Assam Jatiya Bidyalay Class 6 Social Science Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ

Assam Jatiya Bidyalay Class 6 Social Science Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ প্ৰাকৃতিক সম্পদ

Chapter – 11

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ প্রাকৃতিক বস্তু কাক বোলে ?

উত্তৰঃ যিবোৰ বস্তু আমি প্ৰকৃতিৰ পৰা পাও তাকেই প্রাকৃতিক বস্তু বোলে।

২৷ কেতিয়া বস্তু এটাক সম্পদৰ শাৰীত ধৰা হয় ? 

উত্তৰঃ প্ৰাকৃতিৰ পৰা পোৱা বস্তুবোৰ যেতিয়া মানুহে ব্যৱহাৰৰ উপযোগী কৰি লয় তেতিয়াই সেই বস্তুবোৰক সম্পদ বুলি কোৱা হয়।

৩৷ অভয়াৰণ্য মানে কি ?

উত্তৰঃ অভয়াৰণ্য হ’ল এনে এক অৰণ্য অঞ্চল য’ত বিবিধ বনৰীয়া জীব-জত, চৰাই-চিৰিকতি, কীত-পতঙ্গ, মাছ-কাছ আদিয়ে নির্ভয়ে আনন্দমনে বিচৰণ কৰি ফুৰিব পাৰে। 

৪৷ ৰাষ্ট্ৰীয় উদ্যান বুলিলে কি বুজা ?

উত্তৰঃ ৰাষ্ট্ৰীয় উদ্যান কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতি প্রাপ্ত অঞ্চল য’ত বন্য প্রাণীক সকলো সময়ৰ বাবে সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে ৰখা হয়।

৫৷ খনিজ সম্পদ বুলিলে কি বুজা ? 

উত্তৰঃ ভূগৰ্ভৰ তলত থকা খনিৰ পৰা আহৰণ কৰা সম্পদসমূহক খনিজ সম্পদ বোলে।

চমুটোকা লিখা-

ভূমি সম্পদ

উত্তৰঃ ভূমি সম্পদ :- অসমত বিভিন্ন প্ৰকাৰৰ মাটি পোৱা যায়। নৈৰ পাৰৰ মাটি বালিচঁহীয়া, এই মাটিৰ পৰা কিছু দূৰলৈ সাৰুৱা বা পলসুৱা মাটি পোৱা যায়। আনহাতে উজনি অসমত বেছিভাগ মাটি এঢলীয়া আৰু আন্নিক। এই আম্লিক মাটিবোৰ চাহ খেতিৰ বাবে উপযোগী। আনহাতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা অঞ্চলৰ পলসুৱা মাটিৰ ধান, মাহ, মৰাপাট, ঘেহু আদি শস্যৰ খেতি প্ৰচুৰ পৰিমাণে হয়।

বনজ সম্পদ :- অসমৰ বনাঞ্চলত নানা ধৰণৰ মূল্যৱান গছ-গছনিৰ ভিতৰত শাল, চেগুণ, বনচোম, গামাৰি, তিতাচপা ইত্যাদি গছ পোৱা যায়। বিভিন্ন প্ৰজাতিৰ বাঁহ-বেত আৰু নানা ধৰণৰ ঔষধি উদ্ভিদ পোৱা যায়।

বনজ সম্পদৰ ভিতৰত জীৱ-জন্তু, পশু-পক্ষী, আদিও পৰে। বনৰীয়া জীৱ উত্তৰ ভিতৰত এশিঙীয়া গড়, হাতী, বাঘ, ভালুক, সোণালী বান্দৰ, বনৰীয়া ম’হ, হলৌ বান্দৰ, নানাবিধ হৰিণ, নলগাহৰি উল্লেখযোগ্য। ইয়াৰ উপৰিও নানাবিধ চৰাই ব্ৰটোকোলা, ধনেশপক্ষী, দেওহাঁহ, উলুম’বা শেন, কুৰুৱা ইত্যাদি। অসমত মুঠতে ৯৫০ বিধ মান চৰাই আছে।

জলজ সম্পদ :- অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুই প্রধান নদীৰ অসংখ্য উপনদী আছে। ইয়াৰ উপৰিও এই ৰাজ্যত বিল, খাল, পুখুৰী আৰু অন্যান্য জলাশয় আছে। এই খাল-বিলবোৰত নানাবিধ মাছ-কাছ থকাৰ উপৰিও নানা প্ৰকাৰৰ ঔষধি উদ্ভিদ পোৱা যায়।

অসমৰ নদীত উল্লেখযোগ্য জলপৰিবহণ ব্যৱস্থা আছে। সৰু সৰু নৈবোৰত। ফেৰী, জাহাজ আৰু নাৱেৰে ব্যৱসায়-বাণিজ্য চলি থাকে। নৈ সমূহত থকা পানী জলসিঞ্চন ব্যৱস্থাৰে খেতি পথাৰত দিব পাৰি। ইয়াৰ উপৰিও অসমৰ খৰস্রোতা নদীত বান্ধ দি জলবিদ্যুৎ উৎপাদন কৰিব পাৰি।

৬৷ অসমৰ তেল শোধনাগাৰ থকা ঠাইকেইখনৰ নাম লিখা ? 

