Assam Jatiya Bidyalay Class 8 Assamese Chapter 20 লাচিত বৰফুকন

Assam Jatiya Bidyalay Class 8 Assamese Chapter 20 লাচিত বৰফুকন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 20 লাচিত বৰফুকন Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 20 লাচিত বৰফুকন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 20 লাচিত বৰফুকন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

লাচিত বৰফুকন

Chapter – 20

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। উত্তৰ লিখা :

(ক) ৰমসিংহ ক ‘ৰ ৰজা আছিল ?

উত্তৰঃ ৰামসিংহ অম্বৰৰ ৰজা আছিল।

(খ) লাচিত বৰফুকনৰ পিতৃ কোন আছিল ?

উত্তৰঃ মোমাই তামুলী বৰুৱা লাচিত বৰফুকনৰ পিতৃ আছিল ।

(গ) জয়ধ্বজ সিংহই মোগলক প্ৰতিৰোধ কৰিবলৈ কাৰ লগত চুক্তিবদ্ধ হৈছিল ?

উত্তৰঃ জয়ধ্বজ সিংহই মোগলৰ প্ৰতিৰোধ কৰিবলৈ কুছবিহাৰ আৰু জয়ন্তীয়াৰ শাসকৰ লগত চুক্তিবদ্ধ হৈছিল ।

(ঘ) দাক্ষিনাত্যত মোগলক কোনে পৰাস্ত কৰিছিল ? 

উত্তৰঃ দাক্ষিণাত্যত মোগলক শিবাজীয়ে পৰাস্ত কৰিছিল।

(ঙ) আঔৰংগজেবে ৰামসিংহক কিয় অসমলৈ পঠিয়াইছিল ?

উত্তৰঃ আঔৰংগজেবে ৰামসিংহৰ অসম অধিকাৰ কৰিবলৈ অসমলৈ পঠিয়াইছিল।

(চ) বৰফুকনে সৈন্য সকলক কিদৰে শাস্তি বিহিব বুলি জনাইছিল ?

উত্তৰঃ বৰফুকনে সৈন্য সকলক যিদৰে কৰ্তব্যত হেলা কৰিব তেওঁৰে মূৰ ছেদন কৰি শাস্তি বিহিব বুলি কৈছিল ।

(ছ) পাঠত উল্লেখিত ৰাজপুত ৰজাজন কোন ?

উত্তৰঃ পাঠত উল্লেখিত ৰাজপুত ৰজাজন অম্বৰৰ ৰজা ৰামসিংহ ।

(জ) ৰাজপুত ৰজাই কি দেখি তবধ  মানিলে ?

উত্তৰঃ ৰাজপুত ৰজাই অসমীয়া দুৰ্ভেদ্য দুৰ্গ, সাহসিকতা, শৃংখলতা আৰু সংগঠন শক্তি দেখি তবধ মানিলে ।

(ঝ) জয়ধ্বজ সিংহৰ কেতিয়া মৃত্যু হৈছিল ?

উত্তৰঃ ১৯৬৩ খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহত জয়ধ্বজ সিংহৰ মৃত্যু হৈছিল।

২। লাচিত বৰফুকনৰ জীৱনৰ চাৰিটা ভাগ কি কি ?

উত্তৰঃ লাচিত বৰফুকনৰ জীৱনৰ চাৰিটা ভাগ এনেধৰণৰ প্ৰথম নিম্ন পদস্ত সামৰিক বিষয়া, দুলীয়া বৰুৱা, হিমলুগুৰিয়া ফুকন আৰু দোলা কাষৰীয়া বৰুৱা । দ্বিতীয় – আহোম বাহিনীৰ সেনা অধিনায়ক পদৰ অধিষ্ঠিত আৰু তেওঁৰ গুৱাহাটী আৰু নামনি অসমৰ মোগলক অপসাৰণ কাৰ্য ১৯৬৭ খ্ৰীষ্টাব্দৰ নৱেম্বৰত । অসমৰ সীমা মানহলৈকে বঢ়োৱা। তৃতীয় – মোগলৰ পুনৰ অসম আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ সতৰ্কতা যো-যা । চতুৰ্থ অম্বৰৰ ৰজা ৰামসিংহৰ নেতৃত্বত অহা মোগল সেনাৰ সৈতে যুদ্ধ আৰু যুদ্ধত জয়লাভ ।

(খ) লাচিত বৰফুকনৰ কোনবোৰ দৃষ্টান্তই অসমীয়া সৈনিকৰ অন্তৰলৈ মন আৰু দৃঢ়তা আনে ?

