অসমীয়া লোক-সাহিত্য ৰচনা | Assamese Folk Literature Essay in Assamese

অসমীয়া লোক-সাহিত্য ৰচনা | Assamese Folk Literature Essay in Assamese

লোক-সাহিত্য কি ?

Join Telegram channel

Table of Contents

মানুহৰ মন কল্পনাপ্ৰৱণ ৷ মন দিগন্তৰ কল্পনাৰ বিশাল পৰিধিত অনুভূতিৰ প্ৰৱল উচ্ছ্বাসে ভাৱৰ যি জোৱাৰৰ সৃষ্টি কৰে, সেইবোৰেই প্রকাশ পায় ছন্দবদ্ধ হৈ । আদিম কালৰ স্বভাৱ কবিসকলৰ অন্তৰ উজাৰি উঠা সুখ-দুখ, হাঁহি-আনন্দ, ঘৃণা-প্ৰশংসা, হা-হুতাশা আদি বিভিন্ন ভাৱৰ হেন্দোলনিবোৰ ছন্দৰে প্ৰকাশিত হৈ গীতৰ আকাৰ ল’লে। তাত প্ৰকাশ পালে সমাজৰ প্ৰতিজন মানৱৰ কথা৷ অন্তৰৰ প্ৰতি ভাৱ-অনুভূতি, হৃদয়ৰ প্ৰতি স্পন্দন, দেহ-ভংগিমাৰ প্ৰতিটো প্ৰকাশ, মনৰ চঞ্চলতা, চাৱনিৰ মাধুৰিমা, কৰুণতা, দৈহিক সৌন্দৰ্যৰ মাধুৰ্য আৰু আকৰ্ষণীয়তা, কমানাৰ মোহনীয়তা প্রকাশ পালে অনামা চহা কবিৰ সৰল-সহজ ছন্দ মাধ্যমেৰে। সেইবাবে সিয়েই পাছত লোক-সাহিত্য বা জন-সাহিত্য নামে অভিহিত হ’ল। ড° বিৰিঞ্চি কুমাৰ বৰুৱাই “অসমৰ লোক-সংস্কৃতি” গ্ৰন্থত লিখিছে “এই লোক-সাহিত্য সমাজৰ উমৈহতীয়া সৃষ্টি; সমাজৰ সৰ্বজনৰ ভাৱ, চিন্তা আৰু কল্পনাৰ মিলন তীৰ্থ; সমস্ত সমাজৰ আনন্দ বিনোদনৰ কলাক্ষেত্র। যুগ যুগ ধৰি জনসাধাৰণৰ মুখে মুখে লোক-সাহিত্য চিৰন্তন আৰু চিৰজীৱী হৈ আছে।”

ড°প্ৰফুল্ল দত্ত গোস্বামীৰ মতে, “জন সাহিত্যৰ পটভূমি হৈছে গাঁও আৰু পথাৰ, তাৰ প্ৰেৰণা হৈছে জন সাধাৰণৰ সুখ-দুখ, আশা-নিৰাশা, কাম-কাজ, প্রেম-বিৰহ। বিশেষ এটা সামাজিক আৱেষ্টনী লৈহে এইবিলাকৰ সৃষ্টি হয়।”

অসমীয়া লোক-সাহিত্য ৰচনা | Assamese Folk Literature Essay in Assamese

লোক-সাহিত্যৰ বৈশিষ্ট্য

লোক-সাহিত্য যিহেতু জন-সাধাৰণৰ অন্তৰৰ অনুভূতিৰ প্ৰকাশ, গতিকে, “ভাৱ-অনুভূতিৰ আৰু ৰচনা প্ৰণালীৰ সবলতাই এই সাহিত্যৰ ঘাই বৈশিষ্ট্য।” ৰচয়িতাৰ “অশৰীৰিত্ব বা ব্যক্তিত্ব নিৰপেক্ষতা”ইয়াৰ আন এটা বৈশিষ্ট্য। প্রতীক আৰু ৰূপকৰ মনোৰম প্ৰয়োগ “মানুহৰ প্ৰাণৰ সৈতে প্ৰকৃতিৰ সম্পূৰ্ণ অন্তৰংগতা, উদ্ভিদ জগত আৰু জীৱ-জগতৰ আটাইৰে লগত অন্তৰৰ নিবিড় ঘনিষ্ঠতা” আদি লোক-সাহিত্যৰ আন আন বৈশিষ্ট্য। তদুপৰি ই সাৰ্বজনীন।

