Axamiya Sanskritir Adhayan Unit 1 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axamiya Sanskritir Adhayan Unit 1 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Sanskritir Adhayan Unit 1 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ Question Answer can be of great value to excel in the examination.
Axamiya Sanskritir Adhayan Unit 1 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ
Axamiya Sanskritir Adhayan Unit 1 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ Notes cover all the exercise questions in UGC Syllabus. The Axamiya Sanskritir Adhayan Unit 1 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ
ASSAMESE
অসমীয়া সাংস্কৃতিৰ অধ্যয়ন
উত্তৰঃ দিয়া।
প্ৰশ্ন ১। অসমীয়া ভাষাত লোক-সংস্কৃতি শব্দৰ কোনটো ভাষাৰ কোন শব্দৰ পৰিভাষা হিচাপে প্ৰয়োগ কৰা হয় ?
উত্তৰঃ অসমীয়া ভাষাত লোক-সংস্কৃতিৰ সমাৰ্থকৰূপে ইংৰাজী Folk Lore শব্দটোৰ প্ৰয়োগ কৰা হয়।
প্ৰশ্ন ২। ফলত Lore শব্দটো কোন দুটা শব্দৰ যৌগিক ৰূপ ?
উত্তৰঃ Folk Lore শব্দটো Folk আৰু Lore এই শব্দ দুটাৰ যৌগিক ৰূপ।
প্ৰশ্ন ৩। ‘কালচাৰ’ শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ ১৮৬৫ চনত পোন প্ৰথম এডৱাৰ্ড টাইলাৰে ‘Culture’ শব্দটো ব্যৱহাৰ কৰিছে।
প্রশ্ন ৪। কালচাৰ শব্দটো কোন ভাষাৰ শব্দ ?
উত্তৰঃ ‘Culture’ শব্দটোৰ মূল হৈছে, লেটিন ভাষা।
প্ৰশ্ন ৫। লেটিন ভাষাৰ কোনটো ধাতুৰ পৰা কালচাৰ শব্দটো উৎপন্ন হৈছে ?
উত্তৰঃ লেটিন ভাষা কোল ধাতুৰ পৰা উৎপন্ন Colere বা ‘Culture’ শব্দৰ পৰা ‘Culture’ শব্দটো আহিছে।
প্ৰশ্ন ৬। ভৌতিক সংস্কৃতি কি ?
উত্তৰঃ লোকসমাজত যুগে যুগে প্ৰচলিত পৰম্পৰা আৰু ৰক্ষণশীল ঐতিহ্যৰ পৰিসৰে লোৱা মৌখিক কলা-কৌশল, পাৰদৰ্শিতা, পদ্ধতি আদিৰ বহিঃপ্রকাশেই মূলতঃ ভৌতিক সংস্কৃতি।
প্ৰশ্ন ৭। লোকজীৱনৰ চাৰিটা ভাগ কি কি ?
উত্তৰঃ ৰিচাৰ্ড এম. ডবছনে লোক-সংস্কৃতি আৰু লোক জীৱনক চাৰিটা ভাগত ভাগ কৰিছে। যেনে—
(ক) মৌখিক সাহিত্য বা মৌখিক লোকবিদ্যা।
(খ) ভৌতিক সংস্কৃতি।
(গ) সামাজিক লোকপ্ৰথা বা লোকাচাৰ।
(ঘ) লোক পৰিৱেশ্য কলা।
প্ৰশ্ন ৮। সুকুমাৰ কলা কেইটা আৰু কি কি ?
উত্তৰঃ সুকুমাৰ কলাৰ যি ছটা ভাগ— সাহিত্য, সংগীত, চিত্ৰ, নৃত্য, ভাস্কৰ্য আৰু স্থাপত্য এই আটাইকেইটাৰে আহোম যুগত সমৃদ্ধি লাভ কৰিছিল।
চমুকৈ উত্তৰ দিয়া।
প্ৰশ্ন ১। সংস্কৃতি কি ?
উত্তৰঃ সংস্কৃতিৰ সংজ্ঞা আৰু স্বৰূপ সম্বন্ধে এটা সুস্পষ্ট ধাৰণা দিয়া কঠিন। অসমীয়া ভাষা সাহিত্যৰ মাজতো এই শব্দটোৰ কেতিয়াৰ পৰা নিগাজিকৈ সোমাই পৰিল সেই বিষয়েও নিশ্চিতভাৱে ক’ব নোৱাৰি। সংস্কৃতিৰ লগত সততে জড়িত হৈ থাকে এখন সমাজ আৰু সেই সমাজখনৰ অংগীভূত সদস্যৰূপে মানুহে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ-অনুষ্ঠান, আইন-কানুন, নৈতিকতা, অভ্যাস আৰু অন্যান্য সামাজিক উপাদানসমূহ। মানুহৰ জীৱন-ধাৰণৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হৈ আহিছে। মানুহে আদিম অৱস্থাৰ পৰা সভ্য অৱস্থালৈ আহোতে সময়ৰ লগত খাপ খুৱাই জীৱন-যাপনৰ বাবে নিত্য নতুন আহিলা-পাতিৰ আশ্ৰয় ল’ব লগা হ’ল। ইয়াৰ বাবে মানুহে এক নতুন কৃত্ৰিম সাংস্কৃতিক পৰিবেশৰো সৃষ্টি কৰি ল’ব লগা হ’ল। এটা সময়ৰ সেই সকলোবোৰেই মানৱ জীৱনৰ নিত্য ব্যৱহৃত সামগ্রীত পৰিণত হৈ পৰিল। গতিকে এই ফালৰ পৰা ক’ব পাৰি।
“যি বিলাকত প্ৰকৃতিক প্ৰেৰণা থাকিলেও কেৱল প্ৰাকৃতিক নিয়মত হোৱা নাই, কিন্তু মানুহে নিজৰ শৰীৰ আৰু মনৰ বিকাশৰ বাবে, সমাজৰ কল্যাণৰ অৰ্থে সৃষ্টি কৰি লৈছে আৰু মানি লৈ তাক বিকাশ সাধন কৰিছে সেয়ে হ’ল সংস্কৃতি (অসমীয়া লোক সংস্কৃতিৰ আভাস)।”
একেদৰে নৃতাত্বিক অৰ্থতো
“মানুহে জন্মৰ পৰা মৃত্যুলৈকে ভৌগোলিক, সামাজিক আৰু অতিলৌকিক এই তিনিবিধ পৰিৱেশৰ মাজত বাস কৰিবলৈ সমাজৰ স্বীকৃতি লৈ যি কৰে, যেনেকৈ থাকে, যি অৱদান দিয়ে তাকে সংস্কৃতি আখ্যা দিব পাৰি (অসমীয়া লোক সংস্কৃতিৰ আভাস)।”
ইয়াৰ পৰা এটা কথা ক’ব পৰা যায় যে, সংস্কৃতি হ’ল মূলতঃ মানুহৰ জীৱন ধাৰণৰ এক সৎ, শৃংখলিত, আদৰ্শময় জীৱন প্ৰক্ৰিয়া।
প্ৰশ্ন ২। সংস্কৃতিৰ বৈশিষ্ট্য কি কি ?
উত্তৰঃ মানুহে সভ্যতাৰ পোহৰ পোৱাৰে পৰা সংস্কৃতি আৰম্ভ হয়। মানুহে যেতিয়াৰ পৰা ক’বলৈ ধৰিলে, প্ৰতীক ব্যৱহাৰ কৰিবলৈ ধৰিলে তেতিয়াৰ পৰাই সংস্কৃতিৰ আৰম্ভ হয় বুলিব পাৰি। মানুহৰ ইতিহাস অধ্যয়ন কৰাৰ লগে লগে সংস্কৃতিৰো অধ্যয়ন কৰা হয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিয়ে বাগৰ সলায়। সময়ৰ হেঁচাত সংস্কৃতিৰ কিছুমান উপাদান হেৰাই যায়, কিছুমান নতুন নতুন উপাদান সংযোগ হয়। কিন্তু সংস্কৃতি নিজেই গতিশীল অৰ্থাৎ চিৰ প্রবাহমান। সংস্কৃতিৰ কেইটামান বৈশিষ্ট্যৰ কথা হোৱাইটে উল্লেখ কৰিছে।
লোকসংস্কৃতিৰ আন এজন গৱেষক হাস্কোভিটৱে সংস্কৃতিৰ তিনিটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে—
(ক) মানৱ অভিজ্ঞতাত সংস্কৃতি বিশ্বজনীন, তদুপৰি ইয়াৰ স্থানীয় আৰু আঞ্চলিক ৰূপ লক্ষ্য কৰা যায়। এই স্থানীয় বা আঞ্চলিক ৰূপৰ মাজেদিয়ে সংস্কৃতিৰ বিশ্বজনীন বৈশিষ্ট্য প্ৰকাশ পায়।
(খ) সংস্কৃতি স্থবিৰ অথচ ই গতিশীল, অবিচ্ছিন্ন আৰু অবিৰত পৰিৱৰ্তন ইয়াত স্পষ্ট। বিশেষকৈ জনসাধাৰণৰ জীৱন-পদ্ধতি, যেনে— খোৱা-লোৱা, পিন্ধা-উৰা, ধৰণ-কৰণ আদিত সাংস্কৃতিক পৰিৱৰ্তনৰ স্পষ্ট আভাস পোৱা যায়।
(গ) সংস্কৃতিয়ে আমাৰ জীৱনৰ গতি নিৰ্ধাৰণ কৰে আৰু ইয়াৰ পৰিপুষ্টিত সমল যোগালে কেতিয়াবাহে ই আমাৰ সচেতন ভাব চিন্তাত প্ৰৱেশ লাভ কৰিব পাৰে।
প্ৰশ্ন ৩। সংস্কৃতিৰ সংজ্ঞা দিয়া ?
উত্তৰঃ পণ্ডিতসকলে সংস্কৃতি শব্দটোৰ ব্যৱহাৰ বিভিন্ন ধৰণে কৰা দেখা যায়। তদুপৰি ইয়াৰ সংজ্ঞা বিভিন্ন পণ্ডিতসকলে বিভিন্ন ধৰণে আগবঢ়াইছে। ১৮৬৫ চনত পোন প্ৰথম এডৱাৰ্ড টাইলাৰে ‘Culture’ শব্দটো ব্যৱহাৰ কৰিছে। এই ‘Culture’ শব্দটোৰ মূল হৈছে, লেটিন ভাষা। লেটিন ভাষা কোল ধাতুৰ পৰা উৎপন্ন Colere বা ‘Culture’ শব্দৰ পৰা ‘Culture’ শব্দটো আহিছে। ইয়াৰ অৰ্থ হৈছে—কৰ্ণণ বা খেতি কৰা। ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে এজন মহাৰাষ্টীয় বন্ধুৰ পৰা অনুপ্ৰাণিত হৈ ৰবীন্দ্ৰনাথ ঠাকুৰক ‘সংস্কৃতি’ শব্দটোৰ দৃষ্টি আকৰ্ষণ কৰোৱায়। ফলস্বৰূপে ৰবীন্দ্ৰনাথৰ জৰিয়তে ‘সংস্কৃতি’ শব্দটো বঙলা ভাষাত গৃহীত হয়। ড° চট্টোপাধ্যায়ে সংস্কৃতি অৰ্থাৎ ‘Culture’ সম্পৰ্কে এনেদৰে কৈছে—’একেধাৰে সভ্যতা, তৰুৰ পুষ্প আৰু তাৰ আভ্যন্তৰ প্ৰাণ বা মানসিক অনুপ্ৰেৰণা যা, তাই হচ্ছে ‘Culture’। মালিনৱস্কিৰ মতে, সামগ্ৰিক জীৱন পদ্ধতিয়েই হৈছে ‘সংস্কৃতি’। ৰেডফ্ৰিক ব্ৰাউনে সংস্কৃতিক সামাজিক কৰ্ষণ ৰূপেহে গণ্য কৰে।
এই কর্ষণে পুৰুষানুক্ৰমে চলি অহা পৰম্পৰা আয়ত্ত কৰি সমাজক স্থায়িত্ব প্ৰদান কৰে। লীলা গগৈয়ে সংস্কৃতিৰ বিষয়ে এনেদৰে কৈছে—মানুহৰ বস্তুগত, ভাৱগত, আধ্যাত্মিক, জাগতিক, সকলো সৃষ্টিকে সংস্কৃতিয়ে সামৰি লয়। সংস্কৃতিৰ সূত্ৰ অতি সংক্ষেপে এনেদৰে দিব পাৰি যে— মানৱৰ দ্বাৰা সৃষ্ট সামাজিক আচৰণবোৰেই হৈছে সংস্কৃতি। মানুহৰ দলবদ্ধভাৱে বাস কৰাৰ পৰিপ্ৰেক্ষিতত সমাজ গঠন হ’ল আৰু সমাজৰ মানুহৰ মাজত প্ৰচলিত আচাৰ-ব্যৱহাৰ, নীতি-নিয়ম, খোৱা-বোৱা, উৎসৱ-পাৰ্ৱণ, ধৰ্ম, লোকবিশ্বাস, শিল্প-কলা, ভাষা আদি সমূহীয়া জীৱন পদ্ধতিৰ প্ৰকাশকেই সংস্কৃতিয়ে সামৰি লয়। সংস্কৃতিয়ে সমাজৰ আচাৰ-বিচাৰ, পাৰ্থিৱ বস্তু আৰু তাৰ লগত অৰ্থপূৰ্ণ সম্বন্ধবোৰকেই উপাদান হিচাপে বাছি লয়।
প্ৰশ্ন ৪। ভৌতিক সংস্কৃতি কি ?
উত্তৰঃ লোকসমাজত যুগে যুগে প্ৰচলিত পৰম্পৰা আৰু ৰক্ষণশীল ঐতিহ্যৰ পৰিসৰে লোৱা মৌখিক কলা-কৌশল, পাৰদৰ্শিতা, পদ্ধতি আদিৰ বহিঃপ্ৰকাশেই মূলতঃ ভৌতিক সংস্কৃতি। ভৌতিক সংস্কৃতি প্রবাহমান পৰম্পৰাৰ আধাৰীভূত। পৰম্পৰাশ্ৰয়ী স্ত্ৰী-পুৰুষৰ সংযোগত পাতি লোৱা সংসাৰখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দৈনন্দিন জীৱনত লাগতিয়াল দ্ৰৱ্যদিৰ জ্ঞানৰ কথা আহৰণৰ ব্যৱস্থাকেই ভৌতিক সংস্কৃতিৰ ভিতৰুৱা বুলি কোৱা হয়। শিল্পকলা সৃষ্টি, ঘৰ-দুৱাৰ নিৰ্মাণ, ৰন্ধা-বঢ়াৰ কৌশল, আচৰণৰ বৈশিষ্ট্য আদিলৈ লক্ষ্য ৰাখি ভৌতিক সংস্কৃতিক পাঁচোটা উপশ্ৰেণীত বিভক্ত কৰা হৈছে। যেনে—
১. লোক শিল্প।
২. লোক কলা।
৩. লোক স্থপতি বিদ্যা।
৪. লোক আভৰন।
৫. লোক ৰন্ধন প্ৰণালী।
শিল্পীৰ হাতেৰে নিৰ্মাণ কৰা বাঁহ, বেত, মাটি, কাঠ আদিৰ বিবিধ সঁজুলিক লোক শিল্পৰ ভিতৰত ধৰা হয়। কুমাৰৰ মাটিৰ বাচন, কঁহাৰৰ কাঁহ-পিতলৰ বাচন, কমাৰৰ দা-কটাৰী-কুঠাৰ আদি, বাঢ়ৈৰ বাঁহ-বেত-কাঠ আদিৰে নিৰ্মাণ কৰা সা-সঁজুলি আদিয়ে লোক শিল্পৰ নিৰ্দশন দাঙি ধৰে। অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ আদিত থকা সিংহাসন, গৰুড়, জাম্বৱন্ত আদি কাঠেৰে নিৰ্মিত লোক কলাৰ আভাস পোৱা যায়।
লোক স্থপতি বিদ্যাৰ পৰিৱেশৰ ভিতৰত ঘৰ দুৱাৰ, নামঘৰ, গোঁসাই ঘৰ, ভৰাল ঘৰ, বাটচ’ৰা, চ’ৰাঘৰ আদি বিভিন্ন দিশ সামৰিব পাৰি।
লোক আভৰণৰ পৰিসৰে বিভিন্ন ধৰণৰ পোছাক-পৰিচ্ছদ, বিবিধ অলংকাৰ আদি সামৰি লৈছে। লোক ৰন্ধন প্ৰণালীৰ ভিতৰত বিবিধ মাছ, মাংস, শাক-পাচলি, আদিৰে প্ৰস্তুত কৰা খাদ্য সম্ভাৰক ধৰা হয়। ডাকৰ বচনত পুৰণি কালৰ অসমীয়া সমাজৰ খাদ্য সম্পৰ্কে আভাস পোৱা যায়। মঙহ, ঘিউ, এঁৱা গাখীৰ, শাক-পাচলি আদি অসমীয়া সমাজৰ প্রিয় খাদ্য আছিল আৰু বিভিন্ন ৰন্ধন প্ৰণালী সম্পৰ্কেও আভাস দাঙি ধৰিছে।
প্ৰশ্ন ৫। লোক-সংস্কৃতি কি ?
উত্তৰঃ লোক-সংস্কৃতি লোক সমাজৰ সমানেই প্ৰাচীন। অসমীয়া ভাষাত লোক-সংস্কৃতিৰ সমাৰ্থকৰূপে ইংৰাজী Folk Lore শব্দটোৰ প্ৰয়োগ কৰা হয়। Folk Lore শব্দটো Folk আৰু Lore এই শব্দ দুটাৰ যৌগিক ৰূপ। লোকজ্ঞান আৰু লোক অভিজ্ঞতাক বুজাবৰ বাবে ১৮৪৬ চনৰ ২২ আগষ্টত পুৰাতত্ত্ববিদ জন থমছে আলোচনী এখনত প্ৰথমে এই পদটো প্ৰয়োগ কৰে। অতি কম সময়ৰ ভিতৰতে এই অভিধাটোৱে জনপ্ৰিয়তা লাভ কৰে। Flok মানে the people বা Flok Lore অৰ অভিধানিক অৰ্থ হ’ল লোক সংস্কৃতিৰ জ্ঞান, চমুকৈ লোক জ্ঞান বা লোক-বিদ্যা।
লোক-সংস্কৃতি লোক সমাজৰ সংস্কৃতি আৰু ই পৰম্পৰাশ্ৰয়ী। Flok বা লোক অভিধাটোৱে কেৱল গঞা, নিৰক্ষৰ লোককেই নুবুজায়— পৰম্পৰা আশ্ৰয়ী সকলো লোককেই বুজায়। যিহেতু পৰম্পৰা আশ্ৰয়ী সমাজেই লোক সমাজ আৰু লোক সমাজৰ সামাজিক আচৰণেই লোক সংস্কৃতি, গতিকে আধুনিক সমাজতো লোক-সংস্কৃতি পৰম্পৰাগতভাৱে প্রবাহমান হৈ থাকিব পাৰে।
লোক-সংস্কৃতি পৰিভাষাই অতিকথা, জনশ্ৰুতি, সাধুকথা, লোকোক্তি-প্রবচন-যোজনা, মন্ত্ৰ, আশীৰ্বাদ, অভিশাপ, সম্বদ্ধনা, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, লোক-নৃত্য, লোকনাটক, লোক-বিশ্বাস, লোক-গীত, লোক-ভাষা, খাদ্য-ৰন্ধন প্ৰণালী, গৃহ নিৰ্মাণ প্ৰণালী, উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি আদি বিভিন্ন বিষয়সমূহ সামৰি । এই বিষয়সমূহ আৰু এইবোৰৰ অনুশীলন তথা চিন্তা-চৰ্চা আৰু বিচাৰ-বিশ্লেষণেই লোকবিদ্যা বা লোক-সংস্কৃতি।
ৰচনাৱলী প্ৰশ্ন :
প্ৰশ্ন ১। অসমীয়া ভাষাত সংস্কৃতি শব্দটোৰ স্বৰূপ নিৰ্ণয় কৰা ?
