Assam Jatiya Bidyalay Class 6 Assamese Chapter 13 বৰপেটা

Assam Jatiya Bidyalay Class 6 Assamese Chapter 13 বৰপেটা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 13 বৰপেটা Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 13 বৰপেটা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 13 বৰপেটা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বৰপেটা

Chapter – 13

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। কবি শৈলধৰ ৰাজখােৱাক কি কবি বুলি জনা যায় ? তেওঁৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখা।

উত্তৰঃ কবি শৈলধৰ ৰাজখােৱাক নিজৰাৰ কবি’ বুলি জনা যায়।

১৮৯০ চনত ডিব্ৰুগড়ত জন্ম লাভ কৰা শৈলধৰ ৰাজখােৱা একেৰাহে কবি, নাট্যকাৰ। শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰি পাছলৈ অসম চৰকাৰৰ অতিৰিক্ত সহকাৰী আয়ুক্তৰূপে বিভিন্ন ঠাইত চাকৰি কৰি ১৯৪৭ চনত অৱসৰ গ্রহণ কৰে। ৰাজখােৱাদেৱে কিছুদিন গুৱাহাটী বিশ্ব বিদ্যালয়ৰ কোষাধ্যক্ষ ৰূপে কার্যনির্বাহ কৰিছিল। ছাত্ৰাৱস্থাৰেপৰা সাহিত্য চর্চা কৰা শৈলধৰ ৰাজখােৱাৰ প্রকাশিত পুথি হ’ল- ‘নিজৰা’, ‘বিদ্যাৱতী’, ‘অতীতৰ সোঁৱৰণী’ আদি। ১৯৬৮ চনৰ ১৭ ডিচেম্বৰত তেখেতৰ ডিব্ৰুগড়ত মৃত্যু হয়।

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। কবিতাটোত মুখস্থ কৰাঁ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে নিজে মুখস্থ কৰাৰ চেষ্টা কৰিব ।

২। তুলৰ প্ৰশ্নবােৰৰ উত্তৰ লিখা।

(ক) কবিয়ে “বৰপেটাক’ অসমৰ কি বুলি কৈছে ?

উত্তৰঃ কবিয়ে বৰপেটাকৈ অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী বুলি কৈছে।

(খ) কি শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে ?

উত্তৰঃ হৰিগুণ-নাম শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে।

(গ) কাৰ পদধূলিৰে বৰপেটা পুণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে ?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদ-ধুলিৰে বৰপেটা পুণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে।

(ঘ) বৰপেটা ধামত কত কত হৰিনাম শুনা যায় ?

উত্তৰঃ বৰপেটা ধামৰ আকাশত, বতাহত, শিশুৰ মুখত, নাৱৰ বঠাৰ কোবত আনকি আকাশী চৰাইৰ মাততে হৰিনাম শুনা যায়।

(ঙ) কি শুনি শােক-তাপ দূৰতে পলায় ?

উত্তৰঃ নির্জন বননি জিনি খােৱা হৰিৰ মহিমা শুনি শােক-তাপ দূৰতে পলায়।

(চ) কি কি উৎসৱত হৰিনাম গায় ?

উত্তৰঃ কাৰােবাৰ ঘৰত কেচুৱা জন্ম পালে, বিবাহ অনুষ্ঠানত, বিহু উৎসৱ আদিত হৰিনাম গায়।

(ছ) হৰিৰ মহিমা গাই নাৱৰীয়াই কত নাও বায় ?

উত্তৰঃ বৰনৈ অথাৎ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত হৰিৰ মহিমা গাই গাই নাৱৰীয়াই, নাও বায়।

(ক) তিথি উৎসৱত ডেকাহঁতে কি কৰে ?

উত্তৰঃ তিথি উৎসরত ডেকাহঁতে নাও খেলে।

(ঝ) বৰপেটা ধামত মানৱৰ কেনেদৰে মহামিলন ঘটিছে ?

উত্তৰঃ বৰপেটা ধামত সুখী-দুখী, পাপী-তাপী সকলাে মানুহৰে মিলন ঘটিছে। কোনাে বলি বিসর্জন নাই, উচ্চ-নীচ ভেদাভেদ জ্ঞান কাৰৰাৰে নাই। হৰিভক্ত সকলাে সমান এই বৰপেটা ধামত।

(ঞ) কি আদর্শ লৈ কোনে এই অসমী আইৰ বুকুলৈ আহিছে ? তেৰাই কি এৰি গৈছে ?

