Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু  উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ

Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু  উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু  উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু  উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ Question Answer can be of great value to excel in the examination.

Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু  উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ

Join Telegram channel

Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু  উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ Notes cover all the exercise questions in UGC Syllabus. The Axamiya Sanskritir Adhayan Unit 2 সাংস্কৃতিৰ সংজ্ঞা, স্বৰূপ আৰু  উপাদান সাংস্কৃতি অধ্যয়নৰ স্বৰূপ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৫: ‘ অসমৰ সংস্কৃতিলৈ আর্যসংস্কৃতিৰ অৱদান’ শীৰ্ষক এটি আলোচনা যুগুত কৰা।

উত্তৰঃ অসমীয়া জাতি আৰু সংস্কৃতিত আৰ্যসকলৰ অৱদান বুলিলে প্ৰকৃততে সমগ্র জাতিটোৰ ইতিহাসৰ কথাকে সূচায়। অসমীয়া সংস্কৃতি গঠনত অষ্ট্ৰিক, তিব্বতবৰ্মীসকলৰ যেনেদৰে বৰঙণি আছে, ঠিক তেনেদৰে প্ৰত্নপ্ৰস্তুৰ বা নৱপ্ৰৱপ্ৰন্তৰ যুগৰ পাছত অসমলৈ অহা ককেচীয় বা আৰ্যসকলৰ বৰঙণি অসীম। পূৰ্বৰে পৰা অসমত অষ্ট্ৰিক আৰু তিব্বতবৰ্মী সুসংগঠিত উপাদান আগবঢ়াইছে বুলি ক’ব পাৰি। প্ৰাচীন আদিবাসীসকলৰ মাজত আৰ্যসকলৰ ধৰ্ম, ভাষা আৰু সংস্কৃতি বিস্তাৰ কৰি জীৱনধাৰাৰ উন্নত পদ্ধতি প্ৰদান কৰিলে।

অসমৰ সৰহসংখ্যক মানুহেই মঙ্গোলীয় জাতিৰ তেজ মঙহৰ দ্বাৰা সৃষ্ট হ’লেও সংমিশ্রিত নর্দিক ৰক্ত বহুতৰে মাজত বিদ্যমান। নার্দিক বা ককেচীয়সকলেও আৰ্যভাষা কৈছিল, এওঁলোকৰ প্ৰস্তৰ যুগতেই ভাৰতলৈ প্ৰৱেশ ঘটিছিল। ‘আৰ্য’ শব্দই প্ৰকৃততে কোনো জাতি বা বংশগোষ্ঠীক নুবুজায়। ছাৰ উইলিয়াম জোন্সে ভাষা বংশৰ অৰ্থতহে প্ৰথমে ‘আৰ্য’ সংজ্ঞা প্ৰয়োগ কৰিছিল। আচলতে  ‘আৰ্য’ শব্দৰ অৰ্থ শ্ৰেষ্ঠহে। ই মৰ্যদা অৰ্থত ব্যৱহাৰ হয়। ভাষা আৰু কৰ্মৰ সামাজিক ব্যৱস্থাৰ ভিত্তিত  ‘আৰ্য’ শব্দই দ্বিজ শ্ৰেণীক বুজাইছিল। কৰ্ম বিভাজনত সৃষ্টি হোৱা জাতিভেদ ব্যৱস্থাকলৈ আৰ্যবৰ্তত যি আৰ্য সংস্কৃতি বিকাশ হৈছিল; সেই আৰ্য সংস্কৃতিয়ে কালক্ৰমত ভাৰতৰ ভিন্ ভিন্ অঞ্চলত স্বকীয় উপাদানেৰে সম্বন্ধিত হৈ আঞ্চলিকভাৱে বিকাশ লাভ কৰিছিল।

অসমত অৰ্থাৎ প্ৰাচীন কামৰূপত আৰ্যসকল কেতিয়া প্ৰৱেশ কৰিছিল। আৰু আৰ্যসংস্কৃতিয়ে অসমত কেতিয়াৰ পৰা বিকাশ লাভ কৰিলে তাক সঠিকভাৱে কোৱা টান। খ্ৰীঃ নৱম-দশম শতিকাত ৰচিত ‘কালিকা পুৰাণ’ত উল্লেখ থকা মতে, প্ৰাগজ্যোতিষ ৰাজ্যত তেতিয়াৰ ৰজা ঘটকাসুৰক নিধন কৰি এই ৰাজ্যৰ অধিবাসীসকলক দিক্কৰ বাহিনীলৈকে খেদি পঠিয়াই নৰকাসুৰে ৰাজ্য স্থাপন কৰি কামাখ্যা দেৱীৰ মন্দিৰৰ নতুন নিৰ্মাণেৰে এই ৰাজ্যক কামৰূপলৈ পৰিৱৰ্তিত কৰে। এই বৰ্ণনাৰ ওপৰত ভিত্তি কৰি বাণীকান্ত কাকতিয়ে নৰকাসুৰৰ আগমনেই প্ৰথম আৰ্যবসতিৰ সূচনা কৰে বুলি উল্লেখ কৰিছে। কাকতিয়ে খ্ৰীষ্টাব্দৰ প্ৰথম শতিকাৰ আৰম্ভণিতে অসমলৈ আৰ্যসকলৰ আগমনৰ সময় বুলি অনুমান কৰিলেও পৰৱৰ্তী প্ৰকাশিত তথ্যসমূহৰ পৰা প্ৰাগজ্যোতিষপুৰ বা কামৰূপত তাতোতকৈ বহুকালৰ আগতে আৰ্য-অনাৰ্যৰ সংমিশ্ৰণ ঘটিছিল বুলি অনুমান কৰা হয়।

আৰ্যসকল ভাষা-সাহিত্য-সংস্কৃতিৰ দিশত যথেষ্ট আগবঢ়া আছিল। আৰ্যসকল ভাৰতলৈ আহোঁতে মানুহৰ সভ্যতাৰ প্ৰথম স্তৰ জুই ব্যৱহাৰৰ স্তৰতে আছিল। অৱশ্যে এওঁলোকতকৈ অধিক কালৰ আগতে অহা অষ্ট্ৰিক আৰু দ্ৰাবিড়সকল অধিক সভ্য জাতি আছিল, তেওঁলোকে নগৰ পাতি বাস কৰিছিল। কিন্তু আৰ্যসকল ভাষা-সংস্কৃতিত অধিক চহকী হোৱাৰ বাবে বাহুৰ শক্তি আৰু ভাষাৰ শক্তিৰে ভাৰতৰ সভ্যতা আৰু সংস্কৃতি নিজৰ কৰি ল’লে। আনকি অনাৰ্যলোকক আৰ্যীকৰণ কৰি নিজৰ ধৰ্ম, ভাষা, সংস্কৃতি গ্ৰহণ কৰাই একীভূত কৰি ল’লে। বহু অনাৰ্য দেৱ-দেৱীক নিজৰ কৰি লৈ মন্দিৰ সজা পদ্ধতি শিকিলে। পূজা-পাতলৰ নিয়ম -কানুন নিজৰ কৰি ল’লে, এনেদৰে আৰ্য আৰু অনাৰ্য সংস্থাপনৰ জৰিয়তে কিৰাত-আৰ্য সংস্কৃতি সমন্বিতে এক জাতীয় সংস্কৃতিয়ে বিকাশ লাভ কৰিলে। 

আৰ্য সংস্কৃতিয়ে আহোম ৰজাসকলৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিছিল। অসমত আৰ্য সংস্কৃতি অব্যাহত ৰখাত আহোমসকলৰ বৰঙণি যথেষ্ট। আহোমৰ প্ৰথমজন ৰজা চুকাফাই অসমত প্ৰৱেশ কৰি নিজ ধৰ্ম-ভাষা-সংস্কৃতি পৰিহাৰ কৰি অসমৰ সংস্কৃতি আৰু প্ৰচলিত ধৰ্ম গ্ৰহণ কৰি আহোম প্ৰশাসন বিস্তাৰ কৰিছিল। গদাধৰ সিংহই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল, প্ৰতাপ সিংহই নতুনকৈ মঠ-মন্দিৰ নিৰ্মান কৰোৱাইছিল। আহোমসকলৰ দিনতে পূৰ্বৰে পৰা প্রবাহমান হৈ থকা বিহু-উৎসৱ আৰু ধৰ্মীয় উৎসৱসমূহৰ নতুন ৰহণ সানি ৰাজকীয় উৎসৱ ৰূপে পালন কৰিছিল। আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত ভাৰতীয় সংস্কৃত গ্ৰন্থ, ৰামায়ণ, পুৰাণ, কাব্যসমূহ অসমীয়ালৈ অনুবাদ কৰোৱাইছিল।

৬: অসমীয়া ভাষাত অনাৰ্য উপাদান– এই শীৰ্ষক এটি প্ৰবন্ধ যুগুত কৰা।

উত্তৰঃ অসমীয়া ভাষাত অনাৰ্য ভাষাৰ উপাদানৰ কথা আলোচনা কৰোতে চীন-তিব্বতীয় ভাষা পৰিয়ালৰ কথাই বিশেষভাৱে মনলৈ আহে যদিও অষ্ট্ৰিক ভাষা পৰিয়াল দ্ৰাবিড় ভাষা পৰিয়ালৰ ভাষাসমূহৰ উপাদানো অসমীয়া ভাষাত সোমাই পৰাৰ কথা নুই নোৱাৰি। ডঃ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক গঠনত অষ্ট্ৰিক ভাষাৰ প্ৰভাৱৰ কথা উল্লেখ কৰি গৈছে। আনহাতে কালীৰম মেধি, বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া ভাষাত দ্ৰাবিড় ভাষাৰ উপাদানৰ কথা উনুকিয়াই গৈছে। সেয়ে অসমীয়া ভাষাত চীন-তিব্বতীয়, অষ্ট্ৰিক, দ্ৰাবিড় এই আটাইকেইটা ভাষা পৰিয়ালৰ উপাদানৰ কথা আলোচনা কৰা দৰকাৰ। অসমীয়া ভাষাত সোমাই পৰা অনাৰ্য উপাদানসমূহক চাৰিটা দিশত আলোচনা কৰিব পাৰি। যেনে– 

