Assam Jatiya Bidyalay Class 8 Assamese Chapter 14 পুৰণি অসমৰ চিত্ৰকলা

Assam Jatiya Bidyalay Class 8 Assamese Chapter 14 পুৰণি অসমৰ চিত্ৰকলা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 14 পুৰণি অসমৰ চিত্ৰকলা Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 14 পুৰণি অসমৰ চিত্ৰকলা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 14 পুৰণি অসমৰ চিত্ৰকলা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পুৰণি অসমৰ চিত্ৰকলা

Chapter – 14

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা :

(ক) চিত্ৰকলাৰ ভাগবোৰ কি কি ? 

উত্তৰঃ চিত্ৰ কলাৰ ভাগবোৰ হ’ল-

(১) স্থিৰ চিত্ৰ।

(২) নৈসৰ্গিক চিত্ৰ।

(৩) প্ৰকৃতিক ইত্যাদি।

(খ) ‘হৰ্ষচৰিত’ কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ ‘হৰ্ষ চৰিত ‘ বানভট্টই ৰচনা কৰিছিল।

(গ) শ্ৰীমন্ত শংকৰদেৱে সাত বৈকুণ্ঠৰ পট কিয় আঁকিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ‘চিহ্নিযাত্ৰা’ ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ পট আঁকিছিল।

(ঘ) ‘পুথিচিত্ৰ ‘ মানে কি ?

উত্তৰঃ পুথিচিত্ৰ মানে হল পুথিত অৰ্থাৎ কিতাপত অকা চিত্ৰ।

(ঙ) পুৰণি অসমৰ চিত্ৰকৰসকলে বেছিভাগ চিত্ৰ কত আঁকিছিল ?

উত্তৰঃ পুৰণি অসমৰ চিত্ৰকৰসকলে বেছিভাগ চিত্ৰ হাঁচিপাত আঁকিছিল।

(চ) চিহ্নযাত্ৰা কি ?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা এখন অংকীয়া নাট চিহ্নিযাত্ৰা।

(ছ) খাওন্দ আৰু বৈৰাগীসকলে কোন ৰাজসভাৰ পৰা চিত্ৰ শিল্পী অসমলৈ অনাইছিল ?

উত্তৰঃ খাঁওন্দ আৰু বৈৰাগীসকলে মোগল ৰাজপুটনাৰ ৰাজসভাৰ পৰা চিত্ৰশিল্পী অসমলৈ অনাইছিল।

(জ) অসমৰ ধৰ্মীয় চিত্ৰকলা কাৰ পৃষ্ঠপোষকতাত গড়ি উঠা চিত্ৰ কলা ?

উত্তৰঃ অসমৰ ধৰ্মীয় চিত্ৰ কলা সত্ৰসমূহ পৃষ্ঠপোষকতা গড়ি উঠা চিত্ৰকলা।

২। চমু উত্তৰ দিয়া।

(ক) শংকৰদেৱৰ হাতত চিত্ৰকলাই কেনেদৰে বিকাশ লাভ কৰিছিল ?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন সুনিপুন চিত্ৰ শিল্পী আছিল।তেওঁৰ দিনতে অসমৰ চিত্ৰকলাই এটা স্বকীয়ৰূপ পৰিগ্ৰহ কৰিছিল। “চিহ্নিযাত্ৰা’ ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ এখন সুবৃহৎ পট আঁকিছিল। সেই যুগতে অসমৰ চিত্ৰকৰসকলে পুথিচিত্ৰৰ ধাৰা নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে। তেওঁ প্ৰতিষ্ঠা কৰা সূত্ৰসমূহত এই ধাৰা অতি সমৃদ্ধিশালী ৰূপত প্ৰবাহিত হৈছিল।

(খ) ধৰ্মীয় চিত্ৰকলা সমূহৰ প্ৰধান বিষয় আৰু উদ্দেশ্য কি আছিল ?

