Assam Jatiya Bidyalay Class 7 Social Science Chapter 10 আমাৰ দেশৰ শাসন ব্যৱস্থা

Assam Jatiya Bidyalay Class 7 Social Science Chapter 10 আমাৰ দেশৰ শাসন ব্যৱস্থা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 10 আমাৰ দেশৰ শাসন ব্যৱস্থা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ দেশৰ শাসন ব্যৱস্থা

Chapter -10

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। আমাৰ দেশত কোনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা ভাগ কৰি দিছে?

উত্তৰঃ ভাৰতীয় সংবিধানে।

প্রশ্ন ২। ভাৰতবৰ্ষত চৰকাৰৰ শাসন ব্যৱস্থাৰ ঘাই খুঁটা হিচাপে কাক অভিহিত কৰা হয়?

উত্তৰঃ ৰাষ্ট্ৰপতিক।

প্রশ্ন ৩। ভাৰতীয় সংবিধানমতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন?

উত্তৰঃ ৰাষ্ট্ৰপতি।

প্রশ্ন ৪। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? 

উত্তৰঃ ৫ বছৰ।

প্রশ্ন ৫। সংসদ উচ্চ সদন আৰু নিম্ন সদনৰ নাম কি কি?

উত্তৰঃ উচ্চ সদনৰ নাম লোকসভা। নিম্ন সদনৰ নাম ৰাজ্যসভা।

প্রশ্ন ৬। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে?

উত্তৰঃ ১২ জন।

প্রশ্ন ৭। অসমৰ কোন দুখন জিলাত পোন প্ৰথমবাৰৰ বাবে স্বায়ত্বশাসিত জিলা পৰিষদৰ ব্যৱস্থা কৰা হয়?

উত্তৰঃ কাৰ্বি আংলং পার্বত্য জিলা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত।

প্রশ্ন ৮। বিটিএডিৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ বড়োলেণ্ড টেৰিটৰি অটোনমাচ ডিষ্ট্রিক কাউন্সিল। 

প্রশ্ন ৯। ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিক নাগৰিকে পোনপটীয়াকৈ নিৰ্বাচিত নকৰে। ৰাজ্যসভা, লোকসভা আৰু বিভিন্ন ৰাজ্যৰ বিধায়কে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে। দেশৰ সকলো সাংসদ আৰু বিধায়কে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিৰ্বাচকমণ্ডলী গঠন কৰে।

প্রশ্ন ১০। বিটিএডি পৰিষদৰ অন্তৰ্ভুক্ত জিলা চাৰিখনৰ নাম লিখা।

উত্তৰঃ বিটিএডিৰ অন্তৰ্ভুক্ত জিলা চাৰিখন হ’ল কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি।

প্রশ্ন ১১। ভাৰতীয় সংবিধানমতে ৰাজ্যিক বিধানসভাৰ মুঠ সদস্য সংখ্যা কিমান হ’ব পাৰে?

উত্তৰঃ ভাৰতীয় সংবিধানমতে ৰাজ্যিক বিধানসভাৰ মুঠ সদস্যসংখ্যা ৫০০ গৰাকীৰ অধিক নাইবা ৬০ গৰাকীতকৈ কম হ’ব নোৱাৰে।

প্রশ্ন ১২। বিধানসভাৰ সদস্যৰ দুটা প্রয়োজনীয় অৰ্হতা লিখা। 

উত্তৰঃ বিধানসভাৰ সদস্য হ’বলৈ- 

১) ভাৰতীয় নাগৰিক হ’ব লাগিব। 

২) বয়স ২৫ বছৰ হ’ব লাগিব।

প্রশ্ন ১৩। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি পৰিস্থিতিত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে?

উত্তৰঃ দেশৰ কোনো অংশত বা গোটেই দেশতে বিদ্রোহ সূচনা হ’লে, অন্য ৰাষ্ট্ৰৰ লগত যুদ্ধ লাগিলে, অন্য কোনো ৰাজ্যত সংবিধান অনুসৰি শাসনকার্য পৰিচালনা কৰা অসম্ভৱ হৈ পৰিলে, কোনো ৰাজ্যৰ বিত্তীয় অৱস্থা সংকটজনক হ’লে ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।

প্রশ্ন ১৪। ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কোন কোন জড়িত থাকে? 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ৰাজ্য সভা, লোকসভা আৰু ৰাজ্যৰ বিধায়ক জড়িত থাকে।

প্রশ্ন ১৫। ভাৰতৰ ৰাষ্ট্ৰপতিক কি অপৰাধৰ বাবে পদৰ পৰা অপসাৰিত কৰিব পাৰি?

