰক যি ভক্তি আৰু তেওঁৰ লগত যি আচৰণ কৰিছে তাত তাইৰ স্বামীৰ প্ৰতি অগাধ ভক্তি আৰু বিশ্বাস প্ৰকাশ পাইছে। দ্বিতীয়তে মিঃ পিয়েনাৰে তেওঁৰ কলিজাটো সলনি কৰা বাবে মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছে যেন তেওঁৰ আচাৰ – ব্যৱহাৰ আৰু শৰীৰৰ ৰং আনকি অনুভূতিও সলনি হৈ আছে। তেওঁ সংঘৰ সোদস্য হিচাপে কাৰ্যতঃ ক্ৰমাৎ যেন সংঘৰ লক্ষ্য নীতিৰ পৰা আঁতৰি আহিছে আৰু ক্ৰমে ক্ৰমে যেন কৃষ্ণকায় অৰ্থাৎ সংঘই ঘিণ কৰা সম্প্ৰদায়ৰ ওচৰলৈ আগবাঢ়ি গৈ আছে।

গল্পটিৰ গল্পকাৰ  ভবেন্দ্ৰনাথ শইকীয়াই দেখ্দেখ্কৈ তিনি ঐক্য -কাহিনীৰ ঐক্য, সময়ৰ ঐক্য আৰু স্থানৰ ঐক্য ভঙ্গ কৰিছে। গল্পটিৰ কাহিনীভাগে কেইবাটাও দিনৰ ঘটনাক সামৰি লৈছে যদিও এইখন সৰু উপন্যাস নহয়। কিয়নো কাহিনটোৱে মিঃ পিয়েনাৰৰ অপাৰেচন কৰাৰ পিছৰ কেইটামান দিনৰ প্ৰতিক্ৰিয়াহে প্ৰতিফলিত কৰিছে। সাধাৰণতে উপন্যাসত প্ৰকাশ পোৱাৰ দৰে জীৱনৰ দীৰ্ঘ ঘটনাত বিস্তাৰিত বৰ্ণনা নাই। অৱশ্যে চুটিগল্প কাহিনীৰ ঐক্য আৰু উদদেশ্যৰ ঐক্য থকা উচিত যদিও লিখকে গল্পটোত এই কাহিনীৰ ঐক্যৰ পৰা ফালৰি কাটিছে। অৱশ্যে উদ্দেশ্যৰ ঐক্য ঠিক ৰখাত কিছু পৰিমাণে সফলতা লাভ কৰিছে।

গল্পটি চুটিগল্প হিচাপে বিশাল পৰিসৰৰ যদিও ইয়াৰ গঠনত বিশেষ কোনো জটিলতা নাই। কাহিনীটোৱে আৰম্ভণিৰ পৰা শীৰ্ষ বিন্দুৰ মাজেৰে পৰিণতিলৈ স্বাভাৱিকভাৱেই গতি কৰিছে। কলিজাটো মিঃ পিয়েনাৰৰ বুকুত সংস্থাপনৰ পিছৰ পৰাই গল্পটি আৰম্ভ হৈছে আৰু দ্বিতীয় দিনা মিচেচ মেৰী স্মিথে মিঃ পিয়েনাৰক লগ ধৰা সময়ত শীৰ্ষ বিন্দু পাইছে আৰু লাহে – লাহে নামি গৈ মিঃ পিয়েনাৰে দ্বিতীয়বাৰ অকশৰীয়াকৈ মিচেচ স্মিথৰ ঘৰলৈ যোৱা সময়তেই পৰিণতি গল্পকাৰ ভবেন্দ্ৰনাথ শইকীয়াৰ আৰম্ভণিটো বিশেষ বৰ্ণনা – বহুল আৰু উৎসুকতাৰে ভৰপূৰ। গল্পকাৰে বিশেষ ধৈৰ্য সহকাৰে কৌতুহল সমন্বিতে দুই পৃষ্ঠাতকৈ অধিক আৰম্ভণিৰ নামতে খৰচ কৰিছে। গল্পটো নাটকীয় বৰ্ণনাৰে আৰম্ভ হৈছে আৰু নাটকীয় ৰূপত শেষ হৈছে। মুঠতে গল্পটি কলাত্মক (artistic) দিশত সফল আৰু আকৰ্ষণীয়।

ভবেন্দ্ৰনাথ শইকীয়াই গল্পৰ কাহিনীৰ লগত খাব খুৱাব পৰাকৈ নিখুঁত পৰিৱেশ অংকন কৰাত পাকৈত। তেওঁ সৰু – সুৰা ঘটনা আৰু পৰিস্থিতিকো ফুটাই তোলাত বৰ দক্ষ। গল্পটিৰ আৰম্ভণিৰ পৰিৱেশ বৰ্ণনা আকৰ্ষণীয় আৰু উৎসোকতাৰে ভৰপূৰ।

গল্পকাৰে গল্পটিত কথোপকথন ব্যৱহাৰ কৰিছে যদিও কোনো অযথা কথোপকথন ব্যৱহাৰ কৰি গল্পটিত বহুল্য বৃদ্ধি কৰা নাই। তেওঁ মাথো সেইখিনি সংলাপ তেওঁৰ চৰিত্ৰসমূহৰ মুখত সানি দিছে যিখিনিয়ে গল্পটি আগবঢ়াই নিয়াত অৰিহণা যোগায়।

গল্পটিত লিখকৰ জীৱন দৰ্শন প্ৰকাশ নোপোৱাকৈ থকা নাই। গল্পটি বৰ্ণনা কৰোতে মাজে – মাজে লিখকৰ চিন্তাশীল মন্তব্য প্ৰকাশ পাইছে য’ৰ পৰা লিখকৰ জীৱন দৰ্শনৰ সম্যক আভাস পাব পাৰি। কিন্তু দাৰ্শনিকৰ দৰে লিখকে কোনো সঠিক সিদ্ধান্তত প্ৰত্যক্ষভাৱে উপনীত হোৱা দেখা নাযায়।

ভবেন্দ্ৰনাথ শইকীয়াৰ ভাষা সৰল নাইবা জটিল নহয়। মাজে মাজে উপমা, অলংকাৰৰ প্ৰয়োগ দেখা যায়- “যুদ্ধৰ শেষত বিজয়সূচক ডবাৰ ধ্বনি যেন লাগিল”,”নামটো গিলাচৰ ঔষধৰ বুৰবুৰণিৰ নিচিনাকৈ অদৃশ্য হৈ গৈছে”, “ক্ৰুদ্ধ সপিনীৰে নিচিনাকৈ মিচেচ পিয়েনাৰে ফোঁচ কোঁচাই উঠিল”।

গল্পটিত তিনি ঐক্যৰ ভঙ্গ হৈছে যদিও আকৰ্ষণীয় বৰ্ণনা, বাস্তৱভিত্তিক ঘটনা, নিখুঁত চৰিত্ৰাঙ্কন, পৰিমিত কথোপকথন আৰু পুংখানপুংখ পৰিৱেশ পৰিৱেশনত গল্পটি অসমীয়া গল্প সাহিত্যৰ ভঁৰালত এটি উৎকৃষ্ট অৱদান।

প্ৰশ্নঃ ১৪। “গহ্বৰ” চুটিগল্পটিৰ চৰিত্ৰসমূহৰ বিশ্লেষণ কৰা।

উত্তৰঃ “গহ্বৰ” চুটিগল্পটিৰ কেইবাটাও চৰিত্ৰ আছে যদিও তাৰ মাজত মিঃ পীয়েনাৰ, মিচেচ মেৰী স্মিথ আৰু মিচেচ পিয়েনাৰ প্ৰধান।

