Assam Jatiya Bidyalay Class 6 Assamese Chapter 12 বুদ্ধিয়ক টেটোন

Assam Jatiya Bidyalay Class 6 Assamese Chapter 12 বুদ্ধিয়ক টেটোন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 বুদ্ধিয়ক টেটোন Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 12 বুদ্ধিয়ক টেটোন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 12 বুদ্ধিয়ক টেটোন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বুদ্ধিয়ক টেটোন

Chapter – 12

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। বাক্যত উত্তৰ লিখা।

(ক) টেটোনক ঘৰৰখীয়া কৰি ঘৰৰ বাকীবােৰ মানুহ ক’লৈ গৈছিল ?

উত্তৰঃ টেটোনক ঘৰৰখীয়া কৰি ঘৰৰ বাকীবােৰ মানুহে খেতি আৰু মাছধৰা কামত গৈছিল। দেউতাকে হাল বাবলৈ, মাকে ভূঁই ৰুবলৈ আৰু বায়েকে মাছ মাৰিবলৈ গৈছিল।

(খ) ভিনিহিয়েকে টেটোনক কি সুধিছিল আৰু তাৰ উত্তৰত টেটোনে কি কৈছিল ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ভিনিহিয়েকে টেটোনক প্রথমতে, বাপেৰ আছেনে ঘৰত?’ বুলি সুধিছিল। টেটোনে উত্তৰত কৈছিল “পিতাই পাতাল ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গ’ল।” তাৰ পিছত ভিনিহিয়েকে “মাৰ ক’ত হেৰৌ ?” বুলি সােধাত টেটোনে উত্তৰ দিলে, “আই গৈছে সাদিনীয়া পইতা খাই মৰাক জীয়াবলৈ।” ইয়াৰ পিচত ভিনিহিয়েকে-“বায়েৰ একা?” বুলি সােধাত টেটোনে উত্তৰ দিলে, “বাই গ’ল সাগৰ চালি মাণিক তুলিবলৈ ?”

(গ) টেটোনক কিয় ঘৰৰ পৰা খেদি পঠিওৱা হৈছিল ?

উত্তৰঃ ভিনিহিয়েকে খুলশালীয়েক টেটোনৰ মুখৰপৰা অকোৱা-পকোৱা উত্তৰ শুনি খঙত একো নাই হৈ শহুৰেকৰ ঘৰৰ পৰা উভতি গৈছিল। পিছত ঘৰৰ মানুহে সকলাে কথা জানি ভিনিহিয়েকক অনাদৰ কৰাৰ দোষত টেটোনক জগৰীয়া কৰি ঘৰৰ পৰা খেদি পঠিয়াইছিল।

(ঘ) টেটোনক কোনে আৰু কিয় বান্ধিছিল ?

উত্তৰঃ ঘৰৰপৰা খেদা খােৱাৰ পিছত টেটোনে মনৰ দুখত ভােকে-পিয়াহে আতুৰ হৈ বাটে বাটে গৈ থাকোতে এটা চোৰৰ দলক লগ পায় আৰু চোৰৰ দলটিৰ লগত নিশা এঘৰত চুৰ কৰিবলৈ যায়। পিছে সিন্ধি খান্দি ঘৰৰ ভিতৰ সােমাই আন্ধাৰে-মুন্ধাৰে বস্তু বিচাৰতে এটা ফটা ঢােলত টেটোনৰ হাত পৰাত ঢােলৰ শব্দ শুনি সাৰ পাই গৃহস্থই টেটোনক বান্ধিছিল আৰু বিচাৰৰ বাবে ৰাজচ’ৰালৈ লৈ গৈছিল।

(ঙ) গৰুৰ গৰাকীয়ে কিয় ৰজাক গােচৰ দিবলৈ ওলাইছিল ?

উত্তৰঃ টেটোনে একেমাৰে গৰু এটা মাৰি পেলােৱা বাবে গৰুৰ গৰাকীয়ে ৰজাক গােচৰ দিবলৈ ওলাইছিল।

(চ) টেটোনৰ তৃতীয় জগৰটো কি আছিল ?

