Assam Jatiya Bidyalay Class 7 Social Science Chapter 2 ভাৰতত তুর্কী আফগানৰ শাসন

Assam Jatiya Bidyalay Class 7 Social Science Chapter 2 ভাৰতত তুর্কী আফগানৰ শাসন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 2 ভাৰতত তুর্কী আফগানৰ শাসন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 Social Science Chapter 2 ভাৰতত তুর্কী আফগানৰ শাসন The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতত তুর্কী আফগানৰ শাসন

Chapter -2

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। চুলতান মামুদ কোন ৰাজ্যৰ চুলতান আছিল? 

উত্তৰঃ গজনী ৰাজ্যৰ চুলতান আছিল।

প্রশ্ন ২। কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ চুলতান মামুদে সৰ্বমুঠ ১৭বাৰ ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰঃ ১০০৭ খ্ৰীষ্টাব্দৰ পৰা ১০২৭ খ্ৰীষ্টাব্দলৈকে চুলতান মামুদে সৰ্বমুঠ ১৭বাৰ ভাৰত আক্ৰমণ কৰিছিল।

প্রশ্ন ৩। চুলতান মামুদ্ৰৰ আক্ৰমণক বাধা দিয়াৰ বাবে চেষ্টা চলোৱা ভাৰতৰ উত্তৰ-পশ্চিম সীমান্তৰ ৰজাজন আৰু তেওঁৰ ৰাজ্যখনৰ নাম লিখা। 

উত্তৰঃ ৰজাজনৰ নাম আনন্দ পাল আৰু ৰাজ্যখনৰ নাম সাহী।

প্রশ্ন ৪। ১২২৫ খ্রীঃত চুলতান মামুদে আক্রমণ কৰা ভাৰতৰ বিখ্যাত মন্দিৰটোৰ নাম কি আছিল? 

উত্তৰঃ সোমনাথ মন্দিৰ।

প্রশ্ন ৫। চাহাবুদ্দিন মহম্মদ নামৰ ব্যক্তিজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত? 

উত্তৰঃ মহম্মদ ঘোৰী নামেৰে বিখ্যাত।

প্রশ্ন ৬। মহম্মদ ঘোৰীয়ে কোন অংশইদি ভাৰতত প্ৰৱেশ কৰিছিল? 

উত্তৰঃ মহম্মদ ঘোৰীয়ে হিমালয় পর্বতৰ গোমাল গিৰিপথেদি ভাৰতত প্ৰৱেশ কৰিছিল।

প্রশ্ন ৭। তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কোন কোন খ্ৰীঃত সংঘটিত হৈছিল? 

উত্তৰঃ প্ৰথমবাৰ ১১৯১ খ্ৰীষ্টাব্দত আৰু ১১৯২ খ্রীষ্টাব্দত দ্বিতীয়বাৰ।

প্রশ্ন ৮। ভাৰতত দাস বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম লিখা?

উত্তৰঃ কুটুবুদ্দিন।

প্রশ্ন ৯। কুটুবমিনাৰৰ নিৰ্মাণকাৰ্য কোনে সম্পূৰ্ণ কৰোৱাইছিল? 

উত্তৰঃ ইলতুৎমিছ। 

প্রশ্ন ১০। গিয়াছুদ্দিন বলবনে নিজকে কি বুলি ঘোষণা কৰিছিল?

উত্তৰঃ ঈশ্বৰৰ প্ৰতিনিধি।

প্রশ্ন ১১। খিলিজি বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম লিখা? 

উত্তৰঃ জালালুদ্দিন খিলজি।

প্রশ্ন ১২। কিমান খ্ৰীঃত আল্লাউদ্দিন খিলিজি দিল্লীৰ চুলতান হৈছিল?

উত্তৰঃ ১২৯৬ খ্ৰীঃত।

প্রশ্ন ১৩। ডেকাকালত মহম্মদ বিন টোগলক কি নামেৰে পৰিচিত আছিল? 

উত্তৰঃ জুনা খাঁ।

প্রশ্ন ১৪। টাইমূৰ কোন ৰাজ্যৰ শাসনকর্তা আছিল? 

