Assam Jatiya Bidyalay Class 4 Social Science Chapter 6 মানচিত্ৰ অধ্যয়ন

Assam Jatiya Bidyalay Class 4 Social Science Chapter 6 মানচিত্ৰ অধ্যয়ন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 মানচিত্ৰ অধ্যয়ন Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Social Science Chapter 6 মানচিত্ৰ অধ্যয়ন Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Social Science Chapter 6 মানচিত্ৰ অধ্যয়ন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মানচিত্ৰ অধ্যয়ন

Chapter – 6

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. মানচিত্ৰ কাক বোলে ?

উত্তৰঃ আমাৰ পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশৰ পাহাৰ- পৰ্বত, নদ-নদী, গাঁও-নগৰ, ৰাজ্য-দেশ, সাগৰ-মহাসাগৰ আদি কথাসমূহ একেলগে চাবলৈ এখন সমান কাগজত জোখ-মাখ কৰি যি চিত্ৰ অংকন কৰা হয় তাকেই মানচিত্ৰ বোলে।

2. সাধাৰণ মানচিত্ৰ কাক বোলে ?

উত্তৰঃ যি মানচিত্ৰত পাহাৰ পৰ্বত, নদ-নদী সাগৰ-মহাসাগৰ আদি প্ৰাকৃতিক ভাৱে সৃষ্টি হোৱা বস্তুবোৰৰ লগতে মানুহে সৃষ্টি কৰা গাঁও-নগৰ জিলা-ৰাজ্য, কল-কাৰখানা আদি দেখুওৱা হয়, তাকে সাধাৰণ মানচিত্ৰ বোলে।

3. বিষয়ভিত্তিক মানচিত্ৰ কাক বোলে ?

উত্তৰঃ যি মানচিত্ৰ ৰাজ্য নাইবা দেশ এখনত কিমান জনসংখ্যা আছে, যাতায়ত ব্যৱস্থা কেনেকুৱা, জলবায়ু কেনেকুৱা আদি দুই এটা কথা অৰ্থাৎ বিষয় বিশেষভাৱে দেখুওৱা হয়, তাকে বিষয়ভিত্তিক মানচিত্ৰ বোলে।

4. বিশেষ মানচিত্ৰ কাক বোলে ?

উত্তৰঃ শিশু সকলৰ বাবে, নতুনকৈ মানচিত্ৰ অংকন কৰিবলৈ শিকা লোকৰ বাবে, অন্ধলোকৰ বাবে কিছুমান মানচিত্ৰ বিশেষভাৱে অংকন কৰা হয়, তাকে বিশেষ মানচিত্ৰ বোলে।

5. মানচিত্ৰ দেখুৱাব বিচৰা কথা-বতৰা অর্থাৎ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কি কি ধৰণৰ মানচিত্ৰ অংকন কৰা হয় ?

উত্তৰঃ মানচিত্ৰ দেখুৱাব বিচৰা কথা-বতৰা অর্থাৎ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণ মানচিত্ৰ, বিষয়ভিত্তিক মানচিত্ৰ আৰু বিশেষ মানচিত্ৰ হিচেপে তিনি ধৰণৰ মানচিত্ৰ অংকন কৰা হয়।

6. মাপনী কাক বোলে ? মানচিত্ৰ অংকন কৰাৰ বাবে মাপনী কিয় ব্যৱহাৰ কৰা হয় লিখা।

উত্তৰঃ যি অনুপাতত অৰ্থাৎ হিচাপত (জোখত) পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্বক মানচিত্ৰ কম অৰ্থাৎ চুটি কৰি লোৱা হয়, তাকেই মাপনী বা স্কেল বোলে।

মাপনীৰ সহায়ত আমাৰ পৃথিৱী আৰু ইয়াৰ ভিতৰত থকা যিকোনো অংশ এটাক গণিতৰ হিচাপত প্ৰয়োজন মতে সৰু কৰি দেখুৱাব পাৰি বাবে মানচিত্ৰ অংকন কৰাৰ বাবে মাপনী ব্যৱহাৰ কৰা হয় ।

7. মানচিত্ৰ অংকন কৰাৰ বাবে কিছুমান চিহ্ন কিয় ব্যৱহাৰ কৰা হয় ? এনে চিহ্নবোৰৰ দ্বাৰা কি কি কথা বুজাব পাৰে লিখা।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা বস্তুবোৰ দেখুৱাবলৈকে কিছুমান চিহ্ন মানচিত্ৰত ব্যৱহাৰ কৰা হয়।এনে চিহ্নবোৰৰ দ্বাৰা ৰাজ্য দেশ আৰু জিলাৰ সীমা, ৰাজ্য আৰু দেশৰ ৰাজধানী, প্ৰধান ঠাইসমূহ, ৰাস্তা-ঘাট, ৰেললাইন আদি বিষয়সমূহৰ কথা বুজাব পাৰি।

8. মানচিত্ৰ অধ্যয়ন কৰিলে উপকৃত হ’ব পৰা যিকোনো পাঁচটা কথা লিখা।

উত্তৰঃ মানচিত্ৰ অধ্যয়ন কৰিলে উপকৃত হ’ব পৰা যিকোনো পাঁচটা কথা হ’ল―

(ক) মানচিত্ৰ অধ্যয়ন কৰি দেশ মহাদেশবোৰ ক’ত অৱস্থিত, সেইবোৰৰ সীমা, পৃথিৱীৰ বিভিন্ন ঠাইৰ অৱস্থিতি, ঠাইবোৰৰ মাজৰ দূৰত্ব কিমান আদি কথা জনা যায়।

(খ) মানচিত্ৰ এখন অধ্যয়ন কৰি ঠাই এখনৰ প্ৰাকৃতিক, ৰাজনৈতিক আৰু কল-কাৰখানা, খেতি-বাতি, জনসংখ্যা আদি কথাসমূহৰ জ্ঞান লাভ কৰিব পাৰি।

(গ) মানচিত্ৰ অধ্যয়ন কৰিলে আমাৰ পৃথিৱীৰ উপৰিভাগত, ভূ-গৰ্ভত হৈ থকা বিভিন্ন পৰিৱৰ্তনবোৰৰ কথা জানিব পৰা যায়।

(ঘ) নতুন ঠাইলৈ ভ্ৰমণ কৰিবলৈ গলে মানচিত্ৰ চাই সেই ঠাইখনৰ ৰাস্তা-ঘাট, যাতায়ত ব্যবস্থা, চাবলগীয়া বস্তু আদিৰ বিষয়ে সঠিকভাৱে জানিব পৰা যায়।

(ঙ) মানচিত্ৰ অধ্যয়ন কৰি কোনবোৰ ৰাজ্য আৰু দেশ কি কি বিষয়ত উন্নত নে অনুন্নত সেই কথাও জানিব পৰা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top