মে’ দিৱস ৰচনা | May Day Essay in Assamese

মে’ দিৱস ৰচনা | May Day Essay in Assamese

Join Telegram channel

“দলিতৰ, পেষিত্ৰ,

ক্ষুধিতৰ, ভূষিতৰ,

লাঞ্ছিতৰ মাথোঁ হাহাকাৰ।

ধ্যানমগ্ন মহাকাল সম মই

সেইহে জাগিলোঁ আজি

ভীষণ ৰূপেৰে সাজি

বিদ্যুৎ-বিপ্লৱ-বহ্নি জ্বালি

তিমিৰৰ মহাগর্ভ ফালি।”

– জ্যোতিপ্ৰসাদ

বিশ্বত মেহনতী জনতাৰ ঐক্য আৰু সংহতিৰ প্ৰতীক মে’ দিৱস। পুঁজিপতি আৰু জমিদাৰসকলৰ শোষণ আৰু নিপীড়নৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ হাজাৰ হাজাৰ কৃষক আৰু শ্রমিকে বুকুৰ তেজ দি গঢ়ি তোলা অবাৰিত সংগ্ৰাম আৰু আন্দোলনৰে ই ফলশ্ৰুতি। ইয়াৰ বুকুত নিহিত আছে, ৰিক্ত আৰু নিঃসহায় খাটি খোৱা মানুহৰ সাহস, ধৈৰ্য আৰু ত্যাগৰ মৰ্মস্তুদ কাহিনী। ৰক্ত ৰঞ্জিত এই মে’ দিবসৰ ইতিহাস। যুগান্তকাৰী সামাজিক পৰিৱৰ্তন সংঘটনকাৰী দুৰ্বাৰ সংগ্ৰামকেই যদি বিপ্লৱ বুলি কোৱা হয়, তেনেহ’লে, মে’ দিৱস-বিশ্বৰ নিপীড়িত কৃষক আৰু শ্ৰমিকৰ মুক্তিকামী বিপ্লৱৰো প্ৰতীক ।

মে’ দিৱস ৰচনা | May Day Essay in Assamese

মে’ দিৱসৰ পটভূমি | May Day background

নিৰৱচ্ছিন্ন শ্রম, অন্তহীন যাতন৷ অথচ আগ্নেয়গিৰি সম বুভুক্ষা এয়ে আছিল যুগে যুগে সভ্যতাৰ নিম্নস্তৰত অলিয়ে-গলিয়ে, মৰি মৰি বাচি থকা কংকালসাৰ শ্ৰমিক, বনুৱা, কৃষকসকলৰ ভাগ্য। পেটত গামোচা বান্ধি দিনে ১৪/১৫ ঘণ্টাৰপৰা আৰম্ভ কৰি ২০ ঘণ্টা পর্যন্ত পৰিশ্ৰম কৰিও দুবেলা দুমুঠি ভাত, মানুহ বুলি পৰিচয় দিব পৰা এসাজ কাপোৰ, জাৰ নিবাৰণৰ কাৰণে এখন কম্বলৰ সংস্থান কৰিব নোৱাৰা, দলিত মানুহৰ প্ৰাণৰ অশ্রুসিক্ত, মূক-মৌন বেদনাই আছিল তেওঁলোকৰ অভিশপ্ত জীৱনৰ পাথেয়। অথচ এইসকলেই গঢ়ি তুলিছিল পুঁজিপতি, জমিদাৰ, উদ্যোগপতিসকলৰ দৌলত আৰু আকাশলঙ্ঘী অট্টালিকা। ৰুদ্ধদ্বাৰ কল-কাৰখানাৰ উত্তপ্ত, শ্বাস-ৰুদ্ধ পৰিৱেশত তৃষ্ণাতুৰ বনুৱাই এটোপা পানীৰ বাবে আৰ্তনাদ কৰি উঠিলে, পুৰস্কাৰ পাইছিল ৰক্ত-মাংসহীন উদং পিঠিত চাবুকৰ কোব। ঊনবিংশ শতিকাৰ এটা কাৰখানাৰ বনুৱাসকলৰ ভাগ্যৰ এটি সামান্য নিদর্শন চাওক- “They worked fourteen hours per day……., the door is locked in working hours, except for half an hour at tea-time, the work-people are not allowed to send for water to drink in the hot factory…. !”