উত্তৰঃ মধ্য এছিয়াৰ চমখণ্ড ৰাজ্যৰ।

প্রশ্ন ১৫। ১৫২৬ খ্রীঃত সংঘটিত হোৱা বিখ্যাত যুদ্ধখনৰ নাম লিখা?

উত্তৰঃ পাণিপতৰ প্ৰথম যুদ্ধ।

প্রশ্ন ১৬। চুলতান মামুদৰ ভাৰত আক্ৰমণৰ উদ্দেশ্য সম্পর্কে এটা টোকা লিখা।

উত্তৰঃ চুলতান মামুদৰ ভাৰত আক্ৰমণৰ মূল উদ্দেশ্য আছিল ভাৰতৰ ধন সম্পদ লুটপাত কৰি নিজে ঐশ্বর্যশালী হোৱা। ইয়াৰ লগতে গজনীক এখন সমৃদ্ধশালী সাম্রাজ্যৰূপে গঢ়ি তোলা। ইয়াৰ উপৰি দেশ জয় কৰি গজনীত হোৱা ধৰ্মীয় আৰু সামাজিক বিশৃংখলতা দূৰ কৰা। চুলতান মামুদে গুজৰাটৰ সোমনাথ মন্দিৰ অতিক্ৰম কৰি তাত থকা মণি, মুকুটা, ধন-সোণ আদি লুট-পাত কৰি গজনীলৈ লৈ যায়।

প্রশ্ন ১৭। চুলতান মামুদে সহজেই ভাৰত জয় কৰাৰ কাৰণ সম্পর্কে চমুৱাই লিখা।

উত্তৰঃ মামুদৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাৰতীয় ৰাজ্যসমূহে বিশেষ চেষ্টা কৰা নাছিল। ভাৰতীয় ৰজাসকলৰ মাজত একতাৰ অভাৱ আছিল। যুদ্ধৰ কৌশলৰ ক্ষেত্ৰত ভাৰতীয়সকল অতি দুৰ্বল আছিল। সেই সময়ত ভাৰতত ৰাজনৈতিক, সামাজিক, অর্থনৈতিক দিশত দক্ষ প্রশাসকৰ বা নেতৃত্বৰ অভাৱ আছিল। অকল সাহী ৰাজ্যৰ ৰজা আনন্দ পালে মামুদক বাধা দিয়াৰ বাবে চেষ্টা কৰিছিল।

প্রশ্ন ১৮। মহম্মদ ঘোৰীয়ে কিয় ভাৰত আক্ৰমণ কৰিছিল? 

উত্তৰঃ ভাৰতৰ ঐশ্বৰ্যবিভূতিয়ে মহম্মদ ঘোৰীক ভাৰত আক্ৰমণৰ বাবে আকৰ্ষণ কৰিছিল। মহম্মদ ঘোৰীয়ে তেনে আকর্ষণতেই ভাৰত আক্ৰমণ কৰিছিল। ইয়াৰোপৰি ভাৰত বিজয় কৰি এক বৃহৎ গজনী সাম্রাজ্য স্থাপন কৰাটোও তেওঁৰ লক্ষ্য আছিল। দেশ জয় কৰি ইছলাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাটোও মহম্মদ ঘোৰীৰ ভাৰত আক্ৰমণৰ আন এটা উদ্দেশ্য আছিল।

প্রশ্ন ১৯। তৰাইনৰ দ্বিতীয় যুদ্ধৰ ফলাফল ব্যাখ্যা কৰা। 

উত্তৰঃ ১১৯২ খ্ৰীঃত মহম্মদ ঘোৰী আৰু পৃথ্বিৰাজৰ মাজত তৰাইনৰ দ্বিতীয় যুদ্ধ হয়। এই যুদ্ধত পৃথ্বিৰীজ মহম্মদ ঘোৰীৰ হাতত পৰাস্ত হয়। পৃথ্বিৰীজক বন্দী কৰি কিছুদিন পিছত তুর্কী সেনাই প্রাণদণ্ড বিহে। এই যুদ্ধত জয়লাভ কৰি মহম্মদ ঘোৰীয়ে দিল্লী আৰু পূব ৰাজস্থানত নিজৰ ক্ষমতা প্রতিষ্ঠা কৰে। এই যুদ্ধৰ পিছতে ক্ৰমে ভাৰতত তুর্কী-মুছলমানৰ অধিপত্য স্থাপন হয়।