(ক) ধ্বনিতত্ত্বমূলক।

(খ) ৰূপতত্ত্বমূলক।

(গ) শব্দগতমুলক। 

(ঘ) বাক্যগতমুলক।

(ক) ধ্বনিতত্ত্বমূলক : অসমীয়া ভাষাত ধ্বনিৰ উচ্চাৰণত সংস্কৃত ভাষাৰ লগত যথেষ্ট অমিল পৰিলক্ষিত হয়। অসমীয়া ভাষাত লিখিত ৰূপ সংস্কৃত ভাষাৰ ঋ, ৯ আদি তিনিটা স্বৰধ্বনিৰ বাহিৰে বাকী অপৰিবৰ্তিত ৰূপত পোৱা যায়। কিন্তু উচ্চাৰণত সকলোবোৰ পোৱা নাযায়। স্বৰৰ ক্ষেত্ৰত আঠোটা বিশিষ্ট স্বৰ আৰু ব্যঞ্জনৰ ক্ষেত্ৰত তেইশটা বিশিষ্ট ব্যঞ্জন পোৱা যায়।  সংস্কৃত ভাষাৰ আৰ্হিতে অসমীয়া ভাষাত দন্ত্য ধ্বনিবোৰ (ত, থ, দ, ধ, ন) আৰু মুৰ্ধন্য ধ্বনিবোৰ (ট, ঠ, ড, ঢ, ণ) লিখিত ৰূপত বর্তী আছে। কিন্তু উচ্চাৰণ অনুসৰি এই দুটা ধ্বনি অসমীয়াত দন্তমূলীয় ৰূপেহে উচ্চাৰণ হয়। এনে হোৱাৰ মূলতে তিব্বতবৰ্মী ভাষাৰ প্ৰভাৱ বুলি ডঃ গ্ৰীয়াৰ্ছন, ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়, ডঃ কাকতি আদি ভাষাবিদ সকলে মন্তব্য আগবঢ়াইছে।

অসমত প্ৰচলিত হৈ থকা তিব্বতবৰ্মী ভাষাসমূহৰ  যেনে– বড়ো, ৰাভা, কাৰবি, মিচিং আদি ভাষাবোৰত দন্তমূলীয় ধ্বনি উচ্চাৰণ পোৱা যায়। ডঃ প্ৰমোদ ভট্টাচার্যই তেওঁৰ গৱেষণা গ্ৰন্থ– A Descriptive of the Boro Language. (পৃষ্ঠা- ২০) গ্ৰন্থত থ, ন, দ এই তিনিটা দন্তমূলীয় ধ্বনিৰ কথা উল্লেখ কৰিছে। আনহাতে কাৰবি, মিচিং আদি ভাষাতো দন্তমূলীয় ধ্বনি উচ্চাৰিত হয়। টাই-গোষ্ঠীয় ভাষাসমূহত – খামতি, ফাকে, টুৰুং, আহোম ভাষাত ত, থ, ন দন্তমূলীয় ধ্বনিৰূপে উচ্চাৰিত হয় । ৰমেশ চন্দ্ৰ পাঠকে চীন-তিব্বতীয় ভাষাৰ আন্তৰ্জাতিক সন্মিলনত পাঠ কৰা এটা প্ৰবন্ধত অষ্ট্ৰিক ভাষাৰ প্ৰভাৱতহে অসমীয়া ভাষাৰ উচ্চাৰণত দন্তমূলীয় ধ্বনি পোৱা গৈছে বুলি মত দাঙি ধৰিছে এনে মন্তব্যও বিচাৰ্য বিষয়।

অসমীয়া ভাষাত সংস্কৃতিৰ শ, ষ, স এই ধ্বনি কেইটাৰ নিজস্ব ধ্বনি গুণ হেৰুৱাই পেলাই পশ্চতালব্য উষ্মধ্বনি স ৰূপে উচ্চাৰিত হয়। অসমীয়া ভাষাৰ বাহিৰে অন্যান্য ভাৰতীয় প্ৰাদেশিক ভাষাত এনে বিশেষত্ব দেখিবলৈ পোৱা নাযায়। সাধাৰণতে এই ধ্বনিবোৰ তদ্ভৱ ৰূপত আদ্য অৱস্থানত শ, ষ, স’ৰ ঠাইত কেৱল  ‘স’ ৰূপে উচ্চাৰিত হয়। মধ্য আৰু অন্ত্য অৱস্থানত ‘শ, ষ, স’ৰ ঠাইত কেৱল ‘হ’ ৰূপে উচ্চাৰিত হয়। যেনে : শ্বশুৰ-শহুৰ, কলস-কলহ, বিষ-বিহ, দশ-দহ ইত্যাদি। ডঃ চট্টোপাধ্যায়ে এনেদৰে ধ্বনি উচ্চাৰিত হোৱাৰ মূলতে তিব্বতবৰ্মী প্ৰভাৱৰ কথা উল্লেখ কৰিছে। কিন্তু ডঃ কাকতিয়ে এনে কথা মানি ল’ব খোজা নাই। অসমীয়া ভাষাৰ ধ্বনি উচ্চাৰণত এনে হোৱাৰ মূলতে স্থানীয় প্ৰভাৱ বুলি কৈছে। কিন্তু পৰৱৰ্তী পণ্ডিতসকলে কাকতিৰ এই মত মানি ল’ব খোজা নাই। উপেন্দ্ৰনাথ গোস্বামীয়ে অসমীয়া মান্য ভাষা কামৰূপী উপভাষাত সংস্কৃতৰ উষ্মধ্বনিবোৰ অসংযুক্ত হ’লে সচৰাচৰ ‘স’ ৰূপে উচ্চাৰিত হয়। এনেদৰে উচ্চাৰিত হোৱাৰ মূলতে তিব্বতবৰ্মী ভাষাৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে।

অসমীয়া ভাষাত সংস্কৃতৰ তালব্য  ‘চ’ বৰ্গৰ চ, ছ-চ, য, জ, ঝ-জ, ৰ, ঢ, ড-ৰ আদি ৰূপে উচ্চাৰিত হয়। আনহাতে তিব্বতী ভাষাতো সংস্কৃতৰ চ, ছ, জ, ঝ এই ধ্বনিবোৰ দন্ত্য-ঘৃষ্ট বা দন্ত্য-উষ্ম ৰূপে উচ্চাৰণ হয়। অসমীয়া ভাষাত চ, ছ, জ, ঝ, ৰ, ঢ, ড আদি ধ্বনিৰ উচ্চাৰণ সৰলীকৰণ হোৱা বা পৃথক পৃথক উচ্চাৰণ গ্ৰাস পোৱাটো চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱ বুলি ভবাৰ থল আছে।

এইবিলাকৰ উপৰিও মহাপ্ৰাণীকৰণ, স্বতঃনাসিক্যভৱন সন্ধি প্ৰকৰণ আদি ধ্বনিতত্ত্বৰ অন্যান্য দিশতো তিব্বতীবৰ্মী ভাষাৰ অন্তৰ্গত অন্যান্য ভাষাসমূহৰ কিছু প্ৰভাৱ আছে বুলি ক’ব পাৰি। 

(খ) ৰূপতত্ত্বমূলক : ৰূপতত্ত্ব অৰ্থাৎ বৈয়াকৰণিক দিশত অসমৰ অনাৰ্য ভাষাসমূহৰ উপাদান অসমীয়া ভাষাত অনেক পোৱা যায়। কাকতিয়ে– Assamese, its Formation and Development গ্ৰন্থত অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক দিশত কোলেৰীয় ভাষাৰ কথা স্বীকাৰ কৰিছে। তদুপৰি ভোটবৰ্মীয় ভাষাৰ প্ৰভাৱৰ কথাও কৈছে। মুঠতে অসমীয়া ভাষাৰ ৰূপগত দিশত অষ্ট্ৰিক , চীন-তিব্বতীয় ভাষাৰ উপাদানৰ কথা পূৰ্বসূৰী গৱেষকসকলে উল্লেখ কৰি গৈছে। তলত কেইটামান উপাদানৰ কথা উল্লেখ কৰা হ’ল।

অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বোৰ, বিলাক আদি প্ৰত্যয় দুটাৰ মূল চীন, তিব্বতীয় ভাষাৰ বুলি ধৰা হৈছে। এই ‘বোৰ’ আৰু ‘বিলাক’ ক্ৰমে বৰো ভাষাৰ  ‘ফোৰ’ আৰু গাৰো ভাষাৰ  ‘ফিলাক’ প্ৰত্যয়ৰ প্ৰভাৱ আছে বুলি ভাষাবিদসকলে ক’ব খোজে। কালিৰাম মেধিয়ে গাৰো  ‘ফিলাক’ আৰু মিচিমি ‘কা-ফ্লাক’ শব্দৰ লগত  ‘বিলাক’ প্ৰত্যয়ৰ মিল আছে বুলি কৈছে। আনহাতে বৰো ভাষাত বহুবচনাত্মক অৰ্থত্ব ‘ফোৰ’ ব্যৱহাৰ কৰা হয়। 

যেনে– মানচি ফোৰ-মানুহবোৰ, বিজাপপোৰ-কিতাপবোৰ ইত্যাদি। পুৰণি অসমীয়া ভাষা অৰ্থাৎ। ‘গুৰুচৰিত কথা’ৰ ভাষা আৰু বুৰঞ্জীৰ ভাষাত ‘ভোৰ’ বহুবচনাত্মক প্ৰত্যয়ৰ ব্যৱহাৰ পোৱা যায়। যেনে– সৰু ভোৰ, ডাঙৰ ভোৰ, খোলা ভোৰ ইত্যাদি। পাছত এই  ‘ভোৰ’ৰ পৰাই আধুনিক অসমীয়া ‘বোৰ’ হৈছে।

আনহাতে ‘বিলাক’ প্ৰত্যয়ৰ প্ৰথম ব্যৱহাৰ মিছনেৰীসকলে ব্যৱহাৰ কৰা লিখিত অসমীয়া ভাষাত পোৱা যায়। বোধকৰোঁ গাৰো পাহাৰত খৃষ্টধৰ্ম প্ৰচাৰ কৰা সময়ত গাৰো  ‘ফিলাক’ প্ৰত্যয়ৰ লগত মিছনেৰীসকলৰ পৰিচয় ঘটে আৰু অসমলৈ আহি তেওঁলোকৰ লিখনীত  ‘বিলাক’ প্ৰত্যয়ৰ ব্যৱহাৰ কৰে বুলি ভাবিবৰ থল আছে। 

অসমীয়া ভাষাৰ সম্বন্ধবাচক শব্দ অধিকাংশই সংস্কৃতমুলীয়। কিন্তু বয়স অনুযায়ী সম্বন্ধ বুজাবলৈ ব্যৱহাৰ কৰা ককাই-ভাই, ভাই-ভনী, ভিনিহি-বৈনাই আদি শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয়। সংস্কৃত মূলৰ নোহোৱা আতা আবু, আই, বৌ, আমৈ-তাৱৈ আদিও অসমীয়া ভাষাত পোৱা যায়। আনহাতে বৰো আয়, ৰাভা, আয়া, গাৰো আবৌ, দেউৰী কাই আদি ভাষাৰ শব্দৰ লগত সাদৃশ্য আছে। গালং ভাষাত ককাই-ভাই, ভাই-ভনী বুজোৱা বেলেগ বেলেগ শব্দ পোৱা যায়। যেনে – আচি ‘ককাই’ , আবিৰ  ‘ভাই’ ইত্যাদি।

