Assam Jatiya Bidyalay Class 6 Social Science Chapter 12 অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ

Assam Jatiya Bidyalay Class 6 Social Science Chapter 12 অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 12 অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 12 অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ

Chapter – 12

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ আমাৰ দেশৰ শাসন ব্যৱস্থাত কেইখন চৰকাৰ থকাৰ ব্যৱস্থা আছে ? 

উত্তৰঃ আমাৰ দেশৰ শাসন ব্যৱস্থাত দুখন চৰকাৰ থকাৰ ব্যৱস্থা আছে। 

২৷ গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ এটা অনুষ্ঠানৰ নাম লিখা। 

উত্তৰঃ গাওঁ পঞ্চায়ত।

৩৷ কোনখন আইন অনুসৰি অসমৰ গাঁও অঞ্চলৰ স্বায়ত্ত শাসন ব্যৱস্থাৰ স্তবসমূহ গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ কৰা হয়।

উত্তৰঃ ১৯৯৪ চনৰ অসম পঞ্চায়ত আইন অনুসৰি৷

৪৷ নগৰ সমিতি এখনৰ কাৰ্যকাল কিমান বছৰ ?

উত্তৰঃ ৫ বছৰ।

খালী ঠাই পূৰ কৰা :

(ক) __গাওঁ অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাৰ মাজৰ পৰ্যায় অনুষ্ঠান।

(খ) জিলা পৰিষদৰ সমষ্টি একোটাত __হাজাৰতকৈ কম জনসংখ্যা থাকিব নোৱাৰিব।

(গ) অসমৰ নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাটো প্ৰধানকৈ __টা ভাগত ভাগ কৰা হৈছে।

(ঘ) কোনো এখন নগৰৰ জনসংখ্যা ১০ হাজাৰতকৈ অধিক হ’লে তাত __এখন গঠন কৰা হয়। 

(ঙ) পৌৰনিগম গঠন কৰিবলৈ কোনো এখন নগৰৰ জনসংখ্যা __তকৈ অধিক হ’ব লাগিব। 

উত্তৰঃ (ক) আঞ্চলিক পঞ্চায়ত গাওঁ অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাৰ মাজৰ পৰ্যায়ৰ অনুষ্ঠান। 

(খ) জিলা পৰিষদৰ সমষ্টি একোটাত ৪০ হাজাৰতকৈ কম জনসংখ্যা থাকিব নোৱাৰিব। 

(গ) অসমৰ নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাটো প্ৰধানকৈ ৩ টা ভাগত ভাগ কৰা হৈছে। 

(ঘ) কোনো এখন নগৰৰ জনসংখ্যা ১০ হাজাৰতকৈ অধিক হ’লে তাত পৌৰসভা এখন গঠন কৰা হয়।

(ঙ) পৌৰনিগম গঠন কৰিবলৈ কোনো এখন নগৰৰ জনসংখ্যা ১ লাখ তকৈ অধিক হ’ব লাগিব।

১৷ জিলা পৰিষদ এখনৰ কাম কাজ সম্পাদন কৰিবলৈ প্রয়োজন হোৱা টকা-পইচা কি কি উৎসৰ পৰা সংগ্ৰহ কৰে।

উত্তৰঃ জিলা পৰিষদ এখনৰ কাম-কাজ সম্পাদন কৰিবলৈ প্ৰয়োজন হোৱা টকা-পইচাসমূহ তলত উল্লেখ কৰা উৎসসমূহৰ পৰা সংগ্ৰহ কৰে।

(ক) ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা অনুদান। 

(খ) ভূমি ৰাজহ, কৰ, বজাৰ মাচুল।

(গ) বিভিন্ন জৰিমনা ইত্যাদি।

২৷ গাঁও অঞ্চলৰ স্থানীয় প্রশাসনৰ অনুষ্ঠানসমূহৰ নাম লিখা ? 

উত্তৰঃ (ক) গাওঁ পঞ্চায়ত।

(খ) আঞ্চলিক পঞ্চায়ত।

(গ) জিলা পৰিষদ।

৩৷ নগৰ অঞ্চলৰ স্থানীয় প্রশাসনৰ অনুষ্ঠানসমূহৰ নাম লিখা ?

উত্তৰঃ (ক) নগৰ সমিতি। 

(খ) পৌৰসভা।

(গ) পৌৰ নিগম। 

৪৷ পৌৰসভাৰ গঠন সম্পর্কে চমুকৈ লিখা ?

