Assam Jatiya Bidyalay Class 8 Science Chapter 6 কাৰ্বন আৰু ইয়াৰ যৌগবোৰ

Assam Jatiya Bidyalay Class 8 Science Chapter 6 কাৰ্বন আৰু ইয়াৰ যৌগবোৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 কাৰ্বন আৰু ইয়াৰ যৌগবোৰ Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 6 কাৰ্বন আৰু ইয়াৰ যৌগবোৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 6 কাৰ্বন আৰু ইয়াৰ যৌগবোৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কাৰ্বন আৰু ইয়াৰ যৌগবোৰ

Chapter – 6

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে, তাৰে মাত্ৰ এটাহে শুদ্ধ 

উত্তৰঃ শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(ক) ফটফটীয়া চূণৰ পানীৰ মাজেদি Co₂ গেছ পঠিয়ালে দ্ৰৱৰ-

(i) বৰণ ঘােলা হয়। 

(ii) বৰণৰ পৰিবর্তন ঘটে। 

(iii) তাপ উৎপন্ন হয়। 

(iv) এইবােৰৰ এটাও নহয়।

উত্তৰঃ (i) বৰণ ঘােলা হয়।

(খ) জল গেছত থকা উপাদান হল-

(i) Co আৰু H₂ 

(ii) Co, Co₂, CH₄ 

(iii) Co আৰু N₂ 

(iv) CH₄ আৰু ইথিন

উত্তৰঃ (i) Co আৰু H₂

(গ) তলত দিয়াবােৰৰ বায়ু প্ৰদূষক হ’ল-

(i) O₂ 

(ii) Co₂ 

(iii) Co 

(iv) He

উত্তৰঃ (iii) Co

(ঘ) প্রডিউছাৰ গেছৰ উপাদান হল-

(i) Co, N₂ 

(ii) Co, H₂ 

(iii) N₂, NH₃ 

(iv) Co, H₂ N₂

উত্তৰঃ (i) Co, N₂

(ঙ) এবিধ বৰণহীন গেছেনীলা শিখা উৎপন্ন কৰে। গেছটোৱে Co ক বিজাৰিতকৰি কার্বন উৎপন্ন কৰে। গেছটো হ’ল-

(i) N₂ 

(ii) Co

(iii) Co₂

(iv) H₂

উত্তৰঃ (iv) H₂

(চ) শুকান বৰফৰ উপাদান হ’ল-

(i) গােটা He

(ii) গােটা Co₂ 

(iii) গােটা So₂ 

(iv) গােটা C₆H₆

উত্তৰঃ (ii) গােটা Co₂

২। খালী ঠাই পূৰণ কৰাঁ।

(ক) আয়তন হিচাপে বায়ুমণ্ডলত শতকৰা …………. ভাগ Co₂ থাকে।

(খ) বাইকার্বনেট যৌগ তীব্রভাৱে উত্তপ্ত কৰি …………. গেছ পােৱা যায়।

(গ) বায়ুৰ ……..…..অপসাৰণৰ দ্বাৰা Co₂ গেছ সংগ্রহ কৰা হয়।

(ঘ) চাপ বঢ়ালে Co₂ পানীত …..……. দ্রবীভূত হয়।

(ঙ) Co₂ ৰ জলীয় দ্রৱ হ’ল ………………।

(চ) সূৰ্যৰ পােহৰত Co₂ আৰু পানীৰ বিক্রিয়াৰ দ্বাৰা গ্লুক’জ উৎপন্ন হােৱা প্ৰক্ৰিয়াটোক ………….. বােলে।

(ছ) Co গেছে তেজ ………….. কৰে।

উত্তৰঃ (ক) 0.03,(খ) Co₂,(গ) উর্ধ,(ঘ) বেছিকৈ,(ঙ) আম্লিক,(চ) সালােক সংশ্লেষণ,(ছ) দূষিত।