প্রশ্ন ২০। ফিৰোজ শ্বাহ টোগলকৰ জনহিতকৰ কামৰ বিষয়ে এটি বিৱৰণ লিখা। 

উত্তৰঃ ফিৰোজ শ্বাহ টোগলকে বহুতো জনহিতকৰ কাম কৰিছিল। কৃষি ক্ষেত্ৰ আৰু জনসাধাৰণৰ বাবে পানী যোগানৰ সুবিধাৰ বাবে তেওঁ শতদ্রু নদীৰ পৰা হান্সী নামৰ ঠাইলৈ ২০০ কিঃমিঃ দীঘল এটা খাল খন্দোৱাইছিল। অমানৱীয় শাস্তি বাতিল, চিকিৎসালয় স্থাপন, ক্রীত দাসৰ বাবে হস্তশিল্পৰ কাৰখানা আদি স্থাপন কৰিছিল। নিবনুৱাৰ বাবে নিয়োগ পৰিষদ, দৰিদ্ৰ ছোৱালী, মহিলা আৰু বিধৱাৰ সাহায্যৰ বাবে খায়াৰত-খানা নামৰ চৰকাৰী বিভাগ স্থাপন কৰিছিল।

প্রশ্ন ২১। টাইমূৰৰ ভাৰত আক্ৰমণৰ বিষয়ে এটি চমু বিৱৰণ লিখা। 

উত্তৰঃ টাইমূৰ এজন দিগ্বীজয়ী বীৰ আছিল। তেওঁ ১৩৯৮-৯৯ খ্ৰীঃত ভাৰত আক্ৰমণ কৰাৰ বাবে অভিযান চলায়। সেই সময়ত টোগলক বংশৰ শেষ চুলতান নাছিৰুদ্দিন মামুদে দিল্লীত ৰাজত্ব কৰিছিল ৷ ভাৰতৰ উত্তৰ পশ্চিম সীমান্ত অঞ্চলেদি বিনা বাধাই প্ৰৱেশ কৰি টাইমূৰৰ সৈন্য বাহিনীয়ে সমগ্ৰ উত্তৰ ভাৰতত ধ্বংসলীলা আৰম্ভ কৰে। ভাৰত অভিযানৰ পিছত প্ৰচুৰ সা সম্পত্তি, যুদ্ধ বন্দীসহ নিজ দেশ চমৰখণ্ডলৈ উভতি যায়।

চমুটোকা লিখা :

১। কুটুবুদ্দিন আইবাক।

উত্তৰঃ কুটুবুদ্দিন আইবাক মহম্মদ ঘোৰীৰ ভাৰত অভিযানৰ সফল নায়ক আছিল। তেওঁ মধ্য এছিয়াৰ আইবাক গোষ্ঠীৰ এজন তুর্কী মুছলমান আছিল। প্ৰথমতে কুটুবুদ্দিন এজন ক্রীতদাস আছিল। নিজৰ যোগ্যতাৰ বলত মহম্মদ ঘোৰীৰ বিশ্বাসী লোক আৰু ভাৰত অভিযানৰ সেনাপতি হয়। মহম্মদ ঘোৰীয়ে ভাৰতৰ পৰা গজনীলৈ যোৱাৰ সময়ত কুটুবুদ্দিনক ভাৰতত জয় কৰা অঞ্চলসমূহৰ শাসনকৰ্তা পাতে। ১২০৬ খ্ৰীঃত মহম্মদ ঘোৰীৰ মৃত্যু হয় আৰু ভাৰতত তুর্কীসকলে অধিকাৰ কৰা অঞ্চলৰ স্বাধীন শাসক কুটুবুদ্দিনে ক্ষমতা দখল কৰে। কুটুবুদ্দিনে প্রতিষ্ঠা কৰা বংশটোক দাস বংশ নামেৰে জনা যায়।

