Axamiya Sanskritir Adhayan Unit 4 পৰম্পৰাগত অসমৰ সাজপাৰ আৰু অয়-অলংকাৰ (নিৰ্বাচিত জনগোষ্ঠী : বড়ো আৰু কাৰ্বি)

Axamiya Sanskritir Adhayan Unit 4 পৰম্পৰাগত অসমৰ সাজপাৰ আৰু অয়-অলংকাৰ (নিৰ্বাচিত জনগোষ্ঠী : বড়ো আৰু কাৰ্বি), College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axamiya Sanskritir Adhayan Unit 4 পৰম্পৰাগত অসমৰ সাজপাৰ আৰু অয়-অলংকাৰ (নিৰ্বাচিত জনগোষ্ঠী : বড়ো আৰু কাৰ্বি) Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Sanskritir Adhayan Unit 4 পৰম্পৰাগত অসমৰ সাজপাৰ আৰু অয়-অলংকাৰ (নিৰ্বাচিত জনগোষ্ঠী : বড়ো আৰু কাৰ্বি) Question Answer can be of great value to excel in the examination.

Axamiya Sanskritir Adhayan Unit 4 পৰম্পৰাগত অসমৰ সাজপাৰ আৰু অয়-অলংকাৰ (নিৰ্বাচিত জনগোষ্ঠী : বড়ো আৰু কাৰ্বি)

Join Telegram channel

Axamiya Sanskritir Adhayan Unit 4 পৰম্পৰাগত অসমৰ সাজপাৰ আৰু অয়-অলংকাৰ (নিৰ্বাচিত জনগোষ্ঠী : বড়ো আৰু কাৰ্বি) Notes cover all the exercise questions in UGC Syllabus. The Axamiya Sanskritir Adhayan Unit 4 পৰম্পৰাগত অসমৰ সাজপাৰ আৰু অয়-অলংকাৰ (নিৰ্বাচিত জনগোষ্ঠী : বড়ো আৰু কাৰ্বি) provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

পৰম্পৰাগত অসমৰ সাজপাৰ আৰু অয়-অলংকাৰ (নিৰ্বাচিত জনগোষ্ঠী : বড়ো আৰু কাৰ্বি)

ASSAMESE

অসমীয়া সাংস্কৃতিৰ অধ্যয়ন

১। পুৰণি অসমীয়া আ-অলংকাৰবোৰৰ এটা থুলমূল পৰিচয় ডাঙি কৰা?

উত্তৰঃ অসমীয়া মানুহৰ সাজ-পোছাক গহীন আৰু জাকজমকীয়া। এই সাজ-পোছাকতেই অসমীয়া জাতিৰ পৰিচয় পোৱা যায়।

আ-অলংকাৰ : অসমীয়া পুৰুষ আৰু মহিলা উভয়ে অলংকাৰ পৰিধান কৰিছিল। পুৰুষে পিন্ধা অলংকাৰৰ ভিতৰত লোকাপাৰ, মতামণি, কেৰু, আঙুঠি, বিৰি, মগৰদানা আৰু গামখাৰু উল্লেখযোগ্য।

লোকাপাৰ : এইবিধ অলংকাৰ পুৰুষে কাণত পিন্ধিছিল। ইয়াৰ মূল চানেকি হ’ল চাৰিটা পাৰ চৰাই আৰু ইহঁত সাৰনাথৰ সিংহৰ দৰে চাৰিওফালে মুখ কৰা। পাৰ চৰাই চাৰিটাৰ পিছফালবোৰ এডাল হাকোটাৰে সংযুক্তি লগোৱা। লোকাপৰ সাধাৰণতে সোণৰ আৰু বাখৰ -পতোৱা থাকে। ৰজা আৰু ডা-ডাঙৰীয়াসকলে ইয়াক ঘাইকৈ ব্যৱহাৰ কৰিছিল।

মতামণি : পুৰুষে ডিঙিত মতামণি পিন্ধিছিল। মতামণিবোৰ সোণৰ বাখৰ পতোৱা মণি; ভিতৰি ফোপোলা। ভিতৰত লা বা মাটি ভৰোৱা থাকে।

কেৰু : পুৰুষে পিন্ধা কেৰু সৰু আৰু পাতল আছিল। এই কেৰুক লং কেৰু বুলিছিল। ইয়াৰ চানেকি ফুলি থকা পদুম বা বকুল ফুল। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

আঙুঠি : পুৰুষে সাধাৰণতে আঙুলিত মোহৰৰ আঙুঠি পিন্ধিছিল। মোহৰবোৰ টকাৰ পৰা আৰম্ভ কৰি চৰতীয়ালৈকে আছিল। সোণৰ আৰু ৰূপৰ দুয়োবিধ মোহৰ ব্যৱস্থা অনুসৰি ব্যৱহাৰ কৰা হৈছিল।

বিৰি : ডিঙিত পুৰুষে বিৰিও পিন্ধিছিল। বিৰিবোৰ কেতিয়াবা মতামণিত ওলোমাই পিন্ধিছিল।

মগৰদানা : এইবিধ অসমীয়া পুৰুষৰ চকুত লগা অলংকাৰ। মগৰদানা ধাৰৰ দুয়োমুৰে মগৰৰ ফটিক আছে। মাছডোখৰ মাছ বা মগৰৰ বাকলিৰ দৰে। কিছুমানৰ মতে এই মগৰ ফটিক মঙ্গোলীয় (চীনা) ড্ৰেগনৰ ৰূপান্তৰ মাত্ৰ।

গামখাৰু : পুৰুষসকলে হাতত সাধাৰণতে ৰূপৰ আৰু বিশেষ ক্ষেত্ৰত সোণৰ গামখাৰু পিন্ধিছিল। গামখাৰুত লতা, ফুল আদিও খোদিত থাকে। সোণৰ গামখাৰুত বাখৰ পটোৱাও আছিল।

মহিলাসকলে মুৰৰপৰা ভৰিলৈকে নানা ধৰণৰ অলংকাৰ পৰিধান কৰিছিল। মূৰৰ খোপাত অসমীয়া মহিলাসকলে ৰূপৰ ফুল আৰু বনকৰা কাকৈ (ফণী) পিন্ধিছিল। ৰূপৰ ফুলবোৰ মুকলি ফুলৰ ফটিকেৰে সজা। মহিলাৰ কেতবোৰ অলংকাৰ তলত উল্লেখ কৰা হ’ল।

ডিঙিৰ অলংকাৰ : অসমীয়া মহিলাই ডিঙিত গলপতা পিন্ধিছিল। গলপতা ডিঙিত কপকপীয়াকৈ লাগি থাকে। গলপতাডালৰ দুয়োকাষে দুডাল মণি বা শিকলি থাকে। তাৰ মাজত শেৱালি বা গুটিমালী ফুলৰ ফটিকেৰে গাত লগালগিকৈ সোণৰ ফুল থাকে। এই ফুলবোৰ বাখৰ পতোৱাও হ’ব পাৰে।

ডিঙিত ওলোমাই পিন্ধা আনবোৰ অলংকাৰ হৈছে— হাৰ, ডুগডুগি, মণি, চিপামণি, মটৰমণি, সাতসৰী ইত্যাদি।

আগৰ মহিলাসকলে ঢোলবিৰিও পিন্ধিছিল। মালামণি হ’ল সোণৰ মণি।মালামণিবোৰ বাখৰ-পতোৱা। মালামণিত পোৱাল মণিও থাকিব পাৰে। মটৰমণি মটৰমাহৰ দৰে সোণৰ মণিৰ মালা।

কাণৰ অলংকাৰ : অসমীয়া মহিলাসকলে কাণত কাণফুল, কেৰু, সোণা বা মাকৰি পিন্ধিছিল। কাণফুল সৰু ছোৱালীকহে পিন্ধোৱা হৈছিল। অসমীয়া মহিলাসকলে লা-জাতীয় জাংফাই কেৰুও পিন্ধিছিল। জাংফাই কেৰুৰ দুয়োমুৰে সোণ খটোৱা আৰু বাখৰ-পতোৱা থাকে। অলপ সৰু কেৰুবোৰক থুৰীয়া বুলিছিল।

চিতি-পাতি : চিতি-পাতি চুলিৰ তলত কপালত পিন্ধা অলংকাৰ। পুনকৈ সেওতা ফুলা মূৰত, সেওতাৰে এধাৰ দুয়োকাষে দুধাৰ হাৰৰ সমষ্টিয়েই চিতি-পাতি। চিতি-পাতিৰ পৰা মাজ কপালত এটা লটকন থাকে। তিনিও ধাৰ খোপাত বন্ধা হয়।

হাত আৰু আঙুলিৰ অলংকাৰ : অসমীয়া তিৰোতাই হাতত মুঠি খাৰু বা খুচুৰীয়া খাৰু পিন্ধিছিল। মুঠিখাৰুৰ নিচিনা দীঘলীয়া অনেক প্ৰকাৰৰ হাতৰ অলংকাৰ পুৰণি ভাস্কৰ্যতে পোৱা যায়। আৰ্থিক সামৰ্থ অনুসৰি মুঠিখাৰু সোণ আৰু ৰূপেৰে সজোৱাই লৈছিল। সোণৰ মুঠিখাৰুত বাখৰ-পতোৱাও আছিল। মুঠি খাৰুৰ বাহিৰে অসমীয়া মহিলাই হাতত গামখাৰু, পটীয়াখাৰু, শলীয়া আৰু গোটা খাৰু পিন্ধিছিল।

হাতৰ আঙুঠিটো মহিলাসকলে মোহৰপতা, বাখৰপতা, জেঠিনেজীয়া, শেনপতা, মৰাপহীয়া, পাৰচকুৱা, পদুমকলি, মাছবাকলীয়া, বাবৰিবছা আঙুঠি পিন্ধিছিল।

অসমীয়া তিৰোতাই বাঙুত বাজু পিন্ধিছিল। বাজু এচটা চেপেটা সোণ বা ৰূপেৰে সজা হয়। কিছুমান বাজুৰ ভিতৰটো ফোপোলা আৰু তাৰ ভিতৰত লা বা মাটি ভৰোৱা থাকে। বাজুৰ দুয়োমূৰ সাধাৰণতে মগৰমুখীয়া।

অসমীয়া মহিলাই কঁকালত কৰধনি পিন্ধিছিল। এসময়ত বিয়াৰ কইনাইহে এইপদ অলংকাৰ ব্যৱহাৰ কৰা দেখা গৈছিল। কৰধনি ৰূপৰ তিনিডাল বা চাৰিডাল হাৰেৰে গঁথা থাকে। অসমীয়া মহিলাই ভৰিত খাৰু আৰু পাজোপ পিন্ধিছিল। ভৰিৰ অলংকাৰ সাধাৰণতে ৰূপৰ। সোণ ভৰিত নিপিন্ধিছিল। ভৰিত পিন্ধা খাৰুবোৰ ফোপোলা আৰু তাৰ ভিতৰত শিলগুটি ভৰোৱা আছিল। এইবিধ খাৰু ভৰিৰ সৰু গাঁঠিত পিন্ধিছিল। খাৰু পিন্ধি খোজ কাঢ়িলে জুনুকাৰ দৰে শব্দ হৈছিল। অসমীয়া অলংকাৰৰ এক স্বকীয় বৈশিষ্ট্য আছিল। বৰ্তমান এই অলংকাৰসমূহ বহুবিলাক লোপ পালে।

২। অসমীয়া তিৰোতাৰ সাজ-পাৰ সম্পৰ্কে এটি আলোচনা কৰা?

