Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ Question Answer can be of great value to excel in the examination.
Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ
Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ Notes cover all the exercise questions in UGC Syllabus. The Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ
ASSAMESE
BHAKHA BIGYANOR PARICHAY
ভাষাবিজ্ঞানৰ পৰিচয়
(ক) ধ্বনিবিজ্ঞান, ধ্বনিতত্ত্ব, বর্ণবিজ্ঞান
(খ) ৰূপবিজ্ঞান, ৰূপতত্ত্ব
(গ) বাক্যবিজ্ঞান, বাক্যতত্ত্ব
(ঘ) অর্থবিজ্ঞান, অর্থতত্ত্ব
১। ধ্বনিবিজ্ঞান কাক বোলে? ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বৰ সম্পৰ্ক আৰু পাৰ্থক্য বিচাৰ কৰি এটি টোকা যুগুত কৰা।
উত্তৰঃ হাওঁফাওঁৰপৰা বতাহ বাহিৰলৈ উলিয়াই আনি অতবা হাওঁফাওঁলৈ মুখেৰে বতাহ শুহি লৈ বাগিন্দ্ৰিয়ৰ সহায়ত যি নাদ উচ্চাৰণ কৰা হয় সেয়ে বাগধ্বনি। বাগধ্বনি বা ধ্বনি হ’ল ভাষাৰ মৌলিক সামগ্রী। ভাষাবিজ্ঞানৰ এক বিশেষ ভাগ হৈছে ধ্বনিবিজ্ঞান। ধ্বনিবিজ্ঞানত ধ্বনিৰ বিশ্লেষণ কৰা হয়। বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহৰ সমস্ত জ্ঞানৰ বিতং বিৱৰণ ধ্বনিবিজ্ঞানৰ বিষয়বস্তু। ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণ কৰোঁতে প্রয়োগ হোৱা বাগিন্দ্রিয়, উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান, ধ্বনিৰ লক্ষণ আৰু গুণ, ধ্বনিৰ প্ৰকৃতি আৰু স্বৰূপ আদিৰ বিজ্ঞানসন্মত সূক্ষ্ম আলোচনা ধ্বনিবিক্ষানত কৰা হয়। মানুহে বিভিন্ন বাগযন্ত্ৰৰ সহায়ত কেনেকৈ ধ্বনি উৎপন্ন কৰে, ধ্বনিৰ গুণাগুণ কেনেকৈ সলনি কৰিব পাৰে, ধ্বনিয়ে কেনেকৈ এজনৰ মুখৰপৰা গৈ আনজনৰ শ্রৱণেন্দ্ৰিয়ত প্রতিক্রিয়া ঘটাব পাৰে আদি কথা ধ্বনিবিজ্ঞানৰ আলোচ্য বিষয়। ধ্বনিৰ প্ৰকাৰ ভেদ, ধ্বনিৰ হ্লস্ব-দীর্ঘ, অনুনাসিকতা, যুগ্মতা আদি বিষয় ধ্বনিবিজ্ঞানে খৰচি মাৰি আলোচনা কৰে। ধ্বনিবিজ্ঞানৰ অধ্যয়নত এই দুই দিশত গুৰুত্ব দিয়ে—
(ক) বাগযন্ত্ৰৰ জৰিয়তে উচ্চাৰিত ধ্বনিসমূহৰ তাত্ত্বিক আৰু প্রায়োগিক দিশৰ অধ্যয়ন কৰা। ধ্বনিসমূহৰ উচ্চাৰণৰ বিশেষত্ব অনুসৰি ধ্বনিৰ প্ৰকাৰ নিৰ্ণয় আৰু পৰিভাষা নিৰ্ণয় কৰা। পৃথিীৰ সকলো ভাষাতে উচ্চাৰিত ধ্বনিসমূহৰ বিচাৰ-বিশ্লেষণ কৰা।
(খ) বাগযন্ত্রই অর্থাৎ ওঁঠ, দাঁত, জিভা, নাসিকাবিবৰ, তালুকা, গলকোষ, স্বতন্ত্ৰী, ঘটিকা আদিয়ে ধ্বনিয়ে ধ্বনিসমূহ উৎপাদন কৰোঁতে কেনেদৰে কাম কৰে এই সম্পর্কেও ধ্বনিবিজ্ঞানত আলোচনা কৰা হয়।
ধ্বনিবিজ্ঞানৰ অধ্যয়নৰ প্ৰকৃতি বা স্বৰূপলৈ লক্ষ্য ৰাখি তিনিটা শাখাত ভাগ কৰা হৈছে—
(ক) উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান।
(খ) ধ্বন্যাত্মক বা শ্রুতি ধ্বনিবিজ্ঞান।
(গ) শ্রৱণাত্মক ধ্বনিবিজ্ঞান।
(ক) উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান :
ধ্বনিবিজ্ঞানৰ যিটো শাখাত ধ্বনিৰ উচ্চাৰণ, বাগযন্ত্ৰৰ বৰ্ণনা, ধ্বনি উচ্চাৰণৰ স্থান, প্ৰকাৰ আৰু কৌশল অনুসৰি ধ্বনিৰ শ্রেণীবিভাগ আদি সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। ভাষাত উচ্চাৰিত হোৱা ধ্বনিসমূহ সাধাৰণ ভাষাবিজ্ঞানত বিশ্লেষণৰ বাবে উচ্চাৰণাত্মক ধ্বনিবিজ্ঞানেই প্রধান অপৰিহাৰ্য।
(খ) ধ্বন্যাত্মক ধ্বনিবিজ্ঞানঃ
ধ্বনিবোৰ শুনাৰ পাছত সিবোৰৰ সংযোগত শ্রোতাই পূৰ্বজ্ঞানৰ আধাৰত অৰ্থ বুজি পায়। পূর্বজ্ঞান নাথাকিলে বা সঞ্চিত জ্ঞান নাথাকিলে শ্রোতাই ধ্বনিসংযোগত সৃষ্টি হোৱা কথাবোৰৰ অর্থ বুজি নাপায়। সেয়ে অচিনাকী ভাষা এটা শুনিলে শ্রোতাই একো অর্থ পাব নোৱাৰে। কাণেৰে শুনা বা নুশুনা কথাটো আকৌ মনোযোগৰ ওপৰতহে নিৰ্ভৰ কৰে। মনোযোগ নাথাকিলে শুনা নাযায়। উদাহৰণস্বৰূপে – আমি আনৰ লগত কথা-বতৰা পাতোতে কথাখিনিত মনোযোগ দিয়াৰ বাবে বক্তাৰ কথাখিনিহে শুনো। একে সময়তে আঁতৰৰপৰা আহি কাণত পৰা চৰাই- চিৰিকতিৰ মাত, গাড়ীৰ মাত আদি শুনা নাযায়। অর্থাৎ কর্ণকুহৰত ধ্বনি এটাই খুন্দা মৰাৰ পাছত স্নায়ুৰ মাধ্যমেদি বার্তাটি মগজুলৈ প্ৰেৰিত হয় আৰু তেতিয়াহে সঞ্চিত জ্ঞান থাকিলে অর্থ পোৱা যায় আৰু নাথাকিলে অর্থ পোৱা নাযায়।
গতিকে শুনা আৰু বুজাৰ মাজত আৰু এটা প্ৰক্ৰিয়া আছে। শ্ৰৱণতত্ত্বৰ লগত জড়িত ধ্বনিবিজ্ঞানৰ এই শাখাটোক ধ্বন্যাত্মক ধ্বনিবিজ্ঞান বা শ্রুতি ধ্বনিবিজ্ঞান বোলা হয়। ধ্বন্যাত্মক ধ্বনিবিজ্ঞানত বাগধ্বনিসমূহৰ ভৌতিক গুণ সম্পর্কে অধ্যয়ন কৰা হয়। উচ্চাৰিত বাগধ্বনিসমূহে শ্রৱণকেন্দ্ৰত ঠেকা খাই মগজুত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, এই সম্পর্কে ধ্বন্যাত্মক ধ্বনিবিজ্ঞানত অধ্যয়ন কৰা হয়। ইয়াত ধ্বনিৰ বিভিন্ন গুণ সম্পর্কে অধ্যয়ন কৰোঁতে নানাবিধ যন্ত্ৰপাতিৰ সহায় লোৱা হয়। পেলেটোগ্রাফ, কাইমোগ্রাফ, স্পেক্টোগ্ৰাফ আদিৰ সহায়ত কোনো এটা ভাষাৰ সুৰ, দৈৰ্ঘ, অনুনাসিকতা, ঘোষত্ব আদিৰ সম্পৰ্কেও বৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনা কৰা হয়। ধ্বনিবিজ্ঞানৰ এই শাখাক প্রায়োগিক বা যান্ত্রিক ধ্বনিবিজ্ঞান আদি নামেৰেও অভিহিত কৰিব পাৰি ।
(গ) শ্রৱণাত্মক ধ্বনিবিজ্ঞানঃ
ধ্বনিবিজ্ঞানে বক্তা আৰু শ্ৰোতাৰ মাজত থকা বায়ুৰ অংশটোকো এৰি দিয়া নাই। শ্রৱণাত্মক ধ্বনিবিজ্ঞানত বাগ্ ধ্বনিৰ শাৰীৰিক গুণ সম্পর্কে অধ্যয়ন কৰা হয়। বক্তাই ধ্বনি উচ্চাৰণ কৰোঁতে সন্মুখৰ বায়ুত কিছুমান তৰঙ্গৰ সৃষ্টি হয়। সেই তঙ্গবোৰেই গৈ কৰ্ণকুহৰত খুন্দা মাৰে আৰু তেতিয়া শ্ৰৱণকেন্দ্র অর্থাৎ স্নায়ুকোষত উঠে আৰু ইয়াৰ পাছতে মগজুৱে সংবাদ গ্রহণ কৰে। বক্তাৰ মুখৰপৰা নিৰ্গত হোৱা ধ্বনিসমূহে বায়ুমণ্ডলৰ মাজেদি গৈ শ্ৰোতাৰ কৰ্ণকুহৰত স্পৰ্শ কৰাৰ পাছত সংবাদ গ্রহণলৈকে হোৱা ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই শ্ৰৱণাত্মক ধ্বনিবিজ্ঞানত যন্ত্রপাতিৰ সহায়ত গৱেষণাগাৰত বাগ্ ধ্বনিৰ কম্পন বিশ্লেষণ কৰে। শ্ৰৱণাত্মক ধ্বনিবিজ্ঞানৰ সূচনা হয় দ্বিতীয় মহাযুদ্ধৰ পাছৰপৰা। এই শাখাৰ ধ্বনিবিজ্ঞানে ধ্বনি অধ্যয়নৰ নির্ভুল আৰু সূক্ষ্মাতিসূক্ষ্ম বিৱৰণ দাঙি ধৰিব পাৰে বুলি ভৱা হয় যদিও ভাষাবিজ্ঞানীসকল বৰ আগ্ৰহী নহয়।
বর্ণবিজ্ঞানঃ
ভাষাবিজ্ঞানৰ অন্তৰ্গত এটা অন্যতম ভাগ হ’ল বর্ণবিজ্ঞান। পৃথিৱীৰ ভাষাবিশেষত উচ্চাৰিত হোৱা ধ্বনিসমূহৰ প্ৰকৃতি আৰু প্রয়োগ বিশ্লেষণৰ এৰ প্ৰণালীবদ্ধ প্রক্রিয়াই হৈছে বর্ণবিজ্ঞান। বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত হোৱা ধ্বনিসমূহ প্রত্যেক ভাষাত বেলেগ বেলেগ ধৰণে প্ৰয়োগ হয়। অর্থাৎ উচ্চাৰিত সকলো ধ্বনিৰ প্ৰকৃতি আৰু প্ৰায়োগিক বৈশিষ্ট্য সুকীয়া। ইয়াৰে কিছুমান ধ্বনিৰ উচ্চাৰণ অতি স্পষ্ট। আনহাতে আকৌ কিছুমান ধ্বনিৰ অস্তিত্ব সেই ভাষা-ভাষী লোকসকলে উপলব্ধি কৰিব নোৱাৰে। ভাষাত উচ্চাৰিত স্পষ্ট আৰু সমগোত্রীয় ধ্বনিবিলাকৰ প্ৰয়োগ বিশ্লেষণ কৰি বৰ্ণ নিৰ্ণয় কৰা হয়।