উত্তৰঃ সংবিধান ভংগৰ লেখীয়া গুৰুতৰ অপৰাধত জড়িত হ’লে ভাৰতৰ ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰিত কৰিব পাৰি।

প্রশ্ন ১৬। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতাৰ বিষয়ে লিখা। 

উত্তৰঃ দেশৰ প্ৰশাসনত প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ গুৰুত্বপূর্ণ ভূমিকা পালন কবে। প্রধানমন্ত্রীয়ে শাসন চলাবলৈ মন্ত্ৰী পৰিষদ গঠন কৰে আৰু মন্ত্ৰীসকলৰ মাজত বিভিন্ন দপ্তৰ বিতৰণ কৰি ৰাষ্ট্ৰপতিক জনায়। প্রধানমন্ত্ৰীৰ পৰামৰ্শমতে দেশৰ সকলো বিভাগৰ লগত সমন্বয় ৰক্ষা কৰে। মন্ত্ৰী পৰিষদ প্রধানমন্ত্ৰীৰ দ্বাৰা পৰিচালিত হয়। প্রয়োজনসাপেক্ষে প্রধানমন্ত্রীয়ে কোনো মন্ত্ৰীক পদচ্যুত কৰিবলৈ ৰাষ্ট্ৰপতিক জনাব পাৰে মন্ত্রীসভা সংকোচন অথবা সম্প্ৰসাৰণ কৰিব পাৰে। প্ৰধানমন্ত্রী অপসাৰিত হ’লৈ মন্ত্ৰী পৰিষদো ভংগ হয়।

প্রশ্ন ১৭। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্রার্থিত্ব আগবঢ়াবলৈ হ’লে কি কি অৰ্হতাৰ প্ৰয়োজন হয়। 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্রার্থিত্ব আগবঢ়াবলৈ হ’লে—

ক) প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব।

খ) বয়স অন্ততঃ ৩৫ বছৰ হ’ব লাগিব।

গ) লোকসভালৈ নিৰ্বাচিত হোৱাৰ যোগ্যতা থাকিব লাগিব।

ঘ) কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ কোনো লাভজনক পদত নিয়োজিত হৈ থাকিব নোৱাৰিব।

প্রশ্ন ১৮। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ক্ষমতা সম্পৰ্কে লিখা।

উত্তৰঃ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক বাছনি কৰে। তেওঁলোকৰ মাজত দপ্তৰ বিতৰণ কৰে আৰু প্ৰয়োজনসাপেক্ষে কোনো মন্ত্ৰীক অব্যাহতি দিব পাৰে। মুখ্যমন্ত্ৰীয়ে মন্ত্রীসভাত সভাপতিত্ব কৰে। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ মতামতৰ ওপৰত গুৰুত্ব দিয়া হয়। মুখ্যমন্ত্ৰীয়ে বিধানসভাত চৰকাৰী নীতি ঘোষণা কৰে। বিৰোধী দলৰ সমালোচনাৰ উত্তৰ দিবলৈ মূলতঃ মুখ্যমন্ত্রী দায়বদ্ধ হৈ ৰয়।

নিৰ্বাচনৰ পিছত মুখ্যমন্ত্রী তেওঁৰ দলৰ আৰু ৰাজ্যখনৰ সকলো লোকৰে নেতা হয়।

প্রশ্ন ১৯। ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে লিখা। 

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে প্রধানমন্ত্রী, কেন্দ্ৰীয় মন্ত্ৰীসকল, ৰাজ্যৰ ৰাজ্যপাল, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, ভাৰতৰ এটর্নি জেনেৰেল, মুখ্য নির্বাচনী বিষয়া ইত্যাদি দেশৰ সকলো উচ্চ পদস্থ বিষয়াক নিয়োগ কৰে। প্রয়োজন অনুসৰি পদচ্যুত কৰিব পাৰে। ৰাজ্যসভাত ১২ গৰাকী বিশেষজ্ঞ সদস্যক নির্বাচন কৰিব পাৰে।

