Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ Question Answer can be of great value to excel in the examination.
Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ
Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ Notes cover all the exercise questions in UGC Syllabus. The Bhakha Bigyanor Parichay Unit 3 ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
৬। অর্থতত্ত্ব কাক বোলে? ঐতিহাসিক আৰু বৰ্ণনাত্মক দৃষ্টিভঙ্গীৰে অৰ্থতত্ত্বৰ আলোচনা কেনেদৰে কৰা হয়, অসমীয়া ভাষাৰ উদাহৰণেৰে সৈতে বুজাই লিখা।
উত্তৰঃ অর্থতত্ত্ব ভাষাবিজ্ঞানৰ অধ্যয়নৰ এটা দিশ। অৰ্থৰ বিষয়ে য’ত অধ্যয়ন কৰা হয় সিয়েই অর্থতত্ত্ব। অর্থতত্ত্বৰ ইংৰাজী প্রতিশব্দ Semantics এই শব্দটো গ্ৰীক ভাষাৰপৰা আহিছে। গ্রীক ভাষাৰ বিশেষ্যৰূপে Sema ৰ অৰ্থ হৈছে Sign or signal (চিহ্ন বা সংকেত)। the shorter oxford dictionary য়ে Semantics শব্দৰ অর্থ ব্যাখ্যা কৰিছে এনেদৰে— চিনাক্তকৰণল লগত সম্বন্ধ অর্থাৎ অৰ্থৰ সম্পৰ্ক (As relating, to significance or meaning)।
মুঠ কথাত অর্থতত্ত্ব হৈছে ভাষাবিজ্ঞানৰ এটা দিশ যিটোৱে বক্তব্য আৰু বিষয়ৰ লগত সম্পৰ্ক গঢ়ি তুলি ধাৰণা জন্মায় অর্থাৎ অৰ্থৰ বোধ জন্মায়। ভাষাৰ লগত অর্থই চিহ্ন আৰু প্ৰতীকৰূপে কাম কৰে। বর্হিজগতৰ বস্তু, ক্ৰিয়া আৰু অৱস্থাৰ লগত ভাষাৰ সম্পর্ক স্থাপন কৰাই হৈছে অৰ্থৰ প্ৰধান কাম। অৰ্থৰ বিজ্ঞানসন্মত বিশ্লেষণেই হৈছে অর্থতত্ত্ব। অর্থতত্ত্বৰ আলোচনাত অৰ্থৰ চাৰিটা দিশ চালি-জাৰি চায় —
(ক) বাক্যৰ গঠন ঠিকমতে হৈছে নে নাই তাৰ ধাৰণা দিয়ে।
(খ) প্রত্যেক শব্দৰ অৰ্থ প্ৰণালীবদ্ধভাৱে দেখুৱাই দিয়ে।
(গ) শব্দৰ অৰ্থৰ গঠন কেনেকৈ হয় তাক দেখুৱাই দিয়ে আৰু বাক্যৰ লগত শব্দ আৰু অৰ্থৰ সহসম্বন্ধৰ ব্যাখ্যা দাঙি ধৰে।
(ঘ) ভাৱ বা বিষয়ৰ লগত ব্যাখ্যাৰ সংগতি স্থাপন হৈছে নে নাই অৰ্থতত্ত্বই বিচাৰ কৰে।
অর্থতত্ত্বৰ আলোচনা সাধাৰণতে দুই ধৰণৰ দৃষ্টিভংগীৰে হয়—
(ক) ঐতিহাসিক দৃষ্টিভংগী।
(খ) বর্ণনাত্মক দৃষ্টিভংগী।
(ক) ঐতিহাসিক দৃষ্টিভংগীঃ
ঐতিহাসিক দৃষ্টিকোণৰ অৰ্থতত্ত্বৰ আলোচনাত যুগৰ পৰিবৰ্তনৰ লগে লগে এটা ভাষাৰ শব্দৰ অৰ্থৰ কি পৰিবৰ্তন হয়, কেনেভাৱে হয় আৰু কি কাৰণত হয় সেইকথা বিশ্লেষণ কৰে। অর্থ পৰিবৰ্তনৰ ঐতিহাসিক আলোচনা অতি মনোগ্রাহী। শব্দৰ লগত অৰ্থৰ কোনো জন্মগত আৰু স্থিৰ সম্পৰ্ক নাই। মানুহে একোখন সমাজৰ সদস্য হিচাপে সকলোৰে সহযোগিতাত শুনা শব্দবোৰৰ একোটা অর্থ আৰোপ কৰে। সময়ৰ লগে লগে সেই অর্থ কেতিয়াবা সংকুচিত, কেতিয়াবা সম্প্ৰসাৰিত বা বিস্তাৰিত আৰু কেতিয়াবা সম্পূৰ্ণ পৰিবৰ্তিত হয়। সাধাৰণতে এই তিনিটা প্ৰক্ৰিয়া ধীৰে ধীৰে, কেইবা দশকৰ ভিতৰত, কেতিয়াবা কেইবা শতিকাৰ ভিতৰত বক্তা আৰু শ্ৰোতাৰ অজানিতে হয়। শব্দৰ অৰ্থৰ এনে দিশবোৰ বিশ্লেষণ কৰি চোৱাৰ সুবিধাৰ বাবে শব্দাৰ্থৰ পৰিবৰ্তনক তিনিটা ধাৰাত বিভক্ত কৰা হৈছে। ধাৰাকেইটা হ’ল—
(১) অৰ্থবিস্তাৰ।
(২) অর্থসংকোচ।
(৩) অর্থসংশ্লেষ।
(১) অর্থবিস্তাৰঃ
এসময়ত কিছুমান শব্দৰ অৰ্থৰ পৰিসৰ সীমিত আছিল। সময়ৰ গতিত শ্রোতাই জানি-শুনি বা নজনাকৈ কিছুমান শব্দৰ অৰ্থৰ সামান্য পৰিবৰ্তন ঘটাই অৰ্থৰ পৰিসৰ বহল কৰে। সীমিত অর্থ বুজোৱা শব্দই ব্যাপক অৰ্থ বুজাবলৈ ল’লে তাক অৰ্থবিস্তাৰ বুলি কোৱা হয়। পূৰ্বতে ‘কাঁহী’ শব্দই ‘কাঁহৰ পৰা নিৰ্মিত থাল’ বুজাইছিল; আজিকালি ই যিকোনো উপাদানেৰে নিৰ্মিত থালকে বুজায়। ‘মুখ’ শব্দই সাধাৰণতে জীৱনৰ মুখৰ কথাহে বুজোৱা হৈছিল। কিন্তু এই ‘মুখ’ শব্দৰ অৰ্থৰ পৰিসৰ বাঢ়ি নদীৰ মুখ, কলহৰ মুখ, আদিও বুজাবলৈ ধৰিলে। আনকি ঠাইৰ নামৰ ক্ষেত্ৰতো ‘মুখ’ শব্দটো ব্যৱহাৰ হ’বলৈ ধৰিলে। যেনে — দিচাংমুখ, জাঁজীমুখ, দিখৌমুখ ইত্যাদি। ‘ধুনীয়া’ শব্দই সৌসিদিনালৈকে কেৱল ‘দেখিবলৈ শুৱনি’ বুজাইছিল; যেনে— ধুনীয়া ছোৱালী, ধুনীয়া ঘৰ আদি। কিন্তু আজিকালি চাহো ধুনীয়া” হয় আৰু ‘খেলেও ধুনীয়া’। ‘মণি’ শব্দট মানুহে পিন্ধা এবিধ অলংকাৰ বিশেষক বুজায়; কিন্তু মণি শব্দৰ অৰ্থবিস্তাৰ ঘটি মণি-মুকুতা, চকুৰ মণি, মাছৰ মণি আদিকো বুজায়। মানুহৰ নামৰ ক্ষেত্ৰতো নয়নমণি, জোনমণি, সোণমণি আদিৰ ব্যৱহাৰ পোৱা যায়।
অর্থবিস্তাৰ যে কেৱল ঐতিহাসিক বিৱৰ্তনৰ অধ্যয়নৰ ক্ষেত্ৰতহে প্রযোজ্য তেনে নহয়। ভাষাৰ সমসাময়িক গতিবিধিৰ অধ্যয়নৰ ক্ষেত্ৰতো ই প্রযোজ্য। আমি নিতৌ ব্যৱহাৰ কৰা বহুত শব্দৰ আমি নজনাকৈয়ে অর্থবিস্তাৰ ঘটিছে। ‘চকু’ মানে ‘প্ৰাণীৰ দৃষ্টিশক্তিযুক্ত এক অংগ’ মাথোন কিন্তু ইয়াৰ অৰ্থবিস্তাৰ ঘটি ‘বাঁহৰ চকু’, ‘ফোঁহাৰ চকু’ হৈছে। ‘ভাত’ শব্দৰ অভিধানিক অর্থ ‘সিজোৱা চাউল’; কিন্তু ‘ভাত খালোঁ’ বুলি ক’লে ‘ভাত-দাইল- তৰকাৰী-ভাজি সমন্বিতে আহাৰ খোৱা’ক বুজায়। অর্থাৎ ‘ভাত’ শব্দৰ অৰ্থবিস্তাৰ হৈ ‘প্ৰধান আহাৰ’ হৈছে। প্ৰত্যেক ভাষাতে অর্থবিস্তাৰৰ অলেখ উদাহৰণ আছে।
(২) অর্থসংকোচঃ
অর্থবিস্তাৰৰ এক সম্পূর্ণ বিপৰীত এক প্রক্রিয়া হ’ল অর্থসংকোচ। বিভিন্ন কাৰণত বিভিন্ন পৰিস্থিতিত আমি কিছুমান শব্দ সীমিত অর্থত ব্যৱহাৰ কৰোঁ। ব্যাপক অৰ্থত ব্যৱহৃত শব্দ একোটা যেতিয়া সীমিত অৰ্থত ব্যৱহাৰ হয় তেতিয়াই তাক অর্থসংকোচ বোলে। গ্রীক ভাষাত Myth মানে গল্প, ইংৰাজীত ই বিশেষ এবিধ গল্পক বুজায়। ইংৰাজ Meat শব্দই আহাৰ বুজাইছিল, কিন্তু বর্তমান Meat শব্দই এবিধ বিশেষ আহাৰ ‘মাংস’ক বুজাবলৈ ল’লে। সংস্কৃত ভাষাত ‘মৃগ’ শব্দই সকলো জন্তুকে বুজাইছিল, কিন্তু অসমীয়াত ‘মৃগ’ শব্দই কেৱল হৰিণ’ক বুজায়। সংস্কৃতত ‘শকুন’ মানে চৰাই, ইয়াৰ অৰ্থসংকোচ হৈ অসমীয়াত কেৱল এবিধ বিশেষ চৰাইক বুজোৱা হ’ল। ‘স্বামী’ মানে সংস্কৃতত ‘গৰাকী’ আছিল। কিন্তু অসমীয়াত বৰ্তমান ‘স্বামী’ মানে হ’ল তিৰোতাৰ পুৰুষ জীৱনসংগী’। সংস্কৃতত ‘অন্ন’ শব্দৰ অৰ্থ হৈছে ‘খাদ্য’; কিন্তু অসমীয়া আৰু বাংলা ভাষাত ‘অন্ন’ মানে বিশিষ্ট খাদ্য কেৱল ‘ভাত’ক বুজায়।
তেনেদৰে অসমীয়া ‘দিন’ শব্দই ২৪ ঘণ্টাৰ সময়ছোৱাক বুজায়। ‘ল’ৰাটো দিনে দিনে ডাঙৰ হৈছে’— এই বাক্যটোত ‘দিনে দিনে’ বুলি কওঁতে ২৪ ঘণ্টাৰ সময়ছোৱাকে বুজাইছে; কিন্তু ‘ল’ৰাটোৱে দিনতে নেদেখে’ — এই বাক্যটোত মাত্র ১২ ঘণ্টাৰ সময়ছোৱাকহে বুজাইছে। ইয়াত ৰাতি সময়ছোৱাৰ কথা কোৱা নাই। ইয়ো অর্থসংকোচ।
(৩) অর্থসংশ্লেষঃ
সময়ৰ পৰিবৰ্তনৰ লগে লগে কিছুমান শব্দৰ অৰ্থৰ পৰিধি বিস্তৃত নহৈ বা সংকুচিত নহৈ আমূল পৰিবৰ্তন হয়। ইয়াক অর্থসংশ্লেষ বা অর্থসংক্ৰম বুলি কোৱা হয়। সময়ৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰো পৰিবৰ্তন হয়। সংস্কৃতিৰ পৰিবৰ্তনৰ ফলত ফূৰ্বতে ব্যবহৃত কিছুমান বস্তুৰ ব্যৱহাৰ নোহোৱা হয়, সেইবোৰ বস্তুব বিলুপ্তি ঘটে আৰু নতুন বস্তুৰ আমদানি হয়। সেয়ে বিলুপ্তি ঘটা বস্তুবোৰ নিৰ্দেশক শব্দবোৰৰো ব্যৱহাৰ হৈ পৰে। ফলত নতুন চাম ল’ৰা-ছোৱালীয়ে তেনে শব্দবোৰ ব্যৱহাৰ নকৰে। সংস্কৃতত ‘ধুৰন্ধৰ’ মানে আছিল ‘দক্ষ, পাকৈত, শ্রেষ্ঠ’; কিন্তু অর্থসংশ্লেষ হৈ অসমীয়াত ইয়াৰ অৰ্থ হ’লগৈ ‘বদমাছ, লম্পট, দুষ্ট’। সংস্কৃতত ‘মহাজন’ মানে ‘মহান পুৰুষ’, কিন্তু বৰ্তমান দোকানী, বেপাৰী, পুঁজিপতি লোককহে বুজাবলৈ ধৰিলে। ইংৰাজীত holiday মানে ‘পুণ্য তিথিৰ দিন’, আজিকালি হ’লগৈ ‘বন্ধ’। সংস্কৃতত ‘মন্দিৰ’ শব্দই ঘৰ, বাসস্থান, প্রাসাদ, নগৰ, চহৰ, দেৱালয় আদি বুজায়। কিন্তু অসমীয়াত ‘মন্দিৰ’ শব্দৰ অৰ্ধসংশ্লেষ ঘটি কেৱল দেৱ – দেৱীৰ উপাসনা কৰা ঘৰকহে বুজোৱা হ’ল।
