অভয়াৰণ্য- ৰাষ্ট্ৰীয় উদ্যান ৰচনা | Sanctuaries- National Parks Essay in Assamese

অভয়াৰণ্য- ৰাষ্ট্ৰীয় উদ্যান ৰচনা | Sanctuaries- National Parks Essay in Assamese

Join Telegram channel

সৃষ্টিৰ আদিম পুৱাৰেপৰা বিশ্বৰ বুকুত অতিকায় চতুষ্পদী জন্তু আৰু সৰীসৃপৰ পৰা আৰম্ভ কৰি নিচেই সামান্যতম কীটাণুলৈকে অলেখ অপাৰ প্ৰাণীৰ আৱিৰ্ভাৱ হ’ল আৰু অলেখ অপাৰ কালৰ বুকুত বিলীন লৈ গ’ল। প্রাকৃতিক দুর্যোগ, প্রাকৃতিক পৰিৱেশৰ ক্রমবৰ্দ্ধমান অভাৱ, খাদ্যাভাৱ, মানুহৰ অত্যাচাৰ আদি বিভিন্ন কাৰণত জীৱন-সংগ্ৰামত পৰাজয় বৰণ কৰি বহুতাে প্রাণী ধৰাৰ বুকুৰপৰা নিশ্চিহ্ন হৈ গ’ল। কাৰােবাৰ সাক্ষী ৰৈছে ভূগৰ্ভত কংকৰৰ বুকুত, গভীৰ অৰণ্যৰ আৱৰ্জনাৰ মাজত আৰু কাৰােবাৰ সাক্ষ্য চিৰদিনৰ বাবে কোনােবা অতীতে সামৰি থলে। আজিৰ সুসভ্য মানৱে এইটো মর্মে মর্মে অনুভৱ কৰিছে যে, সৃষ্টিৰ আনন্দ যিদৰে অসীম, হেৰুওৱাৰ বেদনাও সেইদৰে বিপুল। বিশ্বৰ বুকুত সৃষ্টিৰ বহুতাে মনােৰম, মােহনীয় সাক্ষ্য অতীতত যিদৰে হেৰাই গ’ল, আজিৰ যুগত সেইদৰে হেৰুৱাব নােৱাৰি। আজিৰ মানুহে গভীৰভাৱে উপলব্ধি কৰিছে যে এই মনােৰম, আপুৰুগীয়া সৃষ্টিবােৰৰ সংৰক্ষণৰ প্রয়ােজন। গতিকে আপুৰুগীয়া বন্য প্রাণীবােৰ সংৰক্ষণৰ বাবে মানুহে বিভিন্ন ব্যৱস্থা হাতত ল’বলৈ বাধ্য হৈছে। তাৰ ফলত অভয়াৰণ তথা ৰাষ্ট্ৰীয় উদ্যানৰ সৃষ্টি হৈছে।

অভয়াৰণ্য - ৰাষ্ট্ৰীয় উদ্যান ৰচনা

অভয়াৰণ্যৰ আৱশ্যকতা

অতীতত যিদৰে বহুত বন্যপ্রাণী হেৰাই গ’ল, সেইদৰে আজিও বহুতাে প্রাণীৰ বং। লােপ পােৱাৰ উপক্ৰম হৈছে। প্রাকৃতিক পৰিৱেশ অনুসৰি বিশেষ বিশেষ অঞ্চলত বিশেষ বিশেষ প্রাণী দেখা যায়। কিন্তু সভ্যতাই বনাঞ্চলবােৰ ক্ৰমে উৎখাত কৰাৰ লগে লগে প্রাণীবােৰৰ স্থিতিও সন্দিহান হৈ উঠিছে। বিশেষকৈ আধুনিক সভ্যতাৰ বাটত মানুহে আগবাঢ়ি যােৱাৰ লগে লগে বন্য প্রাণীবােৰক মানুহৰ কল্যাণৰ কাৰণে ব্যাপকভাৱে হত্যা কৰা হৈছে। প্রসাধন সামগ্ৰী আৰু ঔষধৰ উপকৰণৰ বাবে মানুহে অতি নিমর্মভাৱে প্ৰাণীবােৰ হত্যা কৰিছে। ফলত বহুতাে প্রাণী ক্রমে লােপ পাব ধৰিছে। গতিকে বিশ্বৰ বুকুৰপৰা হেৰাই যাব খােজা এই প্রাণীবােৰ সংৰক্ষণ কৰি, সিহঁতৰ বংশ বৃদ্ধিৰ বাবেই অভয়াৰণ্যৰ আৱশ্যক।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰাণী-প্রেমিক আৰু সৌন্দর্য পিয়াসী লােকসকলে যাতে আপুৰুগীয়া প্রাণীবােৰ দৰ্শন কৰি আৰু লগতে সৌন্দর্য উপভােগ কৰি মানসিক প্রশান্তি লাভ কৰিব পাৰে, তাৰ বাবে অঞ্চলবােৰৰ প্ৰাকৃতিক সৌন্দর্যবর্দ্ধনৰ সকলো প্ৰকাৰৰ ব্যৱস্থাও কৰা হৈছে।

