Assam Jatiya Bidyalay Class 7 Social Science Chapter 4 মোগলৰ অধীনত ভাৰত আকবৰৰ পৰা ঔৰংজেৱলৈ

Assam Jatiya Bidyalay Class 7 Social Science Chapter 4 মোগলৰ অধীনত ভাৰত আকবৰৰ পৰা ঔৰংজেৱলৈ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 4 মোগলৰ অধীনত ভাৰত আকবৰৰ পৰা ঔৰংজেৱলৈ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মোগলৰ অধীনত ভাৰত আকবৰৰ পৰা ঔৰংজেৱলৈ

Chapter -4

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। কোন খৃ.ত আকবৰে দিল্লীৰ সিংহাসন আৰোহণ কৰে? 

উত্তৰঃ ১৫৫৬ খৃ.ত আকবৰে দিল্লীৰ সিংহাসনত আৰোহণ কৰে।

প্রশ্ন ২। আকবৰৰ অভিভাৱকগৰাকীৰ নাম কি? 

উত্তৰঃ বৈরাম খাঁ।

প্রশ্ন ৩। পানিপতৰ দ্বিতীয় যুদ্ধ কোন খৃ.ত সংঘটিত হৈছিল?

উত্তৰঃ ১৫৫৬ খৃ.ত।

প্রশ্ন ৪। হিমু কোন?

উত্তৰঃ হিমু হ’ল ছেছাহৰ বংশৰ আদিল ছাহ নামৰ এজন শক্তিশালী আফগান নেতাৰ মন্ত্ৰী।

প্রশ্ন ৫। আকবৰে কোন ৰাজপুত ৰজাৰ জীয়েকক বিয়া কৰাইছিল? 

উত্তৰঃ অম্বৰৰ ৰজা বিহাৰীমল্লৰ জীয়েকক আকবৰে বিয়া কৰাইছিল। 

প্রশ্ন ৬।  কোনখন ৰাজপুত ৰাজ্যই আকবৰৰ বশ্যতা স্বীকাৰ কৰা নাছিল?

উত্তৰঃ মেৱাৰ।

প্রশ্ন ৭। মেৱাৰৰ ৰাজধানীখনৰ নাম কি?

উত্তৰঃ চিতোৰ।

প্রশ্ন ৮। হলদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? 

উত্তৰঃ আকবৰ আৰু প্ৰতাপ সিংহৰ মাজত।

প্রশ্ন ৯। দীন-ই-ইলাহী কি?

উত্তৰঃ সকলো ধৰ্মৰ সাৰমৰ্ম গোটাই প্ৰচাৰ কৰা এটা নতুন ধর্মমত হৈছে। “দীন-ই-ইলাহী’।

প্রশ্ন ১০। বীৰবল কোন?

উত্তৰঃ বীৰবল, আকবৰৰ ৰাজসভাত শোভাবৰ্দ্ধন কৰা এজন ব্যক্তি আছিল।

চমুটোকা লিখা :

১। আকবৰৰ ধৰ্মীয় নীতি।

উত্তৰঃ আকবৰ ধৰ্মৰ ক্ষেত্ৰত বৰ উদাৰ আছিল। তেওঁ সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল। তেওঁ বেলেগ বেলেগ ধৰ্মৰ মত সম্বন্ধে জানিবলৈ ধর্মালোচনী অনুষ্ঠিত কৰিছিল। সেয়েহে ফতেহপুৰ চিক্ৰিত ইবাদতখানা নিৰ্মাণ কৰিছিল। ইয়ালৈ বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুক নিমন্ত্ৰণ কৰিছিল।

আকবৰে সকলো ধৰ্মৰ সাৰমৰ্ম গোটাই ‘দীন-ই-ইলাহী’ নামে এটা নতুন ধর্মমত প্ৰচাৰ কৰিছিল।

২। আকবৰৰ ৰাজপুত নীতি।

উত্তৰঃ আকবৰে জানিছিল যে ৰাজপুতসকল ভাৰতৰ শ্ৰেষ্ঠ সামৰিক জাতি। সেয়েহে আকবৰে ৰাজপুত শক্তিৰ সৈতে মিত্রতা স্থাপন কৰিবলৈ ইচ্ছা কৰিছিল। কাৰণ মোগল সাম্ৰাজ্য সুদৃঢ় কৰিবলৈ ৰাজপুত শক্তিৰ সৈতে সদভাব গঢ়ি তুলিব লাগিব। সেয়ে অম্বৰৰ ৰজা বিহাৰী মল্লৰ জীয়েকক বিয়া কৰায়। যোধপুৰৰ ৰজাৰ ঘৰৰ জীয়াৰী এগৰাকীক পুতেক ছেলিমলৈ বিয়া কৰালে। উপযুক্ত ৰাজপুতক তেওঁ ডাঙৰ বিষয়বাব দিছিল। ইয়াৰ ফলত ৰাজপুতসকলে আকবৰৰ উত্তৰাধিকাৰীলৈ সমৰ্থন আগবঢ়াইছিল।