উত্তৰঃ টেটোনৰ তৃতীয় জগৰটো আছিল বুঢ়ী পােহাৰী এগৰাকীক বুকুত গােৰ মাৰিছিল।

(ছ) জগৰীয়া টেটোনে বিচাৰ চ’ৰাত ৰজাক কি বুলি উত্তৰ দিছিল ?

উত্তৰঃ জগৰীয়া টেটোনে ৰজাৰ বিচাৰ চ’ৰাত প্ৰথমটো গােচৰৰ উত্তৰত ৰজাক প্রশ্ন কৰিছিল যে চোৰেনাে ক’ৰবাত ঢােল বজাই গৃহস্থক জগাইনে ?

দ্বিতীয়টো গােচৰৰ উত্তৰতে টেটোনে কৈছিল যে সি একো জগৰ লগােৱা নাই। গৰুৰ গৰাকীয়ে তাৰ গৰুটো একেমাৰে কোনােবাই মাৰক বুলি কোৱাতহে সি একেমাৰে মাৰিছে। কথাটো সঁচা নে মিছা গৰুৰ গৰাকীক সুধিবলৈ সি ৰজাক অনুৰােধ জনালে।

তৃতীয়টো গােচৰৰ উত্তৰত টেটোনে ৰজাক কৈছিল যে বুঢ়ীয়ে পইচা দি কল আষি লৈ বুকুত গােৰ মাৰিবলৈ কোৱাতহে সি বুঢ়ীৰ বুকুত গুৰিয়াইছিল। তাৰ গাত একো দোষ নাই।

(জ) ৰজাই টেটোনক কিয় ধন দিবলগীয়া হৈছিল ?

উত্তৰঃ ৰজাই তিনিওটা জগৰত টেটোনক নির্দোষী বুলি ৰায় দিয়াত গুচৰীয়াবােৰ তলমূৰ হৈ গুচি গৈছিল। পিছত টেটোনে ৰজাক উভতি ধৰি ক’লে যে, “স্বৰ্গদেউ ঈশ্বৰ, ন্যায়শােধা ফুকন ভাঙৰীয়াই তিনিওটা গােচৰৰ মই দিয়া তিনিওটা উত্তৰ এশটকীয়া, হাজাৰটকীয়া আৰু লাখটকীয়া বুলি কৈছিল। এতিয়া স্বৰ্গদেউ ঈশ্বৰে সেই ধন মােক দিব লাগে।” অৱশেষত ৰজাই উপায়ন্তৰ হৈ টেটোনৰ বুদ্ধিক শলাগি তাক সেই ধন দিবলৈ বাধ্য হ’ল।

(ঝ) তগৰ কোন ? তগৰে টেটোনক কিয় মাতিছিল ?

উত্তৰঃ তগৰ হ’ল স্বৰ্গদেউৰ ন্যায়সােধা ফুকনৰ জীয়েক। ঘৰৰ আগতে টোম এটাৰে সৈতে টেটোনে চিঞৰি আছিল যে তাক যিয়ে মনৰ হেঁপাহ পূৰ হােৱাকৈ এসাজ ভাত খুৱাব তাক এক লাখ টকা দিব। তগৰে টেটোনৰ চিঞৰ শুনি টকা নাপালে ৰগৰকে কৰা যাওক বুলি লিগিৰীৰ হতুৱাই টেটোনক মাতি নিছিল।

(ঞ) তগৰক টেটোনে টোমটো কিয় দিছিল ?

উত্তৰঃ টেট্রোনৰ কথামতে তগৰে তাক আদৰ-সকাৰ কৰি ভাত খুওব্রাত সন্তুষ্ট হৈ টেটোনে ধনৰ টোমটো তগৰক দিছিল।

(ট) টেটোনে ৰজাক কি প্রশ্ন সুধিছিল আৰু উত্তৰত ৰজাই কি বুলি কৈছিল ?

