Bhakha Bigyanor Parichay Unit 4 ভাষাৰ বৰ্গীকৰণ আৰু পৃথিৱীৰ ভাষা পৰিয়াল, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bhakha Bigyanor Parichay Unit 4 ভাষাৰ বৰ্গীকৰণ আৰু পৃথিৱীৰ ভাষা পৰিয়াল Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bhakha Bigyanor Parichay Unit 4 ভাষাৰ বৰ্গীকৰণ আৰু পৃথিৱীৰ ভাষা পৰিয়াল Question Answer can be of great value to excel in the examination.
Bhakha Bigyanor Parichay Unit 4 ভাষাৰ বৰ্গীকৰণ আৰু পৃথিৱীৰ ভাষা পৰিয়াল
Bhakha Bigyanor Parichay Unit 4 ভাষাৰ বৰ্গীকৰণ আৰু পৃথিৱীৰ ভাষা পৰিয়াল Notes cover all the exercise questions in UGC Syllabus. The Bhakha Bigyanor Parichay Unit 4 ভাষাৰ বৰ্গীকৰণ আৰু পৃথিৱীৰ ভাষা পৰিয়াল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
ভাষাৰ বৰ্গীকৰণ আৰু পৃথিৱীৰ ভাষা পৰিয়াল
ASSAMESE
BHAKHA BIGYANOR PARICHAY
ভাষাবিজ্ঞানৰ পৰিচয়
(ক) ভাষা বৰ্গীকৰণৰ সংজ্ঞা আৰু প্ৰকাৰ
(খ) পৃথিৱীৰ ভাষা পৰিয়ালসমূহৰ সাধাৰণ পৰিচয়
১। ভাষাৰ বৰ্গীকৰণ বুলিলে কি বুজা? ভাষাৰ বৰ্গীকৰণ কি কি সূত্ৰে কৰিব পাৰি? ইয়াৰে কোনটো সূত্ৰ অধিক গ্রহণযোগ্য বুলি ভাবা, আলোচনা কৰাঁ।
উত্তৰঃ পৃথিৱীৰ ভাষাসমূহৰ উদ্ভৱ আৰু বিকাশৰ উৎস একে নহয়। একে মূল উৎসৰ পৰা ভাষাসমূহ উদ্ভৱ নোহোৱা বাবে পৃথিৱীত প্রচলিত ভাষাসমূহৰ মাজত ধ্বনি, শব্দৰূপ, বাক্য গঠন আদিৰ ক্ষেত্ৰত মিল নাই। পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰচলিত ভাষাসমূহৰ ধ্বনি-সংস্থান, শব্দ গঠনৰ বৈশিষ্ট্য বা বাক্য গঠন প্রণালী কিছুমানৰ লগত মিলে আৰু কিছুমানৰ লগত নিমিলে। এনে কাৰণতে বিভিন্ন ঠাইত প্রচলিত অসংখ্য ভাষাৰ মাজলৈ শৃংখলা আনিবৰ বাবে ভাষাবিজ্ঞানীসকলে যত্ন কৰিছিল। এই শৃংখলিত ৰূপকে ভাষাৰ বৰ্গীকৰণ বুলি কোৱা হয়। পৃথিৱীত অসংখ্য ভাষা আছে। ভাষা বৈজ্ঞানিকসকলে ভাষাক শৃংখলাবদ্ধভাৱে শ্রেণীবিভাজন বা বৰ্গীকৰণ কৰি আহিছে। ভাষাৰ গঠন প্ৰণালী আৰু জন্ম ৰহস্যৰ ওপৰত ভিত্তি কৰি ভাষাবোৰক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ’ল —
১. ঐতিহাসিক বৰ্গীকৰণ বা পাৰিবাৰিক বৰ্গীকৰণ।
২. ভৌগোলিক বৰ্গীকৰণ।
৩. আকৃতিমূলক বৰ্গীকৰণ।
উপেন্দ্রনাথ গোস্বামীয়ে ভাষা-বিজ্ঞান গ্ৰন্থত এনেকৈ বৰ্গীকৰণ কৰি দেখুৱাইছে —
(ক) ঐতিহাসিক বৰ্গীকৰণ।
(খ) আকৃতিমূলক বৰ্গীকৰণ — অযোগাত্মক আৰু যোগাত্মক।
যোগাত্মক বৰ্গীকৰণক আকৌ তিনিটা ভাগত ভাগ কৰিছে — প্রশ্লিষ্ট, অশ্লিষ্ট, শ্লিষ্ট।
প্রশ্লিষ্টৰ ভাগবোৰ হৈছে — পূর্ণ প্রশ্লিষ্ট, আংশিক প্রশ্লিষ্ট।
অশ্লিষ্টৰ ভাগবোৰ হৈছে — পূর্ব যোগাত্মক, অন্ত যোগাত্মক, পূর্বান্ত যোগাত্মক, আংশিক যোগাত্মক।
শ্লিষ্টৰ ভাগবোৰ হৈছে — অন্তমুখী আৰু বৰ্হিমুখী।
ভীমকান্ত বৰুৱাই ভাষাৰ ইতিবৃত্ত গ্ৰন্থত ভাষাৰ বৰ্গীকৰণ এনেকৈ কৰিছে —
(ক) ভৌগোলিক বৰ্গীকৰণ।
(খ) ঐতিহাসিক বৰ্গীকৰণ।
(গ) আকৃতিমূলক বৰ্গীকৰণ।
আকৃতিমূলক বৰ্গীকৰণক অযোগাত্মক আৰু যোগাত্মক এই দুটা ভাগত ভাগ কৰিছে।
যোগাত্মক বৰ্গীকৰণক আকৌ তিনিটা ভাগত ভাগ কৰিছে — প্রশ্লিষ্ট, অশ্লিষ্ট, শ্লিষ্ট।
প্রশ্লিষ্টৰ ভাগবোৰ হৈছে — পূর্ণ প্রশ্লিষ্ট, আংশিক প্রশ্লিষ্ট।
অশ্লিষ্টৰ ভাগবোৰ হৈছে — পূর্ব যোগাত্মক, অন্ত যোগাত্মক, পূর্বান্ত যোগাত্মক, আংশিক যোগাত্মক।
শ্লিষ্টৰ ভাগবোৰ হৈছে — অর্ন্তমুখী আৰু বৰ্হিমুখী।
(ক) ঐতিহাসিক বৰ্গীকৰণ বা পাৰিবাৰিক বৰ্গীকৰণঃ
পৃথিৱীত প্রচলিত বিভিন্ন ভাষাসমূহৰ কিছুমানৰ মাজত পাৰিবাৰিক সমন্বয় আৰু সাদৃশ্য দেখা যায়। এনে সাদৃশ্য সম্পর্কে বিশ্লেষণ কৰোঁতে ভাষাসমূহৰ একোটা পূৰ্বৰূপ বা পূৰ্ব ৰূপৰো পূৰ্ব ৰূপ একোটা ওলাই পৰে। সেই পূৰ্ব ৰূপবোৰৰ মাজত ঘনিষ্ঠ সাদৃশ্য দেখা গ’লে সেই আটাইবোৰ ভাষাক একোটা পৰিয়ালৰ ভিতৰুৱা বুলি ধৰিব পাৰি। এনেদৰে কৰা বৰ্গীকৰণক ঐতিহাসিক বৰ্গীকৰণ বা পাৰিবাৰিক বৰ্গীকৰণ বুলি কোৱা হয়। সাধাৰণতে ধ্বনি, ৰূপ-ৰচনা, বাক্য-ৰচনা, অর্থ, শব্দ-ভাণ্ডাৰ আৰু স্থানিক নিকটতা— এই ছটা বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। বাক্য- ৰচনা আৰু ৰূপ-ৰচনা সহজে পৰিৱৰ্তন নহয় বাবে এই কেইটাৰ ভিতৰত বেছি গুৰুত্ব দিয়া হয়। ঐতিহাসিক বা পাৰিবাৰিক বৰ্গীকৰণে কোনো এটা ভাষাৰ মূল বিচাৰি পৃথিৱীৰ কোনটো ভাষা পৰিয়ালৰ লগত মিল আছে সেই সম্পৰ্কে আলোচনা কৰে। পৃথিৱীৰ ভাষা পৰিয়ালবোৰৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ’ল — ভাৰত- ইউৰোপীয়, চীন-তিব্বতীয়, দ্রাবিড়ীয়, ছেমীয়-হেমীয়, ইউৰোল আলটাই, অষ্ট্রিক ইত্যাদি।
(খ) ভৌগোলিক বৰ্গীকৰণঃ
ভৌগোলিক পৰিস্থিতি অনুসৰি ভাষাৰ বিভাজন ভৌগোলিক বৰ্গীকৰণে কৰে। যেনে — জাপানৰ জাপানী ভাষা, নেপালৰ নেপালী ভাষা, চীনৰ চীনা ভাষা, থাইলেণ্ডৰ থাই ভাষা ইত্যাদি। পৃথিৱীত এনে কিছুমান ভাষা আছে যিবোৰ ভাষাক পাৰিবাৰিক বা আকৃতিমূলক বৰ্গীকৰণৰ অন্তৰ্গত কৰি অধ্যয়ন কৰিব নোৱাৰি, তেতিয়া সেইবোৰ ভাষাক ভৌগোলিক অৱস্থান অনুসৰি অথবা কোনো জনসমুদায় নামেৰে ভাষাটোক বুজোৱা হয়। ভৌগোলিকভাৱে কৰা ভাষাৰ বিভাজনত ভাষা বৈজ্ঞানিক কাৰণ নিহিত হৈ নাথাকে। ইয়াক সাধাৰণভাৱে কৰা বৰ্গীকৰণ হিচাপে ধৰা হয়।
(গ) আকৃতিমূলক বৰ্গীকৰণঃ
যিবোৰ ভাষাৰ বাক্যৰ গঠন প্রণালী প্রায় একে, ৰূপ ৰচনাও প্রায় সাদৃশ্যমূলক তেনে ভাষাৰ বৰ্গীকৰণকে আকৃতিমূলক বৰ্গীকৰণ বোলে। বাক্যক ভাষাৰ ভেটি স্বৰূপে ধৰা হয়। এই বাক্য গঠিত হয় ৰূপ আৰু ৰূপৰ সমষ্টিয়ে। ৰূপবোৰৰ সুকীয়া গঠন প্রণালী আছে। ৰূপ গঠন আৰু ৰূপ সমষ্টিৰ সংযোগেৰে বাক্য গঠন প্রণালী সকলো ভাষাৰে একে নহয়৷ ৰূপ ৰচনা আৰু বাক্য ৰচনাৰ ওপৰত ভিত্তি কৰি কৰা ভাষাৰ বৰ্গীকৰণত চলিত ভাষা গঠন পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া হয়। বিভিন্ন অমিল ভাষাবিলাকৰ কেতিয়াবা ভাষাৰ আকৃতি, প্রকৃতি, ধ্বনিৰ উচ্চাৰণ, ৰূপৰচনা, বাক্যগঠন, শব্দ ভাণ্ডাৰ আদি বিভিন্ন দিশবোৰলৈ চাই কিছুমান ভাষাক আন কিছুমান ভাষাৰ লগত সাঙুৰি পেলোৱা হয়। এনেকৈ পম খেদি গ’লে দেখিবলৈ পোৱা যায় যে আকৃতি বা ভাষাৰ গঠনৰ দিশৰ পৰা বহুতো ভাষাক একেডাল ডোলেৰে বান্ধিব পাৰি। এইদৰে বিভিন্ন ভাষাৰ মাজত শ্ৰেণীবিভাজন কৰাৰ পদ্ধতিটোক আকৃতিমূলক বৰ্গীকৰণ পদ্ধতি বুলি কোৱা হয়। এই বৰ্গীকৰণৰ জৰিয়তে একে গঠন প্রণালীৰ ভাষাবোৰক একেটা ভাষা পৰিয়ালৰ ভিতৰুৱা বুলি ধৰা হয়।
আকৃতিমূলক বৰ্গীকৰণক প্রধানত দুটা শাখা পোৱা যায়। সেইকেইটা হ’ল —
১. অ-যোগাত্মক ভাষা।
২. যোগাত্মক ভাষা।
১. অ-যোগাত্মক ভাষাঃ
অ-যোগাত্মক শ্রেণীভূক্ত হোৱা ভাষাৰ বাক্য গঠনত ব্যৱহাৰ হোৱা শব্দৰ লগত কোনো উপসর্গ, প্রকৃতি, প্রত্যয় আদি যোগ নহয়। বিভক্তি প্রত্যয়ৰ সংযোগত শব্দৰ ৰূপ সাধন নহয় কাৰণে একেটা শব্দৰ পৰা ভিন্ ভিন্ শব্দ সাধন হ’ব নোৱাৰে। বাক্যত যি শব্দ যি স্থানত থাকে সেই স্থান অনুসৰি বেলেগ বেলেগ অর্থ লয়। এনে ভাষাৰ বাক্যত ব্যৱহাৰ হোৱা একোটা শব্দই বিশেষ্য, বিশেষণ, ক্রিয়া বিশেষণ আদি কাম কৰে। স্থান অনুসৰি একেটা শব্দই ভিন্ন অর্থ প্রকাশ কৰাৰ কাৰণে ইয়াক স্থানগত ভাষাও বোলে। অ-যোগাত্মক ভাষা প্রতিনিধিকাৰী ভাষা হিচাপে চীনা ভাষাক ল’ব পাৰি। এনে শ্ৰেণীৰ ভাষাৰ সাধাৰণতে কোনো ব্যাকৰণ নাথাকে আৰু এই কাৰণে চীনা ভাষাত কোনো নিয়মতান্ত্রিক ব্যাকৰণ নাই।
২. যোগাত্মক ভাষাঃ
পৃথিৱীৰ কিছুমান ভাষাৰ শব্দ বা ধাতুবিলাকৰ লগত প্ৰকৃতি, প্রত্যয় আদি যোগ কৰি নতুন শব্দ গঠন কৰিব পাৰি আৰু কিছুমান ভাষাত প্রকৃতি, প্রত্যয় আদি যোগ কৰিব নোৱাৰি। যিবোৰ ভাষাত প্রকৃতি, প্রত্যয় আদি যোগ কৰি নতুন শব্দ গঠন কৰিব পাৰি, সেইবোৰ ভাষাই হৈছে যোগাত্মক ভাষা।
পৃথিৱীৰ বেছিভাগ ভাষাই হৈছে যোগাত্মক ভাষা শ্ৰেণীৰ অন্তর্গত। এই যোগাত্মক ভাষাবিলাকৰ ভিতৰত ভাষা বিশেষ বেলেগ বেলেগ লক্ষণ দেখা যায়। এই লক্ষণবোৰলৈ চাই যোগাত্মক ভাষাক তিনিটা প্ৰধান ভাগত ভাগ কৰা হৈছে—