৩। হলদিঘাটৰ যুদ্ধ।

উত্তৰঃ উদয়সিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক ৰাণা প্রতাপ সিংহই ৰাজধানী চিতোৰ উদ্ধাৰ কৰিবলৈ প্ৰাণেপণে চেষ্টা কৰে। আকবৰে নানা উপায়েৰে প্ৰতাপ সিংহক বশ কৰিবলৈ চেষ্টা কৰিছিল। ১৫৭৬ খৃ.ত হলদিঘাট নামে ঠাইত আকবৰৰ লগত প্ৰতাপ সিংহৰ যুদ্ধ হয়। যুদ্ধত প্ৰতাপ সিংহই পৰাজয় বৰণ কৰে। ইয়াৰ পিছত প্ৰতাপ সিংহই অনাই বনাই ঘূৰি ফুৰিছিল। তথাপি মোগলৰ বশ্যতা স্বীকাৰ কৰা নাছিল।

প্রশ্ন ১১। আকবৰৰ শাসন প্ৰণালীৰ ওপৰত দহশাৰীৰ এটি টোকা প্রস্তুত কৰা? 

উত্তৰঃ আকবৰৰ শাসন নীতিৰ মূল আছিল উদাৰতা, ধর্ম সহিষ্ণুতা আৰু প্ৰজাৰ কল্যাণ সাধন। আকবৰে শাসনৰ সুবিধাৰ বাবে ৰাজ্যখনক ১৫টা চুবাত ভাগ কৰিছিল। প্ৰত্যেক চুবাৰ শাসনকৰ্তাজনক চুবেদাৰ বোলা হৈছিল। চুবেদাৰৰ তলত এজন দেৱান, এজন ফৌজদাৰ আৰু এজন প্রধান বিচাৰক আছিল। নগৰৰ শাস্তি ৰক্ষাৰ বাবে কটোৱাল নামৰ এজন বিষয়া আছিল। টোডৰমল নামৰ এজন হিন্দু বিষয়াই মাটিৰ পিয়ল কৰাই উৎপাদিত সামগ্ৰীৰ এভাগ খাজনা হিচাপে নিৰূপণ কৰিছিল। গাঁওবিলাকত পঞ্চায়তৰ লেখিয়া ব্যৱস্থা আছিল।

প্রশ্ন ১২। শিৱাজী কোন?

উত্তৰঃ শিবাজী হ’ল মৰাঠা বীৰ বা নেতা।

প্রশ্ন ১৩। কোনে চত্ৰপতি উপাধি গ্রহণ কৰিছিল? 

উত্তৰঃ শিবাজীয়ে চত্ৰপতি উপাধি গ্ৰহণ কৰিছিল।

প্রশ্ন ১৪। মিৰজুমলা কোন?

উত্তৰঃ মিৰজুমলা আছিল বংগদেশৰ চুবেদাৰ।

প্রশ্ন ১৫। ৰামসিংহ কোন? 

উত্তৰঃ ৰামসিংহ আছিল মোগল সেনাপতি।

প্রশ্ন ১৬। লাচিত বৰফুকন কোন? 

উত্তৰঃ লাচিত বৰফুকন আহোম সেনাপতি আছিল?

প্রশ্ন ১৭। আকবৰে কিমান বছৰ বয়সত দিল্লীৰ সিংহাসন আৰোহণ কৰে? 

উত্তৰঃ ১৪ বছৰ বয়সত।

প্রশ্ন ১৮। পানিপতৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? 

উত্তৰঃ পাতিপৰ দ্বিতীয় যুদ্ধ আফগান নেতা হিমু আৰু বৈৰামখাৰ মাজত হৈছিল।

প্রশ্ন ১৮। আকবৰে কিয় ৰাজপুতসকলৰ লগত বন্ধুত্বপূর্ণ সম্পৰ্ক ৰক্ষা কৰিছিল। 

উত্তৰঃ আকবৰে মোগল সাম্ৰাজ্য সুদৃঢ় কৰাৰ বাবে ৰাজপুতসকলৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰিছিল।

প্রশ্ন ২০। আকবৰৰ শাসন নীতিৰ মূল লক্ষ্য কি আছিল? 

