Bhakha Bigyanor Parichay Unit 5 ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস (আৰম্ভণীৰ পৰা বিংশ শতিকালৈকে)

Bhakha Bigyanor Parichay Unit 5 ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস (আৰম্ভণীৰ পৰা বিংশ শতিকালৈকে), College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bhakha Bigyanor Parichay Unit 5 ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস (আৰম্ভণীৰ পৰা বিংশ শতিকালৈকে) Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bhakha Bigyanor Parichay Unit 5 ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস (আৰম্ভণীৰ পৰা বিংশ শতিকালৈকে) Question Answer can be of great value to excel in the examination.

Bhakha Bigyanor Parichay Unit 5 ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস (আৰম্ভণীৰ পৰা বিংশ শতিকালৈকে)

Join Telegram channel

Bhakha Bigyanor Parichay Unit 5 ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস (আৰম্ভণীৰ পৰা বিংশ শতিকালৈকে) Notes cover all the exercise questions in UGC Syllabus. The Bhakha Bigyanor Parichay Unit 5 ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস (আৰম্ভণীৰ পৰা বিংশ শতিকালৈকে) provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস (আৰম্ভণীৰ পৰা বিংশ শতিকালৈকে)

ASSAMESE

BHAKHA BIGYANOR PARICHAY

ভাষাবিজ্ঞানৰ পৰিচয়

(ক) পাশ্চাত্যত ভাষা-চৰ্চাৰ ইতিহাসৰ সংক্ষিপ্ত পৰিচয় 

(খ) ভাৰতত ভাষা-চৰ্চাৰ ইতিহাসৰ সংক্ষিপ্ত পৰিচয়


১। পাশ্চাত্যত ভাষাবিজ্ঞানৰ চৰ্চা সম্পর্কে এটি আলোচনা যুগুত কৰা?

উত্তৰঃ ভাষাবিজ্ঞান শব্দটো ইংৰাজী Linguistics শব্দৰ প্রতিশব্দ হিচাপে অসমীয়া ভাষাত ব্যৱহৃত হৈছে। ভাষাবিজ্ঞান হৈছে ভাষাৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মত অধ্যয়ন। প্রাচীন কালৰে পৰা ভাষাৰ অধ্যয়ন চলি আহিছে যদিও ঊনবিংশ শতিকাৰ মাজভাগৰ পৰাহে ভাষাৰ বিজ্ঞানসন্মত অধ্যয়নত গুৰুত্ব দিয়া হয়। প্রকৃতাৰ্থত আধুনিক যি অৰ্থত আমি বিজ্ঞানক বুজোঁ, সেই অৰ্থত ভাষাৰ আলোচনা আৰম্ভ হয় ১৮৮৬ চনৰপৰা। পাশ্চাত্যৰ পণ্ডিতসকলে ভাৰতৰ সংস্কৃত সাহিত্যৰাজি অধ্যয়ন কৰাৰ পাছত তাৰ লগত লেটিন, গ্ৰীক আদি ভাষাৰ তুলনামূলক অধ্যয়ন আৰম্ভ কৰে। এই ক্ষেত্ৰত আগৰণুৱা ভাষাবিজ্ঞানী হ’ল উইলিয়াম জোনছ।

কুৰি শতিকাৰ দ্বিতীয় দশকত চুইজাৰলেণ্ডৰ ভাষাবিজ্ঞানী ফার্ডিনাণ্ড দ্য চচ্যুৰ আধুনিক ভাষাবিজ্ঞানৰ ভেটি স্থাপন কৰে। চচ্যুৰে এটা ভাষাৰ ধ্বনিগত, ৰূপগত, বাক্যগত আৰু অর্থগত আদি দিশৰ বিশেষত্ব পদ্ধতিগত ভাৱে আলোচনা কৰাত গুৰুত্ব দিয়ে। পশ্চিমীয়া ভাষা-চিন্তাৰ জগতলৈ মৌলিক প্রতিভাৰে নতুনত্বৰ বাৰ্তা কঢিয়াই অনা এইগৰাকী ব্যক্তিক ‘আধুনিক ভাষাবিজ্ঞানৰ পিতৃ’ বুলি অভিহিত কৰা হয়।

চচ্যুৰৰ ভাষা-বৈজ্ঞানিক দৃষ্টিভংগীয়ে আমেৰিকাৰ পণ্ডিবৰ্গক প্রবলবাৱে আকৰ্ষিত কৰে আৰু তাৰ ফলত ভাষাৰ অধ্যয়নত নতুন নতুন চিন্তাই ভূমুকি মাৰে। ভাষাবিজ্ঞানৰ আলোচনাত নানা শাখা-প্রশাখাৰ জন্ম হয় আৰু ভাষবিজ্ঞানৰ বিভিন্ন সম্প্রদায় গঢ় লৈ উঠে। এইবোৰৰ ভিতৰত ৫টা উল্লেখযোগ্য সম্প্রদায় আৰু তাৰ অন্তৰ্গত বিখ্যাত ভাষাবিজ্ঞানীসকল এনেধৰণৰ —

১. জেনেভা সম্প্রদায় (ফার্ডিনাণ্ড দ্য চচ্যুৰ)

২. কোপেনহেগেন সম্প্রদায় (জেমস্লেভ)

৩. প্ৰাগ সম্প্রদায় (ৰোমান য়াকবচন, নিকোলা ট্টুবেজকো)

৪. ব্ৰিটিছ সম্প্রদায় (অট’ জেছপাৰছন, মাইকেল হেলিদে) 

৫. মার্কিন সম্প্রদায় (উইলিয়াম দ্বিথ হুইটনি, লিওনার্ড বলুমফিল্ড, নোত্তম চমস্কি)

ঊনবিংশ শতিকাৰ শেষার্ধৰপৰা উপৰোক্ত সম্প্রদায়বোৰৰ বিভিন্ন ভাষাবিজ্ঞানীয়ে চিন্তা, মতবাদ, পৰীক্ষা-নিৰীক্ষণৰ যোগেদি ভাষাবিজ্ঞানী চচ্যুৰে ভাষাবিজ্ঞানৰ আলোচনাত নিম্নোক্ত সিদ্ধান্ত বা বক্তব্যকেইটা আগবঢ়ায়—

(ক) ভাষাবিজ্ঞানৰ অধ্যয়ন এককালিক আৰু কালক্ৰমিক — এই দুই প্ৰকাৰৰ হয় যদিও চচ্যুৰ প্ৰথমটোকহে গুৰুত্বপূৰ্ণ বুলিছে। 

(খ) ভাষাৰ অৱস্থানক দুটা ভাগত বিভক্ত কৰিছেঃ লাঁগ আৰু পাৰল। লাঁগ হৈছে ভাষাৰ সামাজিক ৰূপ; আনহাতে পাৰল হৈছে ভাষাৰ বাস্তৱ ব্যৱহাৰ। চচ্যুৰ লাঁগৰ অৱস্থিতিৰ ওপৰত অধিক গুৰুত্ব দিছে।