কোনো ভাষা বিশেষত উচ্চাৰিত হোৱা ধ্বনিসমূহ বিভিন্ন পৰিৱেশত প্রতীপ আৰু প্ৰয়োগৰ দ্বাৰা বিশ্লেষিত হৈ বৰ্ণ, উপধ্বনি আদি নিৰ্ণয় কৰাৰ লগতে ভাষাটোৰ সামগ্রিক বর্ণতাত্ত্বিক আলোচনা য’ত কৰা হয় তাকে বর্ণবিজ্ঞান বোলে৷ বৰ্ণবিজ্ঞানৰ সহায়ত ধ্বনিৰ পৰিবেশ, প্রয়োগ, প্রকৃতি, গুণ ইত্যাদি বিচাৰ কৰি প্রণালীবদ্ধভাৱে বর্ণ আৰু উপধ্বনি নিৰ্ণয় কৰাৰ পাছত ভাষাবিশেষৰ বৰ্ণলিপিও নিৰ্ধাৰণ কৰা হয়। বৰ্ণৰ অন্তৰ্নিহিত হৈ থকা উপধ্বনিবোৰৰ ভিতৰত যিটো উপধ্বনিৰ বহুল ব্যৱহাৰ হয় সেই উপধ্বনিৰ চিহ্নকে বৰ্ণটোৰ লিপি হিচাপে লোৱা হয়।
ধ্বনিতত্ত্বঃ
ভাষাবিজ্ঞানৰ এটা বিশেষ ভাগ হৈছে ধ্বনিতত্ত্ব। কোনো এটা ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ প্ৰণালীবদ্ধ আলোচনাই সেই ভাষাৰ ধ্বনিতত্ত্ব। ভাষা এটাৰ ধ্বনিবিজ্ঞান আৰু বৰ্ণবিজ্ঞানৰ সামগ্রিক আলোচনা য’ত থাকে সেয়াই ধ্বনিতত্ত্ব। ধ্বনিতত্ত্বত ধ্বনি কি? ধ্বনি কেনেকৈ, ক’ত উৎপত্তি হয়? কাণৰ সহায়ত ধ্বনিক কেনেকৈ গ্ৰহণ কৰা হয়? এটা ধ্বনিৰ লগত অন্য এটা ধ্বনিৰ উচ্চাৰণৰ পাৰ্থক্য কিয় আৰু কেনেকৈ হয় ?– আদি দিশবোৰ আলোচনা কৰা হয়। বিশেষকৈ ভাষা বিশেষত উচ্চাৰিত ধ্বনিৰ উৎপাদন আৰু ধ্বনিৰ গুণ আৰু প্ৰকৃতি সম্পর্কেহে ইয়াত সূক্ষ্মভাৱে বিচাৰ কৰা হয়। ব্লুমফিল্ডৰ মতে বাগ্ ধ্বনিৰ প্ৰণালীবদ্ধ আলোচনাই হৈছে ধ্বনিতত্ত্ব বা কাৰ্যকৰী ধ্বনিবিজ্ঞানৰ ধাৰা। ধ্বনিবিজ্ঞানী কে. এল পাইকৰ মতে ধ্বনিবিজ্ঞানে ভাষাৰ কেঁচা সামগ্ৰী গোটায় আৰু বর্ণবিজ্ঞানে এই সামগ্রীসমূহ ৰন্ধন কৰে। অর্থাৎ ধ্বনিতত্ত্বৰ আলোচনাত কোনো এটা ভাষাৰ ধ্বনিগত কেঁচা সামগ্ৰী গোটোৱাৰ পৰা বৰ্ণতাত্ত্বিক বিশ্লেষণলৈকে সমস্ত প্ৰক্ৰিয়াটো পোৱা যায়।
ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বৰ সম্পৰ্কঃ
ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্ব— ভাষাবিজ্ঞানৰ এই দুয়োটা শাখাতে বাগ্ধ্বনি সম্পর্কে বিজ্ঞানসন্মতবারে বিচাৰ-বিশ্লেষণ কৰ হয়। গতিকে ধ্বনিৰ অধ্যয়নৰ লগত থকা সম্পৰ্কৰ ফালৰপৰা দুয়োটাৰে মাজত দুয়োটাৰে মাজত পাৰস্পৰিক মিল থকা স্বাভাবিক। গৱেষক এজনে কোনো ভাষাৰ বাগ্ ধ্বনিৰ ধ্বনিতাত্ত্বিক বিশ্লেষণ কৰিবলৈ যাওঁতে তেওঁৰ ধ্বনিবিজ্ঞানৰ প্রাথমিক জ্ঞানৰ আৱশ্যক। যিহেতু ধ্বনিবিজ্ঞান বাগ্ ধ্বনি অধ্যয়নৰ প্ৰাথমিক দিশ। ইয়াত কেৱল পৃথিৱীৰ ভাষাসমূহত উচ্চাৰিত হোৱা বাগ্ধ্বনিসমূহৰ সাধাৰণভাৱে চিনাক্ত কৰা হয়। কিন্তু বিশ্বৰ বেলেগ বেলেগ ভাষাত উচ্চাৰিত হোৱা ধ্বনিসমূহৰ উচ্চাৰণ আৰু প্ৰয়োগ বেলেগ।
ভাষা অনুসৰিও ধ্বনিৰ উচ্চাৰণৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। বৈশিষ্ট্যসম্পন্ন ভাষা বিশেষৰ ধ্বনি সম্পর্কে অধ্যয়ন কৰিবলৈ লওঁতে ধ্বনি অধ্যয়ন প্রণালী অর্থাৎ ধ্বনিতত্ত্বৰ আৱশ্যক। ধ্বনিবিজ্ঞানে ভাষাটোৰ প্রাথমিক সামগ্রী গোটাই দিয়ে, বর্ণবিজ্ঞানে ভাষা বিশেষত উচ্চাৰিত হোৱা ধ্বনিসমূহৰ ধ্বনিতত্ত্বৰ সহায়ত ধ্বনিৰ প্ৰকৃতি আৰু প্রায়োগিক বৈশিষ্ট্য নিৰ্ণয় কৰি বৰ্ণ আৰু উপধ্বনি বিচাৰ কৰে অর্থাৎ ধ্বনিৰ বিশ্লেষণ আৰু প্ৰকৃতি বিচাৰ কৰে। ধ্বনি যেনেদৰে এটা ভাষাৰ মূল ভেঁটি, ধ্বনিবিজ্ঞানো ভাষাবিজ্ঞানৰ মূল ভেঁটি, ধ্বনিবিজ্ঞানে ভাষাটোৰ মূল ভেঁটি। ধ্বনিবিজ্ঞানে ধ্বনিতত্ত্বক প্রাথমিক সামগ্ৰীৰ যোগান ধৰে। ধ্বনিবিজ্ঞানত পৃথিৱীৰ ভাষাসমূহৰ ধ্বনিৰ উচ্চাৰণ, প্ৰকৃতি বা স্বৰূপ সম্পর্কে আভাস পোৱা যায় আৰু ধ্বনিতত্ত্বত কোনো এক বিশেষ ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ গুণ, প্রকৃতি সম্পর্কে জানিব পাৰি।
ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বৰ পাৰ্থক্যঃ
ভাষাবিজ্ঞানত বাগ্ধ্বনিৰ অধ্যয়নত ধ্বনিবিজ্ঞান, ধ্বনিতত্ত্বৰ ভূমিকা আছে যদিও প্রত্যেকৰ স্বকীয় বৈশিষ্ট্য অনুসৰি পাৰ্থক্য পৰিলক্ষিত হয়। যিহেতু ধ্বনিবিজ্ঞান হ’ল উচ্চাৰিত ধ্বনিৰ বিজ্ঞান। ইয়াত পৃথিৱীৰ সকলো ভাষাৰ ধ্বনিসমূহৰ উৎপাদন, উচ্চাৰিত ধ্বনিসমূহ বক্তাৰ মুখৰপৰা শ্ৰোতালৈ প্ৰেৰণ আৰু ধ্বনিসমূহৰ গ্ৰহণ সম্পর্কে সূক্ষ্মভাৱে আলোচনা কৰা হয়। এই আলোচনাত ধ্বনি প্ৰাথমিক আৰু সাধাৰণ আলোচনা কৰা হয়।
ধ্বনিতত্ত্বত কোনো এটা ভাষাত উচ্চাৰিত বাগ্ ধ্বনি আৰু ধ্বনিসমূহৰ পৰিবৰ্তন, বৰ্ণ আৰু উপধ্বনি সম্পর্কে সুক্ষ্মভাৱে আলোচনা কৰা হয়। যদি ধ্বনিবিজ্ঞানক এখন পৃথিৱী বুলি কোৱা হয়, তেনেহ’লে ধ্বনিতত্ত্বক এখন দেশ বুলি ক’ব লাগিব। কাৰণ ধ্বনিতত্ত্বই সমগ্ৰ পৃথিৱীৰ বাগ্ ধ্বনিৰ অধ্যয়ন কৰে আনহাতে ধ্বনিতত্ত্বই কোনো এটা ভাষাৰহে অধ্যয়ন কৰে।
ধ্বনিতত্ত্ব আৰু ধ্বনিবিজ্ঞানৰ পাৰ্থক্য সম্পৰ্কে জনচ্ লিয়ন্চে কৈছে যে ধ্বনি বিজ্ঞানত উচ্চাৰিত ধ্বনিসমূহৰ ক্ৰমবদ্ধ বৈপৰীত্য আৰু সহবদ্ধ সংযোগ স্বাধীনভাৱে বিচাৰ বিবেচনা কৰা হয়, আনহাতে ধ্বনিতত্ত্বত ভাষাবিজ্ঞানীয়ে এটা বিশেষ ভাষাৰ ধ্বনি সম্পৰ্কেহে বৰ্ণনা কৰে। ধ্বনিতত্ত্বৰ বিষয় হৈছে— ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ সাধাৰণ ধ্বনি প্ৰণালীৰ বিষয়ে আলোচনা কৰা। ধ্বনিবিজ্ঞানৰ পৰা ধ্বনিতত্ত্বই নির্বাচিত কিছুমান ধ্বনি সামগ্ৰী লৈ কোনো বিশেষ ভাষাৰ অধ্যয়ন চলায়। সাধাৰণতে পৃথিৱীৰ বিভিন্ন ভাষাত বাগিন্দ্ৰিয়ৰ সহায়ত মানুহে ভিন্ন ধৰণৰ বাগ্ ধ্বনি উচ্চাৰণ কৰা দেখা যায়। কিন্তু বিশেষ ভাষিকগোষ্ঠীয়ে ব্যৱহাৰ কৰা বিশেষ ভাষাত উচ্চাৰণ হোৱা ধ্বনিৰ সংখ্যা সীমাবদ্ধ। প্রত্যেক ভাষাত উচ্চাৰিত হোৱা বাগ্ধ্বনিৰ উচ্চাৰণৰ প্ৰকৃতি আৰু গুণ বিশেষত্বপূর্ণ। মুঠতে ধ্বনিতত্ত্বত ধ্বনিৰ নিৰ্বাচন আৰু এই ধ্বনিসমূহৰ প্ৰয়োগ বিশ্লেষণেই অধ্যয়নৰ মূল বিষয়।
ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বৰ পাৰ্থক্য সম্পৰ্কে ৰবিন্সে কৈছে যে ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বত ধ্বনিৰ উচ্চাৰণ সম্পর্কে আলোচনা কৰা হয় যদিও দুয়োটাবে দৃষ্টিভংগী সুকীয়া। ধ্বনিবিজ্ঞান হৈছে, সাধাৰণকৃত, বর্ণনামূলক আৰু বৰ্গীকৃত। আনহাতে ধ্বনিতত্ত্ব হৈছে, নিৰ্দিষ্ট আৰু কাৰ্যকৰী। কাৰণ ধ্বনিতত্ত্বই কোনো এটা বিশেষ ভাষাৰ উচ্চাৰিত বাগ্ ধ্বনিৰ প্রায়োগিক দিশ সম্পর্কে আলোচনা আগবঢ়ায়। চমুকৈ ক’বলৈ হ’লে ধ্বনিতত্ত্ব হ’ল কাৰ্যকৰী ধ্বনিবিজ্ঞান।
ধ্বনিবিজ্ঞানত বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত সকলো ধ্বনিকেই গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। ইয়াত বাগিন্দ্ৰিয়সমূহৰ বিষয়েও আলোচনা কৰা হয়। কিন্তু বর্ণবিজ্ঞান আৰু ধ্বনিতত্ত্বত ভাষাবিশেষত উচ্চাৰিত সকলো ধ্বনিকে গুৰুত্বপূৰ্ণ বুলি ধৰা
নহয়। যিবোৰ ধ্বনি অর্থভেদক সেই ধ্বনিবোৰকহে বিশিষ্ট ধ্বনি বা বর্ণ হিচাপে চিনাক্ত কৰি ধ্বনিৰ প্ৰকৃতি, গুণ আৰু প্ৰয়োগ বিশ্লেষণ কৰা হয়। ইয়াত বাগিন্দ্ৰিয় সম্পর্কে কোনো আলোচনা কৰা নহয়।
ধ্বনিবিজ্ঞানে ভাষাৰ প্ৰাথমিক-সামগ্ৰী গোটাই দিয়াৰ পাছত ধ্বনিতত্ত্বৰ সহায়ত ধ্বনিসামগ্রীক ভাষাবিজ্ঞানৰ অধ্যয়ন প্ৰণালীৰ সূত্ৰ খটুৱাই ধ্বনিৰ উচ্চাৰণৰ প্ৰকৃতি অনুসৰি শ্ৰেণীবিভাগ কৰে আৰু বর্ণবিজ্ঞানে ধ্বনিবোৰৰ পৰিৱেশজনিত প্ৰয়োগ বিশ্লেষণৰ দ্বাৰা বৰ্ণ আৰু উপধ্বনি নির্ণয় কৰে। কে. এল. পাইকৰ ভাষাত— ধ্বনিবিজ্ঞানে ভাষাৰ কেঁচামাল গোটায়, বর্ণবিজ্ঞানে এই মালবোৰকে লৈ চালি-জাৰি ৰন্ধন কৰে।
২। বাগিন্দ্রিয় কাক বোলে? বাগিন্দ্ৰিয়ৰ বিভিন্ন অংগবোৰ পৰিচয় দিয়া?