৩। (ক) কার্বন’শব্দটো কোন ভাষাৰ পৰা আহিছে।

উত্তৰঃ লেটিন ভাষাৰ পৰা।

(খ) কার্বনৰ দুটা অক্সাইড নাম লিখা।ইয়াৰ কোনবিধ অক্সাইড বেছি বিষাক্ত।

উত্তৰঃ  কার্বন মনঅক্সাইড (Co) আৰু কার্বন ডাইঅক্সাইড (Co₂) ইয়াৰ Coবেছি বিষাক্ত।

৪। কার্বন ডাই অক্সাইড পূর্ণ গেছজাৰ এটাত মেগনেচিয়ামৰ জ্বলা ফিটা এডাল ভৰাই দিলে ফিটাভাল উজ্জল ভাৱে জুলি উঠে কিয় ?

উত্তৰঃ জ্বলি থকা মেগনেচিয়ামৰ ফিটালে Co₂ ক C আৰু O₂ লৈ পৰিবর্তন কৰে। এই O₂ খিনিত মেগনেচিয়াম উজ্জ্বলভাৱে জ্বলি উঠে।

Co₂ + 2Mg →2MgO + C

৫। Co₂ গেছৰ দুটা ভৌতিক ধর্ম লিখা।

উত্তৰঃ Co₂ ৰ ভৌতিক ধর্ম –

(ক) ই বৰণহীন, গােন্ধহীন গেছ।

(খ) ই বায়ুতকৈ গধুৰ।

৬। কার্বনে কিয় অসংখ্য যৌগ গঠন কৰে ?

উত্তৰঃ কার্বনে আন এটা কার্বনৰ লগত লাগি কার্বন শৃংখল গঠন কৰিব পাৰে। এনেদৰে অসংখ্য কার্বন লগ লাগিব পাৰে বাবেই কার্বনৰ অসংখ্য যৌগ পােৱা যায়।

৭। ছ’ডা পানী কি?ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয় ?

উত্তৰঃ পানীত Co₂ দ্রবীভূত হৈ থাকিলেই তাক ছ’ডা পানী বােলে। সাধাৰণ পানীত Co₂ সামান্য পৰিমাণেহে দ্রবীভূত হয়। কিন্তু উচ্চ চাপত যথেষ্ট পৰিমাণৰ Co₂ দ্রবীভূত কৰিব পাৰি। এনেকৈয়ে চাপ বঢ়াই পানীত Co₂ দ্রবীভূত কৰি ছ’ডা পানী প্রস্তুত কৰা হয়।

৮। শুকান বৰফকি ? ‘ইয়াক কি কামত ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ গােটা Co₂ ক শুকান বৰফ বােলে। শুকান বৰফ শীতলকাৰক হিচাবে ব্যৱহাৰ কৰা হয়। কাৰণ ইয়াৰ উষ্ণতা -78°C তুকৈ কম। আইছক্রিম প্রস্তুত কৰিবলৈ, মাছমাংস, ফল-মূল, শাক-পাচলি সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

৯। অৱৰূপ বুলিলে কি বুজা ?

উত্তৰঃ একেটা মৌলৰে ভিন ভিন ৰূপক অৱৰূপ বােলে।

১০। দুবিধ দানাকাৰ আৰু দুবিধ অনিয়তাকাৰ কার্বনৰ অৱৰূপৰ নাম লিখা।

উত্তৰঃ দানাকাৰ কার্বন- 

(ক) হীৰা।

(খ) গ্রেফাইট।

অনিয়তাকাৰ কার্বন- 

(ক) কয়লা।

(খ) এলান্ধু।

১১। চাৰিবিধ কার্বন থকা যৌগৰ নাম লিখা।

উত্তৰঃ চাৰিবিধ কার্বন থকা যৌগৰ নাম হল – মিথেন, কার্বন ডাই অক্সাইড, কার্বলিক এচিড, গ্লুক’জ।

