Assam Jatiya Bidyalay Class 8 Assamese Chapter 15 প্ৰত্যাগত

Assam Jatiya Bidyalay Class 8 Assamese Chapter 15 প্ৰত্যাগত, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 15 প্ৰত্যাগত Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 15 প্ৰত্যাগত Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 15 প্ৰত্যাগত provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰত্যাগত

Chapter – 15

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১ । (ক) কোনে হাৰ্টৰ অপাৰেশ‍্যন কৰে ?

উত্তৰঃ কৰ্ডিঅ’থ’ৰাছিক চার্জনে হাৰ্ডৰ অপাৰেশ‍্যন কৰে।

(খ) হাৰ্ট ট্ৰেস্নপ্লেট কেনেকৈ কৰে ?

উত্তৰঃ এজনৰ হাৰ্ট আনজনৰ দেহত সংযোগ কৰি হাৰ্ট ট্ৰেস্নপ্লেট কৰে।

(গ) হৃদযন্ত্রটো কি পদ্ধতিৰে কিছুদিন সংৰক্ষিত কৰে ?

উত্তৰঃ ভিট্ৰিফিকেশ‍্যন নামৰ এটা পদ্ধতিৰে হৃদযন্ত্ৰটো সংৰক্ষণ কৰা হয়। হৃদযন্ত্ৰটো গ্লিচাৰণ নামৰ এবিধ ৰাসায়নিক দ্ৰব্যৰ লগত মিহলাই জুলীয়া নাইট্ৰ জেনৰ সহায়ত অতি শীতল অৰ্থাৎ শূন্য ডিগ্ৰী ছেন্টিগ্ৰেডৰ ১৯২ (ডিগ্ৰী) তললৈ (১৯২ ডিগ্ৰী চেলছিয়াছ) নি সংৰক্ষণ কৰা হয়।

(ঘ) হাৰ্ট ট্ৰেন্সপ্লেণ্টৰ দ্বাৰা কিদৰে মানুহৰ শৰীৰ পুনৰ সক্ৰিয় কৰা হয় ?

উত্তৰঃ মানুহৰ শৰীৰৰ কেবাটাও মুখ্য অংগৰ ভিতৰত হাৰ্টও এটা মুখ্য অংগ যাৰ সহায়ত মানুহে জীয়াই থাকে আৰু হাৰ্ট অভিহনে মানুহৰ মৃত্যু অৱশ্যম্ভাৱী। কিন্তু মানুহৰ শৰীৰৰ থকা হাৰ্টটো যদি কিবা কাৰণত অকামিলা হৈ যায় আৰু সময়মতে এটা হাৰ্ট পোৱা যায় তেতিয়া ট্ৰেন্সপ্লেণ্টৰ সহায়ত মানুহৰ শৰীৰৰ পুনৰ সক্ৰিয় হব পাৰে। কাৰ্ডিঅ’থ’ৰাছিক চাৰ্জনে অপাৰেশ‍্যন  কৰি দুৰ্ঘটনা আদিত মগজু সম্পূৰ্ণ ৰূপে অকাৰ্যক্ষম হৈ পৰা কিন্তু স্পন্দন থকা হৃদপিণ্ড সংগ্ৰহ কৰি গ্ৰাহক ৰোগীৰ শৰীৰত স্থাপন কৰে। এইদৰে হাৰ্ট ট্ৰেন্সপ্লেণ্ট কৰি মানুহৰ শৰীৰ পুনৰ সক্ৰিয় কৰা হয়।

(ঙ) ৰথীন বৰুৱাৰ হাৰ্ট ট্ৰেন্সপ্লেণ্ট কত আৰু কোনে কৰিছিল ?

উত্তৰঃ ৰথীন বৰুৱাই তেওঁৰ হাৰ্টৰেট এনেদৰে নৰ্মেল হব বুলি কৈছে- অপাৰেশ‍্যনৰ  সময়ত ভেগাছ নামৰ নাৰ্ভ এডাল কটা যায়। সেইডাল হেনো সময়ত জোৰা লাগে আৰু হাৰ্টৰেট কমি নৰ্মেল হয়।

(চ) কেলি পাৰকিনছ কোন ?

উত্তৰঃ কেলি পাৰকিনছ হল ট্ৰেন্সপ্লেণ্ট কৰা এজন মানুহ, যিজনে কেবাটাও ওখ শৃংগ আৰোহণ কৰিছে।

(ছ) ক্ৰায় ‘প্ৰিজাভেশ‍্যন’ কি ?