মিঃ পিয়েনাৰৰ চৰিত্ৰটোৱাই গল্পটিৰ প্ৰধান আকৰ্ষণ। গল্পকাৰে যিমান পাৰে সিমান নিখুঁতভাৱে তেওঁৰ ভূমিকাটো অংকন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু সফলো হৈছে । তেওঁ হৈছে শিক্ষিত আৰু সমাজৰ প্ৰভাৱশালী ব্যক্তি। আগতে চৰকাৰী চাকৰি কৰিছিল যদিও মিচেচ পীয়েনাৰৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত চাকৰি এৰি দি কাগজৰ ব্যৱসায়ত সোমায় আৰু বিশেষ প্ৰতিপত্তি লাভ কৰে। তেওঁ শ্বেতকায় বৰ্ণৰ খৃষ্টান ধৰ্মাৱলম্বী লোক। তেওঁৰ হৃদপিণ্ডটো নষ্ট হৈ যোৱা বাবে মিষ্টাৰ স্মিথ নামৰ বত্ৰিশ বছৰীয়া ডেকা এজনৰ হৃদপিণ্ড ডঃ কেম্পবেল নামৰ এজন চিকিৎসকে সফলতাৰে তেওঁৰ বুকুত সংস্থাপন কৰি ব্যৱসায়ৰ লগতে ৰাজনীতি আৰু সমাজনীতি চৰ্চাত মনোনিৱেশ কৰে আৰু তেতিয়াৰ পৰাই তেওঁ সাম্প্ৰদায়িক হৈ উঠে আৰু ক’লা বৰণৰ খৃষ্টানসকলে ঘিণ কৰিবলৈ লয়। কিন্তু মিচেচ মেৰী স্মিথৰ লগত চিনাকি হোৱাৰ পিছৰ পৰা তেওঁ তেওঁৰ সংঘৰ আদৰ্শ আৰু ব্যক্তিগত প্ৰবৃত্তিৰ মাজত অন্তৰ্দ্বান্ধত লিপ্ত হয়। অৱশেষ তেওঁৰ মানৱীয় প্ৰবৃত্তিৰ জয় হয় আৰু মিচেচ মেৰী স্মিথৰ সান্নিধ্যলৈ যায় যদিও মানসিক অন্তৰ্দ্বন্দৰ শীৰ্ষ সীমাত উপনীত হৈ আকস্মিকভাৱে মৃত্যু মুখত পৰে। তেওঁৰ চৰিত্ৰত আদৰ্শনীয় আৰ্হি আছিল যদিও সংঘত যোগ দিয়াৰ পিছত তেওঁৰ আদৰ্শই দিশ সলায়। অবশেষেত তেওঁৰ আত্ম – উপলদ্ধিৰ দ্বাৰা বুজি পাবলৈ সক্ষম হৈছিল যে শ্বেত আৰু কৃষ্ণ বৰ্ণৰ মাজত বিৰোধটো আচলতে মানবীয় গুণৰ বিৰোধী ধাৰণা। তেওঁৰ মৃত্যু মনেই সাম্প্ৰদায়িকতাবাদৰ প্ৰতীকি মৃত্যু বুজাইছিল। অসমীয়া গল্প সাহিত্যত এনে অন্তৰ্দ্বান্দত ভুগা চৰিত্ৰ অতি তাকৰ আৰু ভবেন্দ্ৰনাথ শইকীয়াই সফলতাৰে এনে চৰিত্ৰ ফুটাই তোলাত কৃতকাৰ্য হৈছে। 

দ্বিতীয় আকৰ্ষণীয় চৰিত্ৰটি হৈছে মিচেচ স্মিথ। তেওঁ হৈছে মিষ্টাৰ স্মিথৰ পত্নী। মাত্ৰ দুমাহ আগতে মিঃ স্মিথৰ লগত তাইৰ বিয়া হৈছিল আৰু এদিন সান্ধ্য ভ্ৰমণৰ পৰা ওভতি অহাৰ সময়ত গাড়ী দুৰ্ঘটনাত মিঃ স্মিথ আহত হৈছিল আৰু পিছত মৃত্যুবৰণ কৰিছিল। তেওঁৰ কলিজাটো মিঃ পিয়েনাৰৰ বুকুত সংস্থাপন কৰা হৈছিল। সেয়ে মিচেচ স্মিথ অকালতে বিধবা হয়। মিঃ পিয়েনাৰে তাইৰ নাম শুনিছিল আৰু দেখিছিল যদিও কোনো প্ৰভাৱ ৰাখিব পৰা নাছিল গল্পৰ প্ৰায় মাজভাগত তাই আবিৰ্ভাৱ হয় আৰু মৃত স্বামীৰ প্ৰতি থকা তাইৰ আকৰ্ষণ আৰু ভক্তি পিয়েনাৰৰ লগত কৰা আচৰণত প্ৰকাশ পায়। তাই ভাবিছিল যে কলিজাতে মানুহৰ অন্তৰ লুকাই থাকে আৰু যিহেতু তাইৰ স্বামীৰ কলিযাটো মিঃ পিয়েনাৰৰ বুকুত আছে সেয়ে মিঃ পিয়েনাৰৰ বুকুত মূৰ থৈ তাই স্বামীৰ স্পৰ্শ অনুভৱ কৰিব বিচাৰে। অৱশেষত তাইৰ জয় হ’ল। গল্পকাৰে তাইৰ চৰিত্ৰটো অংকন কৰোতে  সফলতাৰে চানেকি দিব পৰিছে।

বাকী চৰিত্ৰবোৰ অতি সংক্ষিপ্ত আৰু তেনেই নিষ্প্ৰভ। ডঃ কেম্পবেল এজন দক্ষ চিকিৎসক। তাৰোপৰি তেওঁ মাজে মাজে মিঃ পিয়েনাৰৰ স্বাস্থ্যৰ খবৰ লৈ ডাক্তৰ এজনৰ দায়িত্ব পালন কৰিছে। তেওঁ গল্পটোৰ নায়কজনক জীৱন দান কৰিছে সঁচা, কিন্তু গল্পৰ বাকী অংশত তেওঁৰ বিশেষ কোনো ভূমিকা নাই। 

মিচেচ পিয়েনাৰৰ চৰিত্ৰটোও সৰল আৰু চুটি। তাই স্বামীৰ লগতে ব্যৱসায় চলাইছে আৰু ৰাজনৈতিক সংঘৰ যোগদান কৰি সাম্প্ৰদায়িকতা‌ৰ সপক্ষে আগবাঢ়িছে। তাইয়ো সাধাৰণ তিৰোতাৰ দৰে স্বামীৰ প্ৰতি আকৰ্ষণ আৰু প্ৰেম দেখুৱাইছে যদিও শেষত স্বামীৰ প্ৰতি ঘৃণভাৱ পোষণ কৰা পৰিলক্ষিত হৈছে আৰু এই ঘৃণাৰ কাৰণটো মাথো এটাই – সেয়া হৈছে তাইৰ স্বামীয়ে কৃষ্ণ লোক এজনৰ কলিজা বুকুত ধাৰণ কৰিছে। মিঃ পিয়েনাৰে গোপনে মিচেচ স্মিথৰ লগ ধৰাৰ বাবে তাই ক্ষোভ আৰু খং প্ৰকাশ কৰিছে যদিও এইয়া নাৰীৰ সাধাৰণ অভিমান বুলি ক’ব পাৰি।

মুঠতে ভবেন্দ্ৰনাথ শইকীয়াৰ সকলোবোৰ চৰিত্ৰই পৰিৱেশৰ চাপত পৰি হাবু – ডুবু খাইছে আৰু কোনেও পৰিস্থিতিৰ আবেষ্টনীৰ পৰা বাহিৰ ওলাব পৰা নাই।

প্ৰশ্নঃ। ১৫। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ চুটিগল্প “ঢোৰসাপ”ৰ এক সমালোচনাত্মক আলোচনা আগবঢ়োৱা।

উত্তৰঃ ভবেন্দ্ৰনাথ শইকীয়াৰ “ঢ়োৰাসাপ” শিৰোনামেৰে লিখা চুটিগল্প এটি সামাজিক চুটিগল্প। গল্পটিত কোনো এটি সুন্নিদ্দিষ্ট কাহিনী নাই। গল্পটি “জনেকী” নামৰ এজনী কুৎসিত আৰু শাৰীৰিকভাৱে দুৰ্বল ছোৱালীক কেন্দ্ৰ কৰি গঢ়ি উঠা কেইবাটাও খণ্ড – খণ্ড ঘটনাৰ বিন্যাসহে, যি ঘটনাবোৰৰ মাজেদি নাৰীৰ প্ৰতি পুৰুষৰ শাৰীৰিক প্ৰেম প্ৰকাশ পাইছে। গল্পটিৰ কাহিনী কোনো এক বিন্দুৰ পৰা আৰম্ভ হৈ শীৰ্ষবিন্দু আৰু উপসংহাৰৰ মাজেদি পৰিনিতিলৈ আগবাঢ়ি যোৱা নাই। “জানেকী” নামৰ অনাকৰ্ষণীয় ছোৱালীজনীক লৈ কেইবাজেন পুৰুষে যি কামনাৰ আকৰ্ষণ দেখুৱাইছে এই গল্পটি তাৰেই চিত্ৰ।

