অৰণ্য আৰু জীৱন ৰচনা | Forests and life Essay in Assamese

অৰণ্য আৰু জীৱন ৰচনা | Forests and life Essay in Assamese

Join Telegram channel

বিনন্দীয়া প্ৰকৃতিৰ মােহনীয়, কমনীয় চিৰ সেউজ মানৱৰ চিৰন্তন প্রশান্তিৰ উৎস। প্রাণ-চঞ্চলা অথচ প্রাণ-প্রদায়িনী প্রকৃতিয়ে আবহমান কালৰেপৰা মানৱক আহ্বান জনাই আহিছে। চিৰ সেউজ অৰণ্যৰ বুকুতে মানুহৰৰ উদ্ভৱ আৰু বিলয়। মহাজীৱনৰে পাতনি অৰণ্যৰ বুকুতেই। অৰণ্যৰ বুকুতেই সভ্যতাৰাে উন্মেষ। এই প্রকৃতিয়ে, এই অৰণ্যই জীৱনক প্রতিপালিত কৰিছে নিজ বুকুৰ অমৃত সম্ভাৰেৰে। অথচ, আজি প্ৰকৃতিৰ বুকুৰ অৰণ্য উৎখাত কৰি, প্রকৃতিক উলংগ কৰি, স্বার্থপৰ মানুহে বিনন্দ বিলাস আৰু মহা সম্ভোগৰ স্বপ্ন ৰচনাত নিমগ্ন হৈছে। কিন্তু এয়া যে মানুহে নিজৰ মৰণ-ফান্দ নিজেই ৰচনা কৰিছে, তাক জানিও নজনাৰ ভাও জুৰি, অঁকৰা মৈত উঠি, সভ্যতাৰ গৌৰৱত “সবাৰ উপৰে মানুষ সত্য”- ধ্বনিৰে দিক্‌বিদিক্‌ মুখৰিত কৰি তুলিছে। ক’ব নােৱাৰাে, মহাপ্রলয়ৰ বুকুলৈকে হয়তাে ধাৱিত হৈছে আমাৰ গতি।

অৰণ্য আৰু জীৱন ৰচনা

অৰণ্য আৰু ভাৰতীয় সভ্যতা

ভাৰতীয় মহা সভ্যতাৰাে উন্মেষ ঘটিছিল অৰণ্যৰ বুকুতেই। সৰস্বতী আৰু দৃশ দ্বতীৰ তীৰৰ অৰণ্যৰ বুকুত প্রতিষ্ঠিত আশ্ৰমত ৰচিত হৈছিল বেদ, বেদমন্ত্র, বেদগান আৰু অন্যান্য শাস্ত্র সমূহ। ব্রহ্মপুত্র, গংগা, যমুনা, গােদাবৰী, কাবেৰী আদিৰ পাৰৰ মহাঅৰণ্যৰ বুকুৰ মহা বিৰিখৰ সুশীতল হায়াত পতা আশ্ৰমত ঋষিমুনি, মনীষীসকলৰ জ্ঞানৰ মেলা বহিছিল। সেই জ্ঞান-মেলাৰ পৰা জ্ঞানৰ মুকুতা বুটলিছিল সমগ্ৰ দেশৰ বিভিন্ন প্রান্তৰ জ্ঞানার্থী সকলে। সন্দীপনি মুনিৰ তেনে এখনি আশ্রমতে ভগৱান শ্রীকৃষ্ণ আৰু সখা দামােদৰে চৌষষ্ঠি কলাৰ জ্ঞান অর্জন কৰিছিল। তমসাৰ তীৰৰ তপােবনৰ ওচৰৰ বৃক্ষৰ ছায়াত জন্ম হৈছিল বিশ্বৰ প্রথম কবিতা। ৰামায়ণ আৰু মহাভাৰতৰ মহাগানৰ অমৃতৰ বােল সনা একোটি একোটি খণ্ডৰ সৃষ্টি হৈছিল দণ্ডকাৰণ্য, পঞ্চবটী, তপােবন, কাম্যবন, নৈমিষাৰণ্য আদি অৰণ্যক কেন্দ্ৰ কৰিয়েই। এসময়ৰ চৰণীয়া পথাৰ বৃন্দাবন শ্রীকৃষৰ শৈশৱৰ অনন্ত মহিমাৰ লীলাভূমি। লগৰীয়া গৰখীয়াৰ লগত ওমলি-জামলি, শিঙা-বেত-বেণু বাই গৰু চৰাৱা শ্ৰীকৃষ্ণৰ শিশুকালৰ অক্ষয় অপাৰ অলৌকিক কার্যকলাপৰ মহিমাময় বাহিনী বিজড়িত হৈ আছে বৃন্দাবনৰ বুকুত। গৌতমেও গয়াৰ ওচৰৰ উপকাৰ বট বৃক্ষৰ ছায়াতেই বুদ্ধত্ব প্রাপ্ত হৈছিল। সেয়েহে অৰণ্য, মানব সভ্যতা গঢ়ি ভােলা কষটি শিল।