উত্তৰঃ শৰীৰৰ যি অংগৰ সহায়ত আমি আমাৰ মনোভাৱ আন এজনৰ আগত ভাষাৰ মাধ্যমেৰে ব্যক্ত কৰিব পাৰোঁ সেই অংগৰ নামেই হ’ল বাগিন্দ্রিয়। অর্থাৎ ভাষাত বাগ্ ধ্বনি বিলাক উচ্চাৰিত হোৱা যন্ত্ৰটোৱেই বাগিন্দ্রিয়। বাগ্ধ্বনি উচ্চাৰণ কৰোঁতে বাগিন্দ্ৰিয়ৰ অন্তৰ্গত বিভিন্ন অংগবিলাক সঞ্চালন হয়। ইয়াৰ অংগবিলাকৰ ভিতৰত প্ৰধানকৈ এইকেইটা বিবৰ থাকে। যেনে—
(ক) মুখবিবৰ।
(খ) নাসিকাবিৰৰ।
(গ) গলকোষ। আৰু
(ঘ) শ্বাসনলী আৰু এই শ্বাসনলীৰ অন্তৰ্গত ঘটিকা।
মুখবিবৰৰ বিভিন্ন অংগবিলাক হ’ল ওঁঠ দুটা, জিভাখন আৰু তালুকা। এই অংগকেইটাৰ ভিতৰত ওঁঠ দুটা বিশেষকৈ তলৰ ওঁঠটো আৰু বিভাজন সহজে কৰিব পাৰি কাৰণে ইহঁতক উচ্চাৰণ কৰণ বোলে। আনহাতে মুখবিবৰৰ ওপৰত পাৰি দাঁতৰ আগৰ পৰা আলজিভাৰ আগলৈকে তালুকাখন বিস্তৃত। ধ্বনি উচ্চাৰণৰ সময়ত তালুকাখন সহজতে লৰচৰ নহয়, কিন্তু উচ্চাৰণকৰণ জিভাই তালুকাৰ বিভিন্ন স্থানত ধ্বনিৰ উচ্চাৰণ কৰে। তালুকাখন সহজতে লৰচৰ কৰিব নোৱাৰি কাৰণে ইয়াক উচ্চাৰণ স্থান বুলি কোৱা হয়। তলত বাগিন্দ্ৰিয়সমূহৰ এক চমু পৰিচয় দাঙি ধৰা হ’ল—
উচ্চাৰণকৰণ ওঁঠ আৰু জিভাঃ
বাগিন্দ্রিয় অন্তর্গত অংগবিলাকৰ ভিতৰত ওঁঠ দুটা আৰু জিভাখন সহজতে সঞ্চালন কৰিব পাৰি। সেয়েহে এই অংগকেইটাক উচ্চাৰণকৰণ বোলা হৈছে। বাগ্ ধ্বনিৰ উৎপাদনত দুয়োটা ওঁঠেই ব্যৱহাৰ হয়। ওঁঠ দুটাৰ ভিতৰত বিশেষকৈ তলৰ ওঁঠটো বেছি সঞ্চালনক্ষম। দুয়োটা ওঁঠেৰে উচ্চাৰণ কৰা ধ্বনিত দ্বৌষ্ঠ বা ঔদ্ধ্য ধ্বনি বোলে। অসমীয়া ভাষাৰ প, ফ, ব, ভ, ম ইত্যাদি দ্বৌষ্ঠ ধ্বনি।
বাগিন্দ্ৰিয়ৰ অন্যতম অংগ জিভাখনক ধ্বনিবিজ্ঞানত উচ্চাৰণ কৰণ বুলি কোৱা হয়। কাৰণ ধ্বনিৰ উচ্চাৰণৰ সময়ত জিভাখন অধিক সঞ্চালনক্ষম হৈ থাকে। দীঘলীয়া আকৃতিৰ জিভাখনক পথালিকৈ তিনিটা ভাগ কৰা হৈছে। জিভাখনৰ সন্মুখৰ ভাগটোক আগজিভা বা জিহ্বাপ্রান্ত, পাছৰ ফালটোক পাছজিভা বা জিহ্বামূল আৰু দুয়োটা অংশৰ মাজৰ অংশটোক মাজজিভা বা কেন্দ্র বোলে। আগজিভাখনক দীঘলে দীঘলে মাজেদি দুভাগ কৰি দুয়োটা ভাগকে জিহ্বাদল বা জিভাদল বুলি কোৱা হয়। অন্যহাতেদি জিভাখনৰ একেবাৰে আগৰ অংশটোক জিহ্বাগ্র বা জিভাৰ আগ বোলা হয়। ধ্বনিৰ উচ্চাৰণত সমগ্ৰ জিভাখনৰে সক্রিয় ভূমিকা আছে।
পৃথিৱীৰ সকলো ভাষাতে জিভাৰে উচ্চাৰণ কৰা ধ্বনিয়েই বেছি। জিভাৰ আগ, আগজিভা আৰু পাছজিভা ওপৰলৈ দাঙ খাই উচ্চাৰণ স্থান তালুকাৰ বিভিন্ন স্থানত স্পৰ্শ কৰি, কেতিয়াবা স্পৰ্শ নকৰাকৈ হাওঁফাওঁৰ পৰা নিৰ্গত বায়ুপ্রবাহক বাধা দি ধ্বনি উচ্চাৰণ কৰা হয়। উচ্চাৰণকৰণ জিভাই উচ্চাৰণৰ স্থান তালুকাত স্পৰ্শ কৰি যিবিলাক ধ্বনি উচ্চাৰণ কৰা হয় সেই ধ্বনিবোৰক স্পর্শ ধ্বনি বোলে। স্পর্শ ধ্বনিবিলাক উচ্চাৰণ কৰোঁতে জিভাখনে কেতিয়াবা দাঁতৰ আগভাগত, দাঁতৰ মূলত আৰু কেতিয়াবা কোমল তালু বা কঠিন তালুত স্পৰ্শ কৰে। কেতিয়াবা আকৌ জিভাখনে তালুকাত স্পৰ্শ নকৰি দুয়োপাৰি দাঁতৰ মাজত জিহ্বাগ্র উলিয়াই দিও কিছুমান ধ্বনি উচ্চাৰণ কৰা হয়। তেনেকৈ উচ্চাৰণ কৰা ধ্বনিক আন্তদন্ত্য ধ্বনি বোলে। ধ্বনিৰ উচ্চাৰণত জিভাৰ আগ, জিভাৰ মাজভাগ আৰু জিভাৰ পাছঅংশ উঠা-নমা কৰে। সাধাৰণতে স্বৰধ্বনিবোৰ উচ্চাৰণ কৰোঁতে এনে হোৱা দেখা যায়। জিভাৰ অৱস্থান অনুযায়ী স্বৰধ্বনিবোৰক প্ৰান্তীয়, কেন্দ্ৰীয় আৰু মূলীয় তিনিটা ভাগত ভাগ কৰা হয়। ধ্বনিৰ উচ্চাৰণত জিভাদলৰ ভূমিকাও গুৰুত্বপূৰ্ণ।
কোনো ধ্বনিৰ উচ্চাৰণত আগজিভাৰ দাঁতিত থকা জিহ্বাদল দুটা চেপেটা হৈ নেথাকি গোটা হয়। এনে অৱস্থাত হাওঁফাওঁৰ পৰা বাহিৰ হৈ অহা বায়ুপ্রবাহ জিভাৰ কাষেদি বাহিৰলৈ ওলাই যায়। পার্শ্ব ধ্বনি উচ্চাৰণত জিভাৰ অৱস্থান এনে হয়। উদাহৰণ স্বৰূপে অসমীয়া ভাষাৰ ‘ল’ ধ্বনিৰ উচ্চাৰণ পাশ্বিক। কোনো কোনো ধ্বনিৰ উচ্চাৰণত জিভাদল দুয়োফাল ওপৰলৈ দাংখাই ওপৰৰ দাঁতৰ আলুত লাগি ধৰে। এনে অৱস্থাত জিভাৰ মাজখন অলপ তললৈ নামি যায় আৰু বহিগামী বায়ুপ্রবাহ সেই সংকীর্ণ পথেৰে ঘঁহনি খাই ওলাই আহে। এনে স্থলত উষ্ম ধ্বনিবিলাক উচ্চাৰিত হয়।
উচ্চাৰণস্থানঃ তালুকা
মুখবিবৰৰ ভিতৰৰ ওপৰৰ পাৰি দাঁতৰ আগৰ পৰা পাছফালে তললৈ আলজিভাৰ আগলৈকে ওলমি থকা অংশটোৱেই তালুকা। তালুকা স্থিৰ, ধ্বনিৰ উচ্চাৰণত ই সঞ্চালিত নহয় কাৰণে তালুকাক উচ্চাৰণস্থান বুলি কোৱা হৈছে। মাত্ৰ স্থিৰ তালুকাখনৰ বিভিন্ন অংশত জিভাৰ সহায়ত ধ্বনি উচ্চাৰিত হয়। জিভাৰ আগভাগে দাঁতত স্পৰ্শ কৰি উচ্চাৰণ হোৱা ধ্বনিক দস্ত্যধ্বনি আৰু তলৰ ওঁঠটোৰে ওপৰৰ পাৰি দাঁতৰ আগভাগত স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা নিৰ্গত বায়ু প্রবাহক বাধা দি উচ্চাৰণ কৰা ধ্বনিক দন্তৌষ্ঠ্য ধ্বনি বোলে। অসমীয়া ভাষাত দন্ত্য আৰু দন্তৌষ্ঠ্য ধ্বনিৰ উচ্চাৰণ পোৱা নাযায়। আনহাতে জিভাৰ আগভাগে দাঁতৰ মূল বা দন্তমূলত স্পৰ্শ কৰি উচ্চাৰিত হোৱা ধ্বনিক দন্তমূলীয় ধ্বনি বোলে। অসমীয়া বাষাৰ ত, থ, দ, ধ, ন ইত্যাদিৰ উচ্চাৰণ দন্ত্যমূলীয়। দাঁতৰ মূলৰ পাছৰ অংশটো অলপ বেঁকা ভাঁজলাগি ভিতৰলৈ সোমোৱা। তালুকাখনৰ এই অংশই হ’ল আগতালু বা মুর্দ্ধণ্য। আগতালুত জিভাৰ আগেৰে স্পৰ্শ কৰি যি ধ্বনি উচ্চাৰণ কৰা হয় সেইবোৰক মূর্দ্ধণ্য ধ্বনি বোলে।
আগতালুৰ পিছৰ অংশক কঠিনতালু বা তালু বোলে। জিভাৰ আগে ভাগে কঠিন তালুত স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা নিৰ্গত হোৱা বায়ুপ্রবাহক বাধা দি উচ্চাৰিত হোৱা ধ্বনিক তালব্য ধ্বনি বোলে। সংস্কৃত, বঙালী আদি ভাষাৰ শ, য় আদি তালব্য ধ্বনি। কঠিন তালুৰ পাছৰ তালুকাখন কোমল আৰু তললৈ ঘোৰ খোৱা। আলজিভাৰ ওপৰৰ এই কোমল অংশই হ’ল কোমলতালু বা পাছ তালু। পাছতালুৰ একেবাৰে মূৰৰ ওলমি থকা ভাগক আলজিভা বোলে। জিভাৰ মূল বা জিহ্বামূল ওপৰলৈ উঠি পাছতালু আৰু আলজিভাত ধ্বনি উচ্চাৰণ কৰা হয়। ইয়াৰ কোমলতালুত উচ্চাৰিত ধ্বনিক পশুতালব্য ধ্বনি বোলে। অসমীয়া ভাষাৰ ক, খ, গ, ঘ ইত্যাদি পশ্চতালব্য ধ্বনি আৰু আৰবী ভাষাৰ ক-বর্গ ধ্বনিৰ উচ্চাৰণ আলজিহবীয়।