উত্তৰঃ (ক) ডিগবৈ তেল শোধনাগাৰ, ডিগবৈ, তিনিচুকীয়া জিলা।

(খ) নুনমাটি তেল শোধনাগাৰ, গুৱাহাটী, কামৰূপ মহানগৰ জিলা। 

(গ) বঙাইগাও তেল শোধনাগাৰ, বঙাইগাওঁ, বঙাইগাওঁ জিলা। 

(ঘ) নুমলীগড় তেল শোধনাগাৰ, নুমলীগড়, গোলাঘাট জিলা।

৭৷ চাৰিখন ৰাষ্ট্ৰয় উদ্যানৰ নাম লিখা ?

উত্তৰঃ (ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 

(খ) মানাহ ৰাষ্ট্ৰীয় উদ্যান।

(গ) ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। 

(ঘ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান।

৮৷ অসমত প্রথমে ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যান কোনখন ? কোন চনত এই খন ঘোষণা কৰা হৈছিল ? 

উত্তৰঃ কাজিৰঙা অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৪ চনত ভাৰত চৰকাৰে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।

৯৷ পূর্ণভৱ সম্পদ কাক বোলে ? 

উত্তৰঃ যিবোৰ সম্পদ প্রয়োজন অনুসৰি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। তাকে পূর্ণভৱ সম্পদ বোলে। যেনে— গছ-গছনি, নৈৰ পানী আদি।।

১০৷ ক্ষয়শীল সম্পদ কাক বোলে ? 

উত্তৰঃ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত তাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি তাক ক্ষয়শীল সম্পদ বোলে। যেনে– পেট্রল, কয়লা আদি। 

১১৷ সংৰক্ষিত বনাঞ্চল কাক বোলে ?

উত্তৰঃ যিবোৰ অঞ্চলত স্থায়ীভাবে মূল্যবান কাঠ, ঔষধি উদ্ভিদ বা নানা ধৰণৰ বনজাত মূল্যবান সামগ্রী উৎপাদনৰ বাবে নির্দিষ্টকৈ চিহ্নিত কৰা হয়। এনে বনাঞ্চলসমূহক সংৰক্ষিত বনাঞ্চল বোলে। এই বনাঞ্চলত বসবাস কৰা বা খেতি বাতি কৰা নিষিদ্ধ।

১২৷ আমি কিয় প্রাকৃতিক সম্পদ সংৰক্ষণ কৰিব লাগে ? 

উত্তৰঃ দৈনন্দিন জীৱনত আমাক বিভিন্ন ধৰণৰ সম্পদৰ দৰকাৰ হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে সম্পদসমূহৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ফলত ক্ষয়শীল সম্পদসমূহ নাইকিয়া হৈ যাব পাৰে।

বর্তমান গোটেই পৃথিৱীত জনসংখ্যা বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিৰ ফলত মানুহে পাহাৰ কাটি, পিতনি পুতি যধে-মধে গছ-গছনি কাটি, বনৰীয়া জীৱ-জন্তু হত্যা কৰিছে। এনেবোৰ কাণ্ডৰ ফলত আমাৰ সম্পদসমূহ লাহে লাহে নাইকীয়া হৈ যাব।

সেয়েহে আমি প্রাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰিব লাগে। 

১৩৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা পাঁচ বিধ জন্তুৰ নাম লিখা। 

উত্তৰঃ এশিঙিয়া গড়, হলৌ বান্দৰ, ভালুক, ম’হ, অজগৰ। 

১৪৷ অসমৰ প্ৰস্তাবিত তিনিখন পক্ষী উদ্যানৰ নাম লিখা ? 

উত্তৰঃ (ক) কামৰূপ জিলাৰ দীপৰ বিল।

(খ) লখিমপুৰ জিলাৰ বৰদৈপাম বিলমুখ।

(গ) শিৱসাগৰ জিলাৰ পানী দিহিং। 

১৫৷ অসমৰ চাৰিখন অভয়াৰণ্যৰ নাম লিখা ?

উত্তৰঃ (ক) পাভ অভয়াৰণ্য।

(খ) গিবন অভয়াৰণ্য।

(গ) পবিতৰা অভয়াৰণ্য।

(ঘ) গৰমপানী অভয়াৰণ্য।

১৬৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা পাঁচ বিধ জীৱ জন্তুৰ নাম লিখ্য ? 

উত্তৰঃ সোণালী বান্দৰ, ঢেকীয়াপতীয়া বাঘ, গড়, হাতী, সাপ। 

১৭৷ ড্ৰিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোৱা পাঁচ বিধ জীৱ-জন্তুৰ নাম লিখা ? 

উত্তৰঃ বনৰীয়া ঘোৰা, দেওহাঁহ, বনগাহৰি, সাপ, বিভিন্ন প্ৰজাতিৰ বান্দৰ। 

১৮৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পোৱা পাঁচ বিধ জীৱ-জন্তুৰ নাম লিখা ? 

উত্তৰঃ টুপুমুৰীয়া বান্দৰ, বনমেকুৰী, বাঘ, ধনেশ, হাতী। 

১৯৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পোৱা পাঁচ বিধ জীৱ-জন্তুৰ নাম লিখা ? 

উত্তৰঃ বনগাহৰি, খটীয়া পলু, হাতী, বনৰীয়া মেকুৰী, জহামল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top