উত্তৰঃ মানৱ জাতি সুন্দৰৰ পূজাৰী। সুন্দৰৰ সাধনাত ব্ৰতী হৈ মানুহে নিজকে বিভিন্ন ৰূপত সজাবলৈ প্ৰয়াস কৰে। আদিম যুগত এই জীৱ— শ্ৰেষ্ঠ মানৱ জাতিয়ে গছৰ বাকলি, আঁহ আৰু জন্তুৰ ছাল বা নোমেৰে নিজৰ সাজ-পাৰ তৈয়াৰ কৰি লৈছিল। লজ্জা নিবাৰণ আৰু প্ৰকৃতিৰ ঋতু অনুযায়ী শীত— তাপৰ মাত্ৰাৰ পৰা দেহক ৰক্ষা কৰিবলৈ মানুহে দেহত আৱৰণৰ প্ৰয়োজন অনুভৱ কৰিছিল। কিন্তু আধুনিক যুগত সময় বাগৰাৰ লগে লগে সেই আৱৰণেই মানুহৰ জীৱনৰ মৌলিক সমস্যাবোৰৰ এটা প্ৰধান অংগ হিচাপে পৰিগণিত হৈছে।

অসমীয়া তিৰোতাৰ সাজ-পাৰৰ বিষয়ে পুৰণি সাহিত্য, লিপি সমূহ আৰু সেই সময়ৰ ভাষ্কর্য আদি উৎসৱৰ পৰা এটা থুলমূল আভাস পাব পাৰি। কালিকা পুৰাণত থকা বিৱৰণ মতে অসমীয়া সাজ-পাৰক বস্ত্ৰ বা আচ্ছাদন বুলি কোৱা হৈছিল। এই উৎস বিলাকৰ পৰা অনুমান হয় যে তিৰোতা বিলাকৰ সামাজিক অৱস্থাৰ লগতে জীয়ৰী বা বোৱাৰী অৱস্থাৰ বাবে সাজ-পাৰৰ ক্ষেত্ৰত ভিন্নতা আছিল। কাপোৰ বোৰৰ এটা ভাগ কঁকালৰ ওপৰত আৰু আনটো ভাগ তল ছোৱাত ব্যৱহাৰ কৰিছিল, মেখেলাৰ ব্যৱহাৰ তেতিয়াও আছিল। 

আহোম স্বৰ্গদেউ সকলৰ দিনত অসমত অভিজাত শ্ৰেণীৰ মহিলাই সাধাৰণ মানুহৰ সাজ-পাৰতেই কিছু বিভিন্নতা আনি সুন্দৰ ভাৱে পৰিধান কৰিছিল। তেনেকুৱা মহিলাই মেখেলাৰ ওপৰত ৰিহা পিন্ধিছিল। বক্ষস্থল আগুৰিবৰ বাবে চোলাতকৈ ৰিহাৰ ব্যৱহাৰ বেছি আছিল। ৰিহাখনে কঞ্চুলিকা বা স্তনাভৰণৰ লগতে পিঠিভাগো আবৃত কৰি ৰাখিছিল। তাৰ ওপৰত চাদৰ এখন মেৰিয়াই লৈছিল। কাপোৰ বিলাকত হাতেৰে নানাৰকমৰ কাৰুকাৰ্য্য কৰা হৈছিল। এই কাপোৰৰ গুণাগুণে তিৰোতা বিলাকৰ সমাজত স্থান বা সামাজিক মৰ্য্যাদাৰ ইংগিত বহন কৰিছিল। তদুপৰি সাজপাৰৰ বিশিষ্টতাই বিবাহিতা নে কুমাৰী, বিধবা নে সধৱা, সংসাৰী নে তপস্বী, উচ্চখাপৰ নে নিম্নখাপৰ আদি কথাৰ সম্ভেদ নিঃসন্দেহে দিব পাৰিছিল।

সাজ-পাৰ পিন্ধাৰ ক্ষেত্ৰত অঞ্চলভেদে বা সমাজভেদে বেলেগ বেলেগ পদ্ধতি বা ধৰণ হোৱা দেখা যায়। অসমীয়া সমাজতো সাজ-পাৰৰ পৰাই অসমীয়া তিৰোতাৰ সামাজিক পৰিচয় পাব পাৰি। অসমীয়া মহিলাৰ পোছাক হ’ল মেখেলা-চাদৰ (কিছুমান ৰিহা— মেখেলা বুলি উল্লেখ কৰে)। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই অসমীয়া তিৰোতাৰ চাদৰ—মেখেলাৰ বৰ্ণনা তেওঁৰ লিখাত সুন্দৰভাৱে দাঙি ধৰিছে। তেওঁ লিখিছিল— “অসমীয়া ৰিহা-মেখেলা পিন্ধনত লনি, গঠনত গঢ়িত, দেখাত শুৱনি, কাম-কাজত আহুকাল নিদিয়া, কাপোৰ ৰাজি কৰা, গাভৰুৰ গাত ৰজিতা খোৱা, বোৱাৰীক গাম্ভীৰ্য্য দিয়া, পৃথিৱীৰ প্ৰদৰ্শনীত বাছনিত উঠা তিৰোতাৰ সাজ। এই সাজটোৰ পাৰিপাৰ্শ্বিক পৰিকল্পনাৰ নৈপুণ্যৰ উপৰিও ইয়াৰ কাৰুকাৰ্য্য, বৈচিত্ৰ্যও মনোমোহা আৰু অসমীয়া ফুলতিৰ কাঁজি আঙুলিৰ গৌৰৱব চানেকি”।

তদুপৰি তেওঁ লিখিছে : “তাতোকৈ ডাঙৰ কথা যে এই ৰিহা— মেখেলা ধনী— নিচলা সকলোৱে বৈ— কাটিহে পিন্ধে। ৰিহা— মেখেলাই অসমীয়া তিৰোতাক বোৱনী— কাটনী, ফুলতী হিচাপে নিপুণা বুলি প্ৰমাণ কৰাৰ উপৰিও অসমীয়া তিৰোতা যে প্ৰথম শ্ৰেণীৰ শিপিনীও, তাকো জগতৰ আগত দাঙি ধৰে”।

১৯২৩ চনত লণ্ডনত সাজ— পোছাকৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। তাত পৃথিৱীৰ বহু দেশে যোগদান কৰে। এই প্ৰদৰ্শনীত অসমৰ মেখেলা-চাদৰে ভূয়সী প্ৰশংসা কৰে। দুখীয়া— নিচলা অসমীয়া শিপিনীৰ লাহি হাতৰ পৰশত প্ৰাণ পাই উঠা অভূত পূৰ্ব চানেকীৰ কাপোৰে সকলোৰে মন জয় কৰি লয়। সোনবৰণীয়া মুগাৰ সাজ আৰু ৰূপোৱালী পাটৰ ছাঁতে শুকুৱা মুঠিতে লকোৱা সাজ স্বকীয় গুণেৰে ভৰপূৰ। মুগাৰ সাজ আৰু গুণাৰ বনকৰা পাটৰ কাপোৰৰ বৰ্ণনা জ্যোতিপ্ৰসাদৰ লিখা এইদৰে বৰ্ণিত হৈছে:

সোণ—উজলা মুগাৰ কাপোৰ

গাভৰু ধুনীয়া কৰে

ৰূপত বালিত সোণৰ ধূলিয়ে

জিলমিল ৰুপ ধৰে।

অসমীয়া পাটৰ সাজৰ বৰ্ণনা ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ গীত দীপালী বৰঠাকুৰৰ কণ্ঠত ফুটি উঠিছে এনেদৰে :

সোণোৱালী বুটা বচা

অসমীয়া পাট,

জিকিমিকি কৰে চোৱা

সোনালী দেহাত।

তাহানিতে কৌটিল্য, বানভট্ৰ আদিয়ে বৰ্ণোৱা ‘ক্ষৌমবস্ত্ৰ’ অসমৰ পাট কাপোৰৰেই এটা স্বকীয় ৰূপ। অসমীয়া শিপিনীৰ নিপুনতা ফুটি উঠে মহাপুৰুষ শংকৰদেৱে তৈয়াৰ কৰোৱা বৃন্দাবনী বস্ত্ৰত। মহাপুৰুষ জনাই বৰপেটাৰ পুৰণি বাউসী সত্ৰৰ তাঁতীৰ হতুৱাই এই বৃন্দাৱনী বস্ত্ৰত সাত বৈকুণ্ঠৰ পট অংকিত কৰি চিহ্নযাত্ৰা ভাওনা কৰিছিল।

মোগল আক্ৰমণৰ পিছত অসমত প্ৰচলন হোৱা ‘সিংখাপ’ বা ‘কিংখাপ’  অসমীযাৰ অতি আদৰৰ সম্পদ। অসমীয়া কাপোৰ চানেকীত জ্যামিতিক অঙ্কনেৰে কেছবছা, ফুলবছা, নানা ৰঙৰ আঁচুৰ আৰু গুণাৰ কামকৰা আদি কৰ্মত শিপিনীৰ দক্ষতা ভালদৰে প্ৰকাশ পায়।

সাম্প্ৰদায়িক কালত অসমীয়া মহিলাৰ মাজত শাৰী আৰু চুৰিদাৰৰ প্ৰচলন বাৰুকৈয়ে পৰিলক্ষিত হয়। প্ৰাচীন অসমীয়া নাৰী সকলেও শাৰী ব্যৱহাৰ কৰিছিল। আমাৰ প্ৰাক্-বৈষ্ণৱ যুগৰ সাহিত্যৰ বহু ঠাইত নাৰীৰ সাজ-পাৰৰ প্ৰসংগত নাৰীৰ উল্লেখ আছে। এতিয়া এই শাৰী ভাৰতৰ ৰাষ্ট্ৰীয় পোছাক হিচাপে গ্ৰহণ কৰা হৈছে।গতিকে শাৰীৰ বহুল ব্যৱহাৰ হোৱাটো স্বাভাৱিক। তদুপৰি কম দামতে দেখাত ধুনীয়া শাৰী সহজলভ্য হোৱাত ই মহিলা সকলক সততে আকৰ্ষণ কৰে।

অসমীয়া জাতি আৰু অসমীয়া সংস্কৃতি গঠনৰ ক্ষেত্ৰত বিভিন্ন সময়ত অহা বিভিন্ন জনগোষ্ঠীৰ মিলনৰ ফলশ্ৰুতি বুলি ক’ব পাৰি। সেয়েহে জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ দৰে অসমীয়া নাৰীৰ সাজ–পাৰতো এই জনগোষ্ঠী সকলৰ প্ৰভাৱ একেবাৰে নুই কৰিব নোৱাৰি। অসমীয়া নাৰীৰ সাজটোত মেখেলা, চাদৰ, ৰিহা আদি একাধিক কাপোৰৰ সমন্বয়ত গঢ়ি উঠে।

যুগৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ ৰুচিবোধৰো পৰিৱৰ্তন হৈছে। এই পৰিবৰ্তনে সাজ-পোছাকৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। এই ক্ষেত্ৰত নাৰী সকলতকৈ পুৰুষ সকল বেছি প্ৰভাৱান্বিত হোৱা যেন অনুভৱ হয়। কাৰণ কম-বেছি পৰিমাণে নাৰী সকলে নিজৰ সংস্কৃতিক ধৰি ৰাখি সাজ-পাৰ কৰা দেখা যায়। কিন্তু ভাৰতীয় প্ৰায় সমগ্ৰ পুৰুষেই পাশ্চাত্য সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ বিদেশী সাজ– পিন্ধিবলৈ লোৱা দেখা যায়। সেই অনুপাতে প্ৰাচীন নাৰীৰ সাজ হিচাপে ব্যবহাৰ হোৱা শাৰীখনৰ বহুল পৰিবৰ্তন হোৱা নাই।

বৰ্তমান সময়ত মহিলাৰ আন এবিধ সৰ্বজনপ্ৰিয় পোছাক হ’ল চুৰিদাৰ। ব্যক্তিগত সুবিধাৰ বাবে ব্যস্ত চহৰ বিলাকত চুৰিদাৰৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।  আগৰ দিনত বেছি ভাগ মহিলাৰ ঘৰ-সংসাৰক লৈ একোটা সীমাৰ ভিতৰতে আবদ্ধ হৈ আছিল। তেওঁলোকে প্ৰয়োজন সাপেক্ষে কেতিয়াবাহে বাহিৰ ওলাইছিল। কিন্তু বৰ্তমান যুগৰ মহিলাৰ জীৱন প্ৰণালীত বহুত পৰিবৰ্তন আহিছে। এই পৰিবৰ্তন মানি ল’ব লগীয়াই। কাৰণ উন্নতি পথত আগুৱাবলৈ হ’লে সময়ৰ পৰিৱৰ্তনৰ লগে লগে জীৱন প্ৰণালীতো পৰিৱৰ্তন অহা প্ৰয়োজন। অৱশ্যে নিজস্বতাক বাদ দি ইয়াক মানি লোৱাটোৱে শ্ৰেয় বুলি ক’ব নোৱাৰি।

নাৰীয়ে সমাজত পুৰুষৰ লগত সমানে খোজ মিলাই বাহিৰৰ জগতত প্ৰৱেশ কৰিছে। সেয়েহে কম সময়তে পৰিধান কৰিব পৰা অথচ মাৰ্জিত ৰুচিৰ পোছাক এযোৰৰ প্ৰয়োজন বোধ কৰে। সেই ফালৰ পৰা চুৰিদাৰ এনে এক সুবিধাজনক পোছাক হিচাপে পৰিগণিত হৈছে। বজাৰ, অফিচ, ভ্ৰমণ আদিৰ নিচিনা কিছুমান কাৰ্যত চলা-ফুৰা কৰিবলৈ মেখেলা-চাদৰতকৈ চুৰিদাৰক বেছি উপযুক্ত বুলি এটা চামে গণ্য কৰে।

তথাপি মেখেলা-চাদৰৰ দৰে আটক ধুনীয়া পোছাক এসাজ থাকোঁতে অসমীয়া মহিলাই আন পোছাক সৰ্বত্ৰ বা সৰ্বকালতে পৰিধান কৰাটো বাঞ্চনীয় নহয়। কিয়নো নিজৰ জাতীয় পোছাকে নিজৰ পৰিবেশ অধিক আকৰ্ষণীয় কৰি তোলাত সহায় কৰে। বিয়া বা তেনে ধৰণৰ উৎসৱত, নামঘৰত, পূজাথলী বা সভা–সমিতিত আৰু বৰগীত বা নাম আদি পৰিৱেশন কৰাৰ সময়ত অসমীয়া নাৰীয়ে মেখেলা-চাদৰ পিন্ধি ওলালে অনুষ্ঠানটিৰ সৌষ্ঠব বহু খিনি বঢ়া যেন অনুমান হয়। গতিকে ক’ত কেনে ধৰণৰ পোছাক ব্যৱহাৰ কৰিলে ব্যক্তিগত সুবিধাৰ লগতে পৰিবেশৰ লগতো খাপ খাই পৰে তাক বিচাৰ কৰিব জানিলেও যিকোনো সাজ পৰিধানযোগ্য হৈ উঠে। সাজ-পাৰৰ দ্বাৰা নিজৰ ব্যক্তিত্বও প্ৰকাশ হয়। তদুপৰি জাতীয় সংস্কৃতি ৰক্ষা কৰাটোও প্রতি গৰাকী মহিলাৰ দায়িত্ব আৰু কৰ্তব্য।