১. প্রশ্লিষ্ট।
২. অশ্লিষ্ট।
৩. শ্লিষ্ট।
১. প্রশ্লিষ্ট : যিবোৰ ভাষাত প্রত্যয় সংযোগ হ’লে ৰূপটোৰ ভাগবোৰ একীভূত হৈ যায়, সেইবোৰ ভাষাকে প্রশ্লিষ্ট ভাষা বুলি কোৱা হয়। প্রশ্লিষ্ট ভাষাত কর্তা, কর্ম, ক্রিয়া সকলো এক হৈ এটা শব্দত পৰিণত হয়। এই ভাষাক দুটা ভাগত ভাগ কৰিছে —
(ক) পূর্ণ প্রশ্লিষ্ট।
(খ) আংশিক প্রশ্লিষ্ট।
(ক) পূর্ণ প্রশ্লিষ্ট : পূর্ণ প্রশ্লিষ্ট ভাষাবোৰত বাক্যৰ বিভিন্ন শব্দসমূহৰ কোনো একোটা অংশ লোপ পাই গোটেই বাক্যটো একোটা শব্দত পৰিণত হ’ব পাৰে। গ্ৰীণলেণ্ডৰ ভাষাই পূৰ্ণ প্ৰশ্লিষ্ট ভাষাৰ প্ৰতিনিধিত্ব কৰে।
পূর্ণ প্রশ্লিষ্ট ভাষাৰ প্ৰধান লক্ষণ হ’ল —
— এটা বাক্যৰ শব্দ।
— এক বা একাধিক শব্দাংশ লোপ।
— গোটেই বাক্যতো একোটা শব্দত পৰিণত হোৱা।
(খ) আংশিক প্রশ্লিষ্টঃ
আংশিক প্রশ্লিষ্ট ভাষাত পৰস্পৰ সমন্ধ শব্দ সমষ্টিৰে সম্পূৰ্ণ বাক্য গঠন নহয়, অথচ আংশিক ভাৱে তেনে লক্ষণ দেখা যায়। এই ভাষাত সৰ্বনামৰ কৰ্মপদ ক্রিয়াপদৰ লগত নিয়মিতভাৱে মুক্ত হৈ আংশিক প্রশ্লিষ্টৰ নিদর্শন বহন কৰিছে। অৱশ্যে ভাৰতীয় ভাষাসমূহৰ ভিতৰত কোনোটোৱেই আংশিক প্রশ্লিষ্ট ভাষা নহয়।
২. অশ্লিষ্টঃ
যোগাত্মক ভাষা পৰিয়ালৰ ভিতৰত অশ্লিষ্ট ভাষাৰ বিস্তৃতিয়ে বেছি। অশ্লিষ্ট ভাষাত প্রত্যয় বা শব্দাংশবোৰ এটাৰ পিছত এটাকৈ লগ লাগি থাকে। ইয়াত প্ৰতিটো শব্দই স্বতন্ত্ৰ ৰূপত থাকে আৰু সেইবোৰক স্বাধীনভাৱে অন্য যিকোনো পদ গঠনত ব্যৱহাৰ কৰিব পাৰি।
অশ্লিষ্ট ভাষা সমগ্র পৃথিৱীতে বিস্তৃতভাৱে বিয়পি আছে। অশ্লিষ্ট ভাষাবোৰক ইয়াৰ বৈশিষ্ট্যলৈ চাই চাৰি প্ৰকাৰত ভাগ কৰা হৈছে—
(ক) পূর্ব যোগাত্মক অশ্লিষ্ট ভাষা।
(খ) অন্ত যোগাত্মক অশ্লিষ্ট ভাষা।
(গ) পূর্বান্ত যোগাত্মক অশ্লিষ্ট ভাষ।
(ঘ) আংশিক যোগাত্মক অশ্লিষ্ট ভাষা।
(ক) পূর্ব যোগাত্মক অশ্লিষ্ট ভাষাঃ
আফ্ৰিকাত কোৱা বান্টু ভাষা পৰিয়াল পূর্ব যোগাত্মক অশ্লিষ্ট ভাষাৰ অন্তচ্ছ্রগত। এই পৰিয়ালৰ ভাষাসমূহত বচন-লিংগ আদি বোধক শব্দ বা শব্দাংশ উপসৰ্গৰ দৰে যোগ হৈ বাক্য গঠন হয় বা মূল শব্দৰ আগত বহে।
(খ) অন্ত যোগাত্মক অশ্লিষ্ট ভাষাঃ
অন্ত যোগাত্মক অশ্লিষ্ট ভাষাত মূল শব্দৰ শেষত কোনো শব্দাংশ বা প্রত্যয় যোগ কৰি শব্দ গঠন বা বাক্য গঠন কৰা হয়। সংস্কৃত বা ইণ্ডো-ইউৰোপীয়ৰ অন্তৰ্গত অন্যান্য ভাষাসমূহৰ দৰে যোগ হোৱা শব্দ বা শব্দাংশ মূল শব্দৰ লগত মিলি নাযায়, বৰং স্বতন্ত্রভাৱে থাকি যায়। এই ভাষাৰ ভিতৰত ইউৰাল-আলটাই আৰু দ্ৰাবিড়ীয় ভাষা পৰিয়ালৰ ভাষাই প্রধান।
(গ) পূর্বান্ত যোগাত্মক অশ্লিষ্ট ভাষাঃ
এই ভাষাত শব্দৰ পূৰ্বাংশ আৰু অন্ত্যয় অংশ অর্থাৎ উপসর্গ আৰু প্ৰত্যয় মুক্তভাৱে লগা-লগি হয়। প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ ভাষাসমূহ আৰু ভাৰত মহাসাগৰৰ মাজেদি পাৰ হৈ মালয় গাস্কা ভাষাসমূহ এই ভাষাৰ ভিতৰত পৰে। মালয় শাখা ভাষাবোৰতে পূৰ্বান্ত যোগাত্মক অশ্লিষ্ট ভাষাৰ লক্ষণ বেছি।
(ঘ) আংশিক যোগাত্মক অশ্লিষ্ট ভাষাঃ
এই ভাষাসমূহ বিশ্লেষণ কৰোঁতে দেখা যায় যে অন্য ভাষাৰ লোপ পাইছে। ফলস্বৰূপে এই ভাষাবোৰত আংশিক যোগাত্মক অশ্লিষ্ট ভাষাৰ লক্ষণহে বিদ্যমান। এই শ্ৰেণীৰ ভাষাৰ নিদৰ্শন পলিনেছীয় অন্তর্গত বিভিন্ন ভাষাসমূহ পোৱা যায়।
৩. শ্লিষ্টঃ
শ্লিষ্ট ভাষাবোৰত বিভিন্ন প্রত্যয় আৰু বিভক্তিৰ দ্বাৰা বাক্যৰ অন্তৰ্গত শব্দবিলাকৰ পাৰস্পৰিক সম্পৰ্ক নির্ণীত হয়; অর্থাৎ ধাতুৰ আৰু শব্দৰ লগত বিভিন্ন প্রত্যয়-বিভক্তি যোগ কৰি বচন- লিংগ-কাৰক-কাল আদিৰ অৰ্থ প্ৰকাশ কৰা হয় আৰু ইয়াৰ দ্বাৰা বাক্য গঠন কৰা হয়। এই প্রত্যয়-বিভক্তিবোৰ শব্দৰ অপৰিহাৰ্য অংগ হৈ পৰে আৰু বহু সময়ত মূল শব্দৰ লগত মিলি যা আৰু উভয়ে মিলি নতুন ৰূপ লাভ কৰে। সংস্কৃত, ইংৰাজী, গ্ৰীক আদি ভাষাসমূহ শ্লিষ্ট ভাষাৰ অন্তৰ্গত। এই ভাষাবোৰক দুটা ভাগত ভাগ কৰিব পাৰি—
(ক) অন্তমুখী শ্লিষ্ট ভাষা।
(খ) বর্হিমুখী শ্লিষ্ট ভাষা।
(ক) অন্তমুখী শ্লিষ্ট ভাষাঃ
অন্তমুখী শ্লিষ্ট ভাষাত ব্যাকৰণৰ উপাদানসমূহ শব্দৰ মাজত মিলি থাকে। এই শ্ৰেণীৰ ভাষাৰ বিশেষ লক্ষণ হৈছে শব্দৰ মাজত থকা স্বৰধ্বনিৰ পৰিৱৰ্তন অনুসাৰে বাক্যৰ অর্থ নির্দেশিত হয়।
(খ) বর্হিমুখী যোগাত্মক শ্লিষ্ট ভাষাঃ
বর্হিমুখী শ্লিষ্ট ভাষাবিলাকৰ ৰূপ, শব্দৰূপ সম্পূৰ্ণৰূপে বাহ্যিক আৰু ই প্রত্যয় প্রধান। এই ভাষাৰ ভিতৰত ইন্দো- ইউৰোপীয় ভাষা পৰিয়াল উল্লেখযোগ্য। এই শ্ৰেণীৰ ভাষাতে পৃথিৱীৰ অতি উন্নত ভাষাসমূহ আছে।
২। তিব্বতবর্মী ভাষা পৰিয়ালৰ পৰিচয় দিয়া। অসমত প্ৰচলিত এই ভাষা পৰিয়ালৰ শাখা-প্রশাখাসমূহৰ ভাষাগত পৰিচয় একোটাকৈ দিবলৈ যত্ন কৰা।
উত্তৰঃ নৃতাত্ত্বিক দৃষ্টিভংগীয়ে তিব্বত-বর্মী ভাষা কোৱা লোকসকল ইন্দো-মঙ্গোলীয় আৰু ভাষাতাত্ত্বিক দৃষ্টিভংগীয়ে চীন- তিব্বতীয় ভাষা পৰিয়ালৰ । ভাষাতাত্ত্বিক বিচাৰত এই ভাষা পৰিয়ালক চাৰিটা উপশাখাত ভাগ কৰা হৈছে।
(ক) হিমালয়ী।
(খ) তিব্বতী।
(গ) অসম-বর্ণী।
(ঘ) উওৰ অসম।
তিব্বতবর্মী ভাষা গোষ্ঠীৰ চাৰিটা শাখাৰ ভিতৰত উত্তৰ-অসম আৰু অসমধর্মী এই দুটা উপশাখাৰ ভাষাই অসমত প্ৰচলিত।
উত্তৰ অসম শাখাৰ ভাষাসমূহ হৈছে— আদি বা আবৰ, অকা বা হাজো, ডফলা-নিচি, মিচিং, মিচিমি। এই ভাষাসমূহ প্ৰধানকৈ অৰুণাচলৰ বিভিন্ন ঠাইত প্ৰচলন হৈ আছে. একমাত্ৰ মিচিংভাষীসকলহে অৰুণাচলৰ উপৰিও অসমৰ লক্ষীমপুৰ, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ আদি ভৈয়াম বিশেষকৈ ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈ সমূহৰ পাৰত বসবাস কৰি আছে।
অসম বৰ্মী শাখাক পুনৰ তিনিটা উপশাখাত ভাগ কৰা হৈছে— বড়ো, নগা আৰু কুকিচীন।
বড়ো শাখাৰ ভাষাসমূহ হৈছে— বৰো, ডিমাছা, গাৰো, ৰাভা, হাজং, তিৱা, দেউৰী, কাৰবি, টিপৰা ইত্যাদি। অসমৰ প্ৰধানকৈ ভৈয়াম অঞ্চলৰ গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, কামৰূপ, নলবাৰী, বৰপেটা, শোণিতপুৰ, লক্ষীমপুৰ, নগাঁও, দৰং, উত্তৰ কাছাৰ, কাৰবি আংলং, ধেমাজী আদি জিলাত বড়ো শাখাৰ ভাষাসমূহ প্ৰচলিত হৈ আছে। তদুপৰি অৰুণাচল, মিজোৰাম, ত্ৰিপুৰা, নগাৰাজ্য আদিৰ সীমামূৰীয়া অঞ্চলত এই ভাষাসমূহ প্ৰচলিত হৈ আছে।
নগা শাখাৰ ভাষাসমূহ সাধাৰণতে নগাৰাজ্যত প্ৰচলিত হৈ আছে। নগাৰাজ্যত প্রচলিত নগা ভাষাবোৰক শ্ৰীয়াবছনে তিনিটা উপশাখাত ভাগ কৰিছেঃ
পশ্চিম শাখা : আঙ্গামী, চেমা, ৰেংমা, কঝোমা আদি।
কেন্দ্রীয় শাখাঃ আও, লোথা, থুকুমি, য়িমচুং পেৰ আদি ।
পূব শাখাঃ কন্যাক, ছিংযেগন আদি।
এইকেইটা শাখাত অন্তর্ভূক্ত নোহোৱা— চাখেচাঙ, ফোম, যিমচুংগ্রি, চাঙ, চংতাম, জেলিয়াং, পচুৰি, থেমুংগাৰ আদি প্ৰায় ২৩টা মান ভাষা নগাৰাজ্যত চলে। প্ৰতিটো ভাষা সম্প্রদায়ে নিজৰ মাজত ভাৱৰ আদান-প্ৰদান কৰিবলৈ নিজা নিজা কথিত ভাষা ব্যৱহাৰ কৰে। কিন্তু নগাৰাজ্যৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত প্ৰচলিত নগাভাষাসমূহ এটা ভাষা সম্প্ৰদায়ৰ ভাষা অন্য এটা ভাষা সম্প্ৰদায়ৰ বাবে দুবোধ্য। বিশেষকৈ প্ৰকৃতিৰ বাধা আৰু নগাসকলৰ মাজত মূৰ চিকাৰৰ ভয়ৰ বাবে নগাৰাজ্যত বসবাস কৰা জনগোষ্ঠীসমূহৰ মাজত মিলামিচাৰ অভাৱ পৰিলক্ষিত হয়। এনে পৰিস্থিতিত তেওঁলোকৰ ভাষাবোৰ পৰস্পৰৰ বাবে এটা বিৰাট প্ৰাচীৰৰ দৰে থিয় দি ৰ’ল। ফলত তেওঁলোক পৰস্পৰৰ ভাৱৰ আদান-প্ৰদানৰ বাবে ওচৰচুবুৰীয়া ৰাজ্যৰ ভাষা অসমীয়া ভাষাৰ আশ্ৰয় ল’ব লগা হয়। বাণিজ্যিক, ৰাজনৈতিক কাৰণতো পাহাৰৰ নগাসকলে অসমীয়া ভাষীৰ লগত ভাৱৰ আদান-প্ৰদান কৰিব লগা হৈছিল। দীর্ঘদিন ধৰি অসমীয়া ভাষীৰ লগত সহসম্পৰ্ক ৰক্ষা কৰি অহাৰ ফলত নগাভাইসকলৰ মুখত অসমীয়া ভাষাই এক নতুন ৰূপ লাভ কৰিলে। এইটোক তেওঁলোকে ‘নাগামিজ’ বুলি চিনাকি দিয়ে।