১২। শুদ্ধ উত্তৰটো বাছিউলিওৱ।

(ক) কার্বননথকা পদার্থ হল-

(i) প্ৰ’টিন। 

(ii) শ্বেতসাৰ। 

(iii) কাগজ। 

(iv) নিমখ।

উত্তৰঃ (iv) নিমখ।

(খ) কার্বন থকা পদার্থ হল-

(i) কাঠ।

(ii) পানী।

(iii) নিমখ।

(iv) শুকান চূণ।

উত্তৰঃ (i) কাঠ।

(গ) কার্বন এবিধ-

(i) ধাতু।

(ii) অধাতু।

(iii) জুলীয়া দ্রব্য।

(iv) এইবােৰৰ এটাও নহয়।

উত্তৰঃ (ii) অধাতু।

(ঘ) একেটা মৌলৰ ভিন ভিন ৰূপবােৰ হল –

(i) অবৰূপ।

(ii) সমযােগী।

(ii) সমাকৃতি।

(iv) আইছট’প।

উত্তৰঃ (i) অবৰূপ।

(ঙ) কার্বনৰ এটা দানাকাৰ অৱৰূপ হল-

(i) এলান্ধু।

(ii) কক।

(iii) হীৰা।

(iv) প্রাণীজ এঙাৰ।

উত্তৰঃ (iii) হীৰা।

(চ) তলত দিয়া কোনবিধ পদার্থ পুৰিলে কেৱল কার্বন-ডাই-অক্সাইড উৎপন্ন হয় ?

(i) চেনি।

(ii) চুণশিল।

(ii) এলান্ধু।

(iv) ছালফাৰ।

উত্তৰঃ (ii) চুণশিল।

(ছ) শিখা প্রস্তুত কৰিবলৈ হ’লে পদার্থটো কেনে অৱস্থাত থাকিব লাগিব ?

(i) কঠিন।

(ii) জুলীয়া।

(iii) গেছীয়।

(iv) এটাও নহয়।

উত্তৰঃ (iii) গেছীয়।

(জ) তলত দিয়াবােৰৰ কোনটো আটাইতকৈ কঠিন ?

(i) ছডিয়াম।

(ii) আইৰণ।

(iii) হীৰা।

(iv) গ্রেফাইট।

উত্তৰঃ (iii) হীৰা।

(ঝ) গ্রেফাইট ব্যৱহাৰ কৰা হয় –

(i) কাচ কাটিবলৈ।

(ii) অলংকাৰত।

(iii) ক’লা চিয়াহী প্রস্তুত কৰিবলৈ।

(iv) বিদ্যুৎ দ্বাৰ হিচাবে।

উত্তৰঃ (iv) বিদ্যুৎ দ্বাৰ হিচাবে।

(ঞ) আইৰণত মামৰে ধৰা প্ৰক্ৰিয়াটো হ’ল-

(i) দহন।

(i) বিস্ফোৰণ।

(iii) প্রজ্জ্বলন।

(iv) এইবােৰৰ এটাও নহয়।

উত্তৰঃ (iv) এইবােৰৰ এটাও নহয়।

১৩ তলত দিয়া উক্তিবােৰৰ কোনবােৰ শুদ্ধ ? অশুদ্ধ উক্তিবােৰ শুদ্ধকৈ লিখা।

(ক) হীৰাৰ গঠন চতুফলকীয়।

(খ) কেৰাচিন তেলত কার্বন নেথাকে।

(গ) কার্বন অবৰূপসমূহৰ ৰাসায়নিক ধর্ম বেলেগ।

(ঘ) কার্বনৰ দানাকাৰ অৰূপ গ্রেফাইট কোমল।

(ঙ) এলাঙ্কু পুৰিলে কার্বন-আই-অক্সাইড গেছ উৎপন্ন হয়।

(চ) চেনি পুৰি যি কার্বন পােৱা যায়, সেই কার্বন শুদ্ধ কার্বন নহয়।

(ছ) বগা ফছফৰাছ মুকলি অৱস্থাত ৰাখিব পাৰি।

(জ) কার্বনৰ লগত অক্সিজেন যােগ হৈ কার্বন-ডাই-অক্সাইড উৎপন্ন হােৱাটো এটা জাৰণ প্রক্রিয়া।