নাসিকাবিবৰঃ
নাসিকাবিবৰ হৈছে মানুহে উশাহ লওঁতে ব্যৱহাৰ হোৱা নাকৰ বিন্ধা দুটা। ধ্বনি উচ্চাৰণৰ সময়তে হাওঁফাওঁৰ পৰা নিৰ্গত হৈ অহা বায়ুপ্রবাহৰ একাংশ মুখবিবৰেদি আৰু একাংশ
নাসিকাবিবৰেদি বাহিৰলৈ ওলাই আহে। এনেদৰে উচ্চাৰিত হোৱা ধ্বনিবোৰক নাসিক্যধ্বনি বোলে। উদাহৰণস্বৰূপে সংস্কৃত ভাষাৰ ম, ন, ণ, ঙ, ঞ আৰু অসমীয়া ভাষা ম, ন, ও নাসিক্য ধ্বনি পোৱা যায়। নাসিকাবিবৰ মাত্ৰ দুটা বিবৰহে, ইয়াৰ ভিতৰত কোনো সঞ্চালিত অংগ নাই। বায়ুৰ সোংত কেতিয়াবা নাকেৰে ওলাই নগ’লেও, নাসিকাবিবৰত ইয়াৰ কেৱল প্ৰবেশ আৰু ৰোধৰ দ্বাৰাও নাসিক্য নাদৰ সৃষ্টি কৰিব পাৰি। উল্লেখযোগ্য যে অসমীয়া ভাষাৰ অনুনাসিক উপাহিত ধ্বনি চন্দ্রবিন্দুৰ উচ্চাৰণ নাসিকাবিবৰতে হয়।
ঘটিকাঃ
বাগিন্দ্ৰিয়ৰ আন এটা প্ৰধান অংগ হ’ল ঘটিকা। ঘটিকা ডিঙিৰ অংশত অৱস্থিত। গলকোষৰ পাছৰ অংশত তলৰফালে ঠিক শ্বাসনলীৰ মাজতে ঘটিকা অৱস্থিত। ঘটিকাত দুখন পাতল ছালৰ দৰে আৱৰণ থাকে। এই আৱৰণ দুখন মেলি দিলে শ্বাসনলী বন্ধ হয় আৰু কোঁচাই দিলে শ্বাসনলী খোল খায়। এই পাতলীয় আৱৰণ দুখনক স্বৰতন্ত্ৰী বোলে। স্বৰতন্ত্ৰীৰ ওপৰত আৰু দুখন মঙহাল তন্ত্রী থাকে আৰু এই দুখন তন্ত্রীক ভুৱা স্বৰতন্ত্ৰী বোলা হয়। ঘটিকাটোক শ্বাসনলীৰ দুৱাৰ মুখ আৰু স্বৰতন্ত্ৰীদুখনক দুৱাৰৰ দুটা ফাল বুলি ক’ব পাৰি। ডিঙিৰ অংশতে উপজিহ্বা অৱস্থিত যদিও ধ্বনিৰ উচ্চাৰণত উপজিহ্বাৰ ভূমিকা বিশেষ নাই।
গলকোষঃ
মুখবিবৰৰ ভিতৰৰ ডিঙিৰ অংশটোত থকা গহ্বৰ বিশেষেই হ’ল গলকোষ। জিভাৰ মূল গলকোষৰ সন্মুখৰ বেৰ স্বৰূপ। জিহূামূল পিছফাললৈ কোঁচখাই হোঁহকি গ’লে গলকোষ কিছু ঠেক হৈ পৰে। এই গলকোষতো ধ্বনিৰ সৃষ্টি হয় আৰু এই ধ্বনিবোৰক গাল বা গলকোষীয় ধ্বনি বোলে। যেনে ‘হ’ ধ্বনিৰ উচ্চাৰণ গলকোষত হয়।
৩। ধ্বনি, বর্ণ, উপধ্বনিৰ একোটা পৰিচয় দাঙি ধৰা?
উত্তৰঃ ধ্বনিঃ ধ্বনি হ’ল ভাষাৰ তেনেই নিম্নতম স্তৰৰ অত্যাৱশ্যকীয় মৌলিক সামগ্ৰী। হাওঁফাওঁৰ পৰা বতাহ বাহিৰলৈ উলিয়াই আনি নাইবা হাওঁফাওঁলৈ মুখেৰে বতাহ শুহি লৈ বাগ্ যন্তৰ বিভিন্ন অংগৰ সঞ্চালনৰ সহায়ত যি নাদ উচ্চাৰণ কৰা হয় তাকে ধ্বনি বা বাগধ্বনি বোলা হয়। ধ্বনি শব্দৰ ইংৰাজী প্রতিশব্দ হৈছে Phone। অৱশ্যে ইংৰাজী Sound শব্দইও ধ্বনিক প্রতিনিধিত্ব কৰে। Sound শব্দৰ অৰ্থ ব্যাপক। যিকোনো বস্তুৰ আঘাত অথবা ঘৰ্ষণৰ দ্বাৰা সৃষ্ট অতবা মুখেৰে সৃষ্টি কৰা নাদ আদিক এই শব্দৰ অৰ্থই সামৰি লয়। ভাষা-বিজ্ঞানত কিন্তু শব্দই কেৱল বাগিন্দ্ৰিয়ৰ দ্বাৰা সৃষ্টি কৰা নাদকহে বুজায়। হাওঁফাওঁৰ পৰা বাহিৰলৈ উলিয়াই দিয়া আৰু হাওঁফাওঁৰ ভিতৰলৈ টানি লৈ যোৱা বায়ুপ্রবাহ বাগিন্দ্ৰিয়ৰ বিভিন্ন অংশৰদ্বাৰা নিয়ন্ত্ৰণ কৰি এই ধ্বনিবোৰক উৎপাদন কৰা হয়। ধ্বনিবোৰৰ শ্রয়মান গুণহে থাকে। ধ্বনিৰ দৃশ্যমান ৰূপসমূহক আখৰ বুলি কোৱা হয়। উচ্চাৰণৰ ওপৰত ভিত্তি কৰি কিছুমান ধ্বনিক ব্যঞ্জনধ্বনি আৰু শ্রৱণাত্মক ধাৰণাৰ ভিত্তিত কিছুমান ধ্বনিক স্বৰধ্বনি বোলা হয়। ধ্বনি বুলি ক’লে ভাষাত উচ্চাৰিত বিশিষ্ট অবিশিষ্ট সকলোবোৰ ধ্বনিকে বুজা যায়।
বর্ণঃ
প্রত্যেক ভাষাতে অজস্ৰ ধ্বনি উচ্চাৰণ কৰা হয়। ভাষাত উচ্চাৰিত বাগধ্বনিবোৰৰ নিৰ্দিষ্ট আৰু বিশিষ্ট শ্রুতিগুণ থাকে। মানুহৰ ভাৱ প্ৰকাশৰ মাধ্যম ভাষাত উচ্চাৰিত সকলোবোৰ ধ্বনিৰ উচ্চাৰণ স্পষ্ট নহয়। সেইবাবে উচ্চাৰিত সকলোবোৰ ধ্বনি মাতৃভাষীৰ কাণত বাজি নুঠে। কিছুমান ধ্বনিৰ উচ্চাৰণত বক্তা আৰু শ্রোতা উভয়ে সজাগ হয়। কেতিয়াবা দুটা বা ততোধিক বেলেগ বেলেগ ধ্বনিৰ উচ্চাৰণ একে যেন শুনা যায়। এনেদৰে একে যেন শুনা অর্থাৎ মাতৃভাষা-ভাষীৰ কাণত বেলেগ যেন নলগা ধ্বনিবোৰক বৰ্ণ-বিজ্ঞানৰ পদ্ধতিৰে চালিজাৰি একোটা গোট কৰা হয়। এনেকৈ এটা বা ততোধিক ধ্বনিক প্রতিনিধিত্ব কৰা বিশিষ্ট ধ্বনি গোটকে বর্ণ বোলা হয়। উদাহৰণ স্বৰূপে অসমীয়া ভাষাৰ ‘ক’ বৰ্ণটো কেইবাটাও ‘ক’ ধ্বনিৰ সমষ্টি। অর্থাৎ ইয়াৰ মুক্ত, বদ্ধ, হ্রস্ব, দীর্ঘ, নাসিক্য আদি ৰূপ থাকিব পাৰে।
যেনে— কাক্ বুলি ক’লে গুণগত দিশৰপৰা দুটা ‘ক’ ধ্বনিৰ উচ্চাৰণ হৈছে। প্ৰথমৰ ‘ক’ মুক্ত আৰু দ্বিতীয় ‘ক’ৰ উচ্চাৰণ বদ্ধ। সেইদৰে কাঁহী বুলি ক’লে এই ‘ক’ৰ উচ্চাৰণ অনুনাসিক হৈছে। গতিকে এই ‘ক’ ধ্বনিবোৰক বৰ্ণ বিজ্ঞানৰ পদ্ধতিৰে চালি-জাৰি চাই এইবোৰক এটা গোটৰ অন্তৰ্ভূক্ত কৰা হয়। সেই গোটটোৱেই হ’ল ‘ক’-বর্ণ। বর্ণ এটা বিমূৰ্ত্ত ৰূপহে। ই উচ্চাৰিত নহয়। বৰ্ণৰ অন্তর্গত ধ্বনিসমূহহে উচ্চাৰিত হয়।
উপধ্বনিঃ
বৰ্ণবিজ্ঞানত ধ্বনিৰ প্ৰণালীবদ্ধ বিচাৰ বিশ্লেষণৰ দ্বাৰা বৰ্ণ নিৰ্ণয় কৰা হয়। বৰ্ণ এটা যিবোৰ ধ্বনিৰে গঠিত হয় সেই অবিশিষ্ট সকলো ধ্বনিক বিভাজন কৰি সেই বৰ্ণটোৰ ‘উপধ্বনি’ বুলি কোৱা হয়। অর্থাৎ বর্ণই বিশিষ্ট ধ্বনিক বুজায় আৰু উপধ্বনি বুলি ক’লে অবিশিষ্ট ধ্বনিসমূহক বুজায়। বর্ণবিজ্ঞানত ধ্বনিৰ পৰিবেশ আৰু প্ৰয়োগ বিশ্লেষণৰ ভিত্তিত বৰ্ণ বিচাৰ কৰা হয়। বৰ্ণৰ অন্তৰ্গত উপধ্বনিবোৰ কিছুমান বিশেষ পৰিবেশত ব্যৱহাৰ হয় আৰু এইবোৰৰ প্ৰয়োগ অবিৰোধী। সেয়েহে ইহঁতক অবিশিষ্ট ধ্বনি বুলি কোৱা হয়। উল্লেখযোগ্য যে, বর্ণই শব্দ পৃথক কৰিব পাৰে কিন্তু অবিশিষ্ট ধ্বনি বা উপধ্বনিবোৰে শব্দ পৃথক কৰিব নোৱাৰে।
৪। বাক্যতত্ত্ব কাক বোলে? অসমীয়া বাক্যৰ গঠন প্ৰণালী সম্পর্কে বুজাই লিখা।