উত্তৰঃ ধৰ্মীয় চিত্ৰকলাসমূহৰ প্ৰধান বিষয় আছিল জনসাধাৰণক ধর্ম আৰু নৈতিক শিক্ষা প্ৰদান কৰা। দৰ্শকৰ মনত কলানুভূতি জগাই তুলা ধৰ্মীয় পুথি চিত্ৰ সমূহৰ উদ্দেশ্য নাছিল। উদ্দেশ্য আছিল মানুহক বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰা।

(গ) অসমতো যে চিত্ৰকলাৰ এটা পৰম্পৰা প্ৰচলিত হৈ আছিল সেইকথা ক’ৰ পৰা অনুমান কৰিব পাৰি ?

উত্তৰঃ অসমৰ চিত্ৰকলাৰ এটা পৰম্পৰা প্ৰচলিত হৈ থকা কথাটো পুথিচিত্ৰৰ পৰা অনুমান কৰিব পাৰি।

(ঘ) অসমৰ চিত্ৰশিল্পীৰ লগত বাহিৰৰ ৰাজ্যৰ কি কি শৈলীৰ সম্বন্ধ আছে।এই চিত্ৰ শৈলী অসমলৈ কোনে আৰু কেতিয়া আমদানি কৰিছিল ?

উত্তৰঃ অসমৰ চিত্ৰশিল্পৰ লগত বাহিৰৰ বিশেষকৈ মোগল আৰু ৰাজপুত চিত্ৰশৈলীৰ সম্বন্ধ আছে। এই চিত্ৰশৈলী অসমলৈ আহোম স্বৰ্গদেৱৰ দুই বিষয়া খাওন্দ আৰু বৈৰাগীয়ে স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনত অসমলৈ আমদানি কৰিছিল।

(ঙ) লতাবছা পুথি বুলিলে কি বুজা ? লতাবছা পুথিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ লতাবছা পুথি বুলিলে পুথিত থকা একোখিলা পাতৰ চাৰিওফালে লতাফুল অঁকা থাকে।তেনে পুথিত লতাবছা পুথি বুলি বুজা যায়।

উদাহৰণ স্বৰূপে :- 

(১) ভক্তি ৰত্নাৱলী। 

(২) মণিকূট।

(৩) ৰাধাহৰণ।

(চ) ৰজাঘৰীয়া চিত্ৰকলাৰ কেইটিমান নিদৰ্শন দিয়া।

উত্তৰঃ ৰজাঘৰীয়া চিত্ৰকলাৰ কেইটিমান নিদৰ্শন হল -হস্তী বিদ্যাৰ্ণব, গীতগোবিন্দ, দৰং ৰাজবংশৱলী, শংখচূৰ বধ, কুমাৰ হৰণ, আনন্দলহৰী আদি পুথি।

৩। (ক) চিত্ৰকলা মানে কি বুজাই লিখা।

উত্তৰঃ চিত্ৰকলা মানে চিত্ৰশিল্পী লেখনিৰ সহায়ত ৰং আৰু ৰেখাৰ সহায়ত চিত্ৰপটত অঁকা ছবি। ৰং আৰু ৰেখা আৰু চা-পোহৰৰ খেলৰ হমন্ধয়ত পেঞ্চিল, তুলিকা আদিৰে চিত্ৰপটত বুলাই বিভিন্ন দৃশ্য, বস্তু আদি অংকন কৰা হয়।তেতিয়া একোখন ছবিৰ বা চিত্ৰৰ সৃষ্টি হয়।চিত্র অংকন কৰাটো এটি কলা।সেয়ে ইয়াক চিত্ৰকলা বোলা হয়।

(খ) পুৰণি অসমৰ চিত্ৰকলাৰ প্ৰধান উৎসবোৰ কি কি ?