উত্তৰঃ “কোমে, কাৰ ধন ৰাখি, কাক গা-পা ধুৱাই, বৰ পীৰা পাৰি বহুৱাই, ভাত খুৱাই দি, শৰাইত তামােল-পাণ যাঁচে?” এইবুলি টেটোনে ৰজাক প্রশ্ন সুধিছিল। ৰজাইও “হেৰ’ এইটোনাে সুধিব লগা কথানে ? ঘৈণীয়েকে গিৰীয়েকক এনে কৰে আকৌ ?” বুলি উত্তৰত টেটোনক কৈছিল।

(ঠ) ন্যায়শােধা ফুকনৰ কিয় খং উঠিছিল আৰু শেষত সেই খং কিদৰে আঁতৰিল ?

উত্তৰঃ নিজৰ বুদ্ধিৰে টেটোনে ন্যায়শােধা ফুকনৰ জীয়েক তগৰক বিয়া কৰাব খােজাত ফুকনৰ খং উঠিছিল। ন্যায়াশােধা ফুকনে খঙত একো নাই হৈ হেংদাঙেৰে টেটোনক কাটিবলৈ উদ্যত হােৱাত ৰজাই ন্যায়শােধা ফুকনক বুজনি দিলে। ৰজাই ক’লে যে টেটোন বুদ্ধিত বৃহস্পতি, এনে বুদ্ধিমান জোঁৱাই পালে ফুকনৰ গৌৰৱ বাঢ়িবহে। তগৰেও টেটোনক গিৰীয়েক হিচাপে পাই ভালেই পাব বুলিও ৰজাই ফুকনক ক’লে। ৰজাই টেটোনক তামুলী বৰুৱাৰ বিষয়বাব দি ৰজাৰ বিষয়া কৰিলে। গতিকে আত্মসম্মানত আঘাত লাগিব বুলি ন্যায়সােধা ফুকনে মিছাতে খং কৰাৰ কোনাে যুক্তি নাই। ৰজাৰ এই বুজনি শুনি ন্যায়সােধা ফুকনৰ খং আঁতৰিল।

২। কোনে, কাক আৰু কিয় কৈছিল ?

(ক) “এতেকে তগৰৰ সৈতে মোৰ বিয়া পাতি দিব লাগে।”

উত্তৰঃ উক্ত কথাষাৰ টেটোনে ৰজাক কৈছিল কাৰণ ৰজাই দিয়া উত্তৰ ন্যায়শােধা ফুকনৰ জীয়েক তগৰ টেটোনৰ ঘৈণীয়েক হ’বৰ বাবে উপযুক্ত।

(খ) “কটা যােৱা বন্দী, তােক মই এতিয়াই এই হেংদাঙেৰে কাটি দুখণ্ড কৰিম।”

উত্তৰঃ উক্ত কথাষাৰ ন্যায়শােধা ফুকনে টেটোনক কৈছিল। টেটোনে নিজ বুদ্ধিৰে ন্যায়শােধা ফুকনৰ জীয়েক তগৰক বিয়া কৰাব খােজাত ফুকনে খঙত একো নাই হৈ এনেদৰে কৈছিল।

৩। বাক্য সাজা।

(ক) কপাল ফুল, গপত গংগাটোপ, আঁকোৱা-পকোৱা, আদৰ-সৎকাৰ, আহল-বহল, লগুৱা-লিকচৌ, বুদ্ধিত বৃহস্পতি, জীৱন-যাপন।

উত্তৰঃ কপাল ফুল (সৌভাগ্য উপস্থিত হােৱা) :- ৰিংকুৱে গাঁৱতে চাকৰিটো পােৱা বাবে কপাল ফুলিল।

গপত গংগাটোপ (নিজকে বহু জ্ঞানী বুলি ভবা) :- টেটোনৰ ভিনিহিয়েক গপত গংগাটোপ যেন, মানুহক ব্যৱহাৰ কৰিব নাজানে।

আঁকোৱা-পকোৱা (বেঁকা)- পাহাৰীয়া আঁকোৱা :- পকোৱা ৰাস্তাৰে নিশাৰ ভাগত গাড়ী চলাই যােৱাটো বিপদজনক।

