Assam Jatiya Bidyalay Class 8 Assamese Chapter 9 হিংসা নকৰো কাকো

Assam Jatiya Bidyalay Class 8 Assamese Chapter 9 হিংসা নকৰো কাকো, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 হিংসা নকৰো কাকো Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 9 হিংসা নকৰো কাকো Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 9 হিংসা নকৰো কাকো provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

হিংসা নকৰো কাকো

Chapter – 9

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। কবিতাটো সাধুৰূপত তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰঃ আমোলাপটিৰ অনাদি চলিহা নামৰ এজন বৰ মাছৰ খকুয়া মানুহ আছিল । প্ৰীতিসাজতে তেওঁক চিতল, ভকুৱা, পুঠি আদি মাছ লাগিছিল। গৰৈ, চেঙেলি, কাৱৈ, ভেজেলী, দেও, দৰিকনা, ৰৌ, শাল, শিঙি, পাভ আদি মাছেৰে টো দুটা ভৰি থাকে। এদিন চলিহাই সপোনত দেখিলে যে বৰদলনিত পোনামাছবোৰে আহি তেওঁৰ গাত বগুৱা বাই ফুৰিছে। সিহঁতে চলিহাৰ গাত কুট কূটাই দি কবলৈ ধৰিলে যে চলিহাৰ কাৰণে বিল পুখুৰীৰ মাছ নাইকিয়া হল। চলিহা কিয় এনে হিংসাকুৰীয়া হল আৰু ভৱিষ্যতে মাছ খাব নে নাখায় সুধিলে। এই বুলি মিছা মাছে শুংকিডালেৰে নাকৰ ফুটাত সুৰ সুৰাই দিলে। হাঁচিৰ তপত ৰব নোৱাৰি চলিহাই জীৱ সিংসা মহা পাপ বুলি ভাবি সেইদিনাৰ পৰা মাছ, মঙহ কণী নাখায় বুলি প্ৰতিজ্ঞা কৰিলে। সেইদিনাৰ পৰা অকল বেঙেনা, কোমোৰা, ডাইল আদিহে খাব বুলি ঠিৰাং কৰিলে।

গাখীৰ খালে যদি সপোনত গৰুয়ে খুচি দিয়ে ভাবি গাখিৰো খাব এৰিলে। নিতৌ ৰাতিপুৱা মুখ বিটকাই ৰঙা চাহ খায়। এইদৰে খাই চলিহা ক্ষিণাই গল। তেতিয়া চলিহা জীৱ হিংসা নকৰাকৈ কেনেকৈ মাছ খাব পাৰি চিন্তা কৰি এটা বুদ্ধি উলিয়ালে। বজাৰত গৈ একুৰী কাৱৈ মাছ কিনি আনিলে। তাৰ পিছত খুটি পুতি এচটা চিৰি বান্ধি , চিৰিৰ তলত সৰু সৰু খৰিৰে জুই জ্বলালে । চিৰিৰ এমূৰে এটা এটাকৈ কাৱৈ মাছ এৰি দিলে। এটা এটাকৈ উনৈশটা মাছ জুইত পুৰি মৰিল। বাকী এটাই কিবাকৈ বাঁহ চটা পাৰ হল। কিন্তু চলিহাই সেইটোকো পুনৰ পৰীক্ষা কৰি চাব বুলি কলে।

২। (ক) অনাদি চলিহাৰ ঘৰ ক ‘ত ? তেওঁ কেনে প্ৰকৃতিৰ লোক ?

উত্তৰঃ অনাদি চলিহাৰ ঘৰ আমোলাপট্টিত। তেওঁ বৰ খকুয়া প্ৰকৃতিৰ লোক।

(খ) কবিতাটিৰ উল্লেখ কৰা মাছবোৰৰ নাম লিখা।

উত্তৰঃ কবিতাটিৰ উল্লেখ কৰা মাছ বোৰৰ নাম হল- চিতল, ভকুৱা, পুথি, গৰৈ, চেঙেলি, কাৱৈ, ভেজেলী, দৰিকনা, ৰৌ, শাল, শিঙি, পাভ, পাটী-মুতুৰা, ইত্যাদি।