উত্তৰঃ  পুৰণি অসমৰ চিত্ৰকলাৰ প্ৰধান উৎসবোৰ হল- তামৰ ফলি, হিলালিপি, অসমৰ ৰচিত ধৰ্ম সংস্কৃত গ্ৰন্থ , বিদেশী ভ্ৰমনকাৰীৰ টোকা ইত্যাদি।

৪। চমুটোকা লিখা :

(ক) ধৰ্মীয় চিত্ৰকলা।

(খ) হাঁচিপাত।

(গ) চিহ্নিযাত্ৰা।

(ঘ) ৰজাঘৰীয়া চিত্ৰকলা।

(ঙ) হস্তী বিদ্যাৰ্ণব।

(চ) পুৰককনা।

(ছ) চিত্ৰভাগবত।

উত্তৰঃ (ক) ধৰ্মীয় চিত্ৰকলা :- ধৰ্মীয় চিত্ৰকলা বিশেষকৈ ধৰ্মক উদ্দেশ্য কৰি অংকন কৰা হয়। জনসাধাৰণক ধৰ্মৰ বিষয়ে নৈতিক শিক্ষা দিয়া এই চিত্ৰকলাৰ প্ৰধান উদ্দেশ্য জনসাধাৰনে যাতে ধৰ্মৰ বিষয়ে জানিব পাৰে তৰা বাবে চিত্ৰকলা সমূহ আকৰ্ষণীয় ৰূপত অংকন কৰা হয়। বৈষ্ণৱ যুগত অসমত সত্ৰসমূহে ধৰ্মীয় চিত্ৰকলাৰ সৃষ্টি কৰিছে। 

(খ) সাঁচিচপাত :- সাঁচি এবিধ মূল্য বান গছ। মহাপুৰুষ শংকৰদেৱে এই সাঁচিগছৰ বাকলিত লিখিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত কাগজৰ কাম কৰিছিল এই সাঁচি গছৰ বাকলিয়ে। পুৰণি অসমৰ চিত্ৰকৰ সকলে বেছিভাগ চিত্ৰ সাঁচিপাতত আঁকিছিল। ছবি অঙ্কনৰ বাবে হাঁচিপাত অকল অসমতহে ব্যৱহাৰ হৈছিল।

(গ) চিহ্নযাত্ৰা :- মহাপুৰুষ মাধৱদেৱৰ প্ৰথম ৰচিত অংকীয়া নাট হল চিহ্নযাত্ৰা। এই চিহ্নযাত্ৰা ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ এখন বৃক্ষ পট তেওঁ নিজে আঁকিছিল। কিন্তু পিছলৈ ভাওনা কৰা কঠিন হব বুলি এই নাটখন তেওঁ নষ্ট কৰি পেলাইছিল।

(ঘ) ৰজাঘৰীয়া চিত্ৰকলা :- ৰজাঘৰীয়া চিত্ৰকলা ধৰ্মীয় চিত্ৰকলাত কৈ পৃথক । ৰজাঘৰীয়া চিত্ৰকলাই ৰজা, ৰাজকোঁৱৰ আনকি কুঁৱৰী সকলৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। এই ধাৰণাৰ চিত্ৰকলা কাব্য , আখ্যান , বুৰঞ্জী, বিজ্ঞান আদিৰ পুথি চিত্ৰিত হৈছিল। উদাহৰণ স্বৰূপে হস্তী বিদ্যাৰ্ণব, গীত গোবিন্দ, দৰং ৰাজবংশাৱলী , শংখচূৰ বধ, কুমাৰ হৰণ আদিৰ নাম লব পাৰি। ৰজা-ৰাণীৰ প্ৰতিকৃতি অংকন ৰজাঘৰীয়া চিত্ৰকলাৰ এটা লক্ষণীয় দিশ আছিল। উজ্জ্বল, ৰঙা, কলা , হালধীয়া, নীলা, ইটাগুৰিয়া, গুলপীয়া, আকাশী নীলা, পাতল সেউজীয়া আদি ৰং ৰজাঘৰীয়া পুথি চিত্ৰত ব্যৱহাৰ কৰিছিল।

(ঙ) হস্তী বিদ্যাৰ্ণব :- সুকুমাৰ বৰখস্তয়  ৰচনা কৰা হাতী বিষয়ক পুথি । এই পুথিখনত হাতীৰ বিষয়ে সকলো কথা লিখা আছে। এই পুথিখন বৃটিছ মিউজিয়ামতে সংৰক্ষিত হৈ আছিল। অসম প্ৰকাশন পৰিষদে এই পুথিখন প্ৰকাশ কৰি উলিয়াইছে।