উত্তৰঃ অসমীয়া ভাষাত এই ‘সংস্কৃতি’ শব্দৰ ব্যৱহাৰৰ আগতে ‘কৃষ্টি’ শব্দৰহে ব্যৱহাৰ হৈছিল। পিচলৈ পশ্চিমীয়া ‘কালচাৰ’ (Culture) শব্দৰ সমাৰ্থক হিচাপে ‘সংস্কৃতি’ শব্দটো বাংলা ভাষাৰ দুৱাৰ-দলি গৰকি সোমাই আহে যদিও অসমীয়া ভাষাত কৃষ্টি-সংস্কৃতি দুয়োতা শব্দৰে ব্যৱহাৰ লক্ষ্য কৰা দেখা যায়। কিন্তু দুয়োটা শব্দৰ মাজত এটা সূক্ষ্ম পাৰ্থক্য লক্ষ্য কৰা দেখা যায়। ড° নবীন চন্দ্ৰ শৰ্মাৰ মতে “একেটা ক্ৰিয়াৰ বাৰম্বাৰ আচৰণ বা আবৃত্তিক কৰ্ষণ বা কৃষ্টি আখ্যা দিব পাৰি; আৰু এই কৃষ্টিক সংস্কাৰ কৰি লোৱাটোৰ নামেই সংস্কৃতি।”
আনহাতে বিশ্বনাৰায়ন শাস্ত্রীৰ মতে “কৃষ্টি হ’ল এটা জাতিয়ে কৰা সকলো কামৰে সমষ্টি আৰু সংস্কৃতি হ’ল সেই জাতিৰ চিন্তা, কল্পনা আৰু কামৰ শ্ৰেষ্ঠ অংশখিনি। ইয়াৰ প্ৰভাৱ জাতিৰ মনত থাকি যায়। সেই প্ৰভাৱে জাতিৰ জাতীয় আদৰ্শ গঢ় দিয়ে, কামত অনুপ্ৰেৰণা দিয়ে।”
কিন্তু বাস্তৱ ক্ষেত্ৰত কৃষ্টি-সংস্কৃতিৰ এনে বিশাল ভাৱাৰ্থ সুদূৰ পাৰাহতে আছে বুলিব পাৰি। বৰ্তমান সন্ধিয়া জাকজমকতাৰে একোখন সাংস্কৃতিক অনুষ্ঠান পাতি তাত পৰিৱেশন কৰা কেইটামান গীত, নৃত্য, নাটক আদিকেই সামৰি কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ চলাই থকা হৈছে। চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দৰে একোটা বিভাগ আছে যদিও সম্প্ৰতি বঁটা প্ৰদান, দুই-এখন সংগীতানুষ্ঠান অনুষ্ঠিত কৰাৰ মাজতে তাৰ দায়িত্ব শেষ। আনহাতে বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহতো একোটা সাংস্কৃতিক বিভাগ থাকে যদিও বছৰৰ মূৰত বিশ্ববিদ্যালয় সপ্তাহ, কলেজ সপ্তাহ আৰু যুৱমহোৎসৱৰ দৰে অনুষ্ঠান পাতি নিজৰ দায়িত্ব পালন কৰে। প্ৰকৃততে কোনো জাতীয় অনুষ্ঠানেই প্ৰকৃত সংস্কৃতি কি তাক বুজি উঠি তাক ৰক্ষা কৰাৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰা দেখা পোৱা নাযায়।
সংস্কৃতিৰ স্বৰূপ নিৰ্ণয়ৰ ক্ষেত্ৰত জ্যোতি প্ৰসাদে কিছু বাস্তৱ দৃষ্টিভংগীৰে চিন্তা-চৰ্চা কৰিছিল। তেওঁৰ মতে “আমি বাস্তৱিক জীৱনৰ সকলো আহিলাতে সৌন্দৰ্য প্ৰয়োগ কৰাৰ লগে লগে আমাৰ মন আৰু হৃদয়ৰ গুণতো সৌন্দৰ্য প্ৰয়োগ কৰো। এই বাহিৰ আৰু ভিতৰ দুয়োৰে উৎকৰ্ষণ আৰু তাত সৌন্দৰ্য প্ৰয়োগ হ’লেই মানুহৰ সংস্কৃতিয়ে পূৰ্ণ ৰূপ পায়। এজন মানুহ যদি সুকুমাৰ কলাৰ সৃষ্টিত অভিনৱ সৌন্দৰ্য সৃষ্টি কৰিব পৰা হৈও,মানুহৰ সৈতে ব্যৱহাৰত আৰু সম্বন্ধত মানসিক গুণবোৰ প্ৰকাশ কৰিব নোৱাৰে তেন্তে সেই মানুহজনৰ সংস্কৃতি নিশ্চয় অসম্পূৰ্ণ বুলিব লাগিব।”
জ্যোতিপ্ৰসাদে সংস্কৃতিৰ দুটা দিশৰ কথা কৈছে। অন্তৰভাগ আৰু বৰ্হিভাগ। ইয়াৰে অন্তৰভাগত প্ৰকাশ পাই আধ্যাত্মিক উপলব্ধিৰ মানসিক উৎকৰ্ষ। আনহাতে বৰ্হিভাগত প্ৰকাশ পাই বাস্তৱ জীৱনৰ চিন্তা আৰু কৰ্মৰাজি। বৰ্তমান আমাৰ সংস্কৃতি ৰক্ষাৰ বেলিকাও সততে আন্তঃসংস্কৃতিৰ অভাৱ লক্ষ্য কৰা দেখা যায়। যাৰ বাবে বহু সময়ত একোজন ব্যক্তি বা একোটা পৰিয়াল ঘৰ-দুৱাৰ, আচবাব, শিক্ষা-দীক্ষা আদি সকলো ফালৰ পৰাই সংস্কৃতিবান যেন লাগিলেও তেওঁৰ সনিধ্যলৈ যোৱাৰ পিছত বা তেঁওৰ লগত কথা পতাৰ পিছত দেখা যায় যে তেওঁৰ বাহ্যিক আৱৰণটোহে সংস্কৃতিৰ বৈশিষ্ট্যৰে ভৰা। ভিতৰখন আন্তঃসাৰশূন্য আৰু দুস্কৃতিৰ কচৰ্যৰে ভৰা।
আমি সাধাৰণ অৰ্থত সংস্কৃতি সম্পন্ন ব্যক্তি বুলি ক’লে যিজন ব্যক্তিক বুজো সেইজন ব্যক্তি প্ৰকৃততেই আভ্যন্তৰীণ সংস্কৃতিৰ সুষমাৰে ভৰা হ’ব লাগিব। খং, ক্ষোভ, দুখ, বেদনা, হতাশাৰ মুহূৰ্ততো আত্মনিয়ন্ত্ৰণৰ মাজেৰে নিজৰ মানৱীয় গুণখিনি আনৰ আগত প্ৰকাশ কৰিব পৰা ব্যক্তিজনকেই আমি সংস্কৃতিসম্পন্ন ব্যক্তি বুলিব পাৰো। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে যিদৰে সকলো সভ্য মানুহকে সংস্কৃতি সম্পন্ন বুলিব নোৱাৰি সেইদৰে সকলো সংস্কৃতি সম্পন্ন লোকেই সুসভ্য নহয়। মানসিক উৎকৰ্ষইহে একোজন মানুহক সভ্য আৰু সংস্কৃতিবান কৰি তুলিব পাৰে। বৰ্তমান সংস্কৃতিৰ ক্ষেত্ৰত দেখা দিয়া এই সমস্যাটোৱেই সংস্কৃতিৰ ভেটি ঠৰকবৰক কৰি তুলিছে। নিজৰ জাতি, ভাষা, সাহিত্য, উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি আদিৰ প্ৰতি কোনো ধৰণৰ শ্ৰদ্ধা নথকাকৈ কেৱল ভোগবাদী মানসিকতাৰে সংস্কৃতি ৰক্ষাত আত্মনিয়োগ কৰা মানুহৰ সংখ্যা বৃদ্ধি পাব লাগিছে। যিটোৱে আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত গভীৰ সংকটৰ সৃষ্টি হৈছে।
এখন ৰাজ্যৰ সাংস্কৃতিক উপাদানসমূহ সংগ্ৰহালয়ত সংৰক্ষণ কৰি আমি নতুন প্ৰজন্মৰ বাবে ৰাখি থৈ যাব পাৰো। কিন্তু আমি চিন্তা কৰিব লাগিব বাস্তৱ ক্ষেত্ৰত কি দৰে তাক পালন কৰি উঠি অহা প্ৰজন্মক পৰিচয় কৰি দিব পাৰো। সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ড° ভুবনমোহন দাসে তেওঁৰ ‘অসমীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু অন্যান্য’ নামৰ গ্ৰন্থত এটা লাখটকীয়া প্ৰশ্ন কৰিছে যে “অসমীয়া সংস্কৃতি জীৱন্ত অৱস্থাত ৰক্ষাৰ দায়িত্ব গাঁৱৰ মানুহৰ ওপৰতে ন্যস্ত নেকি?”
সকলো সংস্কৃতিৰ কেন্দ্ৰবিন্দু হ’ল গাঁৱসমূহ। গাঁৱৰ সহজ-সৰল মানুহখিনিৰ মাজতে অধিকভাৱে জীপাল হৈ থাকে প্ৰতিটো উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি আৰু বিভিন্ন লোকসাংস্কৃতিক সমলসমূহ। কিন্তু বিভিন্ন কাৰণত মানুহ নগৰমুখি হোৱাৰে পৰা আভিজাত্যৰ দোহাই দি নগৰৰ বহু মানুহে সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত এক ধৰণৰ লজ্জাবোধ অনুভৱ কৰে। যাৰ বাবে নগৰীয়া সংস্কৃতি বুলিও এক ধৰণৰ নতুন সংস্কৃতিয়ে গঢ় লৈ উঠা দেখা গৈছে। এনে নগৰীয়া সংস্কৃতিৰ নতুন ধ্যান-ধাৰণাই কেতিয়াবা সমাজত সংঘাত সৃষ্টি নকৰাকৈও থকা নাই। গাঁৱৰ পুৰণি সাংস্কৃতিক অভিব্যক্তিৰ মাজত বাস কৰা পুৰণি চাম মানুহ আৰু নতুন ধ্যান-ধাৰণাত ডাঙৰ-দীঘল হোৱা পুৰুষ (New Generation) ৰ মাজৰ এনে সংঘাতে কেতিয়াবা একোজন ঘৰ, একোটা পৰিয়ালৰ বহু বছৰীয়া সম্প্ৰীতিকো জোকাৰি যোৱা দেখা গৈছে। এটা কথা যে, সংস্কৃতি হ’ল জীৱন যাপন প্ৰণালীৰ এক ধাৰা।
মানুহৰ অভিজ্ঞতা, জ্ঞান, প্ৰয়োজন আদিয়েই সংস্কৃতিৰ জন্ম দিয়ে। এই ফালৰ পৰা নগৰীয়া সংস্কৃতিকো আমি ভুল বুলি একেষাৰে ক’ব নোৱাৰো। জীৱন যাত্ৰাত আগুৱাই যাওতে অনেক লোকে অভিজ্ঞতাৰ পৰা অনেক নতুন নতুন সংস্কাৰ সঞ্চিত কৰে। এই সঞ্চিত সংস্কাৰ পুৰণিৰ লগত যোগ হয় আৰু কৌতিকলীয়া পুৰণি সংস্কৃতিয়ে নতুন ৰূপত আত্মপ্ৰকাশ কৰে। যি সংস্কৃতিয়ে নতুন অভিজ্ঞতা, জ্ঞান, সংস্কাৰ সামৰি ল’ব পাৰে সেই সংস্কৃতিয়েই সমাজত মহিয়ান হৈ থাকে। কিন্তু এই ক্ষেত্ৰত এটা কথা মানি ল’ব লাগিব যে, একো নোহোৱাৰ পৰা বা শূণ্যৰ পৰা সংস্কৃতিৰ সৃষ্টি হ’ব নোৱাৰে। ইয়াৰ এটা ভেটি থাকিব লাগিবই লাগিব। অসমীয়া সংস্কৃতিৰো এটা নিজস্ব ভেটি আছে। গতিকে ইয়াৰ ৰক্ষা কৰা প্ৰতিজন অসমীয়াৰে পৱিত্ৰ কৰ্তব্য ।
প্ৰশ্ন ২। সংস্কৃতিৰ সংজ্ঞা দিয়া ?
উত্তৰঃ “সংস্কৃতি” শব্দটোৰ ব্যৱহাৰ ভাৰতীয় ভাষাত অৰ্বাচীন। প্ৰাচীন ভাৰতীয় সংস্কৃত, পালি,প্ৰাকৃত নাইবা তামিল, তেলেগু আদি কোনো ভাষাতে ইয়াৰ ব্যৱহাৰ দেখা নাযায়। আধুনিক ভাৰতীয় প্ৰাদেশিক ভাষাবিলাকতো ইয়াৰ ব্যৱহাৰ হোৱা বেছি দিন হোৱা নাই। সঠিককৈ ক’বলৈ গ’লে বৰ্তমান শতিকাৰ পঞ্চম দশক মানৰ পৰাহে ‘সংস্কৃতি’ শব্দক ইংৰাজী কালচাৰ (Culture) শব্দৰ সমাৰ্থক ৰূপ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু তেখেতৰ সমসাময়িক কেইবাজনো লেখকে ‘কালচাৰ’ শব্দকে ব্যৱহাৰ কৰিছিল। আনকি সাম্প্ৰতিক কালৰ ভাষাবিদ আৰু মানৱ বিজ্ঞানী (Humanist) ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ে ইংৰাজী ‘কালচাৰ’ শব্দৰ প্ৰতিশব্দ হিচাপে ‘কৃতি’কেই ব্যৱহাৰ কৰিছিল। ইয়াৰ পৰৱৰ্তী আলোচনাসমূহতহে তেখেতে সংস্কৃতি শব্দটো ব্যৱহাৰ কৰিছে । ‘সংস্কৃতি’ শব্দটো কালচাৰৰ সমাৰ্থক ৰূপে প্ৰথমে মাৰাঠী ভাষাত ব্যৱহাৰ কৰা হয়। তাৰ অনুকৰণতহে ডঃ চট্টোপাধ্যায়ে সংস্কৃতি শব্দ গ্ৰহণ কৰে। কোনো কোনো লেখকে ‘কৃষ্টি’ শব্দৰে কালচাৰৰ চাহিদা পূৰণ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু সূক্ষ্মভাৱে আলোচনা কৰিলে দেখা যায় যে ‘কৃষ্টি’ শব্দই প্ৰকৃততে ইংৰাজী কালচাৰৰ সম্পূৰ্ণ অৰ্থ বহন কৰিব নোৱাৰে। কৃষ্টি বুলিলে কোনো মানৱ জাতিয়ে কৰা কৰ্ম সমষ্টিকহে বুজায়, জাতিৰ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত চিন্তা-কল্পনা আদি শ্ৰেষ্ঠ কামখিনি সামৰি লবলৈ ‘কৃষ্টি’ শব্দৰ এলেকা অপাৰগ।
গতিকে ‘ভাৰতীয় কৃষ্টি’ , ‘কৃষ্টিৰ ধাৰা’ ইত্যাদিৰ ব্যৱহাৰ কৰা হৈছিল যদিও আধুনিক লেখকসকলে কালচাৰৰ অধিক অৰ্থব্যঞ্জক শব্দ হিচাপে ‘সংস্কৃতি’কে গ্ৰহণ কৰিছে। অৰ্থৰ বিভিন্ন সুঁতিৰ পৰা সমাহৃদ কৰাৰ বাবে সংস্কৃতিৰ ব্যুৎপত্তিগত শুদ্ধ ব্যাখ্যা দিয়া টান। শব্দ ৰূপত ইয়াক সং+কৃ+ক্তিন্ =সংস্কৃতি কৰিব পাৰি আৰু ইংৰাজী শব্দটোৰ লগত সম্পৰ্ক ৰাখি ইয়াৰ অৰ্থ সংস্কাৰ বা সংশোধন বুলিব পাৰি।
আওপকীয়াকৈ ক’বলৈ গ’লে ‘সংস্কৃতি’ ইংৰাজী Culture শব্দৰ পৰা অনূদিত পৰিভাষাহে । ভাৰতীয় মূলজ নহয়। তথাপি সম্পত্তি প্ৰায়বোৰ ভাৰতীয় প্ৰাদেশিক ভাষাই (আৰ্য্য ভাষা পৰিয়ালৰ) এই শব্দটো বিনা দ্বিধাই গ্ৰহণ কৰিছে।
ইংৰাজী Culture শব্দৰ মূল লেটিন। লেটিনৰ Culture ৰ পৰা Culture হৈছে। Culture ৰ অৰ্থ কৰ্ষণ কৰা, সংশোধন কৰা বা সংস্কাৰ কৰা।
এতিয়া প্ৰশ্ন হ’ল সংস্কৃতি কি ? কাক বোলে ? ইয়াৰ উত্তৰ সহজে দিয়া টান। আগতে উল্লেখ কৰাৰ দৰে যিহেতু ভাৰতীয় ভাষাসমূহত সংস্কৃতি শব্দৰ আবিৰ্ভাৱেই অৰ্বাচীন, ইয়াৰ সৰ্বসন্মত সংজ্ঞাৰ আলোচনাও এতিয়ালৈকে হোৱা নাই। দুই এজন লেখকৰ আলোচনাৰ প্ৰসংগ উত্থাপন কৰিছে যদিও তেনে ধৰণৰ প্ৰাসংগিক আলোচনাই শুদ্ধ নিৰূপণ কৰিব নোৱাৰে। পাশ্চাত্যৰ পণ্ডিতসকলে ইতিমধ্যে নৃতত্ত্ব, ভাষাতত্ত্ব, সমাজবিজ্ঞান আদি বিভিন্ন দিশৰ পৰা সংস্কৃতিৰ সংজ্ঞা নিৰূপণৰ প্ৰচেষ্টা চলাইছে । বেলেগ বেলেগ লেখকে এওঁলোকৰ অধ্যয়নৰ দিশ লৈ সংস্কৃতিৰ সংজ্ঞা বিভিন্ন ধৰণে দিছে। তাৰে কেইটামানৰ আলোচনা তলত দিয়া হ’ল ।
