Assam Jatiya Bidyalay Class 6 Assamese Chapter 19 বৰগীত

Assam Jatiya Bidyalay Class 6 Assamese Chapter 19 বৰগীত, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 19 বৰগীত Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 19 বৰগীত Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 19 বৰগীত provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বৰগীত

Chapter – 19

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। মহাপুৰুষ মাধৱদেৱৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ প্রিয় শিষ্য, একান্ত অনুগত সেৱক আৰু নৱবৈষ্ণৱ আন্দোলনৰ প্ৰধান সংগী আছিল মহাপুৰুষ মাধৱদেৱ। ১৪৪৯ চনত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত জন্ম হয় মাধৱদেৱৰ। উপস্থিত বুদ্ধি, সংগঠন শক্তি, পাণ্ডিত্য, কবিত্ব, গুৰুসেৱা, ভক্তি-নিষ্ঠা, সুগায়কত্ব আদি বিৰল প্ৰতিভাৰ অধিকাৰী মাধৱদেৱ শংকৰদেৱৰ পাছত ধর্মাধিকাৰী মনােনীত হয়।

ৰচনা ৰীতি আৰু ৰূপ অনুসৰি মাধৱদেৱৰ ৰচনাৰাজিক মুঠতে চাৰিটা ভাগত ভগাব পাৰি-

১। আখ্যানমূলক ৰচনা (আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য)।

২। তত্ত্বমূলক ৰচনা (নামঘােষা, জন্মৰহস্য, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা)।

৩। নাট (অর্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভােজন বিহাৰ)।

৪। গীত (বৰগীত আৰু ভটিমা)।

মাধৱদেৱৰ ৰচনাৱলীৰ ভিতৰত নামঘােষাখন তেওঁৰ শ্রেষ্ঠ ৰচনা। মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূর্ণ অভিজ্ঞতাৰ ছন্দোময় অভিব্যক্তি এই নামঘােষাখনক হেজাৰী ঘােষাও বােলা হয়। এহেজাৰ ঘােষা থকা নামঘােষাখনৰ ছশমান বিভিন্ন পুৰাণ আৰু গীতাৰ ভক্তিপ্রধান শ্লোকৰ অনুবাদ, বাকী চাৰিশমান মাধৱদেৱৰ নিজা ৰচনা। মাধৱদেৱৰ নাটকেইখনৰ ভিতৰত ‘অর্জুন-ভঞ্জন’ৰ বাহিৰে বাকীকেইখনক ঝুমুৰা বােলা হয়। কাৰণ এই নাটকেইখন কলেবৰত সৰু, শিশু শ্রীকৃষ্ণ আৰু স্ত্রীচৰিত্ৰপ্রধান আৰু নৃত্য-গীতবহুল।

বহুমুখী প্রতিভাৰ আকৰ, অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ অন্যতম কাণ্ডাৰী মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত দেহাৱসান ঘটে।

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। প্রথমে কোৱা, তাৰ পাছত লিখা।

(ক) কবিয়ে বৃন্দাবনলৈ কিয় যাবলৈ বিচাৰিছে ?

উত্তৰঃ শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত সমগ্র বৃন্দাবনত আনন্দৰ জোৱাৰ উঠিছে। গতিকে বৃন্দাবনৰ এই আনন্দৰ উৎসৱ নিজ চকুৰে চোৱাৰ উদ্দেশ্যে কবিয়ে বৃন্দাবনলৈ যাবলৈ বিচাৰিছে।

(খ) গৰুৰ পােৱালিবােৰে কিয় হেম্বেলিয়াবহলৈ এৰিছে ?

উত্তৰঃ শ্ৰীকৃষ্ণই বাঁহী, শিঙা আৰু শংখ বজাই গৰু চৰােৱাত সেই সুৰ শুনি গৰুৰ পােৱালিবােৰে হেম্বেলিয়াবলৈ এৰিছে।

(গ) কবিয়ে ব্ৰজৰ প্ৰজাসকলৰ বৰ ভাগ্য বুলি কিয় ক’বলৈ বিচাৰিছে ?