৫। ৰজাঘৰীয়া চিত্ৰকলা আৰু ধৰ্মীয় চিত্ৰকলাৰ কেইটিমান বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ ৰজাঘৰীয়া চিত্ৰকলাসমূহ ধর্ম নিৰপেক্ষ বিষয়ৰ আছিল। এই চিত্ৰকলাই বিভিন্ন ধর্ম গ্ৰন্থৰ  আখ্যান গ্ৰহণৰ লগতে চিত্ৰকৰ আৰু দৰ্শকৰ মাজত এক কলাত্মক সম্পৰ্ক ৰক্ষৰো চেষ্টা কৰা দেখা গৈছিল। ৰজাঘৰীয়া চিত্ৰশৈলী প্ৰধানত পাল চিত্ৰশৈলীৰ দৰে হলেও ৰাজপুত , মোগল আৰু পাহাৰী চিত্ৰশৈলীৰো প্ৰভাৱ আছিল।প্ৰতিকৃতিবোৰত ওখ-চাপৰ বুজোয়াত ডাঠ পাতল ৰঙৰ ব্যৱহাৰ  ওচৰ-দূৰ বুজোঁৱাটো ৰঙৰ পাৰ্থক্য আছিল চকুতলগা। তাৰ বাবে ছবিবোৰ অতি সুন্দৰ হৈ উঠিছিল।

ধৰ্মীয় চিত্ৰকলাৰ ধাৰাটোত কিন্তু ৰঙৰ পাৰ্থক্য চকুত লগা নাছিল আৰু পুথিচিত্ৰসমূহ ধৰ্মনিৰপেক্ষও নাছিল। ধৰ্মীয় চিত্ৰকলাসমূহ সত্ৰসমূহৰ নিজাসৃষ্টি । জনসাধাৰণক নৈতিক শিক্ষা দিয়াই ধৰ্মীয় চিত্ৰকলাৰ ঘাই বিষয় আছিল। এই চিত্ৰশৈলীতো পাল চিত্ৰশৈলীৰ প্ৰভাৱ আছিল। ধৰ্মীয় চিত্ৰকলা আছিল অনাৰম্ভৰ আৰু সহজ-সৰল। তেজীৰঙা, নীলা, বগা, সেউজীয়া, কলা আৰু ইটাগুৰিয়া ৰং ইয়াৰ মুখ্য ৰং আছিল।

৬ । ৰজাঘৰীয়া চিত্ৰকলা আৰু ধৰ্ম চিত্ৰকলাৰ এটি তুলনামূলক আচল যুগুত কৰা।

উত্তৰঃ ৰজাঘৰীয়া চিত্ৰকলা ধৰ্ম নিৰপেক্ষ আছিল। কিন্তু ধৰ্মীয় চিত্ৰকলা ধর্ম নিৰপেক্ষ নাছিল। প্ৰতিকৃতি অংকনত ৰজাঘৰীয়া চিত্ৰকলাত যেনেদৰে ৰং ব্যৱহাৰ কৰিছিল । ধৰ্মীয় চিত্ৰকলাত সেইদৰে ৰং ব্যৱহাৰ কৰা নাছিল। ৰজাঘৰীয়া চিত্ৰকলাৰ প্ৰধান উদ্দেশ্য আছিল মনত আনন্দ প্ৰদান কৰা কিন্তু ধৰ্মীয় চিত্ৰকলাৰ প্ৰধান উদ্দেশ্য আছিল জনসাধাৰণক নৈতিক শিক্ষা দিয়া।

৭। বাখ্যা কৰা :

(ক) ৰজাঘৰীয়া চিত্ৰকলাৰ অংকনৰীতি বাস্তৱ ধৰ্মী অংকন অতি সূক্ষ্ম আৰু অতুলনীয় আছিল।

উত্তৰঃ এই কথাষাৰি আমাৰ পাঠ্যপুথি “আপোন পাঠ”ৰ  অপৰাজিতা বৰাই ৰচনা কৰা পুৰণি অসমৰ চিত্ৰকলা’ নামৰ প্ৰবন্ধৰ পৰা তুলি দিয়া হৈছে।

ইয়াত লেখকে ৰজাঘৰীয়া চিত্ৰকলাৰ অংকন পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছে।

