Assam Jatiya Bidyalay Class 5 Science Chapter 15 প্ৰাকৃতিক সম্পদ

Assam Jatiya Bidyalay Class 5 Science Chapter 15 প্ৰাকৃতিক সম্পদ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 15 প্ৰাকৃতিক সম্পদ Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Science Chapter 15 প্ৰাকৃতিক সম্পদ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 15 প্ৰাকৃতিক সম্পদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰাকৃতিক সম্পদ

Chapter – 15

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। মাটিৰ গুণ নষ্ট হলে তাৰ পৰিণতি কি হব ?

উত্তৰঃ মাটিৰ গুণাগুণ নষ্ট হলে সেই মাটিৰ ওপৰত খেতি -বাতি নহয়। ইয়াৰ উপৰি গছ গছনি আদিৰ বৃদ্ধি ভালকৈ নহয়।

২। কি কি উপায়েৰে মানুহে মাটিৰ গুণ ৰক্ষা কৰিব পাৰি ?

উত্তৰঃ গছ-গছনি ৰুলে, গছ-গছনিৰ শিপাই মাটি খামুচ মাৰি ধৰে। গছ-গছনিৰ অংশবোৰ মাটিত পৰিলে বেক্টেৰিয়া আৰু ভেকুৰে ক্ৰিয়া কৰে। এই ক্ৰিয়াত নাইট্ৰজেন পটেছিয়াম আৰু ফছফৰাছ নামৰ মৌল তিনিবিধ মাটিৰ মাটিৰ সৈতে মিহলি হয়। এইবোৰে খেতি বাতিৰ লগতে গছ গছনি আদিৰ পুষ্টি যোগায়। শিপাই মাটিৰ পৰা উপাদান তিনিবিধ গ্ৰহণ কৰে। গছ-গছনিয়ে এনেদৰে মাটিৰ গুণ ৰক্ষা কৰে।

৩। প্ৰকৃতিত পানীৰ চক্ৰটো কেনেদৰে চলি থাকে লিখা ।

উত্তৰঃ প্ৰকৃতিত পানীৰ চক্ৰ এটা চলি থাকে। সাগৰ-মহাসাগৰ, বিল পুখুৰীৰ পানী ৰ’দৰ তাপত ভাপ হৈ ওপৰলৈ উৰি যায়। বায়ুমণ্ডলত পানীৰ ভাপে ডাৱৰৰ সৃষ্টি কৰে। ঘন ডাৱৰৰ পৰা বৰষুণ হয়। পৃথিৱীৰ পানী আকৌ পৃথিৱীলৈ ঘূৰি আহে। এনেকৈয়ে জলচক্ৰ এটা চলি থাকে।

৪। বায়ুত কাৰ্বন-ডাই- অক্সাইড আৰু অক্সিজেনৰ চক্ৰ দুটা কেনেকৈ চলি থাকে ?

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ জৰিয়তে কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেনৰ চক্ৰ এটা চলি থাকে। উদ্ভিদে পাতত খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই অক্সাইড গ্ৰহণ কৰে। খাদ্য প্ৰস্তুত প্ৰক্ৰিয়াত অক্সিজেন উৎপন্ন হয় আৰু অক্সিজেন উদ্ভিদে বায়ুমণ্ডলৈ এৰি দিয়ে। প্ৰাণীয়ে বায়ুমণ্ডলৰ পৰা অক্সিজেন লয়। অক্সিজেন গৈ কোষবোৰত থকা আহাৰৰ লগ লাগে। তেনে কৰোতে কাৰ্বন-ডাই-অক্সাইড ওলায় আৰু প্ৰাণীয়ে বায়ুমণ্ডললৈ কাৰ্বনডাই অক্সাইড এৰি দিয়ে।

৫। মাটি, পানী,বায়ু আৰু সূৰ্যৰ তাপ-পোহৰক কিয় প্ৰধান প্ৰাকৃতিক সম্পদ বুলিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ মাটি , পানী, বায়ু আৰু সূৰ্যৰ তাপ পোহৰক  কিয় প্ৰধান প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়।

মাটি সকলো জীৱৰ বাবে বহুমূলীয়া সম্পদ। মাটিৰ ওপৰৰ তৰপটোত খেতি বাতি হয় আৰু ঘাঁহ-বন, গছ-গছনি গজে। মানুহে মাটিৰ ওপৰতে ঘৰ-দুৱাৰ, আলি-পদূলি সাজে।