গল্পটিৰ আৰম্ভণি বিশেষভাৱে আকৰ্ষণীয় আৰু চমকপ্ৰদ। ইয়াৰ হাস্যৰসৰ খলকনি আছে। “লিলকান্ত” নামৰ মানুহ এজনে “চন্দ্রিকা” নামৰ ছোৱালী এজনীক বিয়া কৰায়। ” লীলাকান্ত” আছিল “জনেকী” নামৰ এজনী ছোৱালীৰ প্ৰেমিক। তেওঁ জনেকীক এখন ফুলাম চাদৰ উপহাৰ দিছিল। লীলাকান্তই সেই চাদৰখন ধাৰে আনি নিজৰ ঘৈণীয়েক চন্দ্রিকাক পিন্ধাই এখন ফটো তুলিছিল। চাদৰখনেৰে ফটোখন বিশেষ আকৰ্ষণীয় হৈছিল। চন্দ্রিকাই ফটোখন দেখি খুব আনন্দিত হৈছিল। লগতে গাঁৱৰ বহুত তিৰোতাই আহি ফটোখন উপভোগ কৰিছিল। যি ফুলাম চাদৰ পিন্ধি চন্দ্ৰিকাই ফটোখন উঠিছিল সেয়া যে তাইৰ স্বামী লীলাকান্তই পূৰ্বৰ প্ৰেয়সী জানেকীক উপহাৰ দিছিল আৰু তাইৰ পৰাই ধাৰ কৰি লীলা চন্দ্ৰিকাক পিন্ধাইছে, সেই কথা চন্দ্রিকই জনা নাছিল। 

ইয়াৰ পিছতেই গল্পটিয়ে মূৰ সলায়। গল্পকাৰে চন্দ্রিকা আৰু লীলা এৰি যানেকী আৰু আন কেইজনমান ডেকা ল’ৰাৰ চিত্ৰ অংকন কৰিছে, যিসকল ডেকাই জনেকীৰ লগত প্ৰেম পৰাৰ অভিনয়েৰে জানেকীক উপভোগ কৰিব বিচাৰিছিল।

জানেকীৰ বয়স একুৰি বাৰ বছৰ। তেওঁ অবিবাহিত হয়। কোনেও তাইক বিয়া কৰোৱা নাই যদিও বহু পুৰুষে তাইৰ লগত প্ৰেমৰ অভিনয় কৰি ভোগ কৰিব বিচাৰিছে। তাইৰ দিষটো হৈছে তাই শাৰীৰিকভাৱে দুৰ্বল চেহেৰাৰ, তাই অতি ওখ, আঙুলিবোৰ কঁটুৱা, ছাল কুঁজখুৱা, চকু গাঁতলৈ সোমাই যোৱা। জনেকীৰ বাপেক নাই “সাবিত্ৰী” নামেৰে এজনী সৰু ভন্টি আৰু “সুগন্ধি বুঢ়ী” নামেৰে এজনী বুঢ়ী আই আছে। জনেকীক চাবলৈ কেইবাবাৰো কেইবাজন ডেকা ল’ৰা আহিল যদিও কোনেও তাইৰ বিয়া নকৰালে । এবাৰ “মনোমোহন” নামৰ ডেকা এজন ওলাল। তেওঁ চৰকাৰী ঠিকাদাৰ। ক’লেৰা, বসন্ত ৰোগৰ প্ৰাদুৰ্ভাৱ হ’লেই তেওঁ গাঁৱে – গাঁৱে, ঘৰে – ঘৰে ছিটা দি ফুৰিব লগে আৰু তাতেই খবৰ পায় কাৰ ঘৰত ছা – ছোৱালী আছে তাকেই বিচাৰি মনমোহনেও এবাৰ জনেকীক চাই গ’ল। জনেকীক পচন্দ হ’লনে নাই তেওঁ একো নক’লে যদিও মাজে মাজে জনেকীহঁতৰ ঘৰলৈ আহি থাকিল। জনেকীৰ সৰু ভন্টি সাবিত্ৰীয়ে সোধ – পোচ কৰে আৰু জা – জলপানৰ যোগান ধৰে। মুখত হাঁহি আৰু ধেমেলীয়া কথা – বতৰা। “সুগন্ধি বুঢ়ী”ৰ লগত সি গুণগুণকৈ জনেকীৰ বিয়া – বাৰুৰ কথাও পাতিলে। এনেকৈয়ে তেওঁৰ আহ – যাহ চলি থাকিল। এবছৰ গ’ল….. এদিন হঠাৎ সাবিত্ৰীয়ে ঘৰত জনালে যে তাই অন্তঃসত্বা। মনমোহনৰ কামনাৰ বলি তাই। জনেকীক বিয়া কৰাবলৈ আহি সাবিত্ৰীৰ লগত দৈহিক সম্বন্ধ গঢ়িলে। এদিন সাবিত্ৰী মনমোহন লগত ঘৰৰ পৰা ওলাই গ’ল। 

ইয়াৰ পিছত “ৰুদ্ৰ” নামৰ ল’ৰাএজনৰ কবলত পৰিল জনেকী। এদিন ভাওনাৰ পৰা ৰাতি অকলে ঘৰলৈ ওভতি আহোতে ৰুদ্ৰই তাইক ধৰিলে। বাটত তাইৰ প্ৰতি তেওঁৰ আকৰ্ষণ প্ৰকাশ কৰিলে। মাজে মাজে সি জনেকীহঁতৰ ঘৰলৈ আহি থাকিল। এদিন ৰুদ্ৰই জনেকীৰ বাবে পকা মালভোগ কল লৈ আহিছিল। তাইৰ লগত হাঁহি – ধেমালিৰে কথা আৰম্ভ কৰিলে। এদিন জনেকীয়ে ৰুদ্ৰক ক’লে- “এটা কথা নহয় ককাইটি, তোৰ কিবা কথা পাতিব লগা আছে, তাইৰ লগতে পাত আৰু তোৰ পিতায়েক বৌৱেৰহঁতৰ লগত পাত। তাৰ পিছত যি হয় হ’ব”।

সিদিনাৰ পিছত ৰুদ্ৰই অৱশ্যে একো ক’বলগীয়া নহ’ল। ৰুদ্ৰৰ পিতাকে কথাটো গম পাই ৰুদ্রক ডাবি – ধমকি দিলে। সিহঁতৰ সম্বন্ধ সিমানতে অন্ত পৰিল।

ইয়াৰ পিছত আহিল “তেপাধৰ” নামৰ ষ্ট্ৰিম ৰোলাৰৰ ড্ৰাইভাৰ এজন। তেওঁ ৰাস্তা পকী কৰা কামত জনেকীহঁতৰ অঞ্চললৈ আহিছিল। তেপাধৰে সময় বুজি জনেকীহঁতৰ ঘৰৰ পিছফালে বেৰখনত টুকুৰিয়াই জনেকীক সংকেত দিলে। জানেকীয়ে তেওঁৰ সংকেতত সঁহাৰি নিদিলে। তেপাধৰ সিদিনা গুচি গ’ল আৰু কোনো দিন নাহিল।

ইয়াৰ পিছত আহিল “লীলাকান্ত”। তেওঁ গাঁওখনৰ আটাইতকৈ gohin- গম্ভীৰ মানুহ। ল’ৰা – ছোৱালী তাৰ কাষ চপা দুৰৰ কথা, সমনীয়া মানুহেও তাৰ লগত জুখি – মাখিৰে কথা কয়। কামৰ সময়ত কাম কৰে। বাটত ফুৰিলে তলমূৰকৈ ফুৰে। কোনোবাই বিয়া – বাৰুৰ  কথা উলিয়ালে সি আন কথা উলিয়ায়। তেওঁ সৰু থাকোঁতেই তেওঁৰ মাক ঢুকাইছে। তেওঁ এবাৰ জনেকীহঁতৰ ঘৰৰ পিছফালে প্ৰকাণ্ড শিলিখা গছ এজোপা কিনি লৈছিল । সেই গছজোপা তেওঁ মানুহ লগাই কটালে আৰু মিস্ত্ৰী লগাই তক্তা বনাব দিলে। সেই উদ্দেশ্যেই তেওঁ জনেকীহঁতৰ ঘৰলৈ যায় আৰু জনেকীৰ লগত অনৰ্গল কথা পাতে। এদিনাখন লীলা তাইক ক’লে – “তোক দেখি মোৰ বৰ ভাল লাগে”।