উত্তৰঃ লাচিত বৰফুকনৰ সাহসিকতা শৃঙ্খলা , সংগঠন শক্তি , অসুস্থ শৰীৰ লৈ যুদ্ধ ক্ষেত্ৰত প্ৰবেশ আদি দৃষ্টান্তই অসমীয়া সৈনিকৰ অন্তৰলৈ মান আৰু দৃঢ়তা আনে ।

৩। বাক্য ৰচনা কৰা ।

(ক) কৰ-কাটল :- স্বৰ্গদেব জয়ধ্বজ সিংহই মোগলৰ লগত যুদ্ধত হাৰি সন্ধি কৰি কৰ-কাটল দিবলৈ গাত লৈছিল ।

(খ) চেগা-চোৰোকা :- চেগা-চোৰোকা কৈ কৰা যুদ্ধত লাচিত বৰফুকনৰ জয় হৈছিল ।

(গ) সৈন্য -সামন্ত :- লাচিত বৰফুকনৰ তুলনাত ৰাম সিংহৰ সৈন্য-সামন্ত বহুত বেছি আছিল ।

(ঘ) আশে-পাশে :- শৰাইঘাটৰ আশে-পাশে লাচিত বৰফুকনে গড় বান্ধিছিল।

(ঙ) যো-যা :- চক্ৰধ্বজ সিংহ সিংহাসনত বহিয়েই গুৱাহাটী মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ যুদ্ধৰ যো- যা কৰিছিল।

(চ) আহোপুৰুষাৰ্থ :- লাচিত বৰফুকনে 

আহোপুৰুষাৰ্থ কৰি গুৱাহাটী উদ্ধাৰ কৰিছিল ।

(ছ) একাগ্ৰতা :- একাগ্ৰতা থাকিলে সকলো কামতে সফল হব পাৰি।

৪। বিপৰীত অৰ্থবোধক শব্দ লিখা।

সন্ধি  –  যুদ্ধ।                   

মুকলি  –  বন্ধন।

প্ৰশংসা  –  নিন্দা।          

শ্ৰেষ্ঠ  – নিকৃষ্ট।

সন্মতি  –  অসন্মতি।       

শাস্তি  –  পুৰস্কাৰ।

কৃতকাৰ্য  – অকৃতকাৰ্য।    

উদ্যম  –  উদ্যম হীন।

বিহ  –  অমৃত।                

পৰাধীনতা – স্বাধীনতা।

ইহলোক  –  পৰলোক।     

নাটনি   –  উভৈনদী।

নামনি  –  উজনি।            

শত্ৰু  –  মিত্ৰ।

জ্ঞানী  –  অজ্ঞানী।

৫। প্ৰসংগ সংগতি দৰ্খাই ব্যাখ্যা কৰা ।

(ক) “বিদেশীৰ তলত থকাতকৈ মৃত্যুয়েই শ্ৰেষ্ঠ”

উত্তৰঃ প্ৰসংগ :- এই কথাষাৰ আমাৰ পাঠ্যপুথিৰ সূৰ্য্য কুমাৰ ভূঞাদেৱে ৰচনা কৰা “লাচিত বৰফুকন” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- ইয়াত লেখকে আহোম স্বৰ্গদেব চক্ৰধ্বজ সিংহই মোগলৰ অধীন হৈ থকা সময়ত মনৰ দুখৰ কথা উল্লেখ কৰিছে ।

ব্যাখ্যা :- চক্ৰধ্বজ সিংহৰ আগৰ জনা স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত মিৰজুমলা নবাবে মোগল সম্ৰাট হৈ অসম আক্রমণ কৰিছিল । সেই যুদ্ধত আহোঁম সৈন্য পৰাস্ত হোৱাত স্বৰ্গদেবে সন্ধি কৰি বছৰি কৰ-কাটল দিবলৈ চুক্তি কৰিছিল। তাৰ কিছুদিন পিছতে স্বৰ্গদেবৰ মৃত্যুহোৱাত চক্ৰধ্বজ সিংহই সিংহাসনত উঠিছিল । কৰ-কাটল দিয়াত কিছু পলম হোৱাত মোগলৰ কৰ্মচাৰীয়ে স্বৰ্গদেব চক্ৰধ্বজ সিংহক টান কথা শুনিছিল। সেই কথা শুনি তেওঁ মনত বৰ দুখ পাইছিল  আৰু তেতিয়া খেদ কৰি কৈছিল যে বিদেশীৰ অধীন হৈ থকাতকৈ মৃত্যুয়েই শ্ৰেষ্ঠ । কাৰণ তেতিয়া আইনৰ বৰ বৰ কথা শুনিব নালাগিব । স্বাধীনচেতিয়া ৰজাই ইয়াৰ পাছত সৈন্য সামন্ত গোটাই প্ৰশিক্ষণ দি মোগলক সমুচিত  প্ৰত্যুত্তৰ দিছিল।

