Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ Question Answer can be of great value to excel in the examination.
Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ
Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ Notes cover all the exercise questions in UGC Syllabus. The Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ
ASSAMESE
অসমীয়া সাংস্কৃতিৰ অধ্যয়ন
ৰচনাৱলী প্ৰশ্ন :
১: অসমলৈ নৃগোষ্ঠীয় প্ৰব্ৰজনৰ সন্দৰ্ভত এটি আলোচনা আগবঢ়োৱা ?
উত্তৰঃ অতীতৰে পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চল মানৱ প্ৰব্ৰজনৰ এক সুগম পথ হিচাপে ব্যৱহৃত হৈ অহাৰ ফলত এই খণ্ডৰ বিভিন্ন নৃগোষ্ঠীয় গোটৰ প্ৰবেশ ঘটিছিল। ইয়াৰ মাজেৰে বহু গোষ্ঠী এই অঞ্চল হৈ ভাৰতবৰ্ষ বিশ্বৰ অন্য প্ৰান্তলৈ প্ৰব্ৰজন কৰিছিল। নৃতাত্ত্বিক গৱেষণাৰ জৰিয়তে এই গোষ্ঠীসমূহৰ কিছুমান উৎসৱ সন্ধান পোৱা গৈছে আৰু ইয়ে এই গোষ্ঠীসমূহৰ উত্তৰ-পূৰ্বাঞ্চল তথা অসমত প্ৰবেশৰ সত্যতাকে দাঙি ধৰে। ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত….অক্ষাংশ আৰু……দ্ৰাঘিমাংশত অৱস্থিত এই ভূখণ্ডলৈ পূবফালৰ প্ৰশান্ত মহাসাগৰীয় নৃগোষ্ঠী, পশ্চিমফালৰ ভূমধ্য সাগৰীয় নৃগোষ্ঠীয়সমূহৰ উপৰিও ভাৰতবৰ্ষৰ মূল ভূখণ্ড আৰু দক্ষিণ-পূব এছিয়াৰ মূল ভূখণ্ড তথা উত্তৰৰ বিভিন্ন অঞ্চলৰ পৰা মানুহৰ সোঁত বৈ আছে। “বৰ্তমান সময়ত বিশ্ববিশ্ৰুত নৃতাত্ত্বিকসকলে তেওঁলোকৰ গভীৰ অধ্যয়নৰ যোগেদি এটা খবৰ দিব পাৰিছে যে আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ শ্লং বা আজি যাক শ্বিলং বুলি কোৱা হয়, উত্তৰ কাছাৰ জিলাৰ কোৰ্বাককোট বা গুমাইগুজু, গুইলং বা হাফলং অঞ্চল, তদুপৰি প্ৰচাদন্তিক লাইচং আদি অঞ্চলত সু-প্ৰাচীল কালৰে পৰা গুহা মানৱে বসবাস কৰিছিল।
সেয়ে হয়তো পৰবৰ্তীকালত আমাৰ আৰ্য সাহিত্যত আৰ্য ভাষাত যি ধৰ্ম ৰচনা হৈছিল, তাতে আমাৰ অঞ্চলৰ ৰাইজক কিৰাটবাসী বা কিৰান্তিক বুলি কোৱা হৈছিল। এই কিৰান্তিক শব্দয়ো গুহাবাসী কথাটোকে সূচায়। এনে এক পৰিবেশ-পৰিস্থিতিতে আমাৰ অঞ্চলত ১.১৬ মিলিয়ন বছৰৰ পূৰ্বে জনবসতি আৰম্ভ হৈছিল বুলি নৃতাত্ত্বিকসকলে ঠাৱৰ কৰিছে।” যদিও এই গুহামানৱসকলৰ বসবাসক আমি পূৰ্ণ মানৱৰ বসবাস বুলি কব নোৱাৰো তথাপি শ্বিলংৰ লাইটকৰ বা নাগালেণ্ডৰ লাংটক অঞ্চলত আৱাহমান কালৰে পৰা বসবাস কৰা মানুহৰ চিত্ৰলিপি, তেওঁলোকে এৰি থৈ যোৱা নৃতাত্ত্বিক আৰু মানৱ সম্পৰ্কীয় সা-সঁজুলি তথা অন্যান্য উপাদানসমূহৰ অধ্যয়ন পৰা উত্তৰ-পূব ভাৰত ১.২ মিলিয়ন বছৰৰ পূৰ্বৰে পৰা মানুহৰ বসতিৰ উপযোগী বুলি প্ৰমাণিত হৈছে।
গোদাবৰী উপত্যকাৰ হ’ম’ চেপিয়েন্সসকল বা চোটনাগপুৰৰ হ’ম’ চেপিয়েন্সসকল, পিকিং মানৱ হ’ম’ চেপিয়েন্স বা জাভা, সুমাত্ৰা, বৰ্ণিয়’অঞ্চলৰ হ’ম’ চেপিয়েন্সসকলৰ লগত উত্তৰ-পূব ভাৰতৰ এক গভীৰ সম্পৰ্ক প্ৰাচীন কালৰে পৰা চলি অহা বুলি নৃতাত্ত্বিকসকলে নিশ্চিত কৰিছে। এইদৰে প্ৰাচীন গুহা মানৱৰ পৰা ক্ৰমে সময়ৰ গতিত পৰৱৰ্তী কালত ভিন ভিন জনগোষ্ঠীসমূহে এই ভূ-খণ্ডত প্ৰৱেশ কৰে। কোনোটো জনগোষ্ঠীয়ে এই ভূমিখণ্ডকে খামুচি ধৰিছে যদিও কোনোবাটোৱে আকৌ ভাৰতবৰ্ষ তথা পৃথিৱীৰ অন্য প্ৰান্তলৈ প্ৰব্ৰজন কৰিছে, আনহাতে কোনোবাটো জনগোষ্ঠী এই ভূ-খণ্ডতে বৃহৎ জনগোষ্ঠীৰ কবলত পৰি অস্তিত্বহীন হৈ পৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ নৃতাত্ত্বিক সমলৰ বিষয়ে অধ্যয়ন নৃতত্ত্ববিদ ৰিচলে, হাটন, ডেলটন, হাণ্টাৰ, ইনলে আদিৰ মতে উত্তৰ-পূৰ্বাঞ্চলত অতি কমেও ১১৫ টা জনগোষ্ঠীয়ে প্ৰাচীন কালৰে পৰা বসবাস কৰি আহিছে। খ্ৰীষ্টপূৰ্ব তিনি-চাৰি হাজাৰ বছৰৰ পূৰ্বেই উত্তৰ-পূৰ্বাঞ্চলত প্ৰবেশ কৰা এই জনগোষ্ঠীসমূহ হ’ল মূলতঃ মংগোলীয়, ফিলিপাইনিক জাভা মূলৰ, অষ্টল’য়দ বা অষ্ট এছিয়াটিক বা কেতিয়াবা পশ্চিমৰ দুৱাৰেদি প্রবেশ কৰা জাতি ভেদ্দিত (ভেদ্দা) আৰু এই ভেদ্দিত জাতিয়েই নহয়, আলপাইন আৰ্যসকল অহাৰ পূৰ্বেও আমাৰ এই ভূখণ্ডলৈ আৰ্যৰ আৰু এটা জাতি-জনগোষ্ঠী তথা নৃগোষ্ঠীসমূহৰ সংমিশ্ৰণত এই ভূ-খণ্ড এক মিলনভূমি হৈ পৰিছিল। “সেইবাবে প্ৰাচীন কালৰ মানৱ প্ৰব্ৰজনৰ নৃতাত্ত্বিক অধ্যয়ন কৰা নৃতত্ত্ববিদসকলে কৈছে অসম সদায়েই পশ্চিমৰ আৰু পূবৰ তদুপৰি উত্তৰ-দক্ষিণৰ কৰিডৰ হিচাপে বিবেচিত হৈ আহিছে আৰু লৌহিত্য (ব্ৰহ্মপুত্ৰ) নদীখনেই সেই মানৱ প্ৰৱাহৰ ধাৰক আৰু বাহক হৈ আহিছে ।”
বিভিন্নজন নৃতাত্ত্বিকে ভাৰতীয় মানুহৰ মাজত প্ৰজাতীয় উপাদানৰ বিশ্লেষণত মানৱগোষ্ঠীৰ মাজত পোৱা চাৰিওটা মুখ্য প্ৰজাতি ক্ৰমে – ককেছীয়, মংগোলীয়, নিগ্ৰো আৰু অষ্ট্ৰেলীয়ৰ উপাদানৰ উপস্থিতি দেখা পাইছে। কোনো কোনো নৃতাত্ত্বিকে অষ্ট্ৰেলীয়ক বেলেগ প্ৰজাতি নুবুলি প্ৰত্ন-ককেছীয় নাম দি ককেছীয়ৰে এটা ভাগ বুলি কব খোজে। আনহাতে অসমৰ পটভূমিত আমি মংগোলীয়, ককেছীয় আৰু অষ্ট্ৰেলীয় প্ৰজাতীয় উপাদানহে দেখা পাও। বিভিন্নজন নৃতাত্ত্বিকৰ ভিতৰত নৃতাত্ত্বিক হেডনে তেখেতৰ পূৰ্বৱতী নৃতাত্ত্বিক ৱাডেল, ব্ৰাউন, কেম্প, হাটন আৰু ডি’নে সংগ্ৰহ কৰা সমলসমূহৰ বিশ্লেষণেৰে অসমৰ মানুহৰ মাজত নিম্নলিখিত প্ৰজাতি কেইটাৰ উপস্থিতিৰ বিষয়ে সুকীয়াকৈ উল্লেখ কৰিছে—
(ক) দীর্ঘমস্তকী প্ৰশস্তনাসিকী (প্ৰাক্-দ্ৰাবিড়)– এইটো অতি প্ৰাচীন উপাদান। খাছীয়া, কুকী, কছাৰী, মণিপুৰী আদি লোকৰ মাজত এইটো উপাদানৰ প্ৰাধান্য বেছি। নগাৰ মাজত কম।
(খ) দীর্ঘমস্তকী মধ্যনাসিকী (নেছিয়ট)– নগা আৰু অন্যান্য পাহাৰী জনজাতীৰ মাজত ইয়াৰ প্রাবল্য পৰিলক্ষিত হয়।
(গ) মধ্যমস্তকী প্ৰশস্তনাসিকী– খাচীয়াসকলৰ মাজত এই উপাদান দেখা যায়। এনেধৰণৰ উপাদান চোটনাগপুৰ, ব্রহ্মদেশ, চীন আদি ঠাইৰ মানুহৰ মাজতো আছে।
(ঘ) মধ্যমস্তকী মধ্যনাসিকী– এই প্ৰকাৰটো ভাৰতৰ অন্য ঠাইটো দেখা যায়। বিশেষকৈ বংগদেশৰ কিছুমান জাতি, বিহাৰৰ কুৰ্মী, দোসাধ, লেপচা, মুৰ্মীৰ মাজতো এই উপাদান আছে।
(ঙ) প্ৰশস্তমস্তকী দীর্ঘনাসিকী– এই উপাদানটো উত্তৰ দিশৰপৰা অহা। ইউৰেছিয়াটিক গোটৰ মানুহৰ লগত ইয়াৰ সম্বন্ধ আছে।
(চ) প্ৰশস্তমস্তকী প্ৰশস্তনাসিকী– ইয়াক পেৰিওৱান প্ৰৰকাৰ বুলি কব পাৰি। ইয়াৰ উৎস ব্রহ্মদেশ।
(ছ) দীর্ঘমস্তকী দীর্ঘনাসিকী– ভাৰতৰ উত্তৰ পশ্চিম দিশৰপৰা এই উপাদানটো অসমৰ মানুহৰ মাজত প্ৰৱেশ ঘটিছে।
অৱশ্যে হাটন, মিলছ, গুহ, ডি’ন, সুনীতি কুমাৰ চেটাৰ্জী আদিয়ে অসমৰ কোনো কোনো পাহাৰীয়া জনগোষ্ঠীৰ মাজত নিগ্ৰোসকলৰ প্ৰভাৱৰ কথা কৈছে যদিও অলিভিয়েৰ, সুৰী, ভুবন মোহন দাস আদি নৃতাত্ত্বিকে জৌৱিক চৰিত্ৰৰ বিশ্লেষণেৰে এই কথা নুই কৰিছে। নৃতাত্ত্বিক ভুবন মোহন দাসে উল্লেখ কৰিছে যে “ডি’নে নিগ্ৰ’ প্ৰকাৰকে অসমৰ আদিম অধিবাসী বুলি কৈছে যদিও ধাৰণা হয় তেও নিগ্ৰ’ আৰু প্ৰায় অষ্ট্ৰেলীয়ৰ মাজত থকা প্ৰভেদ ভালদৰে অনুধাৱন কৰিব পৰা নাছিল।” সেয়েহে আমি কব পাৰো যে অতীজৰে পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া মূলতঃ ককেছীয়, মংগোলীয় আৰু অষ্ট্ৰেলীয়– এই তিনিটা প্ৰজাতিৰ সংমিশ্ৰণতে হৈ আছে, যি প্ৰক্ৰিয়া বতৰ্মানেও অব্যাহত আছে। এই প্ৰজাতীয় উপাদানসমূহ অসমৰ মানুহৰ মাজত প্ৰবেশ কৰাৰ কাৰণ, সময় আদিৰ আলোচনাৰ আগতে প্ৰথমে আমি নৃগোষ্ঠীসমূহৰ প্ৰব্ৰজনৰ পথবোৰৰ বিষয়ৰ আলোচনালৈ আগবাঢ়ো।