এদিন লীলাকান্তই তাইক ৰঙা ফুলাম পাৰিব চিল্কৰ চাদৰ এখন উপহাৰ দিলে। জনেকীয়ে গ্ৰহণ কৰিব বিচৰা নাছিল যদিও সুগন্ধী বুঢ়ীৰ কথাত তাই চাদৰখন ৰাখি থ’লে। লীলাকান্তই সেই ঘৰত মাজে মাজে আহি থকা কথাটো গাঁৱৰ মানুহে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিলে। সেয়ে সিহঁতে এদিন “চন্দ্রিকা” নামৰ ছোৱালী এজনীৰ লগত লীলাকান্তৰ বিয়া পাতি দিলে। লীলা জনেকীৰ ঘৰত আৰু অহা বন্ধ কৰিলে। দিনৰ দিনটো অকলে ঘৰত বহি থাকি চন্দ্রিকাৰ ভাল নালাগে। সেয়ে এদিন স্বামী – স্ত্ৰীয়ে মিলি ফটো তুলিবলৈ ইচ্ছা কৰিলে। লীলা জনেকীক দিয়া সেই ৰঙা পৰিৰ ফুলাম চাদৰখন ধাৰ কৰি আনি স্বামী – স্ত্ৰী দুয়োজনে একেলগে ফটো তুলিলে। পিছত কোনোবা সৰু ল’ৰাৰ হতুৱাই সেই চাদৰখন জনেকীলৈ ঘূৰাই পঠায় যদিও কপুৰখনত সেন্দুৰৰ ফোঁট লাগি আছিল আৰু লেতেৰাও হৈছিল। সেয়ে জনেকীৰ খং উঠিল আৰু নিজেই চাদৰখন ঘূৰাই দিবলৈ এদিন লীলাকান্তৰ ঘৰলৈ গ’ল। জনেকীয়ে ক’লে যে তেঁও দিয়া বস্তু তাইক নালাগে। তেঁৱেই ৰাখি থওঁক। জানেকীয়ে এনেদৰে ক’লে- “এঃ নালাগে। দে, মৰমৰ মানুহজনী থাকিব ইয়াত, তোৰ হেঁপাহৰ চাদৰখন থাকিব মোৰ বাকচত পৰি। এইবোৰ than- বান হৈ থকা কথা বেয়া। আটাইবোৰ থুপ খুৱাই থ’ব লাগে, বুইছ? মই যায়ঁ দে”। বেৰৰ আঁৰত পিৰালি মচি থকা চন্দ্রিকাই কথা – বতৰা শুনি আছিল। তাইৰ আৰু পিৰালী মচা নহ’ল। তাই ফটোখন বাহিৰ কৰি আনিলে। তাই আৰু ফটোখনৰ ফুলাম চাদৰখনলৈ চাব নোৱাৰিলে। তাইৰ ভাৱ হ’ল যেন ভৰিৰ পৰা আৰম্ভ কৰি এডাল প্ৰকাণ্ড সাপে তাইক মেৰিয়াই ধৰিছে। যিডালে তাইক এৰিও নিদিয়ে, গিলিও নেপেলায়। গল্পটো ইয়াতে শেষ। কিন্তু গল্পটিৰ স’তে জড়িত থকা চৰিত্ৰসমূহৰ চাৰিত্ৰিক দিশ কেইটামান ফুটি উঠিছে। গল্পটি কেইবাটাও সৰু – সৰু ঘটনাৰ সমাবেশ, যি সৰু – সৰু ঘটনা নিজেই একো – একোটা গল্প হ’ব পাৰিলেহেঁতেন। এনে গল্পক মিশ্ৰ গল্প বুলি ক’ব পাৰি। 

গল্পৰ আন আন উপাদান যেন_ কথোপকথন, পৰিৱেশ সৃষ্টি, লিখকৰ জীৱন দৰ্শন আদিও গল্পটিত বিদ্যমান। লিখকে গল্পটিত সামাজিক চিত্ৰ ফুটাই তোলাত সফল হৈছে। গল্পটিৰ ভাষাও বিশেষ বৰ্ণনাত্মক আৰু খুটি – নাটি বৰ্ণনাৰ প্ৰতিও লিখক সচেতন হোৱা যেন প্ৰতীয়মান হয়। 

শেষত ক’ব পাৰি গল্পটি আবেদনযুক্ত ভিন্ন শৈলীৰ চুটিগল্প, যি শৈলীটো লিখক ড° ভবেন্দ্ৰনাথ শইকীয়াৰ একান্তই নিজা। 

প্ৰশ্নঃ “গহ্বৰ” গল্প – সংকলনখনিত কেইটা গল্প সন্নিৱিষ্ট কৰা হৈছে আৰু গল্পকেইটা কি কি হ’ব?

উত্তৰঃ ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ এখন উল্লেখযোগ্য গল্প সংকলন হ’ল “গহ্বৰ”। ১৯৬৯ চনত প্ৰকাশ পোৱা এই গল্প – সংকলনটিত শইকীয়াদেৱে বিভিন্ন সময়ত ৰচনা কৰা মুঠ এঘাৰটি মননশীল গল্প সন্নিৱিষ্ট কৰিছে।

গল্প সংকলনটিত সন্নিৱিষ্ট গল্পকেইটা হ’ল-

(ক) “গহ্বৰ” (১৯৬৮)।

(খ) “যৌতুক” (১৯৬৯)।

(গ) “বয়স” (১৯৬৩)।

(ঘ) ” অসুৰ” (১৯৬৭) ।

(ঙ) “আলান্ধু” (১৯৬৩)।

(চ) “গ্ৰহণ” (১৯৬৬)।

(ছ‌) “অমৃত” (১৯৬২)।

(জ) “মৈদাম ” (১৯৬৬)।

(ঝ) “বৰ্ণবোধ” (১৯৬৭)।

(ঞ) “খনিকৰ” (১৯৬৫)।

(ট) “নিৰ্বাণ” (১৯৬৮)।

“”গহ্বৰ” গল্প সংকলনখনিৰ প্ৰতিটো গল্পই হৃদয়স্পৰ্শী আৰু মনঃপুত । প্ৰতিটো গল্প এজন সাধাৰণ পাঠকেও সহজে হৃদয়ংঙ্গম কৰিব পাৰিম। সহজ – সৰল শৈলী, উপস্থাপন পদ্ধতি বাক্যৰ উপযুক্ত প্ৰয়োগ গোটেই গল্প সংকলনখনিয়েই সৰ্বাংগসুন্দৰ কৰি তুলিছে। 

প্ৰশ্নঃ ১৭। ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ চিনেমা আৰু বিলাত যাত্ৰা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ভাৰতীয় চিনেমাত “New Wave”ৰ সংজ্ঞা, চিন্তাধাৰা, সমল আৰু আদৰ্শ প্ৰৱৰ্তনৰ মাজেদি এক পৃথক কলাত্মক চিনেমা ধৰাৰ জন্ম দিয়া দূৰদৰ্শী, স্বাধীন আৰু মহান সৃষ্টিশীল চিনেমা পৰিচালকসকলৰ মাজত ড° ভবেন্দ্ৰনাথ শইকীয়া দেৱ সদায়েই অন্যতম। সত্যজিৎ ৰায়, ঋত্বিক খটক, মৃণাল সেন, অদূৰ গোপালকৃষ্ণণ, শ্যাম বেনেগাল আৰু শেহত অৰ্পণা সেন এই ধাৰাৰ বাটকটীয়া আছিল। ড° শইকীয়া দেৱে ভাৰতীয় চিনেমাৰ লগতে আমাৰ অসমীয়া চিনেমা জগতক তেখেতৰ বহুমূলীয়া অৱদানেৰে মহীয়ান কৰি থৈ গৈছে, আমি অসমীয়াবোৰ চিনেমাৰ দিশেৰে এটা অতি চহকী জাতি।

“New Wave” চিনেমা ধাৰাৰ জন্ম ফ্ৰান্সত হ’লেও ই অতি সোনকালে পৃথিৱীৰ সকলো দেশলৈকে বিয়পি পৰিছিল। ইটালীৰ “Neo-Realism” ক প্রভৱাম্বিত কৰা আৰু প্ৰচলিত চিনেমাৰ ধাৰাক আঁতৰাই থৈ সমাজ পৰিৱৰ্তনকামী সমাজৰ বাবে নিৰ্মাণ কৰা ষাঠিৰ দশকৰ চিনেমা আদৰ্শই আছিল “New Wave” ষ্টুডিঅ’ৰ পৰা কেমেৰা ওলাই সমাজৰ ওচৰ পালেগৈ, সমাজৰ পৰা প্ৰয়োজনীয় চৰিত্ৰবোৰ বুটলি ল’লে, কেমৰাই বাস্তৱবোৰ চাই তাৰ পৰিৱৰ্তন ৰেক’ৰ্ড কৰিলে, তাত ৰাজনীতি, সমাজনীতি, সংস্কৃতি আৰু মানৱ মনস্তত্ত্বৰ বিশ্লেষণ কৰিলে আৰু সবাতোকৈ শেষত সেইবোৰক ৰূপক (Symbol) ৰূপে প্ৰকাশ কৰিলে। চিনেমা হৈ গ’ল চিনেমাই সমাজৰ কথা ৰূপকৰ মাজেৰে কৈ গ’ল; আৰু আমি আমাৰ সমাজৰ ঘটনাৰ ওপৰত ভেঁটি কৰি সৃষ্টি কৰা চিনেমা পাই গ’লো, য’ত আপুনি, মই আৰু আমি কিন্তু সোমাই পৰিলোঁ।