কেৱল শব্দক কেন্দ্ৰ কৰিয়েই অৰ্থৰ পৰিবৰ্তন নহয়, বাক্যত ব্যৱহাৰ অনুযায়ী শব্দৰ অৰ্থৰ পৰিবৰ্তন ঘটে। অসমীয়া বাষাৰ জুতৱা খণ্ডবাক্যবোৰৰ শব্দৰ অৰ্থ পৰিবৰ্তন ঘটে। অসমীয়া ‘মুখ’ শব্দই শৰীৰৰ এটা অংগক বুজাইছে। কিন্তু যেতিয়া মুখ উজ্জ্বল কৰা, মুখ দিয়া, মুখ ক’লা পৰা, মুখ পাতি ধৰা, মুখ ফটা, মুখত ছাই পেলোৱা, মুখত সোপা দিয়া, মুখলৈ পানী অহা আদি ‘মুখ’ শব্দৰ যোগত উৎপন্ন হোৱা জতুৱা খণ্ডবাক্যবোৰৰ শব্দৰ অৰ্থ পৰিবৰ্তন ঘটিছে। এনে বহু উদাহৰণ অসমীয়া ভাষাত পোৱা যায়।
(খ) বর্ণনাত্মক দৃষ্টিভংগীঃ
বর্ণনাত্মক দৃষ্টিভংগীৰে কৰা অৰ্থতত্ত্বৰ আলোচনাত কোনো এটা ভাষাত উচ্চাৰিত শব্দই বিভিন্ন পৰিবেশত সৃষ্টি কৰিব পৰা অৰ্থৰ সম্পৰ্কে বিশ্লেষণ কৰা হয়। ইয়াত শব্দই কেনেকৈ অর্থ গ্রহণ কৰে অর্থাৎ শব্দ আৰু অৰ্থৰ সম্বন্ধ কি, শব্দৰ অৰ্থক্ষেত্ৰ কেনেভাৱে গঠিত হয়, শব্দৰ সহগামিতা বুলিলে কি বুজায়, শব্দৰ পৰিবেশে কেনেকৈ শব্দৰ অৰ্থ নিয়ন্ত্রিত কৰে, শব্দৰ অৰ্থ বিচাৰত প্রতিশব্দ, বহুধা অর্থ, বিপৰীতাৰ্থ আৰু আভ্যন্তৰীণ অৰ্থৰ স্থান কি, শব্দৰ জতুৱা প্ৰয়োগ আৰু শব্দৰ বিবিধ ব্যৱহাৰৰ যোগেদি কেনেকৈ প্ৰকৃত অৰ্থ উদ্ধাৰ কৰা হয় — আদি কথা পুংখানুপুংখভাৱে আলোচনা কৰা হয়।
বৰ্ণনাত্মক দৃষ্টিকোণৰ পৰা বিশেষকৈ শব্দৰ অৰ্থ গঠনৰ সম্পর্কে আলোচনা কৰা হয়। অর্থতত্ত্বৰ বিজ্ঞানসন্মত আলোচনাৰ গুৰি ধৰোঁতা Bierwisch Manfred এ শব্দৰ অৰ্থত প্ৰধানকৈ দুটা উপাদান নিহিত হৈ থকাৰ কথা উল্লেখ কৰিছে—
(১) অর্থগত উপাদান।
(২) সম্পর্কগত উপাদান।
(১) অর্থগত উপাদানঃ
শব্দ এটা শুনাৰ লগে লগে শ্ৰোতাৰ মনত এটা মানসিক প্রতিচ্ছবি ভাঁহি উঠে। এইটো শ্ৰোতাৰ পূৰ্বলব্ধ জ্ঞানৰ ওপৰত আধাৰিত। ভাষাত উচ্চাৰিত প্ৰতিটো শব্দৰ লগত সাংস্কৃতিক পৰম্পৰা আৰু সামাজিক আচাৰ-বিচাৰৰ কথা জড়িত হৈ থাকে, শ্ৰোতাৰ ইবিলাকৰ পূৰ্বলব্ধ জ্ঞান থাকে। নজনা ভাষা এটাৰ নজনা শব্দৰ এনে মানসিক প্রতিচ্ছবি জগাই তুলিব পৰা ক্ষমতা নাই। উড়িয়া ‘বড় ওষা’ বা ‘ৰজ’ শব্দ শুনিলে অসমীয়া মানুহৰ মনত একো প্রতিচ্ছবি ভাহি নুঠে; তেনেকৈ অসমীয়া ‘বিহু’ শব্দটো শুনিলে মাৰাঠী লোকৰ মনতো কোনো উন্মাদনাৰ সঞ্চাৰ নহয়। এই শব্দবোৰৰ লগত যি সাংস্কৃতিক পৰম্পৰা আৰু সামাজিক আচাৰ-বিচাৰৰ কথা জড়িত আছে সেই কথা সেই ভাষা-ভাষী লোকে শব্দবোৰ শুনা মাত্ৰকে উপলব্ধি কৰিব পাৰে।
অসমীয়া সমাজত ‘ফুল’ বুলি ক’লে শ্ৰোতাৰ মনত ফুলৰ প্ৰতিচ্ছবি মনলৈ আহিব। কিন্তু, বক্তা আৰু শ্ৰোতাৰ মনলৈ একোবধ ফুলৰ কথা নাহিবও পাৰে। বক্তাই ‘তগৰ ফুল’ৰ কথা ক’বলৈ ওলোৱা বুলিও ভাবিব পাৰে। অৱশ্যে ফুলৰ যে বিবিধ প্ৰকাৰ আছে, বিবিধ ৰং আছে, বিবিধ ফুলৰ গুণবোৰৰ কথা তৎকালেই তেওঁৰ মনলৈ আহিব। তেনেদৰে ‘ভণ্টি’ শব্দটো শুনাৰ লগে লগে কেইটামান কথা অসমীয়া মানুহৰ মনলৈ আহিব। এই মনলৈ অহা কথাসমূহেই হ’ল ‘ভণ্টি’ শব্দৰ অন্তর্নিহিত গুণ একাদিক্রমে ‘ভণ্টি’ শব্দৰ গুণসমূহ লিখি উলিয়ালে এনেধৰণৰ হ’ব—
১. প্রাণীবাচক, অপ্রাণীবাচক শিল, মাটি, পানী আদিক ভণ্টি নোবোলে।
২. যিকোনো প্রাণীবাচক নহয়, কেৱল মানুহবাচক; কুকুৰ-মেকুৰী, গৰু-ছাগলীক ভণ্টি বুলি নকয়।
৩. যিকোনো মানুহবাচক নহয়, কেৱল স্ত্রীবাচক।
৪. কেৱল স্ত্রীবাচক মাত্রেই ভণ্টি নহয়, কম বয়সীয়া ছোৱালী হ’ব লাগিব।
৫. বক্তাতকৈ বয়সত সৰু হ’ব লাগিব।
৬. কেতিয়াবা ‘ভণ্টি’ নাম হ’ব পাৰে। তেতিয়া ইয়াত ১ নং, ২ নং আৰু ৩ নং গুণ থাকে। ৪ নং আৰু ৫ নং গুণ নাথাকে।
শব্দত অন্তনিহিত থকা বা গুণসমূহলৈ মনত পেলাই বক্তাই শব্দবোৰ ব্যৱহাৰ কৰে আৰু শ্ৰোতাই তাৰ অৰ্থ হৃদয়ঙ্গম কৰে। পাহাৰ বগায়, চৰাই উৰে, পানীত হাঁহ চৰে, ল’ৰাবোৰে সাঁতোৰে, খৰি লুৰে, গঠত উঠে আদি বিশেষ্যপদৰ লগত সংযোগ হোৱা প্রত্যেকটো ক্রিয়াপদেই সুকীয়া। প্রত্যেকটোৱে শাৰীৰিক কার্যপ্রকাশক বিশিষ্ট গুণৰ অধিকাৰী হোৱা হেতুকে প্ৰত্যেকটোৰ ব্যৱহাৰ সুকীয়া সুকীয়া আৰু নিৰ্দিষ্ট গুণ সম্বলিত। বক্তা আৰু শ্ৰোতাৰ পূৰ্বধাৰণা থকাৰ বাবেই জ্ঞানৰ সহায়ত শব্দৰ অৰ্থবোধ জন্মে।
(২) সম্পর্কগত উপাদানঃ
ভাষাত ব্যৱহাৰ হোৱা প্ৰায়বোৰ শব্দৰ অৰ্থ পৰস্পৰ নিৰ্ভৰশীল। এটা শব্দৰ অৰ্থ জনাৰ লগে লগে সেই শব্দৰ লগত সম্পর্ক থকা আনবোৰ অৰ্থ জনাৰ আৱশ্যক। ‘মেজৰ’ শব্দৰ প্রকৃত অর্থ জানিবলৈ হ’লে এই ক্ষেত্ৰত অন্যান্য শব্দ ‘কেপ্টেইন’, ‘কৰ্ণেল’ আদিৰ অৰ্থ জানিব লাগিব। বক্তাই ‘ৰঙা’ শব্দটো উচ্চাৰণ কৰাৰ লগে লগে শ্ৰোতাৰ ‘ৰঙা ৰঙৰ প্ৰকৃত অৰ্থ জানিবলৈ হ’লে অন্যান্য ৰং বুজোৱা শব্দ বগা, নীলা, ৰঙা, সেউজীয়া, ক’লা, খয়েৰী, কমলা, সেন্দূৰীয়া, কলপতীয়া, হেঙুলীয়া আদি ৰং বুজোৱা শব্দবোৰৰ বিষয়েও জানিব লাগিব। এই শব্দবোৰৰ অন্তনির্হিত গুণ একে হোৱা বাবে সেইবোৰক একোটা অর্থগত ক্ষেত্ৰ বুলি ধৰা হয়। অর্থাৎ যিবোৰ শব্দৰ অৰ্থগত গুণসমূহ সদৃশ বা একে সেইবোৰ মিলি একোটা অথচ্ছ্রগত ক্ষেত্ৰ ৰচনা কৰে। চৰাই, ডেউকা, বতাহ, আকাশ, উৰণ আদি শব্দ একোখন অর্থগত ক্ষেত্ৰৰ অন্তৰ্গত।
শব্দৰ অৰ্থগত ক্ষেত্ৰৰ দৰে বিশেষ্য আৰু ক্ৰিয়াৰ মাজতো ক্ষেত্ৰৰ সম্বন্ধ থাকিব পাৰে। ‘মানুহ’ বিশেষ্য পদৰ লগত হাঁহে, কান্দে, কয়, ভাবে, দেখে, চায় আদি ক্রিয়া পদ ব্যৱহাৰ হয়। ‘ফুলা’ ক্রিয়াপদৰ লগত কৰ্তা হিচাপে ফুল, গছ আদিহে বহিব। তেনেদৰে ‘গৰজা’ ক্ৰিয়াৰ কৰ্তা হিচাপে মেঘ, সাগৰ, বাঘ, সিংহ আদি পদহে বহিব পাৰে। ‘গুণগুণনি’ৰ লগত মৌ মাখি, ভোমোৰা আদিৰহে সম্বন্ধ। অৱশ্যে শুন-নুশুনাকৈ গীত গালে মানুহৰ ক্ষেত্ৰতো ‘গুণগুণনি’ প্রযোজ্য হ’ব পাৰে। অর্থাৎ বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰ সিহঁতৰ কিছুমান অন্তনিহিত গুণৰ কাৰণে পৰস্পৰ সংপৃক্ত। সংপৃক্ত শব্দবোৰৰ এটা বুজিব বা পঢ়িব নোৱাৰিলেও তাৰ অৰ্থ লগত অন্যান্য সংপৃক্ত শব্দৰপৰা আহৰণ কৰিব পাৰি। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে শব্দৰ অৰ্থৰ গঠন কেতিয়াবা বাক্যৰ গঠনো নিয়ন্ত্ৰণ কৰে। অর্থতত্ত্বৰ আলোচনাই এই সকলোধৰণৰ সম্বন্ধৰ বিশ্লেষণকে সামৰি লয়।
বৰ্ণনাত্মক ভাষাবিজ্ঞানৰ দৃষ্টিভংগীৰে কৰা শব্দৰ অৰ্থবিচাৰত শব্দসমূহে পালন কৰা ভূমিকা অনুসৰি শব্দসমূহক বিভিন্ন ভাগত ভাগ কৰি বিচাৰ কাৰ হয়। যেনে— বিপৰীতার্থক শব্দ, সমাথক শব্দ, বহুধা অর্থজ্ঞাপক বা ভিন্নার্থক শব্দ আৰু অভ্যন্তৰাৰ্থক শব্দ ।
১. বিপৰীতার্থক শব্দঃ
অৰ্থতত্ত্ব বিচাৰৰ এটা দিশ হ’ল বিপৰীতাৰ্থ বিচাৰ। কোনো এটা শব্দৰ প্ৰকৃত অৰ্থ উদ্ঘাটন কৰিবলৈ হ’লে সেই শব্দৰ বিপৰীত অৰ্থৰ সহায় লোৱা হয়। সাধাৰণতে দ্ব্যর্থক শব্দবোৰৰ ক্ষেত্ৰত এনে হয়। যেনে ‘পাতল’ শব্দটোৱে ‘ঘন নহয়’ আৰু ‘গধুৰ নহয়’ এই দুটা অৰ্থ প্ৰকাশ কৰে। ই কেতিয়া কি অর্থ বুজায় সেই কথা স্পষ্ট কৰিবলৈ বিপৰীত অর্থবোধক শব্দটো ক’লেহে বুজি পোৱা যায়। এটা শব্দৰ অৰ্থবোধ জন্মাৰ লগে লগে সেই শব্দৰ লগত সম্পৰ্ক থকা অন্য কিছুমান শব্দলৈ মনত পেলাই দিয়ে। সেই শব্দবোৰ একে অৰ্থবোধকো হ’ব পাৰে। বিপৰীত অর্থ প্ৰকাশকো হ’ব পাৰে। ই মানুহৰ স্বাভাৱিক প্রবৃত্তি। সাধাৰণতে শব্দ সৃষ্টি কৰোঁতে বৈপৰীত্য ধাৰণা এটা লৈয়ে বহু শব্দ সৃষ্টি কৰা হয়।