পুৰুষ অনুযায়ী সম্বন্ধবাচক বিশেষ্য শব্দৰ লগত– এৰ,-এৰা,-এক আদি প্ৰত্যয় যোগ কৰি সম্বন্ধ নিৰূপণ কৰা ৰীতি অসমীয়া ভাষাৰ প্ৰধান বৈশিষ্ট্য। যেনে– মোৰ দেউতা, তোমাৰ দেউতাৰা, তাৰ দেউতাক ইত্যাদি। গ্ৰীয়াৰ্ছনে অসমীয়া ভাষাৰ এই ৰূপতাত্ত্বিক বৈশিষ্ট্যটোত বৰো ভাষাৰ প্ৰভাৱৰ কথা কৈছে। বৰো ভাষাত দেউতা আৰু মা বুজোৱা শব্দ হৈছে ফা আৰু মা। কিন্তু এই শব্দকেইটা সম্বন্ধবাচক হিচাপে ব্যৱহাৰ কৰোঁতে আ-ফা- ‘মোৰ দেউতা’,’ নীম-ফা-তোমাৰ দেউতা’, বি-ফা-‘তাৰ দেউতা’ আদিৰ দৰে ব্যৱহাৰ হয়। ইয়াত ফা আৰু মা শব্দৰ আগত পূৰ্ব যোগাত্মক ৰূপেহে ব্যৱহাৰ হৈছে। এই সম্বন্ধবাচক প্ৰত্যয়বোৰ যোগ হোৱাৰ লগে লগে পুৰুষৰ সৰ্বনাম কেইটা ব্যৱহাৰ নকৰিলেও কোন পুৰুষৰ সৰ্বনাম এইটো নিজে স্পষ্ট হয়। 

অসমীয়া ভাষাৰ নঞাৰ্থক ক্ৰিয়াপদ গঠনতো তিব্বতবৰ্মী ভাষাৰ প্ৰভাৱ পৰিছে বুলি গ্ৰীয়াৰ্ছনে উল্লেখ কৰিছে আৰু তাৰ সমৰ্থতাত বৰো ভাষাৰ নঞাৰ্থক ক্ৰিয়াপদৰ গঠনৰ কথাও কৈছে। অসমীয়া ভাষাত ক্ৰিয়াৰ আগত ন-প্ৰত্যয় যোগ হ’লে ধাতুটোৰ প্ৰথম স্বৰধ্বনি অনুযায়ী ‘ন’ৰ ‘অ’ স্বৰধ্বনিৰ সমীভৱন ঘটে। যেনে– নমৰে– ন-যায়-নাযায়, ন-কিনে-নিকিনে ইতিমধ্যে। এই ক্ষেত্ৰত বৰো, ৰাভা, দেউৰী, চুতীয়া আদিৰ কথা উল্লেখ কৰিব পাৰি। বৰো ভাষাৰ অনুজ্ঞা ভাৱত নঞাৰ্থক ৰূপ হৈছে ‘দা’,যেনে – দা-থাঙ- নাযাবা। ঠিক তেনেদৰে দেউৰী-চুতীয়া ভাষাত অনুজ্ঞাসূচক নঞাৰ্থক ৰূপ দা-। যেনে-দা-হা ‘নাযাবা’। তিৱা ভাষাত ‘তা’। যেনে– তা-চা- নাযাবা। অসমীয়া ভাষাত নিৰ্দেশক আৰু অনুজ্ঞা দুয়োটা ক্ৰিয়াৰূপতে নঞাৰ্থক ন-প্ৰত্যয় যোগ হয় আৰু সমীভৱন ঘটে। কিন্তু তিব্বতবৰ্মী ভাষাত এই সমীভৱন প্ৰক্ৰিয়া দেখা নাযায়। 

আনহাতে অসমৰ তাইমূলীয় ভাষাবোৰত নঞাৰ্থক ক্ৰিয়াৰূপৰ গঠনৰ বৈশিষ্ট্যটো দেখিবলৈ পোৱা যায়। টাই-আহোম ভাষাত নঞাৰ্থক ক্ৰিয়া ৰূপটো কেৱল ধাতুৰ আগত নবহে, ই প্ৰথম স্বৰধ্বনি অনুযায়ী সমীভৱনো ঘটে। টাই ভাষাৰ নঞাৰ্থক প্ৰত্যয় হৈছে ‘মা’। যেনে – মা-তঙ মতঙ ‘নুবুজোঁ’,মা-কিন-মিকিন  ‘নাখাওঁ’ ইত্যাদি। অসমীয়া ভাষাৰ নঞাৰ্থক ক্ৰিয়াৰূপৰ গঠনত তিব্বতবৰ্মীৰ প্ৰভাৱতকৈ টাই-মুলীয় ভাষাৰ প্ৰভাৱৰ কথাহে ক’ব পাৰি। মুঠতে গ্ৰীয়াৰ্ছন, কাকতি আদি ভাষাবিদৰ মত সমৰ্থন কৰি অসমীয়া ভাষাৰ নঞাৰ্থক ক্ৰিয়াপদৰ গঠনত আৰ্য আৰু অনাৰ্যৰ দুয়োটাৰে প্ৰভাৱ স্বীকাৰ কৰিব পাৰি। 

অসমীয়া ভাষাত কোনো বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ আৰু সেই বস্তুটোৰ আকৃতি আৰু প্ৰকৃতি বুজাবলৈ বিশেষ্য, বিশ্লেষণ আৰু সৰ্বনাম শব্দৰ পিছত কিছুমান নিৰ্দিষ্টতাবাচক প্ৰত্যয় যোগ হয়। যেনে– মানুহজন, ল’ৰাটো, এচাৰিপাট, কাপোৰখন, কলথোকা, চালনিখনি, সেইটো, ভালেখিনি, বেয়াখিনি, এইটো ইত্যাদি। এইবোৰৰ কিছুমান একবচনাত্মক ৰূপ আৰু কিছুমান বহুবচনাত্মক ৰূপ পোৱা যায়। সংস্কৃত ভাষাত এনে প্ৰত্যয়ৰ ব্যৱহাৰ নাই সৰহভাগৰে মূল সংকৃত। এই ভাষিক বৈশিষ্ট্যটো অষ্ট্ৰিক আৰু চীন তিব্বতবৰ্মীয় ভাষাত বিশেষভাৱে দেখা যায়। তুলনামূলকভাৱে অসমৰ তিব্বত বৰ্মীয় ভাষা বৰো, ৰাভা, দেউৰী আদি ভাষাত অধিক পৰিমাণে পোৱা যায়। যেনে– দেউৰী-চুতীয়া ভাষাত-পেমচু হাচ্চা-‘এখিলা পাণ’,গুঁই তিচ্ছা-এখন তামোল, কাৰবি ভাষাত-কৱে এপূচ-‘তামোল এটা’, চেক-এফ্লাক-‘এচটা বাঁহ’ ৰাভা ভাষাত-কযে বে  ‘মানুহজন’ আদি। টাই ভাষাটো এই বৈশিষ্ট্য পোৱা যায়। 

অসমীয়া ভাষাৰ আন এটা বৈশিষ্ট্য হৈছে– প্ৰতিধন্যাত্মক শব্দৰ গঠন। যেনে – মাছ-তাছ, ভাত-চাত, নিমখ-চিমখ, ধন-ধান ইত্যাদি। অসমীয়া ভাষাৰ ধ্বন্যাত্মক শব্দৰ গঠনৰ লগত আর্যভিন্ন ভাষাবোৰৰ যথেষ্ট সাদৃশ্য পৰিলক্ষিত হয়। দেউৰী-চুতীয়া ভাষাত-চিঙ-পিঙ, ‘নিমখ-চিমখ’, ঝি বি-কিবি  ‘বাটি-চাটি’,কাৰবি ভাষাত– অক-আক, ‘মাছ-তাছ’, ছক-ছাক ‘ধান-চান’,হেম-হাম  ‘ঘৰ-চৰ’ ইত্যাদি। 

অসমীয়া ভাষাত লিঙ্গ নিৰপেক্ষ বা উভয় লিঙ্গবাচক শব্দৰ আগত মতা বা মাইকী বুজোৱা বিশেষ শব্দ ব্যৱহাৰ কৰি লিঙ্গ নিৰ্ণয় কৰা হয়। যেনে– মতা কুকুৰ, মাইকী কুকুৰ, মতা মানুহ, মাইকী মানুহ, মতা ছাগলী, মাইকী ছাগলী ইত্যাদি। তিব্বতবৰ্মীয় ভাষাবোৰতো লিঙ্গ নিৰূপণ কৰা এনে নিয়ম পৰিলক্ষিত হয়। ৰাভা ভাষাত-মাবা গোৰায় ‘মতা ঘোঁৰা’, মাজু গোৰায় ‘মাইকী ঘোঁৰা’, মিচিং ভাষাত-মিলং আমি ‘মতা মানুহ’, মিলং তানি: ‘মাইকী মানুহ’,বৰো ভাষাত-মাইজি বুন্দা ‘মতা মেকুৰী’; ছৈযাং বাংগ্ৰা ‘মতা কুকুৰ’,ছৈমা বাংগ্ৰি  ‘মাইকী কুকুৰ’। উল্লেখযোগ্য যে বৰো, মিচিং আদি ভাষাত লিঙ্গ নিৰূপণ কৰা মুক্ত ৰূপটো নিৰূপণৰ প্ৰক্ৰিয়াটোৰ লগত তিব্বতবৰ্মীয় ভাষাবোৰৰ সাদৃশ্য পোৱা যায়।

অসমীয়া ভাষাত ব্যৱহাৰ হৈ থকা বহু ক্ৰিয়া মূল চীন- তিব্বতীয় ভাষাবোৰৰ মাজত বিচাৰি পাব পাৰি। কাকতিয়ে গৱেষণা গ্ৰন্থত ভালেমান আর্যভিন্ন ভাষাৰ উপাদানৰ কথা উল্লেখ কৰিছে। 

(ক) অসমীয়া ভাষাত ব্যৱহাৰ হোৱা গঠনমূলক প্ৰত্যয় -মা আৰু চা বড়ো মূলৰ বুলি কোৱা হৈছে। যেনে– লোধোমা, লুৰুমা, ধেপেচা ইত্যাদি।