বহু বছৰ আগতে ই-বি টেইলৰে দিয়া সংস্কৃতিৰ সংজ্ঞাকে এতিয়ালৈকে ধ্ৰুপদ বুলি ধৰি লোৱা হৈছে। তেওঁৰ অধ্যয়নৰ দিশ আছিল নৃতত্ত্ব। “আদিম সংস্কৃতি এনে এটা জটিল ৰূপ য’ত জ্ঞান- বিশ্বাস নীতি-নিয়ম,আচাৰ – ব্যৱহাৰ, অন্যান্য সামৰ্থ্য আৰু সমাজৰ লোক হিচাপে মানুহে আহৰণ কৰা অভ্যাস আদি সকলোকে সামৰি লয়।” লোকাচাৰ, লোকনীতি এইবোৰ বস্তুগত নহয়। মানুহে দলবদ্ধ হৈ জীৱন নিৰ্বাহ কৰাৰ লগে লগে সমাজ গঠন হ’ল আৰু সমাজৰ মাজত মানুহৰ পাৰস্পৰিক আদান -প্ৰদান আৰু অভ্যাসৰ পৰাই এইবিলাক অবস্তুগত আচাৰ, নীতি, বিশ্বাস উদ্ভৱ হয়। অৱশ্যে সমাজৰ মাজত এনেকুৱা বস্তুগত উপদানো নোহোৱা নহয় – যিবোৰ সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰয়োজনীয়তাৰ লগত তুলনা কৰিব পাৰি। আদিম অৱস্থাৰ জোঙা তীৰৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক কালৰ স্বয়ংক্ৰিয় যন্ত্ৰলৈকে আটাইবোৰ শিল্পকৰ্ম মানুহৰ সমাজৰেই দান।
অৰ্থাৎ দলবদ্ধ মানুহৰ চিন্তাৰ ৰূপান্তৰ। মানুহে সংস্কৃতিৰ বিভিন্ন উপকৰণৰ কেৱল বস্তুগত দিশটোহে গ্ৰহণ কৰিছে এনে নহয়; সিবিলাকক প্ৰতীকৰ দ্বাৰায়ো প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। এতেকে সংস্কৃতিৰ উপাদান বা উপকৰণ আৰু তাৰ ওপৰত আৰোপিত প্ৰতীক- ধৰ্মী ব্যাখ্যাৰ অৰ্থপূৰ্ণ সম্বন্ধ আছে। সংস্কৃতিয়ে আচাৰ-বিচাৰ, পাৰ্থিৱ বস্তু আৰু তাৰ লগত অৰ্থপূৰ্ণ সম্বন্ধবোৰকেই উপাদান হিচাপে গ্ৰহণ কৰে।
মানুহ আদিম অৱস্থাৰ পৰাই প্ৰতীকক প্ৰকাশৰ মাধ্যম হিচাপে বিচাৰি পাইছে। মানৱৰ বিৱৰ্তনৰ লগে লগে প্ৰতীকৰো ক্ৰমবিবৰ্তন হৈ আহিছে। সংস্কৃতিৰ এই প্ৰতীকধৰ্মিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আন এজন নৃতত্ত্ববিদ লেচলি এ-হোৱাইটে কৈছে – “সংস্কৃতি পৰিদৃশ্যমান বস্তুৰ সন্মিলন, কার্য (চাল-চলন), ভাৱ (বিশ্বাস, জ্ঞান), আবেগ (মনোভাৱ, মূল্যবোধ) ইত্যাদি এই আটাইবোৰ প্ৰতীকৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। সংস্কৃতি আৰম্ভ হয় মানুহে কথা কবলৈ আৰু ইংগিত ব্যৱহাৰ কৰিবলৈ লোৱা সময়ৰ পৰা। এই ইংগিতধৰ্মী বা প্ৰতীকধৰ্মী স্বভাৱৰ কাৰণেই মানুহে সাংস্কৃতিক সহজে আৰু স্ব-ইচ্ছাৰে এজনৰ মানৱেন্দ্ৰিয়ৰ পৰা আন এজনলৈ প্ৰেৰণ কৰিব পাৰে। “এতেকে মানুহৰ ইতিহাস অধ্যয়ন কৰাৰ লগে লগে সংস্কৃতিৰো অধ্যয়ন কৰা হয়। সংস্কৃতিৰ অধ্যয়নো মানৱ ইতিহাসৰেই অধ্যয়ন।
এই প্ৰসংগৰ আলোচনাত “সংস্কৃতিৰ ইতিহাস মানে মানুহ হিচাপে মানুহৰ ইতিহাস” বুলি মেৰিলে কোৱা কথাষাৰ অধিক প্ৰণিধানযোগ্য। যুগ যুগ ধৰি সংস্কৃতিয়ে ইটোৰ পাছত সিটোলৈ বাগৰ সলাই আহিছে। সময়ৰ হেঁচাত তাৰে কিছুমান উপাদান হেৰাই গৈছে, কিছুমান পৰিৱৰ্তন হৈছে আৰু কিছুমান ন ন উপাদান এতিয়াও সংযোগ হৈয়েই আছে । কিন্তু সংস্কৃতি নিজেই চিৰ প্ৰবাহমান । সেইবাবে হোৱাইটে মোখানি মাৰি কৈছে – “সংস্কৃতি প্ৰতিকধৰ্মী, অবিৰত, ক্ৰম-সঞ্চিত আৰু বিশিষ্ট ধাৰাত গতিশীল ।”
কৃষ্টিৰ কৰ্ম -সমষ্টিতকৈ তাৰ শ্ৰেষ্ঠ অংশখিনিৰ ওপৰত সংস্কৃতিয়ে প্ৰাধান্য লাভ কৰে সেই কথা আগতে উনুকিয়াই অহা হৈছে । সংস্কৃতিৰ সংজ্ঞা নিৰূপণ ‘কোনে’ এই শ্ৰেষ্ঠ গুনখিনিক (learned quality) ওপৰত গুৰুত্ব আৰোপ কৰি কৈছে যে সংস্কৃতিক আমি “জ্ঞানৰ জৰিয়তে পুৰুষানুক্ৰমে লাভ কৰা জীৱন ধাৰণৰ প্ৰণালীক সমষ্টি বুলি ক’ব পাৰোঁ। “৭ সংস্কৃতিৰ উপাদানৰ বিষয়ে আলোচনা কৰি তেওঁ কৈছে– “সংস্কৃতিয়ে যুগ্ম আৰু দলবদ্ধ মানুহৰ মাজত সম্বন্ধ ঘটায়। প্ৰাকৃতিক বস্তুক লৈ মানুহে কৰা কাৰ্যকলাপ, সংগীত, চিত্ৰকলা আৰু মানুহৰ প্ৰতিকৃতিকে আদি কৰি প্ৰতীকৰ ৰাজ্যত ব্যয় কৰা শক্তিকো উপাদান হিচাপে অন্তৰ্ভুক্ত কৰা।” ৮ এইখিনিতে এটা কথা কোৱা উচিত হ’ব যে যদিও সংস্কৃতিক পুৰুষানুক্ৰমে ইজনৰ পিছত সিজন মানুহে অৰ্পণ কৰি যায় তাৰ বংশগত অৰ্থাৎ তেজৰ লগত সম্পৰ্কজাত পৰম্পৰাগত উপাদানক সংস্কৃতিৰ উপকৰণ বুলি ধৰিব নোৱাৰি।
তাতোকৈ সেই মানৱদলে কৰা শ্ৰেষ্ঠ কৰ্মখিনিকহে সংস্কৃতিৰ উপকৰণ হিচাপে গ্ৰহণ কৰে। মানুহে প্ৰতীকৰ যোগেদি জ্ঞান আহৰণ কৰিবলৈ ভাল পায় আৰু সেই জ্ঞানৰ ফল পুৰুষানুক্ৰমে তেওঁলোকৰ বংশধৰসকললৈ অৰ্পণ কৰি যায়। পুৰুষে-পুৰুষে মানৱ সমাজে এইদৰে সঞ্চয় কৰা বস্তুবোৰেই হ’ল সংস্কৃতি।
সংস্কৃতি সমাজৰে দান যদিও ইয়াক আহৰণ কৰা সহজ নহয়। ইয়াক আহৰণ কৰিবলৈ বৌদ্ধিক প্ৰক্ৰিয়া (Intellectual process) অৱলম্বন কৰিবলগীয়া হয়। সংস্কৃতিৰ এই বৌদ্ধিক গুণৰ (Intellectual quality) বিষয়ে বিডনীয়ে কোৱা কথাষাৰ এইখিনিতে উল্লেখ কৰিব পাৰি। তেওঁ কৈছে– “সংস্কৃতি সমাজৰ পৰা আহৃত বা কৰ্ষিত আচৰণ (behaviour)।
সংস্কৃতি সমাজৰ ব্যক্তিৰ চিন্তা। কিয়নো সমাজৰ ব্যক্তিয়ে বৌদ্ধিক, শৈক্ষিক, সামাজিক আদৰ্শ আৰু অনুষ্ঠানৰ লগত ওতপ্ৰেতভাৱে জড়িত থাকে আৰু সিবিলাকৰ লগত আকাঙ্গীভূত হ’বলৈ যত্ন কৰে।” সেই কাৰণে সংস্কৃতি সমাজৰ ফল বুলি কোৱা হৈছে। মানুহৰ পাৰস্পৰিক আদান-প্ৰদান বা কাৰ্যকলাপৰ পৰা সংস্কৃতি আহৰণ কৰা হয়। প্ৰথমে ইয়াক আহৰণ কৰাটো বুদ্ধিজনিত কাম। ইয়াৰ বাস্তৱিক দিশ অৰ্থপূৰ্ণ হয় কেৱল মনোজগততহে। ভাষাৰ দৰে অৰ্থপূৰ্ণ মাধ্যম বা তেনে ধৰণৰ প্ৰতীকী কায্যৰ জৰিয়তে মানুহে প্ৰথমে সংস্কৃতি শিকিলে। তাৰ পাছত সেইবোৰ প্ৰেৰণ কৰিলে পৰৱৰ্তীসকললৈ। বিডনীয়ে মতে “মানুহ স্বাভাৱিকতে সংস্কৃতিপ্রিয় জীৱ, যিহেতু মানুহে নিজেই নিজৰ বিষয়ে কৰ্ষণ, প্ৰতিফলন আৰু আত্মচাহিদা পূৰণ কৰিব পাৰে। সংস্কৃত জীৱন যাপন কৰাৰ লগে লগে মানুহে এই স্বাভাৱিক কৰিণতি লাভ কৰে।”
পাৰচনে আকৌ কাৰ্যৰ প্ৰণালীক (System of action) সংস্কৃতিৰ মৌলিক উপাদান বুলি অভিমত পোষণ কৰে। ওপৰত উল্লেখ কৰি অহাৰ দৰে পাৰচনেও সংস্কৃতি সমাজৰ পাৰস্পৰিক কাৰ্য্য-কলাপৰ (Social interaction) পৰা উদ্ভূদ হোৱা বুলি কৈছে ‘সংস্কৃতি পৰৱৰ্তী মানুহৰ আচৰণৰ পথ প্ৰদৰ্শক।” এইখিনিতে এটা মন কৰিবলগীয়া কথা যে সংস্কৃতি এফালে যেনেকৈ সমাজৰ লগত ওতপ্ৰোতভাৱে জড়িত আনফালে ব্যক্তিৰ ব্যক্তিত্বৰ লগতো সেইদৰে নিবিড়ভাৱে জড়িত। কিয়নো ব্যক্তি সমাজৰে অংশ বিশেষ। গতিকে, সংস্কৃতি আৰু সংস্কৃতি সমাজৰ কাৰ্য্য বা আদান-প্ৰদানৰ পৰা উদ্ভৱ হোৱা হেতুকে ব্যক্তিৰ ব্যক্তিত্বৰ বাবেও আৱশ্যকীয় উপাদান। ব্যক্তিৰ ব্যক্তিত্ব গঢ় লয় সেই সমাজৰ সংস্কৃতিক সাঁচত আৰু ব্যক্তিয়ে তেওঁৰ সমাজৰ সংস্কৃতিক একত্ৰিত কৰাত অৰিহণা যোগায়।”
সমাজ , সংস্কৃতি আৰু ব্যক্তিত্বৰ নিবিড় সম্বন্ধৰ বিষয়ে লিন্টনে কোৱা কথাষাৰ অধিক মন:ফুত। তেওঁ কৈছে “ব্যক্তিৰ সংঘবদ্ধ সমষ্টিয়েই সমাজ। বিশেষ এখন সমাজৰ বৈশিষ্ট্য বহন কৰিব পৰা শিক্ষিত লোকৰ দলবদ্ধ সমষ্টিকেই সংস্কৃতি বুলিব পাৰি । ব্যক্তি, স্বাধীন চিন্তা, অনুভূতি আৰু কাৰ্য্য বহন কৰিব পৰা এক জীৱন্ত যন্ত্ৰ। কিন্তু ব্যক্তিৰ সেই স্বাধীনতা সীমিত। কিয়নো তেওঁৰ সকলো সম্পদ সৰুৰে পৰা ডাঙৰ দীঘল হোৱা সমাজ আৰু সংস্কৃতিৰ সংস্পৰ্শত পৰিশোধন কৰা।” ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিপ প্ৰভৱ অস্বীকাৰ কৰিব নোৱাৰি। ব্যক্তি বিশেষে চিন্তাৰ স্বাধীনতা পালেও তাক পূৰ্ণ স্বাধীনতা বুলি ক’ব নোৱাৰি। অলক্ষিতে তেওঁৰ চিন্তা চর্চাতো সমাজৰ চাপ থাকি যায়।
এই আলোচনাত সমাজ, সংস্কৃতি আৰু ব্যক্তিত্বৰ পাৰস্পৰিক আৰু ত্ৰৈকোণিক সম্বন্ধ আনি উল্লেখ কৰিছোঁ। এই কাৰণেই যে ইয়াৰ এটাক বাদ দি আনটোক সম্পূৰ্ণকৈ পৃথক কৰি দেখুৱাব নোৱাৰি।
সংস্কৃতিৰ বিষয়ে আটাইতকৈ বিতং আলোচনা কৰে এ, এল, ক্ৰবাৰে। ১৯১৭ চনত তেওঁ সংস্কৃতি বিষয়ক এটা প্ৰবন্ধ প্ৰকাশ কৰে। সেইখন তেওঁৰ বিখ্যাত ৰচনা বুলি খ্যাতি আছে। এই প্ৰবন্ধৰ আলোচনাত ক্ৰবাৰে সংস্কৃতিক ‘অতিন্দ্ৰীয়’ (superorganic) লক্ষণযুক্ত বুলি অভিহিত কৰিছে। তেওঁৰ বক্তব্য এয়ে আছিল যে সংস্কৃতি কোনো ইন্দ্ৰিয়-সম্পন্ন ব্যক্তিৰ ওপৰত বৰ্তি থাকে। অৰ্থাৎ সংস্কৃতিক ব্যক্তিয়েই বহন কৰি নিয়ে। কিন্তু সংস্কৃতিৰ স্বৰূপ আৰু স্থিতি কোনো বিশেষ ব্যক্তিৰ পৰা স্বতন্ত্ৰ হৈ থাকে। উদাহৰণ স্বৰূপে ভাষাৰ কথাকেই ক’ব পাৰি। ভাষা এটা প্ৰণালীবদ্ধ আৰু অৰ্থপূৰ্ণ প্ৰতীক। (ভাষাসংস্কৃতিৰ উপদানো)। এই ভাষাটোৱেই সংস্কৃতিৰ অতীন্দ্ৰীয় গুণৰ বিষয়ে বিশ্লেষণ দাঙি ধৰে। কোনো সমাজৰ ভাষাই বিশেষ এক ব্যক্তিৰ জীৱনৰ ওপৰত নিৰ্ভৰ নকৰে। ই সামূহিক জীৱনৰ বস্তু। ব্যক্তিবিশেষৰ অৱসানত ইন্দ্ৰিয় চেতনা বিলুপ্ত হোৱাৰ দৰে ভাষা বিলুপ্ত নহয়। অথচ সকলো মানুহে যদি স্বইচ্ছা লিখিত পুথিবিলাকৰ সৈতে ভাষাটো বিলুপ্ত বা নাইকীয়া কৰি দিয়ে-সম্ভৱত : ভাষাটোৰ বিলুপ্ত ঘটিব। ভাষাই সাধাৰণতে অতীন্দ্ৰীয় বস্তুৰ দৰে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ আৰু কোনো জনসমষ্টিৰ পৰা অন্য এক জনসমষ্টিলৈ বাগৰি বাগৰি আহি থাকে। সেই কাৰণে ক্ৰবাৰে ইয়াক ‘অতীন্দ্ৰীয় বস্তু’ বুলি অভিহিত কৰিছে।
সংস্কৃতিৰ বিষয়ে ক্ৰবাৰে আৰু ক্লকনেই আটাইতকৈ দীঘলীয়া পৰীক্ষা চলাইছিল। প্ৰথমে তেওঁলোকে “সংস্কৃতি” শব্দৰ (ব্যুৎপত্তিগত) বুৰঞ্জী আৰু ভাষাতত্ত্বিক দিশত ইয়াৰ বিভিন্ন অৰ্থৰ বিষয়ে অধ্যয়ন কৰে। তাৰ পাছত তেওঁলোকে কেইবাটাও শিতানত ভাগ কৰি সংস্কৃতিৰ সংজ্ঞা জৰিপ কৰিলে। এই শিতানবোৰ হ’ল–
১। বৰ্ণনাত্মক -(Descriptive)।
২। ঐতিহাসিক (Historical)।
৩। সাধাৰণ (Normative)।
৪। মনস্তাত্বিক (Psychological)।
৫। গঠনমূলক (Structural)।
৬। কৌলীক বা উৎপত্তি বিষয়ক (Genetic)।
এইদৰে বেলেগ বেলেগ দিশত অধ্যয়ন কৰাৰ পাছত তেওঁলোকে সংস্কৃতিৰ লক্ষণ, তাৰ সংমিশ্ৰিত উপাদান আৰু ধৰ্ম (গুণ) বিষয়ক বিভিন্ন মন্তব্য সংগ্ৰহ কৰিলে। তাৰ লগত সংস্কৃতি আৰু মনোবিজ্ঞান, ভাষা আৰু সংস্কৃতি, আৰু সংস্কৃতিৰ লগত সমাজৰ সম্বন্ধও তন্ন তন্নকৈ আলোচনা কৰিলে। এই আলোচনাৰ পৰা সংস্কৃতিৰ বিষয়ে সাহিত্যৰ বিস্তৃতি বা প্ৰসাৰতা বুজিব পাৰি। পাৰ্থিব আৰু অমূৰ্ত বিষয় অধ্যয়নৰ তুলনাত মানৱৰ বিষয়ে মানুহৰ অধ্যয়ন আপেক্ষিকভাৱে নগণ্য। এই জৰীপ কাৰ্য্যই মানৱ বিজ্ঞানীসকলক বিস্তৰ অধ্যয়ন অধ্যয়নৰ দুৱাৰ মুকলি কৰি দিছে।
তেওঁলোকে ক’লে যে মানুহে আহৰণ কৰা বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োবিধ আচৰণক লৈ সংস্কৃতি গঠিত। শিল্প ৰূপায়ণকে আদি কৰি মানৱ দলৰ বিশিষ্ট কাৰ্যাৱলীক প্ৰতীকৰ দ্বাৰা ইজনৰ পৰা সিজনলৈ সংস্কৃতিয়ে প্ৰেৰণ কৰে। সংস্কৃতিৰ আটাইতকৈ অন্তৰ্নিহিত কথা হৈছে চিন্তাৰ পৰম্পৰা, বিশেষকৈ তাৰ ওপৰত প্ৰতিষ্ঠিত মূল্যবোধ। সংস্কৃতিৰ এফালে কাৰ্য্যৰ ফল, আনফালে ভৱিষ্যৎ কৰ্মপন্থাৰ সম্ভৱপৰ উপাদান।
