Assam Jatiya Bidyalay Class 5 History Chapter 7 চুডাংফা

Assam Jatiya Bidyalay Class 5 History Chapter 7 চুডাংফা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 চুডাংফা Class 5 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 7 চুডাংফা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 7 চুডাংফা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

চুডাংফা

Chapter – 7

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) শিৱসাগৰ জিলাৰ দিহিং নৈৰ পাৰত চৰগুৱাত ৰাজধানী স্থাপন কৰা আহোম ৰজাগৰাকীৰ নাম কি ?

উত্তৰ :- চুডাংফাই শিৱসাগৰ জিলাৰ দিহিং নৈৰ পাৰত চৰগুৱাত ৰাজধানী স্থাপন কৰিছিল।

(খ) শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজাগৰাকীৰ নাম কি ?

উত্তৰ :- শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজা আছিল চুডাংফা।

(গ) শিঙৰি শব্দটো টাই ভাষাৰ কোনটো শব্দৰ পৰা আহিছে ?

উত্তৰ :- শিঙৰি শব্দটো টাই ভাষাৰ ‘চেংৰী’ৰ পৰা আহিছে।

(ঘ) চেংৰী শব্দৰ অৰ্থ কি ?

উত্তৰ :- চেংৰী মানে দেৱতাৰ ঘৰ বা মন্দিৰ।

(ঙ) পাটকাই শব্দৰ অৰ্থ কি ?

উত্তৰ :- কুকুৰা কাটি শপত লোৱা।

২। খালী ঠাই পূৰ কৰা।

(ক) চুডাংফাই কমতা ৰাজ্যৰ ৰজাৰ জীয়েক __________ বিবাহ কৰিছিল।

উত্তৰ :- চুডাংফাই কমতা ৰাজ্যৰ ৰজাৰ জীয়েক ভাজনীক বিবাহ কৰিছিল।

(খ) চুডাংফাক অসমৰ ইতিহাসত __________ কোঁৱৰ বুলি জনা যায়।

উত্তৰ :- চুডাংফাক অসমৰ ইতিহাসত বামুণী কোঁৱৰ বুলি জনা যায়।

(গ) চুডাংফাৰ দেউতাকৰ নাম __________।

উত্তৰ :- চুডাংফাৰ দেউতাকৰ নাম ত্যাওখামথি।

৩। উজনিয়াল কোঁৱৰ আৰু নামনিয়াল কোঁৱৰ বুলিলে কি বুজা ?

উত্তৰ :- চুডাংফাই ৰজা হৈ তেওঁক লালন পালন কৰা ব্ৰাহ্মণৰ পুতেকে কেইজনৰ ৰজাঘৰীয়া বিষয়বাব দি দিহিঙত স্থাপন কৰিছিল। এই ব্ৰাহ্মণ কোঁৱৰকেইজনৰ উজনিত পতা কেইঘৰক ‘উজনিয়াল কোঁৱৰ’ আৰু নামনিত পতা কেইঘৰক ‘নামনিয়াল কোঁৱৰ’ বোলা হৈছিল।

৪। ডয়-কাও-ৰং পৰ্বতৰ নাম পাটকাই পৰ্বত কেনেকৈ হ’ল ?

উত্তৰ :- ডয়-কাও-ৰং পবৰ্তত আহোম আৰু নৰা সকলৰ মাজত যুদ্ধ হোৱাৰ অন্তত আহোম আৰু নৰাৰ দুয়োজনা বৰগোহাঁয়ে কুকুৰা কাটি শপত লৈছিল। তেতিয়াৰপৰা এই পৰ্বতৰ নাম হ’ল – পাট কাই-চেং- কান। পাট মানে কটা, কাই মানে কুকুৰা, চেংমানে শপত, কান মানে লোৱা। অৰ্থাৎ কুকুৰা কাটি শপত লোৱা। পিছত মানুহৰ মুখত পৰি পাট-ফাই-চেং-কানৰ ৰূপ সলনি হৈ পাটকাই হয়গৈ।

