Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ

Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ.

Join Telegram channel

প্রশ্ন ৭৬:- বিশ্বত পোন প্ৰথমতে প্রাক্‌-প্রাথমিক শিক্ষানুষ্ঠান স্থাপন হৈছিল ব্রেকেনবার্গ চহৰত–

(ক) ১৮৩০ চনত৷

(খ) ১৮৩২ চনত৷

(গ) ১৮৩৫ চনত৷

(ঘ) ১৮৩৭ চনত৷

উত্তৰ : (ঘ) ১৮৩৭ চনত ৷

প্রশ্ন ৭৭:- শিক্ষাৰ অধিকাৰ আইন ২০০৯ খন ভাৰতত বলবৎ হৈছিল–

(ক) ২০০৯ চনৰ ১ এপ্রিলত৷ 

(খ) ২০১০ চনৰ ১ এপ্রিল৷

(গ) ২০০৯ চনৰ ৫ জুনত৷

(ঘ) ২০১০ চনৰ ৫ জুনত৷

উত্তৰ : (ক) ২০০৯ চনৰ ১ এপ্রিলত ৷

প্রশ্ন ৭৮:- ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনমতে প্রাথমিক শিক্ষা বিনামূলীয়াকৈ লাভ কৰিব– 

(ক) ৬–১৪ বছৰীয়া শিক্ষার্থীয়ে৷

(খ) ৩–১০ বছৰীয়া শিক্ষার্থীয়ে৷

(গ) ৫–১২ বছৰীয়া শিক্ষার্থীয়ে৷

(ঘ) ৭–১৫ বছৰীয়া শিক্ষার্থীয়ে৷

উত্তৰ : (ক) ৬–১৪ বছৰীয়া শিক্ষার্থীয়ে ৷

প্রশ্ন ৭৯:- আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা আছিল– 

(ক) পাৰ্চী নান৷

(খ) প্লেটো৷

(গ) ৰুছো৷

(ঘ) পেষ্টালজী৷

উত্তৰ : (গ) ৰুছো ৷

প্রশ্ন ৮০:- “শিক্ষকসকলেই হ’ল প্ৰকৃতাৰ্থত জাতিৰ ভাগ্য নির্মাতা”– মতবাদটো আছিল–

(ক) ড°জাকিৰ হুছেইন৷

(খ) ৰবীন্দ্রনাথ ঠাকুৰ৷

(গ) মহাত্মা গান্ধী৷

(ঘ) সৰ্বপল্লী ৰাধাকৃষ্ণণ৷

উত্তৰ : (ক) ড°জাকিৰ হুছেইন ৷

প্রশ্ন ৮১:- বিদ্যালয় এখন হ’ল–

(ক) ক্ষুদ্র সমাজ৷

(খ) বৃহত্তৰ সমাজ৷

(গ) মূৰ্ত সমাজ৷

(ঘ) অমূৰ্ত সমাজ৷

প্রশ্ন ৮২:- জীৱনদাতা পিতৃ-মাতৃতকৈও শিক্ষকসকলক অধিক শ্ৰদ্ধাৰ পাত্ৰ বুলি অভিহিত কৰিছিল–

(ক) এৰিষ্টটলে৷

(খ) ৰুছোৱে৷

(গ) পাৰ্চী ননে৷

(ঘ) প্লেটোৱে৷

উত্তৰ : (ক) এৰিষ্টটলে ৷

প্রশ্ন ৮৩:- বুনিয়াদী শিক্ষা আঁচনি গঠন কৰা হৈছিল– 

(ক) ১৯৩৫ চনত৷

(খ) ১৯৩৭ চনত৷

(গ) ১৯৩৮ চনত৷

(ঘ) ১৯৪০ চনত৷

উত্তৰ : (খ) ১৯৩৭ চনত৷

প্রশ্ন ৮৪:- অসম প্রাথমিক শিক্ষা আইনখন প্রণয়ন কৰা হৈছিল–

(ক) ১৯১১ চনত৷

(খ) ১৯২০ চনত৷

(গ) ১৯২৬ চনত৷

(ঘ) ১৯৩০ চনত৷

উত্তৰ : (গ) ১৯২৬ চনত৷

প্রশ্ন ৮৫:- বিদ্যালয় এখনে প্ৰধানকৈ সমস্যা সমাধান কৰিব পাৰে– 

(ক) শিক্ষকৰ৷

(খ) শিক্ষাৰ্থীৰ৷

(গ) পৰিয়ালৰ৷

(ঘ) সমাজৰ৷

উত্তৰ : (ঘ) সমাজৰ ৷

প্রশ্ন ৮৬:- শিশুৰ যৌনতা সম্বন্ধে নতুন নতুন তথ্যৰ সন্ধান দিছিল–

(ক) ফ্ৰৱেলে৷

(খ) ফ্ৰয়েডে৷

(গ) ৰুছোৱে৷

(ঘ) প্লেটোৱে৷

উত্তৰ : (খ) ফ্ৰয়েডে ৷

প্রশ্ন ৮৭:- শিশুৰ আৱেগিক জীৱনৰ সুস্থ বিকাশৰ বাবে অতিকৈ প্ৰয়োজন–

(ক) পুৰস্কাৰৰ৷

(খ) শাস্তিৰ৷

(গ) মৰমৰ৷

(ঘ) ঘৃণাৰ৷

উত্তৰ : (গ) মৰমৰ।

প্রশ্ন ৮৮:- শিশুৰ ক্ষেত্ৰত অস্বাভাৱিকতা আহিব পাৰে–

(ক) গর্ভৱতী মাতৃয়ে আঘাত পালে৷

(খ) বংশ গতিৰ বাবে৷

(গ) গর্ভবতী মাতৃয়ে অধিক মনোকষ্ট পালে৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্রশ্ন ৮৯:- ব্যক্তিৰ দৈহিক সুস্থতাক দৈহিক স্বাস্থ্য আৰু মানসিক সুস্থতাক কোৱা হয়–

