🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Barack Obama Biography | বাৰাক অ’বামাৰ জীৱনী

বাৰাক হুছেইন অ’বামা (Barack Hussein Obama) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি হিচাপে পৰিচিত, যি ২০০৯ চনৰ ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি পদৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেখেত ইতিহাসৰ এক গুৰুত্বপূর্ণ ব্যক্তিত্ব, কাৰণ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়। তেওঁৰ নেতৃত্ব, বৰ্ণিল ব্যক্তিত্ব আৰু ভাষণশৈলীয়ে আমেৰিকাৰ ৰাজনীতিত এক নতুন অধ্যায় সৃষ্টি কৰিছিল। ২০০৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেখেতে গণতান্ত্ৰিক দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয় আৰু আমেৰিকাৰ ইতিহাসত প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে, যি সঁচাকৈয়ে এক ঐতিহাসিক মুহূৰ্ত হিচাপে গণ্য কৰা হয়। ৰাষ্ট্ৰপতি ৰূপে তেওঁৰ কাৰ্যকালত, তেওঁ দেশৰ স্বাস্থ্যসেৱা, অৰ্থনীতি, পৰরাষ্ট্রনীতি, আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত বহুতো গুৰুত্বপূর্ণ সংস্কাৰ আগবঢ়াইছিল, যাৰ ভিতৰত ‘Affordable Care Act’ বা ‘Obamacare’ বিশেষভাৱে উল্লেখযোগ্য। ২০১২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ পুনৰ নিৰ্বাচিত হয় আৰু ২০১৭ চনৰ ২০ জানুৱাৰীলৈকে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল। তেওঁৰ ৰাজনৈতিক দৰ্শন, নেতৃত্বগুণ আৰু মানৱসেৱাৰ প্ৰতিশ্ৰুতিৰ বাবে, বাৰাক অ’বামা সমগ্ৰ বিশ্বতে অন্যতম প্ৰভাৱশালী নেতা হিচাপে পৰিচিত।

Barack Obama Biography | বাৰাক অ'বামাৰ জীৱনী
নামবাৰাক অ’বামা (Barack Obama) 
জন্ম             ৮ আগষ্ট,  ১৯৬১ চন       
ৰাজনৈতিক দলডেমক্ৰেটিক

বাৰাক অ’বামা (Barack Obama) ৰ বাল্যকাল আৰু শিক্ষা

জন্ম আৰু পৰিয়াল

বাৰাক অ’বামাৰ জন্ম ১৯৬১ চনৰ ৮ আগষ্টত আমেৰিকাৰ হাৱাই প্ৰদেশত হৈছিল। তেওঁৰ পিতৃ, বাৰাক অ’বামা (জ্যেষ্ঠ), কেনিয়াৰ বাসিন্দা এজন কৃষ্ণাংগ আমেৰিকান আছিল, আৰু মাতৃ, এন ডানহাম, কেনচাচৰ এগৰাকী শ্বেতাংগ আমেৰিকান আছিল। জ্যেষ্ঠ বাৰাক অ’বামাই কেনিয়াৰ নিয়ানজা প্ৰদেশত জন্মগ্ৰহণ কৰিছিল আৰু উচ্চশিক্ষাৰ বাবে হাৱাইত উপস্থিত হৈছিল। সেয়েহে, তেওঁ তাত এন ডানহামক লগ পাই ১৯৬২ চনৰ ২ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হয়।

শৈশৱ আৰু পৰিৱেশ

বাৰাক অ’বামাৰ জন্মৰ দুই বছৰৰ পাছতে তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে। ১৯৬৫ চনত মাতৃ এন ডানহামে ইণ্ডোনেচিয়াৰ ল’ল’ ছ’ৱেট’ৰ’ নামৰ এজন ছাত্ৰৰ সৈতে পুনৰ বিবাহ পাশত আবদ্ধ হয়। তাৰ পিছত, অ’বামা পৰিয়ালসহ ইণ্ডোনেচিয়াৰ জাকাৰ্টালৈ স্থানান্তৰিত হয়। তাতেই তেওঁৰ সতীয়া ভগ্নী মায়া ছ’ৱেট’ৰ’ৰ জন্ম হয়। শৈশৱৰ কিছুকাল অ’বামাই পিতৃ, মাতৃ আৰু সতীয়া ভগ্নীৰ সৈতে ইণ্ডোনেচিয়াত অতিবাহিত কৰে।