(খ) “এতিয়াহে মই এগৰাহ সুখেৰে ভাত খাওঁ ।”

উত্তৰঃ প্ৰসংগ :- এই কথাষাৰ আমাৰ পাঠ্যপুথিৰ সূৰ্য্য কুমাৰ ভূঞাদেৱে ৰচনা কৰা “লাচিত বৰফুকন” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।

সংগতি :- ইয়াত লেখকে লাচিত বৰফুকনে মোগলক যুদ্ধত পৰাস্ত কৰে কথাটো শুনাৰ পিছত স্বৰ্গদেবৰ মনৰ কথা প্ৰকাশ কৰিছে।

ব্যাখ্যা :- চক্ৰধ্বজ সিংহই সিংহাসনত বহি মোগলৰ টান কথা শুনি মোগলক আক্ৰমণ কৰিবলৈ যো-যা কৰিছিল । ৰজাই নিজে সকলো যুঁজাৰুক প্ৰশিক্ষণ দি যুদ্ধৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিল । লাচিতক আহোম সেনাধিনায়কৰ পদত নিযুক্তি কৰি গুৱাহাটী মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ পঠাইছিল । গুৱাহাটীলৈ যোৱাৰ আগতে প্ৰত্যেজন সেনানায়কক ৰজাই নিজৰ কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দিছিল। লাচিত বৰফুকনৰ নেতৃত্বত গুৱাহাটীৰ আশে-পাশে কেবাখনো যুদ্ধ কৰি লাচিত বৰফুকনে মোগলক পৰাজয় কৰি গুৱাহাটীৰ পৰা খেদি পঠিয়ালে। এই বাতৰি পাই মনৰ আনন্দত স্বৰ্গদেব সিংহই এনেদৰে কৈছিল যে তেতিয়াহে তেওঁ এগৰাহ ভাত খাব পাৰিছিল।পৰাধীন হৈ থকা সময়ত স্বাধীনচেতিয়া স্বৰ্গদেৱে মনৰ দুখত কাল কটাইছিল ।

(গ) ‘হে মোৰ দেশবাসী , তোমালোকে যদি এই সোণৰ কাহিত বিহ ঢালিব খুজিছা তেনেহ’লে পলুৱা ‘।

উত্তৰঃ প্ৰসংগ :- এই কথাষাৰ আমাৰ পাঠ্যপুথিৰ সূৰ্য্য কুমাৰ ভূঞাদেবে ৰচনা কৰা ” লাচিত বৰফুকন ” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- লাচিত বৰফুকন নৰিয়াৰ খবৰ পাই আহোম সেনা নিৰাশ হৈ পলাব খোজাত দেশপ্ৰেমী নৰ হাজৰিকাই সৈন্য সকলক উদ্দেশ্য কৰি এই কথাখিনি কৈছিল ।

