Assam Jatiya Bidyalay Class 4 Science Chapter 10 প্ৰাণীৰ থকা ঠাই

Assam Jatiya Bidyalay Class 4 Science Chapter 10 প্ৰাণীৰ থকা ঠাই, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 প্ৰাণীৰ থকা ঠাই Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Science Chapter 10 প্ৰাণীৰ থকা ঠাই Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 10 প্ৰাণীৰ থকা ঠাই provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰাণীৰ থকা ঠাই

Chapter – 10

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। কোনবোৰ প্ৰাণী গুহাত থাকে ?

উত্তৰঃ বাঘ, সিংহ পৰ্বতৰ গুহাত থাকে।

২। মাটিত গাঁত আৰু সুৰংগ খান্দি থকা প্ৰাণী কোনবোৰ ? এনেদৰে থাকিলে কি সুবিধা পোৱা যায় ?

উত্তৰঃ এন্দুৰ, শিয়াল আদি প্ৰাণীয়ে গাঁত খান্দি মাটিৰ তলত সুৰংগ কৰি লয়। এইদৰে থাকি সিহঁতে নিজকে অতিপাত ঠাণ্ডা, গৰম, বৰষুণৰ পৰা ৰক্ষা কৰে।

তদুপৰি মাটিৰ তলত আন চিকাৰী শত্ৰুৰ পৰাও হাত সাৰি থাকে। সাপেও মাটিৰ তলৰ গাঁতত থাকে। কিন্তু সাপে মাটিত থকা ফাট আৰু আন জন্তুৱে কৰা সুৰঙৰেহে গৈ মাটিৰ তলত থাকে। নিজে গাত নাখান্দে। ভেকুলীও গাতত থাকে।

৩। মকৰাই জাল কেনেকৈ বান্ধে ? কিয় বান্ধে ?

উত্তৰঃ মকৰাই নিজৰ গাৰপৰা উলিওৱা ৰসেৰে বৰ সুন্দৰ জাল বান্ধি থাকে। মহ,মাখি,ফৰিং আদি উৰণীয়া প্ৰাণীবোৰ মকৰাজালত পৰিলে লাগি ধৰে। উৰিব নোৱাৰা হয়। তেতিয়া মকৰাই এইবোৰ প্ৰাণীৰ গাৰ ৰস শুহি খায়।

৪। পোক-পৰুৱাৰ বাসস্থান ক’ত ?

উত্তৰঃ পোক-পৰুৱাই সাজি লোৱা থকা ঠাই আচৰিত ধৰণৰ। মাটিৰ তলত সৰু সৰু সুৰঙা তৈয়াৰ কৰি পোক পৰুৱা এইবোৰত থাকে। সুৰুঙাত সিহঁতে খুৱাবস্তু গোটাই থয়।

৫। মৌমাখিয়ে কেনেদৰে বাসস্থান সাজি লয় ?

উত্তৰঃ মৌমাখিয়ে গছৰ ডালত বা ঘৰত ছালত বৰ ধুনীয়া মৌচাক বা বাহ সাজি থাকে। সিহঁতে এইবোৰত ফুলৰ পৰা সংগ্ৰহ কৰা পৰাগৰেণু আৰু মৌৰস সাঁচি থয়।

৬। টোকোৰা আৰু পাতসিয়া চৰায়ে কেনেকৈ বাহ সাজে ?

উত্তৰঃ টোকোৰা আৰু পাতসিয়া চৰায়ে বৰ আকৰ্ষণীয় বাহ সাজি লয়। টোকোৰা চৰায়ে গছৰ পাতৰ আগত বাহ সাজে। এইবিধ চৰায়ে ঘাঁহ বন আৰু পাতেৰে পাক লগাই ঠিক সূতা চিলোৱাৰ দৰে বৰ মজবুত বাহ সাজি লয়।পাতসিয়া চৰায়ে পাতৰ কাষ দুটা ঠোঁটেৰে চিলাই জোৰা লগাই বাহ সাজে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top