ষাঠিৰ দশকত আৰম্ভ হোৱা চিনেমাৰ এই নতুন ধাৰাই ইউৰোপত ফ্ৰান্সৰ বাহিৰেও ব্ৰিটেইন, পশ্চিম জাৰ্মানী, প’লেণ্ড, চেকোশ্লোভাকিয়া, ইটালী আদি দেশবোৰ কপাই  তুলিছে। এছিয়া মহাদেশত ভাৰতবৰ্ষ, হংকং, চীন টাইৱান, ইৰাণ আদি দেশ আৰু আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰ, লেটিন আমেৰিকাৰও এই বৃত্তৰ পৰিধিত সোমাল। ফ্ৰান্সৰ পৰিচালক Jean-Luc Godard, Eric Rohmer, Francoins Truffaut, Agnes Varda, ইটালীত Paol পাচলিনি, Sergio Leone, Luchino Visconti আৰু Michelangelo Antonioni; স্পেইনত লুইচ Bunurl আৰু ছুইডেনত Vilgot Sjoman – এ এই “নি wave” ৰ যাত্ৰা আগুৱাই লৈ গ’ল আৰু আমাৰ ভাৰতবৰ্ষত সত্যজিৎ  ৰায়ে “পথেৰ পাঁচলী”ৰ মাজেৰে ভাৰতীয় চিনেমালৈ “নি Wave” ৰ আদৰণি জনালে। 

১৯৬০ চনত এই সময়খিনিত ড° ভবেন্দ্ৰনাথ শইকীয়া লণ্ডনলৈ যায়। ১৯৬১ চনত তেখেতে “ইউনিভাৰ্চিটী” অৱ লণ্ডন” ৰ পৰা পদাৰ্থবিদ্যাত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰিছে আৰু সেই একে বছৰতেই “ইম্পেৰি়য়েল কলেজ অফ ছায়েন্স এণ্ড  টেকন’লজি লণ্ডনৰ”ৰ পৰা বিশেষ ডিপ্লমাও আহৰণ কৰিছে। সৰুৰে পৰা ছাঁ – পোহৰৰ খেলত ব্যস্ত, ঘৰতেই চিনেমাৰ সপোন দেখি যোৱা শইকীয়া ছাৰৰ বাবে এই সময়খিনি আৰু ঠাইখিনি স্বৰ্গ যেন হৈ পৰিছিল। “New Wave”ৰ মাজত ছাৰে তেখেতৰ সপোনৰ পৃথিৱীখন বিচাৰি পাইছিল। এফালে ভিটৰিঅ’ ডি চিকাৰ “Bicycle Thieves”, ফেডেৰিক’ ফেলিনিৰ “la Dolce Vita” aru আনফালে jean-Luc Godard ৰ “Breathless”, Francois Truffaut ৰ “Shoot the Piano player” আৰু Michelangelo Antonioni ৰ “La Notte”।

ড° শইকীয়া দেৱৰ দৰে প্ৰতিভাৰ বাবে জুইৰ ফিৰিঙতিয়েই যথেষ্ট। ছাৰে “New -Realism” আৰু “Nee Wave”ৰ সকলো সম্পদ, আদৰ্শ, চিন্তা – চেতনা, পৰীক্ষাৰ সমল আৰু প্ৰয়োগৰ কৌশল হাতত লৈ অসম পাই গ’ল।

শইকীয়াদেৱৰ বৈশিষ্ট্য বুলিলে কামৰ পৃথক ধাৰা, পৃথক কাহিনী আৰু চৰিত্ৰ উপস্থাপনৰ কৌশল, পৃথক কেমেৰা আৰু পৃথক পৰ্যবেক্ষণ উল্লেখনীয়। ১৯৭৭ চনত “সন্ধ্যাৰাগ”ত তেখেতে এহাতে “New-Realism” আৰু আনহাতে “New Wave” দুয়োটাৰেই সংমিশ্ৰণ ঘটাই প্ৰথম চিনেমা নিৰ্মাণ কৰিলে, অসমীয়া চিনেমালৈ “ৰজত কমল বঁটা”ৰ সন্মান আহিল। তাৰ পাছত “অনিৰ্বাণ”, “অগ্নিস্নান”, “কোলাহল”, “সাৰথি”, “আৱৰ্তন”, “ইতিহাস” আৰু “কালসন্ধ্যা”। এখনৰ পাছত এখন সফল চিনেমা, অসমীয়া চিনেমালৈ মান – সন্মান আৰু গৌৰৱ শইকীয়াদেৱৰ চিনেমাৰ বিশেষত্বই হৈছে বিষয়বস্তুৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু উপস্থাপন কৰাৰ প্ৰৱণতা। ছাৰৰ কামত কাতিয়াবা ফেডৰিক, ফেলিনি আৰু কেতিয়াবা মাইকেলেঞ্জেল’ অন্টিনিঅ’নি সোমাই থাকে যেন লাগে।

প্ৰশ্নঃ ১৮। ভবেন্দ্ৰনাথ শইকীয়াই শিশু সাহিত্যত শিশুৰ নৈতিক শিক্ষাৰ প্ৰসংগ কেনেদৰে উত্থাপন কৰিছে আলোচনা কৰা।

উত্তৰঃ সুস্থ নৈতিক চৰিত্ৰইহে শিশুৰ সৰ্বাংগীণ বিকাশ সম্পূৰ্ণ কৰে । শিশুসকলে পুথিগত বিদ্যা অৰ্জন কৰাৰ সমান্তৰালকৈ নৈতিকতাৰ শিক্ষা আহৰণ কৰাটোও অত্যন্ত প্ৰয়োজনীয়, কিয়নো বিদ্যা – বুদ্ধিৰে জ্ঞানৱন্ত লোকো চৰিত্ৰৰ দোষত সমাজৰ চকুত ঘৃণিত হয়। শিশুৱে শৈশৱ অৱস্থাতে গ্ৰহণ কৰা সুস্থ নৈতিক আদৰ্শই সমাজ  তথা সভ্যতাৰ উত্তৰনত উপযুক্ত ভূমিকা পালন কৰে। 

বৌদ্ধিক বিকাশৰ সমান্তৰালকৈ গঢ় লৈ উঠা হৈ নৈতিক চৰিত্ৰইহে শিশুৰ সৰ্বাংগীন বিকাশ সাধন কৰে। জন্মগত প্ৰবৃত্তি অনুসৰি শিশুৰ স্বভাৱ – চৰিত্ৰত ভিন্নতা লক্ষ্য কৰা যায়। কিন্তু উপযুক্ত নৈতিক শিক্ষাৰ শিশুৰ জন্মগত নেতিবাচক দিশবোৰৰ পৰিৱৰ্তন সাধন কৰি সৎ স্বভাৱ – চৰিত্ৰ গঢ় লৈ উঠাত বিশেষভাৱে সহায় কৰে। শিশু সাহিত্যত ভবেন্দ্ৰনাথ শইকীয়াই শিশুৰ হৈ নৈতিক আদৰ্শ গঢ় লৈ উঠাত সমানে গুৰুত্ব আৰোপ কৰি তেখেতৰ শিশু – সাহিত্যত ইবোৰৰ কলাত্মক প্ৰকাশ ঘটাইছে। শিশুৱে কৰ্তব্যবোধ গঢ়ি তুলি, হৈ আচৰণৰ প্ৰচেষ্টাৰ দ্বাৰা, কু – অভ্যাস পৰিহাৰ কৰি, আত্মসংশোধনৰ জৰিয়তে, নিজৰ কামৰ বিচাৰ কৰিবলৈ শিকি, অনৰ উপকাৰ সাধন কৰি জানিবলগীয়া সৰু সৰু কথাবোৰ জানি – বুজি লৈ জীৱনত সেইবোৰৰ সু – প্ৰয়োগৰ জৰিয়তে নৈতিক আদৰ্শ গঢ়ি তুলিব পাৰে। ভবেন্দ্ৰনাথ শইকীয়াই উক্ত দিশবোৰলৈ লক্ষ্য ৰাখি তেখেতৰ শিশু – সাহিত্যত শিশুৰ গ্ৰহণযোগ্যকৈ নৈতিক শিক্ষাৰ প্ৰসংগ উপস্থাপন কৰিছে।

কৰ্তব্যবোধ নৈতিকতাৰ এক প্ৰধান দিশ। সৰুৰে পৰাই গঢ় লৈ উঠা কৰ্তব্যনিষ্ঠাই শিশুৰ সমাজত তথা পৰিয়ালত নিজৰ প্ৰস্থিতি উপলব্ধি কৰায়। কৰ্তব্যনিষ্ঠাৰ জৰিয়তে শিশুৰ মনত এক ধৰণৰ দায়িত্ববোধৰো জন্ম হয়। শিশুৰ নৈতিকতাৰ এই বিশেষ দিশটোৰ প্ৰসংগ লেখকে উপদেশ প্ৰধানৰ জৰিয়তে অথবা কৌশলেৰে তেখেতৰ শিশু – সাহিত্যত উত্থাপন কৰিছে। 

