Assam Jatiya Bidyalay Class 6 Assamese Chapter 18 পানী

Assam Jatiya Bidyalay Class 6 Assamese Chapter 18 পানী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 18 পানী Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 18 পানী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 18 পানী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পানী

Chapter – 18

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১৷ একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) ৰাসায়নিক সাৰ উৎপাদন কৰোঁতে পানী কি হিচাপে ব্যবহৃত হয় ?

উত্তৰঃ ৰাসায়নিক সাৰ উৎপাদন কৰোঁতে পানী বেঁচামাল স্কিাপে ব্যৱহৃত হয়।

(খ) পানীক প্রাকৃতিক সম্পদ বােলাৰ কাৰণ কি ?

উত্তৰঃ পানী আমি প্ৰকৃতিৰ পৰাই পাওঁ বাবে পানীক প্রাকৃতিক সম্পদ বােলা হয়।

(গ) পানীৰ প্রধান উৎসকেইটা কি কি ?

উত্তৰঃ পানীৰ প্রধান উৎসকেইটা হ’ল- 

(ক) বৰষুণৰ পানী।

(খ) ভূ-পৃষ্ঠৰ পানী।আৰু 

(গ) ভূ-গর্ভৰ পানী।

(ঘ) খােৱা পানী কেনে হােৱা উচিত ?

উত্তৰঃ খােৱা পানী পৰিষ্কাৰ আৰু জীৱাণুমুক্ত হােৱা উচিত।

(ঙ) গাঁও অঞ্চলৰ মানুহে খাবৰ কাৰণে পানী ক’ৰপৰা ব্যৱহাৰ কৰে ?

উত্তৰঃ গাঁও অঞ্চলৰ মানুহে সাধাৰণতে খাবৰ কাৰণে পানী দমকল, আৰু কুঁৱাৰপৰা ব্যৱহাৰ কৰে ।

(চ) চম্বল নদী ভাৰতৰ কোন প্রদেশত আছে ?

উত্তৰঃ চম্বল নদী ভাৰতৰ মধ্য প্রদেশত আছে।

(ছ) দূষিত পানীৰপৰা হােৱা কেইবিধমান ৰােগৰ নাম লিখা।

উত্তৰঃ দুষিত পানীৰপৰা হােৱা কেইবিধমান ৰােগ হ’ল- কলেৰা, গ্রহণী, জণ্ডিচ, টাইফয়ড আদি।

২। তিনি-চাৰিটামান বাক্যত হােৱাকৈ উত্তৰ লিখা।

(ক) জলচক্র বুলিলে কি বুজা ?

উত্তৰঃ পুখুৰী, নদী, জান-জুৰি সাগৰ-মহাসাগৰ আদিৰ পানীবােৰ সূৰ্যৰ তাপত ভাগ হৈ ওপৰলৈ উঠে। পাছত সেইবােৰ ডাৱৰ হয় আৰু বৰষুণৰ ৰূপত মাটিলৈ নামি আহে। তাৰে বিন্দু অংশ মাটিৰ তললৈ সােমাই যায় আৰু বাকীবােৰ পুনৰ ভাপ হয়। এইদৰে চলি থকা চকৰিটোক জলচক্ৰ বুলি কোৱা হয়।

(খ) খােৱাপানীৰ নাটনি হােৱাৰ প্ৰধান কাৰণসমূহ কি কি ?