পৰিৱৰ্তনশীল জগৎ। নিষ্পেষিত শ্রমিক, বনুৱাৰ ভাগ্যৰো পৰিৱৰ্তন ঘটিল। কার্ল মার্ক্স, ফ্রেড্‌কি এংগেল্‌ছ আদিৰ ভাৱধাৰা আৰু আদৰ্শই মুক্তিৰ ৰেঙণি বিৰিঙাই তুলিলে বনুৱাসকলৰ অন্তৰত। এই দুজন কালজয়ী শ্রমিক-দৰদীৰ “কমিউনিষ্ট মেনিফেষ্টো” আৰু কাৰ্ল মার্ক্সৰ “ডাচ কেপিটেল”-এ শ্রমিক আন্দোলন গঢ় দিয়াত প্রভূত অবিহণা যোগালে। ১৮৮৪ চনত বিশ্বৰ সাম্যবাদী গোষ্ঠীৰ ক্রোড়পত্ৰত ঘোষিত হ’ল- “The workers have nothing to lose but their chains, They have a world to win. Proletarians of all lands, unite” আৰু ঘোষিত হ’ল- “Live working of die fighting” তদুপৰি সমসাময়িকভাৱে বাইৰণৰ “Liberty! Brightest in Dungeon;” ওৱৰ্ডছৱৰ্থৰ-

Two voices are there, one is of the sea.

One of the mountains; each a mighty voice;

In both from age to age thou dic st rejoice,

They were thy chosen music, Liberty!” -আদি কবিতাৰ মর্মবাণীয়ে স্বাধীনতা শান্তি, প্ৰগতিৰ প্ৰতি সমগ্ৰ বিশ্ববাসীৰ বিশেষকৈ শোষিত, নিষ্পেষিত জনগণৰ অন্তৰত মুক্তিৰ বাণী শুনাই থৈ গ’ল। গতিকে জাগ্রত হ’ল শ্রমিক বনুৱাসকল; আৰম্ভ হ’ল বিশ্বত শ্রমিক বনুৱাৰ মুক্তিৰ সংগ্ৰাম।

Read Also: ছুনামি ৰচনা | Tsunami Essay in Assamese

ইতিহাস

শ্রমিক আন্দোলনৰ ইতিহাস দীঘলীয়া; বিশ্বৰ বিভিন্ন ঠাইত উদ্যোগ গঢ়ি উঠাৰ লগে লগেই আৰম্ভ হয় শ্রমিক আন্দোলনৰ। পৃথিৱীৰ সবাতোকৈ সম্পদশালী দেশ আমেৰিকাত ১৮২০ চনৰপৰাই বিভিন্ন কল-কাৰখানাত কামৰ সময় কমোৱাৰ দাবীতে ধর্মঘট সংঘটিত হৈছিল। শ্ৰমিকসকলৰ মূল দাবী আছিল “৮ ঘণ্টা কাম, ৮ ঘণ্টা বিনোদন আৰু ৮ ঘণ্টা বিশ্রাম।” -তেওঁলোকৰ এই দাবীত বিভিন্ন ঠাইত, বিভিন্ন সময়ত আন্দোলন গঢ়ি উঠে। ১৯৪৮ চনৰ পাছৰেপৰা ইউৰোপৰে বিভিন্ন দেশত শ্রমিক আন্দোলন আবম্ভ হয়। ১৮৬৪ চনত পৃথিৱীৰ বহুদেশৰ সন্মিলিত প্রচেষ্টাত- “আন্তর্জাতিক শ্রমিক সংস্থা” গঠিত হয়। তাৰে আদৰ্শত অনুপ্রাণিত হৈ ১৯৬৬ চনত সমগ্ৰ আমেৰিকাৰ বিভিন্ন শ্রমিক সংগঠনবোৰ এক পতাকাৰ তলত সন্মিলিত হয়। তেওঁলোকে ঘোষণা কৰিলে যে, সকলো শ্রমিক পুঁজিবাদী দাসত্বৰপৰা মুক্ত হ’ব লাগিব। তাৰ স্বীকৃতি স্বৰূপে যুক্তৰাষ্ট্ৰৰ সকলো ৰাজ্যতে শ্ৰমিকসকলৰ কামৰ সময় ৮ ঘণ্টা কৰিব লাগিব। প্রয়োজন হলে তাৰ কাৰণে শক্তি প্ৰয়োগ কৰিব লাগিব আৰু সেই ক্ষেত্ৰত চৰম ভাগ্যৰ বাবে সকলো শ্রমিক সাজু থাকিব লাগিব৷