উত্তৰঃ কোনাে পূজা-পাতাল নকৰাকৈ কোনাে বলি-বিসর্জন নিদিয়াকৈ কাৰােৰে মাজত উচ্চ-নীচ ভেদাভেদ জ্ঞান নৰখাকৈ সকলাে হবিভক্তক সমান আসনত ৰাখি হৰিনামৰ ৰসেৰে আটাইৰে মনত পূর্ণতা আনি দিয়া এই মহাপুৰুষজনা হৈছে শ্ৰীমন্ত শংকৰদেৱ। তেওঁ হৰিনামৰ সাম্যমন্ত্ৰৰে উদ্ভাসিত কৰি পৱিত্ৰ বৰপেটা কীৰ্ত্তনঘৰ স্থাপন কৰি গৈছে।

(ট) জগতগুৰুজনাই কেনেদৰে অসমীয়া জাতি গঢ়িছে ?

উত্তৰঃ অসমৰ ঠায়ে ঠায়ে সত্ৰ পাতি নানা শাস্ত্ৰৰ সাৰগর্ভ কথা অসমীয়া ভাষালৈ অনুবাদ কৰি হৰিনাম ধ্বনিৰে সকলােকে একত্র কবি জগতগুৰুজনাই অসমীয়া জাতি গঢ়িছে।

(ঠ) জগতগুৰুজনাৰ কি মহামন্ত্র জপি পাপী-তাপীয়ে মুক্ত হ’ব বাৰু ?

উত্তৰঃ  সকলােকে সমান চকুৰে চাব লাগে- এই মহামন্ত্র জপি পাপী-তাপীয়ে মুক্ত হব পাৰে।

৩। কবিতাটিৰ কথাখিনি তােমাৰ নিজৰ কথাৰে লিখিবলৈ যত্ন কৰা।

উত্তৰঃ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু অসমীয়া জাতি গঢ়াৰ উদ্দেশ্যেৰে অসমৰ বিভিন্ন ঠাইত সত্র স্থাপন কৰিছিল। তেৰাৰ তেনে এখন সত্ৰ হ’ল পৱিত্ৰ বৰপেটা সত্ৰ। কবিয়ে এই বৰপেটা সত্ৰক কাশী, দ্বাৰকা আৰু মথুৰাপুৰীৰ লগত তুলনা কৰিছে। বৰপেটা সত্ৰৰ চৌদিশে কেৱল হৰিনামৰ ধ্বনিহে প্রতিধ্বনিত হয়। সৰু-ডাঙৰ সকলােৱে হৰিনাম কীর্তন কৰি নিজকে ধন্য কৰে। মহাপুৰুষ জনাই প্ৰৱৰ্তন কৰি যােৱা এই হৰি নাম কীৰ্ত্তনে সকলােৰে মন-প্রাণ হৰি নিয়ে। এই হৰিনামৰ ধ্বনি কেৱল বৰপেটা ধামতে শুনা নাযায়। ইয়াক বিভিন্ন উৎসৱ-পাৰ্বর্নত আনকি নৈৰ বুকুৰে নাৱৰীয়াই নাও বাই যাওতেও শুনা যায়।

গুৰুজনাৰ তিথি উৎসৱত ডেকাহঁতে নাও খেল খেলে। এই নাওখেলতাে বঠা ধৰি ডেকাহঁতে কেৱল হৰিনামকে গায়। তাল-খােল-মৃদঙ্গৰে হৰি সংকীৰ্ত্তন কৰাৰ ফলত সুখী-দুখী, পাপী-তাপী সকলাে এক হয়। সকলাে মানৱৰে মহামিলনৰ তীর্থত পৰিণত হয় পবিত্র সত্ৰবােৰ। মহাগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মত কোনাে পূজা-পাতল, বলি-বিধানৰ ব্যৱস্থা নাই। কাকো উচ্চ আসনত কাকো নিম্ন আসনত ৰখা নহয়। সকলে হৰিভক্তকে সমান স্থান দিয়া হয় শংকৰদেৱ প্ৰৱৰ্ত্তিত নৱবৈষ্ণৱ ধৰ্মত। আমার জনমভূমি পৱিত্ৰ অসমত বিভিন্ন জাতি-জনগােষ্ঠীৰ লােকৰ মাজত সাম্য আদর্শ প্ৰচাৰ কৰি, নানা তত্ত্বগধুৰ শাস্ত্ৰৰ কথা অসমীয়া ভাষাত ৰচনা কৰি মহাপুৰুষজনাই আমাৰ মাতৃভাষাক পূর্ণতা দিলে। মহাপুৰুষজনাৰ এই সাম্যমন্ত্ৰেৰে দীক্ষিত হৈ মানুহে এই সংসাৰৰ সকলাে শােক-তাপৰ পৰা মুক্তি লাভ কৰিব পাৰে কেৱল হৰিনাম জপি। সকলােৰে প্ৰাণত বিশ্বভাতৃত্বৰ ভাৱ জগাই তুলিব পাৰে কেৱল হৰিনামৰ ধ্বনিয়ে এই ধৰাত।