উত্তৰঃ ইংৰাজী Syntax শব্দটোৰ অসমীয়া প্ৰতিশব্দ হ’ল বাক্য বিন্যাস। Syntax শব্দটো মূলত গ্ৰীক ভাষাৰ শব্দ; যাৰ অৰ্থ হ’ল প্রণালীবদ্ধ গাঁথনি। বাগ্ইন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত হোৱা ধ্বনিবিলাকৰ দ্বাৰা শব্দ গঠিত হয় আৰু এই শব্দবিলাকক যথাযথভাৱে ইটোৰ পিছত সিটো লগ লগাই য’ত এটা সম্পূৰ্ণ চিন্তা বা ভাৱ প্ৰকাশ হয় তাকে বাক্য বোলে। বাক্যৰ ভিতৰত থকা অংশবোৰ অর্থাৎ শব্দই শব্দই মিলি একোটা খণ্ডবাক্যত পৰিণত হয়। দুটা বা তিনিটা খণ্ডবাক্য মিলি এটা সম্পূৰ্ণ বাক্য গঠন কৰি মানুহে মনৰ ভাৱ প্ৰকাশ কৰে। বাক্যৰ ভিতৰুৱা ব্যাকৰণৰ বিভিন্ন দিশবোৰ যি তত্ত্বৰ সহায়ত চালি জাৰি চোৱা হয় সেই তত্ত্বক বাক্যতত্ত্ব বোলে।
বাক্য এটাৰ শুদ্ধৰূপ পাবলৈ হ’লে শব্দবিলাকক য’তে ত’তে যেনে তেনে লগ লগালে নহয়। বৰঞ্চ অর্থযুক্ত পদ সমষ্টিক সংগতি লগাই যথাযোগ্য স্থানত বহুৱালেহে বাক্য এটা অর্থ প্ৰকাশ কৰিব পাৰে। বাক্য এটা শুদ্ধ ৰূপত প্ৰকাশ কৰিবলৈ হ’লে প্রথমে দুটা কথালৈ আঙুলিয়াব পাৰি —
(ক) বাক্যত ব্যৱহৃত শব্দৰ ক্ৰম।
(খ) শব্দবোৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক।
বাক্যত ব্যৱহৃত পদবোৰৰ পাৰস্পৰিক সংগতি আৰু ক্ৰম ৰক্ষা কৰি নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰিবলৈ পদবোৰ বাক্যত ব্যৱহাৰ কৰোঁতে তিনিটা কথালৈ লক্ষ্য কৰিব লাগে। সেই তিনিটা হ’ল—
১. যোগ্যতা।
২. আকাংক্ষা।
৩. আসক্তি।
১. যোগ্যতা :
উপযুক্ত অৰ্থ প্ৰকাশ কৰিবলৈ শব্দবোৰৰ যোগ্যতা থাকিব লাগে। কাণেৰে শুনে, চকুৰে দেখে আদি বাক্যবিলাকত ব্যৱহাৰ হোৱা প্ৰত্যেক পদৰে পাৰস্পৰিক অর্থ সংগতি ৰক্ষা কৰি উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ যোগ্যতা আছে।
২. আকাংক্ষাঃ
এটা অসম্পূর্ণ বাক্য সম্পূৰ্ণ কৰিবলৈ বক্তাৰ মনত আকাংক্ষা জন্মিব লাগিব। “মই স্কুলৰ পৰা আহি ফুৰিবলৈ যাম।’ ইয়াত ‘মই স্কুলৰ পৰা আহি’ বাক্যটো অসম্পূর্ণ, সম্পূৰ্ণ কৰিবলৈ বক্তাৰ মনত আকাংক্ষা জন্মিলত ফুৰিবলৈ যাম কথাষাৰ লগ লগোৱাত ভাব সম্পূর্ণ হৈছে। ভাৱ অনুযায়ী বাক্যবিলাকত পদবোৰ এটাৰ পাছত এটাকৈ গাঁথি যাবলৈ বিভিন্ন পদৰ প্ৰয়োজনীয়তা ইয়াত স্বীকাৰ কৰা হৈছে।
৩. আসক্তিঃ
বাক্যত ব্যৱহৃত পদবিলাকক মণি গোঁথাৰ দৰে এটাৰ পাছত এটাকৈ গাঁথি যাওঁতে কোনটো পদৰ পিছত কোনটো পদ প্রয়োগ কৰিলে বিৰাম নোলোৱাকৈ উচ্চাৰণ কৰিব পৰা হয় সেই অনুযায়ী শৃংখলাবদ্ধভাৱে আৰু পদবোৰৰ পাৰস্পৰিক সংগতি ৰক্ষা কৰি ওচৰা-ওচৰিকৈ বহুৱালেহে অর্থ প্রকাশ কৰিব পাৰিব। যেনে —
ছাত্ৰই মনোযোগেৰে পঢ়িলেহে পৰীক্ষাত ফল দেখুৱাব পাৰে।
অসমীয়া বাক্যবোৰ গঠন কৰাৰ ক্ষেত্ৰতো উপৰিউক্ত কথাসমূহ লক্ষ্য কৰা হয়। অসমীয়া অসমীয়া ভাষাৰ বাক্যত সাধাৰণতে প্ৰথমে কর্তা, তাৰ পিছত কৰ্ম আৰু শেষত ক্রিয়াপদ বহে। বাক্যৰ একোটা উদ্দেশ্য আৰু বিধেয় থাকে। আনহাতে ক্রিয়াহীন বাক্য, কর্তাহীন বাক্য, প্রশ্নবোধক বাক্য, নঞার্থক বাকৰো ব্যৱহাৰ আছে। কেতিয়াবা এটা শব্দইও এটা বাক্যৰ মৰ্যদা পাব পাৰে। উদাহৰণ স্বৰূপে—
সম্পূর্ণ বাক্য— সি কিতাপ পঢ়ে।
কর্তাহীন বাক্য— বজাৰলৈ যোৱা।
ক্রিয়াহীন বাক্য — সি ভাল ল’ৰা।
বাক্য বিশ্লেষণ প্রক্রিয়াত ব্যাকৰণগত বিশ্লেষণ অব্যাহত থাকে। যিকোনো ভাষাতে ব্যৱহাৰ হোৱা বাক্যবোৰৰ বিশ্লেষণ খণ্ডিতকৰণ প্ৰক্ৰিয়াৰে দেখুৱাব পাৰি। বাক্য আচলতে ধ্বনি, অক্ষৰ, প্ৰাকৃতি, শব্দ, খণ্ডবাক্য, বাক্যাংশ আদি বিভিন্ন অংগৰ সমষ্টি। বাক্যত ব্যৱহৃত এই অংগবোৰ একাদিক্রমে খণ্ডিতকৰণ কৰি যি বিশ্লেষণ কৰা হয় তাক অনুক্রম বিশ্লেষণ বোলা হয়। উদাহৰণ স্বৰূপে—
মই— উদ্দেশ্য।
কিতাপ— বিশেষ্য।
খন— নির্দিষ্টতাবাচক প্রত্যয়।
পঢ়িলো— পঢ় (ক্রিয়া) ইয়াত ‘ইলো’ বিভক্তি যোগ হৈ আছে।
কিন্তু সকলোবোৰ বাকাক এনেদৰে ক্ৰম অনুসৰি কিছুমান থাকা আছে যিবিলাকত দীর্ঘত্ব, শ্বাসাঘাত, সুৰ আদি ওপৰত নিৰ্ভৰ কৰিয়ে ভাৱ অনুধাৱন কৰিব পাৰি। এনে বর্ণনাক উপাহিত্য অনুক্রম বিশ্লেষণ বোলে। উদাহৰণ স্বৰূপে —
১. তুমি ইয়াত কি কৰিছা।
২. তুমি ইয়াত কি কৰিছা।
৩. তুমি ইয়াত কি কৰিছা।
কেতিয়াবা প্রশ্নসোধা ৰীতিৰেও বাক্যগত বৈশিষ্ট্যপূর্ণ যি কোনো বাক্য অসমীয়া ভাষাত সজাব পাৰি। যেনে —
কোন আহিছে? — ৰাম।
কি কৰিছে? — কাম কৰিছে।
কেনে আছা? — ভাল।
আকৌ কিছুমান বাক্যত অক্ষৰ পৰিৱৰ্তন, সন্ধি আদিৰ ওপৰত নিৰ্ভৰ কৰিও ভাৱ বা অর্থ বিচৰা হয়।
যেনে —
সিপাৰলৈ গ’ল — বাকটোৰ ক্ৰমে—
১. সি পাৰলৈ গ’ল।
২. সিপাৰলৈ গ’ল।
৩. সি পাৰ লৈ গ’ল।
আন কিছুমান বাক্য আছে যিবোৰ দেখাত একে কিন্তু বক্তাই উচ্চাৰণ কৰোঁতে যি শব্দত জোৰ দিয়ে সেই বক্তাই উচ্চাৰণ কৰোঁতে যি শব্দত জোৰ দিয়ে সেই অনুসৰি অৰ্থ প্ৰকাশ কৰে।যেনে—
অশ্বত্থমা বীৰ দ্রোণাচাৰ্যৰ পুত্ৰ।
অশ্বত্থমা বীৰ দ্রোণাচাৰ্য্যৰ পুত্ৰ।
এই বাক্য দুটাত প্ৰথমটোক বীৰ হিচাপে দ্রোণাচাৰ্য্যক বুজাব আৰু দ্বিতীয়টোত অশ্বত্থমাক বুজাব।
বাক্য গাথনিৰ প্ৰয়োজনত শব্দৰ ৰূপগত দিশৰ পৰিৱৰ্তন সাধন হয়। যেনে — ‘মানুহ’ শব্দৰ লগত
কর্তা কাৰকত— মানুহে।
কৰ্ম কাৰকত — মানুহক।
আকৌ বহুবচন বুজাবলৈ — মানুহবিলাক।
নিৰ্দিষ্টতা বাচক প্রত্যয়ৰ সংযোগত – মানুহজন আদি শব্দ বাক্যৰ প্ৰয়োজনত সাধিত হয়।
কিছুমান বাক্যত দেখাত শব্দবিলাকৰ প্রয়োগ একে অথচ সিহঁতৰ স্থানক্ৰমৰ পৰিৱৰ্তন হ’লে অৰ্থৰ পৰিবৰ্তন হয়। যেনে—
১. ৰামে ৰাৱনক মাৰিলে।
২. ৰাৱণে ৰামক মাৰিলে।
কেতিয়াবা শব্দৰ স্থানক্ৰমৰ পৰিবৰ্তন হ’লেও অর্থ একে থাকে।
উদাহৰণস্বৰূপে— মোক তোমাৰ কিতাপখন দিয়া।
তোমাৰ কিতাপখন মোক দিয়া।
অসমীয়া ভাষাত এনে কিছুমান বাক্য আছে, যিবিলাকক নঞাৰ্থক ৰূপ দুই প্ৰকাৰে কৰিব পাৰি। যেনে—
১. মই কামটো কৰিব নোৱাৰো। (অপাৰগতা)
২. মই কামটো নকৰিবও পাৰো। (ইচ্ছা-অনিচ্ছা)
অসমীয়া বাক্যত সৰল, জটিল, যৌগিক এনে প্ৰকাৰৰ বাক্য পোৱা যায়।
সৰল বাক্য— ঘৰখনত ভাল শিক্ষা পায়ো তুমি সং নহ’লা।