(গ) ভাষাৰ গাঁথনিক দিশক দুটা ভাগত ভগাইছেঃ সহাবদ্ধ আৰু ক্ৰমাবদ্ধ।

(ঘ) ভাষাৰ অধ্যয়নৰ উদ্দেশ্য হৈছে ভাষাৰ গঠন পদ্ধতিৰ অনুসন্ধানহে।

চচ্যুৰৰ চিন্তাধাৰাই আমেৰিকা আৰু ইউৰোপৰ পণ্ডিতসকলক প্রভাৱিত কৰিলে। ফলত আধুনিক ভাষাবিজ্ঞানৰ ক্ষেত্ৰখন সমৃদ্ধ হৈ পৰে। এই ক্ষেত্ৰত ফ্ৰানজ, বোৱাচ, এডৱাৰ্ড চাপিৰ, ব্লুমফিল্ড, চমস্কি আদিৰ অৰিহণা উল্লেখযোগ্য। আমেৰিকাৰ ভাষাবিজ্ঞানী ফ্রানজ বোৱাচ আৰু এডৱাৰ্ড চাপিৰ ভাষাৰ নৃতাত্ত্বিক দিশৰ অধ্যয়নত বাটকটীয়া আছিল। দুয়োজনৰ প্ৰচেষ্টাতে ভাষিক নৃতত্ত্ব বিষয়টো উদ্ভৱ হয়। ইয়াৰ প্ৰতিপাদ্য বিষয় হ’ল ভাষা আৰু সংস্কৃতিৰ পাৰস্পৰিক সম্পৰ্কৰ বিশ্লেষণ।

আমেৰিকাৰ ভাষাবিজ্ঞানী ব্লুমফিল্ডে বর্ণনাত্মক ভাষাবিজ্ঞানৰ দিশত বক্তব্য আগবঢ়ায়। তেওঁ এই অধ্যয়নত এক নতুন দিশৰ উন্মোচন কৰে; তাক গঠনাত্মক ভাষাবিজ্ঞান বুলি চিহ্নিত কৰিছে। পৰৱৰ্তী ব্লুছ, ৰবাৰ্ট এ হ’ল, হেৰিছ আদি ভাষাবিজ্ঞানীৰ ওপৰত ব্লুমফিল্ডৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছিল।

বিংশ শতিকাৰ ষাঠিৰ দশকত নোঅম চমস্কিয়ে বর্ণনাত্মক ভাষাবিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰত আন এক দিশৰ উন্মোচন কৰে। ভাষা-বিজ্ঞানৰ এই নতুন তত্ত্বক ‘ৰূপান্তৰ উৎপাদক তত্ত্ব’ নামেৰে জনা যায়। চমস্কিৰ মূল বক্তব্যবোৰ এনেধৰণৰ—

— মানৱ শিশুৰ ভাষা আহৰণৰ এক অন্তৰ্নিহিত ক্ষমতা থাকে।

— মানুহে বোধশক্তিৰ দ্বাৰা প্রয়োজনমতে নতুন নতুন অর্থযুক্ত বাক্য সৃষ্টি কৰিব পাৰে। বাক্য সৃষ্টিৰ এনে সৃজনী শক্তিৰ দুটা দিশ—

১. ভাগত পাৰংগমতা।

২. ভাষাৰ বাস্তৱ বাক্‌-ব্যৱহাৰ।

— বিবিধ ভাষাৰ গঠন ৰীতিত পার্থক্য থাকিলেও মানুহৰ অনুভূতি বাগিন্দ্রিয়, বাক্য গঠনৰ আভ্যন্তৰিক গাঁথনি মূলতঃ একে। ইয়ে ভাষাগত বিশ্বজনীনতা।

সাম্প্রতিক কালত পাশ্চাত্যত ভাষাবিজ্ঞানৰ আলোচনা সমাজ ভাষাবিজ্ঞান, মনোভাষাবিজ্ঞান আদি শাখাই গা কৰি উঠিছে। তদুপৰি ভাষাবিজ্ঞানৰ আলোচনাত দৰ্শন, স্নায়ুবিজ্ঞান, নৃ- বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আদি নানা বিজ্ঞানৰ সন্নিৱেশ ঘটিছে। সমাজ ভাষাবিজ্ঞানৰ গুৰি ধৰিছে ৰামানুজন, উইলিয়াম ব্রাইট, ফিচমেন আদিয়ে। চমস্কিৰ পাছত মনো ভাষাবিজ্ঞানক নতুন ৰূপত গঢ়ি তুলিছে জঁ পিয়াজেঁ। ভাষাবিজ্ঞানৰ বিভিন্ন সূত্ৰৰ গইনা লৈয়ে সংগঠনবাদ গঠিত হৈছে। শেহতীয়াকৈ ভাষাবিজ্ঞান আৰু সাহিত্যৰ আলোচনাৰ আধাৰত শৈলীবিজ্ঞান নামৰ এক উচ্চস্তৰীয় সমালোচনাৰ ধাৰাই গা কৰি উঠিছে।

এনেদৰে দেখা যায় যে পৰম্পৰাগত ভাষাচিন্তাই চচ্যুৰৰ হাতত বিজ্ঞানসম্মত তথা প্রণালীবদ্ধ ৰূপ লাভ কৰিলে। পৰৱৰ্তী কালত ব্লুমফিল্ড, চমস্কি আদি ভাষাবিজ্ঞানীৰ চিন্তা, মতবাদেৰে ভাষাবিজ্ঞান সমৃদ্ধ হ’ল আৰু লগতে ভাষাবিজ্ঞানৰ নতুন নতুন শাখা, সম্প্রদায় জন্ম আৰু বিকাশ হৈ থাকিব। অতি সাম্প্রতিক কালতো বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্রুত উন্নতিৰ কাৰণে ভাষাবিজ্ঞানৰ ক্ষেত্ৰলৈয়ো পৰিৱৰ্তন আহিছে আৰু নতুন নতুন সমল সংযোগ হৈ পৰিসৰ বিস্তৃত হৈ গৈ আছে।

২। অসমত তিবৃতবর্মী ভাষা চর্চাৰ সন্দৰ্ভত এটি আলোচনা যুগুত কৰা?

উত্তৰঃ প্ৰকৃতিৰ ৰম্যভূমি তথা নানা জাতি-উপজাতিৰ মিলনভূমি ভাৰতবৰ্ষ তথা অসম প্রাকৃতিক, নান্দনিক, নৃতাত্ত্বিক দিশৰ পৰাই যে পৰিব্যাপ্ত এনে নহয়; বৰং ভাষাতাত্ত্বিক দিশৰ পৰাও অত্যন্ত গুৰুত্বপূর্ণ। অতি প্রৱহমান কালৰে পৰা অসমলৈ বিভিন্ন ধৰণৰ মানৱপুঞ্জৰ আগমন ঘটিছে। কালক্ৰমত জাতিগত সমন্বয় সমাহৰণ, সামাজিক সমন্বয় সমাহৰণ আৰু সাংস্কৃতিক সমন্বয় সমাহৰণৰ বাবে ভাষিক সমন্বয় আৰু সমাহৰণ প্ৰক্ৰিয়াও সংঘটিত হৈছে। বৰ্তমান গোলকীকৰণ আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়ন তথা সম্প্ৰসাৰণে এই প্ৰক্ৰিয়াক আৰু অধিক ক্রিয়াশীল কৰি তুলিছে। ফলশ্রুতি ভাষিক আদান-প্রদান প্রক্রিয়া অধিক দ্রুততৰ হৈ পৰিছে। 

