Assam Jatiya Bidyalay Class 5 Science Chapter 2 জীৱ আৰু পৰিৱেশ

Assam Jatiya Bidyalay Class 5 Science Chapter 2 জীৱ আৰু পৰিৱেশ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 জীৱ আৰু পৰিৱেশ Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Science Chapter 1 জীৱৰ বৈশিষ্ট্য Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 1 জীৱৰ বৈশিষ্ট্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱ আৰু পৰিৱেশ

Chapter – 2

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১ । পৰিৱেশ বুলিলে কি বুজা যায় লিখা।

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ থকা ঠাইক আবাক বোলে। আবাস আৰু ইয়াৰ চাৰিওফালৰ অৱস্থাক পৰিৱেশ বোলে। জীৱ থকা ঠাইৰ অৱস্থা বুলিলে থকা ঠাইখিনি মাটি নে পানী , মাটি হলেই ই সমাননে পাহাৰ আদি বুজোৱা হয়। সেইদৰে ঠাইখিনিত থকা আন  জীৱবোৰ কি কি ,  ঠাই ডোখৰ কিমান গৰম বা ঠাণ্ডা আদি সকলোবোৰ কথা পৰিবেশৰ অন্তৰ্ভুক্ত।

২ । পানীত হোৱা উদ্ভিদৰ শিপাবোৰ কেনেকুৱা ?

উত্তৰঃ পানীত হোৱা উদ্ভিদৰ শিপাবোৰ চুটি আৰু কোমল । শিপাবোৰ থোপা বান্ধি থাকে । শিপাবোৰৰ গঠন সুকীয়া  বাবে পানীত জীয়াই থাকিব পাৰে।

৩ । অভিযোজন বুলিলে কি বুজা লিখা।

উত্তৰঃ সকলো জীৱই বিভিন্ন উপায় বা কৌশলৰ সহায়ত নিজৰ পৰিৱেশৰ লগত খাপ খাবলৈ চেষ্টা কৰে। পৰিবেশৰ লগত খাপ খাবলৈ লোৱা এই উপায় বা কৌশলবোৰক অভিযোজন বোলে।

৪ । পানীত হোৱা উদ্ভিদবোৰে ওপঙি থাকিবলৈ কি অভিযোজন কৰে ?

উত্তৰঃ পানীত হোৱা উদ্ভিদ বোৰৰ পাত আৰু ঠাৰিবোৰ কোমল আৰু থোপোকা। মেটেকা পাতৰ ঠাৰি কোমল আৰু ওফন্দি উঠা। ইয়াত বায়ু সোমাই থকা বাবে মেটেকা পানীত সহজে পানীত ওপঙি থাকিব পাৰে।

৫ । মাছে পানীত চলাচল কৰিবলৈ কিয় সুচল পায় ?

উত্তৰঃ মাছৰ গাটো চেপেটা, মাজভাগ বহল। মূৰ আৰু নেজৰ  ফালে চিঞা, ঠেক। মাছৰ গাৰ গঠন নাও এখনৰ দৰে। মাছৰ ফিজা এখনো থাকে। মাছৰ ফিজৰ উপৰিও পিঠিত , পেটত আৰু মুৰটোৰ তলত থকা কাণ দুখন এৰি সোঁফালে আৰু বাওঁফালে পাখি থাকে। সেয়েহে মাছে ফিছা আৰু পাখিৰ সহায়ত অনায়াসে পানীত চলাচল কৰিব পাৰে।

৬ । হাঁহৰ ঠেঙৰ আঙুলীবোৰ পাতল ছালেৰে জোৰা লগা। এনেদৰে পতা লাগি নথকা হলে কি অসুবিধা হ’হেতেন ?

উত্তৰঃ হাঁহৰ ঠেঙৰ আঙুলীবোৰ পাতল ছালেৰে জোৰা লগা। এনেদৰে পতা লাগি নথকা হ’লে হাঁহে পানীত সাতুৰিব নোৱাৰিলে হেতেন।

৭। উটৰ কুজটোৰ উপযোগিতা কি ?

উত্তৰঃ উটৰ কুজটোত অধিক পৰিমাণে পানী আৰু চৰ্বী জমা হৈ থাকে। মৰুভূমিত ঘূৰি ফুৰোঁতে খোৱা খাদ্য আৰু পানী নাপালেও উটে জমা কৰি ৰখা পানী আৰু চৰ্বী ব্যৱহাৰ কৰি ঘুৰি ফুৰিবলৈ শক্তি পায়।

৮। পৰ্বতৰ প্ৰাণীবোৰৰ গাত দীঘল নোম কিয় থাকে ?