কুকিচীন শাখাৰ অন্তৰ্গত ভাষাসমূহ হৈছে— কুকি, মেইতেই, চিংফৌ, চাকমা, লুচাই ইত্যাদি। সিবোৰৰ ভিতৰত কুকি, মেইতেই মণিপুৰত, চিংফৌ অৰুণাচল আৰু অসমত, লুচাই মিজোৰামত, চাকমা ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত হৈ আছে। এই ভাষাসমূহৰ সৰহ সংখ্যক ভাষাই বিজ্ঞানসন্মতভাৱে অধ্যয়ন হোৱা নাই।
ভাৰতলৈ আৰ্যসকল অহাৰ আগতে উত্তৰ-পূব ভাৰতত তিব্বত-বর্মীয় ভাষাগোষ্ঠীলোকসকলে বসতি কৰি আছিল। অসমলৈও আৰ্যসকল অহাৰ সময়ত তিবৃতবর্মী গোষ্ঠীৰ এচামলোক ঠাই সলনি কৰি ঘূৰি ফুৰিছিল আৰু কিছুমানলোক প্ৰাগজ্যোতিষপুৰ তথা কামৰূপ ৰাজ্য আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত বসতি স্থাপন কৰি আছিল। খ্ৰীষ্টীয় প্রথম শতিকাৰ অগা-পিছাকৈ অহা আৰ্যসকলৰ ভাষা-সংস্কৃতিয়ে পশ্চিম অসমত বিস্তাৰ লাভ কৰে। এওঁলোকৰ ভাষা-সংস্কৃতি আৰু ধৰ্মীয় চিন্তাধাৰা তুলনামুলকভাৱে তিব্বতবর্মী লোকসকলতকৈ উন্নত আছিল। সেইবাবে অনার্য অর্থাৎ তিব্বতবর্মী ভাষাপৰিয়ালৰ লোকসকলে বিশেষকৈ পশ্চিম অসমত বাস কৰা কিছুমান বড়ো জনগোষ্ঠীয়ে লোকসকলে নিজৰ ধৰ্ম পৰিত্যাগ কৰি হিন্দুধৰ্ম গ্ৰহণ কৰি আৰ্যসংস্কৃতিক আঁকোৱালি লৈছিল। তেওঁলোকৰ নিজা লিপি নাছিল, সেইবাবে তেওঁলোকৰ লিখিত সাহিত্যও নাছিল। এই ভাষাসমূহক তেওঁলোকে নিজৰ মাজত ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল।
পৰিসীমা গণ্ডীৰ ভিতৰত ভাৱ প্ৰকাশ কৰিবলৈ তেওঁলোকে দ্বিতীয় ভাষা এটাৰ প্ৰয়োজনবোধ কৰিছিল। সেয়ে তেওঁলোকে প্রয়োজনৰ তাগিদাতেই আর্যভাষাৰ পৰা ওলোৱা অসমীয়া ভাষাক গ্ৰহণ কৰি দ্বিভাষী হৈ পৰিছিল। ফলত দীৰ্ঘদিন ধৰি অসমীয়া ভাষাৰ শব্দ, ৰূপৰচনা, ধ্বনিৰ উচ্চাৰণ, বাক্য আদি আহৰণ কৰি থাকোঁতে তেওঁলোকে দ্বিতীয় ভাষাটো সলসলীয়াকৈ ক’ব পৰা হয়গৈ। এনেদৰে দ্বিতীয় ভাষাটো আহৰণ কৰোঁতে প্রথম ভাষাটোত ক’ব নোৱাৰাকৈ ধ্বনিৰ উচ্চাৰণ, ৰূপৰচনা, বাক্য আৰু শব্দৰ দিশত বহুতো উপাদান সোমাই পৰে আৰু প্ৰথম ভাষাটোৰ উপাদানো দ্বিতীয় ভাষাটোত সোমাই পৰে। এইটো কথা স্মৰ্তব্য যে অসমীয়া ভাষাৰ গঠন ৰীতিও তিব্বত-বর্মী বিশেষকৈ বড়ো শাখাৰ ভাষাৰ যথেষ্ট প্রভাৱ পৰিছে। আনহাতে অসমীয়া ভাষাৰ বহু উপাদানো বড়োশাখাৰ ভাষাসমূহত সোমাই পৰিছে।
তিব্বত-বর্মী ভাষাপৰিয়ালৰ ভাষাসমূহৰ প্ৰধান বিশেষত হৈছে— সুৰৰ প্ৰাধান্য। এই পৰিয়ালৰ প্ৰায়বোৰ ভাষা বৰো, ৰাভা, গাৰো আদি ভাষাত ধ্বনিৰ উচ্চাৰণত সুৰৰ প্ৰয়োগ লক্ষ্য কৰা যায় আৰু সুৰৰ ভিন্নতা অনুসৰি শব্দৰ অৰ্থৰ পাৰ্থক্য ঘটে। আনহাতে এই ভাষাসমূহৰ নিজা লিপি নাই। সেয়ে এই ভাষাসমূহত প্রাচীন লিখিত সাহিত্য পোৱা নাযায়। অৱশ্যে অনেক মৌখিক সাহিত্য পোৱা যায়। এই ভাষাসমূহৰ খুব কম সংখ্যক ভাষাহে লিখিত পৰিবেশত বিকাশ লাভ কৰিছে। এই ভাষাসমূহে প্রথমতে অসমীয়া লিপিৰ সহায়ত ভাষাটোৰ লিখিত পৰিবেশত বিকাশ লাভ কৰিছে। এই ভাষাসমূহে প্ৰথমতে অসমীয়া লিপিৰ সহায়ত ভাষাটোৰ লিখিত ৰূপ দিছিল। কিন্তু বৰ্তমান দেৱনাগৰী আৰু ৰোমান লিপি গ্রহণ কৰিছে।
এই ভাষাসমূহত ধ্বনিৰ উচ্চাৰণগত ফালৰ পৰা স্বৰ আৰু ব্যঞ্জন দুয়োবিধ ধ্বনিয়ে পোৱা যায়। অৱশ্যে ব্যঞ্জন ধ্বনিৰ ক্ষেত্ৰত নিজা উচ্চাৰিত ধ্বনি কম সংখ্যকহে পোৱা যায়। কিছুমান ধ্বনিৰ উচ্চাৰণ অসমীয়া ভাষাৰ পৰা ধাৰ কৰিছে। আনহাতে তিব্বতবর্মী ভাষাসমূহ প্রায়ে এক অক্ষৰ বিশিষ্ট। এক একাক্ষৰী ৰূপৰ লগত পৰপ্ৰত্যয় আৰু পূবপ্ৰত্যয় যোগ কৰি নতুন নতুন শব্দ গঠন কৰা হয়। এই ভাষাসমূহত নিজা কিছুমান শব্দৰ উপৰিও সংস্কৃত, তৎসম আৰু বিদেশী শব্দ অসমীয়া ভাষাৰ মাজেদি প্ৰকাশ কৰিছে।
৩। শ্যামচীনীয় ভাষা গোষ্ঠীৰ বিষয়ে কি জানা লিখা।
উত্তৰঃ চীন-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা ভাষা হৈছে— শ্যামচীনীয় ভাষা। শ্যামচীনীয় ভাষাগোষ্ঠীক ভৌগোলিক অৱস্থান অনুসৰি দুটা ভাগত ভাগ কৰা হৈছে—
(ক) চীনীয়।
(খ) টাই বা থাই।
দক্ষিণ পূব-এচিয়াৰ বিশাল ভূখণ্ডত শ্যাম-চীনীয় পৰিয়ালৰ ভাষাগোষ্ঠীলোক বসবাস কৰি আছে। ভাৰতবৰ্ষৰ ভিতৰত কেৱল উত্তৰ-পূৰ্বাঞ্চলতহে এই শ্যামচীনীয় ভাষাগোষ্ঠীয় লোক পোৱা গ্ৰীয়াৰ্ছনে এই ভাষাগোষ্ঠীক দুটা শাখাত ভাগ কৰিছে— উত্তৰীয় আৰু দক্ষিণীয়। ইয়াৰে উত্তৰীয় শাখাৰ ভাষাসমূহ অসম আৰু অৰুণাচলত প্ৰচলিত হৈ আছে। নৃতাত্ত্বিক দৃষ্টিভংগীয়ে এই ভাষিক লোকসকল মঙ্গোলীয় গোষ্ঠীৰ।
অসমত বসবাস কৰা শ্যামচীনীয় শাখাৰ ভাষিক লোকসকলক টাই গোষ্ঠীয় নামে জনা যায়। ত্রয়োদশ শতিকাৰ আৰম্ভণিতে কিছু সংখ্যক টাইগোষ্ঠীয়লোকে পাটকাই পর্বত পাৰহৈ অসমত প্ৰৱেশ কৰে। এই লোকসকলক ‘আহোম’ নামেৰে জনা যায়। এই আহোমসকলৰ উপৰিও অসমত আৰু পাঁচোটা টাই ভাষাগোষ্ঠীয় লোক বসবাস কৰি আছে। এইকেইটা হৈছে— টাই খামতি, টাই ফাকে, টাই আইতন, টাই তৰুং আৰু টাই খাময়াং। এইলোকসকল অসমত আহোম সকলে ৰাজ্য স্থাপন কৰাৰ বহু বছৰৰ পাছত অসমলৈ আহিছিল। প্ৰায় অষ্টাদশ শতিকাৰ শেষৰফালে আলম্খা আৰু তেওঁৰ পৰৱৰ্তী বাৰ্মা ৰজাসকলৰ ওপৰত অত্যাচাৰ চলোৱাত আগত উল্লেখ কৰা টাইগোষ্ঠী কেইটাই অসমত প্ৰৱেশ কৰে। তেওঁলোক থলুৱা নামেৰে পৰিচিত হয়।
আহোমসকলে অসমত ৰাজ্যস্থাপন কৰাৰ পাছত স্থানীয় হিন্দুধৰ্মী লোকসকলৰ লগত ঘনিষ্ঠ সম্পর্ক স্থাপন কৰিলে আৰু নিজ ধৰ্ম-ভাষা-সংস্কৃতি পৰিহাৰ কৰি স্থানীয় ধৰ্ম-ভাষা-সংস্কৃতি গ্ৰহণ কৰি বৃহত্তৰ অসমীয়া জাতি গঢ়ি তোলাত সহায় কৰিলে। আহোমসকলে নিজা টাই ভাষাত বুৰঞ্জী আৰু অন্যান্য ৰাজকীয় শাসন সম্পৰ্কীয় নথিপত্র লিপিবদ্ধ কৰিছিল যদিও লাহে লাহে অসমীয়া ভাষা শিকি দ্বিভাষী হ’বলৈ ধৰে আৰু পাছলৈ অসমীয়া ভাষাক ৰাজকীয় ভাষাৰ মৰ্যদা দি বুৰঞ্জী আৰু অন্যান্য নথিপত্র লিখাত প্রয়োগ কৰে। বৰ্তমান মহন, বাইলুং, দেওধাই আদি বৃদ্ধচামৰ মাজতহে বিশেষকৈ পুৰোহিতসকলৰ মাজত এই আহোম ভাষা প্রচলন হৈ আছে। আনহাতে টাইফাকে, টাই- খামতি, টাইটুৰং, টাই আইতন, টাই-খাময়াং আদি টাইগোষ্ঠীয় ভাষিক লোকসকল বর্তমান উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লক্ষীমপুৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাট আদি জিলাত সিঁচৰতি হৈ আছে।
এই লোকসকলে নিজৰ মাজত নিজা কথিত ভাষা ব্যৱহাৰ কৰে আৰু ওচৰচুবুৰীয়া অন্যান্য ভাষীৰ লগত ভাবৰ আদান-প্ৰদান কৰোঁতে অসমীয়া ভাষা ব্যৱহাৰ কৰে। তেওঁলোকে ৰাজহুৱা জীৱনত বিশেষকৈ শিক্ষা-দীক্ষা, ব্যৱসায়-বাণিজ্য, ৰাজনৈতিক জীৱনত অসমীয়া ভাষাকে ব্যৱহাৰ কৰাৰ ফলত ভাষাবোৰৰ মাজত বহু অসমীয়া ভাষাৰ উপাদান সোমাই পৰিছে। আনহাতে এই ভাষাসমূহৰ পৰাও বহু উপাদান অসমীয়া ভাষাত সোমাই পৰিছে। বিশেষকৈ আহোমসকলৰ দিনত ৰচিত বুৰঞ্জীসমূহে অসমীয়া ভাষা-সাহিত্যৰ বিকাশত যথেষ্ট অৱদান আগবঢ়ালে।
অসমত প্ৰচলিত হৈ থকা টাই-গোষ্ঠীয় ভাষাসমূহৰ নিজা লিপি আছে। আহোমসকলৰ বাহিৰে অন্যান্য টাই গোষ্ঠীসমূহ প্রধানতঃ বৌদ্ধধৰ্মাৱলম্বী। বৌদ্ধধর্ম সম্পৰ্কীয় বহু নথি-পত্র উক্ত ভাষা কোৱা অধ্যুষিত অঞ্চলসমূহত থকা বৌদ্ধ বিহাৰ সমূহত সংৰক্ষিত হৈ আছে। বর্তমান অসমত বসবাস কৰি থকা টাইগোষ্ঠীয় ভাষাসমূহৰ দুটা ৰূপ পোৱা যায় যদিও এই আটাইকেইটাৰ ভাষাৰ গঠনৰীতিত বহুখিনি মিল আছে। গ্রীয়াছনে এই আঞ্চলিক ৰূপসমূহৰ সামান্য প্রভেদৰ সামান্য অমিল পৰিলক্ষিত হয়।
৪। ইন্দো-ইউৰোপীয় ভাষা-পৰিয়ালক কেইটা ভাগত ভাগ কৰিব পাৰি? প্রত্যেক ভাগৰে শাখা-প্রশাখাবোৰ আলোচনা আগবঢ়োৱা ।
উত্তৰঃ ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালক প্রধানভাৱে দুটা ভাগতহে বিভক্ত কৰিব পাৰি। ইয়াৰ মূলতে আছে ইন্দো-ইউৰোপীয়ৰ তালব্য ধ্বনিৰ দুইধৰণৰ প্ৰয়োগ। মূল ভাষাৰ তালব্য ‘ক’ ধ্বনি কেইটামান শাখাত উষ্ম শ-কাৰ বা স-কাৰলৈ ৰূপান্তৰিত হৈ যায়। কণ্ঠ-ধ্বনিলৈ ৰূপান্তৰিত হোৱা ভাষা কেইটাক ‘কেণ্টম’ আৰু উষ্ম ধ্বনিলৈ ৰূপান্তৰিত হোৱা ভাষাকেইটাক ‘সতম্’ আখ্যা দিয়া হৈছে। ইন্দো-ইউৰোপীয় ভাষা-পৰিয়ালক ‘সতম’ আৰু ‘কেণ্টুম’ শাখাৰ শ্রেণীবিভাজন কৰে ১৮৭০ খ্রীষ্টাব্দত এস্কোলী নামৰ পণ্ডিত এগৰাকীয়ে। এস্কোলীৰ এই শ্ৰেণীবিভাজনক বর্তমান গ্রহণযোগ্য বুলি বিবেচনা নকৰে। কাৰণ, পশ্চিম অঞ্চলৰ ভাষাসমূহক কেণ্টুম শাখাৰ আৰু পূব অঞ্চলৰ ভাষাসমূহক ‘সতম্’ শাখাৰ অন্তৰ্গত কৰা হৈছিল যদিও এই বিভাজনৰ ব্যতিক্ৰমো পৰিলক্ষিত হয়। ভৌগোলিক শ্ৰেণীবিভাজন বৰ বিশুদ্ধ বুলি ক’ব নোৱাৰি। বৰ্তমান ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ নতুন অধ্যয়নে নতুন তথ্যাদিৰ যোগান ধৰাৰ বাবেও শ্রেণীবিভাজনৰো নতুনত্ব কথা আহি পৰিল।