তলত দিয়া উদাহৰণকেইটাই এই কথা স্পষ্ট কৰি তুলিব- 

(ক) ভবেন্দ্ৰনাথ শইকীয়াৰ “তোমালোকৰ ভাল হওঁক” গ্ৰন্থখনত “ৰাখিব পৰা সৰু সৰু প্ৰতিজ্ঞা”, “তোমালোকে নিজেই নিজৰ বন কৰা ল’ৰা – ছোৱালী হোৱা”, “ইটো আন, সিটো আন”, “ঘৰুৱা কাম নিজে কৰিবলৈ লোৱা” শীৰ্ষক লেখাকেইটাত শিশুৰ কৰ্তইব্ববোধ গঢ়ি তোলাৰ লগতে তেওঁলোকক নৈতিক শিক্ষা প্ৰদান কৰাৰ প্ৰচেষ্টা পৰিলক্ষিত হয়। 

(খ) “ৰাখিব পৰা সৰু সৰু প্ৰতিজ্ঞা” নামৰ লিখনীটোত ডায়েৰী লিখাৰ আভ্যাস গঢ়ি তুলিবৰ বাবে লেখকে শিশুসকললৈ পৰামৰ্শ আগবঢ়াইছে। অন্য দেশৰ মানুহে বছৰৰ প্ৰথম দিনটোত নতুনকৈ কিবা এটা কাম আৰম্ভ কৰাৰ সংকল্প লোৱাৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰি ভবেন্দ্ৰনাথ শইকীয়াই আমাৰ শিশুসকলকো তেওঁলোকে ৰাখিব পৰাকৈ তেনেধৰণৰ সংকল্প ল’বলৈ পৰামৰ্শ দিছে।

(গ) হৈ আচৰণৰ প্ৰচেষ্টা নৈতিকতাৰ আন এটি বিশেষ দিশ। অসৎ ব্যৱহাৰ পৰিহাৰ কৰি সজ আচৰণৰ নীতিশিক্ষা প্ৰত্যক্ষ কৰা যায়। শিশুৰ মনোজগতত ক্ৰিয়া কৰা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ভবেন্দ্ৰনাথ শইকীয়াই সৎ আদৰ্শেৰে তেখেতৰ শিশু – সাহিত্যত নীতি – বচনমূলক উপদেশ প্ৰদান কৰিছে। “তোমালোকৰ ভাল হওঁক” গ্ৰন্থখন “ছাত্ৰ নামটোৰ সন্মান”, “আমাক যুদ্ধ নালাগে” শীৰ্ষক লিখনী দুটাত সজ আচৰণৰ জৰিয়তে শিশুৰ নৈতিক চৰিত্ৰ গঢ়াৰ প্ৰসংগ উত্থাপিত হৈছে।

(ঘ) “মৰমৰ দেউতা” নামৰ কিশোৰৰ উপযোগী উপন্যাসখনতো “বিপুল” নামৰ চৰিত্ৰটিত নৈতিক অধঃপতিত ৰূপৰ প্ৰতিফলন ঘটিছে, যাৰ জৰিয়তে অসৎ মানসিক আচৰণৰ সাৰ্থক নিদৰ্শন ফুটি উঠিছে।

(ঙ) কু – অভ্যাস পৰিহাৰ কৰি সু – অভ্যাস গঢ়ি তুলিলেহে শিশু সজ নৈতিক চৰিত্ৰৰ অধিকাৰী হয়। শিশুৰ চৰিত্ৰৰ এই বিশেষ দিশটোলৈ লক্ষ্য ৰাখি ভবেন্দ্ৰনাথ শইকীয়াই তেখেতৰ শিশু – সাহিত্যত সু – অভ্যাস গঠনৰ বাবে শিশুসকলক অৱশ্যকীয় উপদেশ প্ৰদান কৰিছে। “তোমালোকৰ ভাল হওঁক” শীৰ্ষত গ্ৰন্থখনৰ “নিজৰ নামত লোকে লিখা কথা” “কিছুমান অভ্যাস নাইকিয়া কৰিব পাৰি”, “ইটো নাখাওঁ, সিটো নাখাওঁ” লিখনীকেইটাৰ মাজেৰে শিশুৰ সু – অভ্যাস গঠনৰ ক্ষেত্ৰত উপযুক্ত নীতি – শিক্ষা পৰিলক্ষিত হয়।

(চ) কিছুমান ল’ৰা – ছোৱালীয়ে খোৱাৰ সময়ত ইটো নাখাওঁ, সিটো নখাওঁ কৈ অভিভাৱকক বৰ আমনি কৰে। কেতিয়াবা আনৰ ঘৰলৈ গ’লেও ল’ৰা – ছোৱালীৰ এনে অভ্যাসেই মাক – দেউতাকক বিমোৰত পেলায়। এনে অভ্যাস শিশুক সু – স্বাস্থ্যৰ অধিকাৰী হোৱাত বাধা দিয়ে। ভবেন্দ্ৰনাথ শইকীয়াই ” ইটো নাখাওঁ, সিটো নাখাওঁ” নামৰ লীখনীটোত শিশুসকলৰ এই অভ্যাস নাইকিয়া কৰিবলৈ আৰু শৰীৰৰ বাবে উপকাৰী সকলো খাদ্য খাবলৈ পৰামৰ্শ আগবঢ়াইছে। 

(ছ) “আশা কৰোঁ তোমালোক সকলো ভালে আছা” ৰচনৰাজিৰ অন্তৰ্গত ৫নং চিঠিখনত অভ্যাসৰ দ্বাৰা যে নিজে কৰা ভুকবোৰ শুধৰাব পাৰি, সেই কথা উল্লেখ কৰিছে। “সফুঁৰা” আলোচনীখনত এবাৰ অনাকাংক্ষিতভাৱে হোৱা এটা ভুল কাৰ্যৰ বিবৰণ দাঙি ধৰি প্ৰসংগক্ৰমে সেই ভুলৰ শুধৰণিৰ কথা ক’বলৈ গৈ ভবেন্দ্ৰনাথ শইকীয়াই শিশুসকলক উদ্দেশ্যি কৈছে_ “ভুল মানুহৰ হয়ে”। কিন্তু এইষাৰ কথাৰ আশ্ৰয় লৈ মানুহে ভুল কৰি থাকিব নালাগে। ধৰি লোৱা তোমাৰ এটা বেয়া শব্দ কৈ থকাৰ অভ্যাস আছে। এইটো তোমাৰ ভুল কাম। কিন্তু তুমি চেষ্টা কৰিলেই এই ভুল শুধৰাব পাৰা। এবাৰ ক’বলৈ এৰি দিলেই গোটেই জীৱনলৈ সেই বেয়া শব্দটো তোমাৰ মুখৰ পৰা আঁতৰি যাব পাৰে।

(জ) নৈতিকতা আন এক উল্লখযোগ্য দিশ হ’ল- আত্ম সংশোধন। জ্ঞাতে- অজ্ঞাতে কোনো ভুল কাম কৰিলেও পৰবৰ্তী সময়ত উচিত – অনুচিত বিচাৰ বিবেচনাৰ জৰিয়তে আত্ম – সংশোধন কৰিব পৰাটো শিশুসকলৰ বাবে এটি ভাল গুণ। আত্মসংশোধনে শিশুৰ নৈতিক চৰিত্ৰ সুদৃঢ় কৰি তোলে। শিশুৰ প্ৰতিটো প্ৰয়োজনলৈ দৃষ্টি ৰাখি গ্ৰন্থ ৰচনা কৰা শিশু – সাহিত্যক ভবেন্দ্ৰনাথ শইকীয়াৰ শিশু – সাহিত্য আত্ম – সংশোধনৰ প্ৰসংগ দৃষ্টিগোচৰ হয়। “শান্ত – শিষ্ট – হৃষ্ট – পুষ্ট – মহাদুষ্ট” গ্ৰন্থখন এই বিশেষ দিশটোৰ উল্লেখ দেখা যায়।

(ঝ) “কি ভুল কৰিছিলা, জানিবলৈ চেষ্টা কৰিবা” নামৰ লিখনীটোত লেখকে নিজৰ কামৰ বিচাৰ কৰি চোৱাৰ কথা উদাহৰণসহ উল্লেখ কৰিছে b। সাধাৰণতে দেখা যায়, কিছুমান ল’ৰা-ছোৱালীয়ে পৰীক্ষাৰ বহীবোৰ ঘূৰাই দিলে বেয়া পায় আৰু কিছুমানে গালি পৰাৰ ভয়ত মাক – দেউতাকক বহীবোৰ নেদেখুৱায়। কিন্তু তেনে কাম কৰিলে শিশুৱে নিজৰ ভূলবোৰ জানিবলৈ সুযোগ নাপায়। গতিকে নিজৰ ভুল জানিবলৈ তাক পুনৰ নিৰীক্ষণ কৰাটো প্ৰয়োজনীয়। উক্ত লেখাটোৰ জৰিয়তে লেখকে এই নীতি – শিক্ষকে প্ৰদান কৰিছে। 