পাট–মুগাৰ কাপোৰৰ মূল্য অতি বেছি। এইবোৰ কাপোৰ সকলো সময়তে ব্যৱহাৰ কৰাটো সম্ভৱ নহয়। কিন্তু মেখেলা-চাদৰ বুলিলে কেৱল পাট-মুগাৰ কাপোৰকে নুবুজায়। কপাহী বা বিভিন্ন ধৰণৰ সংশোষিত সূতাৰ কাপোৰৰ দ্বাৰা কম খৰচ আৰু আয়াসতে ধুনীয়া মেখেলা-চাদৰ প্ৰস্তুত কৰি উলিয়াব পাৰি। প্ৰয়োজন মাথোঁ আগ্ৰহৰ।

সৃষ্টিৰ মাদকতাৰে অসমীয়া শিপিনীয়ে হেনো তাঁতৰ পাতত সৰগ ৰচনা কৰে। উৰি যোৱা চৰাইৰ মনোমোহা দৃশ্য ফুল-কাঠিৰে কাপোৰত ধৰি ৰাখিব পাৰে। এনেহেন সুন্দৰ পোছাক এটাক আমিনো অৱহেলা কৰোঁ কিয় ? কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাৰে ক’ব পাৰি— “এটোপ এটোপ কৰি য ডাৱৰৰ পানী পৰি য ভৰি হ’ল বহল সাগৰ য কণ কণ বালিচাহি য ইটো সিটো লগলাগি য সাজি দিলে ধৰণী ডাঙৰ”।- সেইদৰে আমি প্ৰত্যক গৰাকী অসমীয়া নাৰীয়ে সুযোগ মতে চাদৰ-মেখেলা পৰিধান কৰি আমি আমাৰ সংস্কৃতিৰ সাগৰ খন ভৰাই তুলিব পাৰোঁ।  আমাৰ কুটীৰ শিল্পৰ লেখিয়া ক্ষুদ্ৰ শিল্প উদ্যোগ বিলাক জীয়াই ৰখাৰো ই এটা মহৎ উপায়।

প্ৰাচীন সম্ভ্ৰান্ত ঘৰৰ মহিলাই চাদৰৰ লগত পিন্ধা ৰিহাখন বৰ্তমান সময়ত সাধাৰণতে কইনাই বিয়াৰ দিনাহে পিন্ধা দেখা যায়। অসমীয়া মহিলাই কোচবছা ৰিহা, গাজৰৰ ৰিহা, কিংখাপৰ মেখেলা, কাৰ্চিপী কৰা কাপোৰ, বেনাৰসী সাজ, গোমচেং মেখেলা আদি বিভিন্ন ধুনীয়া ধুনীয়া সাজ পৰিধান কৰিছিল। অসমীয়া নাৰীৰ খনিয়াখন দূতৰপীয়াকৈ ব্যৱহাৰ কৰিলেও অতি মিহি আৰু স্বচ্ছ আছিল।

পুৰণি ৰীতি অনুযায়ী পিন্ধা সাজ বিলাক সন্মুখত ৰাখি তাৰ আৰ্হিত নতুন নতুন আধুনিক ৰুচি সন্মত মেখেলা-চাদৰ তৈয়াৰ কৰি অসমীয়া মহিলাই নিজৰ মৌলিক প্ৰতিভা প্ৰকাশ কৰিব পাৰে। সেয়ে ইয়াক অৱহেলা কৰিব নালাগে। অকল উঠিব বা সামাজিক কামতহে পিন্ধিম বুলি থৈ নিদি এই সাজটো সদাসর্বদা ব্যৱহাৰ কৰি থাকিবলৈ ইয়াৰ গুৰুত্ব বা মান বাঢ়িব। আধুনিকতাৰ অনুসন্ধানত ইমান সুন্দৰ সাজ এটা উটুৱাই দিয়াৰ পৰিবৰ্তে সেই সাজেৰে নিজক সজাই ৰাখিব পাৰিলে নিজৰ লগতে অসমীয়া জাতিও গৌৰৱ অনুভৱ কৰিব বুলিয়েই ধাৰণা হয়।

আত্মনির্ভৰশীল অসমীয়া মহিলাই নিজৰ কৰ্মকুশলতা আৰু শিল্প পটুতাৰে বাহিৰৰ সাজ-পাৰৰ লগত নিজৰ সাজ-পাৰৰ প্ৰতিযোগিতাত নামিব পাৰে। বস্ত্ৰ-উদ্যোগৰ আনুসাঙ্গিক বৃত্তি ‘ড্ৰেছ ডিজাইনিং’  আৰু  ‘মডেলিং’অৰ  শিক্ষা গ্ৰহণ কৰি নিজৰ জাতীয় সাজৰ উন্নতি সাধন কৰিব পাৰে। বৰ্তমান বহু কেইগৰাকী অসমীয়া ‘ড্ৰেছ ডিজানাৰে’ অসমীয়া চাদৰ—মেখেলাত ফেশ্বনৰ পৰশ বোলাই এই সাজযোৰ জনপ্ৰিয় কৰি তুলিবলৈ চেষ্টা কৰিছে। প্ৰচলিত নীতি-নিয়মক সম্পূৰ্ণ ৰূপে উলাই কৰাটো উচিত নহয়; কিন্তু সময়ৰ গতিশীলতাৰ লগত খোজ মিলাই সৌন্দৰ্য্য সাধনৰ ক্ষেত্ৰত কিছু গ্রহণযোগ্য পৰিবৰ্তন আনিব পৰাটোও এক শুভ লক্ষণেই। প্ৰতিচ্যৰ প্ৰভাৱ আৰু আধুনিক ৰুচিবোধৰ প্ৰভাৱত অসমীয়া তিৰোতাৰ সাজত পৰিবৰ্তন আহিলেও আমি সাধ্যানুযায়ী নতুন প্ৰজন্মক বাট দেখুৱাব লাগিব, যাতে অসমীয়া জাতীয় সাজ-পাৰ বিস্মৃতিৰ গৰ্ভত লীন হৈ নাযায়।

প্ৰকৃততে সুন্দৰ সাজ-পোছাকে মানুহৰ বিশেষকৈ নাৰী সকলৰ মনত যি আনন্দৰ ভাব আনি দিব পাৰে, সেই আনন্দ সকলো ক্ষেত্ৰতে পোৱাটো দুৰ্লভ। সেয়েহে আধুনিকতাৰ লগতে পৰিস্থিতিৰ লগত খাপ খোৱা ৰহণ সানি ধুনীয়া ধুনীয়া চাদৰ-মেখেলা উলিয়াব পাৰিলে আদৰণীয় হৈ পৰিব বুলি একে আষাৰে ক’ব পাৰি।

সুদূৰ সাতসাগৰ তেৰ নদীৰ সিপাৰৰ ব্ৰিটিছ প্ৰদৰ্শনীত তাহানিতে পৃথিৱীৰ ধুনীয়া সাজ-পাৰ বুলি খ্যাত মেখেলা-চাদৰক লৈ কেৱল সান্তনা লভিলেই নহ’ব ব গৌৰৱ কৰিলেই নহ’ব, ইয়াক বিশ্বৰ প্ৰতিখন দেশৰে তিৰোতাৰ সাজৰ ভিতৰত ধুনীয়া সাজ হিচাপে প্ৰদৰ্শন কৰি পৃথিৱীৰ সভ্যতা-সংস্কৃতিত স্থান লাভ কৰিবলৈ চেষ্টা কৰিব লাগিব।

৩। অসমৰ জনগোষ্ঠীসমূহৰ পৰম্পৰাগত সাজ-পাৰ সম্পৰ্কে লিখা?

উত্তৰঃ (ক) সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত সাজ-পাৰ : সোণোৱাল কছাৰী সমাজত মহিলাসকলে বুকুৰ পৰা ভৰিৰ গোৰোহাত পৰাকৈ দীঘল মেখেলা পৰিধান কৰে। সেই মেখেলাৰে তেওঁলোকে বুকুত মেথনি মাৰে। কঁকালত তেওঁলোকে এবিধ পৰম্পৰাগত কপাহী বস্ত্ৰ ‘এখেতীয়া (একাঠীয়া) মেৰাই লয়। গাত তেওঁলোকে ৰিহা পিন্ধে। বৰ্তমান সময়ত তেওঁলোকৰ সমাজত বিভিন্ন ধৰণৰ চোলাৰো ব্যৱহাৰ হোৱা দেখা যায়। সোণোৱাল কছাৰী সমাজত পুৰুষে কঁকালত চুৰিয়া, গাত চোলা পৰিধান কৰে। তেওঁলোকৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত গাতুং চোলাৰ ব্যৱহাৰ বৰ্তমান অত্যন্ত সীমিত। সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত গামোচাখনৰ ৰং বয়নশৈলী অসমত প্ৰচলিত সৰ্বসাধাৰণ গামোচাতকৈ কিছু পৃথক।

(খ) মৰাণ সমাজত প্ৰচলিত পৰম্পৰাগত সাজ-পাৰ : মৰাণ সমাজত মহিলাসকলে ঘৰতে নিজৰ লাগতিয়াল সাজ-পাৰসমূহ প্ৰস্তুত কৰে। নেওনীৰে কপাহ নেওঠি টাকুৰিৰে সূতালাহী কাটি তাত বৈ তেওঁলোকে অতীজতে কাপোৰ প্ৰস্তুত কৰিছিল। বৰ্তমান আধুনিকতাৰ পৰশে তেওঁলোকৰ সংস্কৃতিৰ সেই দিশটো কিছু পৰিমাণে স্থবিৰ কৰি তুলিলেও একেবাৰে নিঃশেষ কৰিব পৰা নাই।

ৰঙা, হালধীয়া আদি উজ্জ্বল ৰঙেৰে বুটা বছা কলীয়া ৰিহাখনক মৰাণ মহিলাৰ জাতীয় সাজ-পাৰ ৰূপে স্বীকৃতি দিয়া হয়। মৰাণ সমাজত মহিলাসকলে বুকুৰ পৰা ভৰিৰ গোৰোহাত পৰা দীঘল মেখেলা পৰিধান কৰে। কঁকালত মেৰাই কাপোৰখনক তেওঁলোকে  ‘কঁকালমৰা’ বোলে। তেওঁলোকে গাত চাটি মাৰি লোৱা বগা চাদৰখনক ‘পাৰকানি’ বোলে। বিবাহিতা মহিলাসকলে এই পাৰকানিৰে মূৰত ওৰণি লয়। গাভৰুসকলে মহিলাসকলৰ দৰে সাজ-পাৰ পৰিধান কৰিলেও পাৰকানিৰে ওৰণি নলয়। ব’হাগ মাহত গাভৰুসকলে ৰাতি কৰোতে মুগাৰ মেখেলা, ককালমৰা আৰু ক’লীয়া ৰিহা বিশেকভাৱে ব্যৱহাৰ কৰে।

মৰাণ সমাজত পুৰুষসকলে গাত চোলা, কঁকালত চুৰিয়া মূৰত পাগুৰি মাৰে। মৰাণ পুৰুষসকলে অতীজৰে ব্যৱহাৰ কৰা দীঘল হাতৰ পৰম্পৰাগত চোলাক ‘ছয়গুন চোলা’ বুলিছিল। এই চোলাটো কপাহী অথবা মুগা সূতাৰে বৈ উলিওৱা হৈছিল। ইয়াৰ উপৰি তেওঁলোকৰ সমাজত বুকুখোলা, এঙাচোলা আদিৰো ব্যৱহাৰ আছিল। বৰ্তমান এওঁলোকে বজাৰত ক্ৰয় কৰা ছাৰ্ট আৰু পাঞ্জাৱী আৰ্হিৰ চোলা ব্যৱহাৰ কৰে। মৰাণসকলে ব্যৱহাৰ কৰা পৰম্পৰাগত গামোচাখনত পাৰি নাথাকে। ফুলবোৰ ৰঙা আঁচুৰ সলনি সোণালী মুগা সূতাৰে তৈয়াৰ কৰা হয়। মৰাণ সমাজত গায়ন গাওঁতে পুৰুষসকলে দীঘল হাতৰ বগা চোলা পিন্ধে। কঁকালত চুৰিয়াৰ ওপৰত এটা বগা ঘূৰি পৰিধান কৰে।তেওঁলোকে মূৰত মৰা ষোল্লহতীয়া পাগুৰিটোক মৈন্যপাগ বোলে। গাত তেওঁলোকে এখন ছকঠীয়া চেলেং গাঠি মাৰি লয়।