৪। বাক্য ৰচনা কৰা।

পৰাণ, মহিমা, নিজান, আৱাহন, উচ্চ-নীচ

উত্তৰঃ পৰাণ :- অসমৰ বৰপেটা ধামৰ হৰিনামৰ দৃশ্যই সকলােৰে পৰাণ জুৰাব পাৰে।

মহিমা :- নাৱৰীয়াবােৰে নাও বাই বাই বৰনৈৰ বুকুত হৰিৰ মহিমা গায়।

নিজান :- নিজান বননিত ঝিলীৰ মাতে আমাৰ দেহত তােলে অন্য এক শিহৰণ।

আৱাহন :- শুদ্ধ অন্তৰেৰে ভগৱানক আৱাহন কৰিলেহে তেওঁৰ কৃপা লাভ কৰিব পাৰি।

উচ্চ-নীচ :- শ্ৰীমন্তশংকৰদেৱ প্ৰৱৰ্তিত নৱবৈষ্ণৱ ধৰ্মত উচ্চ-নীচ ভেদা-ভেদৰ স্থান নাই।

৫। খালী ঠাই পূৰ কৰা।

বাটেৰে যােৱা লােক যি = বাটৰুৱা

নাও বায় যি = …………………….

নৈত নাৱেৰে বেপাৰ কৰে যি = ………………………

হাল বায় যি = ……………………..

খেল খেলে যি =……….…………………

বাঁহ-বেতৰ কাম কৰে যি =…………………..

উত্তৰঃ বাটেৰে যােৱা লােক যি = বাটৰুৱা।

নাও বায় যি = নাৱৰীয়া।

নৈত নাৱেৰে বেপাৰ কৰে যি = সদাগৰ।

হাল বায় যি = হালােৱা।

খেল খেলে যি = খেলুৱৈ।

বাঁহ-বেতৰ কাম কৰে যি =…………………..

৬। পঢ়া আৰু লিখা।

সুখী + দুখী = সুখী-দুখী।

পাপী + তাপী = ……………………..

উচ্চ + নীচ = ……………………….

শােক + তাপ = ……………………..

গছে + পাতে =………………………

তাল + খােল = ……………………..

উত্তৰঃ সুখী + দুখী = সুখী-দুখী।

পাপী + তাপী = পাপী-তাপী।

উচ্চ + নীচ = উচ্চ-নীচ।

শােক + তাপ = শোক-তাপ।

গছে + পাতে = গছে-পাতে।

তাল + খােল = তাল-খােল।

৭। পঢ়া, বুজা আৰু লিখা ?

আকাশ – আকাশী।

বন – ……………….

ধন – …………………

পাপ -………………..

তাপ – ………………..

সুখ-……………….

দুখ – ……………..

মান – ……………….

হাবি – ………………..

কাঠ -…………………

শাক -…………………

বাদাম -………………

গোলাপ-……….………..

দাগ – ………………..

কপাহ – …..…………….

দৰদ -…………………..

উত্তৰঃ আকাশ – আকাশী।

বন – বননি।

ধন -ধনী।

পাপ – পাপী।

তাপ – তাপী।

সুখ- সুখী।

দুখ – দুখী।

মান – মানী।

হাবি – হাবিয়নি।

কাঠ – কাঠনি।

শাক – শাকনি।

বাদাম -বাদমী।

গোলাপ – গোলাপী।

দাগ – দাগী।

কপাহ – কপাহী।

দৰদ – দৰদী।

৮। তলৰ উদাহৰণটো চাই বাকীকেইটা নিজে কৰা।

উচ্চ + আসন = উচ্চাসন।

নীচ + আসন =…………..

হিম + আলয় =………….

মহা + আশয় =…………..

কুশ + আশন =…………..

নিম্ন + আসন =….………..