১৮৭৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ তৰুণ শ্রমিক সংগঠনবোৰেও এই দাবীতে আন্দোলন গঢ়ি তোলে। ১৮৮৪ চনত আমেৰিকাৰ শ্রমিক ফেডাৰেছনও এই দাবীতে ধর্মঘটৰ আহ্বান দিয়ে। ১৮৮৬ চনৰ ১ মে’; শ্রমিক আন্দোলনৰ ইতিহাস ৰঞ্জিত এই দিনটো। শ্রমিক সংগঠনবোৰে দাবী জনালে- সেইদিনাৰপৰা শ্ৰমিকৰ কামৰ সময় ৮ ঘণ্টা হ’ব। বিভিন্ন শ্রমিক সংগঠনে এই আহ্বানৰ প্ৰতি সঁহাৰি জনালে । সিদ্ধান্ত হ’ল- সেই দিনা ব্যাপক উদ্যোগেৰে সকলো শ্রমিকে ধর্মঘট কৰি কল-কাৰখানাৰপৰা সমদলে ওলাই আহি দাবী প্রতিপন্ন কৰিব।

যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰ। ব্যৱসায়-বাণিজ্য, কল-কাৰখানাৰ বৃহত্তম কেন্দ্ৰ ৷ সেইদিনা হাজাৰ হাজাৰ শ্ৰমিক বনুৱাই কল-কাৰখানা ত্যাগ কৰি চিকাগোত সমবেত হ’ল; অভূতপূর্ণ, বিপুল সমাৱেশষ মালিক শ্ৰেণী আৰু চৰকাৰৰ সন্মিলিত শক্তিয়ে সৰ্বশক্তিৰেপ্ৰতিৰোধ বেহু ৰচনা কৰিলে৷ ধৰ্মঘটকাৰীসকল ছেদেলি-ভেদেলী হ’ল; কিন্তু ধর্মঘট বিয়পি পৰিল সমগ্ৰ দেশৰ চুকে-কোণে অবাৰিত আৰু দুৰ্ব্বাৰ গতিৰে ৷

পুঁজিপতি, জমিদাৰ আদি ধনিক শ্রেণী ক্ষুব্ধ হৈ উছিল। তেওঁলোকৰ আশীৰ্বাদ-ধন্য বাতৰি কাকতবোৰে ধ্বনি দিলে- “ধৰ্মঘটৰ প্ৰত্যুত্তৰ দিব লাগে বন্দুকেৰে। উদ্ধত নেতাসকলৰ পৰিণতি ফাঁচী কাঠ।” কার্যতঃ সেয়ে সংঘটিত হ’ল। ৩ মে’ তাৰিখে “মেক্‌ কমিকৰিপেয়াৰ”কাৰখানাৰ ধৰ্মঘটকাৰী শ্রমিকসকল বন্দুকৰ সন্মুখীন হ’ল। কেৱল বন্দুক আৰু বন্দুক। বন্দুকৰ শব্দত চৌদিশ মুখৰিত। মৃত্যু-শীতল আতংক চৌদিশে। ৬ জন নিহত হ’ল; অসংখ্যজন আহত হ’ল; তেজৰ নৈ বৈ গ’ল, ৰক্ত ৰঞ্জিত হ’ল চিকাগো চহৰ।