সম্ভৱতঃ সমগ্ৰ বিশ্বৰ ভিতৰত অসমখনেই এনে এখন ক্ষুদ্রতম স্থান য’ত এটা নহয়, দুটা নহয়, চাৰিটাকৈ পৃথিৱীৰ বৃহৎ আৰু প্রধান ভাষা পৰিয়ালৰ ভাষাৰ প্ৰচলন আছে। অসমৰ এনে ভাষাতাত্ত্বিক সহাৱস্থানৰ বাবেই বিভিন্ন ভাষাতাত্ত্বিক পণ্ডিতে অসমক ভাষাবিদৰ স্বৰ্গভূমি বুলি অভিহিত কৰিছে। অসমত প্ৰচলিত এই ভাষা পৰিয়ালসমূহৰ ভিতৰত চীন-তিব্বতীয় ভাষা পৰিয়ালৰ ভাষাই সমগ্ৰ ৰূপত বিস্তৃতি লাভ কৰিছে বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব। এই পৰিয়ালৰ ভাষাৰ সংখ্যা অসমত প্ৰচলিত থকা ভাষাৰ ভিতৰত সৰ্বাধিক।

অসমত তিব্বত-বর্মীয় ভাষাৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল, সেই বিষয়ে নিশ্চিতভাৱে কোৱাতো কষ্টসাধ্য। অৱশ্যে বিভিন্ন ভাষাতাত্ত্বিক পণ্ডিত আৰু গৱেষকে তিব্বতবর্মীয় লোকৰ অসমলৈ আগমন সম্বন্ধে তেওঁলোকৰ মতামত দাঙি ধৰিছে —

গ্ৰীয়াৰ্ছনৰ মতে, “তিব্বতবৰ্মীসকলৰ আদি বাসস্থান আছিল ইয়াংজি আৰু হোৱাংহো নদীৰ উজনি অংশত। তাৰ পৰা তেওঁলোকে সেই অঞ্চলৰ পৰা দক্ষিণলৈ প্ৰৱাহিত নদী-উপত্যাকা যেনে চীন উইন, চালউইন, মেনাম, মেকং, ইৰাবদী আদিক অনুসৰণ কৰি উত্তৰ-পশ্চিম চীন বা তিব্বতৰ পৰা পোনে পোনে দক্ষিণলৈ আহি অসম তথা উত্তৰ-পূব ভাৰতত প্ৰৱেশ কৰে।”

বিৰিঞ্চি কুমাৰ বৰুৱা, ভূবনমোহন দাস আৰু সুনীতি কুমাৰ চট্টোপাধ্যায়ে গ্ৰীয়াৰ্জনৰ মন্তব্যৰ অনুৰূপ মন্তব্যকে দাঙি ধৰিছে। অৱশ্যে সুনীতি কুমাৰ চট্টোপাধ্যায়ে তিব্বত-ধৰ্মীয় লোকৰ আগমন সম্পৰ্কীয় বক্তব্যত কেইটামান নতুন তথ্যও উপস্থাপন কৰিছে। “তিব্বত-বৰ্মীসকলৰ প্ৰব্ৰজন মুখ্যতঃ দুটা সময়ত হৈছে— প্ৰথমটো প্রব্রজন ঘটে খ্রী:পূর্ব ১০০০ বছৰৰ বহু আগৰ প্ৰাগৈতিহাসিক যুগত আৰু এই প্ৰব্ৰজনকাৰী দল আছিল চিকাৰী, আহাৰ সংগ্ৰহকাৰী আৰু গুহাবাসী। পিছৰটো দল খ্ৰীঃপূঃ ১০০০ বছৰ মানত ভাৰতত প্রবেশ কৰে।”

মুঠতে ক’বলৈ গ’লে, অসমলৈ আগমন ঘটা তিব্বতবর্মীয় লোকসকল চীনদেশৰ পৰাই প্ৰব্ৰজিত। অসমলৈ প্ৰব্ৰজিত এই তিব্বতবর্মীয় লোকসকলৰ ভাষাই তিব্বতবর্মীয় ভাষাৰূপে পৰিচয় লাভ কৰে। অসমত প্ৰচলন থকা তিব্বতবর্মীয় ভাষাৰ শ্ৰেণীবিভাজন বিভিন্ন ভাষাতাত্ত্বিক পণ্ডিতে দাঙি ধৰিছে। এইসকলৰ ভিতৰত বেনডিক্ট, গ্ৰীয়াৰ্ছন, সুনীতি কুমাৰ চেটার্জী, তাৰাপোৰে ৱালা ছেফাৰ, সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী, উপেন্দ্র নাথ গোস্বামী, ভীমকান্ত বৰুৱা, উপেন ৰাভা হাকাছাম আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

তিব্বতবর্মী শাখাৰ উত্তৰ অসম আৰু অসমবৰ্মী শাখাৰ অন্তৰ্গত ভাষাবোৰৰ প্ৰচলন অসমত থকা দেখিবলৈ পোৱা যায়। উত্তৰ- অসম শাখাৰ মিচিং ভাষাৰ প্ৰচলন অসমত সর্বাধিক। আনহাতে অসমবর্মী শাখাৰ অন্তৰ্গত বড়ো, ডিমাচা, গাৰো, কোচ, ৰাভা, লালুং, তিৱা, হাজং, মেচ, টিপৰা, চুতীয়া, মৰাণ, কাৰ্বি আদি ভাষাৰ প্ৰচলন অসমত আছে।

অসমত প্ৰচলন থকা এই ভাষাসমূহৰ বিষয়ে বর্তমান সময়ত যথেষ্ট চিন্তা-চৰ্চা আৰু আলোচনাৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে। ঊনবিংশ শতিকাৰ আগভাগলৈকে অসমত তিব্বতবর্মীয় ভাষা সম্বন্ধে কৰা কোনোধৰণৰ আলোচনা বিচাৰি পোৱা যায়। অৱশ্যে অপসাৰিত অসমীয়া ভাষাক পুনৰায় প্ৰতিষ্ঠা হোৱাত অৱদান আগবঢ়োৱা খ্রীষ্টান মিছনেৰীসকলৰ মাজৰ এজন ভাষাভাত্ত্বিক পণ্ডিত জর্জ আব্রাহাম গ্ৰীয়াৰ্ছন চাহাবে ১৯০৩ চনৰ তেখেতৰ দ্বাৰা সংকলিত আৰু সম্পাদিত ‘Linguistics Survey of India’ শীর্ষক গ্রন্থত অসমৰ তিব্বত-বৰ্মীয় ভাষাৰ বিষয়ে পোনপ্ৰথমে আলোচনাৰ সূত্ৰপাত কৰে। আলোচনা প্ৰসংগত গ্ৰীয়াৰ্ছনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰচলিত তিব্বত-বর্মীয় ভাষাসমূহৰ বিভাজন দাধি ধৰাৰ লগতে তাৰ অন্তৰ্গত ভাষাৰ বিষয়েও আলোচনা কৰিছে। লৰেন্স আগষ্টিন ৱাড্ডেলে তেখেতৰ ‘The Tribes of Brahmaputra Valley’ শীর্ষক গ্ৰন্থত জনগোষ্ঠীয় ভাষাৰ বিষয়ে নামমাত্র উল্লিখন আগবঢ়াইছে। বাড্ডেলৰ এই গ্ৰন্থখন ১৯০১ চনত প্ৰকাশিত হৈ ওলায়৷ এই গ্ৰন্থখনত মূলতঃ ব্ৰহ্মপুত্র উপত্যকাত বসবাস কৰা জনজাতীয় লোকৰ জীৱনাচার্যহে দাঙি ধৰিব বিচাৰে হৈছে।