আদৰ-সৎকাৰ (শুশ্রুষা কৰা ) :- গাঁৱৰ অসমীয়া লােকসকলে আলহী-অতিথিক খুব ভালদৰে আদৰকাৰ কৰে।

আহল-বহল :- মানসীহঁতৰ চোতালখন বেছ আহলবহল।

লগুৱা-লিকচৌ (চাকৰ-নাকৰ) :- লগুৱালিকচৌৰে সৈতে টেটোন তামুলী বৰুৱা হৈ মহাসুখত দিন কটাইছে।

বুদ্ধিত বৃহস্পতি (অতি টেঙৰ) :- চন্দ্রনাথ গাঁৱৰ ভিতৰত বুদ্ধিত বৃহস্পতি, যাৰেই কিবা অসুবিধা নহওক সি উপায় ভাবি উলিয়াবই।

জীৱন-যাপন :- সৰল জীৱন-যাপনে মানুহক সৎ পথত থকাত সহায় কৰে।

(খ) প্রথমে অর্থ জানি ল’বা আৰু তাৰ পাছত বাক্য সাজিবা-

কপাল ফুট, গা-ধৰ, গা-এৰ, পেট-পা, পেট-ভাটৌ, পেটে-পেটে, চকু-চৰহা, চকু ৰাখ, কঁকাল পৰ, হাত-লৰ।

উত্তৰঃ কপাল ফুট (দুর্ভাগ্য উপস্থিত হােৱা) :- নীৰেণৰ আজি ইটো, কালি সিটোকৈ যিদৰে বিপদবােৰ আহিছে তাৰ কপাল ফুটা বুলিয়েই ক’ব পাৰি, পৰীক্ষাতত মাত্র দুই নম্বৰৰ বাবে প্রথম বিভাগ নাপালে।

গা-ধৰ (শকত/স্বাস্থ্য হােৱা) :- ভ্ৰমণৰ পৰা অহাৰ পিছত তাৰ গা-ধৰিছে।

গা-এৰ (সম্পৰ্ক এৰা) :- সকলাে কথাত গা-এৰা দিলে জীৱনত উন্নতি কৰিব নােৱাৰি ।

পেট-পা (আনৰ মনৰ ভাৱ জান) :- প্রদীপ যিহে নিবােকা ল’ৰা, পেট- পাবলৈ টান।

পেট ভাটৌ (টেঙৰ, কথা পেটত ৰখা মানুহ) :- পেট ভাটো স্বভাৱৰ মানুহৰ ওচৰত সাৱধান নহ’লে বিপদত পৰিব লগা হ’ব পাৰে।

পেটে পেটে (মনে মনে) :- নিজৰ ভায়েকৰ সলনি ৰবীনে চাকৰিটো পােৱাত হীৰেণে পেটে পেটে বেয়া পালেও মুখত ভাল পােৱা বুলিয়েই ক’লে।

চকু চৰহা (হিংসাকুৰীয়া, ঈর্ষাপৰায়ণ) :- চকু চৰহা লােকে কেতিয়াও আনৰ উন্নতি সহ্য কৰিব নােৱাৰে ।

চকু ৰাখ (সাৱধান হােৱা) :- সৰু ল’ৰা ছােৱালীবােৰে ৰাস্তা পাৰ হওঁতে ডাঙৰবােৰে চকু ৰাখিব লাগে।

ককাল পৰ (শক্তিহীন হােৱা, দুর্বল হােৱা) :- গােটেই জীৱনটো হাড়ভগা পৰিশ্ৰম কৰা বাবে কাতিবামৰ আদ বয়সতেই ককাল পৰিল ; বিছনামানেই তাৰ এতিয়া সাৰথি।

হাত লৰ (চোৰ স্বভাৱৰ) :- মানুহজনীৰ হাত লৰ স্বভাৱটোৰ বাবেই সকলােৱে সন্দেহৰ চকুৰে চায় ।

হত দীঘল (ক্ষমতাশালী) :- হাত দীঘল লােকেই আজিৰ সমাজত আগস্থান পায়।

৪। বুজা আৰু লিখা।

বুদ্ধি + অক = বুদ্ধিয়ক।

বন + অনি = ……………..