জটিল বাক্য— ঘৰখনত ভাল শিক্ষা পোৱা সত্ত্বেও তুমি কিন্তু সৎ হ’ব নোৱাৰিলা।
যৌগিক বাক্য—তুমি ঘৰত ভাল শিক্ষাই পাইছিলা কিন্তু সং নহ’লা ।
পৃথিৱীত ব্যৱহৃত প্ৰায়বোৰ ভাষা বিশ্লেষণ কৰিলে দেখা যায় যে ভাষাত ব্যৱহৃত এটা বাক্য ৰূপৰ পৰাই বহুতো ৰূপ উলিয়াব পাৰি। এই ৰূপটোকে কার্ণেল বাক্য বোলা হয়। নোয়ম চমস্কি মতে বাক্যৰ গঠন দুই প্ৰকাৰে হয়—
(ক) খণ্ডবাক্য গঠনৰ নিয়ম।
(খ) ৰূপান্তৰ নিয়ম।
কার্ণেল বাক্যবিলাক সাধাৰণতে বিশেষ্য খণ্ডবাক্য আৰু ক্ৰিয়া খণ্ডবাক্য যুক্ত হৈ এটা সম্পূর্ণ বাক্য গঠন কৰা হয়। উদাহৰণস্বৰূপে –
ৰামে কিতাপ পঢ়ে।
ইয়াত — বিশেষ্য খণ্ডবাক্য— ৰামে।
ক্রিয়া খণ্ডবাক্য— কিতাপ পড়ে।
কর্তৃবাচ্যসূচক কাৰ্ণেল বাক্যৰ পৰাই ৰূপান্তৰ প্ৰক্ৰিয়াৰ সহায়ত নিষেধার্থক, প্রশ্নবোধক, সন্দেহবোধক, কর্মবাচ্যসূচক আদি নানা বাক্য গঠন কৰিব পাৰি। যেনে —
কার্ণেল বাক্য — ৰামে কিতাপ পঢ়ে।
— ৰামে কিতাপ পঢ়েনে? (প্ৰশ্নবোধক)
— ৰামে কিতাপ নপঢ়ে। (নিষেধার্থক)
— ৰামৰ দ্বাৰা কিতাপ পঢ়া হ’ল। (কর্মবাচ্যসূচক)
— ৰামে কিতাপ নপঢ়িবও পাৰে। (সন্দেহবোধক)
একাধিক শব্দৰে গঠিত কোনো এটা বাক্যৰ গঠনগত উপাদান সলনি কৰি বাকী অংশখিনি একেদৰে ৰাখিলেও যদি সি ব্যাকৰণগতভাৱে শুদ্ধ হয়, তেন্তে বাক্যটোৰ উপাদান বিশ্লেষণ সঠিক হৈছে বুলি ক’ব পাৰি। উদাহৰণ স্বৰূপে—
প্রধান শিক্ষকজনে। পঢ়ি ভাল পায়। এই বাক্যটোত দুটা অংগ পোৱা যায়। প্রধান শিক্ষকজনে পঢ়ি ভাল পায়। ইয়াত ‘প্রধান শিক্ষক’ৰ পৰিৱৰ্তে ‘শিক্ষকজনে’ শব্দটো ব্যৱহাৰ কৰিলেও এটা শুদ্ধ বাক্যই পোৱা যাব। আকৌ ‘পঢ়ি ভাল পায়’ সলনি কেৱল ‘ভাল পায়’ ব্যৱহাৰ কৰিলেও বাক্যটো শুদ্ধ হৈয়ে থাকিব। ইয়াৰ পৰা বাক্যত অংগ বিশ্লেষণ পদ্ধতি শুদ্ধ হৈছে বুলিয়ে ক’ব পাৰি।
আকৌ বাক্যৰ অন্তৰংগ আৰু বহিৰংগ গঠনো পোৱা যায়। বহিৰংগ গঠনত বাক্যটোৰ আক্ষৰিক অৰ্থ প্ৰকাশ হয় আৰু অন্তৰংগ গঠনত একেটা বাক্যৰে কেইবাটাও ভাব আৰু অৰ্থ হ’ব পাৰে।
উদাহৰণ স্বৰূপ— বুঢ়া মানুহজন মৰিল। এইটো বাক্যৰ বহিৰংগ গঠন। অন্তৰংগ গঠনৰ কেইবাটাও ভাব আৰু অৰ্থ হ’ব পাৰে।
১. মানুহজন মৰিল।
২. মানুহজন বুঢ়া হৈছিল বাবে মৃত্যু হ’ল।
৩. তেওঁ বেমাৰ হৈও মৰিব পাৰে।
কেতিয়াবা বাক্যৰ বহিৰংগ আৰু অন্তৰংগ গঠনৰ মাজত পাৰ্থক্য দেখুওৱা টান হৈ পৰে। যেনে—
‘ল’ৰাটোৱে খাব পৰা হৈছে’— বাকটোৰ অৰ্থ দুই ধৰণে হ’ব পাৰে—
১. ল’ৰাটো ডাঙৰ হৈ নিজৰ হাতেৰে খাব পৰা হৈছে।
২. ল’ৰাটো উপাৰ্জনক্ষম হৈছে।
পৃথিৱীৰ সকলো বাক্যৰে মূল উপাদান সমূহ প্ৰায় একেই। বাক্য গঠনৰ মাজতহে পার্থক্য দেখা যায়। অসমীয়া বাক্য গঠনৰ ক্ষেত্ৰতো অন্যান্য ভাষাৰ দৰে একেবোৰ দিশৰ ওপৰতে আলোচনা কৰা হয়।
আসন্ন অংগ বিচাৰ পদ্ধতিৰে অসমীয়া বাক্য বিশ্লেষণ কৰিব পাৰি আৰু বাক্যতত্ত্বৰ বিশ্লেষমত বাক্যত সংস্থাপন কৰা আসন্ন অৰ্থসমূহৰ বিচাৰ কৰি বাক্যৰ প্ৰকৃত অৰ্থ নিৰূপণ কৰা হয়।
৪। বাক্যৰ কেই প্ৰকাৰ আৰু কি কি? অর্থ বা ভাব অনুসৰি বাক্যক কি কি প্ৰকাৰে ভাগ কৰিব পাৰি? বুজাই লিখা।
উত্তৰঃ সম্পূর্ণ অর্থ বুজোৱা অন্বয়যুক্ত পদসমষ্টিক বাক্য বোলে। হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণত ইয়াৰ সংজ্ঞা এনেদৰে দিয়া হৈছে :
‘দুটা বা ততোধিক পদ গোট খাই কোনো এটা কথা বুজালে তাক বাক্য বোলে। বাক্যৰ ব্যুৎপত্তিগত অর্থ হ’ল- কথিত বিষয় । মহাভাষ্যত বাক্যৰ লক্ষণ এনেদৰে প্ৰকাশ কৰিছে- অব্যয়যুক্ত, কাৰকযুক্ত আৰু কাৰক বিশেষণযুক্ত ক্রিয়াই বাক্য। বিশ্বনাথ কবিৰাজৰ মতে, যোগ্যতা, আকাঙ্খা আৰু আসক্তিযুক্ত পদ সমুচ্চয়ে বাক্য।
বাক্যৰ অংশ দুটা— উদ্দেশ্য আৰু বিধেয়।
কৰ্তা আৰু তাৰ সম্প্ৰসাৰকবোৰক উদ্দেশ্য বোলে। যেনে: মহাৰাজ অশোকে প্ৰজাৰ হিতৰ অৰ্থে ভালেমান কাম কৰিছিল। ইয়াত ‘মহাৰাজ অশোকে’ উদ্দেশ্য। ইয়াৰে ‘অশোক’ আৰু ‘মহাৰাজ’ কৰ্তাৰ সম্প্ৰসাৰক। উদ্দেশ্য অংশত এটি বিশেষ্য, সর্বনাম বা নামপদ স্থানীয় পদ একোটা থাকিব পাৰে।
কৰ্তাই যাৰ ওপৰত কাৰ্য সম্পাদন কৰে বা যাৰ বিষয়ে কয়, সেয়ে বিধেয়। যেনে: মহাৰাজ অশোকে ‘প্ৰজাৰ হিতৰ অর্থে ভালেমান কাম কৰিছিল’- বাক্যটোত ‘প্ৰজাৰ হিতৰ অৰ্থে ভালেমান কাম কৰিছিল’— বিধেয়। ইয়াত ‘কৰিছিল’ ক্ৰিয়া আৰু ‘কাম’ কৰ্ম ‘প্ৰজাৰ হিতৰ অৰ্থে ভালেমান’ কৰ্মৰ সম্প্ৰসাৰক। বিধেয় অংশত ক্রিয়া থকা প্রয়োজন যদিও কেতিয়াবা কেতিয়াবা সি উহাও হৈ থাকে। যেনে: ‘ৰাম ভাল ছাত্র।’ ওপৰৰ বাক্যটোত হয় উহ্য আছে।
গঠন অনুযায়ী বাক্য তিনি প্ৰকাৰৰ—
(ক) সৰল বা সাধাৰণ বাক্য।
(খ) জটিল বা মিশ্র বাক্য।
(গ) যৌগিক বা সংযুক্ত বাক্য।
(ক) সৰল বাক্যঃ
যি বাক্যত এটা মাথোন কর্তা (উদ্দেশ্য) আৰু এটা মাধোন সমাপিকা ক্রিয়া থাকে (বিধেয়) তাক সৰল বা সাধাৰণ বাক্য কোৱা হয়। যেনেঃ অৰুণে ভাত খালে, হৰি পঢ়াশালিলৈ গ’ল ইত্যাদি।
(খ) জটিল বা মিশ্রবাক্যঃ
যি বাক্যত এটা প্রধান বাক্যৰ উপৰি এক বা একাধিক অপ্রধান বা গৌণ বাক্য লগ লাগি থাকে, তাক জটিল বা মিশ্ৰ বাক্য বোলে। যেনে : লেখা পঢ়া কৰে যেয়ে, হাতী ঘোঁৰাত উঠে সেয়ে। এই বাক্যটোত ‘হাতী ঘোঁৰাত উঠে সেয়ে’ প্রধান বাক্য আৰু ‘লেখা-পঢ়া কৰে যেয়ে হ’ল অপ্রধান বাক্য।
(গ) যৌগিক বা সংযুক্ত বাক্যঃ
দুই বা ততোধিক সৰল আৰু মিশ্র অথবা মিশ্র বাক্যক সংযোজক নাইবা পৃথকবোধক অব্যয়ৰ সহায়ত যোগ কৰি এটা দীঘলীয়া বাক্য গঠন কৰিলে তাক যৌগিক বা সংযুক্ত বাক্য বোলে। মন কৰিবলগীয়া কথা এই যে যৌগিক বাক্যত থকা বাক্যবোৰৰ পৰস্পৰ সম্বন্ধ নাথাকে। সিহঁত প্রত্যেকে সুকীয়া সুকীয়া বাক্য। যেনে— মই ভাত খাই আছিলোঁ আৰু সি কিতাপ পঢ়ি আছিল। উক্ত বাক্যটোত দুটা সৰল বাক্যক ‘আৰু’ অব্যয় যোগ কৰা বাবে বাক্যটো হ’ল সংযুক্ত বাক্য।