কাৰণ বৈপৰীত্যৰ ধাৰণা মানুহৰ প্ৰকৃতিগত। মানুহে পার্থিব জগতৰ কিছুমানগুণ আৰু ধৰ্ম পৰস্পৰ বিৰোধী বুলি ধাৰণা কৰে। এই ধাৰণা সকলো ভাষা-ভাষী মানুহৰ মনতেই বৰ্তমান। কোনো ভাষাত ‘দীঘল’ বুজাবলৈ যদি কিবা শব্দ থাকে। ‘চুটি’ বুজাবলৈও কিবা শব্দ থাকিব। তেনেদৰে বৈপৰীত্যৰ শব্দৰ অৰ্থ বুজাব পাৰি। যেনে— সৰু-ডাঙৰ, খহটা-মিহি, ওখ-চাপৰ, ভাল-বেয়া, আন্ধাৰ- পোহৰ, গৰম-ঠাণ্ডা, ডাঠ-পাতল, গধূৰ-পাতল, ল’ৰা-ছোৱালী, পুৰুষ-মহিলা, মিঠা-তিতা, টেঙা-মিটা আদি। শব্দবোৰৰ অৰ্থ বৈপৰীত্য ধাৰণাৰ যোগেদি অর্থবোধ জন্মা সহজ।
২. সমার্থক শব্দঃ
দুটা বা ততোধিক শব্দৰ অন্তনিহিত গুণ বা ধর্মসমূহ যদি একে হয় আৰু ইটোৰ ঠাত সিটো সকলো ঠাইতে ব্যৱহাৰ কৰিব পাৰি, তেনেহ’লে সিহঁত পৰস্পৰে পৰস্পৰৰ প্রতিশব্দ বুলি বিবেচিত হয়। ওপৰে ওপৰে চালে সমার্থকবাচক যেন লগা বহুত শব্দ স্বৰূপাৰ্থত সমার্থবাচক নহয়। অসমীয়া ভাষাত ‘সকলো আৰু আটাই’, ‘নিয়া আৰু লোৱা’, ‘ধুনীয়া আৰু বিতোপন’, ‘তপত আৰু গৰম’, ‘চেঁচা আৰু ঠাণ্ডা’ আদি ওপৰে ওপৰে চালে সমার্থবাচক যেন লাগিলেও প্রকৃততে সমার্থবাচক নহয়। ‘সকলোৱে যাব’ৰ ঠাইত ‘আটায়ে যাব’ ব্যৱহাৰ কৰিব পাৰি; কিন্তু ‘সকলো ছাত্ৰ’ৰ ঠাইত ‘আটাই ছাত্ৰ’ ব্যৱহাৰ কৰিব নোৱাৰি।’ধুনীয়া’ আৰু ‘বিতোপন’ শব্দৰ ব্যৱহাৰত ‘বিতোপন বাগিছা’, ‘ধুনীয়া ছোৱালী’ বুলি ক’ব পাৰি; কিন্তু ‘ধুনীয়া বাগিছা’ আৰু ‘বিতোপন বাগিছা’ বুলি ব্যৱহাৰ কৰিব নোৱাৰি। তেনেদৰে, ‘আজি বৰ গৰম’, ‘পানীখিনি বৰ তপত’; ‘ঠাণ্ডা লাগিছে’, ‘বৰফখিনি বৰ চেঁচা’; ‘পুখুৰীটো বৰ দ’, সাগৰৰ তলিখন গভীৰ আদি ব্যৱহাৰ কৰিব পাৰি। কিন্তু ইহঁতৰ ইটোৰ ঠাইত সিটোৰ ব্যৱহাৰ কৰিব নোৱাৰি। ‘তপত’ শব্দটো ক্ৰিয়াৰূপে ব্যৱহাৰ কৰিব পাৰি।
যেনে ‘পানীখিনি তপতালো’, কিন্তু ‘পানীখিনি গৰমালো’ বুলি ক’লে ভুল হ’ব। কেতিয়াবা কিছুমান শব্দ ক্ষেত্রবিশেষে সমার্থকৰূপে ব্যৱহাৰ হ’ব পাৰে আৰু কেতিয়াবা নহ’বও পাৰে। যেনে— ‘মথুৰাৰ কন্যা কল্যাণী’ আৰু ‘মথুৰাৰ একমাত্ৰ ছোৱালী কল্যাণী’ একে সমার্থবাচক। ঠিক তেনেদৰে— ‘ছোৱালী মহাবিদ্যালয়’, ‘কন্যা মহাবিদ্যালয়’ একে সমার্থকবাচক; কিন্তু ‘মোৰ দুজনী ছোৱালী আছে,’ ‘কন্যাজনী বৰ ধুনীয়’, একে সমাৰ্থক নহয়। কাৰণ ইয়াত ‘কন্যা’ শব্দটোৱে নতুনকৈ বিয়া কৰাই অনা ছোৱালীজনীক বুজাইছে আৰু ‘ছোৱালী’ শব্দটোৱে ‘জীয়েক’ক বুজাইছে।
প্রত্যেক ভাষাত কিছুমান শব্দ আছে যিবোৰৰ অৰ্থ বিচাৰি তাৰ সমান্তৰাল অন্য শব্দৰ আশ্ৰয় ল’ব লগা হয়। যেনে— ‘ঘৰ’ বুলি ক’লে আমি মোটামুটি কিবা এটা অর্থ বুজো, কিন্তু ‘ঘৰ’ বুজোৱা একে সমার্থক শব্দ অর্থতত্ত্বৰ সহায়ত এনে সমার্থক শব্দবোৰৰ অৰ্থ সম্পর্কে বিতং ব্যাখ্যা আগবঢ়াব পাৰি।
৩. বহুধা অর্থজ্ঞাপক বা ভিন্নার্থক শব্দ
প্ৰতিটো শব্দৰ যে এটাহে মাত্ৰ অৰ্থ থাকিব পাৰে এনে নহয়। প্রত্যেক ভাষাতে এনে বহুত শব্দ আছে যাৰ অৰ্থ একাধিক। প্রত্যেক শব্দই আভিধানিভাৱে এটা স্বতন্ত্ৰ অৰ্থ প্ৰকাশ কৰে বুলি ধৰা হয় যদিও শব্দবোৰৰ মাজত বহু অর্থ নিহিত হৈ থাকে। মাতৃবাষাৰ লগত পৰিচয় থকাৰ বাবে বক্তাই কি প্ৰসংগত শব্দটো ব্যৱহাৰ কৰিছে শ্রোতাই পূৰ্বজ্ঞানৰ আধাৰত শব্দৰ উপযুক্ত অর্থ উদ্ধাৰ কৰি লয়। অসমীয়া বাষাত ‘পাত্ৰ’ শব্দৰ অৰ্থ ‘আধাৰ’। কিন্তু ‘পাত্ৰ আহিছে’, ‘পাত্ৰ বিচাৰিছে’, ‘পাত্ৰত আছে’— এই তিনিটা বাক্যত ‘পাত্ৰ’ শব্দই ক্ৰমে কোনো ব্যক্তিৰ নামবিশেষ, দৰা আৰু আধাৰ এই তিনিটা অর্থ সূচাইছে। তেনেদৰে ‘আই’ শব্দটোৱে কেতিয়াবা ‘জন্মদাতৃ মাতৃ’, কেতিয়াবা ‘কিন্যা বা কন্যাস্থানীয় লোক’ আৰু কেতিয়াবা ‘ব, ন্ত ৰোগ’ক বুজায়। শব্দই কেতিয়া কি অৰ্থ কৰে সেইটো তাৰ প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰে।
৪. অভ্যন্তৰাৰ্থক শব্দঃ
এটা শব্দৰ অৰ্থ যদি আন এটা শব্দৰ অৰ্থৰ পৰিধিৰ ভিতৰত সোমাই থাকে তেতিয়া প্ৰথমটো দ্বিতীয়টোৰ অভ্যন্তৰাৰ্থক বুলি কোৱা হয়। ‘সখী’ একে প্ৰাৰ বিশেষ বন্ধু; কিন্তু সকলো ‘বন্ধু’ সখী নহয়। ‘সখী’ ‘বন্ধু’ৰ অভ্যন্তৰাৰ্থ’। তেনেকৈ ‘কন্দা’ শব্দৰ মাজত ‘উচুপা’ আৰু ‘ফেকুৰা’ এই শব্দ দুটা সোমাই আছে। কিন্তু প্রত্যেকৰে গুণ বেলেগ বেলেগ। ‘খোৱা’ শব্দৰ মাজত ‘পি খোৱআ’, ‘চুপি খোৱা’, ‘চোবাই খোৱা’ আদি তিনিটা খোৱা কাৰ্যৰ গুণ অন্তনিহিত হৈ আছে।
কিছুমান শব্দৰ অৰ্থৰ পৰিসৰ বিশাল, আন একাধিক শব্দৰ অৰ্থ তাৰ ভিতৰত সোমাই থাকে। ‘মানুহ’ শব্দৰ মাজত ‘শিশু’, ‘কেঁচুৱা’, ‘ল’ৰা’, ‘ছোৱালী’, ‘মুনিহ’, ‘তিৰোতা’ ‘বুঢ়া’, বুঢ়ী’— এই সকলো শব্দ সোমাই আছে বা এই সকলো শব্দকে বুজোঁ। তেনেদৰে ‘উদ্ভিদ’ শব্দৰ অৰ্থৰ ভিতৰত ‘নেমুটেঙাকে ধৰি লাউ- কোমোৰা পৰ্যন্ত’ আৰু ‘বেঙেনাৰপৰা আঁহত গছলৈকে’ সকলো গছ-গছনি সোমাই আছে। ‘পদার্থ’ শব্দৰ ভিতৰত ‘গোটা’, ‘জুলীয়া’, ‘গেচ’— এই তিনিটা সোমাই আছে। ‘ৰং’ শব্দৰ ভিতৰত ৰঙা, নীলা, হালধীয়া, বেঙুনীয়া, সেউজীয়া, বগা, ক’লা— এই সাতটা বৰণ সোমাই আছে। এনেকৈ এটা অৰ্থৰ বিশাল পৰিসৰৰ ভিতৰত আন বহুতো অর্থ সোমাই থকা বিষয়টোৰ আলোচনাই হ’ল অভ্যন্তৰাৰ্থ বিচাৰ আৰু ই অর্থতত্ত্বৰ এক গুৰুত্বপূর্ণ অংশ।
৭। অৰ্থ পৰিৱৰ্তনৰ ত্ৰিধাৰা বুলিলে কি বুজা? প্ৰতিটো উদাহৰণসহ ব্যাখ্যা কৰা?
উত্তৰঃ ঐতিহাসিক দৃষ্টিকোণৰ অৰ্থতত্ত্বৰ আলোচনাত যুগৰ পৰিবৰ্তনৰ লগে লগে এটা ভাষাৰ শব্দৰ অৰ্থৰ কি পৰিবৰ্তন হয়, কেনেভাৱে হয় আৰু কি কাৰণত হয় সেইকথা বিশ্লেষণ কৰে। অৰ্থ পৰিবৰ্তনৰ ঐতিহাসিক আলোচনা অতি মনোগ্রাহী। শব্দৰ লগত অৰ্থৰ কোনো জন্মগত আৰু স্থিৰ সম্পর্ক নাই। মানুহে একোখন সমাজৰ সদস্য হিচাপে সকলোৰে সহযোগিতাত শুনা শব্দবোৰৰ একোটা অৰ্থ আৰোপ কৰে। সময়ৰ লগে লগে সেই অর্থ কেতিয়াবা সংকুচিত, কেতিয়াবা সম্প্ৰসাৰিত বা বিস্তাৰিত আৰু কেতিয়াবা সম্পূৰ্ণ পৰিবৰ্তিত হয়। সাধাৰণতে এই তিনিটা প্ৰক্ৰিয়া ধীৰে ধীৰে, কেইবা দশকৰ ভিতৰত, কেতিয়াবা কেইবা শতিকাৰ ভিতৰত বক্তা আৰু শ্ৰোতাৰ অজানিতে হয়। শব্দৰ অৰ্থৰ এনে দিশবোৰ বিশ্লেষণ কৰি চোৱাৰ সুবিধাৰ বাবে শব্দাৰ্থৰ পৰিবৰ্তনক তিনিটা ধাৰাত বিভক্ত কৰা হৈছে। ধাৰাকেইটা হ’ল—
(১) অর্থবিস্তাৰ।
(২) অর্থসংকোচ।
(৩) অর্থসংশ্লেষ।
(১) অর্থবিস্তাৰঃ
এসময়ত কিছুমান শব্দৰ অৰ্থৰ পৰিসৰ সীমিত আছিল। সময়ৰ গতিত শ্রোতাই জানি-শুনি বা নজনাকৈ কিছুমান শব্দৰ অৰ্থৰ সামান্য পৰিবৰ্তন ঘটাই অৰ্থৰ পৰিসৰ বহল কৰে। সীমিত অৰ্থ বুজোৱা শব্দই ব্যাপক অৰ্থ বুজাবলৈ ল’লে তাক অৰ্থবিস্তাৰ বুলি কোৱা হয়। পূৰ্বতে ‘কাঁহী’ শব্দই ‘কাঁহৰ পৰা নিৰ্মিত থাল’ বুজাইছিল; আজিকালি ই যিকোনো উপাদানেৰে নিৰ্মিত থালকে বুজায়। ‘মুখ’ শব্দই সাধাৰণতে জীৱনৰ মুখৰ কথাহে বুজোৱা হৈছিল। কিন্তু এই ‘মুখ’ শব্দৰ অৰ্থৰ পৰিসৰ বাঢ়ি নদীৰ মুখ, কলহৰ মুখ, আদিও বুজাবলৈ ধৰিলে। আনকি ঠাইৰ নামৰ ক্ষেত্ৰতো ‘মুখ’ শব্দটো ব্যৱহাৰ হ’বলৈ ধৰিলে। যেনে— দিচাংমুখ, জাঁজীমুখ, দিখৌমুখ ইত্যাদি। ‘ধুনীয়া’ শব্দই সৌসিদিনালৈকে কেৱল ‘দেখিবলৈ শুৱনি’ বুজাইছিল; যেনে— ধুনীয়া ছোৱালী, ধুনীয়া ঘৰ আদি। কিন্তু আজিকালি ‘চাহো ধুনীয়া’ হয় আৰু ‘খেলেও ধুনীয়া’। ‘মণি’ শব্দউ মানুহে পিন্ধা এবিধ অলংকাৰ বিশেষক বুজায়; কিন্তু মণি শব্দৰ অৰ্থবিস্তাৰ ঘটি মণি-মুকুতা, চকুৰ মণি, মাছৰ মণি আদিকো বুজায়। মানুহৰ নামৰ ক্ষেত্ৰতো নয়নমণি, জোনমণি, সোণমণি আদিৰ ব্যৱহাৰ পোৱা যায়।
অর্থবিস্তাৰ যে কেবল ঐতিহাসিক বিৱৰ্তনৰ অধ্যয়নৰ ক্ষেত্ৰতহে প্রযোজ্য তেনে নহয়। ভাষাৰ সমসাময়িক গতিবিধিৰ অধ্যয়নৰ ক্ষেত্ৰতো ই প্রযোজ্য। আমি নিতৌ ব্যৱহাৰ কৰা বহুত শব্দৰ আমি নজনাকৈয়ে অর্থবিস্তাৰ ঘটিছে। ‘চকু’ মানে ‘প্রাণীৰ দৃষ্টিশক্তিযুক্ত এক অংগ’ মাথোন কিন্তু ইয়াৰ অৰ্থবিস্তাৰ ঘটি ‘বাঁহৰ চকু’, ‘ফোঁহাৰ চকু’ হৈছে। ‘ভাত’ শব্দৰ অভিধানিক অর্থ ‘সিজোৱা চাউল’; কিন্তু ‘ভাত খালোঁ’ বুলি ক’লে ‘ভাত- দাইল- তৰকাৰী-ভাজি সমন্বিতে আহাৰ খোৱা’ক বুজায়। অর্থাৎ ‘ভাত’ শব্দৰ অৰ্থবিস্তাৰ হৈ ‘প্ৰধান আহাৰ’ হৈছে। প্ৰত্যেক ভাষাতে অর্থবিস্তাৰৰ অলেখ উদাহৰণ আছে।