অৰণ্যৰ লগত জন-জীৱনৰ সম্বন্ধ ওতপ্রােত, নিগূঢ়। আদিম মানৱে অৰণ্যৰ বুকুতে বিচৰণ কৰি, গিৰি-গুহাই আশ্ৰয় লৈ, অৰণ্যৰ ফলমূল, আলু-কচুকে খাই জীৱন ধাৰণ কৰিছিল। পাছলৈ অৰণ্যৰ বুকুৰ জীৱ-জন্তুৰ মাংস আহাৰ ৰূপে গ্রহণ কৰিছিল। অৰণ্যৰ বুকু কৰ্ষণ কৰি কৃষি কর্মৰ পাতনি মেলিছিল। শস্য উৎপাদনৰ উপায় উদ্ভাৱন কৰিছিল; অৰণ্যৰ পশুক বশ কৰি, পােহ মনাই মানুহৰ কল্যাণৰ কামত নিয়ােগ কৰিছিল।

Read Also: অভয়াৰণ্য- ৰাষ্ট্ৰীয় উদ্যান ৰচনা | Sanctuaries- National Parks Essay in Assamese

জন-জীৱনৰ লগত অৰণ্যৰ সম্পর্ক

অৰণ্যৰ লগত মানুহৰ সহ অৱস্থান অন্য কাৰণতাে আৱশ্যকীয়। অৰণ্যই এৰি দিয়া অক্সিজেন গ্রহণ কৰি মানুহ জীয়াই আছে আৰু মানুহে, জীৱ জন্তুৱে এৰি দিয়া বিষাক্ত কার্বন-ডাই-অক্সাইড গ্রহণ কৰি অৰণ্য বর্তি আছে। অৰণ্যই বৃষ্টিপাতত অৰিহণা যােগাই বসুন্ধৰাক শস্য শ্যামলা কৰিছে। বৃক্ষৰ শিপাই ভুমি সংৰক্ষণত ইন্ধন যােগাই মানৱৰ কল্যাণে সাধন কৰিছে। এক সমীক্ষা মতে প্রতি হেক্টৰ অৰণ্যই বৃষ্টিপাতৰ সহায়েৰে বছৰি এশ টনতকৈ অধিক ধূলি-আরর্জনা আঁতৰাই পৃথিৱীক নিকা কৰি মানুহৰ বাসােপযােগী কৰি ৰাখিছে। সেই প্রতি হেক্টৰ অৰণ্যই আকৌ মানুহক প্রায় ত্রিছ চনকৈ অক্সিজেন যােগান ধৰি, উশাহ নিৰুদ্ধ হৈ মৃত্যুক সাৱটি লােৱাৰ পৰা মানুহক ৰক্ষা কৰি ৰাখিছে।

অৰণ্যই দৈনন্দিন জীৱনৰ বাবে আৱশ্যকীয় খৰি-খেৰ আদিৰ যােগানকে ধৰি, গৃহনির্মাণ, গৃহ-সজ্জা, দলং আদি নির্মাণৰ আহিলাৰ বাবে কাঠৰ যােগান ধৰি জগতৰ কল্যাণ সাধন কৰিছে। ঋতুৱে ঋতুৱে লয় অৰণ্যই মােহনীয় রূপ। শৰৎ আৰু বসত সহস্ৰ ৰঙৰ সহস্র সহস্র প্রস্ফুটিত কুসুমৰ সীমাহীন সৌন্দর্যই প্রকৃতিৰ বুকুত পাতে চিত্র-বিচিত্র ৰঙৰ মেলা। অমৃতময় সুবাসৰ চিত্তাকর্ষী মাধুর্যই মানুহৰ তনু মন ৰাইজাইকৰে। অৰণ্যৰ বিনন্দীয়া ৰূপে চিৰদিনেই মানুহৰ মন-ময়ূৰীক নাচিনাচি নচুৱাই আহিছে। এই অৰণ্য জীৱৰ জীৱন; এই অৰণ্য, মহাজীৱনৰ মহা সংস্কৃতিৰ মহা আলিপন।