প্ৰশ্ন ৩। অসমীয়া সংস্কৃতিৰ স্বৰূপ, সংজ্ঞা আৰু বৈশিষ্ট্য উল্লেখ কৰি এটি প্ৰবন্ধ যুগুত কৰা।
উত্তৰঃ অসমীয়া সংস্কৃতিৰ স্বৰূপ : অসমীয়া ভাষাত ইংৰাজী ‘Culture’ শব্দৰ সমাৰ্থক ৰূপে সংস্কৃতি শব্দটো ব্যৱহাৰ কৰা দেখা যায় । অসমীয়া ভাষাৰ বাহিৰেও ‘সংস্কৃতি’ শব্দটো আন ভাৰতীয় প্ৰাদেশিক ভাষাবোৰত ব্যৱহাৰ কৰা দেখা যায়। ভাৰতীয় ভাষাবোৰত এই শব্দৰ ব্যৱহাৰ প্ৰাচীন নহয়। ‘সংস্কৃতি’ শব্দটো সংস্কাৰৰ লগত জড়িত। সংস্কৃতি শব্দটোৱে ‘সম আৰু কৃতি’ এই শব্দক সামৰি লৈছে। যি কৰ্মৰ মাজেদি সৃষ্টিশীলতা, সৌন্দৰ্য আৰু মানৱীয়তা প্ৰকাশ পায়, যিয়ে সংস্কৃতি। যাৰ সংস্কাৰ হৈছে, যিয়ে সংস্কৃতি। মানুহে সৃষ্টিশীল মনেৰে নতুন নতুন শিল্প কৰ্মৰ জন্ম দি সংস্কৃতি গতিশীল কৰে অৰ্থাৎ কৃষ্টিক সংস্কাৰ কৰি লোৱাৰ ফলতেই সংস্কৃতিৰ জন্ম হৈছে।
সংস্কৃতিৰ সংজ্ঞা : পণ্ডিতসকলে সংস্কৃতি শব্দটোৰ ব্যৱহাৰ বিভিন্ন ধৰণে কৰা দেখা যায়। তদুপৰি ইয়াৰ সংজ্ঞা বিভিন্ন পণ্ডিতসকলে বিভিন্ন ধৰণে আগবঢ়াইছে। ১৮৬৫ চনত পোন প্ৰথমে এডৱাৰ্ড টাইলাৰে ‘Culture’ শব্দটো ব্যৱহাৰ কৰিছে। এই ‘Culture’ শব্দটোৰ মূল হৈছে, লেটিন ভাষা। লেটিন ভাষা কোল ধাতুৰ পৰা উৎপন্ন Colere বা ‘Culture’ শব্দৰ পৰা ‘Culture’ শব্দটো আহিছে। ইয়াৰ অৰ্থ হৈছে– কৰ্ণণ বা খেতি কৰা। ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ে এজন মহাৰাষ্টীয় বন্ধুৰ পৰা অনুপ্ৰাণিত হৈ ৰবীন্দ্ৰনাথ ঠাকুৰক ‘সংস্কৃতি’ শব্দটোৰ দৃষ্টি আকৰ্ষণ কৰোৱায়। ফলস্বৰূপে ৰবীন্দ্ৰনাথৰ জৰিয়তে ‘সংস্কৃতি’ শব্দটো বঙলা ভাষাত গৃহীত হয়। ডঃ চট্টোপাধ্যায়ে সংস্কৃতি অৰ্থাৎ ‘Culture’ সম্পৰ্কে এনেদৰে কৈছে– ‘একেধাৰে সভ্যতা, তৰুৰ পুষ্প তাৰ আভ্যন্তৰ প্ৰাণ বা মানসিক অনুপ্ৰেৰণা যা, তাই হচ্ছে ‘Culture’। মালিনৱস্কিৰ মতে, সামগ্ৰীক জীৱন পদ্ধতিয়েই হৈছে ‘সংস্কৃতি’। ৰেডফ্ৰিক ব্ৰাউনে সংস্কৃতিক সামাজিক কৰ্ষণ ৰূপেহে গণ্য কৰে। এই কর্ষণে পুৰুষানুক্ৰমে চলি অহা পৰম্পৰা আয়ত্ত কৰি সমাজক স্থায়িত্ব প্ৰদান কৰে। লীলা গগৈয়ে সংস্কৃতিৰ বিষয়ে এনেদৰে কৈছে– মানুহৰ বস্তুগত, ভাৱগত, আধ্যাত্মিক, জাগতিক, সকলো সৃষ্টিকে সংস্কৃতিয়ে সামৰি লয়। সংস্কৃতিৰ সূত্ৰ অতি সংক্ষেপে এনেদৰে দিব পাৰি যে– মানৱৰ দ্বাৰা সৃষ্ট সামাজিক আচৰণবোৰেই হৈছে সংস্কৃতি। মানুহে দলবদ্ধভাৱে বাস কৰাৰ পৰিপ্ৰেক্ষিতত সমাজ গঠন হ’ল আৰু সমাজৰ মানুহৰ মাজত প্ৰচলিত আচাৰ-ব্যৱহাৰ, নীতি-নিয়ম, খোৱা-বোৱা, উৎসৱ-পাৰ্ৱণ, ধৰ্ম, লোকবিশ্বাস, শিল্প-কলা, ভাষা আদি সমূহীয়া জীৱন পদ্ধতিৰ প্ৰকাশকেই সংস্কৃতিয়ে সামৰি লয়। সংস্কৃতিয়ে সমাজৰ আচাৰ-বিচাৰ, পাৰ্থিৱ বস্তু আৰু তাৰ লগত অৰ্থপূৰ্ণ সম্বন্ধবোৰকেই উপাদান হিচাপে বাছি লয়।
সংস্কৃতিৰ বৈশিষ্ট্য : মানুহে সভ্যতাৰ পোহৰ পোৱাৰে পৰা সংস্কৃতি আৰম্ভ হয়। মানুহে যেতিয়াৰ পৰা কথা ক’বলৈ ধৰিলে, প্ৰতীক ব্যৱহাৰ কৰিবলৈ ধৰিলে তেতিয়াৰ পৰাই সংস্কৃতিৰ আৰম্ভ হয় বুলিব পাৰি। মানুহৰ ইতিহাস অধ্যয়ন কৰাৰ লগে লগে সংস্কৃতিৰো অধ্যয়ন কৰা হয়। সময়ৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিয়ে বাগৰ সলায়। সময়ৰ হেঁচাত সংস্কৃতিৰ কিছুমান উপাদান হেৰাই যায়, কিছুমান নতুন নতুন উপাদান সংযোগ হয়। কিন্তু সংস্কৃতি নিজেই গতিশীল অৰ্থাৎ চিৰ প্রবাহমান। সংস্কৃতিৰ কেইটামান বৈশিষ্ট্যৰ কথা হোৱাইটে উল্লেখ কৰিছে।
লোকসংস্কৃতিৰ আন এজন গৱেষক হাস্কোভিটৱে সংস্কৃতিৰ তিনিটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে–
(ক) মানৱ অভিজ্ঞতাত সংস্কৃতি বিশ্বজনীন, তদুপৰি ইয়াৰ স্থানীয় আৰু আঞ্চলিক ৰূপ লক্ষ্য কৰা যায়। এই স্থানীয় বা আঞ্চলিক ৰূপৰ মাজেদিয়ে সংস্কৃতিৰ বিশ্বজনীন বৈশিষ্ট্য প্ৰকাশ পায়।
(খ) সংস্কৃতি স্থবিৰ অথচ ই গতিশীল, অবিচ্ছিন আৰু অবিৰত পৰিবৰ্তন ইয়াত স্পষ্ট। বিশেষকৈ জনসাধাৰণৰ জীৱন-পদ্ধতি, যেনে– খোৱা-লোৱা, পিন্ধা-উৰা, ধৰণ-কৰণ আদিত সাংস্কৃতিক পৰিৱৰ্তনৰ স্পষ্ট আভাস পোৱা যায়।
(গ) সংস্কৃতিয়ে আমাৰ জীৱনৰ গতি নিৰ্ধাৰণ কৰে আৰু ইয়াৰ পৰিপুষ্টিত সমল যোগালে কেতিয়াবাহে ই আমাৰ সচেতন ভাব চিন্তাত প্ৰবেশ লাভ কৰিব পাৰে।
উপসংহাৰত সংস্কৃতিৰ স্বৰূপ সম্পৰ্কে আলোচনাৰ মূল কথা কেইটা থোৰতে উনুকিওৱা হ’ল–
(১) সংস্কৃতি জগতৰ সকলো মানুহৰ এক বিশেষ গুণ।
(২) সংস্কৃতি প্ৰতীক ধৰ্মী। এই প্ৰতীক গুণৰ হেতুকে সংস্কৃতি মানৱ জাতিৰ বাবে অৰ্থপূৰ্ণ।
(৩) সমাজত বাসকৰা প্ৰতিজন মানুহেই সংস্কৃতিৰ শিক্ষা আহৰণ কৰে। থোৰতে সংস্কৃতিক ব্যক্তিত্বৰ মূল ভেটি বুলি ক’ব পাৰি, ই মানৱ জীৱনক পৰিপূৰ্ণ ৰূপত গঢ় দিয়ে।
(৪) সংস্কৃতি সদায় গতিশীল। দেখাত স্থবিৰ যেন লাগিলেও ই সময়ে সময়ে পৰিৱৰ্তনৰ ফালে গতি কৰে। গতিশীলতাই সংস্কৃতিক নৱ-জীৱন দান কৰে, স্থবিৰতাই নিস্প্ৰাণ আৰু মৃত অৱস্থাপ্ৰাপ্ত কৰিব পাৰে।
প্ৰশ্ন ৪। অসমীয়া সংস্কৃতিৰ বিৱৰ্তনৰ স্তৰ কেইটা কি কি ? প্ৰত্যেক স্তৰৰ চমু আভাস দাঙি ধৰা।
উত্তৰঃ অসমীয়া সংস্কৃতিৰ ইতিহাস অতি প্ৰাচীন। এই সংস্কৃতি মূলতঃ আৰ্য সংস্কৃতিৰ ওপৰত কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। খৃ: পূ: ১৫০০ বছৰৰ আগতেই এক মানৱ গোষ্টী অষ্টলয়দসকল অসমৰ পুবেদি সোমাই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিয়পি পৰে ইয়াৰ পাছত তিব্বতবৰ্মী, আলপাইন, আৰ্য, টাইচীন আদি বিভিন্ন জনগোষ্ঠীৰ লোক নানা ফালেদি আহি অসমত সোমাইছিল। বিভিন্ন সাংস্কৃতিক গোষ্টীৰ সংমিশ্ৰণত অসমীয়া সংস্কৃতি আখ্যাৰ চিনাকি দিয়াৰ কেইবা হাজাৰ বছৰৰ আগতেই অসমীয়া সংস্কৃতিৰ ঘাই শিপাডাল গজিবলৈ আৰম্ভ কৰিছিল। এই জনগোষ্ঠীবোৰৰ সংস্কৃতিৰ উপাদান সংমিশ্ৰিত হৈ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে।
বোৱঁতী নদীৰ দৰে অসমীয়া সংস্কৃতিয়ে প্ৰাচীন কালৰ পৰা আধুনিক কাললৈ বিৱৰ্তনৰ ৰীতি মানি চলি আহিছে। অসমীয়া সংস্কৃতিৰ বিৱৰ্তনৰ ধাৰাটোক প্ৰাগ্ঐতিহাসিক অৰ্থাৎ প্ৰস্তৰ যুগৰ পৰা বৃটিছ শাসনৰ সময়লৈকে চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই স্তৰ কেইটা হৈছে–
১। প্ৰাগ্ঐতিহাসিক যুগ— (ক) প্ৰস্তৰ যুগ।
(খ) নৱ প্ৰস্তৰ যুগ।
২। ঐতিহাসিক যুগ— (ক) মহাকাব্যৰ যুগ।
(খ) তাম্ৰশাসনৰ যুগ।
৩। মধ্য যুগ— (ক) আহোম যুগ।
(খ) শংকৰী যুগ।
৪। আধুনিক যুগত— (ব্ৰিটিছ শাসনৰ পৰা বৰ্তমানলৈকে)।
ওপৰৰ স্তৰ কেইটাক সময় অনুসৰি তিনিটা যুগতো ভাগ কৰিব পাৰি। যেনে—
১। আদিযুগ– প্ৰাগ্ঐতিহাসিক কালৰ পৰা দ্বাদশ শতিকালৈকে।
২। মধ্য যুগ– ত্ৰয়োদশ শতিকাৰ পৰা অষ্টাদশ শতিকালৈকে।
৩। আধুনিক যুগ– অষ্টাদশ শতিকাৰ পৰা বৰ্তমানলৈকে।
প্ৰাগ্ঐতিহাসিক যুগ : অসমত প্ৰাগ্ঐতিহাসিক যুগৰ অধ্যয়নৰ কাৰণে বুৰঞ্জীবিদসকলৰ হাতত উপযুক্ত নিদৰ্শনৰ অভাৱ। অৱশ্যে কোনো কোনো ঠাইত প্ৰাগ্ঐতিহাসিক যুগৰ দুই এপদ নিদৰ্শন উদ্ধাৰ হৈছে যদিও সেইখিনিয়ে এই যুগৰ অসমৰ বিষয়ে বহুলভাৱে আলোকপাত কৰিব পৰা নাই। অসমৰ উত্তৰ কাছাৰ, বৰাইল পাহাৰ, নগাপাহাৰ আদিত গুহাবাসীলোকৰ গুহাৰ নিৰ্দশন পোৱা গৈছে আৰু গাৰো পাহাৰত প্ৰস্তৰ যুগৰ কিছু সমল পোৱা গৈছে। প্ৰস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা শিলৰ সঁজুলি কিছুমান উদ্ধাৰ কৰা হৈছে। এই শিলৰ সঁজুলিবিলাক ভাৰতৰ কোনো কোনো ঠাইত অৱিস্কৃত বস্তুৰ লগত মিল পোৱা গৈছে যদিও দক্ষিণচীনৰ ইউনানত পোৱা সঁজুলিৰ লগতহে বেছি মিল দেখা পোৱা যায়। এই যুগৰ এচটীয়া শিলক উপাসনা কৰিছিল। এচটীয়া শিলক পূজা বা উপাসন কৰা প্ৰথা আজিও অসমৰ বহুঠাইত পোৱা যায়।
নৱপ্ৰস্তৰ যুগত অসমত মানুহে বসবাস কৰা প্ৰমাণ পোৱা যায়। বিশেষকৈ গাৰোপাহাৰ, নগাৰজা, অৰুণাচল, মেঘালয় আদিত নৱপ্ৰস্তৰ যুগত মানুহ বসবাস কৰা প্ৰমাণ পোৱা যায়। এই যুগৰ সংস্কৃতি উন্নত মানৰ নাছিল। এই যুগৰ অধিবাসীসকলৰ ভিতৰত অষ্ট্ৰিক আৰু নিষাদসকলক ধৰা হৈছে। এওঁলোক বনৰীয়া ফল-মূল আৰু মঙহৰ ওপৰত নিৰ্ভৰশীল আছিল। পাছলৈ বনৰীয়া শস্যৰ সচ ৰোপন কৰি সামান্য ধৰণে মাটি চহাই প্ৰায়োগিক স্তৰত খেতি কৰিছিল। তাৰ পাছত লাহে লাহে গ্ৰাম্য কৃষি সংস্কৃতিৰ পাতনি মেলিছিল। নৱপ্ৰস্তৰ যুগতে কেতবোৰ কৃষিভিত্তিক উৰ্বৰা বিশ্বাস গঢ় লৈ উঠিছিল। এই যুগত পান তামোল, হালধি, লাও, কোমোৰা খেতি কৰাৰ উপৰিও জীৱ-জন্তুৰ মঙহ চিকাৰ কৰা আৰু মাছ ধৰা অভ্যাস গঢ় লৈ উঠিছিল। দৰাচলতে অষ্ট্ৰিকসকলে কৃষিভিত্তিক সংস্কৃতি আহৰণ কৰিছিল। অষ্ট্ৰিকসকলে সিঁচি থৈ যোৱা সংস্কৃতিৰ কঠীয়াবাৰীত মংগোলীয়সকলে আহি সংস্কৃতিৰ বীজ ৰোপন কৰিলে।
ঐতিহাসিক যুগ : অসমৰ সংস্কৃতিৰ তৃতীয় যুগ আৰম্ভ হয় এই ঐতিহাসিক যুগৰ পৰা। ঐতিহাসিক যুগত প্ৰথম কালছোৱাক মহাকাব্যৰ যুগ আৰু দ্বিতীয় কালছোৱাক তাম্ৰশাসনৰ যুগ বুলি অভিহিত কৰা হৈছে। খৃ: পূ: ১ম – ২য় শতাব্দীৰ পৰাই প্ৰাচীন যুগৰ সূচনা হয় বুলি অনুমান কৰা হয় যদিও সপ্তম শতিকাৰ পৰাহে ইয়াৰ ঐতিহাসিক সমল পোৱা যায়। এই সময়ছোৱাত পৰশুৰাম আৰু জমদগ্নিৰ নেতৃত্বত অগ্নি উপাসক আলপাইন আৰ্যসকল উত্তৰপূব অঞ্চলত উপস্থিত হৈছিল। এওঁলোকে পাছত অষ্ট্ৰিকসকলৰ মাতৃ তন্ত্ৰ অস্তিত্ব ক্ষুণ্ণ কৰি পিতৃতন্ত্ৰ প্ৰতিষ্ঠা কৰিলে। তিব্বতবৰ্মীসকলে আৰম্ভণিৰ পৰা হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। দৰাচলতে নৰক কামৰূপলৈ অহাৰ আগেয়ে তিব্বতবৰ্মীসকলৰ সৌজন্যত কামৰূপত হিন্দুধর্ম তথা আৰ্যসংস্কৃতি প্ৰতিষ্ঠা হয়। আৰ্যসকল অসমলৈ অহা সময়ত দেশ নিয়ন্ত্ৰণ কৰিছিল মংগোলীয়সকলে আৰু অসমৰ সংস্কৃতি অষ্ট্ৰো-মংগোলীয় ৰূপত প্ৰতিষ্ঠিত হৈছিল। এই অসম দেশ লৌহিত্য দেশ, পাৰ্বত্যদেশ আৰু ম্লেছ দেশ নামে জনাজাত আছিল। এই যুগটো যথাৰ্থতে সম্বন্ধয়ৰ যুগ।