প্ৰাকৃতিকভাৱে অতি বৈচিত্ৰ্যপূৰ্ণ পৰিবেশত অৱস্থিত অসম নামৰ এই ভূ-খণ্ডলৈ পুৰণি কালৰেপৰা বিভিন্ন দিশৰপৰা প্ৰব্ৰজন হৈ আছে সেয়া লাগিলে সীমামূৰীয়া গিৰিপথবোৰেও হওক বা ব্ৰহ্মপুত্ৰ-গংগা উপত্যকাৰ প্ৰশস্ত পথ বা এসময়ৰ সাগৰীয় পথেই নহওক কিয় উত্তৰ-পূব দিশত থকা পাটকাই পৰ্বতৰ মাজৰ গিৰিপথবোৰেৰে টাই-ভাষী মংগোলীয় লোকসকলে প্ৰবেশ কৰিছিল বুলি আমি ইতিহাসৰ বিভিন্ন স্থানত পাও। বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ভাষা পৰিয়াল চীন-তিব্বতীয়ৰ অন্তৰ্গত অসমত বাস কৰা মংগোলীয় লোকসকলক ভাষাৰ ভিত্তিত আমি তিব্বত-বৰ্মীভাষী আৰু শ্যাম-চীনীয় বা টাই-ভাষী এই দুটা প্ৰধান ভাগত ভগাব পাৰো। তিব্বত-বৰ্মীভাষী লোকসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ইয়াংচিকিযাং আৰু হোৱাংহো নদীৰ উজনিভাগ। তেওঁলোকৰ এটা দলে এসময়ত দক্ষিণলৈ গতি কৰি ম্যানমাৰৰ উত্তৰ-পূব অঞ্চলত উপস্থিত হৈ তাতে দুটা ভাগত ভাগ হয়। তাৰে এটা ভাগে দক্ষিণলৈ গৈ থাকি দক্ষিণ-পূব এছিয়াত উপনীত হয়।
যাত্ৰা পথত কোনো কোনোৱে দিশ পৰিৱৰ্তন কৰি পশ্চিমলৈ খোজ লৈ উত্তৰ-পূব ভাৰতত প্ৰৱেশ কৰে। বিভিন্নজনৰ মতে এওলোকেই উত্তৰ- পূৰ্বাঞ্চলৰ নগা, কুকি,মিজো আদি জনসমষ্টিৰ পূৰ্বপুৰুষ বা আদি পুৰুষ আছিল। আনটো ভাগে হিমালয়ৰ পাদদেশেৰে পশ্চিমলৈ গতি কৰি নেপাল, ভূটান, তিব্বত আদি অঞ্চলত বাস কৰিবলৈ লয়। ইতিমধ্যে তিব্বত, নেপাল, ভূটান আদিত বিস্তাৰিত হৈ পৰা এই ভাগটোৰ পৰাও কোনো কোনো অংশৰ আকৌ অসমলৈ প্ৰব্ৰজন ঘটিছিল। তাৰ পৰা দক্ষিণ দিশলৈ প্ৰব্ৰজন কৰি তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু তাৰ আশে পাশে থকা পাহাৰবোৰত থিতাপি লয়। কিছুমানে আকৌ দক্ষিনফালে আৰু বেছি দূৰলৈ গৈ বৰাক উপত্যকা, ত্ৰিপুৰা আদিত বাস কৰিবলৈ লয়। ভুবন মোহন দাসে তৃতীয় সৰু দল এটাৰ অসমত প্ৰৱেশৰ সম্ভাৱনাৰ কথা কৈছে – এই তৃতীয় দলটোৰ অসমলৈ আগমন হয় উত্তৰ-পূব কোণেৰে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথেৰে। উত্তৰ -পূৰ্বাঞ্চলৰ অন্যান্য বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত কিম্বদন্তীৰ দৰে গাৰোসকলৰ মাজত প্ৰচলিত কিম্বদন্তীয়েও তেওঁলোকৰ আদি বাসস্থান তিব্বত বুলিয়েই সাক্ষ্য দিয়ে।
“অন্য কিছুমান জনসমষ্টিৰ মাজতো অনুৰূপ কিম্বদন্তীৰ প্ৰচলন আছে, যাৰপৰা কব পাৰি যে উত্তৰ দিশত থকা গিৰিপথবোৰেৰে বিভিন্ন সময়ত নানাবিধ মংগোলীয় লোকে চামে চামে অসমলৈ আহে ।” এইদৰে এই মংগোলীয় লোকসকল বিভিন্ন সময়ত বিভিন্ন পথেৰে উত্তৰ-পূব ভাৰতলৈ আহি নানান ঠাইত সিঁচৰতি হৈ পৰিছিল। সুনীতি কুমাৰ চেটাৰ্জীয়ে উল্লেখ কৰা মতে সম্ভৱত: খ্ৰীষ্টপূৰ্ব ১০০০ বছৰ আগতে প্ৰাচীন তিব্বত-বৰ্মীভাষী লোক হিমালয়ৰ দক্ষিণ পাদদেশৰ পৰা অসম তথা তিব্বতৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে। কিন্তু এওলোকৰ অসমলৈ বা ভাৰতবৰ্ষলৈ অহাৰ সঠিক সময় নিৰ্ধাৰণ কৰিবলৈ আজিকোপতি উপযুক্ত ঐতিহাসিক প্ৰমাণৰ অভাৱ। যজুৰ্বেদ আৰু অৰ্থবেদত কিৰাতৰ উল্লেখ থকাটোৱেই তিব্বত-বৰ্মী মংগোলীয় লোকসকলে প্ৰাকবৈদিক কালতে এই ভূ-খণ্ডৰে প্ৰব্ৰজন কৰাৰ প্ৰমাণ দিয়ে। কাৰণ বৈদিক আৰু সংস্কৃত সাহিত্যত মংগোলীয় গোষ্ঠীৰ লোকসকলক কিৰাত নামেৰে উল্লেখ কৰা হৈছে। ত কিৰাত নামটোৰ প্ৰথম উল্লেখ যজুৰ্বেদত পোৱা যায়। পুৰুষমেধ যজ্ঞ সম্পাদনৰ বাবে প্রয়োজনীয় সম্ভাৰৰ তালিকাত গুহাৰ বাবে গুহাবাসী কিৰাত শব্দটোও আছে। আনহাতে মহাভাৰতৰ বিভিন্ন ঘটনা, খ্ৰীষ্টীয় দশম শতিকাত ৰচিত কালিকা-পুৰাণৰ বৰ্ণনা, যজুৰ্বেদ, অৰ্থবেদ, বিষ্ণুপুৰাণ, মাৰ্কণ্ডেয় পুৰাণ তথা হৰিবংশত থকা কিৰাতৰ বিভিন্ন উল্লেখ পৰা কিৰাতসকল মংগোলীয় গোষ্ঠীৰ বুলি আমি নিশ্চিত হোৱাৰ লগতে অতি প্ৰাচীন কালৰে পৰা তেওঁলোকে ভাৰতবৰ্ষৰ উত্তৰ আৰু উত্তৰ -পূৰ্বাঞ্চল তথা প্ৰাগজ্যোতিষ বা কামৰূপৰ বসবাস কৰা বুলি আমি কব পাৰো। অৰ্থাৎ প্ৰাক-বৈদিক কালৰেপৰা তিব্বত-বৰ্মীভাষী মংগোলীয় লোকসকলে এখনত বসবাস কৰি আছে।
নবীন চন্দ্ৰ শৰ্মাই উল্লেখ কৰিছে যে “চীন-তিব্বত ভাষা-ভাষী যিসকল মংগোলীয় গোষ্ঠীৰ লোক ভাৰতবৰ্ষলৈ প্ৰব্ৰজিত হৈ ভাৰতীয় সংস্কৃতিৰ শ্ৰেতধাৰাত মিলি গৈছিল তেওলোকেই কিৰাত আৰু এই কিৰাত পদৰ পৰিসৰে ভাৰতবৰ্ষত স্থায়ীভাৱে বাস কৰা মংগোলীয় গোষ্ঠীৰ বিভিন্ন গোষ্ঠী আৰু ঠাল-ঠেঙুলিক সামৰে ।” সুনীতি কুমাৰ চেটাৰ্জীৰ মতে ভাৰতবৰ্ষলৈ প্ৰব্ৰজিত হোৱা এই মংগোলীয় লোকসকলক আৰ্য ভাষা-ভাষীসকলেই কিৰাত নাম দিছিল। আনহাতে বিভিন্নজন ভাৰতীয় পণ্ডিতৰ মতে আকৌ সংস্কৃত কিৰাত পদটোৱে উত্তৰ-পূব ভাৰতৰ বিভিন্ন পৰ্বত-পাহাৰত বাস কৰা অনা-আর্যলোসকলক সূচায়। এওলোক কিন্তু মংগোলীয় গোষ্ঠীসম্ভূত।
অসমত বাস কৰা মংগোলীয়ৰ আনটো ভাগ শ্যাম-চীনীয় বা টাই-ভাষীলোকসকল ইতিহাসে ঢুকি পোৱা কালতেই অসমলৈ আহে। টাই-ভাষী বুলি কেলেই প্ৰথমে আমাৰ মনলৈ আহোমসকলৰ কথাই আহে যদিও তেওঁলোকৰ অন্যান্য জনগোটৰ বসবাসো অসমত দৃষ্টিগোচৰ হয়। উত্তৰ ম্যানমাৰৰপৰা উত্তৰ-পূব কোণত পথেৰে পাটকাই পৰ্বত অতিক্ৰমি আহোমসকলে ১২২৮ খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত অসমত প্ৰৱেশ কৰে। আহোমসকলৰ অসমত প্ৰৱেশৰ পিছৰেপৰা অসমত ৰাজনৈতিক, সাংস্কৃতিক তথা সামগ্ৰিক জীৱনচৰ্যাত এক নতুন বিপ্লৱৰ সূচনা হয়। এই বিপ্লৱ পিছে ৰাজ্যখনৰ উন্নয়ন তথা হিতৰ বাবেহে সূচনা হৈছিল।
আহোমসকলে ইয়াত উপস্থিত হৈয়ে উজনি অসমত ৰাজ্য স্থাপন কৰি ক্ৰমে পশ্চিমলৈ ৰাজ্য বিস্তাৰ কৰে। তেওঁলোকে স্থানীয় লোকৰ লগত বৈবাহিক সম্বন্ধ স্থাপনেৰে নিজৰ দুৰদৰ্শিতাৰ পৰিচয় দিয়াৰ লগতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়েহে অসমীয়াৰ নৃ-বৈজ্ঞানিক পৰিচয়ৰ বিচাৰ আহোমসকলক বাদ কল্পনাই কৰিব নোৱাৰি। টাই-ভাষী অন্যান্য জনসমষ্টিৰ ভিতৰত আমি উজনি অসম তথা অৰুণাচলৰ বিভিন্ন স্থানত বসবাস কৰা আইটন, টাই ফাকে বা ফাকিয়াল, খামযাং, খামতি, টুৰুং, দোৱনীয়া আদিৰ কথা উল্লেখ কৰিব পাৰো। এওলোকেও বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সদায় এক লেখক লবলগীয়া ভূমিকা পালন কৰি আহিছে।
সেইদৰে দক্ষিণ-পূবৰ গিৰিপথবোৰে ব্রহ্মদেশ আৰু দক্ষিণ-পূব এছিয়াৰ লগত অসমক সংযোগ কৰিছে। আকৌ পশ্চিমে ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্যকাৰ প্ৰশস্ত পথেৰে ককেছীয় লোকসকলে সময়ে সময়ে অসমত প্ৰৱেশ কৰি আহিছে। উত্তৰ দিশত পশ্চিম কোণেৰে তিব্বত, নেপাল আৰু ভোটানৰপৰা থকা গিৰিপথবোৰেও একপ্ৰকাৰ মংগোলীয় লোক অসমলৈ আহিছিল। আনহাতে মহাভাৰতত উল্লিখিত সাগৰৰ পাৰলৈকে বিস্তৃত প্ৰাগজ্যোতিষপুৰৰ সীমান্তৱৰ্তী সাগৰীয় পথেদিও বিভিন্ন সময়ত বিভিন্নলোকে অসমত প্ৰবেশ কৰি স্থায়ীভাৱে বসবাস কৰাৰ উপৰিও আন এচামে অসমৰ মাজেৰে বিশ্বৰ বিভিন্ন প্ৰান্ত লৈ পাৰ হৈ যোৱাৰ কথাও আমি ক’ব পাৰো।
অসমৰ চাহ বাগানত কাম কৰিবলৈ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আদি ৰাজ্যৰপৰা অহা বহুতো অষ্ট্ৰেলীয় প্ৰজাতিৰ লোক। এওলোক আধুনিক যুগত অহা যদিও অসমীয়া মানুহৰ মাজত এওঁলোকৰ পৰাও অষ্ট্ৰেলীয় প্ৰজাতিৰ উপাদান প্ৰৱেশ কৰাৰ সম্ভাৱনা নথকা নহয়। “সাম্প্ৰতিক কালত অসমত কোনো অষ্ট্ৰেলীয় জনসমষ্টি নাই বুলি কোৱা হৈছে যদিও চাহ বাগিচাৰ কেতবোৰ জনসমষ্টি অষ্ট্ৰেলীয় প্ৰজাতিৰ ভিতৰত পৰে।” কোনো কোনো পণ্ডিতে উল্লেখ কৰা অষ্ট্ৰিক ভাষা আৰু অষ্ট্ৰেলীয় প্ৰজাতিৰ মাজত থকা সম্বন্ধলৈ লক্ষ্য ৰাখি আমি মেঘালয়ৰ খাচীসকলৰ কথা উনুকিয়াব পাৰো। অষ্ট্ৰিক ভাষা কোৱা খাচীসকলৰ মাজত মংগোলীয় জৌৱিক লক্ষণ স্পষ্ট ৰূপত বিদ্যমান চাৰিওফালে তিব্বত-বৰ্মী ভাষী মংগোলীয়সকলৰদ্বাৰা পৰিৱেষ্টিত হৈও তেওঁলোকে নিজৰ মাজত অষ্ট্ৰিক ভাষা জীয়াই ৰখাতো সচাই মন কৰিবলগীয়া বৈশিষ্ট্য।