অৰ্থ অনুসৰি বাক্যৰ প্ৰকাৰ অর্থ অনুযায়ী বাক্যত বাক্যসমূহ ছটা ভাগত ভগাব পাৰি :
(১) নির্দেশক বা নির্দেশসূচক বাক্য।
(২) প্রশ্নসূচক বা প্রশ্নবাচক বাক্য।
(৩) ইচ্ছাত্মক বাক্য।
(৪) অনুজ্ঞাবোধক বাক্য।
(৫) ভাৱবোধক বাক্য।
(৬) কাৰ্য কাৰণাত্মক বাক্য।
(১) নির্দেশাত্মক বা নির্দেশসূচক বাক্যঃ
সাধাৰণ মনৰ ভাৱ প্ৰকাশ কৰা বাক্যকে নির্দেশাত্মক বা নির্দেশসূচক বাক্য বোলে। নিশ্চয়াত্মক বাক্য দুবিধ— সদর্থক আৰু নঞর্থক। ইয়াক যথাক্রমে অস্ত্যর্থক আৰু নাস্ত্যর্থক বাক্যও বোলা হয়। উদাহৰণঃ
সদর্থকঃ মই ৰামক জানো।
নঞর্থকঃ মই ৰামক নাজানো।
(২) প্রশ্নবোধক বাক্যঃ
প্রশ্নসোধা বাক্যই প্রশ্নবোধক বাক্য। যেনে: তুমি ৰামক জানা নে? হৰি ঘৰলৈ যাবনে? ইত্যাদি।
(৩) ইচ্ছাত্মক বাক্যঃ
যি বাক্যই আশীর্বাদ দিয়া, মংগল কামনা কৰা প্ৰভৃতি ইচ্ছা প্ৰকাশ কৰে, সেই বাক্যক ইচ্ছাত্মক বাক্য বোলে। যেনে: তুমি কৃতকাৰ্য হোৱা ঈশ্বৰে তোমাৰ মংগল কৰক ইত্যাদি।
(৪) অনুজ্ঞাবোধক বাক্যঃ
অনুৰোধ, আজ্ঞা, নিষেধ প্রভৃতি বুজোৱা বাক্য অনুজ্ঞাবোধক বাক্য। যেনে : তুমি এতিয়া নাযাবা, তুমি এতিয়া যোৱা, তালৈ নোযোৱাই ভাল ইত্যাদি।
(৫) ভাববোধক বাক্যঃ
মনৰ হৰ্ষ, বিষাদ, ক্রোধ, ঘৃণা আদি ভাৱ প্ৰকাশক বাক্যক ভাৱবোধক বাক্য কোৱা হয়। যেনে : বাঃ আমাৰ জয় হ’ল, উঃ এতিয়া নিগমে মৰিলোঁ, ছিঃ ছিঃ চোলাটোত বেয়াকৈ দাগ লাগিল ইত্যাদি।
(৬) কাৰ্যকাৰণাত্মক বাক্যঃ
কাৰ্য আৰু কাৰণৰ সম্পৰ্ক যুক্ত বাক্যই কাৰ্যকাৰণাত্মক বাক্য। যেনে : গৰম লাগিলে বিচনীৰে বিচিবা, জন থাকিলেহে ধন হয় ইত্যাদি।
বাক্যৰ উক্তি
‘বাক্যত বক্তাই কোৱাৰ ধৰণটোৱেই উক্তি।’ উক্তি দুইপ্ৰকাৰৰ
(ক) প্রত্যক্ষ উক্তি। আৰু
(খ) পৰোক্ষ উক্তি।
(ক) প্রত্যক্ষ উক্তিঃ
বক্তাই কোৱা কথাখিনি হুবহু পুনৰ প্ৰকাশ কৰিলে তাক প্রত্যক্ষ উক্তি বোলা হয়। প্রত্যক্ষ উক্তি লিখাৰ সময়ত সাধাৰণতে উদ্ধৃতি চিহ্ন “ ” ব্যৱহাৰ কৰা হয়। যেনেঃ
(১) ৰামে ক’লে— “মই পঢ়াশালিলৈ নাযাওঁ।”
(২) হৰিয়ে ক’লে— “মই যোৰহাটলৈ যাম।”
(৩) শিক্ষকে ছাত্ৰসকলক ক’লে — “যুবশক্তি ড্ৰাগচৰপৰা সদায় আঁতৰত থাকিব লাগে।”
(৪) সীতাই গীতাক ক’লে — “আজিৰ দিনত ল’ৰা আৰু ছোৱালী উভয়ৰে অধিকাৰ সমান।”
(খ) পৰোক্ষ উক্তিঃ
বক্তাৰ কথাখিনি আনে কোৱাৰ দৰে উক্ত হ’লে অথবা আনে কোৱা কথা নিজৰ ভাষাত লিখিলে তাক পৰোক্ষ উক্তি কোৱা হয়। যেনে:
(১) ৰামে ক’লে যে সি পঢ়াশালিলৈ নাযায় বা ৰামে পঢ়াশালিলৈ নাযাওঁ বুলি ক’লে।
(২) হৰিয়ে ক’লে যে সি বোলে যোৰহাটলৈ যাব।
প্রত্যক্ষ উক্তিক পৰিৱৰ্তন কৰা ব্যৱস্থাক কোৱা হয় উক্তি পৰিবৰ্তন। উক্তি পৰিৱৰ্তনৰ ৰীতিটো ইংৰাজী ভাষাৰ প্ৰভাৱত আধুনিক অসমীয়াত সোমাইছে। পুৰণি অসমীয়াৰ প্ৰত্যক্ষ পৰোক্ষ উক্তিৰ প্ৰক্ৰিয়া আধুনিক অসমীয়াৰ দৰে নাছিল। প্রত্যক্ষ উক্তিকেই ‘বুলিবা’ ‘হেন বুলিবা’ আদিৰ যোগেৰে পৰোক্ষ উক্তি বুজোৱা হৈছিল। যেনে : বুলিবা, অভক্তৰো জীৱন সাফল আছে, বুলিবা বৃক্ষৰ নিশ্বাস নাই, হেন বুলিবা তোৰা যজ্ঞাদিত আকুল ইত্যাদি।
প্রত্যক্ষ উক্তিৰ পৰা পৰোক্ষ উক্তিলৈ পৰিৱৰ্তন কৰাৰ কেইটামান নিয়ম হ’ল —
(ক) প্রত্যক্ষ উক্তিৰপৰা পৰোক্ষ উক্তিলৈ পৰিবৰ্ত্তন কৰোঁতে সর্বনামীয় শব্দৰ কিছু পৰিৱৰ্তন হয়। যেনেঃ
প্ৰত্যক্ষ | পৰোক্ষ |
অ’ত | ত’ত |
অহা | যোৱা |
আজি | সিদিনা |
ই | সি |
ইমান | সিমান |
ইয়াত | তাত |
ইয়াৰ | তাৰ |
এই | সেই |
এইটো | সেইটো |
এইফালে | সেইফালে |
এইদৰে | সেইদৰে |
এতিয়া | তেতিয়া |
কাইলৈ | পিছদিনা |
কালি | আগদিনাই ইত্যাদি |
উদাহৰণঃ
প্রত্যক্ষ উক্তিঃ ৰামে কৈছিল — “মই আজি গুৱাহাটীলৈ যাব নোৱাৰিম।”
পৰোক্ষ উক্তিঃ ৰামে কৈছিল যে তেওঁ সিদিনা গুৱাহাটীলৈ যাব নোৱাৰিব।
প্রত্যক্ষ উক্তিঃ ৰামে কৈছিল — “এই কিতাপখন দিয়া।”
পৰোক্ষ উক্তিঃ সেই কিতাপখন নিবলৈ ৰামে কৈছিল।
প্রত্যক্ষ উক্তিঃ ৰামে কৈছিল — “তুমি এতিয়া যাব নালাগে।”
পৰোক্ষ উক্তিঃ ৰামে কৈছিল বোলে তুমি তেতিয়া তালৈ যাব নালাগে।
(খ) প্রত্যক্ষ উক্তিৰ ক্রিয়াপদ অতীত কালৰ হ’লে পৰোক্ষ উক্তিৰ ক্রিয়াপদো অতীত কালৰ হোৱা প্ৰয়োজন। যেনেঃ
প্রত্যক্ষ উক্তিঃ তেওঁ মোক সুধিলে — “তুমি কি কৰিবা।”
পৰোক্ষ উক্তিঃ তেওঁ মোক মই কি কৰিম বুলি সুধিছিল।
(গ) চিৰন্তন সত্য হ’লে প্ৰত্যক্ষ উক্তিৰ ক্ৰিয়া অতীত কালৰ হ’লেও পৰোক্ষ উক্তিৰ ক্ৰিয়াৰ কালৰ সলনি নহয়। যেনেঃ
প্রত্যক্ষ উক্তিঃ শিক্ষকে কৈছিল — “পৃথিৱী সূৰ্যৰ
চাৰিওফালে ঘুৰে।”
পৰোক্ষ উক্তিঃ শিক্ষকে কৈছিল যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘুৰে।”
(ঘ) প্রত্যক্ষ উক্তিৰ ক্ৰিয়া বৰ্তমান কালৰ হ’লে পৰোক্ষ উক্তিৰ ক্ৰিয়া যিকোনো কালৰ হ’ব পাৰে।
(ঙ) প্রত্যক্ষ উক্তিৰ আজ্ঞাবাচক, উচ্ছাবাচক, সন্দেহবাচক বা প্রশ্নবোধক কথা পৰোক্ষ উক্তিলৈ পৰিৱৰ্তন কৰোঁতে ভাৱ অনুযায়ী ক্রিয়া পৰিৱৰ্তন হয়। যেনেঃ
আজ্ঞাবাচক বাক্যঃ
প্রত্যক্ষ উক্তি : শিক্ষকে হৰিক ক’লে — “মন দি পুথি পঢ়িবা।”
পৰোক্ষ উক্তি : শিক্ষকে হৰিক ক’লে যেন সি মন দি পুথি পড়ে।
বা
শিক্ষকে হৰিক মন দি পঢ়িবলৈ আড্ডা দিলে।
ইচ্ছাবাচক বাক্যঃ
প্রত্যক্ষ উক্তিঃ দেউতাকে হৰিক ক’লে — “ভগৱানে তোমাৰ মংগল কৰক।”
পৰোক্ষ উক্তিঃ দেউতাকে হৰিৰ মংগলৰ বাবে ভগৱানক প্রার্থনা জনালে।
বা
ভগৱানে হৰিৰ মংগল কৰক বুলি দেউতাকে প্রার্থনা। জনালে।
প্রত্যক্ষ উক্তিঃ বিহুৱাই মূৰৰ চুলি চিঙি গালে : “ৰাইজ মোৰ কুশলে থাক।”
পৰোক্ষ উক্তিঃ বিহুৱাই ৰাইজক কুশলে থাকিবলৈ মূৰৰ চুলি চিঙি আশীর্বাদ জনালে।
প্রশ্নসূচক বাক্যঃ
প্রত্যক্ষ উক্তিঃ শিক্ষকে সুধিছিল — “তুমি ঘৰলৈ যাবানে?”
পৰোক্ষ উক্তিঃ মই ঘৰলৈ আহিম নে বুলি শিক্ষকে সুধিছিল।
প্রত্যক্ষ উক্তিঃ হৰিয়ে যদুক ক’লে — “এই পুতলাটোৰ ওজন কিমান?”