অসমৰ ভৌগোলিক পৰিবেশত আৰ্যসকলৰ জীৱনযাত্ৰা পদ্ধতি সলনি হয়। আৰ্যসকলে বহন কৰি অনা আৰ্যভাষা পৰিৱৰ্তন ঘটি বিশেষকৈ অসমীয়া ভাষা আদিম স্তৰত উপনীত হয়। এই ভাষাৰ মাধ্যমেই তিব্বতবৰ্মীসকলৰ লগত ভাবৰ আদান-প্ৰদান ঘটিল। এই যুগতেই অসমত হিন্দু ধৰ্মই প্ৰতিষ্ঠা লাভ কৰিছিল আৰু শাক্ত ধর্মৰ মানুহৰ মাজতো বৈষ্ণৱ ধৰ্মৰ মাজেদিয়েই হিন্দু ধৰ্ম তথা আৰ্যসংস্কৃতি অসমৰ বিভিন্ন ফৈদৰ মাজত প্ৰচাৰ হৈছিল। এই কালছোৱাত ধৰ্ম পন্থাৰ যোগেদি এহাতেদি যেনেকৈ বিভিন্ন ফৈদ আৰু জনগোষ্ঠীয় লোকক হিন্দুসমাজৰ ভিতৰলৈ অনা হৈছিল। আনহাতেদি আন ফৈদ আৰু জনগোষ্ঠীবোৰৰ ৰীতি-নীতি আচাৰ-অনুষ্ঠান, মাত-কথা, সুৰ, লয়, নৃত্যগীত আদিও এই উমৈহতীয়া সংস্কৃতিৰ ভিতৰলৈ সমুৱাই অনা হৈছিল। এই যুগৰ মানুহৰ মাজত চলি থকা দুটা প্ৰধান আচৰণ চকুত পৰে। এটা হৈছে সাধাৰণ লোকবিশ্বাস, যেনে– ভূত-প্ৰেত, অপদেৱতা আদিত বিশ্বাস; আনটো হৈছে নিৰ্দিষ্ট ধৰ্মৰীতি পালন।
প্ৰাচীন যুগৰ বা ঐতিহাসিক যুগৰ দ্বিতীয়টো স্তৰ হৈছে তান্ত্ৰশাসন যুগ। এই যুগটো সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে পাঁচ বছৰ সামৰি লোৱা হৈছে। এই যুগত হিন্দুৰজাসকলৰ দিনত তান্ত্ৰফলিবোৰ সংস্কৃত ভাষাত লিখা হৈছিল। এই তান্ত্ৰ শাসনৰ পৰাহে অসমত সাংস্কৃতিক ইতিহাসৰ সম্পৰ্কে বহু কথা জানিব পাৰি। মহাকাব্যৰ যুগত যেনেকৈ অষ্ট্ৰিক, মংগোলীয়, আলপাইন আৰু নর্দিক আৰ্যৰ সংমিশ্ৰণ ঘটিছিল, পাছৰ যুগত এই গোষ্টীবোৰৰ শাখা-প্ৰশাখাবোৰৰ সংমিশ্ৰণ বৃদ্ধি পাইছিল। শৈৱ, শাক্ত ধর্মৰ বিভিন্ন আৰ্য্যতৰ গোষ্ঠীৰ যথেষ্ট সংখ্যক লোকক এই যুগৰ আদিভাগত হিন্দু সমাজ তথা এখন উমৈহতীয়া সমাজৰ অন্তৰ্ভুক্ত কৰিছিল। ৭ম শতাব্দীৰ কুমাৰ ভাস্কৰবৰ্মাই এই সমাজখনক শৃংখলাবদ্ধ ৰূপত সজাবলৈ চেষ্টা কৰিছিল। ভাস্কৰ বৰ্মাই প্ৰথম বৰ্ণাশ্ৰম ধৰ্মানুযায়ী কামৰূপৰ সমাজ ব্যৱস্থা প্ৰৱৰ্তন কৰে। এই যুগৰ পৰাই বিভিন্ন জনগোষ্ঠীলোকৰ মাজত সংমিশ্ৰণ বা জাতিগত ঘটে বুলি পণ্ডিতসকলে বিশ্বাস কৰে।
এই যুগত বহুতো আৰ্য্যতৰ গোষ্টী ৰজাসকলে উচ্চ বংশজাত বুলি দেখুৱাইছে। ব্ৰাহ্মণ কাব্যকাৰসকলে কাহিনী-সৃষ্টি কৰিছিল। উদাহৰণ স্বৰূপে, কিৰাত বা তিব্বতবৰ্মী ফৈদৰ ৰজাক নৰকৰ বংশজাত বুলি তান্ত্ৰ শাসনত দেখুওৱা হৈছে। নীচ বুলি পৰিগণিত হোৱা বহুতো লোকে তেওঁলোকৰ ব্যৱসায় এৰি উচ্চ ব্যৱসায় কৰি উচ্চ হিন্দু সমাজত ঠাই লৈছে। উদাহৰণস্বৰূপে, নাপিত, ধোৱা, কৈৱৰ্ত, কুমাৰ, সোনাৰী আদি ব্যৱসায়ী লোকে উচ্চসমাজৰ অন্তৰ্ভুক্ত হৈছিল ব্ৰাক্ষ্মণ, গনক, কায়স্থ, কলিতা আদি জাতিগত সমন্ধয় ঘটিছিল আৰু প্ৰত্যেকেই আৰ্থিক আৰু সামাজিক দিশত উন্নতি কৰি লাহে লাহে উচ্চ বৰ্ণৰ সমাজত মিলি যাবলৈ ধৰিলে। এনেদৰে তান্ত্ৰশাসনৰ যুগত মানুহৰ তেজ মঙহৰ সংমিশ্ৰণ ঘটাৰ লগে লগে সংস্কৃতিৰ সংমিশ্ৰণ আৰু সম্বন্ধয় ঘটিল আৰু বিৱৰ্তনৰ বাটো মুকলি হ’বলৈ ধৰিলে। এই যুগত স্থাপত্য, ভাস্কৰ্য্য, চিত্ৰকলা, সংগীত, ধৰ্ম, লেখনকলা বিকাশ হ’বলৈ ধৰিলে। এই ৰজাসকলৰ ভিতৰত ভূঞাসকলৰ বাহিৰে আটাইতখিনিয়ে মংগোলীয় প্ৰজাতিৰ আছিল। মংগোলীয় প্ৰজাতিৰ লোকসকলে অসমীয়া জাতি সংস্কৃতি গঠনত অৰিহণা যোগাইছে আৰু নিজৰ জনগোষ্ঠীৰ মাজত স্বকীয় সাংস্কৃতিক উপাদান অক্ষুণ্ণ ৰাখিছে। এই সকলেই পিছলৈ বৰাহী, মৰাণ, কোচ, কছাৰী, দেউৰী আদি বিভিন্ন সম্প্ৰদায় নামেৰে চিহ্নিত হ’ল। এই যুগৰ ইতিহাসৰ প্ৰধান বৈশিষ্ট্য হৈছে– বিচিত্ৰ লোক-সংস্কৃতি গঠন আৰু শৈৱ, শাক্ত আৰু বৈষ্ণৱ ধৰ্ম এই ত্ৰিধাৰৰ মিশ্ৰণ।
মধ্য যুগ : ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আদিভগলৈকে অসমৰ সাংস্কৃতিক ইতিহাসৰ মধ্যযুগ বুলি ধৰা হৈছে। অসমীয়া সামাজিক জীৱনত দুটা উল্লেখযোগ্য শতিকা হৈছে– ত্ৰয়োদশ শতিকা আৰু পঞ্চদশ শতিকা। ত্ৰয়োদশ শতিকাত অসমলৈ চুকাফাৰ আগমন হয় আৰু পঞ্চদশ শতিকাত শংকৰদেৱৰ জন্ম হয়। ত্ৰয়োদশ শতিকাৰ পৰা অষ্টাদশ শতিকালৈকে ৰাজনৈতিক উত্থান-পতনৰ মাজেদি আধুনিক ৰাজনৈতিক উত্থান-পতনৰ মাজেদি আধুনিক ৰাজনৈতিক মানচিত্ৰই প্ৰায় স্থিৰ ৰূপ গ্ৰহণ কৰে। এই সময়ছোৱাত অসমীয়া ভাষা-সাহিত্যৰ বিকাশ, অসমীয়া সমাজ-সংস্কৃতিৰ নৱৰূপ গ্ৰহণ বিভিন্ন ধর্মীয় চিন্তাধাৰা আৰু বিশ্বাসৰ মাজেদি বাট কাটি আধুনিক একেশ্বৰবাদ মতবাদ প্ৰতিষ্ঠা এইকেইটা মধ্যযুগৰ অসমৰ সামাজিক ইতিহাসৰ প্ৰধান বৈশিষ্ট্য। এই যুগৰ আন এক বৈশিষ্ট্য হৈছে– বিভিন্ন প্ৰজাতীয় জীৱনবৃত্তিৰ পৰা আনুষ্ঠানিক সংমিশ্ৰণৰ মাজেৰে বহুল জীৱন বৃত্তলৈ সোমোৱাৰ পথ উন্মোচন হয়।
আহোমসকলে ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈকে দহ বছৰ কাল অসমত শাসন কৰিছিল। আহোম শাসন ব্যৱস্থাই অসমীয়া সমাজ তথা সাংস্কৃতিক এক নতুন ৰূপ পোৱাৰ সুযোগ দিয়ে। আহোমসকলে অসমত বিভিন্ন প্ৰজাতিৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰি গো-ভাই বুলি বহুতকে জাতত তুলি দি তেজ মঙহৰ সম্বন্ধ সৃষ্টি কৰিছিল। তদুপৰি দেশ জাতি আৰু নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ পৰ্বত ভৈয়াম আদি ঠাইত খণ্ড খণ্ড হৈ থকা জাতি-জনজাতিসকলক ঐক্যবদ্ধ কৰি বিদেশী শক্তিৰ বিৰুদ্ধে থিয় দিছিল। আনহাতে চুবৰীয়ে চুবুৰীয়ে ৰাজ্য পাতি থকা ৰজাসকলক সাত ৰাজ মাৰি এৰ ৰাজ কৰি বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। এই সময়ছোৱাত অসমৰ সামাজিক জীৱনত কেতবোৰ বৈশিষ্ট্য আহৰণ কৰিছে। আহোম ৰজাসকলৰ পাইক প্ৰথা, জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে ৰাজকীয় বিষয়বাব প্ৰদান, বিভিন্ন বৃত্তিয়াল লোকক একেখন সমাজত সবল কৰি তুলিছিল। তদুপৰি ধৰ্মকেন্দ্ৰিক সংস্কৃতিৰ কেন্দ্ৰ কৰি আহোম যুগত স্থাপত্য– ভাস্কৰ্য, সাহিত্য, কলা, সংগীত আদিৰ উৎকৰ্ষ সাধন হয়। এই যুগত বিভিন্ন সাজ-পাৰ, আ-অলংকাৰ, ঘৰুৱা সা-সজুলি, খেল-ধেমালি আদিৰ বিস্তৃতি ঘটিছিল। আহোম যুগৰ এই দীঘলীয়া সময়ছোৱাত অসমীয়া সংস্কৃতিৰ সকলো দিশ বিভিন্ন ধৰণে বিকাশ হয়।
আহোম ৰজাৰ শাসনে কেনেকৈ সামাজিকভাৱে বিভিন্ন গোটক এক কৰি এখন বৃহত্তৰ অসমীয়া সমাজ গঠন কৰাত বৰঙণি যোগালে, ঠিক তেনেদৰে শংকৰদেৱে বৈষ্ণৱ পৰিধিৰ বৃত্তৰ মাজত সকলো গোটৰ লোকক মানসিক তথা সাংস্কৃতিকভাৱে সামৰি ল’লে। শংকৰদেৱ আছিল বহুমুখী প্ৰতিভাৰ গৰাকী, কৃষ্ণ ভক্তি প্ৰচাৰেই বৈষ্ণৱ ধৰ্মৰ মূল উদ্দেশ্য আছিল যদিও শংকৰদেৱ ধৰ্মক কেন্দ্ৰ কৰি সুকুমাৰ কলা, সাহিত্য, নৃত্য, নাট, চিত্ৰকলা, ভাস্কৰ্য্য আদিৰো সৃষ্টি কৰিলে। ভাৰতীয় সাধনাৰ চূড়ান্ত ফলস্বৰূপে উপনিষদৰ চিন্তা-চর্চাক ভাগৱতৰ ভেটি কৰি শংকৰদেৱে একশৰণ ভাগৱত বৈষ্ণৱ ধৰ্ম সৃষ্টি কৰিছে যদিও ইয়াৰ উপাসনা পদ্ধতি, আশীৰ্বাদ, প্ৰসাদ বিতৰণ আদিত থলুৱা বৈশিষ্ট্য বিদ্যমান। শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনৰ ৰচনাত অসমৰ লোকজীৱন বিভিন্ন দিশ অংগীভূত হৈছে। সেয়েহে দুয়োজনৰ ৰচনাত সমকাল আৰু সৰ্বকালৰ বাবে দুটা দিশ নিৰ্দেশ হৈ আছে। ‘বৈষ্ণৱত নাহি জাতি অজাতি বিচাৰ’ বা ‘ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল’ আদি বাণীৰ মাজেৰে এহাতে বৰ্ণবিচাৰ দূৰ কৰিব বিচাৰিছে আনহাতে ‘সকল প্ৰাণীক দেখিবাহা আত্মসম ‘ আদি বাণীৰ মাজেদি আত্মবোধ দান কৰাৰ প্ৰচেষ্টা কৰিছে। থোৰতে ক’ব পাৰি যে , শংকৰদেৱৰ সামাজিক বহল চিন্তাধাৰা উত্তৰ পুৰুষৰ বাবে অনুকৰণীয় হৈছে।
আধুনিক যুগ : ঊনবিংশ শতিকা অৰ্থাৎ ব্ৰিটিছ শাসনৰ সময়ছোৱা আধুনিক অসমৰ জন্ম যন্ত্ৰণাৰ যুগ। এই সময়ছোৱাতে অসমৰ ৰাজনৈতিক শাসনৰ সলনি হয়। ছশ বছৰীয়া আহোম ৰাজত্বৰ ওৰ পৰিল। মানৰ আক্ৰমণত জুৰুলা হোৱা অসমৰ জনসাধাৰণে ব্ৰিটিছৰ ছত্ৰছায়াত কিছুদিনৰ বাবে আশ্ৰয় পালেও , ই সাম্ৰাজ্যবাদৰ গৃহৰত ভৰি দিলে। অসমৰ জনসাধাৰণে পূৰ্বৰ পাইক প্ৰথা আৰু আত্মনির্ভৰশীল কৃষিজীৱনলৈ মুদ্ৰা অৰ্থনীতিত আগমন হ’ল। ব্ৰিটিছ প্ৰশাসন আৰু ধনতান্ত্ৰিক অৰ্থনীতিৰ লগত অপৰিচিত অসমীয়া মানুহ ব্ৰিটিছৰ লগত কাম কৰাৰ বাবে উপযুক্ত বুলি বিবেচিত নোহোৱাত বঙ্গদেশৰ পৰা চাকৰিজীৱী লোকৰ আমদানি কৰিলে। ফলত অসমত দৰমহা পাই চহকী হোৱা মধ্যবিত্ত শ্ৰেণী এটা গঢ় লৈ উঠিল। অসমৰ জনসাধাৰণৰ মাজত সামাজিক অসন্তুষ্টি আৰু সাংস্কৃতিক সংকট দেখা দিলে। পূৰ্বৰ সমাজ ব্যৱস্থা, জীৱনৰ মূল্যবোধ আৰু অৰ্থনৈতিক নিৰ্ভৰশীলতাৰ অন্ত পৰিল। এইখিনিতেই আধুনিক অসমীয়া সংস্কৃতিৰ এটা নতুন যুগৰ আৰম্ভ হ’ল। পাশ্চাত্য সভ্যতা আৰু সংস্কৃতিৰ সংস্পৰ্শই অসমীয়া মানুহৰ প্রাণত কেতবোৰ সমস্যাৰ সৃষ্টি কৰিলে। এফালে অসমীয়া ভাষাৰ অপসাৰণ, বঙলা ভাষাৰ প্ৰচলন আৰু আনফালে আমেৰিকাৰ মিছনেৰীসকলৰ আগমনে ভাষা ভিত্তিক সাংস্কৃতিক জাতীয় চেতনা জগাই তুলিলে। তদুপৰি পাশ্চাত্য শিক্ষা সভ্যতাই আৰু বংগৰ নবজাগৰণে অসমৰ সামাজিক আৰু বৌদ্ধিক জীৱনক নতুন মাত্ৰা দান কৰিলে। এই যুগটোক পৰিবহনৰ সুবিধা, সহজ যোগাযোগ, শিক্ষাৰ বিস্তাৰ আৰু বৈজ্ঞানিক উপকৰণে সাহিত্য, সংস্কৃতি আৰু সামাজিক অনুষ্ঠানৰ জন্ম দিলে। এই আটাইবোৰৰ মাজেদি আধুনিক অসমীয়া সমাজে জন্ম লাভ কৰিলে। অৰ্থনৈতিক ভাৱে স্বচ্ছল শ্ৰেণী এটাৰ সৃষ্টি হ’ল, এই শ্ৰেণীৰ মাজত আচাৰ-ব্যৱহাৰ, পোছাক-পৰিচ্ছদ, খোৱা-বোৱা, ঘৰ-দুৱাৰ, আচবাব আদিত পৰিৱৰ্তনে দেখা দিলে। এই পৰিবৰ্তনে অসমৰ সামাজিক জীৱনক নতুন পোছাক পিন্ধালে।
স্বাধীনতা লাভৰ পৰৱৰ্তী কালছোৱাত আমাৰ সমাজ জীৱনৰ দ্ৰুতগতিত পৰিৱৰ্তন সাধন হৈছে। জনসংখ্যা বৃদ্ধি পাইছে, খেতিৰ মাটি কমি গৈছে, ফলত কৃষিৰ ওপৰত নিৰ্ভৰশীল লোকৰ জীৱন দুৰ্বহ হৈ উঠিছে। আনহাতে ৰাজনৈতিক আৰু অৰ্থনৈতিক দাবী প্ৰবল হৈ উঠিছে। এফালেদি শিক্ষাই সৰ্বাধিক প্ৰসাৰ লাভ কৰিছে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই জীৱন যাপন আৰু চিন্তা-চৰ্চাত গভীৰ প্ৰভাৱ পেলাইছে। দেশ আৰু কালৰ দূৰত্ব কমি গৈছে। আনফালে মানুহৰ মাজত অৰ্থনৈতিক বুনিয়াদ গঠন, যৌথ পৰিয়ালৰ ঠাইত একক পৰিয়ালৰ ভূমিকা, পৰম্পৰাগত সামাজিক ৰীতি-নীতিৰ ঠাইত পশ্চিমীয়া ৰীতি-নীতিৰ প্ৰতিষ্ঠা লাভ, জাত-কুলৰ পাৰ্থক্য কমি যোৱা আদি সমাজ জীৱনৰ এনেদৰে দিশৰ দ্ৰুতগতিত পৰিবৰ্তন সাধন হৈছে। অসমীয়া সংস্কৃতিৰ এই দ্ৰুত পৰিৱৰ্তনক প্ৰত্যাহ্বান ৰূপে লৈ আমি নতুন দর্শনৰ মাজেৰে জীৱন আৰু জাতিক বিচাৰি চাব লাগিব।
প্ৰশ্ন ৫। ‘লোক জীৱন চাৰিটা ভাগত বিভক্ত’ – লোক জীৱনক কি কি চাৰিটা ভাগত বিভক্ত ? প্ৰত্যেকটো ভাগৰে চমু আভাস দিয়া।
নতুবা
সংস্কৃতিৰ উপাদানসমুহৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা ?