(খ) অসমীয়া ভাষাৰ কিছুমান যৌগিক ক্ৰিয়া ৰূপ বড়োমুলীয় বুলি অনুমান কৰা হৈছে। যেনে– গবামাৰ, খামবন্ধা, বিৰদি, থলামুৰি মাৰ ইত্যাদি।

(গ)  অসমীয়া ভাষাত ব্যৱহৃদ কিছুমান ক্ৰিয়াৰ ধাতু যেনে– চেপ, চেলেক, জোঙাল, সোঁত, চোপ, গল, ৰেপ, গচক, ভেঁকুৰ, চেঁকুৰ আদি বড়োমুলীয় বুলি কোৱা হৈছে। টাই আহোম ভাষাৰ পৰাও অহা কিছুমান ক্ৰিয়া হৈছে- চক্, চাপ, লেট, পম, পাং, জক, টিপ, চোহ ইত্যাদি।

(গ) শব্দমূলক : অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক দিশৰ গঠনত যেনেদৰে অসমৰ অন্যান্য ভাষাবোৰে বৰঙণি যোগাইছে, ঠিক তেনেদৰে নানা ধৰণৰ শব্দৰ যোগান ধৰি অসমীয়া ভাষাৰ শব্দ ভড়াল টনকিয়াল কৰিছে। বিশেষকৈ অসম আৰু দাঁতিকাষৰীয়া ৰাজ্যৰ বিভিন্ন ঠাইৰ নাম, নদীৰ নাম, উৎসৱ-পৰ্বৰ নাম, বিভিন্ন উপাধি, বিষয়া আদিৰ নাম আৰু দৈনন্দিন জীৱনত ব্যৱহৃত অনেক শব্দ চীন-তিব্বতীয় ভাষা গোষ্ঠীৰ পৰা আহিছে। তদুপৰি অষ্ট্ৰিক আৰু দ্ৰাবিড় ভাষাৰ পৰাও অসমীয়া ভাষালৈ শব্দ অহাৰ কথা কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা, কালিৰাম মেধি আদি ভাষাবিদসকলে উনুকিয়াই থৈ গৈছে।

অষ্ট্ৰিকমুলীয় শব্দ– 

অষ্ট্ৰিক মূলৰ পৰা কিছুমান শব্দ অহাৰ সম্ভাৱনা দেখুৱাইছে। 

১। খাচীৰ পৰা– কাবৌ, কিংখাপ, খামোচ, খং, কমা, দোন, হেনো, জপা,জজ্ঞাল, জহা, মেথোন, এনেই, শালমন, নোদোকা, চোকোৰা আদি শব্দ।

২। কোল মুণ্ডাৰ পৰা– এৰা (হয়), লাটুম, উবুৰিয়া, মুগা। 

৩। চাওতালী ভাষাৰ পৰা– ঢোপ, ঢুমা, গোহাৰি, পাহাৰ, গোঙোৰা। 

৪। মালয় ভাষাৰ পৰা– বগা, বটল, চেলাউৰি, চেঙা, সাফৰ, ডিঙি, গাহৰি, হোলোঙা, জেং, মৈদাম,নাহৰফুটুকী, সোলা, উঁহ, সিজু ইত্যাদি। 

এইবিলাকৰ উপৰিও বিভিন্ন পণ্ডিতসকলে কুৰি, পোণ, গণ্ডা অষ্ট্ৰিক ভাষাৰ পৰা অহা বুলি দেখুৱাইছে। ঠাইৰ নাম– প্ৰাগজ্যোতিষপুৰ, কামৰূপ, কামাখ্যা, হাৰপেশ্বৰ আদি শব্দও অষ্ট্ৰিক মুলীয় বুলি কোৱা হৈছে। শেষাংশত-ত,-তা,-তু আদি থকা শব্দবোৰ অষ্ট্ৰিকমুলীয় বুলি অনুমান কৰা হৈছে। যেনে – কমতা, চামতা, ধৰমতুল, চাপতগ্ৰাম আদি।

তিব্বতবৰ্মীয়মুলীয় শব্দ– 

তিব্বতবৰ্মী ভাষাবোৰত পৰা কিছুমান সৰল আৰু মিশ্ৰ ধাতুৰ উপৰিও নানা তৰহৰ শব্দ অসমীয়া ভাষালৈ আহিছে বুলি বিভিন্ন পণ্ডিতসকলে অনুমান কৰিছে।

শব্দৰ আগত ‘দি’ নাইবা শেষত  ‘দৈ’ থকা নদীবাচক শব্দবোৰ বড়ো ভাষাৰ পৰা অহা বুলি ভবা হৈছে। যেনে – দিচাং, দিখৌ, দিবং, দিহিং, ভোগদৈ, মঙ্গলদৈ ইত্যাদি।

মিচিং ভাষাৰ কেতবোৰ শব্দৰ আগত অসমীয়া ভাষাৰ শব্দৰ সাদৃশ্য আছে। যেনে – বৰালী (মাছ), বোকা (বোকাদ), উৰুকা, ডাকু, টোকাৰি (তুকাৰি), পেঁপা (পেম্পা), তিয়ঁহ (তিয়ঙ) ইত্যাদি।

তিব্বতবৰ্মীয় শাখাৰ ডিমাছা আৰু মেইতেই ভাষাৰ কিছুমান মাছধৰা সঁজুলি বুজোৱা শব্দ, গছ-গছনিৰ নাম আৰু অন্যান্য শব্দৰ লগত অসমীয়া ভাষাৰ সাদৃশ্য পৰিলক্ষিত হয়। যেনে– জাকৈ (জখাই), চেপা (চেফা), প’ল (পল), সিজু (চি-ওজু), ৰবাৰ (ৰেবা), লফা লাংফাই, জালি (জালাহ), (জোং) ইত্যাদি। 

টাইমুলীয়া শব্দ– 

অসমত বৰ্তমান বসবাস কৰি থকা টাইমুলীয় ভাষা – আহোম, খামতি, ফাকে, আইতন, টুৰুং, খামযাং আদি ভাষাসমূহৰ পৰা বহু শব্দ অসমীয়া ভাষাত সোমাই পৰিছে। বিশেষকৈ আহোমসকলে অসমীয়া ভাষাক দৈনন্দিন জীৱনৰ মাত কথা ৰূপে আঁকোৱালি লোৱাৰ বাবে আৰু অসমীয়া ভাষাত বুৰঞ্জী প্ৰণয়ন কৰাৰ ফলস্বৰূপে বহু আহোম ভাষাৰ শব্দ অসমীয়া ভাষাত সোমাই পৰিছে। বিশেষকৈ দৈনন্দিন জীৱনত ব্যৱহৃত কিছুমান শব্দৰ উপৰিও ঠাইৰ নাম, নদীৰ নাম, সম্বন্ধবাচক, বিষয়া বা উপাধি বুজোৱা বহু শব্দ অসমীয়া ভাষাত সোমাই পৰিছে। তলত কিছুমান শব্দ উল্লেখ কৰা হ’ল। 

টি-বা তি- প্ৰত্যাংশৰে গঠিত হোৱা স্থানবাচক আৰু নদীবাচক শব্দ আহোম ভাষাৰ পৰা অসমীয়ালৈ অহা বুলি অনুমান কৰা হৈছে। যেনে– টিয়ক, টিপাম, টিৰাপ, টিংখাং, টিপ্লি টিপলিং, টিহু, নামতি আদি। ঠাইৰ নাম, যেনে– নামডাং, চাৰিং, নাজিৰা, চৰাইদেউ, চেপন, টংলা, খোৱাং, পাটকাই, খমটাই আদি স্থানবাচক শব্দও আহোম ভাষাৰ পৰা অহা বুলি ধৰা হৈছে।

বুৰঞ্জীসমূহৰ জৰিয়তে বহু আহোম ভাষাৰ শব্দ অসমীয়ালৈ আহিছে। যেনে – ফাংফুং, পাঙ, পিং, জান, জিন, বুৰঞ্জী, কাৰেং, ৰংঘৰ, টুপ, লিকচৌ, চকলং, জাপ, চুপ ইত্যাদি।

বৰ্তমান আহোম সম্প্ৰদায়ৰ মাজত প্ৰচলিত কিছুমান সম্বন্ধবাচক শব্দ আহোম ভাষাৰ পৰা আহিছে। যেনে– ফুকন, চাওদাং, মোহন, বাইলুং, নিচাদেউ, অপাদেউ, পুথাও, অনাও, আপুটি ইত্যাদি। 

দ্ৰাবিড়মুলীয় শব্দ– 

দ্ৰাবিড় ভাষাৰ পৰা অসমীয়ালৈ যিবোৰ শব্দ আহিছে, সেইবোৰ সংস্কৃত ভাষাৰ মাজেদি অহাতো সম্ভৱ, কাৰণ দ্ৰাবিড় ভাষীলোক ভাৰতৰ আদিম অধিবাসী আছিল আৰু দ্ৰাবিড় ভাষাৰ প্ৰভাৱ ভাৰতীয় আৰ্যভাষা বিশেষকৈ সংস্কৃত ভাষাত পৰিছিল; যিহেতু মূলত নথকা দন্ত্য আৰু মুধন্য ধ্বনিৰ উচ্চাৰণ দ্ৰাবিড় ভাষাৰ প্ৰভাৱৰ ফলস্বৰূপে সংস্কৃত ভাষাত সোমাই পৰিছে। দ্ৰাবিড় গোষ্ঠীৰ লোক পশুপালন, পূজা-পাতল, নগৰ নিৰ্মাণ আদিৰ ক্ষেত্ৰত আগৰণুৱা আছিল।

দ্ৰাবিড় ভাষাগোষ্ঠীৰ পৰা সংস্কৃত ভাষালৈ বহু শব্দ আহিছে আৰু এই শব্দবোৰৰ কিছুমান উত্তৰাধিকাৰী সূত্ৰে অসমীয়া ভাষাই গ্ৰহণ কৰিছে। যেনে– অগৰু, আড়ম্বৰ, অলস, উলুখন, কলুষ, কুট, কঠিন, কানন, কুটি (ঘৰ), কুটিল, কুণ্ড, কুণ্ডল, কুদ্দাল (কোৰ), কুন্তল, কোটোৰা, কোণ, খল (দুষ্ট), চেপেটা, তাল (গছ), তুলা (কপাহ), নীড়, পণ, পণ্ডিত, ময়ুৰ, মল্লিকা, বীজ,মুকুট, বলয়, ৰাত্রি, হেৰম্ব ইত্যাদি।