(ঞ) আনৰ উপকাৰ সাধনৰ প্ৰচেষ্টাৰে শিশুৱে নিজৰ নীতি – আদৰ্শত পৰিচয় দিব পাৰে। বিপদত অথবা প্ৰয়োজনত অসহায়জনক উপকাৰ কৰাটো শিশুৰ এটি মহৎ গুণ। এই গুণ আয়ত্ত কৰিলে শিশুসকলে বহু প্ৰকাৰে লাভৱান হ’বলৈ সক্ষম হ’ব। ভবেন্দ্ৰনাথ শইকীয়াই শিশুৰ নৈতিকতা গঠনৰ ক্ষেত্ৰত এনে দিশবোৰতো গুৰুত্ব আৰোপ কৰিছিল। 

(ট) পৰোপকাৰ গুণৰ অধিকাৰী হ’লে মানুহ সকলোৰে প্ৰিয়পাত্ৰ হয়। শিশুসকলেও এই গুণ আয়ত্ত কৰি নিজকে সকলোৰে প্ৰিয় তুলিব পাৰে। সমাজহিতৈষী এই গুণ নৈতিকতাৰ অন্যতম প্ৰচেষ্টা। ই শিশুক সামাজিকভাৱে দায়বদ্ধ কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰে।

(ঠ) যিকোনো কথা বুজিবলৈ চেষ্টা কৰাটো শিশুসকলৰ এটি উল্লেখযোগ্য গুণ। কোনো কথা নুবুজাকৈ যিকোনো ধৰণৰ পদক্ষেপ লোৱা উচিত নহয়। যিকোনো পৰিস্থিতি নিজৰ বিচাৰ – বুদ্ধিৰে বুজি লৈহে সেই অনুসৰি কাৰ্য কৰা উচিত। মাক – দেউতাক, বায়েক – ভায়েক, শিক্ষাগুৰুসকলে কোনো উপদেশ দিলে অথবা কোনো কথা বুজালে তাক হৃদয়ংগম কৰি কাৰ্যত। পৰিণত কৰিবলৈ চেষ্টা কৰিব লাগে। এনে প্ৰচেষ্টাই শিশুৰ বৌধশক্তি জন্মায। “তোমালোকৰ ভাল হওঁক” গ্ৰন্থখনৰ “দুখীয়া মা – দেউতা আৰু টিভি” শীৰ্ষক লিখনীটোৰ পৰা। শিশুৱে এই নীতিশিক্ষাৰ আহৰণ কৰিব পাৰে। 

এইবোৰৰ উপৰিও কিছুমান সৰু সৰু কথাৰ পৰাও শিশুৱে নৈতিক শিক্ষা লাভ কৰিব পাৰে। ভবেন্দ্ৰনাথ শইকীয়াই তেখেতৰ শিশু সাহিত্যত তেনে কিছুমান কথাও শিশুৰ উপযোগীকৈ সংযোগ কৰিছে। শিশুৰ সু – চৰিত্ৰ, সু -অভ্যাস গঠনৰ প্ৰতি লক্ষ্য ৰাখি ভবেন্দ্ৰনাথ শইকীয়াই তেখেতৰ শিশু উপযোগী গ্ৰন্থখনত বিভিন্ন দিশৰ নৈতিক শিক্ষা প্ৰদান কৰিছে। এইবোৰক আয়ও কৰি তাক কাৰ্যকৰী কৰিলে শিশুসকল যথেষ্ট উপকৃত হ’ব।

প্ৰশ্নঃ ১৯। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ “গ্ৰহণ” গল্পটোৰ সমালোচনাত্মম আলোচনা আগবঢ়োৱা। 

উত্তৰঃ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ গল্প প্ৰতিভাৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল লেখকৰ সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতা। সেই ক্ষমতাৰে এক অপৰিমেয় সৌন্দৰ্যৰ আধাৰ কৰি তোলাত লগতে সেই খুদ্ৰ ক্ষুদ্ৰ চিত্ৰবোৰে পাঠকৰ মনত। এক দুৰ্লভ অনন্দানুভুতিৰ পুলক জগায় তোলে। তেনেকুৱা বহু চিত্ৰই “গ্ৰহণ” গল্পটোক মনোগ্ৰাহী কৰি তুলিছে। 

গল্পটোত লেখকে বয়সস্থ লোকৰ মনৰ জগতখনত ভুমুকি মাৰিছে। বিশ্বৰ বহু সাহিত্যিকে তেওঁলোকৰ সাহিত্যত শৈশৱ বা কৈশোৰৰ অভিজ্ঞতা সমল কৰি লৈ সাহিত্য সৃষ্টি কৰিছে। কিন্তু বৃদ্ধ বয়সৰ অভিজ্ঞতাৰ বেলিকা কথাটো olpo বেলেগ। বৃদ্ধ বয়স পোৱাৰ আগতেও বহু লেখকে বৃদ্ধ বয়সৰ অভিজ্ঞতাৰে নিজৰ সাহিত্য সমৃদ্ধ কৰি তুলিছে। এনে ক্ষেত্ৰত প্ৰধান সম্বল হৈছে লেখকৰ তীক্ষ্ণ পৰ্যবেক্ষণ ক্ষমতা আৰু মানুহৰ জীৱন সম্পৰ্কে সৃষ্টশীভাৱে লাভ কৰা প্ৰচুৰ অভিজ্ঞতা।

“গ্ৰহণ” গল্পটোৰ মূল কথাটো হ’ল এজন বয়সস্থ মানুহৰ নিঃসঙ্গ জগতখনৰ কথা। গল্পৰ নায়ক অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে এই বৃদ্ধ বয়সত নিঃসঙ্গ অনুভৱ কৰিছে। তেওঁৰ এই নিঃসঙ্গ অৱস্থাত তেওঁৰ মনলৈ বহুত কথাই আহিছে। কিন্তু তেওঁৰ মনত অহা এই সকলো কথাৰে কেন্দ্ৰ বিন্দুটো হ’ল তেওঁৰ পৰিয়ালটোৰ চাৰিটা প্ৰাণী, এহাল ল’ৰা – ছোৱালী অতুল আৰু গীতাৰ লগতে তেওঁ আৰু তেওঁৰ পত্নী। তেওঁৰ পত্নী কিছু বছৰৰ আগতেই ঢুকাইছে। পত্নী – বিয়োগৰ শোকটো তেওঁৰ কাৰণে ইমান প্ৰবল আছিল যে পত্নীৰ বিয়োগৰ লগে লগে তেওঁৰ পৃথিৱীৰ সকলো জীৱিত প্ৰানীৰেই মৃত্যু হ’ল বুলি ধাৰণা হৈছিল।

তেওঁৰ ছোৱালী গীতাৰ ওচৰলৈ সুবোধ আহে। গীতৰ ওচৰলৈ সুবোধ কিয় আহে তেওঁ জনে। গীতাঁহতে কিন্তু তেওঁ সেইবোৰ কথা একো নুবুজে বুলি ভাবে। তেওঁ যে চালাক মানুহ,বুদ্ধিমান মানু্হ, সেই কথা গীতহঁতে নাজানে। কিন্তু তেওঁ জানে, তেওঁ যে চালক মানুহ। গীতাৰ বান্ধৱী অনুও গীতাঁহতৰ ঘৰলৈ প্ৰায়ে আহে। গীতাৰ ধাৰণা অনুৰ সমান ভাল বান্ধৱী পৃথিৱীত নাই। অৱসপ্ৰাপ্ত অধ্যাপকজনৰ ল’ৰা অতুল, অনু, সুবোধ, গীত এই সকলোৱেই এটা কোঠাত প্ৰেমৰ লীলা – খেলাত মছগুল হৈ থাকে।

বৃদ্ধই বেকাৰ বয়সতে পৰিবাৰৰ লগত বৃদ্ধ বয়সটো কেনেকৈ কটাব সেই কথাৰ পৰিকল্পনা কৰিছিল । তেওঁলোক অন্ততঃ কাকো আমনি নিদিব। ডেকা বয়সত বা তেওঁৰ লগৰ চুবুৰীৰ বয়সস্থ মানুহ কেইজনমানে কেনেকৈ অন্য‌ মানুহক কথাৰে আমনি দিয়ে সেই কথা তেওঁ ভালকৈ জানে। বাটেৰে যোৱা মানুহ মাতি মাতি আনি কথা পাতে। তেওঁলোকে কিন্তু কেতিয়াও তেনেকুৱা নকৰিব বুলি ঠিক কৰিছিল। নিজৰ জীয়েক – পুতেকহঁতকলৈও তেওঁলোকৰ কল্পনা আছিল। অতুললৈ লক্ষ্মী ছোৱালী এজনী বিয়া কৰাই আনিব। জীয়েকক উপযুক্ত পাত্ৰলৈ উলিয়াই দিব। অন্য বহু বৃদ্ধ পিতৃ – মাতৃয়ে আমনি কৰাৰ দৰে তেওঁলোকে নিজৰ পো – বোৱাৰীক সংসাৰত কোনোধৰণৰ আমনি নকৰিব আৰু সেইবুলি সিহঁতৰ চকীদাৰীও নকৰিব।