শাৰীৰিক লক্ষণত আকৌ খাছীয়া আৰু তিব্বত-বৰ্মীভাষী লোকসকলৰ মাজত যথেষ্ট সাদৃশ্য পৰিলক্ষিত হয়। ইয়াৰ ব্যাখ্যা সুনীতি কুমাৰ চেটাৰ্জীয়ে এইদৰে দিছে-মংগলীয় খাছীয়া লোকসকল উত্তৰ-পূব কোণেৰে অসমত প্ৰৱেশ কৰে। তেওঁলোকৰ আগমনৰ পূৰ্বে এই ঠাইত অষ্ট্ৰেলীয় লোক বাস কৰিছিল। অষ্ট্ৰেলীয় লোকৰ ভাষা আছিল অষ্ট্ৰিক। খাছীয়াসকলে ইয়ালৈ আহি এই অষ্ট্ৰিক ভাষাকে গ্ৰহণ কৰিছিল। হয়তো এনেকোৱাও হব পাৰে অসমলৈ প্ৰব্ৰজনৰ পথত তেওঁলোকো ম্যানমাৰত (তেতিয়াৰ ব্রহ্মদেশত) অষ্ট্ৰিক ভাষা শিকিলে আৰু অসমলৈ আহি বড়ো ভাষা-ভাষীসকলৰ মাজত বস-বাস কৰিও নিজৰ ভাষাটো সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হ’ল । ভুবন মোহন দাসৰ মতে– খাছীয়াসকল দৰাচলতে অষ্ট্ৰেলীয়। তেওঁলোকৰ নিজৰ ভাষা অষ্ট্ৰিক। পিছত অহা মংগলীয় লোকৰ লগত তেওঁলোক এনেভাৱে সংমিশ্ৰিত হৈ গল যে তেওঁলোকে স্বকীয় অষ্ট্ৰেলীয় জৌৱিক বৈশিষ্ট্য হেৰুৱাই মংগলীয় প্ৰজাতীয় লক্ষণ ধাৰণ কৰিলে। কিন্তু ভাষাৰ পৰিৱৰ্তন নহল। পুৰণি অষ্ট্ৰিক ভাষা তেওঁলোকৰ মাতৃভাষা হৈ থাকিল। এইদৰে আন কিছুমান জনসমষ্টিৰ মাজতো অষ্ট্ৰেলীয় লক্ষণ দেখা যায়। উদাহৰণস্বৰূপে অৰুণাচলৰ ৱাঞ্চুসকলৰ মাজত অষ্ট্ৰো-এছীয় ভাষাৰ শব্দৰ ব্যৱহাৰ দেখা যায়।
অষ্ট্ৰেলীয়সকলৰ পিছতে ভাৰতবৰ্ষলৈ ভূমধ্যসাগৰীয় লোকসকল আহে। এওলোক ককেছীয় এটা প্ৰকাৰ। তেওঁলোকৰ আদি বাসস্থান ভূমধ্য সাগৰ অঞ্চলৰ ক্ৰীট দ্বীপ, লিছিয় প্ৰভৃতি এছিয়া মাইনৰৰ দক্ষিণ বা দক্ষিণ-পশ্চিম অঞ্চলত আছিল বুলি অনুমান কৰা হয়। এটা সময়ত ভূমধ্যসাগৰীয় লোক তেওঁলোকৰ আদি বাসস্থানৰপৰা ভাৰতৰ মাজেৰে দক্ষিণ-পূব এছিয়ালৈ বিয়পি পৰিছিল বুলি মানি লোৱাৰ যুক্তি আছে। ভাৰতৰ বিভিন্ন ঠাইৰপৰা উদ্ধাৰ হোৱা নৰকংকালৰ অৱশেষবোৰেও একালত ভূমধ্যসাগৰীয় লোক প্ৰায় সমগ্র ভাৰতবৰ্ষতে সিঁচৰতি হৈ থকাৰে সাক্ষী দিয়ে। বিভিন্নজন পণ্ডিতে হৰপ্পা আৰু মহেঞ্জোডাৰত উদ্ধাৰ হোৱা অৱশেষবোৰতো ভূমধ্যসাগৰীয় উপাদানৰ উপস্থিতি লক্ষ্য কৰিছে। নৃতাত্ত্বিক হেডনে নগালোকৰ মাজত নেছিয়ট নামৰ উপাদানৰ উপস্থিতি ধৰা পেলোৱালৈ চাই আৰু ইয়াৰ ভূমধ্যসাগৰীয়ৰ উপাদানৰ লগত থকা মিললৈ চাই অতি প্ৰাচীন কালতে অসমত এনে ভূমধ্যসাগৰীয় জৌৱিক উপাদানৰ প্ৰৱেশৰ সম্ভাৱনাক আনি নুই কৰিব নোৱাৰো।
পৌৰাণিক কাহিনীৰ দৃষ্টিৰে লক্ষ্য কৰিলে আমি দেখা পাও যে প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰক বিদেহৰ ৰজাই তুলি-তালি ডাঙৰ -দীঘল কৰিছিল আৰু তেওঁৰ সহায়তে নৰকাসুৰে কিৰাতসকলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। নৰকাসুৰে ৰাজপাটত বহি বিদেহৰ ৰজাৰ কন্যা মায়াৰ পাণি গ্ৰহণ কৰে। বিদেহৰ ৰজাক ভূমধ্যসাগৰীয় বুলি ধৰা হয়। বিদেহৰ ৰাজ্যত সকলো নহলেও কিছু পৰিমাণে নিজৰ প্ৰজাতিৰ প্ৰজাৰ বসবাস স্বাভাৱিক কথা। আনকি নৰকাসুৰ নিজে ভূমধ্যসাগৰীয় লোকো হব পাৰে। সেয়েহে আমি কব পাৰো নৰকাসুৰৰ সময়ত উত্তৰ-পূব ভাৰতৰ ভূমধ্যসাগৰীয় লোকৰ বিস্তৃতি আছিল কনকলতা বৰুৱাৰ। মতে আকৌ প্ৰাগজ্যোতিষ পূৰ্বৰে পৰা ভূমধ্যসাগৰীয় ৰাজ্য আছিল। ভূমধ্যসাগৰীয় লোকৰ আৱয়বিক চৰিত্ৰলৈ লক্ষ্য কৰিলেও আমি কোনো কোনো অসমীয়া জাতিগোটৰ মাজত ভূমধ্যসাগৰীয় লক্ষণ দেখা পাও।
সুনীতি কুমাৰ চেটাৰ্জীৰ কিৰাত-জন-কীৰ্তি গ্ৰন্থত উল্লেখ থকা মতে অন্ততঃ খ্ৰীষ্টপূৰ্ব ৭০০ বছৰৰ আগতে ইণ্ড-আৰ্য লোক বিহাৰত উপস্থিত হয়। তাৰ পৰা তেওঁলোকে পূবলৈ প্ৰব্ৰজন আৰম্ভ কৰি অসমত উপনীত হয়। অসমত কিন্তু তেওঁলোক একেলগে একোটা দলতে অহাৰ সলনি ভিন ভিন সময়ত বেলেগ বেলেগ দল হিচাপেহে প্ৰৱেশ কৰিছিল। কিন্তু তেওঁলোক কোন সময়ত বা কোনখিনি সময়ৰ ভিতৰত অসমত প্ৰৱেশ কৰে সেয়া সঠিককৈ কবলৈ কোনো ঐতিহাসিক প্ৰমাণ আমাৰ হাতত নাই। কামৰূপৰ ৰজা ভাস্কৰবৰ্মাৰ সময়ৰ অৰ্থাৎ সপ্তম শতিকাৰ ডুবী আৰু নিদানপুৰ তাম্ৰলিপিৰপৰা সেই সময়ত এই ৰাজ্যত ইণ্ড-আর্য লোকে বাস কৰাৰ বিষয়ে জনা যায়। তেওঁৰ সময়তে কামৰূপলৈ অহা চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ টুকাতো সেই সময়ত এই ৰাজ্যত ব্ৰাহ্মণ আৰু কায়স্থ লোকে বাস কৰাৰ উল্লেখ পোৱা যায়। আনহাতে পৌৰাণিক কাহিনীতো আমি শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ আৰু বাণৰ জীয়ৰী উষাৰ প্ৰণয় আৰু বিবাহ, শ্ৰীকৃষ্ণই কুণ্ডিল নগৰ অৰ্থাৎ শদিয়াৰপৰা ৰুক্মিণীক হৰণ কৰি নিয়া, তৃতীয় পাণ্ডৱ অৰ্জুনে মণিপুৰৰ ৰাজকন্যা চিত্ৰাংগদাৰ লগত বিবাহপাশত আৱদ্ধ হোৱা, ভীমে হিড়িম্বাক পত্নী ৰূপে গ্ৰহণ কৰা আদি উদাহৰণবোৰৰ মাজেৰে ইণ্ড-আৰ্যৰ লগত উত্তৰ-পূৰ্বাঞ্চল বা অসমৰ মানুহৰ সম্বন্ধ হোৱা দেখা পাও।
এইদৰে বিভিন্ন প্ৰকাৰৰ ককেছীয় লোক একমাত্ৰ উত্তৰ-পশ্চিম দিশৰপৰাই ভাৰতবৰ্ষত প্ৰৱেশ কৰে আৰু তাৰে কিছুমান সময়ত পূব দিশলৈ গতি অগ্ৰসৰ হৈ শেষত অসমত সোমায়। এইক্ষেত্ৰত পণ্ডিতসকল একমত যদিও ব্যক্তিক্ৰম হিচাপে উত্তৰ-পূব দিশৰপৰাও ভাৰতলৈ ককেছীয়ৰ আগমনৰ সম্ভাৱনাৰ কথা কৈছে কীনে। তেওঁৰ মতে ককেছীয়ৰ আদিম বাসস্থানৰ এদল ককেছীয় লোকে মংগোলীয়াৰ মাজেৰে চীন দেশ আৰু জাপানলৈ প্ৰব্ৰজন কৰিছিল বুলি ভাবিবলৈ যুক্তিসংগত কাৰণ নথকা নহয়। সময়ত মংগোলীয় লোকৰ অভ্যুত্থান আৰু সম্প্ৰসাৰণৰ ফলত সেই ককেছীয়সকল প্ৰায় সম্পূৰ্ণৰূপে নিঃশেষ হৈ গল যদিও জাপানৰ আইনু নামৰ জনগোট এটাৰ মাজত ইয়াৰ অৱশেষ ৰৈ গল। এই ককেছীয়সকলৰে এটা সৰু গোটে দক্ষিণলৈ আগবাঢ়ি কালক্ৰমত উত্তৰ-পূব দিশেৰে অসমত প্ৰৱেশ কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰাচীন আলপাইন সকলেও এই পথৰেই অসমত প্ৰৱেশ কৰা বুলি কোনো কোনোৱে কব খোজে। কনকলাল বৰুৱাৰ মতে আকৌ পূব ভাৰতলৈ বৌদিক আৰ্যৰ আগমন হোৱাৰ পূৰ্বেই আলপাইন প্ৰজাতিৰ লোকে ইয়াৰ সভ্যতা- সংস্কৃতি গঢ় দিয়াত আৰু বিকাশৰ প্ৰভূত অৰিহণা যোগাইছে। পিছত বৌদিক আৰ্যৰ আগমনৰ ফলত তেওঁলোকৰ সংস্কৃতিয়ে পূৰ্বৰ আলপাইনীয় সংস্কৃতি অস্পষ্ট কৰি পেলায়। পিছে নৃতাত্ত্বিক দৃষ্টিৰে অসমীয়া মানুহৰ মাজত আলপাইন-আৰ্মেনীয় প্ৰজাতিৰ জৌৱিক উপাদানৰ উপস্থিতিৰ কথা কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে।
উপৰোক্ত থুলমূল আলোচনাৰ পৰা আমি দেখা পাও যে ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰা ইতিহাসৰ পাতত লিপিবদ্ধ সময়লৈকে (আনকি এই ভূ-খণ্ডত মংগোলীয় প্ৰজাতিৰ আহোম সকলেই প্ৰথম বুৰঞ্জী লিখাৰ পৰম্পৰা আৰম্ভ কৰে) বিভিন্ন সময়ত ভিন ভিন পথেৰে নানান সৰু-বৰ গোটে এই ভূ-খণ্ডলৈ প্ৰব্ৰজন কৰিছিল, কোনোৱে আকৌ এই ভূ-খণ্ডৰ মাজেৰে বিশ্বৰ অন্য প্ৰান্তলৈও প্ৰব্ৰজন কৰিছিল– এৰি থৈ গৈছিল তেওঁলোকৰ জৌৱিক আৰু সাংস্কৃতিক উপাদান। এই ক্ষেত্ৰত ভিন ভিন নৃগোষ্ঠীয় লোকসকলে মূলতঃ নদী পথ, এসময়ৰ সীমান্তৱৰ্তী সাগৰীয় পথ তথা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক চৌদিশে আৱৰি থকা পাহাৰীয়া পথ বা গিৰিপথসমূহকে প্ৰব্ৰজনৰ পথ হিচাপে ব্যৱহাৰ কৰিছিল। উপযুক্ত ঐতিহাসিক প্ৰমাণৰ অভাৱত আমি ইতিহাসত লিপিবদ্ধখিনিৰ বাদে বাকীখিনি প্ৰব্ৰজনৰ বিষয়ে সৰ্বশেষ উত্তৰ দিবলৈ আজিকোপতি সক্ষম হোৱা নাই। কিন্তু এই প্ৰব্ৰজনসমূহে এই ভূ-খণ্ডৰ সভ্যতা-সংস্কৃতিক এক অনন্য গতি প্ৰদান কৰিছিল। ক্ৰমে ক্ৰমে গঢ়ি উঠিছিল এই বৈচিত্ৰ্যপূৰ্ণ ভূমি খণ্ডৰ নানান আলৈ-আহুকাল, বিদ্ৰোহ-বিপ্লৱৰ মাজতো এডাল একতাৰ অদৃশ্য এনাজৰী। কিন্তু আজি আমি উত্তৰ-আধুনিক পৃথিৱীৰ মানুহ হৈ যেন ছিঙি পেলাইছো একতাৰ সেই এনাজৰীডাল। আজি অসম তথা বিপ্লৱে নিতৌ কাঢ়ি নিছে প্ৰত্যেকৰে আত্মীয়ক। এইসমূহৰপৰা নিস্তাৰ পোৱাৰ কাৰণে বাৰু আমি নিজে কিবা কৰিপছোনে….একতাৰ মন্ত্ৰ জানো দুনাই আমি আওৰাইছো….