ল’ৰা + আলি =………………

মাটি + ঈয়া =………………..

লগ + অৰীয়া =……………….

মৰম + ইয়াল =……………….

শেষ + অতীয়া =………………..

উত্তৰঃ  বুদ্ধি + অক = বুদ্ধিয়ক।

বন + অনি = বননি।

ল’ৰা + আলি = ল’ৰালি।

মাটি + ঈয়া = মটীয়া।

লগ + অৰীয়া = লগৰীয়া।

মৰম + ইয়াল = মৰমিয়াল ।

শেষ + অতীয়া = শেহতীয়া।

পাঠভিত্তিক ব্যাকৰণৰ আলােচনা

১। পূর্বসর্গ বা উপসর্গ আৰু পৰসর্গ বা প্রত্যয় কাক বােলে ?

উত্তৰঃ যিবােৰ চিন ধাতু বা শব্দৰ মূল ৰূপৰ আগত বহে, সেইবােৰক পূর্বসর্গ বা উপসর্গ বােলে। আনহাতে যিবােৰ চিন ধাতু বা শব্দৰ মূলৰূপৰ পিছত বহে সেইবােৰক পৰসৰ্গ বা প্রত্যয় বােলা হয়।

২। প্রত্যয় মূলত কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ প্রত্যয় মূলত দুই প্রকাৰৰ – কৃৎ প্রত্যয় আৰু তদ্ধিত প্রত্যয়। 

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। গৰুহালৰ গৰাকীয়ে গৰুটোক কি বুলি কৈছিল ? কিয় তেনেকৈ কৈছিল ?

উত্তৰঃ গৰুহালৰ গৰাকীয়ে গৰুটোক ‘কটা যােৱা গৰু, কোনােবাই তােক একে মাৰে মাৰি পেলােৱা হ’লে হেৰেী” বুলি কৈছিল। কাৰণ গৰুটোৱে জঁপিয়াই দৌৰি তেওঁক আমনি কৰিছিল।

২। কলৰ পােহাৰ মেলা বুঢ়ীয়ে গ্রাহকক কি কৈ আছিল ?

উত্তৰঃ কলৰ পােহাৰ মেলা বুঢ়ীয়ে গ্রাহক এইবুলি কৈ আছিল যে-

“ধন দে

কলআষি নে।

বুকুত মাৰ গোৰ

ঘৰলৈ ঘূৰ।”

৩। টেটোনে এসাজ ভাত খুৱালে এক লাখ টকা দিব বুলি কোৱাত বাটৰ মানুহে কি বুলি ভাবিছিল ?

উত্তৰঃ মনৰ হেঁপাহ পূৰ হােৱাকৈ এসাজ ভাত খুৱালে এক লাখ টকা দিম বুলি কোৱাত বাটৰ মানুহে টেটোনক পগলা হােৱা বুলি ভাবিছিল।

৪। তগৰে প্ৰথমতে টেটোনক ক’ত ভাত খাব দিব খুজিছিল ?

উত্তৰঃ তগৰে প্ৰথমতে টেটোনক পিৰালিতে ভাত দিব খুজিছিল।

৫। তগৰক ধনৰ টোমটো দি অহাৰ কিমান দিনৰ পিছত টেটোন গৈ ৰাজচ’ৰা ওলাইছিল ?

উত্তৰঃ তগৰক ধনৰ টোমটো দি অহাৰ এপষেক অথাৎ পােন্ধৰ দিনৰ পিছত টেটোন গৈ ৰাজচ’ৰা ওলাইছিল।

৬। ৰজাই টেটোনক কি বিষয়া পাতিছিল ?

উত্তৰঃ ৰজাই টেটোনক তামুলী বৰুৱা বিষয়াৰ বাব দিছিল। অর্থাৎ টেটোনৰ নাম হৈছিল টেটোন তামুলী বৰুৱা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top