মিছনেৰীসকলৰ পৰৱৰ্তী কালত ড° বাণীকান্ত কাকতিনেৱে তেখেতৰ গৱেষণা গ্রন্থ ‘Assamese : Its formation & devel- opment’ শীর্ষক গ্ৰন্থত অসমীয়া ভাষাত থকা অনার্য ভাষাৰ উপাদান আলোচনা কৰিবলৈ গৈ তিব্বত-বৰ্মীয় ভাষাৰ কথা উল্লেখ কৰিছে। ১৯৪১ চনত প্ৰকাশিত বাণীকান্ত কাকতিদেৱৰ এই গৱেষণা গ্ৰন্থই তিব্বত-বর্মীয় ভাষা-চৰ্চাৰ ইতিহাসত নতুনত্বৰ সংযোজন কৰিছে।

প্রমোদ চন্দ্র ভট্টাচার্যই ‘A descriptive analysis of the Boro language’ শীৰ্ষক বিষয়ৰ ওপৰত গৱেষণা কৰি পোন প্ৰথমবাৰৰ বাবে তিব্বতবর্মীয় ভাষা-চৰ্চাক বিজ্ঞানসন্মত ৰূপ প্ৰদান কৰে। তেখেতৰ এই গৱেষণা গ্ৰন্থখন ১৯৭৭ চনত প্ৰকাশিত হয়। ইয়াৰ উপৰি তেখেতৰ ‘Aspects of North-East Indian Languages’ নামৰ ২০০৩ চনত প্ৰকাশিত হৈ ওলোৱা গ্ৰন্থখনতো তিব্বত- বর্মীয় ভাষা বিষয়ক আলোচনাই ঠাই পাইছে।

‘Studies in Sino-Tibetan Language’ শীর্ষক সত্যেন্দ্ৰনাৰায়ণ গোস্বামীৰ গৱেষণা গ্রন্থ তিব্বত-বর্মীয় এক সামগ্রিক আলোচনা দাঙি ধৰা হৈছে।

ভীমকান্ত বৰুৱাই ‘The Nagamese Language : A descriptive analysis’ শীর্ষক বিষয়ৰ ওপৰত গবেষণা কৰি সংযোগী ভাষা হিচাপে অসমীয়া ভাষা আৰু আন জনজাতীয় ভাষাৰ অধ্যয়নতো এক নতুন পথৰ সন্ধান দিছে।

১৯৯২ চনত অৰ্পণা কোঁৱৰে ‘Karbi people and their language : A critical Study’ শীৰ্ষক বিষয়ৰ ওপৰত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি এইচ ডি ডিগ্ৰী কৰে।তেখেতৰ এই গৱেষণা গ্রন্থই কাৰ্বি ভাষাৰ আলোচনাক বিস্তৃত ৰূপ দিয়াৰ লগতে জনজাতীয় ভাষাৰ আলোচনাতো নতুনত্বৰ সংযোজন ঘটে।

কৈলাশ চন্দ্ৰ তালুকদাৰৰ ‘The Missing people and their language : A critical study’, বেণুধৰ গগৈৰ ‘A critical study of the Tiwa community an their language’, অঞ্জনা চৌধুৰীৰ ‘Structure of Assamese and Goro : A contrastive study’, ধীৰেণ সিনহাৰ ‘The structure of Dimasa: A typological A Morphological study’, প্রণীতা দেৱীৰ ‘A descriptive Analysis of the Garo language’ সংগীতা শ‍ইকীয়াৰ ‘দেউৰী ভাষা : এক সমাজ-ভাষাতাত্ত্বিক অধ্যয়ন’, জবা ঠাকুৰীয়াৰ ‘A descriptive analysis of the Rabha language’ আদি বিভিন্ন ধৰণৰ গৱেষণা গ্রন্থৰ মাজেৰে তিব্বত-বর্মীয় ভাষা-চৰ্চাৰ ইতিহাসে গতি লাভ কৰিছে।

বিভিন্ন ধৰণৰ গৱেষণা গ্ৰন্থৰ মাজেৰে তিব্বত-বর্মীয় ভাষা চৰ্চা হোৱাৰ উপৰি বিভিন্ন গ্ৰন্থ আৰু আলোচনীত প্রকাশিত প্রবন্ধ- পাতিয়েও তিব্বত-বর্মীয় ভাষা-চৰ্চাৰ আলোচনাত পৰিপুষ্টি দান কৰিছে। এই গ্ৰন্থ প্রণেতাৰ ভিতৰত ভীমকান্ত বৰুৱা, উপেন ৰাভা হাকাছাম, প্রমোদ চন্দ্র ভট্টাচার্য, সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী, উপেন্দ্রনাথ গোস্বামী, নাহেন্দ্ৰ পাদুন, দেবেন গগৈ আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীদেৱৰ (‘নতুন প্রবন্ধ’ ১৯৭১ চনত প্ৰকাশিত) নামৰ গ্ৰন্থখনত সন্নিৱিষ্ট ‘তিব্বত-বর্মী ভাষা আৰু তাৰ অধ্যয়ন’ শীর্ষক প্রবন্ধই তিব্বত-বর্মীয় ভাষাৰ আলোচনাক বিস্তৃত ৰূপ প্ৰদান কৰিছে।

ভীমকান্ত বৰুৱাই অসমৰ ভাষা (১৯৯০), অসমীয়া ভাষা (১৯৯৭), ভাষাৰ ইতিবৃত্ত (২০০২) আদি গ্রন্থ প্রণয়নৰ জৰিয়তে তিব্বত-বর্মীয় ভাষা-চৰ্চাৰ আলোচনাক নতুন গতি দান কৰাৰ লগতে তিব্বত-বর্মীয় ভাষা-চৰ্চাৰ ইতিহাসতো নতুনত্বৰ সূচনা কৰিছে।

তিব্বত-বর্মীয় ভাষা বিষয়ক গ্রন্থ প্রণয়নৰ ক্ষেত্ৰত উপেন ৰাভা হাকাছামৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেখেতৰ ৰাভা ভাষা আৰু সাহিত্য (১৯৯৭), অসমীয়া আৰু অসমৰ তিব্বতবর্মীয় ভাষা (২০০০), ৰাভামিজ : ভাষা আৰু নিদর্শন (২০০৫), অসমীয়া আৰু অসমৰ ভাষা-উপভাষা (২০০৯), Language of North- East (Rabha) (1997)’ Focus on the Rabha: Language; literature and culture (2011) আদি গ্রন্থই তিব্বত-বর্মীয় ভাষা- চর্চাক বিশিষ্ট মাত্রা প্রদান কৰাৰ লগতে তিব্বত-বর্মীয় ভাষা-চৰ্চাৰ ইতিহাসকো টনকিয়াল কৰাত প্ৰভূত পৰিমাণে বৰঙণি আগবঢ়াইছে।

প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ দ্বাৰা প্ৰণীত ‘Aspects of North-East Indian Languages, (2003)’ শীর্ষক গ্ৰন্থত তিব্বত-বর্মীয় ভাষাৰ আলোচনা সন্নিৱিষ্ট হোৱাৰ লগতে পৱণকুমাৰ বৰুৱা সম্পাদিত প্ৰতিনিধি ভাষা নিবন্ধ (১৯৯৮) নামৰ গ্ৰন্থতো তেখেতৰ তিব্বত- বর্মীয় ভাষা বিষয়ক আলোচনাই স্থান লাভ কৰিছে। ইয়াৰ উপৰি তেখেতৰ সম্পাদনাতে ‘অসমৰ ভাষা পৰিচয়’ (২০০৫) গ্ৰন্থখন প্রকাশ পায়; য’ত তিব্বত-বর্মীয় ভাষা বিষয়ক বিভিন্ন লেখকৰ লেখা সন্নিৱিষ্ট হৈছে।