প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা

শিক্ষাৰ উত্তম সুবিধা প্ৰদানৰ উদ্দেশ্যে, তেওঁৰ মাতৃয়ে অ’বামাক পুনৰ হাৱাইলৈ পঠিয়াই দিয়ে। তাত তেওঁ হাৱাইৰ অন্যতম বিখ্যাত ‘পুনাহু’ স্কুলত অধ্যয়ন কৰে। তেওঁ মধ্যমীয়া মানৰ ছাত্ৰ আছিল, কিন্তু কঠোৰ পৰিশ্ৰম আৰু অধ্যয়নৰ প্রতি আগ্ৰহী আছিল। কিছুদিনৰ পিছত, এন ডানহাম আৰু মায়া পুনৰ হাৱাইলৈ স্থানান্তৰিত হয় আৰু অ’বামাৰ ওচৰত থাকিবলৈ আহে।

উচ্চশিক্ষা

অ’বামাই উচ্চশিক্ষাৰ বাবে লছ এঞ্জেলছৰ অক্সিডেণ্টেল কলেজত ভৰ্তি হয়। তাৰ পিছত, তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ত ৰাজনীতি আৰু বৈদেশিক পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰে। শিক্ষান্তে, তেওঁ চিকাগোৰ দুখীয়া আৰু কৃষ্ণাংগ লোক অধ্যুষিত অঞ্চলসমূহত ‘কমিউনিটি অৰ্গেনাইজাৰ’ হিচাপে কাম কৰে।

আইনী শিক্ষা আৰু সফলতা

১৯৯০ চনত, অ’বামা “হাৰ্ভাৰ্ড ল’ ৰিভিউ” সম্পাদনা কৰা প্ৰথম আফ্ৰিকান-মূলৰ আমেৰিকান হিচাপে পৰিচিত হয়। ১৯৯১ চনত, তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সন্মানজনকভাৱে আইনী স্নাতক ডিগ্ৰী লাভ কৰে। এই সময়ছোৱাত, তেওঁ ৰাজনীতি, সমাজ সেৱা, আৰু আইনক্ষেত্ৰত বিশেষ আগ্ৰহ দেখুৱাইছিল, যিয়ে তেওঁৰ ভবিষ্যৎ ৰাজনৈতিক জীৱনৰ ভিত্তি স্থাপন কৰে।

বাৰাক অ’বামা (Barack Obama) ৰ ৰাজনৈতিক জীৱন আৰু ৰাষ্ট্ৰপতি পদৰ যাত্ৰা

ৰাজনৈতিক জীৱনৰ আৰম্ভণি

১৯৯৬ চনত বাৰাক অ’বামা ইলিনয়ৰ পৰা ষ্টেট চিনেটৰ হিচাপে নিৰ্বাচিত হয়। তেওঁ ৮ বছৰলৈ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪ চনৰ ডেম’ক্ৰেটিক নেচনেল কনভেনচনত, ‘জন কেৰী’ৰ সমৰ্থনত দিয়া তেওঁৰ প্ৰভাৱশালী ভাষণে তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰি তোলে।

২০০৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু প্ৰথম কাৰ্যকাল

২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত, আমেৰিকাৰ ডেম’ক্ৰেটিক দলে তেওঁক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। অভ্যন্তৰীণ নিৰ্বাচনত তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ পত্নী হিলাৰী ক্লিণ্টনক পৰাজিত কৰে। সাধাৰণ নিৰ্বাচনত তেওঁ ৰিপাব্লিকান প্ৰাৰ্থী জন মেক-কেইনক সহজে পৰাস্ত কৰে।