উত্তৰঃ কোনো এখন নগৰৰ জনসংখ্যা দহ হাজাৰতকৈ অধিক হ’লে পৌৰসভা গঠন কৰা হয়। পৌৰ সভা এখন দহৰ পৰা ত্ৰিশ জন সদস্যৰে গঠন কৰা হয়। সদস্য সকলক কমিছনাৰ বুলি কোৱা হয় আৰু মুৰব্বীক পৌৰপতি বোলে। পৌৰসভা এখনৰ কাৰ্যকাল পাঁচ বছৰ। 

৫৷ কোন তিনি ধৰণৰ সদস্যক লৈ আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় লিখা।

উত্তৰঃ আঞ্চলিক পঞ্চায়ত এখন তলত উল্লেখ কৰা তিনি ধৰণৰ সদস্যক লৈ গঠিত হয়। 

(ক) আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভূক্তি এলেকাত থকা প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা পোনপটীয়াভাৱে নির্বাচিত হৈ অহা এজন সদস্য বা সদস্যা।

(খ) আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাঁও পঞ্চায়তৰ নির্বাচিত হৈ অহা সভাপতি বা সভানেত্রী সকল।

(গ) আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভূক্ত এলেকাটো প্ৰতিনিধিত্ব কৰা ৰাজ্যিক বিধানসভা আৰু লোকসভাৰ সদস্য বা সদস্যা সকল।

আঞ্চলিক পঞ্চায়ত এখনৰ সদস্যসকলৰ মাজৰপৰা এগৰাকী সভানেত্ৰী আৰু এগৰকী সভাপতি বা উপসভাপতি বা উপসভানেত্রী নির্বাচন কৰা হয়।

৬৷ আঞ্চলিক পঞ্চায়তৰ যিকোনো চাৰিটা কাৰ্য লিখা।

উত্তৰঃ (ক) বছৰেকীয়া আঁচনি আৰু বাজেট প্রস্তুতকৰণ।

(খ) কৃষি সম্প্ৰসাৰণ।

(গ) ভূমি উন্নতিকৰণ তথা সংৰক্ষণ।

(ঘ) ক্ষুদ্র জলসিঞ্চন।

৭৷ জিলা পৰিষদৰ গঠন সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ জিলা পৰিষদ এখন তলত উল্লেখ কৰা তিনি ধৰণৰ সদস্যৰ দ্বাৰা গঠন কৰা হয়।

(ক) চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া জিলাখনৰ সমষ্টিসমূহৰ পৰা পোনপটীয়াকৈ নির্বাচিত হৈ অহা একোজন সদস্য বা সদস্যা।

(খ) জিলাখনত থকা প্ৰতিখন আঞ্চলিক পঞ্চায়তৰ সভাপতি। 

(গ) জিলাখনক প্রতিনিধিত্ব কৰা ৰাজ্যিক বিধান সভা আৰু লোকসভাৰ সদস্যসকল।

জিলা পৰিষদ এখন গঠন হোৱাৰ পাছত জিলা পৰিষদ সমষ্টিৰ পৰা পোনপটীয়াকৈ নির্বাচিত হৈ অহা সদস্যসকলৰ মাজৰ পৰা এগৰাকী সভাপতি আৰু এগৰাকী উপ-সভাপতি নির্বাচন কৰা হয়।

৮৷ অসমৰ নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্রশাসন অনুষ্ঠানসমূহৰ কাৰ্যাৱলী উল্লেখ কৰা।