উত্তৰঃ ক্ৰায় ‘প্ৰিজাভেশ‍্যন ‘ হল মানুহৰ নাইবা কোনো পোহনীয়া জীৱ জন্তুৰ মৃতদেহ সংৰক্ষণ কৰিব পৰা এটা পদ্ধতি।

(জ) ৰথীন বৰুৱাৰ হাৰ্টৰ কি ৰোগ হৈছিল ?

উত্তৰঃ ৰথীন বৰুৱাৰ হাৰ্টৰ কাৰ্ডিঅ’মায়’পথি নামৰ ৰোগ হৈছিল।

(ঝ) ক্ৰায়’বিক ইনষ্টিটিউটৰ লগত ৰথীন বৰুৱাই কি চুক্তি কৰিছিল ?

উত্তৰঃ ক্ৰায়’ বিক ইনষ্টিটিউটৰ লগত ৰথীন বৰুৱাই তেওঁৰ হাতত থকা প্ৰায় সকলোখিনি ধন জমা দি এখন চুক্তি কৰিছিল এইদৰে যে ৰথীন বৰুৱাৰ মৃত্যু হলে তেওঁলোকৰ ব্যৱস্থাৰে তেওঁৰ দেহটো জুলীয়া নাইট্ৰজেন টেংকিত সংৰক্ষণ কৰিব আৰু যেতিয়া সেই ৰোগৰ সূচিকিৎসা ওলাব বা অপাৰেশ‍্যন  সম্ভৱ হব তেওঁলোকে সম্পূৰ্ণ ব্যৱস্থা কৰি পুনৰ ৰথীন বৰুৱাক জীয়াই তুলিব।

২। সন্ধি ভঙা :

(ক) প্ৰত্যাগত  = প্ৰতি + আগত।

(খ) অস্ত্ৰোপচাৰ = অস্ত্ৰ  + উপাচাৰ।

(গ) যাতায়ত  = যাত  + আয়াত।

(ঘ) পুনৰ্জীৱন  = পুনঃ + জীৱন।

(ঙ) সংৰক্ষণ  = সম + ৰক্ষণ ।

(চ) বিপজ্জনক  = বিপদ +জনক ।

(ছ) প্ৰত্যাৰোপন  = প্ৰতি + আৰোপন ।

(জ) যোগাযোগ  = যোগ + অয়োগ ।

(ঝ) প্রতিষ্ঠান = প্ৰতি +ষ্ঠান ।

(ঞ) তদুপৰি  =তৎ + উপৰি ।

(ট) পুন্নজন্ম  = পুনঃ + জন্ম ।

(ঠ) ভাৰাক্ৰান্ত  = ভাৰা  + আক্ৰান্ত ।

৩। উক্তি পৰিবৰ্তন কৰা।

(ক) মই তেওঁক কলো” মোক কিন্তু চিন্তা হৈছে” ।

উত্তৰঃ  মই তেওঁক কলো যে মোৰ কিন্তু চিন্তা হৈছে।

(খ) মানুজনে ক’লে ” মোৰ চিনাকি দিলে তুমি বিশ্বাস নকৰিবা ” ।

উত্তৰঃ  মানুজনে ক’লে যে তেওঁৰ চিনাকি দিলে মই বিশ্বাস নকৰিম।

(গ) সীমাই সেইবাৰলৈ তেওঁক ক্ষমা কৰিবলৈ অনুৰোধ কৰিলে।

উত্তৰঃ সীমাই তেওঁক অনুৰোধ কৰিলে ” এইবাৰলৈ মোক ক্ষমা কৰা।” 

(ঘ) তেওঁ মোক সুধিলে ” কালি তোমালোকৰ ঘৰলৈ কোন আহিছিল ?

উত্তৰঃ তেওঁ মোক সুধিলে যে কালি আমাৰ ঘৰলৈ কোন আহিছিল।

(ঙ) তেওঁ কলে” এইবাৰলৈ মোক ক্ষমা কৰক” ।

উত্তৰঃ তেওঁ কলে যে এইবাৰলৈ তেওঁক ক্ষমা কৰিব লাগে।

(চ) শিক্ষকে কৈছিল “মানুহ অমৰ নহয়”।

উত্তৰঃ শিক্ষকে কৈছিল যে মানুহ অমৰ নহয়।অসমীয়া ভাষাত উক্তি দুবিধ। প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি।

মানুহে মানুহৰ আগত সদায় বাক্য উচ্চাৰণ কৰি নিজৰ মনৰ সুক ,দুখ , অজৰ-অভিযোগ, আশা – আকাংক্ষা আদি প্ৰকাশ কৰে। একেদৰে একে কথাখিনি লিখি প্ৰকাশ কৰিব পাৰি। কওতাই কোৱা কথাখিনি হুবহু তেনেভাৱেই পুনৰ প্ৰকাশ কৰিলে প্ৰত্যক্ষ উক্তি হয়।