Read Also: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচনা | Mahapurusha Srimanta Sankardev Essay in Assamese

অসমৰ অভয়াৰণ্য

প্রকৃতিৰ বিচিত্র শ্যামলিমাৰে ৰঞ্জিত অসমৰ বনাঞ্চল পশু-পক্ষীৰ লীলাভূমি। পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়, চিত্র-বিচিত্ৰ ৰঙৰ নানাবিধ পন্থ, বাঘ, ভালুক, বনৰীয়া মহ, গাহৰি, হাতী আদি জন্তুৰ জাকবােবে নিৱিষ্ট মনে সেউজীয়া তৰুণৰ মাজে মাজে লীলায়িত গতিৰে বিচৰণ কৰাৰ পালে পালে হাতীয়ে জলাশয় সাতুৰি-নাদুৰি জল-কেলি কৰাৰ মনােৰম দৃশ্য; ময়ূৰ, ধনেশ, মইনা, কুলি আদি বিবিধ বিহংগৰ মধুৰ কাকলিয়ে মুখৰিত কৰা অসমৰ প্ৰকৃতিৰ সুষমা যি এবাৰ দেখিছে, তেওঁৰ স্মৃতিফলকত সি সদায় জীৱ হৈয়ে ৰয়। কিন্তু এই পশুপক্ষীবােৰ কালৰ কুটিল চক্ৰত মানুহৰ নিষ্ঠুৰতাৰ বলি হৈ নিঃশেষ হৈ যােৱাৰ উপক্ৰম হৈছে। গতিকে ইহঁতৰ সংৰক্ষণৰ বাৰে অসমৰ কেইবাখনো অৰণ্য সংৰক্ষিত আৰু সুৰক্ষিত কৰি ৰখা হৈছে।

কাজিৰঙা

বৃহৎ আকাৰৰ পৃথিৱী বিখ্যাত এশিঙীয়া গঁড় কাজিৰঙাৰ অতি আপুৰুগীয়া আৰু মূল্যৱান সম্পদ। গােলাঘাট জিলাত, ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে প্ৰায় ১৬৬ বর্গ মাইল অঞ্চল জোৰা শ্যামল বননি ব্যাপী কাজিৰঙা অৰণ্য। অকল গড়েই নহয়- বনৰীয়া ম’হ, হৰিণাকে আদি কৰি বিবিধ পন্থ, গাহৰি, হাতী, বাঘ, বান্দৰ, ময়ূৰ, ধনেশ, বন কুকুৰা, দুষ্প্রাপ্য সাপ আদি বিবিধ পশু-পক্ষীৰ লীলাভূমি কাজিৰঙা অসমৰ বুকুত প্ৰকৃতিৰ এক অনবদ্য অৱদান। মাজে মাজে থকা জলাশয়সমূহত অসংখ্য বিহংগৰ কল-কণ্ঠৰ মধুৰ কাকলিৰ প্ৰাণ উতলা কৰা খলকনি। ভ্রমণকাৰীৰ ভূ-স্বর্গ, প্ৰকৃতিৰ এইখন মনােৰম, শ্যামল ৰাজ্যত পালে পালে গড়, হাতী, মহৰ মুক্ত বিচৰণ আৰু আমােদ-প্রমােদ প্রতিজন প্রকৃতিপ্রেমী আৰু সৌন্দর্য-পিয়াসী লােকব চিত্তাকর্ষণ কৰি চিৰস্মৰণীয় বিমল আনন্দৰ সমল যােগায়।