পৰোক্ষ উক্তিঃ হৰিয়ে যদুক সেই পুতলাটোৰ ওজন কিমান সুধিলে।
৫। ৰূপতত্ত্ব কাক বোলে? ৰূপতত্ত্বই সামৰি লোৱা বিষয়সমূহৰ বিষয়ে এটি আলচ যুগুত কৰা।
উত্তৰঃ ভাষা অধ্যয়নৰ অন্যতম স্তৰ হৈছে ‘ৰূপতত্ত্ব’। ৰূপতত্ত্ব হ’ল ভাষাত ব্যৱহৃত ৰূপ বা ৰূপাংশৰ বিশ্লেষণ অর্থাৎ শব্দ গঠন আৰু পদৰ পৰ্যালোচনা। ‘ৰূপতত্ত্ব’ শব্দ ইংৰাজী Morphology শব্দৰ অসমীয়া ৰূপান্তৰ। ই Morph আৰু ology দুটা শব্দৰে গঠিত হৈ আছে। Morph, যিয়ে ৰূপ বা আকৃতি আৰু ology, যিয়ে অধ্যয়ন অর্থ নিদেশ কৰে। অর্থাৎ ৰূপতত্বত ৰূপ বা আকৃতি সম্পর্কে অধ্যয়ন কৰা হয়। এই আকৃতিনো কি, আকৃতিবোৰ কিদৰে পাব পাৰি, আকৃতিৰপৰা গোট কৰি কিদৰে প্ৰাকৃতি পোৱা যায়, উপাকৃতি কাক বোলে? এই আটাইবোৰ দিশ ৰূপতত্ত্বত আলোচনা কৰা হয়। ব্লুমফিল্ডৰ মতে— “ভাষাৰ অংগবোৰৰ লগত ব্যৱহাৰ হোৱা বদ্ধৰূপবোৰৰ আলোচনাই হৈছে ৰূপতত্ত্ব। নিদাৰ ভাষাত— ‘শব্দ আৰু শব্দাংশ গঠনত প্রাকৃতি আৰু প্রাকৃতিবোৰৰ প্ৰয়োগ সম্পর্ক অধ্যয়নেই ‘ৰূপতত্ত্ব’।
ভাষাৰ ৰূপতত্ত্ব আলোচনাৰ প্ৰধান সামগ্ৰী হ’ল— আকৃতি। এই আকৃতিসমূহৰ পৰাই ‘প্রাকৃতি’ আৰু ‘উপাকৃতি’ নিৰ্ণয় কৰা হয়।
আকৃতিঃ
ভাব বিনিময়ৰ বাবে আমি দৈনিক অসংখ্য বাক্য ব্যৱহাৰ কৰা । এই বাক্যবোৰ কিছুমান পদেৰে গঠিত। এক বা একাধিক পদ লগলাগি বাক্য গঠন হয়। এই পদবিলাকক আমি অৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ক্ষুদ্ৰ অংশত ভাগ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, তলত দুটা অসমীয়া আৰু এটা ইংৰাজী বাক্য দেখুওৱা হ’লঃ
(ক) ৰীমাই গীতাক বহীখন দিছে।
(খ) গৰুবোৰে ঘাঁহ খাইছে।
(গ) He hated such books.
— এই বাক্য তিনিটাৰ-
(ক) বাক্যত চাৰিটা পদ।
(খ) বাক্যত তিনিটা পদ। আৰু
(গ) বাক্যত চাৰিটা পদ আছে। এই পদবিলাকক তলত দিয়া ধৰণে ক্ষুদ্রতম অর্থৱহ অংশ কিছুমানত ভাগ কৰিব পাৰি —
(ক) ৰীমাই গীতাক বহীখন দিছে।
ৰীমাই = ৰীমা + ই
গীতাক = গীতা + ক
বহীখন = বহী + খন
দিছে = দি + ইছ + এ
(খ) গৰুবোৰে ঘাঁহ খাইছে।
গৰুবোৰে = গৰু + বোৰ + এ
ঘাঁহ = ঘাঁহ
খাইছে = খা + ইছ + এ
(গ) He hated such books.
He = He
hated = hat + ed
such = such
books. = book + s.
এই বাক্য তিনিটাৰ পদবিলাকক ইয়াতকৈ সৰু অংশত ভাগ। কৰিব নোৱাৰি। ইয়াতকৈ সৰু অংশত ভাগ কৰিলে আমি কিছুমান স্বৰ আৰু ব্যঞ্জনবৰ্ণহে পাম যিবিলাকৰ কোনো ব্যাকৰণগত অর্থ নাই। এনে অর্থৱহ খণ্ডিত অংশবোৰেই হৈছে আকৃতি। অর্থাৎ, ভাষাৰ ক্ষুদ্রতম অর্থৱহ অংশটোৱেই আকৃতি। এই আকৃতি চিনাক্ত কৰিবৰ বাবে বাক্যত ব্যৱহৃত পদসমূহক অৰ্থৰ প্ৰতি লক্ষ্য ৰাখি খণ্ডিত কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে, তলত কেইটামান অসমীয়া আৰু ইংৰাজী ভাষাৰ শব্দ ভাঙি দেখুওৱা হ’ল —
মানুহজনে = মানুহ + জন + এ
খেতিয়ক = খেত + ই + অক
বেচৰকাৰী = বে + চৰকাৰ + ঈ
unemployment = un + employ + ment
globalisation = globe + el + ize + ation
এই পদবোৰক ভাঙিলত যিবোৰ অর্থৱহ অংশ পোৱা গ’ল, সেইবোৰেই আকৃতি। ইহঁতক ইয়াতকৈ সৰু অংশত ভাগ কৰিব নোৱাৰি আৰু ইহঁতৰ প্ৰত্যেকৰে একোটা ধ্রুৱ অর্থ আছে। ইহঁত প্রত্যেকেই একোটাহঁত আকৃতি।
আকৃতি দুই প্ৰকাৰৰ — মুক্তৰূপ আৰু বদ্ধৰূপ ।
যিবোৰ ৰূপ বাক্যত অকলে ব্যৱহাৰ হ’ব পাৰে সেইবোৰক মুক্তৰূপ আৰু যিবোৰ ৰূপ বাক্যত অকলে ব্যৱহাৰ হ’ব নোৱাৰে অর্থাৎ মুক্ত ৰূপৰ আশ্ৰয়তহে ব্যৱহৃত হয় তাক বদ্ধৰূপ বোলে।
প্রাকৃতিঃ
ৰূপতাত্ত্বিক আলোচনাৰ মৌলিক একক হ’ল প্ৰাকৃতি। এটা কথা জনা গ’ল যে বিশ্লেষণৰ বাবে খণ্ডিতকৰণ প্ৰক্ৰিয়াৰে আকৃতি উলিওৱা হয়। তাৰ পিছত ধ্বনিগত আৰু অৰ্থগত সাদৃশ্য বিচাৰ কৰি আকৃতিবোৰ শ্রেণীবদ্ধ কৰা হয়। অর্থাৎ একে পৰিবেশত ব্যৱহৃত হৈ অৰ্থৰ শ্ৰেণী পৰিৱৰ্তন কৰিব পাৰে নে নোৱাৰে বিশ্লেষণ কৰা হয় আৰু এইদৰে বিশ্লেষণ কৰি বিৰোধ নথকা আকৃতিবোৰৰ সামূহিক গোট এটা কৰি তাৰ নাম দিয়া হয় প্রাকৃতি।
আকৃতি বিশ্লেষণত দেখা যায় যে, কিছুমান আকৃতিৰ সকলো পৰিৱেশত একে ৰূপ আৰু আন কিছুমানৰ ভিন্ন ৰূপ। পৰিৱেশ হ’ল — বদ্ধৰূপ লগলগা মুক্তৰূপৰ ধ্বনি। অৰ্থাৎ যাৰ সৈতে বদ্ধৰূপ লগ লাগে। যেনে— ইংৰাজী book শব্দৰ সৈতে বহুবচনবাচক s লগলাগি books হৈছে। ইয়াত book শব্দৰ k ধ্বনিটো ঘোষ নে অঘোষ তাৰ ওপৰত s ৰ উচ্চাৰণ নিৰ্ভৰ কৰিব। শ্বাসঘাত যুক্ত হয় নে নহয় তাৰ ওপৰতো নিৰ্ভৰ কৰিব। ইয়াক ধ্বনিৰ পৰিৱেশ বোলা হয়। অৰ্থাৎ এটা ধ্বনিৰ পূবৱৰ্তী আৰু পৰৱৰ্তী ধ্বনিসমষ্টি আৰু এইবোৰৰ লগত জড়িত সুৰ, শ্বাসাঘাত আদিয়েই হ’ল ধ্বনিৰ পৰিৱেশ। পৰিৱেশ ভেদে কিছুমান আকৃতি ভিন্ন হয়। উদাহৰণস্বৰূপে, ইংৰাজী ভাষাৰপৰা books, glasses, boys — এই শব্দ তিনিটা লোৱা হ’ল। এই শব্দ তিনিটাৰ বদ্ধৰূপ s ৰ উচ্চাৰণ পৰিবেশভেদে বেলেগ বেলেগ।
অর্থাৎ ইংৰাজী ভাষাৰ বহুবচনৰ ৰূপ s ৰ তিনিটা পৰিপূৰক প্রয়োগ আছে। উচ্চাৰণৰ বেলিকা ইয়াৰ প্ৰথমটো s, দ্বিতীয়টো iz তৃতীয়টো z উচ্চাৰণ হয়। এইবোৰৰ উচ্চাৰণ পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিছে। একে পৰিবেশত এটাৰহে উচ্চাৰণ হ’ব পাৰে, বাকী দুটাৰ নোৱাৰে। গতিকে, ইহঁতৰ মাজত বিৰোধ নাই। একেটা আকৃতিৰ পৰিবেশ ভেদে প্রয়োগ সুকীয়া হ’লে, তেনে প্রয়োগক পৰিপূৰক প্রয়োগ বোলা হয়। ওপৰৰ উদাহৰণটোৰ -s, -iz, -z ৰ প্ৰয়োগ পৰিপূৰক। পৰিপূৰক প্রয়োগত থকা এনে আকৃতিবোৰৰ মাজত বিৰোধ নাই। বিৰোধ নোহোৱা আকৃতিবোৰক এটা গোট বুলি ধৰি ল’ব পাৰি। এই গোটটোৰ নাম হ’ল— প্ৰাকৃতি।
উপাকৃতঃ
প্রাকৃতিৰ অন্তৰ্ভূক্ত আকৃতিবোৰক উপাকৃতি বোলা হয়। খণ্ডিতকৰণৰদ্বাৰা পোনতে ভাষাৰ আকৃতিবোৰ উলিয়াই লোৱা হয়। আকৃতিবোৰ উলিয়াই লোৱাৰ পিছত ধ্বনিগত আৰু অৰ্থগত সাদৃশ্য বিচাৰ কৰি এইবোৰক সামূহিক গোট কৰা হয়। এই গোটবোৰেই হ’ল— প্রাকৃতি। যেতিয়া আকৃতিবোৰ প্ৰাকৃতিক অন্তর্ভূক্ত হ’ল, তেতিয়া সেই আকৃতিবোৰ প্ৰাকৃতিটোৰ উপাকৃতি হিচাপে চিহ্নিত হয়। প্রাকৃতিৰ নিৰ্দিষ্ট পৰিৱেশগত বিচিত্ৰতাই উপাকৃতি উদাহৰণস্বৰূপে— ইংৰাজী ভাষাৰ books, glasses, boys — এই শব্দবোৰ বিশ্লেষণ কৰাত -s, -iz, -z এই তিনিটা আকৃতি পোৱা গ’ল। এইবোৰৰ প্ৰয়োগৰ স্থান নির্দিষ্ট। একে ঠাই বা পৰিৱেশত এটাৰহে উচ্চাৰণ হয়। অর্থাৎ এইবোৰ পৰিপূৰক প্রয়োগ হয়। যিটো আকৃতিৰ প্ৰয়োগৰ বিস্তৃতি অধিক সেই আকৃতিৰে প্ৰাকৃতিটো চিহ্নিত কৰা হয়। ওপৰৰ আকৃতি কেইটাৰ ভিতৰত -s ৰ এই গুণ আছে। s প্রাকৃতি নির্ণয় হোৱাৰ লগে লগে বাকীবোৰ s ৰ উপাকৃতিত পৰিণত হ’ল। অর্থাৎ s প্রাকৃতিৰ s, iz, z এই তিনিটা উপাকৃতি।
তাত্ত্বিকবাৱে প্রাকৃতিবোৰ বিমূর্ত। ভাষাত আচলতে উপাকৃতিবোৰহে ব্যৱহাৰ হয়। প্রাকৃতিৰ নিৰ্দিষ্ট ধ্বনিগত আকাৰ নাথাকিবও পাৰে, উপাকৃতিবোৰৰহে ধ্বনিগত আকাৰ আছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.