(গ) মিচিংসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত সাজ-পাৰ :  মিচিং মহিলাসকলে কঁকালত এগে (মেখেলা) পিন্ধি বুকুত মেথনি মাৰে। গাত তেওঁলোকে গালুগ (চোলা) পৰিধান কৰে। মেখেলাৰ ওপৰত তেওঁলোকে এখন বাছকবনীয়া চাদৰ মেৰাই লয়। মূৰত মৰা গামোচাখনক তেওঁলোকে ‘যাপ’ বোলে। তেওঁলোকৰ মাজত য়েচ্চাং (ৰিহা), চগৰেক্ গাচৰ (চাদৰ) আদি বস্ত্ৰৰো প্ৰচলন মন কৰিবলগীয়া। গাভৰুসকলে কঁকালত পৰিধান কৰা চুটি মেখেলাখনক চ’জুকচৰে এগে (গাৰি দিয়া মেখেলা) বোলে। মিচিং পুৰুষসকলে কঁকালত ঘৰতে প্ৰস্তুত কৰি লোৱা পৰম্পৰাগত বস্ত্ৰ গনৰ উগন পৰিধান কৰে। সুঠাম মিচিং ডেকাসকলে গাত পৰম্পৰাগত গালুক যেনে-তবগ্ গালুক, গাদু গালুক, মিবু গালুক ইত্যাদি পৰিধান কৰে। তেওঁলোকে মূৰত দুমীৰ মাৰে। পৰম্পৰাগত উৎসৱ আদিত মিচিং পুৰুষসকলে গাত মিবু গালুগ আৰু মহিলাসকলে ৰিবি-গাচেং পৰিধান কৰাটো বাধ্যতামূলক। মিচিং গাভৰুৱে নৃত্য পৰিৱেশন কৰাৰ সময়ত ৰঙীন উন সূতাৰে তৈয়াৰী ফুল দুমপন আৰু লাকপূন ব্যৱহাৰ কৰে।

(ঘ) টাই ফাকেসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত সাজ-পাৰ : তেওঁলোকে আজিও নিজৰ ভাষা, কৃষ্টি-সংস্কৃতিক জীয়াই ৰাখিবলৈ সক্ষম হৈছে। টাই ফাকে মহিলাসকলে পথালিকৈ আঁচ টনা ৰঙীন মেখেলা পৰিধান কৰে। এই মেখেলাক তেওঁলোকে ‘চিন’ বোলে এই ‘চিন’খনত কোনোধৰণৰ ফুলৰ আৰ্হি নাথাকে, কিন্তু বিভিন্ন ৰঙৰ সূতাৰ সামঞ্জস্যপূৰ্ণ আৰু সু-সংহত প্ৰয়োগে এই চিনখন যথেষ্ট আকৰ্ষণীয় কৰি তোলে। চিনখনৰ বয়নশৈলীও মন কৰিবলগীয়া। এই চিনখন প্ৰস্তুত কৰোতে ফাকে মহিলাসকলে ক’লা সূতাৰে দীঘ দিয়ে। 

প্ৰথমে চিনখনৰ একেবাৰে তলত অৰ্থাৎ পানীগাঁঠিত পৰা অংশটো অৰ্থাৎ ‘টিন চিন’ দুই চে:মি: বহল জোখেৰে বোৱা হয়। এই টিন চিনৰ পাচৰ অংশটো প্ৰথমে সেউজীয়া গুলপীয়া, হালধীয়া, বেঙুনীয়া, সেউজীয়া, ক’লা, বগা আৰু গুলপীয়াৰে শেষ কৰে। বিবাহিতা মহিলাই কঁকালত নাংৱাত (ৰিহা) মেৰাই লয়। মহিলাসকলে চ্যু (চোলা) পিন্ধি গাত এখন চাদৰ লয়। কঁকালত মৰা ৰঙীন পেটীডালক তেওঁলোকে ‘চাইচিন’ন্ধোলে। গাভৰুসকলে কঁকালত চ্যু আৰু গাত চিন পিন্ধে। গাত তেওঁলোকে ফাফৈক অৰ্থাৎ বগা চাদৰ এখন ছাটি মাৰি লয়। তেওঁলোকে বিবাহিতা মহিলাৰ দৰে নাংৱাত নিপিন্ধে।

টাই ফাকে সমাজত পুৰুষসকলে গাত চ্যু (চোলা) পিন্ধে। তেওঁলোকে কঁকালত ফানূং (লুঙী) পৰিধান কৰে। মহিহলহকলৰ চিনৰ দৰে ফাক সমাজত পুৰুষসকলে পৰিধান কৰা ফানূংখনৰ বয়নশৈলীও যথেষ্ট গুৰুত্বপূৰ্ণ। সাধাৰণতে এই ফানূংখন বেঙুনীয়া, সেউজীয়া হালধীয়া, বগা, ক’লা আৰু গুলপীয়া ৰঙৰ সূতাৰ সমাহাৰত প্ৰস্তুত কৰা হয়। ৰঙীন সূতাৰে গাৰি দি বোৱা এই ফানুখনৰ প্ৰধান বৈশিষ্ট্য হ’ল প্ৰতিটো গাৰি ঘৰ সৃষ্টি কৰা সূতাৰ আঁচ দুডালৰ সংযোগস্থলত একোটা সৰু সৰু বুটাৰ সৃষ্টি হয়। এই বুটাবোৰক তেওঁলোকে  ‘লুং’গ্ধ লে। পুৰুষসকলে গাত মেৰাই লোৱা বগা চাদৰখনক  ‘ফাফৈক’ বোলে। তেওঁলোকে ডিঙিত ৰঙীন গামোচা (প-কং-খ) মেৰাই লয়। ফাকে সমাজত বয়সস্থসকলে মূৰত পাগুৰি (ফাহু) মাৰে। তেওঁলোকে কান্ধত এখন ৰঙীন মোনা (থুং) আৰি লয়।

টাই ফাকে সমাজত বয়স অনুসৰি পৰিধান কৰা সাজ-পাৰৰ ৰঙৰ কিছু তাৰতম্য ঘটা দেখা যায়। সমাজত ডেকা-গাভৰু আৰু নতুন বোৱাৰীসকলে উজ্জ্বল ৰঙৰ চকুত লগা সাজ-পাৰ পৰিধান কৰে। বয়সস্থসকলে ডাঠ সেউজীয়া, নীলা, ক’লা, বেঙুনীয়া আদি ৰঙৰ সূতাৰে বোৱা সাজ-পাৰহে পৰিধান কৰে। যিমানে তেওঁলোকৰ বয়স বাঢ়ি যায়, সিমানে সাজ-পাৰৰ ৰং অধিক গাঢ় হয়।

(ঙ) টাই খামযাংসকলৰ পৰম্পৰাগত সাজ-পাৰ : বয়নশিল্পৰ ক্ষেত্ৰত টাই খামযাংসকল যথেষ্ট চহকী। তেওঁলোকে পৰম্পৰাগতভাৱে ঘৰতে সূতা কাটি, ৰং বোলাই তাঁতশালত বৈ-কাটি কাপোৰ প্ৰস্তুত কৰে। অতীজৰে তেওঁলোকৰ মাজত কঁকালত বান্ধি লৈ বোৱা ‘কি-হুক’ অৰ্থাৎ তাঁতশালৰ প্ৰচলন আছিল। সাম্প্ৰতিক সময়ত তেওঁলোকে অসমত সৰ্বসাধাৰণতে প্ৰচলিত মাটিশালতে কাপোৰ বোৱা দেখা যায়। তেওঁলোকৰ মাজত পুৰুষ আৰু মহিলাভেদে বেলেগ বেলেগ সাজ-পাৰৰ প্ৰচলন থকা দেখা যায়। এই পৰম্পৰাগত সাজ-পাৰসমূহৰ সৌন্দৰ্য্য অতুলনীয়।

খামযাংসকলৰ সমাজত পুৰুষসকলে কঁকালত ফানু‌ং (লুঙী) পৰিধান কৰে। ‘ফা’ শব্দৰ অৰ্থ কাপোৰ আৰু নুং (লৌং) শব্দৰ অৰ্থ হৈছে ডাঙৰ। অৰ্থা দেহত পৰিধান কৰা সকলোতকৈ ডাঙৰ কাপোৰখনেই হ’ল ফালুং বা ফানুং। এই ফানুংখন সাধাৰণতে সেউজীয়া, বগা, ক’লা, সেউজীয়া, বগা, ক’লা, হালধীয়া আৰু বেঙুনীয়া আদি সূতাৰ একত্ৰিত প্ৰয়োগৰ দ্বাৰা বৈ উলিওৱা হয়। এই ফানুংখনত অসংখ্য গাৰি দিয়া থাকে। গাৰি দিয়া অংশটোৰ প্ৰক্ৰিয়া ঘৰৰ চুকতে যোগ চিন আকাৰৰ একোটা বুটা বছা হয়। এই বুটাটো সাধাৰণতে বগা অথবা হালধীয়া সূতাৰে তৈয়াৰ কৰা হয়। গাত তেওঁলোকে চোলা (চ্যু) পৰিধান কৰে। তেওঁলোকে গাত এখন বগা চাদৰ মেৰাই লয়। এই চাদৰখন পাট অথবা বগা কপাহী সূতাৰে তৈয়াৰ কৰা হয়। চাদৰ খনৰ দুই মূৰে তেওঁলোকে সোণালী মুগা সূতাৰে বিভিন্ন শৈলীৰ ফুল তোলে। 

তেওঁলোকে ডিঙিত ৰং-বিৰঙৰ এখন গামোচা লয়। এই গামোচাক তেওঁলোকে ফা-কং-খ বোলে। বগা, চকলেটবুলীয়া, হালধীয়া আৰু সেউজী অথবা নীলা ৰঙৰ সূতাৰে সাধাৰণতে এই গামোচাখন বৈ উলিওৱা হয়। তেওঁলোকে কান্ধত এটা সুন্দৰ  ‘থুং’ (মোনা) আদি লয়। এই মোনাটোত বিভিন্ন শৈলীৰ ফুল, চৰাই, গছ, জীৱ-জন্তু আদিৰ চনেকিৰে ফুল তোলা হয়। এই পৰম্পৰাগত মোনাটো প্ৰস্তুত কৰোতে সাধাৰণতে ৰঙা, হালধীয়া, সেউজীয়া, ক’লা আদি উজ্জ্বল ৰঙৰ সূতাৰ ব্যৱহাৰ হয়। বয়সস্থসকলে মূৰত মৰা পাগুৰিক তেওঁলোকে ‘ফা’ হ’ বোলে। ই পুৰুষসকলৰ মৰ্য্যাদাৰ পৰিচায়ক।

টাই খামযাং সমাজত মহিলাসকলে পৰম্পৰাগত মেখেলা ‘চিন’ পিন্ধে। ডাঠ ক’লা ৰঙৰ প্ৰয়োগ এই চিনখনৰ প্ৰধান বৈশিষ্ট্য। চিনখনৰ তলৰ অংশ তেওঁলোকে বগা, হালধীয়া আদি নানা ৰঙেৰে বাছকবনীয়া ভমকাফুলীয়াকৈ ফুল তোলে। এই চিনখনৰ প্ৰস্তুত প্ৰণালী যথেষ্ট কঠিন। খামযাংসকলে ৰম নামৰ এবিধ গছৰ পাত সংগ্ৰহ কৰি আনি এটা পাত্ৰত পানী দি সেই পাতবোৰ গেলিবলৈ দিয়ে। এই সপ্তাহমানৰ পাছত সেই পাতবোৰ গেলি এবিধ ক’লা ৰং ওলায়। তেতিয়া গেলিবলৈ ধৰা পাতবোৰৰ পৰা সেই ক’লা ৰঙৰ পানীখিনি পৃথক কৰা হয়। সেই পানীখিনি সামান্য পৰিমাণে চূণ আৰু মিঠাতেল মিহলাই হাতেৰে ফেটি দিয়া হয়। 

ফেন ওলোৱাৰ পাছত সেই ক’লা পানীখিনিত এক নিৰ্দিষ্ট পৰিমাণে চাউলৰ পৰা তৈয়াৰী লুকলাও (সাজ) মিহলোৱা হয়। ইয়াৰ পাছত চিন তৈয়াৰ কৰিবৰ বাবে প্ৰস্তুত কৰি থোৱা সূতাবোৰ সেই ৰঙত ডুবাই কিছু সময় ৰখাৰ পাছত ৰ’দত শুকুওৱা হয়। এনেদৰে কেইবাবাৰো কৰাৰ পাছত সূতাবোৰ ডাঠ ক’লা ৰঙৰ হৈ উঠে। সেই সূতাৰে কাপোৰ প্ৰস্তুত কৰাৰ পাছত শামুখথন নামৰ এবিধ বনৰীয়া গছৰ আলু অংশ কাপোৰখনত ঘহাই দিয়া হয়। ইয়াক তেওঁলোকে মোখনি মৰা বোলে। এনে কৰিলে কাপোৰৰ ৰং উজ্জ্বল ক’লা ৰঙৰ হয়। এনেদৰে মোখনি মৰা কাপোৰৰ ৰং নাইকিয়া হৈ নাযায়। যিমানে ধোৱা যায়, সিমানে ইয়াৰ ৰং অধিক উজ্জ্বল হয়। বৰ্তমান শামুখথন গছৰ অভাৱত ‘মাইফাক’ (নগা ওদাল) গছৰ ছালেৰে তেওঁলোকে মেখেলাত মোখনি মাৰে। গাত তেওঁলোকে পৰম্পৰাগত ক’লা চোলা (চ্যু) পিন্ধে। খামযাং সমাজত বিবাহিতা মহিলাসকলে কঁকালত এখন ৰিহা (লংৱাত) মেৰাই লয়। এই ৰিহাখন ডাঠ সেউজীয়া, বগা  অথবা মুগা সূতাৰে তৈয়াৰ কৰা হয়। ৰিহাৰ পাৰিত সাধাৰণতে ৰঙা আৰু হালধীয়া সূতা ব্যৱহাৰ কৰা হয় । বিভিন্ন ধৰণৰ ফুলৰ চানেকীয়ে ৰিহাখনৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। কঁকালত মৰা ৰঙীন পেটীডাক তেওঁলোকে চাইকাপ বোলে। তেওঁলোকৰ মাজত গাৰি দিয়া ৰিহাৰ ব্যৱহাৰো দেখা যায়। খামযাং মহিলাসকলে কান্ধত এখন ফুলাম মোনা (থূং)  আৰি লয়। খামযাং সমাজত কুমাৰী ছোৱালীয়ে পৰম্পৰাগত ক’লা মেখেলা চিন আৰু চোলা পিন্ধে। গাত বগা চাদৰ ফাফ’ক লয়। তেওঁলোকে ৰিহা নিপিন্ধে।

৪। অসমীয়া লোক সংস্কৃতিত সাজ-পাৰ— এই সন্দৰ্ভত এটি আভাস দিয়া?