৫। চমুটোকা লিখা।

(ক) শিঙৰি ঘৰত উঠা উৎসৱ।

(খ) আহোম ৰজাৰ ঘৰত হিন্দু ধৰ্মৰ প্ৰৱেশ।

উত্তৰ :- (ক) শিঙৰি ঘৰত উঠা উৎসৱ : শিঙৰি ঘৰত উঠা উৎসৱটো আহোম ৰজাৰ ৰাজ অভিষেকৰ লগত জড়িত। আহোম শাস্ত্ৰমতে অতি পৱিত্ৰ শিঙৰি গছৰ কাঠ আৰু পাতেৰে সজা ঘৰটোকে শিঙৰি ঘৰ বোলে। ইয়াক চাংঘৰ ৰূপে সজা হয়। ৰাজ অভিষেকৰ দিনা ৰজাই নিজৰ মুখ্য ৰাণী বা বৰকুঁৱৰীৰ সৈতে ৰাজকীয় সাজ পাৰেৰে শিঙৰি ঘৰত পাতি থোৱা সোণৰ সিংহাসনত বহে। তাৰ আগতে ক্ৰমে পাট ঘৰ আৰু হোলোং ঘৰত প্ৰৱেশ কৰে। এই দুটি ঘৰো শিঙৰি কাঠেৰেই সজা হয়। পাটঘৰত ৰজা ৰাণীক ৰাজ পুৰোহিত দেওধাই বাইলুঙে মন্ত্ৰ উচ্চাৰণ কৰি পৱিত্ৰ পানীৰে স্নান কৰোৱাই। তাৰ পাছত ৰজা ৰাণী হোলোং ঘৰত প্ৰৱেশ কৰি  শিঙৰি ঘৰত উঠে। শিঙৰি ঘৰত উঠাৰ আগতে ৰজাই এটা মানুহ হেংদাঙেৰে কটা প্ৰথা আছিল যদিও স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰপৰা ম’হ বলি দিয়াৰ প্ৰথাৰ প্ৰচলন হয়।

শিঙৰি ঘৰত উঠা উৎসৱৰ অন্তত ৰজাই আহোম আখৰেৰে নিজৰ নামত সোণ-ৰূপৰ মোহৰ মৰাইছিল। উৎসৱৰ অন্তত শিঙৰি ঘৰটো ভাঙি পেলোৱা হৈছিল।

(খ) আহোম ৰজা ঘৰত হিন্দু ধৰ্মৰ প্ৰৱেশ : চুডাংফা ৰজাৰ দিনত আহোম ৰজা ঘৰত হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটে। এক ষড়যন্ত্ৰমূলক ঘটনাৰ ফলস্বৰূপে চুডাংফাৰ জন্ম হৈছিল ৰাজকাৰেঙৰ পৰিৱৰ্তে ব্ৰহ্মপুত্ৰৰ উত্তৰ হাবুং গাঁওৰ এটি ব্ৰাহ্মণ পৰিয়ালত। সুন্দৰ সুঠাম ৰাজচিহ্নচিক্ত এই ল’ৰাটিয়ে প্ৰায় ১৫ টা বছৰ এই ব্ৰাহ্মণৰ ঘৰতে অতিবাহিত কৰে।

সেই সময়ত আহোম ৰাজসিংহাসনত ৰজা নাছিল বাবে মন্ত্ৰী পৰিষদে শাসন চলাইছিল। এদিন যেতিয়া আহোমৰ ডা-ডাঙৰীয়াসকলে ব্ৰাহ্মণৰ ঘৰত এই ল’ৰাজন প্ৰকৃততে ৰজা ত্যাওখামথিৰহে পুত্ৰ বুলি জানিব পাৰিলে তেতিয়া, তেওঁলোকে ল’ৰাজনক আনিবলৈ মানুহ পঠিয়ালে। কিন্তু ল’ৰাজনে অকলে আহিবলৈ অমান্তি হোৱাত তেওঁক লালন-পালন কৰোঁতা ব্ৰাহ্মণ পৰিয়ালটোকো ৰাজধানীলৈ লৈ অহা হ’ল। ডা-ডাঙৰীয়াসকলে ল’ৰাজনক আহোম ৰাজ্যৰ ৰজা পাতিলে। আহোম মতে নাম দিলে চুডাংফা।

ৰজা হৈ চুডাংফাই ব্ৰাহ্মণৰ ঘৰত থকা লক্ষ্মীনাৰায়ণ শালগ্ৰামকো ৰাজকাৰেঙলৈ আনি পূজা কৰিবলৈ বুঢ়া ব্ৰাহ্মণজনক অনুমতি দিলে। এনেদৰে আহোমৰ ৰাজঘৰত ব্ৰাহ্মণসকলে পালন কৰা ধর্মীয় নীতি-নিয়মৰ প্ৰচলনৰ জৰিয়তে হিন্দু ধর্মৰ প্ৰৱেশ ঘটিল।

৬। চুডাংফাক কিয় বামুনী কোঁৱৰ বোলা হয় ?