উত্তৰঃ বিভিন্ন কাৰণত খােৱাপানীৰ নাটনি হৈছে। এই কাৰণসমূহ হল-

(ক) ভু-পৃষ্ঠৰ পানী উদ্যোগ আৰু কৃষিৰ কাৰণে অধিক ব্যরহাৰ কৰাৰ কাৰণে।

(খ) নৈ, বিল, পুখুৰী আদিৰ পানী প্ৰদূষণৰ কাৰণে।

(গ) মানুহৰ আধুনিক জীৱন-ধাৰণ পদ্ধতিৰ বাবে পানীৰ অপ্রয়ােজনীয় খৰচ বাঢ়িছে।

(ঘ) জনসংখ্যা বৃদ্ধি হােৱাৰ কাৰণে খােৱাপানীৰ নাটনি হৈছে।

(গ) পানী কেনেদৰে প্ৰদূষিত হৈছে লিখা।

উত্তৰঃ ভূ-পৃষ্ঠৰ পানীভাগৰ ওপৰত মানুহে কৰা অত্যাচাৰৰ ফলস্বৰূপে পানী প্ৰদূষিত হৈছে। মানুহে নিজৰ এৰেহা বস্তু, জাৱৰ-জোখৰবােৰ পানীত পেলাই দিব পাৰিলেই ৰক্ষা পৰে। কল-কাৰখানাৰ আৱৰ্জনা, নৈ-বিল সাগৰ আদিত পেলােৱাৰ ফলত ইয়াৰ পানীভাগ প্রদুষিত হৈছে। সেইদৰে তেলবাহী জাহাজৰ দুৰ্ঘটনাৰ ফলত নতুবা সাগৰ তলিত তেল উৎপাদন কৰোঁতে তৈলক্ষেত্ৰত হােৱা বিস্ফোৰণ আদিয়ে সাগৰৰ পানী ভয়ানকভাৱে ৰূষিত কৰে। কৃষিত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক সাৰ তথা কীটনাশকৰ ব্যৱহাৰেও পানী প্ৰদূষিত কৰিছে। এইদৰে বিভিন্ন কাৰণত পানী প্ৰদূষিত হৈছে।

৩। পানীৰ ব্যৱহাৰৰ সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ খােৱাৰ বাহিৰেও আন বহুতাে কামত পানী ব্যৱহাৰ কৰা হয়। ঘৰুৱা কাম-কাজ, শাৰীৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতা, কৃষিকার্য আদিত আমি পানী ব্যৱহাৰ কৰো। বিভিন্ন শিল্প উদ্যোগ যেনে- লাে, তীখা উদ্যোগ, কাগজ-শিল্প, বস্ত্র-শিল্প চেনি উদ্যোগ, কাচ, প্লাষ্টিক, ঔষধ, ৰাসায়নিক সাৰ আৰু অনেক ৰাসায়নিক সামগ্রী উৎপাদন উদ্যোগ, তেল শােধনাগাৰ আদিত পানীৰ ব্যৱহাৰ প্রচুৰ পৰিমাণে কৰা হয়। ইয়াৰ উপৰিও বিজুলী শক্তি উৎপাদন কৰিবলৈও পানীৰ ব্যৱহাৰ কৰিব লগা হয়।

৪। পানী ব্যৱহাৰৰ ক্ষেত্ৰত কিয় মিতব্যয়ী হব লাগে বুলি ভাবা ?

উত্তৰঃ বেছিভাগ নগৰ-মহানগৰত পানীৰ যােগান কাষৰীয়া নৈৰ পৰা ধৰা হয়। কিন্তু নদীৰ পানীভাগ নগৰ-মহানগৰৰ নলা-নর্দমাৰপৰা অহা পূতিজল আৰু উদ্যোগৰ আৱৰ্জনাই দূষিত কৰে। পানী শােধন ক্ষেত্রসমূহে বহুত শক্তি আৰু টকা-পইচা খৰচ কৰি এইবােৰ পানী শােধন কৰিবলগীয়া হয়। গতিকে আমাৰ উপার্জন তথা ৰাজহৰ এটা বৃহৎ অংশ অকল পানী শােধনতে খৰচ কৰিব লগা হয়। আনহাতে গাঁও অঞ্চলৰ মানুহে খাবৰ বাবে দমকল আৰু কুঁৱাৰ জৰিয়তে ভু-পৃষ্ঠৰ পানী ব্যৱহাৰ কৰে। কিন্তু ভূ-গর্ভব পৰা পানী ওপৰলৈ উলিয়াই আনি ব্যৱহাৰ কৰাৰ পাছত তাৰ অধিকাংশই ভাপ হৈ উৰি যায়। জলচক্ৰৰ সহায়ত ঘূৰি আহি পুনৰ ভু-গর্ভলৈ যাবলৈ বহু সময় লাগে। ফলত ভূ-গর্ভৰ পানীৰ স্তৰ ক্ৰমে তললৈ নামি যােৱাৰ ফলত পানীৰ নাটনি হয়। গতিকে আমাৰ খৰচ কমাবলৈ তথা পানীৰ নাটনিৰপৰা হাত সাৰিবলৈ পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হব লাগে ।

৫৷ উদাহৰণটো চাই বাকীকেইটা কৰা।

উদাহৰণ- প্রকৃতি – প্রাকৃতিক।

শৰীৰ – ……………….

মন – …………………..

সমৰ – ………………….

জীৱ – ……………………

দেহ – …………………….

দিন – …………………..

ৰসায়ন – ………………..

পৰমাণু – ………………..