২: ‘অসমীয়া সংস্কৃতিত প্ৰজাতীয় উপাদান’– এই সম্পৰ্কে এটি আলোচনা যুগুত কৰা ?
উত্তৰঃ সংস্কৃতি বোৱঁতী নদীৰ দৰে প্রবাহমান। নদী যেনেকৈ সাগৰক উদ্দেশ্য কৰি বৈ যাওঁতে পথত নানা সৰু নদী বা জান জুৰিৰে সমৃদ্ধ হয়, তেনেকৈ সংস্কৃতিয়ে বিভিন্ন সংস্কৃতি গোষ্ঠীৰ পাৰস্পৰিক বিনিময়, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি একে শাসনতন্ত্ৰৰ প্ৰভাৱত এক যৌগিক সংস্কৃতি ৰূপে গঢ়ি উঠে। অসমীয়া সংস্কৃতিও এক সমন্বয়ৰ সংস্কৃতি। অসমীয়া সংস্কৃতি বুলিলে কোনো এক জনসমষ্টিৰ সংস্কৃতি নহয় বা কোনো এটা জনসমষ্টিৰ সংস্কৃতিলৈ আঙুলিয়াই দেখুৱাব নোৱাৰি। অসমীয়া সংস্কৃতিৰ পৰিসৰ অধিক বহল। অসমীয়া সংস্কৃতি বুলিলে উত্তৰ-পূব ভাৰতৰ প্ৰাগজ্যোতিষপুৰ, কামৰূপ, অসম নামেৰে ভিন্ ভিন্ যুগত অভিহিত ৰাজ্যখনত গঢ় লৈ উঠা ধৰ্ম, সমাজ, ভাষা-সাহিত্য, নৃত্য-গীত, আচাৰ-ব্যৱহাৰৰ সমন্বয়ৰূপে বিভিন্ন জাতি-জনজাতিৰ মাজত গঢ় লৈ উঠা বিশেষ জীৱন পদ্ধতিকে বুজায়। ভাৰতীয় সংস্কৃতিও আদিম কালৰ পৰা বাস কৰা আদিবাসী আৰু ভিন্ন সময়ত প্ৰব্ৰজন ঘটা জাতি-উপজাতি আৰু জনগোষ্ঠীৰ সংমিশ্ৰণৰ ফলত উদ্ভৱ হোৱা এক যৌথ সংস্কৃতি। ভাৰতৰ ধৰ্ম, পূজা-পাৰ্ৱণ, আচাৰ-ব্যৱহাৰ, ভাস্কৰ্য-স্থাপত্য, খোৱা-বোৱা আদি সকলোতে ভাৰতৰ বিভিন্ন সময়ৰ পৰা বসতি কৰি অহা জাতি-উপজাতি আৰু জনগোষ্ঠীবোৰৰ বৰঙণি আছে। ভাৰতৰ ক্ষুদ্ৰ সংস্কৰণ ৰূপে অসমৰ সংস্কৃতিৰ বিকাশতো ভাৰতৰ দৰে একে প্ৰক্ৰিয়া লক্ষ্য কৰা যায়। ভাৰতবৰ্ষ তথা অসমত প্ৰট’ – অষ্টলয়দ, মঙ্গলয়দ (মংগোলীয়), নর্দিক (ককেচীয়) বা আৰ্য, দ্ৰাবিড়ীয়, নেগ্ৰিটো বা নিগ্ৰো জনগোষ্ঠীৰ লোক আছে। নৃতাত্ত্বিক দৃষ্টিৰে ভাৰতৰ জনসমষ্টিক অষ্ট্ৰেলীয়, ককেচীয়, মঙ্গোলীয় আৰু নেগ্ৰিটো এই চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে। ভাষিক দৃষ্টিৰে অষ্ট্ৰিক, আৰ্য, দ্ৰাবিড় আৰু চীন-তিব্বতীয় আদি ভাগত ভাগ কৰা হয়। ঠিক তেনেদৰে এই ভাষাগোষ্ঠীবোৰৰ সন্মিলিত উপাদানৰে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে।
অসমীয়া সংস্কৃতিক অষ্ট্ৰিক সংস্কৃতি, মঙ্গোলীয় সংস্কৃতি, আৰ্য সংস্কৃতি, দ্ৰাবিড় সংস্কৃতিৰ উপাদানৰ সংমিশ্ৰিত ৰূপ–
(ক) অসমীয়া সংস্কৃতিত অষ্ট্ৰিক সংস্কৃতিৰ উপাদান : প্ৰাক্ঐতিহাসিক কালৰ বুকুত অসমলৈ অহা জনগোষ্ঠীসকলৰ ভিতৰত অষ্টলয়দসকলেই হৈছে অসমৰ আদিম অধিবাসী। অষ্টলয়দ, অৰ্থাৎ অষ্ট্ৰিকভাষীসকলৰ তিনিটা শাখা পোৱা যায় – মন্ খেমৰ, খাচী আৰু কোল-মুণ্ডা (চাওতাল, মুণ্ডাৰী, হো)। খ্ৰীষ্টপূৰ্ব দুহেজাৰ বছৰৰ পূৰ্বে হোৱাংহো আৰু ইযাংচিকিয়াং নদীৰ পৰা আহি অষ্ট্ৰিকসকলে অসমত প্ৰৱেশ কৰে আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰতেই অষ্ট্ৰিক সভ্যতা-সংস্কৃতিৰ পাতনি মেলে। অসমীয়া সংস্কৃতিৰ গঠনক অষ্ট্ৰিক গোষ্ঠীৰ সংস্কৃতিৰ প্ৰভূত পৰিমাণৰ অৱদান আছে।
অষ্ট্ৰিকসকলে অসমত কৃষিজীৱী সভ্যতাৰ পাতনি মেলে। নদীৰ পাৰৰ সাৰুৱা মাটি কৃষিৰ বাবে উপযোগী। এনে সাৰুৱা মাটিত খেতি কৰিবৰ বাবে অষ্ট্ৰিকসকলে প্ৰথমে অসমৰ অধিবাসীসকলক উৎসাহিত কৰিছিল। প্ৰথমে তেওঁলোকে ঝুম খেতি কৰিছিল। অসমৰ জনজাতীয়লোকে ঝুমখেতি কৰা প্ৰথা অষ্ট্ৰিকৰ দান। তদুপৰি তেওঁলোকে আহু, শালী আদিও খেতি কৰিছিল। ধান খেতিৰ উপৰিও অষ্ট্ৰিকসকলে কল, বেঙেনা, লাও, তামোল, নাৰিকল আদিৰ খেতিও কৰিছিল। তামোলৰ প্ৰচলন অষ্ট্ৰিক সংস্কৃতিৰ পৰাই অসমীয়া সংস্কৃতিলৈ আহিছে। খেতিবাতি কৰাৰ উপৰিও তেওঁলোকে পশুপালন কৰি জীৱিকা নিবাহ কৰিছিল। অষ্ট্ৰিকসকলৰ পশুপালন বৃত্তি পৰৱৰ্তীকালত অসমীয়া সমাজ আৰু সংস্কৃতিত ৰক্ষিত হৈছে।
অষ্ট্ৰিকসকলৰ মাজত কিছুমান লোক বিশ্বাসৰ প্ৰচলন আছিল। অষ্ট্ৰিকসকলে কণীক প্ৰজ্বলনৰ প্ৰতীক ৰূপে আৰু পবিত্ৰ বস্তু ৰূপে জ্ঞান কৰিছিল। অষ্ট্ৰিকসকলে ভূত-প্ৰেত আদি আলৌকিক শক্তিসমূহক বিশ্বাস কৰিছিল আৰু সেই শক্তিসমূহৰ সন্তুষ্টিৰ বাবে পূজা-পাতলৰ দিহা কৰিছিল। পৰৱৰ্তীকালত অন্য প্ৰজাতিতো এনে প্ৰভাৱ কৰিছিল পূজা-পাতলৰ জৰিয়তে মানুহক ঐক্যবদ্ধ হোৱাত সহায় কৰিছিল। শুভ আৰু মাঙ্গলিক কাৰ্যত সেন্দুৰ আৰু হালধিৰ ব্যৱহাৰৰ মূলতে অষ্ট্ৰিক সংস্কৃতিৰ আচাৰ আছিল।
নৃত্য-গীত অষ্ট্ৰিক সংস্কৃতিৰ অপৰিহাৰ্য অঙ্গ। অষ্ট্ৰিক সংস্কৃতিয়ে অসমীয়া নৃত্য-গীতৰ বুনিয়াদ গঢ়ি তুলিছে। আদিম কৃষিজীৱী সমাজত প্রচলিত বেছিভাগ নৃত্য-উৎসৱেই আছিল কৃষিভিত্তিক। কিছুমান লোকবিশ্বাসৰ ভেঁটিত গঢ়ি উঠা লোকনৃত্য অষ্ট্ৰিক সংস্কৃতিৰ যোগেদি অসমীয়া সংস্কৃতিৰ প্ৰৱেশ ঘটিছে।
অসমৰ বয়ন শিল্প অষ্ট্ৰিকসকলৰে দান। তেওঁলোকে মুগা পুহি, সূতা উলিয়াই বস্ত্ৰ তৈয়াৰ কৰি লৈছিল। অসমীয়া সমাজত বহু তিৰোতাই নিজে সূতা কাটি তাঁতশালত প্ৰয়োজনীয় সাজপাৰ কাটি লয়। আঁচু-সূতা, কিংখাপ অষ্ট্ৰিক সংস্কৃতিৰে অৱদান। অসমীয়া সমাজত তাঁতশালৰ বহল প্ৰচলন অষ্ট্ৰিক সংস্কৃতিৰে প্ৰভাৱ।
অসমীয়া ভাষাৰ ভাষিক পৰিবৰ্দ্ধনতো অষ্ট্ৰিক সংস্কৃতিৰ উপাদান যথেষ্ট। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ভালেমান শব্দ অষ্ট্ৰিক ভাষাৰ পৰা আহিছে। বিশেষকৈ শৰীৰৰ লগত সম্বন্ধ থকা শব্দ যেনে– চেলাউৰি, কাষলতি, টেলেকা, গোৰোহা, চেলেপু, চফল আদি শব্দ। সেইদৰে প্ৰাণীবাচক শব্দ – কুকুৰনেচীয়া, ঢেঁকীয়াপতিয়া, লতামাকৰি, কপৌ, টিয়া, ৰাংকুকুৰ আদিও অষ্ট্ৰিকৰ পৰা আহিছে।
মুঠতে প্ৰাগঐতিহাসিক কালৰ পৰা অসমৰ ভূখণ্ডত বসতি কৰি থকা অষ্ট্ৰিকসকলৰ প্ৰাত্যহিক জীৱনৰ ভেঁটিতেই অসমীয়া সংস্কৃতিৰ বুনিয়াদ গঢ় লৈ উঠিছিল।