২০০৯ চনৰ ২০ জানুৱাৰীত, বাৰাক অ’বামাই আমেৰিকাৰ ৪৪তম আৰু প্ৰথম আফ্ৰিকীয়-মূলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। এই সময়ত আমেৰিকাৰ অৰ্থনীতি মন্দাগত আৰু দেশৰ ভেটি দুটা যুদ্ধ চলি আছিল।

অ’বামাৰ পৰিকল্পনা আৰু মূল উদ্যোগ

প্ৰথম কাৰ্যকালত, অ’বামাই বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল—

  • অৰ্থনৈতিক পুনৰুদ্ধাৰ: শিশুৰ স্বাস্থ্য বীমাৰ পৰিসৰ বৃদ্ধি, সম-মজুৰীৰ দাবীৰ প্ৰতি সহায়, গৃহনিৰ্মাণ আৰু ক্ৰেডিট ক্ষেত্ৰক উন্নয়ন আৰু চৰকাৰী সহায়।
  • পৰরাষ্ট্রনীতি: ইউৰোপ, ৰাছিয়া, আৰু চীনৰ সৈতে সম্পৰ্ক উন্নত কৰা, ইৰাণ, ভেনিজুৱেলা, আৰু কিউবাৰ সৈতে আলোচনা আৰম্ভ কৰা।
  • যুদ্ধ নীতি: আফগানিস্তানলৈ ২১,০০০ সেনা প্ৰেৰণ আৰু ২০১০ চনৰ ভিতৰত ইৰাকৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰৰ ঘোষণা।

অ’বামাৰ নেতৃত্বত আমেৰিকা এক নতুন দিশলৈ গতি কৰিলে। তেওঁ বিশ্ব অৰ্থনীতি, স্বাস্থ্যসেৱা, আৰু ৰাজনৈতিক স্থিৰতা বজাই ৰখাত গুৰুত্ব দিছিল। তেওঁৰ নেতৃত্বত দেশখন বহুমুখী উন্নয়নৰ পথত আগবাঢ়ি যায়।

পুনৰনিৰ্বাচন আৰু বাৰাক অ’বামা (Barack Obama) ৰ দ্বিতীয় কাৰ্যকাল

নিৰ্বাচনী প্ৰচাৰ আৰু মূলমন্ত্ৰ

২০০৮ চনৰ নিৰ্বাচনৰ দৰে, ২০১২ চনতো বাৰাক অ’বামাৰ নিৰ্বাচনী প্ৰচাৰৰ মূলমন্ত্ৰ আছিল তৃণমূলীয় বিষয়বস্তু। তেখেতে পুনৰ নিৰ্বাচনৰ বাবে ব্যাপকভাৱে জনসাধাৰণৰ সহানুভূতি আৰু সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল।

মুখামুখি প্ৰতিদ্বন্দ্বিতা

এই নিৰ্বাচনত অ’বামাৰ মুখামুখি হয় ৰিপাব্লিকান দলৰ প্ৰাৰ্থী মিট ৰমনেৰ সৈতে। প্ৰাক নিৰ্বাচনী সমীক্ষাবোৰত জনসাধাৰণৰ মাজত কঠিন প্ৰতিযোগিতা হোৱাৰ সংকেত দিয়া হৈছিল, কিন্তু অ’বামাই শক্তিশালী সমৰ্থনৰ জৰিয়তে নিজৰ স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হয়।

বিজয় আৰু পুনৰ শপথ গ্ৰহণ

২০১২ চনৰ ৬ নৱেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়, য’ত অ’বামাই প্ৰায় ৬০% ভোট লাভ কৰি বিজয়ী হয়। ২০১৩ চনৰ ২১ জানুৱাৰীত তেখেতে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে শপথ গ্ৰহণ কৰে।

বাৰাক অ’বামা (Barack Obama) ৰ  ব্যক্তিগত জীৱন

বৰাক অ’বামাই ১৯৯২ চনত মিচ্ছেল অ’বামা (পূৰ্বে ৰবিনচন)ৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে – মালিয়া (জন্ম ১৯৯৮) আৰু ছাছা (জন্ম ২০০১)।