(২) অর্থসংকোচঃ
অর্থবিস্তাৰৰ এক সম্পূর্ণ বিপৰীত এক প্রক্রিয়া হ’ল অর্থসংকোচ। বিভিন্ন কাৰণত বিভিন্ন পৰিস্থিতিত আমি কিছুমান শব্দ সীমিত অর্থত ব্যৱহাৰ কৰোঁ। ব্যাপক অৰ্থত ব্যবহৃত শব্দ একোটা যেতিয়া সীমিত অৰ্থত ব্যৱহাৰ হয় তেতিয়াই তাক অর্থসংকোচ বোলে। গ্রীক ভাষাত Myth মানে গল্প, ইংৰাজীত ই বিশেষ এবিধ গল্পক বুজায়। ইংৰাজ Meat শব্দই আহাৰ বুজাইছিল, কিন্তু বর্তমান Meat শব্দই এবিধ বিশেষ আহাৰ ‘মাংস’ক বুজাবলৈ ল’লে। সংস্কৃত ভাষাত ‘মৃগ’ শব্দই সকলো জন্তুকে বুজাইছিল, কিন্তু অসমীয়াত ‘মৃগ’ শব্দই কেৱল ‘হৰিণ ‘ক বুজায়। সংস্কৃতত ‘শকুন’ মানে চৰাই, ইয়াৰ অৰ্থসংকোচ হৈ অসমীয়াত কেৱল এবিধ বিশেষ চৰাইক বুজোৱা হ’ল। ‘স্বামী’ মানে সংস্কৃতত ‘গৰাকী আছিল। কিন্তু অসমীয়াত বৰ্তমান ‘স্বামী’ মানে হ’ল ‘তিৰোতাৰ পুৰুষ জীৱনসংগী’। সংস্কৃতত ‘অন্ন’ শব্দৰ অর্থ হৈছে ‘খাদ্য’; কিন্তু অসমীয়া আৰু বাংলা ভাষাত ‘অন্ন’ মানে বিশিষ্ট খাদ্য কেৱল ‘ভাত’ক বুজায়।
তেনেদৰে অসমীয়া ‘দিন’ শব্দই ২৪ ঘণ্টাৰ সময়ছোৱাক বুজায়। ‘ল’ৰাটো দিনে দিনে ডাঙৰ হৈছে’— এই বাক্যটোত ‘দিনে দিনে’ বুলি কওঁতে ২৪ ঘণ্টাৰ সময়ছোৱাকে বুজাইছে; কিন্তু ‘ল’ৰাটোৱে দিনতে নেদেখে’— এই বাক্যটোত মাত্র ১২ ঘণ্টাৰ সময়ছোৱাকহে বুজাইছে। ইয়াত ৰাতি সময়ছোৱাৰ কথা কোৱ নাই। ইয়ো অর্থসংকোচ।
(৩) অর্থসংশ্লেষঃ
সময়ৰ পৰিবৰ্তনৰ লগে লগে কিছুমান শব্দৰ অৰ্থৰ পৰিধি বিস্তৃত নহৈ বা সংকুচিত নহৈ আমূল পৰিবৰ্তন হয়। ইয়াৰ অর্থসংশ্লেষ বা অর্থসংক্ৰম বুলি কোৱা হয়। সময়ৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰো পৰিবৰ্তন হয়। সংস্কৃতিৰ পৰিবৰ্তনৰ ফলত ফূর্বতে ব্যৱহৃত কিছুমান বস্তুৰ ব্যৱহাৰ নোহোৱা হয়, সেইবোৰ বস্তুৰ বিলুপ্তি ঘটে আৰু নতুন বস্তুৰ আমদানি হয়। সেয়ে বিলুপ্তি ঘটা বস্তুবোৰ নিৰ্দেশক শব্দবোৰৰো ব্যৱহাৰ হৈ পৰে। ফলত নতুন চাম ল’ৰা-ছোৱালীয়ে তেনে শব্দবোৰ ব্যৱহাৰ নকৰে। সংস্কৃতত ‘ধুৰন্ধৰ’ মানে আছিল ‘দক্ষ, পাকৈত, শ্রেষ্ঠ’; কিন্তু অর্থসংশ্লেষ হৈ অসমীয়াত ইয়াৰ অৰ্থ হ’লগৈ ‘বদমাছ, লম্পট, দুষ্ট’। সংস্কৃতত ‘মহাজন’ মানে ‘মহান পুৰুষ’, কিন্তু বর্তমান দোকানী, বেপাৰী, পুঁজিপতি লোককহে বুজাবলৈ ধৰিলে। ইংৰাজীত holiday মানে ‘পুণ্য তিথিৰ দিন’, আজিকালি হ’লগৈ ‘বন্ধ’। সংস্কৃতত ‘মন্দিৰ’ শব্দই ঘৰ, বাসস্থান, প্রাসাদ, নগৰ, চহৰ, দেৱালয় আদি বুজায়। কিন্তু অসমীয়াত ‘মন্দিৰ’ শব্দৰ অৰ্থসংশ্লেষ ঘটি কেৱল দেৱ- দেৱীৰ উপাসনা কৰা ঘৰকহে বুজোৱা হ’ল।
কেৱল শব্দক কেন্দ্ৰ কৰিয়েই অৰ্থৰ পৰিবৰ্তন নহয়, বাক্যত ব্যৱহাৰ অনুযায়ী শব্দৰ অৰ্থৰ পৰিবৰ্তন ঘটে। অসমীয়া বাষাৰ জুতৱা খণ্ডবাক্যবোৰৰ শব্দৰ অৰ্থ পৰিবৰ্তন ঘটে। অসমীয়া ‘মুখ’ শব্দই শৰীৰৰ এটা অংগক বুজাইছে। কিন্তু যেতিয়া মুখ উজ্জ্বল কৰা, মুখ দিয়া, মুখ ক’লা পৰা, মুখ পাতি ধৰা, মুখ ফটা, মুখত ছাই পেলোৱা, মুখত সোপা দিয়া, মুখলৈ পানী অহা আদি ‘মুখ’ শব্দৰ যোগত উৎপন্ন হোৱা জতুৱা খণ্ডবাক্যবোৰৰ শব্দৰ অৰ্থ পৰিবৰ্তন ঘটিছে। এনে বহু উদাহৰণ অসমীয়া ভাষাত পোৱা যায়।
৮। চমু টোকা লিখা?
(ক) ধ্বন্যাত্মক ধ্বনিবিজ্ঞানঃ
উত্তৰঃ ধ্বনিবোৰ শুনাৰ পাছত সিবোৰৰ সংযোগত শ্রোতাই পূৰ্বজ্ঞানৰ আধাৰত অৰ্থ বুজি পায়। পূর্বজ্ঞান নাথাকিলে বা সঞ্চিত জ্ঞান নাথাকিলে শ্রোতাই ধ্বনিসংযোগত সৃষ্টি হোৱা কথাবোৰৰ অর্থ বুজি নাপায়। সেয়ে অচিনাকী ভাষা এটা শুনিলে শ্রোতাই একো অর্থ পাব নোৱাৰে। কাণেৰে শুনা বা নুশুনা কথাটো আকৌ মনোযোগৰ ওপৰতহে নিৰ্ভৰ কৰে। মনোযোগ নাথাকিলে শুনা নাযায়। উদাহৰণস্বৰূপে — আমি আনৰ লগত কথা-বতৰা পাতোতে কথাখিনিত মনোযোগ দিয়াৰ বাবে বক্তাৰ কথাখিনিহে শুনো। একে সময়তে আঁতৰৰপৰা আহি কাণত পৰা চৰাই- চিৰিকতিৰ মাত, গাড়ীৰ মাত আদি শুনা নাযায়। অর্থাৎ কর্ণকুহৰত ধ্বনি এটাই খুন্দা মৰাৰ পাছত স্নায়ুৰ মাধ্যমেদি বার্তাটি মগজুলৈ প্ৰেৰিত হয় আৰু তেতিয়াহে সঞ্চিত জ্ঞান থাকিলে অর্থ পোৱা যায় আৰু নাথাকিলে অর্থ পোৱা নাযায়।
গতিকে শুনা আৰু বুজাৰ মাজত আৰু এটা প্ৰক্ৰিয়া আছে। শ্ৰৱণতত্ত্বৰ লগত জড়িত ধ্বনিবিজ্ঞানৰ এই শাখাটোক ধ্বন্যাত্মক ধ্বনিবিজ্ঞান বা শ্রুতি ধ্বনিবিজ্ঞান বোলা হয়। ধ্বন্যাত্মক ধ্বনিবিজ্ঞানত বাগধ্বনিসমূহৰ ভৌতিক গুণ সম্পর্কে অধ্যয়ন কৰা হয়। উচ্চাৰিত বাধ্বনিসমূহে শ্রৱণকেন্দ্রত ঠেকা খাই মগজুত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, এই সম্পর্কে ধ্বন্যাত্মক ধ্বনিবিজ্ঞানত অধ্যয়ন কৰা হয়। ইয়াত ধ্বনিৰ বিভিন্ন গুণ সম্পর্কে অধ্যয়ন কৰোঁতে নানাবিধ যন্ত্ৰপাতিৰ সহায় লোৱা হয়। পেলেটোগ্রাফ, কাইমোগ্রাফ, স্পেক্টোগ্রাফ আদিৰ সহায়ত কোনো এটা ভাষাৰ সুৰ, দৈৰ্ঘ, অনুনাসিকতা, ঘোষত্ব আদিৰ সম্পৰ্কেও বৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনা কৰা হয়। ধ্বনিবিজ্ঞানৰ এই শাখাক প্রায়োগিক বা যান্ত্রিক ধ্বনিবিজ্ঞান আদি নামেৰেও অভিহিত কৰিব পাৰি।
(খ) শ্রৱণাত্মক ধ্বনিবিজ্ঞানঃ
উত্তৰঃ ধ্বনিবিজ্ঞানে বক্তা আৰু শ্ৰোতাৰ মাজত থকা বায়ুৰ অংশটোকো এৰি দিয়া নাই। শ্রবণাত্মক ধ্বনিবিজ্ঞানত বাগধ্বনিৰ শাৰীৰিক গুণ সম্পর্কে অধ্যয়ন কৰা হয়। বক্তাই ধ্বনি উচ্চাৰণ কৰোঁতে সন্মুখৰ বায়ুত কিছুমান তৰঙ্গৰ সৃষ্টি হয়। সেই তৰঙ্গবোৰেই গৈ কৰ্ণকুহৰত খুন্দা মাৰে আৰু তেতিয়া শ্রৱণকেন্দ্ৰ অর্থাৎ স্নায়ুকোষত উঠে আৰু ইয়াৰ পাছতে মগজুৱে সংবাদ গ্রহণ কৰে। বক্তাৰ মুখৰপৰা নিৰ্গত হোৱা ধ্বনিসমূহে বায়ুমণ্ডলৰ মাজেদি গৈ শ্ৰোতাৰ কৰ্ণকুহৰত স্পৰ্শ কৰাৰ পাছত সংবাদ গ্রহণলৈকে হোৱা ক্ৰিয়া আৰু প্রতিক্রিয়াই শ্ৰৱণাত্মক ধ্বনিবিজ্ঞানত যন্ত্ৰপাতিৰ সহায়ত গৱেষণাগাৰত বাগধ্বনিৰ কম্পন বিশ্লেষণ কৰে। শ্ৰৱণাত্মক ধ্বনিবিজ্ঞানৰ সূচনা হয় দ্বিতীয় মহাযুদ্ধৰ পাছৰপৰা। এই শাখাৰ ধ্বনিবিজ্ঞানে ধ্বনি অধ্যয়নৰ নির্ভুল আৰু সূক্ষ্মাতিসূক্ষ্ম বিৱৰণ দাঙি ধৰিব পাৰে বুলি ভৱা হয় যদিও ভাষাবিজ্ঞানীসকল বৰ আগ্ৰহী নহয়।
(গ) বর্ণবিজ্ঞানঃ
উত্তৰঃ ভাষাবিজ্ঞানৰ অন্তৰ্গত এটা অন্যতম ভাগ হ’ল বর্ণবিজ্ঞান। পৃথিৱীৰ ভাষাবিশেষত উচ্চাৰিত হোৱা ধ্বনিসমূহৰ প্ৰকৃতি আৰু প্ৰয়োগ বিশ্লেষণৰ এৰ প্ৰণালীবদ্ধ প্রক্রিয়াই হৈছে বর্ণবিজ্ঞান। বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত হোৱা ধ্বনিসমূহ প্রত্যেক ভাষাত বেলেগ বেলেগ ধৰণে প্ৰয়োগ হয়। অর্থাৎ উচ্চাৰিত সকলো ধ্বনিৰ প্ৰকৃতি আৰু প্ৰায়োগিক বৈশিষ্ট্য সুকীয়া। ইয়াৰে কিছুমান ধ্বনিৰ উচ্চাৰণ অতি স্পষ্ট। আনহাতে আকৌ কিছুমান ধ্বনিৰ অস্তিত্ব সেই ভাষা-ভাষী লোকসকলে উপলব্ধি কৰিব নোৱাৰে। ভাষাত উচ্চাৰিত স্পষ্ট আৰু সমগোত্রীয় ধ্বনিবিলাকৰ প্রয়োগ বিশ্লেষণ কৰি বৰ্ণ নিৰ্ণয় কৰা হয়।
কোনো ভাষা বিশেষত উচ্চাৰিত হোৱা ধ্বনিসমূহ বিভিন্ন পৰিৱেশত প্ৰতীপ আৰু প্ৰয়োগৰ দ্বাৰা বিশ্লেষিত হৈ বৰ্ণ, উপধ্বনি আদি নিৰ্ণয় কৰাৰ লগতে ভাষাটোৰ সামগ্ৰিক বৰ্ণতাত্ত্বিক আলোচনা য’ত কৰা হয় তাকে বর্ণবিজ্ঞান বোলে। বর্ণবিজ্ঞানৰ সহায়ত ধ্বনিৰ পৰিবেশ, প্রয়োগ, প্রকৃতি, গুণ ইত্যাদি বিচাৰ কৰি প্রণালীবদ্ধভাৱে বৰ্ণ আৰু উপধ্বনি নিৰ্ণয় কৰাৰ পাছত ভাষাবিশেষৰ বৰ্ণলিপিও নিৰ্ধাৰণ কৰা হয়। বৰ্ণৰ অন্তৰ্নিহিত হৈ থকা উপধ্বনিবোৰৰ ভিতৰত যিটো উপধ্বনিৰ বহুল ব্যৱহাৰ হয় সেই উপধ্বনিৰ চিহ্নকে বৰ্ণটোৰ লিপি হিচাপে লোৱা হয়।