ব্যাখ্যা :- স্বৰ্গদেৱ চক্ৰধ্বজ সিংহৰ আদেশ শিৰোধাৰ্য্য কৰি লাচিত বৰফুকন সৈন্য সামন্ত লৈ গুৱাহাটীলৈ আহিছিল আৰু দিনে নিশাই অক্লান্ত পৰিশ্ৰম কৰি দেশক যথেষ্ট কষ্ট দিছিল। ফলত ৰামসিংহই বাৰে বাৰে বিভিন্ন সুৰুঙাইদি গুৱাহাটী লবলৈ যত্ন কৰি থাকোতেই বৰফুকনৰ শৰীৰ অসুস্থ হৈ পৰিল। এই খবৰ আহোম সৈন্যৰ মাজত প্ৰচাৰ হোৱাত তেওঁলোক নিৰাশ হৈ পৰিল আৰু পলাবলৈ যো-যা কৰিলে । তেতিয়া নৰ হাজৰিকা নামৰ এজন স্বাধীনচেতিয়া বিষয়াই  অশ্বকান্তত পলাব খোজা সৈন্য সকলৰ আগত চিঞৰি চিঞৰি এই কথাখিনি কৈছিল । সোণৰ অসমখন যদি সৈন্যসকলে বিষেৰে পৰিপূৰ্ণ কৰিব খোজে তেনেহ’লে যুদ্ধক্ষেত্ৰ এৰি পলাই যাবলৈ কৈছিল। আনফালে অসুস্থ শৰীৰেৰে লাচিত বৰফুকনে নাৱৰে শুক্লেশ্বৰ  পাহাৰৰ খটখটিলৈকে আহি নাও যুদ্ধক্ষেত্ৰ প্ৰৱেশ কৰি মনৰ ইচ্ছা প্ৰকাশ কৰাত  পুনৰ সৈন্য সকলে দুগুণ সাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল। এনেকুৱা কিছুমান বাণীৰে দ্বাৰা সৈন্য সামন্ত উদ্যোগী হৈ উৎসাহেৰে যুদ্ধ কৰাৰ বাবে অলপীয়া সৈন্যৰে মোগলৰ বিশাল বাহিনীক পৰাস্ত কৰিব পাৰিছিল ।

(ঘ) অসমীয়া নেতৃত্বই জাতিৰ একতা আৰু দৃঢ়তা প্ৰমাণ কৰিছে । 

উত্তৰঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথিৰ সূৰ্য্য কুমাৰ ভূঞাদেবে ৰচনা কৰা “লাচিত বৰফুকন”নামৰ পাঠৰ পৰা তুলি অনা হৈছে ।

সংগতি :- আহোম সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত যে অসমৰ স্বাধীনতা পুনৰ উদ্ধাৰ হৈছিল সেই কথা কবলৈ গৈ লেখকে এইখিনি কথা উল্লেখ কৰিছে ।

বাখ্যা :- আহোম সেনাধিনায়ক লাচিত বৰফুকনৰ নেতৃত্ব ইমান সুন্দৰ আছিল যে কোনো এজন সৈনিকেও নিজৰ কৰ্তব্য অৱহেলা কৰিব পৰা নাছিল । তেওঁ আগধৰিয়ে সৈন্য সকলক সজাগ কৰি থৈছিল যে কোনোবাই কৰ্তব্যত অৱহেলা কৰিলে ৰজাৰ আদেশলে অপেক্ষা নকৰি নিজে মোৰ ছেদন কৰি উপযুক্ত শাস্তি বিহিব । আনফালে পানীৰ যুদ্ধত অসুস্থ শৰীৰেৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহি অসমীয়া সৈন্যৰ মনৰ বল আৰু সাহস বৃদ্ধি কৰিছিল। ৰামসিংহইও আনকি লাচিতৰ সাহসিকতা, শৃঙ্খলতা আৰু সংগঠন শক্তি দেখি আচৰিত হৈছিল । উপযুক্ত নেতৃত্বই এটা জাতিৰ একতা আৰু দৃঢ়তা আনি দিব পাৰে লাচিত বৰফুকনে তাকে প্ৰমাণ কৰি দেখুৱাইছিল ।

৬। খালি ঠাই পূৰণ কৰা ।

(ক) ১৬৬৩ খৃঃ ত মিৰজুমুলাই অসম এৰি থৈ যায় ।

(খ) ৰজাই নিজে সকলোবোৰ তদাৰক কৰিছিল আৰু কাড়ি যুঁজাৰুসকলক নিজে শিকাইছিল ।

(গ) তেওঁক কলিয়াবৰৰ পৰা গুৱাহাটীৰ কাষলৈকে বৰফুকন নিযুক্ত কৰিছিল 

(ঘ) ৰামসিংহৰ লগত শিখ গুৰুও ধুবৰীলৈকে গৈছিল ।

(ঙ) গুৱাহাটীৰ এলেকাৰ ভিতৰতে লাচিত বৰফুকনে কোঠ সাজিলে ইটাখুলি বা শুক্ৰেশ্বত।

(চ) বুঢ়াগোহাঁইয়ে উত্তৰ পাৰৰ লাঠীয়া পৰ্বতত মোগলৰ অগণন সেনা দেখে । 

(ছ) ৰণলৈ যোৱাৰ আগতে অসমীয়া সেনাপতি সকলে একেলগ হৈ কামাখ্যা দেৱীক স্তুতি কৰিলে । 

(জ) আহোম সেনা এবাৰ হে দলিবাৰী গাঁৱৰ কাষত আলাবৈৰ মুকলি যুদ্ধত ৰাজপুত সেনাৰ হাতত পৰাজিত হল।