বাখ্যা :- অসমত আহোম ৰজা সকলৰ দিনত ৰজাঘৰীয়া চিত্ৰকলা অংকন কৰিছিল। ৰজাৰ নাইবা ৰাজকোঁৱৰ আৰু ৰজা কুঁৱৰীসকলো পৃষ্ঠপোষকতা লাভ কৰি চিত্ৰকৰসকলে চিত্ৰকলা ৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাব পাৰিছিল। চিত্ৰকৰ সকলে কাব্য , আখ্যান, বুৰঞ্জী, বিজ্ঞান আদিৰ পুথি চিহ্নিত কৰি দৰ্শকৰ মনত কলা নুভূতি জগাই তুলিবলৈ চেষ্টা কৰিছিল। বিশেষকৈ ৰজা- ৰাণীৰ প্ৰতিকৃতি অংকন কৰিছিল অতি সূক্ষ্ম আৰু বাস্তৱধৰ্মীকৈ । উজ্জ্বল ৰঙা, ৰঙা কলা, হালধীয়া, কলা, নীলা, ইটাগুৰিয়া, গুলপীয়া, আকাশী নীলা, আদি ৰং ব্যৱহাৰ কৰি পুথিচিত্ৰ ইমান সুন্দৰকৈ অংকন কৰিছিল যে ইয়াক কাৰো লগত তুলনা কৰিব পৰা নগৈছিল। অসমৰ ৰজাঘৰীয়া চিত্ৰকলাৰ সুন্দৰ বৰ্ণময় ইতিহাস আজিও দৰ্শকক আপ্লুত কৰে।

(খ) চিত্ৰকলা হল ৰেখা, ছাঁ- পোহৰৰ খেল।

উত্তৰঃ এই কথাষাৰ আমাৰ পাঠ্যপুথি ” আপোন পাঠ’ৰ অপৰাজিতা বৰাই ৰচনা কৰা ‘পুৰণি অসমৰ চিত্ৰকলা’ নামৰ পাঠৰ পৰা উদ্ধৃত কৰা হৈছে।

ইয়াত লেখকে চিত্ৰকলা কি বস্তু সেই বিষয়ে উল্লেখ কৰিব খুজিছে।

চিত্ৰকলা বা ছবি চিত্ৰকৰসকলে ৰং আৰু ৰেখাৰ সহায়ত অংকন কৰে। তুলিকা বা লেখনিৰে সহায়ত তুলনাপাতত ৰঙেৰে বুলাই অতি সুন্দৰ জীৱন্ত ছবি চিত্ৰকৰে আঁকি উলিয়াব পাৰে । চিত্ৰ অংকন সম্বন্ধে যাৰ অভিজ্ঞতা আছে আৰু হাতত তুলিকালৈ ছবি আঁকিব পাৰে তেওঁলোকে অনায়াসে ৰং আৰু ৰেখাৰ সহায়ত লগতে ছাঁ-পোহৰৰ সম্বন্ধয় দৰ্শকৰ আগত মনৰ ভাৱ ফুটাই তুলি অতি সুন্দৰ দৃশ্যপট দাঙি ধৰিব পাৰে। চিত্ৰকৰৰ । মনত ই এটা সাধাৰণ খেল । মানুহে সুন্দৰৰ আৰাধনা কৰে। চিত্ৰকলাৰ জৰিয়তে সেই সৌন্দৰ্য সৰ্বসাধাৰণ মানুহৰ আগত দাঙি ধৰে।ৰং ৰেখা আৰু চা-পোহৰৰ জৰিয়তে চিত্ৰকৰে স্থিৰ চিত্ৰ,নৈসৰ্গিক চিত্ৰ, প্ৰাকৃতিক আদি অংকন কৰি সৰ্ব সাধাৰণ  মানুহক আচৰিত কৰি দিব পাৰে।

(গ) ধৰ্মীয় চিত্ৰকলা ৰজাঘৰীয়া চিত্ৰকলাতকৈ অনাড়ম্বৰ।

উত্তৰঃ এই কথাষাৰ আমাৰ পাঠ্যপুথি “আপোন পাঠ’ৰ অপৰাজিতা বৰাই ৰচনা কৰা ” পুৰণি অসমৰ চিত্ৰকলা” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