(খ) অসমীয়া সংস্কৃতিত মঙ্গোলীয় সংস্কৃতিৰ অৱদান :
অসমলৈ আগমন হোৱা দ্বিতীয়টো জন প্ৰব্ৰজনৰ সোঁত হৈছে – মঙ্গোলীয় গোষ্ঠীৰ লোকসকল। মঙ্গোলীয় গোষ্ঠীৰ প্ৰব্ৰজনৰ সোঁতে অসমত অষ্ট্ৰিকসকলে বিয়পোৱা সংস্কৃতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। অষ্ট্ৰিক আৰু মঙ্গোলীয় গোষ্ঠীৰ বিশেষকৈ তিব্বতবৰ্মীসকলৰ সংস্কৃতিৰ মাজত সূক্ষ্ম আৰু স্পষ্ট বিভাজন কৰা অসম্ভৱ যদিও দুয়োটা জনগোষ্ঠীৰ মাজত কিছুমান সুকীয়া বৈশিষ্ট্য জীয়াই আছে। দুয়োটা গোষ্ঠীয়ে কৃষিজীৱী আৰু এওঁলোকৰ মাজত প্ৰচলিত কিছুমান লোকবিশ্বাস কৃষিৰ লগত সাঙোৰ খাই আছে।
মঙ্গোলীয় গোষ্ঠীৰ বিশেষকৈ তিব্বতবৰ্মীসকল নদীৰ বুকুৱেদি আহি অসমত এক নতুন জীৱন ধাৰাৰ পাতনি মেলিছিল। এওলোকে নদীকেন্দ্ৰিক গ্ৰাম্যসংস্কৃতিৰ গঢ় দিছিল আৰু এই নদীকেন্দ্ৰিক সংস্কৃতিৰ প্ৰভাৱ অসমীয়া সংস্কৃতিত পৰিছিল। নদীৰ পাৰত গাঁওপাতি বসবাস কৰা। তিব্বতবৰ্মীসকলৰ মাছ প্রিয় খাদ্য আছিল। এওঁলোকে মাছধৰা সঁজুলি আৰু মাছ খোৱা প্ৰথা অসমীয়া সংস্কৃতিলৈ অৱদান দি থৈ যায়।
তিব্বতবৰ্মীসকলে দৈনন্দিন জীৱনৰ প্রয়োজনীয় সামগ্ৰী প্ৰকৃতিৰ পৰাই আহৰণ কৰিছিল। এই কেঁচা সামগ্ৰীৰ ভিতৰত বাঁহ অন্যতম। বাঁহেৰে ঘৰদুৱাৰ সাজে, বেৰ-চকোৱা দিয়ে, খৰাহি পাচি সাজে, চিকাৰৰ সঁজুলি প্ৰস্তুত কৰে, বস্তু ৰাখিবলৈ চুঙা তৈয়াৰ কৰে, আনকি বাঁহৰ চুঙাত ভাত, পিঠা আদিও ৰান্ধি খায়। এনেবিলাক কৌশল অসমীয়া সংস্কৃতিলৈ তিব্বতবৰ্মীসকলৰে অৱদান। তদুপৰি বাঁহৰ পৰা প্ৰস্তুত কৰা প্রিয় গাজটেঙা, পকা খৰিচা তিব্বতবৰ্মীসকলৰে অৱদান। এওঁলোকে বাঁহগছক পূজা কৰিছিল। সেয়েহে অসমীয়া সংস্কৃতিৰ লোক-বিশ্বাসত মঙ্গলবাৰে শনিবাৰে বাঁহ কটাৰ নিষেধ মানি চলা হয়।
অসমীয়া সমাজত তিৰোতাই পিন্ধা সাজপাৰৰ বৈশিষ্ট্যত মঙ্গোলীয় উপাদান আছে। অসমৰ তিৰোতাই মঙ্গোলীয় তিৰোতাৰ দৰে মেখেলা, ৰিহা বা মূৰত ওৰণি বা চেলেং কাপোৰ তিনিখনলৈ কাপোৰ পিন্ধে। ঠিক তেনেদৰে জনজাতীয় তিৰোতাইও কঁকালত মেখেলা পিন্ধে, বুকুত মেথনি মাৰে, মূৰত এখন জাতীয় কাপোৰ বান্ধে। তেওঁলোকে নিজৰ প্রয়োজনীয় সাজপাৰ ঘৰতে প্ৰস্তুত কৰি লয়।
তিব্বতবৰ্মী মানুহখিনি যৌথ পৰিয়াল কেন্দ্ৰিক আছিল। তেওঁলোকে নদীৰ পাৰত স্থায়ীভাৱে বসবাস কৰি গ্ৰাম্য সংস্কৃতিৰ পাতনি মেলাৰ পাছত উত্তৰণ ঘটি সমাজ পাতি বসবাস কৰিবলৈ লয়। এনেদৰে সমাজ পাতি বসবাস কৰোঁতে এওঁলোকে যৌথ পৰিয়াল কেন্দ্ৰিক আছিল। এই যৌথ পৰিয়াল কেন্দ্ৰিক মানসিকতাই পৰৱৰ্তী কালত অসমীয়া সমন্বয়ৰ আদৰ্শ দাঙি ধৰে।
অসমীয়া ধৰ্ম সংস্কৃতিত মঙ্গোলীয় গোষ্ঠীৰ কিছু অৱদান আছে। এওঁলোকে প্ৰকৃতি জগতৰ কিছুমান কাৰ্যক অলৌকিক আৰু অমঙ্গল বা দুৰ্যোগ বুলি ভাবিছিল। সেয়েহে এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এওঁলোকে গছ পূজা, সাপ পূজা, শিল পূজা, নানা অপ দেৱতাৰ পূজা, কৰিছিল। কেঁচাইখাতি গোসাঁনীৰ পূজা এওঁলোকেই প্ৰৱৰ্তন কৰে। তিব্বতবৰ্মীসকলৰ বিশেষকৈ বড়ো সকলে বাথৌ পূজাত দৌদিনীৰ নৃত্য কৰে। দৌদিনীৰ লগত দেওধনীৰ নাচৰ বিশেষ সাদৃশ্য মন কৰিবলগীয়া।
অসমীয়া শিল্প আৰু সুকুমাৰ কালতো তিব্বতবৰ্মী সকলৰ অৱদান আছে। বিহু নাচকে মুখ্য কৰি বিভিন্ন নৃত্য-গীতত তিব্বতবৰ্মী প্ৰভাৱৰ কথা স্বীকাৰ হৈছে। অসমীয়া সমাজত প্ৰচলিত বহুতো বিহু গীতৰ সুৰ আৰু ভাব তিব্বতবৰ্মী স্বচ্ছন্দ জীৱনৰ পৰা অহা বুলি অনুমান কৰা হয়। বড়ো, গাৰো, মিছিং আদি জনজাতীয় গোষ্ঠীৰ লোকসকলে ৰিহা-মেখেলাৰ পাতলিত নানা ধৰণৰ ফুল বাছে। সাধাৰণতে গছ, লতা, ফুল, জীৱ- জন্তু আৰু জ্যামিতিৰ ছবি শিপিনীসকলে বাছে। এইবোৰৰ মাজেদি তেওঁলোকৰ স্বভাৱসুলভ আৰু শিল্পমনৰ পৰিচয় পোৱা যায়।
অসমীয়া জাতি আৰু সংস্কৃতি গঠনত তিব্বতবৰ্মীসকলৰ অৱদান অনস্বীকাৰ্য। কিন্তু সমাজ সংস্কৃতি বিৱৰ্তনত কোনো জনগোষ্ঠীৰ একক অৱদান অমিশ্ৰিত অৱস্থাত বিচাৰি উলিওৱা সহজসাধ্য নহয়। সংমিশ্ৰণ, আত্মীয়কৰণ, সমন্বয়ৰ প্ৰক্ৰিয়াত তিব্বতবৰ্মী সংস্কৃতিয়ে ৰূপ সলাই সংশোধিত ৰূপেৰে অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগাইছে।
মঙ্গোলীয় আন এটা শাখা শ্যাম বা টাইগোষ্ঠীয় লোকসকল ত্ৰয়োদশ শতিকাত অসমলৈ আহি অসমত এক নতুন সাংস্কৃতিক পৰিবেশ গঢ়ি তুলিলে। তিব্বতবৰ্মীসকলৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ গঠনত অৱদান যোগাইছে যদিও অসমীয়া সংস্কৃতিক এক নতুন ৰূপ দিয়াত টাইগোষ্ঠীয় আহোমসকলৰ অৱদান ব্যাপক আৰু গভীৰ। আহোমসকলে অসমত ছশ বছৰ ৰাজত্ব কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ জাতীয় জীৱনটোক সলনি কৰি পেলালে। তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতি থকা সত্বেও অসমৰ অধিকৃত ৰাজ্যখনৰ মানুহৰ ভাষা, ধৰ্ম-সংস্কৃতি গ্ৰহণ কৰি এক সমন্বয়ৰ বাট মুকলি কৰি দিছিল। টাইসকলে থলুৱা সংস্কৃতি সংৰক্ষণ কৰি, বাসকবনীয়া সাংস্কৃতিক সম্পদ আহৰণ কৰি বিশাল অসমীয়া সংস্কৃতিৰ বৰভেটি ৰচনা কৰিলে। ৰজাঘৰীয়া উদাৰতাৰ বাবে জাতিভেদ পাহৰি, পৰ্বত-ভৈয়ামৰ মাজত সাংস্কৃতিক আদান-প্ৰদান ঘটাই সুসংস্কৃতি সম্পন্ন এটা সুস্থ সবল অসমীয়া জাতি সংস্কৃতি গঢ়ি তুলিলে।
(গ) অসমৰ সাংস্কৃতিলৈ আৰ্যসংস্কৃতিৰ অৱদান : অসমীয়া জাতি আৰু সংস্কৃতিত আৰ্যসকলৰ অৱদান বুলিলে প্ৰকৃততে সমগ্ৰ জাতিটোৰ ইতিহাসৰ কথাকে সূচায়। অসমীয়া সংস্কৃতি গঠনত অষ্ট্ৰিক, তিব্বতবৰ্মীসকলৰ যেনেদৰে বৰঙণি আছে, ঠিক তেনেদৰে প্ৰত্নপ্ৰস্তুৰ বা নৱপ্ৰৱপ্ৰন্তৰ যুগৰ পাছত অসমলৈ অহা ককেচীয় বা আৰ্যসকলৰ বৰঙণি অসীম। পূৰ্বৰে পৰা অসমত অষ্ট্ৰিক আৰু তিব্বতবৰ্মী সুসংগঠিত উপাদান আগবঢ়াইছে বুলি ক’ব পাৰি। প্ৰাচীন আদিবাসীসকলৰ মাজত আৰ্যসকলৰ ধৰ্ম, ভাষা আৰু সংস্কৃতি বিস্তাৰ কৰি জীৱনধাৰাৰ উন্নত পদ্ধতি প্ৰদান কৰিলে।