অৰণ্য ধ্বংসৰ পৰিণাম

আজিৰ মানুহ সুসভ্য হৈও এই জীৱন প্ৰদায়িনী মহা অৰণ্যৰ ধ্বংস সাধনত ৰত হৈছে। অহর্নিশে, দেশে দেশে, প্রান্তে অনির্বাৰ অনুষ্ঠিত হৈছে অৰণ্যৰ ধ্বংস যজ্ঞ। অৰণ্য দ্রুত গতিত হ্রাস পাই আহিছে। তাৰ ফলত আবাসস্থল উৎখাত হােৱাৰ ফলত আনফালে খাদ্যৰ অভাৱত বহু প্রজাতিৰ বন্য প্রাণী পৃথিৱীৰ বুকুৰ পৰা লুপ্ত হৈ গৈছে। বহুবােৰে আপােন প্রজাতিৰ ধ্বংসৰ বিভীষিকা দেখি স্তমান হৈ মৃত্যুৰ ক্ষণ গণিছে। অৰণ্য ধ্বংসৰ ফলত ভূমি স্খলনৰ পৰিমাণ দ্রুতভাৱে বৃদ্ধি পাইছে। বহুলােকৰ বসতিস্থল উচ্ছন্ন হৈছে। বৃষ্টিপাত কমি গৈছে। ফলত কৃষিৰ উপযােগী বহু পৰিমাণৰ মাটি খৰাং অঞ্চলত পতিত হৈ মৰুভূমিত পৰিণত হােৱাৰ উপক্ৰম হৈছে।

অৰণ্য কমি যােত পৃথিৱীত অক্সিজেনৰ পৰিণ কমি গৈছে কার্বনডাই-অক্সাইড দ্রুত গতিত বৃদ্ধি পাইছে। বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ ফলতাে বায়ুমণ্ডল বিষাক্ত গেছেৰে পৰিপূৰ্ণ হােৱাৰ উপক্রম হৈছে৷ তাৰ ফলত বায়ুমণ্ডলৰ প্ৰাণদায়িনী মহামূল্যবান অ’জন স্তৰ সংকুচিত হৈ পৰিছে। তাত ছিদ্র সৃষ্টি হৈছে। সেইছিদ্ৰৰ মাজেৰে সূৰ্যৰ পৰা আলট্রা ভায়’লেট বা অতি বেঙুনীয়া ৰশ্মি ভূপৃষ্ঠত নিঃসৰিত হৈ উদ্ভিদ আৰু মানুহ সমস্তকে বিশ্বৰ বুকুৰ পৰা এদিন নিশ্চিহ্ন কৰি দিব পাৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

Read Also: Class 11 Geography Question Answer

বন মহোৎসৱ তথা সামাজিক বনানী কৰণ

অৰণ্য ধ্বংসৰ এনে ভয়ংকৰ পৰিণতিৰ কথা চিন্তা কৰি বিজ্ঞানী আৰু চিন্তাশীল ব্যক্তিসকলে গভীৰ ভাৱে উপলব্ধি কৰিছে, যে অৰণ্য সৃষ্টিৰ অবিহনে পৃথিৱীত জীৱৰ পৰিত্ৰাণৰ কোনাে উপায় নাই। সেয়েহে চন পৰি থকা মাটি আৰু অৰণ্য উৎখাত হােৱা ঠাইবােৰত অৰণ্য সৃষ্টিৰ পৰিকল্পনা গ্রহণ কৰা হৈছে। এই পৰিকল্পনা ৰূপায়ণৰ অর্থে, ভাৰত চৰকাৰে জুলাই মাহৰ প্রথম সপ্তাহটো বন-মহােৎসৱ সপ্তাহৰূপে অভিহিত কৰি প্ৰতি বছৰে উদ্যাপনৰ আঁচনি লৈ সপ্তাহটাত আৰু তাৰ পাছৰে পৰা পর্যাপ্ত পৰিমাণৰ বৃক্ষৰােপণৰ চৰকাৰী আৰু ৰাজহ্বা কার্যসূচী হাতত লৈছে। তদুপৰি, “সামাজিক বনানীকৰণ” -আঁচনিও গ্রহণ কৰা হৈছে আৰু তাৰ যােগেদি সমগ্র দেশৰে প্ৰতিখণ্ড চৰকাৰী খালী মাটিত বৃক্ষৰােপণ কৰি কৃত্রিম অৰণ্য সৃষ্টিৰ যােগেদিও পৃথিৱীক সেউজীয়া বননিত পৰিণত কৰি প্ৰাকৃতিক অৰণ্য আৰু জন-অৰণ্যৰ সহ অৱস্থানৰ ভাৰসাম্য ৰক্ষাৰ প্রচেষ্টা চলােৱা হৈছে। কিন্তু জন সাধাৰণক বননিৰ আৱশ্যকতা আৰু বনানীকৰণৰ প্ৰতি সচেতন আৰু সচেষ্ট কৰি তুলিব পৰাৰ ওপৰতহে ইয়াৰ সফলতা নিৰ্ভৰশীল।