(ঘ) ধ্বনিতত্ত্বঃ
উত্তৰঃ ভাষাবিজ্ঞানৰ এটা বিশেষ ভাগ হৈছে ধ্বনিতত্ত্ব। কোনো এটা ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ প্ৰণালীবদ্ধ আলোচনাই সেই ভাষাৰ ধ্বনিতত্ত্ব। ভাষা এটাৰ ধ্বনিবিজ্ঞান আৰু বর্ণবিজ্ঞানৰ সামগ্রিক আলোচনা য’ত থাকে সেয়াই ধ্বনিতত্ত্ব। ধ্বনিতত্ত্বত ধ্বনি কি? ধ্বনি কেনেকৈ, ক’ত উৎপত্তি হয়? কাণৰ সহায়ত ধ্বনিক কেনেকৈ গ্ৰহণ কৰা হয়? এটা ধ্বনিৰ লগত অন্য এটা ধ্বনিৰ উচ্চাৰণৰ পাৰ্থক্য কিয় আৰু কেনেকৈ হয়?— আদি দিশবোৰ আলোচনা কৰা হয়। বিশেষকৈ ভাষা বিশেষত উচ্চাৰিত ধ্বনিৰ উৎপাদন আৰু ধ্বনিৰ গুণ আৰু প্ৰকৃতি সম্পৰ্কেহে ইয়াত সূক্ষ্মভাৱে বিচাৰ কৰা হয়। ব্লুমফিল্ডৰ মতে বাগ্ধ্বনিৰ প্ৰণালীবদ্ধ আলোচনাই হৈছে ধ্বনিতত্ত্ব বা কাৰ্যকৰী ধ্বনিবিজ্ঞানৰ ধাৰা। ধ্বনিবিজ্ঞানী কে. এল পাইকৰ মতে ধ্বনিবিজ্ঞানে ভাষাৰ কেঁচা সামগ্ৰী গোটায় আৰু বর্ণবিজ্ঞানে এই সামগ্ৰীসমূহ ৰন্ধন কৰে। অর্থাৎ ধ্বনিতত্ত্বৰ আলোচনাত কোনো এটা ভাষাৰ ধ্বনিগত কেঁচা সামগ্ৰী গোটোৱাৰ পৰা বৰ্ণতাত্ত্বিক বিশ্লেষণলৈকে সমস্ত প্ৰক্ৰিয়াটো পোৱা যায়।
(ঙ) ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বৰ সম্পৰ্কঃ
উত্তৰঃ ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্ব— ভাষাবিজ্ঞানৰ এই দুয়োটা শাখাতে বাগধ্বনি সম্পর্কে বিজ্ঞানসম্মতবাৱে বিচাৰ- বিশ্লেষণ কৰা হয়। গতিকে ধ্বনিৰ অধ্যয়নৰ লগত থকা সম্পৰ্কৰ ফালৰপৰা দুয়োটাৰে মাজত দুয়োটাৰে মাজত পাৰস্পৰিক মিল থকা স্বাভাবিক। গৱেষক এজনে কোনো ভাষাৰ বাগধ্বনিৰ ধ্বনিতাত্ত্বিক বিশ্লেষণ কৰিবলৈ যাওঁতে তেওঁৰ ধ্বনিবিজ্ঞানৰ প্রাথমিক জ্ঞানৰ আৱশ্যক। যিহেতু ধ্বনিবিজ্ঞান বাগ্ ধ্বনি অধ্যয়নৰ প্ৰাথমিক দিশ। ইয়াত কেৱল পৃথিৱীৰ ভাষাসমূহত উচ্চাৰিত হোৱা বাগ্ ধ্বনিসমূহৰ সাধাৰণভাৱে চিনাক্ত কৰা হয়। কিন্তু বিশ্বৰ বেলেগ বেলেগ ভাষাত উচ্চাৰিত হোৱা ধ্বনিসমূহৰ উচ্চাৰণ আৰু প্ৰয়োগ বেলেগ।
ভাষা অনুসৰিও ধ্বনিৰ উচ্চাৰণৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। বৈশিষ্ট্যসম্পন্ন ভাষা বিশেষৰ ধ্বনি সম্পর্কে অধ্যয়ন কৰিবলৈ লওঁতে ধ্বনি অধ্যয়ন প্রণালী অর্থাৎ ধ্বনিতত্ত্বৰ আৱশ্যক। ধ্বনিবিজ্ঞানে ভাষাটোৰ প্রাথমিক সামগ্রী গোটাই দিয়ে, বর্ণবিজ্ঞানে ভাষা বিশেষত উচ্চাৰিত হোৱা ধ্বনিসমূহৰ ধ্বনিতত্ত্বৰ সহায়ত ধ্বনিৰ প্ৰকৃতি আৰু প্রায়োগিক বৈশিষ্ট্য নির্ণয় কৰি বৰ্ণ আৰু উপধ্বনি বিচাৰ কৰে অৰ্থাৎ ধ্বনিৰ বিশ্লেষণ আৰু প্ৰকৃতি বিচাৰ কৰে। ধ্বনি যেনেদৰে এটা ভাষাৰ মূল ভেঁটি, ধ্বনিবিজ্ঞানো ভাষাবিজ্ঞানৰ মূল ভেঁটি, ধ্বনিবিজ্ঞানে ভাষাটোৰ মূল ভেঁটি। ধ্বনিবিজ্ঞানে ধ্বনিতত্ত্বক প্রাথমিক সামগ্ৰীৰ যোগান ধৰে। ধ্বনিবিজ্ঞানত পৃথিৱীৰ ভাষাসমূহৰ ধ্বনিৰ উচ্চাৰণ, প্ৰকৃতি বা স্বৰূপ সম্পর্কে আভাস পোৱা যায় আৰু ধ্বনিতত্ত্বত কোনো এক বিশেষ ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ গুণ, প্রকৃতি সম্পর্কে জানিব পাৰি।
(চ) ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বৰ পাৰ্থক্যঃ
উত্তৰঃ ভাষাবিজ্ঞানত বাগধ্বনিৰ অধ্যয়নত ধ্বনিবিজ্ঞান, ধ্বনিতত্ত্বৰ ভূমিকা আছে যদিও প্রত্যেকৰ স্বকীয় বৈশিষ্ট্য অনুসৰি পাৰ্থক্য পৰিলক্ষিত হয়। যিহেতু ধ্বনিবিজ্ঞান হ’ল উচ্চাৰিত ধ্বনিৰ বিজ্ঞান। ইয়াত পৃথিৱীৰ সকলো ভাষাৰ ধ্বনিসমূহৰ উৎপাদন, উচ্চাৰিত ধ্বনিসমূহ বক্তাৰ মুখৰপৰা শ্ৰোতালৈ প্ৰেৰণ আৰু ধ্বনিসমূহৰ গ্ৰহণ সম্পর্কে সূক্ষ্মভাৱে আলোচনা কৰা হয়। এই আলোচনাত ধ্বনি প্রাথমিক আৰু সাধাৰণ আলোচনা কৰা হয়।
ধ্বনিতত্ত্বত কোনো এটা ভাষাত উচ্চাৰিত বাগ্ ধ্বনি আৰু ধ্বনিসমূহৰ পৰিবৰ্তন, বৰ্ণ আৰু উপধ্বনি সম্পর্কে সূক্ষ্মভাৱে আলোচনা কৰা হয়। যদি ধ্বনিবিজ্ঞানক এখন পৃথিৱী বুলি কোৱা হয়, তেনেহ’লে ধ্বনিতত্ত্বক এখন দেশ বুলি ক’ব লাগিব। কাৰণ ধ্বনিতত্ত্বই সমগ্ৰ পৃথিৱীৰ বাগ্ধ্বনিৰ অধ্যয়ন কৰে আনহাতে ধ্বনিতত্ত্বই কোনো এটা ভাষাৰহে অধ্যয়ন কৰে।
ধ্বনিতত্ত্ব আৰু ধ্বনিবিজ্ঞানৰ পাৰ্থক্য সম্পৰ্কে জনচ্ লিয়নচে কৈছে যে ধ্বনি বিজ্ঞানত উচ্চাৰিত ধ্বনিসমূহৰ ক্ৰমবদ্ধ বৈপৰীত্য আৰু সহবদ্ধ সংযোগ স্বাধীনভাৱে বিচাৰ বিবেচনা কৰা হয়, আনহাতে ধ্বনিতত্ত্বত ভাষাবিজ্ঞানীয়ে এটা বিশেষ ভাষাৰ ধ্বনি সম্পৰ্কেহে বর্ণনা কৰে। ধ্বনিতত্ত্বৰ বিষয় হৈছে— ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ সাধাৰণ ধ্বনি প্ৰণালীৰ বিষয়ে আলোচনা কৰা। ধ্বনিবিজ্ঞানৰ পৰা ধ্বনিতত্ত্বই নির্বাচিত কিছুমান ধ্বনি সামগ্ৰী লৈ কোনো বিশেষ ভাষাৰ অধ্যয়ন চলায়। সাধাৰণতে পৃথিৱীৰ বিভিন্ন ভাষাত বাগিন্দ্ৰিয়ৰ সহায়ত মানুহে ভিন্ন ধৰণৰ বাগধ্বনি উচ্চাৰণ কৰা দেখা যায়। কিন্তু বিশেষ ভাষিকগোষ্ঠীয়ে ব্যৱহাৰ কৰা বিশেষ ভাষাত উচ্চাৰণ হোৱা ধ্বনিৰ সংখ্যা সীমাবদ্ধ। প্রত্যেক ভাষাত উচ্চাৰিত হোৱা বাগ্ধ্বনিৰ উচ্চাৰণৰ প্ৰকৃতি আৰু গুণ বিশেষত্বপূর্ণ। মুঠতে ধ্বনিতত্ত্বত ধ্বনিৰ নিৰ্বাচন আৰু এই ধ্বনিসমূহৰ প্ৰয়োগ বিশ্লেষণেই অধ্যয়নৰ মূল বিষয়।
ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বৰ পাৰ্থক্য সম্পৰ্কে ৰবিন্সে কৈছে যে ধ্বনিবিজ্ঞান আৰু ধ্বনিতত্ত্বত ধ্বনিৰ উচ্চাৰণ সম্পৰ্কে আলোচনা কৰা হয় যদিও দুয়োটাৰে দৃষ্টিভংগী সুকীয়া। ধ্বনিবিজ্ঞান হৈছে, সাধাৰণকৃত, বর্ণনামূলক আৰু বৰ্গীকৃত। আনহাতে ধ্বনিতত্ত্ব হৈছে, নিৰ্দিষ্ট আৰু কাৰ্যকৰী। কাৰণ ধ্বনিতত্ত্বই কোনো এটা বিশেষ ভাষাৰ উচ্চাৰিত বাগধ্বনিৰ প্রায়োগিক দিশ সম্পর্কে আলোচনা আগবঢ়ায়। চমুকৈ ক’বলৈ হ’লে ধ্বনিতত্ত্ব হ’ল কাৰ্যকৰী ধ্বনিবিজ্ঞান।
ধ্বনিবিজ্ঞানত বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত সকলো ধ্বনিকেই গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। ইয়াত বাগিন্দ্ৰিয়সমূহৰ বিষয়েও আলোচনা কৰা হয়। কিন্তু বর্ণবিজ্ঞান আৰু ধ্বনিতত্ত্বত ভাষাবিশেষত উচ্চাৰিত সকলো ধ্বনিকে গুৰুত্বপূৰ্ণ বুলি ধৰা নহয়। যিবোৰ ধ্বনি অর্থভেদক সেই ধ্বনিবোৰকহে বিশিষ্ট ধ্বনি বা বর্ণ হিচাপে চিনাক্ত কৰি ধ্বনিৰ প্ৰকৃতি, গুণ আৰু প্ৰয়োগ বিশ্লেষণ কৰা হয়। ইয়াত বাগিন্দ্ৰিয় সম্পর্কে কোনো আলোচনা কৰা নহয়।
ধ্বনিবিজ্ঞানে ভাষাৰ প্ৰাথমিক-সামগ্ৰী গোটাই দিয়াৰ পাছত ধ্বনিতত্ত্বৰ সহায়ত ধ্বনিসামগ্ৰীক ভাষাবিজ্ঞানৰ অধ্যয়ন প্ৰণালীৰ সূত্ৰ খটুৱাই ধ্বনিৰ উচ্চাৰণৰ প্ৰকৃতি অনুসৰি শ্ৰেণীবিভাগ কৰে আৰু বর্ণবিজ্ঞানে ধ্বনিবোৰৰ পৰিৱেশজনিত প্ৰয়োগ বিশ্লেষণৰ দ্বাৰা বৰ্ণ আৰু উপধ্বনি নির্ণয় কৰে। কে. এল. পাইকৰ ভাষাত— ধ্বনিবিজ্ঞানে ভাষাৰ কেঁচামাল গোটায়, বর্ণবিজ্ঞানে এই মালবোৰকে লৈ চালি-জাৰি ৰন্ধন কৰে।
(ছ) উচ্চাৰণকৰণ ওঁঠ আৰু জিভাঃ
উত্তৰঃ বাগিন্দ্ৰিয় অন্তর্গত অংগবিলাকৰ ভিতৰত ওঁঠদুটা আৰু জিভাখন সহজতে সঞ্চালন কৰিব পাৰি। সেয়েহে এই অংগকেইটাক উচ্চাৰণকৰণ বোলা হৈছে। বাগ্ ধ্বনিৰ উৎপাদনত দুয়োটা ওঁঠেই ব্যৱহাৰ হয়। ওঁঠ দুটাৰ ভিতৰত বিশেষকৈ তলৰ ওঁঠটো বেছি সঞ্চালনক্ষম। দুয়োটা ওঁঠেৰে উচ্চাৰণ কৰা ধ্বনিত দ্বৌষ্ঠ বা ঔদ্ধ্য ধ্বনি বোলে। অসমীয়া ভাষাৰ প, ফ, ব, ভ, ম ইত্যাদি দ্বৌষ্ঠ ধ্বনি।
