Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ

Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ.

Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ

Join Telegram channel

Also, you can read the Assam TET Objective-type questions online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET Child Development. Here we have given Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ for All Objective type question, You can practice these here.

প্ৰশ্ন ৫১:- “মানুহৰ সমূহ সহজাত জৈৱিক প্ৰবৃত্তি, প্ৰেৰণা, প্ৰৱণতা, হেঁপাহ আদি আৰু আৰ্জিত শিক্ষা অভিজ্ঞতা আদিৰ দ্বাৰা লাভ কৰা প্ৰবৃত্তি আৰু প্ৰৱণতা আদিৰ সমষ্টিয়েই ব্যক্তিত্ব”– উক্তিটো আগবঢ়াইছিল–

(ক) মৰ্টন প্ৰিন্স।

(খ) কেম্পফৰ।

(গ) কাৰ্ল য়ুং।

(ঘ) গৰ্ডন আলপৰ্ট।

উত্তৰ : (ক) মৰ্টন প্ৰিন্স ৷

প্রশ্ন ৫২:- ব্যক্তিয়ে নিজকে সমাজৰ পৰিৱেশৰ লগত সমাযোজন কৰা কার্যত প্রকাশ পায়–

(ক) বুদ্ধিৰ।

(খ) জ্ঞানৰ।

(গ) মনোযোগৰ।

(ঘ) ব্যক্তিত্বৰ।

উত্তৰ : (ঘ) ব্যক্তিত্বৰ ৷

প্রশ্ন ৫৩:- শিশুৰ সবল ব্যক্তিত্ব গঠনত সহয় কৰে–

(ক) সমনীয়ায়।

(খ) সমাজে।

(গ) শিক্ষকে।

(ঘ) টিভিয়ে।

উত্তৰ : (গ) শিক্ষকে ৷

প্ৰশ্ন ৫৪:- তিনি বছৰীয়া শিশু এটাৰ ব্যক্তিত্ব গঠনত প্রধান ভূমিকা পালন কৰে–

(ক) মাকে।

(খ) দেউতাকে।

(গ) শিক্ষকে।

(ঘ) মামাকে।

উত্তৰ : (ক) মাকে ৷

প্ৰশ্ন ৫৫:- শৈশৱ কালৰ শিশুৰ নৈতিক সচেতনতা–

(ক) থাকে।

(খ) নাথাকে।

(গ) অধিক থাকে।

(ঘ) কম থাকে।

উত্তৰ : (খ) নাথাকে ৷

প্রশ্ন ৫৬:- শিশুৰ ব্যৱহৃত নামটোৱে তাৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলাব–

(ক) পাৰে।

(খ) নোৱাৰে।

(গ) আংশিক পাৰে।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) পাৰে ৷

প্রশ্ন ৫৭:- শিশুৰ ব্যক্তিত্বত প্রভাৱ পেলোৱা প্রধান দিশ হ’ল–

(ক) দৈহিক অবস্থা। 

(খ) সঞ্চালন ক্ষমতা।

(গ) আৱেগিক নিয়ন্ত্রণ ক্ষমতা।

(ঘ) এটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) এটাইকেইটা শুদ্ধ ৷

প্রশ্ন ৫৮:- এটা সমস্যাজড়িত শিশুৱে সমাজৰ গ্ৰহণযোগ্য আচৰ–তাৰ সামাজিক পৰিৱেশত–

(ক) প্ৰদৰ্শন কৰিব নোৱাৰে।

(খ) প্ৰদৰ্শন কৰিব পাৰে।

(গ) প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে।

(ঘ) অতি ভালকৈ প্ৰদৰ্শন কৰে।

উত্তৰ : (ক) প্ৰদৰ্শন কৰিব নোৱাৰে ৷

প্রশ্ন ৫৯:- সমস্যাজৰ্জৰ শিশুসকলে গ্রহণযোগ্য আচৰণ প্ৰদৰ্শন কৰাত–

(ক) আনন্দ পায়।

(খ) মানসিক সুখ লাভ কৰে।

(গ) মানসিক বাধা অনুভৱ কৰে।

(ঘ) আশ্বস্ত হয়।

উত্তৰ : (গ) মানসিক বাধা অনুভৱ কৰে ৷

প্রশ্ন ৬০:- শিশুৰ সমস্যাজড়িত আচৰণৰ ভিতৰত পৰে–

(ক) মিছা কথা কোৱা আৰু চুৰি কৰা।

(খ) ঘৰ আৰু স্কুলৰ পৰা পলায়ণ কৰা।

(গ) অবিৰতভাৱে আঙুলি চোপা।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ৬১:- শিশুৰ সমস্যাজৰ্জৰ আচৰণ পৰিশোধনৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে–

(ক) সাধুকথাই।

(খ) টিভিয়ে।

(গ) মাক-দেউতাকে।

(ঘ) বিদ্যালয়ে।

উত্তৰ : (গ) মাক-দেউতাকে।

প্রশ্ন ৬২:- “যিবিলাক শিশুৱে তেওঁলোকৰ বিদ্যালয় জীৱনৰ মাজভাগত বয়স উপযোগী হোৱা সত্ত্বেও নিম্ন শ্ৰেণীৰ কাম-কাজ বিলাকো কৰিব বা পঢ়িব নোৱাৰে, প্ৰকৃততে তেনেবোৰ শিশুৱেই শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ শিশু”–মতবাদটো আছিল–