মূল ইন্দো-ইউৰোপীয় ভাষাগোষ্ঠী—
(ক) কেণ্টুম— কেল্টীয়, ইটালীয়, জার্মানীয়, গ্রীক, তোখাৰীয়।
(খ) সতম্— আলবেনীয়, আর্মেনীয়, বাল্টোস্লাৱীয়, ইন্দো- ইৰাণীয়।
(ক) কেণ্টুমঃ কেল্টীয় শাখা — কেল্টীয় শাখাৰ ভাষাসমূহ ইন্দো-ইউৰোপীয় শাখাৰ অন্যতম। এই শাখাৰ ভাষাসমূহ মধ্য আৰু পশ্চিম ইউৰোপ, এছিয়া মাইনৰলৈকে বিয়পি আছিল। খৃঃ পুঃ পঞ্চম শতিকাৰ পৰা প্ৰথম এই কেল্টীয় শাখাটোৰ কথা উল্লেখ কৰা হৈছে। সংখ্যাগৰিষ্ঠ আৰু শক্তিশালীৰূপে কেল্টীয়সকল পৰিচিত যদিও তেওঁলোকৰ প্রাচীন কোনো সাহিত্যিক নিদর্শন নাছিল।
কেল্টীয় শাখাক তিনিটা ভাগত ভাগ কৰিব পাৰি — গৌলিশ, বৃটেইন আৰু গেলীয়।
কেল্টীয় শাখাটোক দুটা ভাগত বিভক্ত কৰা হৈছে— প কেল্টীয় আৰু ক কেল্টীয়। এই শাখাৰ ভাষাবোৰৰ ভিতৰত অন্যতম এক ভাষা হৈছে গৌলিশ্। যাৰ অস্তিত্ব পঞ্চম শতাব্দীলৈ আছিল। ইয়াৰ নিদৰ্শন সৰু অনুশাসন আদিতহে পোৱা যায়।
কেল্টীয় শাখাৰ আন এক ভাষা হ’ল ব্রিটেইন শাখা। ৱেলছ আৰু ব্ৰিটেইনত প্ৰচলিত ভাষা ব্রিটেনীয় বা প-কেল্টীয় শাখাৰ অন্তৰ্গত। পঞ্চম শতিকাৰপৰা সপ্তম শতিকাৰ ভিতৰত দক্ষিণ –
পশ্চিম ব্ৰিটেইনৰ উপনিবেশবাসীয়ে ইয়াক স-প্রতিষ্ঠিত কৰে। ইয়াৰ সাহিত্যিক নিদর্শন একাদশ শতিকাৰ পৰা পোৱা যায়।
কেল্টীয় শাখাৰ তৃতীয় ভাগটো হ’ল গেলীয়, যিটো ক- কেল্টীয়ৰ অন্তৰ্গত। এই শাখাৰ ভাষা প্রথম আৱিষ্কৃত হয়। আয়াৰলেণ্ডত; কিন্তু তৃতীয় শতাব্দীৰ শেষৰ ফালৰ পৰা এই শাখাৰ স্কটলেণ্ড ভাষাও আৱিষ্কৃত হয়।
ইটালীয় শাখা — কেল্টীয় শাখাৰ দৰেই ইটালীয় শাখাও ইন্দো – ইউৰোপীয়ৰ অন্যতম শাখা। প্ৰধানভাৱে ইটালীত প্রচলিত ভাষাই হ’ল ইটালীয় ভাষা। এই ভাষাকো ক-ইটালীয় আৰু প-ইটালীয় দুটা ভাগত দেখুৱাব পাৰি। জনা যায় এই ভাষা সমষ্টিয়ে আপোন আদিম বাসস্থানৰ পৰা পশ্চিমমুৱা হৈ আল্পচ্ পৰ্বত পাৰ হৈ ইটালীত প্ৰৱেশ কৰে। ইটালীয় শাখাৰ ভাষাসমূহৰ ভিতৰত লেটিন, উমব্রিয়ান আৰু ওচকানেই প্রধান। ইটালীয় পশ্চিম মধ্য অঞ্চল অর্থাৎ, টাইবাৰ নদীৰ তীৰবৰ্তী লণটউস প্ৰদেশত বসবাস কৰাসকলে লেটিন ভাষা কয়। দক্ষিণ পূব অঞ্চলত ওচকান ভাষাৰ প্ৰচলন শক্তিশালী লেটিন ভাষাই বাকী ওচকান আৰু উমব্রিয়ানৰ অস্তিত্ব বিলুপ্ত কৰে। কাৰণ, ওচকান আৰু উমব্রিয়ান এই দুয়ো ভাষাৰ বিষয়ে প্রত্নলেখ আদিয়ে তথ্যৰ যোগান ধৰে। দুয়ো ভাষা পৰম্পৰাগতভাৱে ইটালীয় শাখাৰ অন্তৰ্গতৰূপে পৰিচিত হয়।
জার্মানীয় শাখা — ইন্দো-ইউৰোপীয় ভাষাৰ ভিতৰত জার্মানীয় শাখাটো অন্যতম। জাৰ্মানীৰ লোকসকল প্রাচীন কালৰে পৰা পৰিচিত আছিল। কিন্তু তেওঁলোকৰ ভাষাৰ লিখিত নিদর্শন মধ্যযুগ পর্যন্ত পোৱা নগৈছিল। প্রত্নজার্মান ভাষাৰ ইতিহাস জনাৰ সুবিধা নহ’লেও খ্রীষ্টীয় তৃতীয় শতিকামানৰ কিছুমান অৱশিষ্টস্বৰূপ প্রত্নলেখৰ মাজত পোৱা যায়, যিবোৰ ডেনমাৰ্ক আৰু নৰৱেত আবিস্কৃত হয়। কিন্তু এইবোৰৰ ওপৰত ভিত্তি কৰিয়ে জার্মান ভাষাৰ উপযুক্ত নিদর্শন বুলিব নোৱাৰি। গথিক ভাষাত ৰচিত বাইবেলৰ অনুবাদেই এই শাখাৰ ভাষাৰ প্ৰাচীনতম নিদর্শন বুলিব পাৰি। ইয়াৰ সপ্তম-অষ্টম শতিকামানৰ পৰা জাৰ্মানীয় শাখাৰ বিভিন্ন ভাষাৰ ক্ৰমবিকাশৰ আৰম্ভ হয়।
প্রথম অৱস্থাত এই ভাষাগোষ্ঠীৰ লোকসকল ইউৰোপৰ উত্তৰ অংশত আছিল বুলি অনুমান কৰা হৈছে। মূল ইন্দো- ইউৰোপীয়ৰ পৰা ওলাই আহি এই শাখাৰ ভাষাগোষ্ঠীয়ে স্কাণ্ডিনেভিয়াৰ দক্ষিণ আৰু জাৰ্মানীৰ উত্তৰ অঞ্চলত বসবাস কৰে। জনসংখ্যা বৃদ্ধিৰ ফলত তেওঁলোক ইউৰোপৰ বিভিন্ন ঠাইত বিয়পি পৰে। ফ্রান্স, ইটালী, স্পেইন, ব্ৰিটিছ, দ্বীপপুঞ্জ আদি ঠাইলৈ এই গোষ্ঠীৰ লোকসকল বিয়পি পৰে। এই শাখাৰ প্ৰধানভাৱে তিনিটা ভাগত বিভক্ত কৰা হৈছে— পশ্চিম জার্মানীয়, পূব জার্মানীয় আৰু উত্তৰ জার্মানীয়।
গ্রীক — গ্রীক ভাষা ইন্দো-ইউৰোপীয় ভাষাৰ ভিতৰতে উল্লেখযোগ্য ভাষা। গ্ৰীচ্, এছিয়া, মাইনৰ ইজিপ্তৰ কিছু অংশ সহ স্পেইনৰ পৰা আৰম্ভ কৰি কৃষ্ণসাগৰৰ উপকূলৱৰ্তী অঞ্চলত গ্ৰীক ভাষাৰ প্ৰচলন আছে। লেটিন, জার্মানীয় আদি ভাষাৰ তুলনাত গ্রীক ভাষা অধিক পুৰাতন। কাৰণ দৰ্শন, সাহিত্য আদিৰে পল্লৱিত হৈ গ্ৰীক ভাষা খৃঃ পূঃ তৃতীয়, চতুৰ্থ শতিকামানৰে পৰা সমগ্ৰ ইউৰোপতে প্ৰথম আৰু প্ৰধান স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। গ্ৰীক ভাষাৰ দ্বাৰাই ৰোমান ভাষাও অনুপ্ৰাণিত হৈছিল। সমগ্র ইউৰোপতে গ্রীক ভাষাই বিশেষ স্থান লাভ কৰিছিল।
গ্রীক ভাষাৰ ভিতৰত এট্রিক, আয়োনিক, ডোৰিক, আর্কেডীয়, এওলীক, পোম্ফেলিয়া আদি প্রধান ভাষা।
তোখাৰীয়— এই শাখাৰ ভাষাৰ আৱিস্কাৰ এই শতিকাৰে ঘটনা। মধ্য এছিয়াৰ অন্তৰ্গত চীনীয়-তুর্কীস্তানত কিছুমান প্রত্নলেখ আবিস্কৃত হৈছে যিবোৰ ব্ৰাহ্মী আৰু খৰোষ্ঠী লিপিত লিখিত। কিছুমান আৱিস্কৃত গ্রন্থ চিকিৎসা আৰু বৌদ্ধ শাস্ত্ৰৰ। এই আৱিষ্কৃত প্ৰত্নলেখাদিৰ ভাষা ইন্দো-ইউৰোপীয় ভাষাৰ অন্তৰ্গত কেণ্টুম শাখাৰ বুলি ঠাৱৰ কৰা হৈছে। এই ভাষা তুখাৰ নামৰ জাতিৰ আছিল বাবেই ‘তোখাৰীয়’ নামে চিহ্নিত কৰা হৈছে। পূৰ্ব তোখাৰীয় আৰু পশ্চিম তোখাৰীয় দুটা উপভাষাৰ কথা জনা যায়।
(খ) সতম্ শাখাঃ আলবেনীয়— ইন্দো-ইউৰোপীয় শাখাৰ সতম্ শাখাৰ ভিতৰত আলবেনীয় শাখা অন্যতম। এই শাখাৰ ভাষা উত্তৰ-গ্ৰীচৰ আদ্রিয়াটিক সাগৰৰ পূব উপকূলৰ আলবেনীয়াত প্রচলিত। প্রথমে এই শাখাৰ ভাষাক গ্রীক ভাষাৰে অন্তৰ্গত বুলি ভবা হৈছিল যদিও বৰ্তমান এই ভুল আঁতৰিছে। কাৰণ, ইয়াৰ ধ্বনিতাত্ত্বিক আৰু ব্যাকৰণ আদিৰ দিশত ই গ্ৰীক ভাষাৰ অন্তৰ্গত নহয় বুলি প্ৰতিপন্ন কৰাত সহায় কৰিছে।
আলবেনীয় ভাষাৰ বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ শব্দ সম্ভাৰত গ্রীক, লেটিন, তুর্কী আদি শব্দৰ বিপুল পয়োভৰ। এই ভাষা ইন্দো – ইউৰোপীয় ভাষাসমূহৰে ভাষাসমূহৰে ভিতৰত আটাইতকৈ বিকৃতি প্রাপ্ত ভাষা।
আর্মেনীয়— এই শাখাৰ ভাষা এছিয়া মাইনৰ আৰ্মেনীয় অঞ্চলত প্ৰচলিত। এই শাখাৰ খৃঃপূঃ সপ্তম-অষ্টম শতিকামানৰ পৰাই প্ৰচলিত আছিল। অৱশ্যে এই ভাষা ঐতিহ্য আৰু প্ৰাচীনত্বৰ ফালৰপৰা উল্লেখযোগ্য নহয়। ইন্দো-হিট্টী ভাষাৰ কিছুমান অৱশিষ্ট এই আর্মেনীয় ভাষাত পোৱা যায়। পাৰ্চী, ইৰণীয় শাখাৰ শব্দাৱলী এই ভাষাত সোমাই পৰিছে।
খৃষ্টীয় পঞ্চম শতিকাত এই ভাষালৈ কৰা বাইবেলৰ অনুবাদ পোৱা যায় আৰু আর্মেনীয় ভাষাৰ ইয়ে প্রাচীন নিদর্শন বুলি জনা গৈছে। গ্রীক ভাষাৰ ধৰ্ম, দর্শন সম্বন্ধীয় গ্ৰন্থৰ অনুবাদ আর্মেনীয় ভাষাত পোৱা যায়। এতিয়াও প্রাচীন আর্মেনীয়ৰ প্ৰয়োগ এক শ্ৰেণীৰ লোকৰ মাজত প্ৰচলিত আছে। আধুনিক আর্মেনীয় পূব আৰু পশ্চিম দুটা শাখা আছে। পূব শাখা ইৰাণ আৰু আর্মেনীয়াত প্রচলিত আৰু পশ্চিম শাখা তুৰস্কত প্রচলিত। পশ্চিম আর্মেনীয়াৰ অন্তৰ্গত ‘স্তামুল’ কন্সটান্টিনোপল আৰু কৃষ্ণ সাগৰৰ উপকূল অঞ্চলত প্ৰচলিত।
বাল্টোস্লাৱীয়— বাল্টোস্লাৱীয় শাখাৰ ভাষা পূব ইউৰোপীয় বৃহৎ অঞ্চল জুৰি আছে। ই দুটা শাখাত বিভক্ত -বাল্টীয় আৰু স্লাৱীয়। বাল্টীয় শাখাৰ ভাষাসমূহ প্রাচীন প্রচীয়, লেওীয় আৰু লিথুনীয় — এই তিনিটা ভাগত বিভক্ত। প্রতীয় শাখাৰ সপ্তদশ শতিকাৰপৰা জাৰ্মানী ভাষাই আৱৰি লোৱাৰ ফলত ই লুপ্ত হয়। লেওীয় শাখাৰ ভাষা লাটভিয়াৰ প্ৰায় বিশ লাখ মানুহে কয়। লিথুনীয় ভাষা লিখুনীয়াৰ প্ৰায় ত্রিশ লাখ মানুহৰ মাজত প্ৰচলিত। স্লাৱীয় শাখাৰ ভাষাসমূহক পূব, পশ্চিম আৰু দক্ষিণ এই তিনিটা শাখাত বিভক্ত কৰা হৈছে।