উত্তৰঃ সভ্যতা-সংস্কৃতিৰ অন্যতম পথ নিৰ্দেশক সাজ-পাৰ আৰু অলংকাৰ-পাতি। জাতিৰ সাজ-পাৰ আৰু তাৰ উপকৰণত ওপৰত ভৌগোলিক প্ৰভাৱ আৰু ব্যৱহাৰিক প্ৰয়োজন অস্বীকাৰ কৰিব নোৱাৰি। তথাপি, সাজ-পোছাকৰপৰা বৰ্ণ, শ্ৰেণী, বিবাহিত, অবিবাহিত, বয়স, লিংগ— এই প্ৰভেদসমূহৰো সংকেত পায়। পুৰোহিত-ব্ৰাক্ষ্মণ, মহন্ত-সত্ৰাধিকাৰ, বৈৰাগী, সন্ন্যাসীৰ লগত সাধাৰণৰ সাজ-পাৰৰ আজিও পাৰ্থক্য আছে। বিধৱা-সধৱাৰ অথবা বিবাহিতা তিৰোতা আৰু পাটগাভৰু ছোৱালীৰ সাজ-পাৰে যিদৰে শ্ৰেণী-বিভাজন সূচায়, সেইদৰে ব্যক্তিত্বৰ ওপৰতো সাজ-পাৰে বিশিষ্ট মৰ্যাদা দিয়ে। এই সাজ-পাৰতেই জাতিৰ শ্লীলতা, আৰ্থিক অৱস্থা, সৌন্দৰ্যপ্ৰিয়তা, শিল্পীমন, সুকুমাৰ প্ৰতিভাৰ প্ৰকাশ। ধাৰ্মিক আৰু সামাজিক জীৱনৰ লগতো বস্ত্ৰ অলংকাৰৰ বিশেষ সম্বন্ধ। পূজা-পাৰ্বনত কেৱল পূজাৰীয়ে নহয়, সেৱকেও পাট, নৱ-বস্ত্ৰ অথবা ধৌত-বস্ত্ৰ পৰিধান কৰিব লাগে। মন্ত্ৰ সাধনত আৰু কোনো কোনো পূজা-অৰ্চনাত ৰঙা কাপোৰ পিন্ধাৰ নিয়ম। দুৰ্গা পূজাত নতুন কাপোৰ পিন্ধাৰ নিৰ্দেশ কালিকা পুৰাণে দিছে। বিবাহক, ঘাইকৈ প্ৰতিদিনৰ নোৱনিৰ পিছত, দৰা-কন্যা উভয়ে নতুন বস্ত্ৰ পিন্ধিব লাগে। পুৰণি বস্ত্ৰ আঁতৰাই নতুন বস্ত্ৰৰে মৃতকৰ দেহ ঢকাৰ বিধি শাস্ত্ৰীয়। গুৰু -গোঁসাই অথবা নামঘৰত সেৱা  জনালে কান্ধত চাদৰ বা গামোচা গলবস্ত্ৰৰূপে ল’ব লাগে। বস্ত্ৰদান পুণ্যকাৰ্য। 

দুৰ্গা পূজাত, ব’হাগ বিহুত ন-কাপোৰ ব্যৱহাৰ কৰাৰ বাহিৰেও পৰিয়ালবৰ্গ আৰু আত্মীয়-কুটুম্বৰ মাজত বস্ত্ৰৰ আদান-প্ৰদান চলে। পূৰ্বে ৰজা-ঘৰলৈ পঠোৱা সন্দেহ -বাৰ্তাৰ লগত বস্ত্ৰ-অলংকাৰো উপঢৌকনস্বৰূপে পঠোৱা হৈছিল। ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ পঠোৱা উপঢৌকনৰ ভিতৰত মহামূল্য অলংকাৰ আৰু চিত্ৰ-বিচিত্ৰ পাট-কাপোৰৰ উল্লেখ আছে। আহোম স্বৰ্গদেউসকলে মোগললৈ পঠোৱা উপহাৰৰ ভিতৰত নানা ধৰণৰ বস্ত্ৰ-অলংকাৰ আছিল। বিবাহ-মৃত্যু অনুষ্ঠানত আৰু বছৰেকীয়া কৰ হিচাপে গুৰুঘৰলৈ বস্ত্ৰ আগবঢ়োৱা ৰীতি এতিয়াও প্ৰচলিত। নৱ -বস্ত্ৰ আগবঢ়াই দৰা-কইনাই মানীজনক সেৱা জনোৱা অসমীয়া বিবাহৰ প্ৰাসংগিক অনুষ্ঠান। বস্ত্ৰদান যিদৰে সন্মানৰ কার্য, বিৱস্ত্ৰীকৰণ সেইদৰে অসন্মান আৰু অপমানজনক। ‘নাঙঠ-কৰিম’– এইষাৰ ডাঙৰ গালি। তিৰোতাক পুৰুষৰ আৰু পুৰুষৰ তিৰোতাৰ কাপোৰ পিন্ধোৱাও অসন্মানৰ কথা। অসমীয়া লোক-বচন আৰু সাহিত্যত সাজ-পাৰ সম্বন্ধীয় বহু উক্তি আৰু বৰ্ণনা আছে। এইবোৰৰ সংকলন হ’লে অসমীয়া মানুহৰ সাজ-পাৰ সম্বন্ধীয় প্ৰাচীন ধৰণ-কৰণৰ বিষয়ে জনা যাব। পুৰণি অসমীয়া সাজ-পাৰৰ বিষয়ে এতিয়ালৈকে আমি নিচেই কম বিৱৰণহে পাইছোঁ। এই বিৱৰণ ঘাইকৈ প্ৰাচীন মূৰ্তি-শিল্পৰপৰাহে সংগ্ৰহ কৰিব পাৰি। হৰ্ষচৰিত আৰু কালিকা পুৰাণতো কিছু উল্লেখ আছে। এই বিষয়ে A Cultural History of Assam গ্ৰন্থত আলোচনা কৰা হৈছে। মধ্যযুগৰ অসমীয়া সাহিত্যত বিশেষকৈ চিত্ৰ-সম্বলিত পুথিসমূহৰ চিত্ৰৰপৰা ৰজা, বিষয়া, সাধাৰণ প্ৰজা, সন্ন্যাসী, তিৰোতা, নটি আদি বিভিন্ন শ্ৰেণীৰ মুনিহ-তিৰোতাৰ সাজ-পাৰ, অলংকাৰ-পাতিৰ আভাস পায়। 

ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰে ধোতি বা ধুতিয়েই সৰ্বশ্ৰেণীৰ অসমীয়া মানুহৰ সকলো যুগতে সামাজিক মৰ্যাদা নিৰ্ণয় কৰিব পাৰি। খেতিয়ক, গৰখীয়া আদিয়ে নাইৰ তলত  (সম্ভৱত: নাইৰ সৌন্দৰ্য দৰ্শাবলৈ, দেওপানীৰ দশম শতিকাৰ বিষ্ণু-মূৰ্তিত নাইৰ তলত ধুতি পিন্ধাৰ ৰীতি দেখা গৈছে) আৰু আঁঠুৰ ওপৰত পেলাই ধুতি পিন্ধিছিল। কাম-বন কৰোঁতে সুলকি নপৰিবলৈ ধুতিৰ এটা আঁচল কঁকালত টানকৈ মেৰিয়াই বান্ধিছিল; এয়ে কমৰ-বন্ধৰ কাম কৰিছিল। দুই কৰঙনৰ মাজেদি সৰকাই নি অন্যটো আগতে পোন্ধ মাৰিছিল। পোন্ধ সম্ভৱত: পঞ্চগচ্ছম শব্দৰ ৰূপান্তৰ। এই ৰীতিৰ পিন্ধা ধুতিয়ে আজিকালিৰ হাফপেন্টৰ ৰূপ লৈছে। সৈনিক আৰু যুঁজাৰুসকলেও এই ভংগিতে (মল্লবেশত) ধুতি পিন্ধিছিল; ধুতিৰ বাহিৰে তেওঁলোকে কঁকালত কমৰ-বন্ধও মাৰিছিল। প্ৰাচীন সাহিত্যত যোদ্ধাৰ বেশত ভিতৰত সন্নাহৰ উল্লেখ আছে। কোনো কোনোৰ মতে সন্নাহ কপাহী কাপোৰেৰে নিৰ্মিত (a coat quilted cotton)। সন্ন্যাসীসকলে কৌপীন পিন্ধিছিল, মূৰত জঁটা ৰাখিছিল; কেতিয়াবা তিৰোতাৰ নিচিনাকৈ দীঘল বেণীও গাঁঠিছিল। বিষয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহে সাধাৰণতে দুই বস্ত্ৰ পৰিধান কৰিছিল। প্ৰধান অধোবাস, অৰ্থাৎ ধুতি; আঁঠুৰ তললৈ নমাই পিন্ধা ধুতিয়ে কেতিয়াবা ভৰিৰ সৰু গাঁঠি স্পৰ্শ কৰিছিল। 

এয়ে এতিয়াৰ ‘গোৰোৱা লেটাই’ ধুতি পিন্ধাৰ ৰীতি। ধুতিৰ একাষেৰে সমুখৰ পিনে দীঘলকৈ থোৰ মাৰিছিল। প্ৰসংগত হৰ্ষবৰ্ধনক কুমাৰ ভাস্কৰবৰ্মাই বেতৰ জপাত কুণ্ডলী পকোঁৱা (অৰ্থাৎ থুৰিওৱা) কাপোৰ উপহাৰ দিয়া মন কৰিবলগীয়া (কুণ্ডলী পকোঁৱা ধুতি বা চাদৰ ধনী শ্ৰেণীৰ বঙালীয়ে এতিয়াও ব্যৱহাৰ কৰে)। কেতিয়াবা থোৰ নামাৰি আগটোৰ সামান্যভাগ সমুখৰ পিনে পূৰণ চিনৰ দৰে গাঁঠি বান্ধি থৈছিল। এতিয়াও সাধাৰণ মানুহে এই ভংগীত ধুতি পিন্ধে। (পিন্ধন নেতৰ ধড়া কতি বেঢ়ি দুলে— বৰগীত)। সৰু ল’লা-ছোৱালীয়ে কেৱল কাছুটি পিন্ধিছিল। দ্বিতীয় বস্ত্ৰ হ’ল উওৰীয়া বা চাদৰ (পিচৌৰা)। চাদৰ লোৱা ৰীতি কেইবা প্ৰকাৰৰো। সাধাৰণতে, ডিঙিত পেলাই (কেতিয়াবা কুণ্ডলীকৃত কৰি) দুই বাহুৰ ওপৰেদি সমুখলৈ অনা নিয়ম (উত্তৰ ভাৰতীয় তিৰোতাই লোৱা দুপট্টাৰ দৰে)। 