কিন্তু কওঁতাই কোৱা কথাখিনি হুবহু কোৱা ধৰণে প্ৰকাশ নকৰি অইনৰ কথাৰে প্ৰকাশ কৰিলে নাইবা থুলমূলকৈ ভাবখিনিহে প্ৰকাশ কৰিলে পৰোক্ষ উক্তি হয়।

কথাখিনি হুবহু উক্তি কৰি উদ্ধাৰ ( “কওঁতাৰ” ) চিনৰ মাজত প্ৰকাশ কৰা হয়।

উদাহৰণ :- শিক্ষকে ৰাণীক কলে “সদায় ব্যাকৰণ পঢ়িবা” । প্ৰত্যক্ষ উক্তি শিক্ষকে বীণাক কলে যে সদায় ব্যায়াকৰন পঢ়িবা।

পৰোক্ষ উক্তিত কওঁতাৰ কথাখিনি পুনৰ উক্তি কৰোতে সাধাৰণতে যে বোলে, বুলি, হেনো, আদি অব্যয় পদ ব্যৱহাৰ হয়।

৪। তলৰ বাক্যবোৰত থকা ভুলবোৰ শুধৰোৱা :

(ক) তেখেতে ক’লে “ৰাইজসকল আপোনালোকৰ ভাল হওক” ।

উত্তৰঃ তেখেতে ক’লে “ৰাইজ আপোনালোকৰ ভাল হওক” ।

(খ) তোমাৰ খুৰীৰ ঘৰ ক’ত ?

উত্তৰঃ তোমাৰ খুৰীয়েৰাৰ ঘৰ ক’ত।

(গ) তুমি আজি সন্ধিয়া মোক লগ ধৰিবা।

উত্তৰঃ তুমি আজি সন্ধিয়া মোক লগ কৰিবা।

(ঘ) তোমাৰ বাবে ৰখিবলৈ মোৰ সময় নাই।

উত্তৰঃ তোমাক ৰখিবলৈ মোৰ সময় নাই।

(ঙ) নটা বজাত হি আহিছিল।

উত্তৰঃ ন বজাত সি আহিছিল।

৫। তলৰ শব্দবোৰত ‘ণ’ হৈছে লিখা : 

পৰিবহন, উপকৰণ,  নিৰ্ণয়, অপৰাহ্ন , কৃষ্ণ, সংৰক্ষণ, আৰোহণ।

উত্তৰঃ ঋ, ৰ, যৰ পিছত থকা দন্ত “ন’ মুৰ্দ্ধন‍্য ‘ণ’ হয়। সেইবাবে পৰিবহন, উপকৰণ, নিৰ্ণয়, কৃষ্ণ, সংৰক্ষণ, আৰোহণত মূৰ্দ্ধণ‍্য  হৈছে।

তাপৰ শব্দৰ পিছত থকা অহ্ন শব্দৰ দন্ত‍্য ‘ন’ মৰ্দ্ধণ‍্য ‘ণ’ হয়। সেইবাবে অপৰাহ্ন।

৬। তলৰ আঁচ টনা শব্দবোৰৰ কাৰক নিৰ্ণয় কৰা।

(ক) তুমি মোলৈ কি আনিছা ?

উত্তৰঃ মোলৈ :- চতুৰ্থী বিভক্তি সম্প্ৰদান কৰক।

(খ) তোমাৰ চুলাটো মোক দিয়া।

উত্তৰঃ কৰ্ম কাৰক।

(গ) তেওঁ বিছনাৰ পৰা উঠি আহিল।

উত্তৰঃ অপদান কাৰক।

(ঘ) ৰাস্তাত গাড়ী-মটৰৰ বৰ ভিৰ।

উত্তৰঃ অধিকৰণ কাৰক।

(ঙ) শিক্ষকে ছাত্ৰক মৰম কৰে।

উত্তৰঃ কৰ্তা কাৰক ।

(চ) আইতাই সাধু কয়।

উত্তৰঃ কর্ম কাৰক।

(ছ) সি অংকটো ভুল কৰিলে।

উত্তৰঃ কর্ম কাৰক।

৭। ‘খা’ ধাতুৰ উপযুক্ত ব্যৱহাৰ কৰি তলৰ বাক্যবোৰ খালি ঠাই পুৰ কৰা।

উত্তৰঃ (ক) ৰাহুলে ভাত খাই স্কুললৈ গল।

(খ) মনিয়ে সময়মতে ভাত খাব।

(গ) সোণে আপেল খাবলৈ ভাল পায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top