উত্তৰঃ ৰিচাৰ্ড এম. ডবছনে লোক-সংস্কৃতি আৰু লোক জীৱনক চাৰিটা ভাগত ভাগ কৰিছে। যেনে–
(ক) মৌখিক সাহিত্য বা মৌখিক লোকবিদ্যা।
(খ) ভৌতিক সংস্কৃতি।
(গ) সামাজিক লোকপ্ৰথা বা লোকাচাৰ।
(ঘ) লোক পৰিৱেশ্য কলা।
(ক) মৌখিক সাহিত্য বা মৌখিক লোকবিদ্যা : লোক সমাজত যুগে যুগে পৰম্পৰাগত ভাৱে চলি অহা মৌখিক গীত-মাত, প্ৰবাদ, প্রবচন, সাধুকথা, ফকৰা-যোজনা, সাঁথৰ, লোক কিংবদন্তি, লোক-কাহিনী আদিক মৌখিক কলা বা মৌখিক সাহিত্যৰ অন্তৰ্ভুক্ত কৰা হৈছে। এটা সময়ত লোক-সাহিত্য বুলি ব্যৱহাৰ কৰা পৰিভাষাই বৰ্তমান ৰূপ সলাই মৌখিক কলা ৰূপে পৰিচিত হৈছে। এই মৌখিক কলা সমূহৰ মাজত লোক-জীৱনৰ জ্ঞান-অভিজ্ঞতা, বিশ্বাস, ধাৰণা, আশা-আকাংক্ষা, প্ৰেম, বিৰহ, হাঁহি-কান্দোন, ভয়,ঘৃণা, বিস্ময়, আনন্দ আদিয়ে বিভিন্ন ৰূপত আত্ম প্ৰকাশ কৰি আহিছে। চমু কথাত ক’বলৈ গ’লে লোকসাহিত্য হ’ল লোক জীৱনৰ বাঙ্ময় প্ৰকাশ।
(খ) ভৌতিক সংস্কৃতি : লোকসমাজত যুগে যুগে প্ৰচলিত পৰম্পৰা আৰু ৰক্ষণশীল ঐতিহ্যৰ পৰিসৰে লোৱা মৌখিক কলা-কৌশল, পাৰদৰ্শিতা, পদ্ধতি আদিৰ বহি:প্রকাশেই মূলতঃ ভৌতিক সংস্কৃতি। ভৌতিক সংস্কৃতি প্রবাহমান পৰম্পৰাৰ আধাৰীভূত। পৰম্পৰাশ্ৰয়ী স্ত্ৰী-পুৰুষৰ সংযোগত পাতি লোৱা সংসাৰখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দৈনন্দিন জীৱনত লাগতিয়াল দ্ৰব্যাদিৰ জ্ঞানৰ কথা আহৰণৰ ব্যৱস্থাকেই ভৌতিক সংস্কৃতিৰ ভিতৰুৱা বুলি কোৱা হয়। শিল্পকলা সৃষ্টি, ঘৰ-দুৱাৰ নিৰ্মাণ, ৰন্ধা-বঢ়াৰ কৌশল, আচৰণৰ বৈশিষ্ট্য আদিলৈ লক্ষ্য ৰাখি ভৌতিক সংস্কৃতিক পাঁচোটা উপশ্ৰেণীয় বিভক্ত কৰা হৈছে। যেনে–
১। লোক শিল্পল।
২। লোক কলা।
৩। লোক স্থপতি বিদ্যা।
৪। লোক আভৰণ।
৫। লোক ৰন্ধন প্ৰণালী।
শিল্পীৰ হাতেৰে নিৰ্মাণ কৰা বাঁহ, বেত, মাটি, কাঠ আদিৰ বিবিধ সঁজুলিক লোক শিল্পৰ ভিতৰত ধৰা হয়। কুমাৰৰ মাটিৰ বাচন, কঁহাৰৰ কাঁহ-পিতলৰ বাচন, কমাৰৰ দা-কটাৰী-কুঠাৰ আদি, বাঢ়ৈৰ বাঁহ-বেত-কাঠ আদিৰে নিৰ্মাণ কৰা সা-সঁজুলি আদিয়ে লোক শিল্পৰ নিৰ্দশন দাঙি ধৰে। অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ আদিত থকা সিংহাসন,গৰুড়, জাম্বৱন্ত আদি কাঠেৰে নিৰ্মিত মূৰ্তিত লোক কলাৰ আভাস পোৱা যায়।
লোক স্থপতি বিদ্যাৰ পৰিবেশৰ ভিতৰত ঘৰ-দুৱাৰ, নামঘৰ, গোঁসাই ঘৰ, ভৰাল ঘৰ, বাটচ’ৰা, চ’ৰাঘৰ আদি বিভিন্ন দিশ সামৰিব পাৰি।
লোক আভৰণৰ পৰিসৰে বিভিন্ন ধৰণৰ পোছাক-পৰিচ্ছদ, বিবিধ অলংকাৰ আদি সামৰি লৈছে। লোক ৰন্ধন প্ৰণালীৰ ভিতৰত বিবিধ মাছ, মাংস, শাক-পাছলি আদিৰে প্ৰস্তুত কৰা খাদ্য সম্ভাৰক ধৰা হয়। ডাকৰ বচনত পুৰণি কালৰ অসমীয়া সমাজৰ খাদ্য সম্পৰ্কে আভাস পোৱা যায়। মঙহ, ঘিউ, এঁৱা গাখীৰ, শাক-পাছলি আদি অসমীয়া সমাজৰ প্রিয় খাদ্য আছিল আৰু বিভিন্ন ৰন্ধন প্ৰণালী সম্পৰ্কেও আভাস দাঙি ধৰিছে।
(গ) সামাজিক লোকাচাৰ বা লোকায়ত ৰীতি-নীতি : মানৱ সমাজত পৰম্পৰাগত ভাৱে চলি অহা লোক বিশ্বাস আৰু লোক পৰম্পৰা সমূহক সামাজিক লোকাচাৰ বুলি ধৰা হয়। এই লোকাচাৰ অনুসংগত ব্যক্তিগত ক্রিয়াতকৈ সমাজগত অন্যান্য ক্ৰিয়াৰ ওপৰত অধিক গুৰুত্ব আৰোপিত হয়। সমাজ আৰু পৰিয়ালৰ মাজত কৃষি, জন্ম, বিবাহ, মৃত্যু আদি বিষয়ক কিছুমান ৰীতি-নীতি পৰম্পৰাগতভাৱে চলি আহিছে। এই ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰ কিছুমান স্থানীয় আৰু সুনিৰ্দিষ্ট। কিছুমান ৰীতি-নীতি লোক বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত; এইবোৰ লোক সংস্কৃতি বা লোক বিদ্যাৰ নতুন শ্ৰেণীৰ জন্ম দিছে। মানৱ সমাজত প্ৰচলিত এই ধৰণ – কৰণ, আচাৰ-ব্যৱহাৰ আজিত কিছুমান শাৰীৰিক কাৰ্যও জড়িত হৈ থাকে। কিছুমান আকৌ ঐন্দ্জালিক আৰু ধৰ্মীয় শক্তি বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত।
ৰাজহুৱা ভাৱে পতা উৎসৱ অনুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠান সমূহৰ জৰিয়তে কিছুমান সামাজিক লোক প্ৰথাৰ জন্ম হৈছে আৰু এই লোক ৰীতি-নীতি বা প্ৰথা পালন কৰিয়েই এই সামাজিক উৎসৱসমূহ পালন কৰা হয়। তদুপৰি উৎসৱসমূহত পৰিবেশন কৰা গীত-মাত, সাজপাৰ, লোক যাত্ৰা আদিকো উৎসৱ অনুষ্ঠানৰ পৰিধিয়ে সামৰি লয়। পূজা উদযাপন পদ্ধতি আদিও লোকপ্ৰথা বা লোকাচাৰৰ অঙ্গীভূত। সামাজিক লোকাচাৰ বা ৰীতি-নীতিসমূহক থুলমূলকৈ চাৰিটা উপভাগত ভগাব পাৰি। যেনে– উৎসৱ অনুষ্ঠান, খেলা-ধূলা, লোক-ঔষধ, লোক-ধৰ্ম।
(ঘ) লোক পৰিৱেশ্য কলা : পৰম্পৰাগতভাৱে চলি অহা, সংগীত, নৃত্য আৰু নাটসমূহ লোক পৰিৱেশ্য কলাৰ অন্তৰ্ভুক্ত। লোক গীতমাত মুখেৰে গোৱাকে পৰিৱেশন বুলি কোৱা হয়। লোকসমাজত জন্ম, মৃত্যু, বিবাহ আদি অনুষ্ঠান আৰু বিভিন্ন লোক উৎসৱসমূহ উদযাপন কৰোঁতে বিবিধ লোক গীত-মাত পৰিবেশন কৰা হয়। এই লোক গীত-মাতবোৰৰ যোগেদি লোকজীৱনৰ আশা-আকাংক্ষা, হাঁহি-কান্দোন আদি প্ৰকাশ পা ? গীত-মাতসমূহ পৰিবেশন কৰোতে ব্যৱহাৰ কৰা বিভিন্ন বাদ্য-যন্ত্ৰ, যেনে– বাঁহী, পেঁপা, ঢোল, গগণা আদি এই পৰিৱেশ্য কলাৰ অন্তৰ্ভুক্ত। লোক নৃত্যসমূহৰ লগতো গীত পৰিবেশন কৰা হয়।
লোক সমাজত গঘনাতিত কালৰে পৰা পৰম্পৰাগতভাৱে কিছুমান নাট্যধৰ্মী অনুষ্ঠান চলি আহিছে; এইবোৰকে লোক নাট্য আখ্যা দিয়া হৈছে। এই অনুষ্ঠানবোৰৰ সৈতে, গীত আৰু অভিনয় সাঙোৰ খাই আছে। এই লোক নাটসমূহ লোক জীৱনৰ কাৰণে লোকসমাজে মৌখিকভাৱে ৰচনা কৰে। সাধাৰণতে মৌখিকভাৱে প্ৰচলিত নাটকেই লোকনাট ৰূপে পৰিচিত।
অসমত লোকনাট্যৰ পৰম্পৰা প্ৰাচীনকালৰ পৰা চলি আছে। এই লোক অনুষ্ঠানসমূহৰ ভিতৰত – ওজাপালি অনুষ্ঠান, পুতলা নাচ,ঢুলীয়া ভাৱৰীয়া, কুশান গান আদিয়ে অসমৰ সাংস্কৃতিক বাতাবৰণ চহকী কৰি ৰাখিছে। লোক সংস্কৃতিৰ অধ্যায়ত লোকজীৱনৰ মাজত প্ৰচলিত লোক ভাষাও সাঙুৰি লোৱা হয়।
প্ৰশ্ন ৬। অসমীয়া সংস্কৃতিৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা ?
উত্তৰঃ মানুহে সভ্যতাৰ পোহৰ পোৱাৰে পৰা সংস্কৃতি আৰম্ভ হয়। মানুহে যেতিয়াৰ পৰা কথা ক’বলৈ ধৰিলে , প্ৰতীক ব্যৱহাৰ কৰিবলৈ ধৰিলে তেতিয়াৰ পৰাই সংস্কৃতিৰ আৰম্ভ হয় বুলিব পাৰি। মানুহৰ ইতিহাস অধ্যয়ন কৰাৰ লগে লগে সংস্কৃতিৰো অধ্যয়ন কৰা হয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিয়ে বাগৰ সলায়। সময়ৰ হেঁচাত সংস্কৃতিৰ কিছুমান উপাদান হৈৰাই যায়, কিছুমান নতুন নতুন উপাদান সংযোগ হয়। কিন্তু সংস্কৃতি নিজেই গতিশীল অৰ্থাৎ চিৰ প্রবাহমান। সংস্কৃতিৰ কেইটামান বৈশিষ্ট্যৰ কথা হোৱাইটে উল্লেখ কৰিছে।
লোকসংস্কৃতিৰ আন এজন গৱেষক হাস্কোভিটৱে সংস্কৃতিৰ তিনিটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে—
(ক) মানৱ অভিজ্ঞতাত সংস্কৃতি বিশ্বজনীন, তদুপৰি ইয়াৰ স্থানীয় আৰু আঞ্চলিক ৰূপ লক্ষ্য কৰা যায়। এই স্থানীয় বা আঞ্চলিক ৰূপৰ মাজেদিয়ে সংস্কৃতিৰ বিশ্বজনীন বৈশিষ্ট্য প্ৰকাশ পায়।
(খ) সংস্কৃতি স্থবিৰ অথচ ই গতিশীল, অবিচ্ছিন্ন আৰু অবিৰত পৰিৱৰ্তন ইয়াত স্পষ্ট । বিশেষকৈ জনসাধাৰণৰ জীৱন-পদ্ধতি, যেনে– খোৱা-লোৱা, পিন্ধা-উৰা, ধৰণ-কৰণ আদিত সাংস্কৃতিক পৰিবৰ্তনৰ স্পষ্ট আভাস পোৱা যায়।
(গ) সংস্কৃতিয়ে আমাৰ জীৱনৰ গতি নিৰ্ধাৰণ কৰে আৰু ইয়াৰ পৰিপুষ্টিত সমল যোগালে কেতিয়াবাহে ই আমাৰ সচেতন ভাব চিন্তাত প্ৰবেশ লাভ কৰিব পাৰে।
উপসংহাৰত সংস্কৃতিৰ স্বৰূপ সম্পৰ্কে আলোচনাৰ মূল কথা কেইটা থোৰতে উনুকিওৱা হ’ল–
(১) সংস্কৃতি জগতৰ সকলো মানুহৰ এক বিশেষ গুণ।
(২) সংস্কৃতি প্ৰতীক ধৰ্মী। এই প্ৰতীক গুণৰ হেতুকে সংস্কৃতি মানৱ জাতিৰ বাবে অৰ্থপূৰ্ণ।
(৩) সমাজত বাসকৰা প্ৰতিজন মানুহেই সংস্কৃতিৰ শিক্ষা আহৰণ কৰে। থোৰতে সংস্কৃতিক ব্যক্তিত্বৰ মূল ভেটি বুলি ক’ব পাৰি, ই মানৱ জীৱনক পৰিপূৰ্ণ ৰূপত গঢ় দিয়ে।
(৪) সংস্কৃতি সদায় গতিশীল। দেখাত স্থবিৰ যেন লাগিলেও ই সময়ে সময়ে পৰিৱৰ্তনৰ ফালে গতি কৰে। গতিশীলতাই সংস্কৃতিক নৱ-জীৱন দান কৰে, স্থবিৰতাই নিস্প্ৰাণ আৰু মৃত অৱস্থাপ্ৰাপ্ত কৰিব পাৰে।
প্ৰশ্ন ৭। বিভিন্ন পণ্ডিতে আগবঢ়োৱা সংস্কৃতিৰ সংজ্ঞা আগবঢ়োৱা ?
উত্তৰঃ পণ্ডিতসকলে সংস্কৃতি শব্দটোৰ ব্যৱহাৰ বিভিন্ন ধৰণে কৰা দেখা যায়। তদুপৰি ইয়াৰ সংজ্ঞা বিভিন্ন পণ্ডিতসকলে বিভিন্ন ধৰণে আগবঢ়াইছে। ৰজ্বছপ্ত চনত পোন প্ৰথম এডৱাৰ্ড টাইলাৰে ‘Culture ‘ শব্দটো ব্যৱহাৰ কৰিছে। এই ‘Culture’ শব্দটোৰ মূল হৈছে, লেটিন ভাষা। লেটিন ভাষা কোল ধাতুৰ পৰা উৎপন্ন Cloere বা ‘Culture’ শব্দৰ পৰা ‘Culture’ শব্দটো আহিছে। ইয়াৰ অৰ্থ হৈছে – কৰ্ণণ বা খেতি কৰা। ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ে এজন মহাৰাষ্টীয় বন্ধুৰ পৰা অনুপ্ৰাণিত হৈ ৰবীন্দ্ৰনাথ ঠাকুৰক ‘সংস্কৃতি’ শব্দটোৰ দৃষ্টি আকৰ্ষণ কৰোৱায়। ফলস্বৰূপে ৰবীন্দ্ৰনাথৰ জৰিয়তে ‘সংস্কৃতি’ শব্দটো বঙলা ভাষাত গৃহীত হয়। ডঃ চট্টোপাধ্যায়ে সংস্কৃতি অৰ্থাৎ ‘Culture’ সম্পৰ্কে এনেদৰে কৈছে– ‘একেধাৰে সভ্যতা, তৰুৰ পুষ্প আৰু তাৰ আভ্যন্তৰ প্ৰাণ বা মানসিক অনুপ্ৰেৰণা যা, তাই হচ্ছে ‘Culture’। মালিনৱস্কিৰ মতে, সামগ্ৰিক জীৱন পদ্ধতিয়েই হৈছে ‘সংস্কৃতি’। ৰেডফ্ৰিক ব্ৰাউনে সংস্কৃতিক সামাজিক কৰ্ষণ ৰূপেহে গণ্য কৰে। এই কর্ষণে পুৰুষানুক্ৰমে চলি অহা পৰম্পৰা আয়ত্ত কৰি সমাজক স্থায়িত্ব প্ৰদান কৰে। লীলা গগৈয়ে সংস্কৃতিৰ বিষয়ে এনেদৰে কৈছে – মানুহৰ বস্তুগত, ভাৱগত, আধ্যাত্মিক, জাগতিক, সকলো সৃষ্টিকে সংস্কৃতিয়ে সামৰি লয়। সংস্কৃতিৰ সূত্ৰ অতি সংক্ষেপে এনেদৰে দিব পাৰি যে– মানৱৰ দ্বাৰা সৃষ্ট সামাজিক আচাৰণবোৰেই হৈছে সংস্কৃতি। মানুহে দলবদ্ধভাৱে বাস কৰাৰ পৰিপ্ৰেক্ষিতত সমাজ গঠন হ’ল আৰু সমাজৰ মানুহৰ মাজত প্ৰচলিত আচাৰ-ব্যৱহাৰ, নীতি-নিয়ম, খোৱা-বোৱা, উৎসৱ-পাৰ্বণ, ধৰ্ম, লোকবিশ্বাস, শিল্প-কলা, ভাষা আদি সমূহীয়া জীৱন পদ্ধতিৰ প্ৰকাশকেই সংস্কৃতিয়ে সামৰি লয়। সংস্কৃতিয়ে সমাজৰ আচাৰ-বিচাৰ, পাৰ্থিৱ বস্তু আৰু তাৰ লগত অৰ্থপূৰ্ণ সম্বন্ধবোৰকেই উপাদান হিচাপে বাছি লয়।
তলত পণ্ডিতসকলে আগবঢ়োৱা সংস্কৃতিৰ সংজ্ঞা উল্লেখ কৰা হ’ল–
(ক) মেথিউ আর্নল্ডৰ মতে মাধৰ্য্য আৰু আলোকেই সংস্কৃতি।
(খ) দাৰ্শনিক কাছিৰাৰ, সমাজ বিজ্ঞানী চৰকিন আৰু মেকলভাৰৰ মতে, মানৱ নৈতিক, আধ্যাত্মিক আৰু বৌদ্ধিক বিকাশেই হ’ল সংস্কৃতি।
(গ) নৃতত্ত্ববিদ এডৱাৰ্ড বার্নেট টাইলাৰে ‘কালচাৰ’ পদটোৰ ব্যাখ্যা কৰি কৈছে যে সমাজ অংগীভূত সদস্যৰূপে মানৱে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ-অনুষ্ঠান, আইন-কানুন, নৈতিকতা, অভ্যাস আৰু অন্যান্য সামাজিক সামৰ্থ্যৰ সামগ্ৰিক যৌগিক ৰূপেই হ’ল সংস্কৃতি।
(ঘ) মালিনৱক্সিএ টাইলাৰে দিয়া সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰি কৈছে যে সংস্কৃতি সামাজিক উত্তৰাধিকাৰ। এই উত্তৰাধিকাৰ আচলতে ভৌতিক আৰু অভৌতিক উভয়বিধ উপাদানৰ সমষ্টি।
(ঙ) আধুনিক সূত্ৰ নৃতত্ত্ববিদ উলিয়াম এ হেভিলেণ্ডৰ মতে সংস্কৃতি কিছুমান নিয়মৰ সংযুতি অথবা পৰিমাণক। এই সংযুতিবোৰে কোনোএখন সমাজৰ অংগীভূত ব্যক্তিসকলক প্ৰভাৱান্বিত কৰাৰ ফলস্বৰূপে সেই সমাজৰ অংগীভূত ব্যক্তিসকলৰ বাবে উপযুক্ত আৰু গ্ৰহণযোগ বিভিন্ন আচৰণৰ জন্ম হয়। এনে আচৰণৰ সমষ্টিয়েই সংস্কৃতি।
(চ) নৃতত্ত্ববিদ হোৱাইটে কৈছে– “সংস্কৃতি পৰিদৃশ্যমান বস্তুৰ সন্মিলন কার্য (চালচলন), ভাৱ (বিশ্বাস, জ্ঞান), আৱেগ (মনোভাৱ, মূল্যবোধ) ইত্যাদি এই সকলোবোৰৰ ব্যৱহাৰনিৰ্ভৰ কৰে।
(ছ) ফ্ৰান্সিচ ই মেৰিলৰ সংস্কৃতি সংজ্ঞা হ’ল– সংস্কৃতিয়ে জৌৱিক আৰু সামাজিক অভাৱ পূৰণৰ বাবে সামাজিকভাৱে গ্ৰহনীয় আদৰ্শ দিয়ে।
–লক্ষণৰ ফালৰ পৰা সংস্কৃতি মানৱ সমাজৰ মিথ ক্ৰিয়াৰ সৃষ্টি।
–নিৰ্দিষ্ট কোনো এখন সমাজত পুৰুষানুক্ৰমে সংস্কৃতিক অৰ্পণ কৰি যোৱাৰ বাবে সংস্কৃতি ক্ৰম-সঞ্চিত।
–প্ৰতীকী গুণৰ বাবেই সংস্কৃতি মানৱ জাতিৰ বাবে অৰ্থপূৰ্ণ।
–কোনো এখন সমাজত ডাঙৰ দীঘল হৈ অহাৰ লগে লগে প্ৰতিজন মানুহেই সংস্কৃতিৰ শিক্ষা গ্ৰহণ কৰে।
–গতিকে সংস্কৃতি ব্যক্তিত্বৰ মূল ভেটি।
–সমাজত অবিৰাম সোঁতত ইয়াৰ স্থায়িত্ব নিৰ্ভৰ কৰে বিশেষ ব্যক্তি বা জনসমষ্টিৰ পৰা ই স্বতন্ত্ৰ।
প্ৰশ্ন ৮। অসমীয়া সংস্কৃতিৰ স্বৰূপ বুলিলে কি বুজা ? অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য আলোচনা কৰা ?