অণু – ……………………

উত্তৰঃ প্রকৃতি – প্রাকৃতিক ।

শৰীৰ – শাৰীৰিক।

মন – মানসিক।

সমৰ – সামৰিক।

জীৱ – জৈৱিক।

দেহ – দৈহিক।

দিন – দৈনিক।

ৰাসায়ন – ৰাসায়নিক।

পৰমাণু – পাৰমাণৱিক।

অণু – আণৱিক।

৬। বিপৰীত অর্থ বুজোৱা শব্দ লিখা।

খুঁত, খৰচী, ফৰকাল, খৰাং, অপকাৰী, জল।

উত্তৰঃ শব্দ – বিপৰীত অর্থ বুজোৱা শব্দ

খুঁত – নিখুঁত।

খৰচী – মিতব্যয়ী।

ফৰকাল – ডাৱৰীয়া।

খৰাং – বাৰিষা, জহ।

অপকাৰী – উপকাৰী।

৭। পৃথিৱীৰ মহাসাগৰকেইখনৰ নাম কি কি ?

উত্তৰঃ পৃথিৱীৰ মহাসাগৰ কেইখনৰ নাম হ’ল- প্রশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।

৮। তলৰ বাক্যকেইটাৰ খালী ঠাই পূৰ কৰা-

(ক) পানী অবিহনে কোনাে…………………… জীয়াই থাকিব নােৱাৰে।

(খ) শিল্প উদ্যোগতত প্ৰচুৰ পৰিমাণৰ পানী…………………. কৰা হয়।

(গ) পৃথিৱীৰ পানীভাগৰ শতকৰা মাত্র………………… মানুহে ব্যৱহাৰ কৰে।

(ঘ) …………………..ব্যৱহাৰ কৰিও সহজ উপায়েৰেই নির্মল পানী উৎপাদনৰ পদ্ধতি আৱিষ্কৃত হৈছে।

(ঙ) ভূগর্ভস্থ পানী ব্যৱহাৰ কৰোঁতেও আমি …………………..হ’ব লাগে।

উত্তৰঃ (ক) পানী অবিহনে কোনাে জীৱ জীয়াই থাকিব নােৱাৰে।

(খ) শিল্প উদ্যোগতাে প্ৰচুৰ পৰিমাণৰ পানী ব্যৱহাৰ কৰা হয়।

(গ) পৃথিৱীৰ পানীভাগৰ শতকৰা মাত্ৰ এভাগহে মানুহে ব্যৱহাৰ কৰে।

(ঘ) সৌৰশক্তি ব্যৱহাৰ কৰিও সহজ উপায়েৰে নির্মল পানী উৎপাদনৰ পদ্ধতি আৱিষ্কৃত হৈছে।

(ঙ) ভূ-গর্ভস্থ পানী ব্যৱহাৰ কৰােতেও মিতব্যয়ী হ’ব লাগে।

৯। তলৰ চহৰবােৰ কোন কোন নদীৰ পাৰত লিখা।

(ক) দিল্লী। 

(খ) গুৱাহাটী। 

(গ) শিৱসাগৰ। 

(ঘ) নগাঁও।

(ঙ) তেজপুৰ।

উত্তৰঃ চহৰ – নদী।

(ক) দিল্লী – যমুনা।

(খ) গুৱাহাটী – ব্রহ্মপুত্র।

(গ) শিৱসাগৰ – দিখৌ।

(ঘ) নগাঁও – কলং।

(ঙ) তেজপুৰ – ধনশিৰি।

১০। পানীৰ অভাৱৰ ফলত কি কি সমস্যা হ’ব পাৰে ভাবি লিখা।

উত্তৰঃ পানীৰ অভাৱ হ’লে আমি প্রথমে সম্মুখীন হ’ব লাগিব খােৱাপানীৰ সমস্যাৰ। ইয়াৰ পিছতে আহিব খাদ্য সমস্যাৰ। কাৰণ পানীৰ অভাৱৰ ফলত উদ্ভিদ বা অৰণ্য আদি সংকুচিত হ’ব আৰু কৃষি-কার্য ক্ষতিগ্রস্ত হ’ব। আমি পানী ব্যৱহাৰ কৰা ঘৰুৱা কাম-কাজ আদিও পানীৰ অভাৱৰ ফলত ব্যাঘাত ঘটিব। বিভিন্ন শিল্প উদ্যোগ, জলবিদ্যুৎ উৎপাদন কেন্দ্র আদি পানীৰ অভাৱৰ ফলত খুব বেয়া ধৰণে ক্ষতিগ্রস্ত হ’ব। ইয়াৰ উপৰিও বিভিন্ন জলজ উদ্ভিদ, প্রাণী, মাছ-কাছ আদিও পানীৰ অভাৱৰ ফলত ক্ষতিগ্রস্ত হ’ব তথা নােহােৱা হ’ব। মুঠৰ ওপৰত ক’ব পাৰি যে, পানীৰ অভাৱ হ’লে আমাৰ চাৰিওফালে এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হ’ব।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। পানী কি সম্পদ ?

উত্তৰঃ পানী এবিধ প্রাকৃতিক সম্পদ।

২। জীৱ-জগতৰ সকলােতকৈ অপৰিহার্য উপাদান কি ?