২। ইলতুৎমিছ।

উত্তৰঃ কুটুবুদ্দিনৰ মৃত্যুৰ পিছত ১২১১ খ্ৰীঃত ইলতুৎমিছ দাস বংশৰ চুলতান হয়। কুটুবুদ্দিনৰ ৰাজত্বকালত তেওঁ বাদাউন প্ৰদেশৰ শাসনকৰ্তা আছিল। চুলতান হোৱাৰ সময়ত তেওঁ বহুতো সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ অতুলনীয় সাহস আৰু দূৰদৰ্শিতাৰ পৰিচয় দিছিল।

ইলতুৎ মিছৰ দক্ষতাৰ স্বীকৃতি, স্বৰূপে বাগদাদৰ খলিফাই তেওঁক চুলতান-ই-আজম উপাধি দিছিল। শিক্ষা, শিল্পকলা আদিৰ প্ৰতি ইলতুৎমিছে বিশেষ আগ্রহ দেখুৱাইছিল। কুটুবমিনাৰৰ নিৰ্মাণকাৰ্য তেওঁ সম্পূর্ণ কৰোৱাইছিল।

৩। ৰেজিয়া চুলতান।

উত্তৰঃ ইলতুৎ মিছৰ পিছত তেওঁৰ জীয়েক ৰেজিয়া দিল্লীৰ চুলতান হয়। তেওঁৰ ৰাজত্বকালতে ‘চল্লিশৰ চক্ৰ’ নামৰ আমীর ওমৰাহ শ্ৰেণীৰ লোকসকলে শাসনকাৰ্যৰ বিৰোধিতা কৰিছিল। ৰেজিয়াৰ বিৰুদ্ধে এই লোকসকলে বহুতো ষড়যন্ত্ৰ কৰিছিল। ৰেজিয়াই এজন বিদ্রোহী নেতা ইখতিয়ারউদ্দিন আলটুনিয়াক বিয়া কৰায়। স্বামীৰ সৈতে পঞ্জাৱৰ পৰা দিল্লীলৈ অহাৰ পথত আততায়ীৰ হাতত ৰেজিয়াৰ মৃত্যু হয়।

৪। গিয়াছুদ্দিন বলবন।

উত্তৰঃ নাছিৰুদ্দিনৰ মৃত্যুৰ পিছত গিয়াছুদ্দিন বলবন দিল্লীৰ চুলতান হয়। ৰেজিয়া চুলতানৰ শাসনকালত ‘চল্লিছৰ চক্ৰ’ নামৰ গোষ্ঠীটোৰ গিয়াছুদ্দিন বলবন এক প্রধান নেতা আছিল। দেশ শাসনত গিয়াছুদ্দিনে কঠোৰ নীতি গ্ৰহণ কৰিছিল। তেওঁ নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি ঘোষণা কৰিছিল। অর্থাৎ চুলতানক ক্ষমতা আৰু শক্তি ঈশ্বৰে প্ৰদান কৰে। গিয়াছুদ্দিন ইছলাম ধৰ্মৰ এজন পৃষ্ঠপোষক আছিল। তেওঁ ভাৰতত ইছলামীয় শিক্ষা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ বাবে বিশেষভাৱে চেষ্টা কৰিছিল। গিয়াছুদ্দিন বলবনৰ কঠোৰ শাসন নীতিৰ ফলত ভাৰতত তুৰ্কীসকলৰ শাসনৰ পতনৰ কাৰণ বুলি কয়। 

প্রশ্ন ২২। বাগদাদৰ খলিফাই কুটুবুদ্দিনক কি উপাধি প্ৰদান কৰিছিল?

উত্তৰঃ বাগদাদৰ খলিফাই কুটুবুদ্দিনক চুলতান-ই-আজম উপাধি প্ৰদান কৰিছিল। 

প্রশ্ন ২৩। দিল্লীৰ কোন চুলতানে নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি ঘোষণা কৰিছিল? 

উত্তৰঃ দিল্লীৰ চুলতান গিয়াছুদ্দিন বলবনে নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি ঘোষণা কৰিছিল।

প্রশ্ন ২৪। তৰাইনৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? 