উপেন্দ্রনাথ গোস্বামীয়ে ‘An introduction of Deori Language (1994)’ শীর্ষক গ্রন্থ প্রণয়ন কৰাৰ লগতে ভাষা-সমাজ সাহিত্য আৰু দেউৰী শব্দমালা (১৯৮১) শীর্ষক গ্রন্থতো দেউৰী ভাষাৰ বিষয়ে আলোচনা দাঙি ধৰিছে।

ইয়াৰ উপৰি নাহেন্দ্ৰ পাদুনৰ ‘মিচিং ভাষাৰ আভাস’; দেবেন গগৈৰ সম্পাদনাত প্ৰকাশিত ‘অসমৰ ভাষা’; বিজু মৰাণৰ ‘টাই- ফাকে অসমীয়া শব্দকোষ’, ‘টাইফাকে ভাষা আৰু সংস্কৃতি’; ষড়ানন দেউৰীৰ ‘দেউৰী : ভাষা-সাহিত্য-সমাজ’; মণেশ্বৰ দেউৰীৰ তিৱা জনজাতি আৰু ভাষাৰ ইতিহাস’ (১৯৮৮); লংকাম টেৰণৰ ‘প্রাথমিক কাৰবি শিক্ষা’ (১৯৭৭), ‘কাৰবি ভাষা পৰিচয়’ (১৯৯৪), ‘তিৱা শব্দসম্ভাৰ’; ৰামেশ্বৰ কোঁৱৰ, ৰিমল আমর্চি আৰু ভূপেশ দাফাংৰ ‘তিৱা ভাষা শিক্ষাৰ সাধাৰণ পাঠ’ (১৯৯৫); ভৱ দলেৰ ‘মিচিং শব্দ ভাণ্ডাৰ’ (১৯৯৪); প্ৰফুল্ল য়েইনৰ ‘মিচিং শব্দার্থ ’ আদি গ্ৰন্থৰ মাজেৰেও অসমত তিব্বত-বর্মীয় ভাষা- চর্চাই বিকশিত ৰূপ লাভ কৰিছে।

বিভিন্ন গৱেষণামূলক সংস্থা, উন্নয়ন পৰিষদ আৰু ভাষিক সংস্থানসমূহে আয়োজন কৰা বিভিন্ন ধৰণৰ আলোচনা চক্ৰ, কৰ্মশাল আদিৰ মাজেৰেও তিব্বতবর্মীয় ভাষা চর্চাই বিস্তৃতি লাভ কৰিছে। তিব্বত-বৰ্মীয় ভাষা-চৰ্চাৰ গতিধাৰাক প্ৰবাহিত কৰাত অসম সাহিত্য সভাই বিভিন্ন কাৰ্যপন্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন ধৰণৰ গ্ৰন্থ প্রণয়ন আৰু আলোচনী-পত্ৰিকাৰ মাজেৰে ‘অসম সাহিত্য সভা’ই তিব্বত-বর্মীয় ভাষা-চৰ্চাত অৰিহণা আগবঢ়াইছে। বিশেষকৈ নাহেন্দ্র পাদুন সম্পাদিত অষ্টত্রিংশ বছৰ চতুৰ্থ সংখ্যা (১৯৮২), ছার্মাছং হান্সে সম্পাদিত একচত্বাবিংশ বছৰ দ্বিতীয় সংখ্যা (১৯৮৫), উপেন ৰাভা হাকাছাম সম্পাদিত চতুঃষষ্ঠিতম বর্ষ, চতুর্থ সংখ্যা (২০১০), পঞ্চষষ্ঠিতম বর্ষ : চতুর্থ সংখ্যা (২০১১) অসম সাহিত্য সভা পত্রিকাই তিব্বত-বর্মীয় ভাষা-চৰ্চাৰ ইতিহাসত নৱ উন্মেষ ঘটোৱা পৰিলক্ষিত হয়। ইয়াৰ উপৰি অসম সাহিত্য সভাই বিভিন্ন গ্রন্থ সম্পাদনা আৰু পুনৰ মুদ্ৰণৰ জৰিয়তে এই অধ্যয়নক সুদূৰপ্ৰসাৰী কৰি তুলিছে।

Central Institute of Indian Language চমুকৈ (CHIL) য়ে বিভিন্ন সময়ত আলোচনা চক্ৰ আৰু গ্ৰন্থ প্ৰকাশৰ মাজেৰে তিব্বত- বৰ্মীয় ভাষা-চৰ্চাত অৰিহণা যোগাইছে। CIIL-য়ে ইংৰাজী ভাষাত প্ৰণয়ন কৰা তিব্বত-বর্মীয় ভাষাবিষয়ক কেইখনমান গ্ৰন্থ হৈছে –

১। Arabic Grammar – V. Y. Jeypaul, 1987.

২। Missing Grammar – Bal Ram Prasad (edited by G. Devi Prasad Sastry & P.T. Abraham) 1991.

৩। Nursery Rhymes in Missing — P. N. Dutta Baruah & Narendra Padun (ed.)- 1995 ( মিচিং ভাষাত)

8। Nursery Rhymes in Boro-P.N. Dutta Baruah & Bhupen Narzari (Ed.) 1996 (বড়ো ভাষাত)

৫। Nursery Rhymes in Rabha P.N. Dutta Baruah & Upendra Chandra Rabha (Ed.) 1997, (ৰাভা ভাষাত)

৬। The comparative phonology of the Boro-Garo languages — U.V. Joseph & Robbins Burling, 2006.

৭। Miri Sakla – Bhupen Narzari, 2007 (বড়ো ভাষাত) 

গ্ৰন্থ প্ৰকাশৰ উপৰি বৰ্তমান সময়ত IIL য়ে তিব্বত-বর্মীয় ভাষা ( ) ৰ প্রশিক্ষণ প্রদান কৰাৰ লগতে কৰ্মশালাও অনুষ্ঠিত কৰি আহিছে।

সদৌ অসম জনজাতি ভাষা-সংস্কৃতি উন্নয়ন পৰিষদ — শীর্ষক এই প্রতিষ্ঠানেও জনজাতীয় ভাষাৰ চৰ্চাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। এই প্ৰতিষ্ঠানৰ পৰা প্ৰকাশিত ‘অশম জনজাতি’ শী,ক আলোচনীখন যথেষ্ট মূল্যৱান আৰু তথ্যভিত্তিক। এই আলোচনীখনৰ মাধ্যমেৰে বিভিন্ন ধৰণৰ তিব্বত-বর্মীয় ভাষাৰ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। তিব্বত-বর্মীয় ভাষা-চৰ্চাত অৰিহণা আগবঢ়োৱা আন দুটা প্রতিষ্ঠান হৈছে— Assam Institute of Research for Tribals and Scheduled caste আৰু North castern language society এই দুই প্রতিষ্ঠানে যথেষ্ট সংখ্যক গ্ৰন্থ প্রণয়ন কৰি উলিয়াইছে। Assam Institute of Research for Tribals and Scheduled caste শীৰ্ষক প্ৰতিষ্ঠানৰ পৰা প্রকাশিত Tribes of Assam গ্ৰন্থখন যথেষ্ট মূল্যবান গ্রন্থ। NELS য়ে তিব্বত-বর্মীয় ভাষাবিষয়ক বিভিন্ন আলোচনা সত্ৰ অনুষ্ঠিত কৰি আহিছে। 

এই সমিতিয়ে বড়ো, মিচিং, ডিমাচা ভাষাৰ শব্দকোষ প্ৰণয়ন কৰিছে আৰু বিভিন্ন ধৰণৰ ভাষাৰ আলোচনা সন্নিবিষ্ট গ্রন্থও প্রকাশ কৰিছে। এই আলোচনা সত্ৰৰ বিষয়সমূহ আছিল এনেধৰণৰ — The tribal elements in the Assamese language (1982). The tribal teaching (1984), A Comparative Lexicon (1985).