পানী অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। সকলো জীৱকে প্ৰত্যক্ষভাৱে পানীৰ প্ৰয়োজন। জীৱৰ কোষ এটাত অধিকাংশই পানী।

জীৱক জীয়াই থাকিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদটো হল বায়ু। সকলো জীৱকে জীয়াই থাকিবলৈ বায়ুৰ প্ৰয়োজন। সকলো প্ৰাণীয়ে জীয়াই থাকিবলৈ বায়ুৰ পৰা অক্সিজেন আহৰণ কৰে। ঠিক তেনেকৈ উদ্ভিদবোৰে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই অক্সাইড গ্ৰহণ কৰে।

সূৰ্যৰ তাপ আৰু পোহৰো অতি গুৰুত্বপূৰ্ণ সম্পদ। সূৰ্যৰ তাপ নহলে পৃথিৱীৰ খন অতি চেঁচা হ’লহেঁতেন । সূৰ্যৰ তাপ অবিহনে পানীৰ চক্ৰ নচলে। পোহৰ নহলে পৃথিৱীখন অন্ধকাৰ, চেঁচা ভূখণ্ডত পৰিণত হ’ব।

৬। ভূখণ্ডত অন্তভাৰ্গত পোৱা যিকোনো তিনিবিধ সম্পদৰ ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃ ভূখণ্ডত অন্তভাৰ্গত পোৱা তিনিবিধ মূল্যবান সম্পদৰ ব্যৱহাৰ হল –

১। কয়লা : কয়লা মাটিৰ তলত পোৱা যায়। কয়লা থকা অঞ্চলবোৰ হল কয়লাৰ খনি। মানুহে ব্যৱহাৰৰ কাৰণে মাটি খান্দি কয়লা উলিয়ায়। কয়লাত প্ৰধানকৈ কাৰ্বন আৰু কাৰ্বন মিহলি হৈ থকা পদাৰ্থবোৰ থাকে। কয়লা ইন্ধন হিচাপে নানাধৰণৰ কামত ব্যৱহাৰ কৰে।

২। পেট্ৰ’লিয়াম : পৃথিৱীত অন্তভাৰ্গত পোৱা এবিধ অতি মূল্যবান প্ৰাকৃতিক সম্পদ হল পেট্ৰ’লিয়াম। ই এবিধ খনিজ তে’ল। ইয়াক খাৰুৱা তেল বোলে। খাৰুৱা তেলৰ পৰা পেট্ৰল, কেৰাচিন তেল , জুলীয়া পেট্ৰ’লিয়াম গেছ ইত্যাদি তৈয়াৰ কৰা হয়।

৩। এলুমিনিয়াম : বক্সাইট নামৰ আকাৰৰ পৰা পোৱা যায়। বৈদ্যুতিক সা-সঁজুলি, ৰন্ধা-বঢ়াৰ বাচন বৰ্তন উৰাজাহাজ আদি নিৰ্মাণ কৰা হয়।

৭। পেট্ৰ’লিয়াম কেনেকৈ প্ৰস্তুত কৰা হয় ? পেট্ৰ’লিয়ামক ‘জুলীয়া সোণ’ বুলি কিয় কোৱা হয় ?

উত্তৰঃ পেট্ৰ’লিয়াম এবিধ খনিজ তেল। পৃথিৱীৰ অন্তভাৰ্গত জীৱ-জন্তু আৰু গছ-গছনিৰ অৱশেষৰ পৰা পেট্ৰ’লিয়াম উৎপত্তি হয়। তাৰ বাবে প্ৰচুৰ-তাপ আৰু চাপৰ প্ৰয়োজন। পেট্ৰ’লিয়াম প্ৰস্তুত হবলৈ বহু নিযুত বছৰ লাগে আৰু ই টান শিলৰ মাজে মাজে প্ৰস্তুত হয়।

পেট্ৰ’লিয়ামৰ পৰা নানা ধৰণৰ ব্যৱহাৰ উপযোগী গেছীয়, জুলীয়া আৰু গোটা সামগ্ৰী প্ৰস্তুত কৰা হয়। পেট্ৰ’লিয়ামৰ উপযোগীতাৰ বাবে পেট্ৰ’লিয়ামক জুলীয়া সোণ বুলি কোৱা হয়।

৮। কয়লা কেনেকৈ প্ৰস্তুত হয় ? কয়লাৰ মূল উপাদান বিধ কি ?