Read Also: মে’ দিৱস ৰচনা | May Day Essay in Assamese

লোক সাহিত্যৰ শ্রেণী বিভাগ

লোক-সাহিত্যৰ পৰিধি ব্যাপক। ড’ বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে “… লোক জীৱনৰ লগত নিবিড়ভাৱে সম্বন্ধ থকা সাহিত্যৰ ভিতৰৰত প্ৰধান হ’ল যোজনা-ফকৰা বা প্ৰবাদ, সাঁথৰ, নিচুকনি, জন্মৰপৰা মৃতুলৈকে পালন কৰা পৰ্বৰ লগত জড়িত গীতসমূহ, উৎসৱ-অনুষ্ঠানৰ গীত, লোক ধর্ম সম্বন্ধীয় গীত, কর্ম-গীত, সাধুকথা, কিংবদন্তী আৰু পুৰা-কাহিনী।” এইবিশাল সাহিত্য সম্ভাৱবোৰক থুপাই আনি আমি-

1. ফকৰা যোজনা, সাঁথৰ, পটন্তৰ।

2. প্রবচন।

3. সাধুকথা। 

4. মন্ত্ৰ।আৰু 

5. লোক-গীত এই পাঁচটা শ্ৰেণীত সামৰি ল’ব পাৰো।

ফকৰা-যোজনা আদিৰ মাজত জন-জীৱনৰ নৈতিক আৰু ব্যৱহাৰিক জ্ঞানৰ পৰিচয় পাব পাৰি। এইবোৰ গভীৰ অৰ্থ আৰু তাৎপৰ্যৰ পৰিচায়ক আৰু লগতে বুদ্ধি উদ্দীপকো। প্রবাদ অথবা প্ৰবচনবোৰৰ মাজেদি জাতীয় মানসিকতা ফুটি উঠে। ডাকৰ বচনবোৰ জীৱনৰ আৰ্হিস্বৰূপ। সাধুকথাবিলাক ঘাইকৈ শিশুৰ মনোৰঞ্জনৰ বাবে ৰচনা কৰা। সাধুৰ মাজত পোৱা যায় ৰূপকথাৰ কল্পলোকৰ ছবি, যিবোৰে নিৰ্মল আনন্দৰ খোৰাক যোগায়, মন্ত্ৰবোৰে পুৰণি কামৰূপৰ তন্ত্র-মন্ত্ৰৰে প্ৰসিদ্ধ মায়াপুৰীলৈ মনত পেলাই দিয়ে ৷

(ক) লোকগীত

জন-জীৱনৰ সুখ-দুখ, হর্ষ-বিষাদ আদি লোক-গীতবোৰৰ প্ৰাণৰ কথা। লোকগীতত অসমীয়া সাহিত্য অতিশয় চহকী। লোক-গীতবিলাকৰ পটভূমি বা কথিতব্য, বিষয় অনুসৰি 

(ক) অনুষ্ঠানমূলক।

(খ) আখ্যানমূলক।

(গ) নিচুকনি।

(ঘ) দেহবিচাৰমূলক। 

(ঙ) বিবিধ বিষয়ক আদি কিছুমান ভাগত ভগাব পাৰি।

(ক) অনুষ্ঠানমূলক গীতবোৰ

বিহুনাম, বনগীত, হুঁচৰি গীত, আইনাম, বিয়ানাম, সুবচনীৰ গীত, অপেচৰী সবাহৰ গীত, লখিমী সবাহৰ গীত, মহোহো গীত ইত্যাদি।

(খ) আখ্যানমূলত গীত

আখ্যানমূলক গীতবোৰৰ বিষয়-বস্তু কোনো একোটা কাহিনী। সেইবাবে ইহঁতক কাহিনী-গীত (ইংৰাজীত বেলাড্) বুলি কোৱা হয়। এইবিধ গীততো অসমীয়া ভাষা চহকী। ইহঁতক তিনিভাগত ভগাব পাৰে।