(গ) সপোনত চলিহাই কি দেখিলে বুজাই লিখা।

উত্তৰঃ এদিন ৰাতি চলিহাই সপোনত দেখিলে যে দলনীৰ পোনা মাছবোৰে  নতুন ভেটা ভাঙি আহি চলিহাৰ গাত বগুৱা বাই ফুৰিছে। লগতে চলিহাক কৈছে যে চলিহাৰ বাবে বিলত পুখুৰীত মাছ ধৰিব নোৱাৰা হৈছে। এই বুলি মিছা মাছে শুংকিডালেৰে নাকৰ ফুটাত সুৰ সুৰাই দিলে।

(ঘ) সপোনৰ পিছত চলিহাই মনে মনে কি আওৰালে ?

উত্তৰঃ সপোনৰ পিছত চলিহাই “জীৱ হিংসা কৰা মহাপাপ” বুলি মনে মনে আওৰালে।

(ঙ) সপোন দেখাৰ পিছত চলিহাই কি সিদ্ধান্ত ললে ?

উত্তৰঃ সপোন দেখাৰ পিছত চলিহাই মাছ ,মঙহ, কণী, গাখীৰ আদি খাবলৈ ধৰিলে।

(চ) গাখীৰ খাবলৈ চলিহাৰ কিয় ভয় হল ? 

উত্তৰঃ গাখীৰ খালে জানোচা গৰুয়েও সপোনত আহি নিজেৰে নাকত কোৱায়। সেইকাৰণে গাখীৰ খাবলৈ চলিহাৰ ভয় হল।

(ছ) চলিহা কিয় ক্ষিণাই গল ?

উত্তৰঃ মাছ,মাংস, দৈ, কণী আদি সকলো খাবলৈ এৰি চলিহা ক্ষিণাই গল।

৩। জীৱ হিংসা নকৰাকৈ চলিহাই কি দৰে মাছ খোৱাৰ উপায় উলিয়ালে বুজাই লিখা। 

উত্তৰঃ মাছ, মঙহ,আৰু কণী খাবলৈ এৰি দিয়াৰ পিছত চলিহাই ক্ষিণাই যাবলৈ ধৰিলে ।তেতিয়া এটা বুদ্ধি উলিয়াই মাছ খোৱা উপায় উলিয়ালে। বুধিটো হল খুটি পুতি গৈ তাৰ ওপৰত আচটা কমি দি চিৰি বান্ধিলে। চিৰিৰ তলত একুৰা চলি খৰিৰে জুই ধৰিলে। মাছবোৰ এটা এটাকৈ বগাই যাবলৈ এৰি দিলে। একুৰী মাছৰ উনৈশটা মাছ জুইত পৰি পুৰা গল। সেই পোৰা মাছ কাকো হিংসা নকৰাকৈ খাব পাৰে বুলি চলিহাই সন্তুষ্টি লাভ কৰিলে।

৫। ভাব্যৰ্থ লিখা।

(ক) মাছৰ তেলেদি মাছ ভজা।

উত্তৰঃ মাছ ভাজিবলৈ বহুত তেল লাগে। কিন্তু কিছুমান মাছৰ গাত তেল থাকেই। সেইবোৰ মাছ ভাজিবলৈ বেছি তেল নালাগে। মাছ ভাজিবলৈ আৰম্ভ কৰিলে তেলাল মাছৰ পৰা আপোন আপুনি তেল ওলাবলৈ ধৰে। কিছুমান ৰান্ধনীৱে আকৌ বেলেগে তেল খৰচ নকৰি মাছৰ তেলেৰেই মাছ ৰান্ধে। তেতিয়া খৰচ কমি যায়। ঠিক তেনেকৈ অন্য ক্ষেত্ৰতো তেনে কাম কৰিব পাৰি। যিবিলাক বুধিয়ক মানুহ তেওঁলোকে নিজৰ পকেটৰ পইচা খৰচ নকৰাকৈ বহুতো কাম চলাই দিয়ে।