উত্তৰঃ কয়লাত প্ৰধানকৈ কাৰ্বন আৰু কাৰ্বন মিহলি হৈ থকা পদাৰ্থবোৰ থাকে। পৃথিৱীৰ অন্তভাৰ্গত গছ-গছনিৰ অৱশেষ প্ৰচণ্ড চাপত কয়লালৈ ৰূপান্তৰিত হয় । ৰূপান্তৰৰ বাবে বহু নিযুত বছৰৰ প্ৰয়োজন। কয়লাৰ মূল উপাদান বিধ হল কাৰ্বন।

৯। শুদ্ধ /অশুদ্ধ বাছি উলিওৱা। শুদ্ধটোত ( ✔ ) চিন দিয়া।

(ক) মাটিত মাথোঁ ধূলি-বালি থাকে। শুদ্ধ /অশুদ্ধ

(খ) গৰুৰ গোবৰ এবিধ নবীকৰন অযোগ্য সম্পদ। শুদ্ধ/অশুদ্ধ

(গ) প্লাষ্টিকে মাটি প্ৰদূষিত কৰে। শুদ্ধ/অশুদ্ধ

(ঘ) গছ-গছনি আৰু জীৱ জন্তুৰ অৱশেষৰ পৰা কয়লা প্ৰস্তুত হয়। শুদ্ধ/অশুদ্ধ

(ঙ) পেট্ৰ’লিয়ামৰ লগতে প্ৰাকৃতিক গেছ ওলায়। শুদ্ধ/অশুদ্ধ

(চ) খাদ্য নবীকৰন-যোগ্য সম্পদ হয়। শুদ্ধ/অশুদ্ধ

(ছ) মানুহে চিমেণ্ট সদায় ব্যৱহাৰ কৰিব পাৰিব। শুদ্ধ/অশুদ্ধ

(জ) মানুহে সৌৰ শক্তি সদায় ব্যৱহাৰ কৰিব পাৰিব। শুদ্ধ/অশুদ্ধ

উত্তৰঃ (ক) মাটিত মাথোঁ ধূলি-বালি থাকে। X

(খ) গৰুৰ গোবৰ এবিধ নবীকৰন অযোগ্য সম্পদ। X

(গ) প্লাষ্টিকে মাটি প্ৰদূষিত কৰে।

(ঘ) গছ-গছনি আৰু জীৱ জন্তুৰ অৱশেষৰ পৰা কয়লা প্ৰস্তুত হয়।

(ঙ) পেট্ৰ’লিয়ামৰ লগতে প্ৰাকৃতিক গেছ ওলায়।

(চ) খাদ্য নবীকৰন-যোগ্য সম্পদ হয়। X

(ছ) মানুহে চিমেণ্ট সদায় ব্যৱহাৰ কৰিব পাৰিব। X

(জ) মানুহে সৌৰ শক্তি সদায় ব্যৱহাৰ কৰিব পাৰিব।

১০। পানী কিয় সংৰক্ষণ কৰিব লাগে ?

উত্তৰঃ পানী যদিও অইন সম্পদতকৈ কিছু সহজতে পোৱা যায় তথাপি পানী হিচাপ মতেহে ব্যৱহাৰ কৰিব লাগে। কাৰণ, পৃথিৱীৰ জলভাগৰ সামান্য অংশহে মানুহৰ ব্যৱহাৰৰ উপযোগী। ভূগৰ্ভত থকা পানীৰ ভাণ্ডাৰ সীমিত। এই পানী অপচয় কৰিলে ভৱিষ্যতে পানীৰ সংকটে দেখা দিব পাৰে। সেইবাবে পানী সংৰক্ষণ কৰিব লাগে।

অতিৰিক্ত প্ৰশ্নোওৰ

১ প্ৰাকৃতিক গেছ কাক বোলে ?

উত্তৰঃ পেট্ৰ’লিয়ামৰ ওপৰত উচ্চ চাপত গেছৰ এটা আৱৰণ থাকে । ইয়াকে প্ৰকৃতিক গেছ বোলে।

২। প্ৰাকৃতিক সম্পদ কাক বোলে ? 

উত্তৰঃ যিবোৰ বস্তু বা উপাদান প্ৰকৃতিত পোৱা যায় আৰু মানুহে ব্যৱহাৰ কৰে সেইবোৰকে সাধাৰণতে প্ৰাকৃতিক সম্পদ বোলে।

৩। আকৰ কাক বোলে ?