নতুবা
আহোম যুগৰ অসমীয়া সংস্কৃতিৰ বিষয়ে বহলাই আলোচনা কৰা ?
উত্তৰঃ অসমীয়া সংস্কৃতিৰ স্বৰূপ : অসমীয়া ভাষাত ইংৰাজী ‘Culture’ শব্দৰ সমাৰ্থক ৰূপে সংস্কৃতি শব্দটো ব্যৱহাৰ কৰা দেখা যায়। অসমীয়া ভাষাৰ বাহিৰেও ‘সংস্কৃতি’ শব্দটো আন ভাৰতীয় প্ৰাদেশিক ভাষাবোৰত ব্যৱহাৰ কৰা দেখা যায়। ভাৰতীয় ভাষাবোৰত এই শব্দৰ ব্যৱহাৰ প্ৰাচীন নহয়। ‘সংস্কৃতি’ শব্দটো সংস্কাৰৰ লগত জড়িত। সংস্কৃতি শব্দটোৱে ‘সম আৰু কৃতি’ এই শব্দক সামৰি লৈছে। যি কৰ্মৰ মাজেদি সৃষ্টিশীলতা, সৌন্দৰ্য আৰু মানৱীয়তা প্ৰকাশ পায়, যিয়ে সংস্কৃতি। যাৰ সংস্কাৰ হৈছে, যিয়ে সংস্কৃতি। মানুহে সৃষ্টিশীল মনেৰে নতুন নতুন শিল্প কৰ্মৰ জন্ম দি সংস্কৃতি গতিশীল কৰে অৰ্থাৎ কৃষ্টিক সংস্কাৰ কৰি লোৱাৰ ফলতেই সংস্কৃতিৰ জন্ম হৈছে।
আহোম ইতিহাসত আহোম যুগ বুলিলে আহোমসকলে ৰাজত্ব কৰা সময় ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আগ-ভগলৈকে ধৰা হয়। সুদূৰ ত্ৰয়োদশ শতিকাতে আহোমসকলে অসমত পদাপৰ্ণ কৰি বিভিন্ন ঘাত-প্ৰতিঘাত, জয়-পৰাজয়, সন্ধি-বিগ্ৰহ, মিত্ৰতা-শত্ৰুতা, বিনিময় আদিৰ মাজেদি অসম দেশ শাসন কৰিছিল। আনহাতে উজনি অসমৰ সৰু সৰু খণ্ডৰ ৰাজত্ব কৰি থকা ৰাজশক্তি চুতীয়া, বৰাহী, কছাৰী, মৰাণ, ভূঞা আদি বিভিন্ন জনগোষ্ঠীক একগোট কৰি আহোমসকলে বৰ অসমৰ ভেটি স্থাপন কৰিছিল। আহোমসকলে শ্যাম-চীন ভাষাগোষ্টীৰ টাই জাতিৰ এটা ঠাল আছিল। তেওঁলোকে নিজা ভাষা, সংস্কৃতিৰ বিকাশ সাধনত আত্মনিয়োগ কৰে।
অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্যবোৰৰ সম্পৰ্কে আলোচনা কৰা হৈছে—
সমাজ ব্যৱস্থা : অসমীয়া জাতি গঠনত আহোমসকলৰ বিশেষ ভূমিকা আছে। টাইবিলাক অসমলৈ অহাৰ পাছৰ পৰাহে অসম আৰু অসমীয়া এই শব্দ দুটাও ব্যৱহাৰ কৰা হয়। আহোমসকলৰ গুনগ্ৰাহিতা উদাৰতা আৰু সাংস্কৃতিক সহিষ্ণুতাই পৃথক ৰাজশক্তিবোৰক একগোট কৰি তুলিছিল। তেওঁলোকে জাতি-ধৰ্ম সম্প্ৰদায় বিচাৰ নকৰি সকলো শ্ৰেণীৰ লোককে ৰাজকীয় বিষয় বাব প্ৰদান কৰিছিল। এনেবোৰ বিষয়বোৰৰ ভিতৰত বৰগোঁহাই, বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰুৱা, ফুকন আদিৰ নিচিনা মৰ্যদা সম্পন্ন বিষয়বাব আছিল। বাকী আহোমৰ বিষয়বাবসমূহৰ পদমৰ্যদা সমান আছিল।
তদুপৰি প্ৰতাপ সিংহ ৰজাৰ দিনত মোমাই তামুলী বৰবৰুৱাৰ দ্বাৰা গোটেই ৰাজ্য লোকপিয়ল কৰোৱাই বিভিন্ন জাতি-জনজাতিৰ মাজত সকলোকে মিলাই খেল আৰু গাঁও গঠন কৰি দিছিল। এনে সংগঠনৰ পৰিণতি স্বৰূপে সেই সময়ত অসমত বাসকৰা বিভিন্ন জাতিৰ মানুহে একে খেলত একেলগে বসবাস কৰিছিল আৰু সহানুভূতি সম্পন্ন হৈ বিয়া-বাৰু কৰাই মিহলি হৈ গৈছিল। হিন্দুধৰ্ম গ্ৰহণ কৰাৰ লগে লগে ব্ৰাহ্মণ, কায়স্থ, কলিতা, কেওঁট, কোচ, কছাৰী আদি এনেদৰেও শ্ৰেণী বিভাগ কৰা হ’ল। আহোমসকলৰ দিনতো নগা, মিৰি (মিচিং), গাৰো, মিকিৰ, (কাৰবি), চুতীয়া, কছাৰী মানুহ আহোমসকলৰ লগত মিহলি হৈ এক অসমীয়া জাতি গঠন কৰিছিল।
বিবাহ : আহোমসকলে অসমীয়া ভাষা, ধৰ্ম সংস্কৃতিৰ বিকাশত যথেষ্ট অৰিহনা যোগাইছে। এওঁলোক অসমলৈ আহোঁতে সামান্য সংখ্যক তিৰোতা মানুহ লগত লৈ আহিছিল। অসমত আহি ৰজা; প্ৰজা, বা-বিষয়া আদি সকলো থলুৱা মানুহৰ ঘাইকৈ চুতীয়া, মৰাণ, বৰাহী আৰু কছাৰী তিৰোতা বিয়া কৰাইছিল। তদুপৰি কলিতা-কায়স্থৰ ছোৱালীও ৰজাই বিয়া কৰাই কুঁৱৰী পাতিছিল। আনকি নগা কুঁৱৰীক আনিও ৰজাই ৰাজকাৰেং শুৱনি কৰিছিল। ইয়াৰ পৰা জনা যায় যে, আহোম যুগত অসমত বসবাস কৰা বিভিন্ন জাতি-জনজাতিসমূহৰ মাজত সাম্প্ৰদায়িক ভেদভাৱ নাছিল। কিন্তু মোৱামৰীয়া বিদ্ৰোহৰ পিছত এনে সাম্প্ৰদায়িক ভেদভাৱ জাগি উঠিছিল। এই যুগত বিশেষকৈ আহোমসকলৰ মাজত চকলং বিয়া প্ৰচলন আছিল।
অৱশ্যে অন্য হিন্দুসকলে বৈদিক ৰীতিমতে বিবাহ কার্য সম্পাদিত কৰিছিল। সেই যুগত বিয়া কৰাই তিৰোতা পুৰুষৰ ঘৰলৈ অনা হৈছিল। হিন্দু তিৰোতাই বৈধব্য ব্ৰত পালন কৰিছিল। কিন্তু আহোমৰ তিৰোতাই ইচ্ছা কৰিলে পুনৰ বিয়া কৰাব পাৰিছিল। পুৰুষসকলেও বহু বিবাহ কৰাব পাৰিছিল। সেইমতে যৌথ পৰিয়াল-ব্যৱস্থা মানি চলিছিল। সমাজত তিৰোতাৰ স্থান উচ্চ আছিল। তিৰোতাই দৈনন্দিন জীৱনৰ কাম কাজ কৰাৰ উপৰিও ৰাজকাৰ্যত যোগদান কৰিছিল।
শাসন ব্যৱস্থা : আহোম যুগৰ শাসন নীতিৰ ক্ষেত্ৰতো আহোম ৰজাসকলে যথেষ্ট পাৰদৰ্শী আছিল। বিশেষকৈ চুকাফা, চুহুংমুং দিহিঙ্গীয়া ৰজা, প্ৰতাপ সিংহ আৰু ৰুদ্ৰসিংহৰ শাসন নীতিয়ে সমগ্ৰ আহোম ৰাজত্বৰ দিক্ নিৰ্ণয়ৰ পথ দেখুৱাই দিছিল। আহোম যুগৰ শাসন যেনেদৰে শৃংখলা আছিল, ঠিক তেনেদৰে শাস্তি দিয়াৰ ব্যৱস্থাও আছিল। ৰাজকীয় আৰু সামাজিক নিয়ম উলংঘা কৰাৰ অপৰাধত গোঁসাই মহন্তসকলক শাস্ত বিহিছিল। অৱশ্যে ব্ৰাহ্মণ তিৰোতাসকলে প্ৰাণদণ্ডৰ পৰা হাত সাৰিছিল। সাধাৰণ প্ৰজাৰ বাবেই প্ৰাণদণ্ড আৰু শাৰীৰিক শাস্তিৰ ব্যৱস্থা আছিল। ৰাজদ্ৰোহ সবাতোকৈ ডাঙৰ অপৰাধ আছিল। এনেদৰে ৰজাই প্ৰজাৰ ওপৰত শাস্তি বিধান কৰিছিল যদিও ৰজাৰ বিৰুদ্ধে কোনোদিন প্ৰজাই বিদ্ৰোহ কৰা নাছিল। আহোমসকলে শাসক হিচাপে তেওঁলোকৰহে অহমিকা পাহৰিলে আৰু শাসিতসকলেও পাহৰিলে আহোমসকল যে এক বহিৰাগত শক্তি। শাসক আৰু শাসিত এই দুই শক্তিৰ সম্বন্ধয়ত আহোম ৰাজশক্তিয়ে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিলে। অসমলৈ আহি নিজৰ প্ৰভাৱ বিস্তাৰ কৰিলে। অসমলৈ আহি নিজৰ ভাষা-ধৰ্ম বাদ দি সেই যুগৰ অসমৰ ভাষা, হিন্দু ধৰ্ম গ্ৰহণ কৰি আহোমসকলে উদাৰ শাসন নীতিৰ পৰিচয় দি থৈ গ’ল।
কৃষি ব্যৱস্থা আৰু অৰ্থনীতি : আহোম যুগৰ অসমীয়া সমাজখনে কৃষিভিত্তিক অৰ্থনৈতিক সমাজ আছিল। আনহাতে মধ্যযুগক অসমৰ অৰ্থনীতিও আছিল মূলতঃ কৃষি অৰ্থনীতি। আহোমসকলে অসমৰ কৃষি আৰু ইয়াৰ বিকাশ সাধনত গুৰুত্ব দিছিল। প্ৰাচীন অসম তথা কামৰূপৰ কৃষিৰ ভিত্তিও আছিল জনজাতীয় স্তৰত। এই সময়ত মানুহে আহু আৰু বাওধান সিচি খেতি কৰিছিল। অৱশ্যে আৰ্যভাষী ব্ৰাহ্মণসকলে অসমলৈ অহাৰ পাছত তেওঁলোকৰ কৃষি পদ্ধতি কিছু সালসলনি হৈছিল আৰু বিশেষকৈ শালিধানৰ খেতিও কৰিছিল বুলি ভবা হয় যদিও প্ৰকৃততে আহোমসকল অহাৰ পাছতহে অসমত পানী খেতিৰ আৰম্ভ হয় বুলি ক’ব পাৰি। কিয়নো আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহাৰ পূৰ্বেই ম’হৰ হালেৰে বোৱা বোকা মাটিত শালী ধানৰ খেতি কৰিছিল বুলি পোৱা যায়। সেয়েহে অসমত পদাৰ্পণ কৰিয়েই অসমৰ কৃষিৰ উপযোগী জলবায়ু আৰু নদ-নদীৰে ভৰা মাটিত খেতি-বাতি কৰি নিজে উপকৃত হোৱাৰ লগতে অসমৰ জনসাধাৰণক উদ্গনি যোগাইছিল।
উল্লেখযোগ্য যে চুকাফাৰ আগমনৰ সময়ত মৰাণ, বৰাহী, চুতীয়াসকলে আহু খেতি কৰিছিল। কিন্তু চুকাফাই অসমত ৰাজধানী পতাৰ পাছত ওচৰ চুবুৰীয়া অঞ্চলবোৰত শালিধানৰ খেতি কৰিছিল বুলি জনা যায়। তদুপৰি বাৰীত তামোল-পাণ, আম-কঁঠাল, বিবিধ টেঙাগছ, কল-বন, লেটেকু-পনিয়ল আদি ৰুইছিল। আনকি সেইসময়ছোৱাত অসম অন্যান্য চুবৰীয়া ৰাজ্যৰ পৰা খাদ্য শস্য আমদানি কৰিব লগা হোৱা নাছিল বৰঞ্চ অসমৰ পৰা বঙ্গলৈ মাহ, সৰিয়হ ৰপ্তানি কৰা হৈছিল। মুগা পুহিবলৈ মেজাংকৰী, চোম, সোঁবালু, পাঁণচপা, কেচেৰু, এৰাগছৰ খেতি কৰিছিল। আহোম যুগৰ মানুহবোৰে খেতিৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল।
আহোম যুগৰ মানুহৰ প্ৰধান খাদ্য আছিল ভাত। ভাতৰ লগত মাটি মাহ, কচু, ঢেঁকীয়া, খৰিচা আদিৰ আঞ্জা ব্যৱহাৰ কৰিছিল। তদুপৰি মেটেকা, মেজেঙা, নেফাফু, চেংমৰা, তেজমৈ, টিকনিবৰুৱা, মানিমুনি, লাইজাবাৰী, নলটেঙা, মাটিকান্দুৰী, খুটুৰা, ভেদাইলতা, মচন্দৰি, তিতাকচি, শোকোটা, ঔটেঙা, খাৰলি, কলডিল, পচলা, বেঙেনা, কেৰেলা, লাই লফা, মেধু আদি ভক্ষণ কৰিছিল। মাছ পাতত দি, পুৰি, খৰিকাত দি আৰু মঙহ খৰিকাত দিও খাইছিল। চাউলৰ পৰা তৈয়াৰী লাওপানী বা হাজ আদি আহোমসকলে নিসংকোচে খাইছিল।
সাজপাৰ, আ-অলংকাৰ : আহোম যুগৰ সাজপাৰ আৰু আ-অলংকাৰ বিচিত্ৰ ধৰণৰ আছিল। আহোমসকলে প্ৰথমে ক’লা কাপোৰ পিন্ধিছিল। তাৰ পাছত বগা কাপোৰ পিন্ধিবলৈ লয়। আহোম ডা-ডাঙৰীয়া বা বিষয়া সকলৰ শ্ৰেণী অনুসৰি সাজপাৰ পৰিধান কৰিছিল। মৰ্যদাসম্পন্ন বিষয়াসকলে মূৰত পাগুৰি মাৰিছিল আৰু গাত চেলেং কাপোৰ লৈছিল। মতা-তিৰোতা উভয়ে মূৰত চেলেং কাপোৰ জাপি লৈছিল। আনকি পাটমুগা কাপোৰৰ পাগুৰিও মাৰিছিল। চুতীয়া আৰু ভূঞাসকলৰ সংস্পৰ্শলৈ অহাৰ পাছত বচোৱাল টঙালি, হাঁচতি আদিৰ আৰ্হি সলনি কৰি লয়।
তদুপৰি আহোম ৰজাই ওচৰচুবৰীয়া বিভিন্ন ৰাজ্যলৈ বৈৰাগী আৰু কটকী পঠিয়াই মোগল ৰীতিৰ সাজপাৰ আৰু অন্যান্য দেশৰ সাজপাৰৰ আৰ্হি লৈ আহি নিজৰ দেশত প্ৰচল কৰিছিল। এনেদৰে অসমত মোগলাই পাগুৰি, চৌপা-চাপকন আদিৰ সূচনা হয়। আহোম যুগত অসমত পাট, মুগা, এৰী আদি কাপোৰ প্ৰচলন অধিক আছিল। সাধাৰণতে মুগা, পলু আদি পুহি তাৰ পৰা সূতা তৈয়াৰ কৰি পাটৰ, ৰিহা, মেখেলা, চেলেং, মুগাৰ চোলা-চুৰীয়া আদি প্ৰস্তুত কৰি লৈ ব্যৱহাৰ কৰিছিল।
নানাধৰণৰ আচু সূতাৰে সৈতে বিবিধ ফুল তুলি ফুলাম কাপোৰ প্ৰস্তুত কৰাত অসমীয়া শিপিনী পাকৈত আছিল। তেওঁলোকে কিংখাপ বা সিংখাপ ঘৰতে বৈ উলিয়াইছিল। অসমীয়া সাজপাৰত জনজাতীয় লোকসকলৰ সাজপাৰৰ সম্বন্ধয় ঘটিছিল। মণিপুৰ, জয়ন্তীয়া, চুতীয়া, নৰা আদি দাঁতিকাষৰীয়া ৰাজ্যবোৰৰ সাজপাৰ অসমীয়া সাজপাৰৰ লগত মিলি গৈছিল ।
টাইসকলে অসমলৈ অহাৰ আগৰে পৰা সোণৰূপৰ অলংকাৰ পৰিধান কৰিছিল। অসমলৈ আহিও তেওঁলোকে বাখৰ পতা, বাখৰ খজা অলঙ্কাৰ পৰিধান কৰিছিল আৰু বিয়াবাৰুবোৰত জোৰণ হিচাপে এনেবোৰ অলঙ্কাৰ ব্যৱহাৰ কৰিছিল। সোণ, ৰূপ, তাম, সোণৰ পানীচৰাই অলঙ্কাৰ প্ৰস্তুত কৰিছিল। পুৰুষ আৰু তিৰোতাই উভয়ে অলঙ্কাৰ পৰিধান কৰিছিল। পুৰুষে হাতত আঙুঠি, ডিঙিত শিলিখা মণি, কাণত কৰিয়া আৰু লোকাপাৰ, বাহুত বাজু পিন্ধিছিল। তিৰোতাই কাণত জাংফাই কেৰু, থুৰীয়া, বিৰি, লতা বাখৰুৱা বিৰি, ডিঙিত মাদলি, মগৰ মূখী বিৰি, গেৰেজা, বেনা, দুগদুগী, সাতসৰী, গলপতা, শিলিখা মণি, ফুটি মণি, চন্দ্ৰহাৰ আদি পিন্ধিছিল ।