(ঝ) ইটাখুলি আৰু ভৰলুমুখৰ মাজৰ আন্ধৰুবালীৰ দগৰ আগত অলপ ঠাই মুকলি আছিল ।

(ঞ) মোগলক বাধা দিয়াৰ উদ্দেশ্যেৰে তেওঁ কোচবিহাৰ আৰু জয়ন্তীয়াৰ শাসনকৰ্তাসকলৰ লগত মিত্ৰতা স্থাপন কৰিছিল ।

(ট) ৰামসিংহক অসমলৈ পঠোৱা কাৰ্যৰ লগত সম্ৰাট ঔৰংগজীৱ শিবাজী মহাৰাজ আৰু শিখ গুৰু তেগ বাহাদুৰ জড়িত হৈ আছে ।

৭। চমুটোকা লিখা ।

(ক) লাচিত বৰফুকন, চক্ৰধ্বজ সিংহ, সম্ৰাট আঔৰংগজীৱ, কামাখ্যা ।

উত্তৰঃ (ক) লাচিত বৰফুকন :- মোমাই তামুলী বৰুৱাৰ পুত্ৰ । শৰাইঘাটৰ ৰণত আহোম সেনাপতি । যুদ্ধত দেখুৱা সহসিকতা , শৃঙ্খলতা, সংগঠন শক্তি আদিৰ বাবে মোগলৰ সেনাপতি ৰাজপুত ৰজা ৰামসিংহই লাচিত ৰ প্ৰশংসা কৰি গৈছিল । ১৬৭১ চনত লাচিতৰ নেতৃত্বত আহোম সৈন্যই প্ৰবল পৰাক্ৰমী মোগল সৈন্যক যুদ্ধত হৰুৱাই মানাহ নদী পাৰ কৰি খেদি পঠায় ।

(খ) চক্ৰধ্বজ সিংহ :- ১৬৬৩ খৃষ্টাব্দৰ শেষৰ ফালে জয়ধ্বজ সিংহৰ মৃত্যু আৰু চক্ৰধ্বজ সিংহৰ সিংহাসন আৰোহণ । সিংহাসনত উঠিয়েই গুৱাহাটী পুনৰ উদ্ধাৰৰ বাবে সৈন্য সামন্ত গোটাই শিক্ষাদান আৰ মোমাই তামুলী বৰুৱাৰ পুত্ৰ লাচিতক যুদ্ধৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে যুদ্ধৰ আয়োজন । ১৬৭১  খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ সেনাপতিত্তৰ উদ্ধাৰৰ খবৰ পাই “এতিয়াহে মই সুখেৰে ভাত এগৰাহ খাওঁ” বুলি কৈছিল চক্ৰধ্বজ সিংহই ।

(গ) সম্ৰাট আঔৰংগজীৱ :- ১৬৫৯খ্ৰীষ্টাব্দত সম্ৰাট চাহজাহনৰ পুত্ৰ আঔৰংগজীৱ দিল্লীৰ সিংহাসন আৰোহণ কৰে । সিংহাসনত বহাৰ আগতে তেওঁ তিনিজন ভাতৃক হত্যা কৰে। তেওঁ এজন গোড়া মুছলমান আছিল। জীৱনত নিজৰ পিতৃ আৰু ভাতৃক বিশ্বাসঘাটকতা কৰি কেতিয়াও কাকো বিশ্বাস কৰা নাছিল । প্ৰায় পঞ্চাশ বছৰ ৰাজত্ব কৰি ১৭০৭ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়।

(ঘ) কামাখ্যা :- গুৱাহাটীৰ নিলাচল পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত । প্ৰবাদ আছে যে সতীৰ মৃত্যুৰ পিছত মহাদেৱে তেওঁৰ শৰীৰটো  কান্ধত লৈ ঘূৰি ফুৰিছিল। আৰু শ্ৰী কৃষ্ণই সুদৰ্শন চক্ৰৰে সেই শৰীৰটো খণ্ড খণ্ড কৈ কাটি পেলাইছিল । তেতিয়া যতেই সতীৰ দেহৰ টুকুৰা পৰিছিল । তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিছিল। নীলাচল পাহাৰতো সতীৰ দেহৰ অংগ পৰিছিল আৰু কামাখ্যা দেৱীৰ মন্দিৰ গঢ়ি উঠে । কামৰূপৰ ৰজা নৰকাসুৰে কামাখ্যা দেৱীৰ মন্দিৰলৈ যোৱা পথটো একে ৰাতিৰ ভিতৰতে বান্ধি দি কামাখ্যা দেৱীক বিয়া কৰাব খুজিছিল। বৰ্তমানো মা কামাখ্যা জাগ্ৰত দেৱী বুলি ভক্ত সকলে বিশ্বাস কৰে।