(ঘ) বাক্যমূলক : অসমীয়া ভাষাৰ বাক্যবিন্যাস পদ্ধতিটো আমাৰ চাৰিওফালে আবৰি থকা আর্যভিন্ন ভাষাসমূহৰো উপাদান পোৱা যায়। অসমীয়া ভাষাৰ বাক্যত কৰ্তা-কৰ্ম-ক্ৰিয়া – এই নিৰ্দিষ্ট ক্ৰম সচৰাচৰ ব্যৱহাৰ হয়। অসমীয়া ভাষাৰ মূল সংস্কৃত ভাষাত এনে সুনিৰ্দিষ্ট ক্ৰম পৰিলক্ষিত নহয়। সংস্কৃত ভাষাত শব্দৰ স্থান পৰিবৰ্তন হ’লে অৰ্থৰো বিজুতি ঘটে। কিন্তু অসমীয়া ভাষাত ভাৱ অনুসৰি শব্দৰ স্থানৰ পৰিবৰ্তন ঘটোৱা হয়। শব্দৰ স্থানৰ পৰিবৰ্তন ঘটিলেও বাক্যৰ অৰ্থৰ পৰিৱৰ্তন নঘটে। অন্যান্য তিব্বতবৰ্মী ভাষাবোৰৰো অসমীয়া ভাষাৰ দৰে বাক্যবিন্যাস পদ্ধতিৰ কৰ্তা-কৰ্ম-ক্ৰিয়া– এই নিৰ্দিষ্ট ক্ৰম পৰিলক্ষিত হয়। অসমীয়া ভাষাৰ বাক্যৰ গঠন আৰু অন্যান্য আৰ্য-ভিন্ন ভাষাৰ বাক্যৰ গঠনৰ অধ্যয়ন হ’লেহে এটা সিদ্ধান্তত উপনীত হব পৰা যাব। বাক্যৰ আলোচনা অতি দীঘলীয়া, অধ্যয়নৰ অবিহনে কোনো এটা ভাষাৰ বাক্যৰ গঠন সম্পৰ্কে সিদ্ধান্ত দিয়াটো এটা দুৰূহ কাম।

অসমীয়া ভাষা থলুৱা আর্যভিন্ন ভাষাসমূহৰ উপাদানেৰে সমৃদ্ধ হৈছে। এই কথা থোৰতে ক’ব পাৰি। কিন্তু পূৰ্বসূৰীসকলে আগবঢ়াই যোৱা মন্তব্যসমুহক পুনৰ নতুন দৃষ্টিৰে বিচাৰ কৰি চাব লাগিব। অসমীয়া আৰু আর্যভিন্ন উপাদানসমূহ নিৰ্দ্ধাৰণ কৰিব পৰা হ’ব।

৬: অসমীয়া সংস্কৃতিত জনজাতীয় উপাদানসমূহৰ বিষয় লিখা ? 

উত্তৰঃ বিভিন্ন প্ৰজাতীয় উপাদানে অসমীয়া সংস্কৃতিৰ পৰিৱৰ্ধনত বিশেষভাৱে সহায়ক হৈছিল। খৃ: পূ: ১৫০০ মান বছৰৰ পৰা অসমলৈ আৰ্যসকলৰ আগমন ঘটিছিল আৰু তেওঁলোকৰ যোগেদিয়ে অসমত আৰ্য সভ্যতা আৰু সংস্কৃতিৰ পাতনি আৰু সংস্কৃতিৰ ক্ষেত্ৰত ইমান ব্যাপক আৰু গভীৰ আছিল যে আৰ্য সংস্কৃতি ইয়াৰ প্ৰভাৱত নিষ্প্ৰভ হৈছিল আৰু বহুক্ষেত্ৰত জনজাতীয় প্ৰভাৱ আৰ্য সংস্কৃতিত পৰিছিল। ইয়াৰ ফলত বৃহত্তৰ অসমীয়া সংস্কৃতি আৰ্য আৰু জনজাতীয় সংস্কৃতিৰ সংমিশ্ৰণত পৰিণতিত নতুন ৰূপত গঢ় লৈ উঠিল।

জনজাতীয় সমাজ ব্যৱস্থা সাধাৰণতে মুক্ত। এই সমাজ ব্যৱস্থাত স্ত্ৰী-পুৰুষৰ সমান মৰ্যাদা লক্ষ্য কৰা যায়। আমাৰ অসমীয়া সমাজত ইয়াৰ প্ৰভাৱ পৰিল। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে অসমীয়া নাৰীয়ে যি ধৰণে মুক্ত জীৱন যাপন কৰে সেই জীৱনধাৰাই অসমীয়া সংস্কৃতিক এটা নতুন আয়তন দিলে। নাৰীৰ এনে স্বাধীনতাৰ পৰিণতি স্বৰূপেই অসমৰ মধ্যযুগীয় ৰাজনৈতিক ইতিহাসৰ নাৰীয়ে উল্লেখযোগ্য ভূমিকা লোৱা দেখা গ’ল। উদাহৰণ স্বৰূপে মূলা গাভৰুৱে মহাপ্ৰতাপী তুবকৰ লগত যুদ্ধ কৰিছিল।

জনজাতীয়সকল গোষ্ঠীগতভাৱে কিছু পৃথক হ’লেও সামগ্ৰিকভাৱে সেইসকল কৃষিজীৱী। অসমৰ কৃষিকৰ্মৰ উদ্ভৱ হৈছিল প্ৰায় খৃ: পূ: ১৫০০ বছৰত। খ্ৰীঃ পূ: কালৰ পৰাই কৃষি কৰ্মৰ বিকশিত হৈ অসমৰ অৰ্থনৈতিক বুনিয়াদ ৰচনা কৰি আহিছে । জাতীয় সংস্কৃতিৰ ঘাই আধাৰ অৰ্থনীতি। অসমৰ অৰ্থনীতি যিহেতু কৃষিভিত্তিক। গতিকে অসমৰ সংস্কৃতি কৃষি নিৰ্ভৰ সংস্কৃতি ৰূপে গঢ় লৈ উঠিছে। এই ক্ষেত্ৰত আৰ্যসকলৰ তুলনাত আর্যভিন্ন জনজাতিসকলৰ বৰঙণি নিঃসন্দেহে অধিক। সংক্ষেপে ক’বলৈ গ’লে কৃষি অৰ্থনীতিৰ আধাৰত গঢ় লৈ উঠা অসমীয়া সংস্কৃতিৰ শ্ৰীবৃদ্ধিত জনজাতীয়সকলৰ অৱদান অনস্বীকাৰ্য।

অসমীয়া সংস্কৃতি উদ্ভৱ কালৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক লৈকে কৃষিভিত্তিক সংস্কৃতিৰ হিচাপে গঢ় লৈ উঠিছে। অসমীয়া জাতি গঠনৰ সময়ৰ পৰা অসমত যি কৃষি ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল সেই কৃষি জনজাতীয় পদ্ধতিৰে গঢ় লৈছিল আৰু কালক্ৰমত ইয়ে অসমত বসবাস কৰিবলৈ অহা আৰ্যসকলৰ কৃষি প্ৰভাৱান্বিত কৰিছিল। পৰৱৰ্তী কালত আর্যভিন্ন সকলো জনগোষ্ঠীৰ কৃষি পদ্ধতিয়ে উমৈহতীয়া ৰূপ লৈ নতুন আধাৰ এটা গ্ৰহণ কৰিলে । এইখিনিতে উল্লেখযোগ্য যে প্ৰাচীন কালত ঝুম খেতিৰ মাজেদি জীৱন নিৰ্বাহ কৰা জনজাতিসকলৰ কৃষি পদ্ধতিও পৰৱৰ্তী কালত ৰূপান্তৰিত হ’ল।

জনজাতিসকলৰ ভিতৰত বহুবোৰ জনজাতিয়েই নদীকেন্দ্ৰিক। এইসকলৰ সৰহ ভাগেই মাছ মৰা কার্য সমূহিকভাৱে সম্পন্ন কৰা হৈছিল। নদীকেন্দ্ৰিক জনজাতিসমূহৰ সমূহিকভাৱে মাছ মৰা কাৰ্যৰ সৈতে কিছুমান লোক বিশ্বাস জড়িত হৈ আছিল। উদাহৰণ স্বৰূপে সমূহিকভাৱে মাছ মাৰিবলৈ যোৱাৰ আগতে নগাসকলে কোনো জীৱ- জন্তুৰ হত্যা নকৰে। সেইদৰে মাছ মৰা কাৰ্যক সমূহিকভাৱে যাওঁতে নগাসকলে তিৰোতা মানুহৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল। বড়োসকলৰ কোনো কোনো শাখাই মাছ মাৰিবলৈ যোৱাৰ আগতে মাছ মৰা  সঁজুলিবোৰত আন মানুহক স্পৰ্শ কৰিবলৈ দিয়া নাছিল। মিচিংসকলৰ মাজত বিশ্বাস আছিল যে মাছ মাৰোতে পোন প্ৰথমে বাকলি থকা মাছ পালে মাছুৱৈজনৰ বাবে মঙ্গলজনক। এনেধৰণৰ বহু লোকবিশ্বাস ভিন ভিন জনজাতিৰ মাজত প্ৰচলিত আছিল। কালক্ৰমত একেলগে বাস কৰা ভিন্ন জনগোষ্ঠীৰ বাবে এই ভিন্ন বিশ্বাসবোৰ উমৈহতীয়া লোক বিশ্বাস হিচাপে পৰিগণিত হ’ল। এই লোকবিশ্বাসবোৰৰ বিজ্ঞানসন্মত মূল্য নাথাকিব পাৰে, কিন্তু ভিন্ন শ্ৰেণীৰ জনজাতিৰ মাজত ঐক্য সাধনত এই লোকবিশ্বাসবোৰে পৰোক্ষভাৱে অৰিহণা যোগাইছে।

অসমীয়া জনজাতিসমূহ যিহেতু কৃষিজীৱী আছিল গতিকে তেওঁলোকে বিভিন্ন জাতৰ জীৱ-জন্তু পোহপাল দিছিল। গৰু, গাহৰি, মেথোন, ছাগলী, হাঁহ, কুকুৰা আদি জীৱ- জন্তুবোৰৰ ভিতৰত কিছুমান কৃষি কাৰ্যৰ প্ৰয়োজনত আৰু কিছুমান খাদ্য বা পূজা অৰ্চনাৰ বাবে পুহিছিল। বিবিধ জন্তু পোহা সামাজিক ব্যৱস্থাটোৱে পৰোক্ষভাৱে এই সকলো অৰ্থনৈতিক অৱস্থাৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাইছিল। জাতীয় সংস্কৃতিত বিকাশৰ বাবে অৰ্থনৈতিক অৱস্থাৰ উন্নতি অপৰিহাৰ্য। এনে কাৰণতে জনজাতিসকলে জীৱ-জন্তু পোহা ব্যৱস্থাটোৰ প্ৰসংগ এই ক্ষেত্ৰত উল্লেখযোগ্য। 