ধৰ্ম ব্যৱস্থা : প্ৰাক্ আহোম যুগত অসমত যি ধৰ্ম প্ৰচলন আছিল সেই ধৰ্মকে আহোম যুগত সকলোৱে গ্ৰহণ কৰিছিল। হিন্দু ধর্মৰ গুণানুসৰী যিসকল দেৱ-দেৱী পূজা কৰিছিল আহোমসকলেও তদ্ৰুপ সেই দেৱ-দেৱীকে পূজা কৰিছিল যদিও আহোমসকলে তেওঁলোকৰ মতে পূজা, সেৱা আৰু বলি দিছিল। আহোমসকল মূলতঃ তাও ধৰ্মী আছিল। এই ধৰ্মৰ মূলবস্তু হৈছে, তাও আৰু তেহ-অসীম, অনন্ত, পূৰ্ণব্ৰহ্ম। কিন্তু সম্ৰাট অশোকৰ দিনত বিয়পি পৰা বৌদ্ধধৰ্মৰ দ্বাৰা টাইসকল প্ৰভাৱিত হৈছিল। ফলত বৌদ্ধ ৰীতি-নীতি, লোকাচাৰ আৰু তাওধৰ্মী আদৰ্শ লগত লৈ টাইসকল অসমত প্ৰবেশ কৰে। অসমত প্ৰবেশ কৰাৰ পাছত তেওঁলোকে নিজ ধৰ্ম পৰিহাৰ কৰি হিন্দু ধর্ম গ্ৰহণ কৰে।
সুকুমাৰ কলা : সুকুমাৰ কলাৰ যি ছটা ভাগ – সাহিত্য, সংগীত, চিত্ৰ, নৃত্য, ভাস্কৰ্য আৰু স্থাপত্য এই আটাইকেইটাৰে আহোম যুগত সমৃদ্ধি লাভ কৰিছিল।
সাহিত্য : সাহিত্যৰ ক্ষেত্ৰত দেখা যায় যে, আহোম যুগৰ শ্ৰেষ্ঠ দান হৈছে– ‘বুৰঞ্জী সাহিত্য’। বুৰঞ্জীৰ লগতে আহোমসকলে লেখন কলা, লিপি আৰু সংৰক্ষণৰ ব্যৱস্থাৰে অসমীয়া সংস্কৃতিক চহকী কৰি তোলে। বুৰঞ্জীসমূহ সাহিত্যিক আৰু ঐতিহাসিক দুয়োটা দিশতে সৰ্বভাৰতীয় জোৰত একক আৰু অতুলনীয়। এই বুৰঞ্জীসমূহক অসমত আহোম যুগৰ বুৰঞ্জীৰ উপৰিও দাঁতি অলীয়া বুৰঞ্জী, অসমৰ বাহিৰৰ অৰ্থাৎ বিদেশৰ বুৰঞ্জী, প্ৰাক্ আহোম যুগৰ বুৰঞ্জী, কটকী বুৰঞ্জী, চকীয়াল বুৰঞ্জী আৰু চাংৰুং ফুকনৰ আদি ভাগত ভগাব পাৰি। বুৰঞ্জীসমূহত দেশৰ সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক জীৱনৰ কথা উল্লেখ আছে। তদুপৰি এইবোৰ অতীত অসমৰ সত্য কাহিনী হোৱাৰ উপৰিও বিভিন্ন উপমা, ফকৰা যোজনা, খণ্ডবাক্য, প্ৰবাদ প্রবচন আদি সাহিত্যিক উপাদানেৰে সমৃদ্ব উচ্চখাপৰ সাহিত্য শাৰীত অন্তৰ্ভুক্ত কৰিব পাৰি। এই বুৰঞ্জীসমূহৰ জৰিয়তে অসমীয়া ভাষা আৰু গদ্যই বিকাশ লাভ কৰিছিল বুলি নিঃসন্দেহে ক’ব পাৰি।
সঙ্গীত আৰু নৃত্য কলা : সঙ্গীত, বাদ্য, চিত্ৰকলা, নৃত্য আদিত আহোমযুগৰ সমম্বয় আৰু ক্ৰমবিকাশ সাধিত হৈছিল। প্ৰাক্ বৈষ্ণৱ আৰু বৈষ্ণৱ যুগৰ সঙ্গীত পৰম্পৰাক আহোমৰজাসকলে এক নতুন মাত্ৰা দান কৰিলে। আহোম ৰজাই শিল্পসঙ্গীতজ্ঞক আদৰ কৰাৰ বাবে এক শ্ৰেণীৰ বৰাগীয়ে অসমীয়া লোকগীতৰ চর্চা নিৰ্বিবাদে কৰিব পৰা হ’ল। ৰুদ্ৰসিংহ আৰু শিৱসিংহই থলুৱা গীতমাতক পৃষ্ঠপোষকতা কৰিছিল। দ’ল দেৱালয়সমূহত দেৱদাসী, দেওধনী, নৃত্যৰ বাবে ৰাজকীয় সা-সুবিধা আগবঢ়াইছিল। এই আপাহতে শিৱসিংহই দেৰগাঁৱৰ শিৱদ’লৰ ফুলমতীক আনি ৰাজকাৰেঙত বহুৱাই ফুলেশ্বৰী কুঁৱৰী ৰূপে গ্ৰহণ কৰিছিল। স্বৰ্গদেৱ ৰুদ্ৰসিংহই ঠুৱৰী টচ্ছা গজল আগি গীত ৰচনা কৰি শাস্ত্রীয় সঙ্গীতৰ প্ৰতি অনুবাদ কৰোৱাইছিল।
আহোম যুগতেই বেলাড মালিতা জাতীয় গীতবোৰ ৰচিত হৈছিল। বৰাগী খেলৰ মানুহে দেশৰ ঠায়ে ঠায়ে গীত গাই ফুৰি প্ৰকৃততে চোৰাংচোৱা ৰূপে কাম কৰিছিল। ফুলকোঁৱৰ গীত, মণিকোঁৱৰ গীত, চিকণ সৰিয়হৰ গীত, নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, কাচন কুঁৱৰীৰ গীত, জনা গাভৰুৰ গীত আদি এই যুগৰে ৰচনা বুলি ধৰা হয়। এই গীতবোৰ পৰিবেশন কৰোঁতে বীণ, টোকাৰী, খুটিয়াল আদি বাদ্য ব্যৱহাৰ কৰিছিল।
আহোম যুগত চিত্ৰকলাৰো বিকাশ হৈছিল। এই যুগৰ চিত্রকলাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। এটা ভাগ আছিল– ৰজাঘৰীয়া ধৰ্ম নিৰপেক্ষ চিত্রকলা আৰু আনটো হৈছে– সত্ৰসমূহত চর্চা কৰা ধর্মীয় চিত্ৰকলা। ৰজাঘৰীয়া চিত্ৰকলা আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত বিকাশ হৈছিল ।
স্থাপত্য ভাস্কৰ্য : আহোম যুগৰ স্থাপত্য-ভাস্কৰ্য্যৰ চানেকি অসমীয়া সংস্কৃতিৰ এক গৌৰৱপূৰ্ণ অধ্যায় আহোম যুগৰ স্থাপত্য আছিল উচ্চ পৰ্যায়ৰ। সেমেকা জলবায়ু, ভূমিকম্প, বানপানী আদিত বহু সম্পদ কালৰ বুকুত ধ্বংসপ্ৰাপ্ত হৈছে যদিও আহোম যুগত নিৰ্মিত শিৱসাগৰ ৰংঘৰ, তলাতলঘৰ, জয়সাগৰৰ বিভিন্ন ঠাইত সাজি উলিওৱা দ’ল-দেৱালয়, শিলৰ সাঁকো, গড় আদিয়ে স্থপতি বিদ্যাৰ নিৰ্দশন দাঙি ধৰে। আহোম ৰজাসকলে প্ৰথমতে চাংঘৰ সাজিছিল যদিও পাছলৈ কাৰেং, পাটঘৰ, শিঙৰীঘৰ, হোলোংঘৰ আদি দুমহলীয়া চাংঘৰ সাজিছিল। পকীঘৰ নিৰ্মাণ কৰিবলৈ শিল, ইটা,কৰাল ব্যৱহাৰ কৰিছিল। চূণ, মিঠাতেল, ধূণা গুৰ, মাছ, কণী, মাহ আদি নিৰ্দিষ্ট পৰিমাণত মিহলাই কৰাল তৈয়াৰ কৰিছিল আৰু এই কৰাল দ’ল-দেৱালয় , ৰাজ অট্টালিকা নিৰ্মাণ কৰাত ব্যৱহাৰ কৰিছিল। আহোম যুগৰ মৈদামবোৰো স্থপতি বিদ্যাৰ এক নিৰ্দশন। আহোম যুগত সৰু নৈ আৰু জান-জুৰিৰ ওপৰত ভালেমান শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। এইবোৰৰ ভিতৰত ডিমৌ, নামদাং, ধোদৰ আলি, হাঁহচৰাৰ শিলৰ সাঁকো উল্লেখযোগ্য। এইবোৰ আহোম যুগৰ স্থপতি বিদ্যাৰ নিৰ্দশন বুলিব পাৰি।
আহোম যুগত স্থপতি বিদ্যাৰ উপৰিও কিছুমান ভাস্কৰ্যৰ নিদৰ্শন পোৱা যায়। এই যুগত নিৰ্মিত দ’ল-দেৱালয় আৰু মন্দিৰৰ মূৰ্ত্তিসমূহ, গছ-লতা, জীৱজন্তুৰ মূৰ্ত্তি, প্ৰাকৃতিক দৃশ্য, মন্দিৰ অট্টালিকাসমূহত বাঢ়ৈ আৰু খনিকসকলে খোদিতকৰা চিত্ৰসমূহ ভাস্কৰ্যৰ নিৰ্দশন। শিৱসাগৰৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱ দ’ল, দেৱীদ’ল আৰু বিষ্ণুদ’লৰ গাত খোদিত কৰা দেৱ-দেৱতাৰ মূৰ্ত্তি, জয়সাগৰৰ জয়দ’ল আদিৰ গাত প্ৰতিষ্ঠা কৰা দেৱ-দেৱতাৰ মূৰ্ত্তি, শাস্ত্রীয় কোনো কাহিনীৰ ধৰ্মীয় দৃশ্য, জীৱ-জন্তু, গছ-লতা, ফুল-পাত আদিৰ ছবি এই যুগৰ ভাস্কৰ্য নিদৰ্শন আহোম যুগত জয়সাগৰৰ জয়দ’লৰ ভাস্কৰ্য নিৰ্দশন উচ্চ খাপৰ আছিল। তদুপৰি গৌৰীসাগৰৰ দ’লৰ বেৰ আৰু জয়দ’লৰ ভাস্কৰ্য উচ্চ খাপৰ আৰু সৌন্দৰ্যমণ্ডিত।
কাঠেৰে নিৰ্মিত পাটঘৰ, হোলোংঘৰ, শিঙৰিঘৰ, কাৰে, বাটচ’ৰা, বৰঘৰ আদি চটি, খুটা, দুনাৰ আদিত নানা তৰহৰ ফুল পাত খোদিত কৰা কাৰ্যই সুন্দৰ কাৰু কাৰ্যৰ নিৰ্দশন দাঙি ধৰে। হাঁহচৰাৰ শিল সাকোঁৰ ভগ্নাশেষত পলপাত মিহিকৈ কটা আছে, ইও আহোমযুগৰ ভাস্কৰ্যৰ নিৰ্দশন। তদুপৰি আহোম যুগত খাট, পালেং চালপীৰা, নৰাপিৰাতামুলী পীৰা, সিংহাসন, মুখা, মূৰ্ত্তি, শৰাই পেড়া আদিত কুন্দত কাটি নানা ধৰণৰ চানেকিৰ সাজি উলিওৱাৰ উপৰিও ৰং লগাই জাকত জিলিকা কৰি তুলিছিল। এইবোৰেও আহোম যুগৰ ভাস্কৰ্যৰ নিৰ্দশন দাঙি ধৰে।
আহোম যুগতে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত গঢ়ি উঠা সংস্কৃতি আৰু জনসাধাৰণৰ মাজত প্ৰচলিত সংস্কৃতিৰ সমম্বয়ত অসমীয়া সংস্কৃতি চহকী হৈহুঠিল। আহোম যুগৰ মানুহক কষ্ট-সহিষ্ণুতা আৰু উদাৰ নীতিৰ বাবে অসমীয়া সংস্কৃতিৰ সকলো দিশতে মতুন সম্পদ আহৰণৰ সুযোগ ঘটিছিল। ফলস্বৰূপে এই যুগৰ অসমীয়া সংস্কৃতি সু-সমৃদ্ধ হৈ উঠিছিল। প্ৰকৃততে এই যুগটো সমম্বয়ৰ মাজেদি গঢ় লৈ উঠা অসমীয়া জাতি সংস্কৃতিৰ প্ৰতিষ্ঠাৰ যুগ।
প্ৰশ্ন ৯। সংস্কৃতিক কি কি ভাগত ভাগ কৰিব পাৰি ? আলোচনা কৰা।
উত্তৰঃ সংস্কৃতিৰ শ্ৰেণীবিভাজন : কোনো এক ভৌগোলিক পৰিবেষ্টনীত স্থায়ীভাৱে বসবাস কৰাৰ পাছত সেই সমাজৰ মাজত প্ৰচলিত আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, খোৱা-বোৱা, উৎসৱ-পাৰ্বণ, ধৰ্ম – লোকবিশ্বাস, শিল্পকলা, ভাষা আদি সমূহীয়া জীৱন পদ্ধতিৰ প্ৰকাশ সংস্কৃতিয়ে সামৰি লয়। বহুলভাৱে সংস্কৃতিৰ দিশ দুটা–
(ক) সামাজিক সংস্কৃতি। আৰু
(খ) ভৌতিক সংস্কৃতি।
উল্লেখযোগ্য যে ব্যাপক পৰিসৰত সংস্কৃতিৰ গুণ , লক্ষণ আদিলৈ লক্ষ্য ৰাখি ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে–
(ক) অভিজাত সংস্কৃতি।
(খ) লোক-সংস্কৃতি। আৰু
(গ) জনজাতীয় সংস্কৃতি।
(ক) অভিজাত সংস্কৃতি : অভিজাত সংস্কৃতিৰ উদ্ভৱ আৰু বিকাশ কেতিয়া হৈছিল সঠিককৈ কোৱা টান। ভাৰতৰ ২৫০০ বছৰৰ পূৰ্বেই অভিজাত সংস্কৃতিৰ উদ্ভৱ হৈছে বুলিব পাৰি। সংস্কৃতিৰ যিটো ৰীতিবদ্ধ, সুনিৰ্দিষ্ট আৰু আত্মসচেতন ৰূপ সিয়েই অভিজাত বা শিষ্ট সংস্কৃতি। অভিজাত বা শিষ্ট সংস্কৃতিক শাস্ত্রীয় বা বৈদিক বা মাৰ্গীয় সংস্কৃতিও বুলিব পাৰি। ভাৰতীয় অভিজাত সংস্কৃতি সময়ৰ সোঁতত পৰিৱৰ্তিত হৈছে যদিও ইয়াৰ অবিচ্ছেদ্যতা অব্যাহত গতিত প্রবাহমান হৈয়ে আছে।
(খ) লোক-সংস্কৃতি : লোক-সংস্কৃতি লোক সমাজৰ সমানেই প্ৰাচীন। অসমীয়া ভাষাত লোক-সংস্কৃতিৰ সমাৰ্থকৰূপে ইংৰাজী Flok Lore শব্দটোৰ প্ৰয়োগ কৰা হয়। Flok Lore শব্দটো Flok আৰু Lore এই শব্দ দুটাৰ যৌগিক ৰূপ। লোকজ্ঞান আৰু লোক অভিজ্ঞতাক বুজাবৰ বাবে ১৮৪৬ চনৰ ২২ আগষ্টত পুৰাতত্ত্ববিদ জন থমছে আলোচনী এখনত প্ৰথমে এই পদটো প্ৰয়োগ কৰে। অতি কম সময়ৰ ভিতৰতে এই অভিধাটোৱে জনপ্ৰিয়তা লাভ কৰে। Flok মানে the people বা লোক সমষ্টি আৰু Lore মানে wisdom বা জ্ঞান, বিদ্যা। সেয়েহে Flok Lore অৰ অভিধানিক অৰ্থ হ’ল লোক সংস্কৃতিৰ জ্ঞান, চমুকৈ লোক জ্ঞান বা লোক-বিদ্যা।
লোক-সংস্কৃতি লোক সমাজৰ সংস্কৃতি আৰু ই পৰম্পৰাশ্ৰয়ী Flok বা লোক অভিধাটোৱে কেৱল গঞা, নিৰক্ষৰ লোককেই নুবুজায়- পৰম্পৰা আশ্ৰয়ী সকলো লোককেই বুজায়। যিহেতু পৰম্পৰা আশ্ৰয়ী সমাজেই লোক সমাজ আৰু লোক সমাজৰ সামাজিক আচৰণেই লোক সংস্কৃতি, গতিকে আধুনিক সমাজতো লোক-সংস্কৃতি পৰম্পৰাগতভাৱে প্রবাহমান হৈ থাকিব পাৰে।
লোক-সংস্কৃতি পৰিভাষাই অতিকথা, জনশ্ৰুতি, সাধুকথা, লোকোক্তি-প্রবচন-যোজনা, মন্ত্ৰ, আশীৰ্বাদ, অভিশাপ, সম্বৰ্ধনা, পোছাক পৰিচ্ছদ, আ-অলংকাৰ, লোক-নৃত্য, লোকনাটক, লোক-বিশ্বাস, লোক-গীত, লোক-ভাষা, খাদ্য-ৰন্ধন প্ৰণালী, গৃহ নিৰ্মাণ প্ৰণালী, উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি আদি বিভিন্ন বিষয়সমূহ সামৰি লয়। এই বিষয়সমূহ আৰু এইবোৰৰ অনুশীলন তথা চিন্তা-চৰ্চা আৰু বিচাৰ-বিশ্লষণেই লোকবিদ্যা বা লোক-সংস্কৃতি।
(গ) জনজাতীয় সংস্কৃতি : জনজাতীয় সংস্কৃতি স্বয়ং সম্পূৰ্ণ। কম-বেছি পৰিমাণে ই অক্ষত হৈ থাকে। লোক সংস্কৃতি আৰু শিষ্ট সংস্কৃতিৰ সৈতে জনজাতীয় সংস্কৃতিৰ পাৰ্থক্য বিদ্যমান। কোনো জনজাতীয় সংস্কৃতি যদি লোক বা অভিজাত সংস্কৃতিৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱান্বিত হয় তেন্তে তাক প্ৰকৃতাৰ্থত জনজাতীয় সংস্কৃতি বুলিব নোৱাৰি। অৱশ্যে জনজাতীয় সংস্কৃতিৰ দ্বাৰা যে লোক সংস্কৃতি অথবা শিষ্ট-সংস্কৃতি প্ৰভাৱিত হ’ব নোৱাৰে তাৰ কোনো ধৰা – বন্ধা নিয়ম নাই। অসমৰ সংস্কৃতিৰ প্ৰসংগত ইয়াৰ সুন্দৰ নিৰ্দশন পোৱা যায়।