(ঝ) অতিশয় তীব্রবেগত ঘটা দহন কার্যক প্রজ্জ্বলন বােলে।

(ঞ) বাৰুদ হৈছে কার্বন, ছালফাৰ আৰু পটাচিয়াম নাইট্রেটৰ মিশ্র।

উত্তৰঃ (ক) শুদ্ধ।

(খ) অশুদ্ধ। কেৰাচিন তেলত কার্বন থাকে।

(গ) অশুদ্ধ। কার্বনৰ অৱৰূপসমূহৰ ৰাসায়নিক ধর্ম একে।

(ঘ) শুদ্ধ।

(চ) অশুদ্ধ। চেনি পুৰি যি কার্বন পােৱা যায়, সেই কার্বন বিশুদ্ধ কার্বন।

(ছ) অশুদ্ধ। বগা ফছফৰাছ মুকলি অৱস্থাত ৰাখিব নােৱাৰি। কাৰণ সাধাৰণ উষ্ণতাতে ই বায়ুত জ্বলি উঠে।

(জ) শুদ্ধ।

(ঝ) অশুদ্ধ। এনে কাৰ্যক বিস্ফোৰণ বােলে।

(ঞ) শুদ্ধ।

১৪। কার্বন থকা দুটা –

(i) জৈব যৌগ আৰু 

(ii) খনিজ দ্রব্যৰ নাম লিখা।

উত্তৰঃ (i) জৈব যৌগ – 

(ক) চেনি। 

(খ) চাউল।

(ii) খনিজ দ্ৰৱ্য – 

(ক) চুণশিল। 

(খ) মাৰ্বল।

১৫। কার্বনৰ মূল অবৰূপ দুটাৰ নাম লিখা।

উত্তৰঃ কার্বনৰ মূল অবৰূপ দুটাৰ নাম হল – 

(ক) দানাকাৰ বা নিয়তাকাৰ।

(খ) অনিয়তাকাৰ ।

১৬। হীৰা, গ্রেফাইট আৰু এঙাৰৰ দুটাকৈ ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃ হীৰাৰ ব্যৱহাৰ- 

(ক) অলংকাৰত।

(খ) কাচ কাটিবলৈ।

গ্রেফাইটৰ ব্যৱহাৰ- 

(ক) পিচ্ছিলকাৰক হিচাবে।

(খ) বিদ্যুত্ত্বাৰ হিচাবে।

এঙাৰৰ ব্যৱহাৰ – 

(ক) পানী শােধন কৰাত।

(খ) খাৰ-বাৰুদ তৈয়াৰ কৰাত।

১৭। গ্রেফাইট কিয় কোমল আৰু পিলিকাৰক তাৰ গঠন চিত্ৰৰ সহায়ত বুজাই লিখা।

উত্তৰঃ গ্রেফাইটত কার্বন পৰমাণুসমূহ যড়ভূজ আকৃতিত লগ লাগি থাকে। প্রতিটো কার্বন পৰমাণু আন তিনিটা কার্বন পৰমাণুৰ লগত লগ-লাগি থাকে। কার্বনৰ এটা ষড়ভূজ তৰপৰ ওপৰত আন এটা ষড়ভূজৰ তৰপ থাকে। তৰপ দুটা সহজেই লৰচৰ কৰিব পাৰে তৰপ তৰপকৈ থকা বাবেই গ্রেফাইট কোমল।

ষড়ভূজত থকা C-C ৰ বন্ধন ডালৰ দৈৰ্ঘতকৈ এটা তৰপৰ পৰা আন এটা তৰপলৈ থকা C-C বন্ধনডাল দীঘল। সেইবাবেই গ্রেফাইটকপিচ্ছিলকাৰক হিচাবেও ব্যৱহাৰ কৰিব পাৰি।

১৮।দহন কাক বােলে ? দাহ্য পদার্থ এটা দাহিত কৰিবলৈ কি কি চৰ্তৰ প্ৰয়ােজন ?

