Assam Jatiya Bidyalay Class 8 Assamese Chapter 19 সীতাৰ প্ৰতি ৰামৰ বচন

Assam Jatiya Bidyalay Class 8 Assamese Chapter 19 সীতাৰ প্ৰতি ৰামৰ বচন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 19 সীতাৰ প্ৰতি ৰামৰ বচন Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 19 সীতাৰ প্ৰতি ৰামৰ বচন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 19 সীতাৰ প্ৰতি ৰামৰ বচন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সীতাৰ প্ৰতি ৰামৰ বচন

Chapter – 19

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা : 

(ক) জনক জীয়ৰী কোন ?

উত্তৰঃ জনক জীয়ৰী সীতা ।

(খ) ‘সীতাৰ প্ৰতি ৰামৰ বচন’ কবিতাটো ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?

উত্তৰঃ “সীতাৰ প্ৰতি ৰামৰ বচন ” কবিতাটোৰ ৰামায়ণ  অযোধ‍্যা কাণ্ডৰ পৰা লোৱা হৈছে।

(গ) মাধৱ কন্দলিক কোনে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল ?

উত্তৰঃ মাধৱ কন্দলিক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল।

২। ৰামে সীতাক বনৰ জয়াল ছবিখন কেনেদৰে বুজাই দিছিল লিখা ।

উত্তৰঃ সিতাই ৰামৰ লগত বনবাস খাটিবলৈ যাবলৈ ওলোৱাত ৰামে সীতাক নাযাবলৈ বনৰ এখন জয়াল ছবিৰ বৰ্ণনা কৰিছিল। ৰামে সীতাক এনেদৰে বুজাই দিছিল যে বনৰ ভয়ঙ্কৰ সিংহ বাঘে গর্জন কৰি থাকে । মহামত্ত হাতীবোৰে অন্তৰ কপিযোৱা শব্দ কৰি ঘূৰি ফুৰে। ম’হ, বৰাহ , বাঘ, বৰ বৰ নাগ আদি দেখিলে ভয়তে জ্ঞান-শূন্য হব লগা হয়। জোক, পোক, মহ, দাহ আদি দেখিলে সিতাই বৰ ভয় খাব। কাৰণ সিতাই স্বাভবতে কোমল নাৰী । এইদৰে ৰামে বনৰ এটা জয়াল ছবি সীতাৰ আগত দাঙি ধৰিছিল।

৩। ৰামৰ সৈতে বনলৈ নগ’লে সিতাই কি কৰিব বুলি কৈছিল ? 

উত্তৰঃ ৰামৰ সৈতে বনলৈ নগলে সিতাই বিষ খাই মৰিম বুলি কৈছিল।

৪। প্ৰসংগ সংগতি দৰ্খাই বাখ্যা কৰা ।

(ক) সীতাৰ কৰুণ শুনি      পুনু ৰামচন্দ্ৰ বোলে

               শুন শুন জনক জীয়াৰী

     স্ত্ৰীৰ বনবাস               দুখৰ নাহিকে আশ 

                শুনি হাসিবেন নৰ-নাৰী 

উত্তৰঃ প্ৰসংগ :- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ মাধৱ কন্দলীদেৱে ৰচিত কবিতা “সীতাৰ প্ৰতি ৰামৰ বচন” নামৰ পাঠৰ পৰা তুলি দিছে ।

সংগতি :- পিতৃসত্য পালন কৰাৰ কাৰণে ৰামে বনবাস খাটিবলৈ যাবলৈ ওলোৱাত লগত সীতাও যাবলৈ খুজিছিল তেতিয়া ৰামে সীতাক এই কথাখিনি কৈছিল ।

ব্যাখ্যা :- ৰামে ৰাজ অভৰণ ত্যাগ কৰি বাকলি বসন পিন্ধি বনলৈ যাবলৈ সাজুহোৱাত ৰামৰ লগত পতীব্রতা সীতাও যাবলৈ ওলাল। কিন্তু অটব্য অৰণ্যৰ মাজত এগৰাকী তিৰোতা মানুহ থকাটো সহজ নহয়। সেয়েহে ৰামে সীতাক  বনবাসলৈ নিব ইচ্ছা কৰা নাছিল। বাৰে বাৰে সীতাক বনৰ মাজত থকা ভয়ানক বিপদবোৰৰ কথা কৈছিল। কিন্তু সিতাই কোনো পধ্যেই মান্তি নহয়। তেতিয়া ৰামে কৈছিল যে স্ত্ৰীৰ সৈতে বনত বাস কৰাটো অকণো সুখৰ নহয়। এই কথা মানুহে শুনিলে হাঁহিব। গতিকে বনত গৈ কষ্ট কৰাতকৈ ঘৰত থকাই মংগল ।