উত্তৰঃ আকবৰৰ শাসন নীতিৰ মূল লক্ষ্য হ’ল প্ৰজাৰ কল্যাণ সাধন, উদাৰতা, ধর্মসহিষ্ণুতা।

প্রশ্ন ২১। আকবৰৰ ৰাজসভাত তিনিজন পণ্ডিতৰ নাম লিখা। 

উত্তৰঃ আবুল ফজল, ফৈজী আৰু ভগবান দাস।

প্রশ্ন ২২। আকবৰৰ দুটা শ্রেষ্ঠ স্থাপত্য কীৰ্তিৰ নাম লিখা? 

উত্তৰঃ বুলন্দ দৰৱজা, পঞ্চমহল।

চমুটোকা লিখা :

১। শৰাইঘাটৰ যুদ্ধ।

উত্তৰঃ ঘিলাধাৰী ঘাটৰ সন্ধি উলংঘা কৰাৰ অপৰাধত ঔৰংগজেৱে অসমৰ বিরুদ্ধে যুদ্ধ ঘোষণা কৰে। ৰামসিংহক মোগলৰ সেনাপতিরূপে প্ৰেৰণ কৰে। সেই সময়ত আহোমৰ সেনাপতি আছিল বীৰ লাচিত বৰফুকন। দুয়োপক্ষৰ মাজত শৰাইঘাটত তয়াময়া যুদ্ধ লাগে। এই যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহই পৰাজয় বৰণ কৰে। লাচিত বৰফুকনে ৰাতিৰ ভিতৰতে গড় সাজি উলিয়ায়। তেওঁৰ মোমায়েকে কামত অৱহেলা কৰা বাবে লাচিতে মোমায়েকক কাটি দুছেৱা কৰে। এই যুদ্ধৰ ফলত মানাহ নদী আহোম আৰু মোগলৰ সীমা হয়।

২। শিবাজী।

উত্তৰঃ শিবাজী মাৰাঠাসকলৰ নেতা আছিল। শিরাজীৰ লগত ঔৰংগজেৱৰ কেইবাখনো যুদ্ধ হৈছিল। কেবাখনো যুদ্ধত শিবাজীৰ জয় হৈছিল। ১৬৭৪ খৃ.ত ৰায়গড় দুৰ্গত শিৱাজীয়ে ৰাজ অভিষেক পাতি ‘চক্ৰপতি উপাধি গ্রহণ কৰিছিল।

৩। জাহাংগীৰ।

উত্তৰঃ আকবৰৰ মৃত্যুৰ পাছত পুতেক ছেলিমে জাহাংগীৰ নাম লৈ দিল্লীৰ সিংহাসনত উঠে।

জাহাংগীৰে মেহেৰুন্নিছা নামৰ পাৰস্য দেশৰ এগৰাকী দীপলিপ কন্যাক বিয়া কৰাইছিল। পিছত তেওঁক নুৰজাহান নামেৰে জনা গৈছিল।

ৰাণাপ্রতাপৰ পুতেক অমৰ সিংক মেৱাৰৰ ৰাণা হোৱাৰ পিচত জাহাংগীৰে বশ্যতা স্বীকাৰ কৰায়। জাহাংগীৰৰ দিনত মোগলৰ অধীনস্থ কান্দাহাৰ পাৰস্যৰ সম্ৰাটৰ হাতলৈ যায়।

৪। ছাহজাহান।

উত্তৰঃ জাহাংগীৰৰ মৃত্যুৰ পিচত পুতেক ছাহজাহান ১৮২৬ খৃ.ত দিল্লীৰ সম্রাট হয়। ছাহজাহানে দেউতাকে হেৰুওৱা কান্দাহাৰ পাৰস্যৰ সম্ৰাটৰ হাতৰপৰা পুনৰুদ্ধাৰ কৰে। ছাহজাহানৰ দিনত দক্ষিণ ভাৰতৰ ভালেমান ৰাজ্য মোগলৰ অধীনলৈ অহাত পুতেক ঔৰংগজেৱক দক্ষিণাত্যৰ চুবেদাৰ নিযুক্ত কৰিছিল।