হিমালয়ৰ নামনিত, ভূটান সীমান্তত, বাসা জিলাৰ উত্তৰ অংশত অৱস্থিত মানাহ নদীৰ দুয়ােপাৰৰ মনােমুগ্ধকৰ উপত্যকাত প্রায় ১০৫ বর্গ মাইল অঞ্চলত অসংখ্য বনৰীয়া পশু-পক্ষীৰ আবাসভূমি মানাহ অভয়াৰণ্যও প্ৰকৃতিৰ এক অপূর্ব সৃষ্টি। এই অভয়াৰণ্য বনৰীয়া ম’হৰ বাবে ভাৰত বিখ্যাত। সেউজীয়া বননিৰ মাজে মাজে পালে পালে বনৰীয়া ম’হৰ সমদল, দর্শকৰ দৃষ্টিত এক অবিস্মৰণীয়া দৃশ্য।

Read Also: Class 10 English Question Answer

ভাৰতৰ অন্যান্য অভয়াৰণ্য তথা ৰাষ্ট্ৰীয় উদ্যান

তিনিচুকীয়া জিলার ডিব্ৰু-চৈখােৱা ৰাষ্ট্ৰীয় উদ্যান, ধেমাজী জিলাৰ বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য, শিৱসাগৰ জিলাৰ পানীদিহিং পক্ষী অভয়াৰণ্য, যােৰহাট জিলাৰ গিবন অভয়াৰণ্য, গােলাঘাট জিলাৰ নামৰ বনাঞ্চল, কাৰ্বি আংলঙৰ গৰমপানী অভয়াৰণ্য, নগাঁও জিলাৰ লাউখােৱা অভয়াৰণ্য, শােণিতপুৰ জিলাৰ সােনাই-ৰূপাই অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান, দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, মৰিগাঁৱৰ পবিতৰা অভয়াৰণ্য, কামৰূপ জিলাৰদীপৰ বিল পক্ষী অভয়াৰণ্য, বঙাইগাঁৱৰ চক্ৰশিলা অভয়াৰণ্য, কোকৰাঝাৰ কচুগাঁও অভয়াৰণ্য ইত্যাদি বিভিন্ন ধৰণৰ বন্য জন্তু, পক্ষী আৰু মূল্যবান গছ-গছনিয়ে সমগ্র অসমখনকে সৌন্দর্যময় কৰি তুলিছে।

মানাহ অভয়াৰণ্য

অসমৰ বাহিৰেও ভাৰতৰ অন্যান্য অৰণ্যৰাে প্রাকৃতিক দৃশ্য অতি মনােৰম। এই মনােৰম দৃশ্য উপভােগ কৰি অসীম মানসিক পৰিতৃপ্তি লাভৰ কাৰণেও ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্যসমূহ পৰিদৰ্শনৰ কাৰণে পৃথিৱীৰ বিভিন্ন প্রান্তৰ অসংখ্য লােকৰ ভাৰতলৈ আগমন হয়। ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যবােৰ তলত উল্লেখ কৰা হ’ল-

1. চন্দ্রপ্রভা অভয়াৰণ্য

উত্তৰ প্ৰদেশত; ইয়াৰ আয়তন প্রায় ৩০ বর্গ মাইল। সিংহৰ বিকল্প আবাসভূমি ৰূপে গঢ়ি তােলাৰ মানসেৰে ইয়াৰ কেইটামান সিংহ এৰি দিয়া হৈছে। ই নীল গাই, গাহৰি, হৰিণ, শ্লথ আৰু বিবিধ বিহঙ্গৰ আবাসভূমি।

2. কৰেট ৰাষ্ট্ৰীয় উদ্যান

হিমালয়ৰ নামনিৰ ডু উপত্যকাত অৱস্থিত ১২৫ বর্গ মাইল জুৰি থকা এই উদ্যান প্রধানকৈ বিভিন্ন বিধৰ বাঘৰ আবাসভূমি। হায়েনা, ৰাং কুকুৰ, শিয়াল, হাতী, পহু আৰু বিবিধ চৰাইৰাে ই আশ্রয়স্থল।