ৰাষ্ট্ৰপতিয়ে সংসদৰ অধিৱেশন আহ্বান কৰিব পাৰে, স্থগিতকরণ আৰু ভংগও কৰিব পাৰে। ভাৰতৰ লগত বিদেশী ৰাষ্ট্ৰৰ সম্পৰ্ক আৰু যোগাযোগ ৰক্ষা কৰাৰ দায়িত্বও ৰাষ্ট্ৰপতিক দিয়া হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি দেশৰ প্ৰতিৰক্ষা বাহিনীৰ মুখ্য সেনাধ্যক্ষ। অন্য ৰাষ্ট্ৰৰ সৈতে যুদ্ধ ঘোষণা কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে। শান্তি স্থাপনৰ লগতে সন্ধি স্থাপনৰ ক্ষমতাও ৰাষ্ট্ৰপতিৰ আছে।

ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমতি সাপেক্ষে প্রতি বছৰৰ আৰম্ভণিতে বিত্ত বিভাগৰ মন্ত্ৰীয়ে সংসদত বাজেট উত্থাপন কৰিব লাগে। অন্যান্য বিত্ত সংক্ৰান্তীয় বিল ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমতি নোলোৱাকৈ সংসদত উত্থাপন কৰিব নোৱাৰি।

দেশৰ কোনো অংশত বা গোটেই দেশতে বিদ্রোহ সূচনা হলে, অন্য ৰাষ্ট্ৰৰ লগত যুদ্ধ লাগিলে অন্য কোনো ৰাজ্যত সংবিধান অনুসৰি শাসনকার্য পৰিচালনা কৰা অসম্ভৱ হৈ পৰিলে, কোনো ৰাজ্যৰ বিত্তীয় অৱস্থা সংকটজনক হ’লে ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰি শাসনভাৰ নিজৰ হাতলৈ আনিব পাৰে। সেই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদে পৰামৰ্শ আগবঢ়ায়।

চমুটোকা লিখা—

১। স্বায়ত্বশাসিত জিলা পৰিষদ।

উত্তৰঃ অসমৰ কাৰ্বি আংলং পাৰ্বত্য জিলা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত স্বায়ত্বশাসিত জিলা পৰিষদৰ ব্যৱস্থা আছে। এই স্বায়ত্ব শাসিত পৰিষদকেইখনে আইন প্রণয়ন কৰিব পাৰে। এই পৰিষদৰ তত্ত্বাৱধানত বিচাৰ কাৰ্যও পৰিচালনা কৰা হয়। শিক্ষা সম্প্ৰসাৰণৰ বাবে জিলা পৰিষদৰ ক্ষমতা আৰু দায়িত্ব দিয়া হৈছে। জিলা পৰিষদৰ কিছুমান বিত্তীয় ক্ষমতাও আছে। অৱশ্যে জিলা পরিষদ সম্পূৰ্ণ স্বতন্ত্ৰৰীয়া নহয়। পৰিষদৰ ওপৰত চৰকাৰী নিয়ন্ত্রণ থাকে।

২। বিটিএডি।

উত্তৰঃ ২০০৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় সংবিধানৰ আধাৰত বড়ো এলেকা জিলা পৰিষদ গঠন কৰা হয়। ইংৰাজীত চমুকৈ বিটিএডি বুলি কোৱা হয়। বড়ো জনজাতিপ্রধান অঞ্চলসমূহক লৈয়ে পৰিষদখন গঠন কৰা হৈছে। বিটিএডিৰ অন্তৰ্ভুক্ত জিলা চাৰিখন হ’ল কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি।

জনসাধাৰণে পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত কৰে। বৰ্তমান বিটিএডিৰ মুখ্য কাৰ্যবাহী হ’ল হাগ্ৰামা মহিলাৰী।

প্রশ্ন ২০। প্রাপ্তবয়স্ক ভোটাধিকাৰ কি?

উত্তৰঃ ওঠৰ বছৰ বা তাৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক প্রাপ্তবয়স্ক বুলি মানি লৈ তেওঁলোকক ভোটৰ অধিকাৰ দিয়া হয়। ইয়েই প্রাপ্তবয়স্ক ভোটাধিকাৰ।

প্রশ্ন ২১। ৰাজ্যপাল হ’বলৈ কি কি অৰ্হতাৰ প্ৰয়োজন?

উত্তৰঃ এখন ৰাজ্যৰ ৰাজ্যপাল হ’বলৈ ক) ব্যক্তিগৰাকী ভাৰতীয় নাগৰিক হ’ব লাগিব। 

খ) বয়স ৩৫ বছৰৰ কম হ’ব নোৱাৰে। 

গ) ব্যক্তিগৰাকী কৰ্মৰত সাংসদ বা বিধায়ক হ’ব নোৱাৰিব। 

ঘ) কোনো লাভজনক পদবীত থাকিব নোৱাৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top