উত্তৰঃ যি ৰাসায়নিক বিক্রিয়াত তাপ আৰু লােহ উৎপন্ন হয় অক দহন বােলে। দাহ্য পদার্থ দাহিত হবলৈ প্রথমেই প্রয়ােজন হয় অক্সিজেনৰ ! অক্সিজেনক দহনৰ সহায়ক বােলে। বায়ুৰ পৰাই অক্সিজেন পােৱা যায়। তাৰ পিচতেই দাহিত হবলৈ

লাগিব নির্দিষ্ট উষ্ণতা।

অর্থাৎ দহনৰ সহায়কৰ উপস্থিতিত দাহ্য পদার্থ এটাই নির্দিষ্ট উষ্ণতা পালেহে দাহিত হয়।

১৯। জ্বলি থকা মমবাতি এডাল এটা কাচৰ গিলাচেৰে ঢাকি ধৰিলেকি ঘটে বুজাই লিখা।

উত্তৰঃ জ্বলি থকা মমবাতি এডাল কাচৰ গিলাচেৰে ঢাকি ধৰিলে কিছুসময়ৰ পিছত মমবাতিডাল নুমাই যাব। কাৰণ দৰ সহায়ক হ’ল অক্সিজেন। মমবাতিডাল গিলাচেৰে ঢাকি ধৰিলে গিলাচৰ ভিতৰত থকা বায়ুৰ অক্সিজেনত কিছুসময় মমডাল জুলিব। অক্সিজেন শেষ হােৱাৰ লগে লগেই মমডাল নুমাই যাব। অর্থাৎ অক্সিজেনৰ অভাৱত দহন সম্ভৱ নহয়।

২০। প্রজ্জ্বলন উষ্ণতা কি ? এই উষ্ণতাৰ লগত দহনৰ সম্বন্ধ কি ?

উত্তৰঃ যি নিম্নতম উষ্ণতাত দাহ্য পদার্থ এটাৰ দহন হয়। সেই উষ্ণতাকে প্রজ্জ্বলন উষ্ণতা বােলে। বিভিন্ন পদার্থ প্রজ্জ্বলন উষ্ণতাৰ মান বেলেগ বেলেগ। নির্দিষ্ট পদার্থ এটা নির্দিষ্ট প্রজ্জ্বলন উষ্ণতাত তলত কেতিয়াও নজ্বলে। অর্থাৎ প্রজ্জ্বলন বিন্দুৰ তলৰ উষ্ণতাত দাহ্য পদার্থৰ দহন নঘটে।

২১। বিস্ফোৰণ মানে কি বুজা ? এটা উদাহৰণ দিয়া।

উত্তৰঃ যি দহনত শব্দ হয়, পোহৰ ওলায় আৰু তাপৰ উদ্ভৱহয় তাকে বিস্ফোৰণ বােলে।  এনে দহন অতি তীব্র বেগত তাপ বা চাপৰ প্ৰয়ােগৰ দ্বাৰা সংঘটিত হয়। উদাহৰণ – বন্দুকেৰে গুলীওৱা।

২২। শিখা কি ? ই কেনেদৰে সৃষ্টি হয় ?