বাৰাক অ’বামা (Barack Obama) ৰ ন’বেল বঁটা লাভ

২০০৯ চনত বাৰাক অ’বামাক শান্তিৰ ন’বেল বঁটাৰে সন্মানিত কৰা হয়। নৰৱেৰ ন’বেল সমিতিয়ে তেওঁক **”আন্তঃৰাষ্ট্ৰীয় কূটনীতি আৰু সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসামান্য অৱদান”**ৰ বাবে এই বঁটা প্ৰদান কৰে।

ন’বেল বঁটা ঘোষণাৰ কাৰণ

ন’বেল কমিটিয়ে ২০০৯ চনৰ ৯ অক্টোবৰ তাৰিখে ঘোষণা কৰে যে অ’বামাই পৰামাণৱিক অস্ত্ৰ বিস্তাৰ নিয়ন্ত্ৰণ (Nuclear Nonproliferation) আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ নতুন দিশ প্ৰচলনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই সিদ্ধান্তলৈ লৈ বিভিন্ন বুদ্ধিজীৱী, লেখক, আৰু বিশ্বৰ চিন্তাবিদসকলে মিশ্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

বঁটা গ্ৰহণ অনুষ্ঠান

২০০৯ চনৰ ১০ ডিচেম্বৰত, নৰৱেৰ অ’ছলো (Oslo)ত আয়োজিত এক অনুষ্ঠানত ৩৬ মিনিটীয়া ভাষণ দি অ’বামাই এই বঁটা গ্ৰহণ কৰে।

বৰাক অ’বামা ন’বেল শান্তি বঁটা লাভ কৰা চতুৰ্থ আমেৰিকান ৰাষ্ট্ৰপতি। তেখেতৰ আগতে এই সন্মান লাভ কৰিছিল –

  1. থিঅ’দ’ৰ ৰুজভেল্ট (Theodore Roosevelt)
  2. উড্ৰ’ ৱিলচন (Woodrow Wilson)
  3. জিমি কাৰ্টাৰ (Jimmy Carter)

উপসংহাৰ | Conclusion 

বাৰাক অ’বামা ইতিহাসৰ এক উল্লেখযোগ্য নেতা। আমেৰিকাৰ প্ৰথম আফ্ৰিকান-মূলৰ ৰাষ্ট্ৰপতি হিচাপে, তেওঁ দেশখনৰ সমাজব্যৱস্থা, অৰ্থনীতি, আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁৰ নেতৃত্বত স্বাস্থ্যসেৱা প্ৰণালী উন্নত হ’ল, অৰ্থনৈতিক মন্দাৰ পৰা দেশ উদ্ধাৰ হ’ল, আৰু বহুজাতিক কূটনীতি শক্তিশালী হ’ল। তেওঁৰ দূৰদৰ্শিতা, উদ্ভাৱনী নীতি, আৰু শান্তিপূৰ্ণ দৃষ্টিভংগীয়ে তেওঁক বিশ্বজুৰি প্ৰশংসিত কৰিছে।

FAQs

1. বাৰাক অ’বামা কেতিয়া জন্ম হৈছিল?
A: বাৰাক অ’বামা ১৯৬১ চনৰ ৪ আগষ্টত জন্মগ্ৰহণ কৰিছিল।

2. বাৰাক অ’বামাই কিমানবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল?
A: তেওঁ দুবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল (২০০৯-২০১৭)।

3. বাৰাক অ’বামা বাবে বিখ্যাত?
A: তেওঁ প্ৰথম আফ্ৰিকান-মূলৰ আমেৰিকান ৰাষ্ট্ৰপতি, “Affordable Care Act” (Obamacare) প্ৰবর্তন, আৰু নোবেল শান্তি বঁটা বিজয়ী হিচাপে বিখ্যাত।

4. বাৰাক অ’বামাই নোবেল বঁটা কেতিয়া লাভ কৰিছিল?
A: তেওঁ ২০০৯ চনত নোবেল শান্তি বঁটা লাভ কৰিছিল।

5. বাৰাক অ’বামাৰ পত্নীৰ নাম কি?
A: তেওঁৰ পত্নীৰ নাম মিছেল ৰবিনচন।

Read also: Isaac Newton Biography | আইজাক নিউটনৰ জীৱনী

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top