3. দাচিগাম অভয়াৰণ্য

হিমালয়ৰ ৬,০০০-ৰ পৰা ১২,০০০ ফুট উচ্চতাৰ ই এসময়ত কাশ্মীৰৰ ৰজা-মহাৰজাসকলৰ মৃগয়াবন আছিল৷ ই বিশেষভাৱে হাল নামৰ কাশ্মীৰী হৰিণৰ বাবে বিখ্যাত। ভালুক, পং অদিও পর্যাপ্ত পৰিমাণে পােৱা যায়।

4. হাজাৰিবাগ ৰাষ্ট্ৰীয় উদ্যান

৭৫ বর্গ মাইল জোৰা এই উদ্যানত ভাৰতীয় প্রায় সকলাে বিধৰ পশু-পক্ষী পােৱা যায়।

5. জলপাৰা অভয়াৰণ্য

ভূটানৰ নামনিত, উত্তৰংগৰ প্ৰায় ৩৬ বর্গ মাইল আয়তনৰ এই অৰণ্য বিশেষভাৱে গঁড়ৰ আশ্রয়স্থল। বিভিন্ন পন্থ আৰু গাহৰিও পোয়া যায়।

6. বাজাজী অভয়াৰণ্য

শিবালিক পাহাৰ অঞ্চলত; এসময়ত মােগল বাদচাহসকলৰ আৰু পাছত ভাৰতৰ ভাইৰয়ৰ মৃগয়াভূমি আছিল।

7. মােটিচুৰ অভয়াৰণ্য

ৰাজাজী অভয়াৰণ্যৰ কাষতে; প্ৰচুৰ হাতী আৰু পহুৰ আবাসভূমি।

৮। চৰিষ্কা অভয়াৰণ্য

দিল্লীৰপৰা ২০০ কিলােমিটাৰ আঁতৰত প্রায় ৮০ বর্গ মাইল জোৰা পাহাৰ আৰু গাঁৱৰ সমষ্টি। চম্বৰ, গাহৰি, নীল গাই, চাৰিশিঙীয়া পহু আদি জন্তুৰ বাবে বিশেষভাৱে বিখ্যাত।

9. বান্দীপুৰ অভয়াৰণ্য

কর্ণাটকত, মহীশূৰৰ পৰা ৮০ কিলােমিটাৰ আঁতৰত; ই এসময়ত মহীশূৰৰ মহাৰজাৰ মৃগয়াবন আছিল। ই গৌৰ নামৰ ভাৰতীয় বাইচনৰ বাবে বিশেষভাৱে বিখ্যাত। তদুপৰি ফুটুকী হৰিণ, নাহৰফুটুকী বাঘ, চিতাবাঘ, বিভিন্ন ধৰণৰ বান্দৰ, ময়ূৰ আদিৰ বাবে বিখ্যাত।

10. কাহা ৰাষ্ট্ৰীয় উদ্যান

জবলপুৰৰপৰা ২৮৮ কিলােমিটাৰ আঁতৰত মধ্য-ভাৰতীয় উচ্চ ভূমিত অৱস্থিত; ভাৰতীয় প্ৰায়বােৰ জন্তু আৰু ৯০ বিধ চৰাইৰ ই আবাসভূমি। বছৰৰ কোনাে কোনাে সময়ত চৰাইৰ জাকবােৰে মুক্তভাৱে বিচৰণ কৰা দৃশ্য অতি মনােম।

11. কেওলাদের ঘন অভয়াৰণ্য

পুৰণিকালৰ ভৰপুৰ ৰাজ্যৰ ৰজাসকলৰ চৰাই চিকাৰৰ মৃগয়াবন। ই প্ৰধানকৈ বিভিন্ন চৰাইৰ আবাসভূমি।

12. মৃদুমালাই অভয়াৰণ্য

তামিলনাড়ুত নীলগিৰি পৰ্বতৰ দাঁতিত ১১৪ মাইল বিস্তৃতিৰ এই অবণ্য হাতী, বাইচন, বিবিধ পন্থ, বাঘ, শ্লথ, বনৰীয়া কুকুৰ, লেংগুৰ, কেৰ্কেটুৱা আৰু বিবিধ চৰাইৰ আবাসভূমি।

13. পেৰীয়াৰ অভয়াৰণ্য

কেৰল-কৰ্ণাটক সীমান্তত, কেৰলত অৱস্থিত। ইয়াৰ আয়তন ৩০০ বর্গ মাইল। ১০ বর্গ মাইল জোৰা এটা কৃত্রিম হ্রদ এই অৰণ্যৰ সৌন্দৰ্যৰ আন এটা আকর্ষণ। শ শ হাতীৰ জাক, বাইচন, চম্বৰ, পৰ্থ আৰু বিবিধ জল-পখী এই অৰণ্যৰ সম্পদ।