উত্তৰঃ ভূগৰ্ভত অন্তভাৰ্গত সম্পদবোৰ থাকে। একোবিধ সম্পদ আন পদাৰ্থৰ লগত মিহলি হৈ থাকিব পাৰে। এইবোৰকে আকৰ বোলে।

৪। নবীকৰন অযোগ্য সম্পদ কাক বোলে ?

উত্তৰঃ মানুহে ব্যৱহাৰৰ বাবে পাই থাকিব পৰা সম্পদবোৰক নবীকৰন অযোগ্য সম্পদ বোলে।

৫। নবীকৰন যোগ্য সম্পদ কাক বোলে ?

উত্তৰঃ মানুহে সদায়ে ব্যৱহাৰৰ বাবে পাই থাকিব নোৱাৰা সম্পদবোৰক নৱীকৰনযোগ্য সম্পদ বোলে।

৬। মাটি কেনেকৈ প্ৰদূষিত হয় ?

উত্তৰঃ মানুহে মাটিত প্লাষ্টিকৰ মোনা, প্লাষ্টিক আদি পেলালে মাটি প্ৰদূষিত হয়। কাৰণ বহুবছৰ পিছতো প্লাষ্টিক মাটিৰ লগত মিহলি হৈ নাযায়।কল-কাৰখানাৰ আৱৰ্জনা আদিও মাটি প্ৰদূষিত কৰে।

ইয়াৰ উপৰি অত্যাধিক সাৰ প্ৰয়োগ, কীত-নাশক দ্ৰব্য আদি ব্যৱহাৰ কৰিলেও মাটিৰ কিছু ক্ষতি সাধন হয়। তেতিয়া সেই মাটিত খেতি বাতি ভাল নহয়।

৭। মানুহে প্ৰাকৃতিক সম্পদসমূহ কিয় সাৱধানে ব্যৱহাৰ কৰিব লাগে ?

উত্তৰঃ মানুহে প্ৰাকৃতিক সম্পদসমূহ সাৱধানে ব্যৱহাৰ কৰিব লাগে।

বনাঞ্চল ধ্বংস কৰিব নালাগে। পাৰিলে গছ-গছনি ৰুব লাগে। গছ-গছনিয়ে বতৰ নিয়ন্ত্ৰণ কৰে। গছ-গছনিৰ অংশবোৰ মাটিত পৰিলে বেক্টেৰিয়া আৰু ভেকুৰে ক্ৰিয়া কৰে। এই ক্ৰিয়াত নাইট্ৰজেন , পটাছিয়াম আৰু ফচফৰাছ নামৰ মৌল তিনিবিধ মাটিৰ সৈতে মিহলি হয়। এইবোৰ গছ-গছনিৰ বাবে পুষ্টিকৰ উপাদান।

খেতিৰ বাবে মানুহে প্ৰয়োজনমতেহে সাৰ ব্যৱহাৰ কৰিব লাগে। সাৰৰ পৰা গছ-বনে প্ৰধানকৈ নাইট্ৰজেন, পটেছিয়াম আৰু ফচফৰাছ পায়। অত্যাধিক ৰাসায়নিক সাৰৰ ব্যৱহাৰে মাটিৰ গুণ নষ্ট কৰিব পাৰে। খাদ্য বস্তুৰো গুণ হ্ৰাস হয়। কল-কাৰখানাৰ আৱৰ্জনাই মাটি, পানী বায়ু প্ৰদূষিত কৰে। সেয়েহে উদ্যোগবোৰে আৱৰ্জনাবোৰ বিজ্ঞান সন্মত ভাবে পেলোৱাৰ ব্যৱস্থা কৰা উচিত।

বায়ুৰ গুণা গুণ অক্ষুন্ন ৰাখিবলৈ মানুহে আৱশ্যকীয় ব্যৱস্থা সমূহ হাতত লোৱা উচিত। নৱীকৰন অযোগ্য সম্পদৰ ব্যৱহাৰৰ বাবে বহল পৰিকল্পনাৰ প্ৰয়োজন। পৰিকল্পনা বিহীন প্ৰয়োগে এনেবোৰ সম্পদৰ ভঁৰাল অদূৰ ভৱিষ্যতত হ্ৰাস কৰিব। কয়লা আৰু পেট্ৰ’লিয়ামৰ সলনি মানুহে নৱীকৰন যোগ্য সম্পদ যদিও পানীও মানুহে সাৱধানে ব্যৱহাৰ কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top