চৰকাৰী ভাষা প্রয়োগ সঞ্চালকালয় (১৯৭৯)ৰ দ্বাৰা প্ৰকাশিত ভাষা প্রয়োগ পত্রিকাতো তিব্বত-বর্মীয় ভাষাৰ বিষয়ে বিভিন্ন আলোচনা সন্নিৱিষ্ট হৈছে।

বিভিন্ন ধৰণৰ গৱেষণা, গৱেষণামূলক গ্রন্থ, আলোচনী-পত্রিকা অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ মাধ্যমেৰে তিব্বত-বৰ্মীয় ভাষা- চর্চাই বিস্তৃতি লাভ কৰিছে। বাতৰিকাকত, আলোচনীত প্রকাশিত প্রবন্ধ-পাতিয়েও এই আলোচনাত পৰিপুষ্টি দান কৰিছে। লোক-সাহিত্য আৰু লোক-কথামূলক বিভিন্ন গ্ৰন্থ প্রণয়নৰ জৰিয়তে তিব্বত- বর্মীয় ভাষাৰ আলোচনাই পৰিৱৰ্ধিত ৰূপ লাভ কৰিছে।

৩। প্রাচীন ইউৰোপীয় ভাষা-চিন্তাৰ এক চমু পৰিচয় দাঙি ধৰা?

উত্তৰঃ প্ৰাচীন ইউৰোপীয় ভাষা- চিন্তা গ্ৰীচক কেন্দ্ৰ কৰি বিকাশ লাভ কৰে। কিন্তু ভাষা-চিন্তাৰ ধাৰাটো ‘ব্যাকৰণ’ অভিধাৰে প্ৰথম ভাৰতবৰ্ষতহে সূচনা হয়। সময়ৰ ফালৰ পৰা ভাষা-চিন্তাৰ প্ৰাচীন যুগ খ্ৰীষ্টপূর্ব যষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকাপর্যন্ত সামৰি লৈছে। ভাৰতত ‘ভাষা-চিন্তাৰ প্ৰথম উন্মেষ বেদৰ স্তৰত আৰম্ভ হয়। ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ পোৱা যায় অথর্ববেদৰ ‘গোপথ ব্ৰাহ্মণ”ত। ইয়াৰ পাছত ষড় বেদাংগত। ভাৰতীয় ব্যাকৰণ পৰম্পৰাৰ পৰিপূৰ্ণ বিকাশ ঘটে মহর্ষি পাণিনিৰ অষ্টাধ্যাৰডৰ জৰিয়তে। পাণিনিৰ পিছত ‘ৱাৰ্তিক’ টীকা ভাষ্য কাত্যায়নে প্ৰণয়ন কৰে। দ্বিতীয় শতিকাত পৃতগুলিয়ে ৰচনা কৰা মহাভাষ্যৰ দ্বাৰা এই ধাৰা অব্যাহত থাকে। পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় তথা সংস্কৃত ব্যাকৰণ পৰম্পৰাগত কেতবোৰ ধাৰাৰ সৃষ্টি হৈছিল। সেইবোৰৰ ভিতৰত ঐন্দ্র, চান্দ্র, কাতন্দ্ৰ, চেনেন্দ, শাকটায়ন, হেমচন্দ্ৰ, সাৰস্বত মুগ্ধবোধ আদিয়ে সংস্কৃত ব্যাকৰণ পৰম্পৰাক উচ্চ স্তৰলৈ তুলি ধৰিছিল।

গ্রীক, দার্শনিক প্লেটো, এৰিষ্ট ’টলে দার্শনিক চিন্তা-চৰ্চাৰ মাজত ভাষা সম্পৰ্কীয় অনেক বিশ্লেষণ দাঙি ধৰিছিল। তেওঁলোকৰ ৰচনাত বৰ্ণ, অক্ষৰ, পদ আৰু ‘শব্দ’ৰ অৰ্থত প্ৰয়োগ কৰি শব্দাৰ্থৰ সম্বন্ধ বিচাৰৰ মাজতে ভাষাৰ সীমাবদ্ধ আছিল যদিও তাৰ মাজতে ধ্বনি আৰু বাক্য সম্বন্ধীয় চিন্তাও প্রতিফলিত হৈছিল। তদুপৰি তেওঁ শৈলী বিজ্ঞান সম্পর্কেও কেতবোৰ চিন্তা উল্লেখ কৰি গৈছে। এৰিষ্ট’টলৰ পাছত তৃতীয় শতিকাত দার্শনিক জেনোৰ দ্বাৰা প্ৰতিষ্ঠিত ষ্ট’ইক দার্শনিক সম্প্রদায়ে ভাষা-চিন্তাক এক জ্ঞান শাখাৰূপে প্ৰতিষ্ঠা কৰে। ষ্টইকসকলৰ পিছতে আলেক জেন্দ্ৰীয়সকলে ভাষাগত অধ্যয়নৰ দিশত গুৰুত্ব আৰোপ কৰে। এই ধাৰাৰ ভাষা চিন্তালৈ সবাতোকৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ব্যক্তিগৰাকী হ’ল ডায় নিছিয়াছ থ্রাক্স। থ্রাক্সে ‘টেকনো গ্রামাটিক’ নামৰ ব্যাকৰণ ৰচনা কৰি গ্ৰীক ভাষা-চিন্তাক পোনপ্রথম পদ্ধতিগত ৰূপ প্ৰদান কৰে। 

থ্রাক্সৰ মতে, ব্যাকৰণ হ’ল- ‘সাহিত্যৰ ভাষা সূক্ষ্ম পর্যবেক্ষণ’। থাক্সে পদ, স্বৰধ্বনি, ব্যঞ্জনধ্বনিৰ কথা উল্লেখ কৰে। থাক্সৰ পিছত এপ’লনিয়াছ ডাইক’লাছ আৰু তেওঁৰ পুত্ৰ হেৰ’ডিয়াছেও গ্ৰীক ভাষাৰ অধ্যয়নত প্ৰভূত বৰঙনি যোগায়। এওঁলোক দুজনে গ্রীক বাক্যতত্ত্বৰ পোনপ্ৰথম পদ্ধতিগত বিশ্লেষণ আগবঢ়ায়। এনেবোৰ দিশৰ বাবে খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় দ্বিতীয় শতিকা পর্যন্ত ‘গ্রীক ব্যাকৰণৰ সোণালী যুগ’ বুলি ভাষাৰ ইতিহাসবিদসকলে অভিহিত কৰিছে।

গ্রীক ভাষাৰ চৰ্চা কমি অহাৰ সময়তে ৰোমানসকলৰ প্ৰাচীন লেটিন ভাষাত ব্যাকৰণ প্ৰণয়ন হ’বলৈ ধৰে। মাৰ্কাছ টেৰিণ্টিমাছ ভাৰৰোৱে চব্বিশটা খণ্ডযুক্ত ‘দ্যা লিংগুৱা লেটিনা’ নামৰ ব্যাকৰণখনেৰে লেটিন ভাষাৰ ব্যাকৰণ চৰ্চাৰ আৰম্ভণি কৰে। পিছত প্রিশ্চিয়ানে ‘ইন্‌ষ্টিটিউচনছ গ্রামাটিকা’ ৰচনা কৰে। ৰোমান সম্রাট জুলিয়াছ ছিজাৰেও ব্যাকৰণ ‘সম্পৰ্কীয় লেখা-মেলা কৰাৰ জনশ্রুতি প্রচলিত আছে। লেটিন ভাষাৰ মূল বিশেষত্ব হ’ল ভাষাৰ বৈয়াকৰণিক এক সুনির্দিষ্ট হআহিব উদ্ভাৱন।