চিপকো আন্দোলনৰ আদর্শ

এই ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ গাঢ়োৱাল অঞ্চলৰ অধিবাসীসকলে দাঙি ধৰা আদর্শ বিস্ময়কৰ। সেই অঞ্চলৰ প্ৰতিগৰাকী পুৰুষ-মহিলাই বননিৰ প্ৰতিজোপা গছকে দুহাতেৰে সাৱটি ধৰি, দুষ্কৃতিকাৰীসকলৰ কবল মুক্ত কৰি ৰক্ষণাবেক্ষণ দিছে অতন্দ্র প্রহৰী হৈ। ই গঢ় লৈ উঠিছে অৰণ্য-সংৰক্ষণ আন্দোলন ৰূপে। সেই আন্দোলনৰে নাম হৈছে চিপকো আন্দোলন। ভাৰতৰ প্রান্তে প্রান্তে, গাঁৱে-ভূঞে আজি প্রয়ােজন হৈছে এনে উদগ্র আন্দোলন।

মানুই হওক অৰণ্য স্রষ্টা

চেষ্টাৰ অসাধ্য একো নাই। মানুহৰ বৌদ্ধিক বিচক্ষণতাত আৰু কুশলী হাতৰ পৰশত ৰাজস্থানৰ দৰে মৰু প্ৰান্তৰৰ বুকুত সেউজীয়া শস্যই আজি হাঁহিছে, নাচিছে। মানবসৃষ্ট অৰণ্যই এতিয়া নিজৰ সুশীতলছৰ ছত্রছায়াত শাৰি কপৌ উৰুৱাবলৈ মানুহক হাত বাউল দি মাতিছে। মানুহৰ কল্যাণৰ বাবেই অৰণ্যৰ ৰক্ষণাৱেক্ষণ আৰু নতুন নতুন অবশ্য সৃষ্টিৰ আজি একান্ত প্রয়ােজন। আজি পৃথিৱীৰ নিৰাপত্তাৰ বাবেই মানুহহ’ব লাগিব অৰণ্য স্রষ্টা।

সামৰণি

অৰণ্যই জন-অৰণ্যৰ প্রাণ। অৰণ্যহীনতাই জীৱনৰ মৃত্যুবাণ। সেই অৰণ্যই চিৰদিন মানুহক প্রাণ প্রাচুর্যৰে সর্বশ্রেষ্ঠ আসনত প্রতিষ্ঠা কৰি আহিছে। অৰণ্যৰ অপৰিসীম আৰু অযাচিত অৱদান, মানুহৰ বাবে সর্বশ্রেষ্ঠ আশীর্বাদ। এই অৰণ্য-বিধ্বংসীসকল মানৱতাৰ পৰম শত্রু। এই শত্ৰুৰ সর্ব ধ্বংসী গ্রাসৰ পৰা অৰণ্যক ৰক্ষা কৰা আৰু নৱ নৱ অৰণ্য সৃষ্টিত যথাসম্ভৱ অৰিহণা আগবঢ়াব পৰাতেই প্রকৃততে জীৱনৰ সার্থকতা। আমি নিজে সৃষ্টি কৰি, নিজৰ ভৰিকে সুমুৱাই দিয়া মৰণ-ফালৰ পৰা পৰিত্ৰাণৰ আন বিকল্প নাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top