বাগিন্দ্ৰিয়ৰ অন্যতম অংগ জিভাখনক ধ্বনিবিজ্ঞানত উচ্চাৰণ কৰণ বুলি কোৱা হয়। কাৰণ ধ্বনিৰ উচ্চাৰণৰ সময়ত জিভাখন অধিক সঞ্চালনক্ষম হৈ থাকে। দীঘলীয়া আকৃতিৰ জিভাখনক পথালিকৈ তিনিটা ভাগ কৰা হৈছে। জিভাখনৰ সন্মুখৰ ভাগটোক আগজিভা বা জিহ্বাপ্রান্ত, পাছৰ ফালটোক পাছজিভা বা জিহ্বামূল আৰু দুয়োটা অংশৰ মাজৰ অংশটোক মাজজিভা বা কেন্দ্র বোলে। আগজিভাখনক দীঘলে দীঘলে মাজেদি দুভাগ কৰি দুয়োটা ভাগকে জিহ্বাদল বা জিভাদল বুলি কোৱা হয়। অন্যহাতেদি জিভাখনৰ একেবাৰে আগৰ অংশটোক, জিহ্বাগ্র বা জিভাৰ আগ বোলা হয়। ধ্বনিৰ উচ্চাৰণত সমগ্ৰ জিভাখনৰে সক্রিয় ভূমিকা আছে।
পৃথিৱীৰ সকলো ভাষাতে জিভাৰে উচ্চাৰণ কৰা ধ্বনিয়েই বেছি। জিভাৰ আগ, আগজিভা আৰু পাছজিভা ওপৰলৈ দাঙ খাই উচ্চাৰণ স্থান তালুকাৰ বিভিন্ন স্থানত স্পৰ্শ কৰি, কেতিয়াবা স্পৰ্শ নকৰাকৈ হাওঁফাওঁৰ পৰা নিৰ্গত বায়ুপ্রবাহক বাধা দি ধ্বনি উচ্চাৰণ কৰা হয়। উচ্চাৰণকৰণ জিতাই উচ্চাৰণৰ স্থান তালুকাত স্পৰ্শ কৰি যিবিলাক ধ্বনি উচ্চাৰণ কৰা হয় সেই ধ্বনিবোৰক স্পর্শ ধ্বনি বোলে। স্পর্শ ধ্বনিবিলাক উচ্চাৰণ কৰোঁতে জিভাখনে কেতিয়াবা দাঁতৰ আগভাগত, দাঁতৰ মূলত আৰু কেতিয়াবা কোমল তালু বা কঠিন তালুত স্পৰ্শ কৰে। কেতিয়াবা আকৌ জিভাখনে তালুকাত স্পৰ্শ নকৰি দুয়োপাৰি দাঁতৰ মাজত জিহ্বাগ্র উলিয়াই দিও কিছুমান ধ্বনি উচ্চাৰণ কৰা হয়। তেনেকৈ উচ্চাৰণ কৰা ধ্বনিক আর্ন্তদন্ত্য ধ্বনি বোলে। ধ্বনিৰ উচ্চাৰণত জিভাৰ আগ, জিভাৰ মাজভাগ আৰু জিভাৰ পাছঅংশ উঠা-নমা কৰে। সাধাৰণতে স্বৰধ্বনিবোৰ উচ্চাৰণ কৰোঁতে এনে হোৱা দেখা যায়। জিভাৰ অৱস্থান অনুযায়ী স্বৰধ্বনিবোৰক প্ৰান্তীয়, কেন্দ্ৰীয় আৰু মূলীয় তিনিটা ভাগত ভাগ কৰা হয়। ধ্বনিৰ উচ্চাৰণত জিভাদলৰ ভূমিকাও গুৰুত্বপূৰ্ণ। কোনো ধ্বনিৰ উচ্চাৰণত আগজিভাৰ দাঁতিত থকা জিহ্বাদল দুটা চেপেটা হৈ নেথাকি গোটা হয়। এনে অৱস্থাত হাওঁফাওঁৰ পৰা বাহিৰ হৈ অহা বায়ুপ্রবাহ জিভাৰ কাষেদি বাহিৰলৈ ওলাই যায়। পার্শ্বধ্বনি উচ্চাৰণত জিভাৰ অৱস্থান এনে হয়। উদাহৰণ স্বৰূপে অসমীয়া ভাষাৰ ‘ল’ ধ্বনিৰ উচ্চাৰণ পার্শ্বিক। কোনো কোনো ধ্বনিৰ উচ্চাৰণত জিভাদল দুয়োফাল ওপৰলৈ দাংখাই ওপৰৰ দাঁতৰ আলুত লাগি ধৰে। এনে অৱস্থাত জিভাৰ মাজখন অলপ তললৈ নামি যায় আৰু বৰ্হিগামী বায়ুপ্রবাহ সেই সংকীর্ণ পথেৰে ঘঁহনি খাই ওলাই আহে। এনে স্থলত উষ্ম ধ্বনিবিলাক উচ্চাৰিত হয়।
(জ) উচ্চাৰণস্থানঃ তালুকা
উত্তৰঃ মুখবিবৰৰ ভিতৰৰ ওপৰৰ পাৰি দাঁতৰ আগৰ পৰা পাছফালে তললৈ আলজিভাৰ আগলৈকে ওলমি থকা অংশটোৱেই তালুকা। তালুকা স্থিৰ, ধ্বনিৰ উচ্চাৰণত ই সঞ্চালিত নহয় কাৰণে তালুকাক উচ্চাৰণস্থান বুলি কোৱা হৈছে। মাত্ৰ স্থিৰ তালুকাখনৰ বিভিন্ন অংশত জিভাৰ সহায়ত ধ্বনি উচ্চাৰিত হয়। জিভাৰ আগভাগে দাঁতত স্পৰ্শ কৰি উচ্চাৰণ হোৱা ধ্বনিক দন্ত্যধ্বনি আৰু তলৰ ওঁঠটোৰে ওপৰৰ পাৰি দাঁতৰ আগভাগত স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা নিৰ্গত বায়ু প্রবাহক বাধা দি উচ্চাৰণ কৰা ধ্বনিক দন্তৌষ্ঠ্য ধ্বনি বোলে। অসমীয়া ভাষাত দন্ত্য আৰু দন্তৌষ্ঠ্য ধ্বনিৰ উচ্চাৰণ পোৱা নাযায়। আনহাতে জিভাৰ আগভাগে দাঁতৰ মূল বা দন্তমূলত স্পৰ্শ কৰি উচ্চাৰিত হোৱা ধ্বনিক দন্তমূলীয় ধ্বনি বোলে। অসমীয়া বাষাৰ ত, থ, দ, ধ, ন ইত্যাদিৰ উচ্চাৰণ দন্ত্যমূলীয়। দাঁতৰ মূলৰ পাছৰ অংশটো অলপ বেঁকা ভাঁজলাগি ভিতৰলৈ সোমোৱা। তালুকাখনৰ এই অংশই হ’ল আগতালু বা মূৰ্দ্ধণ্য। আগতালুত জিভাৰ আগেৰে স্পৰ্শ কৰি যি ধ্বনি উচ্চাৰণ কৰা হয় সেইবোৰক মূৰ্দ্ধন্য ধ্বনি বোলে। আগতালুৰ পিছৰ অংশক কঠিনতালু বা তালু বোলে। জিভাৰ আগে ভাগে কঠিন তালুত স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা নিৰ্গত হোৱা বায়ুপ্রবাহক বাধা দি উচ্চাৰিত হোৱা ধ্বনিক তালব্য ধ্বনি বোলে। সংস্কৃত, বঙালী আদি ভাষাৰ শ, য় আদি তালব্য ধ্বনি। কঠিন তালুৰ পাছৰ তালুকাখন কোমল আৰু তললৈ ঘোৰ খোৱা। আলজিভাৰ ওপৰৰ এই কোমল অংশই হ’ল কোমলতালু বা পাছ তালু ৷ পাছতালুৰ একেবাৰে মূৰৰ ওলমি থকা ভাগক আলজিভা বোলে। জিভাৰ মূল বা জিহ্বামূল ওপৰলৈ উঠি পাছতালু আৰু আলজিভাত ধ্বনি উচ্চাৰণ কৰা হয়। ইয়াৰ কোমলতালুত উচ্চাৰিত ধ্বনিক পশ্চতালব্য ধ্বনি বোলে। অসমীয়া ভাষাৰ ক, খ, গ, ঘ ইত্যাদি পশ্চতালব্য ধ্বনি আৰু আৰবী ভাষাৰ ক-বর্গ ধ্বনিৰ উচ্চাৰণ আলজিহবীয়।
(ঝ) নাসিকাবিবৰঃ
উত্তৰঃ নাসিকাবিবৰ হৈছে মানুহে উশাহ লওঁতে ব্যৱহাৰ হোৱা নাকৰ বিন্ধা দুটা। ধ্বনি উচ্চাৰণৰ সময়তে হাওঁফাওঁৰ পৰা নিৰ্গত হৈ অহা বায়ুপ্রবাহৰ একাংশ মুখবিবৰেদি আৰু একাংশ নাসিকাবিবৰেদি বাহিৰলৈ ওলাই আহে। এনেদৰে উচ্চাৰিত হোৱা ধ্বনিবোৰক নাসিক্যধ্বনি বোলে। উদাহৰণস্বৰূপে সংস্কৃত ভাষাৰ ম, ন, ণ, ঙ, ঞ আৰু অসমীয়া ভাষা ম, ন, ও নাসিক্য ধ্বনি পোৱা যায়। নাসিকাবিবৰ মাত্ৰ দুটা বিবাহে, ইয়াৰ ভিতৰত কোনো সঞ্চালিত অংগ নাই। বায়ুৰ সোংত কেতিয়াবা নাকেৰে ওলাই নগ’লেও, নাসিকাবিবৰত ইয়াৰ কেৱল প্ৰবেশ আৰু ৰোধৰ দ্বাৰাও নাসিক্য নাদৰ সৃষ্টি কৰিব পাৰি। উল্লেখযোগ্য যে অসমীয়া ভাষাৰ অনুনাসিক উপাহিত ধ্বনি চন্দ্ৰবিন্দুৰ উচ্চাৰণ নাসিকাবিবৰতে হয়।
(ঞ) অর্থতত্ত্বৰ ঐতিহাসিক দৃষ্টিভংগীঃ
উত্তৰঃ ঐতিহাসিক দৃষ্টিকোণৰ অৰ্থতত্ত্বৰ আলোচনাত যুগৰ পৰিবৰ্তনৰ লগে লগে এটা ভাষাৰ শব্দৰ অৰ্থৰ কি পৰিবৰ্তন হয়, কেনেভাৱে হয় আৰু কি কাৰণত হয় সেইকথা বিশ্লেষণ কৰে। অৰ্থ পৰিবৰ্তনৰ ঐতিহাসিক আলোচনা অতি মনোগ্রাহী। শব্দৰ লগত অৰ্থৰ কোনো জন্মগত আৰু স্থিৰ সম্পৰ্ক নাই। মানুহে একোখন সমাজৰ সদস্য হিচাপে সকলোৰে সহযোগিতাত শুনা শব্দবোৰৰ একোটা অৰ্থ আৰোপ কৰে। সময়ৰ লগে লগে সেই অর্থ কেতিয়াবা সংকুচিত, কেতিয়াবা সম্প্ৰসাৰিত বা বিস্তাৰিত আৰু কেতিয়াবা সম্পূৰ্ণ পৰিবৰ্তিত হয়। সাধাৰণতে এই তিনিটা প্ৰক্ৰিয়া ধীৰে ধীৰে, কেইবা দশকৰ ভিতৰত, কেতিয়াবা কেইবা
শতিকাৰ ভিতৰত বক্তা আৰু শ্ৰোতাৰ অজানিতে হয়। শব্দৰ অৰ্থৰ এনে দিশবোৰ বিশ্লেষণ কৰি চোৱাৰ সুবিধাৰ বাবে শব্দাৰ্থৰ পৰিবৰ্তনক তিনিটা ধাৰাত বিভক্ত কৰা হৈছে। ধাৰাকেইটা হ’ল —
(১) অৰ্থবিস্তাৰ।
(২) অর্থসংকোচ।
(৩) অর্থসংশ্লেষ।
(১) অৰ্থবিস্তাৰঃ
এসময়ত কিছুমান শব্দৰ অৰ্থৰ পৰিসৰ সীমিত আছিল। সময়ৰ গতিত শ্রোতাই জানি-শুনি বা নজনাকৈ কিছুমান শব্দৰ অৰ্থৰ সামান্য পৰিবৰ্তন ঘটাই অৰ্থৰ পৰিসৰ বহল কৰে। সীমিত অর্থ বুজোৱা শব্দই ব্যাপক অর্থ বুজাবলৈ ল’লে তাক অর্থবিস্তাৰ বুলি কোৱা হয়। পূৰ্বতে ‘কাঁহী’ শব্দই কাঁহৰ পৰা নিৰ্মিত থাল’ বুজাইছিল; আজিকালি ই যিকোনো উপাদানেৰে নির্মিত থালকে বুজায়। ‘মুখ’ শব্দই সাধাৰণতে জীৱনৰ মুখৰ কথাহে বুজোৱা হৈছিল। কিন্তু এই ‘মুখ’ শব্দৰ অৰ্থৰ পৰিসৰ বাঢ়ি নদীৰ মুখ, কলহৰ মুখ, আদিও বুজাবলৈ ধৰিলে। আনকি ঠাইৰ নামৰ ক্ষেত্ৰতো ‘মুখ’ শব্দটো ব্যৱহাৰ হ’বলৈ ধৰিলে। যেনে— দিচাংমুখ, জাঁজীমুখ, দিখৌমুখ ইত্যাদি। ‘ধুনীয়া’ শব্দই সৌসিদিনালৈকে কেৱল ‘দেখিবলৈ শুৱনি’ বুজাইছিল; যেনে— ধুনীয়া ছোৱালী, ধুনীয়া ঘৰ আদি। কিন্তু আজিকালি ‘চাহো ধুনীয়া’ হয় আৰু ‘খেলেও ধুনীয়া’। ‘মণি’ শব্দউ মানুহে পিন্ধা এবিধ অলংকাৰ বিশেষক বুজায়; কিন্তু মণি শব্দৰ অৰ্থবিস্তাৰ ঘটি মণি-মুকুতা, চকুৰ মণি, মাছৰ মণি আদিকো বুজায়। মানুহৰ নামৰ ক্ষেত্ৰতো নয়নমণি, জোনমণি, সোণমণি আদিৰ ব্যৱহাৰ পোৱা যায়।