(খ) মহন্তৰ চিন মাহনীত।

উত্তৰঃ মহন্তসকলে সাধাৰণতে নিজৰ মনক সংযত কৰি ৰখা দেখা যায়। যতে ততে তেওঁলোকে খাদ্য গ্ৰহণ নকৰে। কিন্তু সকলো মহন্তই নিজৰ মনক সংযত কৰিব নোৱাৰে। আচল মহন্ত চিনি পোৱা যায় বিশেষ পৰিস্থিতিত পাৰিলেহে। আগতে মানুহে পথাৰত মাটি মাহ ৰুইছিল আৰু তাৰ মাজেৰে খৰালি কালত অহাযোৱা কৰা ৰাস্তা আছিল। যেতিয়া মাহৰ ছেই লাগে তাৰ কাষেদি যোৱা মানুহে সেই পুৰঠ ছেই ছিঙি খায়। মহন্তই সাধাৰণতে মাহৰ ছেই ছিঙি খাব নালাগে কিন্তু নিজৰ মনক সংযত কৰিব নোৱাৰা নকল মহন্তই ছিঙি খায়। ঠিক তেনেকৈ মানুহৰ আচল পৰিচয় সময়ত হে ধৰিব পাৰি।

৭। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য সজা।

পুঠি, পুথি, জুতি,জুটি, পানী, পানি, বহি, বহী।

উত্তৰঃ (ক) পুঠি :- পুঠি মাছ পানীৰ পৰা তুলি আনিলে বেছি সময় জীয়াই নাথাকে।

(খ) পুথি :- পুথিভৰালত নানা ধৰণৰ পুথি পোৱা যায়।

(গ) জুতি :- আঞ্জাৰ জুতি নহলে বহুতে ভাত খাব নোৱাৰে।

(ঘ) জুটি :- পথাৰত হাল বাওঁতে গৰুহাল জুটি লয়।

(ঙ) পানী :- পানী প্ৰাণীৰ প্ৰাণ।

(চ) পানি :- সৰস্বতী দেৱীৰ পানিত এখন বিনা আছে।

(ছ) বহি :- এলেহুৱা লোকে আনৰ ওপৰত বহি খায় ভাল পায়।

(জ) বহী :- ছাত্ৰ-ছাত্ৰীক লিখিবলৈ বহুতো বহীৰ দৰকাৰ হয়।

৮। লিংগ পৰিৱৰ্তন কৰা :

(ক) চলিহা – চলিহানী।    

(খ) বৰুৱা – বৰুৱানী।

(গ) কলিতা – কলিতানী।  

(ঘ) বৰা – বৰানি।

(ঙ) শইকীয়া – শইকীয়ানী।

৯। তলত দিয়া নিৰ্দেশাত্মক প্ৰত্যেয়বোৰ ব্যৱহাৰ কৰি উদাহৰণৰ দৰে বাক্য সজা।

কণ -কণী, খন -খনি,    ডোখৰ -ডোখৰী,   ফিৰা -ফিৰি,  চকল- চপৰা।

উত্তৰঃ (ক) কণ :- ল’ৰাকণ কেতিয়া আহিল।

(খ) কনি :- মোৰ মৰমকনি গ্ৰহণ কৰিবা।

(গ) খন :- কিতাপখন তেনেই সৰু।

(ঘ) খনি :- বহীখনি লেতেৰা নকৰিবা।

(ঙ) ডোখৰ :- মাছডোখৰ জীয়া।

(চ) ডুখৰি :- কাঠডুখৰিতে বহিবলৈ দিয়া।

(ছ) ফেৰা :- কেতিয়াবা এফেৰা লোণ বিচাৰি প্ৰতিবেশীৰ ওচৰলৈ যাব লগা হয়।

(জ) ফেৰি :- এফেৰি গুৰেৰে বহুতো মানুহে ফিকা চাহ খায়।

(ঝ) চকল :- মাছ আচকল আনিছে ৰান্ধনীয়ে কিহৰ ৰান্ধে ভাবি পোৱা নাই।

(ঞ) চপৰা :- আগৰ দিনত এচপৰা মাটি আনি ঘৰ – কাঠি সুন্দৰকৈ মুচিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top