ইন্দো-ইৰাণীয়— বৃহৎ ইন্দো-ইউৰোপীয় ভাষাৰ সতম্ শাখাৰ অন্যতম এক ভাষা হ’ল ইন্দো-ইৰাণীয়। এই ভাষাই কিছুমান অতি প্রাচীন ভাষাগত নিদর্শন সংৰক্ষণ কৰিছে। এই শাখাৰ ভাষাসমূহ প্রধানভাৱে ভাৰতবৰ্ষ, ইৰাণ, আফগানিস্তান, পাকিস্তান, বাংলাদেশ, শ্রীলংকা আদিত প্রচলিত। এই শাখাটোক ‘আর্য’ নামেৰে জনা যায়। মূল ইন্দো-ইউৰোপীয়ৰ এই বিশেষ শাখাটোৱে কেতিয়াৰপৰা বিকাশৰ পথত অগ্ৰসৰ হয় সঠিককৈ ক’ব নোৱাৰি ।
‘ইন্দো-ইৰাণীয়’ নামকৰণ মূলতে হ’ল এই ভাষা প্রধানতঃ ভাৰত আৰু ইৰাণত প্ৰচলিত। ইৰাণত প্রচলিত ভাষাটোৱে ‘ইৰাণীয়’ শাখা নাম পালে আৰু ভাৰতবৰ্ষত প্ৰচলিত শাখাটো ‘ভাৰতীয় আৰ্য’ নামেৰে চিহ্নিত হ’ল। কোনো কোনোৱে ইন্দো – ইৰাণীয়ক দৰদীয় শাখা ৰূপেও অন্য এটা ভাগ বুলি দেখুৱাইছে।
এইদৰেই কেণ্টুম আৰু সতম্ শাখাক শ্ৰেণীবিভাজন কৰি দেখুৱাব পাৰি।
৫। ভাৰতীয় আর্যভাষাৰ পৰিচয় আৰু ভাষিক বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠা ইণ্ডো-ইউৰোপীয়ৰ অন্তৰ্গত ইণ্ডো-ইৰাণীয় বা আর্যশাখাৰ লোকসকলে প্রাচীন পাৰস্য বা আধুনিক ইৰাক-ইৰাণত বসতি স্থাপন কৰাৰ উপৰিও কিছুসংখ্যকে একাধিক দল বা ফৈদত বিভক্ত হৈ উত্তৰ-পশ্চিম গিৰিপথেদি আহি আনুমানিক খ্রীষ্ট-পূর্ব পঞ্চদশ শতাব্দীমানত ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল। ভাৰতলৈ অহা আর্যশাখাৰ এই সকলকে ভাৰতীয় আর্য বুলি অভিহিত কৰা হয় আৰু তেওঁলোকৰ যি ভাষা আছিল তাকে ভাৰতীয় আর্যভাষা বুলি কোৱা হয়।
আৰ্যসকল ভাৰতত প্ৰৱেশ কৰাৰ পৰা, অর্থাৎ খ্ৰীষ্টপূর্ব পঞ্চদশ শতাব্দীৰ পৰা বৰ্তমানলৈকে— এই সুদীর্ঘ তিনি হেজাৰ পাঁচশ বছৰৰ ভিতৰত আর্যভাষাৰ ক্ৰমবিকাশৰ যি ইতিহাস, সেই ইতিহাসক পৰিৱৰ্তনৰ গতি-প্রকৃতিৰ ওপৰত ভিত্তি কৰি প্ৰধানত : তিনিটা স্তৰ বা যুগত ভাগ কৰা হৈছে :
(ক) প্রাচীন ভাৰতীয় আর্যভাষা।
(খ) মধ্য ভাৰতীয় আর্যভাষা।
(গ) নব্য বা আধুনিক ভাৰতীয় আর্যভাষা।
(ক) প্রাচীন ভাৰতীয় আর্যভাষাঃ (খৃঃ পূঃ ১২০০ৰ পৰা খৃঃ পূঃ ৬ষ্ঠলৈ) প্রাচীন ভাৰতীয় আর্যভাষাৰ ভিতৰত — বৈদিক আৰু সংস্কৃত ভাষাক ধৰা হয়। বৈদিক সাহিত্যৰাজিৰ ভিতৰত বেদ বা সংহিতা, উপনিষদ আৰু ব্ৰাহ্মণ গ্রন্থক ধৰা হয়। ঋকবেদেই এই স্তৰৰ প্ৰাচীনতম গ্রন্থ। প্ৰকৃততে এই বেদৰ স্তোত্ৰসমূহ বহুদিনৰ আগতে ৰচনা হৈছিল, পাছত সংগ্ৰহ কৰি সজাই উলিওৱা হৈছিল। এই বেদৰ ভাষাকেই বৈদিক ভাষা বুলি জনা যায়। বৈদিক ভাষাতেই ব্ৰাহ্মণ, আৰণ্যক, উপনিষদ আদি বৈদিক সাহিত্যৰাজিও ৰচনা কৰা হৈছিল। সকলোবিলাক বৈদিক সাহিত্যই সামৰি লোৱা ভাষাটোক বৈদিক সংস্কৃত বুলিও কোৱা হয়।
কালক্ৰমত দেখা গ’ল যে বৈদিক ভাষাই বিভিন্নজনৰ মুখত পৰি সৰলীকৰণৰ ফালে গতি কৰে আৰু ইয়াৰ পৰাই লৌকিক বা কথিত ৰূপ এটাৰ সৃষ্টি হয়। এই লৌকিক বা কথিত ৰূপতেই শিক্ষিত লোকসকলে আখ্যান-উপাখ্যান আদিও ৰচনা কৰিছিল। বহুদিন এনেদৰে কথিত ৰূপত থকাৰ পাছত কালৰ সোঁতত ভাষাটোৰ ভালেমান আঞ্চলিক ৰূপ সৃষ্টি হয়। তেতিয়া মহামুনি পানিণীয়ে এই আঞ্চলিক ভাষাবোৰৰ এটা পৰিমাৰ্জিত ৰূপ দিয়াৰ ইচ্ছা কৰিলে। পানিণীয়ে ব্যাকৰণৰ নিয়ম শৃঙ্খলাৰ মাজত আৱদ্ধ কৰি এটা শিষ্ট সন্মত ৰূপ দিলে। এই শিষ্টসন্মত ৰূপেই হৈছে সংস্কৃত ভাষা। ব্রাহ্মণ বিদ্বান লোকসকলে সংস্কৃত ভাষাত সাহিত্য ৰচনা কৰিবলৈ ধৰিলে।
(খ) মধ্য ভাৰতীয় আর্যভাষাঃ এই ভাষাক সাধাৰণভাৱে প্রাকৃত ভাষা বুলিও জনা যায়। এফালেদি ব্যাকৰণৰ নীতি-নিয়মৰ মাজত সোমাই সংস্কৃত ভাষাই স্থিতাৱস্থা পালে আৰু আনফালে জনসাধাৰণৰ মাজত বৈদিক যুগৰ কথিত ভাষাই ৰূপ সলাই প্রাকৃত ভাষাৰ জন্ম হ’ল। প্ৰাকৃত ভাষাত বৈদিক আৰু সংস্কৃতৰ বহুখিনি জটিলতা কমি গ’ল। বিশেষকৈ ধ্বনিগত, ৰূপগত, শব্দগত, বাক্যগত দিশত অধিক সৰল হ’ল। এই স্তৰৰ ভাষাকেই মধ্যভাৰতীয় আর্যভাষা নামেৰে জনা যায়। এই মধ্য ভাৰতীয় আর্যভাষাই সাহিত্যিক ৰূপ লাভ কৰা আৰু ভাষাগত লক্ষণ অনুসৰি তিনিটা উপস্তৰত ভাগ কৰা হৈছে—
আদি প্ৰাকৃত স্তৰ (খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা খ্রষ্টীয় প্ৰথম শতিকালৈ)
মধ্য প্রাকৃত স্তৰ (খৃষ্টীয় প্রথম শতিকাৰ পৰা খৃষ্টীয় ৬ষ্ঠ শতিকালৈ)
অন্ত্য প্রাকৃত স্তৰ (খৃষ্টীয় ৬ষ্ঠ শতিকাৰ পৰা খৃষ্টীয় দশম শতিকালৈ)
আদি প্ৰাকৃত স্তৰৰ ভিতৰত পালি ভাষা আৰু অশোকৰ অনুশাসনসমূহৰ ভাষাক ধৰা হয়। পালি ভাষা বুলিলে প্রধানতঃ ত্রিপিতকৰ ভাষাকেই বুজায়। এই ত্ৰিপিতকৰ প্ৰধান ভাগ হ’ল — বিনয় পিতক, সুত পিতক আৰু অভিধর্ম পিতক। এইবোৰ থেৰাবাদী বৌদ্ধসকলৰ ধৰ্মীয় সাহিত্য। দ্বিতীয়তে এই স্তৰৰ নিদৰ্শন অশোকৰ অনুশাসনবোৰত পোৱা যায়। সম্রাট অশোকে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে বৌদ্ধধৰ্মৰ বাণীসমূহ পৰ্বতৰ গুহাত, শিলৰ গাত, স্তম্ভ আদিত লিখি প্ৰচাৰ কৰিছিল। অশোকৰ শিলালিপিৰ ভাষাত গিৰ্ণাৰ, কলসী, ধৌলী, জৌগড়, মানসেহৰা, শাহবাজগহী আদি শিলালেখসমূহ পোৱা যায়। এই শিলালেখসমূহৰ ভাষাক চাৰিটা ভাগত ভাগ কৰা হৈছে। উত্তৰ-পশ্চিম, দক্ষিণ-পশ্চিমা, প্ৰাচ্যা আৰু প্রাচ্যা মধ্যা।
মধ্য প্রাকৃত অর্থাৎ দ্বিতীয় স্তৰৰ নিদৰ্শন পোৱা যায়। খ্রীষ্টীয় প্রথম শতিকা মহাৰাষ্ট্ৰী, শৌৰসেনী, অর্ধমাগধী, পৈশাচী আদি সাহিত্যিক প্ৰাকৃত আৰু বৌদ্ধ সংস্কৃতত। ইয়াৰ উপৰিও বিভিন্ন গীতিকাব্য, নাটক আদিও সেই সময়ৰ ৰচনা। বৌদ্ধ সংস্কৃত ভাষা কথ্য সংস্কৃত ভাষাৰ পৰা সৃষ্টি হৈছে। উত্তৰ ভাৰতৰ বৌদ্ধ সম্প্ৰদায়ৰ কোনো গ্রন্থত পালিভাষা ব্যৱহাৰ নকৰি সংস্কৃত আৰু প্ৰাকৃত মিশ্ৰিত ভাষা এটা ব্যৱহাৰ কৰিছিল। এই ভাষাটোকে কথ্য সংস্কৃত বা বৌদ্ধ সংস্কৃত নামে জনা যায়। মধ্য প্রাকৃতৰ নিদৰ্শন পোৱা গ্ৰন্থসমূহৰ ভিতৰত হৈছে — সংস্কৃত নাটৰ প্ৰাকৃত গাহাসওসঈ, প্ৰবৰ সেনৰ ৰাৱণবহো উল্লেখযোগ্য। এইবোৰ মহাৰাষ্ট্ৰী প্ৰাকৃত ভাষাত ৰচিত গ্ৰন্থ। ৰাজশেখৰৰ কৰ্পূৰমঞ্জৰী নাটকৰ পদ্যাংশ মহাৰাষ্ট্ৰী প্ৰাকৃত আৰু গদ্যভাগ শৌৰসেনী প্ৰাকৃতত ৰচিত। তদুপৰি মগধ অঞ্চলত প্ৰচলিত মাগধী প্ৰাকৃতৰ শাকাৰী, চাণ্ডালী আৰু শাৱৰী এই উপভাষা তিনিটা সংস্কৃত নাটকত নিম্নশ্রেণী লোকৰ মুখত ব্যৱহাৰ কৰিছিল।
মৃচ্ছকটিকা নাটকৰ শকাৰৰ ভাষা শাবৰী। কালিদাসৰ অভিজ্ঞান শকুন্তলম নাটকতো মাগধী প্রাকৃত ব্যৱহাৰ কৰিছিল। প্ৰাকৃত নাটকসমূহত নিম্নশ্রেণীৰ চৰিত্ৰৰ মুখৰ ভাষা হিচাপে অর্ধমাগধী আৰু মাগধী প্ৰাকৃত ব্যৱহাৰ কৰিছিল। আনহাতে শৌৰসেনী প্রাকৃতকে সাহিত্যৰ ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল।
(গ) নব্য্য ভাৰতীয় আর্যভাষাঃ মধ্য ভাৰতীয় আর্যভাষাৰ দ্বিতীয় স্তৰত থলুৱা ৰূপ পৰিগ্ৰহ কৰা মহাৰাষ্ট্ৰী, শৌৰসেনী, মাগধী, অর্ধমাগধী, পৈশাচী প্রাকৃতসমূহ কালক্ৰমত সৰলীকৃত হৈ অপভ্ৰংশ স্তৰত উপনীত হয়। এই শিথিলতৰ প্ৰাকৃতসমূহক অন্ত্যস্তৰত ধৰা হয়। খৃষ্টীয় ৬ষ্ঠ শতিকামানৰ পৰা অপভ্ৰংশ স্তৰৰ ভাষাই সাহিত্যিক ৰূপ ল’বলৈ ধৰে। এই অপভ্ৰংশৰ সম্পর্কে বিভিন্ন জন পণ্ডিতে নানা মত আগবঢ়াইছে। সুকুমাৰ সেনৰ মতে মধ্য ভাৰতীয় আর্যভাষাৰ যিটো সার্বজনীন ৰূপ অশিষ্ট লোক সাহিত্যৰ বাহন ৰূপে দেখা দিছিল সিয়ে অপভ্রংশ বা অবহটঠ অর্থাৎ অবাচীন অপভ্রংশ। অপভ্ৰংশৰ শেষ স্তৰ অৱহটঠৰ পৰাই আধুনিক ভাৰতীয় ভাষাসমূহৰ উদ্ভৱ হয়। সেই কাৰণে ইয়াক নব্য ভাৰতীয় আর্যভাষা হিচাপে চিহ্নিত কৰা হৈছে।
অন্ত্যপ্রাকৃত বা অপভ্রংশ স্তৰৰ সাহিত্যিক নিদর্শন বৰ বেছি পোৱা নাযায়। অপভ্ৰংশৰ স্তৰত ৰচিত সাহিত্যিৰ ভিতৰত স্বয়ম্ভুৰ পউমচৰিঅ, পুপফদন্তৰ মহাপুৰাণ, সোমদেৱৰ যশক্তিলক, হৰিভদ্ৰৰ সমৰাইচ্ছকহা আৰু নেমিণাহচৰিঅ, শ্ৰীশ্চন্দ্ৰৰ কথাকোষ আদি উল্লেখযোগ্য। আনহাতে অবহটঠ ভাষাত ৰচিত গ্ৰন্থ হৈছে — পিঙ্গলাচাৰ্যৰ প্ৰাকৃতপৈঙ্গল, আবদুৰ ৰহমানৰ সংনেহৰাসয়, বিদ্যাপতিৰ কীৰ্তিলতা আৰু কীৰ্তিপতাকা আদি উল্লেখযোগ্য। তদুপৰি সৰহপাদৰ দোহাকোষ অৱহটঠ ভাষাত ৰচিত গ্ৰন্থ।
৬। পৃথিৱীৰ ভাষাৰ পৰিয়ালৰ যিকোনো এটি পৰিচয় দিয়া?