নীল + আচল =……………

উত্তৰঃ  উচ্চ + আসন = উচ্চাসন।

নীচ + আসন = নীচাসন।

হিম + আলয় = হিমালয় ।

মহা + আশয় = মহাশয়।

কুশ + আশন = কুশাসন।

নিম্ন + আসন = নিম্নাসন।

নীল + আচল = নীলাচল।

৯। তােমাৰ জনমভূমিখন বিশেষ কোনাে কথাৰ বাবে বিশেষত্বপূর্ণ নেকি ? যদি হয়, তেন্তে জনমভূমিখনক লৈ এই কবিতাটোৰ আৰ্হিত ৰচনা কৰিবলৈ যত্ন কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক/শিক্ষয়ত্রী বা জেষ্ঠজনৰ পৰামৰ্শ লৈ এনে কবিতা লিখিবলৈ চেষ্টা কৰিব।

১০। কবিতাটোত উল্লেখ থকা বাদ্যযন্ত্রসমূহৰ উপৰিও তুমি জনা আনবাআন বাদ্যযন্ত্রৰ নাম লিখা আৰু যিকোনাে এবিধৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ বৰপেটা’ কবিতাটোত উল্লেখ থকা খােল, তাল, মৃদঙ্গৰ বাহিৰে আন কেইবিধমান বাদ্যযন্ত্র হ’ল দোতা, একতাৰা, খঞ্জী, নাগাৰা, ডবা, বাঁহী, তবলা, সুতুলি, টকা, গগণা, হাৰমনিয়াম ইত্যাদি। উক্ত বাদ্যযন্ত্রকেইবিধৰ ভিতৰত মােৰ ভাল লাগে আটাইতকৈ বাঁহী। বাঁহী সাধাৰণতে বাঁহ গছৰপৰা তৈয়াৰ কৰা হয়। বাঁহৰ বিভিন্ন প্রজাতিৰ ভিতৰত বিজুলী বাঁহৰ পৰা তৈয়াৰ কৰা বাঁহীয়েই বেছি পােৱা যায়। এই বাঁহীত চাৰিটাৰ পৰা ছয়/সাতলৈকে ফুটা থাকে। এফালে মূৰত মুখেৰে ফুৱাই ফুটাবােত আঙুলি বুলাই বিভিন্ন সুৰৰ মুৰ্ছনা তােলা হয় । অসমৰ বিভিন্ন জনগােষ্ঠীৰ নিজা নিজা বাঁহী আছে, প্রত্যেকৰে সুকীয়া সুকীয়া নামো আছে। উদাহৰণস্বৰূপে এইখিনিতে বড়ােসকলৰ চিফুং বাঁহীৰ কথা উল্লেখ কৰিব পাৰি।

১১। কাশীপুৰী’ ‘মথুৰাপুৰী’ নামৰ ঠাইৰ দৰে পুৰী’ শব্দটো থকা তুমি জনা আন ঠাইৰ নাম লিখা।

উত্তৰঃ নিজে কৰা।

১২। চমুটোকা লিখা।

বৰপেটা ধাম।

উত্তৰঃ বৰপেটা ধাম :- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্রতিষ্ঠা কৰা সত্ৰসমূহৰ ভিতৰত এক অন্যতম প্রধান সত্ৰ হ’ল বৰপেটা সত্ৰ। ই নামনি অসমৰ বৰপেটা জিলাত অৱস্থিত। বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰ অসম বিখ্যাত। প্রতিবছৰে ইয়াত ফাকুৱা বা দৌল উৎসৱ মহা আড়ম্বৰেৰে পালন কৰা হয়। বৰপেটা সত্ৰৰ নামঘৰত এগছি অক্ষয় বক্তি আছে। কথিত আছে যে এই বস্তিগছি শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা দিনৰেপৰা জ্বলি আছে। বৰপেটা সত্ৰৰ চাৰিওফালে বছৰৰ প্ৰতিটো দিনতে হৰিনামৰ কীৰ্ত্তন কৰা হয়। সত্ৰীয়া সংস্কৃতিৰ এক অন্যতম পীঠস্থান হিচাপে বৰপেটা সত্ৰই এক উল্লেখযােগ্য স্থান অধিকাৰ কৰি আছে।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। পূর্ণ ব্ৰহ্ম অৱতাৰ’ বুলি কাক কোৱা হৈছে ?

উত্তৰঃ ‘পূর্ণ ব্রহ্ম অৱতাৰ বুলি’ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বুজোৱা হৈছে।

২। বৰপেটা সত্ৰৰ অণু, বালিকণা, পৰমাণুৱে কি শুনে ?

উত্তৰঃ ৰপেটা সত্ৰৰ অণু, বালিকণা, পৰমাণুৱে সদায় হৰিগুণ গানশুনিবলৈ পায়।

৩। কবিৰ মতে আকাশী চৰায়ে কি বুলি মাতে ?

উত্তৰঃ কবিৰ মতে আকাশী চৰায়েও ‘ৰামবােল হৰিবােল’ বুলি মাতে।

৪। কবি শৈলধৰ ৰাজখােৱাক কি কবি বুলি জনা যায় ?

উত্তৰঃ কবি শৈলধৰ ৰাজখােৱাক “নিজৰাৰ কবি’ ৰূপে জনা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top