উত্তৰঃ তৰাইনৰ যুদ্ধ মহম্মদ ঘোৰী আৰু পৃথ্বিৰাজ চৌহানৰ মাজত হৈছিল।

প্রশ্ন ২৫। পাণিপত্ৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? এই যুদ্ধৰ ফল কি ‘হ’ল?

উত্তৰঃ পাণিপত্ৰ প্ৰথম যুদ্ধ ইব্রাহীম লোডী আৰু বাবৰৰ মাজত হৈছিল। এই যুদ্ধত বাবৰে ইব্রাহীম লোডীক পৰাস্ত কৰি বাবৰে দিল্লীত মোগল ৰাজত্ব প্রতিষ্ঠা কৰে।

প্রশ্ন ২৬। মহম্মদ ঘোৰীৰ ভাৰত অভিযানৰ মুখ্য সেনাপতি কোন আছিল? 

উত্তৰঃ মহম্মদ ঘোৰীৰ ভাৰত অভিযানৰ মুখ্য সেনাপতি আছিল কুটুবুদ্দিন আইবাক।

প্রশ্ন ২৭। তৰাইনৰ দ্বিতীয় যুদ্ধৰ ফল কি হৈছিল? 

উত্তৰঃ তৰাইনৰ দ্বিতীয় যুদ্ধত মহম্মদ ঘোৰীয়ে পৃথিৰাজক পৰাস্ত কৰিছিল। আৰু ভাৰতত নিজৰ শক্তি প্ৰতিষ্ঠা কৰে।

প্রশ্ন ২৮। ফিৰোজ শ্বাহ-টোগলকৰ শাসনকাল কিহৰ বাবে বিখ্যাত আছিল? 

উত্তৰঃ ফিৰোজ শ্বাহ-টোগলকৰ শাসনকাল যুদ্ধ বিগ্ৰহৰ বাবে নহয়, শান্তি আৰু জনকল্যাণমূলক কামৰ বাবে বিখ্যাত।

প্রশ্ন ২৯। টোগলক ৰাজবংশৰ প্রথম চুলতান কোন আছিল? 

উত্তৰঃ গাজী মালিক ওৰফে গিয়াছুদ্দিন টোগলকেই হৈছে টোগলক ৰাজবংশৰ প্রথম চুলতান।

প্রশ্ন ৩০। চুলতান মামুদৰ ভাৰত আক্ৰমণৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ চুলতান মামুদ গজনী ৰাজ্যৰ চুলতান আছিল। ১০০৭ খ্ৰীঃৰ পৰা ১০২৭ খ্ৰীঃলৈকে চুলতান মামুদে ১৭ বাৰ ভাৰত আক্ৰমণ কৰে। মামুদৰ ভাৰত আক্ৰমণৰ মূল উদ্দেশ্য আছিল ঐশ্বর্যশালী হোৱা আৰু গজনীক এখন সমৃদ্ধিশালী সম্ৰাজ্যৰূপে গঢ়ি তোলা। ইয়াৰোপৰি দেশ জয় কৰি গজনীত হোৱা ধৰ্মীয় আৰু সামাজিক বিশৃংখলতা দূৰ কৰা।

মামুদ্ৰৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ ভাৰতীয় ৰাজ্যসমূহে বিশেষ চেষ্টা কৰা নাছিল। ভাৰতৰ উত্তৰ-পশ্চিম সীমান্তত থকা সাহী ৰাজ্যৰ ৰজা আনন্দপালে মামুদক বাধা দিয়াৰ চেষ্টা কৰিছিল। কিন্তু তেওঁ সফল হোৱা নাছিল। ধন-সম্পত্তি আহৰণৰ বাবে মামুদে পঞ্জাৱ, থানেশ্বৰ, কনৌজ, দিল্লী, মথুৰা আদি ঠাইত ধ্বংসলীলা চলাইছিল। মামুদৰ এই আক্ৰমণৰ ভিতৰত ১০২৫ খ্ৰীঃৰ গুজৰাটৰ সোমনাথ মন্দিৰ আক্ৰমণ অতি উল্লেখযোগ্য। সোমনাথ মন্দিৰত থকা প্ৰচুৰ ধন-সোণ, মণি-মুকুটা লুট কৰি তেওঁ গজনীলৈ লৈ গৈছিল।