উত্তৰঃ জীৱজগতৰ সকলােতকৈ অপৰিহার্য উপাদান হল- 

পানী।

৩। মানুহৰ শৰীৰৰ প্ৰায় কিমান শতাংশ পানী ?

উত্তৰঃ মানুহৰ শৰীৰৰ প্ৰায় ৭১ (এসত্তৰ) শতাংশ পানী।

৪। দৈহিক প্রক্রিয়াৰ যােগেদি ওলাই যােৱা পানী আমি কিদৰে পুৰাও ?

উত্তৰঃ ঘাম, প্রশ্বাস, প্ৰস্ৰাৱ আদি দৈহিক প্রক্রিয়াৰ যােগেদি ওলাই যােৱা পানীৰ ঘাটি আমি আহাৰ, পানী আৰু অন্যান্য জলীয় বস্তু খাই পূৰাই থাকো।

৫। উদ্ভিদে কিদৰে পানী সংগ্রহ কৰে ?

উত্তৰঃ উদ্ভিদে শিপাৰে শুহি লৈ পানী সংগ্রহ কৰে।

৬। জোখ হিচাবত এক টন কাগজ, তীখা, চেনি, খাৰুৱা তেল শােধন, ৰাসায়নিক সাৰ উৎপান কৰিবলৈ কিমান পানীৰ প্ৰয়ােজন হয় ? তালিকা কৰা।

উত্তৰঃ শিল্প উৎপাদন (১টন হিচাবত) – পানীৰ পৰিমাণ (টন হিচাবত)

১ টন কাগজ – দুশ পঞ্চাশ টন (২৫০)

১ টন তীখা – এশ পঞ্চাশ টন (১৫০)

১ টন চেনি – পাঁচ টন (৫)

এক টন খাৰুৱা তেল শােধন – এশ আশী টন (১৮০)

১ টন ৰাসায়নিক সাৰ – সাতশ পঞ্চাশ টন (৭৫০)

৭। পৃথিৱীৰ উপৰিভাগৰ কিমান ভাগ পানীয়ে আৱৰি আছে ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় চাৰিভাগৰ তিনিভাগ পানীয়ে আগুৰি আছে।

৮। পৃথিৱীৰ পানীভাগৰ কিমান অংশ লুণীয়া আৰু কিমান অংশ অলুণীয়া ?

উত্তৰঃ পৃথিৱীৰ পানীভাগৰ শতকৰা সাতানব্বৈ ভাগ লুণীয়া আৰু তিনিভাগ অলুণীয়া।

৯। পৃথিৱীৰ পানীজগৰ শতকৰা কিমান ভাগ পানী মানুহেব্যৱম্বৰ কৰিব পাৰে ?

উত্তৰঃ এভাগ ।

১০। ভাৰতবৰ্ষত কিয় পানীৰ সমস্যাৰ সৃষ্টি হয় ?

উত্তৰঃ পানীৰ উৎসবােৰ ভাৰতবৰ্ষৰ সকলাে ঠাইতে সমানভাৱে বিতৰণ নােহােৱাটো হৈছে প্রধান সমস্যা।

১১। উন্নত দেশবােৰত পানীৰ নাটনিৰপৰা হাত সাৰিবলৈ কি পদ্ধতি উদ্ভাৱন কৰা হৈছে ?

উত্তৰঃ এই দেশবােৰত সাগৰৰ পানীৰপৰা লােণভাগ আঁতৰাই পানী ব্যৱহাৰ কৰা পদ্ধতি তথা সৌৰশক্তি ব্যৱহাৰ কৰি নির্মল পানী উৎপাদন পদ্ধতি, উদ্ভাৱন কৰা হৈছে।

১২। পানীৰ প্ৰদূষণৰ পৰা হাত সাৰিবলৈ কি কি ব্যবস্থা লােৱা হৈছে ?

উত্তৰঃ পানীৰ প্ৰদূষণৰপৰা হাত সাৰিবলৈ বিভিন্ন দেশে বিভিন্ন কার্যপন্থা হাতত লৈছে-

(ক) কলকাৰখানাৰপৰা ওলােৱা জলীয় অরর্জনাবােৰ যিমান সম্ভৱ শােধন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

(খ) আৱৰ্জনাবােৰ বিপদজনক নহ’লেহে বাহিৰলৈ উলিয়াই পেলাই দিয়া হয়।

(গ) উদ্যোগত ব্যৱহাৰ কৰা পানী আৰু কাৰখানাৰপৰা ওলােৱা আৱৰ্জনা পুনৰ ব্যৱহাৰ কৰিবলৈও প্রচেষ্টা হাতত লােৱা হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top