আৰ্যসকল ভাষা-সাহিত্য সংস্কৃতিৰ দিশত যথেষ্ট আগবঢ়া আছিল। আৰ্যসকল ভাৰতলৈ আহোঁতে মানুহৰ সভ্যতাৰ প্ৰথম স্তৰ জুই ব্যৱহাৰৰ স্তৰতে আছিল। অৱশ্যে এওঁলোকতকৈ অধিক কালৰ আগতে অহা অষ্ট্ৰিক আৰু দ্ৰাবিড়সকল অধিক সভ্য জাতি আছিল, তেওঁলোক নগৰ পাতি বাস কৰিছিল। কিন্তু আৰ্যসকল ভাষা-সংস্কৃতিত অধিক চহকী হোৱাৰ বাবে বাহু শক্তি আৰু ভাষাৰ শক্তিৰে ভাৰতৰ সভ্যতা আৰু সংস্কৃতি নিজৰ কৰি ল’লে। আনকি বহু অনাৰ্যলোকক আৰ্যীকৰণ কৰি নিজৰ ধৰ্ম, ভাষা, সংস্কৃতি গ্ৰহণ কৰাই একীভূত কৰি ল’লে বহু অনাৰ্য দেৱ-দেৱীক নিজৰ কৰি লৈ মন্দিৰ সজা পদ্ধতি শিকিলে। পূজা-পাতলৰ নিয়ম-কানুন নিজৰ কৰি ল’লে, এনেদৰে আৰ্য আৰু অনাৰ্য সংস্থাপনৰ জৰিয়তে কিৰাত-আৰ্য সংস্কৃতি সমন্বিতে এক জাতীয় সংস্কৃতিয়ে বিকাশ লাভ কৰিলে।
আৰ্য সংস্কৃতিয়ে আহোম ৰজাসকলৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিছিল। অসমত আৰ্য সংস্কৃতি অব্যাহত ৰখাত আহোমসকলৰ বৰঙণি যথেষ্ট। আহোমৰ প্ৰথমজন ৰজা চুকাফাই অসমত প্ৰৱেশ কৰি নিজ ধৰ্ম-ভাষা-সংস্কৃতি পৰিহাৰ কৰি অসমৰ সংস্কৃতি আৰু প্ৰচলিত ধৰ্ম গ্ৰহণ কৰি আহোম প্ৰশাসন বিস্তাৰ কৰিছিল। গদাধৰ সিংহই হিন্দু ধর্ম গ্ৰহণ কৰিছিল, প্ৰতাপ সিংহই নতুনকৈ মঠ-মন্দিৰ নিৰ্মান কৰোৱাইছিল। আহোমসকলৰ দিনতে পূৰ্বৰে পৰা প্রবাহমান হৈ থকা বিহু-উৎসৱ আৰু ধর্মীয় উৎসৱসমূহৰ নতুন ৰহণ সানি ৰাজকীয় উৎসৱ ৰূপে পালন কৰিছিল। আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত ভাৰতীয় সংস্কৃত গ্ৰন্থ, ৰামায়ণ, পুৰাণ, কাব্যসমূহ অসমীয়ালৈ অনুবাদ কৰোৱাইছিল।
(ঘ) অসমীয়া সংস্কৃতিলৈ দ্ৰাবিড় সংস্কৃতিৰ অৱদান : অসমীয়া সংস্কৃতিৰ উপাদানসমূহ বিশ্লেষণ কৰিলে বিভিন্ন সময়ত অসমলৈ অহা উৰিষ্যা, তামিলনাডু, অন্ধপ্ৰদেশ আদি দক্ষিণ ভাৰতৰ ভাষী মানুহৰ সাংস্কৃতিক উপদানো পোৱা যায়। অৱশ্যে অষ্ট্ৰিক, তিব্বতবৰ্মী সকলৰ দৰে দ্ৰাবিড়সকল ব্ৰহ্মপুত্ৰ উপত্যকালৈকে আহিছিলনে নাই পণ্ডিতসকলে স্পষ্টভাৱে ক’ব পৰা নাই। অসমীয়া সংস্কৃতিৰ গঠনৰ কালছোৱাত দ্ৰাবিড়সকল অসমলৈ নাহিলেও আৰ্য সংস্কৃতিৰ যোগেদি অসমীয়া সংস্কৃতিত দ্ৰাবিড় ভাষা সংস্কৃতিৰ যথেষ্ট উপাদান সোমাই পৰিছে, অৱশ্যে পাছত বহুতো দ্ৰাবিড় ভাষী লোক অসমলৈ বিভিন্ন সময়ত আহিছিল আৰু বৰ্তমান অসমত দ্ৰাবিড়ভাষী লোক অসমত পোৱা যায়।
দ্ৰাবিড়সকলে ভাৰতত নগৰ সভ্যতা গঢ়ি তোলে। হৰপ্পা আৰু মহেঞ্জাদাৰো খনন কাৰ্যই এই কথাৰ প্ৰমাণ দিয়ে। সংস্কৃত ভাষাৰ বহু শব্দ, যেনে– ওৰ, পূৰ, কুঠ আদি নগৰ নিৰ্দেশক শব্দবোৰ দ্ৰাবিড় ভাষাৰ পৰা অহা। তদুপৰি গুৰি, ভিটা, জুলি আদিৰে গঠিত শব্দবোৰ দ্ৰাবিড় ভাষাৰ পৰা অহা বুলি চট্টোপাধ্যায়ে ক’ব খোজে। হিন্দুধৰ্মৰ যাগ-যজ্ঞ আৰ্যসকলৰ নিজা। কিন্তু পূজা-পাতলৰ ব্যৱস্থা দ্ৰাবিড়ৰ পৰা অহা বুলি অনুমান কৰা হয়। যিহেতু ‘পূজা’ শব্দ দ্ৰাবিড় ভাষাৰ ‘প’ মানে ফুল আমি ‘চেয়’ মানে কৰা অৰ্থাৎ পূজা শব্দৰ অৰ্থ হৈছে– পুষ্পকৰ্ম। পণ্ডিতসকলে শিৱ পূজাৰ মূলো দ্ৰাবিড়ৰ বুলি ক’ব খোজে শিৱৰ লগত সম্বন্ধ থকা প্ৰধান দেৱতা গণেশ আৰু কাৰ্ত্তিক দুই দেৱতাৰ পূজা অসমৰ বিভিন্ন ঠাইত কৰা হয়। এই দুই দেৱতাৰ পূজা দক্ষিণ ভাৰতৰ পৰা উত্তৰ ভাৰতলৈ আহিছে বুলি পণ্ডিতসকলে অনুমান কৰে। দ্ৰাবিড় ভাষাৰ প্ৰভাৱৰ ফলতে মূলত নথকা মুৰ্ধন্য ধ্বনিৰ উচ্চাৰণ সংস্কৃত ভাষাত পোৱা যায় আনকি দ্ৰাবিড় ভাষাৰ পৰা বহু শব্দও সংস্কৃত ভাষালৈ আহিছে।
অসমীয়া সংস্কৃতিৰ গঠনৰ ধাৰাটোৰ বৰঙণি যোগোৱা আন এটা জনগোষ্ঠী হৈছে– চাহ জনগোষ্ঠী। ঊনবিংশ শতিকাৰ তৃতীয়-চতুৰ্থ দশক মানত চাহ শিল্পত বনুৱা ৰূপত কাম কৰিবলৈ পশ্চিমবংগ, বিহাৰ, মধ্যপ্ৰদেশ, অন্ধ্ৰ, উৰিষ্যা আদিৰ পৰা যথেষ্ট সংখ্যক লোকক অনা হৈছিল। এওঁলোক মূলতঃ অষ্ট্ৰিক আৰু দ্ৰাবিড়ভাষী লোক। চাহ জনগোষ্ঠীৰ কোল, মুণ্ডা, চাওতাল আদিৰ গাত অষ্ট্ৰিক গোষ্ঠীৰ তেজ আৰু সংস্কৃতিত অষ্ট্ৰিক উপাদান নিহিত হৈ আছে। এওঁলোক ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ভিন্ন ভাষী হিচাপে অসমলৈ আহি চাহ বাগিচাৰ ঠেক পৰিমণ্ডলত বসবাস কৰাৰ ফলত এওঁলোকৰ মাজত এক সুকীয়া ভাষা আৰু সংস্কৃতি সৃষ্টি হৈছে। অসমীয়া ভাষা সংমিশ্ৰণত সৃষ্টি হোৱা ভাষাটোক বাগানীয়া ভাষা বা চাদানী ভাষা বুলি কোৱা হয়। চাহ জীৱনক লৈ কেন্দ্ৰ কৰি আৰু তেওঁলোকৰ গীত-মাত, নৃত্য আদিৰ উপাদানসমূহৰ ভিতৰত বহু অসমীয়া নৃত্য-গীত ৰচিত হৈছে। চাহ জনগোষ্ঠীৰ অৱদানে অসমীয়া সংস্কৃতিক জগতখনক চহকী কৰি তোলাৰ এক উল্লেখনীয় অৰিহণা যোগাইছে।
সামৰণি :
সংমিশ্ৰণ আৰু সমন্বয়ৰ মাজেৰে গঢ় লৈ উঠা অসমীয়া জাতি এফালে যেনেকৈ ভিন্ ভিন্ জাতি-উপজাতি আৰু জনসমষ্টিৰে গঢ় লৈ উঠিছে, সেইদৰে অসমীয়া সংস্কৃতিও আজি ভিন্ ভিন্ জাতি-উপজাতি আৰু জনসমষ্টিৰ সাংস্কৃতিক উপাদানসমূহৰ সংমিশ্ৰণ, বিনিময় আৰু সমন্বয়ৰ প্ৰক্ৰিয়াৰে গঢ় লৈ উঠিছে। অষ্ট্ৰিক, মঙ্গোলীয়, ককেচীয়, দ্ৰাবিড় নানা জনসমষ্টিৰ সংস্কৃতিৰ সৈতে আৰ্য-ভাষা-সংস্কৃতিৰ সংমিশ্ৰণ ঘটি অসমীয়া জাতি আৰু অসমীয়া ভাষা-সংস্কৃতিৰ ভেঁটি গঢ় লৈ উঠিছে।
৩: ‘অসমীয়া সংস্কৃতিলৈ অষ্ট্ৰিক সংস্কৃতিৰ উপাদান’– এই বিষয়ে এটি আলোচনা আগবঢ়োৱা ?