উত্তৰঃ  পৰ্বতত শীতৰ প্ৰকোপ অতি বেছি। সেয়েহে পৰ্বতত বাস কৰা প্ৰাণীবিলাকৰ গাৰ নোম অতি দীঘল হোৱা বাবে শীতৰ প্ৰকোপৰ পৰা অনায়াসে ৰক্ষা পৰে।

৯। তিনিবিধ বাকলি থকা মাছৰ নাম আৰু তিনিবিধ বাকলি নথকা মাছৰ নাম লিখা।

উত্তৰঃ বাকলি থকা মাছ _ৰৌ, ভকুৱা, কাৱৈ।

বাকলি নথকা মাছৰ নাম __মাগুৰ, বৰালি, পাভ।

১০। কিছুমান পোক-পৰুৱা পানীৰ ওপৰেদি কিয় সহজে অহা-যোৱা কৰিব পাৰে।

উত্তৰঃ পানীৰ ওপৰেদি অহা-যোৱা কৰা পোকবোৰৰ ঠেঙৰ গঠন বিশেষ ধৰণৰ। কিছুমান লোকৰ ঠেঙবোৰ দীঘল সেয়েহে পানীৰ ওপৰে ওপৰে জপিয়াই খোজ কাঢ়িব পাৰে। আনহাতে আন কিছুমান পোকৰ ঠেঙবোৰ বঠাৰ দৰে, সেয়েহে পানীত অহা-যোৱা কৰিবলৈ সুবিধা হয়।

১১। ভেকুৰে কিয় নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে ?

উত্তৰঃ ভেঁকুৰ উদ্ভিদ হলেও ভেকুৰৰ গাত পত্ৰহৰিতৎ নাথাকে। সেয়েহে ভেকুৰে নিজৰ খাদ্য তৈয়াৰ কৰি লব নোৱাৰে।

১২। কেকটাছৰ পাতবোৰ কাইটলৈ ৰূপান্তৰ হোৱাৰ কাৰণ কি ?

উত্তৰঃ কেকটাছৰ পাতবোৰ কাঁইটীয়া হোৱাৰ কাৰণে পানী গছৰ বাহিৰলৈ ওলাই যাব নোৱাৰে। অইন গছৰ দৰে কেকটাছৰ পাত নাথাকে।

অতিৰিক্ত প্ৰশ্নোত্তৰ

১ । শেলাই কি ?

উত্তৰঃ শেলাই এবিধ উদ্ভিদ। কিন্তু শেলাইত অইন উদ্ভিদৰ দৰে শিপা-গা-গছ, ডাল-পাত আৰু ফুল আদি অংশবোৰ নাথাকে।

২ । জীয়াই থাকিবলৈ জীৱই কেনেকুৱা পন্হা অৱলম্বন কৰে ?

উত্তৰঃ জীয়াই থাকিবলৈ জীৱই পৰিৱেশৰ লগত খাপ খাবলৈ যত্ন কৰে। নিজৰ প্ৰয়োজন খাদ্য গোটাব লাগিব। তদুপৰি আন জীৱৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব।

৩। উদ্ভিদৰ ৰংবোৰ সেউজীয়া কেলেই ?

উত্তৰঃ ক্ল’ৰফিল থকা বাবে উদ্ভিদৰ ৰংবোৰ সেউজীয়া হয়।

৪। মাছে কেনেকৈ অক্সিজেন গ্ৰহণ কৰে ?

উত্তৰঃ মাছে ফুলৰ সহায়ত অক্সিজেন গ্ৰহণ কৰে।

৫। চিৰ সেউজীয়া গছ কাক বোলে ?

উত্তৰঃ যিবোৰ গছৰ পাত গোটেই বছৰ ধৰি নসৰাকৈ থাকে তাকে চিৰ সেউজীয়া গছ  বোলে।

৬। ভেকুলী কিয় মাটিতো থাকিব পাৰে পানীটো থাকিব পাৰে ?

উত্তৰঃ ভেকুলিয়ে জন্মৰ পিছতে পানীত কটাই। ভেকুলীৰ এই অৱস্থা টোক লালুকী বোলে। লালুকীৰ ফুল থাকে। ফুলৰ সহায়ত পানীৰ পৰা অক্সিজেন গ্ৰহণ কৰে। ডাঙৰ হৈ অহাৰ লগে লগে ভেকুলীৰ শৰীৰৰ গঠন বেলেগ হয়।ই মাটিত জীয়াই থাকিবলৈ উপযোগী হয়। ভেকুলীৰ আগ ঠেং কেইখন পিছ ঠেং দুখনতকৈ চুটি। দীঘল পিছ ঠেং কেইখনত ভৰ দি ভেকুলীয়ে সহজতে মাটিত জপিয়াই ফুৰিব পাৰে। ভেকুলীৰ ঠেঙৰ আঙুলি বোৰ এটা আনটোৰ লগত পাতল ছালেৰে লগ লগোৱা। সেয়েহে ভেকুলিয়ে ঠেঙৰ সহায়ত পানীত সাঁতুৰিব পাৰে।

৭। উটৰ ঠেং কেইখনৰ খুড়াকেইটা ফাট মেলাৰ ফলত সুবিধা কি ?

উত্তৰঃ উটৰ ঠেং কেইখনৰ খুড়াকেইটা ফাট মেলা বাবে মৰুভূমিৰ তপত বালিৰ ওপৰত উটে অনায়াসে খোজ কাঢ়িব পাৰে। কাৰণ খুড়াকেইটা ফাট মেলা হোৱা বাবে ফাঁকেৰে অনায়াসে বালি ওলায় যাব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top