(ক) ছিৰিল বার্ট।

(খ) পেভলভ।

(গ) থৰ্নডাইক।

(ঘ) জন লক্।

উত্তৰ : (ক) ছিৰিল বার্ট ৷

প্রশ্ন ৬৩:- অতিমাত্রা লাজকুৰীয়া আৰু ভয়াতুৰ শিশু এটাক ক’ব পাৰি– 

(ক) সাধাৰণ।

(খ) সমস্যাজড়িত।

(গ) অস্বাভাৱিক।

(ঘ) আনগ্ৰসৰ।

উত্তৰ : (খ) সমস্যাজড়িত ৷

প্রশ্ন ৬৪:- যিবোৰ শিশুৰ বিকাশ খৰতকীয়া নহয়, খুব লাহে লাহে শিকে, তেওঁলোকক কোৱা হয়–

(ক) শ্লথ শিক্ষাৰ্থী।

(খ) প্রতিভাসম্পন্ন।

(গ) জঢ়ধী।

(ঘ) সাধাৰণ।

উত্তৰ : (ক) শ্লথ শিক্ষাৰ্থী৷

প্রশ্ন ৬৫:- সাধাৰণতে দুর্দান্ত শিশুবিলাক হয়–

(ক) ধীৰ হিৰ৷

(খ) অন্তৰ্মুখী৷

(গ) প্ৰাণ চঞ্চল৷

(ঘ) অনগ্ৰসৰ৷

উত্তৰ : (গ) প্ৰাণ চঞ্চল ৷

প্রশ্ন ৬৬:- মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা আছিল–

(ক) জন লক৷

(খ) ডব্লিউ বিয়াৰ৷

(গ) অনিষ্ট জুন্স৷

(ঘ) ছিৰিল বাৰ্ট৷

উত্তৰ : (ক) ডব্লিউ বিয়াৰ ৷

প্রশ্ন ৬৭:- মানসিকভাৱে স্বাস্থ্যবান ব্যক্তি এজনৰ লক্ষণ হ’ল–

(ক) পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তা অনুভূতি৷

(খ) পৰ্যাপ্ত পৰিমাণৰ আত্ম মূল্যায়ন৷

(গ) বাস্তৱৰ লগত সম্বন্ধ ৰখাৰ দক্ষতা৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্রশ্ন ৬৮:- ১৮৮৫ চনত এমিল ক্রেপেলিন নামৰ মনোবিদগৰাকীয়ে আস্বাভাৱিক আচৰণক ভাগ কৰিছিল– 

(ক) দুটা ভাগত৷

(খ) তিনিটা ভাগত৷

(গ) চাৰিটা ভাগত৷

(ঘ) পাঁচটা ভাগত৷

উত্তৰ : (ক) দুটা ভাগত ৷

প্রশ্ন ৬৯:- ভয়, সংঘাত, উৎকণ্ঠা আদি সৃষ্টি কৰা ভাৱ, স্মৃতি, ইচ্ছা আদিক অচেতন মনলৈ ঠেলি পঠিয়াই তাতে আবদ্ধ কৰি ৰখা প্ৰক্ৰিয়াকে–

(ক) সমাযোজন বোলে৷

(খ) মানসিক স্বাস্ত্যবিজ্ঞান বোলে৷

(গ) প্রক্ষেপণ বোলে৷

(ঘ) অৱদমন বোলে৷

উত্তৰ : (ঘ) অৱদমন বোলে ৷

প্রশ্ন ৭০:- এগৰাকী শিক্ষকৰ মানসিক অসুস্থতাৰ কাৰণ হ’ব পাৰে–

(ক) শিক্ষকতাৰ প্ৰতি থকা বিতৃষ্ণা৷

(খ) প্রতিকূল সামাজিক মনোভাৱ৷

(গ) অতিমাত্ৰা ক্ৰিয়া৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্রশ্ন ৭১:- তলৰ কোনটো বিকাশৰ উপাদান নহয় ?

(ক) বুদ্ধি৷

(খ) পৰিপক্কতা৷

(গ) অভিজ্ঞতা৷

(ঘ) ওজন৷

উত্তৰ : (ঘ) ওজন ।

প্রশ্ন ৭২:- শিশুৰ ক্ষেত্ৰত বিকাশৰ অৰ্থ হ’ল–

(ক) দৈহিক বিকাশ৷

(খ) মানসিক বিকাশ৷

(গ) আৰ্থ সামাজিক বিকাশ৷

(ঘ) সামগ্রিক বিকাশ৷

উত্তৰ : (খ) মানসিক বিকাশ।

প্রশ্ন ৭৩:- “এমিল” (Emile) গ্ৰন্থখনৰ স্রষ্টা আছিল–

(ক) ফ্রবেল৷

(খ) ৰুছো৷

(গ) মন্টেছশ্বৰী৷

(ঘ) প্লেটো৷

উত্তৰ : (খ) ৰুছো।

প্ৰশ্ন ৭৪:- শিক্ষাবিদ ডব্লিউ ত্ৰম. ৰাইবার্ণে বিকাশৰ স্তৰক বিভাজন কৰিছিল– 

(ক) তিনিটা স্তৰত৷

(খ) চাৰিটা স্তৰত৷

(গ) পাছত স্তৰত৷

(ঘ) ছয়টা স্তৰত৷

উত্তৰ : (ঘ) ছয়টা স্তৰত।

প্রশ্ন ৭৫:- শিশুৰ সৰ্বাংগীণ বিকাশত মুখ্য ভূমিকা পালন কৰে–

(ক) ঘৰখনে৷

(খ) বিদ্যালয়ে৷

(গ) সমাজে৷

(ঘ) পুথিভঁৰালে৷ 

উত্তৰ : (ক) ঘৰখনে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top