প্রশ্ন ৩১। মহম্মদ ঘোৰীৰ ভাৰত আক্ৰমণৰ বিষয়ে বহলাই লিখা। 

উত্তৰঃ মহম্মদ ঘোৰীয়ে হিমালয় পৰ্বতৰ গোমাল-গিৰিপথেদি স-সৈন্যে ভাৰতত প্ৰৱেশ কৰিছিল। ১১৭৮ খ্ৰীঃত ভাৰত অভিযান আৰম্ভ কৰিয়ে গুজৰাটৰ চালুক্য ৰজা দ্বিতীয় মূলৰাজৰ হাতত পৰাস্ত হৈ গজনীলৈ উভতি যায়। ইয়াৰ পিছত ১১৯০ খ্ৰীঃত পেছোৱাৰ, লাহোৰ, শিয়ালকোট আদি অঞ্চল জয় কৰে। মহম্মদ ঘোৰীৰ বাবে দিল্লী বিজয় কৰাৰ পথ সহজ হৈ পৰে। দিল্লীৰ ওচৰত পৃথ্বিৰাজ চৌহানে ৰাজত্ব কৰিছিল। পৃথ্বিৰাজ চৌহানে মহম্মদ ঘোৰীৰ আক্ৰমণক প্রতিহত কৰাৰ বাবে সাজু হ’ল।

১১৯১ খ্ৰীঃ ভৰাইন নামে ঠাইত মহম্মদ ঘোৰী আৰু পৃথ্বিৰাজ চৌহানৰ সৈন্যবাহিনীৰ মাজত তুমুল যুদ্ধ হয়। এই যুদ্ধত পৰাস্ত হৈ মহম্মদ ঘোৰী প্ৰাণ ৰক্ষা কৰি পলাই যায়। এই যুদ্ধক তৰাইনৰ যুদ্ধ বুলি জনা যায়।

ইয়াৰ এবছৰ পিছত ১১৯২ খ্ৰীঃত মহম্মদ ঘোৰীয়ে নিজ সৈন্যবল বৃদ্ধি কৰি পুনৰ পৃথ্বিৰাজৰ ৰাজ্য আক্রমণ কৰে। সাহসেৰে যুঁজি তৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বিৰাজে পৰাজয় স্বীকাৰ কৰে। পৃথ্বিৰাজক বন্দী কৰি পিছত প্রাণদণ্ড বিহে। এই যুদ্ধত জয়লাভ কৰি মহম্মদ ঘোৰীয়ে দিল্লী আৰু পূব ৰাজস্থানত নিজৰ ক্ষমতা প্ৰতিষ্ঠা কৰে।

প্রশ্ন ৩২। আল্লাউদ্দিন খিলিজিৰ প্ৰশাসনিক সংস্কাৰৰ বিষয়ে বুজাই লিখা। 

উত্তৰঃ প্রশাসনিক ব্যৱস্থাৰ সংস্কাৰ কৰোঁতে তেওঁ চুলতান তথা সাম্ৰাজ্যৰ বিপদ হ’ব পৰা কাৰণসমূহ বিচাৰি পাইছিল। তাৰ ভিতৰত গুপ্তচৰ ব্যৱস্থাৰ দুৰ্বলতা, ৰাজ্যত প্ৰজা আৰু বিষয়াবৰ্গৰ মাজত মদ্যপানৰ প্ৰচলন, আমীর আৰু ওমৰাহসকলে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰাৰ সম্ভাৱনা ইত্যাদি। কাৰণসমূহ চিহ্নিত কৰি এইবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

আল্লাউদ্দিনে সৈন্যবাহিনী পৰিচালনাত গুরুত্ব দিছিল। আনকি তেওঁ স্থায়ী সেনাবাহিনী গঠন কৰিছিল। তেওঁ কৰ সংগ্ৰহ কৰিবৰ বাবে নতুন পদবীৰ সৃষ্টি কৰিছিল।