উত্তৰঃ বৃন্দাবনত শ্ৰীকৃষ্ণৰ উপস্থিতিত যি আনন্দৰ জোৱাৰ উঠিছে সেয়া ত্রিভুৱনৰ আন ক’তােৱেই বিচাৰি পাবলৈ নাই। তাৰােপৰি ৰামকৃষ্ণ সাধাৰণ নৰ মনিচ নহয়; স্বয়ং ভগৱান পৰম পুৰুষ। গতিকে এনে পৰম-পুৰুষক কাষতে পােৱাটো ব্ৰজৰ প্ৰজাসকলৰ বৰ ভাগ্য বুলি ক’বলৈ কবিয়ে কৈছে।

২। কবিতাটিৰ কথাখিনি গদ্যত লিখা।

উত্তৰঃ পৰম পুৰুষ ভগৱান শ্রীকৃষ্ণই মানৱী ৰূপ লৈ বৃন্দাবনত উপস্থিত হৈছে। তেওঁৰ লগত আছে জ্যেষ্ঠ ভাতৃ বললাম। দুয়ােজনে নাচি বাগি গীত গাই শিঙা শংখ-বাঁহী বজাই গৰু চৰােৱাত সমগ্র বৃন্দাবনত মহা আনন্দৰ জোৱাৰ উঠিছে। আনন্দ এই পৰিবেশত সকলােৰে মুখত ৰামকৃষ্ণ ধ্বনি। আনকি নিজৰ মাকক বিচাৰি হেম্বেলিয়াই থকা গৰু পােৱালিৰবাৰেও হেম্বেলিয়াব এৰিছে ৰাম-কৃষ্ণক ওচৰত পাই। কবিৰ মতে বৃন্দাবনত পােৱা এই আনন্দৰ ৰস ত্রিভূবন অর্থাৎ স্বর্গ, মর্ত্য, পাতালৰ ক’তােৱে পাবলৈ নাই। ৰামকৃষ্ণৰ নিচিনা দুই পৰম পুৰুষক কাষতে পােৱাটো ব্রজবাসীৰ প্ৰজাৰ ভাগ্য বুলি কবিয়ে কৈছে। কবিয়ে নিজেও নিজ চকুৰে বৃন্দাবনৰ এই দৃশ্য উপভােগ কৰাৰ উদ্দেশ্যে বৃন্দাবনলৈ যাবলৈ বিচাৰিছে।

৩। বুজা আৰু লিখা।

তিনিখন ভূৱনৰ সমাহাৰ- ত্রিভূৱন।

তিনিটা নয়ন যান………………….

নটা ৰত্ন একেলগে……………………

চাৰিটা আলিৰ সংগমস্থল……………………

তিনিটা আলিৰ সংগমস্থল…………………….

উত্তৰঃ তিনিখন ভূৱ সমাহাৰ – ত্রিভরন।

তিনিটা নয়ন যাৰ – ত্ৰিনয়ন।

নটা ৰত্ন একেলগে – নৱৰত্ন।

চাৰিটা আলিৰ সংগমস্থল – চাৰিআলি।

তিনিটা আলিৰ সংগমস্থলা – তিনি আলি।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। বৰগীত কবিতাটোত ৰামকৃষ্ণ বুলি কাক বুজোৱা হৈছে ?

উত্তৰঃ বৰগীত কবিতাটোত ৰামকৃষ্ণ বুলি ভগৱান শ্রীকৃষ্ণ আৰু তেওঁৰ জেষ্ঠ ভাতৃ বলােৰামক বুজোৱা হৈছে।

২। বৰগীত’টি কি ৰাগত, ৰচনা কৰা হৈছে ?

উত্তৰঃ ‘বৰগীত’টি ‘ভাটিয়ালী’ ৰাগত ৰচনা কৰা হৈছে।

৩। মাধৱদেৱৰ সর্বশ্রেষ্ঠ ৰচনাখন কি ?

উত্তৰঃ নামঘােষা।

1 thought on “Assam Jatiya Bidyalay Class 6 Assamese Chapter 19 বৰগীত”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top