উত্তৰ কোনাে দাহ্য গেছ বা বাষ্প জ্বলাৰ ফলত যি অঞ্চলত তাপ আৰু পােহৰৰ সৃষ্টি হয় তাক শিখা বােলে।

শিখাৰ সৃষ্টি হবলৈ পদার্থ গেচীয় অৱস্থাত থাকিব লাগিব। মমবাতিৰ ক্ষেত্ৰত, যেতিয়া মমডাল জ্বলাই দিয়া হয় তেতিয়া তাত থকা হাইড্রকার্বন বাস্পীভূত হয় আৰু বায়ুৰ পৰিবেশত এই বাস্প জ্বলি শিখাৰ সৃষ্টি কৰে।

২৩। মমবাতিৰ শিখাৰ পৰা আমি কিয় পােহৰ পাওঁ ?

উত্তৰঃ মমবাতিত অদাহ্য অৱস্থাত কার্বন থাকে। এই কার্বন পৰমাণু শিখাৰ উত্তাপত জ্বলি উঠে বাবেই পােহৰ পাওঁ।

২৪। এল পি জি জ্বলিলে কিয় পােহৰ নাপাওঁ ?

উত্তৰঃ শিখাৰ পৰা পােহৰ পাবলৈ অদাহ্য কার্বনৰ প্রয়ােজন। যিহেতু এল পি জিত অদাহ্য কার্বনৰ পৰিমাণ কম গতিকে অনুজ্জ্বল শিখা পােৱা যায় কিন্তু পােহৰ পােৱা নেযায়।

২৫। তলত দিয়া (ক) স্তম্ভৰ লগত (খ) স্তম্ভ মিলােৱা।

(ক)(খ)
১। ফুলাৰিণ(ক) গ্রেফাইট।
২। চুণশিল, মাৰ্বল আদিত থকা উপাদান(খ) অবৰূপ।
৩। হীৰা আৰু গ্রেফাইট(গ) কার্বনৰ অৰূপ।
৪। কঠিন পিচ্ছিলকাৰক(ঘ) কার্বন আৰু অক্সিজেন।
৫। চেনিৰ পৰা পােৱা এঙাৰ(ঙ) বিশুদ্ধ কার্বন।

উত্তৰঃ  

(ক)(খ)
১। ফুলাৰিণ(ঙ) বিশুদ্ধ কার্বন।
২। চুণশিল, মাৰ্বল আদিত থকা উপাদান(ঘ) কার্বন আৰু অক্সিজেন।
৩। হীৰা আৰু গ্রেফাইট(খ) অবৰূপ।
৪। কঠিন পিচ্ছিলকাৰক(ক) গ্রেফাইট।
৫। চেনিৰ পৰা পােৱা এঙাৰ(গ) কার্বনৰ অৰূপ।

২৬। প্রাকৃতিক গেছত মূলতঃ কি থাকে ?

উত্তৰঃ মিথেন।

২৭। প্রটিনত কেইবিধ এমিন এছিড থাকে ?

উত্তৰঃ ২০ (বিছ) বিধ।

২৮। পৰীক্ষাগাৰত কেনেকৈ CO₂ গেছ প্রস্তুত কৰা হয় চমুকৈলিখা।

উত্তৰঃ যিকোনাে কার্বনেট লৱণত এছিড় যােগ কৰিলে CO₂উৎপন্ন হয়। পৰীক্ষাগাৰত মাৰ্বলৰ টুকুৰা (কেলচিয়াম কার্বনেট, CaCO₃} এটা দুমুখীয়া বটলত (উলফৰ বটল) লৈ এখন মুখত থকা থিছল চুপীৰে লঘু হাইড্রক্লৰিক এচিড (HCl) ঢালিলে সাধাৰণ উষ্ণতাতে CO₂ গেছ উৎপন্ন হয়।

CaCO₃+2HCl → CaCl₂+CO₂ +H₂O

উৎপন্ন হােৱা CO₂ গেছ আনখন মুখত থকা নিৰ্গম নলীৰে ওলাই যাব। এই গেছ বায়ুতকৈ গধুৰ বাবে বায়ুৰ উৰ্ধ অপসাৰণৰ দ্বাৰা সংগ্ৰহ কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top