স্থাপত্য-ভাস্কর্যৰ ক্ষেত্ৰত ছাহজাহানৰ ৰাজত্বকালক ভাৰতৰ ইতিহাসৰ ‘সোণালী যুগ’ বুলি কোৱা হয়। কাৰণ তেওঁৰ দিনত মমতাজৰ স্মৃতিত সজা আগ্রার তাজমহল, দিল্লীৰ লালকিল্লা, জামে মজজিদ ইত্যাদি লেখত ল’বলগীয়া। পৃথিৱীৰ বিখ্যাত ময়ূৰ সিংহাসন তেওঁৰ দিনতে নিৰ্মাণ হৈছিল।

প্রশ্ন ২৩। ঔৰংগজেব মোগল সাম্রাজ্য পতনৰ বাবে দায়ীনে? ছয়শাৰী উত্তৰ লিখা। 

উত্তৰঃ মোগল সাম্রাজ্য পতনৰ বাবে ঔৰংগজেৱ দায়ী। কাৰণ ঔৰংগজেৱে সু-শৃংখল শাসনৰ বাবে মনোযোগ দিব নোৱাৰিলে। ৰাজত্বকালৰ বেছিভাগ সময় দাক্ষিণাত্য অভিযানত ব্যক্ত থাকিবলগীয়া হোৱাৰ ফলত প্রাদেশিক শাসনকর্তাসকলে মোগলৰ অধীনতা দলিয়াই পেলাবলৈ ধৰিলে। এই বিদ্ৰোহ দমন কৰাৰ বাবে অধিক অৰ্থৰ প্ৰয়োজন হৈছিল। তেওঁৰ দিনত প্ৰশাসনিক আৰু আর্থিক দুর্বলতাই মোগল সাম্রাজ্যৰ পতন আনিলে। মুঠতে মোগল সাম্রাজ্য পতনৰ বাবে মূল দায়ী ঔৰংগজের।

প্রশ্ন ২৪। আর্থিক সংকট মোগল সাম্ৰাজ্যৰ পতনৰ এটি অন্যতম কাৰণ। যুক্তিৰে বিচাৰ কৰা। 

উত্তৰঃ আর্থিক সংকট-মোগল সাম্রাজ্য পতাৰ অন্যতম কাৰণ। কারণ মোগল সাম্ৰাজ্যৰ শাসনকালৰ শেষৰফালে গৃহ বিবাদ আৰু বিদেশী দেশৰ আক্ৰমণ ৰোধ কৰাৰ বাবে বহুতো অৰ্থৰ প্ৰয়োজন হৈছিল। আর্থিক সংকটৰ ফলত মোগলৰ সামৰিক শক্তি একেবাৰে দুৰ্বল হৈ পৰিছিল। সামৰিক শক্তি দুৰ্বল হোৱাৰ লগে লগে মোগল সাম্রাজ্য একেবাৰে জুৰুলা হৈ পৰিছিল।

প্রশ্ন ২৫। আকবৰৰ মেৱাৰ আক্ৰমণৰ অৰ্থনৈতিক কাৰণটো কি আছিল? 

উত্তৰঃ আকবৰৰ মেৱাৰ আক্ৰমণৰ অৰ্থনৈতিক কাৰণটো আছিল এই যে গংগা-যমুনা-দোৱাৰ আৰু পশ্চিম উপকূলৰ মাজৰ বাণিজ্যিক পথটো মেৱাৰৰ মাজেদি গৈছিল।

প্রশ্ন ২৬। ৰাণা প্ৰতাপ সিংহৰ নাম ভাৰতীয় ইতিহাসত কি কাৰণে সোণালী আখৰেৰে লিখা থাকিব?

উত্তৰঃ দেশমাতৃৰ মান ৰক্ষা কৰিবলৈ চৰম দুখ-কষ্টৰ মাজত মৃত্যুবৰণ কৰা বাবে মেৱাৰৰ ৰাণা প্রতাপ সিংহৰ নাম ভাৰতীয় ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।

প্রশ্ন ২৭। সম্রাট আকবৰক কিয় ‘মহান আকবর’ নামেৰে জনা যায়? 

উত্তৰঃ সংস্কৃতিবান সম্রাট আকবৰৰ প্ৰভাৱত ভাৰতবৰ্ষৰ ইতিহাস বহুদূৰ আগুৱাই আহিল বাবে তেওঁ ‘মহান আকবৰ’ নামেৰে জনাজাত হ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top