আল্লাউদ্দিনে উৎপাদিত সামগ্ৰী আৰু বজাৰ ব্যৱস্থাৰ নিয়ন্ত্ৰণৰ ওপৰত বিশেষ নজৰ ৰাখিছিল। দিৱান-ই-ৰিয়াচট আৰু চাহান-ই-মন্দী নামৰ দুটা পদবীৰ সৃষ্টি কৰি বজাৰত বয় বস্তুৰ যোগান আৰু মূলাৰ হ্রাস-বৃদ্ধিৰ ওপৰত চোৱা-চিতাৰ দায়িত্ব দিছিল। খাদ্যসামগ্ৰী মজুত কৰি ৰখাৰ ব্যৱস্থা কৰিছিল।

আল্লাউদ্দিনে শিক্ষা, শিল্প-কলা আদিৰ প্ৰতি আগ্ৰহী আছিল। বিদ্বান আৰু কবিসকলৰ প্ৰতি তেওঁ পৃষ্ঠপোষকতা আগবঢ়াইছিল। দিল্লীৰ ওচৰত নিৰ্মাণ কৰা নগৰ চিৰি আৰু কুটুবমিনাৰৰ চৌহদত নিৰ্মাণ কৰা আল্লাহ দৰবাজা আল্লাউদ্দিনৰ স্থাপত্য কীৰ্তিৰ উৎকৃষ্ট নিদর্শন।

প্রশ্ন ৩৩। চুলতান মহম্মদ বিন টোগলকৰ ৰাজত্বকালৰ গুৰুত্বপূৰ্ণ ঘটনাৱলী সম্পর্কে এটি বিৱৰণ লিখা।

উত্তৰঃ চুলতান মহম্মদ বিন টোগলকৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাৱলী হ’ল –

১। মহম্মদ বিন টোগলকে প্রথমে দিল্লীৰপৰা ৰাজধানী দেৱগিৰীলৈ স্থানান্তৰ কৰিবলৈ সিদ্ধান্ত লয়। দেৱগিৰি তেওঁৰ সাম্ৰাজ্যৰ মধ্যস্থানত অৱস্থিত হোৱা বাবে শাসনৰ বাবে সুবিধা হ’ব বুলি ভাবিছিল। কিন্তু ৰাজধানী স্থানান্তৰৰ দৰে গুৰুত্বপূৰ্ণ কাম সঠিক পৰিকল্পনা নকৰাকৈ কৰাৰ বাবে বহুতো ধন সম্পত্তি আৰু মানুহৰ প্ৰাণ হানি হয়।

২। দ্বিতীয়তে, মুদ্রা ব্যৱস্থাৰ সংস্কাৰ কৰিবলৈ গৈও মহম্মদ বিন টোগলকে নিজৰ ৰাজ্যৰ বাবে বিপদ মাতি আনিছিল। ৰূপৰ মুদ্ৰাৰ অভাৱ পূৰণ কৰিবলৈ গৈ তেওঁ ব্ৰঞ্জৰ মুদ্ৰা প্ৰচলন কৰে। কিন্তু অসৎ‍ লোকসকলে ব্ৰঞ্জৰ মুদ্ৰাৰ পৰিৱৰ্তে নকল ধাতুৰ মুদ্ৰা প্ৰচলন কৰিলে। ফলত বিদেশী ব্যৱসায়ীয়ে ব্ৰঞ্জৰ মুদ্ৰা ল’বলৈ অস্বীকাৰ কৰিলে। দেশৰ ব্যৱসায় বাণিজ্য প্রায় বন্ধ হোৱাৰ উপক্ৰম হ’ল। পুনৰ ৰূপৰ মুদ্ৰা প্ৰচলন কৰিবলৈ গৈ বিপুল আর্থিক লোকচানৰ সন্মুখীন হয়।

৩। ৰাজ্যৰ আয়-ব্যয় ৰাজহ সংগ্ৰহ আদি বিষয়ৰ ক্ষেত্ৰত চুলতানে কিছুমান উচিত পদক্ষেপ লৈছিল। কিন্তু খৰাং বতৰ দুৰ্ভিক্ষ আদি কাৰণত ৰাজকোষৰ ধন ব্যয় কৰিব লগা হোৱাত চুলতানৰ পৰিকল্পনাসমূহ সফল নহ’ল। 