উত্তৰঃ পৃথিৱীৰ ভাষা পৰিয়ালসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। সেইসমূহৰ বিষয়ে আলোচনা কৰা হ’ল —
(ক) অষ্ট্রিক ভাষাগোষ্ঠীঃ পৃথিৱীৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত ই এটা অন্যতম উল্লেখযোগ্য ভাষাগোষ্ঠী। এই ভাষাগোষ্ঠীক প্রধানতঃ দুটা শাখাত বিভক্ত কৰা হৈছে— অষ্ট্র-এছীয়, অষ্ট্র নেছীয়। কোল বা মুণ্ডা আৰু মন খমেৰ প্রথম শাখাটোৰ অন্তৰ্গত। ভাৰতবৰ্ষৰ প্রচলিত কোল পৰিয়ালৰ ভাষাসমূহৰ ভিতৰত চাওঁতালী, মুণ্ডাৰী, ভূমিজ, হো, খৰিয়া, জয়াং, কর্কু, শবৰ আদি উল্লেখযোগ্য। মন- খমেৰ উপশাখাৰ অন্তৰ্গত ‘নিকোবৰী’, ‘খাচী’, ‘চীনেটং’, ‘মন’, ‘পালৌঙ’, খমেৰ, স্তিয়েঙ, বাহনাৰ, সাকায়, আদি ভাষাৰ উল্লেখ কৰিব পাৰি। অষ্ট্ৰনেছীয় উপশাখাৰ ভাষাসমূহৰ ইণ্ডোনেছীয়, মেলানেছীয়, মিক্রোনেছীয়, পলিনেছীয় ইত্যাদি বিভাগত বিভক্ত কৰা হৈছে। অষ্ট্ৰিক ভাষীসকলেই অসমৰ প্ৰাচীনতম অধিবাসী।
(খ) দ্রাবিড় ভাষাগোষ্ঠীঃ জাতিগতভাৱে দ্রাবিড়সকল মেডিটোনিয়ান বা ভূমধ্য সাগৰীয় জাতিৰ অন্তৰ্গত আৰু অষ্ট্ৰিকসকলৰ সমসাময়িকভাৱেই এওঁলোক ভাৰতলৈ প্ৰব্ৰজিত হয়। দ্রাবিড় ভাষাগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন ভাষাসমূহৰ প্ৰচলন ভাৰতবৰ্ষৰ দক্ষিণাঞ্চলতে অধিক যদিও পাকিস্তানৰ অন্তৰ্গত বেলুচিস্তানৰ পাৰ্বত্য অঞ্চলৰ লগতে শ্রীলঙ্কাৰ উত্তৰাঞ্চলতো এই ভাষাৰ প্ৰচলন আছে।
দ্রাবিড় ভাষাগোষ্ঠীৰ অন্তৰ্গত প্ৰধান ভাষাকেইটা হৈছে তামিল, মালায়ালম, কানাড়ী আৰু তেলেগু। ইয়াৰ বাহিৰেও এই ভাষাগোষ্ঠীৰ অন্তৰ্গত টুলু, টোডা, কোটা, বড্গ, গোগু, কুৰুখ, কুই, কোলামী আদি ভাষা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰচলিত বুলি জনা যায়।
তিব্বত-বর্মী ভাষাগোষ্ঠীঃ তিব্বত-বর্মী ভাষাগো,ঠী পৃথিৱীৰ অন্যতম সুবৃহৎ ভাষাগোষ্ঠী চীন-তিব্বতীয় অন্তর্গত। জাতিগত দিশৰ পৰা এওঁলোক মঙ্গোলীয় জনগোষ্ঠীৰ অন্তর্গত। চীন-তিব্বতীয় ভাষাগোষ্ঠীক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হৈছে :
১. ত্বিত-বৰ্মী। আৰু
২. থাই চীনীয় বা শ্যাম চীনীয়।
তিব্বত-বর্মী শাখাটোক পুনৰ চাৰিটা ভাগত বিভক্ত কৰা হৈছে। সেইকেইটা হৈছে— হিমালয়ী, উত্তৰ-অসম, অসম-বর্মী, তিব্বতী।
ইয়াৰ প্ৰত্যেক শাখাৰে বিভিন্ন উপশাখা আছে আৰু সেইবোৰ ভাৰত, নেপাল, ভূটান, ব্ৰহ্মদেশ আদিৰ বিভিন্ন ঠাইত প্ৰচলিত হৈ আছে।
(খ) থ্যাই-চীনীয় বা শ্যাম চীনীয়ঃ এই ভাষাগোষ্ঠী চীন তিব্বতীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত। শ্যাম-চীনীয় শাখাক দুটা ভাগত বিভক্ত কৰা হৈছে— থাই বা টাই বা শ্যামী আৰু চীনীয়।
মিআও, য়াম, খামতি, নৰা, তাইৰাং, (বা তুৰুং), শ্বান, আআইতনীয়া আহোম, শ্যামী, লাও, লুতখুন আদি শ্যামী বা থাই উপশাখাৰ অন্তৰ্গত ভাষা। ইয়াৰে শ্বন, খামতি, নৰা, আহোম, তুৰং, আইতনীয়া আদি ভাষাসমূহ অসম, ব্রহ্মদেশ আৰু অৰুণাচলৰ দাঁতি – কাষৰীয়া অঞ্চলবিশেষত প্রচলিত।
৭। চমু টোকা লিখাঃ
উত্তৰঃ (ক) প্রাচীন ভাৰতীয় আর্যভাষা : (খৃঃ পূঃ ১২০০ৰ পৰা খৃঃ পূঃ ৬ষ্ঠলৈ) প্ৰাচীন ভাৰতীয় আর্যভাষাৰ ভিতৰত — বৈদিক আৰু সংস্কৃত ভাষাক ধৰা হয়। বৈদিক সাহিত্যৰাজিৰ ভিতৰত বেদ বা সংহিতা, উপনিষদ আৰু ব্ৰাহ্মণ গ্ৰন্থক ধৰা হয়। ঋকবেদেই এই স্তৰৰ প্ৰাচীনতম গ্রন্থ। প্রকৃততে এই বেদৰ স্তোত্ৰসমূহ বহুদিনৰ আগতে ৰচনা হৈছিল, পাছত সংগ্ৰহ কৰি সজাই উলিওৱা হৈছিল। এই বেদৰ ভাষাকেই বৈদিক ভাষা বুলি জনা যায়। বৈদিক ভাষাতেই ব্রাহ্মণ, আৰণ্যক, উপনিষদ আদি বৈদিক সাহিত্যৰাজিও ৰচনা কৰা হৈছিল। সকলোবিলাক বৈদিক সাহিত্যই সামৰি লোৱা ভাষাটোক বৈদিক সংস্কৃত বুলিও কোৱা হয়।
কালক্ৰমত দেখা গ’ল যে বৈদিক ভাষাই বিভিন্নজনৰ মুখত পৰি সৰলীকৰণৰ ফালে গতি কৰে আৰু ইয়াৰ পৰাই লৌকিক বা কথিত ৰূপ এটাৰ সৃষ্টি হয়। এই লৌকিক বা কথিত ৰূপতেই শিক্ষিত লোকসকলে আখ্যান-উপাখ্যান আদিও ৰচনা কৰিছিল। বহুদিন এনেদৰে কথিত ৰূপত থকাৰ পাছত কালৰ সোঁতত ভাষাটোৰ ভালেমান আঞ্চলিক ৰূপ সৃষ্টি হয়। তেতিয়া মহামুনি পানিণীয়ে এই আঞ্চলিক ভাষাবোৰৰ এটা পৰিমাৰ্জিত ৰূপ দিয়াৰ ইচ্ছা কৰিলে। পানিণীয়ে ব্যাকৰণৰ নিয়ম শৃঙ্খলাৰ মাজত আৱদ্ধ কৰি এটা শিষ্ট সন্মত ৰূপ দিলে। এই শিষ্টসন্মত ৰূপেই হৈছে সংস্কৃত ভাষা। ব্রাহ্মণ বিদ্বান লোকসকলে সংস্কৃত ভাষাত সাহিত্য ৰচনা কৰিবলৈ ধৰিলে।
(খ) মধ্য ভাৰতীয় আর্যভাষাঃ
উত্তৰঃ এই ভাষাক সাধাৰণভাৱে প্রাকৃত ভাষা বুলিও জনা যায়। এফালেদি ব্যাকৰণৰ নীতি-নিয়মৰ মাজত সোমাই সংস্কৃত ভাষাই স্থিতাৱস্থা পালে আৰু আনফালে জনসাধাৰণৰ মাজত বৈদিক যুগৰ কথিত ভাষাই ৰূপ সলাই প্রাকৃত ভাষাৰ জন্ম হ’ল। প্রাকৃত ভাষাত বৈদিক আৰু সংস্কৃতৰ বহুখিনি জটিলতা কমি গ’ল। বিশেষকৈ ধ্বনিগত, ৰূপগত, শব্দগত, বাক্যগত দিশত অধিক সৰল হ’ল। এই স্তৰৰ ভাষাকেই মধ্যভাৰতীয় আর্যভাষা নামেৰে জনা যায়। এই মধ্য ভাৰতীয় আর্যভাষাই সাহিত্যিক ৰূপ লাভ কৰা আৰু ভাষাগত লক্ষণ অনুসৰি তিনিটা উপস্তৰত ভাগ কৰা হৈছে—
আদি প্ৰাকৃত স্তৰ (খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা খ্রষ্টীয় প্ৰথম শতিকালৈ)
মধ্য প্রাকৃত স্তৰ (খৃষ্টীয় প্রথম শতিকাৰ পৰা খৃষ্টীয় ৬ষ্ঠ শতিকালৈ)
অন্ত্য প্রাকৃত স্তৰ (খৃষ্টীয় ৬ষ্ঠ শতিকাৰ পৰা খৃষ্টীয় দশম শতিকালৈ)
আদি প্রাকৃত স্তৰৰ ভিতৰত পালি ভাষা আৰু অশোকৰ অনুশাসনসমূহৰ ভাষাক ধৰা হয়। পালি ভাষা বুলিলে প্রধানতঃ ত্রিপিতকৰ ভাষাকেই বুজায়। এই ত্ৰিপিতকৰ প্ৰধান ভাগ হ’ল— বিনয় পিতক, সুত পিতক আৰু অভিধর্ম পিতক। এইবোৰ থেৰাবাদী বৌদ্ধসকলৰ ধৰ্মীয় সাহিত্য। দ্বিতীয়তে এই স্তৰৰ নিদৰ্শন অশোকৰ অনুশাসনবোৰত পোৱা যায়। সম্রাট অশোকে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে বৌদ্ধধৰ্মৰ বাণীসমূহ পৰ্বতৰ গুহাত, শিলৰ গাত, স্তম্ভ আদিত লিখি প্ৰচাৰ কৰিছিল। অশোকৰ শিলালিপিৰ ভাষাত গিৰ্ণাৰ, কলসী, ধৌলী, জৌগড়, মানসেহৰা, শাহবাজগহী আদি শিলালেখসমূহ পোৱা যায়। এই শিলালেখসমূহৰ ভাষাক চাৰিটা ভাগত ভাগ কৰা হৈছে। উত্তৰ-পশ্চিম, দক্ষিণ-পশ্চিমা, প্ৰাচ্যা আৰু প্রাচ্যা মধ্যা।
মধ্য প্রাকৃত অর্থাৎ দ্বিতীয় স্তৰৰ নিদৰ্শন পোৱা যায়। খ্রীষ্টীয় প্রথম শতিকা মহাৰাষ্ট্ৰী, শৌৰসেনী, অর্ধমাগধী, পৈশাচী আদি সাহিত্যিক প্ৰাকৃত আৰু বৌদ্ধ সংস্কৃতত। ইয়াৰ উপৰিও বিভিন্ন গীতিকাব্য, নাটক আদিও সেই সময়ৰ ৰচনা। বৌদ্ধ সংস্কৃত ভাষা কথ্য সংস্কৃত ভাষাৰ পৰা সৃষ্টি হৈছে। উত্তৰ ভাৰতৰ বৌদ্ধ সম্প্ৰদায়ৰ কোনো গ্ৰন্থত পালিভাষা ব্যৱহাৰ নকৰি সংস্কৃত আৰু প্ৰাকৃত মিশ্রিত ভাষা এটা ব্যৱহাৰ কৰিছিল। এই ভাষাটোকে কথ্য সংস্কৃত বা বৌদ্ধ সংস্কৃত নামে জনা যায়। মধ্য প্ৰাকৃতৰ নিদৰ্শন পোৱা গ্ৰন্থসমূহৰ ভিতৰত হৈছে— সংস্কৃত নাটৰ প্ৰাকৃত গাহাসত্তসঈ, প্ৰবৰ সেনৰ ৰাৱণবহো উল্লেখযোগ্য। এইবোৰ মহাৰাষ্ট্ৰী প্ৰাকৃত ভাষাত ৰচিত গ্রন্থ।
ৰাজশেখৰৰ কৰ্পূৰমঞ্জৰী নাটকৰ পদ্যাংশ মহাৰাষ্ট্ৰী প্ৰাকৃত আৰু গদ্যভাগ শৌৰসেনী প্ৰাকৃতত ৰচিত। তদুপৰি মগধ অঞ্চলত প্ৰচলিত মাগধী প্ৰাকৃতৰ শাকাৰী, চাণ্ডালী আৰু শাৱৰী এই উপভাষা তিনিটা সংস্কৃত নাটকত নিম্নশ্রেণী লোকৰ মুখত ব্যৱহাৰ কৰিছিল। মৃচ্ছকটিকা নাটকৰ শকাৰৰ ভাষা শাবৰী। কালিদাসৰ অভিজ্ঞান শকুন্তলম নাটকতো মাগধী প্রাকৃত ব্যৱহাৰ কৰিছিল। প্ৰাকৃত নাটকসমূহত নিম্নশ্রেণীৰ চৰিত্ৰৰ মুখৰ ভাষা হিচাপে অর্ধমাগধী আৰু মাগধী প্রাকৃত ব্যৱহাৰ কৰিছিল। আনহাতে শৌৰসেনী প্ৰাকৃতকে সাহিত্যৰ ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল।
(গ) নব্য্য ভাৰতীয় আর্যভাষাঃ
উত্তৰঃ মধ্য ভাৰতীয় আর্যভাষাৰ দ্বিতীয় স্তৰত থলুৱা ৰূপ পৰিগ্ৰহ কৰা মহাৰাষ্ট্ৰী, শৌৰসেনী, মাগধী, অর্ধমাগধী, পৈশাচী প্রাকৃতসমূহ কালক্ৰমত সৰলীকৃত হৈ অপভ্ৰংশ স্তৰত উপনীত হয়। এই শিথিলতৰ প্ৰাকৃতসমূহক অন্ত্যস্তৰত ধৰা হয়। খৃষ্টীয় ৬ষ্ঠ শতিকামানৰ পৰা অপভ্রংশ স্তৰৰ ভাষাই সাহিত্যিক ৰূপ ল’বলৈ ধৰে। এই অপভ্রংশৰ সম্পৰ্কে বিভিন্ন জন পণ্ডিতে নানা মত আগবঢ়াইছে। সুকুমাৰ সেনৰ মতে মধ্য ভাৰতীয় আর্যভাষাৰ যিটো সার্বজনীন ৰূপ অশিষ্ট লোক সাহিত্যৰ বাহন ৰূপে দেখা দিছিল সিয়ে অপভ্রংশ বা অৱহটঠ অর্থাৎ অবাচীন অপভ্রংশ। অপভ্রংশৰ শেষ স্তৰ অৱহটঠৰ পৰাই আধুনিক ভাৰতীয় ভাষাসমূহৰ উদ্ভৱ হয়। সেই কাৰণে ইয়াক নব্য ভাৰতীয় আর্যভাষা হিচাপে চিহ্নিত কৰা হৈছে।