পুলিচৰ এই বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত ৪ মে’ তাৰিখে চিকাগোৰ হে’ মাৰ্কেট স্কোৱাৰ’ত বিৰাট প্রতিবাদ সভা অনুষ্ঠিত হ’ল । সভাত পুলিচে অপ্ৰৰোচিতভাৱে আক্রমণ চলাই গুলি বর্ষণ কৰিলে; পুলিচ আৰু বিক্ষুদ্ধ জনতাৰ মাজত এক অঘোষিত যুদ্ধ সংঘটিত হ’ল। ৰণাংগন তেজেৰে ৰাঙলী হ’ল। ৰক্ত-ৰঞ্জিত চিকাগোত চৰকাৰী হিচাপ মতে ৪ জন শ্রমিক নিহত আৰু ৫০ জন আহত হ’ল। কিন্তু বে-চৰকাৰী হিচাপ মতে নিহতৰ সংখ্যা বহুগুণে বেছি; আহতৰ সংখ্যা কেইবা হাজাৰৰো ঊর্ধ্বত। সংগ্রামী নেতৃবৃন্দ কাৰাৰুদ্ধ হ’ল৷ পাৰ্ছনছ, স্কাইজ, ফিচাৰ, এংগেলকে আদি কৰি সাতজন নেতাক বিনা বিচাৰে ফাঁচীৰ কাঠত ওলমোৱা হ’ল । শ্রমিক বনুৱাৰ মুখপত্ৰবোৰ নিষিদ্ধ কৰা হ’ল; শোভাযাত্রা, সমাৱেশ আদি বেআইনী বুলি ঘোষিত হ’ল । নিৰস্তু, নিৰীহ শ্রমিকৰ ওপৰত চলোৱা এই শোকাবহ হত্যাকাণ্ডত সমগ্ৰ বিশ্ব কঁপি উঠিল । বিশ্বৰ লাখ লাখ মেহনতী জনতাই দৃপ্ত কণ্ঠেৰে ঘোষণা কৰিলে,- “শোষণ আৰু নিপীড়নৰ বিৰুদ্ধে বিশ্বৰ শ্ৰমিক বনুৱা এক হওক ।”

এক হ’ল। ১৮৮৯ চনৰ ১৪ জুলাইত ফ্রেডেৰিক এংগেল্‌ছৰ নেতৃত্বত পেৰিছত অনুষ্ঠিত হ’ল আন্তর্জাতিক শ্রমিক সন্মিলন। চিকাগো চহৰৰ কেঁচা তেজৰ গোন্ধৰ কেঁচা স্মৃতি সোঁৱৰণ কৰি সন্মিলনত প্ৰস্তাৱ গৃহীত হ’ল- শ্রমিক বনুৱাৰ বুকুৰ ৰঙা তেজৰ বোলসনা ১ মে’ দিনটো সকলো দেশৰ, সকলো চহৰৰ শ্ৰমিকৰ বাবে ৮ ঘণ্টীয়া কৰ্মৰ দাবীত আন্তর্জাতিক বিক্ষোভ প্ৰদৰ্শনৰ স্মৃতি দিবস হিচাপে গণ্য হওক আন্তর্জাতিক শ্রমিক ঐক্য আৰু সংহতিৰ প্ৰতীক।

১৮৯১ চনত ত্ৰুচেল্‌চত অনুষ্ঠিত আন্তর্জাতিক শ্রমিক সন্মিলনতো এই প্রস্তাৱ পুনৰ্বাৰ ঘোষণা কৰি, শ্রমিক বনুৱাৰ উন্নয়ন আৰু জাতিসমূহৰ মাজত শান্তি-সম্প্ৰীতি স্থাপনৰ দাবীত সভা শোভাযাত্রা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া হ’ল ৷ তেতিয়াৰেপৰা সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত ১ মে’দিনটো “আন্তর্জাতিক শ্রমিক ঐক্য আৰু সংহতি দিবস” হিচাপে অনুষ্ঠিত হৈ আহিছে।

মে’ দিৱস পালন

পৃথিৱীৰ সৰ্ব প্ৰথম সমাজতান্ত্রিক দেশ ছোভিয়েট ৰুছিয়াত ১৯১৮ চনত বহু দেশৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰথম বাৰৰ বাবে ১ মে’ তাৰিখে আন্তর্জাতিকভাৱে মে’ দিৱস বিপুল সমাৰোহেৰে উদযাপন কৰা হয় আৰু তাৰ পাছৰেপৰা বিশ্ববাসীয়ে ইয়াৰ তাৎপৰ্য বিশেষ গুৰুত্ব সহকাৰে উপলব্ধি কৰিবলৈ ধৰে।