উত্তৰঃ নগৰ অঞ্চলৰ স্থানীয় প্রশাসন অনুষ্ঠানসমূহৰ কাৰ্যাৱলী তলত উল্লেখ কৰা ধৰণৰ―

(ক) ৰাস্তা-ঘাট নির্মাণ, সংৰক্ষণ আৰু নামকৰণ। 

(খ) নলা-নর্দমা, দলং, ৰাজহুৱা শৌচাগাৰ-প্ৰসাঁৱগাৰ আদিৰ নিৰ্মাণ।

(গ) সংক্রামক ৰোগৰ প্ৰতিষেধক ব্যৱস্থা গ্রহণ।

(ঘ) জনসাধাৰণক উপযুক্ত খোৱা-পানীৰ যোগান।

(ঙ) ৰাজহুৱা উদ্যান, খেলপথাৰ, পুথিভঁৰাল আদি স্থাপন আৰু সংৰক্ষণ।

(চ) ৰাস্তা-ঘাট আদিত বিজুলী চাকিৰ যোগান।

(ছ) নগৰ পৰিষ্কাৰ কৰি ৰখা।

(জ) হাট-বজাৰ স্থাপন আৰু সংৰক্ষণ।

(ঝ) মানুহৰ জন্ম-মৃত্যুৰ হিচাপ ৰখা।

(ঞ) মাতৃ মংগল আৰু শিশু কল্যাণ ব্যৱস্থা।

(চ) মৰিশালী, কাৰখানা আদি নিৰ্মাণ আৰু সংৰক্ষণ।

৯৷ অসমৰ গাঁও অঞ্চলত থকা স্থানীয় প্রশাসনৰ মাজৰ পৰ্যায়ৰ অনুষ্ঠানটোৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমৰ গাওঁ অঞ্চলত থকা স্থানীয় প্ৰশাসনৰ মাজৰ পৰ্যায়ৰ অনুষ্ঠানটো হ’ল আঞ্চলিক পঞ্চায়ত।শাসনৰ সুবিধাৰ বাবে অসমৰ প্ৰত্যেকখন জিলাকে কিছুমান খণ্ডত ভাগ কৰা হৈছে। এই খণ্ডসমূহক একোটা উন্নয়ন খণ্ড বোলা হয়। এনে ধৰণৰ এটা উন্নয়ন খণ্ডত এখন আঞ্চলিক পঞ্চায়ত গঠন করা হয়। আঞ্চলিক পঞ্চায়ত এখনত কেবাখনো গাওঁ পঞ্চায়ত অন্তর্ভুক্ত হৈ থাকে।

অঞ্চলিক পঞ্চায়ত এখন তলত উল্লেখ কৰা তিনি ধৰণৰ সদস্যক লৈ গঠিত হয়।

(ক) আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাওঁ পঞ্চায়তৰ পৰা পোনপটীয়াভাৱে নির্বাচিত হৈ অহা এজন সদস্য বা সদস্যা।

(খ) আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাওঁ পঞ্চায়তৰ নির্বাচিত হৈ অহা সভাপতি বা সভানেত্রী সকল।

(গ) আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাটো প্রতিনিধিত্ব কৰা ৰাজ্যিক বিধানসভা আৰু লোকসভাৰ সদস্য বা সদস্যা সকল।

আঞ্চলিক পঞ্চায়ত এখনৰ সদস্যসকলৰ মাজৰ পৰা এগৰাকী সভাপতি বা সভানেত্ৰী আৰু এগৰাকী উপসভাপতি বা উপসভানেত্ৰী নিৰ্বাচন কৰা হয়।

আঞ্চলিক পঞ্চায়ত এখনৰ কাৰ্যাৱলীৰ কেইটামান তলত উল্লেখ কৰা হ’ল—

(ক) বছৰেকীয়া আঁচনি আৰু বজেট প্রস্তুতকৰণ।

(খ) কৃষি সম্প্ৰসাৰণ।

(গ) ভূমি উন্নতিকৰণ তথা সংৰক্ষণ।

(ঘ)ক্ষুদ্র জলসিঞ্চন

(ঙ) দৰিদ্ৰ দূৰীকৰণ। ইত্যাদি।

আঞ্চলিক পঞ্চায়ত এখনে কাৰ্যসমূহ সম্পন্ন কৰিবলৈ বিভিন্ন উৎসৰ পৰা টকা সংগ্ৰহ কৰে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা অনুদান, জিলা পৰিষদ বা আন স্থানীয় কর্তৃপক্ষই আগবঢ়োৱা অনুদান, গাওঁ পঞ্চায়তসমূহে আৰোপ কৰা কৰ, পঞ্চায়ত আইন অনুসৰি সংগ্ৰহ কৰা জৰিমনা আদি।

১০৷ কোনো এখন নগৰৰ জনসংখ্যা কিমান হ’লে পৌৰসভা গঠন কৰা হয় ? 

উত্তৰঃ কোনো এখন নগৰৰ জনসংখ্যা দহ হাজাৰতকৈ অধিক হ’লে পৌৰসভা গঠন কৰা হয়।

১১৷ কোনো এখন চহৰৰ জনসংখ্যা কিমানতকৈ কম হ’লে নগৰ সমিতি গঠন কৰা হয় ?

উত্তৰঃ কোনো এখন চহৰৰ জনসংখ্যা দহ হাজাৰতকৈ কম হলে তাত নগৰ সমিতি গঠন কৰা হয়।

১২৷ পৌৰ নিগম গঠন কৰিবলৈ কোনো এখন নগৰত কিমান জনসংখ্যা থাকিব লাগিব। 

উত্তৰঃ কোনো এখন নগৰত এক লাখতকৈ অধিক জনসংখ্যা হ’লৈ তাত পৌৰ নিগম গঠন কৰা হয়।

১৩৷ পৌৰ নিগমৰ মুৰব্বীজনক কি বুলি কোৱা হয় ?

উত্তৰঃ মেয়ৰ।

১৪৷ পৌৰসভাৰ মুৰব্ৰীজনক কি বুলি কোৱা হয় ? 

উত্তৰঃ পৌৰপতি।

১৫৷ পৌৰনিগম এখনৰ কাৰ্যকাল কিমান বছৰ ?

উত্তৰঃ পাঁচ বছৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top