অন্ত্যপ্রাকৃত বা অপভ্রংশ স্তৰৰ সাহিত্যিক নিদর্শন বৰ বেছি পোৱা নাযায় অপভ্ৰংশৰ স্তৰত ৰচিত সাহিত্যিৰ ভিতৰত স্বয়ম্ভুৰ পউমচৰিঅ, পুপফদন্তৰ মহাপুৰাণ, সোমদেৱৰ যশস্তিলক, হৰিভদ্ৰৰ সমৰাইচ্ছকহা আৰু নেমিণাহুচৰিঅ, শ্ৰীশ্চন্দ্ৰৰ কথাকোষ আদি উল্লেখযোগ্য। আনহাতে অৱহটঠ ভাষাত ৰচিত গ্ৰন্থ হৈছে— পিঙ্গলাচাৰ্যৰ প্ৰাকৃতপৈঙ্গল, আবদুৰ ৰহমানৰ সংনেহৰাসয়, বিদ্যাপতিৰ কীৰ্তিলতা আৰু কীর্তিপতাকা আদি উল্লেখযোগ্য। তদুপৰি সৰহপাদৰ দোহাকোষ অবহটঠ ভাষাত ৰচিত গ্ৰন্থ।
(ঘ) ইন্দো ইউৰোপীয় ভাষাগোষ্ঠীৰ কেণ্টুম শাখাঃ
উত্তৰঃ ইন্দো ইউৰোপীয় ভাষা গোষ্ঠী মূলত দুটা প্ৰধান শাখাত ভাগ কৰা হয়। কেণ্টুম আৰু সতম শাখা। ইয়াত কেণ্টুম শাখাৰ ভাষাবোৰৰ পৰিচয় দিয়া হৈছে।
কেল্টীয় শাখা— কেল্টীয় শাখাৰ ভাষাসমূহ ইন্দো- ইউৰোপীয় শাখাৰ অন্যতম। এই শাখাৰ ভাষাসমূহ মধ্য আৰু পশ্চিম ইউৰোপ, এছিয়া মাইনৰলৈকে বিয়পি আছিল। খৃঃ পূঃ পঞ্চম শতিকাৰ পৰা প্ৰথম এই কেল্টীয় শাখাটোৰ কথা উল্লেখ কৰা হৈছে। সংখ্যাগৰিষ্ঠ আৰু শক্তিশালীৰূপে কেল্টীয়সকল পৰিচিত যদিও তেওঁলোকৰ প্রাচীন কোনো সাহিত্যিক নিদর্শন নাছিল।
কেল্টীয় শাখাক তিনিটা ভাগত ভাগ কৰিব পাৰি— গৌলিশ, বৃটেইন আৰু গেলীয়।
কেল্টীয় শাখাটোক দুটা ভাগত বিভক্ত কৰা হৈছে—প কেল্টীয় আৰু ক কেল্টীয়। এই শাখাৰ ভাষাবোৰৰ ভিতৰত অন্যতম এক ভাষা হৈছে গৌলিশ্। যাৰ অস্তিত্ব পঞ্চম শতাব্দীলৈ আছিল। ইয়াৰ নিদৰ্শন সৰু অনুশাসন আদিতহে পোৱা যায়।
কেল্টীয় শাখাৰ আন এক ভাষা হ’ল ব্রিটেইন শাখা। ৱেলচ আৰু ব্ৰিটেইনত প্ৰচলিত ভাষা ব্রিটেনীয় বা প-কেল্টীয় শাখাৰ অন্তৰ্গত। পঞ্চম শতিকাৰপৰা সপ্তম শতিকাৰ ভিতৰত দক্ষিণ- পশ্চিম ব্ৰিটেইনৰ উপনিবেশবাসীয়ে ইয়াক স-প্রতিষ্ঠিত কৰে। ইয়াৰ সাহিত্যিক নিদর্শন একাদশ শতিকাৰ পৰা পোৱা যায়।
কেল্টীয় শাখাৰ তৃতীয় ভাগটো হ’ল গেলীয়, যিটো ক – কেল্টীয়ৰ অন্তৰ্গত। এই শাখাৰ ভাষা প্রথম আৱিষ্কৃত হয় আয়াৰলেণ্ডত; কিন্তু তৃতীয় শতাব্দীৰ শেষৰ ফালৰ পৰা এই শাখাৰ স্কটলেণ্ড ভাষাও আবিষ্কৃত হয়।
ইটালীয় শাখা – কেল্টীয় শাখাৰ দৰেই ইটালীয় শাখাও ইন্দো – ইউৰোপীয়ৰ অন্যতম শাখা। প্ৰকৃতভাৱে ইটালীত প্রচলিত ভাষাই হ’ল ইটালীয় ভাষা। এই ভাষাকো ক-ইটালীয় আৰু প-ইটালীয় দুটা ভাগত দেখুৱাব পাৰি। জনা যায় এই ভাষা সমষ্টিয়ে আপোন আদিম বাসস্থানৰ পৰা পশ্চিমমুৱা হৈ আল্পচ্ পৰ্বত পাৰ হৈ ইটালীত প্ৰৱেশ কৰে। ইটালীয় শাখাৰ ভাষাসমূহৰ ভিতৰত লেটিন, উমব্রিয়ান আৰু ওচকানেই প্রধান। ইটালীয় পশ্চিম মধ্য অঞ্চল অর্থাৎ, টাইবাৰ নদীৰ তীৰবৰ্তী লণটউস প্ৰদেশত বসবাস কৰাসকলে লেটিন ভাষা কয়। দক্ষিণ পূব অঞ্চলত ওচকান ভাষাৰ প্ৰচলন শক্তিশালী লেটিন ভাষাই বাকী ওচকান আৰু উমব্রিয়ানৰ অস্তিত্ব বিলুপ্ত কৰে। কাৰণ, ওচকান আৰু উমব্রিয়ান এই দুয়ো ভাষাৰ বিষয়ে প্রত্নলেখ আদিয়ে তথ্যৰ যোগান ধৰে। দুয়ো ভাষা পৰম্পৰাগতভাৱে ইটালীয় শাখাৰ অন্তৰ্গতৰূপে পৰিচিত হয়।
জার্মানীয় শাখা— ইন্দো-ইউৰোপীয় ভাষাৰ ভিতৰত জার্মানীয় শাখাটো অন্যতম। জাৰ্মানীৰ লোকসকল প্রাচীন কালৰে পৰা পৰিচিত আছিল। কিন্তু তেওঁলোকৰ ভাষাৰ লিখিত নিদর্শন মধ্যযুগ পর্যন্ত পোৱা নগৈছিল। প্রত্নজার্মান ভাষাৰ ইতিহাস জনাৰ সুবিধা নহ’লেও খ্রীষ্টীয় তৃতীয় শতিকামানৰ কিছুমান অৱশিষ্টস্বৰূপ প্ৰত্নলেখৰ মাজত পোৱা যায়, যিবোৰ ডেনমার্ক আৰু নৰৱেত আৱিষ্কৃত হয়। কিন্তু এইবোৰৰ ওপৰত ভিত্তি কৰিয়ে জার্মান ভাষাৰ উপযুক্ত নিদর্শন বুলিব নোৱাৰি। গথিক ভাষাত ৰচিত বাইবেলৰ অনুবাদেই এই শাখাৰ ভাষাৰ প্ৰাচীনতম নিদর্শন বুলিব পাৰি। ইয়াৰ সপ্তম-অষ্টম শতিকামানৰ পৰা জাৰ্মানীয় শাখাৰ বিভিন্ন ভাষাৰ ক্রমবিকাশৰ আৰম্ভ হয়।
প্রথম অৱস্থাত এই ভাষাগোষ্ঠীৰ লোকসকল ইউৰোপৰ উত্তৰ অংশত আছিল বুলি অনুমান কৰা হৈছে। মূল ইন্দো- ইউৰোপীয়ৰ পৰা ওলাই আহি এই শাখাৰ ভাষাগোষ্ঠীয়ে স্কাণ্ডিনেভিয়াৰ দক্ষিণ আৰু জাৰ্মানীৰ উত্তৰ অঞ্চলত বসবাস কৰে। জনসংখ্যা বৃদ্ধিৰ ফলত তেওঁলোক ইউৰোপৰ বিভিন্ন ঠাইত বিয়পি পৰে। ফ্রান্স, ইটালী, স্পেইন, ব্ৰিটিছ, দ্বীপপুঞ্জ আদি ঠাইলৈ এই গোষ্ঠীৰ লোকসকল বিয়পি পৰে। এই শাখাৰ প্ৰধানভাৱে তিনিটা ভাগত বিভক্ত কৰা হৈছে— পশ্চিম জার্মানীয়, পূর্ব জার্মানীয় আৰু উত্তৰ জার্মানীয়।
গ্রীক — গ্রীক ভাষা ইন্দো-ইউৰোপীয় ভাষাৰ ভিতৰতে উল্লেখযোগ্য ভাষা। গ্ৰীচ্, এছিয়া, মাইনৰ ইজিপ্তৰ কিছু অংশ সহ স্পেইনৰ পৰা আৰম্ভ কৰি কৃষ্ণসাগৰৰ উপকূলৱৰ্তী অঞ্চলত গ্ৰীক ভাষাৰ প্ৰচলন আছে। লেটিন, জার্মানীয় আদি ভাষাৰ তুলনাত গ্রীক ভাষা অধিক পুৰাতন। কাৰণ দর্শন, সাহিত্য আদিৰে পল্লৱিত হৈ গ্রীক ভাষা খৃঃ পূঃ তৃতীয়, চতুর্থ শতিকামানৰে পৰা সমগ্ৰ ইউৰোপতে প্ৰথম আৰু প্ৰধান স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। গ্রীক ভাষাৰ দ্বাৰাই ৰোমান ভাষাও অনুপ্ৰাণিত হৈছিল। সমগ্র ইউৰোপতে গ্ৰীক ভাষাই বিশেষ স্থান লাভ কৰিছিল।
গ্রীক ভাষাৰ ভিতৰত এট্রিক, আয়োনিক, ডোৰিক, আর্কেডীয়, এওলীক, পোম্ফেলিয়া আদি প্ৰধান ভাষা।
তোখাৰীয়— এই শাখাৰ ভাষাৰ আৱিস্কাৰ এই শতিকাৰে ঘটনা। মধ্য এছিয়াৰ অন্তৰ্গত চীনীয়-তুর্কীস্তানত কিছুমান প্রত্নলেখ আৱিস্কৃত হৈছে যিবোৰ ব্ৰাহ্মী আৰু খৰোষ্ঠী লিপিত লিখিত। কিছুমান আৱিস্কৃত গ্রন্থ চিকিৎসা আৰু বৌদ্ধ শাস্ত্ৰৰ। এই আৱিষ্কৃত প্ৰভুলেখাদিৰ ভাষা ইন্দো-ইউৰোপীয় ভাষাৰ অন্তৰ্গত কেণ্টুম শাখাৰ বুলি ঠাৱৰ কৰা হৈছে। এই ভাষা তুখাৰ নামৰ জাতিৰ আছিল বাবেই ‘তোখাৰীয়’ নামে চিহ্নিত কৰা হৈছে। পূৰ্ব তোখাৰীয় আৰু পশ্চিম তোখাৰীয় দুটা উপভাষাৰ কথা জনা যায়।
(ঙ) ইন্দো ইউৰোপীয় ভাষাগোষ্ঠীৰ সতম্ শাখাঃ
উত্তৰঃ ইন্দো ইউৰোপীয় ভাষা গোষ্ঠী মূলত দুটা প্ৰধান শাখাত ভাগ কৰা হয়। কেণ্টুম আৰু সতম শাখা।
ইয়াত সতম্ শাখাৰ ভাষাবোৰৰ পৰিচয় দিয়া হৈছে।
আলবেনীয়— ইন্দো-ইউৰোপীয় শাখাৰ সতম্ শাখাৰ ভিতৰত আলবেনীয় শাখা অন্যতম। এই শাখাৰ ভাষা উত্তৰ-গ্ৰীচৰ আদ্রিয়াটিক সাগৰৰ পূব উপকূলৰ আলবেনীয়াত প্রচলিত। প্রথমে এই শাখাৰ ভাষাক গ্ৰীক ভাষাৰে অন্তৰ্গত বুলি ভবা হৈছিল যদিও বৰ্তমান এই ভুল আঁতৰিছে। কাৰণ, ইয়াৰ ধ্বনিতাত্ত্বিক আৰু ব্যাকৰণ আদিৰ দিশত ই গ্ৰীক ভাষাৰ অন্তৰ্গত নহয় বুলি প্ৰতিপন্ন কৰাত সহায় কৰিছে।
আলবেনীয় ভাষাৰ বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ শব্দ সম্ভাৰত গ্রীক, লোটন, তুর্কী আদি শব্দৰ বিপুল পয়োভৰ। এই ভাষা ইন্দো- ইউৰোপীয় ভাষাসমূহৰে ভাষাসমূহৰে ভিতৰত আটাইতকৈ বিকৃতি প্রাপ্ত ভাষা।
আর্মেনীয় — এই শাখাৰ ভাষা এছিয়া মাইনৰ আর্মেনীয় অঞ্চলত প্ৰচলিত। এই শাখাৰ খৃঃপূঃ সপ্তম-অষ্টম শতিকামানৰ পৰাই প্ৰচলিত আছিল। অৱশ্যে এই ভাষা ঐতিহ্য আৰু প্ৰাচীনত্বৰ ফালৰপৰা উল্লেখযোগ্য নহয়। ইন্দো-হিট্টী ভাষাৰ কিছুমান অৱশিষ্ট এই আর্মেনীয় ভাষাত পোৱা যায়। পাৰ্চী, ইৰণীয় শাখাৰ শব্দাৱলী এই ভাষাত সোমাই পৰিছে।
খৃষ্টীয় পঞ্চম শতিকাত এই ভাষালৈ কৰা বাইবেলৰ অনুবাদ পোৱা যায় আৰু আর্মেনীয় ভাষাৰ ইয়ে প্রাচীন নিদর্শন বুলি জনা গৈছে। গ্রীক ভাষার ধর্ম, দর্শন সম্বন্ধীয় গ্ৰন্থৰ অনুবাদ আর্মেনীয় ভাষাত পোৱা যায়। এতিয়াও প্রাচীন আর্মেনীয়ৰ প্ৰয়োগ এক শ্ৰেণীৰ লোকৰ মাজত প্ৰচলিত আছে। আধুনিক আর্মেনীয় পূব আৰু পশ্চিম দুটা শাখা আছে। পূব শাখা ইৰাণ আৰু আর্মেনীয়াত প্রচলিত আৰু পশ্চিম শাখা তুৰস্কত প্রচলিত। পশ্চিম আর্মেনীয়াৰ অন্তৰ্গত ‘স্তামূল’ কন্সটান্টিনোপল আৰু কৃষ্ণ সাগৰৰ উপকূল অঞ্চলত প্ৰচলিত।
বাল্টোস্লাৱীয় — বাল্টোস্লাৱীয় শাখাৰ ভাষা পূব ইউৰোপীয় বৃহৎ অঞ্চল জুৰি আছে। ই দুটা শাখাত বিভক্ত – বাল্টীয় আৰু স্লাৱীয়। বাল্টীয় শাখাৰ ভাষাসমূহ প্রাচীন প্রতীয়, লেডীয় আৰু লিথুনীয় — এই তিনিটা ভাগত বিভক্ত। প্রচীয় শাখাৰ সপ্তদশ শতিকাৰপৰা জাৰ্মানী ভাষাই আৱৰি লোৱাৰ ফলত ই লুপ্ত হয়। লেত্তীয় শাখাৰ ভাষা লাটভিয়াৰ প্ৰায় বিশ লাখ মানুহে কয়। লিখুনীয় ভাষা লিথুনীয়াৰ প্ৰায় ত্রিশ লাখ মানুহৰ মাজত প্ৰচলিত। স্লাৱীয় শাখাৰ ভাষাসমূহক পূব, পশ্চিম আৰু দক্ষিণ এই তিনিটা শাখাত বিভক্ত কৰা হৈছে।