(খ) সিতাই বুলান্ত প্ৰভু        আঁত মোৰ ভয় নাই।

               প্ৰাণ মোৰ আছে তযু পৱে 

     সিংহ  ব‍্যাঘ‍ হস্তীগণ       ওচৰত নাসিবেক

               পলাইবেক তোমাৰ প্ৰভাবে ।

উত্তৰঃ এই কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ মাধৱ কন্দলিদেবে ৰচনা কৰা “সীতাৰ প্ৰতি ৰামৰ বচন ” নামৰ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে।

সংগতি :- সীতাক ৰামে বনলৈ যাব নালাগে বুলি কৈ মনৰ ভয় দেখুৱাত প্ৰত্যুত্তৰত সিতাই ৰামৰ লগত থাকিলে যে একোৰে প্ৰতি ভয় নাই সেই কথা উল্লেখ কৰিছে।

ব্যাখ্যা :- পতীব্রতা সিতাই ৰামৰ কথা শুনি সেই কথা মানি লবলৈ মান্তি নহল। ৰামে বনৰ ভয়ংকৰ ৰূপ বৰ্ণনা কৰাত সিতাই এইবুলি কৈছিল যে যিমান ভয়ঙ্কৰ বাঘ, সিংহ , হাতী থাকিলেও ৰামৰ লগত থাকিলে একো বিপদ হব নোৱাৰে। ৰামৰ পত্নী হিচাপে সীতা প্ৰাণৰ সদায় ৰামৰ চৰণত আছে। সেইবাবে বনৰ একোভয়ে সীতাক টলাব নোৱাৰে । ৰামৰ নাম শুনিয়ে যমকালও দূৰ হৈ যায়। তেনেক্ষেত্ৰত অন্য সাধাৰণ ভয়ে সীতাক একো কৰিব নোৱাৰে। গতিকে ৰামে পিতৃসত্য পালন কৰিবলৈ বনলৈ গলে সীতাও লগতে বনবাসলৈ যাব বুলি ৰামৰ আগত দৃঢ়ভাৱে প্ৰকাশ কৰিছিল।

৫। সমাৰ্থক শব্দ লিখা ।

(ক) স্ত্ৰী – পত্নী।         

(খ) চৰণ – ভৰি।

(গ) গহ্বৰ – গুহা।      

(ঘ) শোণিত – তেজ।

(ঙ) কণ্টক – কাঁইট।  

(চ) শয়ন – শোৱা।

(ছ) অৰুণ – সূৰ্য।    

(জ) গৰল – বিষ।

৬। তলৰ ভুল বাক্যবোৰ শুদ্ধ কৰা ।

(ক) কাইলৈ এটা বজাত আহিবা।

উত্তৰঃ কাইলৈ এক বজাত আহিবা।

(খ) তোমালৈ ৰখি ৰখি আমনি লাগিছে।

উত্তৰঃ তোমালৈ ৰৈ ৰৈ আমনি লাগিছে।

(গ) তুমি কালি যেনে তেনে যাবা।

উত্তৰঃ তুমি কাইলৈ যেনে তেনে যাব।

(ঘ) মায়ে ভাত বশাইছে।

উত্তৰঃ মায়ে ভাত ৰান্ধিছে।

(ঙ) ৰূপমৰ দেউতা দিল্লী গৈছে।

উত্তৰঃ ৰূপমৰ দেউতাকে দিল্লীলৈ গৈছে।

৭। অভিধান চাই অৰ্থ লিখা।

(ক) হাসিবেক – হাঁহিব।  

(খ) নাদ – চিঞৰ।

(গ) প্ৰমাদ – বিপদ।        

(ঘ) ত্ৰান –  ভয়।

(ঙ) কাম্পে – কপে।      

(চ) ভৰুক – ভয়াতুৰ।

(ছ) হান্হিবি – খোজ কঢ়া। 

(জ) চিন্তি চিন্তাকৰি।

(ঝ) তযু – তোমাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top