৮। পাঠটোত থকা উপসৰ্গযুক্ত শব্দবোৰ বাছি উলিওৱা ।

উত্তৰঃ পাঠত থকা উপসৰ্গযুক্ত শব্দবোৰ হল অপসাৰণ, প্ৰতিশোধ, নিৰূপণ, নিখুত, প্ৰতিৰোধ, বিদেশী, সংগঠন, অধিকাৰ ইত্যাদি।

৯। বাক্য সজা।

(ক) উচ্চ :- মানুহৰ মনৰ চিন্তা-ধাৰা সদায় উচ্চ হব লাগে ।

(খ) উচ্চতৰ :- মানুহৰ মনৰ চিন্তাবোৰ উচ্চৰ পৰা উচ্চতৰলৈ গতি কৰিব লাগে ।

(গ) উচ্চতম :- উচ্চতম ন্যায়ালয়ে কৰা বিচাৰ শুদ্ধ হোৱা বুলি সকলোৱে মানি নলয়।

(ঘ) অধিক :- অধিক শস্য এইবাৰ বানপানীয়ে নষ্ট কৰিলে ।

(ঙ) অধিকতৰ :- আধিখোৱা খেতিয়ক জনে অধিকতৰ শস্য নিজে ৰাখি কামখিনি মাটিৰ মালিকক দিয়ে ।

(চ) অধিকতম :- জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে খেতিয়কে অধিকতম শস্য উৎপাদন কৰিবলৈ চেষ্টা কৰা উচিত।

১১। সন্ধি গঢ়া 

(ক) উৎ  +  হাৰ  = উদ্ধাৰ।

(খ) উৎ  + হৃদ  = উদ্ধৃত।

(গ) উৎ + চাৰণ = উচ্চাৰণ।

(ঘ)উৎ + লাস =  উল্লাস।

(ঙ) তৎ + হিত  = তদ্ধিত।

(চ) উৎ + হত = উদ্ধৃত।

(ছ) উৎ + ছেদ = উচ্ছেদ।

(জ) উৎ + লেখ = উল্লেখ।

১২। তলত দিয়া শব্দবোৰত কি প্ৰত্যয় যোগ হৈছে ভাঙি দেখুৱা ।

(ক) বিদেশী = বিদেশ + ঈ।

(খ) সামৰিক = সমৰ + ইক।

(গ) তলতিয়া = তলত + ঈয়া।

(ঘ) কৰ্তব্য = কৰ + তব্য।

(ঙ) বৈজ্ঞানিক = বিজ্ঞান + ইক।

(চ) বহুমুখী = বহুমুখ + ঈ।

(ছ) অসমীয়া = অসম + ঈয়া।

(জ) ক্ষন্তেকীয়া = খন্তেক + ঈয়া।

১৩। বাক্য ৰচনা কৰা ।

(ক) গা উঠ, (খ) গা জোকাৰ, (গ)গা ঘেলা, (ঘ)গা লগাই কৰ, (ঙ) গা গধুৰ, গা পাতি ল ।

উত্তৰঃ (ক) গা উঠ :- বুঢ়া মানুজনৰ বিহু নাচিবলৈ গা উঠিছে।

(খ) গা- জোকাৰ :- লৰাজন গা – জোকাৰি কাম কৰিবলৈ ওলাই আহিল।

(গ) গা- ঘেলা :- কাম-বন নকৰি গা ঘেলাই ফুৰিলে জীৱনত উন্নতি কৰিব নোৱাৰি ।

(ঘ) গা লগাই কৰ :- লাচিত বৰফুকনে সৈন্য সকলক গা লগাই কাম কৰিবলৈ উৎসাহ দিছিল 

(ঙ) গা গধুৰ :- কাম কৰিবলৈ গা গধুৰ মানুহে আগবাঢ়ি নাহে ।

(চ) গা পাতি ল :- শংকৰদেৱৰ প্ৰধান মাধৱদেৱে গুৰুৰ যিকোনো লোককে গা পাতি লগলৈ  সদায় সাজু আছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top