উত্তৰ :- চুডাংফা প্ৰকৃততে আহোম ৰজা ত্যাওখামথিৰ পুত্ৰ হলেও ঘটনাক্ৰমে তেওঁ জন্ম পোৱাৰ লগতে লালিত – পালিত হৈছিল এটি ব্ৰাহ্মণ পৰিয়ালত । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ হাবুং গাঁওৰ এই ব্ৰাহ্মণ পৰিয়ালটিৰ ঘৰতে তেওঁ প্ৰায় ১৫ টা বছৰ অতিবাহিত কৰে । তেতিয়ালৈকে এই কথাটি আহোমৰ ডা-ডাঙৰীয়াসকলৰ আগোচৰে আছিল ।

পৰৱৰ্তী সময়ত আহোমৰ ডা- ডাঙৰীয়াসকলে ব্ৰাহ্মণৰ ঘৰৰ এই ল’ৰাজনৰ প্ৰকৃত পৰিচয় পাই তেওঁক ৰাজধানীলৈ লৈ আহি আহোমৰ ৰজা পাতে। আহোম মতে তেওঁৰ নাম দিয়ে চুডাংফা। এনেকৈয়ে ১৩৯৭ খ্ৰীঃত চুডাংফা আহোমৰ ৰজা হয়। কিন্তু ৰজা হলেও তেওঁৰ পূৰ্বৰ পৰিচয় চিন মচা নগ’ল। বামুণৰ ঘৰত প্ৰতিপালিত হৈছিল বাবে মানুহে তেওঁক বামুণী কোঁৱৰ বুলিবলৈ ল’লে। এনেকৈয়ে আহোম ৰজা চুডাংফাই অসমৰ ইতিহাসত চিৰ দিনৰ বাবে ‘বামুণী কোঁৱৰ‌’ হিচাপে ৰৈ গ’ল।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। শিঙৰি ঘৰত উঠাৰ আগতে আহোম ৰজাসকলে মানুহ বলি দিব লগা প্ৰথাটো কোনে সলনি কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ ৰুদ্ৰসিংহই।

২। আহোম ডা-ডাঙৰীয়াসকলক বামুণৰ ঘৰৰ ল’ৰাটিৰ প্ৰকৃত পৰিচয় জনোৱা গৰখীয়াজনৰ নাম কি ? 

উত্তৰ :- থাওমুং চেঙখাম।

৩। চুডাংফাৰ জন্মৰ লগত জড়িত ঘটনাটো লিখা।

উত্তৰ :- ৰজা ত্যাওখামথিৰ দুগৰাকী কুঁৱৰী আছিল। তেওঁ চুতীয়াৰ লগত ৰণ কৰিবলৈ যোৱাৰ সময়ত নিঃসন্তান বৰকুঁৱৰীক ৰাজ্যৰ শাসনভাৰ চমজাই থৈ গৈছিল। বৰগৰাকী কুঁৱৰীয়ে সৰুগৰাকী কুঁৱৰীক পেটে পেটে হিংসা কৰিছিল। গতিকে শাসনৰ দায়িত্ব পাই বৰগৰাকী কুঁৱৰীয়ে সৰুগৰাকী কুঁৱৰীক এটা মিছা অপৰাধত প্ৰাণদণ্ডৰ আদেশ দিয়ে। কিন্তু চতুৰ বুঢ়াগোহাঁয়ে তেওঁক প্ৰাণে নামাৰি গোপনে ভূৰত তুলি দিহিং নদীত উটাই দিলে। এনেদৰে উটি গৈ সৰুগৰাকী কুঁৱৰীয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ হাবুং গাঁও পালেগৈ। তাৰে এজন ব্ৰাহ্মণে কোঁৱৰীক তুলি নি প্ৰতিপালন কৰিলে। এই হাবুঙ্গীয়া ব্ৰাহ্মণৰ ঘৰতে কেইমাহমানৰ পাছত চুডাংফাক জন্ম দি কুঁৱৰীৰ মৃত্যু ঘটিল। চুডাংফাই এই ব্ৰাহ্মণৰ ঘৰতে প্ৰায় ১৫ টা বছৰ অতিবাহিত কৰে। চুডাংফাৰ জন্মৰ লগত জড়িত ঘটনাটো চমুকৈ এয়ে। পৰৱৰ্তী সময়ত তেওঁ আহোমৰ ৰজা হৈছিল যদিও বামুণৰ ঘৰত প্ৰতিপালিত হোৱা বাবে অসমৰ ইতিহাসত তেওঁ   ‘বামুণী কোঁৱৰ’ হিচাবেও পৰিচিত হৈ ৰ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top