উত্তৰঃ প্ৰাগ্ঐতিহাসিক কালৰ পৰা অসমলৈ অহা জনগোষ্ঠীসকলৰ ভিতৰত অষ্টলয়দসকলেই হৈছে অসমৰ আদিম অধিবাসী। অষ্টলয়দ, অৰ্থাৎ অষ্ট্ৰিকভাষীসকলৰ তিনিটা শাখা পোৱা যায়– মন্ খেমৰ, খাচী আৰু কোল-মুণ্ডা (চাওঁতাল, মুণ্ডাৰী, হো)। খৃষ্ট-পূৰ্ব দুহেজাৰ বছৰৰ পূৰ্বে হোৱাংহো আৰু ইয়াংচিকিযাং নদীৰ পৰা অষ্ট্ৰিকসকলে অসমত প্ৰৱেশ কৰে আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰতেই অষ্ট্ৰিক সভ্যতা-সংস্কৃতিৰ পাতনি মেলে। অসমীয়া সংস্কৃতিৰ গঠনত অষ্ট্ৰিক গোষ্ঠীৰ সংস্কৃতিৰ প্ৰভূত পৰিমাণৰ অৱদান আছে।
অষ্ট্ৰিকসকলে অসমত কৃষ্টিজীৱী সভ্যতাৰ পাতনি মেলে। নদীৰ পাৰৰ সাৰুৱা মাটি কৃষিৰ বাবে উপযোগী। এনে সাৰুৱা মাটিত খেতি কৰিবৰ বাবে অষ্ট্ৰিকসকলে প্ৰথমে অসমৰ অধিবাসীসকলক উৎসাহিত কৰিছিল। প্ৰথমে তেওঁলোকে ঝুম খেতি কৰিছিল। অসমৰ জনজাতীয়লোকে ঝুমখেতি কৰা প্ৰথা অষ্ট্ৰিকৰ দান। তদুপৰি তেওঁলোকে আহু, শালী আদিও খেতি কৰিছিল। ডঃ কাকতিয়ে জহাধান অষ্ট্ৰিক সংস্কৃতিৰ পৰা আহিছে বুলি কৈছে। ঝুমখেতি কৰোঁতে ব্যৱহাৰ কৰা জোঙা মুখৰ কাঠৰ লাঠী ব্যৱহাৰ কৰিছিল, এইডালক ‘লক’ বোলা হৈছিল। সেই শব্দই সংস্কৃতত ‘নাঙল’ হৈছে বুলি কোৱা হয়। ধান খেতিৰ উপৰিও অষ্ট্ৰিকসকলে কল, বেঙেনা, লাও, তামোল, নাৰিকল আদিৰ খেতিও কৰিছিল।
তামোলৰ প্ৰচলন অষ্ট্ৰিক সংস্কৃতিৰ পৰাই অসমীয়া সংস্কৃতিলৈ আহিছে। খেতি চপোৱাৰ পিছত অষ্ট্ৰিকসকলৰ মাজত আনন্দ উৎসৱৰ বুনিয়াদ গঢ় লৈ উঠিছিল বুলি ভবা হয়। খেতিবাতি কৰাৰ উপৰিও তেওঁলোকে পশুপালন কৰি জীৱিকা নিবাহ কৰিছিল। গৰু, ছাগলী পুহিছিল। বনৰীয়া হাতীকো পোহ মনাইছিল। বনৰীয়া জন্তুক পোহ মনাই ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰাটোৱে আছিল সাংস্কৃতিক মানসিকতা। অষ্ট্ৰিকৰ সাংস্কৃতিক মানসিকতা অসমীয়া সংস্কৃতিত প্ৰতিফলন ঘটিছে। এই পশুপালন কৰা কাৰ্যটোৰ মাজত অষ্ট্ৰিকসকলৰ সাংস্কৃতিক মনৰ পৰিচয় পোৱা যায়। অষ্ট্ৰিকসকলৰ পশুপালন বৃদ্ধি পৰৱৰ্তীকালত অসমীয়া সমাজ আৰু সংস্কৃতিত ৰক্ষিত হৈছে।
কৃষিজীৱী অষ্ট্ৰিকসকলে কৃষিকৰ্মৰ বাবে প্রয়োজনীয় সঁজুলি বাঁহেৰে তৈয়াৰ কৰি লৈছিল। বাঁহেৰে তৈয়াৰী কটলা (বাঁহ কটলা), জপা, জেং, টোপা (পাচি), টোকোন, বাও, (খৰাহি-পাচিৰ) আদি তেওঁলোকে কৃষিকৰ্মৰ বাবে সাজি উলিওৱা সঁজুলিবোৰ পৰৱৰ্তীকালত অসমীয়া সংস্কৃতিত সংৰক্ষিত হৈছে। তদুপৰি পানীত চলোৱা বিভিন্ন বাহন নাও, ভুৰ, ভেলা, ডিঙ্গা আদি অষ্ট্ৰিকসকলে প্ৰথমে সাজি উলিয়াইছিল।
অষ্ট্ৰিকসকলৰ মাজত কিছুমান লোক বিশ্বাসৰ প্ৰচলন আছিল। অষ্ট্ৰিকসকলে কণীক প্ৰজ্বলনৰ প্ৰতীক ৰূপে আৰু পৱিত্ৰ বস্তু ৰূপে জ্ঞান কৰিছিল। অসমীয়া সমাজত কন্যাৰ নোৱাই তোলনি বিয়াত প্ৰজ্বননৰ প্ৰতীক ৰূপে বেইৰ তলত এটা কণী পুতি থোৱা নিয়ম প্ৰচল আছে। তদুপৰি অসমীয়া ব’হাগ বিহুত কণী যুজঁ কৰা প্রথাটো প্ৰচলন আছে। অষ্ট্ৰিকসকলে শস্য বৃদ্ধিৰ বাবে কেতি পথাৰত আগতে কণী ভাঙি দিছিল। বংশ বৃদ্ধি হোৱা আৰু শস্য বৃদ্ধি হোৱাৰ কামনা অষ্ট্ৰিকসকলৰ লোকবিশ্বাসতে গঢ় লৈ উঠিছে। এনে লোকবিশ্বাসৰ বৈজ্ঞানিক যুক্তি নাথাকিলেও ইয়াৰ সাংস্কৃতিক মূল্য নুই কৰিব নোৱাৰি। অষ্ট্ৰিকসকলে ভূত-প্ৰেত আদি অলৌকিক শক্তিসমূহক বিশ্বাস কৰিছিল আৰু সেই শক্তিসমূহৰ সন্তুষ্টিৰ বাবে পূজা-পাতলৰ দিহা কৰিছিল। পৰৱৰ্তীকালত অন্য প্ৰজাতিতো এনে প্ৰভাৱ কৰিছিল। পূজা-পাতলৰ জৰিয়তে মানুহক ঐক্যবদ্ধ হোৱাত সহায় কৰিছিল। অষ্ট্ৰিকসকল মাতৃপ্ৰধান আছিল আৰু তেওঁলোকে মাতৃপুজা কৰিছিল। মনসাদেৱীক পূজা কৰিছিল। বৰ্তমান অসমীয়া সমাজত ন-ধানৰ পতান কমাবলৈ পতান-ধানৰ লগত শিলগুটি এটা দি পতানীদেৱীক পূজা কৰা হয়। ঐতিহাসিক মূল্য হিচাপে এনে ধৰ্মীয় বিশ্বাসে সমন্বয়ৰ সংস্কৃতি গঢ় দিয়াত সহায় কৰিছে।
শুভ আৰু মাঙ্গলিক কাৰ্যত সেন্দুৰ আৰু হালধিৰ ব্যৱহাৰৰ মূলতে অষ্ট্ৰিক সংস্কৃতিৰ আচাৰ আছিল। বৰ্তমান আমি জন্ম, মৃত্যু, বিবাহ সকলোতে হালধিৰে গা ধোঁও। বিগ্ৰহত নাইবা পৱিত্ৰ জ্ঞান কৰা গছ-পথাৰত সেন্ধুৰ সনা হয় আৰু বিবাহিতা তিৰোতাই শিৰত সেন্ধুৰ লয়। পূজা-পাতল আৰু মাঙ্গলিক অনুষ্ঠানত তামোল-পাণৰ ব্যৱহাৰ, ফল-ফুল আদি ব্যৱহাৰ অষ্ট্ৰিক সংস্কৃতিৰ লগ বিশেষ সম্বন্ধ আছে।
নৃত্য-গীত অষ্ট্ৰিক সংস্কৃতিৰ অপৰিহাৰ্য অঙ্গ। অষ্ট্ৰিক সংস্কৃতিয়ে অসমীয়া নৃত্য-গীতৰ বুনিয়াদ গঢ়ি তুলিছে। কৃষিজীৱী অষ্ট্ৰিকসকলে বতৰৰ দেৱীক পূজা কৰিছিল। বতাহ-বৰষুণৰ অনুকূলে নৃত্য-গীত পৰিবেশন কৰিছিল। আদিম কৃষিজীৱী সমাজত প্ৰচলিত বেছিভাগ নৃত্য-উৎসৱেই আছিল কৃষিভিত্তিক। কিছুমান লোকবিশ্বাসৰ ভেঁটিত গঢ়ি উঠা লোকনৃত্য অষ্ট্ৰিক সংস্কৃতিৰ যোগেদি অসমীয়া সংস্কৃতিত প্ৰৱেশ ঘটিছে।
অসমৰ বয়ন শিল্প অষ্ট্ৰিকসকলৰে দান। এটা জাতিৰ সংস্কৃতিক বৈশিষ্ট্য আৰু ৰুচিবোধ সংস্কৃতিৰ অন্যান্য দিশবোৰৰ লগতে সাজপাৰতো প্ৰতিফলিত হয়। অষ্ট্ৰিক লোকসকলে অসমৰ জলবায়ুত বয়ন শিল্প গঢ়ি তুলিবলৈ সুবিধা পালে। তেওঁলোকে মুগা পুহি, সূতা উলিয়াই বস্ত্ৰ তৈয়াৰ কৰি লৈছিল। অসমীয়া সমাজত বহু তিৰোতাই নিজে সূতা কাটি তাঁতশালত প্রয়োজনীয় সাজপাৰ বৈ কাটি লয়। আঁচু-সূতা, কিংখাপ অষ্ট্ৰিক সংস্কৃতিৰে অৱদান। অসমীয়া সমাজত তাঁতশালৰ বহল প্ৰচলন অষ্ট্ৰিক সংস্কৃতিৰে প্ৰভাৱ। অষ্ট্ৰিক সংস্কৃতিৰ বয়ন শিল্পই এক নিম্নস্তৰৰ পৰা উচ্চ স্তৰলৈ সংস্কৃতিৰ উত্তৰণ ঘটালে।
অসমীয়া ভাষাৰ ভাষিক পৰিবৰ্দ্ধনতো অষ্ট্ৰিক সংস্কৃতিৰ উপাদান যথেষ্ট। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ভালেমান শব্দ অষ্ট্ৰিক ভাষাৰ পৰা আহিছে। বিশেষকৈ শৰীৰৰ লগত সম্বন্ধ থকা শব্দ যেনে– চেলাউৰী, কাষলতি, টেলেকা, গোৰোহা, চেলেপু, চফল আদি শব্দ। সেইদৰে প্ৰাণীবাচক শব্দ– কুকুৰনেচীয়া, ঢেঁকীয়াপতিয়া, লতামাকৰি, কপৌ, টিয়া, ৰাংকুকুৰ আদিও অষ্ট্ৰিকৰ পৰা অহা। চিকাৰৰ সঁজুলি– বাণ, ধনু, নিচান, বাটলগুটি আদি শব্দও মূলতঃ অষ্ট্ৰিকৰ। স্থানবাচক শব্দ– টিলা, টিং, মৈদাম, টিপ আদি অষ্ট্ৰিক মুলীয়। স্থান নিৰ্দেশক– ত, তে,-তিবা,- তেকে প্ৰত্যয়ৰে গঠিত ঠায়ৰ নাম চমতা, বকতা, ধৰমতুল, সংখ্যাবাচক শব্দ– কুৰি, পোণ, গণ্ডা, মুঠন ইত্যাদি শব্দ অষ্ট্ৰিকৰে অৱদান।
মুঠতে প্ৰাগঐতিহাসিক কালৰ পৰা অসমৰ ভূখণ্ডত বসতি কৰি থকা অষ্ট্ৰিকসকলৰ প্ৰাত্যহিক জীৱনৰ ভেঁটিতেই অসমীয়া সংস্কৃতিৰ বুনিয়াদ গঢ় লৈ উঠিছিল।
৪: অসমীয়া সংস্কৃতিত মঙ্গোলীয়সকলৰ অৱদান – এই সম্পৰ্কে আলোচনা আগবঢ়োৱা।
উত্তৰঃ অসমলৈ আগমন হোৱা দ্বিতীয়টো জন প্ৰব্ৰজনৰ সোঁত হৈছে– মঙ্গোলীয় গোষ্ঠীৰ লোকসকল। মঙ্গোলীয় গোষ্ঠীৰ প্ৰব্ৰজনৰ সোঁতে অসমত অষ্ট্ৰিকসকলে বিয়পোৱা সংস্কৃতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। অষ্ট্ৰিক আৰু মঙ্গোলীয় গোষ্ঠীৰ বিশেষকৈ তিব্বতবৰ্মীসকলৰ সংস্কৃতিৰ মাজত সূক্ষ্ম আৰু স্পষ্ট বিভাজন কৰা অসম্ভৱ যদিও দুয়োটা জনগোষ্ঠীৰ মাজত কিছুমান সুকীয়া বৈশিষ্ট্য জীয়াই আছে। দুয়োটা গোষ্ঠীয়ে কৃষিজীৱী আৰু এওঁলোকৰ মাজত প্ৰচলিত কিছুমান লোক-বিশ্বাস কৃষিৰ লগত সাঙোৰ খাই আছে।
প্ৰাগ্ঐতিহাসিক কালতে মঙ্গোলীয় গোষ্ঠীৰ তিব্বতবৰ্মীসকল চীন দেশৰ দক্ষিণ অংশৰ পৰা ব্ৰহ্মপুত্ৰ, ইৰাৱতী, চালুইন, মেকং আদি নদীয়েদি আহি অসমলৈ প্ৰৱেশ কৰিছিল। ব্ৰহ্মপুত্ৰ নদীৰ শাখা-প্ৰশাখাৰ যোগে পশ্চিমলৈ আহি ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলত বাস কৰে। অসমীয়া সংস্কৃতি ভাৰতীয় আৰ্যমুখী সংস্কৃতি হ’লেও ইয়াত বহুতো মঙ্গোলীয় সংস্কৃতিৰ উপাদান সোমাই আছে। অসমত বসবাস কৰা জনগোষ্ঠীৰ ভিতৰত মঙ্গোলীয় প্ৰজাতিৰ লোকেই সৰহ। অসমত বসবাস কৰাৰ পাছত ভৌগোলিক অৱস্থিতিয়ে মঙ্গোলীয় জনসমষ্টিক সৰু সৰু জাতি, গোট বা জনজাতীত পৰিণত কৰে। কালক্ৰমত উত্তৰে হিমালয়, পূবে উত্তৰ-পূব সীমান্ত অঞ্চল, দক্ষিণে নগা পাহাৰ, লুচাই পাহাৰ আদি আৰু পশ্চিমে ধুবুৰী জিলালৈকে মঙ্গোলীয় জনসমষ্টি – বড়ো, ৰাভা, মিচিং, কাৰবি, লালুং (টিৱা), কোচ, দেউৰী, চুতীয়া আদি অনেক জনগোষ্ঠীৰলোক বিয়পি পৰে।