(ক) বুৰঞ্জীমূলক।

(খ) পৰম্পৰাগত আৰু কাল্পনিক।

(গ) নিচুকনি গীত।

(ঘ) দেহ বিচাৰৰ গীত।

Read Also: Class 10 Assamese Solution

(ঙ) বিবিধ বিষয়ক গীত

শিশুকালৰ কল্পনা-প্ৰৱণ, অনুসন্ধিৎসু, মনত উৎকণ্ঠা, কৌতূহল আৰু আমোদ জগাই তুলি, সন্মোহিত কৰি টোপনি নিয়াবৰ কাৰণেই ঘাইকৈ নিচুকনি গীতৰ সৃষ্টি। শ্রীধৰ কন্দলীৰ “কাণখোৱা” সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নিচুকনি গীত। দেহ বিচাৰৰ গীত, ব’ৰাগীৰ গীত, টোকাৰী গীত আদি একে শ্ৰেণীৰ গীত। এই গীতবিলাকত মানৱৰ দেহাৰ ক্ষণস্থায়িত্ব, কামনা-বাসনা, ধন-দৌলতৰ অসাৰত্ব, আপোন-পৰৰ বিচাৰ কেৱল মায়াৰ বন্ধন আদি ভাৱৰ বাহক; হৰি নামেই যে প্ৰাণীৰ ভৱ-বন্ধনৰ মুক্তিৰ একমাত্ৰ পথ তাকেই শেষত গীতবিলাকত প্ৰতিপন্ন কৰা হৈছে। জুনা, নাও খেলৰ গীত, মায়ামৰীয়া ৰণুৱাৰ গীত, হাইদাং গীত আদি বিবিধ বিষয়ক গীত। জুনাক কাহিনী গীতৰ ভিতৰতো ধৰিব পাৰি। পৰুৱাৰ জুনা, কপাহৰ জুনা, নাঙলৰ জুনা, তাঁতীৰ জুনা আদি কবি-কল্পনাৰ মনোৰম সৃষ্টি ৷ এইবোৰ বহুৱাৰ হাঁহিৰো থুনুপাক।

অসমীয়া জিকিৰ আৰু জাৰী গীতবোৰো লোক-সাহিত্যৰ এক আপুৰুকীয়া সম্পদ। জিকিৰ গীতবোৰৰ কিছুমান ধৰ্মমূলক আৰু কিছুমান দেহ বিচাৰৰ গীতৰ শাৰীৰ। জাৰী গীতবোৰ কাৰবালাৰ কাহিনী অৱলম্বন কৰি ৰচিত। গতিকে জাৰী গীতসমূহ আখ্যানমূলক কাহিনীৰ গীতৰ শ্ৰেণীৰ।

সামৰণি

অসমৰ লোক-সাহিত্য অতিশয় চহকী। জাতিৰ ভাৱ-অনুভূতি, আশা-আকাঙ্ক্ষা হৰ্ষ-বিষাদ, প্রেম, বিৰহ, জাতীয় আদৰ্শ আদি লোক সাহিত্যৰ মাজত নিহিত আছে। আজি কিছু দিনৰেপৰা ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি পাইছে যদিও অসমৰ ইমূৰৰপৰা সিমূৰলৈ যিমানবোৰ বিভিন্ন অনুষ্ঠান, আখ্যান, কিম্বদন্তী বা কল্পনামূলক গীত আছে, সেই সকলোবোৰ সংগ্ৰহ হৈছে বুলি নদি ক’ব নোৱাৰি। সকলোবোৰ একেলগে থূপাই প্ৰকাশ কৰিব পাৰিলে সাহিত্যৰ ভঁৰাল আৰু চহকী হৈ উঠিব।

লোক সাহিত্যৰ মাজতে অসমীয়াৰ জন্ম আৰু তাৰ মাজতেই বিৱৰ্তন আৰু পৰিবৰ্দ্ধন। ইয়াৰ প্ৰসাৰে অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিক নিশ্চয় দুগুণে মহীয়ান কৰি তুলিব।

আমি আশা কৰিছো অসমীয়া লোক-সাহিত্য ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ অসমীয়া লোক-সাহিত্য ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top