এই প্ৰথাই শোভা বঢ়ায়; কিন্তু শৰীৰ আচ্ছাদিত নকৰে। কেতিয়াবা সমুখৰ সোঁ আঁচলটো ঘূৰাই বাওঁ কান্ধত থোৱা হয়। শীতকালত অৱশ্যে সমগ্ৰ শৰীৰতে মেৰাই লোৱাৰ নিয়ম; এনে ৰীতিত সমুখেদি সোঁ আঁচল বাওঁ কান্ধত আৰু বাওঁ আঁচল সোঁ কান্ধত থোৱা হয়। কেতিয়াবা আঁচল দুটা সমুখলৈ অনা নহয়; যৎসামান্যভাৱে কান্ধ আৰু ডিঙিত লাগি পিছপিনে ঢৌ খেলি থাকে। শিৰোবেষ্টন বা মূৰত বন্ধা বা পিছৰ যুগৰ পাগুৰিৰ বিশেষ প্ৰচলন নাছিল। আহোম-মোগলৰ দিনৰপৰা এই প্ৰথাৰ ব্যাপক প্ৰচলন হোৱা বুলি অনুমান কৰিব পাৰি। অৱশ্যে, কনৌজৰ মেলত ভাস্কৰবৰ্মাই শিৰোৱেষ্টনেৰে যোগ দিয়াৰ উল্লেখ আছে; পুৰণি পুথিত অনেক প্ৰকাৰৰ শিৰোৱেষ্টনৰ চিত্ৰ আছে। এইবোৰেৰ আকৃতি-প্ৰকৃতি বিশেষ মন কৰিবলগীয়া। বিষয়াসকলৰ বাহিৰেও সৈনিকেও মূৰত কাপোৰ বান্ধিছিল। গাঁৱৰ ডেকাসকলৰ মাজত মূৰত গামোচা মৰা প্ৰথা আজিও আছে। গামোচা মূলতে আছিল অংগবস্ত্ৰ  (অংগবস্ত্ৰ>অংগোচ্ছা> গামোচা)। মুছলমান ঐতিহাসিক কাজিমে অসমীয়া সাধাৰণ মানুহৰ সাজ-পাৰৰ  বিষয়ে উপহাৰ কৰি উল্লেখ কৰিছে : The Assamese tie cloth round their heads and another upon their loins and throw a sheet round their shouldersE, but it is not customary to that country to wear turbans, robes, drawers and shoes. প্ৰাচীন সাহিত্যৰ পৰা তিৰোতাই একবস্ত্ৰ শাৰীও পিন্ধিছিল বুলি অনুমান কৰিবৰ থল আছে। অৱশ্যে, ধুতি আৰু শাৰী একে পৰ্যায়ৰ পৰিধান। প্ৰাক্বৈষ্ণৱ আৰু বৈষ্ণৱ যুগৰ সাহিত্যৰ নানা ঠাইত শাৰীৰ উল্লেখ আছে (পিন্ধি শাড়ী খোণ্টা জালি)। উজনি-নামনি দুয়ো অঞ্চলৰ বিয়া নামত কন্যাৰ সাজ-পাৰ প্ৰসংগত শাৰীৰ উল্লেখ পোৱা যায় : 

ৰাধাই পিন্ধা শাৰীখনত দশৱতাৰ লেখা।

ষোল্ল হাতৰ শাৰীখনে মেৰ নিব নাটে।

কৈন্যাৰ মাকৰ শাৰীখিনি  উপ্তে  জালি কটা।

শাৰী পিন্ধে শাৰী পিন্ধে ভাল মানুহৰ জী।

ভাল কৰি শাৰী পিন্ধে চিকাত গাৱত দি।।     

মেখেলা শব্দ সাধাৰণতে কটিবস্ত্ৰ বুজাবলৈ ব্যৱহৃত হৈছিল : শিথিল মেখেলা খোপা মুখে ঘৰ্মজল। নাচন্তে  শৱদ কৰে নূপুৰ মেখল। অথবা, শ্যাম কটি পীত ধতি উৱৰে মেখলা। ৰিহা-মেখেলা এই দুই বস্ত্ৰ তিব্বতবৰ্মী অৰ্থাৎ কছাৰী-আহোমৰপৰা অহা বুলি কোনো কোনোৱে ভাবে। কোনো কোনোৱে আকৌ ৰিহা শাৰীৰ ক্ষুদ্ৰ সংস্কৰণ আৰু কটিবস্ত্ৰ  (মেখেলা বা কৰধনি) অধোবাস মেখেলাত পৰিণত হৈছে বুলি অনুমান কৰে। পূৰ্বে ধুতি, ৰিহা, চাদৰৰ দৰে মেখেলাও নিসিয়া বস্ত্ৰহে আছিল। এইখিনিতে লক্ষ্য কৰিবলগীয়া যে মেখেলাৰ দৰে বস্ত্ৰ অজন্তাৰ নাৰী-চিত্ৰতো দেখা গৈছে। অজন্তাৰ নাৰীৰ দৰে সাধাৰণ অসমীয়া আৰু জনজাতিৰ তিৰোতাই বুকুত মেথনি মাৰি স্তন ঢাকি আঁঠুৰ ওপৰলৈ পেলাই মেখেলা পিন্ধে। 

এনে ধৰণে পিন্ধা জনজাতীয় তিৰোতাৰ মেখেলাৰ শেল পথালিয়ে নামাৰি দীঘে  দীঘে বোৱা হয়; এই ৰীতি অজন্তা  চিত্ৰতো আছে। খামতি তিৰোতাৰ কাপোৰ পিন্ধা প্ৰসংগত  Dr. G.S. Ghurye ও এই সাদৃশ্যলৈ আঙুলিয়াই লিখিছে : The principal parament is a piece of dark coloured cloth, the মডেল of warning which…..reminds one of a least one representation of it in the Ajanta paintings. উচ্চ শ্ৰেণীৰ তিৰোতাই ভৰিৰ সৰু গাঁঠিলৈকে পেলাই সমুখৰ পিনে দুটামান দীঘল ভাঁজ ৰখাই মেখেলা পিন্ধে। বুকুৰপৰা কঁকাল তপিনালৈকে ঘূৰাই ঘূৰাই ৰিহা লয়। ৰিহাই কাঁচলি বা স্তনপট্টৰ কাম কৰে আৰু ৰিহা লোৱাৰ এই ভংগিমাই পিঠি সম্পূৰ্ণভাৱে আচ্ছাদিত কৰে। পিছপিনে ৰিহাৰ একাংশই মেখেলাৰ ওপৰত তপিনা টানি ঢাকি ধৰাৰ হেতু বতাহত মেখেলাই ঢৌ খেলিব নোৱাৰে; তদুপৰি, এই প্ৰথাই আধুনিক কচেৰ্টৰ দৰে লাহী কঁকাল আৰু তপিনাৰ বতুৰ্ল ৰেখা সুস্পষ্ট কৰে। (এই দুয়োটা নাৰীৰ সৌন্দৰ্যৰ লক্ষণ বুলি বিবেচিত)। ৰিহাৰ একাঁচল মেখেলাত খুচি সমুখৰ পিনে সামান্যভাৱে ওলোমাই থোৱা হয় (প্ৰায় ধুতিৰ থোৰৰ দৰে)। ফুল বছা অথবা গাৰি দিয়া হেতু ওলমি পৰা এই আঁচলটোৱে আচ্ছাদনৰ শোভা বঢ়ায়। ৰিহাৰ একাংশ কেতিয়াবা ওৰণিৰ দৰেও ব্যৱহৃত হয়। ৰিহাৰ ব্যৱহাৰত শৰীৰৰ ঋজুতা আৰু বিভিন্ন অংগৰ ৰেখাসমূহ ৰমনীয়ভাৱে উদ্ভাসিত হয়। সাধাৰণতে, উৎসৱ-অনুষ্ঠানত ৰিহাৰ ওপৰত চাদৰ বা চেলেং লোৱা হয়। 

ই সৰ্বাংগ আচ্ছাদনৰ বস্ত্ৰ। নাৰীদেহৰ কোনো অংগই যাতে লোকদৃষ্টিৰ গোচৰীভূত নহয়, সেই ভাবৰপৰাই অসমীয়া তিৰোতাই চাদৰ-চেলেং ব্যৱহাৰ কৰে। পুৰণি সাহিত্যত অৱশ্যে কাঁচলি বা স্তনপট্ট ব্যৱহাৰৰ উল্লেখ আছে; নসম্বে বস্ত্ৰ কতো কুচৰ কাঁচলি। হালৈ কৃশ কংকাল স্তনৰো বস্ত্ৰ লড়ৈ, ইত্যাদি। কোশবিন্যাসৰ সৌন্দৰ্য দৰ্শাবলৈকে নাৰীয়ে শিৰবস্ত্ৰ ব্যৱহাৰ নকৰিছিল। চুলি বান্ধোতে কোনোৱে খোপা কেশপট্ট আৰু কাঁকৈ ব্যৱহাৰ কৰিছিল। অসমীয়া তিৰোতাৰ খোপা বন্ধা ৰীতিৰ অলেখ নিদৰ্শন প্ৰাচীন ভাস্কৰ্য আৰু চিত্ৰত দেখা যায়। খোপা ডাঙৰ কৰি দেখুৱাবলৈ আৰু সৌন্দৰ্য বঢ়াবলৈ খোপাত ফুলৰ মালা আৰু অলংকাৰ-পাতিও পিন্ধা হৈছিল। অসমীয়াৰ খোপা বন্ধা ৰীতিৰ লগত সৰ্বভাৰতীয় প্ৰাচীন ৰীতিৰ সাদৃশ্য লক্ষ্য কৰিবলগীয়া। 

খামতিসকলৰ খোপাৰ প্ৰসংগত Dr. G.S. Ghurye য়ে লিখিছে : Their ( Khamtis) manner of dressing their head is the most remarkable, having evident similarities with those represented in the sculptures of Sanci. The hair is twisted into a knot which projects over the forehead and white muslin turban is so folded round the head as to leave this projected expsed.The manner of doing the hair adopted by their females too is reminiscent of the sculptures of Mathura, Sanci and Bharhut. Not only do they raise the hair-knot to form the top-knot but also they encircle the roll of hair embroidered band, the fringed and tasseled ends of which dangle behind. আহোম যুগৰ পৰা অসমীয়া সাজ-পাৰত বিদেশী প্ৰভাৱ বিশেকভাৱে পৰিলক্ষিত হয়। সম্ভৱত; সী লোৱা বস্ত্ৰৰ ব্যাপক প্ৰচলন এই সময়ৰ পৰা হয়। চোলা (চোলাক), এংগা চোলা (আংগিকা), জামা, চৌগা-চাপকন, ঘাগ্ৰা (সূত্ৰধাৰীৰ বেশ), জোতা— এইবোৰ ঘাইকৈ আহোম-মোগলৰ দিনৰপৰা চলি অহা সাজ-পাৰ। বৃটিছ আমোলত ইউৰোপীয় পোছাকৰ প্ৰচলন হ’ল। লগে লগে ইউৰোপীয় মোগল, ভাৰতীয়— এই তিনিও শ্ৰেণীৰ সাজ-পাৰৰ অদ্ভুত সংমিশ্ৰণো ঘটিল। দ্বিতীয় মহাসমৰত অসমলৈ অহা আমেৰিকাৰ সৈনিকসকলে অভিনৱ পোছাক আৰু তাক  পিন্ধাৰ ৰীতিও এৰি থৈ গ’ল। পূজা-পাৰ্বন, উৎসৱ-অনুষ্ঠানত ধৌত-বস্ত্ৰ অৰ্থাৎ ধোঁৱা কাপোৰ পিন্ধা নিয়ম। অসমৰ গাঁৱত ধোবা বুলি সুকীয়া শ্ৰেণী নাই। ঘৰ-ঘৰোৱাহ সকলোৰে কাপোৰ-কানি তিৰোতায়েই ধোৱে। পূৰ্বে, এতিয়াও কোনো কোনো অঞ্চলত খাৰণিত সিজাই লৈ কাপোৰ-কানি ধোৱা হয়। মণি ছালেৰেও কাপোৰ ধোৱে; গা-মুৰো ধোৱা হয়। তিৰোতাই সাধাৰণতে মাটিমাহ বটি তাত ঔ-বীজ মিহলাই মূৰ, চুলি ধোৱে।

৫। অসমীয়া আ-অলংকাৰৰ বিষয়ে এটি টোকা লিখা?