ইন্দো-ইৰাণীয় — বৃহৎ ইন্দো-ইউৰোপীয় ভাষাৰ সতম্ শাখাৰ অন্যতম এক ভাষা হ’ল ইন্দো-ইৰাণীয়। এই ভাষাই কিছুমান অতি প্রাচীন ভাষাগত নিদর্শন সংৰক্ষণ কৰিছে। এই শাখাৰ ভাষাসমূহ প্রধানভাৱে ভাৰতবৰ্ষ, ইৰাণ, আফগানিস্তান, পাকিস্তান, বাংলাদেশ, শ্রীলংকা আদিত প্রচলিত। এই শাখাটোক ‘আর্য’ নামেৰে জনা যায়। মূল ইন্দো-ইউৰোপীয়ৰ এই বিশেষ শাখাটোৱে কেতিয়াৰপৰা বিকাশৰ পথত অগ্ৰসৰ হয় সঠিককৈ ক’ব নোৱাৰি।
‘ইন্দো-ইৰাণীয়’ নামকৰণ মূলতে হ’ল এই ভাষা প্রধানতঃ ভাৰত আৰু ইৰাণত প্ৰচলিত। ইৰাণত প্রচলিত ভাষাটোৱে ‘ইৰাণীয়’ শাখা নাম পালে আৰু ভাৰতবৰ্ষত প্ৰচলিত শাখাটো ‘ভাৰতীয় আৰ্য’ নামেৰে চিহ্নিত হ’ল। কোনো কোনোৱে ইন্দো- ইৰাণীয়ক দৰদীয় শাখা ৰূপেও অন্য এটা ভাগ বুলি দেখুৱাইছে।
(চ) ভাষাৰ আকৃতিমূলক বৰ্গীকৰণঃ
উত্তৰঃ যিবোৰ ভাষাৰ বাক্যৰ গঠন প্রণালী প্রায় একে, ৰূপ ৰচনাও প্রায় সাদৃশ্যমূলক তেনে ভাষাৰ বৰ্গীকৰণকে আকৃতিমূলক বৰ্গীকৰণ বোলে। বাক্যক ভাষাৰ ভেটি স্বৰূপে ধৰা হয়। এই বাক্য গঠিত হয় ৰূপ আৰু ৰূপৰ সমষ্টিয়ে। ৰূপবোৰৰ সুকীয়া গঠন প্ৰণালী আছে। ৰূপ গঠন আৰু ৰূপ সমষ্টিৰ সংযোগেৰে বাক্য গঠন প্রণালী সকলো ভাষাৰে একে নহয়৷ ৰূপ ৰচনা আৰু বাক্য ৰচনাৰ ওপৰত ভিত্তি কৰি কৰা ভাষাৰ বৰ্গীকৰণত চলিত ভাষা গঠন পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া হয়। বিভিন্ন অমিল ভাষাবিলাকৰ কেতিয়াবা ভাষাৰ আকৃতি, প্রকৃতি, ধ্বনিৰ উচ্চাৰণ, ৰূপৰচনা, বাক্যগঠন, শব্দ ভাণ্ডাৰ আদি বিভিন্ন দিশবোৰলৈ চাই কিছুমান ভাষাক আন কিছুমান ভাষাৰ লগত সাঙুৰি পেলোৱা হয়। এনেকৈ পম খেদি গ’লে দেখিবলৈ পোৱা যায় যে আকৃতি বা ভাষাৰ গঠনৰ দিশৰ পৰা বহুতো ভাষাক একেডাল ডোলেৰে বান্ধিব পাৰি। এইদৰে বিভিন্ন ভাষাৰ মাজত শ্ৰেণীবিভাজন কৰাৰ পদ্ধতিটোক আকৃতিমূলক বৰ্গীকৰণ পদ্ধতি বুলি কোৱা হয়। এই বৰ্গীকৰণৰ জৰিয়তে একে গঠন প্ৰণালীৰ ভাষাবোৰক একেটা ভাষা পৰিয়ালৰ ভিতৰুৱা বুলি ধৰা হয়।
আকৃতিমূলক বৰ্গীকৰণক প্রধানত দুটা শাখা পোৱা যায়। সেইকেইটা হ’ল—
১. অ-যোগাত্মক ভাষা।
২. যোগাত্মক ভাষা।
১. অ-যোগাত্মক ভাষাঃ
অ-যোগাত্মক শ্ৰেণীভূক্ত হোৱা ভাষাৰ বাক্য গঠনত ব্যৱহাৰ হোৱা শব্দৰ লগত কোনো উপসর্গ, প্রকৃতি, প্রত্যয় আদি যোগ নহয়। বিভক্তি প্রত্যয়ৰ সংযোগত শব্দৰ ৰূপ সাধন নহয় কাৰণে একেটা শব্দৰ পৰা ভিন্ ভিন্ শব্দ সাধন হ’ব নোৱাৰে। বাক্যত যি শব্দ যি স্থানত থাকে সেই স্থান অনুসৰি বেলেগ বেলেগ অর্থ লয়। এনে ভাষাৰ বাক্যত ব্যৱহাৰ হোৱা একোটা শব্দই বিশেষ্য, বিশেষণ, ক্রিয়া বিশেষণ আদি কাম কৰে। স্থান অনুসৰি একেটা শব্দই ভিন্ন অর্থ প্রকাশ কৰাৰ কাৰণে ইয়াক স্থানগত ভাষাও বোলে। অ-যোগাত্মক ভাষা প্রতিনিধিকাৰী ভাষা হিচাপে চীনা ভাষাক ল’ব পাৰি। এনে শ্ৰেণীৰ ভাষাৰ সাধাৰণতে কোনো ব্যাকৰণ নাথাকে আৰু এই কাৰণে চীনা ভাষাত কোনো নিয়মতান্ত্রিক ব্যাকৰণ নাই।
২. যোগাত্মক ভাষাঃ
পৃথিৱীৰ কিছুমান ভাষাৰ শব্দ বা ধাতুবিলাকৰ লগত প্রকৃতি, প্রত্যয় আদি যোগ কৰি নতুন শব্দ গঠন কৰিব পাৰি আৰু কিছুমান ভাষাত প্রকৃতি, প্রত্যয় আদি যোগ কৰিব নোৱাৰি। যিবোৰ ভাষাত প্রকৃতি, প্রত্যয় আদি যোগ কৰি নতুন শব্দ গঠন কৰিব পাৰি, সেইবোৰ ভাষাই হৈছে যোগাত্মক ভাষা।
পৃথিৱীৰ বেছিভাগ ভাষাই হৈছে যোগাত্মক ভাষা শ্ৰেণীৰ অন্তর্গত। এই যোগাত্মক ভাষাবিলাকৰ ভিতৰত ভাষা বিশেষ বেলেগ বেলেগ লক্ষণ দেখা যায়। এই লক্ষণবোৰলৈ চাই যোগাত্মক ভাষাক তিনিটা প্ৰধান ভাগত ভাগ কৰা হৈছে—
১. প্রশ্লিষ্ট।
২. অশ্লিষ্ট।
৩. শ্লিষ্ট।
১. প্রশ্লিষ্ট : যিবোৰ ভাষাত প্রত্যয় সংযোগ হ’লে ৰূপটোৰ ভাগবোৰ একীভূত হৈ যায়, সেইবোৰ ভাষাকে প্রশ্লিষ্ট ভাষা বুলি কোৱা হয়। প্রশ্লিষ্ট ভাষাত কর্তা, কর্ম, ক্রিয়া সকলো এক হৈ এটা শব্দত পৰিণত হয়। এই ভাষাক দুটা ভাগত ভাগ কৰিছে —
(ক) পূর্ণ প্রশ্লিষ্ট।
(খ) আংশিক প্রশ্লিষ্ট।
(ক) পূর্ণ প্রশ্লিষ্টঃ পূর্ণ প্রশ্লিষ্ট ভাষাবোৰত বাক্যৰ বিভিন্ন শব্দসমূহৰ কোনো একোটা অংশ লোপ পাই গোটেই বাক্যটো একোটা শব্দত পৰিণত হ’ব পাৰে। গ্ৰীণলেণ্ডৰ ভাষাই পূৰ্ণ প্রশ্লিষ্ট ভাষাৰ প্ৰতিনিধিত্ব কৰে।
পূর্ণ প্রশ্লিষ্ট ভাষাৰ প্ৰধান লক্ষণ হ’ল —
— এটা বাক্যৰ শব্দ
— এক বা একাধিক শব্দাংশ লোপ
— গোটেই বাক্যতো একোটা শব্দত পৰিণত হোৱা
(খ) আংশিক প্রশ্লিষ্টঃ
আংশিক প্রশ্লিষ্ট ভাষাত পৰস্পৰ সমন্ধ শব্দ সমষ্টিৰে সম্পূৰ্ণ বাক্য গঠন নহয়, অথচ আংশিক ভাৱে তেনে লক্ষণ দেখা যায়। এই ভাষাত সৰ্বনামৰ কৰ্মপদ ক্রিয়াপদৰ লগত নিয়মিতভাৱে মুক্ত হৈ আংশিক প্ৰশ্লিষ্টৰ নিদৰ্শন বহন কৰিছে। অৱশ্যে ভাৰতীয় ভাষাসমূহৰ ভিতৰত কোনোটোৱেই আংশিক প্রশ্লিষ্ট ভাষা নহয়।
২. অশ্লিষ্টঃ
যোগাত্মক ভাষা পৰিয়ালৰ ভিতৰত অশ্লিষ্ট ভাষাৰ বিস্তৃতিয়ে বেছি। অশ্লিষ্ট ভাষাত প্রত্যয় বা শব্দাংশবোৰ এটাৰ পিছত এটাকৈ লগ লাগি থাকে। ইয়াত প্ৰতিটো শব্দই স্বতন্ত্ৰ ৰূপত থাকে আৰু সেইবোৰক স্বাধীনভাৱে অন্য যিকোনো পদ গঠনত ব্যৱহাৰ কৰিব পাৰি।
অশ্লিষ্ট ভাষা সমগ্ৰ পৃথিৱীতে বিস্তৃতভাৱে বিয়পি আছে। অশ্লিষ্ট ভাষাবোৰক ইয়াৰ বৈশিষ্ট্যলৈ চাই চাৰি প্ৰকাৰত ভাগ কৰা হৈছে —
(ক) পূর্ব যোগাত্মক অশ্লিষ্ট ভাষা।
(খ) অন্ত যোগাত্মক অশ্লিষ্ট ভাষা।
(গ) পূর্বান্ত যোগাত্মক অশ্লিষ্ট ভাষা।
(ঘ) আংশিক যোগাত্মক অশ্লিষ্ট ভাষা।
(ক) পূর্ব যোগাত্মক অশ্লিষ্ট ভাষাঃ আফ্ৰিকাত কোৱা বান্টু ভাষা পৰিয়াল পূর্ব যোগাত্মক অশ্লিষ্ট ভাষাৰ অন্তচ্ছ্রগত। এই পৰিয়ালৰ ভাষাসমূহত বচন-লিংগ আদি বোধক শব্দ বা শব্দাংশ উপসৰ্গৰ দৰে যোগ হৈ বাক্য গঠন হয় বা মূল শব্দৰ আগত বহে।
(খ) অন্ত যোগাত্মক অশ্লিষ্ট ভাষাঃ
অন্ত যোগাত্মক অশ্লিষ্ট ভাষাত মূল শব্দৰ শেষত কোনো শব্দাংশ বা প্রত্যয় যোগ কৰি শব্দ গঠন বা বাক্য গঠন কৰা হয়। সংস্কৃত বা ইণ্ডো-ইউৰোপীয়ৰ অন্তৰ্গত অন্যান্য ভাষাসমূহৰ দৰে যোগ হোৱা শব্দ বা শব্দাংশ মূল শব্দৰ লগত মিলি নাযায়, বৰং স্বতন্ত্রভাৱে থাকি যায়। এই ভাষাৰ ভিতৰত ইউৰাল- আলটাই আৰু দ্ৰাবিড়ীয় ভাষা পৰিয়ালৰ ভাষাই প্রধান।
(গ) পূর্বান্ত যোগাত্মক অশ্লিষ্ট ভাষাঃ
এই ভাষাত শব্দৰ পূৰ্বাংশ আৰু অন্ত্যয় অংশ অর্থাৎ উপসর্গ আৰু প্রত্যয় মুক্তভাৱে লগা-লগি হয়। প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ ভাষাসমূহ আৰু ভাৰত মহাসাগৰৰ মাজেদি পাৰ হৈ মালয় গাস্কা ভাষাসমূহ এই ভাষাৰ ভিতৰত পৰে। মালয় শাখা ভাষাবোৰতে পূর্বান্ত যোগাত্মক অশ্লিষ্ট ভাষাৰ লক্ষণ বেছি।
(ঘ) আংশিক যোগাত্মক অশ্লিষ্ট ভাষাঃ
এই ভাষাসমূহ বিশ্লেষণ কৰোঁতে দেখা যায় যে অন্য ভাষাৰ লোপ পাইছে। ফলস্বৰূপে এই ভাষাবোৰত আংশিক যোগাত্মক অশ্লিষ্ট ভাষাৰ লক্ষণহে বিদ্যমান। এই শ্ৰেণীৰ ভাষাৰ নিদৰ্শন পলিনেছীয় অন্তর্গত বিভিন্ন ভাষাসমূহ পোৱা যায়।
৩. শ্লিষ্টঃ
শ্লিষ্ট ভাষাবোৰত বিভিন্ন প্রত্যয় আৰু বিভক্তিৰ দ্বাৰা বাক্যৰ অন্তৰ্গত শব্দবিলাকৰ পাৰস্পৰিক সম্পৰ্ক নির্ণীত হয়; অর্থাৎ ধাতুৰ আৰু শব্দৰ লগত বিভিন্ন প্রত্যয়-বিভক্তি যোগ কৰি বচন- লিংগ-কাৰক- কাল আদিৰ অৰ্থ প্ৰকাশ কৰা হয় আৰু ইয়াৰ দ্বাৰা বাক্য গঠন কৰা হয়। এই প্রত্যয়-বিভক্তিবোৰ শব্দৰ অপৰিহাৰ্য অংগ হৈ পৰে আৰু বহু সময়ত মূল শব্দৰ লগত মিলি যা আৰু উভয়ে মিলি নতুন ৰূপ লাভ কৰে। সংস্কৃত, ইংৰাজী, গ্ৰীক আদি ভাষাসমূহ শ্লিষ্ট ভাষাৰ অন্তৰ্গত। এই ভাষাবোৰক দুটা ভাগত ভাগ কৰিব পাৰি —
(ক) অর্ন্তমুখী শ্লিষ্ট ভাষা।
(খ) বর্হিমুখী শ্লিষ্ট ভাষা।
(ক) অন্তর্মুখী শ্লিষ্ট ভাষাঃ
অর্ন্তমুখী শ্লিষ্ট ভাষাত ব্যাকৰণৰ উপাদানসমূহ শব্দৰ মাজত মিলি থাকে। এই শ্ৰেণীৰ ভাষাৰ বিশেষ লক্ষণ হৈছে শব্দৰ মাজত থকা স্বৰধ্বনিৰ পৰিৱৰ্তন অনুসাৰে বাক্যৰ অৰ্থ নির্দেশিত হয়।
(খ) বর্হিমুখী যোগাত্মক শ্লিষ্ট ভাষাঃ
বর্হিমুখী শ্লিষ্ট ভাষাবিলাকৰ ৰূপ, শব্দৰূপ সম্পূৰ্ণৰূপে বাহ্যিক আৰু ই প্ৰত্যয় প্রধান। এই ভাষাৰ ভিতৰত ইন্দো- ইউৰোপীয় ভাষা পৰিয়াল উল্লেখযোগ্য। এই শ্ৰেণীৰ ভাষাতে পৃথিৱীৰ অতি উন্নত ভাষাসমূহ আছে।