গ্ৰীক ভাষাৰ, ব্যাকৰণগত চিন্তা-চৰ্চাৰ যৎসামান্য পৰিচয় পোৱা যায় বেবিলনীয়সকলৰ মাজেৰে।

এনেদৰে প্ৰাচীন যুগত ইউৰোপীয় ভাষা-চিন্তাৰ ধাৰা প্ৰবাহিত হোৱা দেখা যায়।

৪। আধুনিক ভাষা বিজ্ঞানৰ পিতৃপুৰুষ বুলিলে কাক বুজায়? সেইগৰাকী পণ্ডিতৰ সময়ৰ পৰা ইউৰোপ আৰু আমেৰিকাত ভাষা-চৰ্চাৰ এটি থূলমূল আভাস দিয়া?

উত্তৰঃ ‘ফার্ডিনাণ্ড দা চচ্যুৰক’ আধুনিক ভাষা বিজ্ঞানৰ পিতৃ ব্যাখ্যা দিয়া হৈছে।

ছুইজাৰলেণ্ডৰ ভাষাবিজ্ঞানী ফার্ডিনাণ্ড দা চাচূৰ ১৮৫৭-১৯১৩ খ্ৰীষ্টাব্দত ভাষা বিজ্ঞান বিষয়ত এক বিশেষ ধাৰাৰ সৃষ্টি কৰে। আনফালে, আমেৰিকাত নৃতত্ত্ববিদ ফ্রেন্‌ল বোৱাজ ১৮৫৮- ১৯৪২ খ্রীষ্টাব্দলৈ এক বিশেষ ধাৰাৰ প্ৰবৰ্তন কৰে। ফার্ডিনুা দ্য চচ্যুৰ মৃত্যুৰ পাছত ছাত্ৰ-ছাত্ৰী চাৰ্লছ বেলী আৰু এলবার্ট চেচেহায়ে সংকলিত কৰি ১৯১৬ চনত প্ৰকাশ কৰিছিল। Course in General Linguistics ইংৰাজী নামৰ গ্ৰন্থৰ মাজেৰে ভাষা সম্পৰ্কীয় মৌলিক ধ্যান-ধাৰণাবোৰ পোহৰলৈ আহে। এই গ্ৰন্থ প্ৰকাশে কুৰি শতিকাৰ সাধাৰণ’ আৰু ‘গঠনমূলক ভাষাবিজ্ঞান’ চৰ্চাৰ দুৱাৰ মুকলি কৰে। ইউৰোপ আৰু আমেৰিকা দুয়োখন দেশৰ ভাষাবিদ-পণ্ডিতসকলে। চচ্যুৰ ভাষা অধ্যয়নৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হয়। 

পৰৱৰ্তীকালৰ আমেৰিকাৰ বিখ্যাত ভাষাবিজ্ঞানী লিওনার্ড ব্লুমফিল্ডে অকপটে স্বীকাৰ কৰিছে যে চচ্যুৰ ভাষা অধ্যয়নে আধুনিক ভাষা বিজ্ঞানৰ চৰ্চাৰ এক তাত্ত্বিক ভিত্তি প্রদান কৰিলে। সংকেতৰ ওপৰত গুৰুত্ব প্রদান, ভাষাত সূচক আৰু সুচিত্ৰৰ স্থান, লেখন আৰু কখন, ভাষা আৰু উক্তি, ধ্বনি পৰিবৰ্তন কথন আৰু উক্তিত এককসমূহৰ অন্বয়ী আৰু সহযোগী সম্পর্ক, স্থিতিশীল আৰু বিবর্তনমূলক ভাষা- বিজ্ঞান, ভাষাৰ স্বৰূপ আৰু সত্তা, ভাষা, উপ-ভাষা ইত্যাদি বিষয়বোৰৰ আলোচনাত চচ্যুৰৰ গভীৰ জ্ঞান আৰু অন্তর্দৃষ্টি প্রকাশ পাইছে। চচ্যুৰ মতে, ভাষা হ’ল যাদৃচ্ছিকভাৱে আৰোপিত এক সংকেত প্রণালী, যিটো সংকেত বিজ্ঞান নামৰ বিশেষ অধ্যয়নৰ বস্তু হৈ পৰিল। যুদ্ধোত্তৰ যুগৰ ‘সংগঠনবাদ’, উত্তৰ সংগঠনবাদ, নির্গঠনবাদ আদি সাহিত্য সমালোচনাৰ ‘বাদ’ সমূহ চচ্যুৰ ভাষাবৈজ্ঞানিক অধ্যয়নৰ দ্বাৰা প্ৰচুৰভাৱে প্ৰভাৱিত ।

একেদৰে আমেৰিকাৰ চিন্তাজগতত ফ্রেন্‌জ বোৱাজে ইণ্ডো- আমেৰিকীয় প্রজাতিসমূহৰ ভাষা সংস্কৃতিৰ অধ্যয়নৰ বাবে আগবাঢ়ি আহি ভাষা চিন্তাৰ এখন নতুন জগত আবিষ্কাৰ কৰে। ফেন্‌জ বেৱাজৰ ভাষা সম্পৰ্কীয় চিন্তাক পৰৱৰ্তীকালত অধিক পদ্ধতিগতভাৱে বিচাৰ-বিশ্লেষণ আগবঢ়ায় এডোৱাড ছপিৰে ছাপিৰৰ সূত্ৰসমূহক আকৌ অধিক বিজ্ঞানসন্মত ৰূপত দাঙি ধৰে লিওনার্ড বমফিল্ডে। এনেদৰে আধুনিক ভাষা বিজ্ঞানৰ সূত্ৰপাত হৈ ই ক্ৰমে গাঁথনিক ভাষা বিজ্ঞান আৰু বৰ্ণনাত্মক ভাষা বিজ্ঞানৰূপে বিকাশ লাভ কৰে। ইউৰোপ আৰু আমেৰিকাত সুকীয়া সুকীয়াকৈ গঢ় লোৱা ভাষাবিজ্ঞানৰ পৰৱৰ্তীকালত সমন্বয় ঘটি বিশ্বত যথার্থ ভাষা বিজ্ঞানৰ ধাৰাৰ- জন্ম হয়।

চচ্যুৰ ভাষা সম্পৰ্কীয় ধ্যান-ধাৰণা সমপৰ্যায়ৰ চিন্তাৰে আমেৰিকাত ফ্ৰেন্‌জ বোৱাজৰ দ্বাৰা বৰ্ণনাত্মক ভাষাবিজ্ঞানৰ a Handbook of American Indian language ত তেওঁৰ ভাষাবৈজ্ঞানিক ধাৰণাসমূহ প্রকাশিত হৈছে। এডোৱাৰ্ড ছাপিৰে Language শীর্ষক গ্রন্থ ৰচনা কৰে। লিওনার্ড ব্লমফিল্ডে Language প্ৰকাশ কৰি ধাৰাটোক অধিক শক্তিশালী কৰে। ছাপিৰেই আধুনিক ভাষাবিজ্ঞান অধিক জনপ্ৰিয় আৰু জ্ঞানচৰ্চাৰ এক শাখাৰূপে প্ৰতিষ্ঠা কৰে। লিওনার্ড বুমফিল্ডৰ পৰৱৰ্তীকালত জেলিগ্ হেৰিছৰ Methods in Structural Linguistics এখন উল্লেখযোগ্য ভাষা বিষয়ক গ্রন্থ।