14. বংগনাথি বিহংগ অভয়াৰণ্য

কর্ণাটকৰ শ্ৰীৰংগপ উমত। কাবেৰী নদীৰ এটা দ্বীপ অবস্থিত ১.৬৬ বর্গ মাইল ঠাইত অৱস্থিত এই ক্ষুদ্র অভয়াৰণ্য বিহংগৰ ৰংগভূমি।

15. শিবপুৰী ৰাষ্ট্ৰীয় উদ্যান

মধ্যপ্রদেশত; আয়তন ৬১ বর্গ মাইল। ই চম্বৰ, ফুটুকী হৰিণ, নীল গাই, গাহৰি, শ্লথ, হায়েনা, বাঘ আদিৰ আবাসভূমি।

16. বেদান্তাঙ্গল বিহংগ অভয়াৰণ্য

তামিলনাডুৰ চিঙ্গলপুট জিলাত; ৭৪ একৰ মাটিত অৱস্থিত। বিবিধ চৰাইৰ আবাসভূমি।

17. গীৰ ৰাষ্ট্ৰীয় উদ্যান

গুজৰাটত; প্রায় ৫০০ বর্গ মাইল আয়তনৰ এই উদ্যান সিংহৰ আবাস ভূমি।

বৃহত্তম উদ্যান

বিশ্বৰ বৃহত্তম পার্কখা হৈছে আফ্রিকা মহাদেশৰ জাম্বিয়াৰ কাফু ৰাষ্টীয় উদ্যান। ইয়াৰ আয়তন ৮৬৫০ বর্গ মাইল। ই অসংখ্য সিংহ, জলহস্তী, হাতী, দুই শিঙীয়া গঁড়, জেব্রা, চিতাবাঘ, কুকুৰনেচীয়া বাঘ, ঘঁৰিয়াল আদি জন্তু, ঈগল, শগুণ, বৰটোকোলা, কণামুচৰি আদি ৬০০ তকৈ অধিক বিধৰ চৰাইৰ আবাসভূমি।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়েলােস্টোন ৰাষ্ট্ৰীয় উদ্যান ১১৭২ খ্রীষ্টাব্দৰ ১ মাৰ্চত চৰকাৰীভাৱে ঘােষিত প্রথম ৰাষ্ট্ৰীয় উদ্যান।

সামৰণি

ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যবােৰ এফালে বনৰীয়া জীৱ-জন্তুৰ আশ্রয়স্থল আৰু অবাস-ভূমি,আনফালে সৌন্দর্য উপভােগৰ মনােৰম ৰংগভূমি। সুন্দৰৰ মনােৰম সৃষ্টিত সকলােটি প্রাণী, তৰু-তৃণ আদি প্রত্যেকেই সৌন্দর্য প্রতিমূর্তি। সেইবাবে ইহতঁৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ব্যৱস্থা মানুহেই কৰিব লাগিব। মহাপুৰুষৰ বাণী “কুকুৰ, শৃগাল, গদ্দভৰো, আত্মাৰাম” সাবােগত কৰি জীৱৰ প্রতি দয়া, কৰুণা প্রদর্শন কৰাটো মানুহৰে ধর্ম। চৰকাৰে এই প্রাণীবােৰ আৰু তৰু- তৃণবােৰৰ ৰক্ষণাৱেক্ষণৰ যি ব্যৱস্থা লৈছে, তাত আমাৰ প্ৰত্যেকজন নাগৰিকৰাে সহযােগিতা একান্ত প্রয়ােজন। সৃষ্টি-সৃষ্টিৰ বাবেহে, ধ্বংসৰ বাবে নহয়; সৃষ্টিৰ আনন্দই সবাতােকৈ শ্রেষ্ঠ আনন্দ। গতিকে সৃষ্টিক ৰক্ষা কৰিবলৈ আমি দৃঢ়প্রতিজ্ঞ হৈ, সুন্দৰৰ সৃষ্টিক আৰু সুন্দৰলৈ উপলব্ধি কৰিবলৈ চেষ্টা কৰা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top