অর্থবিস্তাৰ যে কেৱল ঐতিহাসিক বিৱৰ্তনৰ অধ্যয়নৰ ক্ষেত্ৰতহে প্রযোজ্য তেনে নহয়। ভাষাৰ সমসাময়িক গতিবিধিৰ অধ্যয়নৰ ক্ষেত্ৰতো ই প্রযোজ্য। আমি নিতৌ ব্যৱহাৰ কৰা বহুত শব্দৰ আমি নজনাকৈয়ে অর্থবিস্তাৰ ঘটিছে। ‘চকু’ মানে ‘প্ৰাণীৰ দৃষ্টিশক্তিযুক্ত এক অংগ’ মাথোন কিন্তু ইয়াৰ অৰ্থবিস্তাৰ ঘটি ‘বাঁহৰ চকু’, ‘ফোঁহাৰ চকু’ হৈছে। ‘ভাত’ শব্দৰ অভিধানিক অর্থ ‘সিজোৱা চাউল’; কিন্তু ‘ভাত খালোঁ’ বুলি ক’লে ‘ভাত-দাইল- তৰকাৰী-ভাজি সমন্বিতে আহাৰ খোৱা’ক বুজায়। অর্থাৎ ‘ভাত’ শব্দৰ অৰ্থবিস্তাৰ হৈ ‘প্ৰধান আহাৰ’ হৈছে। প্রত্যেক ভাষাতে অর্থবিস্তাৰৰ অলেখ উদাহৰণ আছে।
(২) অর্থসংকোচঃ
অর্থবিস্তাৰৰ এক সম্পূর্ণ বিপৰীত এক প্রক্রিয়া হ’ল অর্থসংকোচ। বিভিন্ন কাৰণত বিভিন্ন পৰিস্থিতিত আমি কিছুমান শব্দ সীমিত অর্থত ব্যৱহাৰ কৰোঁ। ব্যাপক অৰ্থত ব্যবহৃত শব্দ একোটা যেতিয়া সীমিত অৰ্থত ব্যৱহাৰ হয় তেতিয়াই তাক অর্থসংকোচ বোলে। গ্রীক ভাষাত Myth মানে গল্প, ইংৰাজীত ই বিশেষ এবিধ গল্পক বুজায়। ইংৰাজ Meat শব্দই আহাৰ বুজাইছিল, কিন্তু বর্তমান Meat শব্দই এবিধ বিশেষ আহাৰ ‘মাংস’ক বুজাবলৈ ল’লে। সংস্কৃত ভাষাত ‘মৃগ’ শব্দই সকলো জন্তুকে বুজাইছিল, কিন্তু অসমীয়াত ‘মৃগ’ শব্দই কেৱল ‘হৰিণ’ক বুজায়। সংস্কৃতত ‘শকুন’ মানে চৰাই, ইয়াৰ অৰ্থসংকোচ হৈ অসমীয়াত কেৱল এবিধ বিশেষ চৰাইক বুজোৱা হ’ল। ‘স্বামী’ মানে সংস্কৃতত ‘গৰাকী’ আছিল। কিন্তু অসমীয়াত বৰ্তমান ‘স্বামী মানে হল ‘তিৰোতাৰ পুৰুষ জীৱনসংগী’। সংস্কৃতত ‘অন্ন’ শব্দৰ অৰ্থ হৈছে ‘খাদ্য’; কিন্তু অসমীয়া আৰু বাংলা ভাষাত ‘অন্ন’ মানে বিশিষ্ট খাদ্য কেৱল ‘ভাত’ক বুজায়।
তেনেদৰে অসমীয়া ‘দিন’ শব্দই ২৪ ঘণ্টাৰ সময়ছোৱাক বুজায়। ‘ল’ৰাটো দিনে দিনে ডাঙৰ হৈছে’— এই বাক্যটোত ‘দিনে দিনে’ বুলি কওঁতে ২৪ ঘণ্টাৰ সময়ছোৱাকে বুজাইছে; কিন্তু ‘ল’ৰাটোৱে দিনতে নেদেখে’— এই বাক্যটোত মাত্ৰ ১২ ঘণ্টাৰ সময়ছোৱাকহে বুজাইছে। ইয়াত ৰাতি সময়ছোৱাৰ কথা কোৱা নাই। ইয়ো অর্থসংকোচ।
(৩) অর্থসংশ্লেষঃ
সময়ৰ পৰিবৰ্তনৰ লগে লগে কিছুমান শব্দৰ অৰ্থৰ পৰিধি বিস্তৃত নহৈ বা সংকুচিত নহৈ আমূল পৰিবৰ্তন হয়। ইয়াক অর্থসংশ্লেষ বা অর্থসংক্ৰম বুলি কোৱা হয়। সময়ৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰো পৰিবৰ্তন হয়। সংস্কৃতিৰ পৰিবৰ্তনৰ ফলত ফূৰ্বতে ব্যবহৃত কিছুমান বস্তুৰ ব্যৱহাৰ নোহোৱা হয়, সেইবোৰ বস্তুৰ বিলুপ্তি ঘটে আৰু নতুন বস্তুৰ আমদানি হয়। সেয়ে বিলুপ্তি ঘটা বস্তুবোৰ নিৰ্দেশক শব্দবোৰৰো ব্যৱহাৰ হৈ পৰে। ফলত নতুন চাম ল’ৰা-ছোৱালীয়ে তেনে শব্দবোৰ ব্যৱহাৰ নকৰে। সংস্কৃতত ‘ধুৰন্ধৰ’ মানে আছিল ‘দক্ষ, পাকৈত, শ্রেষ্ঠ; কিন্তু অর্থসংশ্লেষ হৈ অসমীয়াত ইয়াৰ অৰ্থ হ’লগৈ ‘বদমাছ, লম্পট, দুষ্ট’। সংস্কৃতত ‘মহাজন’ মানে ‘মহান পুৰুষ’, কিন্তু বর্তমান দোকানী, বেপাৰী, পুঁজিপতি লোককহে বুজাবলৈ ধৰিলে। ইংৰাজীত holiday মানে ‘পূণ্য তিথিৰ দিন’, আজিকালি হ’লগৈ ‘বন্ধ’। সংস্কৃতত ‘মন্দিৰ’ শব্দই ঘৰ, বাসস্থান, প্রাসাদ, নগৰ, চহৰ, দেৱালয় আদি বুজায়। কিন্তু অসমীয়াত ‘মন্দিৰ’ শব্দৰ অর্থসংশ্লেষ ঘটি কেৱল দেৱ- দেৱীৰ উপাসনা কৰা ঘৰকহে বুজোৱা হ’ল।
কেৱল শব্দক কেন্দ্র কৰিয়েই অৰ্থৰ পৰিবৰ্তন নহয়, বাক্যত ব্যৱহাৰ অনুযায়ী শব্দৰ অৰ্থৰ পৰিবৰ্তন ঘটে। অসমীয়া বাষাৰ জুতৱা খণ্ডবাক্যবোৰৰ শব্দৰ অৰ্থ পৰিবৰ্তন ঘটে। অসমীয়া ‘মুখ’ শব্দই শৰীৰৰ এটা অংগক বুজাইছে। কিন্তু যেতিয়া মুখ উজ্জ্বল কৰা, মুখ দিয়া, মুখ ক’লা পৰা, মুখ পাতি ধৰা, মুখ ফটা, মুখত ছাই পেলোৱা, মুখত সোপা দিয়া, মুখলৈ পানী অহা আদি ‘মুখ’ শব্দৰ যোগত উৎপন্ন হোৱা জতুৱা খণ্ডবাক্যবোৰৰ শব্দৰ অৰ্থ পৰিবৰ্তন ঘটিছে। এনে বহু উদাহৰণ অসমীয়া ভাষাত পোৱা যায়।
(ট) অর্থতত্ত্বৰ বৰ্ণনাত্মক দৃষ্টিভংগীঃ
উত্তৰঃ বর্ণনাত্মক দৃষ্টিভংগীৰে কৰা অৰ্থতত্ত্বৰ আলোচনাত কোনো এটা ভাষাত উচ্চাৰিত শব্দই বিভিন্ন পৰিবেশত সৃষ্টি কৰিব পৰা অৰ্থৰ সম্পৰ্কে বিশ্লেষণ কৰা হয়। ইয়াত শব্দই কেনেকৈ অর্থ গ্ৰহণ কৰে অৰ্থাৎ শব্দ আৰু অৰ্থৰ সম্বন্ধ কি, শব্দৰ অৰ্থক্ষেত্ৰ কেনেভাৱে গঠিত হয়, শব্দৰ সহগামিতা বুলিলে কি বুজায়, শব্দৰ পৰিবেশে কেনেকৈ শব্দৰ অৰ্থ নিয়ন্ত্রিত কৰে, শব্দৰ অৰ্থ বিচাৰত প্রতিশব্দ, বহুধা অর্থ, বিপৰীতাৰ্থ আৰু আভ্যন্তৰীণ অৰ্থৰ স্থান কি, শব্দৰ জতুৱা প্ৰয়োগ আৰু শব্দৰ বিবিধ ব্যৱহাৰৰ যোগেদি কেনেকৈ প্ৰকৃত অৰ্থ উদ্ধাৰ কৰা হয়— আদি কথা পুংখানুপুংখভাৱে আলোচনা কৰা হয়।
বৰ্ণনাত্মক দৃষ্টিকোণৰ পৰা বিশেষকৈ শব্দৰ অৰ্থ গঠনৰ সম্পর্কে আলোচনা কৰা হয়। অর্থতত্ত্বৰ বিজ্ঞানসন্মত আলোচনাৰ গুৰি ধৰোঁতা Bierwisch Manfred এ শব্দৰ অৰ্থত প্ৰধানকৈ দুটা উপাদান নিহিত হৈ থকাৰ কথা উল্লেখ কৰিছে —
(১) অর্থগত উপাদান।
(২) সম্পর্কগত উপাদান।
(১) অর্থগত উপাদানঃ
শব্দ এটা শুনাৰ লগে লগে শ্ৰোতাৰ মনত এটা মানসিক প্রতিচ্ছবি ভাঁহি উঠে। এইটো শ্ৰোতাৰ পূৰ্বলব্ধ জ্ঞানৰ ওপৰত আধাৰিত। ভাষাত উচ্চাৰিত প্ৰতিটো শব্দৰ লগত সাংস্কৃতিক পৰম্পৰা আৰু সামাজিক আচাৰ-বিচাৰৰ কথা জড়িত হৈ থাকে, শ্ৰোতাৰ ইবিলাকৰ পূৰ্বলব্ধ জ্ঞান থাকে। নজনা ভাষা এটাৰ নজনা শব্দৰ এনে মানসিক প্রতিচ্ছবি জগাই তুলিব পৰা ক্ষমতা নাই। উড়িয়া ‘বড় ওষা’ বা ‘ৰজ’ শব্দ শুনিলে অসমীয়া মানুহৰ মনত একো প্রতিচ্ছবি ভাহি নুঠে; তেনেকৈ অসমীয়া ‘বিহু’ শব্দটো শুনিলে মাৰাঠী লোকৰ মনতো কোনো উন্মাদনাৰ সঞ্চাৰ নহয়। এই শব্দবোৰৰ লগত যি সাংস্কৃতিক পৰম্পৰা আৰু সামাজিক আচাৰ-বিচাৰৰ কথা জড়িত আছে সেই কথা সেই ভাষা-ভাষী লোকে শব্দবোৰ শুনা মাত্ৰকে উপলব্ধি কৰিব পাৰে। অসমীয়া সমাজত ‘ফুল’ বুলি ক’লে শ্ৰোতাৰ মনত ফুলৰ প্ৰতিচ্ছবি মনলৈ আহিব। কিন্তু, বক্তা আৰু শ্ৰোতাৰ মনলৈ একেবিধ ফুলৰ কথা নাহিবও পাৰে। বক্তাই ‘তগৰ ফুল’ৰ কথা ক’বলৈ ওলোৱা বুলিও ভাবিব পাৰে। অৱশ্যে ফুলৰ যে বিবিধ প্ৰকাৰ আছে, বিবিধ ৰং আছে, বিবিধ ফুলৰ গুণবোৰৰ কথা তৎকালেই তেওঁৰ মনলৈ আহিব। তেনেদৰে ‘ভণ্টি’ শব্দটো শুনাৰ লগে লগে কেইটামান কথা অসমীয়া মানুহৰ মনলৈ আহিব। এই মনলৈ অহা কথাসমূহেই হ’ল ‘ভণ্টি’ শব্দৰ অন্তর্নিহিত গুণ একাদিক্রমে ‘ভণ্টি’ শব্দৰ গুণসমূহ লিখি উলিয়ালে এনেধৰণৰ হ’ব—
১. প্রাণীবাচক, অপ্রাণীবাচক শিল, মাটি, পানী আদিক ভণ্টি নোবোলে।
২. যিকোনো প্রাণীবাচক নহয়, কেৱল মানুহবাচক; কুকুৰ- মেকুৰী, গৰু-ছাগলীক ভণ্টি বুলি নকয়।
৩. যিকোনো মানুহবাচক নহয়, কেৱল স্ত্রীবাচক।
৪. কেৱল স্ত্রীবাচক মাত্রেই ভণ্টি নহয়, কম বয়সীয়া ছোৱালী হ’ব লাগিব।
৫. বক্তাতকৈ বয়সত সৰু হ’ব লাগিব।
৬. কেতিয়াবা ‘ভণ্টি’ নাম হ’ব পাৰে। তেতিয়া ইয়াত ১ নং, ২ নং আৰু ৩ নং গুণ থাকে। ৪ নং আৰু ৫ নং গুণ নাথাকে।
শব্দত অন্তনিহিত থকা বা গুণসমূহলৈ মনত পেলাই বক্তাই শব্দবোৰ ব্যৱহাৰ কৰে আৰু শ্রোতাই তাৰ অৰ্থ হৃদয়ঙ্গম কৰে। পাহাৰ বগায়, চৰাই উৰে, পানীত হাঁহ চৰে, ল’ৰাবোৰে সাঁতোৰে, খৰি লুৰে, গঠত উঠে আদি বিশেষ্যপদৰ লগত সংযোগ হোৱা প্রত্যেকটো ক্রিয়াপদেই সুকীয়া। প্রত্যেকটোৱে শাৰীৰিক কার্যপ্ৰকাশক বিশিষ্ট গুণৰ অধিকাৰী হোৱা হেতুকে প্ৰত্যেকটোৰ ব্যৱহাৰ সুকীয়া সুকীয়া আৰু নির্দিষ্ট গুণ সম্বলিত। বক্তা আৰু শ্ৰোতাৰ পূৰ্বধাৰণা থকাৰ বাবেই জ্ঞানৰ সহায়ত শব্দৰ অৰ্থবোধ জন্মে।
(২) সম্পর্কগত উপাদানঃ