এওঁলোকে ৰাজ্য প্ৰতিষ্ঠা কৰি নিজা সংস্কৃতি গঢ়ি তোলে। এই সংস্কৃতিবোৰক আকৌ – বড়ো সংস্কৃতি, নগা সংস্কৃতি, গাৰো সংস্কৃতি, ৰাভা সংস্কৃতি, মিচিং সংস্কৃতি, কাৰবি সংস্কৃতি, ডিমাচা সংস্কৃতি আদি নামেৰে জনা যায়। মঙ্গোলীয় গোষ্ঠীৰ লোকসকল আৰু অসমৰ আন আন জনগোষ্ঠী লোকৰ লগত অতি প্ৰাচীন কালৰে পৰা সমিলমিলেৰে বসবাস কৰি পৰস্পৰ আদান-প্ৰদানৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ পৰিণতি স্বৰূপে অসমীয়া জাতি আৰু অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। আনহাতে এই জনগোষ্ঠীসমূহৰ বৃহত্তৰ অসমীয়া জাতি আৰু সংস্কৃতিৰ অংশীদাৰ হৈছে যদিও স্বকীয় ভাষা, গোষ্ঠীগত আৰু সাংস্কৃতিক বৈশিষ্ট্যসমূহ জীয়াই ৰাখিছে। তদুপৰি আন আন জনগোষ্ঠীৰ দৰে মঙ্গোলীয় গোষ্ঠীৰ লোকসকলেও অসমীয়া সংস্কৃতিলৈ বৰঙণি যোগাইছে।
মঙ্গোলীয় গোষ্ঠীৰ বিশেষকৈ তিব্বতবৰ্মীসকল নদীৰ বুকুৱেদি আহি অসমত এক নতুন জীৱন ধাৰাৰ পাতনি মেলিছিল। এওঁলোকে নদিকেন্দ্ৰিক গ্ৰাম্যসংস্কৃতিৰ গঢ় দিছিল আৰু এই নদিকেন্দ্ৰিক সংস্কৃতিৰ প্ৰভাৱ অসমীয়া সংস্কৃতিত পৰিছিল। নদীৰ পাৰত গাঁওপাতি বসবাস কৰা তিব্বতবৰ্মীসকলৰ মাছ প্রিয় খাদ্য আছিল। তেওঁলোকে মাছধৰা সঁজুলি আৰু মাছ খোৱা প্ৰথা অসমীয়া সংস্কৃতিলৈ অৱদান দি থৈ যায়। মাছধৰা সঁজুলি জাকৈ, খালৈ, খোকা, লাঙি আদি তেওঁলোকৰে অৱদান বুলি পণ্ডিতসকলে কয়। লফা, ঢেকীয়া শাকৰ ব্যৱহাৰৰ উপৰিও চাউলৰ পৰা পানীয় তৈয়াৰ কৰা প্ৰথা তিব্বতবৰ্মীসকলৰ অৱদান।
তিব্বতবৰ্মীসকলে দৈনন্দিন জীৱনৰ প্রয়োজনীয় সামগ্ৰী প্ৰকৃতিৰ পৰাই আহৰণ কৰিছিল। এই কেঁচা সামগ্ৰীৰ ভিতৰত বাঁহ অন্যতম। বাঁহেৰে ঘৰদুৱাৰ সাজে, বেৰ-চকোৱা দিয়ে, খৰাহি পাচি সাজে, চিকাৰৰ সঁজুলি প্ৰস্তুত কৰে, বস্তু ৰাখিবলৈ চুঙা তৈয়াৰ কৰে, আনকি বাঁহৰ চুঙাত ভাত, পিঠা আদিও ৰান্ধি খায়। এনেবিলাক কৌশল অসমীয়া সংস্কৃতিলৈ তিব্বতবৰ্মীসকলৰে অৱদান। তদুপৰি বাঁহৰ পৰা প্ৰস্তুত কৰা প্রিয় গাজটেঙা, পকা খৰিচা তিব্বতবৰ্মীসকলৰে অৱদান। এওঁলোকে বাঁহগছক পূজা কৰিছিল। সেয়েহে অসমীয়া সংস্কৃতিৰ লোক-বিশ্বাসত মঙ্গলবাৰে শনিবাৰে বাঁহ কটাৰ নিষেধ মানি চলা হয়।
অসমীয়া সমাজত তিৰোতাই পিন্ধা সাজপাৰৰ বৈশিষ্ট্যত মঙ্গোলীয় উপাদান আছে। অসমৰ তিৰোতাই মঙ্গোলীয় তিৰোতাৰ দৰে মেখেলা, ৰিহা বা মূৰত ওৰণি বা চেলেং কাপোৰ তিনিখনলৈ কাপোৰ পিন্ধে। ঠিক তেনেদৰে জনজাতীয় তিৰোতাইও কঁকালত মেখেলা পিন্ধে, বুকুত মেথনি মাৰে, মূৰত এখন গামোচা জাতীয় কাপোৰ বান্ধে।তেওঁলোকে নিজৰ প্ৰয়োজনীয় সাজপাৰ ঘৰতে প্ৰস্তুত কৰি লয়।
তিব্বতবৰ্মী মানুহখিনি যৌথ পৰিয়াল কেন্দ্ৰীক আছিল। তেওঁলোকে নদীৰ পাৰত স্থায়ীভাৱে বসবাস কৰি গ্ৰাম্য সংস্কৃতিৰ পাতনি মেলাৰ পাছত উত্তৰণ ঘটি সমাজ পাতি বসবাস কৰিবলৈ লয়। এনেদৰে সমাজপাতি বসবাস কৰোঁতে এওঁলোকে যৌথ পৰিয়াল কেন্দ্ৰিক আছিল। এই যৌথ পৰিয়াল কেন্দ্ৰিক মানসিকতাই পৰৱৰ্তীকালত অসমীয়া সমাজত সমন্বয়ৰ আদৰ্শ দাঙি ধৰে।
তিব্বতবৰ্মী সমাজখনত মানুহ তিৰোতাৰ সমান আসন আছিল আৰু সকলো সময়তে তিৰোতা মুনিহৰ সহায়ক আছিল। পুৰুষতকৈ নাৰীসকল বেছি পৰিশ্ৰমী আছিল। খেতি -পথাৰত কাম কৰি মুনিহৰ সহায়ক হোৱাৰ উপৰিও সন্তান পালন কৰা, খোৱা-বোৱাৰ যোগান ধৰা, সাজপাৰ প্ৰস্তুত কৰা আদি সকলো কাম তিৰোতাই কৰিছিল। কোনো এটা জাতিৰ সামাজিক, অৰ্থনৈতিক আদি দিশত উন্নতি কৰিবলৈ হ’লে পুৰুষ -নাৰী উভয়ৰে ঐকান্তিক প্ৰচেষ্টাৰ দেখা যায়। আনকি নাৰীসকল ৰক্ষণশীলতাৰ পৰা মুক্ত আছিল। পৰৱৰ্তীকালৰ অসমীয়া সমাজতো এনে পৰিশ্ৰমি নাৰীৰ অভাৱ ঘটা নাই। আজিৰ অসমীয়া সমাজত সামগ্ৰিকভাৱে নাৰীক স্বাধীনতা দিয়াতো তিব্বতবৰ্মীসকলৰে অৱদান বুলিব পাৰি। তদুপৰি বিবাহৰ ক্ষেত্ৰত দেখা যায় যে তিব্বতবৰ্মী দৰাপক্ষৰ পৰা ছোৱালীপক্ষক গা-ধন দিয়া, ঘৰ-জোঁৱাই খাটি বিবাহ কৰোৱা আদিৰ পৰা তিব্বতবৰ্মী সমাজত নাৰীৰ স্থান পুৰুষতকৈ তলত নাছিল বুলি অনুমান কৰিব পাৰি।
তিব্বতবৰ্মীসকলৰ মৰং ঘৰ বা ডেকাচাং এক সামাজিক অনুষ্ঠান। নিশা সমূহীয়াভাৱে ডেকাসকলৰ এই মৰং ঘৰত থাকে। মৰং ঘৰৰ পৰা তেওঁলোকে গাঁওখনৰ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ পহৰা দিয়ে। তেওঁলোকে এই মৰং ঘৰতে শৰীৰ- চৰ্চা আৰু নৃত্য-গীত আদি কৰিছিল। আৰু মৰং ঘৰতে ডেকাসকলৰ মাজত সামাজিক সম্প্ৰীতি আৰু সদ্ভাৱ বৃদ্ধি পায়। কোনো কোনো পণ্ডিতে বৈষ্ণৱ যুগৰ নামঘৰো এই আদৰ্শতে স্থাপন হৈছে বুলি ক’ব খোজে। অসমীয়া ধৰ্ম সংস্কৃতিত মঙ্গোলীয় গোষ্ঠীৰ কিছু অৱদান আছে। এওঁলোকে প্ৰকৃতি জগতৰ কিছুমান কাৰ্যক অলৌকিক আৰু অমঙ্গল বা দুৰ্যোগ বুলি ভাবিছিল। সেয়েহে এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এওঁলোকে গছ পূজা, সাপ পূজা, শিল পূজা, নানা অপ দেৱতাৰ পূজা কৰিছিল।
কেঁচাইখাতী গোসাঁনীৰ পূজা এওঁলোকেই প্ৰৱৰ্তন কৰে। তিব্বতবৰ্মীসকলৰ বিশেষকৈ বড়োসকলে বাথৌ পূজাত দৌদিনীৰ নৃত্য কৰে। দৌদিনীৰ লগত দেওধনীৰ নাচৰ বিশেষ সাদৃশ্য মন কৰিবলগীয়া। এওঁলোক অষ্ট্ৰিকসকলৰ দৰে মাতৃ পূজক আছিল। অপায়, অমঙ্গল, ৰোগ-ব্যাধিৰ মঙ্গল চাবলৈ আমাৰ সমাজত মঙ্গুলতী বাইৰ প্ৰয়োজন। তিব্বতবৰ্মীসকলৰ মাজতো তিৰোতাৰ দ্বাৰাহে এনে অনুষ্ঠান কৰোৱা হয়। তিব্বতবৰ্মী সমাজৰ নাৰীৰ এনে সামাজিক মৰ্যদাই পৰৱৰ্তীকালত অসমীয়া নাৰীক আগুৱাই যোৱাত সহায় কৰিলে।
অসমীয়া শিল্প আৰু সুকুমাৰ কালতো তিব্বতবৰ্মী সকলৰ অৱদান আছে। বিহু নাচকে মুখ্য কৰি বিভিন্ন নৃত্য-গীতত তিব্বতবৰ্মী প্ৰভাৱৰ কথা স্বীকাৰ হৈছে। অসমীয়া সমাজত প্ৰচলিত বহুতো বিহু গীতৰ সুৰ আৰু ভাব তিব্বতবৰ্মী স্বচ্ছন্দ জীৱনৰ পৰা অহা বুলি অনুমান কৰা হয়। বড়ো, গাৰো, মিচিং আদি জনজাতীয় গোষ্ঠীৰ লোকসকলে ৰিহা-মেখেলাৰ পাতলিত নানা তৰহৰ ফুল বাছে। সাধাৰণতে গছ, লতা, ফুল, জীৱ- জন্তু আৰু জ্যামিতিৰ ছবি শিপিনীসকলে বাছে। এইবোৰৰ মাজেদি তেওঁলোকৰ স্বভাৱসুলভ আৰু শিল্পমনৰ পৰিচয় পোৱা যায়।
অসমীয়া জাতি আৰু সংস্কৃতি গঠনত তিব্বতবৰ্মীসকলৰ অৱদান অনস্বীকাৰ্য। কিন্তু সমাজ সংস্কৃতি বিৱৰ্তনৰ কোনো জনগোষ্ঠীৰ একক অৱদান অমিশ্ৰিত অৱস্থাত বিচাৰি উলিওৱা সহজসাধ্য নহয়। সংমিশ্ৰণ, আত্মীয়কৰণ, সমন্বয়ৰ প্ৰক্ৰিয়াত তিব্বতবৰ্মী সংস্কৃতিয়ে ৰূপ সলাই সংশোধিত ৰূপেৰে অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগাইছে।
মঙ্গোলীয়ৰ আন এটা শাখা শ্যাম বা টাইগোষ্ঠীয় লোকসকল ত্ৰয়োদশ শতিকাত অসমলৈ আহি অসমত এক নতুন সাংস্কৃতিক পৰিবেশ গঢ়ি তুলিলে। তিব্বতবৰ্মীসকলৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ গঠনত অৱদান যোগাইছে যদিও অসমীয়া সংস্কৃতিক এক নতুন ৰূপ দিয়াত টাইগোষ্ঠীয় আহোমসকলৰ অৱদান ব্যাপক আৰু গভীৰ। আহোমসকলে অসমত ছশ বছৰ ৰাজত্ব কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ জাতীয় জীৱনটোক সলনি কৰি পেলালে। তেওঁলোকৰ নিজৰ ভাষা-সংস্কৃতি থকা স্বত্বেও অসমৰ অধিকৃত ৰাজ্যখনৰ মানুহৰ ভাষা, ধৰ্ম- সংস্কৃতি গ্ৰহণ কৰি এক সমন্বয়ৰ বাট মুকলি কৰি দিছিল। টাইসকলে থলুৱা সংস্কৃতি সংৰক্ষণ কৰি, বাচকবনীয়া সাংস্কৃতিক সম্পদ আহৰণ কৰি বিশাল অসমীয়া সংস্কৃতিৰ বৰভেঁটি ৰচনা কৰিলে। ৰজাঘৰীয়া উদাৰতাৰ বাবে জাতিভেদ পাহৰি, পৰ্বত, ভৈয়ামৰ মাজত সাংস্কৃতিক আদান-প্ৰদান ঘটাই সুসংস্কৃতি সম্পন্ন এটা সুস্থ সবল অসমীয়া জাতি সংস্কৃতি গঢ়ি তুলিলে।