(ক) মনোৰোগ৷

(খ) মানসিক স্বাস্থ্য৷ 

(গ) ভাৱবৃত্তি৷

(ঘ) বিমূৰ্ত ভাৱবৃত্তি৷

উত্তৰ: (খ) মানসিক স্বাস্থ্য।

প্ৰশ্ন ৯০:- সুস্থ দেহাতহে সুস্থ– 

(ক) মনৰ সৃষ্টি হয়৷

(খ) দেহৰ সৃষ্টি হয়৷

(গ) স্বাস্থাৰ সৃষ্টি হয়৷

(ঘ) ব্যক্তিত্বৰ সৃষ্টি হয়৷ 

উত্তৰ : (ক) মনৰ সৃষ্টি হয় ।

প্ৰশ্ন ৯১:- মানুহৰ বিকাশক চাৰিটা স্তৰত বিভাজন কৰা প্ৰথমগৰাকী দার্শনিক আছিল–

(ক) ৰুছো৷

(খ) ৰাইবাৰ্ন৷

(গ) আনেষ্ট জোনচ৷

(ঘ) ফ্ৰৱেল৷

উত্তৰ : (ক) ৰুছো ৷

প্রশ্ন ৯২:- শিশুৰ যৌন অনুভূতিৰ উপায় হৈছে মুখ সম্বন্ধীয় (Oral), মলদ্বাৰ সম্বন্ধীয় (anus) আৰু অনুভূতি সম্বন্ধীয় (Skin Sensation)- উক্তিটো আগবঢ়াইছিল– 

(ক) চেন্দিফোর্ডে৷

(খ) ৰাইবাৰ্নে৷

(গ) ফ্ৰয়েডে৷

(ঘ) পাৰ্চীনানে৷

উত্তৰ : (গ) ফ্ৰয়েডে ৷

প্ৰশ্ন ৯৩:- শিশু শিক্ষাৰ ক্ষেত্ৰত কঠীয়াতলী বুলি অভিহিত কৰা হয়–

(ক) স্কুলক৷

(খ) ঘৰখনক৷

(গ) পাঠশালাক৷

(ঘ) মোক্তবক৷

উত্তৰ : (খ) ঘৰখনক ।

প্ৰশ্ন ৯৪:- লিংগভেদে বিকাশৰ গতি হয়–

(ক) সমান৷

(খ) কম৷

(গ) স্তব্ধ৷

(ঘ) বেলেগ বেলেগ৷

উত্তৰ : (ঘ) বেলেগ বেলেগ ।

প্রশ্ন ৯৫:- নৱজাত শিশুৰ সকলোবোৰ ক্ৰিয়া আচৰণেই হ’ল– 

(ক) মানসিক প্রয়োজনমুখী৷

(খ) নৈতিক প্ৰয়োজনমুখী৷

(গ) আধ্যাত্মিক প্রয়োজনমুখী৷

(ঘ) দৈহিক প্ৰয়োজনমুখী৷

উত্তৰ : (ঘ) দৈহিক প্ৰয়োজনমুখী ৷

প্ৰশ্ন ৯৬:- প্রাক্‌-স্কুল পর্যায় আৰম্ভ হয়– 

(ক) শৈশৱ কালত৷

(খ) বাল্যকালত৷

(গ) কেঁচুৱা কালত৷

(ঘ) কৈশোৰ কালত৷

উত্তৰ : (ক) শৈশৱ কালত ।

প্রশ্ন ৯৭:- জন্ম হোৱাৰ পৰা নাড়ী সংযোগ বিচ্ছিন্ন নকৰালৈকে এটা শিশুক কোৱা হয়–

(ক) নৱজাত৷

(খ) সদ্যোজাত৷

(গ) কেঁচুৱা৷

(ঘ) শিশু৷

উত্তৰ : (খ) সদ্যোজাত ৷

প্ৰশ্ন ৯৮:- দৈহিক বিকাশৰ গতি অতি ক্ষিপ্রতৰ হয়–

(ক) কৈশোৰ কালত৷ 

(খ) বাল্যকালত৷

(গ) বয়স্ক অৱস্থাত৷

(ঘ) শৈশৱকালত৷

উত্তৰ : (ঘ) শৈশৱকালত ৷

প্ৰশ্ন ৯৯:- শিশুৰ ভাব-চিন্তা একান্ত ব্যক্তিকেন্দ্রিক বাবেই শিশুবোৰ–

(ক) সমাজকেন্দ্রিক৷

(খ) পৰিয়ালকেন্দ্রিক৷

(গ) বিদ্যালয়কেন্দ্রিক৷

(ঘ) আত্মকেন্দ্রিক৷

উত্তৰ : (ঘ) আত্মকেন্দ্রিক ৷

প্রশ্ন ১০০:- শিশুসকলৰ যৌনজীৱন থাকে বাবেই ইয়াক কোৱা হয়–

(ক) বিপৰীত লিংগকামিতা৷

(খ) সমকামিতা৷

(গ) আত্মকাম প্ৰৱণতা৷

(ঘ) এটাও নহয়৷

উত্তৰ : (গ) আত্মকাম প্ৰৱণতা ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top