৪। মহম্মদ বিন টোগলকৰ ৰাজত্বকালত ১৩২৮-২৯ খৃ.ত

মোগলসকলে ভাৰত আক্ৰমণ কৰি দিল্লী পর্যন্ত আগবাঢ়ি আহিছিল। মোগল আক্রমণকাৰীক বহুতো ধন-সোণ দি ঘূৰাই পঠাবলগীয়া হোৱা বাবেও মহম্মদ বিন টোগলকৰ শাসনকালত বৃহৎ ক্ষতি হৈছিল।

প্রশ্ন ৩৪। দিল্লীত তুর্কী চুলতান আমোলৰ পতনৰ কাৰণসমূহ বিশ্লেষণ কৰা। 

উত্তৰঃ দিল্লীত তুর্কী চুলতানৰ আমোলৰ পতনৰ কাৰণ বহুতো—

১। তুর্কী চুলতানসকলে ভাৰতত স্বেচ্ছাচাৰী শাসন চলাইছিল। শাসক আৰু প্ৰজাৰ মাজত কোনো সমন্বয়ৰ ভাব সৃষ্টি হোৱা নাছিল।

২। চুলতানী আমোলত আমীৰ ওমরাহ শ্ৰেণী আৰু ধৰ্মীয় নেতাসকল ক্ষমতাশালী হৈ উঠিছিল। এই দুয়ো শ্ৰেণীৰ লোকসকলে সুবিধা পালেই চুলতানসকলৰ শাসন দুৰ্বল কৰি তুলিছিল।

৩। এইছোৱা সময়ত শামন্ত শ্ৰেণীৰ লোকসকলে ভাৰতত শক্তিশালী হৈ উঠিছিল। এই সামন্ত শ্ৰেণীৰ লোকসকলে নিজৰ স্বাধীনতা আৰু ক্ষমতা প্রতিষ্ঠা কৰি দেশৰ একতা আৰু অখণ্ডতা ভংগ কৰিছিল। 

৪। তুর্কী চুলতানসকলে প্ৰজাৰ কল্যাণৰ বাবে কাম কৰা নাছিল।

কৰ-কাটলৰ বোজাৰে প্ৰজাসকলক জৰ্জৰিত কৰি তুলিছিল।

৫। চুলতানী আমোলত যুদ্ধ-বিগ্ৰহৰ সংখ্যা বহুত আছিল। আল্লাউদ্দিনে গঠন কৰা স্থায়ী সেনা-বাহিনীৰ ভৰণ-পোষণ আৰু নেতৃত্ব ঠিকমতে কৰিব পৰা নাছিল। ফলত বিদেশী আক্রমণ আৰু আভ্যন্তৰীণ বিদ্ৰোহ দমন কৰিব পৰা নাছিল।

শেষত মহম্মদ বিন টোগলকৰ অদূৰদৰ্শী শাসন, টাইমূৰৰ ভাৰত আক্রমণ, লোডী বংশৰ শাসকসকলৰ মাজত ক্ষমতা লাভৰ বাবে অৰিয়াঅৰি আৰু বাবৰৰ ভাৰত আক্ৰমণৰ ফলত তুর্কী চুলতানৰ পতনৰ মুখ্য কাৰণ।

প্রশ্ন ৩৫। দাস বংশ কোনে, কিমান চনত প্ৰতিষ্ঠা কৰিছিল? 

উত্তৰঃ কুটুবুদ্দিন আইবাকে দাস বংশ প্রতিষ্ঠা কৰিছিল। ১২০৬ খ্ৰীষ্টাব্দত মহম্মদ ঘোৰীৰ মৃত্যুৰ পিছত তেওঁ দিল্লীৰ চুলতান পদত অধিষ্ঠিত হয়।

প্রশ্ন ৬। দিল্লীত তুর্কী-আফগান শাসনৰ কোনে অন্ত পেলাইছিল? 

উত্তৰঃ বাবৰে দিল্লীত তুর্কী-আফগান শাসনৰ অন্ত পেলাইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top