ইয়াত ধৰ্মীয় চিত্ৰকলা আৰু ৰজাঘৰীয়া চিত্ৰকলাৰ মাজত থকা পাৰ্থক্যৰ কথা উল্লেখ কৰিছে।

বৈষ্ণৱ যুগৰ ধৰ্মীয় চিত্ৰকলা সত্ৰসমূহত সৃষ্টি হৈছিল। ধৰ্মীয় চিত্ৰকলা সমূহৰ মূল উদ্দেশ্য আছিল ই জনসাধাৰণক নৈতিক শিক্ষা প্ৰদান কৰা। সেইবাবে অনাড়ম্বৰ ভাবে এই চিত্ৰসমূহ সহজ সৰলকৈ অংকন কৰিছিল। ধৰ্মীয় চিত্ৰকলা লোক কলাৰ অন্তৰ্গত আছিল। সেইবাবে জনসাধাৰণক সহজে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আনহাতে ধৰ্মীয় চিত্ৰকলাৰ বিপৰীতে ৰজাঘৰীয়া চিত্ৰকলা আছিল অতি আৰম্ভৰপূৰ্ণ  আৰু যাক- যমক এই চিত্ৰকলাই দৰ্শকৰ মনত কলানুভূতি জগাই তুলিবলৈ চেষ্টা কৰিছিল। ৰজা, ৰাজ কোঁৱৰ, নাইবা ৰাজ কোঁৱৰীসকলৰ পৃষ্ঠপোষকতা ৰজাঘৰীয়া চিত্ৰকলা অংকিত হোৱা বাবে এই চিত্ৰকলাই যাক-যমকভাৱে কংকিত হৈছিল। ৰাজ ভঁৰালৰ পৰা চিত্ৰকৰসকলে অভাৱ নোহোৱাকৈ ধন খৰছ কৰিছিল সেয়ে এই চিত্ৰকলা আছিল আড়ম্বৰপূৰ্ণ, আনহাতে ধৰ্মীয় চিত্ৰকলাৰ উদ্দেশ্য আৰু ধনৰ উৎস সীমিত আছিল বাবে এই চিত্ৰকলা আছিল অনাড়ম্বৰ।

৮। বিপৰীত অৰ্থবোধক শব্দ লিখা :

(ক) ডাঠ – পাতল।           

(খ) ওচৰ – দূৰ ।

(গ) উজ্জ্বল –  অনুজ্জল ।  

(ঘ) ওখ  – চাপৰ।

(ঙ)  ছাঁ – পোহৰ। 

৯। প্ৰাচীন অসমৰ চিত্ৰকলাত ব্যবহিত বিভিন্ন সামগ্ৰী সমূহৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ প্ৰাচীন অসমৰ চিত্ৰকলাত ব্যবহিত বিভিন্ন ৰং ,ছবি অঁকাৰ, বাবে সাঁচিপাত , তুলিকা বা লেখনি। শিল্পীসকলে লোচন ৰঙা ৰং পাবলৈ, জৰথৰ গুটি বা ৰংগন মাটি, ইটা গুৰিয়া ৰং পাবলৈ, নীল বা ৰস গছৰ পাত, নীলা ৰং পাবলৈ , খৰিমাটি বগা ৰঙৰ বাবে ,হাইতাল হালধীয়া ৰঙৰ কাজল শিলিখা ধেতোৰা কলা ৰঙৰ বাবে আৰু সোণৰ গুৰি সোণোৱালী ৰং পাবলৈ ব্যৱহাৰ কৰিছিল।

১০। অভিধান চাই অৰ্থ লিখা :

(ক) তুলিকা  –  লেখনি ।   

(খ) সুনিপুন – সুদক্ষ।

(গ) বৰ্ণিল – বৰ্ণময় ।       

(ঘ) সামঞ্জস্য – মিল।

(ঙ) অনাড়ম্বৰ – সৰল।      

(চ) মড়ল – মণ্ডল।

(ছ) পৃষ্ঠপোষকতা – গুৰিধৰাজন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top