বৃদ্ধ বয়সত নিঃ সঙ্গতাৰ লগতে গল্পটোত এক তীব্ৰ আইৰণি আছে। গীতাই আশা কৰা মতে সুবোধে তেওঁক বিয়া নকৰালে, অনুকহে বিয়া কৰালে। গীতাই উপায় নাপাই হ’ম চায়েন্স পঢ়িবলৈ ঘৰৰ পৰা গুছি গ’ল। 

বোঢ়াই কথা পাতিবলৈ মানুহ বিচাৰে নিজে চুবুৰীয়াৰ ঘৰ ফুৰিবলৈ ল’লে। প্ৰথমে সকলোৱে আদৰ কৰিছিল। কিন্তু পিছলৈ তেওঁ গ’লে ঘৰত মানুহ নাইকিয়া হয়। তেওঁ সভা – সমিতিলৈ যাবলৈ ধৰিলে। কিন্তু সভাত তেওঁ বক্তৃতা দিবলৈ ধৰিলে মানুহৰ মাজত কথাৰ গুঙুণনি উঠে। তেওঁ ভাৱে তেওঁৰ সাৰুৱা কথাৰ কাৰণেই শ্ৰোতাৰ মাজত গুনগুননি উঠিছে। তেওঁ বক্তৃতা দি থাকোঁতেই শ্ৰোতা বাহিৰলৈ উঠি গৈ কথা পতাত লাগে। তেওঁ জানে তেওঁৰ বক্তৃতাৰ মূল্যবান কথাখিনিকে বাহিৰত শ্ৰোতাই আলোচনা কৰিছে।

ইপিনে তেওঁৰ ভৰিৰ বিষ। তেওঁ ফুৰিবও যাব নোৱাৰা হ’ল। অৱশেষেত  ঘৰৰ বাৰাণ্ডাত হেলনীয়া চকী এখনতে বহি বাটৰ মানুহ চাই ফুৰে। তেওঁৰ ক’বলগীয়া বহুত আছে, কিন্তু ক’বলৈ মানুহ নাই। বাটেদি যোৱা মানুহ দেখিলে মাতি আনে। তেওঁ ডেকা হৈ থাকোতে চুবুৰীৰ ঘন বোঢ়াই ঘৰৰ বাৰাণ্ডাৰ হেলনীয়া চকীখনত বহি থাকি বাটেদি যোৱা ডেকা ল’ৰা দেখিলে মাতি আনি ঘণ্টাৰ পিছত ঘণ্টা কথা পাতে। ঘন বুঢ়াৰ পৰা পলাবলৈ তেওঁ নানাক যত্ন কৰি ফুৰিব লগা হৈছিল।

এতিয়া শেষত তেওঁৰো অৱস্থা একেই হৈছে। বাটেদি যোৱা ডেকা ল’ৰা মাতি আনি অলপ বহুৱাই কথা পাতি থাকিব বিচাৰে।

গল্পটোৰ মূল আবেদন হ’ল কাৰুণ্য। বৃদ্ধ বয়সৰ নিঃসঙ্গতাৰ কাৰুণ্য । এই কাৰুণ্যক আৰু তীব্ৰ কৰি তোলা হৈছে। বিশেষকৈ বৃদ্ধ বয়সৰ আৰু সাধাৰণভাৱে মানুহৰ জীৱনৰ কিছুমান ট্ৰেজিক এয়াৰণিৰ দ্বাৰা। 

অধ্যাপকজনে সদায় নিজকে তীক্ষ্ণ বুদ্ধিৰ মানুহ বুলি ভাবি আহিছে আৰু এতিয়াও ভাবি আছে । কিন্তু প্ৰতি পদে পদে তেওঁ ঠগ খাইছে। তেওঁৰ বুদ্ধিসত্তাই তেওঁক সুৰক্ষা দিব কোনোমতেই পৰা নাই। বৃদ্ধ বয়সৰ নিঃসঙ্গতা আৰু সাধাৰণভাৱে মানৱ জীৱনৰ একাকিত্ববোধ গল্পটোত সুন্দৰভাৱে ফুটি উঠিছে। বুদ্ধিসত্তাই যে মানুহক এই নিঃসঙ্গবোধৰ পৰা ৰক্ষা কৰিব নোৱাৰে সেই কথাটোও গল্পটোত ফুটি উঠিছে।

ইয়াৰোপৰি আন এটা কথাৰ উল্লেখ কৰিব পাৰি যে বৃদ্ধ অধ্যাপকজনৰ এই একাকীত্ববোধ “আধুনিক” কালৰ মানুহৰ একাকীত্বববোধ নে প্ৰাচীন কালৰ পৰা মানুহে সময়ে সময়ে অনুভৱ কৰি অহা একাকীত্ববোধ? গল্পৰ নায়ক বৃদ্ধ অধ্যাপকজনে অনুভৱ কৰা এই নিঃসঙ্গতাবোধ আধুনিক কবি- সাহিত্যিকে অনুভৱ কৰা নিঃসঙ্গতাবোধ নহয়। নায়ক বৃদ্ধ অধ্যাপকজনে অনুভৱ কৰা এই নিঃসঙ্গতা আধুনিক যুগৰ মানুহে ভোগ কৰা নিঃসঙ্গতা নহয়। বৃদ্ধ অধ্যাপকজনৰ নিঃসঙ্গতাবোধৰ উৎস ঊনবিংশ – বিংশ শতিকাৰ মহানগৰ যন্ত্ৰ – বিশ্বযুদ্ধৰ যুগে সৃষ্টি কৰা জীৱনৰ অৰ্থহীনতা বা জীৱনৰ পৰা সৃষ্টি হোৱা নিঃসঙ্গতা নহয়। এই নিঃসঙ্গতা বা অকলশৰীয়াবোধৰ উৎস হৈছে_ স্বামী – স্ত্ৰীৰ যুগ্ম জীৱনৰ মাজত থকা বুলি ভবা চিৰন্তন মমতাবোধ। বৃদ্ধ অধ্যাপকজনে কৈছে, “পত্নী ঢুকাওতে মই বৰ কষ্ট পালো। এজনী বেঙী মানুহ আঁতৰি যাওঁতে মোৰ পৃথিৱীৰ প্ৰত্যেকটো জীৱ থকা প্ৰাণী আঁতৰি যোৱা যেন লাগিছিল আৰু কোনো নাই। একেবাৰে নিঃসঙ্গ। পত্নীৰ বিয়োগত বৃদ্ধৰ জীৱনলৈ অহা এই নিঃসঙ্গতা সঁচাকৈয়ে কৰুণ । আধুনিক যন্ত্ৰযুগে সৃষ্টি কৰা নিঃসঙ্গতাই মানুহৰ ওচৰত জীৱনৰ অৰ্থহীনতা প্ৰতিপন্ন কৰে। কিন্তু বৃদ্ধ অধ্যাপকব নিঃসঙ্গতাই জীৱনৰ অৰ্থপূৰ্ণতাহে প্ৰতিপন্ন কৰিছে। যুগ্মজীৱন, দাম্পত্য প্ৰেম এইবোৰ জীৱনৰ সম্পদ। সেয়েহে পত্নী বিয়োগত বৃদ্ধই ভয়াবহভাবে অকলশৰীয়া অনুভৱ কৰিছে। জীৱনলৈ আহি পৰা এই নিঃসঙ্গতাৰ চিত্ৰ ইমান মনোগ্ৰাহীকৈ তুলি ধৰিব পৰাটো ভবেন্দ্ৰনাথ শইকীয়াৰ শিল্প প্ৰথিভাৰ এক কৃতিত্ব। বৃদ্ধ অধ্যাপকৰ নিঃসঙ্গতা আৰু অসহায় ভাব আৰু বেছি কৰুণ হৈ পৰিছে যেতিয়া তেওঁৰ পুতেক অতুল আৰু গীতক তেওঁৰ ওচৰলৈ মাতিবলৈ মন যায় পিছে বৃদ্ধই নামতে। কাৰণ সিহঁতৰ সময় কম।

বৃদ্ধ বয়স মানুহৰ জীৱনলৈ অহা কিছুমান বিষাদময় অনুভূতি একক লক্ষ্যৰে সুন্দৰ শিল্পৰূপত গল্পটোত ধৰি ৰখা হৈছে। আমাৰ ধাৰণা গল্পটোৰ আবেদন সময়ে মচি পেলাব নোৱাৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top