উত্তৰঃ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষণ মানুহৰ এক চিৰন্তৰ প্ৰবৃত্তি। অতীজৰে পৰা মানুহে নিজৰ শৰীৰৰ শোভা বৰ্ধন কৰিবলৈ বিভিন্ন উপায়ৰ আশ্ৰয় লৈ আহিছে। মানুহৰ মনত অন্তৰ্নিহিত কলাত্মক সংবেদনশীলতাই মানুহক এনে কৰিবলৈ সততে প্ৰেৰণা যোগায়। সৌন্দৰ্যবৰ্ধক বিবিধ মাধ্যমৰ ভিতৰত অলংকাৰৰ ব্যৱহাৰো এক অন্যতম মাধ্যম। অলংকাৰৰ প্ৰয়োগ আৰু ব্যৱহাৰে যে মানুহৰ স্বাভাৱিক সৌন্দৰ্যলৈ চাৰুত্ব আনে তাত কোনো সন্দেহ নাই। অলংকাৰৰ প্ৰসংগত ইয়াৰ নিৰ্মাণশৈলীৰ বিষয়টিও জড়িত হৈ থাকে। অলংকাৰৰ নিৰ্মানশৈলীত যেনেদৰে শিল্পীৰ শৈল্পিক অভিব্যক্তিৰ বৰ্হিপ্ৰকাশ ঘটে, তেনেদৰে ইয়াৰ ব্যৱহাৰত মানুহৰ সুৰুচিত পৰিচয় ফুটি উঠে।

অলংকাৰৰ ঐতিহ্য আৰু ইয়াৰ বিৱৰ্তন এক বিশাল বিষয়। সীমিত পৰিসৰত ইয়াৰ পূৰ্ণাংগ অধ্যয়ন অসম্ভৱ। সমগ্ৰ বিশ্বক উপেক্ষা কৰিও কেৱল ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিচাৰ কৰিবলৈ যোৱাটোও অতিকৈ দুৰূহ কাম। কাৰণ ভাৰতবৰ্ষৰ বাৰেৰহনীয়া সভ্যতা, সময়ে- সময়ে পৰিৱৰ্তিত শাসন ব্যৱস্থা তথা বিবিধ জাতি-জনগোষ্ঠীয়ে ইয়াৰ অলংকাৰক বৈচিত্ৰ্যপূৰ্ণ আৰু সুকীয়া বিশেষত্বপূৰ্ণ কৰি তুলিছে। ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনজাতিৰ ভিন্ -ভিন্ সামাজিক-সাংস্কৃতিক উপাদানে অলংকাৰকো স্থানীয় ৰহনযুক্ত কৰি তুলিছে যাৰ ফলশ্ৰুতিত স্থানভেদে সেইবোৰে সুকীয়া ৰূপ পৰিগ্ৰহ কৰিছে। অৱশ্যে কিছুমান অলংকাৰৰ চানেকিৰ ক্ষেত্ৰত সাদৃশ্যও লক্ষ্য কৰা যায়। আনহাতে অলংকাৰ পৰিধানৰ উপলক্ষে, শৰীৰৰ অংগভেদে প্ৰয়োগ কৰা অলংকাৰৰ ক্ষেত্ৰটো তাৰতম্য লক্ষ্য কৰা যায়।

অসমীয়া মানুহে অতীজৰে পৰা ব্যৱহাৰ কৰি অহা আ-অলংকাৰৰ সাক্ষ্য বহন কৰি আহিছে বিবিধ প্ৰাচীন গ্ৰন্থ, লোক-সাহিত্য তথা অসম বুৰঞ্জীয়ে। উল্লিখিত সমলবোৰৰ আধাৰত বিচাৰ কৰি চালে দেখা যায় যে অসমীয়া পুৰুষৰ তুলনাত মহিলাসকলৰ অলংকাৰৰ প্ৰতি প্ৰৱণতা অধিক। বৰ্তমান পৰিপ্ৰেক্ষিতত বিচাৰ কৰি চালে দেখা যায় শৰীৰৰ বিভিন্ন অংগৰ শোভাবৰ্ধক এই অলংকাৰবোৰৰ সময়ৰ পৰিবৰ্তনৰ লগে লগে বিভিন্ন পৰিবৰ্তন ঘটিছে। আধুনিকতাৰ পৰশ লাগি অসমীয়া অলংকাৰে ন-ন ৰূপ পৰিগ্ৰহ কৰিছে। অৱশ্যে অসমীয়া অলংকাৰৰ যি ঐতিহ্য তাৰ প্ৰতি অসমীয়া মানুহৰ শ্ৰদ্ধা এতিয়াও ম্লান পৰা নাই। অসমীয়া মানুহে আধুনিকতাকো আদৰি লৈছে আৰু বিভিন্ন উৎসৱ-অনুষ্ঠানভেদে পৰম্পৰাগত অলংকাৰবোৰৰো ব্যৱহাৰ কৰি আহিছে।

সোণ, ৰূপ, তাম আৰু পিতল— এই চাৰিবিধ ধাতুৰে নিৰ্মাণ কৰা অসমীয়া অলংকাৰবোৰৰ বিবিধ নাম পোৱা যায়। প্ৰাচীন কালৰে পৰা অসমীয়া সোণাৰীয়ে সোণ-ৰূপৰ মিনা কৰা আৰু বাখৰ খটোৱা কিছুমান সুন্দৰ অলংকাৰ গঢ়িব জানিছিল। এসময়ত নাৰী -পুৰুষ উভয়ে এই অলংকাৰবোৰ পৰিধান কৰিছিল। আহোম-শাসনকালত পুৰুষসকলে কাণ আৰু ডিঙিত গহনা পৰিধান কৰাৰ অলেখ উদাহৰণ পোৱা যায়। অতীজৰে পৰা অসমীয়া পুৰুষে শৰীৰৰ অংগভেদে ব্যৱহাৰ কৰা কিছুমান অলংকাৰ হৈছে—

হাতৰ— আঙুঠি-উকা আৰু বাখৰুৱা, গামখাৰু।

ডিঙিৰ— মতামণি, বিৰি, মগৰদানা, বৰমণি, লতামণি, শিলিখামণি ইত্যাদি।

কাণৰ— কৰিয়া, লংকেৰু, লোকাপাৰ, কুন্দল ইত্যাদি।

বাহুৰ— বাজু।

সময়ৰ অগ্ৰগতিৰ লগে লগে অলংকাৰৰ প্ৰতি অসমীয়া পুৰুষৰ প্ৰৱণতা হ্ৰাস পায় আৰু অসমীয়া অলংকাৰবোৰে প্ৰধানভাৱে অসমীয়া মহিলাৰহে শোভা বৃদ্ধি কৰিবলৈ ধৰে।

অতীজৰেপৰা অসমীয়া মহিলাই বিবিধ অলংকাৰ পৰিধান কৰি আহিছে। শৰীৰৰ অংগভেদে অসমীয়া মহিলাই ব্যৱহাৰ কৰা অলংকাৰবোৰক তলত দিয়া ধৰণে দেখুৱাব পাৰি—

মূৰৰ— চিতি-পাতি বা শিৰপতা।

কপালৰ— কপালী।

কাণৰ— কাণফুল, কেৰু, কৰিয়া, মাকৰি, থুৰীয়া।

ডিঙিৰ— গলপতা, হাৰ, সাতসৰী, বেনা, ডুগডুগি, জোনবিৰি, ঢোলবিৰি, ঢৰীয়াবিৰি, শিলিখাবিৰি, পাৰচকুৱাবিৰি, লতাবাখৰুৱা বিৰি, মগৰমুৰী বিৰি, মাদলি, গেজেৰা, থোপামণি, চিপাত, শলিখামণি, ফুটিমণি, চন্দ্ৰহাৰ, সোণ-পোৱাল মণি বা মালামণি ইত্যাদি;

নাকৰ— নাকফুল, নলক।

হাতৰ— মুঠি খাৰু বা মুঠিয়া খাৰু, গাম খাৰু, গোটা খাৰু, সচৰুৱা খাৰু, পটিয়া খাৰু, মগৰমুৰী খাৰু।

বাহুৰ— বাজু, কংকন, হাতী দাঁতৰ খাৰু।

আঙুলিৰ— আঙুঠি–উকা, বাখৰুৱা, হীৰাপতা।

কঁকালৰ— কৰধনি, কঁকালী, ঘাগৰ।

ভৰিৰ— খাৰু, পাজোপ, উজাণ্টি ইত্যাদি।

উল্লেখযোগ্য যে উল্লিখিত অলংকাৰবোৰৰ ৰূপ অনুসৰি সেইবোৰৰ নিৰ্মানশৈলী সুকীয়া। স্থানবিশেষে এইবোৰৰ আলোচনা লক্ষ্য কৰা যায়। আনহাতে এই অলংকাৰবোৰৰ মাজৰ কিছুমান অলংকাৰ অধুনালুপ্ত। তদুপৰি অসমত বাস কৰা বিভিন্ন জনজাতিৰ স্থানীয় অলংকাৰবোৰেও অসমীয়া অলংকাৰবোৰলৈ বৈচিত্ৰ্য আনিছে। অসমত প্ৰচলিত তেনে কিছুমান জনজাতীয় অলংকাৰৰ নাম হৈছে—

ক। মিচিং— দগনৌতাদক (মণি), কেনতু (কাণৰ), ৰাংখল (মালা) ইত্যাদি।

খ। মণিপুৰী— খুজি (খাৰু), কুদপ (আঙুঠি), নাচোম (কানফুলি) ইত্যাদি।

গ। বড়ো— আচান (খাৰু), থোপা-আচান  (গাম-খাৰু), খেৰু (কেৰু), আফযাম  (আঙুঠি) ইত্যাদি।

ঘ। কাৰ্বি— নৰিক (কাণফুল), লেক আৰু লেকপাইকম (মণি) ইত্যাদি।

ঙ। ডিমাচা— জিংবি, জংসাম  (ডিঙিৰ গহনা), লংবাৰ (কাণফুল), কাডুডিমা (ৰূপৰ খাৰু) ইত্যাদি।

চ। তাই-তুৰুং— কেনপাত (জাংফাই) ।

ছ। তাই-ফাকে— বিৰী, বেন (গাম-খাৰু), লাংচ (আঙুঠি) ইত্যাদি।

জ। তাই-খামতি— বেন (খাৰু), পাত (কেৰু), লাপটপ (আঙুঠি) ইত্যাদি।

ঝ। চাহ-জনগোষ্ঠী— ঝুমকা, চন্দ্ৰহাৰ, হাঁচলি, নথ ইত্যাদি।

ঞ। নেপালী— কল্লি (ভৰিৰ), হাৰি ৰেজি (ডিঙিৰ), গদবাৰী আৰু নাক ঢুংগী (নাকৰ) ইত্যাদি।

উল্লিখিত অলংকাৰসমূহে অসমীয়া অলংকাৰৰ বিষয়ে এটি সম্যক ধাৰণা দিয়ে। অতীতৰপৰাই যে অসমীয়া মানুহে অলংকাৰ পৰিধান কৰি নিজৰ সৌন্দৰ্য-চেতনাৰ পৰিচয় দিছিল সেইকথাও স্পষ্ট হয়। কিন্তু কালক্ৰমত এই অলংকাৰবোৰৰ ব্যৱহাৰ সীমিত হ’বলৈ ধৰে। সমাজৰ অভিজাত আৰু অৰ্থনৈতিক ভাৱে সবল শ্ৰেণীৰ মানুহে এইবোৰৰ ব্যৱহাৰ কৰি গ’ল যদিও অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ সৰ্বসাধাৰণ মানুহে ইয়াৰ মোহ পৰিত্যাগ কৰিবলৈ বাধ্য হ’ল। অসমীয়া মহিলাই কম খৰচতে নিজক সুসজ্জিত কৰাৰ স্বাৰ্থত আশ্ৰয় ল’লে সোণ পানী চৰোৱা অসমীয়া গহনা, বঙালী সোনাৰীয়ে কম মূল্যৰ বিনিময়ত গঢ়ি দিয়া অলংকাৰৰ। সময় বাগৰাৰ লগে লগে বজাৰত বিবিধ কৃত্ৰিম ধাতুৰে গঢ়া সোণ-ৰূপৰ অলংকাৰৰ লগত সাদৃশ্য থকা বিভিন্ন আৰ্হিৰ সুলভ মূল্যৰ অলংকাৰ উপলব্ধ হ’বলৈ ধৰিলে। এটা সময়ত এই সকলোবোৰৰ ব্যৱহাৰতো অসমীয়া মহিলা অভ্যস্ত হৈ পৰিল। অতীতৰ আড়ম্বৰপূৰ্ণ অসমীয়া অলংকাৰবোৰ অসমীয়া অলংকাৰৰ পৰম্পৰা আৰু ঐতিহ্যৰ পৰিচায়ক হৈ ৰ’ল।

আহোমসকলে অসমত নিগাজি হোৱাৰ পিছত আৰু মোগল সংস্কৃতিৰ প্ৰভাৱত প্ৰাচীন অসমীয়া অলংকাৰলৈ প্ৰথমবাৰৰ বাবে পৰিবৰ্তন আহিছিল। “অসমীয়া অলংকাৰৰ যিটো ৰূপ আমি বিংশ শতিকাৰ মাজভাগলৈকে সন্টালনিলৈ ব্যৱহৃত হোৱা দেখা পাইছো সেই ৰূপ মধ্যযুগৰ গঢ় লৈ উঠা ৰূপ, আৰু এই ৰূপ কম-বেছি পৰিমাণে গ্ৰামীণ সমাজতো প্ৰচলিত ৰূপ।” গতিকে অসমীয়া অলংকাৰ বুলিলে অসমীয়া জাতিৰ সভ্যতা-সংস্কৃতিৰ লগত সম্পৰ্ক থকা পৰম্পৰাগত অলংকাৰসমূহকে বুজিব লাগিব। সময়ৰ পৰিৱৰ্তনে যিদৰে সভ্যতা-সংস্কৃতিলৈ পৰিবৰ্তন আনিছে সেইদৰে মানৱ জীৱনৰ লগত সম্পৰ্কযুক্ত প্রতিটো দিশলৈ পৰিবৰ্তন অহাটো অৱধাৰিত । বিশ্বায়নৰ প্রভাৱে সমগ্ৰ বিশ্বকে এক কৰি তোলাৰ পিছত অৰ্থনৈতিক ক্ষেত্ৰখনলৈ ব্যাপক পৰিবৰ্তন আহিল। 