ভাষাত ব্যৱহাৰ হোৱা প্ৰায়বোৰ শব্দৰ অৰ্থ পৰস্পৰ নিৰ্ভৰশীল। এটা শব্দৰ অৰ্থ জনাৰ লগে লগে সেই শব্দৰ লগত সম্পর্ক থকা আনবোৰ অৰ্থ জনাৰ আৱশ্যক। ‘মেজৰ’ শব্দৰ প্রকৃত অর্থ জানিবলৈ হ’লে এই ক্ষেত্ৰত অন্যান্য শব্দ ‘কেপ্টেইন’, ‘কৰ্ণেল’ আদিৰ অৰ্থ জানিব লাগিব। বক্তাই ‘ৰঙা’ শব্দটো উচ্চাৰণ কৰাৰ লগে লগে শ্ৰোতাৰ ‘ৰঙা’ ৰঙৰ প্ৰকৃত অৰ্থ জানিবলৈ হ’লে অন্যান্য ৰং বুজোৱা শব্দ বগা, নীলা, ৰঙা, সেউজীয়া, ক’লা, খয়েৰী, কমলা, সেন্দূৰীয়া, কলপতীয়া, হেঙুলীয়া আদি ৰং বুজোৱা শব্দবোৰৰ বিষয়েও জানিব লাগিব। এই শব্দবোৰৰ অন্তনির্হিত গুণ একে হোৱা বাবে সেইবোৰক একোটা অর্থগত ক্ষেত্ৰ বুলি ধৰা হয়। অর্থাৎ যিবোৰ শব্দৰ অৰ্থগত গুণসমূহ সদৃশ বা একে সেইবোৰ মিলি একোটা অথচ্ছ্রগত ক্ষেত্ৰ ৰচনা কৰে। চৰাই, ডেউকা, বতাহ, আকাশ, উৰণ আদি শব্দ একোখন অর্থগত ক্ষেত্ৰৰ অন্তৰ্গত।
শব্দৰ অৰ্থগত ক্ষেত্ৰৰ দৰে বিশেষ্য আৰু ক্ৰিয়াৰ মাজতো ক্ষেত্ৰৰ সম্বন্ধ থাকিব পাৰে। ‘মানুহ’ বিশেষ্য পদৰ লগত হাঁহে, কান্দে, কয়, ভাবে, দেখে, চায় আদি ক্ৰিয়া পদ ব্যৱহাৰ হয়। ‘ফুলা’ ক্রিয়াপদৰ লগত কৰ্তা হিচাপে ফুল, গছ আদিহে বহিব। তেনেদৰে ‘গৰজা’ ক্ৰিয়াৰ কর্তা হিচাপে মেঘ, সাগৰ, বাঘ, সিংহ আদি পদহে বহিব পাৰে। ‘গুণগুণনি’ৰ লগত মৌ মাখি, ভোমোৰা আদিৰহে সম্বন্ধ। অৱশ্যে শুন- নুশুনাকৈ গীত গালে মানুহৰ ক্ষেত্ৰতো ‘গুণগুণনি’ প্রযোজ্য হ’ব পাৰে। অর্থাৎ বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰ সিহঁতৰ কিছুমান অন্তনিহিত গুণৰ কাৰণে পৰস্পৰ সংপৃক্ত। সংপৃক্ত শব্দবোৰৰ এটা বুজিব বা পঢ়িব নোৱাৰিলেও তাৰ অৰ্থ লগত অন্যান্য সংপৃক্ত শব্দৰপৰা আহৰণ কৰিব পাৰি। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে শব্দৰ অৰ্থৰ গঠন কেতিয়াবা বাক্যৰ গঠনো নিয়ন্ত্ৰণ কৰে। অৰ্থতত্ত্বৰ আলোচনাই এই সকলোধৰণৰ সম্বন্ধৰ বিশ্লেষণকে সামৰি লয়।
(ঠ) আকৃতিঃ
উত্তৰঃ ভাব বিনিময়ৰ বাবে আমি দৈনিক অসংখ্য বাক্য ব্যৱহাৰ কৰা। এই বাক্যবোৰ কিছুমান পদেৰে গঠিত। এক বা একাধিক পদ লগলাগি বাক্য গঠন হয়। এই পদবিলাকক আমি অৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ক্ষুদ্র অংশত ভাগ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, তলত দুটা অসমীয়া আৰু এটা ইংৰাজী বাক্য দেখুওৱা হ’লঃ
(ক) ৰীমাই গীতাক বহীখন দিছে।
(খ) গৰুবোৰে ঘাঁহ খাইছে।
(গ) He hated such books.
—এই বাক্য তিনিটাৰ
(ক) বাক্যত চাৰিটা পদ।
(খ) বাক্যত তিনিটা পদ। আৰু
(গ) বাক্যত চাৰিটা পদ আছে।
এই পদবিলাকক তলত দিয়া ধৰণে ক্ষুদ্রতম অর্থৱহ অংশ কিছুমানত ভাগ কৰিব পাৰি —
(ক) ৰীমাই গীতাক বহীখন দিছে।
ৰীমাই = ৰীমা + ই
গীতাক = গীতা + ক
বহীখন = বহী + খন
দিছে = দি + ইছ + এ
(খ) গৰুবোৰে ঘাঁহ খাইছে।
গৰুবোৰে = গৰু + বোৰ + এ
ঘাঁহ = ঘাঁহ
খাইছে = খা + ইছ + এ
(গ) He hated such books.
He = He
hated = hat + ed
such = such
books. = book + s.
এই বাক্য তিনিটাৰ পদবিলাকক ইয়াতকৈ সৰু অংশত ভাগ কৰিব নোৱাৰি। ইয়াতকৈ সৰু অংশত ভাগ কৰিলে আমি কিছুমান স্বৰ আৰু ব্যঞ্জনবৰ্ণহে পাম যিবিলাকৰ কোনো ব্যাকৰণগত অর্থ নাই। এনে অর্থৱহ খণ্ডিত অংশবোৰেই হৈছে আকৃতি। অর্থাৎ, ভাষাৰ ক্ষুদ্রতম অর্থৱহ অংশটোৱেই আকৃতি। এই আকৃতি চিনাক্ত কৰিবৰ বাবে বাক্যত ব্যৱহৃত পদসমূহক অৰ্থৰ প্ৰতি লক্ষ্য ৰাখি খণ্ডিত কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে, তলত কেইটামান অসমীয়া আৰু ইংৰাজী ভাষাৰ শব্দ ভাঙি দেখুওৱা হ’ল —
মানুহজনে = মানুহ + জন + এ
খেতিয়ক = খেত + ই + অক
বেচৰকাৰী = বে + চৰকাৰ + ঈ
unemployment = un + employ + ment
globalisation = globe + el+ize+ ation
এই পদবোৰক ভাঙিলত যিবোৰ অৰ্থৱহ অংশ পোৱা গ’ল, সেইবোৰেই আকৃতি। ইহঁতক ইয়াতকৈ সৰু অংশত ভাগ কৰিব নোৱাৰি আৰু ইহঁতৰ প্ৰত্যেকৰে একোটা ধ্ৰুৱ অর্থ আছে। ইহঁত প্রত্যেকেই একোটাহঁত আকৃতি।
আকৃতি দুই প্ৰকাৰৰ— মুক্তৰূপ আৰু বদ্ধৰূপ
যিবোৰ ৰূপ বাক্যত অকলে ব্যৱহাৰ হ’ব পাৰে সেইবোৰক মুক্তৰূপ আৰু যিবোৰ ৰূপ বাক্যত অকলে ব্যৱহাৰ হ’ব নোৱাৰে অর্থাৎ মুক্ত ৰূপৰ আশ্ৰয়তহে ব্যৱহৃত হয় তাক বদ্ধৰূপ বোলে।
(ড) প্রাকৃতিঃ
উত্তৰঃ ৰূপতাত্ত্বিক আলোচনাৰ মৌলিক একক হ’ল প্ৰাকৃতি। এটা কথা জনা গ’ল যে বিশ্লেষণৰ বাবে খণ্ডিতকৰণ প্ৰক্ৰিয়াৰে আকৃতি উলিওৱা হয়। তাৰ পিছত ধ্বনিগত আৰু অৰ্থগত সাদৃশ্য বিচাৰ কৰি আকৃতিবোৰ শ্ৰেণীবদ্ধ কৰা হয়। অর্থাৎ একে পৰিবেশত ব্যৱহৃত হৈ অৰ্থৰ শ্ৰেণী পৰিৱৰ্তন কৰিব পাৰে নে নোৱাৰে বিশ্লেষণ কৰা হয় আৰু এইদৰে বিশ্লেষণ কৰি বিৰোধ নথকা আকৃতিবোৰৰ সামূহিক গোট এটা কৰি তাৰ নাম দিয়া হয় প্রাকৃতি।
আকৃতি বিশ্লেষণত দেখা যায় যে, কিছুমান আকৃতিৰ সকলো পৰিৱেশত একে ৰূপ আৰু আন কিছুমানৰ ভিন্ন ৰূপ। পৰিৱেশ হ’ল— বদ্ধৰূপ লগলগা মুক্তৰূপৰ ধ্বনি। অর্থাৎ যাৰ সৈতে বদ্ধৰূপ লগ লাগে। যেনে— ইংৰাজী book শব্দৰ সৈতে বহুবচনবাচক s লগলাগি books হৈছে। ইয়াত book শব্দৰ k ধ্বনিটো ঘোষ নে অঘোষ তাৰ ওপৰত s ৰ উচ্চাৰণ নিৰ্ভৰ কৰিব। শ্বাসঘাত যুক্ত হয় নে নহয় তাৰ ওপৰতো নিৰ্ভৰ কৰিব। ইয়াক ধ্বনিৰ পৰিৱেশ বোলা হয়। অর্থাৎ এটা ধ্বনিৰ পূবৱৰ্তী আৰু পৰৱৰ্তী ধ্বনিসমষ্টি আৰু এইবোৰৰ লগত জড়িত সুৰ, শ্বাসাঘাত আদিয়েই হ’ল ধ্বনিৰ পৰিৱেশ। পৰিৱেশ ভেদে কিছুমান আকৃতি ভিন্ন হয়। উদাহৰণস্বৰূপে, ইংৰাজী ভাষাৰপৰা books, glasses, boys — এই শব্দ তিনিটা লোৱা হ’ল। এই শব্দ তিনিটাৰ বদ্ধৰূপ s ৰ উচ্চাৰণ পৰিবেশভেদে বেলেগ বেলেগ। অর্থাৎ ইংৰাজী ভাষাৰ বহুবচনৰ ৰূপ s ৰ তিনিটা পৰিপূৰক প্ৰয়োগ আছে। উচ্চাৰণৰ বেলিকা ইয়াৰ প্ৰথমটো s, দ্বিতীয়টো iz তৃতীয়টো z উচ্চাৰণ হয়। এইবোৰৰ উচ্চাৰণ পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিছে। একে পৰিবেশত এটাৰহে উচ্চাৰণ হ’ব পাৰে, বাকী দুটাৰ নোৱাৰে। গতিকে, ইহঁতৰ মাজত বিৰোধ নাই। একেটা আকৃতিৰ, পৰিবেশ ভেদে প্ৰয়োগ সুকীয়া হ’লে, তেনে প্রয়োগক পৰিপূৰক প্রয়োগ বোলা হয়। ওপৰৰ উদাহৰণটোৰ -s, -iz, -z ৰ প্ৰয়োগ পৰিপূৰক। পৰিপূৰক প্ৰয়োগত থকা এনে আকৃতিবোৰৰ মাজত বিৰোধ নাই। বিৰোধ নোহোৱা আকৃতিবোৰক এটা গোট বুলি ধৰি ল’ব পাৰি। এই গোটটোৰ নাম হ’ল — প্ৰাকৃতি।
(ঢ) উপাকৃতঃ
উত্তৰঃ প্রাকৃতিৰ অন্তৰ্ভুক্ত আকৃতিবোৰক উপাকৃতি বোলা হয়। খণ্ডিতকৰণৰদ্বাৰা পোনতে ভাষাৰ আকৃতিবোৰ উলিয়াই লোৱা হয়। আকৃতিবোৰ উলিয়াই লোৱাৰ পিছত ধ্বনিগত আৰু অর্থগত সাদৃশ্য বিচাৰ কৰি এইবোৰক সামূহিক গোট কৰা হয়। এই গোটবোৰেই হ’ল— প্রাকৃতি। যেতিয়া আকৃতিবোৰ প্ৰাকৃতিক অন্তর্ভূক্ত হ’ল, তেতিয়া সেই আকৃতিবোৰ প্ৰাকৃতিটোৰ উপাকৃতি হিচাপে চিহ্নিত হয়। প্রাকৃতিৰ নিৰ্দিষ্ট পৰিৱেশগত বিচিত্ৰতাই উপাকৃতি। উদাহৰণস্বৰূপে— ইংৰাজী ভাষাৰ books, glasses, boys — এই শব্দবোৰ বিশ্লেষণ কৰাত -s, -iz, -z এই তিনিটা আকৃতি পোৱা গ’ল। এইবোৰৰ প্ৰয়োগৰ স্থান নির্দিষ্ট। একে ঠাই বা পৰিৱেশত এটাৰহে উচ্চাৰণ হয়। অর্থাৎ এইবোৰ পৰিপূৰক প্রয়োগ হয়। যিটো আকৃতিৰ প্ৰয়োগৰ বিস্তৃতি অধিক সেই আকৃতিৰে প্ৰাকৃতিটো চিহ্নিত কৰা হয়। ওপৰৰ আকৃতি কেইটাৰ ভিতৰত -s ৰ এই গুণ আছে। s প্রাকৃতি নির্ণয় হোৱাৰ লগে লগে বাকীবোৰ s ৰ উপাকৃতিত পৰিণত হ’ল। অর্থাৎ s প্রাকৃতিৰ s, iz, z এই তিনিটা উপাকৃতি।
তাত্ত্বিকবাৱে প্রাকৃতিবোৰ বিমূর্ত। ভাষাত আচলতে উপাকৃতিবোৰহে ব্যৱহাৰ হয়। প্রাকৃতিৰ নিৰ্দিষ্ট ধ্বনিগত আকাৰ নাথাকিবও পাৰে, উপাকৃতিবোৰৰহে ধ্বনিগত আকাৰ আছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.