জনজাতীয়সকলে প্ৰত্যাহিক জীৱনত প্ৰয়োজন হোৱা স্ত্ৰী-পুৰুষ উভয়ৰে বস্ত্ৰ মহিলাসকলে নিজে তৈয়াৰ কৰিছিল। জনজাতীয়সকলৰ সাজপাৰবোৰ সাধাৰণতে বহু বৰ্ণময়। এই তেওঁলোকৰ তিৰোতাৰ বস্ত্ৰৰ কিছুমান  সাধাৰণ বৈশিষ্ট্য দৃষ্টিগোচৰ হয়। তিৰোতা মানুহে ভিন ভিন বয়সত ভিন ভিন প্ৰকাৰৰ বা ৰঙৰ সাজপাৰ পৰিধান কৰিছিল। ফাকিয়ালসকলৰ ছোৱালীবোৰ কন্যাকাল লাভ কৰাৰ পাছত বগা বস্ত্ৰ পৰিহাৰ কৰি অথবা ৰঙচুৱা বস্ত্ৰ পৰিধান কৰাটো নিয়ম। বোৱাৰী আৰু বুঢ়ীৰ বস্ত্ৰৰ ৰঙৰো পাৰ্থক্য আছিল। এই বিভিন্ন ৰঙবোৰৰ লগত কিছুমান লোকবিশ্বাস জড়িত হৈ আছে। জনজাতিসকলৰ বস্ত্ৰ নিৰ্মাণ আৰু প্ৰয়োগ বৈচিত্ৰ্যৰ যোগেদিয়েই তেওঁলোকৰ ৰুচিবোধৰ পৰিচয় পোৱা যায় আৰু ইয়াৰ যোগেদিয়েই অসমত বস্ত্ৰ শিল্পৰ শক্তিশালী বুনিয়াদ এটা ৰচনা হয়।

জনজাতিসকলৰ প্ৰত্যাহিক জীৱনত প্ৰয়োগ হোৱা বাঁহ আৰু বেতৰ সঁজুলিবোৰৰ যোগেদি অসমত কুটীৰ শিল্পৰ বুনিয়াদ ৰচনা হৈছিল। জাতীয় সংস্কৃতিৰ বিকাশত কুটীৰ শিল্পৰ চৰ্চাই গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল। 

অসমৰ জনজাতিসকল নৃত্যগীতত পটু আছিল। কৃষিকৰ্ম আৰু ধৰ্মীয় পূজা উপাসনাৰ সময়ত বিবিধ প্ৰকাৰ নৃত্য-গীত অপৰিহাৰ্য আছিল। নৃত্য-গীতৰ লগতে নিৰ্মিত বাদ্যযন্ত্ৰৰ প্ৰসংগ উল্লেখযোগ্য। সংক্ষেপতে ক’বলৈ গ’লে এইসকলৰ কৃষি আৰু ধৰ্মকেন্দ্ৰিক নৃত্য-গীত আৰু বাদ্যৰ চর্চা ব্যাপকভাৱে হৈছিল। ইয়ে জাতীয় সংস্কৃতিৰ বিকাশত পৰোক্ষভাৱে প্ৰভূত সহায় কৰিছিল। জনজাতিসকলৰ মাজত ধৰ্ম বিশ্বাস বৰ গভীৰ। ধৰ্ম বিশ্বাসক কেন্দ্র কৰি বহুবোৰ লোকবিশ্বাস চলি আহিল। সেই লোকবিশ্বাসবোৰ পৰৱৰ্তী কালত জনজাতি আৰু অজনজাতি উভয়ৰে উমৈহতীয়া লোকবিশ্বাস হিচাপে গণ্য হ’বলৈ ল’লে। এই লোকবিশ্বাসবোৰৰ বাস্তৱিক মূল্য নাথাকিলেও ভিন্ন মতৰ জনগোষ্ঠীৰ মানুহৰ মাজত ঐক্য সাধনত এইবোৰে পৰোক্ষভাৱে সহায় কৰিছিল। 

ওপৰৰ আলোচনাৰ পৰা কেইবাটাও কথা স্পষ্ট হয় যে প্ৰাচীন কালত জনজাতিসকলৰ সভ্যতা আৰু সংস্কৃতি বৰ সহজ নাছিল যদিও তেওঁলোকৰ সংস্কৃতিৰ পৰিৱদ্বন তথা গতিশীলতাত প্ৰভূত অৰিহণা যোগাই আহিছে। সহজ সৰল জীৱন ধাৰাৰ সৈতে সাংস্কৃতিক ৰুচিবোধ অথবা সৌন্দৰ্যবোধ এইসকলৰ জীৱনৰ সৈতে এবাৰ নোৱাৰা সম্পৰ্ক। ইয়াৰ ফলত জনজাতিসকলৰ জীৱনধাৰাই অসমীয়া সংস্কৃতিৰ গতি নিৰ্ণয়ত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। খ্ৰীঃ পূ: ১০০০ মান বছৰৰ পৰা অসমলৈ অহা আৰ্যসকলৰ উন্নত সংস্কৃতিয়ে ইয়াৰ জনজাতীয় সংস্কৃতিক পৰিহত কৰিব নোৱাৰিলে। বৰং আৰ্য আৰু জনজাতীয় এই দুয়োটা সংস্কৃতিয়েই সহাৱস্থান কৰি অসমীয়া সংস্কৃতিক জনজাতীয় সংস্কৃতিৰ উপাদান অতি সাম্প্ৰতিকেও অসমীয়া সংস্কৃতিত অভিন্ন হৈ থকা দেখা যায়।

: অসমীয়া সংস্কৃতিলৈ মিচিং জনগোষ্ঠীৰ অৱদান– এই শীৰ্ষক এটি প্ৰবন্ধ যুগুত কৰা। 

উত্তৰঃ সংস্কৃতিয়ে সমাজ পৰিচালনাৰ বাবে প্ৰয়োজনীয় সকলো উপাদানকেই সামৰি লয়। সদ্য নৱজাতকৰ কান্দোনৰ পৰা আদি কৰি মৃত্যুলৈকে পদ্ধতিগতভাৱে জন-জীৱনত কৰণীয়, পালনীয়, ধাৰণীয় সকলোবোৰেই সংস্কৃতিৰ পৰিধিৰ ভিতৰত পৰে। অসমীয়া সংস্কৃতি অসমৰ কোনো সম্প্ৰদায়ৰ সুকীয়া সৃষ্টি বা কৃষ্টি নহয়। বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি-সংস্কৃতিৰ সমন্বয়ত সৃষ্টি হৈছে বৰ্ণাঢ্য অসমীয়া সংস্কৃতি। মহাপুৰুষ শংকৰদেৱৰ ৰচনাতেই আমি বিভিন্ন জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক সমন্বয় দেখিবলৈ পাওঁ। গুৰুজনাৰ সৃষ্টিত এনেদৰে উল্লেখ আছে – 

“কিৰাত কছাৰী খাচী গাৰো মিৰি

যৱন কঙ্ক গোৱাল।

অসম মুলুক ৰজক তুৰুক

কুৱাচ ম্লেচ চণ্ডাল।”

মিচিংসকল অসমৰ জনগোষ্ঠীসমূহৰ অন্যতম জনগোষ্ঠী। অসমীয়া সমাজ আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হ’ল মিচিং জনগোষ্ঠী। অসমীয়া সংস্কৃতিৰ সমন্বয়ৰ লীন হৈও নিজৰ ভাষা, সাহিত্য আৰু সাংস্কৃতিক স্বকীয়তা ৰক্ষা কৰি অসমীয়া সংস্কৃতিলৈ এই জনগোষ্ঠীটোৱে অনবদ্য অৱদান আগবঢ়াই আহিছে। 

বিহু অসমীয়া সংস্কৃতিৰ আধাৰ। বিহু পৰ্বত ভৈয়াম সকলোৰে মৰমৰ-চেনেহৰ। ব’হাগ বিহুক মিচিংসকলে এক স্বকীয় সাজ-পাৰেৰে দাঙি ধৰে। এই বিহুক অনা মিচিংসকলে  ‘মিচিং বিহু’ বুলি কয়। বিহুত ডেকা-গাভৰুৱে একেলগে নচাটো মিচিং জনগোষ্ঠীৰ স্বকীয় পৰম্পৰা আগতে জনগোষ্ঠীয় বিহুত সাধাৰণতে ডেকা-গাভৰুৱে পৃথকে পৃথকে বিহু মাৰিছিল আৰু সেই বিহুত গোৱা গীতবোৰক  ‘নিলাজ’ বুলি ধৰা হৈছিল। আনকি ঊনৈশ শতিকাৰ অসমীয়া বিদ্বত সমাজে বিহুত একেলগে নচাটো ইতৰ লোকৰ স্ত্ৰী আৰু লম্পট পুৰুষৰ কাম বুলি গণ্য কৰিছিল। আজি বিহুত ডেকা-গাভৰুৱে একেলগে নচাটো অসমীয়া সংস্কৃতিলৈ মিচিঙৰ এক অনন্য অৱদান । মিচিং সকলে বিহুৰ সকলো নীতি-নিয়ম পালন কৰি আহিছে। চ’তৰ প্ৰথম নিশা হুঁচৰি নমোৱা, গাওঁবুঢ়াৰ ঘৰত হুঁচৰি আৰম্ভ কৰা, বিহু উৰোৱা আৰু ইয়াৰ পিছত বাদ্যযন্ত্ৰবোৰ সামৰি থোৱা নিয়ম মিচিং সকলৰ আছে। 