আমেৰিকাৰ চিপ্তাবিদ চমস্কিয়ে ১৯৫৭ চনত প্ৰকাশ কৰা বিশ্ববিখ্যাত গ্রন্থ Syntactic Structured জৰিয়তে বিশ্বৰ ভাষা- বিজ্ঞান চৰ্চাৰ আলোড়ন তুলিবলৈ সক্ষম হয়। তেওঁৰ মতে, কেৱল অভ্যাস বা পুনৰুক্তিৰ দ্বাৰা মানুহে ভাষা আহৰণ নকৰে। চমস্কিৰ মতে ভাষাৰ গাঁথনিৰ সৈতে মানৱ মনৰ গাঁথনিৰ সম্পৰ্ক আছে। চমস্কিৰ আন গ্ৰন্থবোৰৰ ভিতৰত Aspect of the theory of Syntax. Topics in the theory of Generative Grammar, Language and Problems of knowledge, আদিৰ নাম ল’ব পাৰি। ডেভিদ ক্ৰিষ্টেলৰ ভাষাত ব্লুমফিল্ডৰ পৰৱৰ্তী গাঁথনিক ভাষা- চিন্তাৰ সর্বোৎকৃষ্ট বিকল্প হৈছে চমস্কীয় তত্ত্ব। এই তত্ত্বৰ বিকাশত অৰিহণা যোগোৱা অন্য, কেইগৰাকীমান ভাষা-চিন্তাবিদ হ’ল-ণ্ঠ কেয়, পেৰেইৰা, শ্যিয়েবাৰ, ব্ৰেছনান, থম্পছন, উইজনগার্ডেন, ষ্টুকী, কাটজ, প’ষ্টেল আদি।

৫। চমু উত্তৰ দিয়া :

ক) পতঞ্জলিয়ে প্রণয়ন কৰা অষ্টাধ্যায়ী টাকা- ভাষ্যখনৰ নাম কি?

উত্তৰঃ মহাভাষ্য।

খ) ডায়’নিছিয়াছ থ্রাক্সে কোনখন পুথিৰ জৰিয়তে গ্ৰীক ভাষা-চিন্তাক পদ্ধতিগত ৰূপ প্ৰদান কৰে?

উত্তৰঃ থাক্সে টেকনো গ্রামাটিকা নামৰ ব্যাকৰণ ৰচনা কৰি গ্রীক ভাষা-চিন্তাক পোনপ্রথম পদ্ধতিগত ৰূপ প্ৰদান কৰে।

গ) কোনে কি নামৰ ব্যাকৰণ ৰচনা কৰি, লেটিন ভাষাত ব্যাকৰণ চৰ্চাৰ পাতনি মেলে?

উত্তৰঃ মাৰ্কাছ টেৰেণ্টিমাছ ভাবৰো (Marcus Terentius Carro, খ্রীঃপূঃ ১১৬-২৭) এ চাব্বিশটা খণ্ডযুক্ত দ্য লিংগুৱা লেটিনা (De Lininqua Latina) নামৰ ব্যাকৰণখনেৰে লেটিন ভাষাত ব্যাকৰণ চৰ্চীৰ পাতনি মেলে।

ঘ) ইংৰাজী ভাষাৰ প্ৰথমখন ব্যাকৰণ কেতিয়া প্ৰকাশ পায়? 

উত্তৰঃ ইংৰাজী ভাষাৰ প্ৰথমখন ব্যাকৰণ প্ৰকাশ পায় ১৫৮৬ খ্ৰীষ্টাব্দত ।

ঙ) ঊনবিংশ শতিকাৰ ভাষা অধ্যয়নত স্বকীয় দৃষ্টিভংগীৰে ভাষাৰ আলোচনাত নতুনত্ব প্ৰদান কৰা ভাষাবিদগৰাকীৰ নাম কি?

উত্তৰঃ উইলথেম ভন হামব’ল্ট (Wilhem Von Humboldt, 1776-1835)

চ) চমস্কিৰ কোনখন গ্ৰন্থই বিশ্বৰ ভাষা-বিজ্ঞান চর্চাত আলোড়ন তোলে?

উত্তৰঃ চমস্কিন ১৯৫৭ চনত প্ৰকাশিত বিশ্ববিখ্যাত গ্রন্থ Syntactics Structure ৰ বিশ্বৰ ভাষা-বিজ্ঞান চচাত আলোড়ন তুলিবলৈ সক্ষম হয়।

৬। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক।

(ক) ভাষা অধ্যয়নৰ প্ৰধান স্তৰ তিনিটা কি কি ?

উত্তৰঃ ভাষা অধ্যয়নৰ প্ৰধান স্তৰ তিনিটা হ’ল— 

(১) ব্যাকৰণঃ পৰম্পৰাগত বা প্রথাগত ব্যাকৰণ চৰ্চা। (খ্রীষ্টপূর্ব পঞ্চম শতিকাৰ পৰা ১৭৮৬ খ্ৰীষ্টাব্দ পর্যন্ত)

(২) ভাষাতত্ত্বঃ তুলনামূলক ঐতিহাসিক ভাষা চৰ্চাৰ ধাৰা (খ্ৰীষ্টীয় ১৭৮৬ ৰ পৰা ১৯১৬ খ্ৰীষ্টাব্দলৈ)।

(3) ভাষাবিজ্ঞানৰ ধাৰাঃ বিশুদ্ধ বা যথার্থতা ভাষাবিজ্ঞানৰ ধাৰা (খ্ৰীষ্টীয় ১৯১৬ ৰ পৰা বৰ্তমান পর্যন্ত)

খ) অষ্টাধ্যায়ীৰ আন এটা নাম কি?

উত্তৰঃ অষ্টাধ্যায়ীৰ আন এটা নাম হ’ল শব্দানুশাসনম্। 

গ) কোনে, কোনে গ্রীক বাক্যতত্ত্বৰ পোনপ্ৰথম পদ্ধতিগত বিশ্লেষণ আগবঢ়ায়?

উত্তৰঃ এপ’লনিয়াছ ডাইক’লাছ আৰু তেওঁৰ পুত্ৰ হেৰ’ডিয়াছে গ্রীক ভাষাতত্ত্বৰ পোনপ্ৰথম পদ্ধতিগত বিশ্লেষণ আগবঢ়ায়। 

৭। শুদ্ধ নে-অশুদ্ধ নির্ণয় কৰে?

(ক) ৰোমৰ সম্ৰাট জুলিয়াছ চিজাৰেও (খ্রীষ্টপূর্ব ১০০-৪৪) সামৰিক অভিযানৰ মাজে মাজে পোৱা আজৰি সময়ত ব্যাকৰণ সম্পৰ্কীয় লেখা-মেলা কৰাৰ জনশ্ৰুতি প্রচলিত আছে।

উত্তৰঃ শুদ্ধ

(খ) বিংশ শতিকাৰ পাশ্চাত্য জগতত আৰম্ভ হোৱা ভাষা অধ্যয়নক ‘ভাষাতত্ত্ব’ (philogy) নামেৰে বুজোৱা হয়।

উত্তৰঃ শুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top