সমগ্ৰ বিশ্বখনেই এখন বজাৰত পৰিণত হ’ল। বাণিজ্যিক আদান-প্ৰদানে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ ভিন্ন ৰূপৰ সা-সামগ্ৰী সকলো ঠাইতে সহজলভ্য কৰি তুলিলে। অন্যান্য সামগ্ৰীৰ দৰে নিত্য-নতুন অয়-অলংকাৰৰো পয়োভৰ ঘটিল। তদুপৰি বিজ্ঞাপনৰ চমক, চিনেমা-ফেশ্বন ডিজাইনৰ প্রভাৱে আধুনিক অসমীয়া পুৰুষ-মহিলাক সেইবিলাক সামগ্ৰীৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ধৰিলে। মন-মানসিকতাৰ পৰিৱৰ্তনে মানুহৰ ৰুচি-অভিৰুচিলৈয়ো পৰিবৰ্তন আনে। ফলস্বৰূপে সমসাময়িক সমাজখনৰ প্ৰভাৱত অসমীয়া মানুহে নতুনক আদৰি লৈ দৈনন্দিন জীৱনত পৰম্পৰাগত অলংকাৰৰ ঠাইত সহজলভ্য আৰু আৰামদায়ক কৃত্ৰিম অলংকাৰৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে। কেৱল পৰম্পৰাগত উৎসৱ-অনুষ্ঠানত ৰীতি-নীতি জড়িত হৈ থকা বিভিন্ন সামাজিক উপলক্ষ্যতহে অসমীয়া পুৰুষ-মহিলাই নিজৰ জাতীয় অলংকাৰ পৰিধান কৰিবলৈ ল’লে। এনেধৰণৰ পৰিবৰ্তন স্বীকাৰ কৰিও কিন্তু অসমীয়া মানুহে নিজৰ ঐতিহ্যপূৰ্ণ জাতীয় অয়-অলংকাৰৰ প্ৰতি থকা মোহ সমুলঞ্চে ত্যাগ কৰা নাই। ই এক শুভ লক্ষণ।

অসমীয়া অলংকাৰৰ এক গৌৰৱপূৰ্ণ ইতিহাস আছে। ভিন্ন চানেকি, ভিন্ন আকৃতি, ভিন্ন নামৰ অলংকাৰবোৰে অসমীয়া মানুহৰ সংস্কৃতিবান মনটোৰ পৰিচয় যুগ যুগ ধৰি বহন কৰি আহিছে। সময়ৰ অগ্ৰগতিত অসমীয়া অলংকাৰলৈ পৰিবৰ্তন আহিছে যদিও ইয়াৰ স্বকীয় অস্তিত্ব আজিও বৰ্তি আছে। নগেন শইকীয়াই উচিত ভাবেই মন্তব্য কৰিছে—

“অসমীয়া সাধাৰণ তিৰোতাই পিন্ধা অলংকাৰ হ’ল— কাণৰ থুৰিয়া বা কেৰু, হাতৰ মুঠি খাৰু বা গোটা খাৰু, ডিঙিত ডুগডুগী আৰু আঙুলিত এটা বা দুটা আঙুঠি। তাৰ মাজতেই অসমীয়া মানুহৰ পৰিচয় এটি ফুটি নুঠাকৈ নাথাকে। অসমীয়া অলংকাৰৰ বৈশিষ্ট্যৰে এতিয়া গঢ়াবলৈ লোৱা সৰু আকাৰৰ অলংকাৰসমূহেও অসমীয়া মানুহৰ সাংস্কৃতিক মন আৰু নান্দনিক বোধৰ পৰিচয় ধৰি ৰাখিছে।”

৬। কাৰ্বিসকলৰ পৰম্পৰাগত আ-অলংকাৰৰ এটি পৰিচয় দিয়া?

উত্তৰঃ অসমৰ এটা গুৰুত্বপূৰ্ণ জনজাতি কাৰ্বি। কাৰ্বিসকলৰ এটা বৈশিষ্ট্যপূৰ্ণ পৰিচিত আছে। কাৰ্বিসকলে নিজ হাতে বৈ লোৱা পিন্ধা কাপোৰসাজতে কেৱল এই বৈশিষ্ট্য পৰিস্ফুট নহয়; কাৰ্বি ৰূপটো পৰিপূৰ্ণভাৱে তুলি ধৰিবলৈ তেওঁলোকে তৈয়াৰ কৰে পৰম্পৰাগত অলংকাৰৰ ভূষণো।

কাৰ্বিসকলৰ আ-অলংকাৰৰ : কাৰ্বিসকলৰ আ-অলংকাৰৰ কথা ক’বলৈ হ’লে তেওঁলোকে মানি চলা কিছুমান ৰীতি-নীতিৰ কথাও ক’ব লাগিব। উদাহৰণ স্বৰূপে, কাৰ্বি মহিলাসকলক সাধাৰণতে সোণৰ গহনা পিন্ধিবলৈ অনুমতি দিয়া নহৈছিল, কেৱল পুৰুষসকলেহে স্বর্ণালংকাৰ পৰিধান কৰিব পাৰিছিল। মহিলাসকলে পুৰুষৰ তুলনাত অধিক পৰিমাণে অলংকাৰ পৰিধান কৰে বাবে তেওঁলোকৰ গহনাত যথেষ্ট পৰিমাণে ৰূপ ব্যৱহাৰ হয়, যিদৰে অন্যান্য ভাৰতীয় সম্প্ৰদায়ৰলোকে অলংকাৰত সোণৰ ব্যৱহাৰ কৰে।

কাৰ্বি মহিলাসকলে ডিঙিত পিন্ধা এপদ বিশিষ্ট ৰূপৰ গহনা হৈছে লেক। ৰূপৰ মুদ্ৰা আৰু ৰঙচঙীয়া মণিৰে লেক তৈয়াৰ কৰা হয়। লেকবোৰক স্থানীয়ভাৱে ছেৰ আলেখ পংটিং, লেক পেংখাৰা, লেক বংহম, লেক ৱাইকম, লেক জিঞ্জিৰি আদি বিভিন্ন নামেৰে জনা যায়।

কাৰ্বি পুৰুষসকলে সোণৰ লেক পৰিধান কৰে। পুৰুষে পৰিধান কৰা লেকৰ পৰম্পৰাগত নাম হৈছে লেকৰোৱে, লেকছ’বাই আৰু লেকমান্দুলি। পৰিতাপৰ কথা যে এই গহনাবোৰৰ বেছিভাগেই আজিকালি পাবলৈ নাই।

আন সম্প্ৰদায়ৰ মহিলাৰ দৰে কাৰ্বি মহিলাইও ব্ৰেচলেট পিন্ধে, ইয়াক ৰই বুলি কোৱা হয়। ৰইও বিভিন্ন প্ৰকাৰৰ আছে— ৰইপেংখাৰা, ৰই কেএৰ, ৰইকেলক আদি।

মহিলাসকলে কাণত পিন্ধা গহনাক ন’ থেংপি বুলি কোৱা হয়। ন’থেংপিবোৰৰো বিভিন্ন প্ৰকাৰ আছে— থেংপি আংৰংকাটেংবাই, আংৰংকাংচিম আদি। কাৰ্বি পুৰুষেও কাণত অলংকাৰ পিন্ধে। পুৰুষে কাণত পিন্ধা সোণ বা ৰূপেৰে তৈয়াৰী অলংকাৰক ন’ৰিক বুলি কোৱা হয়।

কাৰ্বিসকলে আঙুঠিক আৰনাম বুলি কয়। কাৰ্বি সমাজত সাধাৰণতে প্ৰচলিত কিছুমান আঙুঠিৰ নাম হৈছে আৰনাম কে-এত, আৰনাম কেলক, ৰূপবন্দা, ছেৰবন্দা, ৱাকাপাৰদন আৰনাম আদি। কাৰ্বি পুৰোহিতসকলে কেৱল তামৰ আঙুঠিহে পিন্ধে।

কাৰ্বি পুৰুষ-মহিলা উভয়েই পৰম্পৰাগতভাৱে এখন সৰু কটাৰী লগত লৈ ফুৰে। কাৰ্বি মহিলাই লোৱা কটাৰীখনক ন’কেক বা টাৰি বুলি কোৱা হয়। এই কটাৰীখনত সাধাৰণতে হাতীৰ দাঁত বা ম’হৰ শিঙেৰে নিৰ্মিত হাতল থাকে আৰু ইয়াক মুদ্ৰাৰে সজোৱা হয়। পুৰুষে লোৱা কটাৰীখন মহিলাই লোৱা কটাৰীৰ তুলনাত ডাঙৰ আকাৰৰ। ন’কান্তি নামৰ এই কটাৰীখনতো হাতীৰ দাঁতৰ হাতল থাকে আৰু হাতলডাল ৰূপৰ মুদ্ৰাৰে সজোৱা হয়।

অসমৰ আন জনজাতীয় লোকৰ দৰে কাৰ্বিসকলেও তামোল-পাণ খায়। বয়সীয়াল মহিলাসকলে তামোল খুন্দিবলৈ একোটা সৰু খুন্দনা ব্যৱহাৰ কৰে। বেছিভাগ বুঢ়ী মানুহেই লৈ ফুৰা ক’ৱেলংটক নামৰ এই খুন্দনাটোকে কাৰ্বি মানুহৰ এপদ অলংকাৰ বুলিয়েই ক’ব পাৰি। কিছুমান বুঢ়ী মানুহে ৰূপৰ খুন্দনাও তামোল খুন্দিবলৈ ব্যৱহাৰ কৰ।

চূণ সানি ৰাখিবলৈও ৰূপৰ ব্যৱহাৰ কৰা হয়। কাৰ্বি মহিলাসকলে ছাইনি হেম নামৰ ৰূপৰ সৰু বাকচ এটাত চূণ সাঁচি থয়। তামোল-পাণৰ সৈতে খাবলৈ চূণ উলিয়াই আনিব পৰাকৈ কাঠি এডালো লগোৱা থাকে।

পুনৰ উভতি আহিছো কাৰ্বি আ-অলংকাৰৰ কথালৈ। কাৰ্বিসকলৰ মাজত অতীজৰে প্ৰচলিত দুক-কেদুক পৰম্পৰাৰ কথা নকলে বিষয়টো আধৰুৱা হৈ ৰ’ৱ।

দুক-কেন্দুক হৈছে কাৰ্বি মহিলাৰ কপালৰ পৰা থুতৰিলৈকে টেটু কৰি লোৱা কিছুমান ৰেখা। এই টেটুৰ প্ৰচলন সম্পৰ্কে বিভিন্ন মতবাদ আছে। এনে এক মত অনুসৰি সুন্দৰী কাৰ্বি মহিলাসকলক আন জনজাতিৰ আক্ৰমণকাৰীৰ হাতৰ পৰা আঁতৰাই ৰাখিবলৈ এই পন্থা লোৱা হৈছিল। অৱশ্যে লাহে লাহে ই এক ধুনতহে পৰিগণিত হৈছিল যদিও সম্প্ৰতি এই প্ৰথা কাৰ্বি সমাজৰ পৰা বিলুপ্ত হৈছে।

দাঁত ক’লা কৰাটো আছিল কাৰ্বি মহিলাসকলৰ মাজত পুৰণিকালত প্ৰচলিত আন এটা ধূন। এই প্ৰথাটোক ছ’ইক বুলি কোৱা হৈছিল। দাঁত ক’লা কৰিবলৈ ফাৰ-ইক নামৰ এবিধ গছ পুৰি তাৰ আঠাজাতীয় ৰস উলিওৱা হৈছিল। এনে কৰিলে দাঁত ভালে থাকে বুলি কাৰ্বিসকলে বিশ্বাস কৰিছিল।

দাঁত ভালে ৰখাৰ আধুনিক পদ্ধতি ওলোৱাৰ লগে লগে আন বহু প্ৰথাৰ দৰে কাৰ্বি সমাজৰ পৰা এই প্ৰথাটোও বিলুপ্ত হৈছে। কাৰ্বি জনসমাজত প্ৰচলিত বহু পৰম্পৰাগত প্রথাত সময়ৰ লগে লগে সেইবোৰৰ ব্যৱহাৰ আৰু প্ৰয়োজন সাপেক্ষে পৰিবৰ্তন ঘটিছে।

এই সকলো উপাদানেই যিহেতু কাৰ্বি পৰিচয়ক প্ৰতিনিধিত্ব কৰে। সেয়ে এই প্ৰথাবোৰৰ ধাৰাবাহিকতা তথা ব্যৱহাৰৰ বাবে কাৰ্বি সমাজত সজাগতা আৰম্ভ হোৱা দেখা গৈছে। যদিহে এইবোৰ হেৰাই যায় কাৰ্বি সমাজৰ পৰিচয়ো হেৰাই যাব। এই বোধৰ ওপৰতে নিৰ্ভৰ কৰিছে পৰম্পৰাৰ জীয়াই ৰখাৰ সজাগতাৰ চেতনা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top