ডেকা-গাভৰু একেলগে বিহু মাৰি থাকোতে যাতে কোনো অপ্ৰীতিকৰ ঘটনা নঘটে তাক চোৱা -চিতা কৰিবৰ বাবে ডেকাবৰা, তিৰিবৰা, চৌতা, টেকেলা আদি বিষয়ববীয়াসকল থাকে। কোনোবাই ইচ্ছা কৰি বা আনিচ্ছাৰে এই নিয়ম ভংগ কৰিলে গুৰুতৰ শাস্তি বিহাৰ ব্যৱস্থা আছে। সেই ফালৰ পৰা বিহুৱতীয়ে গোৱা  “বিহু মাৰি থাকোতে পলুৱাই নিনিবা ভৰিব লাগিব ধন”,মিচিং জনগোষ্ঠীৰেই অৱদান যেন অনুমান হয়। মিচিংসকলে ৰাতি বিহু মাৰে। গতিকে ৰাতি বিহু মৰা প্ৰথাও মিচিং জনগোষ্ঠীৰেই অৱদান। মিচিং ঢুলীয়াই নাচনীক নাচিবলৈ আঠুকাঢ়ি ঢোলৰ চেঁৱেৰে আহ্বান জনায়। অসমীয়া ঢুলীয়াই এনে প্ৰদৰ্শন আজিকালি কৰে। ইও মিচিঙৰেই অৱদান। উল্লেখ্য যে ‘ফাটবিহু’ জীয়াই ৰখাত মিচিংসকলৰ অৱদান কোনেও নুই কৰিব নোৱাৰে। মিচিংসকলৰ আলি আঃয়ে লৃ:গাঙৰ দৰে নিজস্ব জাতীয় উৎসৱ থকাৰ পিছটো ব’হাগ বিহু, মাঘ বিহু আৰু কাতি বিহু আলি আঃয়ে লৃ:গাঙৰ সমানেই আদৰৰ। 

সাজপাৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। মিচিং সাজপাৰ বাৰেৰহনীয়া সাজপাৰ। মিচিং সাজপাৰে অসমীয়া সাজপাৰক জাকত জিলিকা কৰিছে। মিচিং নাৰীয়ে কাপোৰত হৃদয়ৰ কবিতা লিখিব পাৰে, সোণালী সপোন ৰচিব পাৰে আৰু বাস্তৱৰ উকা পৃথিৱীখন সজীৱ আৰু বাংময় কৰি তুলিব পাৰে। তেওঁলোকে বিভিন্ন ৰঙৰ সমাহাৰ ঘটাই এখন কাপোৰ প্ৰেৰণাময় কৰি তুলিব পাৰে। লিখক তোষেশ্বৰ চেতিয়া ভাষাৰে  “ৰঙৰ নিৰ্বাচন আৰু বিচিত্ৰ ফুলৰ শৈল্পিক সমাহাৰ ঘটোৱাৰ মিচিং বোৱনী সিদ্ধহস্ত। মিচিঙৰ এগে (মেখেলা) আৰু মিচিং সকলৰ বুটা বচা ফুলৰ চানেকীৰ পটি আজি অসমীয়া মহিলাৰ ঘৰে ঘৰে পেৰা ভৰি আছে।” ‘ৰিবি গাচেং’ অসমৰ বয়ন শিল্পলৈ মিচিংসকলৰ অনন্য অৱদান। ‘মিবুগালুগ’ মিচিং নাৰীৰ এক কলাত্মক প্ৰতিভাৰ অৱদান। মিবুগালুগ সকলোৰে আকৰ্ষণীয় আৰু সভা-সমিতিৰ সম্বৰ্ধনা অনুষ্ঠানত এৰিব নোৱাৰা অংগ হৈ পৰিছে। ‘গাদু’ (মিৰিজিম) মিচিং সংস্কৃতিৰ প্ৰতীক। ‘গাদু’ মিচিং তিৰোতাৰ এক কৌশলগত সৃষ্টি। ‘গাদু’ৱে অকল অসমৰ সংস্কৃতি চহকী কৰাই নহয়; ই বিদেশতো জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু অসমীয়া বয়ন শিল্পক বিশ্বত প্ৰতিষ্ঠা কৰিছে।

ডঃ ভীমকান্ত বৰুৱাই তেওঁৰ  “অসমৰ ভাষা” নামৰ গ্ৰহত পেঁপা আৰু গগনা এই বাদ্য যন্ত্ৰ দুবিধ মিচিং ভাষাৰ ক্ৰমে পেঁপা আৰু গুঙ্গগাংৰ পৰা অহাৰ থল আছে বুলি উল্লেখ কৰিছে। বহাগ বিহুত পিন্ধা গামখাৰু মিচিংসকলৰ অৱদান। মিৰিৰ গামে পিন্ধা এবিধ খাৰু “গামখাৰু” বুলি  “হেমকোষ” অভিধানত উল্লেখ আছে।

উন্নত যিকোনো ভাষাই প্ৰয়োজন সাপেক্ষে অন্য ভাষাৰ পৰা মুক্তভাৱে লাগতিয়াল শব্দ আহৰণ কৰে। অসমীয়া ভাষাই বহুতো মিচিং শব্দ নিজৰ ভাষাৰ মাজত অন্তৰ্ভুক্ত কৰিছে। এই শব্দবোৰৰ ভিতৰত যেনে– কনেং, কংকান, ঐ:নিতম, কেবাং, কুমচুং (ভঁৰাল), জিলি, মূৰ, ৰিবিগাচেং, মিৰিজিম, প:ৰাগ, কাবান, কু:দুম (নাৱৰ টিং), কাই, আটাই, বাই, আপং, টোকোন, বাদু, চালি, গুৱা, লিংলাং, অৱনৰি, বেইতা (দৰা), গা-ভাৰী, দাংকোব ইত্যাদি। বহুতো স্থানবাচক শব্দ আৰু নদীবাচক মিচিং শব্দও অসমীয়া ভাষাত অন্তৰ্ভুক্ত হৈছে। এই স্থানবাচক শব্দবোৰ হ’ল – মুৰ্কংচেলেক, তেলাম, পাচিঘাট, নামচিং, অয়ান, ঐৰামঘাট, ক’ব চাপৰি, মিংমাং, আৰকেপ, এদুট, ৰৃগবি, কংকান চাপৰি, চিলাপথাৰ, চিমন চাপৰি, ৰাংকপ ইত্যাদি, আনহাতে নদীবাচক শব্দবোৰ হ’ল – চিয়াং, চিচি, চিলে, চিমেন, চিলা, বুৰৈ, বুৰলী, চেতা ইত্যাদি।

ঐ:নিতমৰ সুৰ অসমীয়া বিহুগীত আৰু বনগীতৰ এক এৰাব নোৱাৰা অংশ হৈ পৰিছে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাকে ধৰি বহুকেইজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে ঐ:নিতমৰ সুৰেৰে বিহুগীত, বনগীত পৰিবেশন কৰিছে। অসমীয়া গীতত মিচিং শব্দৰ প্ৰয়োগ মন কৰিবলগীয়া। ডঃ ভূপেন হাজৰিকাৰ  ‘অ মিচিং ডেকাটি’ গীতটিয়েই ইয়াৰ উৎকৃষ্ট উদাহৰণ। 

মিচিংসকল কৃষিজীৱী। কঠোৰ পৰিশ্ৰমেৰে মিচিংসকলে জীৱিকা অর্জন কৰে। পুৰুষৰ সমানেই মহিলা সকল কৰ্মপটু। মিচিং মহিলাই মুক্ত ভাবেই ঘৰৰ ভিতৰে-বাহিৰে উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰে। মিচিং জনগোষ্ঠীৰ প্ৰভাৱতেই মুক্তভাৱে ঘৰৰ ভিতৰে -বাহিৰে উৎপাদন কাৰ্যত অসমীয়া মহিলাই বিশেষকৈ উজনী অসমৰ মহিলাই অংশ গ্ৰহণ কৰাৰ প্ৰথা প্ৰচলিত হ’ল।  মিচিংসকলে সমজুৱা ভাবেও কৃষি কৰ্মত লিপ্ত হয়। প্ৰতিঘৰ মিচিং মানুহেই গাহৰি পোহাৰ নিয়ম । গাহৰি পালনৰ পৰা যথেষ্ট উপাৰ্জন হয়। আজিকালি অনামিচিঙেও গাহৰি পুহি উপাৰ্জনৰ বাট মুকলি কৰিছে।

অসমীয়া সাহিত্য-সংস্কৃতিলৈ মিচিঙৰ বহুতো সৃষ্টিশীল অৱদান আছে। মিচিঙৰ প্ৰথম জন লিখক সোণাৰাম পাঞাঙ কটকী। তেওঁ ১৯৩৫ চনত  ‘মিৰি জাতিৰ বুৰঞ্জী’ প্ৰকাশ কৰিছিল। তাৰ পিছত তেওঁ ‘মিৰি দোৱান’ আৰু ‘মিৰি ঐ-নিতম’ নামৰ দুখন পুথি প্ৰকাশ কৰিছিল বুলি জনা যায়। লিখক – শিক্ষাবিদ হিচাপে আমি প্ৰথমেই নাম ল’ব লাগিব ইন্দ্ৰিৰা মিৰি, টাবু টাইদ আৰু ডঃ দুৰ্গেশ্বৰ দলৰ নাম। সংস্কৃতিৰ ক্ষেত্ৰত বিক্ৰম সিং য়েইন, সূৰ্য্য চিন্তে, গণেশ পেগুৰ অৱদান উল্লেখনীয়। অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা সকলৰ ভিতৰত তৰুণ চন্দ্ৰ পামেগামৰ নাম প্ৰথমেই ল’ব লাগিব। অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে অসম সাহিত্য সভাৰ উপ-সভাপতি পদো তেওঁ অলংকৃত কৰিছিল। অসমীয়া ভাষাত লিখা তেওঁৰ গ্ৰন্থ সমূহ হল– ‘গল্পলেছেৰী’,’কবিতা লেছেৰি’,’সমাজৰ শেষ সীমা’,’পাহাৰ পুৰী’,’অগ্নিযুগৰ ফিৰিঙতি’,’পপীয়া তৰা’,’সেতু’,’একাংকিকামালা’ (নাটক), ‘মিৰি সমাজৰ আলেখ-লেখ’,’মিচিং জনজীৱনত চিন্তা বিচিত্ৰা’ ‘মিচিং সাধু’ ইত্যাদি। ইতিমধ্যে অসম সাহিত্য সভাই পামেগামৰ ৰচনাৱলী সমূহ একেলগ কৰি ‘তৰুণ চন্দ্ৰ পামেগাম ৰচনাৱলী’ প্ৰকাশ কৰিছে। আন এজন আশাসুধীয়া লেখক হ’ল ভূগুমণি কাগয়ুং। তেখেতৰ ‘মিচিং কৃষ্টিৰ আভাস,’ ‘জনজাতীয় সমস্যা’ আৰু ‘মিচিং সংস্কৃতিৰ আলেখ্য’ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা মৌলিক পুথি। অধ্যাপক নাহেন্দ্ৰ পাদুন অসম সাহিত্য সভাৰ মুখ্য সম্পাদক আৰু তিনি বছৰ অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক আছিল। 