Read Also: Class 10 Science Solution

মে’ দিৱসৰ আধুনিক দৃষ্টিভংগী

মে’ দিবসৰ তাৎপৰ্য আজি বিশ্বৰ শ্ৰমিক-বনুৱাৰ ৮ ঘণ্টীয়া কৰ্মৰ দাবীতে সীমাবদ্ধ হৈ থকা নাই। ইয়াৰ পৰিসৰ বৃদ্ধি হৈছে। ঐক্যবদ্ধ শ্রমিক আন্দোলন আৰু সংগ্ৰাম যোগেদি বিশ্বত শোষণ আৰু নিপীড়ন মুক্ত শ্রমিক ৰাজ প্ৰতিষ্ঠাৰ পৰ্যায়ত ই পর্যবসিত হৈছে গৈ। বর্তমানে সমাজৰ ভাগ্য নিৰ্ণয়কাৰী শ্রমিক শ্ৰেণীৰ ৰাজত্ব প্রতিষ্ঠিত হৈছে বিশ্বৰ এক-তৃতীয়াংশ দেশত। চিকাগোৰ হে’ মার্কেটিৰ ৰক্তাক্ত, মর্মন্তুদ ঘটনাৰ ৯৬ বছৰৰ পাছত ১৯৮২ চনত কিউবাত পৃথিৱীত ২৭ কোটি শ্রমিকে প্রতিনিধিত্ব কৰা ১৩৮ খন দেশৰ শ্রমিক প্রতিনিধিসকলৰ “বিশ্ব ট্রেড ইউনিয়ন কংগ্ৰেছ” অনুষ্ঠিত হয়। বিশ্ব শান্তি, শ্রমিকৰ অধিকাৰ সুৰক্ষা আৰু শোষণ মুক্ত সমাজ প্ৰতিষ্ঠাৰ কাৰণে চলোৱা সংগ্ৰামৰ ই এক ঐতিহাসিক আৰু অবিস্মৰণীয় ঘটনা। বিশ্ব শান্তি, প্রগতি আৰু ভ্ৰাতৃত্বৰ মহান আদৰ্শক বিশ্বত নতুন ৰূপেৰে প্ৰতিষ্ঠা কৰাত শ্ৰমিকসকলৰ মহান ভূমিকাৰ ই জ্বলন্ত প্রতীক৷

পৃথিৱীৰ বহু দেশত মে’ দিবসটো ছুটীৰ দিন দিচাপে গণ্য কৰা হৈছে। ভাৰতৰো কেইখনমান ৰাজ্যত ১৯৮২ চনৰপৰা এই দিবসটো ছুটীৰ দিন হিচাপে ঘোষণা কৰি, শ্রমিক শ্ৰেণীৰ দাবী আৰু আদৰ্শৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছে।

সামৰণি

শ্ৰমিকৰ কৰ্মশক্তি, কর্মপ্ৰেৰণা আৰু ঐকান্তিকতাৰ ওপৰতে দেশৰ শিল্পোন্নয়ন নিৰ্ভৰ কৰে; গতিকে দেশৰ প্ৰগতিও নিৰ্ভৰশীল। সেই বাবে শ্রমিকৰ অধিকাৰ সাব্যস্ত কৰা আৰু তেওঁলোকৰ কল্যাণ সাধন কৰা দেশবাসীৰ কৰ্তব্য। যি তেজৰ বিনিময়ত বর্তমানে সমগ্র বিশ্বত শ্ৰমিকৰ দাবী প্রতিপন্ন হৈছে, সেই তেজ শান্তি, প্ৰগতি আৰু সাম্যৰ প্ৰতীক হওক। চিকাগো চহৰৰ বাটে ঘাটে, ধূলিয়ে-বালিয়ে মিহলি হৈ থকা শ্ৰমিকৰ তেজৰ কণিকাবোৰ বিশ্বৰ শ্ৰমিক আৰু কাটি খোৱা মানুহৰ আদৰ্শ আৰু প্ৰেৰণাৰ চিৰযুগমীয়া উৎস হওক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top