তেওঁৰ কবিতা পুথি– মোৰ লগৰীয়া’,’অচিন অনুৰাগ’। ‘মিচিং ঐনিতম’,’মিচিং অসমীয়া পাঠ’,’অসমীয়া সংস্কৃতিলৈ জনজাতীয় অৱদান’,’ভাষা-তত্ব কথা’,’মিচিং লোকগীত’ অসমীয়া সমাজলৈ এক সৱল সংযোজন। শিল্পী গণেশ পেগুৰ ‘মিচিং সংস্কৃতিৰ ৰেঙনি’,’ৰহনীয়া মিচিং সমাজ আৰু ভাষা -সংস্কৃতিৰ গতিবিধি’, ‘মিচিং সংস্কৃতিৰ পথাৰে পথাৰে’ আদি উল্লেখ কৰিব পাৰি। অধ্যক্ষ ভবেন পেগুৰ ‘ঔয়াও’ আৰু ‘জিয়াঢলক ভেটিব কোনে’ আদি গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

ডঃ নোমল পেগুৰ ‘মিচিং সকলৰ ইতিবৃত্ত আৰু সংস্কৃতি’ আৰু  ‘The Miris or the Mishings of the Brahmaputra Valley’ গ্ৰন্থ দুখন তথ্য সমৃদ্ধিশালী আৰু অসমীয়া সমাজত সমাদৃত গ্ৰন্থ। মিচিং, অসমীয়া আৰু ইংৰাজী তিনিওটা ভাষাতে দখল থকা টাবুৰাম টাইদৰ ‘একুকি প্ৰৱন্ধ’,’মিচিং ভাষাৰ বানান পদ্ধতি’,’Glimpses’,’An Approach to English Grammer’, ‘Banikanta Kakati – The Man and his Works’ (Edited),’poman Moman’, ‘An Introduction to Mising Phonology and Grammar’ আদি গ্ৰন্থই  অসমীয়া সাহিত্য চহকী কৰিছে। 

টংকেশ্বৰ লইং, বক্সিৰাম মৰাং, পুষ্প লইং, চেঙাৰাম মৰাং, বিভীষণ পেগু, ইন্দ্ৰেশ্বৰ পেগু (মাজুলী), ইন্দ্ৰেশ্বৰ পেগু (খেৰকটামুখ), দুৰ্গা ৰেগন, অৱন্তি পামেগাম চেতিয়া, ডঃ বসন্ত পেগু দলে, বাসন্তী মৰাং, জীৱন নৰহ, গংগামোহন মিলি, অনিল পাংগিং, হেমচন্দ্ৰ দলে, ৰঞ্জন ৰেগন, বিমান দলে, ডঃ ডম্বৰু মিলি, ডেনি গাম, পবিত্ৰ পেগু, কেশৱ পাইত, উজ্জ্বল পামেগাম, মনোৰঞ্জন বৰি, সুৰেণ বৰি, ৰঘুনাথ কাগয়ুং, নিবেদিতা লাগাছু, পূৰ্ণকুমাৰ চিন্তে, বলোৰাম দলে, সুশান্ত পেগু, সোনেশ্বৰ নৰহ, আদিকে ধৰি বহুতো মিচিং লিখকে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। ডঃ যতীন মিপুনৰ ‘মিকচিজিলি’,  ‘কংকানৰ পৃথিৱীত’, ডঃ গণেশ পেগুৰ ‘প:পৃৰ’,’মিচিং জনসাহিত্য’, কবি জীৱন নৰহৰ, ‘তুমি পকা ধানৰ দৰে গোন্ধাইছা, ‘অ’ মোৰ ধুনীয়া কপৌফুল’,  শুনা মোৰ ফুলকলি’, ‘হালধীয়া উপনা’ আদি জনপ্ৰিয় গ্ৰন্থ। জীৱন নৰহৰ কবিতা ভাৰতৰ বিভিন্ন ভাষাত অনুদিত হৈছে আৰু সাহিত্য অকাডেমীয়ে ‘Listen My Flower Bud’ নাম দি এখন কাব্যগ্ৰন্থ প্ৰকাশ কৰিছে।

গংগামোহন মিলিৰ ‘দিচাং মুখৰ এবাটি আপং’, ‘নদী মানুহৰ ঠিকনা’,আৰু ঐ:নিতমৰ পৃথিৱী, ডঃ জৱাহৰজ্যোতি কুলিৰ ‘প্ৰৱন্ধ চয়ন’,’মিচিং সংস্কৃতি’,’The Misings-Their History and Culture’, ডঃ বসন্ত দলেৰ ‘মিচিং সমাজ সংস্কৃতিৰ সমীক্ষা’, খগেশ্বৰ পেগুৰ ‘হৃদয়ৰ অনুৰাগ’,’কুমাৰী অৰণ্যৰ সন্ধানত’, ‘গোষ্ঠী সংঘাতত বিপৰ্যস্ত অসমীয়া জাতিসত্বা’,’অসমৰ জাতি গঠনত মিচিং জনগোষ্ঠী আৰু নদীপৰীয়া মিচিং সমাজ’, যোগান টাইদৰ ‘সৰিয়হ ৰখা এজনী ছোৱালী’ বিমান দলেৰ  ‘তোমাৰ গান হওক ধান’, ‘পানী বিচৰা চৰাই মাত’, ৰঘুনাথ কাগয়ঙৰ ‘চকুৰ পাহিত ৰ’দৰ ঢৌ’, মৃণালিনী কাগয়ঙৰ  ‘সেউজীয়া নিচান জোকাৰি ৰৈ আছো মই’ আদিয়ে অসমীয়া সমাজত বিশেষ সমাদৰ লাভ কৰিছে। আৰু বহুতো লেখক-লেখিকা, কবি-সাহিত্যক আছে যি নিৰলস ভাৱে অসমীয়া ভাষাতেই সাহিত্য চৰ্চা কৰি আছে।

বৃহত্তৰ অসমীয়া জাতি গঠনত মিচিঙৰো ভূমিকা আছিল। চুহুংমুঙে চুতীয়া ৰজাক যুদ্ধত পৰাজিত কৰাত এজন মিচিং যুৱকে সহায় কৰাৰ কাৰণে সেই যুৱক জনক থায় মুংমুং নাম দি ৰজাঘৰীয়া ফৈদত তুলি লৈছিল। ভোলোকা গোহাঁইৰ তুলনীয় পুতেক আছিল মিৰি আৰু তাৰ নাম ৰখা হৈছিল মিৰি সন্দিকৈ। গদাধৰ সিংহই মিৰি সন্দিকৈৰ পাৰ্গতালি দেখি মিৰি সন্দিকৈ পৰিয়ালৰ এজনক “শদিয়া খোৱা গোহাঞি” হিচাপে নিযুক্তি দিয়াৰ কথা বুৰঞ্জীত পোৱা যায়। মিৰি সন্দিকৈ পৰিয়ালৰ লোক এতিয়াও মিচিঙত আছে। 

মিচিংসকল ধনুকাড় মৰাত পাৰ্গত আছিল। ৰজা জয়ধ্বজ সিংহই এই পাৰ্গতালি দেখি এক বুজন সংখ্যক মিচিং ৰণুৱা কাড়ী দলত নিয়োগ কৰিছিল আৰু তেওঁলোকক চোৱা-চিতা কৰিবৰ বাবে “মিৰি বৰুৱা” নামৰ এজন বিষয়া নিযুক্তি দিছিল। “মিৰি বৰুৱা” লোক মিচিং সমাজত আছে। ৰুদ্ৰ সিংহৰ কছাৰী বিৰোধী অভিযান, জয়ন্তীয়া বিৰোধী অভিযানত মিচিংসকলে সফলতাৰে অংশগ্ৰহণ কৰি ৰুদ্ৰ সিংহৰ জয় নিশ্চিত কৰিছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়তো আহোম ৰজাৰ হকে মিচিং সৈন্যই যুদ্ধ দিছিল বুলি জনা যায়।

আহোম ৰজাৰ দিনত কাম অনুসৰি একোটা গোটৰ নাম থৈছিল। চমুৱা শ্ৰেণীটোত মিচিং লোক আছিল। নামছাই অঞ্চলত এই চমুৱা সকল আছে। তদুপৰি চাংমাই উপাধিৰো মিচিং লোক আছে।

চুকাফাৰ নাতি চুবিনফাই মিচিং জীয়ৰী হিঙুলীক বৰকুঁৱৰী পাতি গোটেই পৰিয়ালটোকে বৰগোঁহাই ফৈদত উঠাই লৈছিল বুলি বুৰঞ্জীত উল্লেখ আছে। এতিয়াও বহুতো মিচিং জীয়ৰী অনা মিচিংৰ বোৱাৰী হৈছে আৰু বহুতো অনা মিচিং জীয়ৰীও মিচিঙৰ বোৱাৰী হৈছে। এই বৈবাহিক সম্পৰ্কই মিচিং আৰু অনামিচিঙক অতি ওচৰ চপাই আনিছে আৰু মিচিং আৰু অনামিচিঙৰ একতাৰ এনাজৰীডালক কটকটীয়া কৰিছে। অসমৰ শান্তি, একতা, ভাতৃত্ববোধক ই সৱল কৰিছে। 

আৰম্ভণিতেই আমি উল্লেখ কৰিছো যে অসমীয়া সংস্কৃতি লৈ গঢ় লৈ উঠিছে বিভিন্ন জনগোষ্ঠীৰ কৃষ্টিৰ সমন্বয়ত । সেই কাৰণে জ্যোতি প্ৰসাদে কৈছিল– 

“ময়েই খাচীয়া,

ময়েই জয়ন্তীয়া,

ডফলা, আবৰ, অকা।

ময়েই চিংফৌ,

ভৌয়ামৰ মিৰি,

সোৱণশিৰিয়া ডেকা।”

অসমত ভৱিষ্যতৰ বাবেই আমি জ্যোতিপ্ৰসাদৰ এই চিন্তাক আঁকোৱালি ল’ব লাগিব। আমাৰ উচ্চাত্মিকা ভাৱৰ অন্ত পেলাই বহু মাইল দূৰৰ ইংৰাজী, হিন্দী ভাষা কোৱা আৰু লিখাৰ দৰে, আমি নিচেই ওচৰত থকা মিচিং জনগোষ্ঠীৰ ভাষা সংস্কৃতিকো জানিব লাগিব। অসমীয়াই মিচিং ভাষাকে ধৰি অসমৰ জনজাতি সমূহৰ ভাষা শিকিলে অসমৰেই কল্যাণ হব।  সামাজিক সংমিশ্ৰণ, বৈবাহিক সম্পৰ্ক, ভাষা সাহিত্য সংস্কৃতিৰ সাধনাৰ মাজেৰে মিচিং সকলে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়ালৈ নিৰলস অৱদান আগবঢ়াই আহিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top